Home Blog Page 2408

জয়পুৰৰ চাণক্য হোটেলত ভয়ংকৰ অগ্নিকাণ্ড, ৮ জন অতিথি আৱদ্ধ

হাইড্ৰ’লিক ক্ৰেইনৰ পৰা কৰ্মচাৰী আৰু অতিথিক উদ্ধাৰ, আঢ়ৈ ঘণ্টাৰ জুইত গোটেই ৰেষ্টুৰেণ্ট-বাৰ জ্বলি যায় ।
অগ্নি নিৰ্বাপক বাহিনীৰ কৰ্মীয়ে হোটেলখনত জুই নুমুৱাবলৈ চেষ্টা কৰি আছে।জালুপুৰা আৰক্ষী থানাৰ এছএইচঅ’ অনিল জয়মানে কৈছিল যে হোটেল চাণক্যৰ তৃতীয় মহলাত জুই লাগিছিল। ছাদত, হোটেল নাইট জাৰ নামৰ বাৰ আৰু ৰেষ্টুৰেণ্ট আছে। প্ৰায় ৩ বজাত, হঠাতে বাৰ আৰু ৰেষ্টুৰেণ্টৰ পৰা জুই ওলাই আহিবলৈ আৰম্ভ কৰিলে। হোটেলখনত উপস্থিত অতিথি আৰু কৰ্মচাৰীসকলৰ মাজত হুলস্থূল হৈছিল। তেওঁ এইটো দেখাৰ লগে লগে, জুইটোৱে এক ভয়ংকৰ ৰূপ লৈছিল। এক গোপন সূত্ৰৰ জৰিয়তে আৰক্ষী, অসামৰিক প্ৰতিৰক্ষা দল আৰু অগ্নি নিৰ্বাপক বাহিনীৰ বাহনঘটনাস্থলীত উপস্থিত হয় আৰু উদ্ধাৰ আৰম্ভ কৰে।হোটেলৰ দ্বিতীয় মহলালৈকে কোঠাটোত থকা অতিথিসকলক তেওঁলোকৰ টোপনিৰ পৰা সাৰ পাই হোটেলৰ পৰা বাহিৰলৈ লৈ যোৱা হৈছিল।লোকসকলক স্থানান্তৰ কৰিবলৈ উদ্ধাৰ অভিযান অগ্নি নিৰ্বাপক বাহিনীৰ কৰ্মচাৰীসকলে জুই নুমুৱাবলৈ পানী বৰষুণ দিবলৈ আৰম্ভ কৰিছিল। আনহাতে, অসামৰিক প্ৰতিৰক্ষা দলৰ সহায়ত হোটেলখনত উপস্থিত লোকসকলক স্থানান্তৰ কৰিবলৈ আৰক্ষীয়ে উদ্ধাৰ অভিযান আৰম্ভ কৰে। হোটেলৰ দ্বিতীয় মহলালৈকে কোঠাটোত থকা অতিথিসকলক তেওঁলোকৰ টোপনিৰ পৰা সাৰ পাইছিল। জুইয়ে অতিথিসকলৰ মাজত এক উচ্ছৃংখাৰ সৃষ্টি কৰিছিল। অতিথিসকলক হোটেলৰ পৰা বাহিৰলৈ লৈ যোৱা হৈছিল।

ছাদত আৱদ্ধ হৈ থকা ৭-৮ জন অতিথি আৰু কৰ্মচাৰীক যথেষ্ট পৰিশ্ৰমৰ পিছত সুৰক্ষিতভাৱে স্থানান্তৰ কৰা হৈছিল। হাইড্ৰলিক অগ্নি নিৰ্বাপক বাহিনীকে ধৰি আঠখন অগ্নি নিৰ্বাপক বাহিনীৰ বাহনৰ সহায়ত প্ৰায় আঢ়ৈ ঘণ্টাৰ ভিতৰত জুই নিয়ন্ত্ৰণলৈ অনা হৈছিল। জুইৰ ফলত ছাদৰ বাৰ আৰু ৰেষ্টুৰেণ্টসমূহ সম্পূৰ্ণৰূপে ভস্মীভূত হৈছিল। জুইলগাৰ কাৰণ জনা নাযায়।

মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ জন্ম স্থান মৈৰাবাৰী আলি পুখুৰী পাতেকি বড়ি সত্ৰ পৰিচালনা সমিতিৰ সভাপতি, অধিবক্তা ললিত চন্দ্ৰ বৰাৰ দেহাৱসান

মহাপুৰুষ শ্ৰীমন্ত শংকৰ দেৱৰ পবিত্ৰ জন্মস্থান আলিপুখুৰী পাটেকীবড়ী সত্ৰৰ পৰিচালনা সমিতিৰ সভাপতি তথা-ধিঙৰ বিশিষ্ট সমাজকৰ্মী, অধিবক্তা,ললিত চন্দ্ৰ বৰাৰ যোৱা নিশা আনুমানিক ১:৩০বজাত দেহাৱসান ঘটে। নগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত কেইবাটাও ৰোগত আক্ৰান্ত হৈ শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট সমাজকৰ্মী জনে । মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৯৫ বছৰ । তেখেতৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে ধিং-মৈৰাবাৰী প্ৰেছ ক্লাবকে ধৰি বিভিন্ন দল সংগঠনে তেখেতৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰে। মৃত্যুৰ বাতৰি পাই গুণমুগ্ধ সকলে তেখেতৰ বাসগৃহত উপস্থিত হৈ শেষ শ্ৰদ্ধাঞ্জলি জনায়। হিন্দু-মুছলিম উভয়ৰে মাজত জনপ্ৰিয় আছিল বৰা দেৱ। তেখেতে মৈৰাবাৰী আৰু ধিঙৰ হিন্দু আৰু মুছলমানৰ মাজত সমন্বয় সৃষ্টি কৰি থৈ গ’ল। তেখেতৰ নাম ধি্ং আৰু মৈৰাবাৰীৰ ইতিহাসত সোনালী আখৰেৰে লিখা থাকিব।মৈৰাবাৰীৰ পাতেকীবড়ি সত্ৰৰ পৰিচালনা সমিতিৰ এজন দক্ষ সভাপতি হিচাপে সত্ৰখনৰ বহু সমস্যা সমাধান কৰাত উল্লেখ যোগ্য ভূমিকা আছিল।


বৰা দেৱৰ নশ্বৰদেহ মৈৰাবাৰীৰ আলিপুখুৰী পাটেকীবড়ী সত্ৰলৈ আনি সত্ৰতো ভকত বৈষ্ণব সকলে ধৰ্মীয় ৰীতিনীতিৰে শেষ বিদায় জনায়।ধি্ং আৰু বিশেষকৈ বৃহত্তৰ মৈৰাবাৰী অঞ্চলৰ সচেতন ৰাইজে তেখেতৰ মৃত্যুত অপুৰণীয় ক্ষতিৰ অনুভৱ হোৱা পৰিলক্ষিত হৈছে।

অসম আৰক্ষীত ব্যাপক সাল-সলনি

অসম আৰক্ষীত ব্যাপক সাল-সলনি।৪ৰ্থ APBnৰ অধিনায়ক শিলাদিত্য চেতিয়াক বিশেষ শাখাৰ আৰক্ষী অধীক্ষকৰ অতিৰিক্ত দায়িত্ব।শোণিতপুৰৰ SP ধনঞ্জয় ঘনৱাটক মুখ্য কাৰ্যালয়ৰ প্ৰশাসনিক শাখাৰ AIG হিচাপে বদলি কৰে।প্ৰথম ATPFৰ অধিনায়ক ৰাজমোহন ৰয়ক দৰঙৰ SP হিচাপে বদলি হয়।দৰঙৰ SP সুশান্ত বিশ্ব শৰ্মাক শোণিতপুৰৰ SP হিচাপে বদলি কৰা হয়।চৰাইদেউৰ SP শুধাকৰ সিঙক DCP হিচাপে গুৱাহাটীলৈ বদলি কৰা হয়।গুৱাহাটীৰ DCP শুভ্ৰজ্যোতি বৰাক শিৱসাগৰৰ SP হিচাপে বদলি কৰা হয়।ডেপুটেশ্যনলৈ যাব প্ৰশাসনিক শাখাৰ AIG অমনজিৎ কৌৰ।

