Home Blog Page 2390

দুধৰ্ষ গাড়ী চোৰ আনোৱাৰ হুছেইন ওৰফে বগা পলাশবাৰী আৰক্ষীৰ জালত…

দুধৰ্ষ গাড়ীচোৰ আনোৱাৰ হুছেইন ওৰেফে বগা কিছুদিন পূৰ্বে আৰক্ষীয়ে ভৰিত গুলিয়াই আহত কৰাৰ লগতে জেল হাজোতলৈ প্ৰেৰণ কৰিছিল। জেলৰ পৰা মুকলি হৈয়ে আকৌ গাড়ী চুৰি কৰি পলাশবাৰী আৰক্ষীৰ জালত পৰিল দুধৰ্ষ গাড়ীচোৰ বগা ওৰেফে আনোৱাৰ হুছেইন। জানিবপৰামতে যোৱা ৯ এপ্ৰিলৰ নিশা পলাশবাৰী নগৰ আৰক্ষী চকীৰ সহ: উপ পৰিদৰ্শক মনমোহন দাসৰ নেতৃত্বত আৰক্ষীৰ  এটি দলে পলাশবাৰী-হুদুমপুৰ পথত তহল দি আছিল। তেনে অৱস্থাত তিনিজন অচিনাকী যুৱকে দুখন মটৰ চাইকেল ৰখাই কথা পাতি আছিল। আৰক্ষীৰ গাড়ী দেখা পাই যুৱক তিনিজনে মটৰ চাইকেল দুখন এৰি থৈ পলায়ণ কৰে।

পিছত আৰক্ষীয়ে যুৱক তিনিজনৰ পিছে পিছে খেদি গৈ দুধৰ্ষ গাড়ী চোৰ আনোৱাৰ হুছেইন ওৰেফে বগাক কৰায়ত্ত কৰাৰ লগতে দুখন পালচাৰ মটৰ চাইকেল জব্দ কৰে। বাকী দুটা চোৰ এন্ধাৰৰ সুযোগ লৈ পলায় যাবলৈ সক্ষম হয়। জব্দকৃত কলা, নীলা ৰঙৰ ২২০ পালচাৰ মটৰ চাইকেল দুখন নলবাৰী আৰু জালুকবাৰীৰ পৰা চুৰ কৰি অনা বুলি পলাশবাৰী নগৰ আৰক্ষী চকীৰ সহ: উপ পৰিদৰ্শক মনমোহন দাসে জানিবলৈ দিয়ে। ঘটনা সন্দৰ্ভত ভাৰতীয় দণ্ডবিধি আইনৰ  ৩৭০/৪১১ ধাৰাত ১৪৭/২২ নং  এক গোচৰ ৰুজু কৰি আজি দুধৰ্ষ গাড়ীচোৰ বগাক জেল হাজোতলৈ প্ৰেৰণ কৰে।

জামুগুৰিহাটত মহিলাৰ দ্বাৰা অনুষ্ঠিত বহাগী মেলা…

হেপাঁহৰ বহাগ বিহুলৈ হাতত মাথো আৰু দুটা দিন বাকী থকা অৱস্থাত জামুগুৰিহাটত সোমবাৰে মহিলাৰ দ্বাৰা অনুষ্ঠিত হৈছে এখন বজাৰ । যত উপলব্ধ  হৈছে চিৰা , পিঠা, দৈ, ক্ৰীমকে ধৰি বিহুৰ সকলোবোৰ সামগ্ৰী । অসম ৰাজিক গ্ৰামীণ জীৱিকা অভিযান নদুৱাৰ খণ্ড অভিযান পৰিচালনা শাখাৰ উদোগত অনুষ্ঠিত হোৱা এই অসমী বহাগী মেলাত নদুৱাৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত দহটা গাঁও পঞ্চায়তৰ মহিলা আত্মসহায়ক গোটৰ সদস্য সকলে তৈয়াৰ কৰা বিহুৰ জা- জলপান সমূহ বিক্ৰী কৰা হয় ।

