Home Blog Page 2409

হাজো আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বাবুল কুমাৰ মেধিৰ বিদায় সম্বৰ্ধনা,পদোন্নতি সহ বদলি

কামৰূপ জিলাৰ অন্তৰ্গত হাজো আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বাবুল কুমাৰ মেধিৰ কৰ্মজীৱনৰ অস্থায়ীভাৱে হাজো আৰক্ষী থানাৰ পৰা বিদায় লৈ অন্যস্থানলৈ পদোণ্ণতিসহ বদলী কৰনৰ হেতু বিদায় জনোৱা হ’য়। অৱশ্যে একতা ,সততা আৰু নিষ্ঠা সহকাৰে নিজৰ কৰ্মজীৱনত ৰাইজৰ হ’কে কাম কৰি সাহসিকতাৰ পৰিচয় দিবলৈ সক্ষম হোৱা আৰক্ষী বিষয়া বাবুল কুমাৰ মেধিয়ে বিদায় বেলাত কিছু পৰিমানে আৱেগিক হৈ পৰা পৰিলক্ষিত হৈছে।

তদুপৰি বিভিণ্ণ দল সংগঠনে আৰক্ষী বিষয়া বাবুল কুমাৰ মেধিক বিদায়ক্ষনত বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰা পৰিলক্ষিত হৈছে। অনাগত দিনতো ৰাইজৰ সেৱাৰে নিষ্ঠা সহকাৰে নিজৰ দায়িত্ব পালন কৰি যাব বুলি উল্লেখ কৰে আৰক্ষী বিষয়া বাবুল কুমাৰ মেধিয়ে।

হাজো আঞ্চলিক ছাত্ৰ সন্থা উদ্যোগত মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবীত এক বিক্ষোভ প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ন

কামৰূপ জিলাৰ অন্তৰ্গত হাজোৰ সাতদলা চক’ৰ পৰা PWD কাৰ্যলয়লৈ সদৌ অসম ছাত্ৰ সন্থা আহ্বান মৰ্মে হাজো আঞ্চলিক ছাত্ৰ সন্থা উদ্যোগত খাদ্য সামগ্ৰী ,ইন্ধন জাত সামগ্ৰী, নিৰ্মাণজাত সামগ্ৰী পৰা আৰম্ভ কৰি নিত্য ব্যৱহাৰ্য সকলো সামগ্ৰীৰ মূল্য বৃদ্ধি হ্ৰাস কৰা দাবীত এক বিক্ষোভ কাৰ্য্যসূচী গ্ৰহণ কৰা পৰিলক্ষিত হয়৷ইন ক্লাৱ জিন্দাৱাদ ,মূল্য বৃদ্ধি ৰোধ কৰক, যোগান মন্তী হায় হায় ,বিজেপি চৰকাৰ হায় হায় ,আদি বিভিন্ন শ্লোগানে প্ৰতিবাদ তীব্ৰতৰ কৰি তোলে৷


আৰু অনাগত দিনত চৰকাৰ প্ৰশাষনক অতিশীঘ্ৰেই মূল্যবৃদ্ধি ৰোধ কৰিবলৈ দাবী জনায় ছাত্ৰ সংগঠনটোৱে।অনথ্যা ইয়াতকৈ অধিক গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ’ব বুলি উল্লেখ কৰে প্ৰতিবাদকাৰী সকলে।

পাঞ্জাৱত আন্তঃৰাষ্ট্ৰীয় কাবাডী খেলুৱৈক গুলীয়াই হত্যা!

