Home Blog Page 249

NASA Warns: দূৰত্ব গতিৰে পৃথিৱী অভিমুখে আহি আছে এটা বিশাল গ্ৰহাণু, ২৪ মে’ৰ বিয়লি নিচেই কাষ চাপিব পৃথিৱীৰ

NASA Warns: দূৰত্ব গতিৰে পৃথিৱী অভিমুখে আহি আছে এটা বিশাল গ্ৰহাণু
NASA Warns: দূৰত্ব গতিৰে পৃথিৱী অভিমুখে আহি আছে এটা বিশাল গ্ৰহাণু

আইফেল টাৱাৰৰ আকাৰৰ এটা গ্ৰহাণু(NASA Warns)পৃথিৱীৰ ফালে হুৰহুৰাই আহি আছে। নাছাই ঘোষণা কৰিছে যে এই গ্ৰহাণুটো পৃথিৱীৰ অতি ওচৰেৰে পাৰ হ’ব। এই গ্ৰহাণুটোৰ নাম ৩৮৭৭৪৬। ই বহলে ৩৩৫ মিটাৰ। ইয়াৰ আকাৰ প্ৰায় ১০০ মহলীয়া অট্টালিকাৰ সমান। ২৪ মে’ৰ বিয়লি পৃথিৱীৰ অতি ওচৰেৰে পাৰ হ’ব এই গ্ৰহাণুটো।


এতিয়ালৈকে উপলব্ধ তথ্য অনুসৰি নাছাই এই গ্ৰহাণুটোৱে পৃথিৱীৰ সৈতে সংঘৰ্ষ হোৱাৰ সম্ভাৱনা কম বুলি কৈছে। কিন্তু এই গ্ৰহাণুৰ গতি বহুত বেছি। এই গ্ৰহাণুটো প্ৰতি ঘণ্টাত প্ৰায় ৩০ হাজাৰ কিলোমিটাৰ বেগেৰে ওচৰ চাপিছে। যদি এই গ্ৰহাণুটোৱে পৃথিৱীত খুন্দা মাৰে তেন্তে ই পৃথিৱীত এক বিশাল গাঁতৰ সৃষ্টি কৰিব। নাছাৰ বিজ্ঞানীসকলে এই গ্ৰহাণুটোৰ ওপৰত অতি তীক্ষ্ণ দৃষ্টি ৰাখিছে। এই বছৰ পৃথিৱীৰ কক্ষপথৰ মাজেৰে কেইবাটাও গ্ৰহাণু পাৰ হৈ গৈছে। এই সকলোবোৰ পৃথিৱীৰ প্ৰান্তত পাৰ হৈ গৈছে। ই পৃথিৱী আৰু চন্দ্ৰৰ মাজত অতি বেগেৰে পাৰ হৈ যাব। কিন্তু আটাইতকৈ চিন্তনীয় কথাটো হ’ল এই ধৰণৰ গ্ৰহাণুৰ কক্ষপথ বুলি কোনো বস্তু নাই।

গতিকে যিকোনো সময়তে যিকোনো দিশত নিজকে আগুৱাই নিব পাৰে। ফলত যদি ই পৃথিৱীত খুন্দা মাৰে তেন্তে ই প্ৰায় ১০০০ টা পৰমাণু বোমাৰ সমতুল্য হ’ব। নাছাৰ বিজ্ঞানীসকলৰ মতে যোৱা কেইবছৰমানৰ পৰা পৃথিৱীৰ কাষ চাপি অহা গ্ৰহাণুৰ সংখ্যা বৃদ্ধি পাইছে। এতিয়া নাছাৰ আটাইতকৈ ডাঙৰ চিন্তা হৈছে এয়া সৌৰজগতত নতুন বিপদৰ লক্ষণ নেকি? যদি এনে গ্ৰহাণুৰ সংখ্যা বাঢ়ি গৈ থাকে তেন্তে এই প্ৰশ্ন উত্থাপন হয় যে তাত পৃথিৱী কিমান দিন জীয়াই থাকিব পাৰিব। এই গ্ৰহাণুবোৰ ধ্বংস কৰাৰ শক্তি পৃথিৱীৰ নাই। সেই দৃষ্টিকোণৰ পৰা এই গ্ৰহাণুবোৰে পৃথিৱীকে ধৰি যিকোনো গ্ৰহৰ বহু ক্ষতি কৰিব পাৰে।

Duliajan News: এটা পেট্ৰ’ল পাম্পে ৰাজনৈতিক কেৰিয়াৰ ডুবাব নেকি বিধায়ক তেৰছ গোৱালাৰ! শংকৰজ্যোতি বৰুৱাৰ উত্থানত শংকিত হৈছে কোন?

Duliajan News: এটা পেট্ৰ’ল পাম্পে ৰাজনৈতিক কেৰিয়াৰ ডুবাব নেকি বিধায়ক তেৰছ গোৱালাৰ!
Duliajan News: এটা পেট্ৰ’ল পাম্পে ৰাজনৈতিক কেৰিয়াৰ ডুবাব নেকি বিধায়ক তেৰছ গোৱালাৰ!

