Home Blog Page 25

Sivasagar News: ঘৰত অগ্নিসংযোগ কৰি একেলগে আত্মহ*নন কৰিলে মাতৃ-কন্যাই

ঘৰত অগ্নিসংযোগ কৰি একেলগে আত্মহ*নন কৰিলে মাতৃ-কন্যাই
ঘৰত অগ্নিসংযোগ কৰি একেলগে আত্মহ*নন কৰিলে মাতৃ-কন্যাই

শিৱসাগৰ অ’ এন জি চি কলনীৰ সমীপত পুৱতি নিশা চাঞ্চল্যকৰ ঘটনা।(Sivasagar News)

মাতৃ-কন্যাই একেলগে কৰিলে আত্মহনন ।

ঘৰত নিজেই অগ্নি সংযোগ কৰি আত্মহনন ।

মাতৃৰ নাম ৰূপা বৰগোঁহাই, কন্যাৰ নাম উপাসনা বৰগোঁহাই ।

উপাসনা বৰগোঁহাই এগৰাকী বিবাহিত মহিলা, লগতে তেওঁ এগৰাকী টেট শিক্ষয়িত্ৰী ।

আত্মহত্যাৰ সন্দৰ্ভত লিখি থৈ গৈছে ছুইচাইড নোট।

উপাসনা বৰগোঁহাই বিয়া হৈছিল শিৱসাগৰ চাৰিং হাফলুটিং নিবাসী বিদ্যুৎ নাথৰ সৈতে।

ইয়াৰ পূবেও ২০২৪ চনৰ ১০ মে’ত স্বামীৰ সৈতে চাদৰ পৰা জপিয়াই আত্মহত্যাৰ চেষ্টা চলাইছিল উপাসনাই ।

শিৱসাগৰত মাতৃ কন্যাৰ অগ্নিদগ্ধ হৈ ৰহস্যজনক মৃত্যুৰ প্ৰসংগত উপাসনা বৰগোঁহাইৰ শিক্ষক স্বামী বিদ্যুৎ নাথক আটক।

চাৰিঙৰ পৰা আটক তেওঁৰ স্বামীক।

Sheikh Hasina: শ্বেখ হাছিনাক মৃত্যুদণ্ড বিহিলে ইণ্টাৰনেচনেল ক্ৰাইমছ ট্ৰিবিউনেলে

শ্বেখ হাছিনাক মৃত্যুদণ্ড বিহিলে ইণ্টাৰনেচনেল ক্ৰাইমছ ট্ৰিবিউনেলে
শ্বেখ হাছিনাক মৃত্যুদণ্ড বিহিলে ইণ্টাৰনেচনেল ক্ৰাইমছ ট্ৰিবিউনেলে

ক্ষমতাত থকাৰ (Sheikh Hasina) সময়ত নিজৰ শক্তিৰ অপপ্ৰয়োগ কৰি প্ৰতিবাদকাৰীৰ ওপৰত নিষ্ঠুৰভাবে জঁপিয়াই পৰিবলৈ নিৰাপত্তা বাহিনীক নিৰ্দেশ দি এতিয়া মহা বিপদত পৰিছে শ্বেখ হাছিনা৷ প্ৰতিবাদ দমনৰ নামত বৰ্বৰ পন্থা গ্ৰহণ কৰাৰ অভিযোগত এতিয়া দোষী সাৱস্থ্য হয় বাংলাদেশৰ অপসাৰিত প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা৷ প্ৰতিবাদ দমনৰ নামত মানৱতাৰ বিৰুদ্ধে অপৰাধত লিপ্ত হোৱাৰ বাবে দোষী সাব্যস্ত হৈছে বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা৷ হাছিনাই প্ৰতিবাদীক মাৰণাস্ত্ৰৰে আক্ৰমণৰ বাবে তেওঁক সাব্যস্ত কৰিছে ইণ্টাৰনেচনেল ক্ৰাইমছ ট্ৰিবিউনেলে৷ হাছিনাৰ বিৰুদ্ধে আছে ৬ জনকৈ প্ৰতিবাদীক হত্যাৰ নিৰ্দেশ দিয়াৰ অভিযোগ৷

