Home Blog Page 242

Labhita Drama: অভিজাত প্ৰযোজনাৰে কলাক্ষেত্ৰত মঞ্চস্থ ৰূপকোঁৱৰৰ ‘লভিতা’

Labhita Drama: অভিজাত প্ৰযোজনাৰে কলাক্ষেত্ৰত মঞ্চস্থ ৰূপকোঁৱৰৰ 'লভিতা'
Labhita Drama: অভিজাত প্ৰযোজনাৰে কলাক্ষেত্ৰত মঞ্চস্থ ৰূপকোঁৱৰৰ 'লভিতা'

যোৱা ২৪ মে’ত শ্ৰীমন্ত শঙ্কৰদেৱে আন্তৰ্জাতিক(Labhita Drama)প্ৰেক্ষাগৃহত প্ৰদৰ্শন কৰা হয় ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ কালজয়ী নাটক লভিতা। সহস্ৰাধিক দৰ্শকৰ উপস্থিতিত প্ৰদৰ্শন কৰা এই নাটকখন আৰম্ভ হোৱাৰ পূৰ্বে মঞ্চ উদ্বোধন কৰে জ্যোতিপ্ৰসাদ আগৰৱালাৰ কন্যা জ্ঞানশ্ৰী পাঠক আৰু সত্যশ্ৰী দাসে। শিল্পীগৰাকীৰ দুয়োগৰাকী কন্যাই মঞ্চ উদ্বোধন কৰি দেশপ্ৰেম নাটকে সমাজৰ জাতীয় চেতনা জাগ্ৰত কৰে বুলি মন্তব্য কৰে। সন্ধিয়া ৬:৩০ বজাত বন্তি প্ৰজ্বলন কৰে ভাস্কৰ্য শিল্পী বীৰেণ সিংহ, ঔপন্যাসিক অনুৰাধা শৰ্মা পূজাৰী, গায়িকা নমিতা ভটাচাৰ্য্য, অভিনেতা উপকূল বৰদলৈ আৰু ND24ৰ অধ্যক্ষ তথা মুখ্য পৰিচালন সঞ্চালক কিশোৰ বৰাই। বিগত সময়ত এই নাটকখন কেইবাবাৰো মঞ্চস্থ হৈছে যদিও এইবাৰ আছিল ব্যতিক্ৰম। এনে বৃহৎ আৰু অভিজাত প্ৰযোজনা ইয়াৰ পূৰ্বে কাহানিও হোৱা নাই।এইক্ষেএত পৰিচালক অনুপজ্যোতি চৌধুৰীৰ নাম বিশেষভাৱে উল্লেখযোগ্য।

ৰূপকোঁৱৰ জ্যোতিপ্রসাদ আগৰৱালাৰ কালজয়ী অমৰ সৃষ্টি ‘লভিতা’ নাটকখন হৈছে বিয়াল্লিছৰ গণ-বিপ্লৱ আৰু অসমৰ ওপৰেৰে পাৰহৈ যোৱা দ্বিতীয় মহাসমৰৰ ঢৌৱে অসমৰ গ্ৰাম্য সামাজিক জীৱনক কেনেধৰণে প্ৰভাৱান্বিত কৰিছিল তাৰেই এক বাস্তবিক চিত্রায়ণ । তদানীন্তন অসমীয়া সমাজৰ ডেকা-ডেকেৰীৰ দেশপ্রেম, চৰিত্ৰবল আৰু মানসিক দৃঢ়তাক লভিতা নামৰ এগৰাকী সাধাৰণ গাঁৱলীয়া ছোৱালীৰ মাধ্যমেৰে উপস্থাপনৰ যোগেৰে সেই সময়ৰ অসমৰ সমাজ জীৱনৰ এক হুবহু চিত্ৰ দাঙি ধৰাৰ উপৰি বিয়াল্লিছৰ বিপ্লব আৰু দ্বিতীয় মহাসমৰৰ ঘটনাৱলীৰ মাজেৰে অসমীয়া জাতীয় চৰিত্ৰৰ এক বাস্তবিক বিশ্লেষণ নাটকখনত দাঙি ধৰা হৈছে। ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামত অসমৰ সাধাৰণ ৰাইজৰ ত্যাগ আৰু বীৰত্বৰ নিদর্শন, বিশেষকৈ অসমীয়া মহিলাৰ দৃঢ়তা আৰু সংগ্রামী চেতনাৰ প্রতিফলনে লভিতা নাটকখনক এক একক আৰু অনন্য মাত্রা প্রদান কৰিছে । ND24 আৰু অগ্রগামিনীৰ যুটীয়া প্রচেষ্টাত এই লভিতা নাটকখনৰ মঞ্চায়নৰ যোগেৰে সমগ্ৰ অসমীয়া নাৰী সমাজৰ প্রতি শ্রদ্ধা নিবেদন কৰা হয়। অভিনয়ৰ পৰা আৰম্ভ কৰি কলা নিৰ্দেশনা, পৰিচালনা , সংগীত চয়ন , আলোকসম্পাত , সাজপাৰ, ৰূপসজ্জা আদি আছিল অতি উন্নতমানৰ। দুঘণ্টাৰ অধিক সময় দৰ্শক মন্ত্ৰমুগ্ধ হৈ আছিল। নিখুঁত অভিনয়েৰে প্ৰতিগৰাকী অভিনেতা – অভিনেত্ৰীয়ে দৰ্শকৰ প্ৰশংসা লাভ কৰিবলৈ সক্ষম হয়।এই ক্ষেত্ৰত আগভাগ লোৱা প্ৰদীপ পূজাৰীৰ লগতে কবিতা বৰাৰ পদক্ষেপ সঁচাকৈয়ে প্ৰসশনীয় । নাটখনৰ সামগ্ৰিক পৰিকল্পনা প্ৰদীপ পূজাৰী আৰু কবিতা বৰাৰ।