পঞ্জাৱৰ পাটিয়ালাৰ পঞ্জাৱী বিশ্ববিদ্যালয়ত মঙলবাৰে নিশা সংঘটিত সংঘৰ্ষৰ পিছতে গুলীয়াই হত্যা কৰা হয় আন্তঃৰাষ্ট্ৰীয় কাবাডী খেলুৱৈ ধৰমিন্দৰ সিঙক। উল্লেখ্য যে, ইয়াৰ পূৰ্বে ১৪ মাৰ্চত জলন্ধৰত আন এজন আন্তঃৰাষ্ট্ৰীয় কাবাডী খেলুৱৈ সন্দীপ সিং নাংগল অম্বিয়ানক ৪ জন দুৰ্বৃত্তই গুলীয়াই হত্যা কৰিছিল। এই ঘটনাৰ পিছতে মঙলবাৰে নিশা দ্বিতীয়জন কাবাডী খেলুৱৈক গুলীয়াই হত্যা কৰে দুৰ্বৃৃত্তই। দৌন কলন গাঁও কাবাডী ক্লাবৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা ধৰমিন্দৰ সিং ৰাজনৈতিক ভাৱেও সক্ৰিয় আছিল। ২০ ফেব্ৰুৱাৰীৰ পঞ্জাৱ বিধানসভা নিৰ্বাচনৰ পূৰ্বে তেওঁ শিৰোমণি অকালি দল ত্যাগ কৰি আম আদমী পাৰ্টিৰ হৈ প্ৰচাৰ চলাইছিল। তেওঁ গুৰলাল ঘানুৰ নামৰ আন এজন কাবাডী খেলুৱৈৰ বাবে প্ৰচাৰ চলাইছিল।

আৰক্ষীৰ সূত্ৰঅনুসৰি, মঙলবাৰে সন্ধিয়া বিশ্ববিদ্যালয়খনত দৌন কলন আৰু থেৰী গাঁৱৰ প্ৰতিদ্বন্দী গোটৰ মাজত সংঘৰ্ষ হয়। কিছু সময়ৰ পিছত, ধৰমিন্দৰে চৌহদৰ বাহিৰৰ এখন ধাবাত প্ৰতিদ্বন্দী গোটৰ সৈতে এক বৈঠকত ভাগ লৈছিল। বৈঠকত আলোচনা চলি থকাৰ সময়তে দুৰ্বৃত্তই গুলীয়াই হত্যা কৰে কাবাডী খেলুৱৈগৰাকীক।ইফালে পাটিয়ালাৰ আৰক্ষী অধীক্ষক নানক সিঙে জানিবলৈ দিয়া মতে, ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰা হৈছে। আৰক্ষীয়ে ইতিমধ্যে এই হত্যাৰ অভিযোগত ৪ জনক আটক কৰিছে। ধৰমিন্দৰ সিঙৰ মৃতদেহ মৰোণত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। ব্যক্তিগত শত্ৰুতাৰ বাবে এই হত্যাকাণ্ড সংঘটিত কৰাৰ সন্দেহ কৰিছে আৰক্ষীয়ে।

অন্যহাতে পঞ্জাৱত বৰ্ধিত অপৰাধৰ ঘটনাৰ প্ৰতি লক্ষ্য ৰাখি মুখ্যমন্ত্ৰী ভগৱন্ত মানে মঙলবাৰে পঞ্জাৱ আৰক্ষীৰ প্ৰধান ভি কে ভাওৰাক এডিজিপি পদবীৰ বিষয়াৰ নেতৃত্বত এটা এণ্টি-গেংষ্টাৰ টাস্ক ফ’ৰ্চ (এজিটিএফ) গঠন কৰিবলৈ নিৰ্দেশ দিছে।আৰক্ষী বিভাগৰ এখন উচ্চ পৰ্যায়ৰ বৈঠকত সভাপতিত্ব কৰি মানে সংগঠিত অপৰাধক প্ৰাথমিকতাৰে নিৰ্মূল কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ বিষয়াসকলক প্ৰয়োজনীয় জনশক্তি, অত্যাধুনিক সঁজুলি আৰু তথ্য প্ৰযুক্তিৰ লগতে আৰক্ষী বাহিনীক পৰ্যাপ্ত পুঁজিৰ আশ্বাস প্ৰদান কৰে।

