Home Blog Page 2456

আজি ঢালিগাঁৱত পালনাম মহোৎসৱ।

বিগত দুটা বছৰ ধৰি ভয়াবহ কোভিড মহামাৰীৰ ফলত সমগ্ৰ বিশ্বৰ লগতে আমাৰ ভাৰত ,উত্তৰ – পূৰ্বাঞ্চলৰ লগতে অসমতো যিকোনো কাৰ্য্যৰ পৰা বন্ধ হৈ থকাই নহয়। জনগণ নিজগৃহৰ পৰা বহি:জগতৰ প্ৰভাৱ পোৱাটো এক চিন্তনীয় বিষয় হৈ পৰিছিল। কিন্তু এতিয়া ২০২২ ইং বৰ্ষতো হৈ পৰিছে সমগ্ৰ অসমজুৰি আন এক ভাৱিব নোৱাৰা বৈকুণ্ঠপুৰী ত পৰিণত হোৱা আধ্যাত্মিকতাৰ সময়।যাৰ ফলত চলিছে সমগ্ৰ ৰাজ্যখনৰ লগতে নামনি অসমতো প্রতিটো জিলাত চলিছে নামঘৰ-সত্ৰ ,মঠ-মন্দিৰ আদিত পূজা পাতাল ,নাম- প্ৰসঙ্গ আৰু পালনাম আদিৰ উঠিছে শ্ৰী কৃষ্ণ পূজাৰ ধুম।প্ৰাপ্ত বাতৰি মতে নামনি অসম তথা বিটিএডি এলেকাৰ চিৰাং জিলাৰ বাসুগাওঁ অঞ্চলৰ বিজয়গাঁও বৰছৰা সাৰ্বজনীন নামঘৰত আজি দিনটোজোৰা বিভিন্ন কাৰ্যসূচীৰে চতুৰ্থ সংখ্যক বাৰ্ষিক পালনাম অনুষ্ঠিত হয়। সেইমতে যোৱা কালি ২৫মার্চত সন্ধিয়া ছয় বজাত নাম-প্ৰসংগ ,ভাগৱত পাঠ আৰু বন্তি প্ৰজ্বলন কাৰ্যসূচী পালন কৰে। আৰু আজি ৰাতিপুৱা ছয় বজাত বিজনী জিলাৰ ৰবীন পাঠক বাপে আগধৰা পালনামৰ প্ৰসংগঃ আৰম্ভ হয়। আৰু আবেলি এক বজাৰ পৰা চাৰি বজালৈ অনুষ্ঠিত হয় স্থানীয় আই-মাতৃ সকলৰ নাম। চাৰি বজাত অনুষ্ঠিত হয় আমন্ত্ৰিত নামৰ দলৰ থিয়নাম। অহা কাইলৈ ২৭মার্চত ৰাতিপুৱা ছয় বজাত পৰিব পালনামৰ সামৰণি। ইয়াৰ পিছত ৮বজাৰ পৰা অনুষ্ঠিত হয় ভাগৱত ভ্ৰমণ । ৰাতিপুৱা ১০:০০ বজাত আৰম্ভ হব সভাপতি গণেশ চন্দ্ৰ ৰায় বাপৰ সঞ্চালনাত এক আলোচনাচক্ৰ ।

উক্ত আলোচনা চক্ৰত যোগদান কৰিব বিটিআৰ পৰিষদৰ সদস্য প্ৰদীপ কুমাৰ বায়ন বাপ আদিয়ে। সন্ধিয়া বন্তি প্ৰজ্বলনেৰে সামৰণি পৰিব উক্ত পালনামৰ কাৰ্যসূচী ।ইফালে কাইলৈ বঙাইগাঁও শোধনাগাৰ আৰু পেট্ৰ’ৰাসায়নিক প্ৰকল্পৰ সাৰ্বজনীন নামঘৰটো অনুষ্ঠিত হব দিনজোৰা কাৰ্যসূচীৰ এই পালনাম অনুষ্ঠান।

