Home Blog Page 235

Virat Kohli Sister: বিৰাট কোহলীৰ ভগ্নীৰ সৈতে কেনে সম্পৰ্ক অনুষ্কাৰ, কিয় ট্ৰ’লৰ সন্মুখীন বিৰাটৰ ভগ্নী ?

Virat Kohli Sister: বিৰাট কোহলীৰ ভগ্নীৰ সৈতে কেনে সম্পৰ্ক অনুষ্কাৰ, কিয় ট্ৰ'লৰ সন্মুখীন বিৰাটৰ ভগ্নী ?
Virat Kohli Sister: বিৰাট কোহলীৰ ভগ্নীৰ সৈতে কেনে সম্পৰ্ক অনুষ্কাৰ, কিয় ট্ৰ'লৰ সন্মুখীন বিৰাটৰ ভগ্নী ?

আই পি এল ২০২৫ত জয়ী হোৱাৰ পাছত(Virat Kohli Sister)বিৰাট কোহলীৰ ভগ্নী ভাৱনাই এটা অতি আৱেগিক পোষ্ট লিখিছিল যদিও ভাই-ভগ্নীৰ সম্পৰ্কক লৈ একাংশ লোকে প্ৰশ্ন উত্থাপন কৰিবলৈ আৰম্ভ কৰিছে। আনকি একাংশই অনুষ্কা শৰ্মাৰ সৈতে বিৰাটৰ ভগ্নীৰ সম্পৰ্কৰ কথাও ক’বলৈ আৰম্ভ কৰিলে।

মঙলবাৰে অনুষ্ঠিত হোৱা আই পি এল ২০২৫ৰ অন্তিমখন খেলত জয়লাভ কৰি ইতিহাসৰ সৃষ্টি কৰিলে ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুে। এই জয় কেৱল দলটোৰ বাবেই নহয় বিৰাট কোহলীৰ বাবেও আছিল অতি বিশেষ, কাৰণ ১৮ বছৰৰ বহু অপেক্ষাৰ অন্তত তেওঁ প্ৰথমবাৰৰ বাবে আই পি এলৰ ট্ৰফী লাভ কৰিছিল। খেলখনৰ অন্তত খেলপথাৰত বিৰাট আৰু অনুষ্কা শৰ্মাৰ মাজত দেখা দিয়া কেমিষ্ট্ৰীয়ে যিয়ে ৰাইজৰ মন জয় কৰিবলৈ সক্ষম হয়।

দুয়োৰে বিশেষ মুহূৰ্ত ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। কিন্তু এই জয়ৰ পাছত আন কিবা এটাই ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰী একাংশৰ দৃষ্টি আকৰ্ষণ কৰিলে। মানুহে ক’বলৈ ধৰিলে যে বিৰাট কোহলীয়ে বিজয়ৰ পাছত ভগ্নী ভৱনাৰ কথা উল্লেখ কৰা নাছিল আৰু পৰিয়ালটোক কোনো গুৰুত্ব দিয়া নাছিল। আনকি একাংশ ইউজাৰে বিৰাটৰ ভগ্নীক লৈ মন্তব্য কৰিবলৈ আৰম্ভ কৰিলে। এই মন্তব্যসমূহত এই প্ৰশ্ন উত্থাপন হৈছিল যে বিৰাট বা অনুষ্কাৰ সৈতে তেওঁৰ সম্পৰ্ক ভাল নহয়।

আচলতে শেহতীয়াকৈ আই পি এল ২০২৫ৰ জয়ৰ পিছত বিৰাট কোহলীৰ ভগ্নী ভৱনাই এটা অতি আৱেগিক পোষ্ট লিখিছিল যদিও ভাই-ভগ্নীৰ সম্পৰ্কক লৈ একাংশ লোকে প্ৰশ্ন উত্থাপন কৰিবলৈ আৰম্ভ কৰিছিল। আনকি কিছুমানে অনুষ্কা শৰ্মাৰ সৈতে তেওঁৰ সম্পৰ্কৰ কথাও ক’বলৈ আৰম্ভ কৰিলে। তেওঁ কয় যে ভৱনাৰ এই পোষ্টত বিৰাট বা অনুষ্কাই কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই। বিৰাটৰ ভগ্নীয়ে লিখিছে, ‘এই নিশা আৰু এই মুহূৰ্তটো বিশেষ, যেতিয়া আমি সেই সপোনটো উদযাপন কৰি আছো যিয়ে আমাক কেতিয়াবা কান্দিবলৈ আৰু হাঁহিবলৈ বাধ্য কৰাইছিল’।

তেওঁ আৰু লিখিছে, ‘বিৰাটৰ এই যাত্ৰা অতি দীঘলীয়া আৰু সংগ্ৰামেৰে ভৰা। এতিয়া এই সপোন পূৰণ হোৱাৰ লগে লগে প্ৰতিটো মুহূৰ্ত শান্তিৰে অনুভৱ কৰাটো গুৰুত্বপূৰ্ণ’। ভাৱনাৰ এই পোষ্টটো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিল। তেওঁৰ পোষ্টটোত ভাৱনাই আৰু লিখিছে, ‘বিৰাটৰ ভদ্ৰতা আৰু অনুৰাগীৰ প্ৰতি তেওঁৰ কৃতজ্ঞতা আমি শব্দৰে প্ৰকাশ কৰিব নোৱাৰো। এই জয় কেৱল তেওঁৰ নহয় আৰ চি বিৰ সৈতে জড়িত প্ৰতিজন ব্যক্তিৰ। আমাৰ সকলোৰে চকুত তেওঁৰ চকুলো অনুভৱ হ’ল’।

