Home Blog Page 2483

শ্বেহবাজ শ্বৰীফ কোন? পাকিস্তানৰ প্ৰধানমন্ত্ৰী হ’ল কেনেকৈ?

আস্থা ভোটত পৰাজিত হৈ ইমৰাণ খানে এৰিলে প্ৰধানমন্ত্ৰীৰ পদ। ইয়াৰ পিছতেই প্ৰবল ৰাজনৈতিক সংকটৰ মাজত সোমবাৰে পাকিস্তানে পালে নতুন প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফক। পাকিস্তান-মুছলিম-লীগ-নৱাজৰ অধ্যক্ষ আছিল শ্বেহবাজ শ্বৰীফ। আজি নিশা পাক-প্ৰধান হিচাপে শপত ল’ব পাকিস্তান-মুছলিম-লীগৰ নেতাজনে। ২০১৮ চনৰ আগষ্ট মাহৰ পৰা পাকিস্তানৰ নেচনেল এছেম্বলীত বিৰোধী দলৰ নেতা হৈ আছিল নতুন প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফ। ইয়াৰ পূৰ্বে, তিনিবাৰ পঞ্জাৱৰ (পাক অধিকৃত) মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল শ্বেহবাজ শ্বৰীফ। শ্বৰীফৰ জন্ম ১৯৫১ চনৰ ২৩ ছেপ্টেম্বৰত হৈছিল। তেওঁ পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফৰ সৰু ভায়েক। শ্বৰীফ, যি পঞ্জাৱ প্ৰদেশৰ তিনিবাৰৰ মুখ্যমন্ত্ৰী। তেওঁ লাহোৰৰ Government College Universityৰ পৰা কলা বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰিছিল।

শ্বৰীফ পেছাত এজন ব্যৱসায়ী। তেওঁ যুটীয়াভাৱে Ittefaq গ্ৰুপৰ গৰাকী। তেওঁ ১৯৮৫ চনত লাহোৰ চেম্বাৰ অফ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰীৰ সভাপতি হিচাপে নিৰ্বাচিত হৈছিল। ২০১৩ চনৰ তথ্য অনুসৰি তেওঁৰ আনুমানিক ৩৩.৭ কোটি টকাৰ সম্পত্তি আছিল। শ্বৰীফৰ ৰাজনৈতিক ইনিংছ ৮০ দশকত আৰম্ভ হৈছিল যেতিয়া তেওঁ ১৯৮৮-১৯৯০ চনত পঞ্জাৱ প্ৰাদেশিক বিধানসভালৈ নিৰ্বাচিত হৈছিল। ১৯৯৯ চনত সামৰিক অভ্যুত্থানৰ পিছত শ্বৰীফে তেওঁৰ পৰিয়ালৰ সৈতে ছৌদি আৰৱত বহু বছৰ নিৰ্বাসিত অৱস্থাত কটাইছিল। তেওঁ ২০০৭ চনত পাকিস্তানলৈ উভতি আহিছিল। ২০০৮ চনত, পিএমএল-এন-এ নিৰ্বাচনত বিজয় লাভ কৰাৰ পিছত তেওঁক পঞ্জাৱ প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে নিযুক্ত কৰা হৈছিল। শ্বৰীফ ১৯৯৭ চনত প্ৰথমবাৰৰ বাবে পঞ্জাৱৰ মুখ্যমন্ত্ৰী হৈছিল। তেতিয়াৰ পৰা, তেওঁ তিনিবাৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী আছিল – ১৯৯৭, ২০০৮ আৰু ২০১৩। তেওঁৰ কাৰ্যকৰী প্ৰশাসনৰ বাবে তেওঁ প্ৰশংসিত হৈছে আৰু স্বাস্থ্য, শিক্ষা, কৃষি আৰু ঔদ্যোগিক খণ্ডৰ ওপৰত গুৰুত্ব দিয়াৰ বাবে তেওঁৰ চৰকাৰৰ কামৰ প্ৰশংসা কৰা হৈছিল। তেওঁ লাহোৰত কেইবাটাও উন্নয়নমূলক প্ৰকল্প আৰম্ভ কৰিছিল। তেওঁ সমগ্ৰ ৰাজ্যজুৰি অপৰাধীসকলৰ বিৰুদ্ধে অভিযানৰ নেতৃত্ব দিছিল।

