Home Blog Page 24

Zubeen Garg: প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ আজি দুমাহ

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ আজি দুমাহ
প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ আজি দুমাহ

প্ৰাণৰ শিল্পী (Zubeen Garg) জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ আজি দুমাহ সম্পূৰ্ণ।

আজিও ফাদিল নহ’ল জুবিনৰ মৃত্যুৰ ৰহস্য।

কালি প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৫৩ সংখ্যক জন্মদিনত অশ্ৰুসিক্ত নয়নেৰে সুঁৱৰিলে ৰাজ্যবাসীয়ে।

জুবিনবিহীন জুবিন গাৰ্গৰ প্ৰথমটো জন্মদিন কালি ৰাজ্যবাসীয়ে পালন কৰিলে।

ইফালে সামাজিক মাধ্যমত ৫.৭ মিলিয়ন হ’ল #JusticeForZubeenGarg

আনহাতে জুবিনৰ জন্মদিনৰ দিনা এটা ভাল খবৰ দিছিল মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমত-

ছিংগাপুৰত মৃত্যু হোৱা জুবিন গাৰ্গৰ আইনী প্ৰক্ৰিয়াৰ ক্ষেত্ৰত আঁতৰিল বাধা।

কেন্দ্ৰীয় চৰকাৰৰ পৰা প্ৰয়োজনীয় অনুমতি লাভ কৰিলে অসম আৰক্ষীয়ে।

BNSSৰ অধীনত ২০৮ ধাৰাৰ অনুমতি লাভ কৰিলে অসম আৰক্ষী।

কিয়নো, দেশৰ বাহিৰত কোনো অপৰাধ সংঘটিত হয় তেন্তে আদালতলৈ গোচৰটো নিবলৈ প্ৰয়োজন হয় BNSSৰ ধাৰা ২০৮ত কেন্দ্ৰীয় চৰকাৰৰ অনুমতি।

কালি আজি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এই অনুমতি প্ৰদান কৰে ৰাজ্য চৰকাৰক।





ভাৰতবৰ্ষৰ প্ৰতি প্ৰেম -শ্ৰদ্ধা কৰা সকলো ব্যক্তিয়ে হিন্দু -মোহন ভাগৱত

ৰাষ্ট্রীয় স্বয়ংসেৱক সংঘৰ সৰসংঘচালক ডা: মোহন ভাগৱত দুই দিনীয়া কাৰ্যসূচীৰে কালি গুৱাহাটীত উপস্হিত হৈছে ৷ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ শতবৰ্ষ পূৰ্ণ উপলক্ষে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সৰসংঘচালক ডা: মোহন ভাগৱতে ১৮ আৰু ১৯ নবেম্বৰত প্ৰথম দিনৰ আজি আবেলি ৪ বজাত সুদৰ্শনালয়ত অনুষ্ঠিত কাৰ্যক্ৰমত সৰসংঘচালক গৰাকীয়ে কয় যে ভাৰতবৰ্ষৰ প্ৰতি প্ৰেম -শ্ৰদ্ধা কৰা সকলোৱে হিন্দু ৷ আনহাতে, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘক অধিক বুজি পোৱা চেষ্টা ক্ৰমান্বয়ে সমাজত বাঢ়ি অহাৰ লগে লগে সংঘৰ নাম জনসমাজত প্ৰসিদ্ধ হৈছে । কিন্তু বৰ্তমানো সংঘৰ কাৰ্যপ্ৰণালী সম্পৰ্কে বহুত মানুহ সিমান পৰিচিত নহয়। আটাইয়ে সংঘক ওচৰৰ পৰা বুজিবলৈ চেষ্টা কৰা উচিত। কেৱল মাত্ৰ স্বয়ংসেৱকক দেখি বা তেওঁলোকৰ কাৰ্যপদ্ধতিৰ দ্বাৰা মানুহে সংঘক বুজিবলৈ চেষ্টা কৰে। কিন্তু এয়া সম্পূৰ্ণ নহয়। সংঘই কাকোৱে বিনাশ কৰিবলৈ সৃষ্টি হোৱা নাই, নতুবা তাৎক্ষণিক ভাৱে সংঘৰ উৎপত্তি হোৱা নাই। সংঘই নিজ দেশক মহাশক্তি নহয়, বিশ্বগুৰু হিচাপে নিৰ্মাণ কৰিবলৈ চেষ্টা কৰে। ডাঃ হেডগেৱাৰৰ জীৱন দৰ্শনৰ ওপৰত আলোকপাত কৰে।

