Home Blog Page 2454

মহুৰামুখ জাতীয় বিদ্যালয়ত গীত-মাতৰ এদিন আৰু বিজ্ঞান প্ৰদৰ্শনী সম্পন্ন

বোকাখাত প্ৰয়াস অধ্যয়ন চক্ৰ অন্যতম নিবেদন মহুৰামুখ জাতীয় বিদ্যালয় তথা শিল্পী মোহিনী ৰাজকুমাৰী ক্ষেত্ৰত গীত-মাতৰ এদিন আৰু বিজ্ঞান প্ৰদৰ্শনি আয়োজন কৰা হয়।বিদ্যালয়ৰ জেষ্ঠ শিক্ষক জীতেন দত্তই আঁত ধৰা প্ৰথম কাৰ্যসূচী শিল্পী মোহিনী ৰাজকুমাৰী প্ৰতিমূৰ্ত্তিত বন্তি প্ৰজ্বলন কৰে সাংস্কৃতিক কৰ্মী তথা বিদ্যালয়ৰ অভিভাৱক স্বৰূপ প্ৰাক্তন ভাৰতীয় সেনা বাহিনীৰ জোৱান লৱন ফুকনে আৰু বিজ্ঞান প্ৰদৰ্শনীৰ দ্বাৰ উন্মোচন কৰে বুধবাৰী বালিকা উচ্চ বুনিয়াদী বিদ্যালয়ৰ প্ৰধান শিক্ষক দুলৰ্ভ ডেকাই।দ্বাৰ উদ্মোচন কৰি ডেকাই ছাত্ৰ-ছাত্ৰীসকলৰ উদ্দেশ্যে কয় যে ছাত্ৰ অৱস্থাপৰাই বিজ্ঞান শিক্ষা প্ৰয়োজনীয়তা সম্পৰ্কে সজাগ আৰু সচেতনতাৰ হোৱাটো অত্যন্ত জৰুৰী আৰু বাস্তৱ জীৱনৰ লগত ইয়াৰ সফল প্ৰয়োগ কৰিলে সমাজ তথা দেশ  উন্নতিপথত আগুৱাব পাৰি।