১৯৯৯ চনত সেনাৰ অভ্যুত্থানৰ পিছত তেওঁক মুখ্যমন্ত্ৰী পদৰ পৰা অপসাৰণ কৰা হৈছিল। ২০১৮ চনত, পানামা পেপাৰছ গোচৰত দোষী সাব্যস্ত হোৱাৰ পিছত, তেওঁৰ ভাতৃ নৱাজ শ্বৰীফক ২০১৭ চনত প্ৰধানমন্ত্ৰী পদৰ পৰা অপসাৰণ কৰাৰ পিছত তেওঁ পিএমএল-এনৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী হৈছিল। কিন্তু, ইমৰান খানৰ পিটিআই ২০১৮ চনত একক সৰ্ববৃহৎ দল হিচাপে আত্মপ্ৰকাশ কৰে আৰু চৰকাৰ গঠন কৰে। শ্বৰীফক বিৰোধী দলৰ নেতা হিচাপে বাছনি কৰা হৈছিল। ২০২০ চনৰ ছেপ্টেম্বৰত শ্বৰীফক ধন ৰপ্তানিৰ গোচৰত গ্ৰেপ্তাৰ কৰা হয়। এপ্ৰিল ২০২১ত, তেওঁক জামিন দিয়া হৈছিল আৰু গোচৰটো এতিয়াও আদালতত বিচাৰাধীন হৈ আছে।

আলিয়া-ৰণবীৰৰ বিবাহ! আপুনি যাবলৈ সাজুনে? বিবাহৰ বাবে ৰণবীৰ অভিজ্ঞ, কিন্তু আলিয়া?

দৃশ্যত বিৰক্ত নীতু কাপুৰক পাপাৰাজিক আলিয়া আৰু ৰণবীৰ কাপুৰৰ বিবাহৰ বাতৰিৰ পৰা আগবাঢ়ি যাবলৈ কোৱা দেখা গৈছিল।
ৰণবীৰ কাপুৰ আৰু আলিয়া ভট্টৰ বিয়াখনে তেওঁলোকৰ অনুৰাগী আৰু শুভাকাংক্ষীসকলক তেওঁলোকৰ আসনৰ কাষত ৰাখিছে। যদিও প্ৰতিবেদনঅনুসৰি দুয়োএই সপ্তাহত বিবাহপাশত আৱদ্ধ হ’বলৈ সাজু হৈছে, ৰণবীৰ, আলিয়া আৰু তেওঁলোকৰ পৰিয়ালে কোনো বিৱৰণ প্ৰকাশ কৰিবলৈ অস্বীকাৰ কৰিছে।

আলিয়া আৰু ৰণবীৰৰ বিয়াৰ জল্পনা-কল্পনা ভাইৰেল হোৱাৰ পিছৰে পৰা, ৰণবীৰৰ মাক নীতু কাপুৰে পাপাৰাজ্জিৰ প্ৰশ্নৰ সৈতে যুঁজি আছে, যিয়ে কেতিয়াও ৰণবীৰ-আলিয়াৰ বিবাহৰ তাৰিখ আৰু অন্যান্য বিৱৰণৰ বিষয়ে জানিবলৈ সুযোগ এৰি নিদিয়ে। সোমবাৰে, তাইক তাইৰ আহিবলগীয়া ৰিয়েলিটি শ্ব’ৰ শ্বুটিং কৰা দেখা গৈছিল। যেতিয়া তাই তাইৰ অহংকাৰৰ ফালে খোজ কাঢ়ি আছিল, তাইক ৰণবীৰ-আলিয়াৰ বিষয়ে প্ৰশ্নৰ সন্মুখীন হৈছিল। এজন ফটোগ্ৰাফাৰে ৰণবীৰ আৰু আলিয়াৰ বিয়াৰ নিশ্চিত তাৰিখ সুধিলে বিৰক্ত নীতুক “আগে বঢ়ো য়াৰ” বুলি কোৱা দেখা গৈছিল।

