Home Blog Page 2449

বকোত শিক্ষক আৰু কাৰ্যালয় সহায়কৰ পদ খালী…

কামৰূপ জিলাৰ বকোত ব্যক্তিগত খণ্ডৰ বিদ্যালয় এখনত তিনিটা শিক্ষকৰ পদ আৰু এটা কাৰ্যালয় সহায়ক পদ খালী হৈছে ।জানিবপৰা মতে ৪৮নং বকো বিধান সভাসমষ্টিৰ অন্তৰ্গত ছমৰীয়াৰ ছমৰীয়া সত্ৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনত খালী হোৱা শিক্ষকৰ পদ তিনিটা হ’ল ক্ৰমে – অসমীয়া , সংস্কৃত আৰু সাধাৰণ বিষয়ৰ শিক্ষক পদ ।

অসমীয়া পদত অসমীয়া বিষয়ক প্ৰধান বিষয় হিচাপে লৈ স্নাতক, সংস্কৃত পদৰ বাবে সংস্কৃত বিষয়ক প্ৰধান বিষয় হিচাপে লৈ স্নাতক আৰু সাধাৰণ শিক্ষকৰ পদত যিকোনো বিষয় স্নাতক ডিগ্ৰীৰ লগতে সংগীতৰ জ্ঞান থাকিব লাগিব বুলি নিকেতনখনৰ পৰিচালনা সমিতিৰ সভাপতি-সম্পাদকে জনাইছে । আনহাতে কাৰ্যালয় সহায়কৰ পদটোৰ বাবে যিকোনো বিষয়ত স্নাতক ডিগ্ৰী হোৱাৰ লগতে কম্পিউটাৰ জ্ঞান থকা হ’ব লাগিব।

ইচ্ছুক ব্যক্তিক অহা ৭ এপ্ৰিলৰ ভিতৰত আবেদন নিকেতনখনৰ কাৰ্যালয়ত আবেদন কৰিবলৈ পৰিচালনা সমিতিয়ে আহ্বান জনাইছে। অহা ১০ এপ্ৰিলত সাক্ষাৎ গ্ৰহণৰ ব্যৱস্থা কৰিছে। যোগাযোগৰ মোবাইল নম্বৰ ক্ৰমে – ৬০০০৩-২৮২৩৮ আৰু ৬৯০০৯-৬৫৩৬৬ ।

যি ৰাজ্যত হিন্দুৰ জনসংখ্যা কম তাত তেওঁলোকক সংখ্যালঘুৰ মৰ্যদা দিব লাগে: কেন্দ্ৰ

হিন্দু জনসংখ্যা কম থকা ৯খন ৰাজ্যত হিন্দু সকলক সংখ্যালঘুৰ মৰ্যদা প্ৰদান কৰাৰ দাবী কৰা আৱেদনৰ শুনানি স্থগিত কৰে উচ্চতম ন্যায়ালয়ে। ৬ সপ্তাহ পাছত পুনৰ ইয়াৰ ওপৰত শুনানি হ’ব। ন্যায়ালয়ে কেন্দ্ৰ চৰকাৰক এই আৱেদনৰ সৈতে জড়িত সকলো ধৰণৰ প্ৰশ্নৰ উত্তৰ দিবলৈ ৪ সপ্তাহ সময় দিছে। তাৰপাছতহে ইয়াৰ ওপৰত শুনানি হ’ব।

ইয়াৰ পূৰ্বে কেন্দ্ৰ চৰকাৰে উচ্চতম ন্যায়ালত দাখিল কৰা এক আৱেদনত কৈছিল যে হিন্দু জমসংখ্যা কম থকা ৰাজ্যসমূহত ৰাজ্য চৰকাৰে হিন্দু সকলক সংখ্যালঘুৰ মৰ্যদা দিব লাগে। লগতে কেন্দ্ৰ চৰকাৰে কয় যে যি ৰাজ্যত হিন্দু অথবা অন্য সমূদায়ৰ লোক সকলক কম আছে তাত তেওঁলোকক সংখ্যালঘু ঘোষণা কৰিব লাগে।