মহুৰামুখ জাতীয় বিদ্যালয়ে এই ধাৰা ২০১৫ চনৰ পৰাই অব্যাহত ৰখা বাবে তেখেতে বিদ্যালয়ৰ শিক্ষকসকলক প্ৰশংসা কৰে।বিজ্ঞান প্ৰদৰ্শনিত ১১ টা প্ৰকল্পত মুঠ ৩৫ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।বিজ্ঞান প্ৰদৰ্শনীৰ তত্ত্বৱধায়কদ্বয় অনুৰাজ লয়িং আৰু দীপশিখা দৈমাৰী বড়িৰ প্ৰচেষ্টাক অভিভাৱক তথা উপস্থিত ৰাইজে শলাগ লয়।বিজ্ঞান প্ৰদৰ্শনী পিছতেই গীত-মাতৰ এদিন অনুষ্ঠানৰ মঞ্চ মুকলি কৰে বিদ্যালয়ৰ প্ৰধান তথা সমগ্ৰ মহুৰামুখ অঞ্চলৰ তিনিটা প্ৰজন্মক শিক্ষা প্ৰদান কৰা ইন্দ্ৰেশ্বৰ বৰুৱাই।বৰুৱাই ভাষণত কয় “অসমত মাতৃভাষা সংকটৰ সময়ত চৰকাৰী বিদ্যালয়ৰ সমান্তৰালকৈ অসম জাতীয় বিদ্যালয়ৰ পৰিয়ালবৰ্গই ভাষাৰ চৰ্চা লগতে কৃষ্টি-সংস্কৃতি ধৰি ৰখা প্ৰয়াস কৰিছে তাৰ ফলশ্ৰুতিতেই আজি ২০১৫ চনৰ পৰাই মহুৰামুখ জাতীয় বিদ্যালয়ে কণ-কণ ছাত্ৰ-ছাত্ৰীসকলক বৈজ্ঞানিক ভাৱে সাৰ -পানী যোগান ধৰি আছে।”গীত-মাতৰ এদিন অনুষ্ঠানটোৰ পৰিচালনা কৰে বিদ্যালয়ৰ অসমীয়া বিভাগৰ শিক্ষয়িত্ৰী প্ৰতিমা ভৰালী আৰু প্ৰাক্তন সংগীত শিক্ষয়িত্ৰী সন্ধানী ৰাজখোৱা গগৈয়ে।অনুষ্ঠানত অংকুৰ প্ৰাক-প্ৰাথমিকৰ সকলো ছাত্ৰ-ছাত্ৰীয়ে ভংগিমা গীত ,কবিতা আবৃত্তিত অংশগ্ৰহণ কৰে আৰু প্ৰাক-প্ৰাথমিকৰ ছাত্ৰ-ছাত্ৰীসকলক পৰিচালনা কৰে শিক্ষয়িত্ৰী ৰেখা দত্ত দুৱৰা আৰু ঊষা বৰুৱাই।অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে সাংস্কৃতিক কৰ্মী পৱন গগৈ উপস্থিত থাকে। বিজ্ঞান প্ৰদৰ্শনি আৰু গীত-মাতৰ এদিন অনুষ্ঠানৰ পিছতেই বিদ্যালয়ৰ বছেৰেকীয়া পৰীক্ষা ফলাফল ঘোষণা কৰা হয় আৰু বিদ্যালয়ত এশ শতাংশ  উপস্থিত থকা দ্বিতীয় শ্ৰেণী ছাত্ৰ শশাঙ্কৰ পাঠৰীক এখন গ্ৰন্থৰে সম্বৰ্ধনা জ্ঞাপন কৰে। অনুষ্ঠানৰ শেষত বিদ্যালয়ৰ সম্পাদকে শলাগৰ শৰাই আগবঢ়াই আৰু  সকলো ছাত্ৰ-ছাত্ৰী আৰু অভভিভাৱকসকলে ৰাষ্ট্ৰীয় সংগীতেৰে সামৰণি মাৰে।

লামডিঙ ষ্টেচনত বৃহত পৰিমাণৰ গাঞ্জা জব্দ আটক ১

 লামডিঙ ষ্টেচনত বৃহত পৰিমাণৰ গাঞ্জা জব্দ লগতে এজনক আটক।আটকাধিন গাঞ্জা সৰবৰাহকাৰীৰ  নাম মতিন আলি ঘৰ হোজাই হাবাইপুৰ। আকৌ লামডিঙ ৰেল আৰক্ষীৰ বৃহত সফলতা।আজি নামনিমুৱা নং 15666 বি জি এক্সপ্ৰেছ ট্ৰেইনত 11 সময়ত লামডিঙ ৰেল আৰক্ষীয়ে অভিযান চলাই বৃহত পৰিমাণৰ গাঞ্জা জব্দ কৰে ।

লগতে মতিন আলি নামৰ এজনক আটক কৰে।গাঞ্জা খিনিৰ বজাৰ মূল্য আনুমানিক 3 লক্ষ্য টকা হব বুলি কয়।জব্দ কৃত গাঞ্জা খিনি ডিমাপুৰৰ পৰা লৈ অনা হৈ্ছে আৰু গুৱাহাটী লৈ যোৱাৰ কথা আছিল  কিন্ত লামডিঙ ৰেল আৰক্ষীয়ে বি জি এক্সপ্ৰেছ ট্ৰেইনত অভিযান চলাই গাঞ্জা খিনি জব্দ কৰিবলৈ সক্ষম হৈছে।প্ৰায় 30 কেজি গাঞ্জা জব্দ কৰে ৰেল আৰক্ষী চলিত মাহত প্ৰায় অষ্টআশি (88) কেজি গাঞ্জা জব্দ কৰিবলৈ সক্ষম হৈ্ছে।

বৃহত্তৰ মৈৰাবাৰীৰ একমাত্ৰ চিকিৎসা কেন্দ্ৰত মমবাতি জ্বলাই ৰোগীক চিকিৎসা প্ৰদান চিকিৎসকৰ