আনহাতে যিসকলে বিৰাটৰ ভগ্নীৰ সম্পৰ্কক লৈ প্ৰশ্ন কৰিছিল সেইশকলক ক’লে , ‘মই প্ৰাৰ্থনা কৰোঁ যে আপোনালোকৰ জীৱনত এনেকুৱা প্ৰকৃত সম্পৰ্ক হওক, য’ত কোনো নিৰাপত্তাহীনতা নাথাকে আৰু নিজকে দেখুৱাব নালাগে। কেৱল হৃদয়ৰ লগত জড়িত হৈ থাকক। ভগৱানে আপোনালোক আশীৰ্বাদ কৰক’। তেওঁৰ সেই উত্তৰে বহু মানুহৰ হৃদয় চুই গৈছিল। বিৰাটৰ অনুৰাগী সকলে তেওঁৰ ভগ্নীৰ এই উত্তৰ ভাল পাইছে আৰু তেওঁলোকে তেওঁক প্ৰশংসা কৰিছে।

World Environment Day 2025: আজি বিশ্ব পৰিৱেশ দিৱস

World Environment Day 2025: আজি বিশ্ব পৰিৱেশ দিৱস
World Environment Day 2025: আজি বিশ্ব পৰিৱেশ দিৱস

আজি বিশ্ব পৰিৱেশ দিৱস। সমগ্ৰ বিশ্বৰ লগতে ৰাজ্যতো পালন পৰিৱেশ দিৱস।(World Environment Day 2025) ৰাজ্যৰ স্কুল-কলেজ, দল-সংগঠন, অন্যান্য প্ৰতিষ্ঠান সমূহৰ লগতে চৰকাৰীভাৱে পালন কৰা হৈছে পৰিৱেশ দিৱস।

’২৫ বৰ্ষৰ পৰিৱেশ দিৱসৰ থীম হৈছে BEAT PLASTIC POLLUTION। মাৰ্ঘেৰিটাতো বিভিন্ন কাৰ্য্যসূচীয়ে অনুষ্ঠিত কৰা হৈছে বিশ্ব পৰিবেশ দিৱস।মাৰ্ঘেৰিটাৰ নিউ কলনিস্থিত নিৰ্মাণৰত অটল বিহাৰী বাজপেয়ী ভৱনত অনুষ্ঠিত কৰা হৈছে বিশ্ব পৰিৱেশ দিৱস।

বিজেপিৰ ৰাজ্যিক সমিতিৰ নিৰ্দেশ মৰ্মে পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি আজি ৮৩ নং মাৰ্ঘেৰিটা সমষ্টিতো “মাৰ নামত এজোপা বৃক্ষ’ শীৰ্ষক কাৰ্যসূচী ৰূপায়ণ ৰূপায়ণ কৰা হয়। কাৰ্যসূচী অনুসৰি পুৱা “অটল বিহাৰী বাজপেয়ী ভৱন”ত “মাৰ নামত এজোপা বৃক্ষ’ শীৰ্ষক কাৰ্যসূচী ৰূপায়ণ কৰা হয়।

এই কাৰ্যসূচী অনুসৰি “অটল বিহাৰী বাজপেয়ী ভৱন”ৰ চৌপাশে গছ পুলি ৰোপণ কৰা হয়। মাৰ্ঘেৰিটাত কাৰ্যসূচী শুভাৰম্ভ কৰে মাৰ্ঘেৰিটা বিধায়ক ভাস্কৰ শৰ্মাই। উক্ত কাৰ্যসূচীত উপস্থিত থাকে মাৰ্ঘেৰিটা বিধায়ক ভাস্কৰ শৰ্মাৰ লগতে বিজেপি দলৰ তিনিওটা মণ্ডলৰ বিষয়-ববীয়া তথা দলীয় কৰ্মকৰ্তাসকল।

Weather Update: ৰাজ্যত পুনৰ বতৰে ল’ব ভয়ংকৰ ৰূপ! কামৰূপ আৰু কামৰূপ মেট্ৰ’ত বৰষুণৰ সম্ভাৱনা

Weather Update: ৰাজ্যত পুনৰ বতৰে ল’ব ভয়ংকৰ ৰূপ! কামৰূপ আৰু কামৰূপ মেট্ৰ’ত বৰষুণৰ সম্ভাৱনা
Weather Update: ৰাজ্যত পুনৰ বতৰে ল’ব ভয়ংকৰ ৰূপ! কামৰূপ আৰু কামৰূপ মেট্ৰ’ত বৰষুণৰ সম্ভাৱনা

পুনৰ কামৰূপ আৰু কামৰূপ মেট্ৰ’ত বৰষুণৰ সম্ভাৱনা।(Weather Update)

অনাগত ১-২ ঘণ্টাত ঠাই বিশেষে হ’ব পাৰে বৃষ্টিপাত।

বতৰ বিজ্ঞান কেন্দ্ৰই সদৰী কৰিছে এই তথ্য।

দৰং-ওদালগুৰিতো বৰষুণৰ সম্ভাৱনা।

আনহাতে শোণিতপুৰ, বিশ্বনাথ, লখিমপুৰ, যোৰহাট, গোলাঘাট, হোজাই, কাছাৰ, হাইলাকান্দি, নগাঁও আৰু মৰিগাঁও জিলাতো বৰষুণৰ সম্ভাৱনা।

