Home Blog Page 2426

দীপৰ বিলৰ কাষত ডাম্পিং গ্ৰাউণ্ডৰ বিৰোধিতা

দীপৰ বিলৰ কাষত ডাম্পিং গ্ৰাউণ্ডৰ বিৰোধিত

পামহী কাৰ্বিপাৰা ৰাইজৰ চৰকাৰ বিৰুদ্ধে ক্ষোভ

পশ্চিম বৰাগাওঁত স্থাপন কৰা ডাম্পিং গ্ৰাউণ্ডে সৃষ্টি কৰিছে দূৰ্গন্ধময় পৰিৱেশ

গুৱাহাটী পৌৰ নিগমৰ কৰ্তৃপক্ষই জাবৰ নিষ্কাশনৰ নামত ভেকোঁ ভাওনা কৰা অভিযোগ

অহা ৭ দিনৰ ভিতৰত ডাম্পিং গ্ৰাউণ্ড বন্ধ কৰি জাবৰ সমূহ উঠাই নিয়াৰ দাবী

দাবী মানি নললে গণতান্ত্ৰীক আন্দোলনৰ হুংকাৰ

ভাৰতৰ বৈদেশিক নীতিক প্ৰশংসা পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ

ৰুচো-ইউক্ৰেইন যুদ্ধৰ মাজত ভাৰতৰ বৈদেশিক নীতি ৰ আলোচনা চলি আছে। শেহতীয়াকৈ, পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানে ভাৰতৰ বৈদেশিক নীতিৰ প্ৰশংসা কৰে। তেওঁ কৈছিল যে চুবুৰীয়া দেশৰ বৈদেশিক নীতি ইয়াৰ লোকসকলৰ স্বাৰ্থৰ বাবে। একে সময়তে, ৰাছিয়াৰ বৈদেশিক মন্ত্ৰী ছেৰ্গেই লাভৰভে ইউক্ৰেইন সংকটৰ মাজত ভাৰতৰ স্থিতিৰ প্ৰশংসা কৰিছে।

ভাৰতৰ বৈদেশিক নীতিক কিয় প্ৰশংসা কৰা হৈছে সেইয়া আছে ৰহস্য আৰ্ৱতত।

অত্যাৱশ্যকীয় সামগ্ৰী_ইন্ধনজাত সামগ্ৰীৰ মূল্যবৃদ্ধি শিৱসাগৰত ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰতিবাদ।

অত্যাৱশ্যকীয় সা-সামগ্ৰী আৰু ইন্ধনজাত সামগ্ৰীৰ আকাশলঙ্ঘী মূল্যবৃদ্ধিৰ প্ৰতিবাদত আজি শিৱসাগৰ জিলা কংগ্ৰেছ সমিতিয়ে শিৱসাগৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সমুখত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে।দুই ঘণ্টীয়া প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে কংগ্ৰেছ দলৰ নেতা কৰ্মী সকলে অচিৰেই মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবী উত্থাপন কৰে।পেট্ৰল,ডিজেল আদিকে ধৰি প্ৰতিবিধ সামগ্ৰী আৰু সেৱাৰ মূল্য অভাৱনীয় ভাবে বৃদ্ধি হোৱাৰ ফলস্বৰূপে সৰ্বসাধাৰণ জটিল পৰিস্থিতিৰ সন্মুখীন হোৱা বুলি প্ৰকাশ কৰে।শাসকীয় চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰি দলটোৱে ৰাইজক সকাহ দিয়াৰ উদেশ্য চৰকাৰ খনে নিৰ্বাচনৰ পূৰ্বে প্ৰতিশ্ৰুতি দিয়া “অচ্ছে দিন” ৰ বাবে বজাৰত দ্ৰব্য মূল্য নিয়ন্ত্ৰণ কৰাৰ দাবী কৰে।

অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ জৰিয়তে শাসকীয় চৰকাৰে দুখীয়া ৰাইজৰ মূৰত মাধমাৰ শোধাইছে বুলি দলটোৱে অভিযোগ কৰে।

ধুবুৰীৰ গোলকগঞ্জৰ ভাৰত–বাংলাদেশ সীমান্তৰ বিষখোৱাত ‘সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ ‘সৰহদ কো স্বৰাঞ্জলি’

ধাৰাষাৰ বৰষুণ; কিন্তু তাৰ মাজতই প্ৰতিকূল বতৰকো নেওচি হাজাৰ হাজাৰ লোকৰ উপস্থিতিত যোৱাকালি ধুবুৰী জিলাৰ গোলকগঞ্জৰ ভাৰত–বাংলাদেশ সীমান্তৰ সমীপৰ বিষখোৱাত অনুষ্ঠিত হয় ‘‘সৰহদ কো স্বৰাঞ্জলি’’ নামৰ এক বিশেষ কাৰ্যসূচী । দেশৰ স্বাধীনতাৰ ৭৫ বছৰ পূৰ্ণ হোৱা উপলক্ষে সমগ্ৰ দেশ ব্যাপি উদযাপিত হৈ থকা ‘‘আজাদি কি অমৃত মহোৎসৱ’’ৰ সৈতে সংগতি ৰাখি অসম চৰকাৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ সহযোগিতাত সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ উদ্যোগত জিলাখনৰ বিষখোৱাৰ ‘‘কাৰ্গিল পথাৰ’’ত অনুষ্ঠিত হয় এই অনুষ্ঠান। কালি বিয়লিৰ ফালে অনুষ্ঠিত হোৱা ‘‘সৰহদ কো স্বৰাঞ্জলি’’ অনুষ্ঠানত ৰাজ্যৰ কেইবাগৰাকী জনপ্ৰিয় শিল্পীয়ে অংশগ্ৰহণ কৰে। কন্ঠশিল্পী জিতুল সোনোৱাল, সীমান্ত শেখৰ, বিদ্যাসাগৰ, ববিতা শৰ্মা, মন্মথ বৰুৱা, শৰত ৰাগ, জয় চক্ৰৱৰ্তী, ত্ৰিৱেণী বুজৰবৰুৱাৰে ধৰি কেইবাগৰাকী স্থানীয় শিল্পীয়ে পৰিৱেশন কৰা সাংস্কৃতিক অনুষ্ঠান উপভোগ কৰিবলৈ অঞ্চলটোৰ কেইবা হাজাৰো সীমান্তবাসী ৰাইজ উপস্থিত থাকে।

‘সৰহদ কা স্বৰাঞ্জলি’ৰ সাংস্কৃতিক কাৰ্যসূচী আৰম্ভ হোৱাৰ পূৰ্বে মঞ্চত অনুষ্ঠিত হয় চিনাকি তথা সম্বৰ্ধনা অনুষ্ঠান। ভাৰত মাতৃৰ প্ৰতিকৃতিত বন্তি প্ৰজ্বলনেৰে আৰম্ভ হোৱা সেই অনুষ্ঠানত সীমান্ত চেতনা মঞ্চৰ ৰাষ্ট্ৰীয় সহ–সংযোজক প্ৰদীপণ, দিল্লীৰ প্ৰখ্যাত স্বেচ্ছাসেৱী সংগঠন ‘হন্স ফাউণ্ডেতন’ৰ বিভাগ সঞ্চালক প্ৰমুখ বিকাশ বাৰ্মা আৰু প্ৰকল্প সন্ময়কাৰী বিনীত ৰাৱাত, অসমৰ প্ৰকাশন পৰিষদৰ সঞ্চালক প্ৰমোদ কলিতা, সীমান্ত চেতনা মঞ্চৰ ৰাজ্যিক সাংগঠনিক সম্পাদক যোগেন ৰায়, সীমান্ত চেতনা মঞ্চৰ ধুবুৰী জিলা সমিতিৰ সভাপতি নিখিল চন্দ্ৰ সৰকাৰ, সীমান্ত চেতনা মঞ্চৰ অভ্যৰ্থনা সমিতিৰ সভাপতি উপেন্দ্ৰনাথ চৌধুৰীকে ধৰি জনপ্ৰিয় শিল্পী জিতুল সোনোৱাল, সীমান্ত শেখৰ, বিদ্যাসাগৰ, ববিতা শৰ্মা, মন্মথ বৰুৱা, শৰত ৰাগ, জয় চক্ৰৱৰ্তী, ত্ৰিৱেণী বুজৰবৰুৱা উপস্থিত থাকে।

