Home Blog Page 243

দেশজুৰি পুনৰ বৃদ্ধি পাইছে ক’ভিড-১৯ সংক্ৰমণ — ক’ৰ কিমানজন আক্ৰান্ত, সবিশেষ চাওঁক । COVID

দেশজুৰি পুনৰ বৃদ্ধি পাইছে ক’ভিড-১৯ সংক্ৰমণ — ক'ৰ কিমানজন আক্ৰান্ত, সবিশেষ চাওঁক । COVID
দেশজুৰি পুনৰ বৃদ্ধি পাইছে ক’ভিড-১৯ সংক্ৰমণ — ক'ৰ কিমানজন আক্ৰান্ত, সবিশেষ চাওঁক । COVID
গুৱাহাটী, ২৮ মে’: COVID । দেশত পুনৰ ক’ভিড-১৯ ৰ সংক্ৰমণত বৃদ্ধি লক্ষ্য কৰা গৈছে। বিশেষকৈ মহাৰাষ্ট্ৰ, কেৰালা, উত্তৰ প্ৰদেশ, বিহাৰ, মধ্য প্ৰদেশ, ৰাজস্থান আদিত আক্ৰান্তৰ সংখ্যা বাঢ়ি অহা দেখা গৈছে। বিশেষজ্ঞসকলে নতুন ভেৰিয়েণ্ট LF.7, XFG, JN.1 আৰু NB.1.8.1 চিহ্নিত কৰিছে, যদিও অধিকাংশ ৰোগীৰ ক্ষেত্ৰত লক্ষণ মৃদু আৰু আতংকিত নহ’বলৈ আহ্বান জনাইছে ৰাজ্য চৰকাৰে।

মহাৰাষ্ট্ৰত ক’ভিডৰ পৰিস্থিতি

মহাৰাষ্ট্ৰত ২০২৫ চনৰ জানুৱাৰীৰ পৰা মুঠ ৮,২৮২ টা ক’ভিড টেষ্টৰ ভিতৰত ৪৩৫ জন পজিটিভ ৰোগী ধৰা পৰিছে। ২৭ মে’ত মুঠ ৬৬ নতুন আক্ৰান্তৰ সন্ধান পোৱা গৈছে। জিলাভিত্তিক বিৱৰণ:

  • মুম্বাই: ৩১ জন
  • পুনে: ১৮ জন
  • থানে: ৭ জন
  • নৱী মুম্বাই: ৪ জন
  • পানভেল: ৩ জন
  • সাংলি: ১ জন
  • নাগপুৰ: ২ জন

মুম্বাইত কেৱল মে’ মাহতেই ৩১০ কেছ পোৱা গৈছে। এতিয়ালৈকে ৰাজ্যখনত ১০৬ জন সুস্থ হৈ উঠিছে, ৩২৫ জন সক্ৰিয় ৰোগী আছে, আৰু ৪ জনৰ মৃত্যু হৈছে। মৃত্যু হোৱা ৰোগীবোৰৰ ইতিমধ্যে গুৰুতৰ অসুখ আছিল।

উত্তৰ প্ৰদেশ

নয়দাত ৯ জন নতুন ক’ভিড আক্ৰান্ত ৰোগী পোৱা গৈছে। মুঠ সক্ৰিয় কেছ ১০ জন।

ৰাজস্থান

জয়পুৰৰ এছ এম এছ হাস্পতালত ২৫ মে’ত এজন অচিনাক্ত পজিটিভ ৰোগীৰ মৃত্যু হৈছে। ৰোগীজনৰ নমুনা মৰণোত্তৰ পৰীক্ষাৰ আগতে সংগ্ৰহ কৰা হৈছিল।

মধ্য প্ৰদেশ

ইন্দোৰ জিলাত যোৱা ৩ দিনত ৪ জন নতুন আক্ৰান্ত ধৰা পৰিছে। জানুৱাৰী মাহৰ পৰা ১১ জন ক’ভিড ৰোগীৰ সন্ধান পোৱা গৈছে, যাৰ ভিতৰত এজনৰ মৃত্যু হৈছে।

বিহাৰ

বিহাৰত পাটনাৰ এজন চিকিৎসক আৰু ৩১ বছৰীয়া এজন লোক ক’ভিডত আক্ৰান্ত হৈছে। এই কেইটাই বিহাৰত এই পৰ্যন্ত ধৰা পৰা প্ৰথম ক’ভিড কেছ। সংক্ৰমণৰ গম্ভীৰতা অত্যন্ত কম।

চিকিৎসা আৰু পৰামৰ্শ

মহাৰাষ্ট্ৰত ILI (ইনফ্লুৱেঞ্জাৰ দৰে লক্ষণ) আৰু SARI (গুৰুতৰ তীব্ৰ শ্বাসজনিত সংক্ৰমণ)ৰ অধীনত সমীক্ষা চলি আছে, য’ত লক্ষণ থকা ৰোগীৰ ক’ভিড টেষ্ট কৰা হৈছে। চৰকাৰে জনসাধাৰণক আতংকিত নহ’বলৈ আৰু লক্ষণ দেখা দিলে পৰীক্ষা কৰাবলৈ অনুৰোধ জনাইছে।

মঙলদৈত পৰকীয়া প্ৰেমৰ ভয়ংকৰ পৰিণতি: বিষ খাই আত্মহত্যা মহিলাৰ ।mangaldoi

মঙলদৈত পৰকীয়া প্ৰেমৰ ভয়ংকৰ পৰিণতি: বিষ খাই আত্মহত্যা মহিলাৰ ।mangaldoi
মঙলদৈত পৰকীয়া প্ৰেমৰ ভয়ংকৰ পৰিণতি: বিষ খাই আত্মহত্যা মহিলাৰ ।mangaldoi

মঙলদৈ, ২৭ মে’: mangaldoi । পৰকীয়া প্ৰেমৰ এক ভয়ংকৰ পৰিণতিৰ সাক্ষী হয় অঞ্চলখন। মঙ্গলবাৰে এগৰাকী মহিলাই বিষ পান কৰি আত্মহত্যা কৰে বুলি স্থানীয় সূত্ৰে জনা গৈছে। মৃত মহিলাগৰাকীৰ নাম চবি ৰাণী ডেকা (২৫), যি কলাইগাঁৱৰ অধিবাসী হলেও বিয়াৰ পাছত স্বামী চিন্ময় কটকীৰ সৈতে বৰ আঠিয়াবাৰী গাঁৱত বাস কৰিছিল।

চবি ৰাণী আৰু চিন্ময় কটকীৰ বিবাহ প্ৰায় চাৰিবছৰ পূৰ্বে হৈছিল আৰু তেওঁলোকৰ এটি তিনিবছৰীয়া কন্যা সন্তানো আছে। এই সুস্থিৰ সংসাৰলৈ বৰ আঠিয়াবাৰী গাঁৱৰে সীমান্ত চহৰীয়া নামৰ এগৰাকী যুৱকৰ উপস্থিতিয়ে কঢ়িয়াই আনে এক অশান্তি।

স্বামী চিন্ময় কটকীৰ অভিযোগ অনুসৰি, চবি ৰাণীৰ সীমান্তৰ সৈতে অবৈধ প্ৰেমৰ সম্পৰ্ক আছিল। সীমান্তই চিন্ময়ক বিষ খুৱাবলৈ চবি ৰাণীক বিষ যোগান ধৰে বুলি অভিযোগ উঠে। যদিও এই ষড়যন্ত্ৰ সফল নহয়, চবি ৰাণীয়ে নিজেই সেই বিষ খাই আত্মহত্যাৰ পথ বাচি লয়। বিষ পান কৰাৰ সময়ত তেওঁৰ কণমানি সন্তানও ওচৰত আছিল।

চবি ৰাণীক প্ৰথমে মঙলদৈ অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হয়, তাৰপিছত উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় (GMCH) লৈ যাওঁতেই মহিলাগৰাকীৰ মৃত্যু হয়।