সংঘ কোনো প্ৰতিষ্ঠান নতুবা অইন অনুষ্ঠানৰ মাৰ্গদৰ্শনত পৰিচালিত নহয়। গোটেই বিশ্বই বৰ্তমান ভাৰতবৰ্ষৰ ওপৰত দৃষ্টি নিবদ্ধ কৰিছে। ভাৰতবৰ্ষৰ সভ্যতা সংস্কৃতিয়ে গোটেই বিশ্ব মাৰ্গদৰ্শন কৰিব পাৰে। তেখেতে লগতে উল্লেখ কৰে যে ভাৰত আৰু হিন্দু এই দুয়োটা ধাৰনাই সমাৰ্থক। ভাৰতবৰ্ষক হিন্দু ৰাষ্ট্ৰ ঘোষণা কৰাৰ প্ৰয়োজনীয়তা নাই। হেজাৰ হেজাৰ বছৰীয়া সভ্যতা সংস্কৃতিৰে সমৃদ্ধ ভাৰত সদায় হিন্দু ৰাষ্ট্ৰ হিচাপে জিলিকি আছে। হিন্দু এক ধৰ্ম নহয়। হিন্দু হৈছে এক সভ্যতা সংস্কৃতিৰ ধাৰক আৰু বাহক। ভাৰতবৰ্ষত বসবাস কৰে প্ৰতিজন ভাৰতীয়ই যি ভাৰতীয়ত্বক লৈ গৌৰৱ বোধ কৰে সেই সকলো জনগণে হিন্দু। সৰসংঘচালক ডা: মোহন ভাগৱতে পঞ্চ পৰিবৰ্তনৰ মূল বিষয় সামাজিক সমৰসতা, কুটুম্ব প্ৰবোধন, নাগৰিক কৰ্তব্য, স্বদেশী আৰু আত্ম নিৰ্ভৰশীলতা, পৰ্যাবৰণ সংৰক্ষণ এই আটাইকেইটা বিষয়ৰ ওপৰত তেখেতে বক্তব্য প্ৰদান কৰে। বিশেষকৈ পঞ্চ পৰিবৰ্তনত এক বিষয় কুটুম্ব প্ৰবোধনৰ ওপৰত গুৰুত্ব আৰোপ কৰি ব্যাখ্যা আগবঢ়াই যে প্ৰতিটো ভাৰতৰ পৰিয়ালে নিজৰ পূৰ্বপুৰুষৰ ঐতিহ্যময় গাথা স্মৰণ কৰিব লাগে তথা পৰিয়ালৰ নতুন প্ৰজন্মক নিজ সমাজ তথা দেশৰ প্ৰতি কৰ্তব্যবোধৰ গুৰুত্বৰ ওপৰত দিশ দৰ্শন কৰিব লাগে। সভাত উপস্থিত পাঁচ শতাধিক প্ৰবুদ্ধ নাগৰিক উপস্হিত থকা কাৰ্যক্ৰমত উপস্হিত বিভিন্ন প্ৰশ্নৰ উত্তৰত ভাগৱতে ভাৰতৰ স্বাধীনতা আন্দোলনত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ অৱদান সম্পৰ্কে বিস্তৃত ব্যাখ্যা কৰে। তেওঁ পুনৰ উল্লেখ কৰে ডাঃ হেডগেৱাৰে অসহযোগ আন্দোলনৰ সময়ত কাৰাবাস খাটিছিল।

অনুৰূপ ধৰণে ৰাষ্ট্ৰৰ বহুতো অসংখ্য স্বয়ংসেৱকে দেশৰ বিভিন্ন প্ৰান্তত স্বাধীনতা আন্দোলনৰ প্ৰতিটো ঐতিহাসিক মূহুৰ্তত নিজ নিজ ত্যাগ আৰু বলিদানেৰে মাতৃভূমিক সমৃদ্ধ কৰিছিল। তেওঁৰ মতে ভাৰত তথা উত্তৰপূৱৰ বৈচিত্ৰতা আমাৰ একাত্মতাৰ প্ৰতিফলন সেইবাবে লাচিত বৰফুকন তথা শংকৰদেৱ সমগ্ৰ এইখিনিতে তেওঁ উল্লেখ কৰে যে নতুন প্ৰজন্মই নিজৰ আদৰ্শ হিচাপে ঐতিহাসিক চৰিত্ৰ যেনে লাচিত বৰফুকন নতুবা মহাপুৰুষ শংকৰদেৱ অনুকৰণ কৰিব পাৰি। বাবে এক আদৰ্শ স্বৰূপ বুলি উল্লেখ কৰে । তদুপৰি অসমত চলি অহা অবৈধ অনুপ্ৰৱেশৰ বিষয়ৰ ওপৰত তেওঁ চিন্তা ব্যক্ত কৰি এই ক্ষেত্ৰত সমাজ তথা চৰকাৰৰ গুৰুত্ব সম্পৰ্কে মত পোষন কৰে। তদুপৰি অসমত জনগাঁথনিৰ যি পৰিবৰ্তন যি ঘটিছে সেই ক্ষেত্ৰতো তেখেতে হিন্দু সমাজৰ ক্ষেত্ৰত তিনি সন্তানৰ নীতিৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ পুনৰ নতুন প্ৰজন্মৰ ক্ষেত্ৰত সামাজিক মাধ্যমৰ ব্যৱহাৰৰ দিশত কিছু সীমাবদ্ধতাৰ ওপৰত গুৰুত্বপূৰ্ণ দৃষ্টিভংগী আগবঢ়াই। তদুপৰি অসম তথা উত্তৰ-পূৰ্বাঞ্চলত চলি থকা ধৰ্মান্তৰকৰণৰ বিষয়ত ৰাইজক সজাগ হবলৈ আহ্বান জায়। শেষত উপস্থিত থকা সমূহ প্ৰমুখ নাগৰিকৰ জৰিয়তে সমাজৰ সকলো স্তৰৰ লোকে যাতে একাত্মবোধেৰে ৰাষ্ট্ৰ নিৰ্মাণৰ কামত নিজ নিজ অৱদান আগবঢ়াই সেই ক্ষেত্ৰত তেখেতে এক গুৰুত্বপূৰ্ণ আহ্বান আটাইকে জনায়। উল্লেখ্য, আজিৰ বৌদ্ধিক কাৰ্যক্ৰমত
সমাজ জীৱনলৈ অৱদান আগবঢ়োৱা গুৱাহাটী মহানগৰৰ কিছু সংখ্যক নিৰ্বাচিত লোকক সামৰি প্ৰবুদ্ধ নাগৰিক সন্মিলন অনুষ্ঠিত কৰা হৈছিল ৷ উক্ত প্ৰবুদ্ধ নাগৰিক সন্মিলনত বিশিষ্ট সাহিত্যিক, কাকত আলোচনীৰ সম্পাদক, মালিক, উদ্যোগপতি , সাংস্কৃতিক শিল্পী, চিকিৎসক, অধিবক্তা, সেনা বিষয়াকে ধৰি পাঁচ শতাধিকলোক উপস্হিত থাকে ৷ অনুৰূপধৰণে কাইলৈ পুৱা ১০ বজাত যুৱ সন্মিলন অনুষ্ঠিত হ’ব ৷ উক্ত যুৱ সন্মিলনত কিছুসংখ্যক নিৰ্বাচিত কবি, সাহিত্যিক, সাংবাদিক, উদ্যোগপতি , অধিবক্তা, চিকিৎসক, সাংস্কৃতিক শিল্পী আদিৰ সন্মুখত আন এক বৌদ্ধিক প্ৰদান কৰিব ৷ ডা: মোহন ভাগৱতে গুৱাহাটীত দুদিন উপস্হিত থাকি ২০ নবেম্বৰৰ দিনা মণিপুৰলৈ অভিমুখে ৰাওনা হ’ব ৷