বতৰ বিজ্ঞান বিভাগে জাৰি কৰিছে Yellow Alert ।

ই-ৰিক্সা চলাই পৰিয়াল পোহপাল: সংগ্ৰামী ছাত্ৰী গংগোত্ৰীৰ জীৱনৰ কঠোৰ বাস্তৱতা । e rickshaw

ই-ৰিক্সা চলাই পৰিয়াল পোহপাল: সংগ্ৰামী ছাত্ৰী গংগোত্ৰীৰ জীৱনৰ কঠোৰ বাস্তৱতা । e rickshaw
ই-ৰিক্সা চলাই পৰিয়াল পোহপাল: সংগ্ৰামী ছাত্ৰী গংগোত্ৰীৰ জীৱনৰ কঠোৰ বাস্তৱতা । e rickshaw

বঢ়মপুৰ, ৪ জুন ২০২৫: e rickshaw । যি সময়ত কলেজীয়া ছাত্ৰ-ছাত্ৰীসকলে ভবিষ্যতৰ ৰঙীন সপোন লৈ ব্যস্ত থাকে, ঠিক তেনেই সময়তে নগাঁৱৰ এগৰাকী ছাত্ৰীক জীৱন-জীৱিকাৰ কঠোৰ সংগ্ৰামত নামিব লগা হৈছে। নগাঁও জিলাৰ পোটনী সোণাৰীগাঁও গাঁৱৰ বাসিন্দা, ননৈ মহাবিদ্যালয়ৰ দ্বিতীয় ষাণ্মাসিকৰ ছাত্ৰী গংগোত্ৰী হাজৰিকাই এতিয়া ই-ৰিক্সা চলাই পৰিয়াল পোহপাল দি আছে।

গংগোত্ৰীৰ দেউতাক ৰঞ্জন হাজৰিকা আগতে ই-ৰিক্সা চলাই পৰিয়ালৰ ভাত-মুঠি যোগান ধৰিছিল। কিন্তু বৰ্তমানে তেওঁ গম্ভীৰভাৱে অসুস্থ হৈ পৰাত, গংগোত্ৰীয়ে উপাৰ্জনৰ দায়িত্ব নিজে কঁধত তুলি লৈ ই-ৰিক্সাৰ ষ্টেৰিং ধৰিবলৈ বাধ্য হৈছে। পঢ়া-শালিৰ দায়িত্বৰ উপৰি সংসাৰৰ দায়িত্ব লৈ অকলে সংগ্ৰাম কৰি যোৱা এইগৰাকী যুৱতীয়ে আজি বহু সচেতন নাগৰিকৰ দৃষ্টিক আকৰ্ষণ কৰিছে।

এই সংগ্ৰামী ছাত্ৰীজনীৰ পৰিয়ালৰ দুঃখৰ ইতিবৃত্ত ইয়াতেই শেষ নহয়। কিছুবছৰ পূৰ্বে বনৰীয়া হাতীয়ে তেওঁলোকৰ ঘৰখন সম্পূৰ্ণভাৱে ভাঙি পেলাইছিল। এতিয়া দুখ-কষ্টৰ মাজেৰে জীয়াই থকা পৰিয়ালটোৱে আজিলৈকে চৰকাৰৰ পৰা কোনো সহায় নাপোৱাৰ বিষয়টোৱে অঞ্চলটোৰ ৰাইজৰ মাজত ক্ষোভৰ সৃষ্টি কৰিছে। শাসকীয় চৰকাৰে আজিলৈকে চকু মেলি চোৱা নাই, নকৰে সাহাৰ্য্যৰ কোনো ব্যৱস্থা।

ইয়াৰ বিপৰীতে, গংগোত্ৰীৰ দৃষ্টান্তই এটা গুৰুত্বপূৰ্ণ কথা পুনৰ স্মৰণ কৰাইছে— জীৱন সংগ্ৰামত কেৱল পুত্ৰসন্তানেই নহয়, প্ৰয়োজনত কন্যা সন্তানেও সমানে দায়িত্ববান আৰু সাহসী হৈ উঠে। পিতৃ-মাতৃক পোহপাল দিয়াৰ ক্ষেত্ৰত তেওঁলোকে পুৰুষৰ সমানে আগবাঢ়ি আহিব পাৰে, যাৰ জীৱন্ত উদাহৰণ গংগোত্ৰী হাজৰিকা।

যি কি নহওক, এই যুৱতীগৰাকীৰ সাহসে, দৃঢ়সংকল্পে আৰু অধ্যৱসায়ে সকলোৰে বাবে এক অনুপ্ৰেৰণাৰ উৎস হৈ পৰিছে। চৰকাৰ তথা সমাজৰ দায়িত্ব হ’ব, এইধৰণৰ সংগ্ৰামী ছাত্ৰ-ছাত্ৰীক সহায়ৰ হাত আগবঢ়োৱা আৰু তেওঁলোকৰ শিক্ষাগৰাকীক প্ৰতিস্থাপনৰ পথ প্ৰসস্ত কৰা।

ৰাজ্যিক কেবিনেট বৈঠকত ডাঙৰ সিদ্ধান্ত: কনকলতা বিশ্ববিদ্যালয়, ডিমা হাচাও পথ, আৰক্ষী বিভাগ আৰু গৱেষণা শিক্ষাৰ্থীৰ বাবে গুৰুত্বপূৰ্ণ ঘোষণা । himanta biswa sarma


