Home Blog Page 2348

তেজপুৰৰ চাক্ৰিড হাৰ্ট স্কুলৰ ছাত্ৰ কল্লোল বিশ্বাসৰ দশম স্থান লাভ

আজি ৭ মে। ঘোষণা কৰা হ’ল অতি উৎসাহেৰে ভৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা-২২ৰ ফলাফল।ৰাজ্যখনৰ মুঠ ৪,৩১,১৩২ গৰাকী পৰিক্ষাৰ্থীয়ে এইবাৰ হাইস্কুল পৰীক্ষাত অৱতীৰ্ণ হৈছিল।

ইয়াৰে মুঠ ২,২৯,১৩১গৰাকী পৰীক্ষাৰ্থী উত্তীৰ্ণ হয়।

আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰিক্ষাত তেজপুৰৰ চাক্ৰিড হাৰ্ট স্কুলৰ ছাত্ৰ কল্লোল বিশ্বাসে ৫৮৮ নম্বৰ লাভ কৰি দশম স্থান লাভ কৰিবলৈ সক্ষম হয়।

হাইস্কুল শিক্ষান্ত পৰীক্ষাত শীৰ্ষত দশম স্থানৰ ভিতৰত সপ্তম স্থান পোৱা নিশা শৰ্মাক সম্বৰ্ধনা

আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত গুৱাহাটীৰ টি চি চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় ছাত্ৰী নিশা শৰ্মাক আজি বিদ্যালয় খনে সম্বৰ্ধনা জনাই।উল্লেখযোগ্য যে হাইস্কুল শিক্ষান্ত পৰীক্ষাত শীৰ্ষত দশম স্থানৰ ভিতৰত সপ্তম স্থান লাভ কৰি ৰাজ্য তথা বিদ্যালয় খনলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হয়।

নিশা শৰ্মাক পাণবজাৰ আদৰ্শ প্ৰাথমিক বিদ্যালয়ৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয় । বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী বন্দনা বৰুৱাই সম্বোধন কৰা অনুষ্ঠানত সহ শিক্ষয়ত্ৰী দেৱাহুতি শইকীয়া, সৰোজ কুমাৰী কাকতি, বৰষা দাস,ৰিংকী শইকীয়া , অবসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী মিনাক্ষী দাস,মাকণ হালৈ, পুৰ্ণিমা তালুকদাৰ লগতে ছাত্ৰ-ছাত্ৰী সকল উপস্থিত থাকে । উল্লেখযোগ্য নিশাই এই বিদ্যালয়খনৰ পৰাই ক খ অ আৰে শিক্ষা গ্ৰহণ কৰিছিল । সেইবাবে উত্তীৰ্ণ হোৱাৰ খবৰ পোৱাৰ পিছতেই বিদ্যালয় খনত উপস্থিতহৈ শিক্ষা গুৰু সকলৰ আশীৰ্বাদ গ্ৰহণ কৰে ।

পিতৃ অশ্বিনী শৰ্মা, মাতৃ গিতান্জলী শৰ্মাৰ কন্যা নিশা শৰ্মাক লৈ বহুত আশা বুলি মন্তব্য কৰি আগন্তুক দিনবোৰত সকলোৰে সহায় সহযোগিতা বিচাৰিছে শৰ্মাই।

