Home Blog Page 240

Guwahati flood: এসাগৰ পানীত কক্‌বকনি গুৱাহাটীবাসীৰ

Guwahati flood: এসাগৰ পানীত কক্‌বকনি গুৱাহাটীবাসীৰ
Guwahati flood: এসাগৰ পানীত কক্‌বকনি গুৱাহাটীবাসীৰ

সাগৰ দেখিছা, দেখা নাই কেতিয়াও? গুৱাহাটী মহানগৰীত বহুতেই দেখিলে সাগৰ৷(Guwahati flood) বিগত প্ৰায় ৩৬ ঘণ্টা ধৰি চলি থকা অবিৰত বৰষুণৰ ফলত অসমৰ বিভিন্ন ঠাইত জনজীৱন বিপন্ন হৈ পৰে৷ একে দৃশ্যই দেখা যায় গুৱাহাটী মহানগৰীতো৷ ধাৰাসাৰ বৰষুণৰ ফলত কৃত্ৰিম বানত বুৰ গ’ল গুৱাহাটী৷ কৃত্ৰিম বানে উটুৱাই নিলে মহানগৰীৰ আভিজাত্য৷ যোৱা প্ৰায় ৩৬ ঘণ্টা ধৰি হোৱা বৰষুণৰ ফলত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে গুৱাহাটীত৷

অধিকাংশ পথতে একাঠু পৰ্যন্ত পানী হয়৷ শ শ বাহন ৰাজপথত আবদ্ধ হৈ পৰে৷ শিক্ষাৰ্থী, চাকৰিয়ালকে ধৰি সাধাৰণ যাত্ৰীসকলো ঘণ্টা ঘণ্টা ধৰি আবদ্ধ হৈ পৰে৷ চানমাৰি, জু-ৰোড, ভি আই পি ৰোড, ৰাজগড়, ৰুক্মিণীগাঁও, হাতীগাঁও, বেলতলা, খানাপাৰা, ছয়মাইল, পাঞ্জাবাৰী, যোৰাবাট আদি অঞ্চলত অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে৷ কৃত্ৰিম বানৰ ফলত ৰাজপথবোৰত নদীসদৃশ পৰিৱেশৰ সৃষ্টি হৈছে৷ একপ্ৰকাৰ স্তব্ধ হৈ পৰিছে গুৱাহাটী মহানগৰী৷ কামৰ তাগিদাত একাংশ লোকে লেতেৰা, দুৰ্গন্ধময় পানী গচকিয়ে কৰ্মস্থলী বা ঘৰলৈ ৰাওনা হৈছে৷ কৃত্ৰিম বানৰ ফলত গুৱাহাটীৰ প্ৰতিটো পথতে ভয়ংকৰ যানজঁটৰ সৃষ্টি হৈছে৷

ৰাজপথতে বিকল হৈ পৰিছে বহু বাহন৷ জানিব পৰা মতে ৰুক্মিণীগাঁৱৰ মূল পথৰ লগতে উপ-পথসমূহত অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে৷ বিগত দুটা দিনে অঞ্চলটো পানীত ডুব গৈ থকাৰ ফলত সেই অঞ্চলৰ লোকসকল বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে৷ বিশেষকৈ খাদ্য-সামগ্ৰী আৰু খোৱাপানীৰ নাটনিয়ে দেখা দিছে৷ এছ ডি আৰ এফ, এন ডি আৰ এফ তথা প্ৰশাসনৰ লোকসকলে সেই স্থানত উপস্থিত হৈ পৰিস্থিতি পৰ্যালোচনা কৰিছে৷ লগতে উদ্ধাৰ অভিযানো আৰম্ভ কৰিছে৷

কিন্তু একাংশ লোকে অভিযোগ কৰা মতে প্ৰশাসনে তেওঁলোকক কোনোধৰণৰ সুবিধা প্ৰদান কৰা নাই৷ মুঠতে কৃত্ৰিমবানত পণবন্দী গুৱাহাটীবাসী৷ এনে পৰিস্থিতিত লোকসকলে চৰকাৰ তথা প্ৰশাসনক তীব্ৰ সমালোচনা কৰিছে৷ উল্লেখ্য আজিকোপতি কিন্তু মহানগৰীত কৃত্ৰিম বানপানীৰ সমস্যা সমাধান কৰিব নোৱাৰিলে চৰকাৰে৷ এজাক বৰষুণ দিলেই আলৈ-আথানি হয় মহানগৰবাসীৰ৷ আজিও ৰাজ্যত অব্যাহত থাকিব বৰষুণ৷

Expanding Assam’s Air Network: যোৰহাট, ডিব্ৰুগড়, উত্তৰ লখিমপুৰৰ পৰা পোনপোটীয়া বিমান উৰিব দিল্লীলৈ