গুৱাহাটী, ৪ জুন ২০২৫ । himanta biswa sarma । বুধবাৰে গুৱাহাটীৰ লোকসেৱা ভৱনত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত হয় অসমৰ ৰাজ্যিক কেবিনেটৰ এক গুৰুত্বপূৰ্ণ বৈঠক। এই বৈঠকত অনাগত দিনৰ বাবে কেইবাটাও ঐতিহাসিক আৰু জনমুখী সিদ্ধান্ত গ্ৰহণ কৰা হয়।

মূল সিদ্ধান্তসমূহঃ

🔹 শ্বহীদ কনকলতা বৰুৱা বিশ্ববিদ্যালয়ৰ উন্নয়ন
বিশ্ববিদ্যালয়খনত প্রযুক্তি-ভিত্তিক শিক্ষাৰ বিস্তাৰ আৰু আধুনিকীকৰণৰ ওপৰত গুৰুত্ব দিয়াৰ সিদ্ধান্ত লয় কেবিনেটে। এই সিদ্ধান্তৰ জৰিয়তে শিক্ষাৰ মান আৰু গৱেষণাৰ ক্ষেত্ৰত এক নতুন দিশ উন্মোচন হ’ব বুলি আশা কৰা হৈছে।

🔹 ডিমা হাচাও জিলাত পথ নিৰ্মাণ আৰু ঘাইপথ উন্নয়ন
ডিমা হাচাও জিলাৰ ৫টা পথ নিৰ্মাণৰ কাৰণে পুঁজিৰ অনুমোদন দিয়ে কেবিনেটে। লগতে এই ৫টা পথক ৰাষ্ট্ৰীয় ঘাইপথৰ দৰেই উন্নীত কৰাৰ সিদ্ধান্তও লোৱা হৈছে। এই পদক্ষেপে অঞ্চলটোত যাতায়াত ব্যৱস্থা সুদৃঢ় কৰাৰ লগতে আৰ্থ-সামাজিক উন্নয়ন আগবঢ়াব।

🔹 আৰক্ষী বিভাগত পদবী পৰিৱর্তন
অসমৰ সকলো আৰক্ষী অধীক্ষকক এতিয়াৰে পৰা “জ্যেষ্ঠ আৰক্ষী অধীক্ষক (Senior Superintendent of Police)” হিচাপে উল্লেখ কৰা হ’ব। এই সিদ্ধান্তে পুৰণি নীতিগত অস্পষ্টতা দূৰ কৰাৰ লগতে প্রশাসনিক স্বচ্ছতা বৃদ্ধি কৰিব।

🔹 মুখ্যমন্ত্ৰী জীৱন অনুপ্ৰেৰণা আঁচনিৰ অনুমোদন
অসম চৰকাৰৰ এটা নতুন জনকল্যাণমুখী আঁচনি ৰূপে “জীৱন অনুপ্ৰেৰণা আঁচনি”ক কেবিনেটে অনুমোদন দিয়ে। যদিও আঁচনিৰ বিস্তৃত খচৰা এতিয়ালৈকে প্ৰকাশ নহয়, মুখ্যমন্ত্ৰীয়ে কয় যে ই নৱপ্ৰজন্মক উদ্বুদ্ধ কৰিব পৰা এক ইতিবাচক পদক্ষেপ হ’ব।

🔹 গৱেষণা শিক্ষাৰ্থীৰ বাবে এককালীন সাহায্য
চৰকাৰী বিশ্ববিদ্যালয়ত গৱেষণা কৰা শিক্ষাৰ্থীসকলৰ বাবে সুখবৰ। এতিয়া প্ৰতিজন গৱেষক শিক্ষাৰ্থীক এককালীন ২৫,০০০ টকাৰ সাহায্য আগবঢ়াব ৰাজ্য চৰকাৰে। শীঘ্ৰে এই বাবে আবেদন আৰম্ভ হ’ব আৰু এক বিশেষ অনলাইন পোৰ্টেল খুলি দিয়া হ’ব।

আত্মসহায়ক গোটৰ বাবে অসম কেবিনেটৰ ডাঙৰ সিদ্ধান্ত, ১৪৫০ কোটি টকাৰ অনুমোদন । Assam Cabinet Decesions 

আত্মসহায়ক গোটৰ বাবে অসম কেবিনেটৰ ডাঙৰ সিদ্ধান্ত, ১৪৫০ কোটি টকাৰ অনুমোদন । Assam Cabinet Decesions 
আত্মসহায়ক গোটৰ বাবে অসম কেবিনেটৰ ডাঙৰ সিদ্ধান্ত, ১৪৫০ কোটি টকাৰ অনুমোদন । Assam Cabinet Decesions 


গুৱাহাটী, ৪ জুন ২০২৫:Assam Cabinet Decesions । বুধবাৰে অনুষ্ঠিত হয় অসম চৰকাৰৰ এক গুৰুত্বপূৰ্ণ কেবিনেট বৈঠক। বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এক সংবাদমেলৰ জৰিয়তে বিভিন্ন সিদ্ধান্ত সদৰী কৰে। এইবাৰ কেবিনেটে আত্মসহায়ক গোট তথা মহিলা উদ্যমিতাক উৎসাহিত কৰাৰ ক্ষেত্ৰত কেইবাটাও ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

