Home Blog Page 241

Himanta Biswa Sarma: আগষ্টত মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰিব অসম ক্ৰিকেট সন্থাৰ ক্ৰিকেট একাডেমী

Himanta Biswa Sarma: আগষ্টত মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰিব অসম ক্ৰিকেট সন্থাৰ ক্ৰিকেট একাডেমী
Himanta Biswa Sarma: আগষ্টত মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰিব অসম ক্ৰিকেট সন্থাৰ ক্ৰিকেট একাডেমী

উত্তৰ গুৱাহাটী ৰাজহ চক্ৰৰ অন্তৰ্গত ফুলুং ডেকাবাৰীৰ(Himanta Biswa Sarma)২০ বিঘা ভূমিত নিৰ্মাণৰত অসম ক্ৰিকেট সন্থাৰ অত্যাধুনিক ‘ক্ৰিকেট একাডেমী’ বৰ্তমান সম্পূৰ্ণ হোৱাৰ পথত৷ এই একাডেমীখন ১৫ আগষ্টৰ ভিতৰত আনুষ্ঠানিকভাৱে মুকলি কৰিব মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই৷ একাডেমীখনৰ নিৰ্মাণ পৰিদৰ্শন কৰি এই কথা উত্তৰ গুৱাহাটীত সদৰী কৰিলে বিচিচিআইৰ সচিব দেৱজিৎ লন শইকিয়াই৷ বৰ্তমান পূৰ্ণগতিত নিৰ্মাণৰ কাম চলি থকা এই একাডেমীত ল’ৰা-ছোৱালীৰ বাবে দুটা উন্নত মানৰ আৱাস গৃহৰ কাম চলি আছে৷

এই আৱাসগৃহসমূহো অনাগত ১০ দিনৰ ভিতৰত সম্পূৰ্ণ হৈ উঠিব৷ প্ৰতিটো আৱাসগৃহত ৬০জনকৈ ল’ৰা-ছোৱালী খেলুৱৈ থকাৰ সুবিধা থাকিব৷ এই একাডেমীত উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত সৰ্ববৃহৎ ইনড’ৰ হল নিৰ্মাণ কৰা হৈছে আৰু এই ইনড’ৰ হলত ১০খনকৈ উইকেট থাকিব বুলি বিবিচিআইৰ সচিবগৰাকীয়ে জানিবলৈ দিছে৷ আন এক বাৰ্তালাপত সচিব শইকিয়াই প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ তথা বৰ্তমান ইংলেণ্ড ভ্ৰমণলৈ যাব লগা ভাৰতীয় দলৰ মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰক উচ্ছ প্ৰশংসা কৰে৷ শইকীয়াই ভাৰতীয় দলত স্থান লাভ কৰা অসমৰ ৰিয়ান পৰাগক লৈ বহুত আশাবাদী বুলি উল্লেখ কৰে৷

বিগত আইপিএলত এটা অভাৰত ছয়টা ছিক্সেৰে ৰিয়ান পৰাগে নিজৰ খেলুৱৈ সুলভ দাঙি ধৰিবলৈ সক্ষম হোৱাৰ লগতে অনাগত দিনটো খেলুৱৈগৰাকীয়ে এই ধাৰা অটুট ৰাখিবলৈ সক্ষম হ’ব বুলি আশা প্ৰকাশ কৰে৷ আই পি এলত ভাৰতীয় দলৰ সূৰ্যবংশীৰ ধাৰাবাহিক চমক প্ৰদৰ্শনে ভাৰতীয় ক্ৰিকেট দলৰ বাবে আন এক শুভ সংবাদ বুলি অভিহিত কৰে সচিব দেৱজিৎ লন শইকীয়াই৷

নতুন পদ্ধতিৰে ঘোষণা হ’ব Tet Cum Recruitment Testৰ ফলাফল !

নতুন পদ্ধতিৰে ঘোষণা হ'ব Tet Cum Recruitment Testৰ ফলাফল !
নতুন পদ্ধতিৰে ঘোষণা হ'ব Tet Cum Recruitment Testৰ ফলাফল !