শেহতীয়াকৈ, নীতুৱে তেওঁৰ প্ৰথম টিভি ৰিয়েলিটি শ্ব’ ডান্স দিৱানে জুনিয়ৰ্ছৰ শুভাৰম্ভণিঅনুষ্ঠানত সংবাদ মাধ্যমৰ সৈতে কথা পাতিছিল। অনুষ্ঠানটোত, তেওঁক সোধা হৈছিল যে কৃষ্ণা ৰাজ কাপুৰে তেওঁৰ সৈতে ভাগ বতৰা কৰাৰ দৰে তেওঁ সোনকালে হ’বলগীয়া বোৱাৰী আলিয়াৰ সৈতে একে সমীকৰণ ভাগ বতৰা কৰে নেকি। ইয়াৰ প্ৰত্যুত্তৰত, নীতুৱে কৈছিল যে তেওঁ আলিয়াৰ সৈতে এক স্বাস্থ্যকৰ সম্পৰ্ক বিচাৰেঅমৰ আকবৰ এন্থনী অভিনেত্ৰীগৰাকীয়ে কৈছিল যে তেওঁ “আলিয়াৰ সৈতে একে সমীকৰণ লাভ কৰিব বুলি আশা কৰে কিয়নো তেওঁ অসামান্য আৰু আশ্চৰ্যজনক।”

আলিয়াৰ বিবাহৰ তাৰিখসন্দৰ্ভত কেইবাটাও জল্পনা-কল্পনাৰ মাজতে, তেওঁৰ খুৰাক ৰবীন ভাটে নিশ্চিত কৰিছে যে তেওঁ 14 এপ্ৰিলত ৰণবীৰৰ সৈতে বিবাহপাশত আৱদ্ধ হ’ব।

কৰ্মক্ষেত্ৰত, কেইবা বছৰ ধৰি ডেটিং কৰি থকা আলিয়া আৰু ৰণবীৰক ব্ৰহ্মাস্ত্ৰত ইজনে সিজনৰ সৈতে পৰ্দাৰ স্থান ভাগ বতৰা কৰা দেখা যাব।

দুধৰ্ষ গাড়ী চোৰ আনোৱাৰ হুছেইন ওৰফে বগা পলাশবাৰী আৰক্ষীৰ জালত…

দুধৰ্ষ গাড়ীচোৰ আনোৱাৰ হুছেইন ওৰেফে বগা কিছুদিন পূৰ্বে আৰক্ষীয়ে ভৰিত গুলিয়াই আহত কৰাৰ লগতে জেল হাজোতলৈ প্ৰেৰণ কৰিছিল। জেলৰ পৰা মুকলি হৈয়ে আকৌ গাড়ী চুৰি কৰি পলাশবাৰী আৰক্ষীৰ জালত পৰিল দুধৰ্ষ গাড়ীচোৰ বগা ওৰেফে আনোৱাৰ হুছেইন। জানিবপৰামতে যোৱা ৯ এপ্ৰিলৰ নিশা পলাশবাৰী নগৰ আৰক্ষী চকীৰ সহ: উপ পৰিদৰ্শক মনমোহন দাসৰ নেতৃত্বত আৰক্ষীৰ  এটি দলে পলাশবাৰী-হুদুমপুৰ পথত তহল দি আছিল। তেনে অৱস্থাত তিনিজন অচিনাকী যুৱকে দুখন মটৰ চাইকেল ৰখাই কথা পাতি আছিল। আৰক্ষীৰ গাড়ী দেখা পাই যুৱক তিনিজনে মটৰ চাইকেল দুখন এৰি থৈ পলায়ণ কৰে।

পিছত আৰক্ষীয়ে যুৱক তিনিজনৰ পিছে পিছে খেদি গৈ দুধৰ্ষ গাড়ী চোৰ আনোৱাৰ হুছেইন ওৰেফে বগাক কৰায়ত্ত কৰাৰ লগতে দুখন পালচাৰ মটৰ চাইকেল জব্দ কৰে। বাকী দুটা চোৰ এন্ধাৰৰ সুযোগ লৈ পলায় যাবলৈ সক্ষম হয়। জব্দকৃত কলা, নীলা ৰঙৰ ২২০ পালচাৰ মটৰ চাইকেল দুখন নলবাৰী আৰু জালুকবাৰীৰ পৰা চুৰ কৰি অনা বুলি পলাশবাৰী নগৰ আৰক্ষী চকীৰ সহ: উপ পৰিদৰ্শক মনমোহন দাসে জানিবলৈ দিয়ে। ঘটনা সন্দৰ্ভত ভাৰতীয় দণ্ডবিধি আইনৰ  ৩৭০/৪১১ ধাৰাত ১৪৭/২২ নং  এক গোচৰ ৰুজু কৰি আজি দুধৰ্ষ গাড়ীচোৰ বগাক জেল হাজোতলৈ প্ৰেৰণ কৰে।

