Home Blog Page 2497

চিলাপথাৰৰ ফুলবাৰীত শ্ৰীমদ্ ভাগৱত মহাপুৰাণৰ সপ্তাহজুৰি জ্ঞানমহাযজ্ঞ,অজস্ৰ ভক্তৰ সমাগম

বিশ্ব শান্তি আৰু মানৱ কল্যাণৰ বাবে চিলাপথাৰৰ ফুলবাৰীত সাত দিনীয়া কাৰ্য্যসুচীৰে শ্ৰীমদ্ ভাগৱত মহাপুৰাণৰ সপ্তাহজোৰা জ্ঞানমহাযজ্ঞ অনুষ্ঠিত হৈছে।অৱসৰ প্ৰাপ্ত শিক্ষক নাৰদমুনি ঘিমিৰেৰ পত্নীৰ লগতে পুৰ্ব বংশৰ স্মৃতিত তেওঁৰ নিজ বাসভৱনত আয়োজন কৰা হৈছে এই ।সম্পূৰ্ণ নিজাবৱীয়া কৈ ঘিমিৰে পৰিয়ালে এই জ্ঞানমহাযজ্ঞ অনুষ্ঠানৰ আয়োজন কৰিছে। এই জ্ঞানমহাযজ্ঞ অংশ গ্ৰহণ কৰিবলৈ বিভিন্ন অঞ্চলৰ অজস্ৰ ভক্ত প্ৰাণ ৰাইজে ভিৰ কৰিছেহি।

প্ৰথম দিনাৰ কাৰ্য্যসুচী বিশাল জল যাত্ৰাৰে আৰম্ভ হয় , দ্বিতীয় দিনৰ পৰা কথা প্ৰৱচন আৰম্ভ হয়। কথা প্ৰৱচন কৰে পণ্ডিত আচাৰ্য হেমন্ত ভট্টৰায়ে সহযোগ কৰে পণ্ডিত মুকুন্দমণিয়ে। উখল মাখল পৰিৱেশত চলি থকা এই কাৰ্যসূচী কালিলৈ অন্ত পৰিব।

তামুলপুৰ জিলা প্ৰশাসনৰ উদ্যাগত তামুলপুৰৰ ৰঙালী বিহু উদযাপন সমিতি সমূহলৈ অসম চৰকাৰৰ তৰফৰ পৰা আৰ্থিক সাহায্য প্ৰদান

তামুলপুৰ জিলাৰ অন্তৰ্গত ৯ খন ৰঙালী বিহু উদযাপন সমিতিলৈ অসম চৰকাৰৰ তৰফৰ পৰা ডেৰ লাখ টকাকৈ আৰ্থিক সাহায্য আগবঢ়োৱা হয় ।সেই উপলক্ষে তামুলপুৰ জিলাৰ উপায়ুক্ত কাৰ্যালয়ত অনুষ্ঠিত অনুষ্ঠানটোৰ আঁত ধৰে তামুলপুৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত ডাঃ বেদাঙ্গ তালুকদাৰে ।

অনুষ্ঠানত উপস্থিত থাকি তামুলপুৰ জিলাৰ উপায়ুক্ত সীমান্ত কুমাৰ দাস , তামুলপুৰৰ বিধায়ক জলেন দৈমাৰী , এমচিএলএ হেমন্ত কুমাৰ ৰাভাকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তিয়ে তামুলপুৰ জিলাৰ ৯ খন ৰঙালী বিহু উদযাপন সমিতিলৈ ডেৰ লাখ টকাকৈ আৰ্থিক সাহায্য আগবঢ়ায় ।