ব্যতিক্ৰমৰ উদ্যোগত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ জন্মদিনত শ্রদ্ধাঞ্জলি অনুষ্ঠান

ভাৰতীয় সংগীত জগতৰ অমূল্য ৰত্ন প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ জন্মদিন উপলক্ষে ব্যতিক্ৰমৰ উদ্যোগত আয়োজন কৰে এক স্মৰণীয় অনুষ্ঠান। ১৮ নৱেম্বৰ তাৰিখে মাছখোৱা প্রাগজ্যোতিষ আই টি আই প্রাঙ্গণত বিয়লি ৪ বজাত অনুষ্ঠিত হ’য় এই অনুষ্ঠান। জুবিন গাৰ্গৰ অকাল মৃত্যুরে সংগীতজগতত সৃষ্টি কৰা অপূর্ণীয় শূণ্যতা অনুভৱ কৰি, অনুষ্ঠানত সংগীতপ্রেমী আৰু অনুৰাগীগণে একত্ৰিত হৈ তেওঁৰ সংগীত-ঐতিহ্যৰ প্ৰতি গভীৰ শ্রদ্ধাজ্ঞাপন কৰে। তেওঁৰ কণ্ঠৰ জাদু, সুৰৰ গভীৰতা আৰু সংগীতৰ লগতে পথ দেখুৱাই যোৱা সাংস্কৃতিক মূল্যবোধৰ কথা এই অনুষ্ঠানত বিশেষভাৱে সোঁৱৰণ কৰা হয়। অনুষ্ঠানৰ আৰম্ভণিতে শিল্পী গৰাকীৰ প্ৰিয় গীত ‘মায়াবিনী’ সমবেতভাৱে গোৱা হয়। উপস্থিত সকলোয়ে একেলগে গীতৰ সুৰৰ্ত অংশ লয় আৰু আবেগমণ্ডিত পৰিবেশত জুবিন গাৰ্গৰ সংগীতসত্তাক স্মৰণ কৰে। তাৰ পিছতে তেওঁৰ ৫৩ বছৰীয়া জন্মদিন সোঁৱৰণৰ অৰ্থত ৫৩ টা মাটিৰ চাকি জ্বলাই বিশেষ শ্রদ্ধাঞ্জলি দিয়া হয়। ব্যতিক্ৰমৰ কৰ্ণধাৰ ড° সৌমেন ভাৰতীয়াই অনুষ্ঠানত কয় “জুবিন গাৰ্গৰ সংগীত-যাত্ৰাই ভাৰতীয় সংগীত জগতক অনন্য উচ্চতালৈ লৈ গৈছে। তেওঁৰ স্মৃতি, সৃষ্টিৰ শক্তি আৰু কৰ্মই নতুন প্রজন্মক অৱিৰত অনুপ্রাণিত কৰি ৰাখিব। মৃত্যু এক চিৰসত্য, যদিও এনে মৃত্যুক মানি ল’ব আমাৰ বাবে অতি কঠিন। তথাপিও প্রতি মুহূর্ততে তেওঁক সোঁৱৰাটোৱে যেন তেওঁৰ প্ৰতি আমাৰ প্ৰেম, শ্রদ্ধা আৰু অনুভব জীয়াই থাকাতো বুজায়।” ব্যতিক্ৰমৰ বিশেষ উদ্যোগত জুবিন গাৰ্গক কেন্দ্ৰ কৰি ৫৩ গৰাকী কবিৰ ৫৩ খন কবিতা সংকলন কৰা এক অনন্য কবিতা পুথিৰ উন্মোচন অনুষ্ঠানটোৰ অন্যতম আকর্ষণ হৈ উঠে। এই পুথিটো জুবিন গাৰ্গৰ জীৱন, শিল্পযাত্ৰা আৰু সংগীত-অনুভৱক বিভিন্ন কবিৰ দৃষ্টিৰে অলংকৃত কৰি তোলা এক মূল্যবান সৃষ্টি। ব্যতিক্ৰমৰ এই উদ্যোগে শিল্পীজনৰ স্মৃতি সংৰক্ষণত এক নতুন দিশ প্রদান কৰাৰ লগতে সাহিত্য-সংগীত দুয়োক সমন্বিত কৰাতো এক উল্লেখযোগ্য পদক্ষেপ হিচাপে গণ্য হয়। অনুষ্ঠানত কবিতা আবৃত্তি, নৃত্য, আৰু জুবিন গাৰ্গৰ জীৱন আৰু সংগ্ৰামৰ ওপৰত বিশেষ উপস্থাপন কৰা হ’য়। কৰিশ্মা সৰকাৰ, ড° বিনিতা দেৱী, ড° জয়শ্রী দেবী, জয়তী ভট্টাচার্য, অশ্বাস আয়ুস্মান, ৰঞ্জিত শৰ্মা, ৰঞ্জুমণি শইকীয়া, সুপর্ণ চক্রবর্তী, গৌতম সৰকাৰ, তনিছা দত্ত, পূৰবী ককতি শৰ্মা, সঞ্চিতা ৰায়, হিমঘনা ৰাজখোৱা, মায়াবিনী সাংস্কৃতিক গোট, সৰগম সংগীত বিদ্যালয়, কালিৰাম হাইস্কুলৰ ছাত্র-ছাত্রী আৰু শিক্ষক প্রমুখ।
শ্রদ্ধাঞ্জলি অনুষ্ঠানটোৱে জুবিন গাৰ্গৰ স্মৃতিৰ সৈতে জড়িত সকলো অনুৰাগীৰ বাবে এক আবেগময় আৰু স্মৰণীয় মুহূর্ত সৃষ্টি কৰিলে।
উল্লেখযোগ্য যে ব্যতিক্রম গোটে ২০২৪ চনত জুবিন গাৰ্গক শচীন দেববর্মণ ব্যতিক্রম জীৱন জোড়া সাধনা বঁটা প্ৰদান কৰিছিল। সংগঠনটোৰ বিভিন্ন অনুষ্ঠানত জুবিন গাৰ্গ সক্রিয়ভাবে জড়িত থাকি ভাৰতীয় সংগীত সংস্কৃতিক সমৃদ্ধ কৰি তুলিছিল।

