‘অপাৰেচন সিন্দুৰ’। সন্ত্ৰাসবাদ নিৰ্মূলৰ বাবে(Operation Sindoor) ভাৰতীয় সশস্ত্ৰ বাহিনীৰ এই পদক্ষেপৰ পিছত মহাৰাষ্ট্ৰ চৰকাৰে এক নতুন পদক্ষেপ গ্ৰহণ কৰিছে। ৰাজ্যৰ বিদ্যালয় শিক্ষা মন্ত্ৰী দাদা ভূছে দেশপ্ৰেম, অনুশাসন আৰু শাৰীৰিক ব্যায়ামৰ অভ্যাস গঢ়ি তোলাৰ বাবে ৰাজ্যৰ বিদ্যালয়সমূহত প্ৰথম শ্ৰেণীৰ পৰা সামৰিক প্ৰশিক্ষণ প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে।
মহাৰাষ্ট্ৰ চৰকাৰৰ এই পদক্ষেপক দেশৰ প্ৰথমখন ৰাজ্য হিচাপে ঘোষণা কৰি শিক্ষামন্ত্ৰীগৰাকীয়ে কয়, ‘ছাত্ৰ-ছাত্ৰীৰ মাজত দেশপ্ৰেম জগাই তোলা আৰু অনুশাসিত কৰি তোলাৰ বাবে বিদ্যালয়ত প্ৰথম শ্ৰেণীৰ পৰা ছাত্ৰ-ছাত্ৰীক সামৰিক প্ৰশিক্ষণ দিয়াৰ সিদ্ধান্ত লোৱা হৈছে। ইয়াৰ বাবে দেশৰ অৱসৰপ্ৰাপ্ত সেনা বিষয়াৰ সহায় লোৱা হ’ব।
এই নিয়ম কাৰ্যকৰী হ’লে পঢ়া-শুনাৰ লগতে ল’ৰা-ছোৱালীৰ ভৱিষ্যতও উজ্জ্বল হ’ব।’ শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰেও এই পৰিকল্পনা কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত কেইটামান পদক্ষেপ আগুৱাই লৈ গৈছে।শিৱসেনাৰ নেতা তথা মন্ত্ৰী দাদা ভূছে কয় যে সাধাৰণ সামৰিক প্ৰশিক্ষণত যাতে কোনো অসুবিধা নাথাকে তাৰ বাবে ক্ৰীড়া শিক্ষক, এন চি চি, স্কাউটৰ লগতে বিদ্যালয়সমূহত ২.৫ লাখ প্ৰাক্তন সেনা জোৱান নিযুক্তি দিব।
এই প্রস্তাৱ ইতিমধ্যে মুখ্যমন্ত্রী দেৱেন্দ্র ফদনবিছৰ ওচৰত দাখিল কৰা হৈছে বুলি শিক্ষামন্ত্রীগৰাকীয়ে কয়৷ তেওঁ দাবী কৰে যে মুখ্যমন্ত্ৰীয়ে এই প্ৰকল্পৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিছে। লগতে ৰাজ্যৰ বিদ্যালয়সমূহত অতি সোনকালে বাধ্যতামূলক সামৰিক প্ৰশিক্ষণ প্ৰৱৰ্তন হোৱাটোও তেওঁ বিচাৰে।


