জামুগুৰিহাটত মহিলাৰ দ্বাৰা অনুষ্ঠিত বহাগী মেলা…

হেপাঁহৰ বহাগ বিহুলৈ হাতত মাথো আৰু দুটা দিন বাকী থকা অৱস্থাত জামুগুৰিহাটত সোমবাৰে মহিলাৰ দ্বাৰা অনুষ্ঠিত হৈছে এখন বজাৰ । যত উপলব্ধ  হৈছে চিৰা , পিঠা, দৈ, ক্ৰীমকে ধৰি বিহুৰ সকলোবোৰ সামগ্ৰী । অসম ৰাজিক গ্ৰামীণ জীৱিকা অভিযান নদুৱাৰ খণ্ড অভিযান পৰিচালনা শাখাৰ উদোগত অনুষ্ঠিত হোৱা এই অসমী বহাগী মেলাত নদুৱাৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত দহটা গাঁও পঞ্চায়তৰ মহিলা আত্মসহায়ক গোটৰ সদস্য সকলে তৈয়াৰ কৰা বিহুৰ জা- জলপান সমূহ বিক্ৰী কৰা হয় ।

মহিলাৰ দ্বাৰা অনুষ্ঠিত হোৱা এই বজাৰ খনত যথেষ্ট ক্ৰেতাৰ ভীৰ পৰিলক্ষিত হয় ।দুদিন ধৰি অনুষ্ঠিত  হ’ব লগা এই মেলাখন আজি ৰঙা ফিটা কাটি শুভ উদ্বোধন কৰে স্থানীয় বিধায়ক পদ্ম হাজৰিকাই ।

জলেশ্বৰৰ প্ৰাক্তন বিধায়ক মইনউদ্দিন আহমেদৰ বিজেপিত যোগদান…

দ’ল বাগাৰা ৰাজনীতিৰ ফলত পুনৰ অসম প্ৰদেশ কংগ্ৰেছ দল মোক্ষম আঘাটত জড়জৰিত হ’ল।পুনৰ কংগ্ৰেছ দল ত্যাগ কৰিলে এগৰাকী কংগ্ৰেছী তথা দলৰে প্ৰাক্তন বিধায়কে। উল্লেখ্য যে ; জলেশ্বৰ বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক মইন উদ্দিন আহমেদে যোৱা ৮ এপ্ৰিল তাৰিখে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰে। ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰি মইন উদ্দিনে প্ৰকাশ কৰে যে ; ভাৰতীয় জনতা পাৰ্টীৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ সৰ্বাংগীন উন্নতিৰ স্বাৰ্থত তেওঁ বি জে পিত যোগদান কৰে।

ইফালে মইন উদ্দিন আহমেদে জনোৱা মতে কংগ্ৰেছে সংকীৰ্ণ ৰাজনীতিৰে বিভেদ সৃষ্টি কৰে। আজি ভাৰতীয় জনতা পাৰ্টীৰ অসম প্ৰদেশৰ মুখ্য কাৰ্যালয়ত দলটোৰ ৰাজ্যিক সভাপতি ভবেশ কলিতা ; সম্পাদক খনীন্দ্ৰ নাথ শৰ্মা আৰু জি এম ডিৰ অধ্যক্ষ নাৰায়ণ ডেকাৰ উপস্থিতিত যোগদান কাৰ্য্যসূচী সম্পন্ন কৰে।