প্ৰথম APBnৰ অধিনায়ক যুৱৰাজক চৰাইদেউৰ SP হিচাপে বদলি হয়।শদিয়াৰ SP মোহনলাল মিনাক যোৰহাটৰ SP হিচাপে বদলি।নলবাৰীৰ ASP পুস্কিন জৈনক পদোন্নতিসহ শদিয়াৰ SP হিচাপে বদলি কৰা হয়।

হাতীগাঁ‌ৱৰ মৃতদেহ উদ্ধাৰৰ ঘটনাত জড়িত দুজনক গ্ৰেপ্তাৰ

হাতীগাঁ‌ৱৰ মৃতদেহ উদ্ধাৰৰ ঘটনাত জড়িত দুজনক গ্ৰেপ্তাৰ

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দেৱৰাজ ছেত্ৰী আৰু বিকি কুণ্ডুক

বুধবাৰে সিজুবাৰীত উদ্ধাৰ হৈছিল ধ্ৰুৱজ্যোতি ডেকাৰ মৃতদেহ

ঘটনাৰ সন্দৰ্ভত ৩ গৰাকীৰ যুৱতীৰ সন্ধানত আৰক্ষী অভিযান অব্যাহত

হোটেল পেৰাডাইছ ইনত যুৱকজনৰ মৃত্যু হৈছিল

বাতৰি পৰিবেশন কৰিবলৈ যাওঁতে শোণিতপুৰত এগৰাকী সাংবাদিকক কেমেৰাৰ সন্মুখত প্ৰাণে মৰাৰ ভাবুকি প্ৰাক্তন এনএলএফবি নেতাৰ

বাতৰি পৰিবেশন কৰিবলৈ যাওঁতে শোণিতপুৰ জিলাত এগৰাকী সাংবাদিকক কেমেৰাৰ সন্মুখত প্ৰাক্তন এনএলএফবি নেতা এম বাথাই প্ৰাণে মৰাৰ ভাবুকি দিয়া ছচিয়েল মিডিয়াত ভাইৰেল হোৱা আমি প্ৰত্যক্ষ কৰিছো।এগৰাকী সাংবাদিকক বাতৰি কেনেকৈ কৰিব লাগে বাথাই ভাবুকিৰ জৰিয়তে হেচাঁ প্ৰয়োগ কৰিছে। তাতকৈ ডাঙৰ কথা হাতত বন্দুক লৈ পুলিচৰ সন্মুখতে সাংবাদিকক ভাবুকি দিবলৈ সাহস কত পালে এম বাথাই?এই ঘটনাক আমি সহজ ভাবে লব নোৱাৰো।চৰকাৰ প্ৰশাসনৰ ওচৰত দাবী জনাইছো এই ঘটনাৰ উচিত তদন্ত কৰি বাথাৰ এই কাৰ্যৰ বিৰুদ্ধে বিহিত ব্যৱস্থা লওঁক। এনেবোৰ কাৰ্য গৰিহণাৰ যোগ্য নিন্দনীয়।এইদৰে মন্তব্য কৰে জাফাৰ সভাপতি অভিদ্বীপ চৌধুৰীয়ে।

অসম চৰকাৰৰ চিগনেচাৰ প্ৰকল্পৰ উত্তৰণ আঁচনিৰ অধীনত হাজো এচ .বি.এচ.কে.আৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰ চৌহদত নিৰ্মিয়মান বহুমূখী প্ৰকল্পৰ কাম দ্ৰুতিগতিত অব্যাহত

