Home Blog Page 2401

মুকলি হ’ল এ.পি.এছ.চি. পৰিসংখ্যা পৰিদৰ্শক উত্তৰ কী ২০২২… 

অসম লোক সেৱা আয়োগে (এপিএছচি) অৰ্থনীতি আৰু পৰিসংখ্যা সঞ্চালকালয়ত পৰিসংখ্যা পৰিদৰ্শক পদৰ বাবে স্ক্ৰীণিং পৰীক্ষাৰ উত্তৰ কী মুকলি কৰিছে। পৰিৱৰ্তন আৰু উন্নয়ন বিভাগ, অসমৰ অধীনত পৰিসংখ্যা পৰিদৰ্শকৰ বাবে স্ক্ৰীণিং পৰীক্ষাত অৱতীৰ্ণ হোৱা সকলো প্ৰাৰ্থীয়ে চৰকাৰী website-apsc.nic.in পৰা এপিএছচি পৰিসংখ্যা পৰিদৰ্শক উত্তৰ কী ২০২২ ডাউনলোড কৰিব পাৰে।
এইটো উল্লেখ কৰা হৈছে যে আয়োগে এডভটৰ বিৰুদ্ধে পৰিসংখ্যা পৰিদৰ্শক পদৰ বাবে স্ক্ৰীণিং পৰীক্ষা অনুষ্ঠিত কৰিছে।   আয়োগে  তেওঁলোকৰ অফিচিয়েল ৱেবছাইটত এপিএছচি পৰিসংখ্যা পৰিদৰ্শক উত্তৰ কী ২০২২ আপলোড কৰিছে। তলত দিয়া পদক্ষেপবোৰ অনুসৰণ কৰাৰ পাছত অফিচিয়েল ৱেবছাইটৰ পৰা এপিএছচি পৰিসংখ্যা পৰিদৰ্শক উত্তৰ কী ২০২২ ডাউনলোড কৰিব পাৰে।

এ.পি.এছ.চি. পৰিসংখ্যা পৰিদৰ্শক উত্তৰ কী ২০২২  কেনেদৰে ডাউনলোড কৰিব 


১) অফিচিয়েল ৱেবছাইটলৈ যাওক অৰ্থাৎ apsc.nic.in

২) হোম পেজত উপলব্ধ শেহতীয়া আপডেট শাখালৈ যাওঁক।

৩) অসমৰ পৰিৱৰ্তন আৰু উন্নয়ন বিভাগৰ অধীনত পৰিসংখ্যা পৰিদৰ্শক পদত নিযুক্তিৰ বাবে লিংকত ক্লিক কৰক ” স্ক্ৰীণিং পৰীক্ষা (ওএমআৰ আধাৰিত)। 

এটা নতুন উইণ্ডো খুল খাব য’ত আপুনি এপিএছচি পৰিসংখ্যা পৰিদৰ্শক উত্তৰ কী ২০২২ আপডেটৰ পিডিএফ পাব।ইয়াৰ পৰা প্ৰিণ্ট আউট লওক আৰু ভৱিষ্যতৰ প্ৰসংগৰ বাবে এটা প্ৰতিলিপি সংৰক্ষণ কৰক।

পৰিসংখ্যা পৰিদৰ্শক পদৰ বাবে স্ক্ৰীণিং পৰীক্ষাত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীসকলে মন কৰিব লাগে যে তেওঁলোকে তেওঁলোকৰ উত্তৰ কী উত্থাপন কৰিব পাৰে, যদি অফিচিয়েল ৱেবছাইটৰ নিৰ্দেশনা অনুসৰি অনলাইন মোডত থাকে। প্ৰাৰ্থীসকলে তেওঁলোকৰ আপত্তিবোৰ উত্তৰ কী দাবী বিন্যাসৰ সৈতে উত্থাপন কৰিব লাগিব যিটো অফিচিয়েল ৱেবছাইটত উপলব্ধ। আপত্তি প্ৰেৰণৰ অন্তিম তাৰিখ হৈছে ১১ এপ্ৰিল ২০২২।

ইউক্ৰেইন-ৰাছিয়াৰ যুদ্ধৰ পৰা চীনে কি শিক্ষা পালে?