ধুবুৰীৰ ভাৰত বাংলা সীমান্তৰ পাটামাৰী বি এছ এফৰ ওপৰত মাৰপিটৰ অভিযোগ।

দহ হেজাৰ টকাৰ বাবেই ধুবুৰীৰ পাটামাৰীৰ এজন সাধাৰণ ব্যৱসায়ীক মাৰপিট বি এছ এফৰ। বন্ধুক দেখুৱাই বলপূৰ্বক গোপন তথ্য ৰেকৰ্ড কৰাৰ অভিযোগ বি এছ এফৰ বিৰুদ্ধে। ইতিমধ্যে বি এছ এফৰ বিৰুদ্ধে এজাহাৰ দাখিল সীমান্তৰ এজন ভুক্তভোগী ব্যৱসায়ীৰ। দৰাচলতে এইজন ভাৰত বাংলা সীমান্তৰ টাকিমাৰী গাঁওৰ ক্ষুদ্ৰ ব্যৱসায়ী ছফিকুল ইছলাম। নিজৰ ঘৰত আছে তেওঁৰ এখন গেলামালৰ দোকান। দোকানৰ বাবে যাৱতীয় খৰচ ধুবুৰীৰ পৰা ক্ৰয় কৰি লৈ যায় ছফিকুলে। পাটামাৰী বি এছ এফে দিয়া খৰচৰ অনুমতি হিচাপে খৰচ ক্ৰয় কৰি নিয়ে ব্যৱসায়ীয়ে। কিন্তু তাৰ পিছতো পাটামাৰী বি এছ এফক আদায় দিব লাগে দহ হেজাৰ টকা।

টকা নিদিয়াৰ বাবেই মাৰপিট কৰি বন্দুকেৰে গুলিয়াই দিয়াৰ ভাবুকি দি ব্যৱসায়ী জনৰ মুখেৰে বলপূৰ্বক একাংশ লোকৰ নাম উল্লেখ কৰাই গৰুৰ চোৰাং ব্যৱসায় কৰা বুলি স্বীকাৰোক্তি ৰেকৰ্ড কৰা হয়। কেৱল এয়াই নহয় ব্যৱসায়ী ছফিকুলৰ পত্নী এগৰাকী আশা কৰ্মী। আশা কৰ্মীকো বিভিন্ন সময়ত বি এছ এফে সাৰাশাস্তি কৰাৰ এক গুৰুতৰ অভিযোগ উত্থাপিত কৰে সীমান্তৰ ভুক্তভোগী ব্যৱসায়ী গৰাকী। ইতিমধ্যে ব্যৱসায়ী গৰাকীয়ে ধুবুৰীৰ এ এম কো ৰোড বজাৰ আৰক্ষী চকীত বহি এছ এফৰ বিৰুদ্ধে দাখিল কৰিছে এখন এজাহাৰ।

বৰক্ষেত্ৰীত একেদিনাই বিধায়ক দিগন্ত বৰ্মণৰ কেইবাটাও কামৰ আধাৰশিলা স্থাপন।

বৰক্ষেত্ৰীত বিধায়কৰ তাৎপৰতা।বৰক্ষেত্ৰীত একেদিনাই বিধায়ক দিগন্ত বৰ্মণৰ কেইবাটাও কামৰ আধাৰশিলা স্থাপন।অসম বিধানসভাত সবল ভূমিকা গ্ৰহণ কৰাই নহয় বৰক্ষেত্ৰী সমষ্টিৰ বিভিন্ন প্ৰান্তত আজি বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক দিগন্ত বৰ্মনে কেইবাটাও আঁচনিৰ শুভাৰম্ভনি কৰে। উল্লেখ্য যে MGNREGA আঁচনিৰ অধীনত আধাৰশিলা স্থাপন কৰাৰ সময়ত বিধায়কজনক সংগ দিয়ে

নলবাৰী জিলা পৰিষদৰ সদস্য খাইৰুল হক চৌধুৰী, বৰক্ষেত্ৰী খণ্ড উন্নয়ন বিষয়া প্ৰকাশ বৰ্মন, সহকাৰী কাৰ্যবাহী অভিযন্তা জাকিৰ হুছেইন, পঞ্চায়ত সচিব ফৰিদ আলীৰ লগতে কেবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত আছিল।