মূল সিদ্ধান্তসমূহঃ

🔹 আত্মসহায়ক গোট (SHG) আৰু “লাখপতি বাইদেউ” আঁচনিৰ বাবে ১৪৫০ কোটি টকা অনুমোদন
মুখ্যমন্ত্ৰীৰ ‘আত্মনিৰ্ভৰ অসম’ পৰিকল্পনাৰ অংশ হিচাপে মহিলা SHG-সমূহক অধিক স্বনির্ভৰ বনোৱাৰ লক্ষ্যৰে এই বৃহৎ বিত্তীয় অনুমোদন দিয়া হৈছে। এই আঁচনিৰ জৰিয়তে লক্ষাধিক মহিলা লাভান্বিত হ’ব বুলি আশা প্ৰকাশ কৰা হৈছে।

🔹 লাখপতি বাইদেউৰ তালিকা ৯ জুনত ঘোষণা
লাভান্বিত সমষ্টিসমূহ আৰু উপভোক্তা মহিলাৰ তালিকা অহা ৯ জুনত চৰকাৰীভাৱে প্ৰকাশ কৰা হ’ব। মুখ্যমন্ত্ৰীয়ে কয়, “সকলো বিবৰণ জনসাধাৰণৰ বাবে পুঙ্খানুপুঙ্খভাৱে উপলব্ধ হ’ব।”

🔹 কনকলতা বিশ্ববিদ্যালয়ৰ বাবে ৪০০ কোটি টকা অনুমোদন
অসমৰ উচ্চশিক্ষা খণ্ডত এক নতুন যুগ আৰম্ভ হ’ব বুলি কেবিনেটে আশা প্ৰকাশ কৰিছে। কনকলতা মহিলা বিশ্ববিদ্যালয় উন্নয়ন আৰু আধুনিকীকৰণৰ বাবে ৪০০ কোটি টকা ব্যয়ৰ প্ৰস্তাৱ অনুমোদন কৰা হৈছে।

মুখ্যমন্ত্ৰী শৰ্মাই উল্লেখ কৰে, “অসম চৰকাৰৰ লক্ষ্য হৈছে গাঁও-ঘৰলৈকে উন্নয়নৰ পোষুৱা লৈ যোৱা। আত্মসহায়ক গোট, মহিলা উদ্যমিতা আৰু শিক্ষাৰ ক্ষেত্ৰত আমাৰ প্ৰতিশ্ৰুতি সদায় দৃঢ়। এইবোৰ পদক্ষেপে অসমৰ সামাজিক আৰু অৰ্থনৈতিক ভৱিষ্যত দৃঢ় কৰিব।”

এই সিদ্ধান্তসমূহে ৰাজ্যৰ মহিলা সমাজ, SHG আৰু শিক্ষাৰ পৰিকাঠামোত এক দীঘলীয়া ধৰণে ইতিবাচক প্ৰভাৱ পেলাব বুলি বিশেষজ্ঞসকলে বিশ্বাস প্ৰকাশ কৰিছে।

২১ জুলাইৰ পৰা আৰম্ভ হ’ব সংসদৰ বৰ্ষাকালীন অধিবেশন । Parliament

২১ জুলাইৰ পৰা আৰম্ভ হ’ব সংসদৰ বৰ্ষাকালীন অধিবেশন । Parliament

নতুন দিল্লী, ৪ জুন ২০২৫ ।Parliament তিনি মাহৰো অধিক সময়ৰ পাছত অবশেষত অনুষ্ঠিত হ’ব ভাৰতীয় সংসদৰ বৰ্ষাকালীন অধিবেশন। এই অধিবেশন ২১ জুলাই তাৰিখে আৰম্ভ হৈ ২১ আগষ্টলৈকে চলিব। ইয়াৰ পূৰ্বে ৩১ জানুৱাৰীত আৰম্ভ হৈছিল বাজেট অধিবেশন, যাৰ অন্ত হৈছিল ৪ এপ্ৰিলত। সেই দিনাৰ পৰা ৰাজ্যসভা আৰু লোকসভাৰ কাম-কাজ অনিশ্চিত সময়লৈকে স্থগিত হৈ আছিল।

এইবাৰ ২৩ দিনীয়া বৰ্ষাকালীন অধিবেশনখনত বহু গুৰুত্বপূর্ণ বিষয়ত আলোচনা হোৱাৰ সম্ভাৱনা আছে। ৰাষ্ট্ৰীয় নিরাপত্তা, অৰ্থনীতি, পাকিস্তান সন্দৰ্ভ, আৰু বিভিন্ন নতুন বিধেয়কৰ উত্থাপন সম্ভৱপৰ।

কেন্দ্ৰীয় আইন মন্ত্ৰী কিৰেণ ৰিজিজুৱে মন্তব্য কৰি কয়, “এই অধিবেশন বিশেষ হ’ব। অপাৰেশ্যন সেন্দূৰৰ লগতে আন বহুতো বিষয়ত আলোচনা হ’ব। চৰকাৰে সকলো দলক লগত লৈ আগবাঢ়িব বিচাৰে।” তেওঁৰ মতে, চৰকাৰে ইতিমধ্যে বিৰোধীৰ সৈতে যোগাযোগ স্থাপন কৰিছে আৰু সকলোৰে সহভাগিতাত গঠনমূলক আলোচনাৰ আশা কৰিছে।