এই নাটকখনৰ মুখ্য ভূমিকাত অভিনয় কৰে  ইতি ফুকনে। তদুপৰি নীলা শইকীয়া,অংকিতা মহন্ত,সংগীতা দুৱৰি গায়ন,অংকিতা বৰুৱা,মাম্পী শৰ্মা, চিমি দাস,কস্তুৰীমা বৰদলৈ,প্ৰণামী হাজৰিকা,হিমাক্ষী চাৰিঙীয়া,বৰ্ণালী বড়ো,ছুনামী দাস,প্রীতি বৰকাকতি,গীতাঞ্জলি গগৈ,এলিনা বড়ো,দেৱীকা শইকীয়া,দুলুমণি গোহাঁই,জ্যোতিমা বড়ো,নিকিতা ৰাভা, ইছেম আলম,প্ৰদীপ বৰা,মিন্টু ভৱেশ,কমল কৃষ্ণ ঠাকুৰীয়া,তীর্থ কুমাৰ নাথ, বীৰেন হাজৰিকা,দেৱজিত মজুমদাৰ,অমিতাভ ৰাজখোৱা,মণ্টু গগৈ,ময়ূখ শৰ্মা,ইয়াকুব আলী,জয়ন্ত কুমাৰ বৈশ্য,বিজিত কুমাৰ দাস,ডিম্পল সঞ্জীৱন কাশ্যপ,কাশ্যপ নাথ,মৃন্ময় বৰা,অৰূপ মজুমদাৰ,ইন্দ্ৰজিৎ বৰা,পাৰ্থ ডেকা,অঞ্জল দাস,তুষাৰজত বৰা,হিমজ্যোতি পাটগিৰি,বিদ্যুৎ দত্ত,শ্ৰীমন্ত নাথ, প্ৰসেনজিত বৰুৱা, সৌৰভ বৈশ্য,প্ৰথম কলিতা,শিশুশিল্পী জীয়ানাশী ৰয়ৰ অভিনয়ে সকলোকে আকৰ্ষণ কৰিবলৈ সক্ষম হয়।


নাটকখনৰ ব্যৱস্থাপনা, পৰিচালক অনুপজ্যোতি চৌধুৰী,সহঃ পৰিচালনা/ ভিডিঅ সম্পাদনা বিকাশ মোছাহাৰী,সংগীত চয়ন ৰক্তৎপল দিকু ভৰদ্বাজ,লাইটিং:কৌশিক বৰবৰা, সাজপাৰ গীতাৰাণী গোস্বামী, ৰূপসজ্জা অছিতাভ বৰুৱা আৰু কণ্ঠ শিল্পী আছিল অংগৰিকা আয়ুশী বৰাৰ। অগ্রগামিনী হৈছে সমাজৰ বিভিন্ন স্তৰৰ পৰা অহা মহিলাসকলৰ এক চৰকাৰী পঞ্জীয়নভুক্ত সামাজিক-সাংস্কৃতিক সংগঠন। সমাজৰ বিভিন্ন স্তবৰ লোকৰ বিশেষকৈ মহিলাসকলৰ সামাজিক-সাংস্কৃতিক তথা সমাজত আত্মনিয়োগ কৰি সকলোকে একলগে আগুৱাই লৈ যোৱাৰ লক্ষৰে অগ্রগামিনী জন্মলগ্নৰে পৰা ব্রতী হৈ আহিছে। জন্মৰেপৰা এতিয়ালৈকে প্রায় ১০ বছৰ কাল সময়ে সময়ে মহাপুৰুষ গুৰু দুজনাৰ অনন্য অনুপম সৃষ্টি অংকীয়া ভাওনাকে ধৰি বিভিন্ন সাংস্কৃতিক কাৰ্য্যসূচী আয়োজন কৰি আহিছে ।

Rajnath Singh: এদিন হ’লেও PoK ভাৰতৰ অন্তৰ্ভুক্ত হ’বঃ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং

Rajnath Singh: এদিন হ'লেও PoK ভাৰতৰ অন্তৰ্ভুক্ত হ'বঃ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং
Rajnath Singh: এদিন হ'লেও PoK ভাৰতৰ অন্তৰ্ভুক্ত হ'বঃ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং

অপাৰেচন সিন্দুৰৰ পিছত পাকিস্তানক(Rajnath Singh)পুনৰ সকীয়াই দিলে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে। আজি ৰাজধানী দিল্লীত অনুষ্ঠিত ভাৰতীয় উদ্যোগ সংঘৰ সন্মিলনৰ উদ্বোধনী পূৰ্ণাংগ বৈঠকত ভাষণ দি প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে ভাৰতৰ প্ৰতিৰক্ষা প্ৰস্তুতি শক্তিশালী কৰাৰ ক্ষেত্ৰত মেক ইন ইণ্ডিয়াৰ পদক্ষেপৰ ভূমিকাক প্ৰশংসা কৰি ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু আত্মনিৰ্ভৰশীলতাৰ দ্বৈত লক্ষ্যৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

তেওঁ কয় যে ভাৰতে সদায় হৃদয় সংযোগৰ কথা কয়, বিভাজনৰ নহয়। মহাৰাণা প্ৰতাপৰ ভাতৃ শক্তি সিঙৰ উদ্ধৃতি দি মন্তব্য প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ।

পাক অধিকৃত কাশ্মীৰ সন্দৰ্ভত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয় যে এদিন হ’লেও PoK ভাৰতৰ অন্তৰ্ভুক্ত হ’ব, POKৰ বাসিন্দাই অন্তৰাত্মাৰ আহ্বান শুনিব।

২২ এপ্ৰিলত পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতি ভাৰতৰ সামৰিক সঁহাৰি অপাৰেচন সিন্দুৰ। ৭ মে’ত আৰম্ভ হোৱা এই অভিযানত জয়ছ-ই-মহম্মদ, লস্কৰ-ই-তৈবা, হিজবুল মুজাহিদীনৰ দৰে সন্ত্ৰাসবাদী সংগঠনক লক্ষ্য কৰি লোৱা হৈছিল, যাৰ ফলত ১০০ৰো অধিক উগ্ৰপন্থীক নিৰ্মূল কৰা হৈছিল। পাকিস্তানৰ প্ৰতিশোধমূলক সীমা অতিক্ৰম কৰি গোলাবৰ্ষণ আৰু ড্ৰ’ন আক্ৰমণৰ পিছত ভাৰতে পাকিস্তানৰ ১১টা বিমানঘাটিৰ মূল সামৰিক আন্তঃগাঁথনি ধ্বংস কৰি প্ৰতিশোধ লয়।


Duliajan AASU News: দুলীয়াজানত আছুৰ ব্যাপক খহনীয়া, কেন্দ্ৰীয় নেতৃত্বৰ কামত অসন্তুষ্ট হৈ ৩০ৰো অধিক সদস্যই কৰিলে পদত্যাগ

Duliajan AASU News: দুলীয়াজানত আছুৰ ব্যাপক খহনীয়া
Duliajan AASU News: দুলীয়াজানত আছুৰ ব্যাপক খহনীয়া

দুলীয়াজানত আছুৰ খহনীয়া। (Duliajan AASU News)

এজনৰ পিছত সিজন ছাত্ৰ সন্থাৰ বিষয় ববীয়াৰ আছু ত্যাগ। নাওশলীয়া ছাত্ৰ সন্থাৰ সমূহীয়া পদত্যাগ।

ইতিমধ্যে দুলীয়াজান আঞ্চলিক ছাত্ৰ সন্থাৰ বিত্ত সম্পাদক ৰহন‌ বৰুৱা আৰু ক্ৰীড়া সম্পাদক শচীন্দ্ৰ সোণোৱালে পদত্যাগ কৰিছে।

সেইদৰে দুলীয়াজান আঞ্চলিক ছাত্ৰ সন্থাৰ অন্তৰ্গত নাওহলীয়া ছাত্ৰ সন্থাৰ সভাপতি লোহিত ইন্দুৱাৰ আৰু সম্পাদক অৰুণ চুব্বা সহ সমূহীয়া পদত্যাগ কৰে।

আনহাতে দুলীয়াজান আছুৰ আন এক শাখা ভাদৈ শাখা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক আনন্দ কুৰ্মীয়ে পদত্যাগ কৰিছে।
দুলীয়াজান আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি দিগন্ত বড়া, সহকাৰী সাধাৰণ সম্পাদক বেদান্ত খনিকৰ, সাহিত্য সম্পাদক সমীৰণ মিশ্ৰ।

Elon Musk: ট্ৰাম্প প্ৰশাসনৰ পৰা বিশেষ চৰকাৰী কৰ্মচাৰী পদৰ পৰা পদত্যাগ ইলন মাস্ক

Elon Musk: ট্ৰাম্প প্ৰশাসনৰ পৰা বিশেষ চৰকাৰী কৰ্মচাৰী পদৰ পৰা পদত্যাগ ইলন মাস্ক
Elon Musk: ট্ৰাম্প প্ৰশাসনৰ পৰা বিশেষ চৰকাৰী কৰ্মচাৰী পদৰ পৰা পদত্যাগ ইলন মাস্ক

