Home Blog Page 236

Jyotiraditya Scindia: অসমৰ বান পৰিস্থিতিৰ বুজ ল’লে কেন্দ্রীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই

Jyotiraditya Scindia: অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে কেন্দ্রীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই
Jyotiraditya Scindia: অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে কেন্দ্রীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই

অসমৰ বান পৰিস্থিতিৰ বুজ ল’লে কেন্দ্রীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই। বন্যার্তৰ পুনৰ সংস্থাপন আৰু সাহায্যৰ আশ্বাস মন্ত্ৰীজনৰ। এই কথা সামাজিক মাধ্যমযোগে জনালে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই।(Jyotiraditya Scindia)

মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ‘আজি পুৱা কিছু সময়ৰ পূৰ্বে মাননীয় কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীজ্যোতিৰাদিত্য সিন্ধিয়া ডাঙৰীয়াই মোক ফোনযোগে অসমৰ সাম্প্ৰতিক বান পৰিস্থিতি সন্দৰ্ভত বুজ লোৱাৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ পৰা সাহায্য আৰু বন্যাৰ্তৰ পুনৰ সংস্থাপনৰ প্ৰচেষ্টাৰ বাবে সকলো ধৰণৰ সহযোগিতাৰ আশ্বাস প্ৰদান কৰে। এই প্ৰত্যাহ্বানমূলক সময়ত তেখেতৰ সঁহাৰিৰ বাবে অসমবাসীৰ হৈ কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ৷’

Women’s Cricket World Cup: ক্ৰীড়াপ্ৰেমীৰ বাবে সুখবৰঃ গুৱাহাটীত অনুষ্ঠিত হ’ব মহিলা বিশ্বকাপৰ খেল, আইচিচিয়ে ঘোষণা কৰিলে স্থান আৰু দিন

Women's Cricket World Cup: ক্ৰীড়াপ্ৰেমীৰ বাবে সুখবৰঃ গুৱাহাটীত অনুষ্ঠিত হ’ব মহিলা বিশ্বকাপৰ খেল
Women's Cricket World Cup: ক্ৰীড়াপ্ৰেমীৰ বাবে সুখবৰঃ গুৱাহাটীত অনুষ্ঠিত হ’ব মহিলা বিশ্বকাপৰ খেল

অসমৰ ক্ৰীড়াক্ষেত্ৰৰ বাবে এক ভাললগা খবৰ।(Women’s Cricket World Cup)গুৱাহাটীত অনুষ্ঠিত হ’ব মহিলা বিশ্বকাপৰ খেল। এই কথা প্ৰকাশ কৰিছে আইচিচিয়ে। আইচিচিয়ে লগতে ঘোষণা কৰিছে মহিলা বিশ্বকাপৰ খেলৰ স্থান আৰু দিন। আইচিচিয়ে প্ৰকাশ কৰা মতে মহিলা এদিনীয়া বিশ্বকাপৰ ত্ৰয়োদশ সংস্কৰণ ৩০ ছেপ্টেম্বৰৰ পৰা ২ নৱেম্বৰলৈ অনুষ্ঠিত হ’ব। প্ৰতিযোগিতাৰ আঠটা দলৰ মাজত অনুষ্ঠিত হ’ব ৷ ইয়াৰ সকলো খেল ভাৰত আৰু শ্ৰীলংকাৰ পাঁচটা স্থানত অনুষ্ঠিত হ’ব ৷ গুৱাহাটীতো অনুষ্ঠিত হ’ব মহিলা এদিনীয়া বিশ্বকাপৰ খেল ৷

আই চি চিৰ এক বিবৃতি অনুসৰি বিশ্বকাপৰ স্থান হ’ব এম চিন্নাস্বামী ষ্টেডিয়াম (বেংগালুৰু), অসম ক্ৰিকেট এছ’চিয়েশ্যন ষ্টেডিয়াম (গুৱাহাটী), হোলকাৰ ষ্টেডিয়াম (ইন্দোৰ), এ চি এ-ভি ডি চি এ ষ্টেডিয়াম (বিশাখাপট্টনম) আৰু আৰ প্ৰেমদাছা ষ্টেডিয়াম (কলম্বো) ৷ ১২ বছৰৰ পাছত ক্ৰিকেটপ্ৰেমী দেশ অৰ্থাৎ ভাৰতত অনুষ্ঠিত হ’বলগীয়া মহিলা ক্ৰিকেট বিশ্বকাপৰ আৰম্ভণি অহা ৩০ ছেপ্টেম্বৰত বাংগালুৰুত ভাৰতৰ সৈতে এখন ব্লকবাষ্টাৰ মেচৰে হ’ব ৷আই চি চিয়ে এইবুলি প্ৰকাশ কৰিছে , “২৯ অক্টোবৰত গুৱাহাটী বা কলম্বোত প্ৰথমখন ছেমি ফাইনেল অনুষ্ঠিত হ’ব, আনহাতে দ্বিতীয়খন ছেমি ফাইনেল পিছদিনা ৩০ অক্টোবৰত বেংগালুৰুত অনুষ্ঠিত হ’ব ৷ ২ নৱেম্বৰ দেওবাৰে বেংগালুৰু বা কলম্বোত অনুষ্ঠিত হ’ব ২০২৫ চনৰ মহিলা এদিনীয়া বিশ্বকাপৰ ফাইনেল ৷”