চৰকাৰৰ মতে বিহু নচলেঃ মহেন্দ্ৰ হাজৰিকা…

এইবাৰ বিহুক লৈ গুৰুত্বপূৰ্ণ মন্তব্য বিশিষ্ট শিল্পী মহেন্দ্ৰ হাজৰিকাৰ। তেওঁ কয়- চৰকাৰৰ মতে বিহু নচলে, চৰকাৰৰ মতে বসন্ত নাই অহা, চৰকাৰৰ মতে গছত ফল-ফুল নালাগে। বিহু আমি পাতিমেই। তেওঁ কয়- বিহু হ’ল প্ৰকৃতিৰ এক স্বকীয় অসমীয়া জাতীৰ প্ৰাণৰ স্পন্দন, বাৰিষাও বিহু হ’ব খৰালিও বিহু হ’ব, অৰঙে দৰঙে অসমৰ সকলোতে বিহু হ’বই।

তেওঁ লগতে প্ৰশ্ন কৰে যে, ভাদ্ৰ মাহত বা কাতি মাহত ৰজাঘৰীয়াৰ ডাঙৰ বিষয়া এজন আদৰিবলৈ বিহু কিয় মাৰে? অবতৰত বিহু কিয় মাৰিব? আবতৰত মিটিং খন থাকিল প্ৰতি বিহু মাৰিব পাৰে যদি বতৰত অসমীয়াই বিহু মাৰিব কিয় নোৱাৰে?কাৰো নিৰ্দেশত বিহু নচলে বুলিও মন্তব্য কৰে শিল্পীগৰাকীয়ে। বিহু অসমীয়া জাতীয়ে সকলো সময়তে পাতিব। অসমীয়াৰ প্ৰাণত আছে বিহু

বিৰল মহাজাগতিক পৰিঘটনাৰ সন্মুখীন হ’ব বিশ্ববাসীঃ পৃথিৱীলৈ আহি আছে ভূ-চুম্বকীয় ধুমুহা…

আজি এক বিৰল মহাজাগতিক পৰিঘটনাৰ সন্মুখীন হ’বলৈ গৈ আছে বিশ্ব৷ সূৰ্যৰ পৰা ফিলামেন্ট বিস্ফোৰণৰ পাছত আজি পৃথিৱীলৈ আহিবলৈ সাজু হৈছে ভূ-চুম্বকীয় ধুমুহা৷ ৰাষ্ট্ৰীয় মহাসাগৰীয় আৰু বায়ুমণ্ডলীয় প্ৰশাসন, চমুকৈ এন.ও.এ.এ.-ৰ মতে, পৃথিৱীৰ ফালে অহা ভূ-চুম্বকীয় ধুমুহাটো এটা সৰু ধুমুহা হ’ব। এইটো ৩ মাৰ্চত সৌৰ কাৰ্যকলাপৰ দ্বাৰা উৎপন্ন হৈছিল। সূৰ্যৰ দ্বাৰা বৃদ্ধি হোৱা কাৰ্যকলাপৰ বাবে বুধবাৰে আৰু বৃহস্পতিবাৰে পৃথিৱী সৌৰ ধুমুহাৰ দ্বাৰা ক্ষতিগ্ৰস্ত হোৱাৰ সম্ভাৱনা আছে। ৰাষ্ট্ৰীয় মহাসাগৰীয় আৰু বায়ুমণ্ডলীয় প্ৰশাসন আৰু মহাকাশ বতৰ পূৰ্বানুমান কেন্দ্ৰৰ দ্বাৰা পূৰ্বানুমান এই পৰিঘটনাৰ পূৰ্বানুমান কৰা হৈছে। এন.ও.এ.এ.-য়ে টুইটাৰত কৈছিল যে প্ৰায় ২৫ ডিগ্ৰী দীঘল ফিলামেণ্টৰ পৰা এটা কৰোনেল মাছ ইজেকচন (চি.এম.ই.) ৩ মাৰ্চত সূৰ্যৰ পৰা ওলাই আহিছিল। ইয়াৰ ফলত, ভূ-চুম্বকীয় ধুমুহাই আজি পৃথিৱীত আক্ৰমণ কৰিব।