ড’নাল্ড ট্ৰাম্প প্ৰশাসনৰ Special Government Employee পদৰ পৰা পদত্যাগ ইলন মাস্কৰ। ছ’চিয়েল মিডিয়াত বিশেষ পোষ্ট শ্বেয়াৰ কৰিলে ইলন মাস্কে। কোটিপতি উদ্যোগী ইলন মাস্কে বিশেষ চৰকাৰী কৰ্মচাৰী(Elon Musk) হিচাপে ট্ৰাম্প প্ৰশাসনৰ পৰা পদত্যাগ কথা ঘোষণা কৰে। তেওঁ ফেডাৰেল আৱৰ্জনা ৰোধ কৰা আৰু কাৰ্য্যকলাপ সুশৃংখলিত কৰাৰ লক্ষ্যৰে ট্ৰাম্প প্ৰশাসনৰ পদক্ষেপ চৰকাৰী দক্ষতা বিভাগ (DOGE)ৰ নেতৃত্ব দিছিল।

এক্সত দিয়া এটা পোষ্টত মাস্কে ৰাষ্ট্ৰপতি ট্ৰাম্পক অপচয়মূলক ব্যয় হ্ৰাস কৰাৰ সুযোগ দিয়াৰ বাবে ধন্যবাদ জনাই ড’জে মিছনৰ ভৱিষ্যতৰ প্ৰভাৱৰ ওপৰত আস্থা প্ৰকাশ কৰে।(Donald Trump)

ইলন মাস্কে কয় যে এজন বিশেষ চৰকাৰী কৰ্মচাৰী হিচাপে মোৰ নিৰ্ধাৰিত সময় শেষ হোৱাৰ লগে লগে মই ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক অপচয় কৰা ব্যয় হ্ৰাস কৰাৰ সুযোগ দিয়াৰ বাবে ধন্যবাদ জনাইছো।

God tattoo: ভগৱানৰ টেটু শৰীৰত বনাব লাগে নে নালাগে, এনে টেটু শৰীৰৰ বাবে শুভ নে অশুভ?

God tattoo: ভগৱানৰ টেটু শৰীৰত বনাব লাগে নে নালাগে, এনে টেটু শৰীৰৰ বাবে শুভ নে অশুভ?
God tattoo: ভগৱানৰ টেটু শৰীৰত বনাব লাগে নে নালাগে, এনে টেটু শৰীৰৰ বাবে শুভ নে অশুভ?

আজিকালি টেটু কৰাটো এটা ফেশ্বন যদিও(God tattoo)কিছুমান ক্ষেত্ৰত টেটু কৰাটোৱে মানুহক পাপৰ ভাগী কৰি তুলিব পাৰে। আমি ভগৱানৰ টেটু কথা কৈছোঁ। বহু সময়ত মানুহৰ শৰীৰত দেৱতা বা দেৱীৰ ছবি বা তেওঁলোকৰ নাম টেটু কৰা হয়। প্ৰশ্ন হয় ধৰ্মীয় দৃষ্টিকোণৰ পৰা এই কাম কৰাটো কিমান সঠিক। শেহতীয়াকৈ প্ৰেমানন্দ মহাৰাজে শৰীৰত ঈশ্বৰৰ নাম বা তেওঁৰ ছবিৰ টেটু কৰাটো সঠিক নে ভুল সেই সম্পৰ্কে পৰামৰ্শ দিছে।

প্ৰেমানন্দ মহাৰাজৰ মতে দেৱ-দেৱীৰ নামত অপৰিসীম শক্তি আছে আৰু যদি কোনো ব্যক্তিয়ে নিয়মিতভাৱে ঈশ্বৰৰ নাম জপ কৰে তেন্তে তেওঁ পাপৰ পৰা মুক্তি পাব পাৰে। কিন্তু যিদৰে নাম জপ কৰাৰ নিয়ম আছে, ঠিক তেনেদৰে শৰীৰত ঈশ্বৰৰ ছবি টেটু বনোৱাৰ ক্ষেত্ৰত সাৱধান হোৱাটো গুৰুত্বপূৰ্ণ। প্ৰেমানন্দ মহাৰাজে বুজাই দিছে যে শৰীৰৰ কোনো অংশত দেৱ-দেৱীৰ ছবি বা তেওঁলোকৰ নাম টেটু কৰিব নালাগে। যেতিয়াই কোনো ব্যক্তিয়ে স্নান কৰে তেতিয়াই সেই একেটা পানী প্ৰভুৰ টেটুৰ মাজেৰে পাৰ হৈ ভৰিৰ ওপৰত পৰে যিটো প্ৰভুক অপমান কৰা বুজাই আৰু এনে কৰিলে ব্যক্তিজনৰ ওপৰত পাপৰ প্ৰভাৱ পৰিবলৈ আৰম্ভ কৰে।