ৰক্তদানৰ দৰে পবিত্ৰ আৰু মহৎ কাৰ্যসূচীৰে জুবিন গাৰ্গলৈ জন্মদিনৰ শ্ৰদ্ধাঞ্জলি ৰাজ্যিক বিজেপিৰ

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৫৩ সংখ্যক জন্মদিনটো অধিক স্মৰণীয় কৰি ৰাজ্যিক বিজেপিয়ে ‘জীৱন সুৰভি’ নামেৰে ৰাজ্যখনৰ ৫৩ স্থানত ৰক্তদান আৰু ৰক্তবর্গ নিৰ্ণয়ৰ শিবিৰ অনুষ্ঠিত কৰি প্ৰয়াত শিল্পীগৰাকীলৈ গভীৰ শ্রদ্ধাঞ্জলি অর্পন কৰে। এই উপলক্ষে খানাপাৰাত আয়োজন কৰা কেন্দ্ৰীয় ৰক্তদান শিবিৰ উদ্বোধন কৰে ৰাজ্যিক বিজেপিৰ সভাপতি তথা দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াই আৰু এই অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অংশগ্রহণ কৰে ৰাজ্যৰ স্বাস্থ্যমন্ত্রী অশোক সিংঘল আৰু অসমৰ সাংস্কৃতিক ক্ষেত্ৰৰ এগৰাকী বৰণ্য ব্যক্তিত্ব অভিনেতা প্রাঞ্জল শইকীয়াই। এই শিবিৰ উদ্বোধন কৰি সভাপতি দিলীপ শইকীয়াই কয় যে, জুবিন গাৰ্গ কেৱল এগৰাকী গীতিকাৰ, শিল্পী, অভিনেতা, কবি, লেখক অথবা চিত্র নির্মাতাই নাছিল, তেওঁ আছিল মানবীয় অনুভূতিৰে পৰিপূৰ্ণ এগৰাকী মহান অসমপ্রেমী।

শিল্পীগৰাকীৰ সাংস্কৃতিক সৃষ্টিৰাজীক জীয়াই ৰখাটো যেনেদৰে অসমৰ শিল্পীসমাজ বা উদীয়মান শিল্পী প্রতিভাৰ দায়িত্ব তেনেদৰে অসমপ্রেমী জুবিন গাৰ্গৰ জীৱনবোধ আৰু মানৱীয় কৰ্মৰাজীক জীয়াই ৰখাটো প্ৰতিগৰাকী অসমীয়া আৰু অনুৰাগীৰ মহান কর্তব্য আৰু দায়িত্ব। সাংস্কৃতিক কৰ্মৰাজীৰ উপৰিও সামাজিক ক্ষেত্ৰত তেওঁৰ অৱদান সমূহৰ মূল্যায়ন আৰু সেই কৰ্মৰাজীক আগুৱাই নিব পাৰিলেহে শিল্পীগৰাকীৰ প্রতি প্রকৃত শ্রদ্ধা জ্ঞাপন কৰা হ’ব।