ইপিনে, বিৰোধী দলসমূহে অপাৰেশ্যন সেন্দূৰ, যুদ্ধবিৰতি, ড’নাল্ড ট্ৰাম্পৰ মন্তব্য, আৰু পহলগাম আক্ৰমণৰ দৰে বিষয়ৰ ওপৰত আলোচনা কৰাৰ বাবে বিশেষ সংসদীয় অধিবেশনৰ দাবী আগবঢ়াইছিল। মঙলবাৰে ১৬ টাকৈ বিৰোধী দলে এই সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক এক সংযুক্ত পত্ৰ পঠিয়াইছিল।

বুধবাৰে ইণ্ডিয়া মিত্ৰজোঁটে এক সংবাদমেল আয়োজন কৰি পুনৰ বিশেষ অধিবেশনৰ দাবী জনায়। দিপেন্দ্ৰ হুডা কয়, “যদি বিশ্ববাসীক সকলো কথা জনোৱা হৈছে, তেন্তে সংসদক কিয় নজনোৱা হ’ব?” শিব সেনাৰ নেতা সঞ্জয় ৰাৱটে ট্ৰাম্পৰ মন্তব্য উল্লেখ কৰি কয়, “যদি যুদ্ধবিৰতি তেওঁৰ মন্তব্যৰ বাবেই হয়, তেন্তে সংসদত এই বিষয়ৰ ওপৰত বিশেষ আলোচনাৰ প্ৰয়োজন আছে।”

সম্ভাৱনা থকা বিষয়বোৰৰ ভিতৰত পাকিস্তান সন্দৰ্ভ এক গুৰুত্বপূৰ্ণ স্থানত আছে। বিৰোধী দলসমূহে এই অধিবেশনত চৰকাৰক কঠোৰভাৱে প্ৰশ্ন কৰিব বুলি আশা কৰা হৈছে।

এইদৰে, ২০২৫ চনৰ বৰ্ষাকালীন অধিবেশন এখন চৰম রাজনৈতিক উত্তাপত পৰিপূৰ্ণ হোৱাৰ আশা, য’ত চৰকাৰ-বিৰোধী দুয়ো পক্ষেই দেশৰ প্ৰধান বিষয়সমূহত মুখামুখি হ’ব।

Operation Sindoor: বিদেশৰ পৰা কি আহিল বাৰ্তা, অহা সপ্তাহত অপাৰেচন সিন্দূৰৰ প্ৰতিনিধি দলক সাক্ষাৎ কৰাৰ সম্ভাৱনা প্ৰধানমন্ত্ৰী মোদীৰ

Operation Sindoor: বিদেশৰ পৰা কি আহিল বাৰ্তা, অহা সপ্তাহত অপাৰেচন সিন্দূৰৰ প্ৰতিনিধি দলক সাক্ষাৎ কৰাৰ সম্ভাৱনা প্ৰধানমন্ত্ৰী মোদীৰ
Operation Sindoor: বিদেশৰ পৰা কি আহিল বাৰ্তা, অহা সপ্তাহত অপাৰেচন সিন্দূৰৰ প্ৰতিনিধি দলক সাক্ষাৎ কৰাৰ সম্ভাৱনা প্ৰধানমন্ত্ৰী মোদীৰ

পহলগাম সন্ত্ৰাসবাদী আক্ৰমণ আৰু ‘অপাৰেচন সিন্দূৰ’(Operation Sindoor) অভিযানৰ পিছত ভাৰতৰ কূটনৈতিক প্ৰচাৰৰ অংশ হিচাপে ৩৩খন দেশলৈ প্ৰেৰণ কৰা বহুদলীয় প্ৰতিনিধি দলৰ সদস্যসকলক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সাক্ষাৎ কৰাৰ সম্ভাৱনা আছে । সূত্ৰ অনুসৰি অহা ৯ বা ১০ জুনত নতুন দিল্লীত এই বৈঠক অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে। সাংসদ, বিভিন্ন ৰাজনৈতিক দলৰ নেতা আৰু কূটনীতিবিদক লৈ গঠিত এই প্ৰতিনিধি দলটোক ভাৰতৰ স্থিতি দাঙি ধৰাৰ লগতে দেশৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজৰ বাবে বিশ্বব্যাপী সমৰ্থন আহৰণৰ দায়িত্ব দিয়া হৈছিল।

সূত্ৰ অনুসৰি প্ৰতিনিধি দলসমূহে তেওঁলোকৰ ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰীক উচ্চ পৰ্যায়ৰ বৈঠক, কৌশলগত আলোচনা, পহলগাঁও আক্ৰমণৰ প্ৰতি বিভিন্ন দেশৰ প্ৰতিক্ৰিয়া আৰু ভাৰতৰ বৃহত্তৰ সন্ত্ৰাসবাদ বিৰোধী প্ৰচেষ্টাকে ধৰি গুৰুত্বপূৰ্ণ পৰিঘটনাসমূহৰ বিষয়ে অৱগত কৰিব। বহুদলীয় ঐক্যৰ এক অভূতপূৰ্ব প্ৰদৰ্শনত চৰকাৰে ৭টা প্ৰতিনিধি দল বিদেশলৈ প্ৰেৰণ কৰিছিল। প্ৰত্যেকৰে নেতৃত্ব দিছিল এজন বিশিষ্ট সাংসদ। শশী থাৰুৰ (কংগ্ৰেছ), ৰবি শংকৰ প্ৰসাদ (বিজেপি), সঞ্জয় কুমাৰ ঝা (জেডিইউ), বৈজয়ন্ত পাণ্ডা (বিজেপি), কণিমোঝি কৰুণানিধি (ডিএমকে), সুপ্ৰিয়া চুলে (এনচিপি) আৰু একনাথ শিণ্ডে (শিৱসেনা) আদি নেতাসকল।