মহিলাৰ দ্বাৰা অনুষ্ঠিত হোৱা এই বজাৰ খনত যথেষ্ট ক্ৰেতাৰ ভীৰ পৰিলক্ষিত হয় ।দুদিন ধৰি অনুষ্ঠিত  হ’ব লগা এই মেলাখন আজি ৰঙা ফিটা কাটি শুভ উদ্বোধন কৰে স্থানীয় বিধায়ক পদ্ম হাজৰিকাই ।

জলেশ্বৰৰ প্ৰাক্তন বিধায়ক মইনউদ্দিন আহমেদৰ বিজেপিত যোগদান…

দ’ল বাগাৰা ৰাজনীতিৰ ফলত পুনৰ অসম প্ৰদেশ কংগ্ৰেছ দল মোক্ষম আঘাটত জড়জৰিত হ’ল।পুনৰ কংগ্ৰেছ দল ত্যাগ কৰিলে এগৰাকী কংগ্ৰেছী তথা দলৰে প্ৰাক্তন বিধায়কে। উল্লেখ্য যে ; জলেশ্বৰ বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক মইন উদ্দিন আহমেদে যোৱা ৮ এপ্ৰিল তাৰিখে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰে। ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰি মইন উদ্দিনে প্ৰকাশ কৰে যে ; ভাৰতীয় জনতা পাৰ্টীৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ সৰ্বাংগীন উন্নতিৰ স্বাৰ্থত তেওঁ বি জে পিত যোগদান কৰে।

ইফালে মইন উদ্দিন আহমেদে জনোৱা মতে কংগ্ৰেছে সংকীৰ্ণ ৰাজনীতিৰে বিভেদ সৃষ্টি কৰে। আজি ভাৰতীয় জনতা পাৰ্টীৰ অসম প্ৰদেশৰ মুখ্য কাৰ্যালয়ত দলটোৰ ৰাজ্যিক সভাপতি ভবেশ কলিতা ; সম্পাদক খনীন্দ্ৰ নাথ শৰ্মা আৰু জি এম ডিৰ অধ্যক্ষ নাৰায়ণ ডেকাৰ উপস্থিতিত যোগদান কাৰ্য্যসূচী সম্পন্ন কৰে।

মেৰাপানীত পেগু অপৃনৰ তৃতীয় ত্ৰি-বাৰ্ষিক অধিৱেশন…

মিচিং সমাজৰ সৰ্ববৃহৎ গোত্ৰ তাকাম পেগু অপৃন ( সদৌ পেগু মহাসভা) ৰ তৃতীয় ত্ৰি-বাৰ্ষিক অধিৱেশনখন গোলাঘাট জিলাৰ মেৰাপানীৰ গমাৰিগুৰিত কালি সফল সামৰণি পৰিছে ৷ গমাৰীগুৰিৰ পুলি বাগানস্হিত তাকাম দৈয়াং মৃৰং উকুম লত্তাত ৮,৯ আৰু ১০ এপ্ৰিলত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা অধিৱেশনখনৰ তিনিওটা দিনেই গুমৰাগ নত্যৰ ছন্দোবদ্ধ গতিত মুখৰিত হৈ পৰে তাকাম দৈয়াং মৃৰং উকুম লত্তাৰ চৌদিশ ৷ কাৰ্যসূচী অনুযায়ী অধিৱেশনখনৰ প্ৰথম দিনা পুৱা সামূহিক চাফাই অভিযান শুভাৰম্ভ কৰে তাকাম পেগু অপৃন মহাসভাৰ তৃতীয় ত্ৰি-বাৰ্ষিক অধিৱেশনৰ অভ্যৰ্থনা সমিতিৰ সম্পাদক ৰাজু পেগুৱে ৷ ৮ বজাত গছপুলি ৰোপন কাৰ্যসূচী শুভাৰম্ভ কৰে বন বিষয়া সিন্দুমণি পেগু আৰু শিক্ষক বিজু কুমাৰ পেগুৱে ৷ ৯ বজাত পৰম্পৰাগত খাদ্য মেলাৰ দ্বাৰ মুকলি কৰে সমবায় বিভাগৰ অৱসৰপ্ৰাপ্ত পৰিদৰ্শক বিনোদ পেগুৱে ৷ ১০ বজাত চিত্ৰাংকন,আকস্মিক বক্তৃতা আৰু কবিতা আবৃত্তি প্ৰতিযোগিতা উদ্বোধন কৰে নাজমিন পেগুৱে ৷ নিশা সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰে গোলাঘাট জিলাৰ আই টি ডি পিৰ অধ্যক্ষ বিশ্ব পেগুৱে ৷ অধিৱেশনৰ দ্বিতীয় দিনা পুৱা ৭ বজাত চাফাই অভিযান শুভাৰম্ভ কৰে অভ্যৰ্থনা সমিতিৰ যুটীয়া সম্পাদক মিলন সিং পেগুৱে ৷ ৮ বজাত শ্ৰদ্ধাঞ্জলী অনুষ্ঠান আৰম্ভ কৰা হয় ৷ আঁত ধৰে অনন্ত পেগুৱে ৷