ইউক্ৰেইন-ৰাছিয়া যুদ্ধৰ ৪০দিনৰো অধিক হ’ল। এফালে, আমেৰিকা আৰু ইয়াৰ মিত্ৰশক্তিয়ে ৰাছিয়াৰ বিৰুদ্ধে নিষেধাজ্ঞা আৰোপ কৰিছে। আনহাতে, চীনক ৰাছিয়াৰ সমৰ্থনত একেৰাহে থকা দেখা গৈছে। আনহাতে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ কমাণ্ডাৰে টাইৱানৰ বিষয়ে ৰাষ্ট্ৰপতি জ’ বিডেনক ইতিমধ্যয়ে সতৰ্ক কৰি দিছে। টাইৱান লৈ আমেৰিকা আৰু চীনৰ মাজত দীৰ্ঘদিন ধৰি উত্তেজনা চলি আছে। দুয়োখন দেশে দুয়োখন দেশৰ বিৰুদ্ধে বহুবাৰ কঠোৰ বিবৃতিও জাৰি কৰিছে। আমেৰিকান কামাণ্ডাৰে কৈছে যে, চীনে ইউক্ৰেইনৰ পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে।

৪০ দিনতকৈও অধিক সময়তো কিন্তু ৰাছিয়াই এতিয়াও সম্পূৰ্ণৰূপে ইউক্ৰেইন দখল কৰিব পৰা নাই। বৰঞ্চ, ৰুছ সেনাই ইউক্ৰেইন চহৰৰ পৰা পলাব লগীয়া অবস্থাহে হৈ পৰিছে। লগতে আমেৰিকাৰ নৌ-সেনাৰ পেচিফিক ফ্লীটকমাণ্ডাৰ এডমিৰেল চেমুৱেল জন পাপাৰোৱে কয়, “এতিয়া কোনো সন্দেহ নাই যে চীনে ইউক্ৰেইনৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষা পাইছে।” জানিব পৰা মতে, আমেৰিকাৰ বিদেশ বিভাগে টাইৱানক ৯৫ নিযুত আমেৰিকান ডলাৰৰ প্ৰতিৰক্ষাৰ সামগ্ৰীৰ বিক্ৰী কৰিবলৈ অনুমোদন জনাইছে। আনহাতে, যোৱা মাহত আমেৰিকাৰ এটা প্ৰাক্তন সামৰিক দল টাইৱানলৈ প্ৰেৰণ কৰিছে। আৰু ইয়াৰ প্ৰতিবাদত চীনে কৈছে যে “টাইৱানক সমৰ্থন কৰাৰ বাবে আমেৰিকাই যথেষ্ট মূল্য পৰিশোধ কৰিব লাগিব।”

