Home Blog Page 2404

হাটশিঙিমাৰী মহাবিদ্যালয়ৰ খেল পথাৰত হাটশিঙিমাৰী প্ৰিমিয়াৰ লিগৰ চুৰান্ত খেল

দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰী মহাবিদ্যালয়ৰ খেল পথাৰত জিলা ভিত্তিক ক্ৰিকেট T-10 প্ৰমিয়াৰ লিগৰ DAY NIGHT ২৫ দিনৰ অন্তত আজি চুৰান্ত খেল অনুষ্ঠিত হয় ।উল্লেখ্য যে ২৫ দিনিয়া জিলা ভিত্তিক ক্ৰিকেট T-10 প্ৰমিয়াৰ লিগৰ কাৰ্যসূচিৰে ৩২ টিমৰ ভিতৰত আজি চুৰান্ত খেল অনুষ্ঠিত হয়। আজি চুৰান্ত খেলত উপস্থিত থাকে দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ জিলা আৰক্ষী অধিক্ষক, জিলা নিৰ্বাচনী বিষয়া, ACS Kritanjali Keyshap, ফেকামাৰী আৰু মানকাচৰ উন্নয়ন খণ্ড বিষয়াকে ধৰি জিলা প্ৰশাসনৰ বিভিন্ন বিষয় ববীয়াৰ লগতে প্ৰায় ১০ হেজাৰ ক্ৰিকেট প্ৰেমী ৰাইজ।আজি ক্ৰিকেট প্ৰিমীয়াৰ লিগৰ চুৰান্ত খেলখনত ভূৰাকাটা আৰু ধুবুৰী Global Techno world ৰ লগত অনুষ্ঠিত হয় আৰু ভূৰাকাটাৰ হাতত ধুবুৰী Global Techno world দলটোৱে পৰাস্ত হয়।

আনহাতে হাটশিঙিমাৰী প্ৰিমিয়াৰ লিগত জয়ী হোৱা ভূৰাকাটা দোলটোক এক লাখ টকা লগত Trophy আৰু পৰাস্ত হোৱা ধুবুৰী Global Techno world দোলটোক ৫০ হাজাৰ টকা লগত Trophy দি হাটশিঙিমাৰী প্ৰিমিয়াৰ লিগৰ চুৰান্ত খেলখন সমাপ্ত কৰে।

মৰিগাঁও,লাহৰীঘাট আৰু ভেলুগুৰি আৰক্ষীৰ যুটীয়া অভিযানত জব্দ প্ৰায় ৩কোটি টকাৰ ড্ৰাগছ,আটক তিনি সৰবৰাহকাৰী

লাহৰীঘাটৰ দাতিয়ালবড়ীত প্ৰায় ৩ কোটি টকাৰ ড্ৰাগছ জব্দ। লাহৰীঘাট,ভেলুগুৰি আৰু মৰিগাঁও আৰক্ষীয়ে যুটীয়া অভিযান চলাই লাহৰীঘাটৰ দাঁতিয়ালবড়িৰ পৰা জব্দ কৰে এই বৃহৎ পৰিমাণৰ ড্ৰাগছ খিনি। আৰক্ষীয়ে আটক কৰা ধৃত ড্ৰাগছ সৰবৰাহকাৰী তিনিটা ক্ৰমে হাটপাৰাৰ জেহিৰুল ইছলাম ,বৰথল কচাৰিগাঁৱৰ অনিৰুল ইছলাম আৰু চেলিমা খাতুন।AS02 CC0989 নম্বৰৰ এখন টাটা মোবাইল গাড়ীৰে কঢ়িয়াই ড্ৰাগছখিনি কঢ়িয়াই আনোতে আৰক্ষীয়ে হাতেলোটে জব্দ কৰে।

আৰক্ষীয়ে জব্দ কৰা ২৮টা ড্ৰাগছ ভৰ্তি চাবোনৰ বাকচত থকা ড্ৰাগছখিনিৰ ওজন ৩৯০ গ্ৰাম আৰু ইয়াৰ মূল্য প্ৰায় ৩ কোটি বুলি মৰিগাঁও জিলা অতিৰিক্ত আৰক্ষী অধিক্ষক সুব্ৰতিব লাল বৰুৱাই জানিব দিয়ে ।

