Home Blog Page 2429

দিল্লীৰ অমৰ কলনী অঞ্চলত চলন্ত গাড়ীৰে মহিলাক আক্ৰমণ,ভাইৰেল হ’ল সেই দৃশ্য

দিল্লীৰ অমৰ কলনী অঞ্চলত এগৰাকী মহিলাক দুজন পুৰুষে টানি নিছিল আৰু ৰাতি এটা ৰাস্তাৰ মাজত প্ৰহাৰ কৰিছিল।এক আচৰিত ঘটনা,এগৰাকী মহিলাক দুজন পুৰুষে আক্ৰমণ কৰিছিল আৰু তাৰ পিছত ৰাষ্ট্ৰীয় ৰাজধানীৰ অমৰ কলনী অঞ্চলত ৰাস্তাত টানি নিছিল।খবৰঅনুসৰি, ব্যক্তিগত কেবত বহি থকা মহিলাগৰাকীয়ে ৰাস্তাত দুজন তৰ্ক কৰা চালকৰ মাজত হস্তক্ষেপ কৰিবলৈ ৰাস্তাত নামি পৰিছিল।মহিলাগৰাকীয়ে তৰ্ক টো বন্ধ কৰিব বিচাৰিছিল, কিন্তু পুৰুষসকলে তাইক প্ৰহাৰ কৰিছিল আৰু তাৰ পিছত তাইক চলন্ত গাড়ীৰ পিছফালে টানি নিছিল।ঘটনাটো দুদিন আগতে ৰাষ্ট্ৰীয় ৰাজধানীত সংঘটিত হৈছিল, য’ত মহিলাৰ বিৰুদ্ধে অপৰাধ আৰু পথৰ আক্ৰমণৰ ঘটনা ব্যাপকভাৱে সংঘটিত হৈছে।ইফালে, দিল্লী আৰক্ষীয়ে তেওঁলোকৰ টুইটাৰ পৃষ্ঠাত অভিযোগটোৰ সঁহাৰি দিবলৈ তৎপৰ হৈ পৰিছিল। আৰক্ষীয়ে কেইঘণ্টামানৰ ভিতৰতে গোচৰটোত এখন এজাহাৰ পঞ্জীয়ন কৰে আৰু বাহনখন জব্দ কৰে, যিটো বৰ্তমান কৰ্তৃপক্ষৰ জিম্মাত আছে।

“পি এছ অমৰ কলনিৰ এলেকাত এগৰাকী মহিলাৰ ওপৰত হোৱা আক্ৰমণৰ ঘটনাত বালেনো গাড়ীজড়িত হৈ থকা ঘটনাত একেদিনাই এজাহাৰ পঞ্জীয়ন কৰা হৈছিল আৰু এজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে আৰু আপত্তিজনক বাহনখন জব্দ কৰা হৈছে। বিষয়টোৰ অধিক তদন্ত চলি আছে,” দিল্লী আৰক্ষীয়ে টুইটাৰত শ্বেয়াৰ কৰিছে।

বিশ্বনাথত চাৰিলেন যুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণত বিসংগতি,উদ্ধতম অথবা উপায়ুক্তৰ হস্তক্ষেপৰ দাবী সচেতন ৰাইজৰ

