Home Blog Page 2498

ৰাম নৱমীত অৱলম্বন কৰক এই ৫ টা সহজ উপায়, আপোনাৰ জীৱন সুখী আৰু সৌভাগ্যশালী হ’ব …

এই বছৰ ৰাম নৱমী দেওবাৰে, ১০ এপ্ৰিলত আছে। চ’ত মাহৰ শুক্লা নৱমীৰ দিনা অযোধ্যাত ভগৱান ৰামৰ জন্ম হৈছিল। ভগৱান বিষ্ণুৱে লংকাপতি ৰাৱণৰ অত্যাচাৰৰ পৰা তিনি লোকক মুক্ত কৰিবলৈ ৰামৱতাৰ লৈছিল। এই বছৰ, নৱমী তিথি ০৯ এপ্ৰিলৰ নিশা ১.২৩ বজাত আৰম্ভ হয়, যি ১১ এপ্ৰিলৰ পুৱা ৩.১৫ বজালৈকে। ৰাম নৱমী উপলক্ষে সমগ্ৰ দেশৰ ৰাম মন্দিৰত ভগৱান ৰামৰ উপাসনা আগবঢ়োৱা হ’ব। ৰাম নৱমী উপলক্ষে, আপুনি কিছুমান সৰল পদক্ষেপৰ দ্বাৰা আপোনাৰ জীৱন সুখী কৰিব পাৰে। ৰাম নৱমীৰ এই প্ৰতিকাৰবোৰৰ বিষয়ে জানো আহক।ৰাম নৱমী ২০২২ ৰ জ্যোতিষীয় প্ৰতিকাৰ….


১. ৰাম নৱমীৰ দিনা শুভ মুহুৰ্তত ভগৱান শ্ৰী ৰামক উপাসনা কৰক। সেই সময়ছোৱাত ৰাম স্তুতি শ্ৰীৰামচন্দ্ৰ কৃপালু ভজ মন… কৰ। ইয়াক পাঠ কৰিলে ব্যক্তিজনৰ দুখ-কষ্ট আঁতৰ হয়।

২. যদি আপুনি সংকটত আছে, আপুনি ইয়াক এৰাই চলিব লাগিব, তেন্তে ৰাম নৱমীৰ দিনা ৰাম ৰক্ষা ষ্টোট্ৰ পাঠ কৰক। ভগৱান শ্ৰীৰামে আপোনাক সুৰক্ষা দিব আৰু আপোনাৰ কল্যাণ তাত থাকিব।

৩. কোৱা হয় যে ৰাম নামটোৰ যথেষ্ট শক্তি আছে। ৰাম নৱমীৰ দিনা ভগৱান ৰামৰ উপাসনাৰ সময়ত ৰামৰ নাম জপ কৰক। জীৱনত সুখ থাকিব।

৪. ৰাম নৱমীত হনুমান চলিচা সম্পূৰ্ণৰূপে পাঠ কৰক, য’ত ভগৱান ৰাম আৰু তেওঁৰ ভক্ত হনুমানৰ প্ৰশংসা আছে। যাৰ ওপৰত শ্ৰীৰাম আৰু হনুমানজী সন্তুষ্ট, তেওঁৰ জীৱনত একো অপ্ৰাপ্য থাকিব নোৱাৰে। তেওঁৰ সকলো ইচ্ছা পূৰণ হৈছে।

৫. ৰাম নৱমীৰ দিনা, ৰামায়ণ বা ৰামচৰিতমান পাঠ কৰা অতি শুভ। ইয়াৰ ফলত নৱীকৰণযোগ্য গুণ প্ৰাপ্তি হয়।

চৰকাৰী খৰচত আইন বৰ্হিভূত PSO ৰাখিব নোৱাৰে আৰক্ষী বিষয়াইঃ মুখ্যমন্ত্ৰী

PSO কৰ্তনক লৈ দৃঢ়স্থিতি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷ মন্ত্ৰী ,বিধায়কৰ পিছত PSO কৰ্তন হ’ব আৰক্ষীৰ ৷ অতিৰিক্ত, আইন বৰ্হিভূত PSO ৰাখিব নোৱাৰে আৰক্ষীয়ে ৷ চৰকাৰী খৰচত নিয়োজিত PSOক আৰক্ষীয়ে ব্যৱহাৰ কৰিব নোৱাৰিব নিজ গৃহত ৷ দীৰ্ঘদিনে অসম আৰক্ষীত চলি অহা এই অশুভ পৰম্পৰা অৱসান ঘটাবলৈ বদ্ধপৰিকৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷ যাৰবাবে ইতিমধ্যে আৰক্ষী সঞ্চালক প্ৰধান, প্ৰতিখন জিলাৰ আৰক্ষী অধীক্ষক তথা বেটেলিয়ান কামাণ্ডেণ্টলৈ জৰুৰী পত্ৰ লিখিলে মুখ্যমন্ত্ৰীয়ে ৷