প্ৰধানমন্ত্ৰীক কেৱল এই ভ্ৰমণৰ ফলাফলৰ বিষয়ে অৱগত কৰাই নহয়, সন্ত্ৰাসবাদ, ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু আঞ্চলিক স্থিতিশীলতা সম্পৰ্কীয় ভাৰতৰ বাৰ্তা আৰু ভ্ৰমণৰ বিষয়বস্তুৰ প্ৰতি বিশ্বব্যাপী সঁহাৰিৰ বিষয়েও অৱগত কৰা হ’ব।মঙলবাৰে বিয়লি ২:৩০ বজাত বৈজয়ন্ত পাণ্ডাৰ নেতৃত্বাধীন সাংসদৰ প্ৰতিনিধি দলে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰক সাক্ষাৎ কৰি ভ্ৰমণৰ সবিশেষ অৱগত কৰিব। পাণ্ডাৰ নেতৃত্বত এই প্ৰতিনিধি দলটোৱে চৌদি আৰব, বাহৰেইন, কুৱেইট আৰু আলজেৰিয়া ভ্ৰমণ কৰিছিল।আনহাতে, ৪ জুনত বিয়লি ৪:৩০ বজাত পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতিশোধ স্বৰূপে অপাৰেচন সিন্দূৰৰ পিছত প্ৰথমবাৰৰ বাবে প্ৰধানমন্ত্ৰী মোদীয়ে মন্ত্ৰী পৰিষদৰ সৈতে বৈঠকত মিলিত হ’ব পাৰে।

Guwahati News: মুক্তিযোদ্ধা কামাখ্যা প্ৰসাদ ত্ৰিপাঠি আদৰ্শ উচ্চ বিদ্যালয়ত ভাৰত চৰকাৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ গুৱাহাটী আঞ্চলিক কাৰ্যালয়ৰ উদ্যোগত গীতে-মাতে বিশেষ সজাগতা সভা

Guwahati News: মুক্তিযোদ্ধা কামাখ্যা প্ৰসাদ ত্ৰিপাঠি আদৰ্শ উচ্চ বিদ্যালয়ত ভাৰত চৰকাৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ গুৱাহাটী আঞ্চলিক কাৰ্যালয়ৰ উদ্যোগত গীতে-মাতে বিশেষ সজাগতা সভা
Guwahati News: মুক্তিযোদ্ধা কামাখ্যা প্ৰসাদ ত্ৰিপাঠি আদৰ্শ উচ্চ বিদ্যালয়ত ভাৰত চৰকাৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ গুৱাহাটী আঞ্চলিক কাৰ্যালয়ৰ উদ্যোগত গীতে-মাতে বিশেষ সজাগতা সভা

গুৱাহাটী মহানগৰীৰ পূৱ প্ৰান্তত অৱস্থিত ডিগাৰুৰ বামুনখাটস্থিত মুক্তিযোদ্ধা কামাখ্যা (Guwahati News)প্ৰসাদ ত্ৰিপাঠি আদৰ্শ উচ্চ বিদ্যালয়ত ৩ জুনত দিনযোৰা কাৰ্যসূচীৰে এক বিশেষ সজাগতা সভাৰ আয়োজন কৰা হয়। ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয় আঞ্চলিক কাৰ্যালয় গুৱাহাটীৰ উদ্যোগত আয়োজিত এই সজাগতা সভাত স্বচ্ছতাই সেৱা, এজোপা গছ আইৰ নামত আৰু নিচামুক্ত ভাৰত এই তিনিটা বিষয়ত তথ্য সম্প্ৰচাৰ বিভাগৰ শিল্পীসকলে গীতে -মাতে ছাত্ৰ-ছাত্ৰীসকলক মাজত সজাগতাৰ সৃষ্টি কৰে।

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয় গুৱাহাটী আঞ্চলিক কাৰ্যালয়ৰ বিষয়া শিৱ বৰাৰ নেতৃত্বত অনুষ্ঠিত হোৱা সজাগতা সভাৰ আৰম্ভনিতে বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি মথুৰা মোহন নাথে এটি ৰঙা চন্দন গছৰ পুলি বিদ্যালয় চৌহদত ৰোপন কৰে । শিক্ষা বিভাগৰ জিলা পৰ্যায়ৰ সমল ব্যক্তি নুৰ আজিজে স্বচ্ছতা ৰক্ষা, বৃক্ষ ৰোপনৰ উপকাৰিতা আৰু ধঁপাত সেৱনৰ অপকাৰিতা তথা নিচামুক্ত ভাৰত গঢ়া আদি বিষয়ত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বক্তৃত্বা প্ৰদান কৰে। উক্ত অনুষ্ঠানতে শিক্ষক নুৰ আজিজৰ সজাগতা মূলক গীতৰ পুথি ‘ মৰম ‘ উন্মোচন কৰা হয়।