প্ৰায় আঢ়ৈ লাখ জনসংখ্যাৰ একমাত্ৰ চিকিৎসা কেন্দ্ৰ মৈৰাবাৰী হস্পিতালত নাই এখন জেনেৰেটৰ।নাই কোনো পানীতোলা টিউবেল। ৰাতিৰ আন্ধাৰত ৰোগীয়ে মমবাতি কিংবা টৰ্চ লাইটৰ পোহৰত লবলগীয়া হৈছে চিকিৎসা।পোহৰাবলগীয়া হৈছে হস্পিতালৰ ৰোগী কক্ষ।চাওক আমাৰ সাংবাদিকৰ কেমেৰাত বন্দী কেণ্ডেল লাইটৰ পোহৰত মৈৰাবাৰী হস্পিতালৰ চিকিৎসকে চিকিৎসা প্ৰদান কৰাৰ এক দৃশ্য।সাধাৰণতে প্ৰত্যেক চিকিৎসা কেন্দ্ৰত থাকিব লাগে জেনেৰেটৰ বা ইনভাৰটাৰৰ সুবিধা, কিন্তু মৈৰাবাৰী হস্পিতালত আজি প্ৰায় ছয় মাহে বিকল হৈ আছে জেনেৰেটৰ, কানহাৰ নাই হস্পিতাল কৰ্তৃপক্ষৰ।হস্পিতাল খনৰ পৰিচালনা কমিটিৰ সভাপতি তথা ধিঙৰ বিধায়ক আমিনুল ইছলামক বহুবাৰজনোৱাৰ পিছতো পোৱা নাই কোনো সুফল।
বিধায়ক ডাঙৰীয়া, আপুনি যোৱা দহটা বছৰে মৈৰাবাৰী হস্পিতাল খনৰ পৰিচালনা সমিতিৰ সভাপতি দায়িত্বত আছে। অতি দুৰ্ভাগ্যৰ বিষয় আপোনাৰ দিনতে মৈৰাবাৰী হস্পিতাল খনৰ FRU কৰ্তন কৰা হৈছিল।

আপোনাৰ দ্বাৰা পৰিচালিত হস্পিতাল খনত কি চলি আছে খবৰ ৰাখিছে নে ?মৈৰাবাৰীৰ দৰে এখন ঠাইত হস্পিতাল এখনৰ এনে পুতৌলগা দৃশ্য সচাকৈ দুৰ্ভাগ্যজনক।ৰোগীৰ জীৱনৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা হস্পিতাল কৰ্তৃপক্ষৰ এনে কাণ্ডৰ বাবে চৰকাৰৰ স্বাস্থ্য বিভাগে কি ব্যৱস্থা লব সেয়া সময়ত হব লক্ষ্যনীয়।

তামুলপুৰত বড়ো সাহিত্য সভাৰ ৬১ সংখ্যক অধিৱেশনৰ লাইখুটা স্থাপন অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ

তামুলপুৰত বড়ো সাহিত্য সভাৰ ৬১ সংখ্যক অধিৱেশনৰ লাইখুটা স্থাপন অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ

প্ৰস্তাবিত তামুলপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ খেল পথাৰত ৬১ সংখ্যক বড়ো সাহিত্য সভাৰ তামুলপুৰ অধিৱেশনৰ লাইখুটা স্থাপন।

আজি এক মাংগলিক পৰিবেশত সম্পূৰ্ণ ধৰ্মীয় নীতি নিয়মেৰে আগন্তুক বড়ো সাহিত্য সভাৰ ৬১ সংখ্যক অধিৱেশনৰ লাইখুটা স্থাপন কৰে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে।

লাইখুটা স্থাপন অনুষ্ঠানত উপস্থিত থাকে বড়ো সাহিত্য সভাৰ সভাপতি তৰেন বড়োৰ উপৰিও বিটিচিৰ কেইবাগৰাকীও কাৰ্যবাহী সদস্য, এমচিএলএ, বড়ো সাহিত্য সভাৰ বিষয় ববীয়া, অভ্যৰ্থনা সমিতিৰ বিষয় ববীয়া, স্থানীয় ৰাইজ।

উল্লেখযোগ্য যে বড়ো সাহিত্য সভাৰ আগন্তুক উপস্থিত থাকিব ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ।