অসম নাট্য সন্মিলনৰ বিভিন্ন বঁটা ঘোষণা…

অসম নাট্য সন্মিলনে এই বেলি “নাট্য সন্মিলন বঁটা“ প্ৰদান কৰিব নগাঁৱৰ জীৱেশ্বৰ দেৱ গোস্বামীক ৷ অসম সত্ৰ মহাসভাৰ প্ৰাক্তন প্ৰধান সম্পাদক , সত্ৰাধিকাৰ , শিক্ষাবিদ জীবেশ্বৰ দেৱ গোস্বামীৰ ঘৰ নগাঁৱত ৷ ইফালে “মহেন্দ্ৰ বৰঠাকুৰ বঁটা“ প্ৰদান কৰিব প্ৰকাশ মেধিক ৷ প্ৰয়াত প্ৰকাশ মেধি ৰাজ্যৰ এজন বলিষ্ঠ নাট্যকাৰ আৰু পৰিচালক আছিল ৷ অসম নাট্য সন্মিলনে নতুনকৈ প্ৰবৰ্তন কৰা নাট্যপ্ৰভাকৰ “সত্য প্ৰসাদ বৰুৱা নাট্যসমালোচক বঁটা“ নগাঁৱৰ ৰাজ্যিক অধিবেশন স্থলীতে এইবাৰ প্ৰদান কৰিব ৷ এই বঁটা প্ৰদান কৰা হ’ব নাট্য সমালোচক , শিক্ষাবিদ ড° শৈলেন ভড়াঁলীক ৷ অসমীয়া প্ৰতিদিন ডিজিটেলক এই কথা জনাইছে অসম নাট্য সন্মিলনৰ কেন্দ্ৰীয় সমিতিৰ প্ৰধান সম্পাদক গিৰিধৰ ৰয়ে ৷

প্ৰধান সম্পাদক ৰয়ে জনোৱা মতে, বঁটা সমূহ অধিবেশনৰ ১০ এপ্ৰিলৰ মুকলি সভাত প্ৰদান কৰা হ’ব ৷ মুকলি সভাতে সন্মিলনে শিল্পী নিপন গোস্বামী , বিদ্যা ৰাও , বলীন বৰগোহাঁই , ভোগী বৰ্মন, বাদল চৌধুৰী , কানু গোস্বামী ,প্ৰয়াত ড° দিলীপ কুমাৰ বৰুৱাক সম্বৰ্দ্ধনা জনাব ৷৬ এপ্ৰিলৰ পৰা কলঙৰ বাকৰি নেহৰুবালিত আৰম্ভ হোৱা ৬০ সংখ্যক অসম নাট্য সন্মিলনৰ ৰাজ্যিক অধিবেশনৰ শুকুৰবাৰৰ তৃতীয় দিনৰ কাৰ্যসূচী অনুসৰি পুৱাৰ ভাগত সাধাৰন পৰিষদৰ সভা অনুষ্ঠিত হয় ৷ দুপৰীয়াৰ পৰা একক অভিনয় প্ৰতিযোগিতা, শিশু নাট, এন এছ ডিৰ নাট প্ৰদৰ্শন, নাট প্ৰতিযোগিতা আদি কাৰ্যসূচী আছে ৷

একতাৰ এনাজৰী! উত্তৰ পূৰ্বাঞ্চলত দশম শ্ৰেণীলৈ বাধ্যতামূলক হ’ব হিন্দী…

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এক অনুষ্ঠানৰ জৰিয়তে উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যত হিন্দী বাধ্যতামূলক হ’ব এক মন্তব্য কৰিছে। তেওঁ কৈছে যে, উত্তৰ পূৰ্বাঞ্চলত ২২,০০০ হিন্দীৰ শিক্ষক নিযুক্তি দিয়া হৈছে। তেওঁ কৈছে, উত্তৰপূৰ্বাঞ্চলৰ মুঠ ৯ টা জনজাতিয়ে দেৱনাগিৰী লিপি গ্ৰহণ কৰিছে । অনুষ্ঠানত তেওঁ কয়, এই ৮ খন ৰাজ্যত দশম শ্ৰেণীলৈকে চৰকাৰে হিন্দী বাধ্যতামূলক কৰাৰ দিশটোত একমতত উপনিত হৈছে।