প্ৰেমানন্দ মহাৰাজৰ মতে প্ৰতিদিনে আমি বহুতো অস্পৃশ্য ঠাইৰ সংস্পৰ্শলৈ আহিছো, যাৰ ফলত শৰীৰত ধৰ্মীয় বা ঈশ্বৰৰ টেটুও অস্পৃশ্য হৈ পৰিব পাৰে। এনে কৰিলে দেৱ-দেৱীৰ প্ৰতি অসন্মানৰ পৰিস্থিতিৰ সৃষ্টি হ’ব পাৰে, যাৰ বাবে ঈশ্বৰৰ আশীৰ্বাদৰ পৰা বঞ্চিত হ’ব পাৰে আৰু তেনে কৰিলেও তেওঁলোকৰ ক্ৰোধৰ কাৰণ হ’ব পাৰে।

টেটুৰ বাহিৰেও দেৱ-দেৱীৰ ছবি মেহেন্দিৰেও বনাব নালাগে। এই কাম কৰাটোও ঈশ্বৰৰ প্ৰতি অসন্মান কৰা বুলি গণ্য কৰা হয় আৰু ইয়াক পাপ বুলি গণ্য কৰা হয়।

Artificial Floods: মুষলধাৰ বৰষুণৰ পিছতে কৃত্ৰিম বানৰ কবলত গুৱাহাটীৰ বহু অঞ্চল

Artificial Floods: মুষলধাৰ বৰষুণৰ পিছতে কৃত্ৰিম বানৰ কবলত গুৱাহাটীৰ বহু অঞ্চল
Artificial Floods: মুষলধাৰ বৰষুণৰ পিছতে কৃত্ৰিম বানৰ কবলত গুৱাহাটীৰ বহু অঞ্চল

কেতিয়া সমাধান হ’ব গুৱাহাটীৰ কৃত্ৰিম বানৰ সমস্যা?(Artificial Floods) মুষলধাৰ বৰষুণৰ পিছতে কৃত্ৰিম বানৰ কবলত মহানগৰীৰ বিস্তীৰ্ণ অঞ্চল। পুৱাই স্কুল, কাৰ্যালয়লৈ বা অন্যান্য কামৰ বাবে ওলাই যোৱা লোক ভুগিছে হাৰাশাস্তিত।(GUWAHATI)

গুৱাহাটী মহানগৰবাসীৰ বাবে কৃত্ৰিম বান নতুন কথা নহয়৷ মহানগৰীৰ প্ৰান্তে প্ৰান্তে কৃত্ৰিম বানৰ সমস্যা।

স্কুল, কাৰ্যালয়লৈ বা অন্যান্য কামৰ বাবে ওলাই আহি বানত আবদ্ধ লোক।

নিশাৰ পৰা হোৱা মুষলধাৰ বৰষুণৰ পিছতেই মহানগৰীৰ চানমাৰি, হাতীগাঁও, অনিল, নবিন, ৰুক্মিণীগাঁও, যোৰাবাটত একঁকাল পৰ্যন্ত পানী।

অৱশ্যে, মহানগৰীত বাৰিষাৰ দিনকেইটাত কৃত্ৰিম বানপানী কোনো নতুন সমস্যা নহয়। বছৰ বছৰ ধৰি মহানগৰবাসীয়ে কৃত্ৰিম বানপানীত সমস্যাত ভুগিবলগীয়া হৈ আহিছে। চৰকাৰলৈ এটাই প্ৰশ্ন কেতিয়া সমাধান হ’ব গুৱাহাটীৰ কৃত্ৰিম বানৰ সমস্যা?

“মোৰ পত্নী আৰু সন্তান ভাৰতীয় নাগৰিক নহয়, এয়া ব্যক্তিগত বিষয়” — গৌৰৱ গগৈ ।Himanta biswa sarma and gaurav gogoi

"মোৰ পত্নী আৰু সন্তান ভাৰতীয় নাগৰিক নহয়, এয়া ব্যক্তিগত বিষয়" — গৌৰৱ গগৈ
"মোৰ পত্নী আৰু সন্তান ভাৰতীয় নাগৰিক নহয়, এয়া ব্যক্তিগত বিষয়" — গৌৰৱ গগৈ

নতুন দিল্লী: Himanta biswa sarma and gaurav gogoi । অবশেষত কংগ্ৰেছ নেতা তথা অসমৰ সাংসদ গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ অভিযোগৰ প্ৰতি মুখ খুলি পাকিস্তান ভ্ৰমণ আৰু তেওঁৰ পৰিয়ালৰ নাগৰিকত্ব সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ স্বীকাৰোক্তি আগবঢ়াইছে। বুধবাৰে দিল্লীত অনুষ্ঠিত এক সংবাদমেলত তেওঁ কয়, “মোৰ পত্নী আৰু সন্তান ভাৰতীয় নাগৰিক নহয়। কিন্তু নাগৰিকত্ব সম্পূৰ্ণৰূপে তেওঁলোকৰ ব্যক্তিগত বিষয়।”