শুকুৰবাৰে মহানগৰীৰ চানমাৰীত দাৰ্জিলিং ম’ম’জৰ পঞ্চমখন বিপণীৰ শুভাৰম্ভণি কৰা হয়।

শুকুৰবাৰে মহানগৰীৰ চান্দমাৰীত দাৰ্জিলিং ম’ম’জৰ পঞ্চমখন বিপণীৰ শুভাৰম্ভণি কৰা হয়।3 way point নামৰ ৰেষ্টুৰেণ্টখনৰ স্বত্ত্বাধিকাৰী নয়ন ডেকাৰ সহযোগিতাত এই নতুন ম’ম’জ খনৰ আৰম্ভণি কৰা হয়। বিদ্যালয়, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়কে আদি কৰি বিভিন্ন ক্ষেত্ৰত অধ্যয়নৰত শিক্ষাৰ্থী সকলৰ কাৰণে দাৰ্জিলিং ম’ম’জত ম’ম’ উপলব্ধ হ’ব বুলি বিপণীখনৰ স্বত্তাধিকাৰীয়ে জানিবলৈ দিয়ে। আছাম ষ্টাৰ্ট আপৰ সৈতেও দাৰ্জিলিং ম’ম’জ জড়িত হৈ আছে। নতুনকৈ শুভাৰম্ভণি হোৱা এই দাৰ্জিলিং ম’ম’জখন তেওঁলোকৰ পঞ্চমখন ম’ম’জ বিপণী। তেওঁলোকৰ আন আন চাৰিখন বিপণী মহানগৰীৰ চাৰিখনকৈ ব্যস্ত ঠাইত আছে বুলিও জানিবলৈ দিছে।

যুৱ উদ্যমী শ্বাহৰূখ চিদ্দিকী আৰু ৰেজাউল চৌধুৰীকে ধৰি সৰ্বমুঠ ১৫জনীয়া সদস্যৰ এটা দলে ম’ম’জ ব্ৰেণ্ড দাৰ্জিলিং ম’ম’জৰ সৈতে আৰম্ভণিৰে পৰা জড়িত হৈ আছে বুলি সংবাদমাধ্যমৰ সন্মুখত শ্বাহৰূখ চিদ্দিকীয়ে জানিবলৈ দিয়ে।

গুৱাহাটী পৌৰ নিগম নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা প্ৰকাশ

৫৬টা ৱাৰ্ডৰ নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ তালিকা প্ৰকাশ।গুৱাহাটী পৌৰনিগমৰ আগন্তুক নিৰ্বাচনৰ বাবে অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে মুঠ ৬০ টা ৱাৰ্ডৰ ভিতৰত ৫৫ টা ৱাৰ্ডৰ কংগ্ৰেছৰ প্ৰাৰ্থী সকলে নাম ঘোষণা কৰিছে।

আৰু ৫ টা ৱাৰ্ডৰ প্ৰাৰ্থী সকলৰ নাম অতি শীঘ্ৰেই ঘোষণা কৰিব বুলি কৈছে।

শনিবাৰে দিশপুৰ মহাবিদ্যালয়ত “অসমীয়া নাটক” শীৰ্ষক এটি মনোজ্ঞ বক্তৃতানুষ্ঠান অনুষ্ঠিত হয়।

শনিবাৰে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ পুণ্য মৃত্যুতিথিত দিশপুৰ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সাহিত্যানুষ্ঠান জোনাকী কাৰেঙৰ উদ্যোগত “অসমীয়া নাটক” শীৰ্ষক এটি মনোজ্ঞ বক্তৃতানুষ্ঠান অনুষ্ঠিত হয়। দিশপুৰ মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ ড° নবজ্যোতি বৰাই উদ্বোধন কৰা উক্ত অনুষ্ঠানত মুখ্য বক্তা হিচাপে উপস্থিত থাকে পাণ্ডু মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক ড° তনয়জ্যোতি দুৱৰাই।

বিভাগৰ ছাত্ৰ-ছাত্ৰী তথা অধ্যাপক- অধ্যাপিকা উক্ত অনুষ্ঠানত উপস্থিত থাকে।

কুমাৰম ভীমা আৰু আল্লুৰী সীতাৰাম ৰাজুৰ কাহিনী কি, তেওঁলোক এজন আনজনৰ ঘনিষ্ঠ বন্ধু আছিল নেকি?