বিশ্বনাথ জিলাখনত ৰাষ্ট্ৰীয় ঘাই পথ নিৰ্মাণত বিসংগতি ৰাইজৰ অভিযোগ ।উল্লেখ্য যে বিশ্বনাথৰ লগতে বিহালীৰ বৰগাঙৰ পৰা বেদেতীলৈকে নিৰ্মাণ হৈ থকা ৰাষ্ট্ৰীয় ঘাই পথছোৱাত ডিভাইদাৰৰ মাজত মাটি ভৰোৱাৰ বিপৰীতে শিল -বালিৰে পৰিপূৰ্ণ কৰিছে ডিভাইদাৰৰ খালি ঠাইখিনি !সচেতন ৰাইজৰ অভিযোগ ডিভাইদাৰৰ মাজত মাটি থাকিলেহে গছ ৰোপন কৰিব পাৰিব ‘আৰু বালি শিল থাকিলে সেই গছ সহজতে মৰি যোৱাৰ সম্ভৱনা থাকে।মাজৰ অংশত গছ নেথাকিলে লাইটৰ বাবে গাড়ী চালক সকলো অসুবিধাত পৰিব পাৰে ‘যাৰ বাবে অঘটন সংঘটিত হোৱাৰ আশংকা থাকে –এনে কাৰণত পথ নিৰ্মাণকাৰী সংস্থা ডি চি চিয়ে নিজৰ মইমতালিৰে কাম কৰাৰ অভিযোগ ৰাইজৰ!তদুপৰি জিলাখনৰ পথ চোৱাই বিভিন্ন সময়ত জলা কলা খোৱাই আহিছে যাত্ৰী সকলক।

কেতিয়া নিৰ্মাণ কাৰ্য সম্পুৰ্ণ হ’ব তাকলৈও চিন্তিত জনসাধাৰণ ।এনেবোৰ কাৰণত ৰাইজৰ প্ৰশ্ন ? পথ নিৰ্মাণকাৰী সংস্থাৰ উদ্ধতম পক্ষ এন ‘এইছ আই:ডি চি এল (NHIDCL)ৰ পথ নিৰ্মাণত দৃষ্টি ৰখাৰ প্ৰয়োজন আছিল ? যদি উদ্ধতম পক্ষই গুৰুত্ব দিবলৈ সময় নাই পৰিপ্ৰেক্ষিতত সচেতন ৰাইজে বিশ্বনাথ উপায়ুক্তৰ হস্তক্ষেপৰ দাবী জনাইছে যাতে শীঘ্ৰে পথটি নিৰ্মাণত বিসংগতি মুক্ত হয় ।

নাচি-বাগি বিহু নাম গাই লাৰু পিঠা-পনা বনোৱাত ব্যস্ত আইমাতৃসকল

জামুগুৰিহাটত আৰু এদিনৰ পিছতেই অনুষ্ঠিত হ’বলগীয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৰাজ্যিক বহাগী মেলা উপলক্ষে সকলো ব্যস্ত হৈ পৰাৰ সমান্তৰালকৈ মহিলা আইমাতৃসকলৰো ব্যস্ততাৰ সীমা নোহোৱা হৈছে৷কেন্দ্ৰীয় বহাগী উৎসৱলৈ আহিবলগীয়া ৰাজ্যৰ ভিন্ন প্ৰান্তৰ অতিথিসকলক আপ্যায়নৰ বাবে গাঁৱে গাঁৱে এতিয়া পিঠাপনা বনোৱাত ব্যস্ত আইমাতৃসকল৷বিহু গাই গাই ঢেঁকী দি একেলগে কেবাখনো জুইশাল তৈয়াৰ কৰি মহিলাসকলে বনাইছে লাৰু-পিঠা৷

প্ৰায় ২০ হাজাৰ লাৰু পিঠা আপ্যায়নৰ বাবে তৈয়াৰ কৰিব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ জামুগুৰি আঞ্চলিকৰ ৩৬ খন শাখাৰ মহিলাসকলেসমান্তৰালকৈ এইদৰেই বিহু গাই নাচি বাগি কৰিছে আনন্দও৷

পুঠিমাৰী নৈত উদ্ধাৰ ৩৪ বছৰীয়া কৃষ্ণৰ মৃতদেহ

মলপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত আঠগাৱত পুঠিমাৰী নৈত এজন যুৱক নিখোজৰ ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছিল।মঙলবাৰে নিশা কৃষ্ণ দাস নামৰ নকুছি নিবাসী যুৱকজন দলঙৰ পৰা পৰি যোৱা বুলি লগৰ এজন বন্ধুৱে আৰক্ষীক জনোৱা খবৰৰ ভিত্তিতেই পুৱাৰ পৰা পুঠিমাৰী নৈত নদী আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছিল।