সভাপতি গৰাকীয়ে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গৰ লগতে তেওঁলোকৰ শোকাভিভূত পৰিয়াল-পৰিজনলৈ আজি পুনৰ গভীৰ সমবেদনা জ্ঞাপন কৰে। ইফালে লণ্ডনৰ পৰা উভতি আহিয়েই বিয়লিৰ ভাগত মুখ্যমন্ত্রী ৬০ হিমন্ত বিশ্ব শর্মায়ো খানাপাৰাৰ শিবিৰত ৰক্তদান কৰাৰ পিছত মন্তব্য কৰে যে, জীৱিত কালত জুবিন গার্গে নিজৰ গাঁঠিৰ ধন খৰচ কৰি চিনাকি-অচিনাকি হাজাৰজন দুর্গত লোকলৈ সহায়ৰ হাত আগবঢ়াই গভীৰ মানৱতাবোধৰ পৰিচয় দাঙি ধৰিছিল। শিল্পীগৰাকীৰ তেনে মানবীয় প্রমূল্যৰ প্রতি শ্রদ্ধা জনায়েই আজি সমগ্র ৰাজ্যৰ ৫৩ স্থানত ৰাজ্যিক বিজেপিয়ে অগপ, ইউপিপিএল, বিপিএফ আদি এনডিএ ৰ অন্তৰ্ভূক্ত দলৰ সহযোগত ‘জীৱন সুৰভি’ নামেৰে এই ৰক্তদান শিবিৰৰ আয়োজন কৰিছে, যাৰ দ্বাৰা হেজাৰ আৰ্তজনক সহায় আগবঢ়াব পৰা যাব। আনহাতে, ৰাজ্যিক বিজেপিৰ অনুৰোধত মুখ্যমন্ত্রী ৬০ হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যৰ স্বাস্থ্য বিভাগে এই ৰক্তদান শিবিৰ সমূহ সুকলমে অনুষ্ঠিত কৰাত আগবঢ়োৱা আন্তৰিকতাপূর্ণ সহযোগিতাৰ বাবে সভাপতি শইকীয়াই মুখ্যমন্ত্ৰী আৰু ৰাজ্যৰ স্বাস্থ্য বিভাগক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে। সমগ্ৰ ৰাজ্যতে আজি কেইবাগৰাকীও মন্ত্রী, বিধায়ক, সাংসদ তথা দলৰ কেইবা সহস্রাধিক কাৰ্যকৰ্তাই ৰক্তদানেৰে প্ৰাণৰ শিল্পীগৰাকীৰ ৫৩ সংখ্যক জন্মদিনৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। আজিৰ ৰক্তদান কাৰ্যসূচীৰ দ্বাৰা প্রায় ৫,৩০০ ইউনিট ৰক্ত সংগ্ৰহ কৰি বিভিন্ন চিকিৎসালয়ৰ ৰক্ত ভঁৰাললৈ প্ৰেৰণ কৰা হৈছে যিটো অন্য এক অভিলেখ হিচাপে পৰিগণিত হৈছে।

জুবিন গাৰ্গহীন প্ৰথম জন্মদিনত দেশজুৰি আবেগৰ ঢৌ…

শিল্পী জুবিন গাৰ্গৰ অবর্তমানত কটাৰ প্ৰথম ওপজা দিনটোৱে আজিৰ দিনটোক অনুৰাগীসকলৰ বাবে শুধু স্মৰণৰ নহয়, এক গভীৰ আবেগৰ দিনত পৰিণত কৰি তুলিছে। তেওঁৰ স্মৃতিৰ ওচৰলৈ অহাত গীত–সুৰ–স্মৰণৰ সমাহাৰে আজিৰ দিনটো যেন এক ব্যাপক মানসিক আন্দোলনৰ দিন। বিগত বছৰৰ দৰে এইবাৰো নিশাৰ পৰা আৰম্ভ হৈছিল অনুৰাগীৰ ব্যস্ততা—কোনোৱে মোমবাতি জ্বলাইছে, কোনোৱে গীত বাজাইছে, কোনোৱে সোণাপুৰৰ জুবিন ক্ষেত্ৰলৈ যাত্ৰা কৰিছে। শিল্পীগৰাকীৰ অনুপস্থিতি সত্ত্বেও যেন সকলোৰে হৃদয়ত তেখেতেই—সৰ্বশক্তি, সৰ্বঅনুভৱ, সৰ্বচেতনা। কাহিলীপাৰাৰ বাসগৃহটো আজিও যেন মানুহে মানুহে গিজগিজাইছিল। মঙলবাৰে গভীৰ ৰাতিৰ পৰা অনুৰাগীসকল আহিছিল জন্মদিন অৰ্পণা কৰিবলৈ। লগতে শিল্পীগৰাকীৰ প্ৰিয় “জয় জুবিনদা” ধ্বনিৰ প্রতিধ্বনিৰে পৰিবেশখন মঞ্জিৰাৰ দৰে বগাই উঠিছিল। আজি পুৱা আয়তীসকলে গৃহপ্ৰাঙ্গনত গাই উঠা দিহানামত যেন সুৰৰ মাজে–মাজেই জুবিনদাৰ স্মৃতি জীৱন্ত হৈ পৰিছিল। খোল, তাল, গায়ন–বায়ন, আৰু দিহানামৰ সুৰেৰে কাহিলীপাৰাৰ ঘৰখন পবিত্ৰ উৎসৱৰ ৰূপ লৈছিল।