উক্ত সম্বৰ্ধনা অনুষ্ঠানৰ পিছত এখন সৰু তথ্যচিত্ৰ প্ৰদৰ্শিত হোৱাৰ পিছত সীমা সমস্যাৰ ওপৰত স্থানীয় শিল্পীসকলে মঞ্চস্থ কৰে ‘সীমান্ত’ নামৰ নাটক এখন। ইয়াৰ পিছতেই আৰম্ভ হয় ‘‘সৰহদ কা স্বৰাঞ্জলিৰ মূল আকৰ্ষণ সাংস্কৃতিক সন্ধিয়াৰ কাৰ্যসূচীৰ আৰু নিশা প্ৰায় ৯–৩০টা মান বজাত ‘সৰহদ কো স্বৰাঞ্জলি’ৰ এক বৰ্ণিল সন্ধিয়াৰ অন্ত পৰে।

অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ নতুন কবিতা ‘ৰাজসভা’ শুনিলেনে?

‘মই ফায়াৰ বিগ্ৰেড’ শীৰ্ষক বহুচৰ্চিত কবিতাৰ পিছত আজি পুনৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন কুমাৰ বৰাই দ্বিতীয়টো কবিতা ‘ৰাজসভা’ প্ৰকাশ পাইছে।কবিতাটো হৈছে

‘ৰাজসভা’

প্ৰথমতে কথা, শেষত গতা ,
কথাটো আছে মজা !!
কাৰণ
গণতন্ত্ৰ, ধৰ্ম নিৰপেক্ষতা, নীতি, নৈতিকতা
বিবেকৰ দৰে বৈচিত্ৰময়বিশাল শদ্বৰ গাঁথা!!

বিৰোধী ঐক্য লাগে,
ঐক্যৰ বাবে পঞ্জীয়নৰ মাচুল নালাগে!!

বিৰোধীৰ অনৈক্য লাগে,
কাৰণ
অনৈক্যৰ মাজত আছে NIAৰ অফাৰ,
সুগন্ধীৰ বজাৰ,
হেডচাৰৰ প্ৰচাৰ,
কোনেও নকৰে মোক বিমুখ এইবাৰ!!

নীতি, আৰ্দশ, বিবেক, গণতন্ত্ৰ,
ধৰ্ম নিৰপেক্ষতা কেৱল শব্দ মালা,
CID, ED, NIAৰ কান্ধত উঠি
লক্ষী মাতাই দেখুৱালে ৰাজসভাৰ অপূৰ্ব লীলা!!

ধোৱা তুলসীৰ পাত হৈ ৰ’ল,
ক্ৰেতা-বিক্ৰেতা!!
নিঃশব্দে নিঃপালি দিছে,
সজাগ জনতা!!
ঢৌ খেলি মাৰ গৈছে
খবৰৰ দাতা !!

প্ৰথমতে কথা, শেষত গতা,
কথাতো আছে মজা!!