পুৱা ১১ বজাত দূৰদূৰণিৰ অতিথি সকলক আদৰণি জনোৱা হয় ৷ নেতৃত্ব দিয়ে শেখৰ পেগুৱে ৷ বিয়লি ১ বজাত প্ৰতিনিধি পঞ্জীয়ন, ৩ বজাত তাকাম পেগু অপৃন মহাসভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সমিতিৰ অন্তিম কাৰ্যনিৰ্বাহক বৈঠক অনুষ্ঠিত হয় ৷ ৪ বজাত প্ৰতিনিধি সভা মুকলি কৰে অভ্যৰ্থনা সমিতিৰ সভাপতি দিনেশ পেগুৱে ৷ নিশালৈ শিল্পী অই আপ্পুন গণেশ পেগু সোঁৱৰণি সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত কৰে ৷ উদ্বোধন কৰে অভ্যৰ্থনা সমিতিৰ সাংস্কৃতিক সম্পাদক হিৰণ্য পেগুৱে ৷ অধিৱেশনৰ অন্তিম দিনা পুৱা ৬ বজাত চাফাই অভিযান শুভাৰম্ভ কৰে কতন পেগুৱে ৷ ৮ বজাত পতাকা উত্তোলন কৰে তাকাম পেগু অপৃন মহাসভাৰ সভাপতি দেবিৰাম পেগুৱে ৷ ৯ বজাত স্মৃতিচাৰণ অনুষ্ঠান শুভাৰম্ভ কৰে অজিত পেগুৱে ৷ ৯-৩০ বজাত সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয় ৷ সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে অভ্যৰ্থনা সমিতিৰ কাৰ্যকৰী সভাপতি জয়দেৱ পেগু আৰু তেওঁক সহযোগ কৰে কাৰ্যকৰী সদস্য এন্টনি পেগুৱে ৷ দুপৰীয়া ১২ বজাত মুকলি সভা অনুষ্ঠিত কৰা হয় ৷ সভিপতিত্ব কৰে তাকাম পেগু অপৃন মহাসভাৰ কেন্দ্ৰীয় সভাপতি দেবিৰাম পেগুৱে ৷ ইয়াৰ পূৰ্বে শিল্পী হিৰণ্য পেগুৰ নেতৃত্বত আৰম্ভণি গীত পৰিৱেশন কৰা হয় ৷ ইয়াৰ পিছতে মুকলি সভা অনুষ্ঠিত হয় ৷ মুকলি সভাত বহু স্বনামধন্য ব্যক্তি, গৱেষক আৰু লেখক উপস্থিত থাকে ৷