বিগত বৰ্ষৰ প্ত আগষ্টত সংঘটিত হৈছিল এই ঘটনা৷ নিৰস্ত্ৰ প্ৰতিবাদীক মাৰণাস্ত্ৰৰে আক্ৰমণৰ নিৰ্দেশ দিয়াৰ অপৰাধত দোষী সাব্যস্ত হাছিনা৷ হাছিনাৰ নিৰ্দেশতেই প্ৰতিবাদীক মাৰণাস্ত্ৰৰে আক্ৰমণ কৰা বুলি প্ৰমাণ হৈছে৷ ইয়াৰ পিছতে ইণ্টাৰনেচনেল ক্ৰাইমছ ট্ৰিবিউনেলে তেওঁৰ বিৰুদ্ধে মৃত্যুদণ্ডৰ নিৰ্দেশ দিয়ে৷ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ বিৰুদ্ধে হত্যাৰ মুঠ প্তটা গোচৰ চলি আছিল৷ তিনিজন সদস্য থকা ট্ৰিবিউনেলে ৪৫৩ পৃষ্ঠাৰ প্ৰতিবেদন দাখিল কৰি হাছিনাক মৃত্যুদণ্ড বিহে৷ তেওঁক পৃথক পৃথক গোচৰত আইটিচিয়ে দোষী সাব্যস্ত কৰে আৰু মৃত্যুদণ্ডৰ শাস্তি বিহে৷ এই ট্ৰিবিউনেলৰ নেতৃত্বত আছিল জাষ্টিচ মহম্মদ গুলাম মুৰ্তাজা মজুমদাৰ৷

আইচিটিৰ ন্যায়াধীশৰ মতে, এই গোচৰ অতি গভীৰ আছিল, ফলত সিদ্ধান্তও ৬ ভাগত দিয়া হৈছে৷ আদালতৰ এই সিদ্ধান্তক বাংলাদেশৰ ৰাজনৈতিক ইতিহাসৰ এক অভূতপূৰ্ব সিদ্ধান্ত হিচাপে পৰিগণিত হৈছে৷ কিয়নো প্ৰথমবাৰৰ বাবে এখন দেশৰ সৰ্বোচ্ছ ৰাজনৈতিক পদত অধিষ্ঠিত নেতাৰ বিৰুদ্ধে এই ধৰণৰ ৰায় প্ৰদান কৰিছে আদালতে৷ বাংলাদেশত প্ৰথমবাৰ ইণ্টাৰনেচনেল ক্ৰাইমছ ট্ৰিবিউনেলে কোনো তৎকালীন প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে ৰায় প্ৰদান কৰিছে৷ ট্ৰিবিউনেলে প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা, প্ৰাক্তন গৃহমন্ত্ৰী আছাদুজ্জামান খান কামাল আৰু প্ৰাক্তন আৰক্ষী মহাপৰিদৰ্শক চৌধৰী আব্দুল্লা অল মামুনৰ বিৰুদ্ধে ৰায় প্ৰদান কৰে৷

Zubeen Garg Birthday: জন্মদিনৰ শুভেচ্ছাৰে জুবিনবিহীন প্ৰথম জুবিনৰ জন্মদিন

মই নথকাৰ অনুভৱ যিদিনা হ'ব তোমাৰ সিদিনা অশ্ৰু নিগৰিবনে কোৱা...
মই নথকাৰ অনুভৱ যিদিনা হ'ব তোমাৰ সিদিনা অশ্ৰু নিগৰিবনে কোৱা...