‘দ্যা ছিলড্ৰেন অৱ গড’লৈ শ্ৰেষ্ঠ তথ্যচিত্রৰ বঁটা…

বিশিষ্ট তথ্য চিত্ৰ নিৰ্মাতা তথা চলচ্চিত্ৰ সমালোচক পাৰ্থজিৎ বৰুৱাৰ নৱতম তথ্যচিত্ৰ ”দ্যা ছিলড্ৰেন অৱ গড”(ঈশ্বৰৰ সন্তান)এ সপ্তম ‘কেলিফৰ্ণিয়া ইণ্ডিছ ফিল্ম এণ্ড স্ক্ৰীপ্ট ‘ মহোৎসৱত শ্ৰেষ্ঠ তথ্যচিত্রৰ বঁটা লাভ কৰে ।ছানলিট ষ্টুডিঅৰ বেনাৰত এই তথ্য চিত্ৰখন নিৰ্মাণ কৰা হৈছে।অসমীয়া ভাষাত নিৰ্মাণ কৰা ৩২ মিনিট দৈৰ্ঘ্যৰ তথ্যচিত্ৰখনত ভাৰতৰ সামাজিক,সাংস্কৃতিক ক্ষেত্ৰখনত থকা কেতবোৰ বাধাক দেখুওৱা হৈছে।তথ্যচিত্ৰখনত মানসিকভাবে ছোৱালীৰ পৰা এজন ল’ৰালৈ সলনিহৈ পৰা চনম নামৰ এগৰাকী ছোৱালীৰ মানসিক অৱস্থা আৰু সামাজিকভাবে সন্মুখীন হোৱা সমস্যাসমূহক দেখুৱাবলৈ চেষ্টা কৰা হৈছে।

উল্লেখযোগ্য যে এই তথ্যচিত্ৰখনৰ প্ৰযোজনা,পৰিচালনা আৰু চিত্ৰ নাট্য পাৰ্থজিৎ বৰুৱাৰ । পাৰ্থজিৎ বৰুৱাই কয় যে- তেওঁ আশা কৰে যে এল জি বি টি লোকসকলৰ প্ৰতি থকা চিন্তা সলনি হব আৰু আমি যে সকলো ঈশ্বৰৰ সন্তান তাক মানি লব।’ বৰুৱাই ‘দ্যা ছিলড্ৰেন অৱ গড”(ঈশ্বৰৰ সন্তান) নামৰ তথ্যচিত্ৰৰ বাবে লাভ কৰা সপ্তম ‘কেলিফৰ্ণিয়া ইণ্ডিছ ফিল্ম এণ্ড স্ক্ৰীপ্ট ‘ মহোৎসৱত শ্ৰেষ্ঠ তথ্যচিত্রৰ বঁটাটো এল জি বি টি কিউৰ লোক সকলৰ প্ৰতি উচ্চৰ্গা কৰিছে।

অবশেষত ধুবুৰী, গৌৰীপুৰ, গোলকগঞ্জ পৌৰসভাৰ অধ্যক্ষ আৰু উপাধ্যক্ষৰ নাম চূড়ান্ত…

আজি বিজেপিৰ ৰাজ্যিক নেতৃত্বই ধুবুৰী ..,গৌৰীপুৰ,গোলকগঞ্জ…পৌৰসভাৰ অধ্যক্ষ আৰু উপাধ্যক্ষৰ নাম চূড়ান্ত কৰা  হয়।        উল্লেখ্য যে, সদ্য সমাপ্ত পৌৰসভা নিৰ্বাচনত  ধুবুৰীৰ মুঠ ১৬টা ৱাৰ্ডৰ ১১টা ৱাৰ্ডতে বিজয়ী হৈ ধুবুৰী পৌৰসভাত নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ  কৰিছিল বি জে পি য়ে।  প্ৰত্যায়িত সেই বিজয়ৰ পিছত  পৌৰসভাখনৰ  সম্ভ্যাৱ্য অধ্যক্ষ আৰু উপাধ্যক্ষক লৈ দলটোৰ স্থানীয় একাংশ বিজয়ী প্ৰাৰ্থী ৰ মাজত বিগত দিনবোৰৰ চৰ্চা হোৱাৰ সময়ত,  সকলো চৰ্চাৰ অন্ত পেলাই আজি বিজেপিয়ে ধুবুৰী পৌৰসভাৰ অধ্যক্ষ আৰু উপাধ্যক্ষ কোন হ’ব সেয়া নিশ্চিত কৰে। বিজেপিৰ ধুবুৰী জিলাৰ ভাৰপ্ৰাপ্ত সভাপতি প্ৰসেনজিৎ দত্তই সম্পূৰ্ণ গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে দলৰ ৰাজ্যিক নেতৃত্বই ধুবুৰীৰ পৌৰসভাৰ অধ্যক্ষ আৰু উপাধ্যক্ষৰ নাম চূড়ান্ত কৰা বুলি সাংবাদিকক   অৱগত কৰে।  ধুবুৰীৰ ২ নং ৱাৰ্ডৰ পৰা বিজয়ী হোৱা তথা দলটোৰ প্ৰাক্তন জিলা সভাপতি ডা৹ দেবময় সান্নালক অধ্যক্ষ আৰু চহৰ খনৰ ১৫ নং ৱাৰ্ডৰ বিজয়ী প্ৰাৰ্থী  আইভি লতা ৰায়ক ধুবুৰী পৌৰসভাৰ উপাধ্যক্ষৰূপে  চূড়ান্ত  কৰা হোৱা বুলি প্ৰকাশ।