অৱশেষত উদ্ধাৰ হ’ল কৃষ্ণৰ মৃতদেহ,সম্প্ৰতি আৰক্ষীয়ে উদ্ধাৰ কৰি আনিলে ৩৪ বৰ্ষীয় যুৱকজনৰ মৃতদেহ।

বঙাইগাঁৱৰ কোকিলাত বন্ধন বেংকৰ কিস্তি সংগ্ৰহ কৰিবলৈ অহা কৰ্মচাৰীক আবদ্ধ কৰি ৰাখে ৰাইজে

বঙাইগাঁও জিলাৰ কোকিলা আৰক্ষী নিৰীক্ষণ চকীৰ অন্তৰ্গত কোকিলা ২য় খণ্ডত বন্ধন বেংকৰ কিস্তি সংগ্ৰহ কৰাক লৈ উত্তেজনাৰ সৃষ্টি হয়। বৰপেটা জিলাৰ বালাগাওস্তিত বন্ধন বেংকৰ কৰ্মচাৰীয়ে কোকিলা ২য় খণ্ডত কিস্তি সংগ্ৰহ কৰিবলৈ আহে আৰু কেইবা গৰাকী মহিলাৰ পৰা ৪,৫০০ টকা সংগ্ৰহ কৰে। স্হানীয় একাংশ যুৱকে প্ৰথমে এজন কৰ্মচাৰীক আবদ্ধ কৰি ৰাখে যদিওঁ পিছলৈ তাত আৰু চাৰিজন কৰ্মচাৰী উপস্থিত হয়। পিছত চাৰিজন কৰ্মচাৰীক নানা ধৰনৰ প্ৰশ্ন সোধে আৰু অসম চৰকাৰৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কিস্তি ৰ ধন সংগ্ৰহক লৈ হাৰাশাস্তি কৰিব নোৱাৰিব বুলি ঘোষণা কৰাৰ কথা কোৱাটো কয়। কিন্তু কৰ্মচাৰীজনে কোনো কথা মানি নলৈ বাৰে বাৰে কিস্তিৰ ধন দিবলৈ কয়।

তেতিয়া স্হানীয় লোকে উত্তেজিত হৈ পৰে। উত্তেজিত হৈ কনক বৰ্মন (শাখা পৰিচালক) আৰু শান্তনু ভৰালী সহ চাৰিজনক আৱদ্ধ কৰি ৰাখে। পিছত সাংবাদিকৰ দল উপস্থিত হৈ শান্তনু ভৰালীৰ পৰা মন্তব্য বিচাৰে যদিও মন্তব্য নিদি ল’গ’ হাতেৰে ঠেলি দিয়ে।চৰকাৰৰ মন্ত্ৰীৰ নিৰ্দেশৰ পৰিৱৰ্ত্তে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই কিস্তিৰ ধন দিবলৈ কোৱা বুলি আজৱ মন্তব্য দিয়ে।

জোনাইৰ কেইবাখনো চৰ চাপৰি অঞ্চলত আৰক্ষী-অৰ্ধসামৰিক বাহিনীক লৈ বেদখলকাৰীৰ বিৰুদ্ধে জোনাই মহকুমা প্ৰশাসনৰ অভিযান