ৰহাৰ টোলগেটত উতপ্ত পৰিস্থিতি…

ৰহাৰ টোলগেটত আজি এক উতপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিৰ এটা সজাতি দল গুৱাহাটীলৈ যোৱাৰ পথত ৰহা টোলগেটত টোলগেটৰ কৰ্মচাৰীৰ লগত টোলটেক্স প্ৰদানক লৈ তৰ্ক বিৰ্তকত লিপ্ত হোৱাত টোলগেটৰ কৰ্মচাৰীয়ে জাতীয় সংগঠনটোৰ দুজনমান সদস্যক থেলা গটা কৰা লগতে আক্ৰমণ কৰিবলৈ উদ্যত হয়।ইয়াকে লৈ পৰিস্থিতি উতপ্ত হৈ পৰে।অসম যুৱ ছাত্র পৰিষদৰ সদস্য সকলে টোলগেটৰ কৰ্মচাৰীয়ে মদ্যপান কৰি তেওঁলোকক অপমান কৰাৰ অভিযোগ তুলিছে।

পৰবৰ্তী সময়ত পৰিবেশ শাম কাটে যদিও উক্ত ঘটনা সন্দৰ্ভত যুৱ ছাত্ৰ পৰিষদে আৰক্ষীক অৱগত কৰিব বুলি উল্লেখ কৰে লগতে শীঘ্ৰে উক্ত ঘটনা সন্দৰ্ভত টোলগেটৰ বিৰুদ্ধে আন্দোলন গঢ়ি তুলিব বুলিও মন্তব্য কৰে।টোলগেটৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰাৰ হুংকাৰ যুৱ ছাত্ৰ পৰিষদৰ ৷ ধ্ৰুৱ ডেকা নামৰ মেনেজাৰ জনে মাৰপিট কৰাৰ অভিযোগ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিৰ।

আমোলাপট্টি শিৱনগৰৰ কলঙত ওলাইছে বৰকাছ…

নগাঁও চহৰৰ আমোলাপট্টিৰ শিৱনগৰত কলঙৰ বুকুত আজি এটা বৰকাছ ওলোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।জানিব পৰা মতে নগাঁৱৰ আমোলাপট্টিৰ শিৱনগৰৰ ওচৰত কলঙত আজি যুৱক কেইজনমানে মাছ ধৰি থাকোতে জালত বৰকাছটো উঠি আহে ৷ মাছ ধৰি থকা যুৱক কেইজনে লগে লগে  স্থানীয় ৱাৰ্ড কমিচনাৰ সীমান্ত বৰাক খবৰ দিয়ে ।সীমান্ত বৰা আমোলাপট্টি শ্মশানৰ ওচৰৰ কলঙ সূঁতিৰ পাৰত উপস্থিতহৈ প্ৰথমে আমোলাপট্টিৰ শিৱ নগৰৰ শিৱ মন্দিৰত বৰ কাছটো সংৰক্ষনৰ দিহা কৰে।

কিন্তু কাছটো যথেষ্ট ডাঙৰ হোৱাৰ বাবে সেই স্থানতত ৰাখিব পৰা নগল।সেয়ে তেওঁলোকে বন বিভাগক অৱগত কৰে ৷ বন বিভাগৰ দলে শিৱ মন্দিৰ প্ৰাঙ্গনত উপস্থিত হৈ কাছটো নিজৰ জিম্মাত লৈ বৰদোৱালৈ লৈ যায় ৷বন বিভাগে বৰদোৱাৰ আকাশীগঙ্গাত কাছটো এৰি দিয়াৰ ব্যৱস্থা কৰে ৷