তৈলনগৰী দুলীয়াজানৰ শেহতীয়া পৰিস্থিতিয়ে(Duliajan News)এতিয়া সমগ্ৰ ৰাজ্যৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে৷ দুলীয়াজানৰ এটা পেট্ৰ’ল ডিপোক কেন্দ্ৰ কৰি সৃষ্টি হোৱা অপ্ৰীতিকৰ পৰিস্থিতিৰ অচিলা হৈ সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাক গ্ৰেপ্তাৰ কৰা আৰু গ্ৰেপ্তাৰৰ পিছত বৰুৱাক সাধাৰণ চোৰ, ডকাইত অথবা দুৰ্ধৰ্ষ সন্ত্ৰাসবাদীৰ দৰে হেণ্ডকাফ লগোৱাৰ কথাই ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ ফিৰিঙতিয়ে এতিয়া দুলীয়াজানত খান্দৱ দাহৰ সূচনা কৰাৰ আশংকাই দেখা দিছে৷ কিয়নো শংকৰজ্যোতি বৰুৱাৰ সমৰ্থনত এতিয়া জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, বীৰ লাচিত সেনা আদিৰ দৰে জাতীয়তাবাদী সংগঠনসমূহ ওলাই আহিছে৷ এনে সময়তে বহুতে এই বুলি চৰ্চা কৰিছে যে দুলীয়াজানত শেহতীয়াকৈ এনে জাতীয়তাবাদী মনোভাৱে বিধায়ক তেৰছ গোৱালাৰ দুৰ্গত কঁপনি তুলিছে৷

বিশেষ সূত্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি শংকৰজ্যোতি বৰুৱাৰ গ্ৰেপ্তাৰৰ আঁৰত এক গভীৰ ৰাজনৈতিক ষড়যন্ত্ৰ লুকাই আছে৷ বহুতে এই বুলিও মন্তব্য কৰিছে যে এই ৰাজনৈতিক ষড়যন্ত্ৰৰ আঁৰত হয়তো বিধায়ক তেৰছ গোৱালাৰ প্ৰত্যক্ষ হাত আছে৷ সেই বাবেই তেওঁ কতৃৰ্পক্ষক টেলিফোন কৰি তেল ডিপোত সংঘটিত ঘটনাৰ তদন্ত বিচাৰি জোৰ দিছিল বুলি বহুতে মন্তব্য কৰিছে৷ নাম প্ৰকাশত অনিচ্চুক একাংশ লোকে প্ৰকাশ কৰা অনুসৰি দুলীয়াজান সমষ্টিত শেহতীয়াকৈ প্ৰাক্তন আছু নেতা শংকৰজ্যোতি বৰুৱাৰ প্ৰভাৱ ভালেখিনি বৃদ্ধি পাইছে৷ শংকৰজ্যোতি বৰুৱাৰ ঘৰ হৈছে নাওহোলা মৌজাৰ দুই নং বৰকলাত৷ একেদৰে বিধায়ক তেৰছ গোৱালাৰো ঘৰ হৈছে একেটা পঞ্চায়তৰে নাওহলীয়াত৷ শেহতীয়াকৈ বিশেষ সূত্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি তেৰছ গোৱালাৰ বাবে প্ৰধান ৰাজনৈতিক প্ৰতিদ্বন্দ্বী হৈ পৰিছে প্ৰাক্তন আছু নেতা শংকৰজ্যোতি বৰুৱা৷ শংকৰজ্যোতি বৰুৱাই এতিয়াও আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰা নাই যদিও তেওঁ শীঘ্ৰেই বিজেপিত যোগদান কৰিব বুলি বিভিন্নজনে মন্তব্য কৰিছে৷ এনে পৰিস্থিতিত যদি শংকৰজ্যোতি বৰুৱাই বিজেপিত যোগদান কৰে তেন্তে তেৰছ গোৱালাৰ বাবে ২০২৬ৰ বিধানসভা নিৰ্বাচনত গেৰুৱা দলৰ পৰা টিকট পোৱাটো বৰ সহজ নহ’ব বুলি বিভিন্নজনে মন্তব্য কৰিছে৷ কিয়নো খোদ চাহ জনগোষ্ঠীৰ মাজতে এতিয়া তেৰছ গোৱালাৰ জনপ্ৰিয়তাৰ গ্ৰাফডাল ক্ৰমান্বয়ে নিম্নগামী হোৱা বুলি বিভিন্নজনে চৰ্চা কৰিছে৷

ইয়াৰ বিপৰীতে শংকৰজ্যোতি বৰুৱাই সমষ্টিটোৰ চাহ জনগোষ্ঠীটোৰ লগতে গোৰ্খা সম্প্ৰদায়ৰ মাজতো বিশেষ প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হোৱা বুলি বহুতে আলোচনা কৰিছে৷ শংকৰজ্যোতি বৰুৱাই ইতিমধ্যে ইয়ুথ ক্লাব খুলি যুৱ প্ৰজন্মক বাৰুকৈয়ে আকৃষ্ট কৰিবলৈ সক্ষম হৈছে বুলিও বহুতে মন্তব্য কৰিছে৷ একেদৰে নিজৰ ভেটি সবল কৰিবলৈ শংকৰজ্যোতি বৰুৱাই দুখীয়া ছাত্ৰ-ছাত্ৰীক চাইকেল আদি প্ৰদান কৰাৰ লগতে গাঁঠিৰ ধন ভাঙি আৰ্থিক সাহায্যও প্ৰদান কৰি অহা বুলি সৰ্বত্ৰে এতিয়া আলোচনা হৈছে৷ কেৱল সেয়াই নহয় বিধায়ক তেৰছ গোৱালাৰ ঘৰৰ সমীপতে উদ্বোধন কৰা এটা প্ৰতিমূৰ্তিৰ উদ্বোধনী অনুষ্ঠানলৈ তেৰছ গোৱালাক নিমন্ত্ৰণ কৰাৰ সলনি শংকৰজ্যোতি বৰুৱাকহে নিমন্ত্ৰণ কৰাৰ কথাই চাহ জনগোষ্ঠীৰ মাজতো যে তেৰছ গোৱালাই জনপ্ৰিয়তা হেৰুৱাইছে তাকেই প্ৰমাণ কৰা বুলি বহুতে আলোচনা কৰিছে৷ সেয়ে আউসীৰ ধাৰ পূৰ্ণিমাত শুজিবলৈ তেৰছ গোৱালাই প্ৰাকে প্ৰকাৰন্তে শংকৰজ্যোতি বৰুৱাক তেল ডিপোৰ ঘটনাৰ গোচৰত গ্ৰেপ্তাৰ কৰোৱাই হেণ্ডকাফ লগোৱাৰ দৃশ্য চাই আত্মতৃপ্তি লভা বুলি বিভিন্নজনে তাৎপৰ্যপূৰ্ণভাৱে মন্তব্য কৰা পৰিলক্ষিত হৈছে৷ লক্ষণীয় কথাটো হ’ল এক বিশেষ সূত্ৰই প্ৰকাশ কৰা অনুসৰি দুলীয়াজানৰ শেহতীয়া ঘটনাৱলীক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুঠেও সুখী নহয়৷