ধুবুৰী -ফুলবাড়ি দলং নিৰ্মাণ কামৰ শ্ৰমিক সকলৰ উত্তাল প্ৰতিবাদ…

হঠাৎ ধুবুৰী -ফুলবাড়ি দলং নিৰ্মাণ কামৰ শ্ৰমিক সকলৰ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিলে । কিন্ত কিয় প্ৰতিবাদ সাব্যস্ত কৰি গৰজি উঠিল ধুবুৰী -ফুলবাড়ি দলং নিৰ্মান কামৰ শ্ৰমিক সকলে । অভিযোগ অনুসৰি শ্ৰমিক সকলৰ এই প্ৰতিবাদ  হৈছে এল এণ্ড টি নামৰ কোম্পানীটোৰ বিৰুদ্ধে । প্ৰায় ৩০/৩৫ জন শ্ৰমিক সকলে ধুবুৰী -ফুলবাড়ি দলং নিৰ্মাণত কাম কৰি আহিছিল যদিও পাচ মাহ ধৰি কামৰ প্ৰাপ্ত ধন পোৱা নাই । পিছে ঠিকাদাৰৰ অধিনত থকা এই সকল শ্ৰমিকক ঠিকাদাৰেও দিব পৰা শ্ৰমিক সকলৰ মজুৰি । 

আচলতে এল এণ্ড টি নামৰ কোম্পানীটোৱে সময় মতে প্ৰদান কৰা নাই  শ্ৰমিক সকলৰ প্ৰাপ্ত ধন বুলি অভিযোগ উত্থাপন কৰিলে ভুক্তভোগী  শ্ৰমিক সকলে । ১২ ঘন্টা কাম কৰাৰ পাছত সময় মতে প্ৰাপ্ত ধন নোপোৱা ফলত এই সকল শ্ৰমিকৰ পৰিয়ালত হৈছে চৰম কষ্ট । ইয়াৰ উপৰিও কম্পানীটোৰ পৰা শ্ৰমিক সকলে নিজৰ প্ৰাপ্ত ধন বিছাৰিলে কাম এৰি দিবলৈ কয়  বুলি অভিযোগ উত্থাপন কৰিলে ভুক্তভোগী শ্ৰমিক সকলে । দৰাচলতে শ্ৰমিক সকলে নিজৰ প্ৰাপ্ত ধন আদায় বাবে উপায়হীন হৈ এইদৰে প্ৰতিবাদ সাব্যস্ত কৰিলে ।

লক্ষীপুৰত আফিং খেতিৰ মাষ্টাৰমাইন্ড আব্দুল জব্বৰক আটক…

মাৰাত্মক নিচা জাতীয় দ্ৰব্য আফিং খেতিৰ মাষ্টাৰমাইন্ড মূল অভিযুক্ত আব্দুল জব্বৰক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে বিগত দুমাহৰ পৰা বিচাৰি থকা লতিবাৰী চৰৰ ড্ৰাগছ মাফিয়া আব্দুল জব্বৰক লক্ষীমপুৰৰ চুনাৰী বজাৰৰ পৰা আটক কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে। এই ড্ৰাগছ মাফিয়া গৰাকী হত্যাৰ গোচৰতো অভিযুক্ত। দুমাহ অভিযান চলাই প্ৰায় ছয় শ বিঘা ভুমিত থকা আফিঙৰ খেতি ধ্বংস কৰে গোৱালপাৰা আৰক্ষীয়ে। আৰক্ষীয়ে ধ্বংস কৰা চৰ সমূহৰ ভিতৰত পাঠাকাটা, লতিবাৰী, চিতলমাৰী, মাজেৰচৰ, হজুৱাৰ চৰ, চুনাৰীচৰ আদি। আব্দুল  জব্বৰক লৈ আৰক্ষীয়ে মুঠ চাৰি গৰাকীকৈ অবৈধ ভাবে আফিং খেতি কৰা ড্ৰাগছ মাফিয়াক আটক কৰে।

