Home Blog Page 244

Duliajan BN Singh Petrol Pump: দুভাগত বিভক্ত ৰাজ্যৰ জাতীয়তাবাদী শিবিৰ !

Duliajan BN Singh Petrol Pump: দুভাগত বিভক্ত ৰাজ্যৰ জাতীয়তাবাদী শিবিৰ !
Duliajan BN Singh Petrol Pump: দুভাগত বিভক্ত ৰাজ্যৰ জাতীয়তাবাদী শিবিৰ !

কেতিয়াবা মাছ, কেতিয়াবা তেল ডিপো অথবা কেতিয়াবা(Duliajan BN Singh Petrol Pump)বাংলাদেশীৰ প্ৰসংগক লৈ ৰাজ্যত জাতীয়তাবাদে নতুন ৰূপত জাগ্ৰত হৈ আহিছে৷ শেহতীয়াকৈ দুলীয়াজানত এটা তেল ডিপোত কেন্দ্ৰ কৰি হোৱা সংঘাতৰ পিছতে অসমত, বিশেষকৈ উজনি অসমত জাতীয়তাবাদৰ এক নতুন জাগৰণে ঢৌৱাই যোৱাৰ কথা সকলোৱে অনুভৱ কৰিছে৷ দুলীয়াজানৰ তেল ডিপো কাণ্ডত সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাক গ্ৰেপ্তাৰ কৰি তেওঁক হেণ্ডকাফ পিন্ধোৱাৰ পিছতে সমগ্ৰ বিষয়টোৱে এক নতুন ৰূপ পৰিগ্ৰহ কৰে৷ শংকৰজ্যোতি বৰুৱাৰ গ্ৰেপ্তাৰক লৈ বিশেষ কোনো দল-সংগঠনে প্ৰথম অৱস্থাত মাত মতা নাছিল যদিও বৰুৱাক চোৰ, ডকাইত অথবা সন্ত্ৰাসবাদীৰ দৰে ব্যৱহাৰ কৰি হেণ্ডকাফ পিন্ধোৱাৰ পিছতে সমগ্ৰ ঘটনাক্ৰম সলনি হৈ পৰিল৷ এগৰাকী অসমীয়া যুৱকক এনেদৰে অন্যায়ভাৱে হেণ্ডকাফ পিন্ধোৱাৰ ঘটনাক লৈ উজনি অসমত জাগ্ৰত হৈ পৰিল জাতীয়তাবাদী শিবিৰৰ নেতা তথা কৰ্মীসকল৷

যিটো সময়ত অসমত বছৰৰ পিছত বছৰ ধৰি আছুৱে জাতীয়তাবাদৰ ধ্বজা বহন কৰি আহিছে সেই সময়ত পিছে এইবেলি দৃশ্যপটৰ পৰা সম্পূৰ্ণ উধাও আছু৷ উজনি অসমত শংকৰজ্যোতি বৰুৱাক হেণ্ডকাফ পিন্ধোৱাক লৈ জাতীয়তাবাদৰ নতুন ঢৌ বৈ যোৱাৰ সময়তে কিছু দিনলৈ আছুৰ নেতাসকলে মুখত পিঠা ভৰাই থাকিল৷ অৱশেষত যেনিবা সামাজিক মাধ্যম আৰু সংবাদ মাধ্যমত বিষয়টোক লৈ প্ৰতিক্ৰিয়া সৃষ্টি হোৱাৰ পিছত আছুৰ নেতৃবৃন্দই শংকৰজ্যোতি বৰুৱাক হেণ্ডকাফ পিন্ধোৱাৰ বিষয়ত মাত মাতিলে৷ অৱশ্যে আছুৰ নেতাসকলে যেন বিষয়টোত মাত মাতিবলৈ গৈ খাল খান্দি ঘঁৰিয়ালহে চপালে৷ আছুৰ নেতা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, উৎপল শৰ্মা আদিয়ে শংকৰজ্যোতি বৰুৱাক হেণ্ডকাফ পিন্ধোৱাৰ ঘটনাত প্ৰতিক্ৰিয়া ব্যক্ত কৰিবলৈ গৈ যেন নিজৰ মনৰ ভিতৰত লুকাই থকা আখেজ আৰু আক্ৰোশক উগাৰি দিলে৷ আছু নেতাদ্বয়ৰ প্ৰতিক্ৰিয়াৰ পিছতে সামাজিক মাধ্যমত বহুগৰাকী নেতাকে মানুহে তুলাধূনা দিলে৷ এনে সময়তে এতিয়া বিভিন্নজনৰ মাজত প্ৰশ্ন উত্থাপন হৈছে দুলীয়াজানৰ তেল ডিপোৰ ঘটনাই দৰাচলতে লাভৱান্বিত কৰিলে কাক, এই ঘটনাত কোন হ’ল ক্ষতিগ্ৰস্ত? বিভিন্নজনে এই বিষয়ত প্ৰকাশ কৰা প্ৰতিক্ৰিয়াৰ পৰা এই কথা স্পষ্ট হৈ পৰিছে যে দুলীয়াজানৰ ঘটনাই জাতীয়তাবাদৰ পতাকা ইমানদিনে বহন কৰি নিয়া আছুৰ গুৰুত্ব উজনি অসমত ভালেখিনি কমাই দিলে৷ ইয়াৰ লগতে উজনি অসমত আছুৰ সলনি আন কেইবাটাও জাতীয়তাবাদী শিবিৰে অসমীয়া জাতীয়তাবাদক সঠিক সময়ত সঠিক ৰূপত উজ্জীৱিত কৰি আগুৱাই নিবলৈ সক্ষম হোৱা বুলি বিভিন্নজনে চৰ্চা কৰিছে৷