সেই বাবেই তেওঁ তেৰছ গোৱালাক একপ্ৰকাৰ ধমকি দিয়া বুলিও সূত্ৰটোৱে প্ৰকাশ কৰিছে৷ অৱশ্যে তেৰছ গোৱালাই তেনে ধমকিৰ বাবেই হওক বা আন কোনো কাৰণতেই হওক এতিয়া শংকৰজ্যোতি বৰুৱাৰ গ্ৰেপ্তাৰৰ আঁৰত যে তেওঁৰ কোনো হাত নাছিল সেই কথা বাৰম্বাৰ সংবাদ মাধ্যমৰ জৰিয়তে ক’বলৈ বাধ্য হোৱা বুলিও বহুতে এতিয়া চৰ্চা কৰিছে৷ যি কি নহওক বিধায়ক তেৰছ গোৱালাৰ ভেটিত কঁপনি তুলিবলৈ সক্ষম হোৱা শংকৰজ্যোতি বৰুৱাই পৰৱৰ্তী সময়ত কাৰাগাৰৰ পৰা ওলাই আহি কেনে ৰাজনৈতিক ৰণকৌশল ৰচনা কৰে সেয়া লক্ষণীয় হ’ব৷ বহুতে এই বুলিও আলোচনা কৰিছে যে শংকৰজ্যোতি বৰুৱাক কাৰাগাৰলৈ প্ৰেৰণ কৰি যেন গোৰ মাৰি তেওঁক গংগাতহে পেলোৱা হ’ল৷ অৱশ্যে সময়ত স্পষ্ট হ’ব দুলীয়াজানৰ ৰাজনৈতিক দৃশ্যপট কেনে হয়, কোন কাৰ পক্ষত থাকে আৰু কোনে গেৰুৱা বাহিনীৰ আস্থা অৰ্জন কৰিব পাৰে৷

Khelo India Beach Games: প্ৰথম খেলো ইণ্ডিয়া বীচ গেমছঃ ছেপাকটাক্ৰ’-পেনচাক চিলাটৰ তিনিটা শাখাৰ ফাইনেলত অসমৰ খেলুৱৈ

Khelo India Beach Games: প্ৰথম খেলো ইণ্ডিয়া বীচ গেমছঃ ছেপাকটাক্ৰ’-পেনচাক চিলাটৰ তিনিটা শাখাৰ ফাইনেলত অসমৰ খেলুৱৈ
Khelo India Beach Games: প্ৰথম খেলো ইণ্ডিয়া বীচ গেমছঃ ছেপাকটাক্ৰ’-পেনচাক চিলাটৰ তিনিটা শাখাৰ ফাইনেলত অসমৰ খেলুৱৈ

চলিত প্ৰথম খেলো ইণ্ডিয়া বীচ গেমছত অসমৰ সাফল্যৰ যাত্ৰা অব্যাহত আছে৷ বৃহস্পতিবাৰে(Khelo India Beach Games) অসমে পেনচাক চিলাটত এটা ব্ৰঞ্জৰ পদক জয় কৰাৰ লগতে ছেপাকটাক্ৰ’ আৰু পেনচাক চিলাটৰ তিনিটা শাখাৰ ফাইনেলত প্ৰৱেশ কৰি সোণ জয়ৰ দিশে অগ্ৰসৰ হৈছে৷ ফাইনেলত অসম সফল নহলেও তিনিটা ৰূপৰ পদক যে লাভ কৰিব সেয়া নিশ্চিত৷ ইফালে, পেনচাক চিলাটতে অসমৰ আৰু এগৰাকী খেলুৱৈয়ে ছেমিফাইনেলত প্ৰৱেশ কৰি পদক জয় নিশ্চিত কৰিছে৷

বৃহস্পতিবাৰে অসমৰ ল’ৰাৰ ছেপাকটাক্ৰ’ দলে ৰেগু শাখাৰ ফাইনেলত প্ৰৱেশ কৰি দ্বিতীয়টো পদক জয় নিশ্চিত কৰে৷ ইফালে, পেনচাক চিলাটৰ ল’ৰাৰ ৬৫ কেজিত প্ৰাঞ্জল ৰাভা আৰু ছোৱালীৰ ৬৫ কেজি শাখাত লাকী দাসে ফাইনেলত প্ৰৱেশ কৰিছে৷ আনহাতে, ছোৱালীৰ ৭৫ কেজি শাখাত খেম কুমাৰীয়ে ছেমিফাইনেলত প্ৰৱেশ কৰি পদক নিশ্চিত কৰাৰ বিপৰীতে ল’ৰাৰ ৫৫ কেজি শাখাৰ ছেমিফাইনেলত পৰাস্ত হৈ ব্ৰঞ্জ লাভ কৰে টিপু পাটিৰে৷ এতিয়ালৈকে অসমে তিনিটা ব্ৰঞ্জ জয় কৰাৰ লগতে চাৰিটা পদক জয় নিশ্চিত কৰিলে৷