উল্লেখ্যে যে বৃহস্পতিবাৰে দিল্লীত অনুষ্ঠিত হোৱা চৰকাৰী ভাষাৰ সংসদীয় সমিতিৰ বছেৰেকীয়া সভাৰ অধ্যক্ষতা কৰি এই মন্তব্য কৰিছে। অনুষ্ঠানত তেওঁ কয় যে, দেশৰ বিভিন্ন ৰাজ্যৰ লোকসকলে ইংৰাজীৰ পৰিৱৰ্তে হিন্দীত কথা পাতিব লাগে। প্ৰধানমন্ত্ৰী মোডীৰ প্ৰসংগৰে তেওঁ কয়, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সকলো চৰকাৰী কাম-কাজ চৰকাৰী ভাষাত পৰিচালনা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। গতিকে হিন্দী ভাষাৰ জৰিয়তে দেশক একতাৰ এনাজৰীৰে বান্ধিব লাগে। তেওঁ অ-হিন্দীভাষী ৰাজ্যসমূহৰ লোকসকলক হিন্দীত মনৰ ভাৱ আদান প্ৰদান কৰাৰ বাবেও পৰামৰ্শ প্ৰদান কৰিছে।

স্বচ্ছ বৰলীয়া সেউজ ৰঙিয়া অভিযান…

ৰঙিয়া মহকুমা প্ৰশাসনৰ উদ্যোগত আৰু ৰঙিয়া পৌৰসভা আৰু স্বেচ্ছাসেৱী সংস্থা ‘সাধনা’ৰ সহযোগত বৰলীয়া নদীখন স্বচ্ছ, নিকা আৰু পৰিষ্কাৰ কৰি ৰখাৰ উদ্দেশ্যে ‘স্বচ্ছ বৰলীয়া সেউজ ৰঙিয়া’ নামৰে এক অভিযানৰ শুভাৰম্ভণি কৰা হয়।”স্বচ্ছ বৰলীয়া সেউজ ৰঙিয়া”অভিযানত ৰঙিয়া মহকুমা প্ৰশাসনক ৰঙিয়াবাসী ৰাইজে সহায় সহযোগিতা আগবঢ়াই নদীখন পেলনীয়া সামগ্ৰীমুক্ত স্বচ্ছ,নিকা কৰি ৰাখিবলৈ আহ্বান জনায়।উক্ত কাৰ্যক্ৰমত ৰঙিয়া মহকুমাধিপতি জাবীৰ ৰাহুল সুৰেশ,ৰঙিয়া মহকুমা ৰাজহ চক্ৰ বিষয়া লীনা কুমাৰী পাওৱে,ৰঙিয়া পৌৰসভা নৱ নিৰ্বাচিত পৌৰপতি অমৰেন্দ্ৰ লহকৰ,উপ পৌৰপতি বিদ্যুৎ ডেকা,ৰঙিয়া স্বেচ্ছাসেৱী সংস্থা ‘সাধনা’ ৰ সম্পাদক জ্যোতিষ কলিতা,ৰঙিয়া পৌৰসভাৰ নৱ নিৰ্বাচিত ওৱাৰ্ড কমিছনাৰ সকল,ৰঙিয়া মহকুমা প্ৰশাসনৰ বিষয় ববীয়া সকল,ৰঙিয়া পৌৰসভাৰ কৰ্মচাৰী তথা বিষয় ববীয়া সকলৰ লগতে স্থানীয় সচেতন ৰাইজ উপস্থিত থাকে।

আনহাতে স্থানীয় বিধায়ক ভবেশ কলিতাই ৰঙিয়াৰ বুকু জিপাল কৰি ৰখা বৰলীয়া নৈৰ দুয়োপাৰ পৰিস্কাৰ কৰি ভালদৰে সজাই পৰাই মূল্যবান গছ-গছনি ৰুই বৰলীয়া নৈৰ দুয়োপাৰে ৰাতিপুৱা গধূলী ৱাকিং জোন হিচাপে গঢ়ি তোলাৰ এক পৰিকল্পনা হাতত লোৱা বুলি জনাই।তেওঁ লগতে মহকুমা প্ৰশাসনৰ এই প্ৰচেষ্টাৰ শলাগ লয়।

