Home Blog Page 2405

ৰহাত ১৫ দিনীয়া হকীৰ প্ৰশিক্ষণ শিবিৰ আৰম্ভ…

অসম হকী সন্থা  আৰু অসম অলিম্পিক এচো’চিয়েচন উদ্যোগত আৰু ৰহা জাতীয় মহিলা ক্ৰীড়া সমিতি আৰু প্ৰাঞ্জল মেমৰিয়েল একাডেমীৰ  সহযোগত  আজিৰে পৰা ৰহাত এক ১৫ দিনীয়া প্ৰশিক্ষণ শিবিৰ আৰম্ভ হৈছে  । ৰহাৰ ‘ সুকল্প মেমৰিয়েল চিনিয়ৰ চেক্ৰেণ্ডৰী স্কুলৰ খেলপথাৰত  আজি বিয়লি আৰম্ভ হোৱা প্ৰশিক্ষণ শিবিৰটো উদ্বোধন  কৰে বিশিষ্ট সমাজকৰ্মী তথা অগপৰ নেতা বিষ্ণু দাসে ।

ক্ৰীড়া সংগঠক প্ৰভাত চন্দ্ৰ বৰাই আঁত ধৰা উদ্বোধনী অনুষ্ঠানত অসম অলিম্পিকৰ কোষাধ্যক্ষ তথা হকী ইণ্ডিয়াৰ কোষাধ্যক্ষ তপন দাস , বিশিষ্ট ক্ৰীড়া সংগঠক তথা প্ৰাঞ্জল মেমৰিয়েল একাডেমীৰ স্বত্বাধিকাৰী প্ৰভাত ভূঞা , বিশিষ্ট সমাজকৰ্মী সত্যজিৎ বৰা , নগাঁও ক্ৰীড়া সন্থাৰ সহ সম্পাদক তথা সাংবাদিক সমীৰ হাজৰিকা , অৱসৰপ্ৰাপ্ত অধ্যাপক যতীন্দ্ৰ কুমাৰ পাৰৈ ,ৰহাৰ সাংবাদিক বুলন চন্দ্ৰ নাথ , আন্তঃৰাষ্ট্ৰীয় হাৰিয়ানাৰ হকী খেলুৱৈ চক্সী পাৰৱান( SAKSHI PARWAR ) , প্ৰাক্তন খেলুৱৈ সঞ্জয় কাকতি  আদিয়ে অংশগ্ৰহণ কৰে । প্ৰশিক্ষণত আন্তঃৰাষ্ট্ৰীয় হকী খেলুৱৈ চক্সী পাৰৱাৰে ৩০ গৰাকী কিশোৰীক হকীৰ প্ৰশিক্ষণ দিব ।

মে’ মাহত প্ৰকাশ পাব মেট্ৰিক পৰীক্ষাৰ ফলাফল…  

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল মে’ মাহত প্ৰকাশ পাব। গহপুৰত উপস্থিত হৈ এই মন্তব্য প্ৰকাশ কৰে ছেবাৰ পৰীক্ষা নিয়ন্ত্ৰক নয়নজ্যোতি শৰ্মাই। যোৱা ১৫ মাৰ্চৰ পৰা ৩১ মাৰ্চলৈকে অনুষ্ঠিত হৈ যোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল অহা মে’ মাহৰ ভিতৰতে ঘোষণা কৰাৰ কথা সদৰী কৰি আজি সাংবাদিকৰ আগত শৰ্মাই কয় যে সকলো ঠিকে থাকে থাকিলে অহা মে’ মাহৰ ভিতৰতে মেট্ৰিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ’ব।

তেওঁ অসমৰ বিভিন্ন ঠাইৰ মেট্ৰিক পৰীক্ষাৰ বহী মূল্যায়ন কেন্দ্ৰ পৰিদৰ্শন কৰি গহপুুুৰত উপস্থিত হয়। তেওঁ প্ৰথমে গুৱাহাটীৰ মেট্ৰিক পৰীক্ষা বহী মূল্যায়ন কেন্দ্ৰ পৰিদৰ্শন কৰি ক্ৰমে দৰং, ওদালগুৰি, তেজপুৰ, বিশ্বনাথ, গহপুুুৰ আদি অঞ্চলৰ পৰীক্ষা বহী মূল্যায়ন কেন্দ্ৰ পৰিদৰ্শন কৰে।