ধেমাজি জিলাৰ জোনাই ৰাজহ চক্ৰৰ অৰ্ন্তগত মুনমুনি- মাজিআলি চৰ অঞ্চলত চৰণীয়া ভূমিক একাংশ লোকে কৰা বেদখলক কেন্দ্ৰ কৰি গো পালক আৰু বেদখলকাৰীৰ মাজত বহু বছৰ ধৰি অব্যাহত সংঘাত৷ জোনাইৰ মুনমুনি-মাজিআলি চৰ অঞ্চলত চৰকাৰীভাৱে আৱন্তিত চৰণীয়া ভূমিৰ পৰা বেদখলকাৰীক উচ্ছেদৰ দাবীত বিভিন্ন সময়ত উক্ত ভূমিত থকা প্ৰায় শতাধিক গো পালকে ৰূপায়ণ কৰি আহিছে প্ৰতিবাদী কাৰ্যসূচী৷এনে সময়তে গো পালকসকলৰ অভিযোগৰ ভিত্তিত বৃহস্পতিবাৰে জোনাই আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীক লগত লৈ মহকুমাধিপতিৰ নেতৃত্বত মুনমুনি-মাজিআলি চৰ চাপৰিত চলাই বেদখলকাৰী বিৰুদ্ধে অভিযান৷

ইফালে অভিযানৰ সময়ত মুনমুনি,মাজিআলি আদি অঞ্চলত গো পালক সকলৰ বাবে জোনাই ৰাজহ বিভাগে আৱণ্টিত চৰণীয়া ভূমিত একাংশ লোকে অবৈধ বাবে বেদখল কৰি ঘৰবাৰী,খেতি বাতি কৰি থকা প্ৰত্যক্ষ কৰে৷ ইফালে জোনাই ৰাজহ বিভাগে চৰকাৰীভাৱে আৱন্তিত উক্ত ভূমিত অব্যাহত থকা বিবাদক লৈ জোনাই মহকুমা প্ৰশাসনে স্থানীয় টি.এম.পি.কে’ৰ সহযোগত গো পালক আৰু বেদখলকাৰী মাজত এক সীমা ঠিক কৰা হৈ যদিও একাংশ বেদখলকাৰীয়ে চৰণীয়া পথাৰত বেদখল মুক্ত নকৰাৰ অভিযোগ লাভ কৰাত যোৱা বৃহস্পতিবাৰে জোনাই আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ সৈতে জোনাই মহকুমা প্ৰশাসনে মুনমুনি চাপৰিত উপস্থিত হয় পৰিদৰ্শন কৰে অঞ্চল সমূহ৷


প্ৰশাসনে পৰিদৰ্শনৰ সময়ত  চৰণীয়া পথাৰৰ  কেবাটাও  স্থানত একাংশ লোকে বেদখল কৰি ঘৰবাৰী সজাৰ লগতে খেতি বাতি কৰি অহা পৰিলক্ষিত হয়৷যাৰ ফলত জোনাই মহকুমাৰ মহকুমাধিপতি প্ৰদীপ কুমাৰ দ্বীবেদি আৰু জোনাই ৰাজহ চক্ৰ বিষয়া ৰিতু পল্লৱ বৰাই আইনী প্ৰক্ৰিয়াৰ সহায়ত অতি সোনকালে বেদখলকাৰী সকলক উক্ত স্থানৰ পৰা উচ্ছেদ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে গো পালক সকলক৷

দৰঙৰ দেওমৰনৈ ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী জিৰণি কোঠা উদ্বোধন ড° পৰমানন্দ ৰাজবংশীৰ

ছিপাঝাৰ বিধান সভা সমষ্টিৰ বিধায়ক ড° পৰমানন্দ ৰাজবংশীয়ে বিধায়ক উন্নয়ন পুঁজিৰ ধনেৰে নিৰ্মিত কোঠাটি উদ্বোধন কৰে ৷ একেদৰে গ্ৰন্থাগাৰ উদ্বোধন কৰে অসম ৰাষ্টভাষা প্ৰচাৰ সমিতিৰ কাৰ্যাধ্যক্ষ ভাৰতভূষণ মহন্ত, কাৰ্যালয় উদ্বোধন কৰে উদ্বোধন কৰে বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক নিৰঞ্জন গোস্বামী আৰু বিজ্ঞানাগাৰ উদ্বোধন কৰে গুৱাহাটী ৰাধাগোবিন্দ বৰুৱা মহাবিদ্যালয়ৰ উপাধ্যক্ষ জ্ঞানজ্যোতি শৰ্মাই৷