নগাঁৱলৈ সুনাম কঢ়িয়াই আনিলে ছয় প্ৰতিভাধৰে

হাইস্কুল শিক্ষান্ত পৰীক্ষাত নগাঁও জিলাৰ ৬ গৰাকীকৈ মেধাই সুনাম কঢ়িয়াই আনিছে ৷ নগাঁও চহৰৰ ব্যক্তিগত খণ্ডৰ শিক্ষা প্ৰতিস্হান খ্ৰীষ্টজ্যোতি স্কুলৰ তিনি ছাত্ৰীয়ে ৰাজ্যৰ ভিতৰত অষ্টম স্হান লাভ কৰিছে ৷ স্হান লাভ কৰা ছাত্ৰী তিনি গৰাকীৰ নাম হৈছে উদেষ্ণা বৰদলৈ, ৰাজনন্দিনী বৈদ্য আৰু তেজাল আগৰৱাল ৷ আনহাতে জিলাখনৰ ধিঙ স্হিত খ্ৰীষ্ট জ্যোতি স্কুলৰ ছাত্ৰ দৃষ্টি নন্দ কাশ্যপে নবম স্হান আৰু উদিত দাসে দশম স্হান লাভ কৰিছে ৷ চেন্ট বনিফিছ স্কুলৰ পৰা হামাদুৰ ৰহমানে দশম স্হান লাভ কৰি নগাঁৱলৈ সু নাম কঢ়িয়াই আনিছে ৷তিনিটাকৈ স্হান লাভ কৰাত উচাহেৰে ভৰি পৰিছে নগাঁৱৰ খ্ৰীষ্টজ্যোতি স্কুল চৌহদ ৷ স্হান লাভ কৰা উদ্দেষ্ণা বৰদলৈয়ে কলে আশা নকৰাকৈ এই ফল লাভ কৰিছো ৷ সুখী ফলাফলক লৈ ৷ নৃত্য আৰু সংগীতৰ প্ৰতি বিশেষ ৰাপ থকা উদেষ্ণাৰ পিতৃ ৰেল বিভাগৰ বিষয়া ভাস্কৰ বৰদলৈ আৰু শিক্ষয়ত্ৰী মাতৃ গাৰ্গী বৰুৱা ৷ মেধা ছাত্ৰী গৰাকীয়ে কলে পৰীক্ষাৰ বাবে পৰিকল্পনা কৰি পঢ়িছিলো ৷ এটা বিষয় সম্পূৰ্ণ নোহোৱাকৈ পঢ়াৰ পৰা উঠা নাছিলো ৷ভবিষ্যতে ভাৰতীয় প্ৰশাসনীক সেৱাৰ বিষয়া হোৱাৰ মন নগাঁও পানীগাঁৱৰ উদেষ্ণা বৰদলৈৰ ৷

অষ্টম স্হান প্ৰাপ্ত ৰাজনন্দিনী বৈদ্যয়ে কলে – যেতিয়াই মন যায় তেতিয়াই পঢ়িছিলো ৷ মা দেউতাৰ বাবে পঢ়াৰ বাবে কোনো দিন হেচা পোৱা নাছিলো ৷ নগাঁৱৰ কছলুখোৱাৰ ৰাজনন্দিনীয়ে ভবিষ্যতে চিকিৎসক হোৱাৰ সপোন পুহি ৰখাৰ কথা ব্যক্ত কৰি কয় যে আশা নকৰাকৈ এনে ফল পোৱাতসুখী ৷ ডচন স্কুলৰ অধ্যক্ষ তপন কুমাৰ বৈদ্য আৰু শিক্ষয়ত্ৰী মাতৃ দেবজানী বৰাৰ কন্যা ৰাজনন্দিনী বৈদ্য এগৰাকী সত্ৰীয়া নৃত্য শিল্পী ৷ ছবি আকিভাল পোৱা ৰাজনন্দিনীয়ে শৰীৰ চৰ্চা কৰি ভাল পায় ৷

২০২২ বৰ্ষৰ দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ ফলাফলক লৈ উৎফুল্লিত হালাং বজাৰ প্ৰগতি আদৰ্শ জাতীয় বিদ্যালয়

২০২২ বৰ্ষৰ দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ ফলাফলক লৈ উৎফুল্লিত।হালাং বজাৰ প্ৰগতি আদৰ্শ জাতীয় বিদ্যালয় খনৰ শিক্ষক শিক্ষকত্রীৰ লগতে ছাত্ৰ ছাত্ৰীৰ অভিভাৱক- অভিভাৱকাই।বিদ্যালয় খনৰ দশম শ্ৰেণীৰ পৰীক্ষাত মুঠ ১৮ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল।
প্ৰথম স্থান লাভ কৰিছে,৭ গৰাকী পৰীক্ষাৰ্থী আৰু দ্বিতীয় স্থান লাভ কৰিছে, ১১ গৰাকী পৰীক্ষাৰ্থীয়ে-বিদ্যালয় খনৰ ইক্রামূল আলি নামৰ পৰীক্ষাৰ্থী গৰাকীয়ে ৯২,৭% DISTENTION লাভ কৰিবলৈ সক্ষম হৈছে।