ধুমুহাটো ৭ এপ্ৰিলত সম্প্ৰসাৰিত হোৱাৰ সম্ভাৱনা আছে বুলি এন.ও.এ.এ.-ৰ পূৰ্বানুমানত কোৱা হৈছে। অৱশ্যে, পৃথিৱীৰ ফালে অহা ভূ-চুম্বকীয় ধুমুহাটো এটা সৰু ধুমুহা হ’ব, ইয়াক জি1 হিচাপে শ্ৰেণীবদ্ধ কৰি এন.ও.এ.এ.-য়ে কৈছিল৷ সাধাৰণতে ভূ-চুম্বকীয় ধুমুহাবোৰ জি1 আৰু জি5-ৰ মাজত শ্ৰেণীবদ্ধ কৰা হয়, পিছৰটো আটাইতকৈ শক্তিশালী। অধিক উচ্চতাত অৰোৰা ঠেলি দিয়াৰ উপৰিও, এই ধুমুহাই বৈদ্যুতিক প্ৰণালীবোৰক প্ৰভাৱিত কৰিব পাৰে, যাৰ ভিতৰত আছে পাৱাৰ গ্ৰিড আৰু শক্তি প্ৰকল্প, ৰেডিঅ’ আৰু উপগ্ৰহ যোগাযোগ, আৰু নেভিগেচন প্ৰণালী। ৪ মাৰ্চত এটা দ্বিতীয় ফিলামেণ্ট বিস্ফোৰণ ঘটিছিল, কিন্তু দেখা গৈছে যে সেই ঘটনাৰ চিএমইয়ে পৃথিৱীক প্ৰভাৱিত নকৰিব।

দুবছৰত বাঢ়িলে ৮ শতাংশ, আকৌ বাঢ়িব গাখীৰৰ দাম…

বজাৰত এতিয়া বস্তুৰ আকাশ লংঘী দাম। প্ৰতিটো সামগ্ৰীৰে বৃদ্ধি পাইছে দাম। এইবাৰ Amul গাখীৰৰ মূল্য পুনৰ বৃদ্ধি হ’ব পাৰে। বিষয়াসকলে মঙলবাৰে জনায় যে শক্তি, লজিষ্টিক আৰু পেকেজিং ব্যয় বৃদ্ধিৰ বাবে আমূল গাখীৰৰ মূল্য বৃদ্ধি হ’ব পাৰে। অৱশ্যে, তেওঁলোকে কৈছে যে দাম কিমান বাঢ়িব সেয়া কোৱাৰ অৱস্থাত নাই।

আমুলৰ এমডি আৰ এছ ছোধীয়ে সংবাদ মাধ্যমক জনায় যে ইয়াৰ পৰা মূল্য হ্ৰাস নহ’ব পাৰে কিন্তু বাঢ়িব। ছোধীয়ে কয় যে সমবায়টোৱে যোৱা দুবছৰত মূল্য ৮ শতাংশ বৃদ্ধি কৰিছে, যাৰ ভিতৰত আছে যোৱা মাহত গাখীৰৰ মূল্য প্ৰতি লিটাৰত ২ টকা বৃদ্ধি।

ৰণবীৰ-আলিয়াৰ বিয়া কেতিয়া? 

আলিয়া ভাট আৰু ৰণবীৰ কাপুৰৰ বিবাহক লৈ সৰ্বত্ৰে চৰ্চা হৈ পৰিছে এতিয়া। সঁচাকৈ হ’ব নেকি ৰণবীৰ-আলিয়াৰ বিয়া? তাৰ উত্তৰৰ অপেক্ষাত আছে আলিয়া-ৰণবীৰৰ অনুৰাগীসকল। বিগত দুটা বছৰত আলিয়া আৰু ৰণবীৰৰ বিয়াক লৈ সামাজিক মাধ্যমত ভাইৰেল হৈ আছিল, আৰু এই বিষয়টোৰ ওপৰত আলিয়াই কয় যে, “যেতিয়া মই সঁচাকৈয়ে বিবাহপাশত আৱদ্ধ হ’ম, হয়তো মানুহে তেতিয়াও ইয়াক উৰাবাতৰি বুলি ভাৱিব।”