নলবাৰী মেডিকেল কলেজ পৰিদৰ্শন স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তৰ…

নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰ ৰ অন্তৰ্গত দক্ষিণ গাঁওস্থিত নিৰ্মীয়মাণ নলবাৰী মেডিকেল কলেজত আজি আবেলি ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত  উপস্থিত হৈ চিকিৎসালয়খন পৰিদৰ্শন কৰে। উল্লেখ্য যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰ খনে ৰাজ্যখনৰ কেঞ্চাৰ ৰোগী সকলৰ চিকিৎসাৰ সুবিধাৰ বাবে টাটা ট্ৰাষ্টৰ সৈতে যৌথ ভাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ১৭ খন অতি উন্নত মানৰ কেঞ্চাৰ চিকিৎসালয় স্হাপনৰ ব্যৱস্থা গ্ৰহণ কৰিছে। ইয়াৰ অংগ স্বৰূপে ঘগ্ৰাপাৰৰ সমীপৰ দক্ষিণগাওঁৰ ১২০ বিঘা মাটিত নিৰ্মাণ কৰি থকা চিকিৎসা মহাবিদ্যালয়ৰ হাস্পাতাল চৌহদৰ ৮ বিঘা ভূমিত এখন কেঞ্চাৰ হস্পিটেলত স্হাপন কৰা হব বুলি নলবাৰীৰ বিধায়ক তথা মুখ্যমন্ত্ৰীৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱাই সদৰী কৰে। আজি আবেলি স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই নলবাৰীৰ বিধায়ক তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱাক লগত লৈ চিকিৎসা মহাবিদ্যালয় খন পৰিদৰ্শন কৰি নিৰ্মাণকাৰী গৌতম কনষ্ট্ৰাকচন কোম্পানীৰ এম ডি চি আৰ বদ্য, নলবাৰীৰ উপায়ুক্ত গীতিমনি ফুকনৰ লগত বিভিন্ন দিশৰ ওপৰত আলোচনা কৰে।

আনহাতে মন্ত্ৰী গৰাকীয়ে শীঘ্ৰেই চিকিৎসালয় খনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰিবলৈ গৌতম কনষ্ট্ৰাকচনক নিৰ্দেশ দিয়ে।  উল্লেখ্য যে- অহা ২৮ এপ্ৰিলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভাৰ্চুৱেলী উক্ত কেঞ্চাৰ চিকিৎসালয় খনৰ আধাৰশিলা স্হাপন কৰিব। আনহাতে উক্ত কেঞ্চাৰ চিকিৎসালয় খন স্হাপন হলে নলবাৰী জিলাৰ উপৰিও ওচৰৰ কেইবাখনো জিলাৰ কেঞ্চাৰ ৰোগী সকল বাৰুকৈয়ে উপকৃত হব বুলি মন্ত্ৰী গৰাকীয়ে আশা প্ৰকাশ কৰে। আজি মন্ত্ৰী গৰাকীক সংগ দিয়ে নলবাৰীৰ অতিৰিক্ত উপায়ুক্ত ফিৰদৌচ আলম শ্বৈখ, চক্ৰ বিষয়া মনিষা কলিতা, নলবাৰীৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ উমেশ ফাংচু,নলবাৰী লোক নিৰ্মাণ (গৃহ) কাৰ্যবাহী অভিযন্তা প্ৰাঞ্জল শৰ্মা, সহকাৰী কাৰ্যবাহী অভিযন্তা ধ্বজেন নাথ, নলবাৰী জিলা বিজেপিৰ সভাপতি ডাঃ মৃগাংক তালুকদাৰ, অগপৰ কেন্দ্ৰীয় নেতা দিলীপ কুমাৰ দাস, ডঃ ৰবীন দাস, বড়িগোগ বনভাগ মণ্ডল সভাপতি ডিম্বেশ্বৰ বেজবৰুৱা, বিজেপি নেতা ভ্ৰমৰ মজুমদাৰ আদি।