পলিথিনমুক্ত কৰি সেউজীয়াকৰণ কৰাত এক বিশেষ ভুমিকা গ্ৰহণ কৰিব:দুলুমণি কাকতি

গুৱাহাটী পৌৰ নিগমৰ আটাইতকৈ উল্লেখযোগ্য ৱাৰ্ডটো হৈছে ৪৮নং ৱাৰ্ড। য’ত আছে অসম সচিবালয়কে ধৰি মন্ত্ৰী আৰু এমএলএ সকলৰ আৱাসগৃহ। লগতে সচিবালয়ৰ কৰ্মচাৰী সকলৰ আৱাসগৃহ। সেয়েহে এই ৱাৰ্ডটোৰ গুৰুত্ব বহু ওপৰত। যাৰ কাৰণে মুখ্যমন্ত্ৰীয়ে নিজৰ পচন্দৰ প্ৰাৰ্থী গৰাকীক ৱাৰ্ডৰ নিৰ্বাচনী যুদ্ধত প্ৰক্ষেপ কৰিছে। তেওঁ নিজেই এগৰাকী কৰ্মঠ ব্যক্তি সেয়েহে তেওঁৰ দৃষ্টিত এগৰাকী কৰ্মনিখুঁত প্ৰাৰ্থীক প্ৰাৰ্থীত্ব প্ৰদান কৰিছে। তেওঁক জয়যুক্ত কৰি আনি ৱাৰ্ডটোৰ সকলোফালৰ পৰা উন্নয়ন কৰিবলৈ চেষ্টা কৰিছে। এই প্ৰাৰ্থীগৰাকী হৈছে ৪৮নং ৱাৰ্ডৰ দুলুমণি কাকতি। দুলুমণি কাকতিয়েও সংকল্প লৈছে যে ৪৮নং ৱাৰ্ডটোক পলিথিনমুক্ত কৰি সেউজীয়াকৰণ কৰাত এক বিশেষ ভুমিকা গ্ৰহণ কৰিব।

হাৰিয়ানাত আৰম্ভ কৰা হৈছে পাৰিবাৰিক পৰিচয় পত্ৰৰ পৰা লাভালাভ,প্ৰথম দিনটোত কৰা ১২৩ বছৰ বয়সৰ পেঞ্চন

হাৰিয়ানাই আৰু বহুতো আঁচনি আৰু আঁচনিৰ সুবিধা ল’বলৈ আবেদন কৰাৰ প্ৰয়োজন নহ’ব। পাৰিবাৰিক পৰিচয় পত্ৰ যথেষ্ট হ’ব। এইটো কৰ্ণাল জিলাৰ পৰা আৰম্ভ হৈছে। প্ৰশাসনে আজিৰ পৰা চৰকাৰৰ নতুন ব্যৱস্থা ৰূপায়ণ কৰিছে। এতিয়া, আপুনি পাৰিবাৰিক পৰিচয় পত্ৰৰ (পি) জৰিয়তে ঘৰত বহি আঁচনিখনৰ সুবিধা লাভ কৰিব।বৃহস্পতিবাৰে, ২৫ জন যোগ্য ব্যক্তিৰ আয়ুষ্মান কাৰ্ড আবেদন নকৰাকৈ প্ৰস্তুত কৰা হৈছিল আৰু ২২৩ জন যোগ্য ব্যক্তিৰ বৃদ্ধ বয়সৰ পেঞ্চন প্ৰস্তুত কৰা হৈছিল। বৰ্তমান, পশুপালন, আয়ুষ্মান কাৰ্ড, জাতিৰ প্ৰমাণপত্ৰ আৰু বৃদ্ধ বয়সৰ সন্মান ভাট্টা (বৃদ্ধ বয়সৰ পেঞ্চন)ৰ বাবে ঋণৰ অনুমোদন পত্ৰ যোগ্য ব্যক্তিসকলক বিতৰণ কৰা হৈছিল। প্ৰথম পৰ্যায়ত, জিলাখনৰ ৩০০ জন যোগ্য ব্যক্তিক এই সুবিধা প্ৰদান কৰা হৈছিল। অন্যান্য পৰিকল্পনাও যোগ কৰা হ’ব।ডিচি অনীশ যাদৱে কৈছিল যে স্বয়ংক্ৰিয় সেৱাৰ লাভালাভবোৰ পাৰিবাৰিক পৰিচয় পত্ৰৰ জৰিয়তে দিয়া হৈছে। মুখ্যমন্ত্ৰীৰ অন্ত্যদয় পৰিৱাৰ উথান মেলাৰ জৰিয়তে ২৫ জন লোকক জন্তুৰ বাবে ঋণ দিয়া হৈছে। জিলাখনৰ ২২৩ জন যোগ্য ব্যক্তিক বৃদ্ধ বয়সৰ পেঞ্চনৰ হিতাধিকাৰী কৰা হৈছে।