উল্লেখ্য যে দমন আৰু ডিউৰ লগতে দদৰা আৰু নগৰ হাৱেলিত অনুষ্ঠিত উদ্বোধনী বৰ্ষৰ প্ৰতিযোগিতাখনত অসমে কালি দুটা ব্ৰঞ্জৰ পদক জয় কৰি অভিযান আৰম্ভ কৰিছিল৷ প্ৰতিযোগিতাৰ তৃতীয় দিনটোত অসমে ছেপাকটাক্ৰ’ আৰু পেনচাক চিলাটত ব্ৰঞ্জ অৰ্জন কৰিছিল৷

ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আন্তৰ্জাতিক জৈৱ বৈচিত্ৰ্য দিৱস উদযাপন । Dhakuakhana Higher Secondary School

ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আন্তৰ্জাতিক জৈৱ বৈচিত্ৰ্য দিৱস উদযাপন । Dhakuakhana Higher Secondary School
ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আন্তৰ্জাতিক জৈৱ বৈচিত্ৰ্য দিৱস উদযাপন । Dhakuakhana Higher Secondary School

ঢকুৱাখনা, ২২ মে’, ২০২৫: Dhakuakhana Higher Secondary School । ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আন্তৰ্জাতিক জৈৱ বৈচিত্ৰ্য দিৱস উৎসাহ আৰু উদ্দীপনাৰে উদযাপন কৰা হয়। এই অনুষ্ঠানৰ আয়োজন হয় যুৱ আৰু পাৰিপাৰ্শ্বিক সংঘৰ সমন্বয়ক তথা প্ৰকৃতি লেখক মানস প্ৰতিম দত্তৰ পৰিচালনাত

অনুষ্ঠানটোৰ মুখ্য উদ্দেশ্য আছিল জৈৱ বৈচিত্ৰ্যৰ গুৰুত্ব সম্পৰ্কে সামাজিক সচেতনতা বৃদ্ধি কৰা আৰু যুৱ সমাজক পৰিৱেশ সংৰক্ষণৰ বাবে উৎসাহিত কৰা।

দিশ-নিৰ্দেশনা:
প্ৰকৃতি লেখক মানস প্ৰতিম দত্তই জৈৱ বৈচিত্ৰ্যৰ সংৰক্ষণৰ প্ৰয়োজনীয়তা আৰু পৰিৱেশৰ ভাৰসাম্য ৰক্ষাৰ ক্ষেত্ৰত ইয়াৰ ভূমিকা সন্দৰ্ভত এক প্ৰেৰণাদায়ক বক্তৃতা আগবঢ়ায়। তেওঁ কয়,

জৈৱ বৈচিত্ৰ্য আমাৰ প্ৰকৃতিৰ মূল স্তম্ভ। ইয়াক সুৰক্ষিত কৰাটো আমাৰ সকলোৰে দায়িত্ব। আমি সৰু সৰু পদক্ষেপৰে এই দায়িত্ব পালন কৰিব পাৰো।

তেওঁ গছপুলি ৰোপণ, পৰিষ্কাৰ পৰিৱেশ বজাই ৰখা, আৰু প্লাষ্টিকৰ ব্যৱহাৰ হ্ৰাস কৰাৰ দৰে সহজ পদক্ষেপৰ দ্বাৰা সকলে জৈৱ বৈচিত্ৰ্য সংৰক্ষণত অংশ গ্ৰহণ কৰিব পাৰি বুলি মত প্ৰকাশ কৰে।

শিক্ষকৰ সহায়তা আৰু অংশগ্ৰহণ:
অনুষ্ঠানত শিক্ষক দিপমজ্যোতি বৰুৱা আৰু বিজয় প্ৰসাদ কানুয়ে ছাত্ৰ-ছাত্ৰীসকলক উৎসাহিত কৰে। তেওঁলোকে জৈৱ বৈচিত্ৰ্যৰ শিক্ষাগত গুৰুত্ব আৰু পৰিৱেশৰ প্ৰতি দায়িত্বশীলতা সম্পৰ্কে আলোচনা কৰে।

স্থানীয় প্ৰসঙ্গ আৰু সচেতনতামূলক কাৰ্যসূচী:
অনুষ্ঠানত ঢকুৱাখনাৰ প্ৰাকৃতিক সম্পদ আৰু স্থানীয় উদ্ভিদ-প্ৰাণীৰ প্ৰজাতি সংৰক্ষণৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। থলুৱা মাছৰ সুৰক্ষা আৰু দায়ৱদ্ধতা সম্পৰ্কেও আলোচনাৰে স্থান পায়।

প্ৰদৰ্শনী আৰু প্ৰতিযোগিতা:
অনুষ্ঠানত তথ্যচিত্ৰ প্ৰদৰ্শন, পৰিৱেশ সচেতনতামূলক প্ৰতিযোগিতা, আৰু গছৰ প্ৰতি কৃতজ্ঞতা কাৰ্যসূচী আয়োজন কৰা হয়, যি ছাত্ৰ-ছাত্ৰীসকলৰ মাজত পৰিৱেশৰ প্ৰতি সদিচ্ছা আৰু সচেতনতা বৃদ্ধি কৰে।

সমাপ্তি:
অনুষ্ঠানৰ অন্তত সকলো অংশগ্ৰহণকাৰীক ধন্যবাদ জনোৱা হয় আৰু পৰিৱেশ সংৰক্ষণৰ বাবে সমূহ সহযোগিতা আৰু দায়িত্ববোধৰ আহ্বান জনোৱা হয়।

এই অনুষ্ঠানটি ঢকুৱাখনাত জৈৱ বৈচিত্ৰ্য আৰু পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত সচেতনতা বৃদ্ধি কৰা এক সফল পদক্ষেপ হিচাপে বিবেচিত হৈছে।

নতুন ৰূপত নগাঁৱৰ হয়বৰগাঁও ৰেল ষ্টেচন — ‘অমৃত ভাৰত ষ্টেচন আঁচনি’ৰ অন্তৰ্গত গৌৰৱময় উদ্বোধন । Haibargaon Railway Station 