ইফালে, গৌৰীপুৰ পৌৰসভাৰ অধ্যক্ষ আৰু উপাধ্যক্ষৰ নাম ঘোষণা কৰে বি জে পি ৰ ৰাজ্যিক নেতৃবর্গই। সেই মৰ্মে, গৌৰীপুৰ পৌৰসভাৰ অধ্যক্ষ পদত জয়া বিশ্বাস আৰু উপাধ্যক্ষ পদত, বিজয় ৰায়ৰ নাম ঘোষণা কৰে ৷উল্লেখ্য যে,অসম পৌৰসভা আইনত থকা ব্যৱস্থা মতে পৌৰ নিৰ্বাচনত চহৰখনৰ মুঠ ১৬টা ৱাৰ্ডৰ ৱাৰ্ড আয়ুক্তৰ নাম চূড়ান্ত হোৱাৰ পিছৰ পৌৰসভাৰ  প্ৰথমটো বৈঠক অনুষ্ঠিত কৰাৰ নিৰ্দেশো ইতিমধ্যে জাৰী কৰিছে ধুবুৰী জিলা উপায়ুক্তয়ে ৷ নিৰ্দেশনা মতে, আজি ধুবুৰী পৌৰসভাৰ কাৰ্য্যলয়ত, পৌৰসভাৰ প্ৰথমটো বৈঠক অনুষ্ঠিতৰ অন্তত অধ্যক্ষ পদত ডা° দেবময় সান্যাল আৰু উপাধ্যক্ষ পদত আইভি লতাৰ লগতে মুঠ ১৬ গৰাকী ৱাৰ্ড আয়ুক্তই শপত লয়।  তাৰ ভিতৰত বিজেপি দলৰ ১১ জন, কংগ্ৰেছ দলৰ এজনী, অ গ প দলৰ দুই জন আৰু নিৰ্দলীয় দুই জন ওৱাৰ্ড আয়ুক্তই শপত গ্ৰহণ কৰে।আনহাতে গোলকগঞ্জ পৌৰসভা ৰ নতুন পৌৰসভা নেএী হিচাপে সাবিএী ৰায় ক আৰু উপ অধ ক্ষ্য হিচাপে টিঙ্কু নন্দী ক জিলা বিজেপি নিৰ্বাচিত কৰে। 

শৰীৰৰ আটাইতকৈ অপৰিষ্কাৰ অংশটো কি জানেনে?

শৰীৰৰ প্ৰতিটো অংশ পৰিষ্কাৰ ৰখাৰ প্ৰয়োজন। কিন্তু শৰীৰত কিছুমান অংগ আছে যাক আমি প্ৰায়ে পৰিষ্কাৰ ৰাখিবলৈ পাহৰি যাওঁ। গতিকে এইধৰণৰ শাৰীৰিক অংগ সহজে লেতেৰা হৈ পৰে। আপুনি জানেনে আপোনাৰ শৰীৰৰ আটাইতকৈ লেতেৰা অংশবোৰ কি?
শৰীৰৰ ভাৰসাম্য আৰু অন্যান্য অংগৰ স্বাস্থ্য বজাই ৰখাটোও নাভিৰ ওপৰত নিৰ্ভৰ কৰে। কিন্তু যদি এই অংশটো অপৰিষ্কাৰ হৈ পৰে, সমস্যাটো বাঢ়িব পাৰে। কিন্তু নাভিৰ পৰা ইমান বেয়া গোন্ধ কিয়?  প্ৰথমতে, জানো আহক৷ আমাৰ শৰীৰত ঘাম ওলায় আৰু শৰীৰৰ প্ৰ’টিন এচিড হৈ পৰে আৰু ছালৰ পৰা নিষ্কাশিত হয়। ইয়াৰ বাহিৰেও, শৰীৰৰ মৃত কোষবোৰ নাভিলৈ যায় আৰু জমা হয় যাৰ বাবে দুৰ্গন্ধ ওলাই আহে। গতিকে গা ধোৱাৰ সময়ত নাভিটো বিশেষকৈ পৰিষ্কাৰ কৰি ৰাখিব।


