Home Blog Page 2406

আপুনি জানেনে? ক’ত আছে অসমৰ দ্বিতীয় বৃহৎতম নদীদ্বীপ!

পৃথিৱীৰ বৃহৎতম নদীদ্বীপ মাজুলি । কিন্তু এইখন অসমৰে দ্বিতীয় বৃহৎ নদী দ্বীপ কি, সেইকথা আপুনি জানেনে? শোণিতপুৰ জিলাৰ চতিয়া সমষ্টিৰ অন্তৰ্গত জামুগুৰিহাটৰ নিকটৱৰ্ত্তী অঞ্চলতে আছে অসমৰ দ্বিতীয়টো বৃহৎতম নদী দ্বীপ চিকম। ব্ৰহ্মপুত্ৰৰ উপ-নৈ জীয়া ভৰলী আৰু বৰদিকৰাই নদীৰ মাজত অৱস্থিত এই বৃহৎ নদী দ্বীপটোত মূলতে বসবাস কৰে মিচিং জনগোষ্ঠীয় লোকসকলে । জামুগুৰিহাটৰ পৰা নাওঁৰে যাতায়তৰ সুবিধা থকা তথা চিকম নামেৰে জনাজাত এই নদী দ্বীপ বিখ্যাত সুস্বাদু কচু খেতিৰ বাবে । প্ৰায় ২০০ ঘৰ লোকে বসবাস কৰে এই বৃহৎতম নদী দ্বিপ চিকমত ।

ইয়াত পুৰুষৰ সমান্তৰালকৈ মহিলাসকলেও সকলো কাম কৰা দেখা যায় । গৰু, ছাগলী, ভেড়া, মুৰ্গী, গাহৰি পালন কৰিও স্বাবলম্বীতাৰ পথ দেখুৱাবলৈ সক্ষম হৈছে । এই অঞ্চলৰ লোকসকলৰ প্ৰত্যেকখন ঘৰত চলাৰৰ জৰিয়তে বিদ্যুৎ লাভ কৰিছে । অসম চৰকাৰৰ সুদৃষ্টি পৰিলে হয়তু অসমৰ পয্যটনৰ ক্ষেত্ৰত জিলিকি উঠিব জীয়া ভৰলী আৰু বৰদিকৰাই নদীৰ মাজত অৱস্থিত এই নদী দ্বীপটো।

ডিব্ৰুগড় বিশ্ববিদ্যালয় যুৱ মহোৎসৱত দ্বিতীয় গড়গাঁও মহাবিদ্যালয়…

গোলাঘাটৰ দেৰগাঁও কমল দুৱৰা মহাবিদ্যালয়ত ৩ এপ্ৰিল পৰা ৬ এপ্ৰিললৈকে অনুষ্ঠিত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আন্ত:মহাবিদ্যালয় যুৱ মহোৎসৱ-২০২২ত শিৱসাগৰ জিলাৰ গড়গাঁও মহাবিদ্যালয় দলটিয়ে অতি সুন্দৰ প্ৰদৰ্শনেৰে চমকপ্ৰদ কৃতিত্ব অৰ্জন কৰে।  মুঠ ১৫ টা শিতানত পুৰস্কৃত হৈ গড়গাঁও মহাবিদ্যালয়ে একেৰাহে দ্বিতীয়বাৰৰ বাবে দ্বিতীয় শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰিবলৈ সক্ষম হয়। তদুপৰি মহাবিদ্যালয়ৰ ছাত্ৰী অনন্যা গগৈয়ে সংগীতৰ ৮ টা শিতানত পুৰস্কৃত হৈ একেৰাহে দ্বিতীয়বাৰৰ বাবে শ্ৰেষ্ঠ কণ্ঠশিল্পীৰ সন্মান লাভ কৰাত মহাবিদ্যালয় পৰিয়াল অতিকে উৎফুল্লিত হৈ পৰিছে। অনন্যা গগৈয়ে জ্যোতি সংগীত, বিষ্ণু ৰাভা সংগীত, জয়ন্ত সংগীত আৰু আধুনিক গীতত প্ৰথম স্থান, গজল প্ৰতিযোগিতাত দ্বিতীয় স্থান, একক লোকগীত, ভজন, আৰু পাৰ্বতী প্ৰসাদ বৰুৱা সংগীত প্ৰতিযোগিতাত তৃতীয় স্থান লাভ কৰে। তেনেদৰে  শোভন জ্যোতি দুৱৰা, অন্নপ্ৰসন্ন কাশ্যপ, ৰাহুল বৰুৱা আৰু দেৱপ্ৰতীম বৰগোহাঁইৰ দলটিয়ে লোকগীত প্ৰতিযোগিতাত প্ৰথম স্থান আৰু অনন্যা গগৈ, প্ৰস্তুতি ফুকন, কৌশিক ডেকা, পাৰ্থ প্ৰতীম শইকীয়া, বিকি গগৈ আৰু অন্নপ্ৰসন্ন কাশ্যপৰ দলটিয়ে সমবেত সংগীত প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে।

ঢোল বাদনত অন্নপ্ৰসন্ন কাশ্যপে প্ৰথম স্থান, ফটোগ্রাফি প্ৰতিযোগিতাত শুভ্ৰজ্যোতি গগৈয়ে তৃতীয় স্থান, ইনষ্টলেশ্যন আৰু ক্লে’ মডেলিং প্ৰতিযোগিতাত ত্ৰিবেণী বৰুৱাই তৃতীয় স্থান, একাংকিকা নাট প্ৰতিযোগিতাত তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হয়। মহাবিদ্যালয়ৰ দলটিৰ সফলতাত সন্তুোষ  প্ৰকাশ কৰি অধ্যক্ষ ড° সব্যসাচী মহন্তই দলটিৰ প্ৰতিগৰাকী সদস্যৰ লগতে শিক্ষক-তত্ত্বাৱধায়ক প্ৰণৱ দুৱৰা, ড° অঞ্জন কোঁৱৰ, ড° ৰিমঝিম বৰা, ড° বলোৰাম দাসকে প্ৰমুখ্য কৰি কৃতিত্বৰ আঁৰৰ সকলো ব্যক্তিক অভিনন্দন তথা কৃতজ্ঞতা জনায়। লগতে পৰৱৰ্তী সময়তো এনেধৰণৰ উৎকৃষ্ট প্ৰদৰ্শনৰ ধাৰাবাহিকতা বৰ্তাই ৰাখিবলৈ মহাবিদ্যালয় পৰিয়ালৰ প্ৰয়াস অব্যাহত থাকিব বুলি অভিমত প্ৰকাশ কৰে।