প্ৰক্ৰিয়াটো প্ৰয়োগ অবিহনে সম্পূৰ্ণ কৰা হৈছিল। আয়ুষ্মান কাৰ্ডৰ সুবিধাৰ বাবে ২৫ জন লোকক বাছনি কৰা হৈছে। সকলো গাওঁৰ জাতি গত সত্যাসত্য নিৰূপণ সম্পূৰ্ণ হৈছে। কোনেও জাতিৰ প্ৰমাণপত্ৰ প্ৰস্তুত কৰাৰ প্ৰয়োজন নহ’ব।

ধুবুৰীত পৌৰসভাৰ দুই স্বয়ম্ভু মাছুল সংগ্ৰকাৰীৰ আজৱ কাণ্ড

ধুবুৰী পৌৰসভাৰ অধীনস্থ নদী ঘাটবোৰত নিয়ম বহিৰ্ভূত ভাৱে দুষ্ট চক্ৰই মাছুল সংগ্ৰহ কৰি আছে। আজি চহৰখনৰ ১নং ৱাৰ্ডৰ কাষেৰে বৈ যোৱা ব্ৰহ্মপুত্ৰৰ এটা নদীঘাটৰ সমীপত দুচকীয়া বাহন এখনক পাৰ্কিং কৰাক লৈ দুগৰাকীকৈ স্থানীয় সাংবাদিকক পৌৰসভাৰ মাছুল সংগ্ৰহ কৰাৰ দায়িত্বত থকা বুলি দাৱী কৰা দুগৰাকী ব্যক্তিয়ে দূৰ্বব্যৱহাৰ কৰাৰ এক ঘটনাক লৈ সাংবাদিকৰ দল এটাই চলোৱা অনুসন্ধানৰ পিছত উত্থাপিত হৈছে এই প্ৰশ্নৰ। তেওঁলোকৰ প্ৰশ্নত ধুবুৰী পৌৰসভাই দুয়োকে অঞ্চলটোৰ ‘লোকাল বোৰ্ড ঘাট’ত মাছুল সংগ্ৰহৰ অনুমতি দিয়া বুলি দাৱী কৰে যুৱক দুজনে। ইপিনে উপস্থিত সাংবাদিকৰ সন্মুখত অঞ্চলটোৰ নদীঘাটটোৰে নাওেঁৰে বিভিন্ন চৰাঞ্চললৈ যোৱা বয়বস্ত লৈ অহা ঠেলা চালকসকলে তেওঁলোকে দিয়া মাছুলৰ বিনিময়ত দুয়ো কোনো ধৰণৰৰ ৰছিদ নিদিয়া বুলিয়েই উল্লেখ কৰে। সেই বিষয়টো লৈ কৰা সাংবাদিকৰ প্ৰশ্নত পৌৰসভাৰ মাছুল সংগ্ৰহৰ দায়িত্বত থকা বুলি দাৱী কৰা সেই দুজন যুৱকে কোনো সদুত্তৰ দিবলৈ সক্ষম নোহোৱাৰ বিপৰীতে ধুবুৰী পৌৰসভাৰ মোহৰ অথৱা স্বাক্ষৰ নথকা এখন ৰছিদ দেখুৱাই সেয়া দিয়া হয় বুলি দাৱী কৰে দুয়োয়ে। উল্লেখ্য যে, ধুবুৰী পৌৰসভাৰ অধীনস্থ বিভিন্ন নদীঘাট আৰু বজাৰসমূহৰ দায়িত্ব পোৱা লেছীসকলৰ সময়সীমা ইতিমধ্যে উকলি গৈছে আৰু বিষয়টোলৈ পৌৰসভা কৰ্তৃপক্ষই ইতিমধ্যে নিবিদাও আহ্বান কৰিছে। ফলত পৌৰসভাৰ কৰ্মচাৰীৰ ঠাইত অইনৰ হতুৱাই এইদৰে নদীঘাটটোৰ পৰা মাছুল সংগ্ৰহ কৰি থকা হৈছে নেকি সন্দেহত সাংবাদিকৰ দলটোৱে ধুবুৰী পৌৰসভাৰ কাৰ্যৱাহী বিষয়াগৰাকীৰ সৈতে যোগাযোগ কৰে আৰু তেতিয়াহে উৰহি গছৰ ওৰ ওলায়। বিষয়াগৰাকীয়ে পোনছাটেই সাংবাদিকদ্বয়ক দূৰ্বৱ্যহাৰ কৰা সেই ব্যক্তিদ্বয়ক চিনি নাপায় বুলি কয় আৰু পৌৰসভাৰ ‘‘টেক্স দাৰোগা’’ৰ পৰা প্ৰতিবেদন লোৱাৰ পিছত বিহীত ব্যৱস্থা লোৱা হ’ব বুলিও আশ্বাস দিয়ে।