উল্লেখ্য মহিলা বিশ্বকাপত অংশগ্ৰহণ কৰা আঠটা দল হ’ল ভাৰত, অষ্ট্ৰেলিয়া, ইংলেণ্ড, দক্ষিণ আফ্ৰিকা, নিউজীলেণ্ড, শ্ৰীলংকা, বাংলাদেশ আৰু পাকিস্তান ৷আই চি চিৰ অধ্যক্ষ জয় শ্বাহে কয়, “ভাৰতৰ ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড, ইংলেণ্ড আৰু ৱেলছ ক্ৰিকেট ব’ৰ্ডে অনাগত মাহত আয়োজন কৰিবলগীয়া বিশ্বব্যাপী মহিলা প্ৰতিযোগিতা দুখন সন্দৰ্ভত কিছু গুৰুত্বপূৰ্ণ ঘোষণা কৰিবলৈ পাই আমি উৎফুল্লিত হৈছো ৷ শেহতীয়া বছৰবোৰত অনুৰাগীসকলে মহিলাৰ খেলখনৰ প্ৰতি যথেষ্ট সমৰ্থন দেখুৱাইছে আৰু মই নিশ্চিত যে এতিয়া যেতিয়া তেওঁলোকৰ গুৰুত্বপূৰ্ণ তাৰিখ আৰু স্থান আছে, গতিকে তেওঁলোকে ইয়াৰ প্ৰতি নিজৰ সমৰ্থন দিব ৷ মহিলা ক্ৰিকেট আমাৰ দৃষ্টিভংগীৰ আগশাৰী আৰু আমি বিশ্বাস কৰোঁ যে এই দুখন আগন্তুক প্ৰতিযোগিতাই শেহতীয়া বছৰবোৰত আমি গঢ়ি তোলা অবিশ্বাস্য গতি বজাই ৰখাই নহয়, ইয়াক আৰু অধিক উচ্চতালৈ লৈ যাব ৷”

Brahmaputra water: চীনে ব্ৰহ্মপুত্ৰক ভেটিলে পৰিস্থিতি কেনে হ’ব ? উত্তৰ দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

Brahmaputra water: চীনে ব্ৰহ্মপুত্ৰক ভেটিলে পৰিস্থিতি কেনে হ’ব ? উত্তৰ দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই
Brahmaputra water: চীনে ব্ৰহ্মপুত্ৰক ভেটিলে পৰিস্থিতি কেনে হ’ব ? উত্তৰ দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

চীনে ব্ৰহ্মপুত্ৰক ভেটা দিব বুলি বিভিন্ন মহলত চৰ্চা চলি আছে।(Brahmaputra water) চীনে সৃষ্টি কৰিব পৰা এনে বিপদৰ আশংকাই সঁচাকৈয়ে অসম অথবা ভাৰতক ক্ষতিগ্ৰস্ত কৰিব নেকি সেই বিষয়ত মূল্যবান মন্তব্য আগবঢ়ালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী শৰ্মাই ব্ৰহ্মপুত্ৰ নদীক লৈ পাকিস্তানৰ শেহতীয়া কল্পনাপ্ৰসূত আতংকক দৃঢ়তাৰে নাকচ কৰি কয় যে চীনে ভাৰতৰ ক্ষতি হ’ব পৰাকৈ ব্ৰহ্মপুত্ৰক নিয়ন্ত্ৰণ কৰিব নোৱাৰে। লগতে কয় যে এনেধৰণৰ আশংকা আতংক বিয়পোৱাৰ লক্ষ্যৰে ৰচনা কৰা এক আখ্যানৰ বাহিৰে আন একো নহয় ।”যদি চীনে ব্ৰহ্মপুত্ৰৰ পানী ভেটা দি ধৰি ৰাখে তেন্তে কি হ’ব?” বুলি পাকিস্তানে সৃষ্টি কৰিব বিচৰা শংকাৰ প্ৰত্যুত্তৰ দি মুখ্যমন্ত্ৰীয়ে এই কথা দৃঢ়তাৰে কয় কয় যে ব্ৰহ্মপুত্ৰৰ পানীৰ অধিকাংশই ভাৰতৰ ভিতৰতে উৎপত্তি হয়, তিব্বত বা চীনৰ পৰা নহয় । ই হৈছে এক বহুলভাৱে প্ৰচাৰিত ভুল বুজাবুজি বা ভুলকৈ উপস্থাপন কৰা বিষয়।