ৰাইজৰ মাজত এইবুলিও চৰ্চা হৈছে যে দুলীয়াজানৰ তেল ডিপোৰ ঘটনাটোৰ পিছতে ৰাজ্যৰ জাতীয়তাবাদী শিবিৰ দেখ দেখকৈ দুটা ভাগত বিভক্ত হৈ পৰিছে৷ আছুৰ নেতাসকলে শংকৰজ্যোতি বৰুৱাক হেণ্ডকাফ লগোৱাৰ ঘটনাক লৈ নৈতিকভাৱে যেনেধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব লাগিছিল ঠিক তেনেধৰণৰ প্ৰতিক্ৰিয়া যেন ৰাইজে তেওঁলোকৰ পৰা নাপালে৷ সেইবাবে দুলীয়াজানৰ ঘটনাই আছুৰ উজনি অসমত থকা প্ৰাধান্য তথা আনুগত্যক ভালেখিনি ম্লান কৰি পেলোৱা বুলি বিভিন্নজনে এতিয়া আলোচনা কৰিছে৷ দুলীয়াজানৰ ঘটনাটোৱে আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত কৰা ব্যক্তিগৰাকী বিধায়ক তেৰছ গোৱালা বুলিও বহুতে চৰ্চা কৰা পৰিলক্ষিত হৈছে৷ উল্লেখ্য আমাৰ পূৰ্বৰ প্ৰতিবেদনতে এই কথা কোৱা হৈছিল যে শংকৰজ্যোতি বৰুৱাক গ্ৰেপ্তাৰৰ আঁৰত বিধায়ক তেৰছ গোৱালাৰ হাত থকা বুলি বিভিন্নজনে সন্দেহ কৰিছিল৷ আমি এই কথাও লগতে প্ৰকাশ কৰিছিলো যে বিশেষ সূত্ৰই জনোৱা অনুসৰি সমগ্ৰ বিষয়টোত তেৰছ গোৱালাৰ ভূমিকাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুঠেও সন্তুষ্ট নাছিল৷ সেই বাবেই তেওঁ তেৰছ গোৱালাক ধমক দিয়া বুলিও সূত্ৰটোৱে প্ৰকাশ কৰিছিল৷ সূত্ৰটোৰ কথা কিমান দূৰ সঁচা অথবা মিছা সেই কথা একাষৰীয়া কৰি থৈ এটা কথাই ক’ব পাৰি যে দুলীয়াজানৰ ঘটনাটোৱে তেৰছ গোৱালাৰ ভাবমূৰ্তি নিঃসন্দেহে ভালেখিনি ম্লান কৰি পেলালে৷ আনকি চাহ বাগিচা অঞ্চলতো এতিয়া বহুতে তেৰছ গোৱালাৰ প্ৰতি বিষোদগাৰ প্ৰকাশ কৰা পৰিলক্ষিত হৈছে৷ একেদৰে ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক জাতীয় বিষয়সমূহক মাত মতাৰ বাবেই এটা সময়ত অসমীয়া ৰাইজে জাতীয় নায়কৰ সন্মানেৰে বিভূষিত কৰিছিল৷ কিন্তু সেইগৰাকী জাতীয় নায়ক সৰ্বানন্দ সোণোৱালে শংকৰজ্যোতি বৰুৱাক হেণ্ডকাফ লগোৱাৰ প্ৰসংগত এটা টু-শব্দও উচ্ছাৰণ নকৰিলে৷