পেগু অপৃন মহাসভাৰ অধিৱেশন উপলক্ষে প্ৰকাশিত ‘পেঃগু’ স্মৃতগ্ৰন্হ উন্মোচন কৰে অৱসৰপ্ৰাপ্ত চিকিৎসক তথা চলচিত্ৰ নিৰ্মাতা ডাঃ কৃপানাথ পেগুৱে ৷ আটকধুনীয়া গ্ৰন্থখন সম্পাদনা কৰিছে মুখ্য সম্পাদক অনন্ত পেগু আৰু সম্পাদক অজিত কুমাৰ পেগুৱে ৷ প্ৰকাশক হৈছে অসম চৰকাৰৰ ভৈয়াম জনজাতি উন্নয়ন পৰিষদৰ অৱসৰপ্ৰাপ্ত জেষ্ঠ প্ৰৱন্ধক দিনেশ পেগুৱে ৷ নিশালৈ বিশিষ্ট লেখিকা তথা চলচিত্ৰ নিৰ্মাতা, বিদ্যালয় সমূহৰ পৰিদৰ্শক নিৰদা দলে পেগুৰ সোঁৱৰণি সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত হয় ৷ সাংস্কৃতিক নিশাৰ কাৰ্যসূচী উদ্বোধন কৰে অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত সাংস্কৃতিক সঞ্চালক, গৱেষক ড° পবিত্ৰ কুমাৰ পেগুৱে ৷ সাংস্কৃতিক অনুষ্ঠানত কুকিলকণ্ঠী গায়িকা দিপ্তিৰাণী পেগুৰ লগতে নৱপ্ৰজন্মৰ বহু গায়ক-গায়িকাই গীত পৰিৱেশন কৰে ৷ ইপিনে প্ৰতিনিধি সভাৰ তীব্ৰ বাক-বিতাণ্ডা, চিঞৰ-বাখৰৰ অন্তত পেগু অপৃন মহাসভাৰ নতুন কেন্দ্ৰীয় সমিতিখন গঠন কৰা হয় ৷ এইমতে দিনেশ পেগুক সভাপতি, হেমন্ত পেগু, তুলেশ্বৰী পেগুক উপসভাপতি, দিলীপ পেগুক সাধাৰণ সম্পাদক, ভগীৰথ পেগু, অনিল পেগুক সহকাৰী সম্পাদক, ডাঃ পদ্মেশ্বৰ পেগুক কোষধ্যক্ষ, দীপ কুমাৰ পেগুক সাংস্কৃতিক সম্পাদক, ফুলেশ্বৰ পেগুক সহকাৰী সংস্কৃতিক সম্পাদক, দিনবৰ পেগু, উমানন্দ পেগু, তৰুণ পেগু, অনিমা পেগুক সাংগঠনিক সম্পাদক আৰু নীলেশ্ব পেগুক আলোচনী সম্পাদক হিচাপে মনোনীত কৰা হয় ৷ আনপিনে সমিতিখন পিছত আৰু অধিক পদবী অন্তৰ্ভুক্ত কৰাৰ সম্ভাৱনা আছে ৷

কবি নীলমণি ফুকনে গ্ৰহণ কৰিলে জ্ঞানপীঠ বঁটা…

  • কাব্যঋষি নীলমণি ফুকনলৈ ২০২১ বৰ্ষৰ জ্ঞানপীঠ বঁটা।

  • সোমবাৰে ৰবীন্দ্ৰ ভৱনত প্ৰদান কৰা হয় এই বঁটা।

  • অসমীয়া সাহিত্য জগতৰ বাবে আজি এটা বিশেষ দিন।

  • মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰদান কৰিলে এই বঁটা।

  • জ্ঞানপীঠ বঁটা গ্ৰহণ কৰিয়েই মনৰ অনুভৱ ব্যক্ত কৰিলে নীলমণি ফুকনে।

  • কাব্যঋষিয়ে ক’লে ”মানুহতকৈ কোন আছে, কোনোবা যদি দেৱতা আছে তেৱোঁ মানুহ”।

  • প্ৰথমবাৰৰ বাবে অসমত প্ৰদান কৰা হয় এই বঁটা।

‘ভাৰতবৰ্ষৰ ঐক্যত আঘাত সানি দেশখনক টুকুৰা-টুকুৰ কৰিব বিচাৰিছে BJPয়ে’- সাংসদ অজিত কুমাৰ ভূঞা

ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাৰ সংবাদেমল

অসম তথা উত্তৰ-পূৰ্বাঞ্চলত দশম শ্ৰেণীলৈকে হিন্দী ভাষাক বাধ্যতামূলক কৰা সন্দৰ্ভত মন্তব্য ভূঞাৰ

পূৰ্বৰে পৰা RSSৰ হিন্দী,হিন্দু আৰু হিন্দুস্তানীৰ দৰ্শন BJPয়ে প্ৰয়োগ কৰি আহিছে

ভাৰতবৰ্ষৰ ঐক্যত আঘাত সানি দেশখনক টুকুৰা-টুকুৰ কৰিব বিচাৰিছে BJPয়ে

অসম তথা উত্তৰ-পূবৰ নেতৃত্বক দুৰ্বল আখ্যা। কেৱল দিল্লীৰ কথামতেই সকলোখিনি মানি লোৱাৰ অভিযোগ