সম্পূৰ্ণ নতুন পদ্ধতিৰে ঘোষণা হ’ব Tet Cum Recruitment Testৰ চূড়ান্ত ফলাফল।

চূড়ান্ত ফলাফল ঘোষণাৰ পূৰ্বে সম্পন্ন হ’ব নথি পৰীক্ষণ প্ৰক্ৰিয়া।


প্রথম পর্যায়ত সম্পন্ন হ’ব স্নাতকোত্তৰ শিক্ষক পদৰ প্ৰাৰ্থীৰ বাছনি প্ৰক্ৰিয়া।


এটা পদৰ বাবে কেৱল এজন প্রার্থীয়ে লাভ কৰিব বাছনি।


আজিৰে পৰা নিৰ্দিষ্ট ৱেবছাইটত উপলব্ধ হ’ব TRTৰ দ্বিতীয় প্ৰশ্নকাকতৰ নম্বৰ।


ইয়াৰ পাছতে মাণ্ডলিক পর্যায়ত সম্পন্ন হ’ব প্ৰাৰ্থীসকলৰ নথি পৰীক্ষণ প্ৰক্ৰিয়া।


ৰাজ্যৰ ৬টা মণ্ডলত সম্পন্ন হ’ব নথি পৰীক্ষণ প্রক্রিয়া।


তালিকাত ডিব্ৰুগড়, যোৰহাট, কাছাৰ, নগাঁও, কামৰূপ (মহানগৰ)বঙাইগাঁও জিলাৰ নাম অন্তর্ভুক্ত।


কেৱল অৰ্হতাসম্পন্ন প্রার্থীয়েহে সংগ্ৰহ কৰিব পাৰিব প্ৰৱেশ-পত্র।


madhyamik.assam.gov.inত উপলব্ধ হ’ব প্ৰৱেশ-পত্ৰ।


১৯ জানুৱাৰীত সম্পন্ন হ’ব লিখিত পৰীক্ষা।

নম্বৰৰ তালিকাও পাব সেই ৱেবছাইটটোত।


স্নাতকোত্তৰ শিক্ষকৰ ১,৪৮৭টা পদৰ বাবে অনুষ্ঠিত হৈছিল লিখিত পৰীক্ষা।


স্নাতক পৰ্যায়ৰ সৰ্বমুঠ শিক্ষকৰ পদ আছে ৮,২৩০টা।

Omega-3 Fatty Acids: সৌন্দৰ্য্যৰ আঁৰৰ ৰহস্য কি জানেনে ? শৰীৰৰ ৫টা লক্ষণ কেতিয়াও আওকাণ নকৰিব !

Omega-3 Fatty Acids: সৌন্দৰ্য্যৰ আঁৰৰ ৰহস্য কি জানেনে ?
Omega-3 Fatty Acids: সৌন্দৰ্য্যৰ আঁৰৰ ৰহস্য কি জানেনে ?

আমাৰ শৰীৰত ওমেগা-৩ ফেটি এচিডৰ প্ৰয়োজন হয়, কিন্তু বহুতে ওমেগা-৩ ফেটি এচিডৰ ক্ষেত্ৰত সাৱধান নহয়, এনে পৰিস্থিতিত আমি শৰীৰৰ অভাৱ চিনাক্ত কৰাটো গুৰুত্বপূৰ্ণ।(Omega-3 Fatty Acids)

আমাৰ শৰীৰৰ বাবে ওমেগা-৩ ফেটি এচিড অতি গুৰুত্বপূৰ্ণ, আমাৰ হৃদযন্ত্ৰ আৰু মগজুৰ কাৰ্য্যৰ বাবেও ইয়াক অতি গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়। যদি এগৰাকী মহিলাই গৰ্ভাৱস্থাত এই পুষ্টিকৰ পদাৰ্থ খায়, তেন্তে শিশুৰ জ্ঞানমূলক বিকাশ ভাল হয়, আৰু ইয়াৰ দ্বাৰা তেওঁৰ শাৰীৰিক বিকাশত উপকাৰ হয়। এই পুষ্টিকৰ উপাদানসমূহ আমাৰ মানসিক স্বাস্থ্যৰ বাবেও ভাল বুলি বিবেচিত হয়। ভাৰতৰ বিখ্যাত পুষ্টি বিশেষজ্ঞ নিখিল ভাটছে কয় যে যদি শৰীৰত ওমেগা-৩ ফেটি এচিডৰ অভাৱ হয়, তেতিয়া বহু লক্ষণ দেখা দিবলৈ আৰম্ভ কৰে,সেয়া সময়মতে চিনাক্ত কৰাটো অতি প্ৰয়োজনীয়, নহ’লে পিছত অসুবিধাৰ কাৰণ হৈ পৰিব পাৰে।

ওমেগা-৩ ফেটি এচিডৰ অভাৱৰ লক্ষণ-


১/ হতাশা

হতাশাত ভুগি থকা লোকসকলৰ ওমেগা-৩ ফেটি এচিডৰ মাত্ৰা প্ৰায়ে কম হয়। ইয়াৰ উপৰিও দেখা গৈছে যে ওমেগা-৩ পৰিপূৰক সেৱনে মানসিক স্বাস্থ্য উন্নত কৰাত সহায় কৰিব পাৰে। গতিকে মানসিক স্বাস্থ্যৰ অভাৱৰ লগতে মেজাজৰ পৰিৱৰ্তন ওমেগা-৩ৰ অভাৱৰ লক্ষণ হ’ব পাৰে।