কেন্দ্ৰ চৰকাৰে এই ক্ষেত্ৰত কেন্দ্ৰ চৰকাৰে মহাৰাষ্ট্ৰ আৰু কৰ্ণাটকৰ উদাহৰণ দি কয় যে ২০১৬ চনত য়হুদিয়োৰ বাবে ধাৰ্মিক আৰু কৰ্ণাটকত উৰ্দু, তেলেগু, তামিল,মলায়লম, মৰাঠী, তুলু, লমানী, হিন্দী, কোংকনী আৰু গুজৰাটী ভাষাৰ আধাৰত তেওঁলোকক সংখ্যালঘু ঘোষণা কৰিছিল। কেন্দ্ৰ চৰকাৰে কয় যে জম্মু-কাশ্মীৰ, মিজোৰাম, নাগালেণ্ড, মণিপুৰ, মেঘালয়, অৰুণাচল প্ৰদেশ, পঞ্জাৱ, লক্ষদ্বীপ, লডাখত হিন্দু,য়দুহী ধৰ্ম অনুযায়ী নিজৰ পচন্দৰ শৈক্ষিক অনুষ্ঠানৰ স্থাপনা আৰু প্ৰশাসন কৰিব নোৱাৰে আৰু এয়া শুদ্ধ নহয়।

মিচিং মিমাগ কেবাঙৰ ২৯ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন…

দৈনন্দিন বাৰ্তা সেৱা, মহুৰামুখ,২৮ মাৰ্চ ::অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনগোষ্ঠী মিচিং সকলৰ অন্যতম সংগ্ৰামী সংগঠন মিচিং মিমাগ কেবাং চমুকৈ এম এম কে।এই মিচিং মিমাগ কেবাঙৰ আজি ২৯ সংখ্যক প্ৰতিষ্ঠা দিৱস।মিচিং মিমাগ কেবাং গোলাঘাট জিলা সমিতিয়ে বোকাখাত মিচিং জিৰণি চ’ৰাত আজি দিনযোৱা কাৰ্যসূচীৰে ২৯ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন কৰে।কাৰ্যসূচী অনুসৰি পুৱা ৭ বজাত পতাকা উত্তোলন কৰে গোলাঘাট জিলাৰ এম এমকেৰ সভাপতি মনেশ্বৰ কুটুমে৷ ৭-৪০ বজাত শ্বহীদ তৰ্পন কৰে সহ-সম্পাদক সম্পাদক চত্ৰসিং বৰিয়ে।ইয়াৰ পিছতে “বিষয়:-জীৱন-জীৱিকা”ত ছাগলী পালন,গাহৰি পালন,হাঁহ-কুকুৰা পুখুৰীৰ ওপৰত বৈজ্ঞানিক পদ্ধতি প্ৰয়োগ কৰি কেনেদৰে পালন কৰি স্বাৱলম্বী হব পাৰি সেই বিষয়ত কৰ্মশাত সমল ব্যক্তি হিছাপে উপস্থিত থাকে দিগন্ত কুটুম,ভৰত কুটুম,জিতু কুমাৰ বৰি,দুলেশ্বৰ চকীয়াল,মন্টু লইং আৰু পলাশ পাঠৰীয়ে৷

উক্ত অনুষ্ঠানতো পৰিচালনা কৰে গোলাঘাট জিলা মিচিং মিমাগ কেবাঙৰ সভাপতি মনেশ্বৰ কুটুমে।অনুষ্ঠানতোৰ আঁটধৰে সহ সম্পাদক চত্ৰসিং বৰিয়ে।উক্ত কৰ্মশালাত মিচিং সংগঠনৰ বহুকেইজন ব্যক্তি উপস্থিত থাকেইটা।অন্যহাতে উত্তৰ মহুৰা আঞ্চলিক মিচিং মিমাগ কেবাঙৰ সভাপতি বাবুকান্ত দাৱৰ নেতৃত্ব বংকোৱাল দিচৈ ভেলি খেলপথাৰত ২৯ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন কৰে।পতাকা উত্তোলনত উত্তৰ মহুৰা আঞ্চলিক মিচিং মিমাগ কেবাঙৰ সদস্য সকলৰ উপস্থিত থকাৰ লগতে মিচিং মিমাগ কেবাঙৰ গোলাঘাট জিলাৰ উপ-সভাপতি দুৰ্লভ বৰিয়ে উপস্থিত থাকি বক্তব্য আগবঢ়াই।

লক্ষীমপুৰত সদৌ অসম চাহু বৈশ্য তেলী সন্মিলনৰ চতুৰ্থ দ্বিবাৰ্ষিক ৰাজ্যিক অধিবেশন সম্পন্ন ….