মৃত্যুৰ পূৰ্বে চবি ৰাণীয়ে এটা ভিডিঅ’ত স্বীকাৰ কৰে যে বিষ খিনি তেওঁৰ প্ৰেমিক সীমান্তই দিছিল আৰু সেই বিষ চিন্ময়ক খুৱাবলৈ প্ৰেৰিত কৰিছিল। লগতে চবি ৰাণীয়ে অভিযোগ কৰে যে সীমান্তই চিন্ময়ক কিছুমান অন্তৰংগ মুহূর্তৰ ফটো প্ৰদান কৰিছিল।

এই হৃদয়বিদাৰক ঘটনাই বৰ আঠিয়াবাৰী অঞ্চলজুৰি শোকৰ ছাঁ পেলাইছে। ইতিমধ্যে মঙলদৈ আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।

গৌৰৱ গগৈ সফল হ’ব — সদ্যপ্ৰাক্তন সভাপতি ভূপেন বৰাৰ আশা । Gaurav Gogoi

গৌৰৱ গগৈ সফল হ’ব — সদ্যপ্ৰাক্তন সভাপতি ভূপেন বৰাৰ আশা । Gaurav Gogi

গুৱাহাটী, ২৭ মে’Gaurav Gogoi  “সাংসদ গৌৰৱ গগৈ এতিয়া এজন অভিজ্ঞ ৰাজনৈতিক নেতা। তেওঁ এই দায়িত্ব পালনত সফল হ’ব।” — এই মন্তব্য সদ্যপ্ৰাক্তন অসম প্ৰদেশ কংগ্ৰেছ সভাপতি ভূপেন বৰাৰ। সোমবাৰে সাংসদ গৌৰৱ গগৈক প্ৰদেশ কংগ্ৰেছ সভাপতি হিচাপে নিযুক্তিৰ পাছত, মঙলবাৰে গুৱাহাটীৰ ঘোঁৰামাৰাস্থিত নিজ বাসগৃহত এখন সংবাদমেলত তেওঁ এই মন্তব্য কৰে।

চাৰি বছৰৰ দায়িত্ব পালনৰ বাবে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতৃত্বক ধন্যবাদ জনাই ভূপেন বৰাই গৌৰৱ গগৈক অভিনন্দন জ্ঞাপন কৰে। তেওঁ কয়, “দলে মোক দিয়া দায়িত্ব মই নিষ্ঠাৰে পালন কৰিম। মোক দায়িত্ব দিলেই ভাল আৰু নিদিলেই বেয়া — সেই ধৰণৰ দৃষ্টিভংগী মোৰ নাই।”

এ আই ইউ ডি এফৰ প্ৰসংগত ভূপেন বৰাই পুনৰ স্পষ্ট কৰে, “এই দলৰ ক্ষেত্রত সভাপতি হোৱাৰ আগতে মোৰ যি স্থিতি আছিল, আজিও সেই একেই স্থিতি আছে। ২০২১ চনত ৰিপুণ বৰা সভাপতি থাকোঁতে মই কংগ্ৰেছ নেতৃত্বলৈ চিঠি লিখি সাম্প্ৰদায়িক শক্তিৰে হাত নেমেলাৰ পৰামৰ্শ দিছিলোঁ। যদিও তেতিয়া সেই মত গুৰুত্ব নোপোৱা হৈছিল, মই সভাপতি হোৱাৰ পাছত প্ৰথম দিনাই সেই মিত্ৰতা ভংগ কৰিছিলোঁ।”

বৰাই কয়, “আৰ এছ এছ আৰু বিজেপিৰ বিৰুদ্ধে যুঁজ দিবলে আমি আন এটা সাম্প্ৰদায়িক শক্তিৰ লগত মিত্ৰতা কৰিলে, ৰাইজে কি ভাবিব — সেইটো গভীৰভাৱে বিবেচনা কৰা উচিত। ১৫ মে’ত কেন্দ্ৰীয় নেতৃত্বৰ সৈতে আলোচনাৰ সময় মই বিজেপি-বিৰোধী সকলো শক্তিক একত্ৰিত কৰাৰ প্ৰস্তাৱ দিছিলোঁ। আমি আশাবাদী — যদি আমি গোট খাওঁ, ৰাইজে আমাক সমৰ্থন জনাব।”

গৌৰৱ গগৈৰ বিষয়ে মত প্ৰকাশ কৰি ভূপেন বৰাই কয়, “তেওঁ তিনিবাৰ লোকসভাৰ সাংসদ হিচাপে নিৰ্বাচিত হৈছে। সংসদত তেওঁৰ পৰিণত আৰু গঠনমূলক ভূমিকা আছিল। অভিজ্ঞতা যথেষ্ট হৈছে — দেখি-ঠেকি শিকিছে। মই বিশ্বাস কৰোঁ, তেওঁ সফল হ’ব। আমি সকলোৰে শুভেচ্ছা তেওঁৰ লগত।”

সভাপতি পদৰ দায়িত্ব হস্তান্তৰ সন্দৰ্ভত তেওঁ স্পষ্ট কৰি কয়, “মই সভাপতি হ’বলৈ কেতিয়াও দিল্লীলৈ প্ৰতিনিধি পঠিওৱা নাই। ১৫ মে’ত নেতৃত্বে মোক সলনি কৰাৰ কথা ক’লে, মই একো প্ৰতিবাদ নকৰিলোঁ। মই নেতৃত্বক কৈছিলোঁ — দলৰ স্বাৰ্থত যি সিদ্ধান্ত লোৱা হয়, মই মানি ল’ম। আৰু মই মানিও লৈছোঁ।”

সভাপতি হিচাপে দায়িত্ব গ্ৰহণৰ সময়ৰ কথা উল্লেখ কৰি তেওঁ কয়, “মই দায়িত্ব লোৱাৰ সময়ত ১৭ গৰাকী জিলা সভাপতি পদত্যাগ কৰিছিল, ৬৪ খন ব্লকত সভাপতি নাছিল। বি টি আৰ-ত কংগ্ৰেছৰ উপস্থিতি শূন্য আছিল। ৰাজীৱ ভৱনত নীৰৱতা। সেই সময়ত দলটো পুনর্গঠনৰ বাবে যথেষ্ট খাটনি কৰিছিলোঁ।”

বৰ্তমান দলৰ অৱস্থা উল্লেখ কৰি তেওঁ কয়, “এতিয়া বিধায়ক পদৰ বাবে অতি কমেও ৩০০ গৰাকী আবেদনকাৰী আগবাঢ়িছে। অৰ্থাৎ ৩০০টা সেনাপতি সমষ্টিভিত্তিত সাজু হৈ আছে। যদিও পঞ্চায়ত নিৰ্বাচনত ফলাফল সন্তোষজনক নহ’ল, আমি আমাৰ শক্তিৰ এটা উমান পাইছোঁ।”

অন্ততঃ বৰাই কয়, “এতিয়া আমি ব্যক্তিগত চিন্তা এৰি ৰাজ্যৰ ৰাইজে কি বিচাৰে — সেইদিশে সংগবদ্ধভাৱে আগবাঢ়িব লাগিব। দলেও মোক প্ৰচাৰ সমিতিৰ দায়িত্ব দিছে। মই ৰঙানদীত নিৰ্বাচনলৈ সাজু হ’ব পৰিকল্পনা কৰিছে। গতিকে এতিয়া মোৰ দুটা কাম — দলৰ প্ৰচাৰ আৰু ৰঙানদীৰ জনসেৱা।”

বিমানত ভৱিষ্যৎবাণী! মুখ্যমন্ত্ৰীৰ কথাই শেষত সত্য হৈ পৰিল — স্বীকাৰ কৰিলে ভূপেন বৰাই । Bhupen borah