ডিব্ৰুগড়ত ‘অসমৰ ভাষা-সাহিত্য সংস্কৃতিৰ সংকট, প্ৰত্যাহ্বান আৰু আমাৰ কৰ্তব্য’ শীৰ্ষক বক্তৃতা সম্পন্ন…

 ডিব্ৰুগড় সাহিত্য সভা, ডিব্ৰুগড়ৰ কানৈ মহাবিদ্যালয়ৰ অসমীয়া বিভাগ আৰু অভ্যন্তৰীণ মান নিৰ্ণায়ক কোষৰ উদ্যোগত আজি ‘অসমৰ ভাষা-সাহিত্য সংস্কৃতি : সংকট, প্ৰত্যাহ্বান আৰু আমাৰ কৰ্তব্য’  শীৰ্ষক মনোজ্ঞ বক্তৃতানুষ্ঠান কানৈ মহাবিদ্যালয়ত শ্ৰীমন্ত শংকৰদেৱ সভাকক্ষত অনুষ্ঠিত হয়৷ অসম সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক তথা কটন বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক, শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ পৰিৱেশ্য কলা অধ্যয়ন বিভাগৰ অধ্যাপক, বিশিষ্ট লেখক ড৹ জগদীশ পাটগিৰিয়ে উক্ত বিষয়ত এক মনোগ্ৰাহী বক্তৃতা প্ৰদান কৰে৷ বৰ্তমান সময়ত অসমীয়া ভাষা-সাহিত্য-সংস্কৃতিৰ প্ৰতি আহি পৰা বিভিন্ন প্ৰত্যাহ্বানসমূহৰ বিষয়ে তথ্যসমৃদ্ধভাৱে উল্লেখ কৰি এইবোৰ কিদৰে নোহোৱা কৰি এক নতুনত্ব মাত্ৰা প্ৰদান কৰিব পাৰি সেই সন্দৰ্ভত ড৹ পাটগিৰিয়ে খুব সুন্দৰকৈ ব্যক্ত কৰি উপস্থিত সকলোকে চিন্তাৰ খোৰাক যোগায়৷

বক্তৃতানুষ্ঠানৰ আৰম্ভণিতে ডিব্ৰুগড় জিলা সাহিত্য সভাৰ সভাপতি ইন্দ্ৰ গগৈয়ে সাহিত্য সভাৰ তৰফৰ পৰা আদৰণি জনায়৷ কানৈ মহাবিদ্যালয়ৰ তৰফৰ পৰা অধ্যক্ষ ড৹ শশীকান্ত শইকীয়াই উপস্থিত সকলোকে সাদৰ সম্ভাষণ কৰা অনুষ্ঠানটোত ডিব্ৰুগড় জিলা সাহিত্য সভাৰ সম্পাদক পৰমেশ্বৰ নলবৰীয়াই শুভেচ্ছামূলক দুআষাৰ বক্তব্য আগবঢ়ায়৷ এই অনুষ্ঠানতে কানৈ মহাবিদ্যালয়ৰ গ্ৰীণ ক্লাবৰ পৰা প্ৰকাশিত আৰু অধ্যাপক এল ডুংগেলৰ সম্পাদনাত প্ৰকাশিত এখন মুখপত্ৰ উন্মোচন কৰে ড৹ জগদীশ পাটগিৰি আৰু উপস্থিত বিশিষ্ট ব্যক্তিসকলে৷ ‘অসমৰ ভাষা-সাহিত্য সংস্কৃতি : সংকট, প্ৰত্যাহ্বান আৰু আমাৰ কৰ্তব্য’ শীৰ্ষক বক্তৃতানুষ্ঠানটোত অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপিকা অঞ্জুমণি ফুকন, ডিব্ৰুগড় সাহিত্য সভাৰ সম্পাদক ৰাতুল বুঢ়াগোহাঁই, বিশিষ্ট লেখক, দৈনিক অগ্ৰদূত কাকতৰ সহকাৰী সম্পাদক হেমন্ত ভৰালী, উপাধ্যক্ষ ড৹ প্ৰিয়দেৱ গোস্বামী, অভ্যন্তৰীণ মান নিৰ্ণায়ক কোষৰ ড৹ মৃদুল শৰ্মাকে ধৰি বহুকেইগৰাকী গণ্য-মান্য ব্যক্তিয়ে এই অনুষ্ঠানটোত উপস্থিত থাকে৷ কানৈ মহাবিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰীসকলৰ লগতে ডিব্ৰু মহাবিদ্যালয়, মনোহাৰী দেৱী কানৈ মহাবিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু শিক্ষাৰ্থীসকল উপস্থিত থকা অনুষ্ঠানটোৰ আঁত ধৰে অসমীয়া বিভাগৰ সহকাৰী অধ্যাপিকা মুনমী বৰুৱাই৷

অসম চাহ মজদুৰ সংঘৰ প্ৰাক্তন সম্পাদকলৈ শ্ৰদ্ধাঞ্জলি…

অসম চাহ মজদুৰ সংঘ তেজপুৰ শাখাৰ প্ৰাক্তন সম্পাদক চন্দ্ৰ কান্ত প্ৰজাইৰ আত্মাৰ চিৰশান্তিৰ বাবে আজি অসম চাহ মজদুৰ সংঘ  তেজপুৰ শাখাৰ  লগতে শাখা সংঘৰ অন্তৰ্গত সমূহ চাহ বাগিচাত শাখা সংঘৰ নিৰ্দেশমৰ্মে  শ্ৰদ্ধাঞ্জলি ও শোকসভা অনুষ্ঠিত কৰে । আজি ৰঙাপৰা স্থিত সংঘৰ কাৰ্যালয়ত সংঘৰ তেজপুৰ শাখাৰ ভাৰপ্ৰাপ্ত সম্পাদক সুনিল টুটী, গাননীক গজেন শইকীয়া ,কাৰ্যালয় সম্পাদক অমিয় বৰঠাকুৰ,সংগঠক অনিল কন্দৰ লগতে বহু লোকে প্ৰয়াত চন্দ্ৰ কান্ত প্ৰজাইৰ প্ৰতিচ্ছবিত মাল্যাৰ্পন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।উল্লেখ্যযে যোৱা ২৬ মাৰ্চ তাৰিখত অসম চাহ মজদুৰ সংঘ তেজপুৰ শাখাৰ প্ৰাক্তন সম্পাদক ও শাখা সংঘৰ উপদেষ্টা চন্দ্ৰ কান্ত প্ৰজাৰ(৭৭)বছৰ বয়সত বিন্দুকুৰিৰ নিজা বাসগৃহত বাৰ্ধক্যজনিত কাৰনত মৃত্যু হৈছিল।