জব্বৰেই আছিল আফিং খেতিৰ মূল মাষ্টাৰমাইন্ড। আফিং খেতি ধ্বংস কৰা আৰু ড্ৰাগছ মাফিয়াক আটক কৰাৰ ক্ষেত্ৰত গোৱালপাৰা জিলাৰ আৰক্ষী অধীক্ষক পি ভি ৰাকেশ ৰেড্ডী, অতিৰিক্ত আৰক্ষী অধীক্ষক মৃণাল ডেকা, উপ আৰক্ষী অধীক্ষক  অনুৰাগ শৰ্মা, লক্ষীপুৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ভীমকান্ত পেগু, চুনাৰী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া হৰিদেৱ দাস আৰু বহুতো আৰক্ষী জোৱানৰ পদক্ষেপ আছিল প্ৰশংসনীয়। চুনাৰী আৰু চৰৰ একাংশ লোকেও আৰক্ষীৰ আফিং খেতি ধ্বংস কৰা অভিযানত সহায় সহযোগ কৰে। আৰক্ষীয়ে ০৬/২০২২ নং গোচৰত ১৭ (৬), এন ডি পি এচ ধাৰাত গোচৰ ৰুজু কৰি আটক কৰা আব্দুল জব্বৰক জেল হাজোতলৈ প্ৰেৰণ কৰা হয় বুলি সাংবাদিক মেলত কয় অতিৰিক্ত আৰক্ষী অধীক্ষক মৃণাল ডেকাই।

শ্ৰীলংকাত আৰ্থিক জৰুৰী অৱস্থা ঘোষণা….

অৰ্থনৈতিক সংকটৰ মাজেৰে দিন পাৰ কৰা শ্ৰীলংকাত ঘোষণা কৰা হৈছে অৰ্তনৈতিক জৰুৰী অৱস্থা। পৰ্বতসম ধাৰাৰ বুজা কঢ়িয়াব নোৱাৰা শ্ৰীলংকাত সৃষ্টি হোৱা অৰ্থনৈতিক জুৰুলা অৱস্থাৰ মাজতে জনসাধাৰণে আকাশলঙ্ঘী মূল্যবৃদ্ধিৰ সন্মুখীন হ’বলগীয়া হৈছে। এনে পৰিস্থিতিত সাধাৰণ জনতাই দেশখনৰ ৰাষ্ট্ৰপতি আৰু চৰকাৰৰ বিৰুদ্ধে নিৰন্তৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। এনে প্ৰতিবাদৰ মাজতে ৰাষ্ট্ৰপতি গোটাবায়া ৰাজপাক্ষে শ্ৰীলংকাত ঘোষণা কৰিছে অৰ্থনৈতিক জৰুৰীকালীন অৱস্থা। দক্ষিণ কলম্বো, উত্তৰ কলম্বো, চেণ্ট্ৰেল কলম্বো নুগেগৌড়াত কাৰ্ফিউ জাৰী কৰি হৈছে।

১ এপ্ৰিল শনিবাৰৰ পৰা ৰাষ্ট্ৰখনত বাহাল কৰা হৈথে জৰুৰী অৱস্থা। দেশখনত অৱনতি হোৱা অৰ্থনৈতিক পৰিস্থিতিৰ বাবে ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে জনসাধাৰণৰ মাজত ক্ষোভৰ সৃষ্টি হৈছে। যোৱা বৃহস্পতিবাৰে দেশখনৰ জনতাই তেওঁৰ বাসগৃহৰ সন্মুখত এক হিংসাত্মক প্ৰতিবাদ সাব্যস্ত কৰিছিল। দেশখনৰ প্ৰান্তে প্ৰান্তে ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত আছে। সাধাৰণ ৰাইজ আৰু আৰক্ষীৰ মাজত সংঘৰ্ষৰ সৃষ্টি হৈছে। উত্তেজিত জনতাক নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে লাঠি চালনা কৰাৰ লগতে কন্দুৱে গেছ নিক্ষেপ কৰিছে।পৰিস্থিতি এনেকুৱা হৈ পৰিছে যে বিদ্যুৎ, পেট্ৰ’ল-ডিজেল আৰু পৰিবহন সেৱাত ব্যাপক প্ৰভাৱ পৰিছে আৰুসাধাৰণ জনতাই ইয়াৰ অভাৱৰ সন্মুখীন হৈছে। শিক্ষাৰ্থীসকলৰ বাবে কাগজ নোহোৱা হৈছে দেশখনত। যাৰ পৰিপ্ৰেক্ষিতত শ্ৰীলংকাত পৰীক্ষা পিছুৱাই দিবলগীয়া হৈছে।