এই কথা বহু লোক অসন্তুষ্ট হৈ পৰা বুলি এই প্ৰতিবেদকৰ সন্মুখত প্ৰকাশ কৰিছে৷ আওপাকে ক’বলৈ গ’লে দুলীয়াজানৰ ঘটনাটোৱে জাতীয় নায়ক সৰ্বানন্দ সোণোৱালৰ ভাবমূৰ্তিতো কিছু পৰিমাণে হ’লেও চেকা লগালে৷ আনহাতে, দুলীয়াজানৰ ঘটনাটোৱে হিৰোত পৰিণত কৰিলে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাক৷ হিন্দী চিনেমাৰ কায়দাত শৃংখল চলিহাই আৰক্ষীৰ বেহুৰ মাজতে অসমীয়া মানুহৰ ওপৰত হোৱা যিকোনো অত্যাচাৰ সহ্য কৰা নহ’ব বুলি যি ধৰণে হুংকাৰ দিলে সেই হুংকাৰ অসমৰ যেন ইমূৰৰ পৰা সিমূৰলৈ প্ৰতিধ্বনিত হ’ল৷ আৰক্ষীয়ে সেয়ে আটক কৰাৰ পিছতো ব্যাপক গণ আন্দোলনৰ আশংকা কৰিয়েই শৃংখল চলিহাক পুনৰ স-সন্মানেৰে নিশা নিজৰ বাসগৃহত নমাই থৈ যাবলগীয়া হ’ল৷ এয়া নিঃসন্দেহে অসমীয়া প্ৰতিবাদী জাতীয়তাবাদী শিবিৰৰ বাবে এক বিজয় বুলি বহুতে মন্তব্য কৰিছে৷ একেদৰে দুলীয়াজানৰ ঘটনাটোক লৈ পুনৰ জাতীয়তাবাদী শিবিৰত উজ্জীৱিত কৰাত সফল হ’ল অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ৷ শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে প্ৰথম অৱস্থাত শংকৰজ্যোতিক হেণ্ডকাফ লগোৱাৰ প্ৰসংগত কিছু মাত মাতিছিল যদিও পিছদিনাই তেওঁ পুনৰ স্থিতি সলনি কৰি চান্দা পাৰ্টী আদি বাক্য উচ্ছাৰণ কৰাৰ পিছতে তেওঁৰ প্ৰতি প্ৰতিবাদী জনতাৰ মনোভাবো নিশাটোৰ ভিতৰতে সলনি হৈ পৰা বুলি বহুতে এতিয়া আলোচনা কৰিছে৷ দুলীয়াজানৰ ঘটনাই সোমবাৰে গুৱাহাটী উচ্ছ ন্যায়ালয়ে জামিন মঞ্জুৰ কৰা শংকৰজ্যোতি বৰুৱাক আটাইতকৈ বেছি উপকৃত কৰা বুলি এতিয়া বিভিন্নজনে চৰ্চা কৰা পৰিলক্ষিত হৈছে৷

বহুতে লগতে এই বুলিও কৈছে যে শংকৰজ্যোতি বৰুৱাৰ বাবে হেণ্ডকাফ ডাল অভিশাপ নহৈ যেন আশীৰ্বাদহে হৈ পৰিল৷ বহুতে এইবুলিও আলোচনা কৰিছে যে শংকৰজ্যোতি বৰুৱাই শীঘ্ৰে গেৰুৱা বাহিনীত যোগদান কৰিব আৰু তেওঁ ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত দুলীয়াজানৰ পৰা টিকট পোৱাৰ সম্ভাৱনা আছে৷ এনে পৰিস্থিতিত বৰ্তমানৰ বিধায়ক তেৰছ গোৱালাৰ সান্দহ খোৱা বালি তল যাব পাৰে বুলি বহুতে এতিয়া আলোচনা কৰা পৰিলক্ষিত হৈছে৷ সঁচাকৈ তেল ডিপোৱে জ্বলাব পাৰে জাতীয়তাবাদৰ জুই, সেই কথা এতিয়া দুলীয়াজানত দেখ দেখকৈ প্ৰমাণ হৈছে৷

Palpitations: কি ভিটামিনৰ অভাৱত বুকুৰ ধপধপনি বৃদ্ধি পায় ?

Palpitations: কি ভিটামিনৰ অভাৱত বুকুৰ ধপধপনি বৃদ্ধি পায় ?
Palpitations: কি ভিটামিনৰ অভাৱত বুকুৰ ধপধপনি বৃদ্ধি পায় ?

যদি আপুনি নিয়মিতভাৱে হৃদস্পন্দন বৃদ্ধি বা অদ্ভুত নাৰ্ভাছ অনুভৱ কৰে, তেন্তে সহজভাৱে নল’ব। হয়তো আপোনাৰ শৰীৰত এক নিৰ্দিষ্ট ভিটামিনৰ অভাৱ হৈছে।(Palpitations)

কেতিয়াবা অলপ নাৰ্ভাছ অনুভৱ কৰাটো স্বাভাৱিক আৰু নাৰ্ভাছ অনুভৱৰ লগে লগে হৃদস্পন্দন বৃদ্ধি পায়, কিন্তু যদি বাৰে বাৰে এনেকুৱা হয় তেন্তে বুজিব যে এইটো এটা বিপদৰ সংকেত। ইয়াৰ কাৰণ হ’ব পাৰে ৰক্তকণিকা উৎপাদন, স্নায়ুৰ কাৰ্য্য আৰু ডি এন এ সংশ্লেষণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা গুৰুত্বপূৰ্ণ পুষ্টিকৰ উপাদান ভিটামিন বি ১২ৰ অভাৱ। ইয়াৰ অভাৱত হৃদস্পন্দন বৃদ্ধি (স্পন্দন)কে ধৰি বহুতো স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হ’ব পাৰে।

B12 ৰ অভাৱত কিয় নাৰ্ভাছ হয়?