আনকি নাভিৰ তলত চিষ্ট থাকিলেও, দুৰ্গন্ধ ওলাই আহিব পাৰে। বিশেষকৈ যদি এই চিষ্টত সংক্ৰমণ হয়, তেনেহ’লে ইয়াৰ পৰা তৰল ওলাই আহে যাৰ পৰা দুৰ্গন্ধ ওলাই আহে। নাভিৰ গোন্ধে মূত্ৰনলীৰ সংক্ৰমণো সূচায়। আৰু এই ৰোগৰ ঔষধ হৈছে যথেষ্ট পানী খোৱা আৰু নিজকে পৰিষ্কাৰ ৰখা। যদি ভেঁকুৰ বা ইষ্ট সংক্ৰমণ হয়, নাভিৰ পৰা বেয়া গোন্ধ ওলাই আহিব পাৰে। পৰিষ্কাৰ কৰাৰ পাছতো, নাভিৰ দুৰ্গন্ধ নকমিলেও নিশ্চিতভাৱে চিকিৎসকৰ ওচৰলৈ যাওক। বহুলোকে নাভিত বিন্ধা কৰে। ইয়াৰ পৰা সংক্ৰমণ হোৱাৰ আশংকা আছে। বিভিন্ন প্ৰকাৰৰ বেক্টেৰিয়াৰ বাহ ৰখাৰ সম্ভাৱনা আছে। ফলস্বৰূপে, নাভিৰ পৰা গোন্ধ ওলাই আহে।

ৰণবীৰ আৰু আলিয়াৰ বিয়ালৈ কিয় নাহে সঞ্জয় দত্ত?

ৰণবীৰ কাপুৰ আৰু আলিয়া ভাটৰ বিয়াৰ লগে লগে বলীউডৰ বজাৰ আৰু অধিক গৰম হৈ আহিছে। খবৰ অনুসৰি আলিয়া আৰু ৰণবীৰে ১৩ৰ পৰা ১৫ এপ্ৰিললৈ বিবাহপাশত আবদ্ধ হ’বলৈ গৈ আছে। দুয়োজনৰ বিবাহস্থলীৰ পৰা বিবাহৰ অতিথিৰ তালিকালৈকে, সকলোবোৰৰ আয়োজন ইতিমধ্যে সমাপ্ত হৈছে। এই সময়ছোৱাত, পোৱা তথ্য অনুসৰি অভিনেতা সঞ্জয় দত্ত ৰণবীৰ আৰু আলিয়াৰ বিবাহৰ অংশ হ’ব নোৱাৰে। সঞ্জয় দত্তৰ ঘনিষ্ঠ সূত্ৰৰ মতে, তেওঁক এই আড়ম্বৰপূৰ্ণ বিবাহলৈ নিমন্ত্ৰণ জনোৱা হোৱা নাই। সূত্ৰটোৱে লগতে কয় যে, সঞ্জয় দত্তক বিবাহলৈ নিমন্ত্ৰণী শৰাইৰ আগবঢ়োৱাৰ বিষয়ে কোনো ধাৰণা নাই। একে সময়তে, তেওঁ দুয়োকে বিয়াৰ বাবে শুভকামনা প্ৰেৰণ কৰে। সঞ্জুৰ পাছত, তেওঁ ৰণবীৰ কাপুৰৰ সৈতে দীঘলীয়া বাৰ্তালাপ কৰিছিল আৰু তেওঁৰ কামৰ প্ৰশংসাও কৰিছিল। কিন্তু ১৩ৰ পৰা ১৫ এপ্ৰিলৰ ভিতৰত অনুষ্ঠিত হ’বলগীয়া কোনো বিবাহৰ বাবে তেওঁক আমন্ত্ৰণ জনোৱা হোৱা নাই সঞ্জয় দত্তক। 