ইপিনে আজিৰ এই ঘটনাৰ পিছত ‘লোকাল বোৰ্ড ঘাট’ৰ উপৰিও ধুবুৰী পৌৰসভাৰ অধানস্থ অইন নদীঘাট আৰু বজাৰসমূহৰ পৰা কোনো চক্ৰই পৌৰসভাৰ গইনা লৈ নিয়ম বহিভূৰ্ত ভাৱে মাছুল সংগ্ৰহ কৰি আছে নেকি বুলি এক প্ৰশ্ন উত্থাপিত হৈছে আৰু বিষয়টোলৈ জিলা প্ৰশাসনে ভালদৰে তদন্ত কৰাৰ প্ৰয়োজনীয়তা থকা বুলিও মত প্ৰকাশ কৰা পোৱা গৈছে স্থানীয় মহল একাংশই।

নৱগঠিত মৰিগাঁও পৌৰসভাৰ প্ৰথমখন বৈঠকত নৱ – নিৰ্বাচিত সদস্যসকলৰ শপতগ্ৰহণ

নৱগঠিত মৰিগাঁও পৌৰসভাৰ প্ৰথমখন বৈঠক আজি মৰিগাঁও উপায়ুক্ত কাৰ্য্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হয়।বৈঠকত মৰিগাঁও   পৌৰসভাৰ সৰ্বমুঠ ১১টা ৱাৰ্ডৰ নৱ-নিৰ্বাচিত ৱাৰ্ড কমিছনাৰসকলে শপতগ্ৰহন কৰে।বৈঠকৰ আৰম্ভণিতে নৱ-নিৰ্বাচিত ৱাৰ্ড কমিছনাৰ সকলক শপতবাক্য পাঠ কৰোৱা হয় ।পৰবৰ্তী কাৰ্যসূচীত সকলো সদস্যকে অসমৰ বাপতি সাহোনৰ লগত সংগতি ৰাখি এখনিকৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয়। লগতে মৰিগাঁও পৌৰসভাৰ নৱ – নিৰ্বাচিত সভাপতি আৰু উপ-পৌৰপতি য়েও শপত গ্ৰহণ কৰে।