২) ছাল আৰু চুলিৰ সমস্যা

শৰীৰত ওমেগা-৩ৰ অভাৱে আপোনাৰ ছালত প্ৰতিফলন ঘটাব পাৰে। ইয়াৰ ফলত ছাল সংবেদনশীল আৰু শুকান হ’ব পাৰে। কিছুমান লোকৰ ছালৰ ৰঙা পৰা আৰু ব্ৰণও বৃদ্ধি পাব পাৰে। একেদৰে আপোনাৰ চুলিৰ স্বাস্থ্যও অৱনতি ঘটিব পাৰে। চুলি সৰা, পাতল হোৱা আৰু শুকান হোৱাটো ওমেগা-৩ৰ অভাৱৰ কিছুমান লক্ষণ হ’ব পাৰে।

৩/ গাঁঠিৰ বিষ

গাঁঠিৰ বিষ আৰু জঠৰতা যিকোনো ব্যক্তিৰ লগত হ’ব পাৰে। বয়স বঢ়াৰ লগে লগে এই সমস্যাবোৰৰ সন্মুখীন হোৱাৰ সম্ভাৱনা বেছি। কেইবাটাও গৱেষণাৰ পৰা দেখা গৈছে যে ওমেগা-৩ পৰিপূৰক সেৱনে গাঁঠিৰ বিষ আৰু জঠৰতা দূৰ কৰাত সহায় কৰিব পাৰে।

৪/ চকু শুকান

আপোনাৰ চকুৰ বাবেও ওমেগা-৩ গুৰুত্বপূৰ্ণ। আপোনাৰ চকুৰ আৰ্দ্ৰতা বজাই ৰখাত ইহঁতে ভূমিকা পালন কৰে। গতিকে, যদি আপুনি চকু শুকান হোৱাৰ সন্মুখীন হৈছে, তেন্তে ওমেগা-৩ৰ অভাৱেই ইয়াৰ কাৰণ হ’ব পাৰে।

৫/ ভাগৰুৱা

ভাগৰুৱা অৱস্থা সাধাৰণতে টোপনিৰ অভাৱ আৰু মানসিক চাপৰ লগত জড়িত। কিন্তু অতি কম সংখ্যক লোকেহে জানে যে ই ওমেগা-৩ৰ অভাৱৰ লক্ষণো হ’ব পাৰে। গতিকে এই পুষ্টিকৰ উপাদানটো কেতিয়াও নোহোৱা হ’বলৈ নিদিব।

ওমেগা-৩ ফেটি এচিড থকা খাদ্য-

-চিয়া গুটি


-আখৰোট


-চালমন


-ব্ৰাছেলছ স্প্ৰাউট

-চয়াবিন

-কাঠফুলা

Prime Minister Narendra Modi : বিহাৰৰ উপ মুখ্যমন্ত্ৰীৰ পুত্ৰৰ বিয়াত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

Prime Minister Narendra Modi : বিহাৰৰ উপ মুখ্যমন্ত্ৰীৰ বিয়াত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
Prime Minister Narendra Modi : বিহাৰৰ উপ মুখ্যমন্ত্ৰীৰ বিয়াত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

বৃহস্পতিবাৰে সন্ধিয়া পাটনাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিহাৰৰ উপ মুখ্যমন্ত্ৰী বিজয় সিনহাৰ পুত্ৰৰ এংগেজমেণ্ট অনুষ্ঠানত উপস্থিত থাকে।(Prime Minister Narendra Modi) 

প্ৰধানমন্ত্ৰীগৰাকী উপস্থিত হৈ পৰিয়ালটোক আশীৰ্বাদ প্ৰদান কৰে, এই সময় তেওঁলোকৰ পৰিয়ালটোৰ লগতে বিজেপি নেতাসকলে “আৱেগিক আৰু গৌৰৱময় মুহূৰ্ত” বুলি অভিহিত কৰে।

বিজেপিৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত দলৰ নেতাসকলৰ সৈতে ৭০ মিনিটৰ বৈঠক সমাপ্ত কৰাৰ পিছত প্ৰধানমন্ত্ৰী মোদীয়ে ৰাজভৱনলৈ যোৱা সময়তে বিহাৰৰ উপ মুখ্যমন্ত্ৰী বিজয় সিনহাৰ পুত্ৰ গোবিন্দ ভৰদ্বাজৰ এংগেজমেণ্ট অনুষ্ঠানত অংশগ্ৰহণ কৰে। এই সময়ত বিহাৰ চৰকাৰৰ জ্যেষ্ঠ মন্ত্ৰীসকলেও প্ৰধানমন্ত্ৰীগৰাকীক সংগ দিয়ে।


এই ভ্ৰমণৰ পিছতে ছ’চিয়েল মিডিয়াত দিয়া এটা পোষ্টত উপ মুখ্যমন্ত্ৰী সিনহাই কৃতজ্ঞতা আৰু আৱেগ প্ৰকাশ কৰি লিখিছে, “সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মৰমলগা আশীৰ্বাদ আৰু উপস্থিতি… আমাৰ সকলো কৰ্মীৰ বাবে এক অবিস্মৰণীয় মুহূৰ্ত।

Assam Weather: ৰাজ্যত হ’ব ধাৰাসাৰ বৰষুণ, ৰাইজক সাৱধানতা অৱলম্বনৰ আহ্বান !