১৯৩২ চনতে জন্ম লাভ কৰা বৃহত্তৰ অসমীয়া জাতিৰ অভিন্ন অংগ সদৌ অসম চাহু বৈশ্য তেলী সন্মিলনৰ ৰাজ্যিক অধিবেশনখনি দুদিনীয়া কাৰ্যসূচীৰে লক্ষীমপুৰ জিলাৰ বাসুদেৱ ট্ৰাষ্টত কালি অনুষ্ঠিত হৈ যায় । প্ৰথম দিনা পতাকা উত্তোলন, বৃক্ষ ৰোপন, স্মৃতি তৰ্পণ, প্ৰতিনিধিৰ শিবিৰ মুকলি, বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত চাহু সকলৰ অৱদান শীৰ্ষক এখনি আলোচনা চক্ৰ অনুষ্ঠিত হোৱাৰ সমান্তৰালকৈ দ্বিতীয় দিনা মুকলি সভা অনুষ্ঠিত হয় । সমিতিৰ সভাপতি ৰাম কুমাৰ বৰুৱাই সভাপতিত্ব কৰা সভাখন উদ্ধোধন কৰে ধেমাজিৰ জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষা জোৎস্না মেদকে । সভাত চাহু বৈশ্য সন্মিলনৰ স্মৃতি গ্ৰন্থ প্ৰজন্ম উন্মোচন কৰে অৱসৰপ্ৰাপ্ত অধ্যাপক ডঃ প্ৰেমানন্দ হাওবৰাই ।

ইয়াৰ  উপৰিও সভাত আন ৪ খন গ্ৰন্থ ক্ৰমে শিপাৰ সন্ধানত (বংশাৱলী) সভাপতি ৰাম কুমাৰ বৰুৱাই, তুমি বিচৰা ছবিখন (কবিতা পুথি) মৰাণ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ডঃ যতীন চুতীয়াই,  মুক্তি যুদ্ধা পেঞ্চনাৰ ৰঘুনাথ চাহু শীৰ্ষক গ্ৰন্থ খন মৰাণৰ বাল্য বিকাশ বিদ্যালয়ৰ অধ্যক্ষ ডঃ স্বপন চুতীয়াই আৰু জীৱনৰ শেষ সন্ধিয়াত শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰে জ্যেষ্ঠ সাংবাদিক বাচা বৰাই । সভাত বিহপুৰীয়া বিধানসভা সমষ্টিৰ বিধায়ক ড°অমিয় কুমাৰ ভূঞা,  লক্ষীমপুৰ জিলা অবিচি বৰ্ডৰ সম্পাদক লক্ষীনন্দন ৰয়, স্থানীয় সমাজকৰ্মী ফনিধৰ বৰুৱা, যোৰহাট স্থিত নাৰ্চিং প্ৰশিক্ষণ কেন্দ্ৰৰ প্ৰাক্তন অধ্যক্ষা কুসুম চাহু, সমাজকৰ্মী শকুন্তলা চাহু, স্থানীয় বয়োজ্যেষ্ঠ বাবুল বৰা, হৰভজন সিঙকে আদি কৰি বহুকেইজন গন্য মান্য ব্যক্তিয়ে অংশগ্ৰহণ কৰে । সন্মিলনৰ প্ৰতিনিধি সভাই সৰ্বসন্মতিক্ৰমে আগন্তুক বৰ্ষৰ বাবে ৰাম কুমাৰ বৰুৱাক সভাপতি আৰু তিলক চাহুক সম্পাদক হিচাপে লৈ ৪১ জনীয়া শক্তিশালী সমিতি গঠন কৰা হয় । মুকলি সভা খন আঁত ধৰে সম্পাদক প্ৰধান তিলক চাহু আৰু সাংস্কৃতিক সম্পাদক অৰুণ চাহাই ।