বঙাইগাঁৱত কেন্দ্ৰীয় বিষুৱা উৎসৱ উদযাপনৰ লাইখুটা স্থাপন…

বঙাইগাঁও চহৰৰ বৰপাৰা ৰাজহুৱা  খেলপথাৰত কেন্দ্রীয় বিষুৱা উৎসৱ উদযাপন সমিতি আৰু সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ যৌথ উদ্যোগত তিনিদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰিবলগীয়া কেন্দ্রীয় বিষুৱা উৎসৱৰ বৃহস্পতিবাৰে লাইখুটা স্থাপন কৰা হয় ৷ এই উপলক্ষে পুৱাৰ ভাগত বৰপাৰা ৰাজহুৱা খেল পথাৰত কেন্দ্ৰীয় বিহুৱা উৎসৱ উদযাপন সমিতিৰ সভাপতি প্ৰভাৱত বৈষ্ণৱ,  সাধাৰণ সম্পাদক সঞ্জীৱ কুমাৰ ৰায় ( কোচ), অন্যান্য বিষয়ববীয়াসকলৰ লগতে আক্ৰাছুৰ সভাপতি ক্ষীতিশ বৰ্মন, যুটীয়া সম্পাদক কপিলদেৱ সিংহ, কে এ চিৰ কাৰ্যবাহী পাৰিষদ পূৰৱী সৰকাৰ তথা ৰাইজৰ উপস্থিতিত মাংগলিৰ পৰম্পৰাৰ মাজেৰে বিষুৱা উৎসৱৰ লাইখুটা স্থাপন কৰা হয় ৷

অনুষ্ঠানত বিষুৱা উৎসৱ উদযাপন সমিতিৰ সৈতে জড়িত বিষয়ববীয়া সকলে আগন্তুক বিষুৱা উৎসৱটি সুকলমে অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত জাতি – ধৰ্ম,ভাষা- বৰ্ণ নিৰ্বিশেষে সকলো ৰাইজৰ সহায় সহযোগিতা কামনা কৰে ৷ ইপিনে বিষুৱা উৎসৱ উদযাপন সমিতিৰ সভাপতি প্ৰভাৱ বৈষ্ণৱে জানিবলৈ দিয়া মতে অহা ১৪ , ২০ আৰু ২১ এপ্ৰিলত তিনিদিনীয়া কাৰ্যসূচীৰে এই বিষুৱা উৎসৱটি উদযাপন কৰিব ৷ ইতিমধ্যে যাৱতীয় প্ৰস্তুতি চলি থকা বুলিও প্ৰকাশ কৰে ৷ 

ৰাম নৱমীত অৱলম্বন কৰক এই ৫ টা সহজ উপায়, আপোনাৰ জীৱন সুখী আৰু সৌভাগ্যশালী হ’ব …

এই বছৰ ৰাম নৱমী দেওবাৰে, ১০ এপ্ৰিলত আছে। চ’ত মাহৰ শুক্লা নৱমীৰ দিনা অযোধ্যাত ভগৱান ৰামৰ জন্ম হৈছিল। ভগৱান বিষ্ণুৱে লংকাপতি ৰাৱণৰ অত্যাচাৰৰ পৰা তিনি লোকক মুক্ত কৰিবলৈ ৰামৱতাৰ লৈছিল। এই বছৰ, নৱমী তিথি ০৯ এপ্ৰিলৰ নিশা ১.২৩ বজাত আৰম্ভ হয়, যি ১১ এপ্ৰিলৰ পুৱা ৩.১৫ বজালৈকে। ৰাম নৱমী উপলক্ষে সমগ্ৰ দেশৰ ৰাম মন্দিৰত ভগৱান ৰামৰ উপাসনা আগবঢ়োৱা হ’ব। ৰাম নৱমী উপলক্ষে, আপুনি কিছুমান সৰল পদক্ষেপৰ দ্বাৰা আপোনাৰ জীৱন সুখী কৰিব পাৰে। ৰাম নৱমীৰ এই প্ৰতিকাৰবোৰৰ বিষয়ে জানো আহক।ৰাম নৱমী ২০২২ ৰ জ্যোতিষীয় প্ৰতিকাৰ….