Expanding Assam's Air Network: যোৰহাট, ডিব্ৰুগড়, উত্তৰ লখিমপুৰৰ পৰা পোনপোটীয়া বিমান উৰিব দিল্লীলৈ
Expanding Assam's Air Network: যোৰহাট, ডিব্ৰুগড়, উত্তৰ লখিমপুৰৰ পৰা পোনপোটীয়া বিমান উৰিব দিল্লীলৈ

অচিৰেই যোৰহাটৰ পৰা দিল্লীলৈ পোনপটীয়া বিমানসেৱা।(Expanding Assam’s Air Network)

ইণ্ডিগ’য়ে আৰম্ভ কৰিছে দিল্লী-যোৰহাটৰ পোনপটীয়া বিমান সেৱা।( IndiGo)



ডিব্ৰুগড় আৰু দিল্লীৰ মাজতো আৰম্ভ হ’ব নতুন বিমান সেৱা।


গুৱাহাটী-নবী মুম্বাইৰ মাজতো আৰম্ভ হ’ব বিমান সেৱা।


গুৱাহাটীৰ পৰা শিলচৰলৈও নতুন বিমান।


ইণ্ডিগ’ই আৰম্ভ কৰিব পোনপটীয়া বিমান সেৱা।

ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব ইণ্ডিগ’ৰ পোনপটীয়া বিমান সেৱা।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদৰী কৰে এই কথা।

Himanta Biswa Sarma: কামৰূপ, কামৰূপ মহানগৰৰ সকলো বিদ্যালয় বন্ধ আজি

Himanta Biswa Sarma: কামৰূপ, কামৰূপ মহানগৰৰ সকলো বিদ্যালয় বন্ধ আজি
Himanta Biswa Sarma: কামৰূপ, কামৰূপ মহানগৰৰ সকলো বিদ্যালয় বন্ধ আজি

কামৰূপ, কামৰূপ মহানগৰৰ সকলো বিদ্যালয় বন্ধ আজি।(Himanta Biswa Sarma)

কিয়নো বৰষুণ কমিলেও দুৰ্দশা কমা নাই তেনে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কামৰূপ, কামৰূপ মহানগৰৰ সকলো বিদ্যালয় বন্ধ আজি।(flood)

আনহাতে ব্যক্তিগত প্ৰতিষ্ঠানৰ দূৰৰ কৰ্মচাৰীৰ আজি ছুটী দিবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ।

চৰকাৰী কৰ্মচাৰীৰ আজি নৈমিত্তিক ছুটী ঘোষণা। লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে দূৰৰ চাকৰিয়াল কর্মক্ষেত্রলৈ আহিব নালাগে, মহানগৰীৰ সমীপতে আৱাসত থকাসকলক কর্মস্থলীলৈ অহাৰ আহ্বান মুখ্যমন্ত্ৰীগৰাকীৰ।

ধাৰাসাৰ বৰষুণৰত মহানগৰীত বানৰ অবৰ্ণনীয় পৰিস্থিতিৰ পাছতে সংবাদমেল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

Strom: কলিয়াবৰত ধুমুহাই প্ৰাণ ল’লে এজনৰ

Strom: কলিয়াবৰত ধুমুহাই প্ৰাণ ল'লে এজনৰ
Strom: কলিয়াবৰত ধুমুহাই প্ৰাণ ল'লে এজনৰ

কলিয়াবৰত ধুমুহাই প্ৰাণ ল’লে এজন যুৱকৰ।(Strom) ধুমুহাত গছৰ ডাল ভাঙি কৰুণ মৃত্যুক সাৱটি ল’লে এজন যুৱকে। কলিয়াবৰ সমজিলাৰ উলুৱনি আৰক্ষী নীৱেশৰ সমীপত সংঘটিত হয় কৰুণ দুৰ্ঘটনাটো।(Kaliabor)


ধুমুহাত গছৰ ডাল ভাঙি যুৱকজনৰ গাত পৰাত ততাতৈয়াকৈ আহত যুৱকজনক সংকটজনক অৱস্থাত কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে যুৱকজনক।

মৃত যুৱকজনৰ নাম জীৱন বিশ্বাস। নিজৰ ঘৰৰ চোতালতে সংঘটিত হৈছিল কৰুণ দুৰ্ঘটনাটো।


নেৰানেপেৰা বৰষুণৰ ফলত বুডঢ়াপাহাৰত ৰাষ্ট্ৰীয় পথত গছ বাগৰি যাতায়ত স্তব্ধ হৈ পৰে। তদুপৰি, কলিয়াবৰৰ ৰাজপথৰ দিনৰ ভাগত কেইবাটাও দুৰ্ঘটনা সংঘটিত হয়।