ভিটামিন বি ১২ৰ অভাৱত স্পন্দনৰ এটা প্ৰধান কাৰণ হ’ল ইয়াৰ প্ৰভাৱ ৰক্তকণিকা উৎপাদনত। শৰীৰত অক্সিজেন কঢ়িয়াই নিয়া সুস্থ আৰ বি চি গঠনৰ বাবে ভিটামিন বি ১২ অতি গুৰুত্বপূৰ্ণ। বি১২ৰ মাত্ৰা কম হ’লে শৰীৰে কম, ডাঙৰ আৰু কম কাৰ্যক্ষম ৰক্তকণিকা সৃষ্টি কৰে, যিটো অৱস্থাক মেগাল’ব্লাষ্টিক এনিমিয়া বুলি কোৱা হয়। ইয়াৰ ফলত হৃদযন্ত্ৰকে ধৰি কলাবোৰলৈ অক্সিজেনৰ যোগান কমি যায়।

হৃদযন্ত্ৰৰ প্ৰচেষ্টা বৃদ্ধি হোৱাটো দ্ৰুত হৃদস্পন্দন বা ধপধপনি হিচাপে প্ৰকাশ পাব পাৰে, বিশেষকৈ এঞ্জাইনাত। ৰক্তহীনতাৰ বাবে অক্সিজেনৰ যোগান কমি গ’লে বিশেষকৈ শাৰীৰিক পৰিশ্ৰমৰ সময়ত হৃদস্পন্দন দ্ৰুত হোৱাকে ধৰি এঞ্জাইনাৰ লক্ষণ দেখা দিব পাৰে।

বি১২ৰ অভাৱৰ অন্যান্য লক্ষণ


ইয়াৰ উপৰিও বি১২ৰ অভাৱে স্নায়ুতন্ত্ৰত প্ৰভাৱ পেলায়, যিয়ে হৃদযন্ত্ৰৰ ছন্দ নিয়ন্ত্ৰণ কৰে। B12 ৰ মাত্ৰা কম হ’লে স্নায়ুৰ কাৰ্য্যকলাপ ক্ষতিগ্ৰস্ত হ’ব পাৰে, আৰু হৃদস্পন্দনৰ ওপৰত স্বয়ংক্ৰিয় স্নায়ুতন্ত্ৰৰ নিয়ন্ত্ৰণত প্ৰভাৱ পৰিব পাৰে, যাৰ ফলত হৃদস্পন্দন অনিয়মিত বা দ্ৰুত হয়। এই স্নায়ুজনিত প্ৰভাৱে ৰক্তহীনতাৰ ফলত হোৱা হৃদযন্ত্ৰৰ ধপধপনি বৃদ্ধি কৰে।

Dimpu Baruah: বিপদত ইউটিউবাৰ ডিম্পু বৰুৱা ! ‘খগেন’ গীতটোক লৈ বিপদত ডিম্পু

Dimpu Baruah: বিপদত ইউটিউবাৰ ডিম্পু বৰুৱা ! 'খগেন' গীতটোক লৈ বিপদত ডিম্পু
Dimpu Baruah: বিপদত ইউটিউবাৰ ডিম্পু বৰুৱা ! 'খগেন' গীতটোক লৈ বিপদত ডিম্পু

অলপতে সামাজিক মাধ্যমত এটা গীত যথেষ্ট চৰ্চাত আছিল।(Dimpu Baruah)সামাজিক মাধ্যমত বহুতে গীতটিক আকোঁৱালি লোৱাৰ লগতে বহুতে সেই গীতটোক সমালোচনাও কৰিছিল। সেই গীতটিৰ বাবে এতিয়া বিপদত পৰিছে জনপ্ৰিয় ইউটিউবাৰ ডিম্পু বৰুৱা।

জনপ্ৰিয় ইউটিউবাৰ ডিম্পু বৰুৱাৰ বিৰুদ্ধে গোচৰ তৰিছে। দিছপুৰ আৰক্ষী থানাত ডিম্পুৰ বিৰুদ্ধে সদৌ অসম গোসাঁই সমাজে তৰিলে গোচৰ। চৰ্চিত অসমীয়া গীতটোত অশ্লীল আৰু অপমানজনক শব্দ ব্যৱহাৰ কৰাৰ অভিযোগ। সেই চৰ্চিত তথা বিতৰ্কিত গীতটোৰ প্ৰচাৰ চলাইছিল ইউটিউবাৰ ডিম্পু বৰুৱাই। সেইবাবে ডিম্পু বৰুৱাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে। মৃদুল নামৰ যুৱকজনৰ বিৰুদ্ধেও বিৰুদ্ধেও এজাহাৰ দাখিল। মৃদুলে কণ্ঠ নিগৰাইছিল খগেন গীতটিত।

সদৌ অসম গোসাঁই সমাজয়ে অনলাইনযোগে FIR দিয়ে। গীতটোত অশ্লীল আৰু অপমানজনক শব্দ ব্যৱহাৰৰ অভিযোগ সদৌ অসম গোসাঁই সমাজৰ।