১. ৰাম নৱমীৰ দিনা শুভ মুহুৰ্তত ভগৱান শ্ৰী ৰামক উপাসনা কৰক। সেই সময়ছোৱাত ৰাম স্তুতি শ্ৰীৰামচন্দ্ৰ কৃপালু ভজ মন… কৰ। ইয়াক পাঠ কৰিলে ব্যক্তিজনৰ দুখ-কষ্ট আঁতৰ হয়।

২. যদি আপুনি সংকটত আছে, আপুনি ইয়াক এৰাই চলিব লাগিব, তেন্তে ৰাম নৱমীৰ দিনা ৰাম ৰক্ষা ষ্টোট্ৰ পাঠ কৰক। ভগৱান শ্ৰীৰামে আপোনাক সুৰক্ষা দিব আৰু আপোনাৰ কল্যাণ তাত থাকিব।

৩. কোৱা হয় যে ৰাম নামটোৰ যথেষ্ট শক্তি আছে। ৰাম নৱমীৰ দিনা ভগৱান ৰামৰ উপাসনাৰ সময়ত ৰামৰ নাম জপ কৰক। জীৱনত সুখ থাকিব।

৪. ৰাম নৱমীত হনুমান চলিচা সম্পূৰ্ণৰূপে পাঠ কৰক, য’ত ভগৱান ৰাম আৰু তেওঁৰ ভক্ত হনুমানৰ প্ৰশংসা আছে। যাৰ ওপৰত শ্ৰীৰাম আৰু হনুমানজী সন্তুষ্ট, তেওঁৰ জীৱনত একো অপ্ৰাপ্য থাকিব নোৱাৰে। তেওঁৰ সকলো ইচ্ছা পূৰণ হৈছে।

৫. ৰাম নৱমীৰ দিনা, ৰামায়ণ বা ৰামচৰিতমান পাঠ কৰা অতি শুভ। ইয়াৰ ফলত নৱীকৰণযোগ্য গুণ প্ৰাপ্তি হয়।

চৰকাৰী খৰচত আইন বৰ্হিভূত PSO ৰাখিব নোৱাৰে আৰক্ষী বিষয়াইঃ মুখ্যমন্ত্ৰী

PSO কৰ্তনক লৈ দৃঢ়স্থিতি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷ মন্ত্ৰী ,বিধায়কৰ পিছত PSO কৰ্তন হ’ব আৰক্ষীৰ ৷ অতিৰিক্ত, আইন বৰ্হিভূত PSO ৰাখিব নোৱাৰে আৰক্ষীয়ে ৷ চৰকাৰী খৰচত নিয়োজিত PSOক আৰক্ষীয়ে ব্যৱহাৰ কৰিব নোৱাৰিব নিজ গৃহত ৷ দীৰ্ঘদিনে অসম আৰক্ষীত চলি অহা এই অশুভ পৰম্পৰা অৱসান ঘটাবলৈ বদ্ধপৰিকৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷ যাৰবাবে ইতিমধ্যে আৰক্ষী সঞ্চালক প্ৰধান, প্ৰতিখন জিলাৰ আৰক্ষী অধীক্ষক তথা বেটেলিয়ান কামাণ্ডেণ্টলৈ জৰুৰী পত্ৰ লিখিলে মুখ্যমন্ত্ৰীয়ে ৷