কোনে, ক’ত, কিমান বেটেলিয়ান জোৱান ৰাখিছে আৰক্ষী বিষয়াই? ১০ দিনৰ ভিতৰত মুখ্যমন্ত্ৰীক লিখিত প্ৰতিবেদন লাগে কামাণ্ডেণ্টৰ পৰা ৷ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ এই গুৰুত্বপূৰ্ণ নিৰ্দেশক আদৰণি জনাইছে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই ৷ আৰক্ষী সঞ্চালকপ্ৰধানগৰাকীয়ে এই সন্দৰ্ভত কয় যে, ‘ৰাজনৈতিক মেৰপাকৰ পৰা এতিয়া আৰক্ষী মুক্ত ৷ সেয়ে বিনাদ্বিধাই মুখ্যমন্ত্ৰীৰ এনে সিদ্ধান্ত কাৰ্য্যকৰী কৰিবলৈ সক্ষম হম ৷’ উল্লেখ্য যে, ৰাজ্যত ইতিমধ্যে ৭০০গৰাকী PSO প্ৰত্যাহাৰ কৰিছে মন্ত্ৰী-বিধায়কে ৷ মুখ্যমন্ত্ৰীৰ লক্ষ্য ২ হাজাৰক PSO মুক্ত কৰা হ’ব ৷

অসম আৰক্ষীত ব্যাপক সাল-সলনি…

  • অসম আৰক্ষীত সাল-সলনি

  • ৪ৰ্থ APBnৰ অধিনায়ক শিলাদিত্য চেতিয়াক অতিৰিক্ত দায়িত্ব

  • বিশেষ শাখাৰ আৰক্ষী অধীক্ষকৰ অতিৰিক্ত দায়িত্ব চেতিয়াক

  • শোণিতপুৰৰ SP ধনঞ্জয় ঘনৱাটক মুখ্য কাৰ্যালয়ৰ প্ৰশাসনিক শাখাৰ AIG হিচাপে বদলি

  • দৰঙৰ SP সুশান্ত বিশ্ব শৰ্মাক শোণিতপুৰৰ SP হিচাপে বদলি

  • প্ৰথম ATPFৰ অধিনায়ক ৰাজমোহন ৰয়ক দৰঙৰ SP হিচাপে বদলি

  • ডেপুটেশ্যনলৈ যাব প্ৰশাসনিক শাখাৰ AIG অমনজিৎ কৌৰ

  • প্ৰথম APBnৰ অধিনায়ক যুৱৰাজক চৰাইদেউৰ SP হিচাপে বদলি

  • চৰাইদেউৰ SP শুধাকৰ সিঙক DCP (East) হিচাপে গুৱাহাটীলৈ বদলি

  • গুৱাহাটীৰ DCP (East) শুভ্ৰজ্যোতি বৰাক শিৱসাগৰৰ SP হিচাপে বদলি

  • শদিয়াৰ SP মোহনলাল মিনাক যোৰহাটৰ SP হিচাপে বদলি

  • নলবাৰীৰ ASP পুস্কিন জৈনক পদোন্নতিসহ শদিয়াৰ SP হিচাপে বদলি

  • বিশ্বনাথৰ SP লীনা দলেক নগাঁৱৰ SP হিচাপে বদলি

  • মুখ্যমন্ত্ৰীৰ নিৰাপত্তাৰ SP নবীন সিঙক বিশ্বনাথৰ SP হিচাপে বদলি

  • পশ্চিম কাৰ্বি আংলঙৰ SP অজাগৌৰা বসুমতাৰীক তিতাবৰৰ তৃতীয় APBn লৈ বদলি

  • ৩নং বেটেলিয়নৰ অধিনায়ক ইমদাদ আলীক পশ্চিম কাৰ্বি আংলঙৰ SP হিচাপে বদলি

আজি বিশ্ব স্বাস্থ্য দিৱস; লালকিল্লাত সহস্ৰাধিক লোকৰ যোগ প্ৰদৰ্শন…

বিশ্ব স্বাস্থ্য দিৱস উপলক্ষে আয়ুষ মন্ত্রালয়ে বৃহস্পতিবাৰে লালকিল্লাৰ ১৫ আগষ্ট গ্ৰাউণ্ডত যোগ উৎসৱৰ আয়োজন কৰে। অনুষ্ঠানটোৱে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ ৭৫ দিনীয়া কাউন্টডাউন কাৰ্যসূচীৰো সূচনা কৰে। সহস্রাধিক লোকৰ যোগ প্ৰদৰ্শনেৰে মুখৰিত অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে উপস্থিত থাকে লোকসভাৰ অধ্যক্ষ ওম বিৰলা। অনুষ্ঠানত কেন্দ্রীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জনপথ তথা আয়ুষ মন্ত্রী প্রমুখো বহুকেইগৰাকী কেন্দ্ৰীয় মন্ত্রী, সাংসদ, বিভিন্ন দেশৰ ৰাষ্ট্ৰদূত, যোগ গুৰু, জ্যেষ্ঠ বিষয়া আৰু স্বেচ্ছাসেৱকসকলে সক্রিয় অংশগ্রহণ কৰে। সমবেত লোক সকলক সম্বোধন কৰি লোকসভাৰ অধ্যক্ষ ওম বিৰলাই যোগৰ গুৰুত্বৰ কথা উল্লেখ কৰি কয়, “যোগ হৈছে ভাৰতৰ সমৃদ্ধ সাংস্কৃতিক ঐতিহ্যৰ প্ৰতীক। মানৱ জীৱনৰ শাৰীৰিক মানসিক উৎকর্ষ সাধনত ইয়াৰ গুৰুত্ব অপৰিসীম। আজি বিশ্ব স্বাস্থ্য দিৱসত মই সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু যোগক বিশ্বৰ মজিয়ালৈ লৈ যোৱাৰ বাবে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীক ধন্যবাদ জ্ঞাপন কৰিছোঁ।”