শ্ৰীমন্তশঙ্কৰদেৱ সংঘৰ থ্ৰিফট্ এণ্ড ক্ৰেডিট কো-অপাৰেটিভ চ’চাইটিৰ অষ্টম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস…

মহাপুৰুষ শ্ৰীমন্তশঙ্কৰদেৱ বিশ্বৰ ভিতৰতে সৰ্ব্বশ্ৰেষ্ঠ মহাপুৰুষ ৷ তেওঁৰ অবদান সমূহে ইতিমধ্যে বিশ্বজনীনতা লাভ কৰিছে ৷এই মন্তব্য শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ কমলা কান্ত গগৈৰ ৷ আজি সংঘৰ নগাঁৱস্থ মূল কাৰ্যালয়ত অনুষ্ঠিত সংঘৰ থ্ৰিফট্ এণ্ড ক্ৰেডিট কো-অপাৰেটিভ চ’চাইটি লিমিটেডৰ অষ্টম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসত সংঘৰ পতাকা উত্তোলন কৰি দিয়া ভাষণত এই মন্তব্য কৰি পদাধিকাৰ গগৈয়ে কয়- গুৰুজনাৰ বিশ্বজনীনতা লাভ কৰাৰ মূলতেই হ’ল তেওঁৰ সৃষ্টিৰাজি ৷ গগৈয়ে লগতে উল্লেখ কৰে যে শ্ৰীমন্তশঙ্কৰদেৱ এজন অসমীয়া হৈয়ো এজন প্ৰকৃত ভাৰতীয় আছিল ৷ গুৰুজনাই তেওঁৰ জীৱনকালত ৩৯ বাৰ সমগ্ৰ ভাৰতবৰ্ষ ভ্ৰমণ কৰিছিল ৷ ভাৰত ভ্ৰমণৰ সময়ত লাভ কৰা অভিজ্ঞতা সমূহ গ্ৰন্থৰ আকাৰত প্ৰকাশ কৰি এক মহৎ কাৰ্য সম্পাদনা কৰি থৈ গৈছে ৷ মহাপুৰুষ শ্ৰীমন্তশঙ্কৰদেৱ এগৰাকী দুৰদৃষ্টি সম্পন্ন ব্যক্তি আছিল ৷ পদাধিকাৰ গগৈয়ে শ্ৰীমন্তশঙ্কৰদেৱ সংঘ অসমৰ বৃহৎ জাতীয় অনুষ্ঠান ৷ গুৰুজনাৰ সৃষ্টিৰাজি প্ৰসাৰ আৰু প্ৰচাৰৰ বাবে কাম কৰি অহাৰ লগতে সংঘই অসমৰ জাতীয় অৰ্থনীতি শক্তিশালি কৰাৰ বাবে কাম কৰি আহিছে ৷