মুঠৰ ওপৰত প্ৰশ্ন হয় যে এই গৰাকী মেধাধী ছাত্ৰী ইক্রামূল আলিয়ে ভৱিষ্যতত যে ধুবুৰী জিলা খনত সুনাম কঢ়িয়াই আনিব,সেৱা নিশ্চিত।

হাইস্কুল শিক্ষান্ত পৰীক্ষাত চাৰি গৰাকী কৃতি ছাত্ৰ-ছাত্ৰীয়ে গৌৰৱ কঢ়িয়াই আনিলে নলবাৰীলৈ

আজি ৭ মে। ঘোষণা কৰা হ’ল অতি উৎসাহেৰে ভৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা-২২ৰ ফলাফল।ৰাজ্যখনৰ মুঠ ৪,৩১,১৩২ গৰাকী পৰিক্ষাৰ্থীয়ে এইবাৰ হাইস্কুল পৰীক্ষাত অৱতীৰ্ণ হৈছিল।ইয়াৰে মুঠ ২,২৯,১৩১গৰাকী পৰীক্ষাৰ্থী উত্তীৰ্ণ হয়।প্ৰায় প্ৰতিটো বৰ্ষৰ দৰে এইবাৰো শিক্ষাৰ নৱদ্বীপ খ্যাত নলবাৰীলৈ তথা ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিলে চাৰিগৰাকী নলবৰীয়া কৃতি ছাত্ৰ-ছাত্ৰীয়ে।নলবাৰী চহৰ স্থিত লিটিল ফ্লাৱাৰ হাইস্কুলৰ পৰা দুগৰাকী ক্ৰমে দ্বিতীয় স্থানপ্ৰাপ্ত ভূঞসী মেধী আৰু ষষ্ঠস্থান প্ৰাপ্ত মোৰচোনা বৰ্মন। আৰু শংকৰদেৱ বিদ্যানিকেটন নলবাৰীৰ পৰা ক্ৰমে দশম স্থানপ্ৰাপ্ত ধৃতিস্মিতা ডেকা আৰু দ্বিব্যজ্যোতি লহকৰে কঢ়িয়াই আনিলে গৌৰৱ।

ভূয়সী মেধীয়ে ৫৯৬ নম্বৰৰে দ্বিতীয় স্থান,মূৰ্চুনা বৰ্মনে ৫৯২ নম্বৰৰে ষষ্ঠ স্থান আৰু দ্বীপজ্যোতি লহকৰ আৰু ধৃতিস্মিতা ডেকাই ৫৮৮ নম্বৰৰে দশম স্থান লাভ কৰি নলবাৰী তথা অসমলৈ গৌৰৱ কঢ়িয়াই আনে।আমাৰ পৰিয়ালৰ পৰাও উক্ত কৃতি ছাত্ৰ-ছাত্ৰী সকলৰ উজ্জ্বল ভৱিষ্যৎ কামনা কৰিলো।

হাইস্কুল শিক্ষান্ত পৰীক্ষাত শীৰ্ষত দশম স্থানৰ ভিতৰত সপ্তম স্থান পোৱা নিশা শৰ্মাক সম্বৰ্ধনা টি চি বিদ্যালয়ৰ

আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত গুৱাহাটীৰ টি চি চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় ছাত্ৰী নিশা শৰ্মাক আজি বিদ্যালয় খনে সম্বৰ্ধনা জনাই।উল্লেখযোগ্য যে হাইস্কুল শিক্ষান্ত পৰীক্ষাত শীৰ্ষত দশম স্থানৰ ভিতৰত সপ্তম স্থান লাভ কৰি ৰাজ্য তথা বিদ্যালয় খনলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হয়।নিশা শৰ্মাক পাণবজাৰ আদৰ্শ প্ৰাথমিক বিদ্যালয়ৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয় । বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী বন্দনা বৰুৱাই সম্বোধন কৰা অনুষ্ঠানত সহ শিক্ষয়ত্ৰী দেৱাহুতি শইকীয়া, সৰোজ কুমাৰী কাকতি, বৰষা দাস,ৰিংকী শইকীয়া , অবসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী মিনাক্ষী দাস,মাকণ হালৈ, পুৰ্ণিমা তালুকদাৰ লগতে ছাত্ৰ-ছাত্ৰী সকল উপস্থিত থাকে।