বিমানত ভৱিষ্যৎবাণী! মুখ্যমন্ত্ৰীৰ কথাই শেষত সত্য হৈ পৰিল — স্বীকাৰ কৰিলে ভূপেন বৰাই । Bhupen borah
বিমানত ভৱিষ্যৎবাণী! মুখ্যমন্ত্ৰীৰ কথাই শেষত সত্য হৈ পৰিল — স্বীকাৰ কৰিলে ভূপেন বৰাই । Bhupen borah

গুৱাহাটী, ২৭ মে’ —Bhupen borah । ‘‘এপ্ৰিল-মে’ মাহত তোমাৰ নিজৰ চকীখনেই নাথাকিব’’ — এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেইমাহমান আগতে উৰাজাহাজত কৰিছিল বুলি সদ্য বিদায়ী অসম প্ৰদেশ কংগ্ৰেছ সভাপতি ভূপেন বৰাই নিশ্চিত কৰিছে। কংগ্ৰেছৰ সদ্য নিযুক্ত সভাপতি গৌৰৱ গগৈৰ নিয়োগৰ পটভূমিত এই উক্তিয়ে ৰাজ্যিক ৰাজনীতিত গুৰুত্বপূৰ্ণ আলোচনা আৰম্ভ কৰিছে।

মুখ্যমন্ত্ৰী শৰ্মাই সোমবাৰে দাবী কৰিছিল যে, তেওঁ আগতেই জানিছিল ভূপেন বৰাক সভাপতিক পৰা আঁতৰোৱা হ’ব বুলি। ‘‘মই আজিৰ পৰা কেইমাহমান আগতে দিলীপ শইকীয়া, মই আৰু ভূপেন বৰা, আমি গুৱাহাটীৰ পৰা একেখন ফ্লাইটত গৈছিলো। দিলীপ শইকীয়া সাক্ষী আছে, মই তেতিয়া ভূপেন বৰাক কৈছিলো যে তোমাক এপ্ৰিল মাহত সভাপতি ভাঙি দিব। দিলীপে আজি ফোন কৰি সুধিছে – দাদা, আপুনি কেনেকৈ গম পাইছিল?’’ — এনে মন্তব্য কৰিছিল মুখ্যমন্ত্ৰীয়ে।

মঙলবাৰে সংবাদমেলত এই দাবীৰ সত্যতা স্বীকাৰ কৰি ভূপেন বৰাই কয়, ‘‘মুখ্যমন্ত্ৰীক মই দিল্লীৰ পৰা আহোতে উৰাজাহাজত পোৱাটো সঁচা। তেতিয়া তেওঁ মোক কৈছিল — ‘তোমাৰ নিজৰ চকীখনেই নাথাকিব’। মই উত্তৰত কৈছিলো, আপুনি কংগ্ৰেছৰ ভিতৰুৱা খবৰ নাপায়, যি খবৰ আপোনাই মোক দিছে, সেইটোৰ উৎস দুৰ্বল। তাৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে মোক কৈছিল — ‘মোক আণ্ডাৰ এষ্টিমেট নকৰিবা।’’

ভূপেন বৰাই এই কথাও স্পষ্ট কৰে যে মুখ্যমন্ত্ৰীয়ে তেওঁক সুধিছিল, ‘‘তোমাৰ কি শক্তি আছে যে সদায় মোক ক্ষমতাৰ পৰা আঁতৰাব বুলি কৈ থকা?’’ উত্তৰস্বৰূপে বৰাই কৈছিল, ‘‘আপোনাৰ বিৰুদ্ধে ৰাইজৰ যিবোৰ ক্ষোভ আছে, সেইবোৰ আমি ভোটলৈ ৰূপান্তৰিত কৰিম আৰু আপোনাক ক্ষমতাৰ পৰা আঁতৰাম।’’

মুখ্যমন্ত্ৰীৰ এই ‘ভৱিষ্যৎবাণী’ সঁচা হৈ পৰাত এতিয়া স্বাভাৱিকভাৱে এক প্ৰশ্ন উঠিছে — কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতৃত্ব তথা AICC-ৰ ভিতৰৰ খবৰো কি মুখ্যমন্ত্ৰীয়ে লাভ কৰে? অসম কংগ্ৰেছৰ ভিতৰত যেনেকৈ তেওঁ নিজৰ ‘এজেণ্ট’ ৰাখিছে, সেইদৰে দিল্লীতো আছে নেকি?

যদিও এই সন্দেহবোধৰ উত্তৰ স্পষ্ট নহয়, মুখ্যমন্ত্ৰীয়ে নিজৰ মন্তব্যত কৈছে যে — “কংগ্ৰেছত এটা সময় থাকে যেতিয়া পাৰ্টীটো ভাঙি যায়। তেতিয়া ভাল কৰিবৰ বাবে সাধাৰণ ঘৰৰ মানুহক ব্যৱহাৰ কৰে। কিন্তু যেতিয়া ইলেকচন আহে, টিকট আদি দিয়াৰ সময় হয়, তেতিয়া তেওঁলোকে সেই ‘নীলা তেজৰ’ মানুহবোৰ লগত লয়।”

মুখ্যমন্ত্ৰীৰ এই কথোপকথন আৰু ভূপেন বৰাৰ স্বীকাৰোক্তিৰ পিছত অসম কংগ্ৰেছৰ অভ্যন্তৰীণ পৰিৱর্তনৰ পিছফালত কি চলি আছিল — সেই সন্দৰ্ভত নতুনকৈ বিতৰ্ক আৰু বিশ্লেষণ আৰম্ভ হৈছে।

অখিল গগৈৰ মন্তব্যঃ ‘‘গৌৰৱ গগৈৰ নেতৃত্বত বিজেপিক পৰাভূত কৰিব পাৰি’’ । Akil Gogoi

অখিল গগৈৰ মন্তব্যঃ ‘‘গৌৰৱ গগৈৰ নেতৃত্বত বিজেপিক পৰাভূত কৰিব পাৰি’’ । Akil Gogoi
অখিল গগৈৰ মন্তব্যঃ ‘‘গৌৰৱ গগৈৰ নেতৃত্বত বিজেপিক পৰাভূত কৰিব পাৰি’’ । Akil Gogoi

২৭ মে’ — Akil Googi । অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ (APCC) সভাপতি ৰূপে গৌৰৱ গগৈ নিযুক্ত হোৱাৰ পাছত শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে এক গুৰুত্বপূর্ণ সংবাদমেলত গৌৰৱ গগৈলৈ শুভেচ্ছা জনাই কয় যে, ‘‘গৌৰৱ গগৈক আমি শুভেচ্ছা জনাইছো ৷ এতিয়া গৌৰৱ গগৈৰ প্ৰত্যক্ষ নেতৃত্বত আগন্তুক বিধানসভা নিৰ্বাচনত বিৰোধী ঐক্য একত্ৰিত হৈ বিজেপি দলক পৰাভূত কৰিব পাৰিম ৷’’ Akil Gogoi

তেওঁয়ে আৰু কয়, ‘‘যিহেতু নতুন নিযুক্তি হৈছে, সেয়ে সকলো কথা গৌৰৱ গগৈৰ স্থিতিৰ ওপৰতে নিৰ্ভৰ কৰিব ৷ যদি গৌৰৱ গগৈয়ে এটা ভাল স্থিতি (positive stand) লয় বা অসম প্ৰদেশ কংগ্ৰেছ আৰু AICCয়ে স্থিতি গ্ৰহণ কৰে, সেয়া সম্পূৰ্ণ তেওঁলোকৰ ওপৰত নিৰ্ভৰ কৰিব ৷ গৌৰৱ গগৈৰ স্থিতিৰ ওপৰতে মিত্ৰতাৰ কথাটো নিৰ্ভৰ কৰিব ৷ যদি তেওঁলোকে ভাল স্থিতি লয়, তেন্তে আমি ঐক্যবদ্ধভাৱে আগন্তুক নিৰ্বাচনত জিকিব পাৰিম ৷’’