এছ.এছ. ৰাজামৌলীৰ ছবি আৰ.আৰ.আৰ. ছবিগৃহত প্ৰদৰ্শিত হৈছে, কুমাৰম ভীম আৰু আল্লুৰী সীতাৰামা ৰাজুৰ বিষয়ে সকলো ঠাইতে চৰ্চা হৈছে।দৰ্শকে ছবিখনৰ এই দুটা মুখ্য চৰিত্ৰ, অৰ্থাৎ অন্ধ্ৰ প্ৰদেশৰ ‘নায়ক অফ মান্যম’ আৰু আল্লুৰী সীতাৰামা ৰাজু আৰু তেলেংগানাৰ কুমাৰম ভীমাৰ বিষয়ে জানিবলৈ আগ্ৰহী।এই ঠাইবোৰৰ জনজাতীয় লোকসকলে তেওঁলোক দুয়োকে ঈশ্বৰৰ দৰে বুলি গণ্য কৰে। কোৱা হয় যে আল্লুৰীয়ে মান্যম অঞ্চলৰ জনজাতীয় লোকসকলক একত্ৰিত কৰিছিল, যি ব্ৰিটিছসকলৰ মাজত ভয় বিয়পাইছিল। একে সময়তে, কুমাৰম ভীমাই গণ্ড জনজাতীয় লোকসকলৰ বিষয়াসকলৰ বাবে নিজামৰ সৈতে প্ৰতিদ্বন্দিতা কৰিছিল।

আৰ.আৰ.আৰ. চলচ্চিত্ৰখনত, পৰিচালক ৰাজামৌলীয়ে দুয়োকে ঘনিষ্ঠ বন্ধু হিচাপে দেখুৱাইছে। ৰাজামৌলীয়ে এই দুটা ঐতিহাসিক চৰিত্ৰৰ সহায়ত তেওঁৰ চলচ্চিত্ৰত আন চৰিত্ৰৰ মৰ্যাদা বৃদ্ধি কৰিবলৈ চেষ্টা কৰিছে।কিন্তু এই দুজন নেতা কোন? তেওঁলোকৰ ইতিহাস কি? আমি এই দুটা চৰিত্ৰৰ সঁচা কাহিনী বিচাৰি উলিয়াবলৈ চেষ্টা কৰিছো যিয়ে ইতিহাসৰ পৃষ্ঠাত তেওঁলোকৰ ছাপ ৰাখিছে।কুমাৰম ভীমৰ জন্ম ১৯০২ চনৰ ২২ অক্টোবৰত সংকেপল্লী গাঁৱৰ এটা গণ্ড জনজাতীয় পৰিয়ালত হৈছিল। তেওঁৰ দেউতাকৰ নাম আছিল কুমাৰম চিমনা।অষ্টাদশ আৰু ঊনবিংশ শতিকাত জনজাতীয় লোকসকলে এক নতুন ধৰণৰ সমস্যাৰ সন্মুখীন হৈছিল। বনাঞ্চলৰ সুৰক্ষাৰ আইনৰ নামত জনজাতীয় লোকসকলৰ ভূমি আৰু পথাৰ তেওঁলোকৰ পৰা কাঢ়ি লোৱা হৈছিল।সেই সময়ত হায়দৰাবাদৰ ৰাজকীয় ৰাজ্যত নিজামৰ শাসন এনেকুৱা আছিল যে এফালে নিজামৰ ৰজাকাৰসকলে মানুহক শোষণ কৰিছিল, আৰু আনহাতে, জনসাধাৰণেও ব্ৰিটিছৰ দমনৰ বলি হ’ব লগা হৈছিল।এনে কষ্টৰ সন্মুখীন হোৱা গণ্ড জনজাতীয় লোকসকলৰ ভিতৰত আছিল কুমাৰম ভীমৰ পৰিয়াল।