ইয়াৰ অংশ হিছাপে সংঘই থ্ৰিফট্ এণ্ড ক্ৰেডিট কো-অপাৰেটিভ চ’চাইটি লিমিটেড নামৰ এটা সমবায় ভিক্তিত বেংক প্ৰতিষ্ঠা কৰি অৰ্থনৈতিক বুনিয়াদ গঢ়ি তোলাৰ এক স্বৰ্ণিল যাত্ৰা অব্যাহত ৰাখিছে ৷ এই সমবায় বেংকৰ জৰিয়তে অসমৰ বহুলোক উপকৃত হৈছে ৷ ইয়াৰ পিছতে চ’চাইটিৰ অধ্যক্ষ হৰেন্দ্ৰ বৰাৰ সভাপতিত্বত অনুষ্ঠিত চ’চাইটিৰ মুকলি সভা উদ্বোধন কৰি সংঘৰ প্ৰধান সম্পাদক বাবুল বৰাই চ’চাইটিৰ লক্ষ্য আৰু উদ্দেশ্যৰ বিষয়ে ব্যাখ্যা দাঙি ধৰে ৷ সভাতেই তিনি গৰাকী মেধা সম্পন্ন ছাত্ৰছাত্ৰী ক্ৰমে অভিজিৎ কলিতা,কৃষ্ণাপ্ৰিয়া ডেকা,ধৰিত্ৰী বৰাক সম্বৰ্দ্ধনা জনোবা হয় ৷ সভাত সংঘৰ পদাধিকাৰ কমলাকান্ত গগৈ,মূখ্য উপদেষ্টা ভৱেন্দ্ৰনাথ ডেকা,যুটীয়া সম্পাদক ডাঃদুৰ্ল্লভ পাঠক আদিয়ে অংশগ্ৰহণ কৰি চ’চাইটি খনক অধিক শক্তিশালী কৰিবলৈ আহ্বান জনাই ৷ চ’চাইটিৰ পৰিচালন সঞ্চালক মমতা বৰকাকতীয়ে আতঁধৰা অনুষ্ঠানত সংঘৰ নগাঁও জিলা সমিতিৰ সভাপতি জ্যোতিপ্ৰসাদ ভূঞা,চ’চাইটিৰ বিষয়ববীয়া ক্ৰমে সদানন্দ বৈশ্য,প্ৰদীপ কুমাৰ বৰা,বসন্ত কুমাৰ শৰনীয়া বীৰেন খনিকৰ,মঞ্জুলা লস্কৰ,মঞ্জু ঘৰফলীয়া বৰাকে ধৰি ভালেসংখ্যক বিশিষ্ট লোকে অংশগ্ৰহণ কৰে ৷

কেন্দ্ৰীয় মন্ত্ৰণালয়ে পালন নকৰে নেকি ন্যায়ালয়ৰ নিৰ্দেশনা?

ভাৰতত ন্যায়লাভৰ অন্তিম পথ ন্যায়ালয়। সাংবিধানীক নীতি-নিয়মৰ মাজেৰে পৰিচালিত ভাৰতত ন্যায়পালিকাৰ কামেই হৈছে দেশৰ জনসাধাৰণক ন্যায় প্ৰদান কৰা। সাধাৰণ জনতাৰ পৰা মন্ত্ৰী, বিধায়ক অথবা চেলিব্ৰেটি সকলো ন্যায়ালয়ৰ দৃষ্টিত সমান বুলি কোৱা হয়। ন্যায়ালয়ে নিৰ্দিষ্ট এক বিচাৰ প্ৰক্ৰিয়াৰ মাজেৰে ন্যায় প্ৰদান কৰে। এই ন্যায়ালয়ে যিবোৰ আদেশ দিয়ে সেই আদেশ কাৰ্যকৰী কৰাটো চৰকাৰী যন্ত্ৰৰ দায়িত্ব আৰু কৰ্তব্যৰ ভিতৰত পৰে। কোনো চৰকাৰী বিষয়া এই ন্যায়ালয়ৰ উৰ্ধত নহয়। সকলো আইনৰ চকুত সমান। শুনিবলৈ ধুনীয়া এই কথাষাৰ বাৰু বৰ্তমান দেশত ১০০ শতাংশই শুদ্ধ হয়নে? এই প্ৰশ্ন উত্থাপন এইবাবেই কৰিবলগীয়া হৈছেযে দেশৰ একাংশ চৰকাৰী বিষয়া তথা বিভাগে ন্যায়ালয়ৰ আদেশ কাৰ্যকৰী নকৰাকৈ বছৰ বছৰ ধৰি পেলাই থৈছে। ন্য়ায়ালয়ৰ আদেশ কেৱল ফাইলৰ মাজতে আবদ্ধ হৈ আছে।