আজি জুবিন গাৰ্গৰ জন্মদিন। আজি জুবিন (Zubeen Garg Birthday) বিহীন তেখেতৰ প্ৰথমটো ওপজা দিন। ৫৩ সংখ্যক জন্মদিন আজি প্ৰাণৰ শিল্পীগৰাকীৰ।

জুবিন গাৰ্গৰ কাহিলীপাৰাস্থিত বাসগৃহত অনুৰাগীৰ ভিৰ। নিশা সোণাপুৰৰ জুবিনক্ষেত্ৰতো অনুৰাগীৰ ভিৰ। কেক কাটি প্ৰাণৰ শিল্পীগৰাকীৰ জন্মদিন পালন কৰি গালে ‘মায়াবিনী ৰাতি… ‘। সোণাপুৰত নিশা ‘জয় জুবিন দা’, ‘We Want Justice’ শ্ল’গান জুবিন অুৰাগীৰ।

হাৰ্টথ্ৰ’ৱৰ ৫৩ সংখ্যৰ জন্মদিনত উচুপি উঠিল গৰিমা শইকীয়া গাৰ্গ, আৱেগিক হৈ পৰিল পিতৃও। দবা-শংখ, নাম-প্ৰসংগৰে মুখৰিত হৈ পৰিল কাহিলীপাৰা বাসগৃহ। জুবিনগাৰ্গৰ কাহিলীপাৰাস্থিত বাসগৃহত ২০ কেজি ওজনৰ কেক কাটি পালন কৰা হয় জন্মদিন।

প্রাণৰ শিল্পীগৰাকীৰ অনুপস্থিতিত তেওঁৰ আজি প্রথমটো জন্মদিন। ৰাজ্যজুৰি গুণমুগ্ধই পালন কৰিছে মহানায়ক জুবিন গাৰ্গৰ ওপজা দিন। গীতে-মাতে সকলোৱে সোঁৱৰণ কৰিছে জুবিন গাৰ্গক।

কি কি তিথি-পৰ্বত বন্ধ থাকিব ২০২৬ত ?

কি কি তিথি-পৰ্বত বন্ধ থাকিব ২০২৬ৰ ৰাজ্যিক বন্ধৰ তালিকাত ?

ঘোষণা হ’ল ২০২৬ বৰ্ষৰ বন্ধৰ তালিকা


অসমৰ ৰাজ্যপালে অনুমোদন জনালে ২০২৬ বৰ্ষৰ অসমৰ ৰাজ্যিক বন্ধৰ তালিকাত ।

আজি অসম চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগে অসমৰ ৰাজ্যপালৰ অনুমোদনমৰ্মে প্ৰকাশ কৰে ২০২৬ৰ ৰাজ্যিক বন্ধৰ তালিকা ।

“বিদেশীক বাট মুকলি কৰি খিলঞ্জীয়াক প্ৰতাৰণা কৰিছিল কংগ্ৰেছে”:টাইপা সভাপতি দিগন্ত তামুলী

নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগেই যেন সৰগ ভাগি পৰিছে কংগ্ৰেছৰ ওপৰত। এইবাৰ সমালোচনাৰ কেন্দ্ৰবিন্দু হৈছে জনজাতিকৰণৰ প্ৰতিশ্ৰুতি। চৰকাৰ আহিল চৰকাৰ গ’ল তথাপি পূৰ্ণ নহ’ল জনজাতিকৰণৰ প্ৰতিশ্ৰুতি। সংবাদমেল যোগে জনজাতিকৰণৰ প্ৰতিশ্ৰুতিৰ প্ৰসংগত পুনৰ কংগ্ৰেছৰ ওপৰত ক্ষোভ উজাৰিলে টাইপাই। লগতে জনজাতিকৰণৰ প্ৰতিশ্ৰুতি বাস্তৱত পৰিণত নহ’লে ভয়ংকৰ আন্দোলনৰো হুংকাৰ দিয়ে। টাইপা সভাপতি দিগন্ত তামুলীৰ মতে, কংগ্ৰেছ চৰকাৰে নিজৰ দিনত জনজাতিকৰণৰ কথা বহুবাৰ কৈছিল যদিও, সেই সকলোবোৰ কাগজৰ পাততেই সীমাবদ্ধ হৈ ৰ’ল। বিধানসভাত টাই-আহোমসহ ৬ জনগোষ্ঠীক জনজাতিকৰণৰ প্ৰস্তাৱ দিয়াৰ পাছতো কেনেদৰে জনজাতিকৰণ কৰা হ’ব, কোন নীতি অনুসৰণ কৰা হ’ব, সেই বিষয়ে একো স্পষ্ট বিৱৰণ দিয়া নাছিল কংগ্ৰেছ নেতৃত্বই। ইয়াৰ বিপৰীতে, লাখ লাখ বিদেশীক অসমলৈ প্ৰৱেশৰ পথ মুকলি কৰি খিলঞ্জীয়া ৰাইজৰ অস্তিত্ব আৰু অধিকাৰ সুৰক্ষাৰ ক্ষেত্ৰত কোনো কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা নাছিল কংগ্ৰেছে। দিগন্ত তামুলীৰ মতে, সেই সময়ৰ প্ৰতিশ্ৰুতি কেৱল ভোটৰ আগৰ অভিনয়হে আছিল। তাৰ ফলস্বৰূপে, “প্ৰতাৰণাৰ প্ৰত্যুত্তৰত তৰুণ গগৈৰ কংগ্ৰেছক ক্ষমতাৰ পৰা বহিস্কাৰ কৰিছিল ৰাইজে”।