“গীত,নৃত্য আৰু কবিতাৰে এদিন” শীৰ্ষক ব্যতিক্ৰম অনুষ্ঠানত দিগদৰ্শন প্ৰকাশনৰ দহখন গ্ৰন্হ উন্মোচন…

পশ্চিম যোৰহাট,২৮মাৰ্চ: যোৰহাটৰ অগ্ৰণী প্ৰকাশন গোষ্ঠী দিগদৰ্শন প্ৰকাশন আৰু এনাজৰী সাহিত্য-সংস্কৃতি গোষ্ঠীয়ে দেওবাৰে “গীত,নৃত্য আৰু কবিতাৰে এদিন”শীৰ্ষক এক ব্যতিক্ৰম অনুষ্ঠানৰ আয়োজন কৰে যোৰহাটৰ স্বৰ্গদেউ চাওলুং চ্যুকাফা কলাক্ষেত্ৰতৰ সহযোগত কলাক্ষেত্ৰৰ শিল্প কলা কেন্দ্ৰ প্ৰাংগণত। মহেকীয়া সাহিত্য আলোচনী “দিগদৰ্শন”ৰ সম্পাদক তথা সাংবাদিক পংকজ কুমাৰ দাস আৰু বিতুমণি ফুকনে আঁত ধৰা অনুষ্ঠানত বিহু নৃত্য, গোৱালপৰীয়া,মিচিং গীত-নৃত্যৰ লগতে বিভিন্ন কলা-সংস্কৃতি প্ৰদৰ্শন কৰি উপস্হিত সকলোৰে মন মুগ্ধ কৰে। অনুষ্ঠানত লৱনু শইকীয়াৰ “হৃদয়ত ফাগুন নামে”,সুৰভি বৰ পাত্ৰ গোহাঁইৰ “শাৰদী সন্ধিয়া”,বিনুপ্ৰভা কলিতা কাকতিৰ”ইতিবাচক চিন্তা”,দিপ্তী নাথৰ”ৰঙা গোলাপ”, ৰশ্মিৰেখা বায়নৰ “নিবন্ধ কৰণি” আৰু “অনুভৱৰ উন্মেষ”, বিতুমণি  ফুকনৰ”অনুভৱৰ বঁকিয়াইদি”, জ্যোতিমনি শইকীয়া বৰুৱাৰ “প্ৰবন্ধ কৰণি”,নিৰু নাথৰ “বিহু নামৰ সংক্ষিপ্ত ৰূপৰেখা” আৰু “কণমানিহঁতৰ কুঁকি” শীৰ্ষক দহখন গ্ৰন্হ উন্মোচন কৰা হয়। উক্ত অনুষ্ঠানতেই  এনাজৰী সাহিত্য-সংস্কৃতি গোষ্ঠীয়ে২০২২বৰ্ষৰ এনাজৰী বঁটা প্ৰদান কৰে গোৱালপাৰাৰ অন্না দেৱীক।