যেতিয়া ভীমৰ বয়স ১৫ বছৰ আছিল, তেওঁৰ পৰিয়ালে সংকেপল্লী গাঁৱৰ বন বিষয়া আৰু ব্যৱসায়ীসকলৰ বাবে যথেষ্ট সমস্যাৰ সন্মুখীন হ’ব লগা হৈছিল।আল্লাম ৰাজায়া আৰু চাহুৱে তেওঁলোকৰ ‘কোমুৰাম ভীম’ নামৰ কিতাপখনত লিখিছে, “যেতিয়া ভীমৰ দেউতাকৰ মৃত্যু হৈছিল, তেতিয়া তেওঁৰ পৰিয়ালে শুদ্ৰপুৰলৈ গৈ তাত খেতি আৰম্ভ কৰিছিল। তেওঁ দাবী কৰিছিল যে তেওঁৰ ওচৰত মাটিৰ কাগজপত্ৰ আছে। ভীমে তেতিয়া সাদিকৰ মূৰত আঘাত কৰিছিল। তাৰ পিছত হুলস্থূল হৈছিল আৰু ভীমা অসমলৈ পলাই গৈছিল। তেওঁ তাত চাহ বাগিচাত শ্ৰমিক হিচাপে কাম কৰিছিল। একে সময়তে, ভীমে ৰাজনীতি আৰু বিদ্ৰোহৰ বিষয়ে পঢ়িবলৈ আৰু লিখিবলৈ আৰু পঢ়িবলৈ শিকিছিল।”

ভীমে অসমৰ শ্ৰমিকসকলৰ বিদ্ৰোহতো অংশগ্ৰহণ কৰিছিল যাক অসম আৰক্ষীয়ে আটক কৰিছিল। অৱশ্যে ভীমে অসম আৰক্ষীক প্ৰত্যাহাৰ কৰি পলাই গৈ আচিফাবাদৰ ওচৰৰ কাংখাট ত উপস্থিত হয়। তাত তেওঁ লাচ্চু পেটেলৰ শিষ্যত্বত কাম কৰিবলৈ আৰম্ভ কৰিছিল। পিছত, ভীমে সোম বাইৰ সৈতে বিবাহ পাশত আৱদ্ধ হয়।

বাক্সাৰ আমগুৰীত কেকো সাপ উদ্ধাৰ

ৰাজ্যখনত কেকো সাপৰ এক অবৈধ বজাৰ চলি থকাৰ মাজতে বাক্সাৰ এটা পৰিয়ালৰ তামোলবাৰীত আজি উদ্ধাৰ হয় এটা কেকো সাপ ৷ স্থানীয় মানাহ চৌকী ইকো টুৰিজিম চোছাইটি আৰু আমগুৰিস্থিত এছ এছ বিৰ ৬৪ নং বেটেলিয়নে যৌথ ভাৱে উদ্ধাৰ কৰে কেকো সাপটো ৷ বাক্সা জিলাৰ ভাৰত-ভূটান সীমান্তৰ আমবাৰী গাঁওৰ পৰা উদ্ধাৰ কৰে কেকো সাপটো ৷

জানিব পৰা মতে স্বেচ্ছাসেৱী সংগঠনটোৰ সদস্য আৰু এছ এছ বিয়ে সূৱণখাটা সংৰক্ষিত বনাঞ্চলত যৌথভাৱে পহৰা দি থকা সময়তে আমবাৰীৰ এটা পৰিয়ালৰ তামোলবাৰীত কেকো সাপ থকাৰ খবৰ লাভ কৰে ৷ পিচত আমগুৰীত উপস্থিত হৈ কেকো সাপটো উদ্ধাৰ কৰি এনজিওৰ কাৰ্যালয়লৈ আনে ৷ কেকো সাপটোৰ ওজন প্ৰায় ২৫০ গ্ৰাম আৰু এঘাৰ ইঞ্চি দিঘল ৷ স্বেচ্ছাসেৱী সংগঠনটোৱে কেকো সাপটো বন বিভাগক গতাই দিয়াৰ লগতে বন বিভাগ, স্বেচ্ছাসেবী সংগঠন আৰু এছ এছ বিয়ে যৌথ ভাবে চৌকী বনাঞ্চলত এৰি দিয়ে ৷