গগৈয়ে এই মন্তব্যৰে স্পষ্ট কৰে যে তেওঁ পাকিস্তান ভ্ৰমণ কৰিছিল, লগতে তেওঁৰ পত্নীও ২০১১ চনত কৰ্মসূত্ৰে পাকিস্তানত এবছৰ সময় অতিবাহিত কৰিছিল। তেওঁ কয়, “২০১৩ চনত বিয়াৰ পাছত মই পত্নীৰ সৈতে পাকিস্তান গৈছিলোঁ। এই ভ্ৰমণ সম্পূৰ্ণ ব্যক্তিগত আছিল।”

নাগৰিকত্ব সন্দৰ্ভত স্পষ্টীকৰণ

গগৈয়ে সংবাদমেলত অধিক তথ্য দি কয়, “ক’ভিডৰ সময়ত এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল। সেই সময়ত মোৰ সৰু ছোৱালী ইংলেণ্ডত জন্ম গ্ৰহণ কৰিছিল। মোৰ শহুৰ ক’ভিডত আক্ৰান্ত হৈছিল। গতিকে পৰিয়ালৰ সুবিধা আৰু সুৰক্ষাৰ প্ৰেক্ষাপটত নাগৰিকত্বৰ বিষয়ে সিদ্ধান্ত লোৱা হৈছিল।” লগতে তেওঁ দাঙি ধৰে যে সন্তানের নাগৰিকত্ব মাকৰ নাগৰিকত্বৰ ওপৰত নিৰ্ভৰ কৰে।

মুখ্যমন্ত্ৰীৰ অভিযোগৰ প্ৰতি উত্তৰ

উল্লেখযোগ্য যে, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈৰ ওপৰত তিনিটা গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰিছিল—

  1. গগৈয়ে পাকিস্তান ভ্ৰমণ কৰিছিল।
  2. তেওঁৰ পত্নীয়ে পাকিস্তানত কাম কৰি সেই দেশৰ পৰা দৰমহা লৈছিল।
  3. গগৈৰ পত্নী আৰু সন্তান ভাৰতীয় নাগৰিক নহয়।

এই সকলো অভিযোগৰ প্ৰতি গগৈয়ে স্বীকাৰোক্তি আগবঢ়াই নিজ পৰিয়ালৰ নাগৰিকত্বৰ বিষয়ে ব্যক্তিগতত্বৰ অধিকাৰৰ কথা কৈছে। তদুপৰি, পত্নীৰ পাকিস্তানত থকাৰ সময়ছোৱাত তেওঁ এখন আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ সৈতে কাম কৰিছিল বুলি উল্লেখ কৰে।

ৰাজনৈতিক প্ৰতিপ্ৰতিক্ৰিয়া অব্যাহত

এই ঘটনাৰ পটভূমিত ৰাজ্যৰ ৰাজনীতি পুনৰ গৰম হৈছে। মুখ্যমন্ত্ৰীৰ সন্দেহজনক সম্পৰ্ক আৰু দেশৰ স্বাৰ্থৰক্ষাত আপোচৰ অভিযোগৰ পৃষ্ঠভূমিত গগৈৰ এই স্বীকাৰোক্তিয়ে নতুন চৰ্চাৰ দিশ দিছে।

তেওঁ কয়, “এই সমগ্ৰ ঘটনাৰ ৰাজনৈতিক ৰূপ দিব খুজা হৈছে। কিন্তু যিবোৰ সিদ্ধান্ত লোৱা হৈছিল, সেয়া পৰিয়ালৰ স্বাস্থ্য আৰু সুৰক্ষাৰ কথা ভাবি লোৱা হৈছিল।”

“হয়, মই পত্নীৰ সৈতে পাকিস্তানলৈ গৈছিলোঁ ” : গৌৰৱ গগৈ । Garuva Gogi

“হয়, মই পত্নীৰ সৈতে পাকিস্তানলৈ গৈছিলোঁ ” : গৌৰৱ গগৈ । Garuva Gogi
“হয়, মই পত্নীৰ সৈতে পাকিস্তানলৈ গৈছিলোঁ ” : গৌৰৱ গগৈ । Garuva Gogi

২৮ মে’: Garuva Gogi । চৰ্চাৰ কেন্দ্ৰস্থলত থকা পাকিস্তান ভ্ৰমণ বিষয়ত অবশেষত মুখ খুলিলে কংগ্ৰেছ সাংসদ তথা অসম প্রদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ। এক সংবাদমেলত তেওঁ প্ৰকাশ কৰে যে, ২০১৩ চনত তেওঁ পত্নীৰ সৈতে সম্পূৰ্ণৰূপে বিধিসম্মত আৰু ব্যক্তিগত কাৰণতে পাকিস্তান ভ্ৰমণ কৰিছিল