আনহাতে হোজাইৰ লংকাৰ মৃণালী শইকীয়াক সাহিত্য   প্ৰেৰণা বঁটা,যোৰহাটৰ ময়ূৰী শৰ্মা গোস্বামীক সমন্বয় কবি বঁটা প্ৰদান কৰে। যোৰহাটৰ ন-বৰা মহিলা সাংস্কৃতিক গোষ্ঠীৰ শিল্পীবৃন্দৰ গুৰু বন্দনাৰে শুভাৰম্ভ আৰু যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ মুৰব্বী অধ্যাপক ড° ইন্দ্ৰেশ্বৰ দাসে  উদ্ধোধন কৰা অনুষ্ঠানত লৱনু শইকীয়া,সীতা দেৱী,নিকুঞ্জ মহন্ত চুতীয়া,অৰ্চনা বৰা, ৰীণা হাজৰিকা,দীপ্তি বুঢ়াগোহাঁই বৰুৱা,লক্ষীৰাম দুৱৰা দাস,দীপালী শইকীয়া গগৈ,মীণাক্ষী দাস বৰুৱা,নিৰু নাথ,বীণাপাণি শইকীয়া,ৰুবী ৰঞ্জনা গগৈক বিভিন্ন শিতানত বঁটা প্ৰদান  কৰাৰ লগতে  যোৰহাট জিলা কোঁচ ৰাজবংশী সন্মিলনীৰ সাধাৰণ সম্পাদক প্ৰবীৰ কুমাৰ বৰা,বাহনা মহাবিদ্যালয়ৰ অন্যতম প্ৰতিষ্ঠাপক পুতুল ভূঞা,উদ্যোগী যুৱক তথা ভাস্কৰ্য শিল্পী অবিনাশ হাজৰিকা,সমাজকৰ্মী মুনীন বৰা,যোৰহাটৰ দেৱজিত পাত্ৰ, ৰঞ্জু পূজাৰী দত্ত,টীয়কৰ স্বৰ্ণলতা বৰা বৰুৱা,ৰূপক ৰঞ্জন দত্ত,ম’হবন্ধাৰ অজিত ৰহিদাস, দেৰগাঁওৰ জয়কৃষ্ণ বৰুৱা, জীৱন দাস, বন্দনা চেতিয়া, মিনুতা মিলি দলে, দ্বিপেন বৰঠাকুৰ,বন্তি আহমেদ, গোলাঘাটৰ কাব্যশ্ৰী শইকীয়া হাজৰিকা,অপৰাজিতা নাথ আদি ভালেকেইজন সাহিত্যকৰ্মী-সমাজকৰ্মীক বিশেষভাবে সম্বৰ্ধনা জনোৱা হয়। শিৱসাগৰৰ অনুৰাধা দত্ত,দেৰগাঁওৰ জেলেহুৱাৰ ৰীতা শইকীয়া,গোলাঘাটৰ দিপ্তী নাথ,মাজুলীৰ কৌশল্যা বায়ন হাজৰিকাক দিগদৰ্শন সাহিত্য সন্মানেৰে সন্মানিত কৰা অনুষ্ঠানত  অসমৰ  বিভিন্ন প্ৰান্তৰ পঞ্চাশগৰাকী কবিয়ে স্ব-ৰচিত কবিতা পাঠেৰে জীপাল কৰি তোলে।

জামুগুৰিহাট বালক আৱাসিক বিশেষ প্ৰশিক্ষণ কেন্দ্ৰ…

অসম সৰ্বশিক্ষা অভিযান মিছনৰ অন্তৰ্গত ২০০৮ চনতে প্ৰতিষ্ঠা হোৱা শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ “জামুগুৰিহাট বালক আৱাসিক বিশেষ প্ৰশিক্ষণ কেন্দ্ৰ”(RSTC)ত যোৱা ২৫ মাৰ্চত ৩০ গৰাকী শিশু ছাত্ৰৰ মূলসুতিকৰণ অনুষ্ঠান সফলতাৰে সম্পন্ন হয়৷ক’ভিডৰ বাবেই কেন্দ্ৰসমুহ দীৰ্ঘ সময়ধৰি বন্ধ থকাৰ পৰিপ্ৰেক্ষিতত ২০১৯ বৰ্ষৰপৰা বৰ্তমানলৈকে প্ৰশিক্ষণৰত,পূৰ্ৱৰ বিদ্যালয় বহিৰ্ভূত শিশু ছাত্ৰসকলক এই অনুষ্ঠানত শৈক্ষিক মানপত্ৰৰ লগতে কিতাপ কলম আদি উপহাৰস্বৰূপে আগবঢ়োৱা হয়৷প্ৰশিক্ষাৰ্থীসকলৰ মুলসূতিকৰণ অনুষ্ঠানটোত বিশেষভাৱে উপস্থিত থাকে জিলা আঁচনি বিষয়া দীপক বিশ্বাস,কনিষ্ঠ জিলা গাণনিক বিষয়া নৱাবুদ্দিন আহমেদ আৰু জিলা মানৰক্ষক বিষয়া শশী দাস৷