কোনে, ক’ত, কিমান বেটেলিয়ান জোৱান ৰাখিছে আৰক্ষী বিষয়াই? ১০ দিনৰ ভিতৰত মুখ্যমন্ত্ৰীক লিখিত প্ৰতিবেদন লাগে কামাণ্ডেণ্টৰ পৰা ৷ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ এই গুৰুত্বপূৰ্ণ নিৰ্দেশক আদৰণি জনাইছে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই ৷ আৰক্ষী সঞ্চালকপ্ৰধানগৰাকীয়ে এই সন্দৰ্ভত কয় যে, ‘ৰাজনৈতিক মেৰপাকৰ পৰা এতিয়া আৰক্ষী মুক্ত ৷ সেয়ে বিনাদ্বিধাই মুখ্যমন্ত্ৰীৰ এনে সিদ্ধান্ত কাৰ্য্যকৰী কৰিবলৈ সক্ষম হম ৷’ উল্লেখ্য যে, ৰাজ্যত ইতিমধ্যে ৭০০গৰাকী PSO প্ৰত্যাহাৰ কৰিছে মন্ত্ৰী-বিধায়কে ৷ মুখ্যমন্ত্ৰীৰ লক্ষ্য ২ হাজাৰক PSO মুক্ত কৰা হ’ব ৷