কলিয়াবৰত প্ৰবীণ মুক্তিযোদ্ধা কমল চন্দ্ৰ মহন্ত বঁটা প্ৰদান অনুষ্ঠান…

কলিয়াবৰত আজি দুগৰাকী জাতীয় কৃষ্টি বিহুৰ দুগৰাকী সাধকক আনুষ্ঠানিকভাৱে প্ৰবীণ মুক্তিযোদ্ধা, সত্ৰাধিকাৰ শিক্ষক কমল চন্দ্ৰ মহন্ত সোঁৱৰণী বঁটা প্ৰদান কৰা হয়। কলিয়াবৰৰ প্ৰবীণ মুক্তিযোদ্ধা, সত্ৰাধিকাৰ শিক্ষক কমল চন্দ্ৰ মহন্ত সোঁৱৰণী মঞ্চৰ উদ‍্যোগত, বৰলুইত কৃষ্টি বিকাশ কেন্দ্ৰ ব‍্যৱস্থাপনাত দুগৰাকী বিশিষ্ট বিহু গীতৰ শিল্পী ক্ৰমে কলিয়াবৰৰ কবীন ফুকন আৰু অসমৰ জনপ্ৰিয় বিহু শিল্পী বিপুল চেতিয়া ফুকনক ২০২১ আৰু ২০২২ বৰ্ষৰ বঁটা প্ৰদান কৰা হয়। কলিয়াবৰ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত এক গাম্ভীৰ্যপূৰ্ণ সভাত দুয়োগৰাকী শিল্পীকে পঁচিশ হাজাৰকৈ নগদ মাননী, জাপি গামোচা, অঙ্গবস্ত্ৰ আৰু স্মাৰকেৰে সম্বৰ্ধনা জনোৱা হয়।মুক্তিযোদ্ধা কমল চন্দ্ৰ মহন্ত সোঁৱৰণী মঞ্চৰ উদ্যোগত বৰলুইত কলাকৃষ্টি বিকাশ কেন্দ্ৰৰ ব্যৱস্থাপনাত আৰু নিউ গুৱাহাটী ৰঙালী বিহু সন্মিলনী, জি এল পি চ’চিয়েল চাৰ্কোল আৰু ব্যতিক্ৰম মাচডোৰ সহযোগত আয়োজিত অনুষ্ঠানটোত নিৰ্দিষ্ট বক্তা হিচাপে ভাষণ দিয়ে কলিয়াবৰ মহাবিদ্যালয়ৰ অধ্যাপক উৎপল বৰাই। ভাষণ প্ৰসংগত তেওঁ মুক্তিযোদ্ধা কমল চন্দ্ৰ মহন্তৰ ভাৰতৰ স্বাধীনতা আন্দোলনত সক্ৰিয় অংশগ্ৰহণৰ কিয়দাংশ আলোকপাত কৰি উপস্থিত ৰাইজক আপ্লুত কৰে। বিৰাজ ভূষন বৰাই আঁত ধৰা অনুষ্ঠানটোত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে ক্ৰমে স্বৰ্গদেউ চাউলুং চুকাফা সমন্বয় ক্ষেত্ৰৰ উপ-সভাপতি দয়ানন্দ বৰগোহাঁই, অসমীয়া প্ৰতিদিন কাকতৰ জ্যেষ্ঠ সাংবাদিক সঞ্জীৱ ফুকন, লণ্ডন সাহিত্য সভাৰ প্ৰাক্তন সভানেত্ৰী লাহৰী বৰঠাকুৰ, কলিয়াবৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ হিৰণ‍্য কুমাৰ চলিহা, মহকুমাধিপতি পবিত্ৰ কুমাৰ দাস, এন. ডি. ২৪ৰ মুখ্য সম্পাদক ৰাজদীপ বাইলুং, অসমীয়া খবৰ কাকতৰ মুখ্য সম্পাদক বিশ্বজিত দাস আৰু নিউ গুৱাহাটী ৰঙালী বিহু সন্মিলনীৰ সভাপতি পৱন দত্তই অংশগ্ৰহণ কৰে। 