১৯৪৫ চনত ৰূপাজুলি চাহ বাগিচাত জন্ম গ্রহণ কৰা প্রজাই বাগিচাত প্রাথমিক শিক্ষা লয় আৰু বিন্দুকুৰি হাইস্কুলৰ পৰা হাইস্কুল শেষান্ত পৰীক্ষাত উৰ্ওীন হৈ দৰং মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্রি লাভ কৰি আইনৰ পাঠ্যক্ৰমত নাম লগায়। পৰৱৰ্তী সময়ত তেখেতে অসম চাহ মজদুৰ সংঘৰ তেজপুৰ শাখাৰ কাৰ্য্যালয় সম্পাদক, সহকাৰী সম্পাদক, সম্পাদক, উপদেষ্টা পদত বিগত ৩০ বছৰে সেৱা আগবঢ়াইছিল। তাৰোপৰি তেখেতে ৰঙাপৰা ব্লক কংগ্রেছৰ সভাপতি পদত দায়িত্ব ভাৰ লাভ কৰিছিল। তেখেতে বাগিচাৰ শ্রমিক আৰু কৰ্মচাৰী সকলৰ বিভিন্ন ধৰনৰ সমস্যা সমুহৰ হকে মাত মাতি আহিছিল।আজি সন্ধিয়া শাখা সংঘৰ অন্তৰ্গত সমূহ চাহ বাগিচাৰ শ্ৰমিক ৰাইজৰ ঘৰত এগচি চাকি জ্বলাই প্ৰয়াত চন্দ্ৰ কান্ত প্ৰজাইৰ আত্মাৰ চিৰশান্তিৰ বাবে প্ৰাৰ্থনা কৰিব বুলি সংঘৰ তেজপুৰ শাখাৰ ভাৰপ্ৰাপ্ত সম্পাদক সুনিল টুটীয়ে সংবাদ মাধ্যমক অৱগত কৰে।

বেদখল হোৱা সত্ৰ সমুহৰ ভুমি উচ্ছেদ সন্দৰ্ভত কৰা চৰকাৰৰ সিদ্ধান্তক আদৰণি…

সচাকৈয়ে বেদনাভৰা,যন্ত্ৰণাদায়ক এক কালধুমুহাই ছানি ধৰিছিলে দুৰ্ভগীয়া পৰিয়ালবৰ্গক । ঐতিহাসিক কমলাবাৰী সত্ৰৰ ভুমি উদ্ধাৰৰ বাবে অবৈধ বাংলাদেশীৰ হাতত ১৯৮৩ চনতে  শ্বহীদ হল প্ৰয়াত সোমেশ্বৰ হাজৰিকা। কাটি দুচেও কৰিছিল হাজৰিকাক ৷ কিন্ত আজিও ন্যায় নাপালে দুৰ্ভগীয়া পৰিয়ালটিয়ে ৷ হত্যাকাৰী চিনাক্ত হোৱাৰ পাছতো কৰায়ক্ত কৰিব নোৱাৰিলে আৰক্ষী প্ৰশাসন ৷ অৱশেষত সুৰক্ষিত স্থান  বিচাৰি বিশ্বনাথ জিলাৰ  অসম অৰুণাচল সীমান্তৱৰ্তীৰ মহজুলিবস্তিত বসবাস কৰিব লয়  দুৰ্ভগীয়া পৰিয়ালটি ৷ নানান দুখ কষ্ট দৰিদ্ৰতাৰ মাজত দিন কটোৱা পৰিয়ালটি সেই ঐতিহাসিক ঘটনাৰ সাক্ষী হৈ ৰল ৷ ১৬৭৩ চনত স্থাপন হোৱা মাজুলীৰ কমলাবাৰী সত্ৰ ৷ ব্ৰক্ষ্মপুত্ৰ নদীৰ সংহাৰী বানে কমলাবাৰী সত্ৰৰ যথেষ্ট ক্ষতিসাধন কৰিছিল।অৱশেষত ৰাইজ তথা সত্ৰাধিকাৰৰ আবেদন মৰ্মে সত্ৰ স্থানান্তৰিত কৰাৰ সিদ্ধান্ত গ্ৰহন কৰিছিল তদানীন্তন মুখ্যমন্ত্ৰী বিমলা প্ৰসাদ চলিহাৰ কাৰ্যকালত ৷ চৰকাৰে চৰজমিন্ ভিক্তিত লক্ষীমপুৰ জিলা স্থিত এলেঙী সত্ৰৰ সমীপত কমলাবাৰী সত্ৰ প্ৰতিষ্ঠাৰ নামত প্ৰায় ৩৫০ বিঘা ভুমি প্ৰদান কৰে ৷ স্থানীয় ৰাইজ তথা সত্ৰৰ কাৰ্যকৰ্তা সকলেও পুৰ্ণ উদ্যমে সত্ৰ  প্ৰতিষ্ঠাৰ বাবে কামকাজ অব্যাহত ৰাখে। সময় বাগৰাৰ লগে লগে অবৈধ বাংলাদেশীয়ে  সুযোগ বুজি খেতি কৰাৰ চলেৰে উক্তভুমি দখল কৰিবলৈ আৰম্ভ কৰে ৷ এঘৰ দুঘৰকৈ বসতি আৰম্ভ কৰা অবৈধ বাংলাদেশীয়ে প্ৰায় ৩০০ বিঘাতকৈ অধিক ভুমি সম্পুৰ্ণ ৰূপে দখল কৰিবলৈ সক্ষম হয় ৷