Gaurav Gogoi: ‘গৌৰৱ গগৈৰ পত্নী ভাৰতত থাকিব নোৱাৰিব’

Gaurav Gogoi: 'গৌৰৱ গগৈৰ পত্নী ভাৰতত থাকিব নোৱাৰিব'
Gaurav Gogoi: 'গৌৰৱ গগৈৰ পত্নী ভাৰতত থাকিব নোৱাৰিব'

পুনৰ গৌৰৱ গগৈ আৰু তেওঁৰ পত্নীৰ পাকিস্তান লিংক থকা অভিযোগৰ সন্দৰ্ভত মন্তব্য প্ৰকাশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।(Gaurav Gogoi)

মুক্যমন্ত্ৰীগৰাকীয়ে কয় যে গৌৰৱ গগৈৰ পত্নী ভাৰতত থাকিব নোৱাৰিব; গৌৰৱ গগৈ আৰু পত্নীৰ ওপৰত SERIOUS CHARGE লাগিব। মই ১৩ বছৰ পূৰ্বেই তৰুণ গগৈক কৈছিলো গৌৰৱ পত্নীৰ পাকিস্তানৰ সৈতে থকা সম্পৰ্কৰ কথা।পাকিস্তানৰ দৰমহা লৈ কাম কৰা মানে পাকিস্তানৰ চোৰাংচোৱাগিৰি কৰা। গৌৰৱ গগৈৰ ঘৰৰ ৪ টা মানুহৰ ৩ টাই বিদেশী; গতিকে কংগ্ৰেছে কি বিদেশীৰ কথা ক’ব?

এইদৰে মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

WHO: বিশ্বৰ ৭০ দেশলৈ নামি আহিব চৰম দুৰ্যোগ

WHO: বিশ্বৰ ৭০ দেশলৈ নামি আহিব চৰম দুৰ্যোগ
WHO: বিশ্বৰ ৭০ দেশলৈ নামি আহিব চৰম দুৰ্যোগ

বিশ্ব স্বাস্থ্য সংস্থাই শুনালে সতৰ্কবাণী৷(WHO) বিশ্ব স্বাস্থ্য সংস্থাই এতিয়া চৰম অৰ্থনৈতিক সংকটত ভুগিছে৷ ফলত সংস্থাটোৱে আৰু পূৰ্বৰ দৰে সকলোৰে সেৱা কৰিব নোৱাৰিব৷ ইয়াৰ পৰিণাম অতি ভয়াৱহ হ’বলৈ গৈ আছে৷ জানিব পৰা মতে, এতিয়াৰে পৰা বিশ্বৰ ৭০খন দেশে আৰু স্বাস্থ্য খণ্ডৰ সাহায্য লাভ কৰিব নোৱাৰিব৷ এই দেশসমূহে এতিয়া বিশ্ব স্বাস্থ্য সংস্থাত দেখা দিয়া ধনৰ অভাৱৰ পৰিণতি ভোগ কৰিব লাগিব৷ ডব্লিউ এইচ অ’ৰ সঞ্চালকপ্ৰধান টেড্ৰ’ছ আধনম গেব্ৰেইছাছে কয় যে ইতিমধ্যে ৰোগীয়ে চিকিৎসা লাভ কৰা নাই৷ স্বাস্থ্য খণ্ডৰ বিভিন্ন সেৱা বন্ধ কৰি দিয়া হৈছে৷ বহু স্বাস্থ্যকৰ্মীয়ে চাকৰি হেৰুৱাইছে৷ দৰিদ্ৰ লোকে এতিয়া উপযুক্ত চিকিৎসা লাভ কৰা নাই৷

চিকিৎসা ক্ষেত্ৰখনত ডাঙৰ অৰ্থনৈতিক সংকটে দেখা দিছে৷ বৰ্তমান সংস্থাটোৰ ঘাটি হৈছে ৬০ কোটি মাৰ্কিন ডলাৰ৷ বাৰ্ষিক বাজেট ২১ শতাংশ কৰ্তন কৰা হৈছে৷ এই পৰিস্থিতি আৰু দুবছৰলৈ অব্যাহত থাকিব বুলি খবৰ পোৱা গৈছে৷ জেনেভাত বিশ্ব স্বাস্থ্য সংস্থাৰ বিষয়াসকলৰ এখন বৈঠক অনুষ্ঠিত হয়৷ এই পৰিস্থিতিত তেওঁলোক অতিশয় উদ্বিগ্ন হৈ পৰিছে৷ আমেৰিকাই গ্ৰহণ কৰা নীতিৰ ফলস্বৰূপে বিশ্ব স্বাস্থ্য সংস্থাই এই দিনটোৰ সন্মুখীন হ’বলগীয়া হৈছে বুলি বহুতে দাবী কৰিছে৷ যি সময়ত আমেৰিকাই এই সংগঠনৰ পৰা আঁতৰি আহিছে, চীনে তেওঁলোকৰ কাষত থিয় দিছে৷