Guwahati Landslide: গুৱাহাটীত ভূমিস্খলনত তিনিজনকৈ লোকৰ মৃত্যু

গুৱাহাটীত ভূমিস্খলনত তিনিজনকৈ লোকৰ মৃত্যু
গুৱাহাটীত ভূমিস্খলনত তিনিজনকৈ লোকৰ মৃত্যু

গুৱাহাটীত বান-ভূমিস্খলনৰ ভয়াৱহ ৰূপ। (Guwahati Landslide)

গুৱাহাটীত ভূমিস্খলনত তিনিজনকৈ লোকৰ মৃত্যু।

বোন্দাৰ চপাইদঙত মহিলা, শিশুসহ ৩জনৰ মৃত্যু।

বোন্দাৰ দৈমুগুৰিত মৃত্যু মাতৃ পুনম গোস্বামী, কন্যা নীলাক্ষী গোস্বামীৰ।

পৰিয়ালটোৰ কাষতে বাস কৰা আন এটি শিশু কন্যা ৰঞ্জিতা বড়োৰো মৃত্যু।

তিনিমাহ পূৰ্বে দৈমুগুৰিত পাহাৰৰ দাঁতিত পৰিয়াল দুটাই ঘৰ সাজি বাস কৰিছিল।


Assam Weather: বতৰ বিজ্ঞান বিভাগে জাৰি কৰিলে সতৰ্কবাণীঃ অসমত দুদিনলৈ ধাৰাসাৰ বৰষুণ

Assam Weather: বতৰ বিজ্ঞান বিভাগে জাৰি কৰিলে সতৰ্কবাণীঃ অসমত দুদিনলৈ ধাৰাসাৰ বৰষুণ
Assam Weather: বতৰ বিজ্ঞান বিভাগে জাৰি কৰিলে সতৰ্কবাণীঃ অসমত দুদিনলৈ ধাৰাসাৰ বৰষুণ

অসমত তিনি দিনলৈ ধাৰাসাৰ বৰষুণৰ(Assam Weather)সতৰ্কবাণী জাৰি কৰিলে বতৰ বিজ্ঞান কেন্দ্ৰই৷ অসম, মেঘালয়, মণিপুৰ, অৰুণাচল প্ৰদেশ আৰু নাগালেণ্ডত ৰেড এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই৷ ত্ৰিপুৰা আৰু নাগালেণ্ডত শুকুৰবাৰে য়েল্লো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে৷

অসম, মেঘালয়, ত্ৰিপুৰা, নাগালেণ্ড, মিজোৰাম আৰু মণিপুৰত আজি ঘণ্টাত ৬০ কিলোমিটাৰ গতিত ধুমুহা অহাৰ সম্ভাৱনা আছে৷ অৰুণাচল প্ৰদেশত আজি ঘণ্টাত ৪০১ পৰা ৫০ কিলোমিটাৰ গতিত ধুমুহা অহাৰ সম্ভাৱনা আছে৷

অসম, মেঘালয়, ত্ৰিপুৰা, নাগালেণ্ড, মিজোৰাম আৰু মণিপুৰত শুকুৰবাৰে ঘণ্টাত ৬০ কিলোমিটাৰ গতিত ধুমুহা অহাৰ সম্ভাৱনা আছে৷ অৰুণাচল প্ৰদেশত শুকুৰবাৰে ঘণ্টাত ৪০১ পৰা ৫০ কিলোমিটাৰ গতিত ধুমুহা অহাৰ সম্ভাৱনা আছে৷

Gogamukh news: গোগামুখত কংগ্ৰেছ দলত খহনীয়াঃ পঞ্চায়তৰ দুগৰাকী প্ৰাক্তন সভানেত্ৰীসহ বহুকেইজন কংগ্ৰেছ নেতাৰ বিজেপিত যোগদান

Gogamukh news: গোগামুখত কংগ্ৰেছ দলত খহনীয়াঃ
Gogamukh news: গোগামুখত কংগ্ৰেছ দলত খহনীয়াঃ

পঞ্চায়ত নিৰ্বাচনত ধেমাজি জিলাত কংগ্ৰেছ(Gogamukh news) দলে শোচনীয় প্ৰদৰ্শন কৰাৰ পাছত দলটোৰ নেতা-কৰ্মীসকলৰ মাজত তীব্ৰ হতাশাই দেখা দিছে ৷ জিলাখনত কংগ্ৰেছ দলটোক সমুখৰ পৰা উপযুক্তভাৱে নেতৃত্ব দিব পৰা নেতা নথকাত দলটোৰ মাজত তীব্ৰ খহনীয়াৰ সৃষ্টি হোৱাৰ বিপৰীতে বিজেপি দলে অধিক আগ্ৰাহী ৰূপ ধাৰণ কৰি দলৰ ভেটি মজবুত কৰাত উঠি-পৰি লগা পৰিলক্ষিত হৈছে ৷