এই অনুষ্ঠানত অংশ গ্ৰহণ কৰি কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, “যোগ হৈছে এক দৈনন্দিন অভ্যাস দিয়ে শৰীৰ আৰু মনৰ মাজত সমন্বয় গঢ় দিয়ে। ই আমাক শাৰীৰিক শক্তি প্ৰদান কৰে আৰু আধুনিক জীৱনৰ প্ৰত্যাহ্বানবোৰ সফলতাৰে মোকাবিলা কৰিবলৈ মানসিক ভাৰসাম্য তথা আৱেগিক স্থিৰতা প্ৰদান কৰে। আজি বিশ্ব স্বাস্থ্য দিৱসত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ ৭৫ দিনীয়া কাউন্টডাউন কাৰ্যসূচীৰ শুভাৰম্ভ অনুষ্ঠানৰ আয়ুষ মন্ত্ৰালয়ে আয়োজন কৰিছে। ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই মাননীয় প্রধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই ২০১৪ চনত ২১ জুনক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে ঘোষণা কৰিছিল। আমি ভাৰতৰ প্রায় ৭৫ টা ঐতিহ্যবাহী স্থানত যোগ প্ৰদৰ্শনৰ পৰিকল্পনা কৰিছোঁ। লগতে সূৰ্যৰ চলাচলৰ সৈতে সংগতি ৰাখি সমগ্র বিশ্বতে যোগ দিৱসৰ কাৰ্যসূচী প্রচাৰ কৰাৰো পৰিকল্পনা গ্ৰহণ কৰা হৈছে। মাননীয় প্রধানমন্ত্রী ডাঙৰীয়াৰ এক সূৰ্য, এক পৃথিৱী অভিযানৰ সৈতে এই পৰিকল্পনা সম্পর্কিত।” অনুষ্ঠানত অংশগ্ৰহণ কৰা প্ৰতিগৰাকী লোককে ধন্যবাদ জ্ঞাপন কৰে সোণোৱালে।

এয়াৰ ইণ্ডিয়াই বাতিল কৰিলে গুৰুত্বপূৰ্ণ বিমান সেৱা…

এয়াৰ ইণ্ডিয়াই বাতিল কৰিলে দিল্লী-মস্কো বিমান। এই বিমানখন সপ্তাহত দুবাৰকৈ দিল্লী-মস্কোক সংযোগ কৰিছে। এয়াৰ ইণ্ডিয়াৰ এক সূত্ৰ অনুসৰি ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত সংঘাতৰ বাবেই এই সিদ্ধান্ত লোৱা হৈছে। দুয়ো ৰাষ্ট্ৰৰ মাজত সংঘাতৰ ফলত বিমানখন চলাচল কৰাত ভাবুকিৰ সম্ভাৱনা যথেষ্ট বৃদ্ধি পাইছে। আনহাতে বিমানখনৰ এতিয়াও বীমা কভাৰেজ সুৰক্ষিত হোৱা নাই।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে বুধবাৰে জাৰি কৰা এক বিবৃতিত ভাৰতত থকা ৰাছিয়াৰ দূতাবাসে জনাইছিল যে এয়াৰ ইণ্ডিয়াই দিল্লীৰ পৰা মস্কোলৈ অহা আৰু উভতি অহা বিমানৰ টিকট বিক্ৰী বন্ধ কৰিছে। দূতাবাসে কৈছিল যে, এই সময়ত এয়াৰলাইনৰ বিমান ৰাছিয়ালৈ যাব নে নাই সেয়া স্পষ্ট নহয়। দূতাবাসে কৈছিল, যাত্ৰীসকলে তেওঁলোকৰ টিকটৰ বাবে সম্পূৰ্ণ ধন ঘূৰাই পাব। এয়াৰ ইণ্ডিয়াৰ এনে পদক্ষেপে অৱশ্যে মস্কোলৈ যাব বিচৰা অথবা মস্কোকৰ পৰা ভাৰতলৈ আহিব বিচৰা লোকসকল বিশেষ অসুবিধাৰ সন্মুখীন হ’ব নালাগে। কিয়নো যাত্ৰীসকলৰ বাবে বিকল্প পথ এতিয়াও আছে। যাত্ৰীসকলে তাচখন্দ. ইস্তাম্বুল, ডুবাই, আবুধাবি, দোহা আৰু অন্যান্য বিকল্প পথ ব্যৱহাৰ কৰিব পাৰিব।

আপুনি জানেনে? ক’ত আছে অসমৰ দ্বিতীয় বৃহৎতম নদীদ্বীপ!