Assam Weather: ৰাজ্যত হ'ব ধাৰাসাৰ বৰষুণ, ৰাইজক সাৱধানতা অৱলম্বনৰ আহ্বান !
Assam Weather: ৰাজ্যত হ'ব ধাৰাসাৰ বৰষুণ, ৰাইজক সাৱধানতা অৱলম্বনৰ আহ্বান !

ৰাজ্যত বিগত কিছুদিনৰ পৰা ধাৰাসাৰ বৰষুণৰ সৃষ্টি হৈছে।(Assam Weather)

পুনৰ বতৰ বিজ্ঞান কেন্দ্ৰই ৰাজ্যৰ কেইবাখনো জিলাত বৰষুণৰ পূর্বানুমানৰ তথ্য প্ৰকাশ কৰিছে।

বৰপেটা, বঙাইগাঁও, কাছাৰ, ধুবুৰী, গোৱালপাৰা হাইলাকান্দি, কোকৰাঝাৰ, কামৰূপ, নলবাৰী, শ্রীভূমিত অধিক বৰষুণৰ সম্ভাৱনা!

নেৰানেপেৰা বৰষুণৰ ফলত মহানগৰীৰ ঠাইবিশেষে ভূমিস্খলনৰো আশংকা।

সেয়েহে ৰাইজক সাৱধানতা অৱলম্বনৰ আহ্বান মহানগৰ প্ৰশাসনৰ।

Drona Bhuyan: পদ্মশ্ৰী দ্ৰোন ভূঞাক আয়ুস্মান গ’ল্ড কাৰ্ড প্ৰদান

Drona Bhuyan: পদ্মশ্ৰী দ্ৰোন ভূঞাক আয়ুস্মান গ'ল্ড কাৰ্ড প্ৰদান
Drona Bhuyan: পদ্মশ্ৰী দ্ৰোন ভূঞাক আয়ুস্মান গ'ল্ড কাৰ্ড প্ৰদান

দৰং জিলা আয়ুক্তৰ কাৰ্যালয়ত বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা পঞ্চায়ত আৰু (Drona Bhuyan) গ্ৰামোন্নয়ন বিভাগৰ পৰ্যালোচনা সভাত পদ্মশ্ৰী দ্ৰোণ ভূঞাক ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত দাসে আয়ুস্মান গল্ড কাৰ্ড প্ৰদান কৰে।


তেখেতে এই কাৰ্ডৰ জড়িয়তে দেশৰ প্ৰতিখন চৰকাৰী বেচৰকাৰী চিকিৎসালয়ত ৫ লাখ টকাৰ চিকিৎসা সেৱা লাভ কৰিব।

পদ্মশ্ৰী দ্ৰোণ ভূঞাক আয়ুস্মান গল্ড কাৰ্ড প্ৰদান কাৰ্যসূচীত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত দাস, ছিপাঝাৰৰ বিধায়ক ডঃ পৰমানন্দ ৰাজবংশী, জিলা আয়ুক্ত পৰাগ কুমাৰ কাকতিৰ লগতে জিলা প্ৰশাসনৰ বিষয়া কৰ্মচাৰী উপস্থিত থাকে।

Bishwanath News: বিশ্বনাথত চাইনিং গ্ৰীণ আচিয়ানা ৱেলফেয়াৰ ফাইণ্ডেচনৰ উদ্যোগত কৃতি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা

Bishwanath News: বিশ্বনাথত চাইনিং গ্ৰীণ আচিয়ানা ৱেলফেয়াৰ ফাইণ্ডেচনৰ উদ্যোগত কৃতি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা
Bishwanath News: বিশ্বনাথত চাইনিং গ্ৰীণ আচিয়ানা ৱেলফেয়াৰ ফাইণ্ডেচনৰ উদ্যোগত কৃতি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা

বিশ্বনাথ হাইস্কুলৰ প্ৰেক্ষাগৃহত চাইনিং গ্ৰীণ(Bishwanath News)আচিয়ানা ৱেলফেয়াৰ ফাইণ্ডেচনৰ উদ্যোগত আৰু খিৰোদা আত্ম সহায়ক গোটৰ আহ্বানত হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত উৰ্ত্তীণ হোৱা কৃতি ছাত্ৰ-ছাত্ৰী সকলৰ অভিনন্দন অনুষ্ঠান আয়োজন কৰা হয়।


এই অভিনন্দন অনুষ্ঠানত চাইনিং গ্ৰীণ আচিয়ানা ৱেলফেয়াৰ ফাইণ্ডেচনৰ সঞ্চালক ড° কল্প কিশোৰ হাজৰীকা লগতে বিষয়ববীয়া আৰু খিৰোদা আত্ম সহায়ক গোটৰ বিষয়ববীয়া, বিদ্যালয়ৰ প্ৰধান শিক্ষক, সহযোগী শিক্ষক, প্ৰাক্তন শিক্ষক আদিৰ উপস্থিতিত প্ৰায় ৮০ ৰো অধিক ছাত্ৰ-ছাত্ৰীক ফুলাম গামোছা আৰু সম্বৰ্ধনা পত্ৰৰে সন্মান তথা অভিনন্দন জনোৱা হয়।

ছাত্ৰ-ছাত্ৰী সকলক শৈক্ষিক দিশত উৎসাহিত কৰাৰ মানসেৰে আয়োজন কৰা অভিনন্দন অনুষ্ঠানত ছাত্ৰী সকলৰ উজ্জ্বল ভৱিষ্যত কামনা কৰে চাইনিং গ্ৰীণ আছিয়ানা ৱেলফেয়াৰ ফাউণ্ডেচনৰ সঞ্চালক ড° কল্পকিশোৰ হাজৰিকাই।

International Menstrual Hygiene Day: দেৰগাঁৱত গোলাঘাট জিলা পানী আৰু অনাময় অভিযানৰ উদ্যোগত “আন্তঃৰাষ্ট্ৰীয় ঋতুস্ৰাৱৰ স্বাস্থ্যবিধি দিৱস” উদযাপন

International Menstrual Hygiene Day: দেৰগাঁৱত গোলাঘাট জিলা পানী আৰু অনাময় অভিযানৰ উদ্যোগত "আন্তঃৰাষ্ট্ৰীয় ঋতুস্ৰাৱৰ স্বাস্থ্যবিধি দিৱস" উদযাপন
International Menstrual Hygiene Day: দেৰগাঁৱত গোলাঘাট জিলা পানী আৰু অনাময় অভিযানৰ উদ্যোগত "আন্তঃৰাষ্ট্ৰীয় ঋতুস্ৰাৱৰ স্বাস্থ্যবিধি দিৱস" উদযাপন

দেৰগাঁৱত “গোলাঘাট জিলা পানী আৰু অনাময় অভিযান”ৰ উদ্যোগত “আন্তঃৰাষ্ট্ৰীয় ঋতুস্ৰাৱৰ স্বাস্থ্যবিধি দিৱস” উদযাপন কৰা হয় ৷ (International Menstrual Hygiene Day)

দেৰগাঁৱৰ ইন্দ্ৰানী দেৱী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত “স্বচ্ছ ভাৰত অভিযান”ৰ অংশস্বৰূপে “গোলাঘাট জিলা পানী আৰু অনাময় অভিযান”ৰ উদ্যোগত “আন্তৰাষ্ট্ৰীয় ঋতুস্ৰাৱৰ স্বাস্থ্যবিধি দিৱস” উদযাপন কৰা হয় ৷ উক্ত অনুষ্ঠানত ইন্দ্ৰানী দেৱী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰীসকলক আৰু দেৰগাঁও বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰীসকলক ঋতুস্ৰাৱৰ সময়ত লবলগা স্বাস্থ্যবিধি সম্পৰ্কে জিলা পৰ্যায়ৰ প্ৰশিক্ষণ আৰু সজাগতা প্ৰদান কৰা হয় ৷ এই প্ৰশিক্ষণ অনুষ্ঠানত অংশগ্ৰহণ থকা সমল ব্যক্তিসকল হ’ল গোলাঘাট জনস্বাস্থ্য কাৰকৰী বিভাগৰ তথ্য , শিক্ষা আৰু যোগাযোগ শাখাৰ জিলা সমন্বয়ক দেৱজিত চক্ৰৱৰ্তী , মানৱ সম্পদ উন্নয়ন শাখাৰ জিলা সমন্বয়ক বিশ্বজিত গগৈ, কাৰিকৰী বিষয়া মুনীন শইকীয়া, দেৰগাওঁ সামূহিক স্বাস্থ্য কেন্দ্ৰৰ পৰামৰ্শদাতা নাফিচা আফজল, ইন্দ্ৰানী দেৱী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ প্ৰদীপ বৰা আদি ৷ এনে অনুষ্ঠানে ছাত্ৰী সকল তথা মহিলা সকলক বিশেষ উপকাৰ কৰিব বুলি সচেতন মহলে আশা প্ৰকাশ কৰিছে ৷

Expensive Coffee: আচৰিত! একাপ কফিৰ দাম ৩১ হাজাৰ টকা, কফিৰ কাপত চুমুক দি থতমত খালে দিলজিতে !