বৰ্তমান চীনৰ ধনে সংস্থাটোক বহুত সহায় কৰিছে৷ ডব্লিউ এইচ অ’ৰ মুৰব্বীগৰাকীয়ে কয় যে তেওঁলোকৰ আৰ্থিক অৱস্থা যিদৰে গঢ় লৈ উঠিছে, তাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকে আৰু লাখ লাখ লোকক সহায় কৰিব নোৱাৰিব৷ বিভিন্ন দেশৰ পৰা কোনো ৰোগৰ খবৰ আহিলেও তেওঁলোকৰ কোনো কামত নাহিব৷ অনাগত দিনত সমগ্ৰ বিশ্বই বিশ্ব স্বাস্থ্য সংস্থাৰ এই সমস্যা উপলব্ধি কৰিব৷ নিজৰ মাজত বিবাদ নিষ্পত্তি কৰাৰ সময়ত বিভিন্ন আগশাৰীৰ দেশে পাহৰি গৈছে যে অদৃশ্য শক্তিৰ বিৰুদ্ধে যুঁজিব লাগিব৷ তেওঁলোকৰ সেই শক্তি নাই বুলি তেওঁ কয়৷ ইতিমধ্যে বিশ্ব স্বাস্থ্য সংস্থাই বাজেট চ্ছ্ৰ.২ বিলিয়ন ডলাৰৰ পৰা ২.ৰ বিলিয়ন ডলাৰলৈ হ্ৰাস কৰিছে৷ ফলস্বৰূপে এতিয়াৰ পৰা মহামাৰী প্ৰতিৰোধৰ ক্ষেত্ৰত তেওঁলোকে যি সক্ৰিয় ভূমিকা পালন কৰিছিল, তাৰ পৰাও বিৰত থাকিব লাগিব বুলি আশংকা কৰা হৈছে৷

শিৱসাগৰত শিক্ষামন্ত্ৰীৰ মোবাইল বিতৰণ, কাৰ্যসূচীপ্ৰায় ৯০ গৰাকী অংগনবাদী কৰ্মীক লাভা Android ম’বাইল প্ৰদান । Android Mobile

শিৱসাগৰত শিক্ষামন্ত্ৰীৰ মোবাইল বিতৰণ, কাৰ্যসূচীপ্ৰায় ৯০ গৰাকী অংগনবাদী কৰ্মীক লাভা Android ম’বাইল প্ৰদান । Android Mobile
শিৱসাগৰত শিক্ষামন্ত্ৰীৰ মোবাইল বিতৰণ, কাৰ্যসূচীপ্ৰায় ৯০ গৰাকী অংগনবাদী কৰ্মীক লাভা Android ম’বাইল প্ৰদান । Android Mobile

Android Mobile । শিৱসাগৰৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ চুকাফ্যা সভাকক্ষত আজি এক গুৰুত্বপূৰ্ণ কাৰ্যসূচীৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত জিলাৰ প্ৰায় ১২০০টা অংগনবাদী কেন্দ্ৰৰ মাজৰ পৰা প্ৰথম পৰ্যায়ত ৯০ গৰাকী অংগনবাদী মহিলা কৰ্মীক লাভা Android ম’বাইল ফোন বিতৰণ কৰা হয়।

এই কাৰ্যসূচীৰ মূল উদ্দেশ্য হ’ল — অংগনবাদী কেন্দ্ৰসমূহ অধিক কার্যকৰীভাৱে পৰিচালনা কৰা, আধুনিক প্ৰযুক্তিৰ সহায়ত চৰকাৰী পৰ্যবেক্ষণ প্ৰণালী অধিক সুসংগঠিত কৰা, আৰু কৰ্মীসকলৰ দক্ষতা বৃদ্ধিৰ জৰিয়তে শিশু বিকাশ আৰু পুষ্টিৰ ক্ষেত্ৰত উন্নত সেৱা নিশ্চিত কৰা।

অনুষ্ঠানটোত শিৱসাগৰৰ অভিভাৱক মন্ত্ৰী তথা শিক্ষামন্ত্ৰী, বিভাগীয় বিষয়া, আৰু অংগনবাদী বিভাগৰ কৰ্মচাৰীসকল উপস্থিত থাকে। লগতে, বিজেপিৰ জিলা সভাপতি বিতুপন ৰাইদঙীয়া, প্ৰাক্তন বিধায়ক কুশল দুৱৰী, টাই আহোম জনগোষ্ঠীৰ উন্নয়ন পৰিষদৰ অধ্যক্ষ ময়ুৰ বৰগোহাঁই, আৰু আমগুৰিৰ বিধায়ক তথা অগপ নেতা প্ৰদীপ হাজৰিকাই এই বিতৰণ অনুষ্ঠানত অংশগ্ৰহণ কৰে।