উল্লেখযোগ্য নিশাই এই বিদ্যালয়খনৰ পৰাই ক খ অ আৰে শিক্ষা গ্ৰহণ কৰিছিল । সেইবাবে উত্তীৰ্ণ হোৱাৰ খবৰ পোৱাৰ পিছতেই বিদ্যালয় খনত উপস্থিতহৈ শিক্ষা গুৰু সকলৰ আশীৰ্বাদ গ্ৰহণ কৰে । পিতৃ অশ্বিনী শৰ্মা, মাতৃ গিতান্জলী শৰ্মাৰ কন্যা নিশা শৰ্মাক লৈ বহুত আশা বুলি মন্তব্য কৰি আগন্তুক দিনবোৰত সকলোৰে সহায় সহযোগিতা বিচাৰিছে শৰ্মাই।

বিহালী জাতীয় বিদ্যালয়ত চিত্ৰাংকণ প্ৰতিযোগীতা।

বিহালী সমষ্টিৰ বৰগাঙৰ জাতীয় বিদ্যালয়ত ছাত্র -ছাত্রী সকলৰ মাজত চিত্ৰাংকণ প্ৰতিযোগীতা আয়োজন কৰা হয়। এই প্ৰতিযোগীতাত বিদ্যালয়খনৰ প্ৰায় ১০০ জন ছাত্র-ছাত্রী অংশগ্ৰহণ কৰে। ইয়াৰ পাছতে বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি গৰাকীই পৰিবেশৰ ওপৰত বক্তব্য ৰাখে আৰু বৃক্ষ ৰোপন কৰে।

ইফালে জাতীয় বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্রী আৰু ছাত্র-ছাত্রী সকলেও বিদ্যালয় প্ৰাংগনত এজোপাকৈ বৃক্ষ ৰোপন কৰা দেখা যায়।

এগৰাকী মহিলা অনুৰোধত ৰাস্তাৰ গোবৰ আঁতৰালে কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে

কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীৰ এই ফটোবোৰ ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। দৰাচলতে, প্ৰধানমন্ত্ৰী মোডীৰ সংসদীয় সমষ্টি বাৰাণসীৰ চিকাৰোলত এগৰাকী মহিলাই স্মৃতি ইৰাণীক ৰাস্তাত পৰি থকা গোবৰ আঁতৰাবলৈ অনুৰোধ জনাইছিল, তাৰ পিছত তেওঁ মহিলাগৰাকীৰ অনুৰোধত নিজে গোবৰ আঁতৰাবলৈ আৰম্ভ কৰিছিল।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক তেওঁৰ সমৰ্থকসকলে এনে কৰা দেখা পোৱাৰ লগে লগে তেওঁও গোবৰ আঁতৰ োৱাত জড়িত হৈ পৰে আৰু মহিলাগৰাকীৰ দাবী পূৰণ হয়।