পৃথিৱীৰ বৃহৎতম নদীদ্বীপ মাজুলি । কিন্তু এইখন অসমৰে দ্বিতীয় বৃহৎ নদী দ্বীপ কি, সেইকথা আপুনি জানেনে? শোণিতপুৰ জিলাৰ চতিয়া সমষ্টিৰ অন্তৰ্গত জামুগুৰিহাটৰ নিকটৱৰ্ত্তী অঞ্চলতে আছে অসমৰ দ্বিতীয়টো বৃহৎতম নদী দ্বীপ চিকম। ব্ৰহ্মপুত্ৰৰ উপ-নৈ জীয়া ভৰলী আৰু বৰদিকৰাই নদীৰ মাজত অৱস্থিত এই বৃহৎ নদী দ্বীপটোত মূলতে বসবাস কৰে মিচিং জনগোষ্ঠীয় লোকসকলে । জামুগুৰিহাটৰ পৰা নাওঁৰে যাতায়তৰ সুবিধা থকা তথা চিকম নামেৰে জনাজাত এই নদী দ্বীপ বিখ্যাত সুস্বাদু কচু খেতিৰ বাবে । প্ৰায় ২০০ ঘৰ লোকে বসবাস কৰে এই বৃহৎতম নদী দ্বিপ চিকমত ।

ইয়াত পুৰুষৰ সমান্তৰালকৈ মহিলাসকলেও সকলো কাম কৰা দেখা যায় । গৰু, ছাগলী, ভেড়া, মুৰ্গী, গাহৰি পালন কৰিও স্বাবলম্বীতাৰ পথ দেখুৱাবলৈ সক্ষম হৈছে । এই অঞ্চলৰ লোকসকলৰ প্ৰত্যেকখন ঘৰত চলাৰৰ জৰিয়তে বিদ্যুৎ লাভ কৰিছে । অসম চৰকাৰৰ সুদৃষ্টি পৰিলে হয়তু অসমৰ পয্যটনৰ ক্ষেত্ৰত জিলিকি উঠিব জীয়া ভৰলী আৰু বৰদিকৰাই নদীৰ মাজত অৱস্থিত এই নদী দ্বীপটো।

ডিব্ৰুগড় বিশ্ববিদ্যালয় যুৱ মহোৎসৱত দ্বিতীয় গড়গাঁও মহাবিদ্যালয়…

গোলাঘাটৰ দেৰগাঁও কমল দুৱৰা মহাবিদ্যালয়ত ৩ এপ্ৰিল পৰা ৬ এপ্ৰিললৈকে অনুষ্ঠিত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আন্ত:মহাবিদ্যালয় যুৱ মহোৎসৱ-২০২২ত শিৱসাগৰ জিলাৰ গড়গাঁও মহাবিদ্যালয় দলটিয়ে অতি সুন্দৰ প্ৰদৰ্শনেৰে চমকপ্ৰদ কৃতিত্ব অৰ্জন কৰে।  মুঠ ১৫ টা শিতানত পুৰস্কৃত হৈ গড়গাঁও মহাবিদ্যালয়ে একেৰাহে দ্বিতীয়বাৰৰ বাবে দ্বিতীয় শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰিবলৈ সক্ষম হয়। তদুপৰি মহাবিদ্যালয়ৰ ছাত্ৰী অনন্যা গগৈয়ে সংগীতৰ ৮ টা শিতানত পুৰস্কৃত হৈ একেৰাহে দ্বিতীয়বাৰৰ বাবে শ্ৰেষ্ঠ কণ্ঠশিল্পীৰ সন্মান লাভ কৰাত মহাবিদ্যালয় পৰিয়াল অতিকে উৎফুল্লিত হৈ পৰিছে। অনন্যা গগৈয়ে জ্যোতি সংগীত, বিষ্ণু ৰাভা সংগীত, জয়ন্ত সংগীত আৰু আধুনিক গীতত প্ৰথম স্থান, গজল প্ৰতিযোগিতাত দ্বিতীয় স্থান, একক লোকগীত, ভজন, আৰু পাৰ্বতী প্ৰসাদ বৰুৱা সংগীত প্ৰতিযোগিতাত তৃতীয় স্থান লাভ কৰে। তেনেদৰে  শোভন জ্যোতি দুৱৰা, অন্নপ্ৰসন্ন কাশ্যপ, ৰাহুল বৰুৱা আৰু দেৱপ্ৰতীম বৰগোহাঁইৰ দলটিয়ে লোকগীত প্ৰতিযোগিতাত প্ৰথম স্থান আৰু অনন্যা গগৈ, প্ৰস্তুতি ফুকন, কৌশিক ডেকা, পাৰ্থ প্ৰতীম শইকীয়া, বিকি গগৈ আৰু অন্নপ্ৰসন্ন কাশ্যপৰ দলটিয়ে সমবেত সংগীত প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে।