Expensive Coffee: আচৰিত! একাপ কফিৰ দাম ৩১ হাজাৰ টকা, কফিৰ কাপত চুমুক দি থতমত খালে দিলজিতে !
Expensive Coffee: আচৰিত! একাপ কফিৰ দাম ৩১ হাজাৰ টকা, কফিৰ কাপত চুমুক দি থতমত খালে দিলজিতে !

পাঞ্জাবী শিল্পী দিলজিৎ দোসাঞ্জে(Expensive Coffee) বিশ্বৰ অন্যতম দামী কফি খোৱাৰ অভিজ্ঞতা তেওঁৰ অনুৰাগীৰ সৈতে ভাগ-বতৰা কৰিছে। সেই বিশেষ কফিটো য’তে ত’তে পোৱা নাযাব।

কফি বহুতে ভাল পায়। কিন্তু একাপ কফিৰ দাম কিমান হ’ব পাৰে? পাঞ্জাবী গায়ক দিলজিৎ দোসাঞ্জে লণ্ডনত নিজৰ কফি অভিজ্ঞতা শ্বেয়াৰ কৰি অনুৰাগীক আচৰিত কৰি তুলিছে।(diljit dosanjh)


লণ্ডনৰ আন্তঃৰাষ্ট্ৰীয় ফেশ্বন ব্ৰেণ্ড ‘লুই ভিটন’ৰ ষ্ট’ৰত দিলজিতে তাত কফিৰ সোৱাদ লৈছিল। কণ্ঠশিল্পীগৰাকীয়ে ছ’চিয়েল মিডিয়াত অনুৰাগীৰ সৈতে সেই দামী কফি খোৱাৰ এটা ভিডিঅ’ শ্বেয়াৰ কৰি অভিজ্ঞতা ভাগ-বতৰা কৰিছে।

দিলজিতে যি কফি খাইছিল সেই কফি কাপৰ নাম ‘জাপান টিপিকা নেচাৰেল’। মেনু কাৰ্ডত ইয়াৰ মূল্য ২৬৫ পাউণ্ড। অৰ্থাৎ ভাৰতীয় মুদ্ৰাত ইয়াৰ দাম প্ৰায় ৩১ হাজাৰ টকা! জাপানৰ অকিনাৱাৰ এখন ব্যক্তিগত বাগিচাত কফি খেতি কৰা হয়। তেওঁলোকে নিজৰ কফিৰ বীন বিশ্বৰ শ্ৰেষ্ঠ ৰেষ্টুৰেণ্টলৈ ৰপ্তানি কৰে। সোৱাদ আৰু সুগন্ধিৰ ক্ষেত্ৰত ই বিশ্বৰ ভিতৰতে অন্যতম শ্ৰেষ্ঠ বুলি দাবী কৰিছে কোম্পানীটোৱে। এই কফিটো পৰিবেশনৰ আগতে বনাবলৈও এক বিশেষ পদ্ধতি আছে। দিলজিতক সোণালী ধাতুৰৰ গিলাচত কফিখিনি পৰিবেশন কৰিবলৈ দিলে।

এই ধৰণৰ কফি খোৱাটো জীৱনৰ এক স্মৰণীয় স্মৃতি হৈ থাকিব পাৰে। কিন্তু পৃথিৱীৰ অন্যতম দামী কফিয়ে দিলজিতৰ হৃদয় জয় কৰাত ব্যৰ্থ হ’ল। কফিৰ কাপত চুমুক দি দিলজিতে সহজভাৱে ক’লে, ” বেলেগ অনুভৱ হয় নেকি? যথেষ্ট পাতল।” একে সময়তে দিলজিতে ধেমালিতে এই কফিৰ দামক লৈ মন্তব্য কৰিলে। শিল্পীজনে ক’লে, “এতিয়া মই এই কফিটোহে খাম। কাৰণ প্ৰতি চুমুকৰ দাম ৭ হাজাৰ টকা!”