মেৰাপানীত পেগু অপৃনৰ তৃতীয় ত্ৰি-বাৰ্ষিক অধিৱেশন…

মিচিং সমাজৰ সৰ্ববৃহৎ গোত্ৰ তাকাম পেগু অপৃন ( সদৌ পেগু মহাসভা) ৰ তৃতীয় ত্ৰি-বাৰ্ষিক অধিৱেশনখন গোলাঘাট জিলাৰ মেৰাপানীৰ গমাৰিগুৰিত কালি সফল সামৰণি পৰিছে ৷ গমাৰীগুৰিৰ পুলি বাগানস্হিত তাকাম দৈয়াং মৃৰং উকুম লত্তাত ৮,৯ আৰু ১০ এপ্ৰিলত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা অধিৱেশনখনৰ তিনিওটা দিনেই গুমৰাগ নত্যৰ ছন্দোবদ্ধ গতিত মুখৰিত হৈ পৰে তাকাম দৈয়াং মৃৰং উকুম লত্তাৰ চৌদিশ ৷ কাৰ্যসূচী অনুযায়ী অধিৱেশনখনৰ প্ৰথম দিনা পুৱা সামূহিক চাফাই অভিযান শুভাৰম্ভ কৰে তাকাম পেগু অপৃন মহাসভাৰ তৃতীয় ত্ৰি-বাৰ্ষিক অধিৱেশনৰ অভ্যৰ্থনা সমিতিৰ সম্পাদক ৰাজু পেগুৱে ৷ ৮ বজাত গছপুলি ৰোপন কাৰ্যসূচী শুভাৰম্ভ কৰে বন বিষয়া সিন্দুমণি পেগু আৰু শিক্ষক বিজু কুমাৰ পেগুৱে ৷ ৯ বজাত পৰম্পৰাগত খাদ্য মেলাৰ দ্বাৰ মুকলি কৰে সমবায় বিভাগৰ অৱসৰপ্ৰাপ্ত পৰিদৰ্শক বিনোদ পেগুৱে ৷ ১০ বজাত চিত্ৰাংকন,আকস্মিক বক্তৃতা আৰু কবিতা আবৃত্তি প্ৰতিযোগিতা উদ্বোধন কৰে নাজমিন পেগুৱে ৷ নিশা সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰে গোলাঘাট জিলাৰ আই টি ডি পিৰ অধ্যক্ষ বিশ্ব পেগুৱে ৷ অধিৱেশনৰ দ্বিতীয় দিনা পুৱা ৭ বজাত চাফাই অভিযান শুভাৰম্ভ কৰে অভ্যৰ্থনা সমিতিৰ যুটীয়া সম্পাদক মিলন সিং পেগুৱে ৷ ৮ বজাত শ্ৰদ্ধাঞ্জলী অনুষ্ঠান আৰম্ভ কৰা হয় ৷ আঁত ধৰে অনন্ত পেগুৱে ৷

পুৱা ১১ বজাত দূৰদূৰণিৰ অতিথি সকলক আদৰণি জনোৱা হয় ৷ নেতৃত্ব দিয়ে শেখৰ পেগুৱে ৷ বিয়লি ১ বজাত প্ৰতিনিধি পঞ্জীয়ন, ৩ বজাত তাকাম পেগু অপৃন মহাসভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সমিতিৰ অন্তিম কাৰ্যনিৰ্বাহক বৈঠক অনুষ্ঠিত হয় ৷ ৪ বজাত প্ৰতিনিধি সভা মুকলি কৰে অভ্যৰ্থনা সমিতিৰ সভাপতি দিনেশ পেগুৱে ৷ নিশালৈ শিল্পী অই আপ্পুন গণেশ পেগু সোঁৱৰণি সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত কৰে ৷ উদ্বোধন কৰে অভ্যৰ্থনা সমিতিৰ সাংস্কৃতিক সম্পাদক হিৰণ্য পেগুৱে ৷ অধিৱেশনৰ অন্তিম দিনা পুৱা ৬ বজাত চাফাই অভিযান শুভাৰম্ভ কৰে কতন পেগুৱে ৷ ৮ বজাত পতাকা উত্তোলন কৰে তাকাম পেগু অপৃন মহাসভাৰ সভাপতি দেবিৰাম পেগুৱে ৷ ৯ বজাত স্মৃতিচাৰণ অনুষ্ঠান শুভাৰম্ভ কৰে অজিত পেগুৱে ৷ ৯-৩০ বজাত সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয় ৷ সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে অভ্যৰ্থনা সমিতিৰ কাৰ্যকৰী সভাপতি জয়দেৱ পেগু আৰু তেওঁক সহযোগ কৰে কাৰ্যকৰী সদস্য এন্টনি পেগুৱে ৷ দুপৰীয়া ১২ বজাত মুকলি সভা অনুষ্ঠিত কৰা হয় ৷ সভিপতিত্ব কৰে তাকাম পেগু অপৃন মহাসভাৰ কেন্দ্ৰীয় সভাপতি দেবিৰাম পেগুৱে ৷ ইয়াৰ পূৰ্বে শিল্পী হিৰণ্য পেগুৰ নেতৃত্বত আৰম্ভণি গীত পৰিৱেশন কৰা হয় ৷ ইয়াৰ পিছতে মুকলি সভা অনুষ্ঠিত হয় ৷ মুকলি সভাত বহু স্বনামধন্য ব্যক্তি, গৱেষক আৰু লেখক উপস্থিত থাকে ৷