অন্য এক গুৰুত্বপূর্ণ মন্তব্যত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈৰ পাকিস্তান ভ্ৰমণ সন্দৰ্ভত কৰা মন্তব্যক প্ৰত্যাহ্বান জনাই বিধায়ক গগৈয়ে কয়, ‘‘এইবোৰ কথা স্পষ্ট হ’ব লাগে ৷ যদি কিবা প্ৰমাণ আছে তেন্তে দিব লাগে ৷ ভাৰত চৰকাৰৰ বহু বিভাগ, এজেঞ্চী, পুলিচ আছে ৷ যদি গৌৰৱ গগৈৰ বিৰুদ্ধে কিবা অভিযোগ সঁচা থাকে, তেন্তে সেইবোৰ তথ্য সহকাৰে আনি বিহীত ব্যৱস্থা গ্ৰহণ কৰিব লাগে ৷ এনেই পাকিস্তান পাকিস্তান… বাংলাদেশ বাংলাদেশ চিঞৰি থাকি লাভ নাই ৷’’

বাংলাদেশীৰ বিতাড়ন সন্দৰ্ভতো অখিল গগৈয়ে মুখ্যমন্ত্ৰীক লক্ষ্য কৰি কয়, ‘‘হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালতহে সকলোতকৈ কম বাংলাদেশী বিতাড়ন কৰা হৈছে ৷ সৰ্বানন্দ সোণোৱাল চৰকাৰৰ সময়তো এতিয়াতকৈ অধিক বাংলাদেশী বিতাড়ন হৈছিল ৷ আচলতে বিজেপি চৰকাৰে বাংলাদেশী ইছ্যুটো শেষ কৰিব বিচৰা নাই ৷ এন আৰ চিৰ দ্বাৰা চৰকাৰে ইচ্ছা কৰিলে বিদেশী বিষয়টো শেষ কৰিব পাৰে, কিন্তু দেশী-বিদেশীৰ এটা সৰু ফাঁক চৰকাৰে ৰাখি থৈছে ৷’’ তেওঁ ১৯৭৫ চনৰ ২৫ মাৰ্চৰ পাছত অহা সকলো বিদেশীক বিতাড়ন কৰিব লাগিব বুলি মত প্ৰকাশ কৰে ৷

পৰিশেষত, প্ৰাক্তন আছু নেতা শংকৰজ্যোতি বৰুৱাৰ গ্ৰেপ্তাৰৰ সন্দৰ্ভত মন্তব্য কৰি বিধায়ক গগৈয়ে কয়, ‘‘তেওঁ আমাৰ অসমীয়া ভাই ৷ তেওঁৰ গ্ৰেপ্তাৰত আৰক্ষীয়ে কৰা আচৰণ সমৰ্থনযোগ্য নহয় ৷ কিন্তু তেওঁ আনৰ কাজিয়াত সোমোৱাৰ দৰকাৰ নাছিল ৷’’

গোগামুখত আই চি এ আৰৰ নৱম সংখ্যক প্ৰতিষ্ঠা দিৱসঃ উত্তৰ-পূব ভাৰতত সংযোজিত হৈছে নতুন কৃষি বিপ্লব । RCAR

গোগামুখত আই চি এ আৰৰ নৱম সংখ্যক প্ৰতিষ্ঠা দিৱসঃ উত্তৰ-পূব ভাৰতত সংযোজিত হৈছে নতুন কৃষি বিপ্লব । RCAR
গোগামুখত আই চি এ আৰৰ নৱম সংখ্যক প্ৰতিষ্ঠা দিৱসঃ উত্তৰ-পূব ভাৰতত সংযোজিত হৈছে নতুন কৃষি বিপ্লব । RCAR

২৭ মে’- RCAR । গোগামুখৰ দিৰপাইস্থিত   ভাৰতীয় কৃষি গৱেষণা পৰিষদ ইংৰাজীত চমুকৈ আই চি এ আৰৰ নৱম সংখ্যক প্ৰতিষ্ঠা দিৱস সোমবাৰে এক উৎসৱমুখৰ পৰিৱেশত সোমবাৰে অনুষ্ঠিত হৈ যায় ৷ ধেমাজি জিলাৰ গোগামুখ দিৰপাই চাপৰিস্থিত আই চি এ আৰৰ এই সৌন্দৰ্যপূৰ্ণ সভাখন উদ্ধোধন কৰে অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ৷ আদৰণি ভাষণ  দিয়ে আই চি এ আৰৰ গোগামুখ দিৰপাইস্থিত ভাৰপ্ৰাপ্ত বিজ্ঞানী ড° লোহিত কুমাৰ বৈশ্যই ৷

প্ৰতিষ্ঠা দিৱসৰ উদ্ধোধনী ভাষনত ডাঃ ৰণোজ পেগুৱে কয়-ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠানখনৰ লগত উত্তৰ-পূৰ্বাঞ্চলৰ সোণালী সপোন জৰিত হৈ আছে ৷ প্ৰতিষ্ঠানখনৰ স্থাপন আৰু দীৰ্ঘম্যাদী যাত্ৰাক সাকাৰ ৰূপ দিবলৈ মই যথেষ্ট পৰিশ্ৰম কৰিছোঁ ৷ ২০১৭ চনত গোগামুখত উপস্থিত হৈ দেশৰ মাননীয় প্ৰধানমন্ত্ৰীয়ে নৰেন্দ্ৰ মোদীয়ে  আধাৰশিলা স্থাপন কৰিছিল আৰু ইয়াত তদানীন্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ বহুল অৱদান আছে ৷ গৱেষণা প্ৰতিষ্ঠানখন স্থাপনৰ ক্ষেত্ৰত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ প্ৰচেষ্টাক আমি সকলোৱে শলাগ ল’বই লাগিব ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ দুৰদৰ্শী চিন্তাধাৰা আৰু উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতি থকা আন্তৰিক চিন্তাধাৰাৰ বাবে আমি আজি গোগামুখৰ দৰে এখন মফছলীয়া অঞ্চলত বিশ্বমানৰ কৃষি গৱেষণা প্ৰতিষ্ঠান লাভ কৰিছোঁ ৷ ডাঃ পেগুৱে কৃষি গৱেষণা প্ৰতিষ্ঠানৰ বিজ্ঞানী আৰু শিক্ষাৰ্থীসকলক উদ্দেশ্যি কয়-  লখিমপুৰ আৰু আৰু ধেমাজি জিলা হৈছে খেতিৰ বাবে উৰ্বৰ ভূমি ৷ লখিমপুৰ আৰু ধেমাজি জিলাতে অসমৰ ভিতৰত সৰ্বাধিক ধান খেতি উৎপাদন হয় ৷ পশুপালনতো লখিমপুৰ আৰু ধেমাজি জিলা অসমৰ ভিতৰতে সৰ্বোচ্চ  যদিও বাণিজ্যিক নহয় ৷ নিজৰ জীৱন শৈলী বা জীৱিকাৰ বাবেহে কৃষিকৰ্ম কৰে ৷ কিন্তু ইয়াক আমি বাণিজ্যকৰণ কৰিলে আমাৰ গ্ৰাম্য অৰ্থনীতি টনকিয়াল হ’ব ৷ এইক্ষেত্ৰত ভ ভাৰতীয় কৃষি গৱেষণা  প্ৰতিষ্ঠানে বিশেষ উদ্যোগ লৈ ইয়াৰ সাৰুৱা ভূমিক মূল হিচাপে লৈ ভিন্ন তৰহৰ কৃষি উৎপাদন কৰি লাভান্বিত কৰিব পৰাকৈ কৃষিজীৱী ৰাইজক বিজ্ঞানসত্মত কৃষিকৰ্মত আগ্ৰহী কৰি তুলিব পাৰে ৷ আমি এতিয়া আত্মনিৰ্ভৰশীল নতুন ভাৰতৰ নাগৰিক ৷ বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰে ভাৰত এতিয়া স্বাভিমানী দেশ ৷ এই আত্মনিৰ্ভৰশীল নতুন ভাৰতত আমি কৃষিক অত্যাধুনিকৰণ কৰিব লাগিব ৷ এই অত্যাধুনিকৰণৰ মুল শিপা হ’ব লাগিব কৃষি আৰু কৃষিৰ নব্যকৰণ আৰু নতুন বিপ্লৱ ৷ এই নতুন বিপ্লৱক বিশাল আকাৰ দিব লাগিব গোগামুখৰ  ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠান ৷ মই সম্পূৰ্ণৰূপে বিশ্বাস কৰোঁ যে, আমাৰ এই ভাৰতীয় কৃষি গবেষণা প্ৰতিষ্ঠানে আত্মনিৰ্ভৰশীল নতুন ভাৰতৰ আত্মাৰূপে এদিন পৰিগণিত হ’ব ৷ তেওঁ গৱেষণা প্ৰতিষ্ঠানৰ এই সুন্দৰ মূহুৰ্তত উপস্থিত থাকি নিজকে গৌৰৱ অনুভৱ কৰা বুলিও দোহাৰে ৷ অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকে   যোৰহাটৰ এ.এ.ই.ৰ পঞ্জীয়ক  তপন কৃষ্ণ গোহাঁই  পঞ্জীয়ক, এ এ ইউ, যোৰহাট;  আই এ আৰ আইৰ যুটীয়া সঞ্চালক (গৱেষণা) ড° বিশ্বনাথন চিন্নছামী;  ধেমাজিৰ জিলাৰ আয়ুক্ত  ৰাহুল সুৰেশ জাভিৰ ড