জিলা আঁচনি বিষয়া দীপক বিশ্বাসে শিশুসকলৰ অভিভাৱকসকলক উদ্দেশ্যি যিকোনো মূল্যৰ বিনিময়ত শিশু ছাত্ৰসকলে নিজ অঞ্চলৰ বিদ্যালয়সমুহত অবিৰতভাৱে যেন শিক্ষা গ্ৰহণ কৰে তাৰ ওপৰত এক গঠণমুলক পৰামৰ্শ আগবঢ়ায়৷জামুগুৰিহাট বালক আৱাসিক বিশেষ প্ৰশিক্ষণ কেন্দ্ৰৰ সমুহ কৰ্মীবৃন্দৰ সহযোগত অনুষ্ঠিত হোৱা অনুষ্ঠানটিত প্ৰশিক্ষাৰ্থী ছাত্ৰসকলে সুন্দৰকৈ কোৰাচ আৰু ভূপেন্দ্ৰ সংগীত পৰিৱেশন কৰি অনুষ্ঠানটোৰ পৰিৱেশ অধিক জীপাল কৰি তোলে৷

গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ প্ৰাৰ্থীৰ নাম ঘোষণা আম আদমি পাৰ্টিৰ….

সোমবাৰে এক সংবাদমেল যুগে গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ বাবে পুনৰ ১৫ টা ৱাৰ্ডৰ প্ৰাৰ্থীৰ নাম ঘোষনা কৰে আম আদমি পাৰ্টিয়ে।

বৰ্তমানলৈকে ২৫ টা ৱাৰ্ডৰ প্ৰাৰ্থীৰ নাম ঘোষনা কৰিছে দলটোৱে।আটাইকেইটা ৱাৰ্ডতে প্ৰাৰ্থীত্ব আগবঢ়াব দলটোৱে।

গুৱাহাটীবাসীক বিশুদ্ধ খোৱা পানী যোগান ধৰা, ষ্ট্ৰীট লাইটৰ ব্যৱস্থা, মহানগৰীত নাৰী সুৰক্ষা প্ৰদানকে ধৰি ৫ টা গুৰুত্বপূৰ্ণ সমস্যা আগত লৈ নিৰ্বাচনত প্ৰতিদ্বন্দীতা কৰিব দলটোৱে।

গুৱাহাটীবাসীয়ে আপৰ নেতৃত্বত এখন সুস্থিৰ পৌৰ নিগম গঠন কৰিব বুলি আশাবাদী দলটোৰ নেতৃত্ব।

প্ৰাৰ্থী সমূহ ক্ৰমে:
ৱাৰ্ড নম্বৰ ৫- ৰাজেশ মেধি
ৱাৰ্ড নম্বৰ ১০- ভাবিতা দাস
ৱাৰ্ড নম্বৰ ২৪- বেদান্ত ৰাভা
ৱাৰ্ড নম্বৰ ২৫- কৃষ্ণা সিংঘা
ৱাৰ্ড নম্বৰ ২৮- মায়া সিংঘা
ৱাৰ্ড নম্বৰ ৩০- গীতা ছেত্ৰী
ৱাৰ্ড নম্বৰ ৩৬- এডভোকেট কল্পনা ভট্টাচাৰ্য
ৱাৰ্ড নম্বৰ ৪০- পলাক্ষী দাস
ৱাৰ্ড নম্বৰ ৪১- নাৰ্জিনা বেগম
ৱাৰ্ড নম্বৰ ৪৮- সুৰেহা বেগম
ৱাৰ্ড নম্বৰ ৫০- প্ৰবীণ চন্দ্ৰ শৰ্মা
ৱাৰ্ড নম্বৰ ৫৫- ৰাজীৱ পাছৱান
ৱাৰ্ড নম্বৰ ৫৬- জয়শ্ৰী তিৱাৰী
ৱাৰ্ড নম্বৰ ৫৭- মিৰা বেগম
ৱাৰ্ড নম্বৰ ৫৮- আৰ্জিনা বেগম