ভাষণ প্ৰসংগত দয়ানন্দ বৰগোহাঁইয়ে কয় যে, বৰ্তমান সময়ত সমাজত কাম কৰা মানুহ কমি আহিছে। নিজৰ কৰ্মৰ প্ৰতি অৱহেলা এটা জাতিৰ বাবে শুভলক্ষণ নহয়। যিসকলে নতুন প্ৰজন্মক কৰ্মস্পৃহা জাগ্ৰত কৰিব পাৰে সেইসকলেই নিজ খৰ্মত অৱহেলা কাৰ পৰিলক্ষিত হৈছে। ৰাজদ্বীপ বাইলুঙে কয় যে, যি সকলৰ অসীম ত‍্যাগ-কষ্টৰ বিনিময়ত দেশখনে স্বাধীনতা পালে তেওঁলোকক যথোচিত সন্মান জনোৱাতো সমাজৰেই কাম। তেওঁ লগতে কয় বুৰঞ্জী মানুহে নপঢ়া হ’ল। বীৰ-বীৰংগনাৰ তথ্য আজিৰ দিনত থাকিও নাই।সঞ্জীৱ ফুকনে তেওঁৰ ভাষণ প্ৰসঙ্গত কয় যে, এটা ভাল কামেই এখন সমাজৰ আধাৰ। ভাল কামে জাতিটোক সুদীৰ্ঘ দিনলৈ জীয়াই ৰাখিব। লণ্ডন সাহিত্য সভাৰ প্ৰাক্তন সভানেত্ৰী লাহৰী বৰঠাকুৰে কয় যে অসমীয়া ভাষাটো নতুন প্ৰজন্মক ভালদৰে  শিকাই-বুজাই লোৱাৰ সময় আহিছে। তেওঁ লগতে কয়, বিদেশত থাকি অসমীয়া সংস্কৃতি ৰক্ষা কৰি আহিছোঁ। তেওঁ আৰু কয় এটা সুষ্ঠ সবল ভাষাই জাতিটোক জীয়াই ৰাখিব। অনুষ্ঠানত কণ্ঠশিল্পী সংগীতা কাকতি, তৃষ্ণা দেৱী, পদ্মনাভ বৰদলৈ। কমল চন্দ্ৰ মহন্তৰ জ্যেষ্ঠ পুত্ৰ স্থানীয় বিধায়ক তথা স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই অংশগ্ৰহণ কৰা অনুষ্ঠানটোৰ আৰম্ভণিতে কমল চন্দ্ৰ মহন্তৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে মহন্তৰ সহধৰ্মিনী কাঞ্চন মহন্তই। অনুষ্ঠানত অভ‍্যাগতসকলক আদৰণি জনাই মণিমাধৱ মহন্তই। অনুষ্ঠানত সাংস্কৃতিক কৰ্মী হিৰু প্ৰসাদ মহন্ত, কমল গোস্বামী, প্ৰভাত গোস্বামী, হেমোধৰ হাজৰিকা, মৃণাল কুমাৰ হাজৰিকা আদিয়ে অংশগ্ৰহণ কৰে।

দ্য কাশ্মীৰ ফাইলছৰ বাবে ডুবিল বচ্চন পাণ্ডেঃ অক্ষয় কুমাৰ

দিন যোৱাৰ লগে লগে ‘দ্য কাশ্মীৰ ফাইলছ‘ৰ জনপ্ৰিয়তা বৃদ্ধি পোৱাহে পৰিলক্ষিত হৈছে। ব্যৱসায়ৰ ফালৰ পৰা ছবিখনে ইতিমধ্যে বক্স অফিচত ২০০ কোটি টকাৰো অধিক লক্ষ্মীলাভ কৰিছে। চলচ্চিত্ৰ সমালোচকসকলৰ মতে দীৰ্ঘদিনৰ পাছত ‘দ্য কাশ্মীৰ ফাইলছ’ ছবিখনৰ যোগেদি বলীউডে দেখিছে সফলতাৰ মুখ। অৱশ্যে, ‘দ্য কাশ্মীৰ ফাইলছ’ৰ প্ৰশংসাত পঞ্চমুখ হ’লেও বক্স অফিচত ছবিখনৰ সফলতাক লৈ যেন সুখী নহয় অক্ষয় কুমাৰ! অলপতে অক্ষয় কুমাৰে ছবিৰ প্ৰচাৰৰ বাবে ভূপাললৈ গৈছিল।এখন সংবাদমেলত ‘দ্য কাশ্মীৰ ফাইলছ’ৰ বিষয়ে মুকলিকৈ মন্তব্য কৰিছিল খিলাড়ী কুমাৰে। অক্ষয়ে কয়, ‘পৰিচালক বিবেক অগ্নিহোত্ৰীয়ে এখন আশ্চৰ্যকৰ ছবি উপহাৰ দিছে। দেশৰ ক্ষত-বিক্ষত ইতিহাসক পোহৰলৈ কঢ়িয়াই আনিছে তেওঁ। এই সত্য সকলোৰে সন্মুখত দাঙি ধৰাৰ প্ৰয়োজন আছিল। কিন্তু বিবেকৰ ওপৰত মোৰ অলপ খং উঠিছে। কাশ্মীৰ ফাইলৰ বাবে আমাৰ ছবিখন ডুব গৈছে।’