Nagaon News: নগাঁৱৰ বৰ্ষীয়ান কালি বাদক ভীমেশ্বৰ মুদৈ, ৰাইজে দেখা; চৰকাৰে নেদেখা চহা শিল্পীগৰাকী আজিলৈকে নুঠিল চৰকাৰী শিল্পী পেঞ্চনৰ তুলাচনীত। উপেক্ষিত বৃদ্ধ পেঞ্চনৰ পৰাও

Nagaon News: নগাঁৱৰ বৰ্ষীয়ান কালি বাদক ভীমেশ্বৰ মুদৈ, ৰাইজে দেখা; চৰকাৰে নেদেখা চহা শিল্পীগৰাকী আজিলৈকে নুঠিল চৰকাৰী শিল্পী পেঞ্চনৰ তুলাচনীত
Nagaon News: নগাঁৱৰ বৰ্ষীয়ান কালি বাদক ভীমেশ্বৰ মুদৈ, ৰাইজে দেখা; চৰকাৰে নেদেখা চহা শিল্পীগৰাকী আজিলৈকে নুঠিল চৰকাৰী শিল্পী পেঞ্চনৰ তুলাচনীত

মানুহজনৰ নাম ভীমেশ্বৰ মুদৈ।(Nagaon News)বৰ্তমান তেওঁৰ বয়স ৭৫ বছৰ। নগাঁও চহৰৰ নিকটৱৰ্তী মাহৰোল জুৰীয়াৰ মুদৈ চুবুৰি নিবাসী ভীমেশ্বৰ মুদৈ নিজ অঞ্চলত ‘লোঠোকাই’ বা ‘কালিয়া’ নামেৰেও পৰিচিত। সত্ৰীয়া সংস্কৃতিৰ এগৰাকী সাধক, ওৰে জীৱন সমাজৰ বিভিন্ন কাম-কাজৰ সৈতে জড়িত হৈ অহা এইগৰাকী ভীমেশ্বৰ মুদৈ এগৰাকী কালি বাদক হিচাপে বিশেষভাৱে পৰিচিত। উল্লেখ্য যে আজিৰ নৱ প্ৰজন্মৰ হয়তো বহুতেই চিনি নোপোৱা এই ‘কালি’ নামৰ বাদ্যবিধ হৈছে এবিধ পেঁপা বা কাহল, অৰ্থাৎ মুখেৰে ফুঁকি বজোৱা এবিধ পিতলৰ যন্ত্ৰ বা বাদ্য। জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ বিৰচিত অংকীয়া ভাওনাত যি কেইপদ বাদ্য সংগত কৰা হয়, তাৰ ভিতৰত অন্যতম বাদ্য হ’ল ‘কালি’। এই কালি বাদনৰ শব্দ বহু দূৰণিৰ পৰা ভাঁহি আহিলেও অনুমান কৰিব পাৰি ক’ৰবাত ভাওনা বা ৰাস উৎসৱ চলি থকাৰ বিষয়ে। দৰাচলতে কালি বাদন কৰিলেহে ভাওনাখনিৰ শোভা বৰ্দ্ধন হয় বাবেই এই ক্ষেত্ৰত বিশেষ গুৰুত্ব প্ৰদান কৰা হয়। ইফালে, এইগৰাকী চহা শিল্পীয়ে জীৱনৰ পঞ্চাশ বছৰৰো অধিক সময় কালি বাদনেৰে অসমৰ বিভিন্ন প্ৰান্তৰ ৰাইজৰ সমাদৰ বুটলিবলৈ সক্ষম হৈছে। দুৰ্ভাগ্যৰ বিষয় এয়ে যে বৰ্তমান কালি বাদকৰ সংখ্যা নিচেই কম, সেয়ে আজিকালি সকলোতে ৰাস-ভাওনাসমূহত কালি বাদন কৰা সততে পৰিলক্ষিত নহয়।

এই সম্পৰ্কত কালি বাদক ভীমেশ্বৰ মুদৈয়ে আমাক জনোৱা মতে, প্ৰায় পঞ্চাশ বছৰ পূর্বে একেখন গাঁৱৰে প্ৰয়াত বাপুতি মুদৈ নামৰ সম্পৰ্কত তেওঁৰ তাৱৈজনৰ পৰা মাত্ৰ ২৯ টকাত কিনি লৈছিল এটা কালি। দৰাচলতে কোনো স্কুলীয়া শিক্ষা গ্ৰহণ নকৰা তথা কালি বাদনৰো কোনো অভিজ্ঞতা নথকা ভীমেশ্বৰ মুদৈক তাৱৈয়েকে এই কালি বাদ্য ভাগ জোৰকৈয়ে দি সাধনা অব্যাহত ৰাখিবলৈ আৰু ইয়াৰ জৰিয়তেই উপাৰ্জনৰ এক অন্যতম পথ হিচাপে বাছি ল’বলৈ পৰামৰ্শ দিছিল। সেই সময়ৰ পৰাই তাৱৈকে মনত গুৰু হিচাপে মানি লৈ এইগৰাকী চহা শিল্পী ভীমেশ্বৰ মুদৈয়ে নগাঁও জিলাৰ বিভিন্ন গাঁও-ভূঁইৰ উপৰি কাকী, বকলীয়াঘাট, ডিফু, তেজপুৰ, গোলাঘাট আদিতো ৰাস-ভাওনাসমূহত কালি বাদনেৰে ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰি আহিছে।