ৰণবীৰ কাপুৰে সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত কৈছিল যে তেওঁৰ পিতৃ ঋষি কাপুৰে সঞ্জু চলচ্চিত্ৰত তেওঁৰ অভিনয় ভাল পাইছিল। এই চলচ্চিত্ৰখনত ৰণবীৰ কাপুৰে সঞ্জয় দত্তৰ চৰিত্ৰত অভিনয় কৰিছিল। চলচ্চিত্ৰখনত সঞ্জয়ৰ বাস্তৱ জীৱনৰ কাহিনী, ড্ৰাগছ আৰু অন্যান্য বস্তুৰ সৈতে তেওঁৰ সংগ্ৰাম দেখুওৱা হৈছে। সঞ্জয় দত্তই আলিয়া ভাটৰ সৈতে সড়ক-২ হিন্দী চলচ্চিত্ৰখনতো একেলগে কাম কৰে। এই ছবিখনত সঞ্জয় দত্তক আলিয়াৰ পিতৃৰ চৰিত্ৰত দেখা যায়। ৰণবীৰ আৰু আলিয়াৰ বিবাহৰ বিষয়ে নিৰন্তৰ বাতৰি প্ৰকাশ হৈ আছে সংবাদ মাধ্যম। অনুৰাগীও এই বিবাহক লৈ যথেষ্ট উৎসাহী৷ কৰণ জোহৰ, সঞ্জয় লীলা ভাঞ্চালী, জয়া আখটাৰ, শ্বাহৰুখ খান, আকাংক্ষা ৰঞ্জন, বৰুণ ধাৱান, অয়ন মুখাৰ্জী আৰু অন্যান্য চেলিব্ৰিটীসকলে বিয়াখনত অংশগ্ৰহণ কৰিব। বিয়াখন বান্দ্ৰাত ৰণবীৰ কাপুৰৰ ঘৰত অনুষ্ঠিত হ’বলৈ গৈ আছে। এই বিয়াৰ বাবে আলিয়া ভাটৰ পোছাক বিখ্যাত ডিজাইনাৰ সব্যসাচীৰ দ্বাৰা প্ৰস্তুত কৰা হৈছে।

ৰহাত ১৫ দিনীয়া হকীৰ প্ৰশিক্ষণ শিবিৰ আৰম্ভ…

অসম হকী সন্থা  আৰু অসম অলিম্পিক এচো’চিয়েচন উদ্যোগত আৰু ৰহা জাতীয় মহিলা ক্ৰীড়া সমিতি আৰু প্ৰাঞ্জল মেমৰিয়েল একাডেমীৰ  সহযোগত  আজিৰে পৰা ৰহাত এক ১৫ দিনীয়া প্ৰশিক্ষণ শিবিৰ আৰম্ভ হৈছে  । ৰহাৰ ‘ সুকল্প মেমৰিয়েল চিনিয়ৰ চেক্ৰেণ্ডৰী স্কুলৰ খেলপথাৰত  আজি বিয়লি আৰম্ভ হোৱা প্ৰশিক্ষণ শিবিৰটো উদ্বোধন  কৰে বিশিষ্ট সমাজকৰ্মী তথা অগপৰ নেতা বিষ্ণু দাসে ।

ক্ৰীড়া সংগঠক প্ৰভাত চন্দ্ৰ বৰাই আঁত ধৰা উদ্বোধনী অনুষ্ঠানত অসম অলিম্পিকৰ কোষাধ্যক্ষ তথা হকী ইণ্ডিয়াৰ কোষাধ্যক্ষ তপন দাস , বিশিষ্ট ক্ৰীড়া সংগঠক তথা প্ৰাঞ্জল মেমৰিয়েল একাডেমীৰ স্বত্বাধিকাৰী প্ৰভাত ভূঞা , বিশিষ্ট সমাজকৰ্মী সত্যজিৎ বৰা , নগাঁও ক্ৰীড়া সন্থাৰ সহ সম্পাদক তথা সাংবাদিক সমীৰ হাজৰিকা , অৱসৰপ্ৰাপ্ত অধ্যাপক যতীন্দ্ৰ কুমাৰ পাৰৈ ,ৰহাৰ সাংবাদিক বুলন চন্দ্ৰ নাথ , আন্তঃৰাষ্ট্ৰীয় হাৰিয়ানাৰ হকী খেলুৱৈ চক্সী পাৰৱান( SAKSHI PARWAR ) , প্ৰাক্তন খেলুৱৈ সঞ্জয় কাকতি  আদিয়ে অংশগ্ৰহণ কৰে । প্ৰশিক্ষণত আন্তঃৰাষ্ট্ৰীয় হকী খেলুৱৈ চক্সী পাৰৱাৰে ৩০ গৰাকী কিশোৰীক হকীৰ প্ৰশিক্ষণ দিব ।