দেওমৰনৈ ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক শৈলেন্দ্ৰ কুমাৰ ৰাজবংশীয়ে পৰিচালনা কৰা উদ্বোধনী অনুষ্ঠানৰ প্ৰাক্‌মূহুৰ্ত্তত বিদ্যালয়ৰ প্ৰতিষ্ঠাপক সভাপতি শৰৎ চন্দ্ৰ গোস্বামী আৰু প্ৰতিষ্ঠাপক সম্পাদক সন্তোৰাম চহৰীয়াৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্জ্বলন কৰে জিলা উন্নয়ন আয়ুক্ত শুভলক্ষ্মী ডেকাই।

আজাৰাত কভিড ভেকচিনৰ সজাগতা সভা

আজাৰা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত আজি ক’ভিড ভেকচিনৰ এখন সজাগতা সভা অনুষ্ঠিত হয়। সভাত সভাপতিত্ব কৰে মহকুমা স্বাস্থ্য বিষয়া ডা: ধ্ৰুৱজ্যোতি বৰুৱাই আৰু উদ্দেশ্য বাখ্যা কৰে বি.চি.অ’ নৱজিৎ বৰ্মনে। সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি কামৰূপ জিলাৰ ডি.আই.অ’ ডা: যুগল চন্দ্ৰ দাসে কয় যে ক’ভিডৰ সংক্ৰমণ এতিয়াও বিশ্বজুৰি অব্যাহত আছে।

যাৰবাবে উপযুক্ত প্ৰতিগৰাকী লোকে কভিড ভেকচিন লোৱা প্ৰয়োজন। ইতিমধ্যে এপালি ভেকচিন লৈ যিসকলে দ্বিতীয় পালি বা দ্বিতীয় পালি লৈ তৃতীয় পালি লোৱা নাই সেই সকল লোকক ভেকচিন লবলৈ আহ্বান জনায় । সভাত বিপিএম যুগস্মীতা শইকীয়াই কভিড ভেকচিনৰ লগতে নিয়মীয়া টিকাকৰণৰ ওপৰত বাখ্যা আগবঢ়াই ।

চি আৰ পি এফৰ দ্বাৰা উত্তৰ গাৰো পাহাৰৰ দেপা হায়াৰ চেকেণ্ডাৰী স্কুলত যোগ শিক্ষা ..

বঙাইগাঁওস্থিত চি আৰ পি এফৰ উপ মহা নিৰীক্ষক জয়দেৱ কেশৰী তথা  ১৫২ বেটেলিয়নৰ কামাণ্ডেণ্ট দেৱ শংকৰ মিশ্ৰৰ উপস্থিতিত ৪ মেত চি আৰ পি এফৰ  ই/১৫২ বেটেলিয়নৰ কোম্পানী কামাণ্ডাৰ ৰাকেশ পেটেলৰ দ্বাৰা উত্তৰ গাৰো পাহাৰৰ দেপা হায়াৰ চেকেণ্ডাৰী স্কুলত যোগ শিক্ষাৰ আয়োজন কৰা হয়।

বিদ্যালয়খনৰ প্ৰধান শিক্ষক টেনজিঙ আৰ চাংমাৰ লগতে শিক্ষক সকলে চি আৰ পি এফৰ বিষয়া সকলক আদৰণি জনায়। বিদ্যালয়খনত যোগ প্ৰশিক্ষণৰ সময়ত প্ৰায় ৪০০ ছাত্ৰ-ছাত্ৰী অংশগ্ৰহণ কৰে। যোগ শিক্ষাৰ আৰম্ভণিতে চি আৰ পি এফৰ  উৰ্ধতন বিষয়া সকলে ছাত্ৰ-ছাত্ৰী সকলৰ উদ্দেশ্যি কয় যে যোগৰ ফলত মানুহৰ শৰীৰ আৰু মন মগজু ভালে থাকে । যোগ ব্যয়াম কৰিলে শাৰীৰিক আৰু মানসিক শক্তি বৃদ্ধি পায়।