ঢোল বাদনত অন্নপ্ৰসন্ন কাশ্যপে প্ৰথম স্থান, ফটোগ্রাফি প্ৰতিযোগিতাত শুভ্ৰজ্যোতি গগৈয়ে তৃতীয় স্থান, ইনষ্টলেশ্যন আৰু ক্লে’ মডেলিং প্ৰতিযোগিতাত ত্ৰিবেণী বৰুৱাই তৃতীয় স্থান, একাংকিকা নাট প্ৰতিযোগিতাত তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হয়। মহাবিদ্যালয়ৰ দলটিৰ সফলতাত সন্তুোষ  প্ৰকাশ কৰি অধ্যক্ষ ড° সব্যসাচী মহন্তই দলটিৰ প্ৰতিগৰাকী সদস্যৰ লগতে শিক্ষক-তত্ত্বাৱধায়ক প্ৰণৱ দুৱৰা, ড° অঞ্জন কোঁৱৰ, ড° ৰিমঝিম বৰা, ড° বলোৰাম দাসকে প্ৰমুখ্য কৰি কৃতিত্বৰ আঁৰৰ সকলো ব্যক্তিক অভিনন্দন তথা কৃতজ্ঞতা জনায়। লগতে পৰৱৰ্তী সময়তো এনেধৰণৰ উৎকৃষ্ট প্ৰদৰ্শনৰ ধাৰাবাহিকতা বৰ্তাই ৰাখিবলৈ মহাবিদ্যালয় পৰিয়ালৰ প্ৰয়াস অব্যাহত থাকিব বুলি অভিমত প্ৰকাশ কৰে।

ডিব্ৰুগড়ত ‘অসমৰ ভাষা-সাহিত্য সংস্কৃতিৰ সংকট, প্ৰত্যাহ্বান আৰু আমাৰ কৰ্তব্য’ শীৰ্ষক বক্তৃতা সম্পন্ন…

 ডিব্ৰুগড় সাহিত্য সভা, ডিব্ৰুগড়ৰ কানৈ মহাবিদ্যালয়ৰ অসমীয়া বিভাগ আৰু অভ্যন্তৰীণ মান নিৰ্ণায়ক কোষৰ উদ্যোগত আজি ‘অসমৰ ভাষা-সাহিত্য সংস্কৃতি : সংকট, প্ৰত্যাহ্বান আৰু আমাৰ কৰ্তব্য’  শীৰ্ষক মনোজ্ঞ বক্তৃতানুষ্ঠান কানৈ মহাবিদ্যালয়ত শ্ৰীমন্ত শংকৰদেৱ সভাকক্ষত অনুষ্ঠিত হয়৷ অসম সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক তথা কটন বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক, শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ পৰিৱেশ্য কলা অধ্যয়ন বিভাগৰ অধ্যাপক, বিশিষ্ট লেখক ড৹ জগদীশ পাটগিৰিয়ে উক্ত বিষয়ত এক মনোগ্ৰাহী বক্তৃতা প্ৰদান কৰে৷ বৰ্তমান সময়ত অসমীয়া ভাষা-সাহিত্য-সংস্কৃতিৰ প্ৰতি আহি পৰা বিভিন্ন প্ৰত্যাহ্বানসমূহৰ বিষয়ে তথ্যসমৃদ্ধভাৱে উল্লেখ কৰি এইবোৰ কিদৰে নোহোৱা কৰি এক নতুনত্ব মাত্ৰা প্ৰদান কৰিব পাৰি সেই সন্দৰ্ভত ড৹ পাটগিৰিয়ে খুব সুন্দৰকৈ ব্যক্ত কৰি উপস্থিত সকলোকে চিন্তাৰ খোৰাক যোগায়৷

বক্তৃতানুষ্ঠানৰ আৰম্ভণিতে ডিব্ৰুগড় জিলা সাহিত্য সভাৰ সভাপতি ইন্দ্ৰ গগৈয়ে সাহিত্য সভাৰ তৰফৰ পৰা আদৰণি জনায়৷ কানৈ মহাবিদ্যালয়ৰ তৰফৰ পৰা অধ্যক্ষ ড৹ শশীকান্ত শইকীয়াই উপস্থিত সকলোকে সাদৰ সম্ভাষণ কৰা অনুষ্ঠানটোত ডিব্ৰুগড় জিলা সাহিত্য সভাৰ সম্পাদক পৰমেশ্বৰ নলবৰীয়াই শুভেচ্ছামূলক দুআষাৰ বক্তব্য আগবঢ়ায়৷ এই অনুষ্ঠানতে কানৈ মহাবিদ্যালয়ৰ গ্ৰীণ ক্লাবৰ পৰা প্ৰকাশিত আৰু অধ্যাপক এল ডুংগেলৰ সম্পাদনাত প্ৰকাশিত এখন মুখপত্ৰ উন্মোচন কৰে ড৹ জগদীশ পাটগিৰি আৰু উপস্থিত বিশিষ্ট ব্যক্তিসকলে৷ ‘অসমৰ ভাষা-সাহিত্য সংস্কৃতি : সংকট, প্ৰত্যাহ্বান আৰু আমাৰ কৰ্তব্য’ শীৰ্ষক বক্তৃতানুষ্ঠানটোত অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপিকা অঞ্জুমণি ফুকন, ডিব্ৰুগড় সাহিত্য সভাৰ সম্পাদক ৰাতুল বুঢ়াগোহাঁই, বিশিষ্ট লেখক, দৈনিক অগ্ৰদূত কাকতৰ সহকাৰী সম্পাদক হেমন্ত ভৰালী, উপাধ্যক্ষ ড৹ প্ৰিয়দেৱ গোস্বামী, অভ্যন্তৰীণ মান নিৰ্ণায়ক কোষৰ ড৹ মৃদুল শৰ্মাকে ধৰি বহুকেইগৰাকী গণ্য-মান্য ব্যক্তিয়ে এই অনুষ্ঠানটোত উপস্থিত থাকে৷ কানৈ মহাবিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰীসকলৰ লগতে ডিব্ৰু মহাবিদ্যালয়, মনোহাৰী দেৱী কানৈ মহাবিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু শিক্ষাৰ্থীসকল উপস্থিত থকা অনুষ্ঠানটোৰ আঁত ধৰে অসমীয়া বিভাগৰ সহকাৰী অধ্যাপিকা মুনমী বৰুৱাই৷

অসম চাহ মজদুৰ সংঘৰ প্ৰাক্তন সম্পাদকলৈ শ্ৰদ্ধাঞ্জলি…

অসম চাহ মজদুৰ সংঘ তেজপুৰ শাখাৰ প্ৰাক্তন সম্পাদক চন্দ্ৰ কান্ত প্ৰজাইৰ আত্মাৰ চিৰশান্তিৰ বাবে আজি অসম চাহ মজদুৰ সংঘ  তেজপুৰ শাখাৰ  লগতে শাখা সংঘৰ অন্তৰ্গত সমূহ চাহ বাগিচাত শাখা সংঘৰ নিৰ্দেশমৰ্মে  শ্ৰদ্ধাঞ্জলি ও শোকসভা অনুষ্ঠিত কৰে । আজি ৰঙাপৰা স্থিত সংঘৰ কাৰ্যালয়ত সংঘৰ তেজপুৰ শাখাৰ ভাৰপ্ৰাপ্ত সম্পাদক সুনিল টুটী, গাননীক গজেন শইকীয়া ,কাৰ্যালয় সম্পাদক অমিয় বৰঠাকুৰ,সংগঠক অনিল কন্দৰ লগতে বহু লোকে প্ৰয়াত চন্দ্ৰ কান্ত প্ৰজাইৰ প্ৰতিচ্ছবিত মাল্যাৰ্পন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।উল্লেখ্যযে যোৱা ২৬ মাৰ্চ তাৰিখত অসম চাহ মজদুৰ সংঘ তেজপুৰ শাখাৰ প্ৰাক্তন সম্পাদক ও শাখা সংঘৰ উপদেষ্টা চন্দ্ৰ কান্ত প্ৰজাৰ(৭৭)বছৰ বয়সত বিন্দুকুৰিৰ নিজা বাসগৃহত বাৰ্ধক্যজনিত কাৰনত মৃত্যু হৈছিল।

১৯৪৫ চনত ৰূপাজুলি চাহ বাগিচাত জন্ম গ্রহণ কৰা প্রজাই বাগিচাত প্রাথমিক শিক্ষা লয় আৰু বিন্দুকুৰি হাইস্কুলৰ পৰা হাইস্কুল শেষান্ত পৰীক্ষাত উৰ্ওীন হৈ দৰং মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্রি লাভ কৰি আইনৰ পাঠ্যক্ৰমত নাম লগায়। পৰৱৰ্তী সময়ত তেখেতে অসম চাহ মজদুৰ সংঘৰ তেজপুৰ শাখাৰ কাৰ্য্যালয় সম্পাদক, সহকাৰী সম্পাদক, সম্পাদক, উপদেষ্টা পদত বিগত ৩০ বছৰে সেৱা আগবঢ়াইছিল। তাৰোপৰি তেখেতে ৰঙাপৰা ব্লক কংগ্রেছৰ সভাপতি পদত দায়িত্ব ভাৰ লাভ কৰিছিল। তেখেতে বাগিচাৰ শ্রমিক আৰু কৰ্মচাৰী সকলৰ বিভিন্ন ধৰনৰ সমস্যা সমুহৰ হকে মাত মাতি আহিছিল।আজি সন্ধিয়া শাখা সংঘৰ অন্তৰ্গত সমূহ চাহ বাগিচাৰ শ্ৰমিক ৰাইজৰ ঘৰত এগচি চাকি জ্বলাই প্ৰয়াত চন্দ্ৰ কান্ত প্ৰজাইৰ আত্মাৰ চিৰশান্তিৰ বাবে প্ৰাৰ্থনা কৰিব বুলি সংঘৰ তেজপুৰ শাখাৰ ভাৰপ্ৰাপ্ত সম্পাদক সুনিল টুটীয়ে সংবাদ মাধ্যমক অৱগত কৰে।

বেদখল হোৱা সত্ৰ সমুহৰ ভুমি উচ্ছেদ সন্দৰ্ভত কৰা চৰকাৰৰ সিদ্ধান্তক আদৰণি…

সচাকৈয়ে বেদনাভৰা,যন্ত্ৰণাদায়ক এক কালধুমুহাই ছানি ধৰিছিলে দুৰ্ভগীয়া পৰিয়ালবৰ্গক । ঐতিহাসিক কমলাবাৰী সত্ৰৰ ভুমি উদ্ধাৰৰ বাবে অবৈধ বাংলাদেশীৰ হাতত ১৯৮৩ চনতে  শ্বহীদ হল প্ৰয়াত সোমেশ্বৰ হাজৰিকা। কাটি দুচেও কৰিছিল হাজৰিকাক ৷ কিন্ত আজিও ন্যায় নাপালে দুৰ্ভগীয়া পৰিয়ালটিয়ে ৷ হত্যাকাৰী চিনাক্ত হোৱাৰ পাছতো কৰায়ক্ত কৰিব নোৱাৰিলে আৰক্ষী প্ৰশাসন ৷ অৱশেষত সুৰক্ষিত স্থান  বিচাৰি বিশ্বনাথ জিলাৰ  অসম অৰুণাচল সীমান্তৱৰ্তীৰ মহজুলিবস্তিত বসবাস কৰিব লয়  দুৰ্ভগীয়া পৰিয়ালটি ৷ নানান দুখ কষ্ট দৰিদ্ৰতাৰ মাজত দিন কটোৱা পৰিয়ালটি সেই ঐতিহাসিক ঘটনাৰ সাক্ষী হৈ ৰল ৷ ১৬৭৩ চনত স্থাপন হোৱা মাজুলীৰ কমলাবাৰী সত্ৰ ৷ ব্ৰক্ষ্মপুত্ৰ নদীৰ সংহাৰী বানে কমলাবাৰী সত্ৰৰ যথেষ্ট ক্ষতিসাধন কৰিছিল।অৱশেষত ৰাইজ তথা সত্ৰাধিকাৰৰ আবেদন মৰ্মে সত্ৰ স্থানান্তৰিত কৰাৰ সিদ্ধান্ত গ্ৰহন কৰিছিল তদানীন্তন মুখ্যমন্ত্ৰী বিমলা প্ৰসাদ চলিহাৰ কাৰ্যকালত ৷ চৰকাৰে চৰজমিন্ ভিক্তিত লক্ষীমপুৰ জিলা স্থিত এলেঙী সত্ৰৰ সমীপত কমলাবাৰী সত্ৰ প্ৰতিষ্ঠাৰ নামত প্ৰায় ৩৫০ বিঘা ভুমি প্ৰদান কৰে ৷ স্থানীয় ৰাইজ তথা সত্ৰৰ কাৰ্যকৰ্তা সকলেও পুৰ্ণ উদ্যমে সত্ৰ  প্ৰতিষ্ঠাৰ বাবে কামকাজ অব্যাহত ৰাখে। সময় বাগৰাৰ লগে লগে অবৈধ বাংলাদেশীয়ে  সুযোগ বুজি খেতি কৰাৰ চলেৰে উক্তভুমি দখল কৰিবলৈ আৰম্ভ কৰে ৷ এঘৰ দুঘৰকৈ বসতি আৰম্ভ কৰা অবৈধ বাংলাদেশীয়ে প্ৰায় ৩০০ বিঘাতকৈ অধিক ভুমি সম্পুৰ্ণ ৰূপে দখল কৰিবলৈ সক্ষম হয় ৷

এই ভুমি উদ্ধাৰৰ বাবে স্থানীয় ৰাইজৰ সৈতে বেদখলকাৰীৰ মাজত সংঘাতৰ সৃষ্টি হৈছিল ৷ আনকি ১৯৮০ ৰ দশকতে এই বৃহৎ ভুমিভাগ বেদখল মুক্ত কৰিবৰ বাবে বিভিন্ন দল সংগঠনে প্ৰকাৰান্তৰে চৰকাৰক হেচা প্ৰয়োগ কৰিছিল ৷ যদিও সত্ৰৰ ভুমি উদ্ধাৰ নহল ৷ বৰঞ্চ দিনক দিনে বেদখলীৰ গ্ৰাসত পৰা ভুমিভাগ এতিয়া অবৈধ বেদখলকাৰী বাংলাদেশীৰ ভুমি ৷ বাংলাদেশী নকমিল বৰঞ্চ অবৈধ বাংলাদেশীৰ অঞ্চলটোলৈ আগমনহে ঘটিল ৷ শেষত কমলাবাৰী সত্ৰই ৺সোমেশ্বৰ হাজৰিকাক মুক্তিয়াৰৰ পদত নিযুক্তি দি ভূমি উদ্ধাৰৰ বাবে কৰ্তৃত্ব প্ৰদান কৰে ৷ সত্ৰৰ দায়িত্ব শিৰত লৈ হাজৰিকাই ভুমি উদ্ধাৰৰ বাবে মহামান্য উচ্চতম ন্যায়ালয়ত দ্বাৰস্ত হয় ৷ অৱশেষত গোচৰৰ ভিক্তিত অবৈধ ভুমি বেদখল মুক্তৰ ৰায় আহিল ৷ আনকি মহামান্য ন্যায়ালয়ে ভুমি বেদখল মুক্ত কৰিবৰ বাবে চৰকাৰলৈ এক জৰুৰী নিৰ্দেশনাও জাৰী কৰিলে ৷ ন্যায়ালয়ৰ নিৰ্দেশনুযায়ী চৰকাৰে সত্ৰৰ জমি বেদখল মুক্ত কৰিবৰ বাবে উচ্ছেদ অভিযান চলাব গৈ আৰক্ষীৰ আৰু  বেদখলকাৰীৰ মাজত গুলিয়াগুলি পৰ্যন্ত হয়।শেষ মুহুৰ্তত  ভুমি উদ্ধাৰত চৰকাৰ বিফল হয়। উল্লেখ্য যে ভুমি উদ্ধাৰৰ বাবে  ন্যায়ালয়ত দ্বাৰস্ত হোৱা ৺সোমেশ্বৰ হাজৰিকাক একাধিকবাৰ হত্যা কৰাৰ প্ৰচেষ্টা চলাইছিল একাংশ দুস্কৃতিকাৰী সকলে ৷শেষত সুৰক্ষা প্ৰদান কৰাৰ বাবে চৰকাৰে সেনা মকৰল কৰিছিল ৷ যদিও দুস্কৃতিকাৰীয়ে  সুযোগ বুজি চোকা দাৰে কাটি অতি নিৰ্মমভাবে হত্যা কৰিছিল হাজৰিকাক ৷ ৮৩ ৰ আন্দোলনৰ সময়ছোৱাত সোমেশ্বৰ হাজৰিকা জাতি,মাটি,ভেটিৰ বাবে শ্বহীদ হল ৷  ভুমি উদ্ধাৰ কৰিবলৈ সক্ষম নহল চৰকাৰখনে ৷ সম্প্ৰতি বিজেপিৰ মিত্ৰজোঁটৰ চৰকাৰে অবৈধভাৱে সত্ৰৰ ভুমি দখল কৰা লোকক উচ্ছেদ কৰিব লোৱা চৰকাৰ সিদ্ধান্তক আদৰণি জনাইছে শ্বহীদ সোমেশ্বৰ হাজৰিকাৰ সহধৰ্মিনী পুণেশ্বৰী হাজৰিকাই ৷ চৰকাৰৰ এই সিদ্ধান্ত ঐতিহাসিক বুলি মতপোষণ কৰা পুণেশ্বৰী হাজৰিকাই কয় যে  ৮৩ ৰ আন্দোলনৰ লগতে ভুমি বেদখল মুক্ত কৰিবৰ বাবে মোৰ স্বামীয়ে প্ৰাণ আহুতি দিছিল ৷ চৰকাৰৰ এই ঐতিহাসিক সিদ্ধান্ত কাৰ্যকৰী কৰিলে অন্তত মোৰ স্বামীৰ আত্মাই শান্তি পাব ৷ লগতে সত্ৰৰ ভুমি উদ্ধাৰ হোৱাৰ লগতে মাটি ভেটিক সুৰক্ষা প্ৰদান কৰা হব বুলি এই প্ৰতিবেদকক জানিব দিয়ে ৷ চৰকাৰৰ এই সিদ্ধান্তক আদৰণি জনাই অসম চৰকাৰলৈ ধন্যবাদ জ্ঞাপন কৰিছে প্ৰয়াত সোমেশ্বৰ হাজৰিকাৰ সহধৰ্মিনী পুণেশ্বৰী হাজৰিকা  আৰু পুত্ৰ নিৰঞ্জন হাজৰিকাই।