পেগু অপৃন মহাসভাৰ অধিৱেশন উপলক্ষে প্ৰকাশিত ‘পেঃগু’ স্মৃতগ্ৰন্হ উন্মোচন কৰে অৱসৰপ্ৰাপ্ত চিকিৎসক তথা চলচিত্ৰ নিৰ্মাতা ডাঃ কৃপানাথ পেগুৱে ৷ আটকধুনীয়া গ্ৰন্থখন সম্পাদনা কৰিছে মুখ্য সম্পাদক অনন্ত পেগু আৰু সম্পাদক অজিত কুমাৰ পেগুৱে ৷ প্ৰকাশক হৈছে অসম চৰকাৰৰ ভৈয়াম জনজাতি উন্নয়ন পৰিষদৰ অৱসৰপ্ৰাপ্ত জেষ্ঠ প্ৰৱন্ধক দিনেশ পেগুৱে ৷ নিশালৈ বিশিষ্ট লেখিকা তথা চলচিত্ৰ নিৰ্মাতা, বিদ্যালয় সমূহৰ পৰিদৰ্শক নিৰদা দলে পেগুৰ সোঁৱৰণি সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত হয় ৷ সাংস্কৃতিক নিশাৰ কাৰ্যসূচী উদ্বোধন কৰে অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত সাংস্কৃতিক সঞ্চালক, গৱেষক ড° পবিত্ৰ কুমাৰ পেগুৱে ৷ সাংস্কৃতিক অনুষ্ঠানত কুকিলকণ্ঠী গায়িকা দিপ্তিৰাণী পেগুৰ লগতে নৱপ্ৰজন্মৰ বহু গায়ক-গায়িকাই গীত পৰিৱেশন কৰে ৷ ইপিনে প্ৰতিনিধি সভাৰ তীব্ৰ বাক-বিতাণ্ডা, চিঞৰ-বাখৰৰ অন্তত পেগু অপৃন মহাসভাৰ নতুন কেন্দ্ৰীয় সমিতিখন গঠন কৰা হয় ৷ এইমতে দিনেশ পেগুক সভাপতি, হেমন্ত পেগু, তুলেশ্বৰী পেগুক উপসভাপতি, দিলীপ পেগুক সাধাৰণ সম্পাদক, ভগীৰথ পেগু, অনিল পেগুক সহকাৰী সম্পাদক, ডাঃ পদ্মেশ্বৰ পেগুক কোষধ্যক্ষ, দীপ কুমাৰ পেগুক সাংস্কৃতিক সম্পাদক, ফুলেশ্বৰ পেগুক সহকাৰী সংস্কৃতিক সম্পাদক, দিনবৰ পেগু, উমানন্দ পেগু, তৰুণ পেগু, অনিমা পেগুক সাংগঠনিক সম্পাদক আৰু নীলেশ্ব পেগুক আলোচনী সম্পাদক হিচাপে মনোনীত কৰা হয় ৷ আনপিনে সমিতিখন পিছত আৰু অধিক পদবী অন্তৰ্ভুক্ত কৰাৰ সম্ভাৱনা আছে ৷

কবি নীলমণি ফুকনে গ্ৰহণ কৰিলে জ্ঞানপীঠ বঁটা…

  • কাব্যঋষি নীলমণি ফুকনলৈ ২০২১ বৰ্ষৰ জ্ঞানপীঠ বঁটা।

  • সোমবাৰে ৰবীন্দ্ৰ ভৱনত প্ৰদান কৰা হয় এই বঁটা।

  • অসমীয়া সাহিত্য জগতৰ বাবে আজি এটা বিশেষ দিন।

  • মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰদান কৰিলে এই বঁটা।

  • জ্ঞানপীঠ বঁটা গ্ৰহণ কৰিয়েই মনৰ অনুভৱ ব্যক্ত কৰিলে নীলমণি ফুকনে।

  • কাব্যঋষিয়ে ক’লে ”মানুহতকৈ কোন আছে, কোনোবা যদি দেৱতা আছে তেৱোঁ মানুহ”।

  • প্ৰথমবাৰৰ বাবে অসমত প্ৰদান কৰা হয় এই বঁটা।

‘ভাৰতবৰ্ষৰ ঐক্যত আঘাত সানি দেশখনক টুকুৰা-টুকুৰ কৰিব বিচাৰিছে BJPয়ে’- সাংসদ অজিত কুমাৰ ভূঞা

ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাৰ সংবাদেমল

অসম তথা উত্তৰ-পূৰ্বাঞ্চলত দশম শ্ৰেণীলৈকে হিন্দী ভাষাক বাধ্যতামূলক কৰা সন্দৰ্ভত মন্তব্য ভূঞাৰ

