Lucky Sign on body: ভাগ্যৱান পুৰুষ-মহিলাক কেনেকৈ চিনিব ?
শৰীৰত এনে কিছুমান চিন থাকে যাৰ বাবে ব্যক্তিজন অতি ভাগ্যৱান হয়।(Lucky Sign on body) যিসকল মহিলা বা পুৰুষৰ শৰীৰত এই ভাগ্যৰ চিন থাকে, তেওঁলোক ধনী হয় আৰু লগতে অতি জনপ্ৰিয় হয়।
শৰীৰৰ বিভিন্ন অংশৰ গঠন, ৰং, চিহ্ন, তিল আদিৰ জৰিয়তে লাভ কৰা শুভ আৰু অশুভ সংকেতৰ বিষয়ে সমুদ্ৰিক শাস্ত্ৰত কৈছে। শৰীৰত থকা এই চিনবোৰৰ পৰা অনুমান কৰিব পাৰি যে ব্যক্তিজনৰ আৰ্থিক অৱস্থা, কেৰিয়াৰ, বিবাহ জীৱন, স্বাস্থ্য কেনেকুৱা হ’ব। তেওঁৰ ভাগ্যই তেওঁক সমৰ্থন কৰিব নে নকৰে-
অতিশয় শুভ ৰাশিৰ কথা ক’লে চক্ৰ, মাছ, পতাকা, শংখৰ চিন থকা লোকে বহু খ্যাতি আৰু ধন-সম্পত্তি লাভ কৰে। আনহাতে ভৰিৰ তলুৱাত পদ্ম, ৰথ, চক্ৰৰ ৰাশিয়ে ব্যক্তিজনক যথেষ্ট জনপ্ৰিয়তা প্ৰদান কৰে। এনে লোকে আধ্যাত্মিকতা, ৰাজনীতিত অতি উচ্চ পদবী লাভ কৰি সমগ্ৰ বিশ্বতে বিখ্যাত হয়।
ভাগ্যৱান পুৰুষৰ শাৰীৰিক বৈশিষ্ট্য-
সমুদ্ৰিক শাস্ত্ৰৰ মতে, এজন ব্যক্তিৰ হাতৰ তলুৱাত এটা তিল থকিলে তেওঁক ভাগ্যৱান বুলি কোৱা হয়।
অসমৰ কাৰ্বি আংলঙ জিলাৰ(Binita Chetry) এখন সৰু চহৰ বুকাজানৰ ৯ বছৰীয়া কণ্যা বিনিতা ছেত্ৰীয়ে ব্ৰিটেইনৰ গট টেলেণ্ট (BGT) ২০২৫ চনৰ গ্ৰেণ্ড ফিনেলত দ্বিতীয় ৰানাৰ-আপ হোৱাৰ গৌৰৱ অর্জন কৰি আন্তঃৰাষ্ট্ৰীয় পৰিসৰত ভাৰতীয় উপমহাদেশৰ প্ৰতিনিধিত্ব কৰি এক ঐতিহাসিক কৃতিত্ব অর্জন কৰিছে। ৩১ মে তাৰিখে অনুষ্ঠিত এই বিশ্ব বিখ্যাত ৰিয়েলিটী শ্ব’ৰ ফাইনেলত অংশগ্ৰহণ কৰা বিনিতা, ভাৰতৰ পৰা ফাইনেলত স্থান লাভ কৰা প্ৰথম প্ৰতিযোগী হিচাপে ইতিহাসত স্থান লাভ কৰিছে।
বুকাজানৰ এখন সৰু গাঁৱৰ পৰা ব্ৰিটেইনৰ বৃহৎ মঞ্চলৈ বিনিতাৰ এই যাত্ৰা—স্বপ্ন, নিষ্ঠা, অধ্যৱসায় আৰু আত্মবিশ্বাসৰ এক উজ্জ্বল প্ৰতীক। বিনীতাই গঢ়ি তোলা এই ইতিহাসে বহুতো আগন্তুক প্ৰজন্মক প্ৰেৰণা যোগাব ।
Baba Vanga Predictions 2025: ২০২৫ৰ আগন্তুক ৭ মাহ বিলাসীতাত কটাব ৫ৰাশিৰ লোকে !
মহান বাবা ভাংগাই ২০২৫ বৰ্ষৰ বাবে বহু গুৰুত্বপূৰ্ণ ভৱিষ্যদ্বাণী কৰিছে। ইয়াৰ লগতে এই বছৰ কোনবোৰ ৰাশিৰ বাবে বিশেষ হ’ব সেই কথাও কৈছে।(Baba Vanga Predictions 2025)
১৯১১ চনত বুলগেৰিয়াত জন্মগ্ৰহণ কৰা বাবা ভাংগাই অতি কম বয়সতে অসুস্থতাৰ বাবে চকুৰ দৃষ্টিশক্তি হেৰুৱাইছিল। পিছত তেওঁ ভৱিষ্যদ্বাণী কৰিবলৈ ল’লে আৰু সেইবোৰ সঁচা হ’বলৈ ধৰিলে। ইয়াৰ পিছতে তেওঁৰ খ্যাতি পৃথিৱীত বিয়পি পৰিল। বৰ্তমান বাবা ভাংগা আৰু নাই যদিও তেওঁৰ ভৱিষ্যদ্বাণীবোৰ দশক দশকৰ পাছতো সঁচা হৈ আছে।
বাবা ভাংগাই ২০২৫ বৰ্ষৰ বাবেও বহু ভৱিষ্যদ্বাণী কৰিছে। তেওঁৰ ভৱিষ্যদ্বাণী অনুসৰি ২০২৫ চনটো কিছুমান ৰাশিৰ বাবে অতি বিশেষ। কোনবোৰ ৫টা ৰাশিৰ বাবে আগন্তুক ৭ মাহ ভাল হ’ব জানি লওঁ আহক।