আজি ধেমাজি জিলাৰ গোগামুখ আবতানি লত্তাত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ উপস্থিতিত ধেমাজি জিলা কংগ্ৰেছ দলৰ মহিলা সমিতিৰ উপসভানেত্ৰী তথা প্ৰাক্তন পঞ্চায়ত সভানেত্ৰী ডালিমী বসুমতাৰী,  সম্পাদিকা  তথা প্ৰাক্তন পঞ্চায়ত সভানেত্ৰী ৰেখা দেৱী, কংগ্ৰেছ দলৰ ধেমাজি জিলা সমিতিৰ  উপ-সভাপতি গোবিন মহন্ত,  জিলা অ বি চি ৰ  সভাপতি দিগন্ত চুতীয়া, গোগামুখ  মণ্ডল কংগ্ৰেছ কমিটিৰ  সভাপতি কৃষ্ণকান্ত পাতিৰৰ লগতে জ্যেষ্ঠ কংগ্ৰেছ কৰ্মীদ্বয়  অজিত  বৰুৱা আৰু দিগন্ত  হাজৰিকা, সমাজসেৱক তুলসী শৰ্মা আৰু মঞ্জু  শৰ্মাই আজি  ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে ।

উপৰিক্ত নেতা-কৰ্মীসকলৰ কংগ্ৰেছ দল ত্যাগে কংগ্ৰেছ দলক ধেমাজি জিলাত গভীৰ সংকটলৈ ঠেলি দিয়াৰ সম্ভাৱনা আছে ৷ কিয়নো এই আটাইকেইজন নেতা-কৰ্মীয়ে কংগ্ৰেছ দলৰ গভীৰ  সংকটৰ সময়তো দলটোৰ স্থিতি মজবুত কৰি ৰাখিছিল ৷  আজিৰ  যোগদান কাৰ্যসূচীত উপস্থিত থাকে বিজেপি দলৰ পৰা নৱ নিৰ্বাচিত গোগামুখ জিলা পৰিষদৰ সদস্য জ্যোতিপ্ৰভা পেগু দলে, গোগামুখ মণ্ডল বিজেপিৰ সভাপতি দুলেন পেগু আদিয়ে ৷ 

Shravan Singh: কণমানি শ্ৰৱণক সন্মান জনালে ভাৰতীয় সেনাই, ‘অপাৰেচন সিন্দূৰ’ৰ সময়ত সেনা জোৱানক যোগান ধৰিছিল খাদ্য-পানী

Shravan Singh: পঞ্জাৱৰ কণমানি শ্ৰৱণক সন্মান জনালে ভাৰতীয় সেনাই, ‘অপাৰেচন সিন্দূৰ’ৰ সময়ত সেনা জোৱানক যোগান ধৰিছিল খাদ্য-পানী
Shravan Singh: পঞ্জাৱৰ কণমানি শ্ৰৱণক সন্মান জনালে ভাৰতীয় সেনাই, ‘অপাৰেচন সিন্দূৰ’ৰ সময়ত সেনা জোৱানক যোগান ধৰিছিল খাদ্য-পানী

পেহেলগাম কাণ্ডৰ পিছত(Shravan Singh)ভাৰতে পাকিস্তানৰ মাটিত প্ৰতিশোধ লয়৷ পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ সেই সামৰিক অভিযানৰ সময়তে পঞ্জাবৰ অমৃতসৰত ভাৰত-পাক সীমান্তত নিয়োজিত সৈন্যৰ ওচৰ পাইছিল গৈ দুখন সৰু হাত৷ জম্মু-কাশ্মীৰ, ৰাজস্থান আৰু গুজৰাটৰ লগতে পাকিস্তানে পঞ্জাবতো ড্ৰোন আৰু মিছাইল আক্ৰমণ চলাইছিল৷ ভাৰতীয় সেনায়ো প্ৰতিশোধ লৈছিল৷ পাকিস্তানৰ সৈতে সামৰিক সংঘাতত ব্যস্ত জোৱানে যাতে খাদ্য আৰু খোৱাপানী পোৱাত কোনো অসুবিধাৰ সন্মুখীন নহয়, তাৰ বাবে দহবছৰীয়া শ্ৰৱণ সিঙে সেই সকলোবোৰ বস্তু যোগান ধৰি গৈছিল৷ সেয়ে শ্ৰৱণ এতিয়া সেনাৰ দৃষ্টিত নায়ক৷ (Operation Sindoor)