  আই এ আৰ আইৰ সঞ্চালক তথা অনুষ্ঠানৰ অধ্যক্ষ নিৱাস ৰাও,  ড° এ কে বালাঞ্জ ৷  নৱম বৰ্ষপূৰ্তি উপলক্ষে ড° অক্ষয় কুমাৰ, কিশোৰ চন্দ্ৰ চাহু, সুমলতা এ  ৰেড্ডীক(মহিলা) শ্ৰেষ্ঠ যুৱ বিজ্ঞানী, বছৰীয়া শ্ৰেষ্ঠ বিজ্ঞানী হিচাপে ড° অৰ্পণ ভৌমিক, শ্ৰেষ্ঠ প্ৰশাসক হিচাপে সৰুজ কুমাৰ সিং,  শ্ৰেষ্ঠ কাৰিকৰী বিজ্ঞানী হিচাপে সঞ্জয় কুমাৰ,  শ্ৰেষ্ঠ ছাত্ৰ হিচাপে অভিজা, শিৱাংগী সিং, (প্ৰথম বৰ্ষ),  মণিষা মালিক(দ্বিতীয় বৰ্ষ), কুমছিক সম্ভান্ষী(তৃতীয় বৰ্ষ), শ্ৰেষ্ঠ কৃষক হিচাপে পংকজ উপাধ্যায়(পুৰুষ), ৰেনুকা দেওকটা(মহিলা) আৰু শ্ৰেষ্ঠ মেডিয়া হিচাপে অমিত ৰামছিয়াৰীক সম্বধৰ্না জনোৱা হয় ৷ উল্লেখনীয় যে, সৰ্বভাৰতীয় পৰ্যায়ৰ আই চি এ আৰত বৰ্তমান ১৭০ গৰাকী ছাত্ৰ-ছাত্ৰী আৰু ৩৬ গৰাকী বিজ্ঞানী আছে ৷

Baghjan Oil Blast: অভিশপ্ত তিনিচুকীয়াৰ বাঘজান অইল বিস্ফোৰণ কাণ্ডৰ প্ৰতিবাদত পঞ্চম বাৰ্ষিক ক’লা দিন পালন, ২০২০ৰ ২৭ মে’ত বাঘজান BGN-5 নং তৈল কূপত সংঘটিত হৈছিল ভয়ংকৰ অইল বিস্ফোৰণ

Baghjan Oil Blast: অভিশপ্ত তিনিচুকীয়াৰ বাঘজান অইল বিস্ফোৰণ কাণ্ডৰ প্ৰতিবাদত পঞ্চম বাৰ্ষিক ক'লা দিন পালন
Baghjan Oil Blast: অভিশপ্ত তিনিচুকীয়াৰ বাঘজান অইল বিস্ফোৰণ কাণ্ডৰ প্ৰতিবাদত পঞ্চম বাৰ্ষিক ক'লা দিন পালন

উত্তৰ-পূৰ্বাঞ্চল তথা অসমৰ তিনিচুকীয়া জিলাৰ(Baghjan Oil Blast) বাঘজানত যোৱা ২০২০ বৰ্ষৰ ২৭ মে’ তাৰিখে অইল ইণ্ডিয়া লিমিটেডৰ বাঘজানস্থিত BGN-5 নং তৈল কূপত প্ৰথমে গেছ নিৰ্গত হয় আৰু ৯ জুন তাৰিখে এক ভয়ংকৰ অগ্নিকাণ্ডলৈ ৰূপান্তৰ হয়।

উল্লেখ্য যে অগ্নিকাণ্ডত বিনষ্ট হৈছিল সেউজীয়া প্ৰাকৃতিক পৰিৱেশ। জুইত জাহ গৈছিল বহু পৰিয়ালৰ ঘৰ-বাৰী, কৃষিভূমি। মৃত্যু হৈছিল অসংখ্য জীৱ-জন্তু, পশু-পক্ষীৰ। মৃত্যু হৈছিল ৰাষ্ট্ৰীয় সম্পদ শিহু, বাৰেকুৰিৰ দুষ্প্ৰাপ্য হলৌ বান্দৰ। মাগুৰি বিলৰ লগতে শিহু বিখ্যাত ডিব্ৰু-ডাঙৰী নদীও সম্পূৰ্ণ প্ৰদূষণ হৈ পৰিছিল। যাৰ ফলত মৃত্যু হৈছিল বিভিন্ন প্ৰজাতিৰ মাছ-কাছ। বিনষ্ট হৈছিল অঞ্চলবাসীৰ বহু কৃষিভূমি। ঘটনাত প্ৰাণ গৈছিল পাঁচজনকৈ লোকৰ। অগ্নিনির্বাপক বাহিনীৰ কৰ্মচাৰী ক্ৰমে তিক্ষেশ্বৰ গোহাঁই (চাবুৱা), দুৰ্লভ গগৈ (নামৰূপ), অইলৰ এগৰাকী কাৰ্যবাহী (জ্যেষ্ঠ) অভিযন্তা অৰ্ণৱ বৰদলৈ আৰু স্থানীয় ব্যক্তি শুকলেশ্বৰ নেওগ, উমেশ প্ৰসাদ। এক কথাত মৃত্যুৰ উপত্যকালৈ পৰিণত হৈছিল বাঘজান। জীয়া-যন্ত্ৰণাময় প্ৰায় ছমাহ দিন শব্দ, কম্পন, বায়ু প্ৰদূষণৰ মাজেৰে পাৰ কৰিছিল অঞ্চলবাসীৰ ৰাইজে।