এই সন্দৰ্ভত সামাজিক মাধ্যমত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰীয়ে কয়, “ভাৰতে সিন্ধু জলচুক্তিক নস্যাৎ কৰাৰ পাছত পাকিস্তানে এতিয়া নতুন এক কল্পনাপ্রসূত শংকাৰ সৃষ্টি কৰিব খুজিছে- ‘যদি চীনে ব্ৰহ্মপুত্ৰৰ পানী ভেটা দিয়ে ভাৰতৰ কি হ’ব ?’ ভাৰতৰ একো নহয় ৷ এই ভ্ৰান্ত ধাৰণাসমূহ তথ্যৰ আধাৰত আমি নস্যাৎ কৰিম৷ “মুখ্যমন্ত্ৰীয়ে কয়, “ব্ৰহ্মপুত্ৰই ইয়াৰ মহাবাহু বিশাল ৰূপ ধাৰণ কৰিছে ভাৰততহে ৷ চীনে ব্ৰহ্মপুত্ৰৰ পানীৰ ৩০-৩৫% হে যোগান ধৰে ৷ ইয়াৰে বেছিভাগ হিমবাহ গলি যোৱাৰ পাছত সৃষ্টি হোৱা পানী ৷ আৰু সীমিত তিব্বতীয় উপত্যকাত হোৱা বৰষুণৰ পৰা সৃষ্টি হোৱা পানী । বাকী থকা ৬৫-৭০% ব্ৰহ্মপুত্ৰৰ পানী ভাৰততে সৃষ্টি হৈছে, ভাৰততে বৈছে, এই পানী ব্ৰহ্মপুত্ৰলৈ বৈ আহিছে…।”

ব্ৰহ্মপুত্ৰৰ পানীৰ সিংহভাগ সৃষ্টি হৈছে অৰুণাচল প্ৰদেশ, অসম, নাগালেণ্ড আৰু মেঘালয়ৰ মুষলধাৰ বৰষুণৰ পৰা; সোৱণশিৰি, লোহিত, কামেং, মানস, ধনশিৰি, জীয়া-ভৰলী, কপিলী আদি প্ৰধান উপনৈৰ পৰা; খাচি, গাৰো আৰু জয়ন্তীয়া পাহাৰৰ পৰা; কৃষ্ণাই, ডিগাৰু, কুলসী আদি নৈৰ পৰা বুলিও মুখ্যমন্ত্ৰী শৰ্মাই মন্তব্য কৰে।
ভাৰত-চীন সীমান্ত আৰু অসমৰ ভৈয়াম অঞ্চলত ব্ৰহ্মপুত্ৰৰ পানীৰ প্ৰৱাহৰ তথ্য দাঙি ধৰি মুখ্যমন্ত্ৰীয়ে কয়, “ভাৰত-চীন সীমান্তৰ টুটিঙত ব্ৰহ্মপুত্ৰৰ প্ৰবাহ প্ৰায় ২,০০০-৩,০০০ ঘনমিটাৰ প্ৰতি ছেকেণ্ড ৷ অসমৰ ভৈয়ামত, যেনে গুৱাহাটীত এই প্ৰবাহ বাৰিষাৰ সময়ত ১৫,০০০ৰ পৰা ২০,০০০ ঘনমিটাৰ প্ৰতি ছেকেণ্ডলৈ বৃদ্ধি পায় ৷” সেয়ে ভয়ৰ কোনো কাৰণেই নাই।

Assam Flood: উন্নত হোৱা নাই অসমৰ বান পৰিস্থিতিঃ বানত মৃত্যু ঘটা লোকৰ সংখ্যা ১১ জনলৈ বৃদ্ধি