কালি বাদকগৰাকীয়ে জানিবলৈ দিয়া মতে পূৰ্বে তেওঁক কোনো এখন ৰাস-ভাওনাত কালি বাদনৰ বাবদ ১৫০-২০০ টকা দিছিল যদিও আজিকালি উদ্যোক্তাসকলে ২৫০০ টকা পৰ্যন্ত আগবঢ়ায়। এগৰাকী সাধাৰণ কৃষক হিচাপে নিজৰ কৃষিকৰ্মৰ মাজত ব্যস্ততাৰ মাজতে সামাজিক দায়বদ্ধতাৰ বাবেই হওক বা উপাৰ্জনৰ বাবে কালি বাদনকেই অন্যতম পথ হিচাপে বাছি লোৱা ভীমেশ্বৰ মুদৈৰ পৰিয়ালত আছে পত্নী, এটি পুত্ৰ, বোৱাৰী আৰু এটি নাতি।

জীৱনৰ সুদীৰ্ঘ কাল কালি বাদনেৰে অসমীয়া সমাজ জীৱনত বিশেষ প্ৰভাৱ পেলোৱা এইগৰাকী শিল্পীয়ে প্ৰসংগক্ৰমে আমাক জনোৱা মতে তেওঁ নগাঁও জিলাখনৰ ভিতৰত আটাইতকৈ বয়োজ্যেষ্ঠ কালি বাদক। বৰ্তমান জিলাখনত কালি বাদকৰ সংখ্যা নিচেই কম আৰু নতুন প্ৰজন্মই এই বাদ্যবিধ শিকিবলৈ আগ্ৰহীও নহয় বুলি আক্ষেপ কৰে। তেওঁ কাৰোবাক এই বাদ্যবিধৰ শিক্ষা দিব পাৰিলে সুখী হ’ব বুলি জানিবলৈ দিয়ে।

এইগৰাকী বিশিষ্ট কালি বাদক ভীমেশ্বৰ মুদৈক ইতিমধ্যে নগাঁও জিলা সাহিত্য সভা,অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতি আৰু মৰিকলং আঞ্চলিক সমিতি, সদৌ নগাঁও ভোগালী বিহু উৎসৱ সমিতি, আসাম প্ৰেছ কৰেছপণ্ডেণ্ট ইউনিয়ন (আপকু), নগাঁও ভাওনা সমাৰোহ, ন-ৰূপ সাংস্কৃতিক গোষ্ঠী- ৰহদৈ, সাংস্কৃতিক উন্নয়ন সংঘ- মৰিকলং, প্ৰগতি গ্ৰন্থাগাৰ আৰু সংঘৰ উদ্যোগত অনুষ্ঠিত ৰাস উৎসৱ উদযাপন সমিতি ডুগডুগী আদি সংগঠনৰ ফালৰ পৰা সম্বৰ্ধনা জনোৱাৰ উপৰি নগাঁও ভাওনা সমাৰোহ (২০১৩ চন)ত শ্ৰেষ্ঠ কালি বাদক হিচাপে সন্মানিত কৰে। কিন্তু দুখৰ বিষয় এয়ে যে বিভিন্ন প্ৰান্তৰ ৰাইজে যি গৰাকী কালি বাদকক সন্মান জনাই আহিছে, তেনে এগৰাকী চহা শিল্পীৰ প্ৰতি আজিলৈকে চৰকাৰৰ সুদৃষ্টি পৰা নাই। আজি পৰ্যন্ত এইগৰাকী দৰিদ্ৰ আৰু দুৰ্ভগীয়া বৃদ্ধ শিল্পীয়ে লাভ কৰা নাই চৰকাৰী শিল্পী পেঞ্চন, আনহে নালাগে স্থানীয় জনপ্ৰতিনিধি তথা গাঁও পঞ্চায়তেও আজিৰ তাৰিখলৈকে বৃদ্ধ পেঞ্চন অথবা অৰুণোদয় আঁচনিতো অন্তৰ্ভুক্ত কৰাৰ প্ৰয়োজনীয়তা অনুভৱ নকৰাটো দুৰ্ভাগ্যজনক। এইগৰাকী প্ৰকৃত নিভাঁজ শিল্পীক জীৱনৰ বিয়লি বেলা হ’লেও চৰকাৰী শিল্পী পেঞ্চন আগবঢ়াই উপকৃত কৰিবলৈ স্থানীয় ৰাইজে চৰকাৰলৈ আহ্বান জনাইছে।