যোৱা কেইদিনমানৰ পৰা বলীউডত আলিয়া-ৰণবীৰৰ বিবাহৰ খবৰ বিয়পি পৰিছে। খবৰ অনুসৰি ৰণবীৰ আৰু আলিয়াই এপ্ৰিল মাহৰ দ্বিতীয় সপ্তাহত বিবাহ পাশত আবদ্ধ হ’ব। কাপুৰ আৰু ভাট পৰিয়ালৰ এগৰাকী ঘনিষ্ঠ ব্যক্তিয়ে জনায় যে, আলিয়াৰ ককা বহুত অসুস্থ, আৰু তেওঁৰ ইচ্ছা – মৃত্যুৰ আগে নাতিনীয়েক আলিয়াৰ বিয়া চোৱা। ছনি ৰাজদানৰ দেউতাক এন ৰাজদানে ৰণবীৰক বৰ ভাল পায়। তেওঁ বিচাৰে যে ৰণবীৰ আৰু আলিয়া সোনকালেই বিবাহপাশত আৱদ্ধ হওক। তাৰকা দম্পতীটোৱে তেওঁলোকৰ ককাকৰ ইচ্ছাৰ বাবেই বিয়া কৰাৰ সিদ্ধান্ত লৈছে। সূত্ৰ অনুসৰি, ৰণবীৰ-আলিয়াই ১৭ এপ্ৰিলত বিবাহপাশত আৱদ্ধ হোৱাৰ কথা। অৱশ্যে আলিয়াৰ ককাৰ অসুস্থতাৰ বাবে বিবাৰ তাৰিখ সলনিও হ’ব পাৰে।

ইতিমধ্যে ৰণবীৰ কাপুৰৰ পৰিয়ালৰ লোকসকলে আলিয়াক বোৱাৰীৰ দৃষ্টিৰে গ্ৰহণ কৰিছে। গতিকে এই বিবাহখন অতিৰিক্ত জাকজমকতা নকৰাকৈ অতি সৰল ভাৱে অনুষ্ঠানটো সম্পূৰ্ণ কৰিব। মঙলবাৰে ৰণবীৰ-আলিয়াৰ বিবাহৰ উৰাবাতৰি লৈ ৰণবীৰৰ বৰদেউতা ৰণধীৰ কাপুৰে জনায় যে, “মই এতিয়া মুম্বাইত নাই, মই বিবাহৰ বিষয়ে জ্ঞাত নহয়, যদি আমৰ পৰিয়ালৰ মাজত বিবাহৰ কথা চলিছে তেন্তে মই নিশ্চিত যে মোক তেওঁলোকে এই বিষয়ে লৈ অবগত কৰিব। সত্যটো কি আপোনালোকে কেইদিনৰ পিছতে জানিব পাৰিব। “

নগাঁৱত ফল-মুল সংৰক্ষণমূলক প্রশিক্ষণ শিৱিৰ সম্পন্ন…

নগাঁও জিলাত প্রায় ২১০০ হাজাৰ হেক্টৰ মাটি কালিত নানা ধৰণৰ শাক – পাচলিৰ লগতে বিভিন্ন প্ৰকাৰৰ ফল মূলৰ খেতি কৰা হয় । এই ফল মুলৰ খেতিৰ দ্বাৰা কৃষকসকল প্রত্যক্ষ পৰোক্ষভাৱে উপকৃত হোৱাৰ লগতে মহিলাসকলো ক্ষুদ্র উদ্যোগৰ দ্বাৰা আত্মনির্ভশীল হোৱাৰ বহু উদাহৰণ আছে । ফল – মূলৰ পৰা জাম , জেলি , চৰবত , আচাৰ আদি বনাই ঘৰখনৰ চাহিদা পূৰণ কৰাৰ উপৰিও এইসমূহ খাদ্য সামগ্রী বিক্ৰীৰ দ্বাৰা মহিলাসকল আৰ্থিকভাৱে বহুপৰিমাণে উপকৃত হ’ব পাৰে । এই মন্তব্য নগাঁও জিলা কৃষি বিষয়া তৰুণ হাজৰিকাৰ । জিলা কৃষি বিষয়াৰ অন্তৰ্গত নগাঁৱৰ সমূহীয়া ফলমূল সংৰক্ষণ প্রশিক্ষণ তথা কেন্দ্রৰ কাৰ্যালয়ত মহিলা সবলীকৰণ কাৰ্যসূচীৰ অংশ হিচাপে ১০ জনীয়া এক মহিলা গোটৰ সদস্যাসকলক বিনামূলীয়াকৈ প্রশিক্ষণ দিয়াৰ এক সুবিধা কৰা হৈছে । এই ৬ দিনীয়া বিনামূলীয়া ফল মুল প্ৰশিক্ষণৰ দ্বাৰা মহিলাসকলক বিজ্ঞানসম্মত ভাৱে জাম , জেলি , চৰবত , আচাৰ ইত্যাদি বনোৱাৰ কৌশলবোৰ ব্যৱহাৰিকভাৱে শিকোৱাৰ লগতে বিভিন্ন প্ৰকাৰৰ  দিহা পৰামৰ্শ দিয়া হয় ।