শীৰ্ষ ১০ৰ ৬ টা স্থান দখল কৰি জিলিকিল লখিমপুৰ

লখিমপুৰৰ পৰা শীৰ্ষত ৬ গৰাকী শিক্ষাৰ্থী

শীৰ্ষ ১০ৰ ৬ টা স্থান দখল কৰি জিলিকিল লখিমপুৰ

৫৯৭ নম্বৰেৰ প্ৰথম স্থানত লখিমপুৰ চেন্ট মেৰীজ হাইস্কুলৰ ৰক্তোৎপল শইকীয়া

৫৯৫ নম্বৰেৰে তৃতীয় স্থানত বিহপুৰীয়াৰ লোহিত দিক্ৰং হাইস্কুলৰ পাৰ্থ প্ৰতীম দাস

৫৯৩ নম্বৰেৰে পঞ্চম স্থানত লখিমপুৰ চেন্ট মেৰীজ হাইস্কুলৰ ইকুইত অবোত দত্ত

৫৯১ নম্বৰেৰে সপ্তম স্থানত পিঠাগুৰিয়া জৱাহৰজ্যোতি হাইস্কুলৰ শৰ্মিষ্ঠা ভৰদ্বাজ

৫৮৯ নম্বৰেৰে নৱম স্থানত নাৰায়নপুৰৰ জ্ঞানজ্যোতি একাডেমীৰ পাৰ্থ প্ৰতীম বৰা

৫৮৮ নম্বৰেৰে দশম স্থানত লখিমপুৰ চেন্ট মেৰীজ হাইস্কুলৰ আয়ন মিত্ৰ

অতি সোনকালে গোপী ৰূপে পৰ্দালৈ আহি আছে দেৱলীনা

তাই অলচোৱে ঘোষণা কৰিছে যে তাই ঘূৰি আহিব গতিকে অনুষ্ঠানটো আৰু তাইৰ চৰিত্ৰটোক অধিক এলো ভেৰাত কুলি কৰা দেখা যাব।অভিনেত্ৰীগৰাকীয়ে লিখিছিল: “১০ বছৰ ‘গোপী’ হিচাপে। এইটো কেৱল কাকতালীয় হ’ব নোৱাৰে। 06-06-2012-এ গোপী হিচাপে মোৰ যাত্ৰা আৰম্ভ কৰিছিল আৰু 06-06-2022 তাৰিখে আপোনাৰ ওচৰলৈ পুনৰ ঘূৰি আহিছিল কিয়নো গোপী মোৰ বাবে আশীৰ্বাদৰ বাহিৰে আন একো নহয়। চৰিত্ৰটোৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰাটো মোৰ বাবে সহজ নহয়। মই যিয়েই নকৰোঁ কিন্তু সাথিয়া আৰু গোপী হৈছে আৰু সদায় মোৰ হৃদয় আৰু আত্মাৰ ওচৰত থাকিব।”তাই এইদৰে কৈছিল: “যদিও মই দীঘলীয়া সময়ৰ বাবে ‘সাথিয়া ২’ৰ অংশ নহওঁ। কিন্তু এক ছেকেণ্ডৰ বাবেও চৰিত্ৰটো পুনৰ জীয়াই থকাটো মোৰ বাবে অতি আনন্দৰ বিষয়।” দেৱলীনাৰ পোষ্টটো ইয়াত চাওক:তেওঁ লগতে অনুষ্ঠানটোৰ প্ৰযোজক ৰশ্মি শৰ্মা আৰু পৱন কুমাৰ মাৰুতৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে।”ইয়াৰ সৈতে মই মোৰ প্ৰতি থকা মৰম দেখুওৱাৰ বাবে @msrashmi2002_ মামক ধন্যবাদ জনাইছো আৰু গোপী @pawankumarmarut ছাৰ ইয়ে না হোতা আগৰ ১০ চাল পেহল আপুনি আপনি গোপী নহয় চুন্তে। (চাৰ যদি আপুনি 10 বছৰ আগতে আপোনাৰ গোপী বাছনি নকৰিলে হেঁতেন তেন্তে এনে নহ’লহেঁতেন) @starplus প্ৰতি সদায় কৃতজ্ঞ।” দেৱলীনাই শেষত ক’লে, “সোনকালে গোপী হিচাপে আপোনাৰ পৰ্দালৈ আহিছো। লগত থাকক। আৰু মোৰ সম্প্ৰসাৰিত পৰিয়ালক ধন্যবাদ। আপোনালোক সকলোঅবিহনে এইটো সম্ভৱ নহ’লহেঁতেন। মই তোমালোক সকলোকে ভাল পাওঁ। গোপী হিচাপে দেৱলীনাৰ 10 বছৰ। হুৰে।”