নতুন ৰূপত নগাঁৱৰ হয়বৰগাঁও ৰেল ষ্টেচন — ‘অমৃত ভাৰত ষ্টেচন আঁচনি’ৰ অন্তৰ্গত গৌৰৱময় উদ্বোধন । Haibargaon Railway Station 
নতুন ৰূপত নগাঁৱৰ হয়বৰগাঁও ৰেল ষ্টেচন — ‘অমৃত ভাৰত ষ্টেচন আঁচনি’ৰ অন্তৰ্গত গৌৰৱময় উদ্বোধন । Haibargaon Railway Station 

২২ মে’২০২৫: Haibargaon Railway Station  । ঐতিহাসিক নগাঁৱৰ হয়বৰগাঁও ৰেল ষ্টেচনে আজি লাভ কৰিছে এক আধুনিক আৰু আকৰ্ষণীয় ৰূপ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰ্চুৱেলি মুকলি কৰা **‘অমৃত ভাৰত ষ্টেচন আঁচনি’**ৰ অধীনত, দেশজুৰি ১০৩ টাকৈ ৰে’ল ষ্টেচনৰ সৈতে পুনৰ নিৰ্মাণ সম্পন্ন হৈছে এই ষ্টেশনটো।

১৮৮৭ চনত স্থাপিত হয়বৰগাঁও ষ্টেচনক ১৫ কোটি ৮৫ লাখ টকাৰ ব্যয়ত আধুনিক ৰূপত গঢ়ি তোলা হৈছে। প্ৰতিদিনে প্ৰায় ১২০০ যাত্ৰীৰ সমাগম হোৱা এই ষ্টেশনখন নগাঁও চহৰৰ বাণিজ্যিক ক্ষেত্ৰৰ অন্যতম কেন্দ্ৰস্থল

ৰাজ্যবাসীৰ দীঘলীয়া প্ৰত্যাশা পূৰণ হোৱাৰ লগে লগে নগাঁৱৰ ৰাইজে উলহ-মালহ প্ৰকাশ কৰিছে।

🔹 বিশেষ অতিথি হিচাপে উপস্থিত আছিল অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য, যিয়ে উত্তৰ-পূব সীমান্ত ৰেল বিভাগৰ এখন বিশেষ নিৰীক্ষণ যানত গৈ নগাঁৱত উপস্থিত হয়।

🔹 লগতে ষ্টেচনটোত উপস্থিত আছিল কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা। ষ্টেচনৰ উদ্বোধন অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৰাজনৈতিক মন্তব্য প্ৰকাশ কৰি কয়—
“গৌৰৱ গগৈ সংক্ৰান্তত, ৰাজপুত্ৰৰ দম্ভালি আমাৰ আগত নচলিৱ।”

এই নতুন ৰূপত গঢ়ি উঠা হয়বৰগাঁও ৰেল ষ্টেচনে আগন্তুক দিনত যাত্ৰীৰ সুবিধা আৰু গৌৰৱৰ এক নতুন অধ্যায় আৰম্ভ কৰাৰ আশা প্ৰকাশ কৰিছে ৰেল বিভাগে।

জ্যোতি মালহোত্ৰাৰ সন্দেহজনক ভ্ৰমণ পোহৰলৈ: পাকিস্তানৰ বাবে তথ্য সংগ্ৰহৰ সন্দেহ । YouTuber Jyoti

জ্যোতি মালহোত্ৰাৰ সন্দেহজনক ভ্ৰমণ পোহৰলৈ: পাকিস্তানৰ বাবে তথ্য সংগ্ৰহৰ সন্দেহ । YouTuber Jyoti
জ্যোতি মালহোত্ৰাৰ সন্দেহজনক ভ্ৰমণ পোহৰলৈ: পাকিস্তানৰ বাবে তথ্য সংগ্ৰহৰ সন্দেহ । YouTuber Jyoti

YouTuber Jyoti । ভাৰতীয় গৃহ-সুৰক্ষা সংস্থাসমূহক চিন্তিত কৰি তোলা এক গুৰুত্বপূৰ্ণ তথ্য পোহৰলৈ আহিছে জ্যোতি মালহোত্ৰাৰ সন্দেহজনক কাৰ্যকলাপ সম্পৰ্কে। উচ্চ পদস্থ চোৰাংচোৱা সূত্ৰৰ অনুসৰি, জ্যোতি মালহোত্ৰাই ২০২৪ চনৰ জুলাই মাহৰ পৰা ছেপ্টেম্বৰ মাহৰ ভিতৰত কমেও তিনি বাৰ মুম্বাই ভ্ৰমণ কৰিছিল। এই সময়ছোৱাত তেওঁ পাকিস্তানৰ বাবে স্পৰ্শকাতৰ তথ্য সংগ্ৰহ কৰিছিল বুলি সন্দেহ কৰা হৈছে।

সূত্ৰ অনুসৰি—

  • প্ৰথম ভ্ৰমণ জুলাই মাহত: আহমেদাবাদৰ পৰা কৰ্ণাৱতী এক্সপ্ৰেছৰে মুম্বাই ভ্ৰমণ কৰিছিল। যাত্ৰাৰ সময়ত বিভিন্ন ৰে’ল ষ্টেচন আৰু স্পৰ্শকাতৰ এলেকাৰ ভিডিঅ’ তুলি ৰাখিছিল।
  • দ্বিতীয় ভ্ৰমণ আগষ্ট মাহত: নতুন দিল্লীৰ পৰা ১২১৩৮ পঞ্জাৱ মেইল ৰে মুম্বাই গ’ল। যাত্ৰা কালত পঞ্জাৱ মেইলক দেশ বিভাজনৰ সময়ৰ প্রেমৰ প্ৰতীক বুলি মন্তব্য কৰিছিল আৰু এক ভিডিঅ’ত ৰে’লখনৰ ইতিহাসৰ উল্লেখ কৰিছিল। এইবাৰ AC 2 Tier ডবাত ভ্ৰমণ কৰিছিল।
  • তৃতীয় ভ্ৰমণ ছেপ্টেম্বৰ মাহত: বিলাসী বাছেৰে মুম্বাই গৈ কেইবাদিনো থাকিছিল। সেই সময়ত একাধিক গুৰুত্বপূৰ্ণ স্থানত তোলা ভিডিঅ’ আৰু ফটো এতিয়া তদন্তকাৰী সংস্থাৰ হাতত।