জাতীয় দল-সংগঠনসমূহকো সমালোচনা ভূঞাৰ

দল-সংগঠন আৰু চৰকাৰৰ দুৰ্বলতাৰ সুযোগ পাই অমিত শ্বাহে এনে সিদ্ধান্ত ল’ব পাৰিছে

এই কাৰ্যই অসমীয়া ভাষা সংস্কৃতিক দুৰ্বল কৰি ধ্বংসমুখী কৰিব

উত্তৰ ভাৰতৰ সংস্কৃতি আমদানি কৰাৰ বাবেই এয়া কৰা হৈছে, এয়া সৰ্বনাশী সিদ্ধান্ত

কোনো মানুহে বহিঃৰাজ্যত চাকৰি কৰিবলৈ হিন্দী জনাটো বাধ্যতামূলক

আগন্তুক অধিৱেশনত সংসদৰ মজিয়াত এই সমগ্ৰ বিষয় সজোৰে উত্থাপন কৰিব অজিত ভূঞাই

হিন্দী বাধ্যতামূলক কৰা এই কাৰ্য “সাংস্কৃতিক সন্ত্ৰাসবাদ”ৰ বাহিৰে একো নহয়

মানিমুনি শাকৰ গুণাগুণৰ বিষয়ে পঢ়ক

মানিমুনি এবিধ বনৌষধি উদ্ভিদ ৷ ইয়াৰ বৈজ্ঞানিক নাম চেনটেলা ত্ৰিছয়াটিকা ৷ এইবিধ উদ্ভিদ সাধাৰণতে জেকা সেমেকা মাটিত হোৱা জলজ উদ্ভিদ ৷ ই একেলগে থূপ পাতি থাকে ৷ গা-গছৰ ঠাৰিডাল দীঘল হয় ৷ ফুলনিৰ বাগিচা, জলাশয় বা পুখুৰীৰ পাৰ আদিত ইয়াক সহজে পোৱা যায় ৷ ইয়াৰ পাতবোৰ খাজ কটা, সৰু, মিহি ৷ বৰ্তমান ঋতুত অতি সুলভ মানিমুনি শাক আমাৰ শৰীৰৰ বাবে খুবেই দৰকাৰী ৷ বিশেষকৈ, পেটৰ যিকোনো বেমাৰৰ বাবে ই এবিধ মহৌষধ হিচাপে কাম কৰে ৷ মানিমুনি শাকৰ ৰস নিয়মীয়াকৈ খালে পেটৰ অসুখত কোনোদিনে ভুগিব নালাগে ৷ কেৱল মাত্ৰ পেটৰ অসুখতে নহয়, আলচাৰ, হাপানিৰ লগতে চৰ্ম ৰোগৰ বাবেও মানিমুনি শাক খুবেই অত্যাৱশ্যকীয় পথ্য ৷ মানিমুনি শাকে মস্তিষ্কৰ কোষবোৰ গঠনত সহায় কৰে ৷ বিভিন্ন কাৰণত আমাৰ শৰীৰৰ মৃত কোষৰ বাবে ছালখন শুকান হ’বলৈ ধৰে, মানিমুনি শাকৰ ৰসে মৰিবলৈ ধৰা কোষবোৰ পুনৰ গঠন কৰি ছালখন সজীৱ কৰি তোলে ৷ মানিমুনি শাকে স্নায়ুতন্ত্ৰ সক্ৰিয় কৰি তোলাত সহায় কৰে ৷

এইবিধ শাক খালে আমাৰ চুলি পকা, সৰা আদি বন্ধ হয় ৷ দেহত কোনো পুৰণি ক্ষতস্থান থাকিলে ইয়াৰ ৰস ব্যৱহাৰ কৰিলে নিৰাময় পোৱা যায় ৷ মানিমুনি ৰসে স্বাস্থ্য সতেজ কৰাৰ উপৰি আমাৰ যৌৱন ধৰি ৰখাতো সহায় কৰে ৷ আমি পৰাপক্ষত মানিমুনি শাক খাই আমাৰ শৰীৰক সুস্থ-সতেজ কৰি ৰাখিব পাৰোঁ ৷