উল্লেখ্য যে, অক্ষয় কুমাৰ আৰু কৃতি চেনন অভিনীত ‘বচ্চন পাণ্ডে’ যোৱা শুক্ৰবাৰে মুক্তি লাভ কৰিছিল। নামী-দামী তাৰকাক লৈয়ো ‘দ্য কাশ্মীৰ ফাইলছ’ক টক্কৰ দিব পৰা নাই খিলাড়ী কুমাৰে। প্ৰথম সপ্তাহতে বক্স অফিচত মুখ থেকেচা খায় ছবিখনে।  সাধাৰণতে, অক্ষয় কুমাৰৰ ছবিৰ এনে ফলাফল এতিয়ালৈকে দেখিবলৈ পোৱা নাই। ইয়াৰ আঁৰত যে ‘দ্য কাশ্মীৰ ফাইলছ’ ছবিখনৰ জনপ্ৰিয়তা, সেই কথা স্বীকাৰ কৰি লৈছে অক্ষয় কুমাৰে নিজে।মনকৰিবলগীয়া যে,  ‘বচ্চন পাণ্ডে’ই এসপ্তাহত বক্স অফিচত ৫০ কোটি টকাৰ ব্যৱসায় কৰিছে। ‘দ্য কাশ্মীৰ ফাইলছ’ৰ জনপ্ৰিয়তাৰ বাবে, এইবাৰ ডুব গ’ল ‘বচ্চন পাণ্ডে’! ইফালে, বক্স অফিচৰ প্ৰতিবেদনতো একে কথাকে প্ৰকাশ পাইছে স্মৰ্তব্য যে, ‘দ্য কাশ্মীৰ ফাইলছ’ৰ প্ৰশংসাত এতিয়া পঞ্চমুখ সমগ্ৰ বলীউড। প্ৰখ্যাত তাৰকাসকলেও ছবিখন সন্দৰ্ভত কৰিছে ইতিবাচক মন্তব্য। শেহতীয়াকৈ, আমিৰ খানৰ দৰে তাৰকাইয়ো দেশৰ সকলো লোককে ছবিখন চাবলৈ অনুৰোধ জনাইছে। আমিৰে কয়, ‘কাশ্মীৰী পণ্ডিতসকলৰ সৈতে যি ঘটিছে সেয়া সঁচাকৈয়ে দুখঃজনক। এই ঘটনাটো ভাৰতীয় ইতিহাসৰ এক হৃদয়বিদারক ঘটনা। মই ভাবো এনেকোৱা এটা বিষয় বস্তুক লৈ এখন চলচ্চিত্ৰ নিৰ্মান হোৱাটো বৰ প্ৰয়োজন আছিল।’

কৃষকলৈ ভাল খবৰ কৃষি মন্ত্ৰী অতুল বৰাৰ…

কৃষকৰ বাবে সুখৰ বতৰা। বোকাখাতত ১০০০ মেট্ৰিক টন শস্য মজুত ৰখাৰ ভঁৰাল গৃহ উন্মোচন। ১ কোটি ৬০ লাখ টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ হ’ব লগা কৃষি জ্ঞান কেন্দ্ৰৰ নিৰ্মাণৰ শুভাৰম্ভ। আজি কৃষি মন্ত্ৰী অতুল বৰাই কৃষকৰ উৎপাদিত শস্য মজুত ৰাখিবৰ বাবে ১০০০ মেট্ৰিক টনৰ পৰিসৰৰ ভঁৰাল গৃহৰ দ্বাৰ মুকলি কৰাৰ লগতে নতুনকৈ নিৰ্মাণ হ’ব লগা কৃষি জ্ঞান কেন্দ্ৰৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰে।

বোকাখাতৰ কৃষকক সকাহ দিবৰ বাবে মহকুমা কৃষি বিষয়াৰ কাৰ্যলয়টোৰ পৰিত্যক্ত অৱস্থাত থকা পুৰণা গৃহসমূহ নতুনকৈ নিৰ্মাণ কৰাৰ লগতে বোকাখাতত এটা শীতল ভঁৰাল নিৰ্মাণ কৰাৰ পৰিকল্পনাৰ কথা সদৰি কৰে।