তদন্তকাৰী সংস্থাসমূহে জ্যোতি মালহোত্ৰাৰ ম’বাইল আৰু লেপটপৰ পৰা উদ্ধাৰ কৰিছে সকলো ভ্ৰমণৰ সবিশেষ, যাৰ ভিতৰত স্পৰ্শকাতৰ তথ্য আৰু গোপন কন্টেণ্টো আছে। উল্লেখযোগ্য যে, জ্যোতিয়ে পূৰ্বে নষ্ট কৰি পেলোৱা ডিভাইচৰ পৰা পুনৰ ডাটা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে তদন্তকাৰী বিষয়াই

তদন্তত স্পষ্ট হৈছে যে, জ্যোতি মালহোত্ৰাই পাকিস্তানৰ বাবে ভাৰতৰ বিভিন্ন গুৰুত্বপূৰ্ণ স্থানৰ ভিডিঅ’ আৰু ফটো সংগ্ৰহ কৰিছিল। এই তথ্য পোহৰলৈ অহাৰ পাছত সুৰক্ষা সংস্থাসমূহ অধিক সতর্কতা অবলম্বন কৰিছে আৰু তদন্ত অধিক গভীৰ কৰি তোলা হৈছে।

এই সন্দেহজনক কাৰ্যকলাপে ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় সুৰক্ষা ক্ষেত্ৰত গভীৰ চিন্তা উদ্ৰেক কৰিছে।

১৭খন জিলাত Yellow Alert, ৪খন জিলাত Orange Alert জাৰি । Assam Weather Update

১৭খন জিলাত Yellow Alert, ৪খন জিলাত Orange Alert জাৰি । Assam Weather Update
১৭খন জিলাত Yellow Alert, ৪খন জিলাত Orange Alert জাৰি । Assam Weather Update

Assam Weather Update । অসমত বতৰে ল’ব কালৰূপ! ১৭খন জিলাত Yellow Alert, ৪খন জিলাত Orange Alert জাৰি

অসমত পুনৰ বতৰ খৰাপ হোৱাৰ আশংকা। বতৰ বিজ্ঞান বিভাগে ৰাজ্যৰ বিভিন্ন ঠাইত ধাৰাসাৰ আৰু অতিপাত বৰষুণৰ সম্ভাৱনা প্ৰকাশ কৰি Yellow Alert আৰু Orange Alert জাৰি কৰিছে।

Yellow Alert জাৰি কৰা জিলাসমূহত সম্ভাৱিত ধাৰাসাৰ বৰষুণৰ আশংকা প্ৰকাশ কৰা হৈছে। এই জিলাসমূহ হৈছে —

  • কোকৰাঝাৰ
  • চিৰাং
  • বাক্সা
  • বঙাইগাঁও
  • বৰপেটা
  • নলবাৰী
  • কামৰূপ (গ্ৰাম্য)
  • কামৰূপ (মহানগৰ)
  • গোৱালপাৰা
  • পশ্চিম কাৰ্বি আংলং
  • কাৰ্বি আংলং
  • ডিমা হাচাও
  • কাছাৰ
  • শিৱসাগৰ
  • চৰাইদেউ
  • ডিব্ৰুগড়
  • তিনিচুকীয়া

অন্যফালে, Orange Alert জাৰি কৰা জিলাসমূহত অতিপাত বৰষুণ হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰিছে বতৰ বিজ্ঞান বিভাগে। এই জিলাসমূহ হৈছে —

  • দক্ষিণ শালমাৰা
  • ধুবুৰী
  • শ্ৰীভূমি
  • হাইলাকান্দি

বতৰ বিজ্ঞান বিভাগে ৰাজ্যবাসীক সতৰ্ক থকাৰ আহ্বান জনাইছে। বিশেষকৈ নদীৰ কাষৰ অঞ্চল আৰু ভূমি পৰিস্কলনৰ আশংকা থকা এলেকাত ৰৈ থকা লোকসকলক সাৱধানতা অৱলম্বন কৰিবলৈ অনুৰোধ জনোৱা হৈছে।

প্ৰজন্মৰ হাৰ্টথ্ৰ’ব জুবিন গাৰ্গ অসুস্থ, চিকিৎসালয়ত ভৰ্তি ।zubeen garg

প্ৰজন্মৰ হাৰ্টথ্ৰ’ব জুবিন গাৰ্গ অসুস্থ, চিকিৎসালয়ত ভৰ্তি
প্ৰজন্মৰ হাৰ্টথ্ৰ’ব জুবিন গাৰ্গ অসুস্থ, চিকিৎসালয়ত ভৰ্তি

zubeen garg । জনপ্ৰিয় গায়ক, সংগীতকাৰ আৰু অভিনেতা জুবিন গাৰ্গক পেটৰ বিষ আৰু জ্বৰজনিত অসুস্থতাৰ বাবে নিশা গুৱাহাটীস্থ নেমকেয়াৰ হাস্পতালত ভৰ্তি কৰা হৈছে।

বুধবাৰে নিশা তেওঁৰ নতুন ছবি **‘ভাইমন দা’**ৰ বিশেষ প্ৰিমিয়াৰ অনুষ্ঠানত অংশগ্ৰহণ কৰি থাকোতেই হঠাৎ অসুস্থ হৈ পৰে শিল্পীগৰাকী। তাৰ পাছতেই তৎকালীনভাৱে নেমকেয়াৰ হাস্পতাললৈ লৈ যোৱা হয় আৰু চিকিৎসকৰ পৰামৰ্শ অনুসৰি ভৰ্তি কৰোৱা হয়।