দক্ষিণৰ চুপাৰষ্টাৰৰ মহেশ বাবুয়ে বলীউডত কাম কৰিব কিয় নিবিচাৰে

দক্ষিণৰ চুপাৰষ্টাৰৰ মহেশ বাবুয়ে বলীউডত কাম কৰিব নিবিচাৰে। মহেশ বাবুয়ে হায়দৰাবাদৰ এটা অনুষ্ঠানত বক্তব্য ৰাখে তেলেগু চুপাৰষ্টাৰ মহেশ বাবু এখন ৰাজহুৱা অনুষ্ঠানত অংশ ল’বলৈ হায়দৰাবাদত উপস্থিত হৈছিল। অনুষ্ঠানটোত, যেতিয়া তেওঁক হিন্দী চলচ্চিত্ৰত কাম কৰাৰ বিষয়ে সোধা হৈছিল, অভিনেতাজনে কৈছিল, “মই হিন্দী চলচ্চিত্ৰত কাম কৰাৰ প্ৰয়োজন নাই। মই এখন তেলেগু চলচ্চিত্ৰ কৰিম আৰু আজিকালি সমগ্ৰ দেশতে একেখন দেখা গৈছে। গতিকে মই বিশেষকৈ হিন্দী চলচ্চিত্ৰত কাম কৰাৰ প্ৰয়োজন নাই। “অভিনেতাজনে ভাইৰেল ভিডিঅ’টোত কথা পাতিছিল।এফালে, বহুতো দক্ষিণ তাৰকাই বলীউডত তেওঁলোকৰ প্ৰথম খন ছবিত স্বাক্ষৰ কৰিছে, মহেশ বাবুৰ এই বিষয়ে ভিন্ন দৃষ্টিভংগী আছে। অনুষ্ঠানটোৰ এটা ভিডিঅ’ সামাজিক মাধ্যমত দ্ৰুতগতিত ভাইৰেল হৈ আছে। মহেশ বাবুয়ে আৰআৰআৰ পৰিচালক এছ এছ ৰাজামৌলীৰ সৈতে এখন চলচ্চিত্ৰত স্বাক্ষৰ কৰিছে। অনুষ্ঠানটোত, যেতিয়া মহেশক ৰাজামৌলীৰ সৈতে কাম কৰাৰ বিষয়ে সোধা হৈছিল, অভিনেতাজনে কৈছিল, “মই ৰাজামৌলীৰ প্ৰকল্পটোক লৈ অতি উৎসাহিত। তেওঁ চাৰি বছৰ বয়সত অভিনয়ৰ আৰম্ভণি কৰিছিল।


মহেশ বাবুয়ে চাৰি বছৰ বয়সত অভিনয়ৰ আৰম্ভণি কৰিছিল। অভিনেতাজনক ১৯৭৯ চনৰ ‘নিদা’ চলচ্চিত্ৰত শিশু শিল্পী হিচাপে দেখা গৈছিল। তেওঁ ৰাজকুমাৰৰুডুৰ সৈতে মুখ্য অভিনেতা হিচাপে অভিনয় জীৱন আৰম্ভ কৰিছিল আৰু শ্ৰেষ্ঠ পুৰুষ অভিষেকৰ বাবে নন্দী বঁটাও লাভ কৰিছিল। মহেশ বাবুয়ে নন্দী বঁটা, ফিল্মফেয়াৰ চাউথ এৱাৰ্ড, দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আৰু চিনেমা বঁটা আদিকেইবাটাও বঁটা লাভ কৰিছে।আগন্তুক প্ৰকল্পসমূহকৰ্মক্ষেত্ৰৰ বিষয়ে ক’বলৈ গ’লে, মহেশ বাবুক পৰৱৰ্তী সময়ত কীৰ্তি সুৰেশৰ সৈতে পৰশুৰাম পেটলাৰ ‘চৰকাৰী বাৰী পাটা’ত দেখা যাব। ছবিখন ১২ মে’ত মুক্তি পাব। তেওঁ ত্ৰিবিক্ৰম শ্ৰীনিবাস আৰু এছ এছ ৰাজামৌলীৰ সৈতে চলচ্চিত্ৰত স্বাক্ষৰ কৰিছে।