গগৈয়ে প্ৰকাশ কৰে —
আজিৰ পৰা প্ৰায় ১৩-১৪ বছৰ পূৰ্বে মোৰ পত্নী পাকিস্তান গৈছিল। তেওঁ এজন পাব্লিক পলিচি বিশেষজ্ঞ হিচাপে দক্ষিণ এছিয়াৰ জলবায়ু পৰিৱৰ্তনৰ ওপৰত কাম কৰা এটা আন্তঃৰাষ্ট্ৰীয় সংস্থাত জড়িত আছিল। সেই কাৰণেই তেওঁ ২০১১-১২ সময়চোৱাত পাকিস্তানত আছিল। তাৰপিছত ২০১৩ চনত, বিয়াৰ পাছত, মই তেওঁৰ সৈতে ব্যক্তিগত ভ্ৰমণত পাকিস্তান গৈছিলোঁ।”

তেওঁ আৰু কয় —
ভাৰত চৰকাৰৰ সকলো নিয়ম-পদ্ধতি অনুসৰণ কৰি মই পাকিস্তান ভ্ৰমণ কৰিছিলোঁ। সেই সময়ত মই সাংসদ নাছিলোঁ। কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই ঘটনা লৈ চি-গ্ৰেড চিনেমা বনাইছে। সেই চিনেমা ১০ ছেপ্টেম্বৰত মুক্তি পাব আৰু নিঃসন্দেহে সম্পূর্ণ ফ্লপ হ’ব।”

গগৈয়ে বিজেপি চৰকাৰৰ ওপৰতো প্ৰশ্ন তোলে —
“যদি মোৰ পাকিস্তান ভ্ৰমণত কোনো অবৈধতা থাকে, তেন্তে যোৱা ১০ বছৰত কেন্দ্ৰীয় চৰকাৰে বা অনুসন্ধান সংস্থাই কিয় কোনো পদক্ষেপ ল’ব পৰা নাছিল?”

উল্লেখযোগ্য যে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈৰ বিৰুদ্ধে ISIৰ আমন্ত্ৰণত পাকিস্তান ভ্ৰমণ কৰা বুলি অভিযোগ উত্থাপন কৰিছিল। লগতে তেওঁৰ পত্নীয়ে পাকিস্তান চৰকাৰৰ পৰা দৰমহা লাভ কৰিছিল বুলি দাবী কৰা হৈছিল।

এই সন্দৰ্ভত প্ৰাক্তন কংগ্ৰেছ নেতা ৰিপুণ বৰাই স্বীকাৰ কৰিছিল যে গগৈৰ পত্নীয়ে পাকিস্তানত পেচাগতভাৱে কাম কৰিছিল আৰু তেওঁ ভাৰতীয় নাগৰিক নোহোৱা বুলি মন্তব্য কৰিছিল।

এই সমগ্ৰ ঘটনাই অসমৰ ৰাজনৈতিক পৰিৱেশত নতুন উত্তেজনা সৃষ্টি কৰিছে। গৌৰৱ গগৈৰ স্পষ্টীকৰণে বিষয়টোক স্বচ্ছ কৰাৰ চেষ্টা চলাই থাকিলেও, নির্বাচনী প্ৰচাৰ চলি থকাৰ সময়ত এই মন্তব্যৰ ৰাজনৈতিক প্ৰতিক্ৰিয়া দীৰ্ঘস্থায়ী হোৱাৰ সম্ভাৱনা।

উৎকট গৰমত তেলীপাৰা বজাৰত বিদ্যুত সংযোগ কৰ্তন, শীঘ্ৰে ব্যৱস্থা লোৱাৰ দাবী ব্যৱসায়ীৰ ।electricity

উৎকট গৰমত তেলীপাৰা বজাৰত বিদ্যুত সংযোগ কৰ্তন, শীঘ্ৰে ব্যৱস্থা লোৱাৰ দাবী ব্যৱসায়ীৰ ।electricity
উৎকট গৰমত তেলীপাৰা বজাৰত বিদ্যুত সংযোগ কৰ্তন, শীঘ্ৰে ব্যৱস্থা লোৱাৰ দাবী ব্যৱসায়ীৰ ।electricity

গোসাঁইগাঁও, ২৮ মে’:
electricity । উৎকট গৰমে জনজীৱন অতিষ্ঠ কৰি তোলা এই সময়ছোৱাত তেলীপাৰা-হাৰাপুটা বজাৰত বিদ্যুত সংযোগ কৰ্তন হোৱাৰ ঘটনাই ব্যাপক প্ৰতিক্ৰিয়া জন্মাইছে। একৈশ মাহ ধৰি বজাৰখন অন্ধকাৰত থকাৰ ফলত স্থানীয় ব্যৱসায়ীসকল দীৰ্ঘদিন ধৰি সমস্যাৰ সন্মুখীন হৈ আছে।

স্থানীয় সূত্ৰৰ পৰা পোৱা খবৰৰ ভিত্তিত জনা গৈছে যে, হাৰাপুটা গাঁৱৰ খলিল উদ্দিন সেখ নামৰ লোকজনে বিদ্যুত চুৰিকাণ্ডত জড়িত থকাৰ অভিযোগত সমগ্ৰ বজাৰৰ সংযোগ বিচ্ছিন্ন কৰি দিয়া হৈছে। অভিযোগ অনুসৰি, খলিল উদ্দিন সেখৰ নামত কেইবালক্ষাধিক টকাৰ বকেয়া বিদ্যুত বিল পেণ্ডিং হৈ আছে, যি আজিও আদায় হোৱা নাই।