আজিৰ সভাতে সৰ্বসন্মতিক্ৰমে মৰিগাঁও পৌৰসভাৰ ১ নং ৱাৰ্ডৰ ৱাৰ্ড কমিছনাৰ যোগেশ তামুলীক সভাপতি আৰু ৫ নং ৱাৰ্ডৰ ৱাৰ্ড কমিছনাৰ পিংকুমনি দাসক উপ-পৌৰপতি হিচাপে নিৰ্বাচন কৰা হয় ।

ঢকুৱাখনা পৌৰ সভাৰ শপত গ্ৰহণ অনুষ্ঠান সম্পন্ন

আজি ঢকুৱাখনা পৌৰসভাৰ নৱ নিৰ্বাচিত।ৱাৰ্ড কমিচনাৰ সকলে ভাৰতীয় সংবিধানৰ আধাৰত আনুষ্ঠানিকভাৱে কৰিলে গ্ৰহণ।আজি পুৱা ১১ বজাত ঢকুৱাখনা নগৰৰ বালিগাঁও।স্থিত পৌৰ সভাৰ কাৰ্যালয়ত শপত ল’য় নৱ গঠিত ১০ টা ৱাৰ্ডৰ পৰা নিৰ্বাচিত ১০ গৰাকী ৱাৰ্ড কমিচনাৰে।এই শপত বাক্য পাঠ কৰাই অতিৰিক্ত উপায়ুক্ত, তথা ঢকুৱাখনাৰ মহকুমাধিপতি অৰিন্দম বৰুৱাই।ইফালে অসম ৰাজ্যিক বিজেপিৰ উপ সভাপতি তথা ঢকুৱাখনাৰ বিধায়ক নৱ কুমাৰ দলেয়ে ঢকুৱাখনা পৌৰসভাৰ পদেন সদস্যৰূপে শপত লয়।প্ৰথম বাৰৰ বাবে ১০ টা ৱাৰ্ডেৰে গঠিত ঢকুৱাখনা পৌৰসভাৰ কাৰ্যবাহী পৰিষদৰ সভাপতি(চেয়াৰমেন)ৰূপে ১০ নং ৱাৰ্ডৰ ৱাৰ্ড কমিচনাৰ ৰাজীৱ দাসে আৰু উপ-সভাপতি (ভাইচ-চেয়াৰমেন)ৰূপে ৭ নং ৱাৰ্ডৰ ৱাৰ্ড কমিচনাৰ চন্দমা গগৈয়ে শপত গ্ৰহণ কৰে।
আজিৰ অনুষ্ঠানত শপত গ্ৰহণ কৰা ৱাৰ্ড কমিচনাৰ সকল হ’ল-স্বৰূপ কোঁৱৰ,দিপালী দাস,বগেন কোঁৱৰ,তিলেন দাস,মানিক বৰুৱা,
গুনলতা কুটুম ,অপৰূপা দিহিঙীয়া দত্ত আৰু সংগীতা বৰুৱা।

এই শপত গ্ৰহণ অনুষ্ঠানত ঢকুৱাখনা পৌৰ সভাৰ কাৰ্যবাহী বিষয়া অভিজাত বৰা,ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সদস্য বসন্ত শইকীয়া,লখিমপুৰ জিলা পৰিষদৰ সভানেত্ৰী মঞ্জু বৰগোঁহাই,ঢকুৱাখনা জিলা বিজেপিৰ সভাপতি প্ৰদীপ চমুৱা, মণ্ডল বিজেপিৰ সভাপতি-সুনীল দলে,জ্যেষ্ঠ নাগৰিক-কুশল গগৈ,জগদীশ গগৈ,পূৰ্ণানন্দ গগৈকে আদি কৰি বহুসংখ্যক বিশিষ্ট লোক আৰু ঢকুৱাখনা নগৰৰ সাধাৰণ ৰাইজ উপস্থিত থাকে।