ধুবুৰীত চৰৰ ৰোগীৰ বাবে দুখন নৌকা এম্বুলেন্স আৰম্ভ…

অইল ইণ্ডিয়া লিমিটেডৰ ক’ৰ্প’ৰেট সামাজিক দায়বদ্ধতা(চি এছ আৰ) কাৰ্যসূচীৰ অধীনত ক্ৰয় কৰা দুখন নৌকা এম্বুলেন্স আজি ধুবুৰী জিলা প্ৰশাসনে বি এছ এফৰ ৱাটাৰ উইঙক হস্তান্তৰ কৰে৷ ধুবুৰী টাউনৰ ৩ নং বালুচৰত থকা ৱাটাৰ উইঙৰ ঘাটত ধুবুৰী জিলা উপায়ুক্ত অন্বামুথন এম পি, জিলা উন্নয়ণ আয়ুক্ত কান্তা দাস, বি এছ এফৰ ধুবুৰী ছেক্টৰৰ ডি আই জি জে চি নায়কে মাংগলিক অনুষ্ঠানৰ জৰিয়তে নৌকা এম্বুলেন্স দুখন মুকলি কৰে৷ ইয়াৰ পিছতে জিলা উপায়ুক্তৰ উপস্থিতিত ধুবুৰী জিলা প্ৰশাসনৰ হৈ জিলা উন্নয়ণ আয়ুক্ত কান্তা দাস আৰু বি এছ এফৰ হৈ ৱাটাৰ উইঙৰ অফিছাৰ কামাণ্ডিং জি বি পাঠকে এখন বুজিবুজিৰ চুক্তিত স্বাক্ষৰ কৰে৷

২০১৯-২০ বৰ্ষত অইল ইণ্ডিয়া লিমিটেডৰ ক’ৰ্প’ৰেট সামাজিক দায়বদ্ধতা কাৰ্যসূচীৰ প্ৰায় ৫০ লাখ টকাৰে ক্ৰয় কৰা নৌকা এম্বুলেন্স দুখন ধুবুৰীৰ চৰ অঞ্চলৰ ৰোগীক মূল ভূখণ্ডৰ চিকিৎসালয়লৈ অনাত ব্যৱহাৰ কৰা হ’ব৷ এম্বুলেন্স দুখনৰ চলাচলকে ধৰি সামগ্ৰিক পৰিচালনাত বি এছ এফ আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান জড়িত থাকিব৷ এম্বুলেন্স দুখন পাতামাৰি আৰু নিউ দেৱানেৰ আলগা চৰত ৰখোৱা হ’ব৷ চৰ অঞ্চলৰ ৰাইজে প্ৰয়োজনত সমীপৰ বি এছ এফ কেম্প বা বি অ’ পিত যোগাযোগ কৰি নৌকা এম্বুলেন্সৰ সুবিধা গ্ৰহণ কৰিব পাৰিব বুলি বি এছ এফৰ ডি আই জি জে চি নায়কে সদৰি কৰে৷

পানীতোলাত ঢোল বাদনৰ কৰ্মশালা…

অসমীয়া জাতিৰ বাপতি সাহোন ৰঙালী বিহুটিক আদৰাৰ মানসেৰে  পানীতোলা আঞ্চলিক ৰঙালী বিহুসন্মিলন আৰু পানীতোলা শৈক্ষিক বিকাশ মঞ্চই ৰঙালী বিহুৰ লগত সংগতি ৰাখি ১-১২ এপ্ৰিললৈকে পানীতোলা ন-গাঁও খেলপথাৰত ১০ দিনীয়াকৈ ঢোলবাদন কৰ্মশলা অনুষ্ঠিত কৰিছে।কৰ্মশালা বিয়লি ৩ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিছে আয়োজকে ।প্ৰশিক্ষক হিচাপে অংশগ্ৰহণ কৰিব বিশিষ্ট ঢোলবাদক তথা ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় পৰ্যায়ত বঁটাপ্ৰাপক বিতুপন দুৱাৰাই।

পানীতোলা শৈক্ষিক বিকাশ মঞ্চৰ সভাপতি প্ৰশান্ত বৰুৱা,সম্পাদক উজ্জ্বল বৰুৱা আৰু পানীতোলা আঞ্চলিক ৰঙালী বিহু সন্মিলনৰ সম্পাদক প্ৰণৱ বৰুৱাই বৃহত্তৰ পানীতোলা অঞ্চলৰ সকলো ছাত্ৰ-ছাত্ৰীকে কৰ্মশলাখনত অংশগ্ৰহণ কৰাৰ লগতে সকলো অভিভাৱকৰ সহায়-সহযোগিতা,দিহা -পৰামৰ্শ কামনা কৰিছে।সবিশেষ জানিবৰ বাবে ৯৪৩৫০০২০১৪ ,৯৬৭৮৩৩৯৮৩৮, ৮৬৩৮৬২৯৬৩০,৭০০২৬৬৯৬৮৭ নম্বৰত যোগাযোগ কৰিবলৈ উদ্যোক্তা সমিতিয়ে জনাইছে।