ব্যৱসায়ীসকলে অভিযোগ কৰিছে যে, এজন ব্যক্তিৰ অপৰাধৰ বাবে সমগ্ৰ বজাৰক শাস্তি দিয়াটো সম্পূৰ্ণ অযৌক্তিক। তদুপৰি খলিল উদ্দিন সেখে সদায় মিছা প্ৰতিশ্ৰুতি আৰু ছলচাতুৰীৰ আশ্ৰয় লৈ সমস্যাৰ পৰা পলোৱাৰ চেষ্টা কৰিছে বুলি অভিযোগ উঠিছে।

এই ক্ষেত্ৰত স্থানীয় ব্যৱসায়ীসকলে দাবী কৰিছে—

  • খলিল উদ্দিন সেখৰ বিৰুদ্ধে আইনসন্মত ব্যৱস্থা গ্ৰহণ কৰা হ’ব লাগে
  • তেলীপাৰা-হাৰাপুটা বজাৰত অতি শীঘ্ৰে বিদ্যুত সংযোগ পুনৰুদ্ধাৰ কৰা হ’ব লাগিব
  • সামূহিক ভোগান্তিৰ পৰা ৰক্ষা কৰিবলৈ বিচক্ষণ সিদ্ধান্ত ল’ব লাগে বিদ্যুত বিভাগে

এই সন্দৰ্ভত বিদ্যুত বিভাগে এতিয়ালৈকে আনুষ্ঠানিক বিবৃতি প্ৰদান নকৰিলেও, স্থানীয়সকলে সমস্যাটো শীঘ্ৰ সমাধান নোহোৱালে বৃহত্তৰ আন্দোলনৰ হুঁচিয়াৰিও দিয়ে।

সমগ্ৰ দেশতে বিনামূলীয়া ChatGPT Plus! সাহসী পদক্ষেপ ল’লে ইউএই চৰকাৰে

সমগ্ৰ দেশতে বিনামূলীয়া ChatGPT Plus! সাহসী পদক্ষেপ ল’লে ইউএই চৰকাৰে
সমগ্ৰ দেশতে বিনামূলীয়া ChatGPT Plus! সাহসী পদক্ষেপ ল’লে ইউএই চৰকাৰে

২৮ মে’:
বিশ্বত প্ৰথমবাৰৰ বাবে কোনো এখন দেশৰ চৰকাৰে সমগ্ৰ জনসাধাৰণলৈ ChatGPT Plusবিনামূলীয়া চাবস্ক্ৰিপচন প্ৰদান কৰিবলৈ উদ্যোগ গ্ৰহণ কৰিছে। এই সাহসী আৰু আগ্ৰণী পদক্ষেপটো ল’লে সংযুক্ত আৰব আমিৰাত (UAE) চৰকাৰে। AI প্ৰযুক্তিৰ ক্ষেত্ৰত বিশ্বমঞ্চত এক শক্তিশালী উপস্থিতি প্ৰতিষ্ঠা কৰিবলৈ লৈছে এই গম্ভীৰ পদক্ষেপ।

OpenAI ৰ সৈতে অংশীদাৰিত্বত Stargate UAE নামৰ বৃহৎ AI ডাটা চেণ্টাৰৰ নিৰ্মাণ অন্তর্ভুক্ত থকা এই প্ৰকল্পৰ অধীনত, দেশখনৰ প্ৰতিটো বাসিন্দাই শীঘ্ৰে ChatGPT Plusবিনামূলীয়াকৈ সুবিধা লাভ কৰিব। সাধাৰণতে, ChatGPT Plus চাবস্ক্ৰিপচন লৈলে মাহিলী খৰচ ২০ ডলাৰ (প্ৰায় ₹১৭০০) পইচা লাগে।

এই পদক্ষেপৰ মূল উদ্দেশ্য

  • উন্নত AI সঁজুলি সকলোলৈ সহজলভ্য কৰি তোলা
  • স্বাস্থ্যসেৱা, শিক্ষা আৰু শক্তি খণ্ডত AIৰ সুবিধা প্ৰয়োগ
  • সমগ্ৰ দেশখনৰ ডিজিটেল ক্ষমতা বৃদ্ধি কৰা

OpenAI ৰ “OpenAI for Countries” প্ৰগ্ৰেমৰ অংশ

এই প্ৰকল্প OpenAI for Countries নামৰ এক বিশেষ প্ৰগ্ৰেমৰ অধীনত আগবঢ়োৱা হৈছে। OpenAI ৰ CEO Sam Altman এ এই প্ৰকল্পটোক “এটা সাহসী দৃষ্টিভংগী” বুলি আখ্যা দিছে ।