যাতে প্রশিক্ষণপ্রাপ্ত মহিলাসকলে স্বাধীনভাবে এই খাদ্যসামগ্ৰীবোৰ প্ৰস্তুত আৰু সংৰক্ষণ কৰি নিজক নিজেই আত্মনিৰ্ভৰশীল হ’ব পাৰে । নগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ১০ গৰাকী উদ্যমী মহিলাই এই ৬ দিনীয়া প্ৰশিক্ষণ কাৰ্যসুচীত অংশগ্ৰহণ কৰে । প্ৰশিক্ষণৰ সামৰণি অনুষ্ঠানত নগাঁও জিলা কৃষি বিষয়া তৰুণ হাজৰিকাই প্ৰশিক্ষার্থীসকলক ব্যবহাৰিক ক্ষেত্ৰত প্ৰয়োগ কৰি জাম , জেলি , চৰবৰ্তৰ ক্ষুদ্ৰ উদ্যোগ খুলি নিজৰ লগতে আন মহিলাসকলক উৎপাদনমুখী হ’বলৈ আহ্বান জনায় । আনহাতে প্রত্যেকগৰাকী প্রশিক্ষণ প্রাপ্ত মহিলাক একোখনকৈ প্ৰমাণপত্ৰ প্ৰদান কৰা হয় । উক্ত অনুষ্ঠানত মহকুমা কৃষি বিষয়া মুকুল ভাৰতী নাথ , অমিয় সিংহা , ৰঞ্জন ডেকা , মিজানুৰ ৰহমান চৌধুৰী , প্রশিক্ষক বিষ্ণুজিৎ পাল আৰু কল্যাণ বৰুৱা উপস্থিত থাকে । পৰবৰ্তী সময়তো গ্ৰামাঞ্চলৰ লগতে চহৰাঞ্চলৰ মহিলা সকলক এই ধৰণৰ বিভিন্ন ফলমুলৰ দ্বাৰা জাম,জেলি,আচাৰ,চৰৱত আদি বনোবাৰ প্ৰশিক্ষণ প্ৰদান কৰা হব বুলি জিলা কৃষি বিষয়া তৰুণ  হাজৰিকাই জানিব দিছে ৷

ব্ৰহ্মো’ছ ক্ষেপনাস্ত্ৰ বিক্ৰী কৰাৰ আগতে ভাৰতে লৈছে নেকি ৰাছিয়াৰ অনুমতি?