উপস্থিত ছাত্ৰী-ছাত্ৰীসকলক বিষয়বস্তুৰ সৈতে পৰিচিত কৰাৰ লগতে সমান্তৰালভাৱে যাতে জ্ঞানো লাভ কৰিব পাৰে সেই উদ্দেশ্যে বক্তব্য বিষয়ৰ ওপৰত মুকলি কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। কুইজত পাৰদৰ্শিতা প্ৰদৰ্শন কৰা বিশ গৰাকী ছাত্ৰ-ছাত্ৰীক তথ্য আৰু সম্প্ৰচাৰ বিভাগৰ বিষয়াসকলে উপহাৰ সামগ্ৰী প্ৰদান কৰে । বিষয়া নৃপেন তালুকদাৰে আঁত ধৰা অনুষ্ঠানটিত বিদ্যালয়ৰ প্ৰাধান শিক্ষক উপেন গোস্বামী সমন্বিতে শিক্ষক ৰাতুল বৰা দিলীপ চন্দ্ৰ পাল যদুমনি দিহিঙীয়া কুলদীপ শেনছোৱা আৰু শিক্ষয়িত্ৰী মুনমী বৰুৱাও উপস্থিত থাকে।

Operation Sindoor: ‘অপাৰেচন সিন্দুৰ’ৰ পৰা অনুপ্ৰাণিত হৈ ছাত্ৰ-ছাত্ৰীক প্ৰথম শ্ৰেণীৰ পৰাই সামৰিক প্ৰশিক্ষণ দিব মহাৰাষ্ট্ৰ চৰকাৰে

Operation Sindoor: ‘অপাৰেচন সিন্দুৰ’ৰ পৰা অনুপ্ৰাণিত হৈ ছাত্ৰ-ছাত্ৰীক প্ৰথম শ্ৰেণীৰ পৰাই সামৰিক প্ৰশিক্ষণ দিব মহাৰাষ্ট্ৰ চৰকাৰে
Operation Sindoor: ‘অপাৰেচন সিন্দুৰ’ৰ পৰা অনুপ্ৰাণিত হৈ ছাত্ৰ-ছাত্ৰীক প্ৰথম শ্ৰেণীৰ পৰাই সামৰিক প্ৰশিক্ষণ দিব মহাৰাষ্ট্ৰ চৰকাৰে

‘অপাৰেচন সিন্দুৰ’। সন্ত্ৰাসবাদ নিৰ্মূলৰ বাবে(Operation Sindoor) ভাৰতীয় সশস্ত্ৰ বাহিনীৰ এই পদক্ষেপৰ পিছত মহাৰাষ্ট্ৰ চৰকাৰে এক নতুন পদক্ষেপ গ্ৰহণ কৰিছে। ৰাজ্যৰ বিদ্যালয় শিক্ষা মন্ত্ৰী দাদা ভূছে দেশপ্ৰেম, অনুশাসন আৰু শাৰীৰিক ব্যায়ামৰ অভ্যাস গঢ়ি তোলাৰ বাবে ৰাজ্যৰ বিদ্যালয়সমূহত প্ৰথম শ্ৰেণীৰ পৰা সামৰিক প্ৰশিক্ষণ প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে।

মহাৰাষ্ট্ৰ চৰকাৰৰ এই পদক্ষেপক দেশৰ প্ৰথমখন ৰাজ্য হিচাপে ঘোষণা কৰি শিক্ষামন্ত্ৰীগৰাকীয়ে কয়, ‘ছাত্ৰ-ছাত্ৰীৰ মাজত দেশপ্ৰেম জগাই তোলা আৰু অনুশাসিত কৰি তোলাৰ বাবে বিদ্যালয়ত প্ৰথম শ্ৰেণীৰ পৰা ছাত্ৰ-ছাত্ৰীক সামৰিক প্ৰশিক্ষণ দিয়াৰ সিদ্ধান্ত লোৱা হৈছে। ইয়াৰ বাবে দেশৰ অৱসৰপ্ৰাপ্ত সেনা বিষয়াৰ সহায় লোৱা হ’ব।

এই নিয়ম কাৰ্যকৰী হ’লে পঢ়া-শুনাৰ লগতে ল’ৰা-ছোৱালীৰ ভৱিষ্যতও উজ্জ্বল হ’ব।’ শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰেও এই পৰিকল্পনা কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত কেইটামান পদক্ষেপ আগুৱাই লৈ গৈছে।শিৱসেনাৰ নেতা তথা মন্ত্ৰী দাদা ভূছে কয় যে সাধাৰণ সামৰিক প্ৰশিক্ষণত যাতে কোনো অসুবিধা নাথাকে তাৰ বাবে ক্ৰীড়া শিক্ষক, এন চি চি, স্কাউটৰ লগতে বিদ্যালয়সমূহত ২.৫ লাখ প্ৰাক্তন সেনা জোৱান নিযুক্তি দিব।

এই প্রস্তাৱ ইতিমধ্যে মুখ্যমন্ত্রী দেৱেন্দ্র ফদনবিছৰ ওচৰত দাখিল কৰা হৈছে বুলি শিক্ষামন্ত্রীগৰাকীয়ে কয়৷ তেওঁ দাবী কৰে যে মুখ্যমন্ত্ৰীয়ে এই প্ৰকল্পৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিছে। লগতে ৰাজ্যৰ বিদ্যালয়সমূহত অতি সোনকালে বাধ্যতামূলক সামৰিক প্ৰশিক্ষণ প্ৰৱৰ্তন হোৱাটোও তেওঁ বিচাৰে।