‘এতিয়াৰে পৰা দৰিদ্ৰ লোকে ৰেচনৰ বাবে শাৰী পাতিব নালাগে’- মুখ্যমন্ত্ৰী ভগৱন্ত মান

মুখ্যমন্ত্ৰী ভগৱন্ত মানে সোমবাৰে দুৱাৰমুখৰ ৰেচন বিতৰণ আঁচনি আৰম্ভ কৰাৰ কথা ঘোষণা কৰি কয় যে দৰিদ্ৰ লোকসকলে আৰু শাৰীত থিয় হোৱাৰ প্ৰয়োজন নহ’ব কিয়নো তেওঁলোকৰ দুৱাৰমুখত ভাল মানদণ্ডৰ ৰেচন প্ৰদান কৰা হ’ব। অৱশ্যে, আঁচনিখন যোগ্য হিতাধিকাৰীসকলৰ বাবে বৈকল্পিক হ’ব, মানে এটা ভিডিঅ’ বাৰ্তাত কৈছিল।মনে কৈছিল যে এই আঁচনিখনৰ বিৱৰণ সোনকালেই উপলব্ধ কৰা হ’ব।”আমাৰ বিষয়াসকলে হিতাধিকাৰীসকলক ফোন কৰি দিব আৰু তেওঁলোকৰ সুবিধা আৰু উপলব্ধতা অনুসৰি তেওঁলোকৰ ঘৰত ৰেচন প্ৰদান কৰা হ’ব,” মনে কয়।তেওঁ কৈছিল যে এই আঁচনিখন বৈকল্পিক।


পঞ্জাৱৰ মুখ্যমন্ত্ৰীয়ে কয় যে যদি ৰেচন ডিপোটো আপোনাৰ ঘৰৰ খুব ওচৰত থাকে, তেন্তে তাৰ পৰা ৰেচন আনিব পাৰে।

ধৰ্মঘট চলি থাকোতে হঠাৎ মুৰ ঘূৰাই ধলি পৰিল বেংক কৰ্মচাৰী।

আজিৰে পৰা দুদিনীয়াকৈ সকলো বেংকৰ কৰ্ম বন্ধ ৰাখিছে।

মৰিগাঁৱত বেংক কৰ্মচাৰী সকলৰ ধৰ্মঘট।


সমগ্ৰ অসমৰ লগতে মৰিগাঁও পাঞ্জাব নেশ্যনেল বেংকৰ কৰ্মচাৰী সকলে দুদিনীয়া ধৰ্মঘট পালন কৰে।


ধৰ্মঘট চলি থাকোতে হঠাৎ মুৰ ঘূৰাই ধলি পৰিল বেংক কৰ্মচাৰী ।


ভাৰত চৰকাৰে সকলো বেংক ব্যক্তিগত কৰণ কৰি গ্ৰাহকক মূৰত মাধমা নিদিৱলৈ আহৱান বেংক কৰ্মচাৰী সকলৰ ।

বিহালীৰ বৰগাঙত চৰকাৰ বিৰুদ্ধে প্ৰতিবাদ

সৰ্বভাৰতীয় ট্ৰেড ইউনিয়ন সমুহে আহ্বান জনোৱা দুদিনীয়া বন্ধ কাৰ্য্যসুচীত অসম শ্ৰমিক সংঘৰ দ্বাৰা বিহালীৰ বৰগাঙত ডেৰ শতাধিক পুৰুষ মহিলা বন্ধ সমৰ্থক ওলাই আহি ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ সাব্যস্তু কৰে।প্ৰতিবাদকাৰীসকলে শ্রমিকক সুৰক্ষা দিয়ক, শ্ৰমিকৰ প্ৰাপ্য মজুৰি প্ৰদান কৰক।

বিজেপি চৰকাৰ হায়-হায়, পেট্ৰল,ডিজেল,ৰন্ধন গেছৰ মুল্যবৃদ্ধি ৰোধ কৰক শ্ল’গানে বৰগাঙৰ আকাশ বতাহ কঁপাই তোলে বিহালী আৰু বৰগাঙ আৰক্ষীয়ে বন্ধ সমৰ্থক সকল আটক কৰি বৰগাঙ আৰক্ষী চকীলৈ লৈ যায়।