অসম আৰক্ষীত ব্যাপক সাল-সলনি…

  • অসম আৰক্ষীত সাল-সলনি

  • ৪ৰ্থ APBnৰ অধিনায়ক শিলাদিত্য চেতিয়াক অতিৰিক্ত দায়িত্ব

  • বিশেষ শাখাৰ আৰক্ষী অধীক্ষকৰ অতিৰিক্ত দায়িত্ব চেতিয়াক

  • শোণিতপুৰৰ SP ধনঞ্জয় ঘনৱাটক মুখ্য কাৰ্যালয়ৰ প্ৰশাসনিক শাখাৰ AIG হিচাপে বদলি

  • দৰঙৰ SP সুশান্ত বিশ্ব শৰ্মাক শোণিতপুৰৰ SP হিচাপে বদলি

  • প্ৰথম ATPFৰ অধিনায়ক ৰাজমোহন ৰয়ক দৰঙৰ SP হিচাপে বদলি

  • ডেপুটেশ্যনলৈ যাব প্ৰশাসনিক শাখাৰ AIG অমনজিৎ কৌৰ

  • প্ৰথম APBnৰ অধিনায়ক যুৱৰাজক চৰাইদেউৰ SP হিচাপে বদলি

  • চৰাইদেউৰ SP শুধাকৰ সিঙক DCP (East) হিচাপে গুৱাহাটীলৈ বদলি

  • গুৱাহাটীৰ DCP (East) শুভ্ৰজ্যোতি বৰাক শিৱসাগৰৰ SP হিচাপে বদলি

  • শদিয়াৰ SP মোহনলাল মিনাক যোৰহাটৰ SP হিচাপে বদলি

  • নলবাৰীৰ ASP পুস্কিন জৈনক পদোন্নতিসহ শদিয়াৰ SP হিচাপে বদলি

  • বিশ্বনাথৰ SP লীনা দলেক নগাঁৱৰ SP হিচাপে বদলি

  • মুখ্যমন্ত্ৰীৰ নিৰাপত্তাৰ SP নবীন সিঙক বিশ্বনাথৰ SP হিচাপে বদলি

  • পশ্চিম কাৰ্বি আংলঙৰ SP অজাগৌৰা বসুমতাৰীক তিতাবৰৰ তৃতীয় APBn লৈ বদলি

  • ৩নং বেটেলিয়নৰ অধিনায়ক ইমদাদ আলীক পশ্চিম কাৰ্বি আংলঙৰ SP হিচাপে বদলি

আজি বিশ্ব স্বাস্থ্য দিৱস; লালকিল্লাত সহস্ৰাধিক লোকৰ যোগ প্ৰদৰ্শন…

বিশ্ব স্বাস্থ্য দিৱস উপলক্ষে আয়ুষ মন্ত্রালয়ে বৃহস্পতিবাৰে লালকিল্লাৰ ১৫ আগষ্ট গ্ৰাউণ্ডত যোগ উৎসৱৰ আয়োজন কৰে। অনুষ্ঠানটোৱে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ ৭৫ দিনীয়া কাউন্টডাউন কাৰ্যসূচীৰো সূচনা কৰে। সহস্রাধিক লোকৰ যোগ প্ৰদৰ্শনেৰে মুখৰিত অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে উপস্থিত থাকে লোকসভাৰ অধ্যক্ষ ওম বিৰলা। অনুষ্ঠানত কেন্দ্রীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জনপথ তথা আয়ুষ মন্ত্রী প্রমুখো বহুকেইগৰাকী কেন্দ্ৰীয় মন্ত্রী, সাংসদ, বিভিন্ন দেশৰ ৰাষ্ট্ৰদূত, যোগ গুৰু, জ্যেষ্ঠ বিষয়া আৰু স্বেচ্ছাসেৱকসকলে সক্রিয় অংশগ্রহণ কৰে। সমবেত লোক সকলক সম্বোধন কৰি লোকসভাৰ অধ্যক্ষ ওম বিৰলাই যোগৰ গুৰুত্বৰ কথা উল্লেখ কৰি কয়, “যোগ হৈছে ভাৰতৰ সমৃদ্ধ সাংস্কৃতিক ঐতিহ্যৰ প্ৰতীক। মানৱ জীৱনৰ শাৰীৰিক মানসিক উৎকর্ষ সাধনত ইয়াৰ গুৰুত্ব অপৰিসীম। আজি বিশ্ব স্বাস্থ্য দিৱসত মই সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু যোগক বিশ্বৰ মজিয়ালৈ লৈ যোৱাৰ বাবে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীক ধন্যবাদ জ্ঞাপন কৰিছোঁ।”

এই অনুষ্ঠানত অংশ গ্ৰহণ কৰি কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, “যোগ হৈছে এক দৈনন্দিন অভ্যাস দিয়ে শৰীৰ আৰু মনৰ মাজত সমন্বয় গঢ় দিয়ে। ই আমাক শাৰীৰিক শক্তি প্ৰদান কৰে আৰু আধুনিক জীৱনৰ প্ৰত্যাহ্বানবোৰ সফলতাৰে মোকাবিলা কৰিবলৈ মানসিক ভাৰসাম্য তথা আৱেগিক স্থিৰতা প্ৰদান কৰে। আজি বিশ্ব স্বাস্থ্য দিৱসত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ ৭৫ দিনীয়া কাউন্টডাউন কাৰ্যসূচীৰ শুভাৰম্ভ অনুষ্ঠানৰ আয়ুষ মন্ত্ৰালয়ে আয়োজন কৰিছে। ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই মাননীয় প্রধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই ২০১৪ চনত ২১ জুনক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে ঘোষণা কৰিছিল। আমি ভাৰতৰ প্রায় ৭৫ টা ঐতিহ্যবাহী স্থানত যোগ প্ৰদৰ্শনৰ পৰিকল্পনা কৰিছোঁ। লগতে সূৰ্যৰ চলাচলৰ সৈতে সংগতি ৰাখি সমগ্র বিশ্বতে যোগ দিৱসৰ কাৰ্যসূচী প্রচাৰ কৰাৰো পৰিকল্পনা গ্ৰহণ কৰা হৈছে। মাননীয় প্রধানমন্ত্রী ডাঙৰীয়াৰ এক সূৰ্য, এক পৃথিৱী অভিযানৰ সৈতে এই পৰিকল্পনা সম্পর্কিত।” অনুষ্ঠানত অংশগ্ৰহণ কৰা প্ৰতিগৰাকী লোককে ধন্যবাদ জ্ঞাপন কৰে সোণোৱালে।