বৰ্তমান জুবিন গাৰ্গ অভিজ্ঞ চিকিৎসকৰ এটা দলেৰে পৰিচালিত তত্বাবধানত আছে। চিকিৎসকৰ পৰা পোৱা তথ্য অনুসৰি তেওঁৰ অৱস্থা স্থিৰ ।

শিল্পীগৰাকীৰ দ্ৰুত আৰোগ্য কামনা কৰি সামাজিক মাধ্যমত উদ্বেগ প্ৰকাশ কৰিছে অনুৰাগীয়ে ।

কামপুৰত পৰকীয়া প্ৰেমৰ পৰিণতি :: পত্নী আৰু প্ৰেমিক শিক্ষকক নৃশংসভাবে হত্যা কৰি হত্যাকাৰীৰ আত্মসমৰ্পণ ।

কামপুৰত পৰকীয়া প্ৰেমৰ পৰিণতি :: পত্নী আৰু প্ৰেমিক শিক্ষকক নৃশংসভাবে হত্যা কৰি হত্যাকাৰীৰ আত্মসমৰ্পণ ।
কামপুৰত পৰকীয়া প্ৰেমৰ পৰিণতি :: পত্নী আৰু প্ৰেমিক শিক্ষকক নৃশংসভাবে হত্যা কৰি হত্যাকাৰীৰ আত্মসমৰ্পণ ।

২১ মে’ ২০২৫: নগাঁও জিলাৰ কামপুৰৰ পাছনিজাৰত কালি নিশা পৰকীয়া প্ৰেমৰ বাবে সংঘটিত হোৱা এক নৃশংস হত্যাকাণ্ডই বৃহত্তৰ কামপুৰৰ সভ্য সমাজক লজ্জানত কৰিছে । পৰকীয়া প্ৰেমৰ বাবে স্বামীয়ে ৰডেৰে কোবাই কোবাই হত্যা কৰিলে পত্নী আৰু এজন প্ৰেমিক শিক্ষকক ৷ খবৰ অনুসৰি, কামপুৰ পৌৰসভাৰ ৬ নং মহলাৰ একেটা ঘৰৰে দুটা পৃথক কোঠাত ভাড়াতীয়া হিচাপে থকা জয়কান্ত দাসৰ পত্নী গীতাৰাণী দাস আৰু শিক্ষক ভাস্কৰ নাথৰ মাজত অবৈধ সম্পৰ্ক গঢ় লৈ উঠিছিল৷

কৰ্মসূত্ৰে গুৱাহাটীৰ এটা কোম্পানীত থকা গীতাৰাণীৰ স্বামী জয়কান্তই কালি নিশা তেওঁৰ ভাড়াঘৰৰ ভিতৰত পত্নী গীতাৰাণী আৰু ভাস্কৰ নাথক একেলগে অসংযত  অৱস্থাত নিজ চকুৱে দেখা পাই ৰডেৰে কোবাই কোবাই হত্যা কৰে। হত্যাকাণ্ড সংঘটিত কৰি জয়কান্ত নাথে নিশাই কামপুৰ আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে । জয়কান্ত দাসৰ প্ৰকৃত ঘৰ দেৱ নাৰিকলী আৰু তেওঁৰ পত্নীৰ ঘৰ তুলসীমুখ দেউৰী গাঁৱত বুলি জানিব পৰা গৈছে।

তেওঁলোকৰ ষষ্ঠ শ্ৰেণীত পঢ়া পুত্ৰ সন্তান এটিও আছে। ইফালে, নিহত টেট শিক্ষক ভাস্কৰ নাথৰ ঘৰ মঙ্গলদৈৰ চিপাঝাৰত বুলি জানিব পৰা গৈছে। হত্যাৰ বলি হোৱা ভাস্কৰ নাথ কামপুৰ পুঠিমাৰীৰ এখন প্ৰাথমিক বিদ্যালয়ত শিক্ষকতা কৰিছিল। আনহাতে, হত্যাকাণ্ড সংঘটিত হোৱাৰ পিছতে নিশাই উচ্চপদস্থ আৰক্ষীৰ দল উক্ত স্থানত উপস্থিত হৈ সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰি আজি মৃতদেহ দুটা মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰে। ইতিমধ্যে হত্যাকাৰী জয়কান্ত দাসক আৰক্ষীয়ে আজি জে’ল-হাজোতলৈ প্ৰেৰণ কৰে।

এই হত্যাকাণ্ডৰ খবৰ পোৱাৰ পিছতে কামপুৰ অঞ্চলৰ যথেষ্ট সংখ্যক সচেতন লোক ভাড়াঘৰটিত উপস্থিত হৈ এই ঘটনা সমাজৰ বাবে অতি ক্ষতিকাৰক বুলি অভিহিত কৰি ঘটনাটোক একেমুখে ধিক্কাৰ দিয়ে আৰু এনে ধৰণৰ অপকৰ্ম ৰোধ কৰাৰ ক্ষেত্ৰত সজাগতামূলক পদক্ষেপ গ্ৰহণ কৰি যুৱ সমাজক আগবাঢ়ি আহিবলৈ আহ্বান জনায়।

অসম সাহিত্য সভাৰ, প্ৰথম বাৰৰ বাবে আনন্দৰাম বৰুৱাৰ ১৭৫ সংখ্যক জন্ম দিবস উদযাপন,প্ৰশস্তি গীত উদ্বোধন,”পতঞ্জলি মহাভাষ্য”ৰ উন্মোচন ।asom sahitya sabha