অভিনেত্ৰী লিছা হেডনে সাগৰৰ পাৰত কন্যাৰ সৈতে কটালে সময়

অভিনেত্ৰী লিছা হেডেন তেওঁৰ সাহসী আৰু চিজলিং ষ্টাইলৰ বাবে জনাজাত। অভিনেত্ৰীগৰাকীৰ সামাজিক মাধ্যমৰ পোষ্টবোৰ প্ৰায়ে চৰ্চাত থাকে। এতিয়া লিছা বিকিনি পিন্ধি আছে তেওঁ নিজৰ কিছুমান চমৎকাৰ ফটো শ্বেয়াৰ কৰি অনুৰাগীসকলৰ হৃদয় জয় কৰিছে। লিজাই তাইৰ সৰু ছোৱালীজনীৰ সৈতে সাগৰৰ পাৰত ভাল সময় কটোৱাৰ সময়ত অনুৰাগীসকলৰ সৈতে তাইৰ চুপাৰ চিজলিং ফটো শ্বেয়াৰ কৰিছে। লিছাৰ হেপ্পী বীচ ডে পিক্সৰ সৈতে জীয়েক টোপনি ।

ছবিবোৰত, লিছাক বগা বিকিনিত দেখা গৈছে। অভিনেত্ৰীগৰাকীয়ে তেওঁৰ ছোৱালীক এখন হাতত ধৰি আছে, আনহাতে আনখন হাতত নাৰিকলপানী তেওঁৰ সৈতে দেখা গৈছে।

ধুবুৰীত তিনিদিনিয়া কাৰ্য্যসূচীৰে অসমী বহাগী মেলাৰ আযোজন

অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ উদ্যোগত ধুবুৰীৰ ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা খেল পথাৰত আজিৰে পৰা তিনিদিনিয়া কাৰ্য্যসূচীৰে অনুষ্ঠিত কৰা হৈছে অসমী বহাগী মেলা – ২০২২ ।তিনিদিনিয়া কাৰ্য্যসূচীৰে ধুবুৰীত আযোজন কৰা উক্ত বহাগী মেলাৰ আজি প্ৰথম কাৰ্য্যসূচী হিচাপে পূৱা অসমী বহাগী মেলা মুকলি কৰে ধুবুৰী জিলাৰ উপায়ুক্ত অন্বামুথন এম পি। ধুবুৰী জিলাৰ ১৪ টা উন্নয়ন খণ্ডৰ অন্তৰ্গত, বিভিন্ন আত্মসহায়ক গোটৰ মুঠ ৩০ খন বিপনীয়ে অংশগ্রহণ কৰে উক্ত বহাগী মেলাত।। বিহুৰ প্ৰাকক্ষণত ধুবুৰী জিলাৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত আত্মসহায়ক গোটসমূহক চৰকাৰে আগুৱাই লৈ যোৱাৰ বাবে আৰু এখন বজাৰ দিয়াৰ লক্ষ্যৰে এনেদৰে বহাগী মেলা অনুষ্ঠিত কৰা হৈছে বুলি জানিব দিয়ে উদ্যোগতাই।

উক্ত আত্মসহায়ক গোট সমূহৰ সদস্য সদস্যা সকলে নিজে উৎপাদন কৰা বিহুৰ পিঠা -পনাকে ধৰি বিভিন্ন ধৰণৰ জনগোষ্ঠীয় সাজপাৰ প্ৰদৰ্শন আৰু বিক্ৰীৰ ব্যৱস্হা কৰিছে উক্ত মেলাত ।উল্লেখ যে, তিনিদিনিয়া কাৰ্য্যসূচীৰে আযোজন কৰা উক্ত মেলাত বিভিন্ন, জনগোষ্ঠীৰ লগতে আত্ম সহায়ক গোটৰ সদস্যা সকলে যথেষ্ট পৰিমাণে সা সামগ্ৰী বিক্ৰী কৰিছে বুলি উৎফুল্লিত গোটৰ সদস্যা সকলে ।