এই ভুমি উদ্ধাৰৰ বাবে স্থানীয় ৰাইজৰ সৈতে বেদখলকাৰীৰ মাজত সংঘাতৰ সৃষ্টি হৈছিল ৷ আনকি ১৯৮০ ৰ দশকতে এই বৃহৎ ভুমিভাগ বেদখল মুক্ত কৰিবৰ বাবে বিভিন্ন দল সংগঠনে প্ৰকাৰান্তৰে চৰকাৰক হেচা প্ৰয়োগ কৰিছিল ৷ যদিও সত্ৰৰ ভুমি উদ্ধাৰ নহল ৷ বৰঞ্চ দিনক দিনে বেদখলীৰ গ্ৰাসত পৰা ভুমিভাগ এতিয়া অবৈধ বেদখলকাৰী বাংলাদেশীৰ ভুমি ৷ বাংলাদেশী নকমিল বৰঞ্চ অবৈধ বাংলাদেশীৰ অঞ্চলটোলৈ আগমনহে ঘটিল ৷ শেষত কমলাবাৰী সত্ৰই ৺সোমেশ্বৰ হাজৰিকাক মুক্তিয়াৰৰ পদত নিযুক্তি দি ভূমি উদ্ধাৰৰ বাবে কৰ্তৃত্ব প্ৰদান কৰে ৷ সত্ৰৰ দায়িত্ব শিৰত লৈ হাজৰিকাই ভুমি উদ্ধাৰৰ বাবে মহামান্য উচ্চতম ন্যায়ালয়ত দ্বাৰস্ত হয় ৷ অৱশেষত গোচৰৰ ভিক্তিত অবৈধ ভুমি বেদখল মুক্তৰ ৰায় আহিল ৷ আনকি মহামান্য ন্যায়ালয়ে ভুমি বেদখল মুক্ত কৰিবৰ বাবে চৰকাৰলৈ এক জৰুৰী নিৰ্দেশনাও জাৰী কৰিলে ৷ ন্যায়ালয়ৰ নিৰ্দেশনুযায়ী চৰকাৰে সত্ৰৰ জমি বেদখল মুক্ত কৰিবৰ বাবে উচ্ছেদ অভিযান চলাব গৈ আৰক্ষীৰ আৰু  বেদখলকাৰীৰ মাজত গুলিয়াগুলি পৰ্যন্ত হয়।শেষ মুহুৰ্তত  ভুমি উদ্ধাৰত চৰকাৰ বিফল হয়। উল্লেখ্য যে ভুমি উদ্ধাৰৰ বাবে  ন্যায়ালয়ত দ্বাৰস্ত হোৱা ৺সোমেশ্বৰ হাজৰিকাক একাধিকবাৰ হত্যা কৰাৰ প্ৰচেষ্টা চলাইছিল একাংশ দুস্কৃতিকাৰী সকলে ৷শেষত সুৰক্ষা প্ৰদান কৰাৰ বাবে চৰকাৰে সেনা মকৰল কৰিছিল ৷ যদিও দুস্কৃতিকাৰীয়ে  সুযোগ বুজি চোকা দাৰে কাটি অতি নিৰ্মমভাবে হত্যা কৰিছিল হাজৰিকাক ৷ ৮৩ ৰ আন্দোলনৰ সময়ছোৱাত সোমেশ্বৰ হাজৰিকা জাতি,মাটি,ভেটিৰ বাবে শ্বহীদ হল ৷  ভুমি উদ্ধাৰ কৰিবলৈ সক্ষম নহল চৰকাৰখনে ৷ সম্প্ৰতি বিজেপিৰ মিত্ৰজোঁটৰ চৰকাৰে অবৈধভাৱে সত্ৰৰ ভুমি দখল কৰা লোকক উচ্ছেদ কৰিব লোৱা চৰকাৰ সিদ্ধান্তক আদৰণি জনাইছে শ্বহীদ সোমেশ্বৰ হাজৰিকাৰ সহধৰ্মিনী পুণেশ্বৰী হাজৰিকাই ৷ চৰকাৰৰ এই সিদ্ধান্ত ঐতিহাসিক বুলি মতপোষণ কৰা পুণেশ্বৰী হাজৰিকাই কয় যে  ৮৩ ৰ আন্দোলনৰ লগতে ভুমি বেদখল মুক্ত কৰিবৰ বাবে মোৰ স্বামীয়ে প্ৰাণ আহুতি দিছিল ৷ চৰকাৰৰ এই ঐতিহাসিক সিদ্ধান্ত কাৰ্যকৰী কৰিলে অন্তত মোৰ স্বামীৰ আত্মাই শান্তি পাব ৷ লগতে সত্ৰৰ ভুমি উদ্ধাৰ হোৱাৰ লগতে মাটি ভেটিক সুৰক্ষা প্ৰদান কৰা হব বুলি এই প্ৰতিবেদকক জানিব দিয়ে ৷ চৰকাৰৰ এই সিদ্ধান্তক আদৰণি জনাই অসম চৰকাৰলৈ ধন্যবাদ জ্ঞাপন কৰিছে প্ৰয়াত সোমেশ্বৰ হাজৰিকাৰ সহধৰ্মিনী পুণেশ্বৰী হাজৰিকা  আৰু পুত্ৰ নিৰঞ্জন হাজৰিকাই।

বিশ্ব স্বাস্থ্য সংস্থাই সতৰ্ক কৰি দিছে যে ২০৩০ আৰু ২০৫০ চনৰ ভিতৰত প্ৰতি বছৰে লাখ লাখ লোকৰ মৃত্যু হ’ব, কাৰণটো জানক

বিশ্ব স্বাস্থ্য সংস্থাই কয় যে জলবায়ু পৰিৱৰ্তন যিধৰণে ঘটিছে সেয়া মানৱ জীৱন আৰু স্বাস্থ্যৰ ওপৰত প্ৰত্যক্ষ প্ৰভাৱ পেলাইছে, যাক তৎক্ষণাৎ লোৱা প্ৰয়োজন।প্ৰতি বছৰে ৭ এপ্ৰিলত বিশ্ব স্বাস্থ্য দিৱস পালন কৰা হয়। ১৯৫০ চনৰ ৭ এপ্ৰিলত প্ৰথমবাৰৰ বাবে বিশ্ব স্বাস্থ্য দিৱস পালন কৰা হৈছিল। বিশ্ব স্বাস্থ্য সংস্থাই মানুহৰ মাজত স্বাস্থ্যসম্পৰ্কে সজাগতা বৃদ্ধি কৰিবলৈ এই দিনটো উদযাপন কৰা আৰম্ভ কৰিছিল। একে সময়তে, এই বছৰৰ বিশ্ব স্বাস্থ্য দিৱস উপলক্ষে, বিশ্ব স্বাস্থ্য সংস্থাই জলবায়ু পৰিৱৰ্তন আৰু পৰিৱেশৰ পৰিৱৰ্তনে কেনেদৰে জনসাধাৰণৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাইছে তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।বিশ্ব স্বাস্থ্য সংস্থাই কয় যে জলবায়ু পৰিৱৰ্তন যিধৰণে ঘটিছে সেয়া মানৱ জীৱন আৰু স্বাস্থ্যৰ ওপৰত প্ৰত্যক্ষ প্ৰভাৱ পেলাইছে, যাক তৎক্ষণাৎ লোৱা প্ৰয়োজন। বিশ্ব স্বাস্থ্য দিৱস উপলক্ষে বিশ্ব স্বাস্থ্য সংস্থাই জনাইছে যে যোৱা কেইবছৰমানত দক্ষিণ-পূব এছিয়াত জলবায়ু পৰিৱৰ্তনৰ ফলত সৰ্বাধিক সংখ্যক লোকৰ মৃত্যু হৈছে। একে সময়তে, ইয়াৰ প্ৰভাৱ ইমান দ্ৰুতগতিত বৃদ্ধি পাইছে যে বিশ্বব্যাপী, ২০৩০ আৰু ২০৫০ চনৰ ভিতৰত, প্ৰতি বছৰে ২৫০,০০০ মৃত্যু জলবায়ু পৰিৱৰ্তনৰ ফলত হ’ব পাৰে। জলবায়ু পৰিৱৰ্তনৰ লগতে, পৰিৱেশত বহুতো পৰিৱৰ্তন দেখা গৈছে, যিটো বিশ্ব স্বাস্থ্য সংস্থাই প্ৰকাশ কৰিছে যে পৰিৱেশজনিত কাৰণত প্ৰতি বছৰে ১৩ নিযুত লোকে প্ৰাণ হেৰুৱাইছে।বায়ু প্ৰদূষণে ৭ নিযুত লোকৰ মৃত্যু ঘটাইছে। কেৱল এয়াই নহয়, জলবায়ু পৰিৱৰ্তন আৰু পাৰিপাৰ্শ্বিক কাৰকৰ উপৰিও, ক্ৰমান্বয়ে বাঢ়ি অহা বায়ু প্ৰদূষণো মানুহৰ জীৱনৰ বাবে ভাবুকি হৈ পৰিছে।

বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি, বায়ু প্ৰদূষণে ৭ নিযুত লোকৰ মৃত্যু ঘটাইছে, যাৰ ভিতৰত এছ.ই. এছিয়াত প্ৰতি বছৰে ২.৪ নিযুত লোকৰ মৃত্যু হৈছে। একে সময়তে, এই বছৰ তাপমাত্ৰাও বৃদ্ধি পাইছে, যি সংক্ৰামক ৰোগ বিয়পাৰ এক গুৰুত্বপূৰ্ণ কাৰণ। বিশ্ব স্বাস্থ্য দিৱস উপলক্ষে, যিয়ে কৈছে যে হিট ষ্ট্ৰোক আৰু অত্যাধিক গৰমে শৰীৰৰ বিভিন্ন অংশপ্ৰভাৱিত কৰিছে আৰু লগতে মৃত্যুৰ কাৰণ হৈছে।বিশ্ব স্বাস্থ্য সংস্থাই ‘আমাৰ গ্ৰহ’, ‘আমাৰ স্বাস্থ্য অভিযান’ আৰম্ভ কৰিছেএই সকলো বোৰ উদ্বেগৰ প্ৰতি লক্ষ্য ৰাখি, বিশ্ব স্বাস্থ্য সংস্থাই ‘আমাৰ গ্ৰহ’, ‘আমাৰ স্বাস্থ্য’ অভিযান আৰম্ভ কৰিছে। ই সকলোকে একত্ৰিত হ’বলৈ আৰু যিমান সম্ভৱ সোনকালে জলবায়ু পৰিৱৰ্তনৰ পৰিৱেশত এই পৰিৱৰ্তনবোৰ পৃথক হোৱাৰ বিৰুদ্ধে সতৰ্ক কৰিবলৈ আহ্বান জনাইছে। বিশ্ব স্বাস্থ্য সংস্থাই কৈছে যে চলিত মহামাৰীৰ ফলত হোৱা সমস্যাবোৰ দূৰ কৰাৰ প্ৰচেষ্টা কৰা হৈছে। একে সময়তে, এই সমস্যাবোৰ আগন্তুক প্ৰজন্মৰ বাবে মাৰাত্মক নকৰিবলৈ, সকলোৱে ‘আমাৰ গ্ৰহ, আমাৰ স্বাস্থ্য’ অভিযানত যোগদান কৰিব লাগিব।

একাদশ বৰ্ষত ভৰি দিলে অসম ক্ৰীড়া সাংবাদিক কল্যাণ সন্থাই

একাদশ বৰ্ষত ভৰি দিলে অসম ক্ৰীড়া সাংবাদিক কল্যাণ সন্থাই । সেই উপলক্ষে নেহৰু ষ্টেডিয়ামৰ অসম অলিম্পিক সন্থাৰ সভাগৃহত বুধবাৰে অনুষ্ঠিত হয় একাদশ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস । অনুষ্ঠানত উপস্থিত থাকে সন্থাৰ মুখ্য উপদেষ্টা উদয় বৰগোহাঁই, জেষ্ঠ ক্ৰীড়া সাংবাদিক পুলিন সাহা, সন্থাৰ প্ৰাক্তন সভাপতি কুমুদ তালুকদাৰ, জেষ্ঠ শৰীৰ চৰ্চাবিদ নিৰঞ্জন কুমাৰৰ লগতে বহুকেইজন ক্ৰীড়া সাংবাদিক । কুমুদ তালুকদাৰৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ আৰম্ভণিতে সম্পাদক হিলদুল গগৈয়ে সম্পাদকীয় প্ৰতিবেদন পাঠ কৰাৰ লগতে আয়-ব্যয়ৰ হিচাপ দাখিল কৰে । সভাৰ সৰ্বসন্মত সিদ্ধান্ত অনুসৰি পুলিন সাহাক সভাপতি আৰু দৈনিক জনমভূমিৰ পবিত্ৰ গগৈক সম্পাদক ৰূপে লৈ সন্থাৰ নতুন সমিতি গঠন কৰা হয় । এই অনুষ্ঠানতে সন্থাই জেষ্ঠ শৰীৰচৰ্চাবিদ নিৰঞ্জন কুমাৰক সম্বৰ্ধনা জনায় । প্ৰাক্তন সভাপতি কুমুদ তালুকদাৰে নতুন সমিতি গঠন সন্দৰ্ভত মন্তব্য কৰিছে । লগতে নৱ নিৰ্বাচিত সভাপতি, জেষ্ঠ সাংবাদিক পুলিন সাহাই মনৰ অনুভৱ প্ৰকাশ কৰে।


আগন্তুক সময়ত অসম ক্ৰীড়া সাংবাদিক কল্যাণ সন্থাই সুন্দৰ পৰিকল্পনাৰে ক্ৰীড়া ক্ষেত্ৰ খনক আগুৱাই নিয়াত সহায় কৰিব বুলি আমি আশাবাদী ।

ভাৰতত প্ৰৱেশ কৰা নাই XE ভেৰিয়েণ্ট

কৰোনা সংক্ৰমণ (কোভিড-19) পৃথিৱীত আকৌ এবাৰ বৃদ্ধি পাইছে। চীন, ব্ৰিটেইন, দক্ষিণ কোৰিয়াকে ধৰি বহুতো দেশত, কৰোনা ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে। অৱশ্যে, দেশখনত, ঠিক বিপৰীত ছবি দেখা গৈছে, কৰোনা সংক্ৰমণ হ্ৰাস হোৱাৰ লগে লগে, কৰোনা সম্পৰ্কীয় সকলো প্ৰতিবন্ধকতা উঠাই লোৱা হৈছে। কিন্তু এইটো সঁচাকৈয়ে কৰোনাৰ পৰা মুক্ত হৈছে নেকি? বুধবাৰে, কৰোনাক লৈ আকৌ এবাৰ আতংকিত হৈ পৰিছিল। কৰোনাৰ নতুন প্ৰকাৰ, এক্সই প্ৰকাৰ, ভাৰতত আৱিষ্কাৰ কৰা হৈছে, ইয়াক অনুমান কৰা হৈছে। অৱশ্যে, বুধবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে কয় যে বৰ্তমান ভাৰতত কৰোনাৰ কোনো নতুন প্ৰকাৰ চিনাক্ত কৰা হোৱা নাই।বুধবাৰে, মুম্বাইত এজন বিদেশী উভতি অহা যাত্ৰী কৰোনাৰ দ্বাৰা সংক্ৰমিত অৱস্থাত পোৱা গৈছিল। তাৰ পিছত, উৰাবাতৰি বিয়পি পৰে যে ব্যক্তিজন এক্সই প্ৰকাৰৰ দ্বাৰা সংক্ৰমিত হৈছে। তাৰ পিছত, কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে কৈছিল যে মুম্বাইত ধৰা পৰা কৰোনা কেছটো কৰোনাৰ নতুন প্ৰকাৰ নহয়। এই তথ্য স্বাস্থ্য মন্ত্ৰালয়ে মহাৰাষ্ট্ৰ চৰকাৰৰ এটা টুইটত দিছিল।

স্বাস্থ্য মন্ত্ৰালয়ৰ মতে, সংক্ৰমিত মহিলাগৰাকীৰ নমুনাৰ ফাষ্টকিউ ফাইলটো আইএনএছএচিঅ’জিৰ জিনম বিশেষজ্ঞসকলে পৰীক্ষা কৰিছে। তাত, এয়া জনা যায় যে এক্সই প্ৰকাৰটো ভুক্তভোগীৰ জিনমৰ সৈতে মিলা নাছিল। স্বাস্থ্য মন্ত্ৰালয়ৰ মতে, কৰোনা সংক্ৰমিত যাত্ৰী এগৰাকী 50 বছৰীয়া মহিলা। তেওঁৰ কোনো সহ-ৰোগ নাই আৰু সম্পূৰ্ণৰূপে লক্ষণহীন। তেওঁ ১০ ফেব্ৰুৱাৰীত দক্ষিণ আফ্ৰিকাৰ পৰা উভতি আহিছিল। তেওঁৰ আগতে কোনো ভ্ৰমণ ইতিহাস নাছিল। যেতিয়া তেওঁ মুম্বাইলৈ উভতি আহিছিল, তেওঁক কৰোনাৰ বাবে পৰীক্ষা কৰা হৈছিল কিন্তু তেওঁৰ প্ৰতিবেদন ঋণাত্মক ঘূৰি আহিছিল।

বুধবাৰে, বৃহন্মুম্বাই পৌৰ নিগমে কৈছিল যে মুম্বাইত একাধিক কৰোনা নমুনাৰ জিনম অনুক্ৰম সম্পন্ন কৰা হৈছিল আৰু তাৰে 230 টা এক্সই প্ৰকাৰৰ বাবে ইতিবাচক আছিল। শেহতীয়াকৈ, বিশ্ব স্বাস্থ্য সংস্থাই কৈছিল যে ব্ৰিটেইনত কৰোনা, এক্সই-ৰ এটা নতুন প্ৰকাৰ পোৱা গৈছে। ই কৰোনাৰৰ বি.এ.2-তকৈ অধিক সংক্ৰামক হ’ব পাৰে, যাক অমাইক্ৰন বুলি কোৱা হয়। প্ৰকাৰটো ওমাইক্ৰনৰ বিএ.১ আৰু বি.এ.২ একত্ৰিত কৰি সৃষ্টি কৰা হৈছিল বুলি বিশ্বাস কৰা হয়। প্ৰথম ঘটনাটো জানুৱাৰীত ব্ৰিটেইনত পোৱা গৈছিল। তেতিয়াৰ পৰা এতিয়ালৈকে ৬০০ জন লোকৰ নমুনাত নতুন প্ৰকাৰটোৰ উপস্থিতি লক্ষ্য কৰা হৈছে। অৱশ্যে, এই প্ৰকাৰটোৰ কৰোনাৰ এক নতুন ঢৌ সৃষ্টি কৰাৰ ক্ষমতা আছে নে নাই সেই বিষয়ে কোনো শব্দ নাই।

চিমলাত ব্যক্তিগত স্কুলৰ মাচুল বৃদ্ধি হোৱাত অভিভাৱক সকল অসন্তুষ্ট

হিমাচলৰ ৰাজধানী চিমলাত, ব্যক্তিগত বিদ্যালয় পৰিচালনাৰ স্বেচ্ছাচাৰীতাত অভিভাৱকসকল অসন্তুষ্ট। ছাত্ৰ অভিভাৱক মঞ্চই আজি শিক্ষা সঞ্চালকালয়ক যথেচ্ছ মাচুল বৃদ্ধি আৰু চিনাক্ত কৰা দোকানৰ পৰা পোছাক আৰু কিতাপ ক্ৰয়ৰ ওপৰত নিষেধাজ্ঞা ৰখাৰ দাবীত ঘেৰাও কৰিবলৈ গৈ আছে।কৰোনা ম্যাদ স্বত্বেও, এইবাৰো বেছিভাগ বিদ্যালয় পৰিচালনাই মাচুল ৮ ৰ পৰা ৩৫ শতাংশলৈ বৃদ্ধি কৰিছে। একেদৰে, বিদ্যালয়ৰ পোছাক আৰু প্ৰতিলিপি-কিতাপৰ মূল্যও ১৫ৰ পৰা ২৫ শতাংশ বৃদ্ধি কৰা হৈছে।ট্ৰেজাৰী বেঞ্চ আৰু বিৰোধী উভয়েই বিষয়টোত নীৰৱ হৈ থাকে ।আশ্চৰ্যজনকভাৱে, শাসকীয় দল আৰু বিৰোধীয়েও এই বিষয়ত তেওঁলোকৰ নীৰৱতা ভংগ কৰিবলৈ সক্ষম হোৱা নাই। যদিও চিমলাত চিপিআই(এম)য়ে দীৰ্ঘদিন ধৰি বিষয়টো উত্থাপন কৰি আহিছে, কংগ্ৰেছ-বিজেপিৰ মুখত দৈ থকা দেখা গৈছে, আনহাতে শিক্ষা প্ৰতিটো পৰিয়ালৰ সৈতে সম্পৰ্কিত এটা সমস্যা। ব্যক্তিগত বিদ্যালয়ৰ স্বেচ্ছাচাৰীতাৰ বাবে, অভিভাৱকৰ বাজেট অৱনতি হৈছে।

ছাত্ৰ অভিভাৱক মঞ্চই দুবছৰ ধৰি যুঁজি আছে ।ষ্টুডেণ্ট গাৰ্ডিয়ান ফ’ৰামে যোৱা দুবছৰ ধৰি চিমলাত নিৰন্তৰ যুঁজ দি আহিছে আৰু চৰকাৰক ব্যক্তিগত বিদ্যালয়সমূহৰ স্বেচ্ছাচাৰীতা বন্ধ কৰিবলৈ দাবী জনাই আহিছে, কিন্তু উকুনবোৰ চৰকাৰৰ কাণতো হামাগুৰি দিয়া নাই। সেইকাৰণে ব্যক্তিগত বিদ্যালয় পৰিচালনাসকলে শিক্ষা বিভাগৰ আদেশৰ বিষয়েও চিন্তা কৰা নাই।বিজেন্দ্ৰ মেহৰাই পঞ্জাৱ চৰকাৰৰ ধৰণে হিমাচলত মাচুল বৃদ্ধিৰ ওপৰত স্থগিতাদেশ দাবী কৰিছিল। তেওঁলোকে ৫ ডিচেম্বৰ, ২০১৯ৰ উচ্চ শিক্ষা সঞ্চালকালয়ৰ আদেশ কঠোৰভাৱে ৰূপায়ণৰ দাবীও দোহাৰে। শিক্ষা বিভাগৰ নিৰ্দেশ অনুসৰি, প্ৰতি বছৰে মাচুল নিৰ্ধাৰণৰ বাবে ব্যক্তিগত বিদ্যালয়সমূহে ১৫ মাৰ্চৰ আগতে সাধাৰণ সভা অনুষ্ঠিত কৰাটো বাধ্যতামূলক, কিন্তু ৫ এপ্ৰিল পাৰ হোৱা স্বত্বেও, এতিয়ালৈকে কোনো ব্যক্তিগত বিদ্যালয়ে সাধাৰণ সংস্থাৰ সভা আয়োজন কৰা নাই আৰু মাচুল ৮ৰ পৰা ৩৫ শতাংশ বৃদ্ধি কৰা নাই। তেওঁ অভিযোগ কৰে যে ৰাজ্য চৰকাৰ আৰু শিক্ষা সঞ্চালকালয়ৰ বিফলতা আৰু ব্যক্তিগত বিদ্যালয়সমূহৰ সৈতে মিত্ৰতাৰ বাবে ব্যক্তিগত বিদ্যালয়সমূহে নিৰন্তৰ স্বেচ্ছাচাৰীতাত লিপ্ত হৈ আহিছে।

মুম্বাই আৰক্ষীক ফাঁকি দিয়া দুৰ্বৃত্তক জবলপুৰত গ্ৰেপ্তাৰ

পাঁচ লাখ টকা চুৰিৰ সন্দৰ্ভত গ্ৰেপ্তাৰ কৰা দুজন দুৰ্বৃত্তই মুম্বাই আৰক্ষীক প্ৰত্যাহাৰ কৰিছিল আৰু জবলপুৰত মাজভাগত হাতকড়া লৈ পলাই গৈছিল। হাতকড়া লুকুৱাবলৈ হাতত গামছা পিন্ধি থকা দুৰ্বৃত্ত দুজনক সন্দেহৰ ভিত্তিত জবলপুৰৰ ঘামাপুৰ আৰক্ষীয়ে আটক কৰে। তেতিয়া গম পোৱা গৈছিল যে তেওঁলোক পলাতক দুৰ্বৃত্ত আছিল। মুম্বাই আৰক্ষীয়ে এতিয়া অভিযুক্তজনক তেওঁলোকৰ জিম্মাত লোৱাৰ অনুশীলনত নিয়োজিত হৈ আছে। কিন্তু নিয়মবোৰ লাগি আছে। দৰাচলতে, প্ৰথমে তেওঁৰ পলাতক জিআৰপিত পঞ্জীয়ন কৰা হ’ব, তাৰ পিছত তেওঁৰ জিম্মা প্ৰাপ্ত কৰা হ’ব।এএছপি নৰ্থ সঞ্জয় আগৰৱালাৰ মতে, ঘামাপুৰ টিআই জিআৰ ৰঘুবংশীয়ে দেওবাৰে নিশা শীতলামাইত পৰীক্ষা চলাইছিল। দুপৰীয়া প্ৰায় ২.৩০ বজাত দুজন যুৱকক খোজকাঢ়ি থকা দেখা গৈছিল। তেওঁৰ ভৰিত কোনো জোতা নাছিল। তেওঁলোক দুয়োৰে কাৰ্যকলাপ সন্দেহজনক যেন লাগিছিল। এজনৰ হাতত এটা গামছা মেৰিয়াই থোৱা আছিল আৰু সিহঁতে কাষত খোজ কাঢ়ি আছিল। টিসন্দেহজনক হৈ পৰিল। গামছাটো আঁতৰাবলৈ কোৱা হ’লে, তেওঁলোক দুয়োজনে কৈছিল যে আঘাত হৈছে। যেতিয়া আঘাত দেখুৱাবলৈ কোৱা হৈছিল, তেওঁলোক দুয়ো ঠিক হ’বলৈ গৈছিল। যেতিয়া গামছাটো আঁতৰ কৰা হৈছিল, হাতকড়া আছিল। আৰক্ষীয়ে তেওঁলোক দুয়োকে গ্ৰেপ্তাৰ কৰিছিল।পুলিচ গ্ৰুপৰ ফটো ভাইৰেল হৈছে।গ্ৰেপ্তাৰ কৰা লোক দুজনে নিজৰ বিষয়ে কথা পতা নাছিল। আৰক্ষীয়ে দুয়োজনৰ ফটো তুলি আৰক্ষী গোটলৈ প্ৰেৰণ কৰে আৰু তথ্য বিচাৰে যে যদি হাতকড়াসহ কোনো অভিযুক্ত আৰক্ষী থানাৰ পৰা পলাই যায়, তেন্তে তেওঁলোকে ঘামাপুৰ আৰক্ষী থানাৰ সৈতে যোগাযোগ কৰিব লাগে। গোটেই জিলাখনত তালাচী চলোৱা হৈছিল, কিন্তু তেওঁলোক দুয়োজনৰ সন্ধান পোৱা নগ’ল। তেওঁলোক দুয়োজনে আৰক্ষীক পাঁচ ঘণ্টা ধৰি ৰাখিছিল। ইয়াৰ পিছত, আৰক্ষীয়ে তেওঁলোক দুয়োকে কঠোৰভাৱে জেৰা কৰে আৰু সত্য টো ওলাই আহে।দুয়োজন অভিযুক্ত বিহাৰৰ সমস্তিপুৰৰ পৰা ওলাই আহিছিল

জেৰাৰ সময়ত অভিযুক্ত দুজনক মুম্বাই ধীৰাজ ওৰফে নীৰজ ৰায়, পিতৃ বিনোদ ৰায় (২২) আৰু বিক্ৰম ওৰফে বংশমণিৰ পিতৃ মহেশ ৰায় (২৯), শম্ভাধোনী আৰক্ষী থানা, সিংঘিয়া জিলা সমস্তিপুৰ, বিহাৰ হলৰ বাসিন্দা বুলি চিনাক্ত কৰা হয়। তেওঁলোক দুয়ো একেখন গাঁৱৰ। দুয়োজনে কৈছিল যে তেওঁলোকে মুম্বাইৰ আম্বোলি অঞ্চলত আদিত্য হেমৰাণৰ ঘৰত কাম কৰিছিল। ১৩ মাৰ্চত, তেওঁলোকে আদিত্যৰ ঘৰৰ পৰা ৫ লাখ টকা চুৰি কৰি বিহাৰলৈ পলাই গৈছিল। এই ক্ষেত্ৰত, মুম্বাইৰ আম্বোলি আৰক্ষীক গ্ৰেপ্তাৰ কৰা হৈছিল।

নীৰজক মুম্বাই আৰক্ষীয়ে হাতকড়া পিন্ধাইছিল। মুম্বাই আৰক্ষী ৰেলখনত যাত্ৰা কৰোঁতে টোপনি গৈছিল। দুয়ো গোপনে জবলপুৰ ষ্টেচনত নামিছিল। কিন্তু হাতকড়াবোৰ খোলা নাছিল। এই কাৰণে, গামছাটো মেৰিয়াই দিয়া হৈছিল। ইয়াৰ পিছত, ঘামাপুৰ আৰক্ষীয়ে জিআৰপিক অৱগত কৰে। খবৰটো জিআৰপিৰ সহায়ত মুম্বাই নিয়ন্ত্ৰণ কক্ষলৈ প্ৰেৰণ কৰা হৈছিল। আম্বোলি আৰক্ষীয়ে তেতিয়া খামৰিয়া টিআইৰ সৈতে কথা পাতিছিল।


মুম্বাই আৰক্ষীয়ে অৱহেলাৰ বাবে বিভাগীয় শাস্তি পাব পাৰে। প্ৰাথমিক ভাৱে দলটোৱে নিলম্বনৰ সন্মুখীন হ’ব। জবলপুৰ জিআৰপিত নিজৰ বিৰুদ্ধে অৱহেলাৰ এজাহাৰ দাখিল কৰিব লাগিব। এএছপি নৰ্থ সঞ্জয় আগৰৱালাৰ মতে, মুম্বাই আৰক্ষীয়ে তেওঁক লগ কৰিবলৈ আহিছিল। অভিযুক্তসকল বৰ্তমান আমাৰ জিম্মাত আছে। সেইবোৰ জিআৰপিক হস্তান্তৰ কৰা হ’ব। ইয়াৰ পিছত, কেৱল জিআৰপি আৰক্ষীয়েহে মুম্বাই আৰক্ষীক জিম্মাত দিব পাৰিব।