বক্তাসকলে ম’বাইল ফোনৰ ব্যৱহাৰ আৰু ইয়াৰ উপযোগিতাৰ বিষয়ে মত প্ৰকাশ কৰি কয় যে, এই ব্যৱস্থাই অংগনবাদী কৰ্মীসকলৰ দায়িত্ব পালনত এক নতুন দিশ মুকলি কৰিব। তথ্য সংগ্ৰহ, দিহা-পৰামৰ্শ, আৰু কাৰ্যসূচীৰ মনিটৰিং এতিয়া অধিক সহজ আৰু ফলপ্ৰসূ হ’ব বুলি আশা প্ৰকাশ কৰা হয়।

শিক্ষামন্ত্ৰীয়ে এই পদক্ষেপক অংগনবাদী ব্যৱস্থাপনাৰ ক্ষেত্ৰত “এটা নতুন অধ্যায়ৰ আৰম্ভণি” বুলি অভিহিত কৰে আৰু কয় যে, প্ৰযুক্তিৰ সদ্ব্যৱহাৰেৰে শিশু বিকাশ, মাতৃ-পুষ্টি, আৰু স্বাস্থ্য সেৱাত ইতিবাচক পৰিৱর্তন আশা কৰিব পাৰি।

এই ধৰণৰ উদ্যোগে গাঁৱৰ গাঁওলৈ সেৱা আগবঢ়োৱা অংগনবাদী কৰ্মীসকলৰ কাৰ্যক্ষমতা আৰু দায়িত্ববোধ অধিক সুদৃঢ় কৰাৰ দিশে এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বিবেচিত হৈছে।

‘কংগ্ৰেছৰ সিদ্ধান্তত আমি হতভম্ব, আমি লজ্জিত’ – পৱিত্ৰ মাৰ্ঘেৰিটা । Pabitra Margherita

‘কংগ্ৰেছৰ সিদ্ধান্তত আমি হতভম্ব, আমি লজ্জিত’ – পৱিত্ৰ মাৰ্ঘেৰিটা । Pabitra Margherita
‘কংগ্ৰেছৰ সিদ্ধান্তত আমি হতভম্ব, আমি লজ্জিত’ – পৱিত্ৰ মাৰ্ঘেৰিটা । Pabitra Margherita


Pabitra Margherita । অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে গৌৰৱ গগৈৰ নিযুক্তিৰ পিছতে দেশৰ ৰাজনৈতিক মহলত বিভিন্ন প্ৰতিক্ৰিয়া আহি আছে। এই সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী তথা ৰাজ্যসভাৰ সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটাই তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

তেওঁ কয়, “কংগ্ৰেছৰ এই সিদ্ধান্তত আমি হতভম্ব আৰু লজ্জিত। গৌৰৱ গগৈৰ পৰিয়ালৰ চাৰিজন সদস্যৰ ভিতৰত তিনি জনেই বিদেশী। এই পৰিয়ালৰ এজন সদস্যই পাকিস্তানৰ পৰা দৰমহা লৈছে।”

তেওঁ আনকি এই সিদ্ধান্তক ৰাষ্ট্ৰীয় নিৰাপত্তাৰ ক্ষেত্ৰতো এক ভয়ংকৰ সংকেত হিচাপে অভিহিত কৰিছে। মাৰ্ঘেৰিটাৰ মতে, “গৌৰৱ গগৈ সভাপতি হোৱাটো কংগ্ৰেছৰ বাবে দুৰ্ভাগ্যজনক, আৰু এই সিদ্ধান্তে দলটোক আগলৈ ভয়ংকৰ বিপদৰ ফালে ঠেলিব পাৰে।”

গৌৰৱ গগৈ হ’ল অসম প্ৰদেশ কংগ্ৰেছৰ নতুন সভাপতি । Garuva Gogi

গৌৰৱ গগৈ হ'ল অসম প্ৰদেশ কংগ্ৰেছৰ নতুন সভাপতি । Garuva Gogi
গৌৰৱ গগৈ হ'ল অসম প্ৰদেশ কংগ্ৰেছৰ নতুন সভাপতি । Garuva Gogi

Garuva Gogi । ভাৰতীয় জাতীয় কংগ্ৰেছে এখন গুৰুত্বপূর্ণ সিদ্ধান্ত গ্ৰহণ । কংগ্ৰেছ হাইকমান্ডে গৌৰৱ গগৈক অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নতুন সভাপতি হিচাপে নিযুক্ত কৰিছে। এই নিযুক্তিৰ ফলস্বৰূপে ভূপেন বৰাক সভাপতি পদৰ পৰা অপসাৰণ কৰা হৈছে।

একেদৰে, অসম প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি হিচাপে তিনিগৰাকী নেতাক নিযুক্ত কৰা হৈছে। তেওঁলোকে হৈছে —

  • জাকিৰ হুছেইন শিকদাৰ
  • ৰৌজলীনা তিৰ্কি
  • প্ৰদীপ সৰকাৰ

Durlav Buragohain: গল্পকাৰ, শিশু-সাহিত্যিক, সাংবাদিক দুৰ্লভ বুঢ়াগোহাঁইৰ দেহাৱসান