আজি সেই দিনটোক সুঁৱৰি বাঘজান গাঁও মিলনজ্যোতি যুৱ সংঘৰ উদ্যোগত আৰু বৃহত্তৰ বাঘজান-দীঘলটৰং-কলিয়াপানীবাসী ৰাইজৰ সহযোগত বাঘজান অইল বিস্ফোৰণ কাণ্ডৰ প্ৰতিবাদত আজি মিলনজ্যোতি যুৱ সংঘৰ কাৰ্যালয়ত পঞ্চম বাৰ্ষিক ‘ক’লা দিন’ পালন কৰে। কাৰ্যসূচী অনুসৰি প্ৰথমে পতাকা উত্তোলন কৰে সংঘৰ সভাপতি তিলক নেওগ, অসম মৰাণ সভা, বাঘজান শাখাৰ সভাপতি ৰূপম মৰাণ আৰু সংঘৰ উপদেষ্টা প্ৰাঞ্জল গগৈয়ে। ইয়াৰ পাছতে স্মৃতি তৰ্পণ কৰে সংঘৰ উপদেষ্টা যতীন চেতিয়া, প্ৰকাশ হাজৰিকা, সাধাৰণ সম্পাদক জিন্টু হাজৰিকা, উপ-সভাপতিদ্বয় পুনা মৰাণ, ৰণ্টু মৰাণ, সহকাৰী সম্পাদক মিণ্টু মৰাণে। ইয়াৰ পাছতে ঘটনাত প্ৰাণ আহুতি দিয়া মৃতকৰ আত্মাৰ সদগতি অৰ্থে মৌন প্ৰাৰ্থনা কৰে।

উল্লেখযোগ্য যে, সুদীৰ্ঘ ১৭৩ টা দিনৰ‌ অন্তত ২০২০ বৰ্ষৰ ১৫ নৱেম্বৰ তাৰিখে বহু প্ৰচেষ্টা আৰু জল্পনা-কল্পনাৰ অন্তত কানাডাৰ স্নাভিং ইউনিট যন্ত্ৰৰ সহায়ত ৮ জনীয়া বিদেশী বিশেষজ্ঞসকলৰ‌ প্ৰচেষ্টাত আৰু অ’ এন জি চি, অইল কৰ্তৃপক্ষৰ সহায়ত অভিশপ্ত অগ্নিকাণ্ড নিৰ্বাপন তথা নিয়ন্ত্ৰণলৈ আনিবলৈ সক্ষম হয়।

ঘটনাৰ আজি পাঁচটা বৰ্ষ সম্পূৰ্ণ হোৱাৰ পাছতো সমস্যাই লগ এৰা নাই বাঘজানবাসীক। বৰ্তমান সময়ত মাটি-পানী প্ৰদূষণৰ লগতে বিভিন্ন ৰোগ-ব্যাধিয়ে দেখা দিছে। আজি দিনটো ক’লা দিন হিচাবে অনাগত দিনতো পালন কৰি যাব আৰু ক্ষতিগ্ৰস্ত বাঘজানবাসীয়ে ন্যায় নোপোৱা পৰ্যন্ত সংগ্ৰাম কৰি যাব, অইল ইণ্ডিয়া লিমিটেড, চৰকাৰ-প্ৰশাসনৰ বিৰুদ্ধে অনাগত দিনত তীব্ৰ গণ আন্দোলন গঢ়ি তুলিব বুলি মন্তব্য প্ৰকাশ কৰে সংঘৰ উপদেষ্টা যতীন চেতিয়াই। আনহাতে ঘটনাৰ সময়ত বিভিন্ন ধৰণেৰে সহায়-সহযোগিতা আগবঢ়োৱা বিভিন্ন দল-সংগঠন, ব্যক্তি, সামাজিক মাধ্যম, চতুৰ্থ স্তম্ভ সংবাদ মাধ্যম সকলোকে ধন্যবাদ, কৃতজ্ঞতা জ্ঞাপন কৰে বাঘজান গাঁও মিলনজ্যোতি যুৱ সংঘৰ সাধাৰণ সম্পাদক জিণ্টু হাজৰিকাই।

Russia ukraine war news: ৰাছিয়াৰ ড্ৰোন আক্ৰমণ ৰোধ কৰিবলৈ ইউক্ৰেইনৰ ক্ৰয় ২৫ কোটি টকাৰ মাছ ধৰা জাল

Russia ukraine war news: ৰাছিয়াৰ ড্ৰোন আক্ৰমণ ৰোধ কৰিবলৈ ইউক্ৰেইনৰ ক্ৰয় ২৫ কোটি টকাৰ মাছ ধৰা জাল
Russia ukraine war news: ৰাছিয়াৰ ড্ৰোন আক্ৰমণ ৰোধ কৰিবলৈ ইউক্ৰেইনৰ ক্ৰয় ২৫ কোটি টকাৰ মাছ ধৰা জাল

ৰাছিয়াৰ ড্ৰোন আক্ৰমণ(Russia ukraine war news) প্ৰতিহত কৰিবলৈ ইউক্ৰেইনৰ সেনাৰ নতুন অস্ত্ৰ হৈছে মাছ ধৰা জাল। জেলেনস্কিৰ দেশখনে স্ক্যাণ্ডিনেভিয়াৰ দুখন দেশ ডেনমাৰ্ক আৰু ছুইডেনৰ পৰা ২৪ লাখ ইউৰো [প্ৰায় ২৫ কোটি টাকা]ত মাছ ধৰা জাল ক্ৰয় কৰিছে৷ যোৱা মাৰ্চ মাহৰ পৰা ইউক্ৰেইনৰ সেনাই ৰাছিয়াৰ ড্ৰ’ন আক্ৰমণ প্ৰতিহত কৰিবলৈ মাছ ধৰা জাল ব্যৱহাৰ কৰাৰ এক নতুন পদ্ধতিৰ পৰীক্ষা-নিৰীক্ষা কৰি আহিছে৷ বিভিন্ন সংবাদ মাধ্যমে প্ৰকাশ কৰিছে যে ই যথেষ্ট ফলপ্ৰসু হৈছে৷ মুঠতে সাগৰত মাছ ধৰাৰ বাবে ব্যৱহাৰ কৰা সেই শক্তিশালী জালবোৰ দুটা ধৰণে ব্যৱহাৰ কৰা হৈছে- প্ৰথমটো, আত্মঘাতী ড্ৰোনৰ আক্ৰমণ ৰোধ কৰিবলৈ৷

দ্বিতীয়তে, চোৰাংচোৱাগিৰি আৰু বোমা তথা ক্ষেপণাস্ত্ৰ কঢ়িয়াই নিয়া ড্ৰ’ন ধৰিবলৈ ফান্দ হিচাপে৷ সংবাদ সংস্থাই প্ৰকাশ কৰা অনুসৰি ইউক্ৰেইনৰ সেনাই ইউক্ৰেইনৰ সেনাৰ বাংকাৰ, শিবিৰ আনকি গুৰুত্বপূৰ্ণ অসামৰিক স্থানৰ চাৰিওফালে তীখাৰ খুঁটা বা গছৰ পৰা জাল ওলমাই ৰাখিছে৷ বেছি ভাগ ক্ষেত্ৰতে ৰাছিয়াৰ আত্মঘাতী ড্ৰোন সেই জালত আবদ্ধ হৈ বিস্ফোৰণ ঘটে৷ ফলত বৃহৎ লোকচানৰ পৰা হাত সাৰিব পৰা যায়৷ জালে বহু ইউক্ৰেইনৰ সৈন্যৰ জীৱন ৰক্ষা কৰিছে৷ ইয়াৰ উপৰি চহৰ অঞ্চলৰ ওখ গছ বা ওখ অট্টালিকাত উলম্বভাৱে জাল ওলমাই ‘ড্ৰ’ন ফান্দ’ হিচাপে ব্যৱহাৰ কৰা হৈছে৷ যুদ্ধৰ পৰিস্থিতিত নতুন নতুন উদ্ভাৱনৰ উদাহৰণেৰে ভৰি আছে সামৰিক ইতিহাস৷ শেহতীয়া উদাহৰণ হ’ল কিয়েভৰ ‘ড্ৰ’ন মাছধৰা জাল’৷

Anna Sewa Din: ১ অক্টোবৰৰ পৰা সুলভ মূল্যত মচুৰ দাইল, চেনি, নিমখ বিতৰণ

Anna Sewa Din: ১ অক্টোবৰৰ পৰা সুলভ মূল্যত মচুৰ দাইল, চেনি, নিমখ বিতৰণ
Anna Sewa Din: ১ অক্টোবৰৰ পৰা সুলভ মূল্যত মচুৰ দাইল, চেনি, নিমখ বিতৰণ