Assam Flood: উন্নত হোৱা নাই অসমৰ বান পৰিস্থিতিঃ বানত মৃত্যু ঘটা লোকৰ সংখ্যা ১১ জনলৈ বৃদ্ধি
Assam Flood: উন্নত হোৱা নাই অসমৰ বান পৰিস্থিতিঃ বানত মৃত্যু ঘটা লোকৰ সংখ্যা ১১ জনলৈ বৃদ্ধি

মুঠেও উন্নত হোৱা নাই অসমৰ বান পৰিস্থিতিৰ।(Assam Flood) ৰাজ্যৰ ২২খন জিলাৰ ৫ লক্ষাধিক লোকে এতিয়াও বানত ককবকাই আছে। চৰকাৰী তথ্য অনুসৰি এতিয়ালৈকে ৰাজ্যত বানত নিহত লোকৰ সংখ্যা ১১ গৰাকী হৈছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ বুলেটিনত কোৱা হয় যে কিছুদিন পূৰ্বে গুৱাহাটীত ভূমিস্খলন হৈ ৫ জন লোকৰ মৃত্যু হৈছিল ৷

ইয়াৰ লগতে অসমত প্ৰাকৃতিক দুৰ্যোগত মৃত্যু হোৱা লোকৰ সংখ্যা ১১ জনলৈ বৃদ্ধি পাইছে ৷অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ বুলেটিনত প্ৰকাশ কৰা অনুসৰি ২২খন জিলাৰ ৬৫টা ৰাজহ চক্ৰৰ ১,২৫৪খন গাঁৱৰ ৫,১৫,০৩৯জন লোক বানৰ ফলত ক্ষতিগ্ৰস্ত হৈছে । বানৰ ফলত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে শ্ৰীভূমি জিলা (১৯৪১৭২ জন লোক আক্ৰান্ত) ৷

ইয়াৰ উপৰি বানৰ ক্ষতিগ্ৰস্ত আন আন জিলাসমূহ হৈছে কাছাৰ (৭৭,৯৬১ জন), নগাঁও (৬৭,৮৮০), লখিমপুৰ (৪৭,১২৭ জন), হাইলাকান্দি (৩০,২৩৪ জন), ডিব্ৰুগড় (২০,১৭৯ জন), আৰু তিনিচুকীয়া (১৯,২৮৯ জন) । প্ৰধিকৰণে কয় যে, যোৱা ২৪ ঘন্টাত হোজাই জিলাৰ ডবকা ৰাজহ চক্ৰৰ পৰা এজন লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা হৈছে ৷ একে সময়তে হাইলাকান্দি আৰু ডিব্ৰুগড় জিলাৰ দুজন লোক নিৰুদ্দেশ হোৱা বুলি জানিব পৰা গৈছে ।

এইবেলিৰ বানত বানত ৮৪ টা জীৱ-জন্তু মৃত্যু হোৱাৰ বিপৰীতে ৪৬৭৮৫১ জীৱ-জন্তু ক্ষতিগ্ৰস্ত হৈছে আৰু ১২৬১০.২৭ হেক্টৰ কৃষি ভূমি বানত নষ্ট হৈছে ৷নিমাতীঘাট আৰু তেজপুৰত ব্ৰহ্মপুত্ৰ নদী, খোৱাঙত চেনিমাৰীত বুঢ়ীদিহিং, নুমলীগড়ত ধনশিৰি, কামপুৰ, ধৰমতুলত কপিলী আৰু ছোটা বেকৰা, ফুলাৰতাল, এ পি ঘাট আৰু বি পি ঘাটত বৰাক নদী আৰু শ্ৰীভূমিত কুশিয়াৰা নদী বিপদসীমাৰ ওপৰেৰে বৈছে ।

বানাক্ৰান্ত অঞ্চলসমূহত প্ৰশাসন তৰফৰ পৰা উদ্ধাৰ অভিযান অব্যাহত ৰখা হৈছে ৷ বানপীড়িত অঞ্চলত জিলা প্ৰশাসনে স্থাপন কৰা ৩২২টা সাহায্য শিবিৰ ৩১২১২ জন লোকে আশ্ৰয় লৈছে ৷ আনহাতে ১৫৪১৭৭ সাহাৰ্য বিতৰণ কেন্দ্ৰ স্থাপন কৰা হৈছে ৷বানে ৰাজ্যখনৰ আন্তঃগাঁথনিৰো ক্ষতিসাধন কৰিছে ৷ সোমবাৰে বানৰ বাবে ৪৯টা পথ, চাৰিখন দলং আৰু তিনিটা মথাউৰি ক্ষতিগ্ৰস্ত হৈছে।