যোগীঘোপাত অশোকাষ্টমী মহামেলাৰ প্ৰস্তুতি

নামনি অসমৰ ইতিহাসপ্ৰসিদ্ধ যোগীঘোপাৰ ফেৰী ঘাটৰ ব্ৰহ্মপুত্ৰৰ পাৰত অশোকাষ্টমী মহামেলাৰ এইবেলি ব্যাপক আয়োজনৰ প্ৰস্তুতি চলিছে । বিগত দুটা বছৰ ক’ভিডকালীন পৰিস্থিতিৰ বাবে অনুষ্ঠিত হোৱা নাছিল মেলাখনৰ। দুটা বছৰৰ বিৰতিৰ পিছত এই বেলি ধুমধামেৰে মেলাৰ প্ৰস্তুতি চলা পৰিলক্ষিত হৈছে ।অহা ৮,৯ আৰু ১০ এপ্ৰিল ২০২২ ইং তাৰিখে তিনিদিনীয়া কাৰ্যসুচীৰে অশোকাষ্টমীৰ মেলাখন অনুষ্ঠিত কৰা হব বুলি অশোকাষ্টমীৰ পৰিচালনা সমিতিয়ে জানিব দিয়ে । উল্লেখ্য যে, চ’ত মাহৰ শুক্লাষ্টমীত গংগাৰ জলধাৰা ব্ৰহ্মপুত্ৰৰ পানীত মিলিত হয় সেয়ে এই জলৰাশিত স্নান কৰিলে পুণ্য অৰ্জন হয় বুলি লোক বিশ্বাস আছে। এই বিশ্বাসকে সাৰোগত কৰি প্ৰতি বছৰে অশোকাষ্টমীত ৰাজ্যৰ অইন অইন প্ৰান্তৰ লগতে যোগীঘোপাৰ ব্ৰহ্মপুত্ৰত স্নান কৰিবলৈ আগমন ঘটে অগনন ভক্তৰ। পুৱাই একাংশ ভক্তই নৈৰ পাৰত স্নান কৰাৰ লগতে নিজৰ আত্মীয়ৰ বিয়োগৰ পাছত অস্তি বিসৰ্জন দিয়া মংগলীক কাৰ্য্য সম্পন্ন কৰে ।

যোগীঘোপা অশোকাষ্টমী পৰিচালনা সমিতিৰ কাৰ্যসূচীত মৰ্মে ৮ তাৰিখে সন্ধিয়া নাম প্ৰসংগ, ৯ তাৰিখে পুৱাৰে পৰা ব্ৰহ্মপুত্ৰত স্নানৰ ও মেলা আৰু ১০ তাৰিখে মহামেলাৰ সন্ধিয়া ৫ বজালৈ চলিব।

চিলাপথাৰৰ ফুলবাৰীত শ্ৰীমদ্ ভাগৱত মহাপুৰাণৰ সপ্তাহজুৰি জ্ঞানমহাযজ্ঞ,অজস্ৰ ভক্তৰ সমাগম

বিশ্ব শান্তি আৰু মানৱ কল্যাণৰ বাবে চিলাপথাৰৰ ফুলবাৰীত সাত দিনীয়া কাৰ্য্যসুচীৰে শ্ৰীমদ্ ভাগৱত মহাপুৰাণৰ সপ্তাহজোৰা জ্ঞানমহাযজ্ঞ অনুষ্ঠিত হৈছে।অৱসৰ প্ৰাপ্ত শিক্ষক নাৰদমুনি ঘিমিৰেৰ পত্নীৰ লগতে পুৰ্ব বংশৰ স্মৃতিত তেওঁৰ নিজ বাসভৱনত আয়োজন কৰা হৈছে এই ।সম্পূৰ্ণ নিজাবৱীয়া কৈ ঘিমিৰে পৰিয়ালে এই জ্ঞানমহাযজ্ঞ অনুষ্ঠানৰ আয়োজন কৰিছে। এই জ্ঞানমহাযজ্ঞ অংশ গ্ৰহণ কৰিবলৈ বিভিন্ন অঞ্চলৰ অজস্ৰ ভক্ত প্ৰাণ ৰাইজে ভিৰ কৰিছেহি।

প্ৰথম দিনাৰ কাৰ্য্যসুচী বিশাল জল যাত্ৰাৰে আৰম্ভ হয় , দ্বিতীয় দিনৰ পৰা কথা প্ৰৱচন আৰম্ভ হয়। কথা প্ৰৱচন কৰে পণ্ডিত আচাৰ্য হেমন্ত ভট্টৰায়ে সহযোগ কৰে পণ্ডিত মুকুন্দমণিয়ে। উখল মাখল পৰিৱেশত চলি থকা এই কাৰ্যসূচী কালিলৈ অন্ত পৰিব।

তামুলপুৰ জিলা প্ৰশাসনৰ উদ্যাগত তামুলপুৰৰ ৰঙালী বিহু উদযাপন সমিতি সমূহলৈ অসম চৰকাৰৰ তৰফৰ পৰা আৰ্থিক সাহায্য প্ৰদান

তামুলপুৰ জিলাৰ অন্তৰ্গত ৯ খন ৰঙালী বিহু উদযাপন সমিতিলৈ অসম চৰকাৰৰ তৰফৰ পৰা ডেৰ লাখ টকাকৈ আৰ্থিক সাহায্য আগবঢ়োৱা হয় ।সেই উপলক্ষে তামুলপুৰ জিলাৰ উপায়ুক্ত কাৰ্যালয়ত অনুষ্ঠিত অনুষ্ঠানটোৰ আঁত ধৰে তামুলপুৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত ডাঃ বেদাঙ্গ তালুকদাৰে ।

অনুষ্ঠানত উপস্থিত থাকি তামুলপুৰ জিলাৰ উপায়ুক্ত সীমান্ত কুমাৰ দাস , তামুলপুৰৰ বিধায়ক জলেন দৈমাৰী , এমচিএলএ হেমন্ত কুমাৰ ৰাভাকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তিয়ে তামুলপুৰ জিলাৰ ৯ খন ৰঙালী বিহু উদযাপন সমিতিলৈ ডেৰ লাখ টকাকৈ আৰ্থিক সাহায্য আগবঢ়ায় ।

‘দ্যা ছিলড্ৰেন অৱ গড’লৈ শ্ৰেষ্ঠ তথ্যচিত্রৰ বঁটা…

বিশিষ্ট তথ্য চিত্ৰ নিৰ্মাতা তথা চলচ্চিত্ৰ সমালোচক পাৰ্থজিৎ বৰুৱাৰ নৱতম তথ্যচিত্ৰ ”দ্যা ছিলড্ৰেন অৱ গড”(ঈশ্বৰৰ সন্তান)এ সপ্তম ‘কেলিফৰ্ণিয়া ইণ্ডিছ ফিল্ম এণ্ড স্ক্ৰীপ্ট ‘ মহোৎসৱত শ্ৰেষ্ঠ তথ্যচিত্রৰ বঁটা লাভ কৰে ।ছানলিট ষ্টুডিঅৰ বেনাৰত এই তথ্য চিত্ৰখন নিৰ্মাণ কৰা হৈছে।অসমীয়া ভাষাত নিৰ্মাণ কৰা ৩২ মিনিট দৈৰ্ঘ্যৰ তথ্যচিত্ৰখনত ভাৰতৰ সামাজিক,সাংস্কৃতিক ক্ষেত্ৰখনত থকা কেতবোৰ বাধাক দেখুওৱা হৈছে।তথ্যচিত্ৰখনত মানসিকভাবে ছোৱালীৰ পৰা এজন ল’ৰালৈ সলনিহৈ পৰা চনম নামৰ এগৰাকী ছোৱালীৰ মানসিক অৱস্থা আৰু সামাজিকভাবে সন্মুখীন হোৱা সমস্যাসমূহক দেখুৱাবলৈ চেষ্টা কৰা হৈছে।