এইবাৰ জন্মদিন উদযাপনক এক নতুন ৰূপ দিলে বকুল জোপাৰ তলত স্থাপন কৰা জুবিন গাৰ্গৰ নতুন আবক্ষ মূৰ্তিয়ে। পিতৃ কপিল বৰঠাকুৰে মূৰ্তিটো উন্মোচন কৰোঁতেই উপস্থিত সকলো লোকে যেন সময়ক এক ক্ষণৰ বাবে থমকি দিয়া অনুভৱ কৰিলে। পিতৃয়ে স্পৰ্শ কৰামাত্রে মূৰ্তিটোৰ এনে অনুভৱ হল যেন পুত্ৰ–পিতৃৰ বন্ধন মুহূৰ্তটোত বাস্তৱ হৈ উঠিল। পত্নী গৰিমা শইকীয়া গাৰ্গ, পৰিয়ালবৰ্গ আৰু অসংখ্য ভক্তই চকুপানীত ভিজাইলে সেই আবেগময় মুহূৰ্তটো। আবক্ষ মূৰ্তিৰ শিল্পী জ্যোতিশংকৰ ভটাচাৰ্যেয়ে আবেগভৰাই জনাই—
“এই কামখিনি অসম্ভৱ যেন লাগিছিল। কিন্তু দলটোৰ সকলোৰে কষ্ট, ধৈৰ্য আৰু শৰীৰ–মন লগাই কৰোঁতে শেষত এই ৰূপ দিয়া গʼলো। প্ৰথমকালে বহু সমস্যা হৈছিল, মূৰ্তিটো ঠিকঠাক দাঁড়াই উঠা নাছিল, কিন্তু আমাৰ দলটোৱে একমাত্ৰ উদ্দেশ্য লৈ কাম কৰিছিল—জুবিনদাক সঁজুলি এটা দিয়া।” আজিৰ দিনটো প্ৰমাণ কৰিলে—জুবিন গাৰ্গ শারীৰিকভাৱে নাথাকিলেও তেওঁৰ সুৰ, জীৱনদর্শন আৰু শিল্পচেতনা লক্ষ্যাধিক অনুৰাগীৰ হৃদয়ত সদায় জীৱন্ত ।

Sapekhati News: সাপেখাতী চিত্ৰলেখা চিত্ৰাংকন বিদ্যালয়ত কণ্ঠশিল্পী জুবিন গাৰ্গৰ জন্মদিন উদযাপন

সাপেখাতী চিত্ৰলেখা চিত্ৰাংকন বিদ্যালয়ত কণ্ঠশিল্পী জুবিন গাৰ্গৰ জন্মদিন উদযাপন
সাপেখাতী চিত্ৰলেখা চিত্ৰাংকন বিদ্যালয়ত কণ্ঠশিল্পী জুবিন গাৰ্গৰ জন্মদিন উদযাপন


আজি ১৮ নৱেম্বৰ। (Sapekhati News) সকলোৰে হিয়াৰ আমঠু কণ্ঠশিল্পী জুবিন গাৰ্গ গাৰ্গৰ জন্মদিন। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে চৰাইদেউ জিলাৰ সাপেখাতী চিত্ৰলেখা চিত্ৰাংকন বিদ্যালয়ে ও তেখেতৰ জন্মদিন উদযাপন কৰে। সমাজ কৰ্মী জীৱন জ্যোতি গগৈয়ে জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি বিদ্যালয়ৰ কণ কণ ছাত্ৰ ছাত্ৰী সকলক জীৱন গাৰ্গৰ আদৰ্শ অনুকৰণ কৰি সমাজৰত ভাল কৰ্মৰে প্ৰতিষ্ঠা হবলৈ আহ্বান জনায়।

বিদ্যালয়ৰ খনৰ স্বত্বাধিকাৰী অংকুৰিকা গগৈৰ পৰিচালনাত ‘জুবিন গাৰ্গৰ অনুভৱত ‘ শীৰ্ষক এখনি চিত্ৰাংকন প্ৰতিযোগিতা ও অনুষ্ঠিত হয় । স্থানপ্ৰাপ্ত প্ৰতিযোগী সকলক গছৰ পুলি আৰু এখনকৈ কিতাপেৰে পুৰস্কাৰ প্ৰদান কৰা হয়। উক্ত প্ৰতিযোগিতা খনি বিচাৰক ৰূপে উপস্থিত থাকে চেনহলতা মেমৰীয়েল আৰ্ট স্কুলৰ স্বত্বাধিকাৰী যোগেশ ভূঞাই।

Zubeen Garg: জুবিন গাৰ্গৰ জন্ম দিনত ডিব্ৰুগড়ত এটা পথ আৰু উদ্যান উন্মোচন

জুবিন গাৰ্গৰ জন্ম দিনত ডিব্ৰুগড়ত এটা পথ আৰু উদ্যান উন্মোচন
জুবিন গাৰ্গৰ জন্ম দিনত ডিব্ৰুগড়ত এটা পথ আৰু উদ্যান উন্মোচন

জুবিন গাৰ্গ (Zubeen Garg) অনুৰাগী মঞ্চৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৫৩ সংখ্যক জন্ম দিনত ডিব্ৰুগড় মহানগৰবাসীলৈ উপহাৰ।

মুকলি হ’ল জুবিন গাৰ্গৰ নামেৰে এটা পথ ”জুবিন গাৰ্গ পথ” আৰু প্ৰিয় শিল্পী গৰাকীৰ স্মৃতিত নিৰ্মাণ কৰা ”মায়াবিনী বাগিচা” নামৰ এখন শিশু উদ্যানৰ।

তদুপৰি পুৱাৰে পৰা জুবিন গাৰ্গৰ জন্ম দিন উপলক্ষত সৰ্ব ধৰ্ম প্ৰাৰ্থনা, দিহানাম, জিকিৰ পৰিবেশনৰ লগতে সন্ধিয়া লৈ জুবিনৰ গীতৰ সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে।

Zubeen Garg Death Case: জন্মদিনৰ দিনাই জুবিন গাৰ্গক ন্যায় প্ৰদানৰ ক্ষেত্ৰত ইতিবাচক খবৰ

জন্মদিনৰ দিনাই জুবিন গাৰ্গক ন্যায় প্ৰদানৰ ক্ষেত্ৰত ইতিবাচক খবৰ
জন্মদিনৰ দিনাই জুবিন গাৰ্গক ন্যায় প্ৰদানৰ ক্ষেত্ৰত ইতিবাচক খবৰ

জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত প্ৰক্ৰিয়াত আন এক অগ্ৰগতি। (Zubeen Garg Death Case)

ছিংগাপুৰত মৃত্যুৰ তদন্ত প্ৰক্ৰিয়াত ইতিবাচক খবৰ।

এখোজ আগবাঢ়িলে জুবিন গাৰ্গক ন্যায় প্ৰদান প্ৰক্ৰিয়া।

ছিংগাপুৰত মৃত্যু হোৱা জুবিন গাৰ্গৰ আইনী প্ৰক্ৰিয়াৰ ক্ষেত্ৰত আঁতৰিল বাধা।

কেন্দ্ৰীয় চৰকাৰৰ পৰা প্ৰয়োজনীয় অনুমতি লাভ কৰিলে অসম আৰক্ষীয়ে।

BNSSৰ অধীনত ২০৮ ধাৰাৰ অনুমতি লাভ কৰিলে অসম আৰক্ষী।

দেশৰ বাহিৰত কোনো অপৰাধ সংঘটিত হয় তেন্তে আদালতলৈ গোচৰটো নিবলৈ প্ৰয়োজন হয় BNSSৰ ধাৰা ২০৮ত কেন্দ্ৰীয় চৰকাৰৰ অনুমতি।

আজি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এই অনুমতি প্ৰদান কৰে ৰাজ্য চৰকাৰক।

সামাজিক মাধ্যমযোগে এই খবৰ জনালে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।

১০ ডিচেম্বৰৰ ভিতৰত এখন পানী নসৰকা চাৰ্জশ্বীট দাখিল কৰিবলৈ বদ্ধপৰিকৰ আৰু দৃঢ় অসম চৰকাৰ।

Zubeen Garg News Teok: টীয়কৰ বিভিন্ন স্থানত ভাগৱত পাঠ, নাহৰ পুলি ৰোপণ, ৰক্তদান কাৰ্যসূচীৰে জুবিন গাৰ্গৰ জন্মদিন উদযাপন

ভাগৱত পাঠ,নাহৰ পুলি ৰোপণ,ৰক্তদান কাৰ্যসূচীৰে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ জন্মদিন উদযাপন
ভাগৱত পাঠ,নাহৰ পুলি ৰোপণ,ৰক্তদান কাৰ্যসূচীৰে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ জন্মদিন উদযাপন

আজি (Zubeen Garg News Teok) হিয়াৰ আমঠু জুবিন গাৰ্গৰ ৫৩ সংখ্যক জন্মদিন।সমগ্ৰ ৰাজ্যই আজি বিষাদৰ মাজতে উলহ মালহে উদযাপন কৰিছে প্ৰাণৰ শিল্পীগৰকীৰ জন্মদিন।টীয়কতো বিভিন্ন প্ৰান্তত অনুষ্ঠিত হৈছে বিভিন্ন ব্যতিক্ৰমী কাৰ্যসূচী। এয়া টীয়কৰ খাৰঘৰীয়া অঞ্চলৰ পৰিবেশ সমূহ খাৰঘৰীয়াবাসীয়ে প্ৰিয় শিল্পীগৰকীৰ জন্মদিন উপলক্ষত আজিৰ পৰা চাৰিদিনীয়াকৈ ভাগৱত পাঠ কাৰ্যসূচী গ্ৰহণ কৰিছে।পুৱা পতাকা উত্তোলন, শ্ৰদ্ধাঞ্জলি জ্ঞাপন, সৰ্বধৰ্মীয় প্ৰাৰ্থনা সমাপণ কৰি জয় জুবিন দা, জুবিন দা অমৰ হওক, justice for zubeen আদি শ্লোগানেৰে এক সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰিছে আৰু জুবিন গাৰ্গৰ আদৰ্শেৰে এখন সোণৰ অসম গঢ় দিয়াৰ সংকল্প লৈছে।