PM Narendra Modi: জলবন্দী অসমঃ উদ্বিগ্ন প্ৰধানমন্ত্ৰীৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ ফোন, সকলো ধৰণৰ সহায়ৰ লগতে বানাক্ৰান্তৰ পুনৰ সংস্থাপনৰ আশ্বাস মোদীৰ

PM Narendra Modi: জলবন্দী অসমঃ উদ্বিগ্ন প্ৰধানমন্ত্ৰীৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ ফোন
PM Narendra Modi: জলবন্দী অসমঃ উদ্বিগ্ন প্ৰধানমন্ত্ৰীৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ ফোন

অসমত এতিয়া বান।(PM Narendra Modi) ৰাজ্যৰ ২২ খন জিলাৰ প্ৰায় ৫ লাখ লোক বানৰ কবলত পৰিছে, এতিয়ালৈকে মৃত্যু ঘটিছে ১১ জন লোকৰ। অসমৰ বানৰ খবৰে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰিছে। অসমৰ বানকলৈ উদ্বিগ্ন হৈ পৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। সেয়ে মঙলবাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মালৈ ফোন কৰি ৰাজ্যৰ বান পৰিস্থিতিৰ খবৰ লয় প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷ মুখ্যমন্ত্ৰী ড৹ শৰ্মাই সামাজিক মাধ্যম ফেচবুকত এক পোষ্টৰ জড়িয়তে ৰাজহুৱা কৰে এই কথা ৷

মুখ্য়মন্ত্ৰীৰ পোষ্টটো আছিল এনেধৰণৰ- ‘‘কিছু সময় পূৰ্বে মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদী ডাঙৰীয়াই মোক ফোনযোগে অসমৰ সাম্প্ৰতিক বান পৰিস্থিতি সন্দৰ্ভত বিতংভাৱে বুজ লয় আৰু এই বিষয়ত আমি কিছু সময় বাৰ্তালাপ কৰোঁ ৷ অসম তথা চুবুৰীয়া ৰাজ্যসমূহত ধাৰাবাহিকভাৱে বৰষুণ হৈ থকাৰ ফলত বানৰ সৃষ্টি হোৱা তথা বহু লোকৰ জীৱনত কিদৰে ইয়াৰ প্ৰভাৱ পৰিছে সেই বিষয়ে তেখেতক অৱগত কৰোঁ ।

আমাৰ ৰাজ্য চৰকাৰে গ্ৰহণ কৰা সাহায্য অভিযান তথা এই দুৰ্যোগৰে মোকাবিলা কৰাৰ ক্ষেত্ৰত আমি লোৱা পদক্ষেপৰ বিষয়েও তেখেতক অৱগত কৰিলোঁ । মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই অসমৰ বান পৰিস্থিতিক লৈ উদ্বেগ প্ৰকাশ কৰি আমালৈ সহায়-সহযোগিতা আৰু বান আক্ৰান্তৰ পুনৰ সংস্থাপনৰ প্ৰচেষ্টাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ পৰা সম্পূৰ্ণ সমৰ্থনৰ আশ্বাস প্ৰদান কৰিছে । তেখেতৰ পথ প্ৰদৰ্শন আৰু আমাৰ প্ৰতি সহায়ৰ বাবে অসমবাসীৰ হৈ আমি কৃতজ্ঞ হৈ ৰ’ম ৷’’তদুপৰি অসমৰ বান পৰিস্থিতিৰ বাবে প্ৰয়োজনীয় সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে প্ৰয়োজনীয় সহায়ৰ হাত আগবঢ়াবলৈ প্ৰধানমন্ত্ৰীগৰাকী সাজু বুলিও মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে ৷

Pakistani TikTok star Sana Yousaf: পাকিস্তানত টিকটক ষ্টাৰ সনা ইউচুফক হত্যা

Pakistani TikTok star Sana Yousaf: পাকিস্তানত টিকটক ষ্টাৰ সনা ইউচুফক হত্যা
Pakistani TikTok star Sana Yousaf: পাকিস্তানত টিকটক ষ্টাৰ সনা ইউচুফক হত্যা

পাকিস্তানত এক নিৰ্মম কাণ্ড। পাকিস্তানৰ ৰাজধানী ইছলামাবাদত টিকটক ষ্টাৰ সনা ইউচুফক হত্যা কৰে।
গুলীবিদ্ধ হৈ মৃত্যু হয় ষোড়শী সনা ইউছুফ।(Pakistani TikTok star Sana Yousaf)