মে’ মাহত প্ৰকাশ পাব মেট্ৰিক পৰীক্ষাৰ ফলাফল…  

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল মে’ মাহত প্ৰকাশ পাব। গহপুৰত উপস্থিত হৈ এই মন্তব্য প্ৰকাশ কৰে ছেবাৰ পৰীক্ষা নিয়ন্ত্ৰক নয়নজ্যোতি শৰ্মাই। যোৱা ১৫ মাৰ্চৰ পৰা ৩১ মাৰ্চলৈকে অনুষ্ঠিত হৈ যোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল অহা মে’ মাহৰ ভিতৰতে ঘোষণা কৰাৰ কথা সদৰী কৰি আজি সাংবাদিকৰ আগত শৰ্মাই কয় যে সকলো ঠিকে থাকে থাকিলে অহা মে’ মাহৰ ভিতৰতে মেট্ৰিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ’ব।

তেওঁ অসমৰ বিভিন্ন ঠাইৰ মেট্ৰিক পৰীক্ষাৰ বহী মূল্যায়ন কেন্দ্ৰ পৰিদৰ্শন কৰি গহপুুুৰত উপস্থিত হয়। তেওঁ প্ৰথমে গুৱাহাটীৰ মেট্ৰিক পৰীক্ষা বহী মূল্যায়ন কেন্দ্ৰ পৰিদৰ্শন কৰি ক্ৰমে দৰং, ওদালগুৰি, তেজপুৰ, বিশ্বনাথ, গহপুুুৰ আদি অঞ্চলৰ পৰীক্ষা বহী মূল্যায়ন কেন্দ্ৰ পৰিদৰ্শন কৰে।

নলবাৰী মেডিকেল কলেজ পৰিদৰ্শন স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তৰ…

নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰ ৰ অন্তৰ্গত দক্ষিণ গাঁওস্থিত নিৰ্মীয়মাণ নলবাৰী মেডিকেল কলেজত আজি আবেলি ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত  উপস্থিত হৈ চিকিৎসালয়খন পৰিদৰ্শন কৰে। উল্লেখ্য যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰ খনে ৰাজ্যখনৰ কেঞ্চাৰ ৰোগী সকলৰ চিকিৎসাৰ সুবিধাৰ বাবে টাটা ট্ৰাষ্টৰ সৈতে যৌথ ভাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ১৭ খন অতি উন্নত মানৰ কেঞ্চাৰ চিকিৎসালয় স্হাপনৰ ব্যৱস্থা গ্ৰহণ কৰিছে। ইয়াৰ অংগ স্বৰূপে ঘগ্ৰাপাৰৰ সমীপৰ দক্ষিণগাওঁৰ ১২০ বিঘা মাটিত নিৰ্মাণ কৰি থকা চিকিৎসা মহাবিদ্যালয়ৰ হাস্পাতাল চৌহদৰ ৮ বিঘা ভূমিত এখন কেঞ্চাৰ হস্পিটেলত স্হাপন কৰা হব বুলি নলবাৰীৰ বিধায়ক তথা মুখ্যমন্ত্ৰীৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱাই সদৰী কৰে। আজি আবেলি স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই নলবাৰীৰ বিধায়ক তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱাক লগত লৈ চিকিৎসা মহাবিদ্যালয় খন পৰিদৰ্শন কৰি নিৰ্মাণকাৰী গৌতম কনষ্ট্ৰাকচন কোম্পানীৰ এম ডি চি আৰ বদ্য, নলবাৰীৰ উপায়ুক্ত গীতিমনি ফুকনৰ লগত বিভিন্ন দিশৰ ওপৰত আলোচনা কৰে।