Durlav Buragohain: গল্পকাৰ, শিশু-সাহিত্যিক, সাংবাদিক দুৰ্লভ বুঢ়াগোহাঁইৰ দেহাৱসান
Durlav Buragohain: গল্পকাৰ, শিশু-সাহিত্যিক, সাংবাদিক দুৰ্লভ বুঢ়াগোহাঁইৰ দেহাৱসান

বিশিষ্ট সাংবাদিক, গল্পকাৰ তথা শিশু-সাহিত্যিক দুৰ্লভ বুঢ়াগোহাঁইৰ চিকিৎসাধীন অৱস্থাত দেহাৱসান।(Durlav Buragohain)

গড়গাঁও মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰ-প্ৰাপ্ত মূৰব্বী অধ্যাপক তথা শিৱসাগৰ জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি দুৰ্লভ বুঢ়াগোহাঁই হৃদৰোগত আক্ৰান্ত হোৱাৰ লগতে উচ্চ ৰক্তচাপজনিত ৰোগত আক্ৰান্ত হৈ প্ৰায় পষেক কাল পূৰ্বে শয্যাগত হৈ ডিব্ৰুগড়ৰ মেডিচিটি চিকিৎসালয়ত চিকিৎসকৰ তত্বাৱধানত আছিল।

আজি বিয়লি দেহাৱসান ঘটে দুৰ্লভ বুঢ়াগোঁহাই৷ ৮৫ বছৰ বয়সত দেহাৱসান ঘটে দুৰ্লভ বুঢ়াগোঁহাই ৷

Egg: ছমাহ নে এবছৰ, কিমান বয়সত শিশুক প্ৰথমবাৰৰ বাবে কণী খুৱাব লাগে ?

Egg: ছমাহ নে এবছৰ, কিমান বয়সত শিশুক প্ৰথমবাৰৰ বাবে কণী খুৱাব লাগে ?
Egg: ছমাহ নে এবছৰ, কিমান বয়সত শিশুক প্ৰথমবাৰৰ বাবে কণী খুৱাব লাগে ?

শিশুৰ বিকাশৰ বাবে সিজোৱা কণী অতি উত্তম বুলি গণ্য কৰা হয়।সিজোৱা কণী খোৱাটো স্বাস্থ্যৰ বাবে অতি উপকাৰী। (Egg)কণীত প্ৰটিন পোৱা যায় যিটো স্বাস্থ্যৰ বাবে অতি গুৰুত্বপূৰ্ণ। প্ৰথমবাৰৰ বাবে সন্তানক কেতিয়া কণী খুৱাব লাগে সেই বিষয়ে নতুন অভিভাৱকসকলে নাজানে। কিছুমানে কয় যে ৬ মাহ বয়সত কণী খুৱাব লাগে আনহাতে কিছুমানে কয় যে শিশুটিক ১ বছৰ বয়সত কণী খুৱাব লাগে। কণী কেতিয়া শিশুক খুৱাব লাগে জানো আহক-

এগৰাকী শিশু চিকিৎসকে ইনষ্টাগ্ৰামত এটা ভিডিঅ’ শ্বেয়াৰ কৰি কয় যে কণী শিশুৰ বাবে অতি উপকাৰী। শিশুক কণী খুৱাবৰ আগতে কিছুমান কথা মনত ৰাখিব লাগে। বিশেষজ্ঞসকলৰ মতে ৬ মহীয়া শিশুক কণী খাবলৈ দিব পাৰি। সিজোৱা কণীৰ কুহুম গুড়ি কৰি গাখীৰ বা সূত্ৰৰ লগত দিব পাৰে।

বগা অংশ-
সৰু ল’ৰা-ছোৱালীক বগা অংশটো খুৱাব নালাগে, কাৰণ কণীৰ বগা অংশটোৱে এলাৰ্জীৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে। শিশুক আৰম্ভণিতে কুহুম খুৱাব লাগে।

কণীৰ সৰু সৰু টুকুৰা-
৯ মহীয়া শিশুৰ চোবাই খোৱাৰ ক্ষমতা বাঢ়িবলৈ আৰম্ভ কৰে, গতিকে শিশুটিৰ ৯ মাহ হ’লে কণীৰ সৰু সৰু টুকুৰা দিব পাৰে। কিন্তু মনত ৰাখিব যে কণী সম্পূৰ্ণ সিজিব লাগে।

দিনটোত কিমান কণী দিব লাগে-
বিশেষজ্ঞসকলৰ মতে শিশুক দিনটোত মাত্ৰ এটা কণীহে দিব লাগে। কণী খুৱাই দিয়াৰ পিছত ৩ দিনৰ ব্যৱধান ৰাখিব যাতে কণীৰ ফলত হোৱা যিকোনো ধৰণৰ এলাৰ্জী চিনাক্ত কৰিব পৰা যায়।

কমকৈ সিজোৱা কণী-
শিশুক আধা সিজোৱা কণী নিদিব, কাৰণ আধা সিজোৱা কণী খালে শিশুৰ সংক্ৰমণৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে।