ভয়ংকৰ গুলীবৰ্ষণত প্ৰাণ গ’ল ১৯ গৰাকীকৈ লোকৰ। এই ঘটনা মেক্সিকোৰ। জানিব পৰা মতে এক অনুষ্ঠানত হোৱা গুলীবৰ্ষণৰ ফলত ১৯ গৰাকী লোকৰ মৃ্ত্যু হয়। মৃত সকলৰ ভিতৰত ১৬ গৰাকী পুৰুষ আৰু ৩ গৰাকী মহিলা আছে। এই ঘটনাত বহু লোক আহতও হয়। বৰ্তমান আহত সকলত হস্পাতালত ভৰ্তি কৰা হৈছে।
চেন্ট্ৰেল মেস্কিকোৰ অটাৰ্ণী জেনেৰেল অফিচে প্ৰকাশ কৰা তথ্য অনুসৰি ৰবিবাৰে নিশা প্ৰায় ১০.৩০ বজাত এই ঘটনা সংঘটিত হয়। এক অনুষ্ঠানৰ বাবে একগোট হৈছিল বহু লোক। তেতিয়াই এই ঘটনা সংঘটিত হয়। ইতিমধ্যে গ্ৰেপ্তাৰ কৰে অভিযুক্তক। উল্লেখ্য যে, মিছোআকেন আৰু চুবুৰীয়া ৰাজ্য গুৱানাজুৱাটো মেক্সিকোৰ দুখন হিংসাত্মক ৰাজ্য। ইয়াত নিচাযুক্ত দ্ৰব্য সৰবৰাহ আৰু ইন্ধনৰ অবৈধ বিক্ৰী হয়। এই দুই কাণ্ডত জড়িত একাংশই বহু সময়ত এনেধৰণৰ ঘটনা সংঘটিত কৰে।
কামৰূপ জিলাৰ বকোত ব্যক্তিগত খণ্ডৰ বিদ্যালয় এখনত তিনিটা শিক্ষকৰ পদ আৰু এটা কাৰ্যালয় সহায়ক পদ খালী হৈছে ।জানিবপৰা মতে ৪৮নং বকো বিধান সভাসমষ্টিৰ অন্তৰ্গত ছমৰীয়াৰ ছমৰীয়া সত্ৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনত খালী হোৱা শিক্ষকৰ পদ তিনিটা হ’ল ক্ৰমে – অসমীয়া , সংস্কৃত আৰু সাধাৰণ বিষয়ৰ শিক্ষক পদ ।
অসমীয়া পদত অসমীয়া বিষয়ক প্ৰধান বিষয় হিচাপে লৈ স্নাতক, সংস্কৃত পদৰ বাবে সংস্কৃত বিষয়ক প্ৰধান বিষয় হিচাপে লৈ স্নাতক আৰু সাধাৰণ শিক্ষকৰ পদত যিকোনো বিষয় স্নাতক ডিগ্ৰীৰ লগতে সংগীতৰ জ্ঞান থাকিব লাগিব বুলি নিকেতনখনৰ পৰিচালনা সমিতিৰ সভাপতি-সম্পাদকে জনাইছে । আনহাতে কাৰ্যালয় সহায়কৰ পদটোৰ বাবে যিকোনো বিষয়ত স্নাতক ডিগ্ৰী হোৱাৰ লগতে কম্পিউটাৰ জ্ঞান থকা হ’ব লাগিব।