আনহাতে মন্ত্ৰী গৰাকীয়ে শীঘ্ৰেই চিকিৎসালয় খনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰিবলৈ গৌতম কনষ্ট্ৰাকচনক নিৰ্দেশ দিয়ে।  উল্লেখ্য যে- অহা ২৮ এপ্ৰিলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভাৰ্চুৱেলী উক্ত কেঞ্চাৰ চিকিৎসালয় খনৰ আধাৰশিলা স্হাপন কৰিব। আনহাতে উক্ত কেঞ্চাৰ চিকিৎসালয় খন স্হাপন হলে নলবাৰী জিলাৰ উপৰিও ওচৰৰ কেইবাখনো জিলাৰ কেঞ্চাৰ ৰোগী সকল বাৰুকৈয়ে উপকৃত হব বুলি মন্ত্ৰী গৰাকীয়ে আশা প্ৰকাশ কৰে। আজি মন্ত্ৰী গৰাকীক সংগ দিয়ে নলবাৰীৰ অতিৰিক্ত উপায়ুক্ত ফিৰদৌচ আলম শ্বৈখ, চক্ৰ বিষয়া মনিষা কলিতা, নলবাৰীৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ উমেশ ফাংচু,নলবাৰী লোক নিৰ্মাণ (গৃহ) কাৰ্যবাহী অভিযন্তা প্ৰাঞ্জল শৰ্মা, সহকাৰী কাৰ্যবাহী অভিযন্তা ধ্বজেন নাথ, নলবাৰী জিলা বিজেপিৰ সভাপতি ডাঃ মৃগাংক তালুকদাৰ, অগপৰ কেন্দ্ৰীয় নেতা দিলীপ কুমাৰ দাস, ডঃ ৰবীন দাস, বড়িগোগ বনভাগ মণ্ডল সভাপতি ডিম্বেশ্বৰ বেজবৰুৱা, বিজেপি নেতা ভ্ৰমৰ মজুমদাৰ আদি।

বঙাইগাঁৱত কেন্দ্ৰীয় বিষুৱা উৎসৱ উদযাপনৰ লাইখুটা স্থাপন…

বঙাইগাঁও চহৰৰ বৰপাৰা ৰাজহুৱা  খেলপথাৰত কেন্দ্রীয় বিষুৱা উৎসৱ উদযাপন সমিতি আৰু সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ যৌথ উদ্যোগত তিনিদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰিবলগীয়া কেন্দ্রীয় বিষুৱা উৎসৱৰ বৃহস্পতিবাৰে লাইখুটা স্থাপন কৰা হয় ৷ এই উপলক্ষে পুৱাৰ ভাগত বৰপাৰা ৰাজহুৱা খেল পথাৰত কেন্দ্ৰীয় বিহুৱা উৎসৱ উদযাপন সমিতিৰ সভাপতি প্ৰভাৱত বৈষ্ণৱ,  সাধাৰণ সম্পাদক সঞ্জীৱ কুমাৰ ৰায় ( কোচ), অন্যান্য বিষয়ববীয়াসকলৰ লগতে আক্ৰাছুৰ সভাপতি ক্ষীতিশ বৰ্মন, যুটীয়া সম্পাদক কপিলদেৱ সিংহ, কে এ চিৰ কাৰ্যবাহী পাৰিষদ পূৰৱী সৰকাৰ তথা ৰাইজৰ উপস্থিতিত মাংগলিৰ পৰম্পৰাৰ মাজেৰে বিষুৱা উৎসৱৰ লাইখুটা স্থাপন কৰা হয় ৷

অনুষ্ঠানত বিষুৱা উৎসৱ উদযাপন সমিতিৰ সৈতে জড়িত বিষয়ববীয়া সকলে আগন্তুক বিষুৱা উৎসৱটি সুকলমে অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত জাতি – ধৰ্ম,ভাষা- বৰ্ণ নিৰ্বিশেষে সকলো ৰাইজৰ সহায় সহযোগিতা কামনা কৰে ৷ ইপিনে বিষুৱা উৎসৱ উদযাপন সমিতিৰ সভাপতি প্ৰভাৱ বৈষ্ণৱে জানিবলৈ দিয়া মতে অহা ১৪ , ২০ আৰু ২১ এপ্ৰিলত তিনিদিনীয়া কাৰ্যসূচীৰে এই বিষুৱা উৎসৱটি উদযাপন কৰিব ৷ ইতিমধ্যে যাৱতীয় প্ৰস্তুতি চলি থকা বুলিও প্ৰকাশ কৰে ৷