উল্লেখযোগ্য যে এই তথ্যচিত্ৰখনৰ প্ৰযোজনা,পৰিচালনা আৰু চিত্ৰ নাট্য পাৰ্থজিৎ বৰুৱাৰ । পাৰ্থজিৎ বৰুৱাই কয় যে- তেওঁ আশা কৰে যে এল জি বি টি লোকসকলৰ প্ৰতি থকা চিন্তা সলনি হব আৰু আমি যে সকলো ঈশ্বৰৰ সন্তান তাক মানি লব।’ বৰুৱাই ‘দ্যা ছিলড্ৰেন অৱ গড”(ঈশ্বৰৰ সন্তান) নামৰ তথ্যচিত্ৰৰ বাবে লাভ কৰা সপ্তম ‘কেলিফৰ্ণিয়া ইণ্ডিছ ফিল্ম এণ্ড স্ক্ৰীপ্ট ‘ মহোৎসৱত শ্ৰেষ্ঠ তথ্যচিত্রৰ বঁটাটো এল জি বি টি কিউৰ লোক সকলৰ প্ৰতি উচ্চৰ্গা কৰিছে।

অবশেষত ধুবুৰী, গৌৰীপুৰ, গোলকগঞ্জ পৌৰসভাৰ অধ্যক্ষ আৰু উপাধ্যক্ষৰ নাম চূড়ান্ত…

আজি বিজেপিৰ ৰাজ্যিক নেতৃত্বই ধুবুৰী ..,গৌৰীপুৰ,গোলকগঞ্জ…পৌৰসভাৰ অধ্যক্ষ আৰু উপাধ্যক্ষৰ নাম চূড়ান্ত কৰা  হয়।        উল্লেখ্য যে, সদ্য সমাপ্ত পৌৰসভা নিৰ্বাচনত  ধুবুৰীৰ মুঠ ১৬টা ৱাৰ্ডৰ ১১টা ৱাৰ্ডতে বিজয়ী হৈ ধুবুৰী পৌৰসভাত নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ  কৰিছিল বি জে পি য়ে।  প্ৰত্যায়িত সেই বিজয়ৰ পিছত  পৌৰসভাখনৰ  সম্ভ্যাৱ্য অধ্যক্ষ আৰু উপাধ্যক্ষক লৈ দলটোৰ স্থানীয় একাংশ বিজয়ী প্ৰাৰ্থী ৰ মাজত বিগত দিনবোৰৰ চৰ্চা হোৱাৰ সময়ত,  সকলো চৰ্চাৰ অন্ত পেলাই আজি বিজেপিয়ে ধুবুৰী পৌৰসভাৰ অধ্যক্ষ আৰু উপাধ্যক্ষ কোন হ’ব সেয়া নিশ্চিত কৰে। বিজেপিৰ ধুবুৰী জিলাৰ ভাৰপ্ৰাপ্ত সভাপতি প্ৰসেনজিৎ দত্তই সম্পূৰ্ণ গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে দলৰ ৰাজ্যিক নেতৃত্বই ধুবুৰীৰ পৌৰসভাৰ অধ্যক্ষ আৰু উপাধ্যক্ষৰ নাম চূড়ান্ত কৰা বুলি সাংবাদিকক   অৱগত কৰে।  ধুবুৰীৰ ২ নং ৱাৰ্ডৰ পৰা বিজয়ী হোৱা তথা দলটোৰ প্ৰাক্তন জিলা সভাপতি ডা৹ দেবময় সান্নালক অধ্যক্ষ আৰু চহৰ খনৰ ১৫ নং ৱাৰ্ডৰ বিজয়ী প্ৰাৰ্থী  আইভি লতা ৰায়ক ধুবুৰী পৌৰসভাৰ উপাধ্যক্ষৰূপে  চূড়ান্ত  কৰা হোৱা বুলি প্ৰকাশ।

ইফালে, গৌৰীপুৰ পৌৰসভাৰ অধ্যক্ষ আৰু উপাধ্যক্ষৰ নাম ঘোষণা কৰে বি জে পি ৰ ৰাজ্যিক নেতৃবর্গই। সেই মৰ্মে, গৌৰীপুৰ পৌৰসভাৰ অধ্যক্ষ পদত জয়া বিশ্বাস আৰু উপাধ্যক্ষ পদত, বিজয় ৰায়ৰ নাম ঘোষণা কৰে ৷উল্লেখ্য যে,অসম পৌৰসভা আইনত থকা ব্যৱস্থা মতে পৌৰ নিৰ্বাচনত চহৰখনৰ মুঠ ১৬টা ৱাৰ্ডৰ ৱাৰ্ড আয়ুক্তৰ নাম চূড়ান্ত হোৱাৰ পিছৰ পৌৰসভাৰ  প্ৰথমটো বৈঠক অনুষ্ঠিত কৰাৰ নিৰ্দেশো ইতিমধ্যে জাৰী কৰিছে ধুবুৰী জিলা উপায়ুক্তয়ে ৷ নিৰ্দেশনা মতে, আজি ধুবুৰী পৌৰসভাৰ কাৰ্য্যলয়ত, পৌৰসভাৰ প্ৰথমটো বৈঠক অনুষ্ঠিতৰ অন্তত অধ্যক্ষ পদত ডা° দেবময় সান্যাল আৰু উপাধ্যক্ষ পদত আইভি লতাৰ লগতে মুঠ ১৬ গৰাকী ৱাৰ্ড আয়ুক্তই শপত লয়।  তাৰ ভিতৰত বিজেপি দলৰ ১১ জন, কংগ্ৰেছ দলৰ এজনী, অ গ প দলৰ দুই জন আৰু নিৰ্দলীয় দুই জন ওৱাৰ্ড আয়ুক্তই শপত গ্ৰহণ কৰে।আনহাতে গোলকগঞ্জ পৌৰসভা ৰ নতুন পৌৰসভা নেএী হিচাপে সাবিএী ৰায় ক আৰু উপ অধ ক্ষ্য হিচাপে টিঙ্কু নন্দী ক জিলা বিজেপি নিৰ্বাচিত কৰে। 

শৰীৰৰ আটাইতকৈ অপৰিষ্কাৰ অংশটো কি জানেনে?

শৰীৰৰ প্ৰতিটো অংশ পৰিষ্কাৰ ৰখাৰ প্ৰয়োজন। কিন্তু শৰীৰত কিছুমান অংগ আছে যাক আমি প্ৰায়ে পৰিষ্কাৰ ৰাখিবলৈ পাহৰি যাওঁ। গতিকে এইধৰণৰ শাৰীৰিক অংগ সহজে লেতেৰা হৈ পৰে। আপুনি জানেনে আপোনাৰ শৰীৰৰ আটাইতকৈ লেতেৰা অংশবোৰ কি?
শৰীৰৰ ভাৰসাম্য আৰু অন্যান্য অংগৰ স্বাস্থ্য বজাই ৰখাটোও নাভিৰ ওপৰত নিৰ্ভৰ কৰে। কিন্তু যদি এই অংশটো অপৰিষ্কাৰ হৈ পৰে, সমস্যাটো বাঢ়িব পাৰে। কিন্তু নাভিৰ পৰা ইমান বেয়া গোন্ধ কিয়?  প্ৰথমতে, জানো আহক৷ আমাৰ শৰীৰত ঘাম ওলায় আৰু শৰীৰৰ প্ৰ’টিন এচিড হৈ পৰে আৰু ছালৰ পৰা নিষ্কাশিত হয়। ইয়াৰ বাহিৰেও, শৰীৰৰ মৃত কোষবোৰ নাভিলৈ যায় আৰু জমা হয় যাৰ বাবে দুৰ্গন্ধ ওলাই আহে। গতিকে গা ধোৱাৰ সময়ত নাভিটো বিশেষকৈ পৰিষ্কাৰ কৰি ৰাখিব।


আনকি নাভিৰ তলত চিষ্ট থাকিলেও, দুৰ্গন্ধ ওলাই আহিব পাৰে। বিশেষকৈ যদি এই চিষ্টত সংক্ৰমণ হয়, তেনেহ’লে ইয়াৰ পৰা তৰল ওলাই আহে যাৰ পৰা দুৰ্গন্ধ ওলাই আহে। নাভিৰ গোন্ধে মূত্ৰনলীৰ সংক্ৰমণো সূচায়। আৰু এই ৰোগৰ ঔষধ হৈছে যথেষ্ট পানী খোৱা আৰু নিজকে পৰিষ্কাৰ ৰখা। যদি ভেঁকুৰ বা ইষ্ট সংক্ৰমণ হয়, নাভিৰ পৰা বেয়া গোন্ধ ওলাই আহিব পাৰে। পৰিষ্কাৰ কৰাৰ পাছতো, নাভিৰ দুৰ্গন্ধ নকমিলেও নিশ্চিতভাৱে চিকিৎসকৰ ওচৰলৈ যাওক। বহুলোকে নাভিত বিন্ধা কৰে। ইয়াৰ পৰা সংক্ৰমণ হোৱাৰ আশংকা আছে। বিভিন্ন প্ৰকাৰৰ বেক্টেৰিয়াৰ বাহ ৰখাৰ সম্ভাৱনা আছে। ফলস্বৰূপে, নাভিৰ পৰা গোন্ধ ওলাই আহে।

ৰণবীৰ আৰু আলিয়াৰ বিয়ালৈ কিয় নাহে সঞ্জয় দত্ত?

ৰণবীৰ কাপুৰ আৰু আলিয়া ভাটৰ বিয়াৰ লগে লগে বলীউডৰ বজাৰ আৰু অধিক গৰম হৈ আহিছে। খবৰ অনুসৰি আলিয়া আৰু ৰণবীৰে ১৩ৰ পৰা ১৫ এপ্ৰিললৈ বিবাহপাশত আবদ্ধ হ’বলৈ গৈ আছে। দুয়োজনৰ বিবাহস্থলীৰ পৰা বিবাহৰ অতিথিৰ তালিকালৈকে, সকলোবোৰৰ আয়োজন ইতিমধ্যে সমাপ্ত হৈছে। এই সময়ছোৱাত, পোৱা তথ্য অনুসৰি অভিনেতা সঞ্জয় দত্ত ৰণবীৰ আৰু আলিয়াৰ বিবাহৰ অংশ হ’ব নোৱাৰে। সঞ্জয় দত্তৰ ঘনিষ্ঠ সূত্ৰৰ মতে, তেওঁক এই আড়ম্বৰপূৰ্ণ বিবাহলৈ নিমন্ত্ৰণ জনোৱা হোৱা নাই। সূত্ৰটোৱে লগতে কয় যে, সঞ্জয় দত্তক বিবাহলৈ নিমন্ত্ৰণী শৰাইৰ আগবঢ়োৱাৰ বিষয়ে কোনো ধাৰণা নাই। একে সময়তে, তেওঁ দুয়োকে বিয়াৰ বাবে শুভকামনা প্ৰেৰণ কৰে। সঞ্জুৰ পাছত, তেওঁ ৰণবীৰ কাপুৰৰ সৈতে দীঘলীয়া বাৰ্তালাপ কৰিছিল আৰু তেওঁৰ কামৰ প্ৰশংসাও কৰিছিল। কিন্তু ১৩ৰ পৰা ১৫ এপ্ৰিলৰ ভিতৰত অনুষ্ঠিত হ’বলগীয়া কোনো বিবাহৰ বাবে তেওঁক আমন্ত্ৰণ জনোৱা হোৱা নাই সঞ্জয় দত্তক। 