হাজোবাসীৰ বাবে এটা সুখৱৰ । হাজোবাসীৰ এটা দীৰ্ঘদিনীয়া সপোন প্ৰায় বাস্তৱৰ দিশে গতি কৰিছে। হ’য় ।অসম চৰকাৰৰ চিগনেচাৰ প্ৰকল্পৰ উত্তৰণ আঁচনিৰ অধীনত হাজো এচ .বি.এচ.কে.আৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰ চৌহদত প্ৰায় দহ কৌটি টকাৰে নিৰ্মিয়মান বহুমূখী প্ৰকল্পৰ কাম বৰ্তমান দ্ৰুতিগতিত অব্যাহত আছে।উল্লেখ্য যে ২০২০ বৰ্ষৰ পৰা আৰম্ভ হোৱা নিৰ্মিয়মান বহুমূখী প্ৰকল্পৰ কামটো চলিত বৰ্ষৰ ২০২২ বৰ্ষৰ ডিচেম্বৰ মাহৰ শেষৰ পিনে সম্পূৰ্ণ হোৱাৰ দিশে গতি কৰিছে। অৱশ্যে উচ্চ ক্ষমতাসম্পণ্ণ ফ্লাড লাইট ,বুজন পৰিমানৰ আসন সম্পণ্ণ গেলাৰী গৃহ ,খেলুৱৈ জিৰণি কোঠা,কনফাৰেন্স হ’ল,কাৰ্যলয় কোঠা ইত্যাদি বিভিণ্ণ উণ্ণত মানদণ্ডৰ কাৰ্যপ্ৰণালীৰে ক্ৰমিৎ পৰিপক্ক হৈ উঠিছে নিৰ্মিয়মান বহুমূখী প্ৰকল্পৰ কাম – কাজ । যাৰ দ্বাৰা বিশেষকৈ আমাৰ নৱপ্ৰজন্মৰ খেলুৱৈ সকলে অন্য ঠাইলৈ নগৈ নিজ সমষ্টিতে খেল প্ৰদৰ্শনৰে পাৰদৰ্শিকতা অৰ্জনৰ এটি প্লেটৰ্ফমৰ সুবিধা লাভ কৰিব পাৰিব।যিয়ে হাজোবাসীৰ এটা দীৰ্ঘদিনীয়া সপোন পূৰণৰ দিশে গতি কৰিছে। অৱশ্যে এইক্ষেত্ৰত পাৰ্যমানে সহায় আগবঢ়োৱা স্থানীয় বিধায়িকা সুমন হৰিপ্ৰীয়াক আজি হাজো অঞ্চলৰ প্ৰায়সংখ্যক স্থানীয় ব্যক্তিয়ে ধন্যবাদ জ্ঞাপন কৰে।

লগতে সমগ্ৰ কাম কাজখিনি নিয়াৰিকৈ চলাই নিয়া আসাম ইলেকট্ৰিকেল ৰ্ফাম’ৰ বিষয়ববীয়া,অভিযন্তা,কৰ্মচাৰীবৃন্দকো আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে হাজোৰ স্থানীয় বাসিন্দাই।নিশ্চিতভাৱে হাজো তথা দাঁতিকাষৰীয়া অঞ্চলৰ ক্ৰীয়ানুৰাগী যুৱক যুৱতীসকলৰ সুবিধাৰ্থে নিৰ্মিয়মান বহুমূখী প্ৰকল্পটিৰ কাম অতি সোনকালেই সমাপ্তি হৈ খেলোপযোগী হৈ উঠিব বুলি আশা প্ৰকাশ কৰিছে সমূহ হাজোবাসীয়ে।

গোলাঘাটৰ টৰফাট গাঁৱত শোকাৱহ পথ দুৰ্ঘটনা

গোলাঘাটৰ টৰফাট গাঁৱত শোকাৱহ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত এজন নিহত আৰু এজন গুৰুত্বৰ ভাৱে আহত। নিহতজনৰ নাম ৰুবুল গগৈ। আনহাতে গুৰুত্বৰ ভাৱে আহত হোৱা ব্যক্তি জনৰ নাম ভাগ্য বৰা। সংকটজনক অৱস্থাত আহত ভাগ্য বৰাক স্থানীয় ৰাইজে ততাতৈয়াকৈ চিকিৎসাৰ বাবে লৈ আনে গোলাঘাট শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ। বৰ্তমান ভাগ্য বৰাক উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ।

দুয়ো পালচাৰ বাইকত তীব্ৰ গতিৰে গৈ থকা অৱস্থাত নিয়ন্ত্ৰণ হেৰুৱাই গছত খুন্দা মৰাৰ ফলত সংঘটিত হয় শোকাৱহ ঘটনাটো।

বাক্সাত ভাৰতীয় জনতা পাৰ্টীৰ ৪২ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

বাক্সা জিলাৰ মুছলপুৰত আজি উদযাপন কৰা হয় ভাৰতীয় জনতা পাৰ্টীৰ ৪২ সংখ্যক প্ৰতিষ্ঠা দিৱস।মুছলপুৰস্থ কাৰ্যালয়ত আয়োজন কৰা এই প্ৰতিষ্ঠা দিৱসত পণ্ডিত দীনদয়াল উপাধ্যায়, শ্যামা প্ৰসাদ মুখাৰ্জীৰ লগতে ভাৰত মাতাৰ প্ৰতিমূৰ্ত্তিত মাল্যাৰ্পন আৰু বন্তি প্ৰজ্বলন কৰে জিলা সভাপতি শৰৎ শৰ্মাই। ইয়াৰ পিছতে ভাৰতীয় জনতা পাৰ্টীৰ ৪২ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ উদযাপনৰ বিষয়ে বহলাই ব্যাখ্যা কৰে জিলা সাধাৰণ সম্পাদক ৰিদীপ কুমাৰ ডেকাই। এই অনুষ্ঠানত দলৰ ৰাজ্যিক নেতাদ্বয় কুমুদ দাস আৰু ৰাম দাহাল, জিলা সম্পাদক নৱ মেধি, দিহিৰা মঙ্গলৰ সভাপতি টেকনাথ পৰাজুলি, এচ চি মৰ্চাৰ নেতা পুলিশ দাসকে ধৰি দলৰ সদস্য কৰ্মী উপস্থিত থাকে।‌‌‌

এই সভাতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অনাতাঁৰ যোগে সম্প্ৰচাৰ কৰা ভাষণ শুনা হয়।

হাজো বিজেপিৰ মূখ্য কাৰ্যলয়ত ভাৰতীয় জনতা পাৰ্টি হাজো মণ্ডল,উত্তৰ হাজো মণ্ডলৰ উদ্যোগত ৪২ তম প্ৰতিষ্ঠা দিৱস উদযাপন

সমগ্ৰ দেশ তথা ৰাজ্যৰ সমান্তৰালকৈ আজি হাজো বিজেপিৰ মূখ্য কাৰ্যলয়ত ভাৰতীয় জনতা পাৰ্টি হাজো মণ্ডল ও উত্তৰ হাজো মণ্ডলৰ উদ্যোগত ভাৰতীয় জনতা পাৰ্টী দলৰ ৪২ তম প্ৰতিষ্ঠা দিৱস ওলহ মালহৰে উদযাপন কৰা হ’য় । সেই অনুসৰি পুৱা পতাকা উত্তোলন,বন্তি প্ৰজালন,বন্দে মাতৰম ধ্বনিৰে দলীয় শোভাযাত্ৰা ইত্যাদি বিভিণ্ণ কাৰ্যসূচীৰে ভাৰতীয় জনতা পাৰ্টী দলৰ ৪২ তম প্ৰতিষ্ঠা দিৱস ওলহ মালহৰে উদযাপন কৰা হ’য়।শীৰ্ষক কাৰ্যসূচীত সমূহীয়াভাৱে সহযোগ কৰে ভাৰতীয় জনতা পাৰ্টী হাজো মণ্ডল যুৱ মৰ্চা,কিষান মৰ্চা,সংখ্যালঘু মৰ্চা,অনুসূচিত জাতি মৰ্চাৰ সমূহ বিষয়ববীয়াই।সমান্তৰালভাৱে আজি বিজেপি দলৰ ৪২ তম প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি প্ৰায়সংখ্যক শাৰিৰীকভাৱে অসুস্থ বিজেপি কাৰ্যকৰ্তাৰ বাসগৃহত উপস্থিত হৈ খা খবৰ লোৱাৰ লগতে কিছু সংখ্যক বিজেপি কাৰ্যকৰ্তাৰ মৃতকৰ পৰিয়ালত উপস্থিত হৈ শোক সন্তপ্ত পৰিয়াল বৰ্গক গভীৰ সমবেদনা জ্ঞাপন কৰে বুলিওঁ উল্লেখ কৰে বলিষ্ঠ বিজেপি নেতা বিপুল দাসে ।উল্লেখ যোগ্য যে ১৯৮০ চনৰ ৬ এপ্ৰিল তাৰিখে ভাৰতীয় জনতা পাৰ্টী দলে প্ৰতিষ্ঠা লাভ কৰিছিল।আৰু আজিৰ এই ৪২ তম্ প্ৰতিষ্ঠা দিৱস উপলক্ষে হাজো বিজেপিৰ মূখ্য কাৰ্যলয়ত প্ৰতিগৰাকী বিষয়ববীয়া, কাৰ্য্যকৰ্তা,তথা দলীয় কৰ্মীয়ে পৰস্পৰে পৰস্পৰক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতীয় জনতা পাৰ্টী(বিজেপি)দলৰ ৪২সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে কৰ্মকৰ্তাসকলক সম্বোধন কৰি আগবঢ়োৱা ভিডিঅ লাইভ সম্প্ৰচাৰ সকলো কাৰ্যকৰ্তাই সমূহীয়াভাৱে উপভোগ কৰে।

তদুপৰি আজিৰ কাৰ্যসূচীত উপস্থিত থাকে হাজো মণ্ডল বিজেপিৰ সভাপতি ভূপেন কলিতা,মানৱ দৰদী নেতা বিপুল দাস,জ্যোষ্ঠ বিজেপি নেতা বিষ্ণু পাঠক,মৃনাল কলিতা ,নগেন মালাকৰ,পৰেশ দাস,দীপক দাস,ভাস্কৰ ভৰালী,ব্ৰজেন্দ্ৰ ভৰালী,অৰূপ কাকতি,শশীন নাথকে প্ৰমূখ্য কৰি প্ৰায়সংখ্যক দলীয় নেতা কৰ্মী ও বিশিষ্ট গণ্য মান্য ব্যক্তি।

হাজো আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বাবুল কুমাৰ মেধিৰ বিদায় সম্বৰ্ধনা,পদোন্নতি সহ বদলি

কামৰূপ জিলাৰ অন্তৰ্গত হাজো আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বাবুল কুমাৰ মেধিৰ কৰ্মজীৱনৰ অস্থায়ীভাৱে হাজো আৰক্ষী থানাৰ পৰা বিদায় লৈ অন্যস্থানলৈ পদোণ্ণতিসহ বদলী কৰনৰ হেতু বিদায় জনোৱা হ’য়। অৱশ্যে একতা ,সততা আৰু নিষ্ঠা সহকাৰে নিজৰ কৰ্মজীৱনত ৰাইজৰ হ’কে কাম কৰি সাহসিকতাৰ পৰিচয় দিবলৈ সক্ষম হোৱা আৰক্ষী বিষয়া বাবুল কুমাৰ মেধিয়ে বিদায় বেলাত কিছু পৰিমানে আৱেগিক হৈ পৰা পৰিলক্ষিত হৈছে।

তদুপৰি বিভিণ্ণ দল সংগঠনে আৰক্ষী বিষয়া বাবুল কুমাৰ মেধিক বিদায়ক্ষনত বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰা পৰিলক্ষিত হৈছে। অনাগত দিনতো ৰাইজৰ সেৱাৰে নিষ্ঠা সহকাৰে নিজৰ দায়িত্ব পালন কৰি যাব বুলি উল্লেখ কৰে আৰক্ষী বিষয়া বাবুল কুমাৰ মেধিয়ে।