যিকোনো বয়সৰ মানুহে যোগ ব্যয়াম কৰিব পাৰে। ছাত্ৰ ছাত্ৰীৰ মস্তিষ্ক বিকাশৰ বাবে যোগ অতি প্ৰয়োজনীয়। ইয়াৰ পিছত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক বৃন্দৰ লগতে চি আৰ পি এফৰ বিষয়া সকলৰ সৈতে যোগ সম্পৰ্কে মত বিনিময় কৰা হয়। 

এম এছ ধোনীয়ে ক্ৰয় কৰা কিছুমান অবিশ্বাস্য ব্যয়বহুল বস্তু কি কি!

এম.এছ. ধোনী হৈছে বিশ্বৰ আটাইতকৈ ধনী ক্ৰিকেটাৰসকলৰ ভিতৰত, যাৰ ব্ৰেণ্ড মূল্য 2020 চনত আন্তৰ্জাতিক ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ পিছতো হ্ৰাস হ’বলৈ অস্বীকাৰ কৰে। ইয়াত চিএচকে ৰ অধিনায়কৰ মালিকানাত থকা ব্যয়বহুল বস্তুৰ এখন তালিকা আছে।ইয়াত ধোনীৰ নিজা এখন ফাৰ্ম আছে যিটো ৪৩ একৰত বিয়পি আছে। হয়, আপুনি ইয়াক সঠিকভাৱে পঢ়িছে। ধোনীৰ খেতিৰ বাবে এটা পৃথক ঠাই আছে য’ত তেওঁ বিভিন্ন শস্য আৰু ফল খেতি কৰে। এই ফাৰ্মত, একত্ৰিত কৃষি য’ত উদ্যানপালন, মীন পালন, কুকুৰা আৰু পশুপালন কৰা হয়। শেহতীয়াকৈ, তেওঁ ফল আৰু পাচলি বিক্ৰীৰ বাবে হোলী উপলক্ষে ফাৰ্মহাউচটো মুকলি কৰিছিল। ধোনী এজন স্মাৰ্ট ব্যৱসায়ী। তেওঁ এটা ক্ৰীড়া ব্যৱস্থাপনা কোম্পানী, এটা ক্ৰীড়া পোছাক ব্ৰেণ্ড, এটা আইএছএল দল আৰু আন বহুতো ব্যৱসায় চলায়।

কিছুমান প্ৰতিবেদন অনুসৰি, এম এছ ধোনীৰ ওচৰত এটা ব্যক্তিগত জেট আছে যাৰ মূল্য 260 কোটি টকা। (ছবিৰ উৎস: ইনষ্টাগ্ৰাম) এইখন এটা আশ্চৰ্যকৰ বাইক যিটো সকলোৱে তেওঁলোকৰ গেৰেজত বিচাৰে কিন্তু সকলোৱে ইয়াক পাব নোৱাৰে। আপুনি দেখিছে, যেতিয়া ধোনীয়ে ইয়াক চলায়, মানুহে ইয়াৰ ফালে মূৰ ঘূৰাই দিয়ে। যেতিয়া আপুনি ইয়াক কিনিবলৈ যায় তেতিয়া ইয়াৰ মূল্য আপোনাৰ ৪৭ লাখ টকা বা ততোধিক।এম এছ ধোনীয়ে জীৱন যাপন কৰে ‘কিং চাইজ’: চিএছকে ৰ অধিনায়কৰ 7 টা আটাইতকৈ ব্যয়বহুল বস্তু।এম এছ ধোনীয়ে ক্ৰয় কৰা কিছুমান অবিশ্বাস্য ব্যয়বহুল বস্তু ইয়াত আছে।