পূৰ্বৰে পৰা RSSৰ হিন্দী,হিন্দু আৰু হিন্দুস্তানীৰ দৰ্শন BJPয়ে প্ৰয়োগ কৰি আহিছে

ভাৰতবৰ্ষৰ ঐক্যত আঘাত সানি দেশখনক টুকুৰা-টুকুৰ কৰিব বিচাৰিছে BJPয়ে

অসম তথা উত্তৰ-পূবৰ নেতৃত্বক দুৰ্বল আখ্যা। কেৱল দিল্লীৰ কথামতেই সকলোখিনি মানি লোৱাৰ অভিযোগ

জাতীয় দল-সংগঠনসমূহকো সমালোচনা ভূঞাৰ

দল-সংগঠন আৰু চৰকাৰৰ দুৰ্বলতাৰ সুযোগ পাই অমিত শ্বাহে এনে সিদ্ধান্ত ল’ব পাৰিছে

এই কাৰ্যই অসমীয়া ভাষা সংস্কৃতিক দুৰ্বল কৰি ধ্বংসমুখী কৰিব

উত্তৰ ভাৰতৰ সংস্কৃতি আমদানি কৰাৰ বাবেই এয়া কৰা হৈছে, এয়া সৰ্বনাশী সিদ্ধান্ত

কোনো মানুহে বহিঃৰাজ্যত চাকৰি কৰিবলৈ হিন্দী জনাটো বাধ্যতামূলক

আগন্তুক অধিৱেশনত সংসদৰ মজিয়াত এই সমগ্ৰ বিষয় সজোৰে উত্থাপন কৰিব অজিত ভূঞাই

হিন্দী বাধ্যতামূলক কৰা এই কাৰ্য “সাংস্কৃতিক সন্ত্ৰাসবাদ”ৰ বাহিৰে একো নহয়

মানিমুনি শাকৰ গুণাগুণৰ বিষয়ে পঢ়ক

মানিমুনি এবিধ বনৌষধি উদ্ভিদ ৷ ইয়াৰ বৈজ্ঞানিক নাম চেনটেলা ত্ৰিছয়াটিকা ৷ এইবিধ উদ্ভিদ সাধাৰণতে জেকা সেমেকা মাটিত হোৱা জলজ উদ্ভিদ ৷ ই একেলগে থূপ পাতি থাকে ৷ গা-গছৰ ঠাৰিডাল দীঘল হয় ৷ ফুলনিৰ বাগিচা, জলাশয় বা পুখুৰীৰ পাৰ আদিত ইয়াক সহজে পোৱা যায় ৷ ইয়াৰ পাতবোৰ খাজ কটা, সৰু, মিহি ৷ বৰ্তমান ঋতুত অতি সুলভ মানিমুনি শাক আমাৰ শৰীৰৰ বাবে খুবেই দৰকাৰী ৷ বিশেষকৈ, পেটৰ যিকোনো বেমাৰৰ বাবে ই এবিধ মহৌষধ হিচাপে কাম কৰে ৷ মানিমুনি শাকৰ ৰস নিয়মীয়াকৈ খালে পেটৰ অসুখত কোনোদিনে ভুগিব নালাগে ৷ কেৱল মাত্ৰ পেটৰ অসুখতে নহয়, আলচাৰ, হাপানিৰ লগতে চৰ্ম ৰোগৰ বাবেও মানিমুনি শাক খুবেই অত্যাৱশ্যকীয় পথ্য ৷ মানিমুনি শাকে মস্তিষ্কৰ কোষবোৰ গঠনত সহায় কৰে ৷ বিভিন্ন কাৰণত আমাৰ শৰীৰৰ মৃত কোষৰ বাবে ছালখন শুকান হ’বলৈ ধৰে, মানিমুনি শাকৰ ৰসে মৰিবলৈ ধৰা কোষবোৰ পুনৰ গঠন কৰি ছালখন সজীৱ কৰি তোলে ৷ মানিমুনি শাকে স্নায়ুতন্ত্ৰ সক্ৰিয় কৰি তোলাত সহায় কৰে ৷

এইবিধ শাক খালে আমাৰ চুলি পকা, সৰা আদি বন্ধ হয় ৷ দেহত কোনো পুৰণি ক্ষতস্থান থাকিলে ইয়াৰ ৰস ব্যৱহাৰ কৰিলে নিৰাময় পোৱা যায় ৷ মানিমুনি ৰসে স্বাস্থ্য সতেজ কৰাৰ উপৰি আমাৰ যৌৱন ধৰি ৰখাতো সহায় কৰে ৷ আমি পৰাপক্ষত মানিমুনি শাক খাই আমাৰ শৰীৰক সুস্থ-সতেজ কৰি ৰাখিব পাৰোঁ ৷