বাৰদাত চেক্টৰৰ নিজা গৃহত গুলীয়াই হত্যা কৰে সনা ইউছুফক। ইছলামবাদৰ ঘৰত প্ৰৱেশ কৰি গুলীচালনা কৰাৰ অভিযোগ উত্থাপন হৈছে। এজন অচিনাকি ব্যক্তিয়ে ওচৰৰ পৰা গুলীয়াই হত্যা কৰে ছানা ইউছুফক।

৭.৪ লাখৰো অধিক ফ’ল’ৱাৰ্ছ আছিল ১৭ বছৰীয়া সনা ইউছুফৰ। পাকিস্তানৰ সনা ইউছুফে টিকটক কন্টেন্টৰ জৰিয়তে অনুৰাগী গঢ়ি তুলিছিল।

আৰক্ষীৰ প্ৰতিবেদনত কোৱা হৈছে যে হত্যাকাৰীয়ে ঘৰত প্ৰৱেশ কৰি গুলীচালনা কৰাৰ পিছত পলায়ন কৰা বুলি জানিব পৰা গৈছে।

IPL 2025: IPL ২০২৫ৰ চেম্পিয়ন ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু

IPL 2025: IPL ২০২৫ৰ চেম্পিয়ন ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু
IPL 2025: IPL ২০২৫ৰ চেম্পিয়ন ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু

IPL ২০২৫ৰ চেম্পিয়ন ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু।(IPL 2025)

পঞ্জাব কিংছক ৬ ৰানত পৰাস্ত কৰি IPLৰ খিতাপ দখল কৰে RCBৰ।

দ্বিতীয়বাৰলৈ ফাইনেল খেলিও ট্ৰফী জয়ৰ আশা পুৰণ নহ’ল পঞ্জাব কিংছৰ।


১৮ বছৰীয়া প্ৰতীক্ষাৰ অন্তত IPLৰ খিতাপ জয় কৰে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুে।


IPLৰ জয়ৰ পিছতে বিৰাট কোহলিয়ে পত্নী তথা বলীউদৰ জনপ্ৰিয় অভিনেত্ৰী অনুষ্কা শৰ্মাক সাৱটি উচুপি উঠিল।


আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হয় IPLৰ ফাইনেল মেচ।

IPL ২০২৫ৰ খিতাপ অৰ্জন কৰি আৱেগিক হৈ পৰে বিৰাট কোহলী।

ন’ৰৱেৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে ফোনযোগে বাৰ্তালাপ । Sarbananda Sonowal

ন'ৰৱেৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে ফোনযোগে বাৰ্তালাপ । Sarbananda Sonowal
ন'ৰৱেৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে ফোনযোগে বাৰ্তালাপ । Sarbananda Sonowal

ন’ৰৱে, ৩ জুন ২০২৫: sarbananda sonowal । গুৰুত্বপূৰ্ণ চৰকাৰী কাৰ্যসূচীৰ বাবে বৰ্তমান ন’ৰৱে ভ্ৰমণত থকা কেন্দ্ৰীয় বানিজ্য আৰু জলপথ পৰিবহন মন্ত্ৰী তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ সৰ্বানন্দ সোণোৱালে অসমত সৃষ্টি হোৱা বান পৰিস্থিতি লৈ গভীৰ উদ্বিগ্নতা প্ৰকাশ কৰিছে। এই পৰিপ্ৰেক্ষিতত তেওঁ আজি ন’ৰৱেৰপৰাই মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সৈতে ফোনযোগে বাৰ্তালাপ কৰে।

বাৰ্তালাপকালে সোণোৱালে বানৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰৰ পদক্ষেপৰ বিষয়ে খবৰ লৈ মুখ্যমন্ত্ৰীৰ পৰা সামগ্ৰিক পৰিস্থিতিৰ সবিশেষ বুজ লয়। বিশেষকৈ ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত সৃষ্ট হোৱা বান আৰু গৰাখহনীয়া পৰিস্থিতি লৈ তীব্ৰ উদ্বেগ প্ৰকাশ কৰি, ৰাজ্য চৰকাৰে যেন ক্ষিপ্ৰ আৰু ফলপ্ৰসু ব্যৱস্থা গ্ৰহণ কৰে, তাৰ বাবে আহ্বান জনায়।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালক জাননী দিয়ে যে, ৰাজ্য চৰকাৰে বানৰ প্ৰতিৰোধ, সহায় আৰু উদ্ধাৰ কামত সক্ৰিয়ভাৱে তৎপৰতাৰে কাৰ্যন্বয় কৰিছে। দুৰ্যোগ প্ৰশমন বাহিনী ঘটনাস্থলীত সদায় তৎপৰ হৈ আছে আৰু কেন্দ্ৰীয়-ৰাজ্য চৰকাৰৰ মিলিত প্ৰচেষ্টাৰে ৰাইজৰ সহায়ৰ বাবে যাবতীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