মোৰাঝাৰৰ অকচেক ৰুহিনী পথাৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক আবুল কালামৰ অৱসৰ গ্ৰহন

সুদীৰ্ঘ বছৰ নিষ্ঠাৰে দায়িত্ব পালন কৰি অৱশেষত অৱসৰ ল’লে মোৰাঝাৰৰ অকচেক ৰুহিনী পথাৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক আবুল কালামে। ১৯৮৫ চনৰ জানুৱাৰী মাহত চামৰালি ৰহমানীয়া প্ৰাথমিক বিদ্যালয়ত কৰ্মজীৱন আৰম্ভ কৰাৰ পাছত ১৯৮৮ চনৰ পহিলা মাহত লংকা শিক্ষা খণ্ডৰ অকচেক ৰুহিনী পথাৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক হিচাপে যোগদান কৰে।

সুদীৰ্ঘ সময় নিষ্ঠা সহকাৰে শিক্ষাদান কৰি ৩১ জুলাই ২০২১ ইংৰাজী তাৰিখে অৱসৰ গ্ৰহণ কৰিছিল শিক্ষক আব্দুল কালামে।অতি মৰম চেনেহৰ মাজেৰে পাঠদানৰ লগতে ছাত্ৰ ছাত্ৰীৰ সৰ্বপ্ৰকাৰৰ উন্নয়নৰ লক্ষ্য আছিল শিক্ষক গৰাকীৰ। সমাজ আৰু শিক্ষাৰ ক্ষেত্ৰত সুচাৰুৰূপে নিজৰ দায়িত্ব পালন কৰি সকলোৰে প্ৰশংসিত হৈ পৰিছিল শিক্ষক আব্দুল কালাম।

জীৱনৰ বহু বছৰ সেৱা আগবঢ়াই অৱসৰ লোৱা শিক্ষক কালামক আজি বিদ্যালয় পৰিচালনা সমিতিৰ লগতে শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰী আৰু অঞ্চলটোৰ ৰাইজে জনায় বিদায়ী সম্বৰ্ধনা।বিদ্যালয়খনত আজি অনুষ্ঠিত হোৱা বিদায়ী সভাৰ পতাকা উত্তোলন, স্বচ্ছতা অভিযান আৰু কবিতা আবৃত্তিৰ পাছত আৰম্ভ হয় মুকলি সভা। বিশিষ্ট সমাজসেৱক তাজ উদ্দিন আহমেদৰ সভাপতিত্ব অনুষ্ঠিত হোৱা সভাত আমন্ত্ৰিত অতিথি হিচাপে যোগীজান শিক্ষা খণ্ডৰ প্ৰাক্তন বিষয়া হোছেইন আহমেদ,স্থানীয় পঞ্চায়ত সভাপতি খাইৰুল ইছলাম,বৰবালি মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক আব্দুল মালিকৰ লগতে বৃহত্তৰ অঞ্চলটোৰ বহু শিক্ষাপ্ৰেমী সচেতন ৰাইজে শিক্ষক গৰাকীৰ কৰ্মজীৱনৰ অতীতক সুঁৱৰি বক্তৃতা প্ৰদান কৰে।

আমন্ত্ৰিত অতিথি, স্থানীয় শিক্ষাপ্ৰেমী ৰাইজ আৰু শিক্ষক,-শিক্ষয়িত্ৰী, ছাত্ৰ -ছাত্ৰীৰ লগতে শুভাকাংক্ষী সকলে ফুলাম গামোচা, সম্বৰ্ধনা পত্ৰ,শৰাই আৰু ফুলৰ থোপা আদিৰে সম্বৰ্দ্ধনা জনায় অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক আব্দুল কালামক।সভাৰ শেষ মুহূৰ্ত্তত সকলোৱে এক বিশাল শুভাযাত্ৰাৰে অৱসৰপ্ৰাপ্ত শিক্ষক গৰাকীক বিদায়ী অভিনন্দন জ্ঞাপন কৰে।