ইপিনে টীয়কৰ এগৰাকী উদিয়মান যুৱক শ্যাম ফুকনে তেওঁৰ শ্যাম ভেজিটেবুলছ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ উদ্যোগত টীয়কৰ কেইবাটাও স্থানত সহযোগীসকলে লৈ জুবিন গাৰ্গৰ প্ৰিয় ৫৩ টাকৈ নাহৰ পুলি ৰোপন কৰিছে লগতে প্ৰতিপালনৰ দায়িত্বও লৈছে।উল্লেখযোগ্য যে প্ৰতিবছৰৰ দৰেই টীয়কৰ অন্যতম সামাজিক অনুষ্ঠান সুবাসে টীয়কৰ ফুডভিল্লাত ঈশ্বৰ পুত্ৰ জুবিন গাৰ্গৰ জন্মদিন উপলক্ষত এক ৰক্তদান শিবিৰ অনুষ্ঠিত কৰিছে।উক্ত ৰক্তদান শিবিৰৰ আৰম্ভণিতে জুবিনৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি মায়াবিনী গীত পৰিবেশন কৰে উপস্থিত সকলোৱ।

উক্ত ৰক্তদান কাৰ্যসূচীত ইতিমধ্যে প্ৰায় অৰ্ধ শতাধিক জুবিন অনুৰাগীয়ে ৰক্তদান কৰিছে লগতে অসম চৰকাৰে আজিৰ দিনটোত বিভিন্ন স্থানত আয়োজন কৰা ৰক্তদান শিবিৰৰ বাবে অসম চৰকাৰক ধন্যবাদ জনাইছে।সুবাসৰ উদ্যোক্তাসকলে কয় যে সামাজিক মাধ্যমত justice for zubeen লিখাৰ সমান্তৰালকৈ আমি হাতে কামে কৰ্ম ক্ষেত্ৰত জুবিন গাৰ্গৰ আদৰ্শেৰে অনাগত দিনত আগুৱাই যাব।

Zubeen Garg Birthday: নাহৰ পুলি ৰোপণ কৰি জুবিন গাৰ্গবিহিন প্ৰথমটো ওপজা দিন উদযাপন

নাহৰ পুলি ৰোপণ কৰি জুবিন গাৰ্গবিহিন প্ৰথমটো ওপজা দিন উদযাপন
নাহৰ পুলি ৰোপণ কৰি জুবিন গাৰ্গবিহিন প্ৰথমটো ওপজা দিন উদযাপন

নাহৰ (Zubeen Garg Birthday) পুলি ৰোপণ কৰি জুবিন গাৰ্গবিহিন প্ৰথমটো ওপজা দিন উদযাপন। আজি মহান শিল্পী, সকলোৰে আদৰৰ যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব প্ৰয়াত জুবিন গাৰ্গ বিহিন প্ৰথমটো জন্মদিন। আজিৰ দিনটোত প্ৰয়াত শিল্পী গৰাকীক প্ৰতিজন অসমীয়াই শ্ৰদ্ধাৰে সোঁৱৰিছে। বিভিন্ন জনে বিভিন্ন ধৰণে জুবিনবিহীন প্ৰথমটো জন্মদিন উদযাপনৰ কাৰ্যসূচী হাতত লৈছে। অনুৰূপ ধৰণে কামৰূপ জিলাৰ নৱগঠিত ২৭ নং ছমৰীয়া সমষ্টিৰ কংগ্ৰেছ দলৰ টিকট প্ৰত্যাশী ছাহজাহান আলীয়ে নিজৰ বাসভৱনৰ পদুলি আৰু সোণতলী সামূহিক স্বাস্থ্য কেন্দ্ৰ প্ৰাংগনত থকা বাগিছাত শিল্পী গৰাকীৰ অতি প্ৰিয় নাহৰৰ পুলি ৰোপণ কৰি শ্ৰদ্ধাৰে স্মৰণ কৰে।

নাহৰ পুলি ৰোপণৰ অন্তত স্বাস্থ্য কেন্দ্ৰটোত চিকিৎসাধীন অৱস্থাত থকা ৰোগীৰ স্বাস্থ্যৰ বুজ লোৱাৰ ওপৰিও অআৰএচএল বিতৰণ কৰা দেখা যায়। ছাহজাহান আলীৰ এই কাৰ্যসূচীত চিকিৎসক ডাঃ মোজ্জামেল মল্লিক, ডাঃ জাহিদুল ইছলাম,সোণতলী আঞ্চলিক মহাবিদ্যালয়ৰ প্ৰবক্তা দোস্ত খলিলুৰ ৰহমান, সোণতলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহ শিক্ষক আবু শ্বহিদুল ইছলাম, কেইবাগৰাকী নাৰ্চ প্ৰমুখ্যে স্থানীয় ভালে সংখ্যক স্থানীয় লোকে সংগ দিয়ে। মহান শিল্পী গৰাকীৰ পবিত্ৰ ওপজা দিনটোতেই তেওঁৰ বিদেহ আত্মাৰ শান্তি বিচাৰি ঈশ্বৰক প্ৰাৰ্থনা জনায়। লগতে অসম বাসীক জুবিন গাৰ্গে বিচৰা ধৰণৰ হিংসা আৰু জাতীয়তা বিদ্বেষহীন বৰ অসম গঢ়াৰ আহ্বান জনায়।