ভাৰত চৰকাৰে ফিলিপাইছ চৰকাৰৰৰ সৈতে ক্ষেপনাস্ত্ৰ বিক্ৰীৰ এক চুক্তি স্বাক্ষৰ কৰিছে। ভাৰত চৰকাৰে ইয়াৰ ব্ৰহ্মো’ছ ছুপাৰছ’নিক ক্ষেপনাস্ত্ৰ দিব বিচাৰিছে ফিলিপাইনছক। ভাৰত-ৰুছৰ যৌথ উদ্যোগত বিকশিত হোৱা ব্ৰহ্মো’ছ ছুপাৰছ’নিক ক্ষেপনাস্ত্ৰ ফিলিপাইনছক বিক্ৰী কৰিব ভাৰতে। এনে সময়তে প্ৰশ্ন উত্থাপিত হৈছে ভাৰতে ৰুছিয়াক সুধিহে ফিলিপাইনছক ব্ৰহ্মো’ছ ছুপাৰছ’নিক ক্ষেপনাস্ত্ৰ দিছে নেকি? ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ বাবেই ভাৰতে ফিলিপাইনছক ব্ৰাহ্ম’ছ ক্ষেপনাস্ত্ৰ বিক্ৰী কৰিব নেকি? ফিলিপাইনছত থকা ভাৰতীয় ৰাষ্ট্ৰদূত শম্ভু কুমাৰনে ৰুচ-ইউক্ৰেইন যুদ্ধৰ মাজত ভাৰত-ফিলিপাইনছৰ প্ৰতিৰক্ষা চুক্তিৰ ওপৰত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। তেওঁ কৈছে যে,যদিও ব্ৰহ্মো’ছ ছুপাৰছ’নিক ক্ষেপনাস্ত্ৰ ভাৰত আৰু ৰুছিয়া দুয়োৰে সহযোগত তৈয়াৰ কৰা হৈছে চুক্তি স্বাক্ষৰ হৈছে ভাৰত আৰু ফিলিপাইনছৰ মাজত হে। অনন্ত কেন্দ্ৰৰ দ্বাৰা আয়োজিত,”The Philippines: India’s new Indo-Pacific partner”শীৰ্ষক এক আলোচনাচক্ৰত তেওঁ কয় যে, ফিলিপাইনছৰ প্ৰতিৰক্ষা সচিব লৰেঞ্জনাই ব্ৰহ্মো’ছৰ ওপৰত বিশ্বাস ৰাখিছে আৰু তেওঁ কৈছে যে, ভাৰতে ব্য়াপকভাবে ইয়াৰ ব্য়বহাৰো কৰে।

এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে,যিহেতু ভাৰতে ব্ৰহ্মো’ছ ৰুছিয়াৰ সহযোগত তৈয়াৰ কৰে। ভাৰতে ফিলিপাইনছৰ ,সৈতে হোৱা চুক্তিৰ পূৰ্বেই অৱগত কৰিছিল নেকি ৰুছিয়াক? আনহাতে, ভাৰতৰ প্ৰতিৰক্ষা বিশেষজ্ঞ ৰাহুল বেদীয়ে কয় যে, ব্ৰহ্মো’ছ চুক্তি হোৱাৰ আগতেই ভাৰত আৰু ৰুছিয়াৰ মাজত বৌদ্ধিক অধিকাৰক লৈ বাৰ্তালাপ হৈছিল ।কুমাৰনে লগতে কয় যে ভাৰতৰ পৰা ব্ৰহ্মোছ ক্ৰয় কৰাৰ সিদ্ধান্তটো শীৰ্ষ পৰ্যায়ত লোৱা এক ৰাজনৈতিক সিদ্ধান্ত। দুয়োখন দেশৰ ৰাজনৈতিক বুজাবুজিয়ে চুক্তিখন সফল কৰি তুলিছে। ভাৰত আৰু ফিলিপাইনছৰ মাজত হোৱা ব্ৰহ্ম’ছ ছুপাৰছ’নিক ক্ষেপনাস্ত্ৰৰ প্ৰথমখন চুক্তি যোৱা বছৰ মাৰ্চত স্বাক্ষৰিত হৈছিল, দ্বিতীয় চুক্তিখন নৱেম্বৰত স্বাক্ষৰিত হৈছিল আৰু ২০২২ চনৰ জানুৱাৰীতো চুক্তি এখন স্বাক্ষৰিত হৈছিল। বৰ্তমানেও ভাৰত প্ৰতিৰক্ষা ৰপ্তানিৰ ক্ষেত্ৰত যথেষ্ট পিছ পৰি আছে। দেশখনে বেছিভাগ অস্ত্ৰৰ বাবে ৰাছিয়াৰ ওপৰতে নিৰ্ভৰশীল। অৱশ্যে বৰ্তমানসময়ত ভাৰতে অস্ত্ৰ ৰপ্তানিৰ ওপৰত জোৰ দিবলৈ আৰম্ভ কৰিছে। ভাৰত-ফিলিপাইনছ ব্ৰহ্মো’ছ প্ৰতিৰক্ষা চুক্তিৰ মূল্য ৩৭৪ নিযুত ডলাৰ, যাক বৰ্তমান সময়লৈকে ভাৰতৰ সৰ্ববৃহৎ থলুৱা অস্ত্ৰ বিক্ৰয় সংক্ৰান্তীয় প্ৰতিৰক্ষাৰ চুক্তি বুলি গণ্য কৰা হয়।