সেনাই তেওঁক সন্মান জনাইছে৷ শ্ৰৱণক সেনাই প্ৰদান কৰিছে ‘যুৱতম অসামৰিক যোদ্ধা’ৰ সন্মান৷ শ্ৰৱণৰ ঘৰ পঞ্জাবৰ ফিৰোজপুৰৰ মামদোট গাঁৱত৷ শ্ৰৱণৰ পিতৃ সোণা সিঙে কয়, ‘দুয়োখন দেশৰ মাজত সামৰিক সংঘাতৰ সময়ত সীমান্তৰ কাষৰ আমাৰ ভূমিৰ পৰা জোৱানসকলে পাকিস্তানক অহৰহ আক্ৰমণ কৰিছিল৷ সৈন্যসকলক ওচৰৰ পৰা দেখি শ্ৰৱণে আপ্লুত হৈ পৰিছিল৷ শ্ৰৱণে নিজেই খোৱাপানী, খাদ্য, লাচী আজি সেনা জোৱানক যোগান ধৰিছিল৷ যাতে জোৱানসকলে কোনো ধৰণৰ কষ্টৰ সন্মুখীন নহয়৷ সৈনিকৰ সেৱা কৰি তেওঁ সন্তুষ্ট হৈ পৰাটো আমাৰ বাবে অতি ডাঙৰ কথা ৷ সোণাই লগতে কয়, ‘যেতিয়ালৈকে এই সামৰিক অভিযান চলি আছিল, যেতিয়ালৈকে সৈনিকসকল আমাৰ কাষতে আছিল, শ্ৰৱণে তেওঁলোকক খাদ্য যোগান ধৰি গৈছিল৷ তেওঁৰ সপোন এদিন তেওঁলোকৰ দৰে দেশৰ বাবে যুঁজ দিয়া৷’ আনহাতে, শ্ৰৱণে কয় যে জোৱানসকলক খাদ্য যোগান ধৰিবলৈ পাই তেওঁ অতিশয় আনন্দিত৷ তেওঁৰ ভাষাত ‘মই ডাঙৰ হৈ সৈনিক হ’ব বিচাৰো৷ দেশৰ বাবে যুঁজিব বিচাৰো৷’

Rita Choudhury: কিয় সামাজিক মাধ্যমত স্বামীৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে সাহিত্যিক ৰীতা চৌধুৰীয়ে ?

Rita Choudhury: কিয় সামাজিক মাধ্যমত স্বামীৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে সাহিত্যিক ৰীতা চৌধুৰীয়ে ?
Rita Choudhury: কিয় সামাজিক মাধ্যমত স্বামীৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে সাহিত্যিক ৰীতা চৌধুৰীয়ে ?

যশস্বী সাহিত্যিক ৰীতা চৌধুৰীয়ে সামাজিক(Rita Choudhury)মাধ্যমত স্বামী তথা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে। সাহিত্যিকগৰাকীয়ে সামাজিক মাধ্যমত লিখিলে-

‘পান দোকান, বাবা মাইনা আৰু আমাৰ আত্মসন্মান

দুদিনমান এটা বিশাল আৰু নিৰ্জন চৌহদত অকলে আছোঁ৷ অলপ জিৰণিৰ বাবে আৰু সন্তানসকলৰ বাবে কৈ যাব লগা কথাবোৰ ৰেকৰ্ড কৰাৰ বাবে প্ৰস্তুতি চলাবলৈ এইখিনি একান্ত সময়ৰ প্ৰয়োজন আছিল৷ সামাজিক মাধ্যমত পোষ্ট দি থাকিলেও জৰুৰী বিষয়বোৰৰ বাহিৰে একো কথালৈ মন দিয়া নাছিলোঁ৷ সেয়ে মোৰ গৃহস্থই নিজৰ সন্তানক সাঙুৰি লৈ দিয়া মন্তব্য চকুত পৰা নাছিল৷ কালি ৰাতি এজনে কথাটো জনালে আৰু মই বিচাৰি উলিয়াই বক্তব্যখিনি শুনিলোঁ৷

এই বিষয়ে তেওঁৰ লগত মই কথা পতা নাই৷ প্ৰয়োজনো অনুভৱ কৰা নাই৷

যিমান পাৰো চমুকৈ মোৰ ৰাজহুৱাভাৱে ক’বলগীয়াখানি কোৱাৰ চেষ্টা কৰিম৷

যেতিয়া এজন ৰাজনীতিকে ৰাজহুৱা ভাবে কয় যে তেওঁৰ সন্তানক এখন পান দোকানো কৰি দিয়া নাই আৰু তেওঁৰ মৃত্যু হ’লে লণ্ডন আমেৰিকাত পঢ়ি অহা সন্তান দিশাহাৰা হৈ যাব তেতিয়া সেই মন্তব্যৰ ৰাজহুৱা উত্তৰ দিয়াৰ প্ৰয়োজন আছে৷