অহা জুন, জুলাই আৰু আগষ্ট তিনি মাহৰ ‘অন্ন সেৱা দিন’(Anna Sewa Din)কাৰ্যসূচী ১১ পৰা ২০ জুনৰ ভিতৰত একেলগে ৰূপায়ণ কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কৌশিক ৰয়ে৷ সোমবাৰৰ দিনা দিছপুৰস্থিত জনতা ভৱনৰ পৰা ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে প্ৰতিখন জিলাৰ জিলা আয়ুক্ত, সমজিলা আয়ুক্ত আৰু খাদ্য, ৰাজহুৱা যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ বিষয়াসকলৰ সৈতে আলোচনা সভাত এই নিৰ্দেশ দিয়ে মন্ত্ৰী ৰয়ে৷ তেওঁ কয়, কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনা মৰ্মে অহা জুন, জুলাই আৰু আগষ্ট মাহৰ ‘অন্ন সেৱা দিন’ কাৰ্যসূচী একেলগে ৰূপায়ণ কৰা হ’ব৷

ফলত, জুন মাহৰ ‘অন্ন সেৱা দিন’ৰ সময়সীমা ১১ পৰা ২০ তাৰিখলৈকে বৃদ্ধি কৰা হৈছে৷ সেয়েহে, এই সময়ছোৱাত ৰাজ্যৰ ৰেচন কাৰ্ড হিতাধিকাৰীয়ে যাতে নিজৰ ৩ মাহৰ প্ৰাপ্য ৰেচন একেলগে গ্ৰহণ কৰিব পাৰে তাক লৈ সক্ৰিয়তা অব্যাহত ৰাখিবলৈ বিষয়ববীয়াসকলক নিৰ্দেশনা দিওঁ৷ অহা ১ অক্টোবৰ তাৰিখৰ পৰা সুলভ মূল্যত মচুৰ দাইল, চেনি, নিমখ বিতৰণ কৰাৰ দিশত আলোচনা কৰোঁ৷ বানপানীৰ সময়ত প্ৰতিখন জিলাত যাতে জিলাবাসীৰ বাবে নিত্য-প্ৰয়োজনীয় খাদ্য-সামগ্ৰী মজুত থাকে সেই বিষয়ে বিস্তৃত্বভাৱে আলোচনা কৰোঁ৷

ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অন্তৰ্গত সুলভ মূল্যৰ দোকানৰ বিতৰণ কমিছন, সমবায় সবলীকৰণ আৰু পৰিবহণ কমিছন শীঘ্ৰে মুকলি কৰাৰ নিৰ্দেশ প্ৰদান কৰে তেওঁ৷ এই দিনা প্ৰয়োজনীয় খাদ্য-সামগ্ৰীৰ যাতে কোনো ধৰণৰ দাম বৃদ্ধি নহয় সেই বাবে প্ৰতিখন জিলাত গঠন কৰা ‘টাস্ক ফৰ্চ’ৰ সক্ৰিয়তা অব্যাহত ৰাখিবলৈ নিৰ্দেশ প্ৰদান কৰে৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই এই সকলোবোৰ কাৰ্যসূচী ৰূপায়ণৰ ক্ষেত্ৰত সময়ে সময়ে আগবঢ়োৱা সহযোগিতাৰ বাবে তেওঁক আন্তৰিক ধন্যবাদ জনায় মন্ত্ৰী কৌশিক ৰয়ে৷

2026 Assam Legislative Assembly Election: দুলীয়াজান কাণ্ডঃ ২৬ৰ নিৰ্বাচনত উজনিত উত্থাপন ঘটাব আঞ্চলিক ৰাজনীতিক !

দুলীয়াজান কাণ্ডঃ ২৬ নিৰ্বাচনত উজনিত উত্থাপন ঘটাব আঞ্চলিক ৰাজনীতিক
দুলীয়াজান কাণ্ডঃ ২৬ নিৰ্বাচনত উজনিত উত্থাপন ঘটাব আঞ্চলিক ৰাজনীতিক

সমাগত ২০২৬ৰ অসম বিধানসভা নিৰ্বাচন৷ আৰু মাত্ৰ কেইটামান মাহৰ(2026 Assam Legislative Assembly Election)পিছতেই অসমত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব৷ সদ্যঘোষিত পঞ্চায়ত নিৰ্বাচনৰ ফলাফলৰ পিছতেই ২০২৬ ৰ বিধানসভা নিৰ্বাচনৰ বাবে ফ্ৰণ্ট ফুটত আছে বৰ্তমান শাসনাধিষ্ঠিত বিজেপি৷ উজনি অসমত বিজেপিয়ে আগন্তুক বিধানসভা নিৰ্বাচনত অধিকাংশ আসনতেই জয়ী হোৱাৰ লক্ষ্য স্থিৰ কৰি লৈছে৷ যিহেতু উজনি জয় কৰিব পাৰিলেহে যিকোনো এটা ৰাজনৈতিক দলে অসমৰ শাসন ভাৰ নিজৰ হাতলৈ আনিবলৈ সক্ষম হ’ব৷ সেয়ে উজনি অসমক বিজেপিৰ এক প্ৰয়োগশালা হিচাপে ব্যৱহাৰ কৰি ৰাজ্যিক বিজেপিয়ে ৰাজ্য সভাৰ সাংসদ ৰামেশ্বৰ তেলী, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰাজ্যিক কেন্দ্ৰীয় মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটা, ৰাজ্য সভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, ৰাজ্য চৰকাৰৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ উপৰি ৰাজ্য চৰকাৰৰ আন এগৰাকী মন্ত্ৰী পীয়ূষ হাজৰিকাক উজনিৰ ৰাজনৈতিক ক্ষেত্ৰখনত বিজেপিক শক্তিশালী কৰিবলৈ এক প্ৰকাৰে দায়িত্ব অৰ্পণ কৰিছে৷

ৰাজ্যৰ ৰাজনীতিত উজনি অসমৰ ভূমিকা অপৰিসীম৷ উজনিত ৰাজনৈতিক দলসমূহে সৰহ ভাগ আসন লাভ নকৰিলে চৰকাৰ গঠনত দলসমূহৰ সন্মুখত ব্যাপক প্ৰত্যাহ৩ান আহি পৰে৷ সেয়ে বিজেপিয়ে সময়ৰ অপেক্ষাত নাথাকি বৰ্তমানৰ পৰাই তৃতীয়বাৰৰ বাবে অসমত বিজেপিৰ নেতৃত্বত চৰকাৰ গঠন কৰিবলৈ তৎপৰতা আৰম্ভ কৰিছে৷ কিন্তু ইয়াৰ মাজতে জাতীয়তাবাদী শিবিৰত এক নতুন শক্তিয়ে গা কৰি উঠা পৰিলক্ষিত হৈছে৷ শেহতীয়াকৈ সংঘটিত হোৱা দুলীয়াজানৰ বি এন সিং পেট্ৰ’ল পাম্প ঘটনাই এই নৱতম জাতীয়তাবাদী শিবিৰটোক এক গতি প্ৰদান কৰাৰ ইতিমধ্যে এক ৰূপৰেখা তৈয়াৰ হৈছে৷ প্ৰসংগ ঃ আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰ জ্যোতি বৰুৱা৷