বঙাইগাঁৱত বিজেপিৰ প্ৰতিষ্ঠা দিৱস পালন…

ভাৰতীয় জনতা পাৰ্টিৰ ৪২ সংখ্যক প্ৰতিষ্ঠা দিৱস বুধবাৰে বঙাইগাঁৱতো পালন কৰা হয়৷ বঙাইগাঁও জিলা বিজেপি কাৰ্যালয়ত পালন কৰা দলটোৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে পুৱা পতাকা উত্তোলনেৰে কাৰ্যসূচী মুকলি কৰে জিলা সভানেত্ৰী হিমানী অধিকাৰীয়ে । তাৰ পিছতেই জিলাৰ বিষয় ববীয়া আৰু কাৰ্যকৰ্তাসকলৰ উপস্থিতিত এখন সভা অনুষ্ঠিত হয়। জিলা বিজেপিৰ সাধাৰণ সম্পাদক শংকৰ বিশ্বাসে আঁত ধৰা সভাত বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য সুকেন ৰায় আৰু জিলা সভানেত্ৰী হিমানী অধিকাৰীয়ে ভাৰতীয়  জনতা পাৰ্টিৰ স্বৰ্ণিল  ইতিহাস সোঁৱৰণ কৰি প্ৰতিষ্ঠা দিৱস সম্পৰ্কত  ভাষণ ৰাখে । সভাত জিলা বিজেপিৰ প্ৰাক্তন সভাপতি গোপেশ্বৰ তালুকদাৰৰ লগতে জ্যোতিৰ্ময় সৰকাৰ, ডাঃ ইতেশ বৰদলৈ, জিলা যুৱ মৰ্চাৰ সভাপতি সঞ্জয় ৰায় আদিও উপস্থিত থাকে ৷

সেইদৰে পুৱা ১০ বজাৰ পৰা ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰ্চুৱেল সভাযোগে কাৰ্যকৰ্তাসকলক উদ্দেশ্যি কৰা সম্বোধন শুনে । তাৰ পিছতে  জিলা কাৰ্যালয়ৰ পৰা ৪২ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে জিলা বিজেপিৰ উদ্যোগত মহিলা মৰ্চা, যুৱ মৰ্চা সমন্বিতে এক শোভাযাত্ৰা উলিয়ায় । উল্লেখ্য যে ৬ এপ্ৰিলৰ পৰা ২০ এপ্ৰিললৈ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি জিলা  বিজেপিয়ে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিব ৷ ইপিনে বঙাইগাঁও পৌৰসভাৰ ২ নং ৱাৰ্ডত পালন কৰা দলৰ প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানত পতাকা উত্তোলন কৰে স্থানীয় ৱাৰ্ড কমিচনাৰ সৰস্বতী সৰকাৰে ৷ প্ৰতিষ্ঠা দিৱস উলক্ষে এক শোভাযাত্ৰা উলিওৱাৰ লগতে বিজেপিৰ কাৰ্যকৰ্তাসকলে একেলগে সমবেত হৈ প্ৰধানমন্ত্ৰীৰ ভাৰ্চুৱেল ভাষণ শুনে ৷ দলটোৰ প্ৰতিষ্ঠা দিৱস প্ৰতিটো ৱাৰ্ড, মণ্ডল আৰু বুথ পৰ্যায়ত পালন কৰে ৷