কাৰণ তেওঁৰ সন্তান দুটাৰ এগৰাকী মাকো আছে যি টান মাটিত থিয় হৈ মূৰ তুলি জীয়াই থাকিব খোজে আৰু আছেও৷ বাবা আৰু মাইনা মোৰো সন্তান৷ বাবাৰ নাম অভিৰুক আৰু মাইনাৰ নাম কৃষ্টি৷ তেওঁলোক এতিয়া প্ৰাপ্তবয়স্ক৷ পিতৃ-মাতৃ নিৰ্ভৰ শিশু নহয়৷ তেওঁলোকৰ আত্মসন্মান আৰু নিজা জীৱনদৰ্শন আছে৷ মোৰো আছে৷

বিয়াৰ ন বছৰ পিচত মোৰ ছোৱালীজনীৰ যেতিয়া জন্ম হৈছিল তেতিয়া মোৰ এটা বেংক একাউন্ট আছিল আৰু তাত তিনি হেজাৰ টকা আছিল৷ মাতৃ হোৱাৰ পিছত মোৰ দায়িত্ব সন্তানৰ যত্ন লোৱা, সঠিক পথ দেখুওৱা আৰু নিৰাপত্তাৰ ব্যৱস্থা কৰা৷ কিন্তু এম এল এ হৈ থকা তাইৰ পিতৃয়ে যেতিয়া তাইৰ আহাৰ যোগানত গাফিলতি কৰিছিল আৰু পইচা বেংকৰ পৰা উলিয়াই কিনাৰ সময় নাছিল, আৰু যেতিয়া উপায় নাপাই দীপক বৰ্মণ নামৰ ল’ৰা এটাৰ হতুৱাই বাতৰি কাকত বেচি সেই পইচাৰে কিনি আনিব লগা হৈছিল তাৰ পিচত মই সেই দায়িত্ব নিজৰ হাতত তুলি লৈছিলোঁ৷ উপাৰ্জন কৰা প্ৰতিটো পইচা মই তেওঁলোকৰ ভৱিষ্যত আৰু বৰ্তমানক আগত ৰাখি ব্যয় কৰিছিলোঁ৷ কলম তুলি লৈছিলোঁ৷ নিজকো শক্তিশালী ৰূপত গঢ়ি তুলিছিলোঁ৷ তেওঁলোককো ক্ষমতাই দিয়া সুবিধাবোৰৰ পৰা আঁতৰাই সাধাৰণ জীৱন জীয়াই থাকিবলৈ শিকক বুলি আৰু বিশালতৰ জগতৰ লগত পৰিচয় হওক বুলি দিল্লীলৈ লৈ গৈছিলোঁ৷ লণ্ডন আমেৰিকালৈ ময়েই তেওঁলোকক পঢ়িবলৈ পঠিয়াইছিলোঁ৷ তাৰ বাবে মোৰ সমস্তখিনি উজাৰি দিছিলোঁ৷ মই ত্ৰুটি বিচ্যুতিহীন নহয়৷ কিন্তু চেষ্টা কৰোঁ৷ অভিৰুকে ক্লাছ এইটৰ পৰা বিভিন্ন ঠাইত গীটাৰ আৰু ড্ৰাম বজাই উপাৰ্জন কৰিবলৈ আৰম্ভ কৰিছিল৷ মোৰ হাতত আনি আনি দিছিল৷ এতিয়াই কৰে৷ তেনেই সাধাৰণভাবে জীয়াই থাকিবলৈ সেইখিনি যথেষ্ট৷ নিজেই পৰীক্ষা দি বিশ্বৰ পাঁচখন কলেজত মিউজিক পঢ়াৰ সুবিধা পাইছিল৷ তাৰ ভিতৰত তাৰ সপোন আছিল বষ্টনৰ বাৰ্কলি স্কুল অফ মিউজিকত পঢ়া৷ সেয়া মোৰ ক্ষমতাৰ সীমাৰ বাহিৰত আছিল৷ মই তাক কৈছিলোঁ আন কেইখন কলেজত মই তোমাক পঢ়ুৱাব পাৰিম৷ কিন্তু বাৰ্কলিত মই তোমাক মাত্ৰ দুবছৰ হে পঢ়ুৱাব পাৰিম৷ সি বহুত ভাবি চিন্তি ক’লে মোক দুবছৰ পঢ়ুৱালেও হ’ব৷ তাৰ পিচত মই নিজেই কিবা কৰি ল’ম৷ মোৰ তেতিয়ালৈ জমা হোৱা সমস্ত ধন, দেউতাকৰ একাউন্টৰ টকা আৰু খাৰঘুলিৰ ঘৰটো বন্ধকত দি এডুকেচন লোন লৈ পঢ়িবলৈ পঠিয়ালোঁ৷ পইচা দিব নোৱাৰাৰ বাবে তাৰ পঢ়া আধৰুৱা হৈ থাকিল৷ কভিদত সি উভতি আহিল৷ মই অলপ দূৰদৰ্শী আছিলোঁ আৰু এটা প্লেন বি ৰ কথা ভাবি তাৰ মিউজিছিয়ান বন্ধুবোৰৰ সহযোগত এটা ষ্টুডিঅ আৰম্ভ কৰিছিলোঁ৷ সি উভতি আহিছিল মিউজিকৰ জ্ঞান, অভিজ্ঞতা আৰু আত্মবিশ্বাস লৈ৷ কাম কৰি খায় সি৷ কৃষ্টি এগৰাকী আৰ্টিষ্ট৷ ছবি আঁকে৷ জন্মগতভাৱে নান্দনিক কামত পাৰদৰ্শী৷ তাই নাগালেণ্ডত গৈ খৃষ্টমাছৰ দোকান দিয়াৰ দৰে কামো কৰিছে৷ যদিও তাই বৰ আলসুৱা, কিন্তু প্ৰয়োজনত পাহাৰ দঙাৰো শক্তি আছে৷ জীৱনৰ সকলো প্ৰয়োজনীয় প্ৰশিক্ষণ মই তেওঁলোকক দিছোঁ৷ দুয়োজনৰে হাতৰ বিদ্যা আছে৷ চলিব পাৰিব৷ কিন্তু ক্ষমতাশালী পিতৃৰ ঘৰত ডাঙৰ হোৱা ল’ৰা-ছোৱালী দুটাই এনেকৈ কাম কৰি স্বাৱলম্বী হৈ জীয়াই থাকিব পাৰিব বুলি জানিও তুলনামূলকভাৱে সুবিধাজনক পৰিবেশৰ শৈশৱ আৰু বৰ্তমান পাৰ কৰা সন্তান দুটাৰ ভৱিষ্যতক লৈ মাতৃ হিচাপে মোৰ নিৰাপত্তাহীনতা আছে৷ সেয়েহে মই এটা publishing house খুলিছোঁ৷ মিউজিকৰ ক্ষেত্ৰখন অনিশ্চিত৷ মই মাতৃ হিচাপে নিজৰ সন্তানক আনৰ ওচৰত হাত পাতি জীয়াই থকাৰ কথা কল্পনাও কৰিব নোৱাৰো৷ মোৰ ভয়ো লাগে আৰু খুব দুখো লাগে৷ ল’ৰা-ছোৱালীদুটাক ৰাজনৈতিক আৰু প্ৰতিকুল পৰিবেশৰ মাজত মানুহ হিচাপে গঢ়ি তুলিবলৈ মই চেষ্টাৰ ত্ৰুটি কৰা নাই৷ ল’ৰাটোৱে কয় চিন্তা নকৰিবলৈ৷ কয়— মই কিবা এটা কৰিম৷ এনে এটা পৰিস্থিতিত এজন ক্ষমতাশালী দেউতাকে এখন পান দোকানো কৰি দিয়া নাই বুলি আৰু তেওঁৰ মৃত্যু হ’লে বাবা মাইনা দিশাহাৰা হৈ যাব বুলি ৰাজহুৱা ভাবে গৰ্ব কৰি কোৱাটো অত্যন্ত দূৰ্ভাগ্যজনক৷ ই আমাৰ কাৰণে অপমানজনকো৷ সন্তানৰ নিম্নতম নিৰাপত্তাৰ ব্যৱস্থা কৰাটো প্ৰতিজন পিতৃ-মাতৃৰ দায়িত্ব৷ তেওঁলোক নিজৰ ইচ্ছাত পৃথিৱীলৈ নাহে৷ এজন ক্ষমতাশালী মানুহে কৰাপছন নকৰাকৈও এইখিনি কাম আৰু ভালকৈ কৰিব পৰা সুবিধা থাকে৷ তাকে নকৰি, পান দোকানৰ উপমা টানি আনি, তেওঁৰ অবিহনে দিশাহাৰা হৈ যাব বুলি কৈ তেওঁ মাতৃ হিচাপে মোৰ যোগ্যতাকো অপমান কৰিছে৷ মোৰ দুই সন্তানক পৰমুখাপেক্ষী অসহায় শিশু হিচাপে প্ৰক্ষেপ কৰি তেওঁলোকৰ আত্মসন্মান আৰু যোগ্যতালৈকো আঙুলি টোৱাইছে৷ অতি দূৰ্ভাগ্যজনক৷ তেওঁ আমাৰ দৈনন্দিন জীৱন ভালদৰে পাৰ কৰাত যত্নপৰ নহয় বুলি কেতিয়াও ক’ব নোৱাৰোঁ৷ কিন্তু তেওঁৰ অবিহনে দিশাহাৰা হৈ যাব বুলি কোৱাটো পিতৃ হিচাপে তেওঁৰ ব্যৰ্থতা৷ এই তৰলতাৰ আৰু