সোণোৱালে পৰিস্থিতিৰ গুৰুত্ব উপলব্ধি কৰি যি কোনো কেন্দ্ৰীয় সহায়ৰ প্ৰয়োজন হ’লে নিজে আগবাঢ়ি সহায় কৰিব বুলি আশ্বাস দিয়ে। তদুপৰি, তেওঁ ৰাজ্যবাসীক সাহসিকতাৰে এই প্ৰাকৃতিক দুৰ্যোগৰ সময়খিনি পাৰ কৰিবলৈ উৎসাহ দিয়ে।

এই ফোনালাপৰ জৰিয়তে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ সমন্বিত প্ৰচেষ্টাৰে অসমবাসীৰ কল্যাণৰ বাবে সদায় একেলগে কাম কৰাৰ প্ৰতিশ্ৰুতি পুনৰ প্ৰকাশ পায়।

ইউনিটি মলৰ নিৰ্মাণ পৰিদৰ্শন উদ্যোগ মন্ত্ৰী বিমল বড়াৰ , ছেপ্টেম্বৰত সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা । Bimal Bora

ইউনিটি মলৰ নিৰ্মাণ পৰিদৰ্শন উদ্যোগ মন্ত্ৰী বিমল বড়াৰ , ছেপ্টেম্বৰত সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা । Bimal Bora

গুৱাহাটী, ৩ জুন:
Bimal Bora । অসমৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বড়াই আজি গুৱাহাটী মহানগৰীৰ বেতকুচিত নিৰ্মাণাধীন ইউনিটি মল (একতা মল) পৰিদৰ্শন কৰে। প্ৰায় ২৯৭ কোটি টকা ব্যয়ৰে নিৰ্মাণাধীন এই মলখনৰ ৭৫ শতাংশ কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে বুলি জানিব পৰা গৈছে।

কেন্দ্ৰীয় চৰকাৰৰ পৃষ্ঠপোষকতাত মণিৰাম দেৱান বাণিজ্য কেন্দ্ৰৰ পিছফালে গঢ়ি উঠি থকা এই মলটোৰ চাৰিমহলীয়া মূল গৃহখন ৩২১৫৯ বৰ্গমিটাৰ স্থানত নিৰ্মাণ কৰা হৈছে। ইয়াত বেছমেন্ট, ভূমি মহলা, আৰু ওপৰৰ চাৰিটা মহলা থাকিব।

মলটোৰ বিভিন্ন মহলাত থাকিবলগীয়া ব্যৱস্থা হৈছে:

  • প্ৰথম মহলাত: ৩৬টা বাণিজ্যিক বিপণী
  • দ্বিতীয় মহলাত: ৩৬খন ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চলৰ প্ৰতিনিধিত্ব থকা বিপণী
  • তৃতীয় মহলাত: অসমৰ ৩৫খন জিলাৰ সামগ্ৰী বিক্ৰীৰ বাবে ৩৫খন বিপণী
  • চতুৰ্থ মহলাত: এখন আধুনিক ফুড কৰ্ট

নিয়মীয়া নিৰ্মাণ কৰ্মসূচীৰ অধীনত এন চি চি লিমিটেড নামৰ প্ৰতিষ্ঠানে ২০২৩ চনৰ জুন মাহত কাম আৰম্ভ কৰিছিল। প্ৰকল্পটোৰ নিৰ্মাণ ছেপ্টেম্বৰ মাহৰ ভিতৰত সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে বুলি মন্ত্ৰী বিমল বড়াই সাংবাদিকৰ আগত প্ৰকাশ কৰে। সকলো কাম সময়মতে সম্পূৰ্ণ হ’লে মলখন ডিচেম্বৰ মাহত জনসাধাৰণৰ বাবে মুকলি কৰা হ’ব।

পৰিদৰ্শনৰ সময়ত মন্ত্ৰী বড়াই প্ৰতিটো মহলাত গৈ নিৰ্মাণ প্ৰক্ৰিয়া চালে আৰু সংশ্লিষ্ট বিষয়া আৰু নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ সৈতে মতবিনিময় কৰে। তেওঁ মলটোত উপলব্ধ হ’বলগীয়া সুবিধাসমূহৰ বিষয়ে পৰিপূৰ্ণ অৱগত হয়।