অসম সাহিত্য সভাৰ, প্ৰথম বাৰৰ বাবে আনন্দৰাম বৰুৱাৰ ১৭৫ সংখ্যক জন্ম দিবস উদযাপন,প্ৰশস্তি গীত উদ্বোধন,"পতঞ্জলি মহাভাষ্য"ৰ উন্মোচন ।asom sahitya sabha
অসম সাহিত্য সভাৰ, প্ৰথম বাৰৰ বাবে আনন্দৰাম বৰুৱাৰ ১৭৫ সংখ্যক জন্ম দিবস উদযাপন,প্ৰশস্তি গীত উদ্বোধন,"পতঞ্জলি মহাভাষ্য"ৰ উন্মোচন ।asom sahitya sabha

২১ মে’ ২০২৫ঃ asom sahitya sabha । ব্ৰিটিছ পণ্ডিত মেক্সমুলাৰ বা উইলিয়ামছৰ সৈতে তুলনামূলকভাৱে প্ৰখৰ মেধাসম্পন্ন প্ৰাচ্য পণ্ডিত আনন্দৰাম বৰুৱাৰ বুদ্ধিমত্তা আৰু উদ্ভাৱনী সক্ষমতাৰ সামঞ্জস্য বিচাৰ কৰিলে চকমপ্ৰদ অভিজ্ঞতা লভিব পৰা যায়। আনন্দৰাম বৰুৱাৰ প্ৰথম কাম হিচাপে বিবেচিত , তেওঁ প্ৰণয়ন কৰা ইংৰাজী-সংস্কৃত অভিধানৰ বাছকবনীয়া শব্দ নিৰ্মাণৰ জৰিয়তে। যেনে: তড়িৎ বাৰ্তাবাহক , উপ প্ৰতি সমাহৰ্তা, উপায়ুক্ত আদি যিবিলাক শব্দ কাহানিও পৃথিৱীৰ কোনো ভাষাত নাছিলেই বুলি জন্ম দিৱস অনুষ্ঠানত মুখ্য বক্তাৰূপে উপস্থিত থাকি বক্তব্য প্ৰদান কৰে অসম মহিলা বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ড° মালিনী গোস্বামীয়ে।

অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যালয়, চন্দ্ৰকান্ত সন্দিকৈ ভৱন যোৰহাট আৰু অসম সাহিত্য সভা গুৱাহাটী কাৰ্যালয়ৰ ভগৱতী প্ৰসাদ বৰুৱা ভৱনত বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপিত হোৱা ক্ষণজন্মা বিশ্ববন্দিত পণ্ডিত, অসমৰ ১ম গৰাকী স্নাতক, চিভিলিয়ান আনন্দৰাম বৰুৱাৰ ১৭৫ সংখ্যক জন্ম দিৱস উপলক্ষে আজি বিয়লি”অসম সাহিত্য সভা”ৰ উদ্যোগত আৰু কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ সহযোগত দুপৰীয়া ১ বজাত গুৱাহাটীৰ ভগৱতী প্ৰসাদ বৰুৱা ভৱনৰ সংগীতাচাৰ্য লক্ষ্মীৰাম বৰুৱা সদনত আয়োজন কৰা হয় এক শ্ৰদ্ধাৰ্ঘ্য অনুষ্ঠান। উক্ত অনুষ্ঠানতে অসম সাহিত্য সভাৰ সভাপতি ড° বসন্তকুমাৰ গোস্বামীৰ অহোপুৰুষাৰ্থত বাণীবদ্ধ হোৱা আনন্দৰাম বৰুৱাদেৱৰ জীৱন আধাৰিত প্ৰশস্তি গীতটি অসম সাহিত্য সভাৰ সকলো জিলা সাহিত্য সভা, শাখা সাহিত্য সভা আৰু অন্যান্য প্ৰতিষ্ঠানত আজি মুকলি কৰাৰ লগতে বিশ্ববাসীলৈ উছৰ্গিত কৰা হয়।

অসম সাহিত্য সভাৰ প্ৰতি শ্ৰদ্ধাশীল, অসমীয়া ভাষা-সাহিত্য-সংস্কৃতিৰ অনুৰাগী ৰাইজৰ উপস্থিতিত। লগতে উক্ত অনুষ্ঠানৰ সৈতে সংগতি ৰাখি উন্মোচন কৰা হয় অসম সাহিত্য সভাৰ দ্বাৰা প্ৰকাশিত আৰু অসম সাহিত্য সভাৰ সদস্য মহীয়ান মহেশ্বৰ হাজৰিকাই অসমীয়ালৈ অনুবাদ কৰা ” পতঞ্জলি মহাভাষ্য ” ৰ তিনিটা খণ্ডৰ। এই তিনিটা খণ্ডৰ উন্মোচন কৰে যথাক্ৰমে: অসম সাহিত্য সভাৰ মাননীয় প্ৰাক্তন সভাপতি ড° সূৰ্য্যকান্ত হাজৰিকা আৰু সংস্কৃত পণ্ডিত, প্ৰাক্তন উপাচাৰ্য ড° দীপক কুমাৰ শৰ্মাই। অনুষ্ঠানৰ শোভা বৰ্দ্ধন কৰি বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ড° ৰবীন দেৱ শৰ্মা, ড° ৰাজেন শৰ্মা, শ্ৰী ময়ুৰ বৰা, অসম সাহিত্য সভাৰ উপ-সভাপতি পদুম ৰাজখোৱা, কামৰূপ মহানগৰ জিলাৰ সভাপতি প্ৰফুল্ল বৰ্মন, সম্পাদক অৰুন মহন্ত, গুৱাহাটী কাৰ্যালয়ৰ সম্পাদক ডক্তৰ সঞ্জীৱ কুমাৰ শৰ্মা। অনুবাদ প্ৰকল্প উপ-সমিতিৰ আহ্বায়ক হৃদয়ান