ৰাজনীতিৰ মাজলৈ নিজৰেই হওক আৰু আনৰেই হওক কাৰো পত্নী সন্তানক অনাহকত টানি অনাৰ নিম্নস্তৰৰ সকলো প্ৰৱণতাৰ মই বিৰোধীতা কৰোঁ৷ মই বিচাৰোঁ সমাজত নতুনকৈ আৰম্ভ হোৱা এই ক্ষয়ংকৰী ধাৰাৰ অন্ত পৰক৷’

Himanta Biswa Sarma: আগষ্টত মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰিব অসম ক্ৰিকেট সন্থাৰ ক্ৰিকেট একাডেমী

Himanta Biswa Sarma: আগষ্টত মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰিব অসম ক্ৰিকেট সন্থাৰ ক্ৰিকেট একাডেমী
Himanta Biswa Sarma: আগষ্টত মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰিব অসম ক্ৰিকেট সন্থাৰ ক্ৰিকেট একাডেমী

উত্তৰ গুৱাহাটী ৰাজহ চক্ৰৰ অন্তৰ্গত ফুলুং ডেকাবাৰীৰ(Himanta Biswa Sarma)২০ বিঘা ভূমিত নিৰ্মাণৰত অসম ক্ৰিকেট সন্থাৰ অত্যাধুনিক ‘ক্ৰিকেট একাডেমী’ বৰ্তমান সম্পূৰ্ণ হোৱাৰ পথত৷ এই একাডেমীখন ১৫ আগষ্টৰ ভিতৰত আনুষ্ঠানিকভাৱে মুকলি কৰিব মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই৷ একাডেমীখনৰ নিৰ্মাণ পৰিদৰ্শন কৰি এই কথা উত্তৰ গুৱাহাটীত সদৰী কৰিলে বিচিচিআইৰ সচিব দেৱজিৎ লন শইকিয়াই৷ বৰ্তমান পূৰ্ণগতিত নিৰ্মাণৰ কাম চলি থকা এই একাডেমীত ল’ৰা-ছোৱালীৰ বাবে দুটা উন্নত মানৰ আৱাস গৃহৰ কাম চলি আছে৷

এই আৱাসগৃহসমূহো অনাগত ১০ দিনৰ ভিতৰত সম্পূৰ্ণ হৈ উঠিব৷ প্ৰতিটো আৱাসগৃহত ৬০জনকৈ ল’ৰা-ছোৱালী খেলুৱৈ থকাৰ সুবিধা থাকিব৷ এই একাডেমীত উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত সৰ্ববৃহৎ ইনড’ৰ হল নিৰ্মাণ কৰা হৈছে আৰু এই ইনড’ৰ হলত ১০খনকৈ উইকেট থাকিব বুলি বিবিচিআইৰ সচিবগৰাকীয়ে জানিবলৈ দিছে৷ আন এক বাৰ্তালাপত সচিব শইকিয়াই প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ তথা বৰ্তমান ইংলেণ্ড ভ্ৰমণলৈ যাব লগা ভাৰতীয় দলৰ মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰক উচ্ছ প্ৰশংসা কৰে৷ শইকীয়াই ভাৰতীয় দলত স্থান লাভ কৰা অসমৰ ৰিয়ান পৰাগক লৈ বহুত আশাবাদী বুলি উল্লেখ কৰে৷

বিগত আইপিএলত এটা অভাৰত ছয়টা ছিক্সেৰে ৰিয়ান পৰাগে নিজৰ খেলুৱৈ সুলভ দাঙি ধৰিবলৈ সক্ষম হোৱাৰ লগতে অনাগত দিনটো খেলুৱৈগৰাকীয়ে এই ধাৰা অটুট ৰাখিবলৈ সক্ষম হ’ব বুলি আশা প্ৰকাশ কৰে৷ আই পি এলত ভাৰতীয় দলৰ সূৰ্যবংশীৰ ধাৰাবাহিক চমক প্ৰদৰ্শনে ভাৰতীয় ক্ৰিকেট দলৰ বাবে আন এক শুভ সংবাদ বুলি অভিহিত কৰে সচিব দেৱজিৎ লন শইকীয়াই৷