এই পৰিদৰ্শনত উদ্যোগ বিভাগৰ যুটীয়া সচিব তথা মন্ত্ৰী গৰাকীৰ বিশেষ কৰ্তব্য বিষয়া ৰাজীৱ থাপা, বিভাগৰ জ্যেষ্ঠ বিষয়া আৰু লোক নিৰ্মাণ বিভাগৰ প্ৰতিনিধিসকলো উপস্থিত থাকে।

উল্লেখযোগ্য যে, মলটো সম্পূৰ্ণ হ’লে ৰাজ্যৰ কৃষি, হস্ততাঁত, হস্তশিল্প, খাদ্য প্রক্রিয়াকৰণ আদি খণ্ডৰ উৎপাদক আৰু শিল্পীসকলৰ বাবে এটি বৃহৎ বজাৰ মুকলি হ’ব, যাৰ জৰিয়তে অসমৰ স্থানীয় সামগ্ৰীৰ জাতীয় তথা আন্তঃৰাষ্ট্ৰীয় স্তৰত প্ৰচাৰ-বিপণনৰ এক নতুন দিগন্ত আৰম্ভ হ’ব বুলি আশা প্ৰকাশ কৰা হৈছে।

নাজিৰাৰ চকীমুখ হাইস্কুলৰ অন্যতম প্ৰতিষ্ঠাপক সত্যেন্দ্ৰ নাথ বৰঠাকুৰক উষ্ম সম্বৰ্ধনা । Nazira

নাজিৰাৰ চকীমুখ হাইস্কুলৰ অন্যতম প্ৰতিষ্ঠাপক সত্যেন্দ্ৰ নাথ বৰঠাকুৰক উষ্ম সম্বৰ্ধনা । Nazira

নাজিৰা, ৩ জুন:Nazira । নাজিৰাৰ চকীমুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অন্যতম প্ৰতিষ্ঠাপক আৰু বিদ্যালয়ৰ প্ৰাৰম্ভিক যুগৰ কৰ্মনিষ্ঠ সহায়ক সত্যেন্দ্ৰ নাথ বৰঠাকুৰক আজি তেখেতৰ ৯৫ বছৰ বয়সত বিদ্যালয় পৰিয়ালৰ তৰফৰ পৰা উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

১৯৭১ চনত অসম চৰকাৰৰ শ্বিলঙস্থিত পৰিসংখ্যা বিভাগত বিষয়া পদত কৰ্মৰত অৱস্থাত চাকৰি ত্যাগ কৰি, সত্যেন্দ্ৰ নাথ বৰঠাকুৰে চকীমুখত হাইস্কুল প্ৰতিষ্ঠাৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছিল। বিদ্যালয়খনৰ আৰম্ভণিৰ পৰাই তেওঁ শিক্ষক আৰু কাৰ্যালয়ৰ সহায়ক হিচাপে একে সময়তে নিষ্ঠাৰে দায়িত্ব পালন কৰিছিল। তেওঁ ১৯৯১ চনৰ ৩১ জুলাইত জ্যেষ্ঠ কাৰ্যালয় সহায়ক হিচাপে অৱসৰ গ্ৰহণ কৰে।

তেখেতৰ বাসগৃহ, নাজিৰাৰ ৰজাপুলত অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ সম্বৰ্ধনা অনুষ্ঠানটো বিদ্যালয়ৰ অধ্যক্ষা ৰেণু গোৱালাই আঁতধৰে। উপস্থিত থাকে বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী, পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভানেত্ৰী অসমী গগৈ বৰুৱা, নাজিৰা-শিমলুগুৰি উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ ডঃ অজয় লাল বৰুৱা, নাজিৰা মহাবিদ্যালয়ৰ অধ্যাপক ৰাজীৱ বৰা, সুজাতা বৰঠাকুৰ, গজেন্দ্ৰ শৰ্মা, লগতে নাজিৰা শংকৰদেৱ বিদ্যা নিকেতনৰ প্ৰধানাচাৰ্য গোপাল বৰুৱা আদি গুণমুগ্ধ ব্যক্তি।

সকলোৱে সত্যেন্দ্ৰ নাথ বৰঠাকুৰৰ শিক্ষা প্ৰতি অবিচল নিষ্ঠা, আত্মত্যাগ আৰু বিদ্যালয়ৰ গঠনকালীন সময়ত তেখেতৰ অবদানৰ প্ৰশংসা কৰে। এই সম্বৰ্ধনা অনুষ্ঠানৰ জৰিয়তে এগৰাকী নিঃস্বাৰ্থ সমাজসেৱী আৰু শিক্ষানুৰাগীক প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে চকীমুখ বিদ্যালয় পৰিয়ালে।