দুলীয়াজান কাণ্ডৰ পিছত বহিৰাগত এক শক্তিৰ অভিযোগৰ ভিত্তিত প্ৰাক্তন ছাত্ৰ নেতাগৰাকীৰ হাতত আৰক্ষীয়ে হাত কেৰায়া লগাই আদালতৰ সন্মুখত দাগী অপৰাধীৰ দৰে চোঁচোৰাই লৈ ফুৰা দৃশ্যটো আৰু তনু শ্বাহী নামৰ মহিলাগৰাকীয়ে ঘটনা সংঘটিত হোৱাৰ সময়ত এচাম থলগিৰি যুৱকক উদ্দেশ্যি দিয়া অপমানসূচক মন্তব্যই জাতীয়তাবাদী শিবিৰটোক এই শক্তি প্ৰদান কৰিলে৷ সমান্তৰালভাৱে বিজেপি বিধায়ক তেৰছ গোৱালাই বহিৰাগত লবীটোৰ পক্ষ লোৱাৰ লগতে শংকৰজ্যোতি বৰুৱাক গ্ৰেপ্তাৰ কৰাৰ নেপথ্যত বিধায়কগৰাকীৰ যি ভূমিকা আছিল এই সকলোবিলাক দিশক সামৰি এই নতুন ৰাজনৈতিক সমীকৰণ আৰম্ভ হোৱাৰ এক সম্ভাৱনা আছে৷ শংকৰজ্যোতি বৰুৱাক গ্ৰেপ্তাৰ কৰাৰ সমস্ত ঘটনাৰ নেপথ্যৰ মানুহগৰাকী বিধায়ক তেৰছ গোৱালা বুলি ইতিপূৰ্বে সৰৱ আলোচনা চলিছে প্ৰতিবাদত নমা জাতি-জনগোষ্ঠীয় সংগঠনসমূহৰ মাজত৷ দল- সংগঠনসমূহৰ একাংশ পদবীধাৰীয়ে ক’ব বিচাৰে যে শংকৰজ্যোতি বৰুৱা তেৰছ গোৱালাৰ বাবে এক ৰাজনৈতিক প্ৰতিদ্বন্দ্বী হৈ উঠাত তেওঁক ৰাজনৈতিক ক্ষেত্ৰখনৰ পৰা উচ্ছেদ কৰাৰ ই সময়োপযোগী পৰিকল্পনা গ্ৰহণ কৰা হৈছে৷ এই একেটা বিষয়ে বিভিন্ন মাধ্যমতো ব্যাপক চৰ্চিত হৈ পৰিছে৷

ইফালে দুলীয়াজান কাণ্ডৰ পিছত উজনি অসমত একত্ৰ হোৱা সদৌ তাই আহোম ছাত্ৰ সন্থা, অসম চাহ জনজাতি ছাত্ৰ সন্থা, সোণোৱাল কছাৰী ছাত্ৰ সন্থা, আদিবাসী ছাত্ৰ সন্থা, চুতীয়া ছাত্ৰ সন্থা, সংগ্ৰামী সেনা অসম, উজনি অসম মুছলিম কল্যাণ পৰিষদ, সংগ্ৰামী যুৱ-ছাত্ৰ পৰিষদ অসম, জাতীয় সংগ্ৰামী সেনা অসম, তাই আহোম যুৱ পৰিষদ, চুতীয়া যুৱ সন্মিলন, কোঁচ ৰাজবংশী ছাত্ৰ সন্থা, বীৰ লাচিত সেনা অসম, সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থা, অসমীয়া যুৱ মঞ্চ, আহোম সেনা আদি কৰি কুৰিটাকৈ জাতি-জনগোষ্ঠীয় সংগঠনে এই নতুন ৰাজনৈতিক শক্তিটোক আগুৱাই লৈ যোৱাৰ এডোখৰ ভূমি উজনিৰ পটভূমিত সৃষ্টি কৰিছে৷ কিন্তু এই জাতীয়তাবাদী শক্তিটোৱে নতুন কোনো ৰাজনৈতিক দল গঠন নকৰি এক আঞ্চলিক ৰাজনৈতিক দলক সমৰ্থন আগবঢ়োৱাটো এক প্ৰকাৰ নিশ্চিত৷ কিন্তু আঞ্চলিক ৰাজনৈতিক দল কোন হ’ব সেয়া সময়ৰ অপেক্ষাত৷ কিন্তু অসম গণ পৰিষদ এই ধাৰাটোৰ সৈতে একত্ৰ যে নহয় সেয়া খাটাং৷ উজনি অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটক যদি লক্ষ্য কৰা যায় তেন্তে সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ সম্ভৱতঃ হ’ব পাৰে এই বিকল্প আঞ্চলিক ৰাজনৈতিক দলটো৷ এক ৰহস্যজনকভাৱে আইনৰ মেৰপাকত সোমাই কাৰাগাৰলৈ যাবলগীয়া হোৱা শংকৰজ্যোতি বৰুৱা এই ৰাজনৈতিক শক্তিটোৰ আন এক চালিকা শক্তি যে নহ’ব ইয়াক একেমুখে ক’ব নোৱাৰি৷ বীৰ লাচিত সেনাৰ মুখ্য সাংগঠনিক সচিব শৃংখল চলিহাই ইতিপূৰ্বে ২০২৬ ৰ বাবে লুৰীণজ্যোতি গগৈৰ পক্ষত আছোঁ বুলি সামাজিক মাধ্যমত ঘোষণা কৰিছে৷

ইয়াৰ বিপৰীতে তেওঁ ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ সৈতে হোৱা মতানৈক্যৰ বাবে তেওঁ অখিল গগৈৰ সংগ ত্যাগ কৰিলে৷ ৰাজনীতিৰ খবৰ ৰখাসকলে একেমুখে ক’ব বিচাৰে যে লুৰীণজ্যোতি গগৈ এইবাৰ ২০২৬ৰ বিধানসভা নিৰ্বাচনত আঞ্চলিক শক্তিটোক এক নতুন শক্তি প্ৰদান কৰিব৷ ২০২৬ৰ বিধানসভা নিৰ্বাচনৰ বাবে যিটো ঐক্যবদ্ধ আঞ্চলিক শক্তিৰ উদ্‌গীৰণ হ’ব ইয়াত কিন্তু কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈৰ স্থান নথকা নহয়৷ যদি লক্ষ্য কৰা যায় তেন্তে অখিল গগৈৰ নেতৃত্বাধীন ৰাইজৰ দলৰ সৈতে মিত্ৰতাৰ সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছে এতিয়ালৈকে একো সিদ্ধান্ত লোৱা নাই৷ অখিল গগৈয়ে আওপকীয়াকৈ বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ সৈতে মিত্ৰতা হ’লে ৪৩খনকৈ আসন বিচাৰিব বুলি প্ৰকাশ কৰিছে৷ অখিল গগৈৰ এই প্ৰস্তাৱক নিশ্চিতভাৱে কংগ্ৰেছে মানি নলয়৷ যদি মিত্ৰতা নহয় তেন্তে অখিল গগৈয়ে উজনি-নামনি সকলোতে ৰাইজৰ দলৰ তৰফৰ পৰা প্ৰাৰ্থিত্ব দিব৷ যদি এনে হয় তেন্তে সৰ্বাধিক ক্ষতি হ’ব কংগ্ৰেছ আৰু এআইইউডিএফৰ৷ সেয়ে কংগ্ৰেছে হ’বলগীয়া এই ডেমেজক কণ্ট্ৰল কৰিবৰ বাবে ইতিমধ্যে ৰাইজৰ দলৰ পৰিৱৰ্তে আন এক আঞ্চলিক ৰাজনৈতিক শক্তিৰ সহায় উজনিত বিচাৰিব৷ এতিয়ালৈকে আনুষ্ঠানিক আলোচনাত কোনো এটা জাতি-জনগোষ্ঠীয় সংগঠনে বহা নাই৷ লুৰীণজ্যোতি গগৈয়েও এই সম্ভাৱনাবিলাকৰ ওপৰত কোনো ধৰণৰ মত পোষণ কৰা নাই৷ কিন্তু খেলা হৈছে আৰু কেইটামান দিনৰ পিছতেই উজনিত ২০২৬ ৰ বাবে এক পৃষ্ঠভূমি তৈয়াৰ হৈ উঠিব৷