এয়াৰ ইণ্ডিয়াই বাতিল কৰিলে গুৰুত্বপূৰ্ণ বিমান সেৱা…

এয়াৰ ইণ্ডিয়াই বাতিল কৰিলে দিল্লী-মস্কো বিমান। এই বিমানখন সপ্তাহত দুবাৰকৈ দিল্লী-মস্কোক সংযোগ কৰিছে। এয়াৰ ইণ্ডিয়াৰ এক সূত্ৰ অনুসৰি ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত সংঘাতৰ বাবেই এই সিদ্ধান্ত লোৱা হৈছে। দুয়ো ৰাষ্ট্ৰৰ মাজত সংঘাতৰ ফলত বিমানখন চলাচল কৰাত ভাবুকিৰ সম্ভাৱনা যথেষ্ট বৃদ্ধি পাইছে। আনহাতে বিমানখনৰ এতিয়াও বীমা কভাৰেজ সুৰক্ষিত হোৱা নাই।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে বুধবাৰে জাৰি কৰা এক বিবৃতিত ভাৰতত থকা ৰাছিয়াৰ দূতাবাসে জনাইছিল যে এয়াৰ ইণ্ডিয়াই দিল্লীৰ পৰা মস্কোলৈ অহা আৰু উভতি অহা বিমানৰ টিকট বিক্ৰী বন্ধ কৰিছে। দূতাবাসে কৈছিল যে, এই সময়ত এয়াৰলাইনৰ বিমান ৰাছিয়ালৈ যাব নে নাই সেয়া স্পষ্ট নহয়। দূতাবাসে কৈছিল, যাত্ৰীসকলে তেওঁলোকৰ টিকটৰ বাবে সম্পূৰ্ণ ধন ঘূৰাই পাব। এয়াৰ ইণ্ডিয়াৰ এনে পদক্ষেপে অৱশ্যে মস্কোলৈ যাব বিচৰা অথবা মস্কোকৰ পৰা ভাৰতলৈ আহিব বিচৰা লোকসকল বিশেষ অসুবিধাৰ সন্মুখীন হ’ব নালাগে। কিয়নো যাত্ৰীসকলৰ বাবে বিকল্প পথ এতিয়াও আছে। যাত্ৰীসকলে তাচখন্দ. ইস্তাম্বুল, ডুবাই, আবুধাবি, দোহা আৰু অন্যান্য বিকল্প পথ ব্যৱহাৰ কৰিব পাৰিব।

আপুনি জানেনে? ক’ত আছে অসমৰ দ্বিতীয় বৃহৎতম নদীদ্বীপ!

পৃথিৱীৰ বৃহৎতম নদীদ্বীপ মাজুলি । কিন্তু এইখন অসমৰে দ্বিতীয় বৃহৎ নদী দ্বীপ কি, সেইকথা আপুনি জানেনে? শোণিতপুৰ জিলাৰ চতিয়া সমষ্টিৰ অন্তৰ্গত জামুগুৰিহাটৰ নিকটৱৰ্ত্তী অঞ্চলতে আছে অসমৰ দ্বিতীয়টো বৃহৎতম নদী দ্বীপ চিকম। ব্ৰহ্মপুত্ৰৰ উপ-নৈ জীয়া ভৰলী আৰু বৰদিকৰাই নদীৰ মাজত অৱস্থিত এই বৃহৎ নদী দ্বীপটোত মূলতে বসবাস কৰে মিচিং জনগোষ্ঠীয় লোকসকলে । জামুগুৰিহাটৰ পৰা নাওঁৰে যাতায়তৰ সুবিধা থকা তথা চিকম নামেৰে জনাজাত এই নদী দ্বীপ বিখ্যাত সুস্বাদু কচু খেতিৰ বাবে । প্ৰায় ২০০ ঘৰ লোকে বসবাস কৰে এই বৃহৎতম নদী দ্বিপ চিকমত ।

ইয়াত পুৰুষৰ সমান্তৰালকৈ মহিলাসকলেও সকলো কাম কৰা দেখা যায় । গৰু, ছাগলী, ভেড়া, মুৰ্গী, গাহৰি পালন কৰিও স্বাবলম্বীতাৰ পথ দেখুৱাবলৈ সক্ষম হৈছে । এই অঞ্চলৰ লোকসকলৰ প্ৰত্যেকখন ঘৰত চলাৰৰ জৰিয়তে বিদ্যুৎ লাভ কৰিছে । অসম চৰকাৰৰ সুদৃষ্টি পৰিলে হয়তু অসমৰ পয্যটনৰ ক্ষেত্ৰত জিলিকি উঠিব জীয়া ভৰলী আৰু বৰদিকৰাই নদীৰ মাজত অৱস্থিত এই নদী দ্বীপটো।