তথ্য অনুসৰি কেন্দ্ৰীয় চৰকাৰৰ মুঠ ৪২ টা মন্ত্ৰণালয়ৰ বিৰুদ্ধে ২ হাজাৰতকৈ অধিক আদালত অৱমাননাৰ গোচৰ বিচাৰাধীন হৈ আছে। এই ৪২ টা মন্ত্ৰণালয়ৰ ভিচৰত ৰে’ল মন্ত্ৰণালয়ৰ বিৰুদ্ধেই আছে আটাইতকৈ অধিক আদালত অৱমাননাৰ গোচৰ। এই গোচৰসমূহৰ ভিতৰত আছে ন্যায়ালয়ত বিচাৰাধীন গোচৰৰ উত্তৰ সময়মতে প্ৰদান নকৰা, ন্য়ায়ালয়ৰ আদে কাৰ্যকৰী নকৰা আদি।তথ্য অনুসৰি ৰেল মন্ত্ৰণালয়ৰ বিৰুদ্ধে আছে সৰ্বাধিক ৪৯১ টা আদালত অৱমাননাৰ গোচৰ। শ্ৰম আৰু নিয়োগ মন্ত্ৰণালয়ৰ বিৰুদ্ধে ৩৩০ টা, গৃহমন্ত্ৰণালয়ৰ বিৰুদ্ধে ২৬২ টা, কেগৰ বিৰুদ্ধে ১৬৭ টা, কমিউনিকেচন ডিজিপিৰ বিৰুদ্ধে ১৬১ টা, প্ৰতিৰক্ষা বিভাগৰ বিৰুদ্ধে ১৫৪ টা, শিক্ষা বিভাগৰ বিৰুদ্ধে ১২৬ টা, পেঞ্চন বিভাগৰ বিৰুদ্ধে ১১৪ টা, তথ্য আৰু সম্প্ৰচাৰ বিভাগৰ বিৰুদ্ধে ৭৫ টা আৰু ভাৰতীয় খাদ্য নিগমৰ বিৰুদ্ধে আছে ৫০ টা আদালত অৱমাননাৰ গোচৰ।

শেহতীয়াকৈ আদালত অৱমাননা কৰা এনে মন্ত্ৰণালয়বোৰ চিনাক্ত কৰি সেইবোৰৰ সংস্কাৰ সাধনৰ লক্ষ্যৰে কেন্দ্ৰীয় চৰকাৰে আইন মন্ত্ৰালয়ৰ সহযোগত এক প্ৰতিবেদন প্ৰস্তুত কৰিছে। এই প্ৰতিবেদনৰ ভিত্তিত মন্ত্ৰণালয়সমূহৰ আদালতত অৱমাননাৰ বৰ্ধিত সংখ্যা হ্ৰাস কৰাৰ বাবে কিছু প্ৰয়োজনীয় পদক্ষেপ ল’ব বুলি প্ৰকাশ কৰিছে।ন্যায়ালয়ে যিকোনো এটা গোচৰৰ আদেশৰ বিৰুদ্ধে মন্ত্ৰণালয়সমূহে আপীল কৰিব পাৰে যদিও নিৰ্ধাৰিত সময়ৰ ভিতৰত আপীল দাখিলৰ পৰা বিৰত আছে। আনহাতে ন্যায়ালয় আদেশো কাৰ্যকৰী কৰাৰ পৰা বিৰত আছে। যাৰ বাবে সংশ্লিষ্ট বিভাগ বা মন্ত্ৰণালয়ৰ আদালত আৱমাননাৰ গোচৰ ৰুজু হৈছে আৰু এনে গোচৰৰ সংখ্যা বৃদ্ধি পাইছে।