দক্ষিণৰ চুপাৰষ্টাৰৰ মহেশ বাবুয়ে বলীউডত কাম কৰিব কিয় নিবিচাৰে

দক্ষিণৰ চুপাৰষ্টাৰৰ মহেশ বাবুয়ে বলীউডত কাম কৰিব নিবিচাৰে। মহেশ বাবুয়ে হায়দৰাবাদৰ এটা অনুষ্ঠানত বক্তব্য ৰাখে তেলেগু চুপাৰষ্টাৰ মহেশ বাবু এখন ৰাজহুৱা অনুষ্ঠানত অংশ ল’বলৈ হায়দৰাবাদত উপস্থিত হৈছিল। অনুষ্ঠানটোত, যেতিয়া তেওঁক হিন্দী চলচ্চিত্ৰত কাম কৰাৰ বিষয়ে সোধা হৈছিল, অভিনেতাজনে কৈছিল, “মই হিন্দী চলচ্চিত্ৰত কাম কৰাৰ প্ৰয়োজন নাই। মই এখন তেলেগু চলচ্চিত্ৰ কৰিম আৰু আজিকালি সমগ্ৰ দেশতে একেখন দেখা গৈছে। গতিকে মই বিশেষকৈ হিন্দী চলচ্চিত্ৰত কাম কৰাৰ প্ৰয়োজন নাই। “অভিনেতাজনে ভাইৰেল ভিডিঅ’টোত কথা পাতিছিল।এফালে, বহুতো দক্ষিণ তাৰকাই বলীউডত তেওঁলোকৰ প্ৰথম খন ছবিত স্বাক্ষৰ কৰিছে, মহেশ বাবুৰ এই বিষয়ে ভিন্ন দৃষ্টিভংগী আছে। অনুষ্ঠানটোৰ এটা ভিডিঅ’ সামাজিক মাধ্যমত দ্ৰুতগতিত ভাইৰেল হৈ আছে। মহেশ বাবুয়ে আৰআৰআৰ পৰিচালক এছ এছ ৰাজামৌলীৰ সৈতে এখন চলচ্চিত্ৰত স্বাক্ষৰ কৰিছে। অনুষ্ঠানটোত, যেতিয়া মহেশক ৰাজামৌলীৰ সৈতে কাম কৰাৰ বিষয়ে সোধা হৈছিল, অভিনেতাজনে কৈছিল, “মই ৰাজামৌলীৰ প্ৰকল্পটোক লৈ অতি উৎসাহিত। তেওঁ চাৰি বছৰ বয়সত অভিনয়ৰ আৰম্ভণি কৰিছিল।


মহেশ বাবুয়ে চাৰি বছৰ বয়সত অভিনয়ৰ আৰম্ভণি কৰিছিল। অভিনেতাজনক ১৯৭৯ চনৰ ‘নিদা’ চলচ্চিত্ৰত শিশু শিল্পী হিচাপে দেখা গৈছিল। তেওঁ ৰাজকুমাৰৰুডুৰ সৈতে মুখ্য অভিনেতা হিচাপে অভিনয় জীৱন আৰম্ভ কৰিছিল আৰু শ্ৰেষ্ঠ পুৰুষ অভিষেকৰ বাবে নন্দী বঁটাও লাভ কৰিছিল। মহেশ বাবুয়ে নন্দী বঁটা, ফিল্মফেয়াৰ চাউথ এৱাৰ্ড, দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আৰু চিনেমা বঁটা আদিকেইবাটাও বঁটা লাভ কৰিছে।আগন্তুক প্ৰকল্পসমূহকৰ্মক্ষেত্ৰৰ বিষয়ে ক’বলৈ গ’লে, মহেশ বাবুক পৰৱৰ্তী সময়ত কীৰ্তি সুৰেশৰ সৈতে পৰশুৰাম পেটলাৰ ‘চৰকাৰী বাৰী পাটা’ত দেখা যাব। ছবিখন ১২ মে’ত মুক্তি পাব। তেওঁ ত্ৰিবিক্ৰম শ্ৰীনিবাস আৰু এছ এছ ৰাজামৌলীৰ সৈতে চলচ্চিত্ৰত স্বাক্ষৰ কৰিছে।