ৰণবীৰ কাপুৰে সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত কৈছিল যে তেওঁৰ পিতৃ ঋষি কাপুৰে সঞ্জু চলচ্চিত্ৰত তেওঁৰ অভিনয় ভাল পাইছিল। এই চলচ্চিত্ৰখনত ৰণবীৰ কাপুৰে সঞ্জয় দত্তৰ চৰিত্ৰত অভিনয় কৰিছিল। চলচ্চিত্ৰখনত সঞ্জয়ৰ বাস্তৱ জীৱনৰ কাহিনী, ড্ৰাগছ আৰু অন্যান্য বস্তুৰ সৈতে তেওঁৰ সংগ্ৰাম দেখুওৱা হৈছে। সঞ্জয় দত্তই আলিয়া ভাটৰ সৈতে সড়ক-২ হিন্দী চলচ্চিত্ৰখনতো একেলগে কাম কৰে। এই ছবিখনত সঞ্জয় দত্তক আলিয়াৰ পিতৃৰ চৰিত্ৰত দেখা যায়। ৰণবীৰ আৰু আলিয়াৰ বিবাহৰ বিষয়ে নিৰন্তৰ বাতৰি প্ৰকাশ হৈ আছে সংবাদ মাধ্যম। অনুৰাগীও এই বিবাহক লৈ যথেষ্ট উৎসাহী৷ কৰণ জোহৰ, সঞ্জয় লীলা ভাঞ্চালী, জয়া আখটাৰ, শ্বাহৰুখ খান, আকাংক্ষা ৰঞ্জন, বৰুণ ধাৱান, অয়ন মুখাৰ্জী আৰু অন্যান্য চেলিব্ৰিটীসকলে বিয়াখনত অংশগ্ৰহণ কৰিব। বিয়াখন বান্দ্ৰাত ৰণবীৰ কাপুৰৰ ঘৰত অনুষ্ঠিত হ’বলৈ গৈ আছে। এই বিয়াৰ বাবে আলিয়া ভাটৰ পোছাক বিখ্যাত ডিজাইনাৰ সব্যসাচীৰ দ্বাৰা প্ৰস্তুত কৰা হৈছে।

ৰহাত ১৫ দিনীয়া হকীৰ প্ৰশিক্ষণ শিবিৰ আৰম্ভ…

অসম হকী সন্থা  আৰু অসম অলিম্পিক এচো’চিয়েচন উদ্যোগত আৰু ৰহা জাতীয় মহিলা ক্ৰীড়া সমিতি আৰু প্ৰাঞ্জল মেমৰিয়েল একাডেমীৰ  সহযোগত  আজিৰে পৰা ৰহাত এক ১৫ দিনীয়া প্ৰশিক্ষণ শিবিৰ আৰম্ভ হৈছে  । ৰহাৰ ‘ সুকল্প মেমৰিয়েল চিনিয়ৰ চেক্ৰেণ্ডৰী স্কুলৰ খেলপথাৰত  আজি বিয়লি আৰম্ভ হোৱা প্ৰশিক্ষণ শিবিৰটো উদ্বোধন  কৰে বিশিষ্ট সমাজকৰ্মী তথা অগপৰ নেতা বিষ্ণু দাসে ।

ক্ৰীড়া সংগঠক প্ৰভাত চন্দ্ৰ বৰাই আঁত ধৰা উদ্বোধনী অনুষ্ঠানত অসম অলিম্পিকৰ কোষাধ্যক্ষ তথা হকী ইণ্ডিয়াৰ কোষাধ্যক্ষ তপন দাস , বিশিষ্ট ক্ৰীড়া সংগঠক তথা প্ৰাঞ্জল মেমৰিয়েল একাডেমীৰ স্বত্বাধিকাৰী প্ৰভাত ভূঞা , বিশিষ্ট সমাজকৰ্মী সত্যজিৎ বৰা , নগাঁও ক্ৰীড়া সন্থাৰ সহ সম্পাদক তথা সাংবাদিক সমীৰ হাজৰিকা , অৱসৰপ্ৰাপ্ত অধ্যাপক যতীন্দ্ৰ কুমাৰ পাৰৈ ,ৰহাৰ সাংবাদিক বুলন চন্দ্ৰ নাথ , আন্তঃৰাষ্ট্ৰীয় হাৰিয়ানাৰ হকী খেলুৱৈ চক্সী পাৰৱান( SAKSHI PARWAR ) , প্ৰাক্তন খেলুৱৈ সঞ্জয় কাকতি  আদিয়ে অংশগ্ৰহণ কৰে । প্ৰশিক্ষণত আন্তঃৰাষ্ট্ৰীয় হকী খেলুৱৈ চক্সী পাৰৱাৰে ৩০ গৰাকী কিশোৰীক হকীৰ প্ৰশিক্ষণ দিব ।