বৰ্তমান বিজেপি চৰকাৰৰ ওপৰত আশাবাদী টাইপা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিভিন্ন সময়ত জনজাতিকৰণ সম্পর্কত মন্তব্য আগবঢ়াই সমস্যাটোৰ সমাধানৰ দিশে আগবাঢ়িব লাগিব বুলিৰ আভাস দিয়া দেখা যায়। ইয়াৰ ফলশ্রুতি বৰ্তমান বিজেপি চৰকাৰৰ ওপৰত এক ধৰণৰ আস্থা ৰাখিছে টাইপাই। মুখ্যমন্ত্ৰীৰ ভাষ্যক সমৰ্থন কৰি টাইপাৰ স্পষ্ট ঘোষণা মুছলমানৰ নেতৃত্ব ৰাজনৈতিক ক্ষমতাৰ পৰা দুৰ্বল কৰিবলৈ হ’লে ছয় জনগোষ্ঠীক জনজাতিকৰণ প্ৰদান কৰক চৰকাৰে। টাইপাৰ মতে, ছয় জনগোষ্ঠীক জনজাতিকৰণ প্ৰদান কৰিলে ভাৰতীয় সংবিধানৰ আৰ্হিৰ ভিতৰত খিলঞ্জীয়া জনগোষ্ঠীৰ অধিকাৰ আৰু ভবিষ্যৎ অধিক সুৰক্ষিত হ’ব। জনজাতিকৰণ কোনো দলীয় ৰাজনীতিৰ বিষয় নহয়, ই অসমীয়াৰ অস্তিত্ব আৰু পৰিচয়ৰ সৈতে জড়িত। ইয়াৰোপৰি জনজাতিকৰণৰ বিষয়ত ছয় জনগোষ্ঠীক তুচ্ছ তাচ্ছিল্য কৰা সকলৰ বিৰুদ্ধে আইনগত ব্যৱস্থা লোৱাৰো ঘোষণা কৰে টাইপাই। টাইপাৰ হুংকাৰ চৰকাৰে ছয় জনগোষ্ঠীক জনজাতিকৰণ প্ৰদান কৰি অসমীয়া সমাজৰ বহুদিনৰ আশা পূৰণ কৰক; নহ’লে আগন্তুক সময়ত ৰাইজৰ প্ৰতিক্ৰিয়াই ৰাজনৈতিক সমীকৰণ পৰিবর্তন কৰি তুলিব।

ললিত চন্দ্ৰ ভৰালী মহাবিদ্যালয়ত বার্ষিক “বঁটা বিতৰণী অনুষ্ঠান…

ললিত চন্দ্ৰ ভৰালী মহাবিদ্যালয়ত বার্ষিক “বঁটা বিতৰণী অনুষ্ঠান”ৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত ললিত চন্দ্ৰ ভৰালী মহাবিদ্যালয় “শ্রেষ্ঠ ছাত্র-ছাত্রী বঁটা”, ‘শ্রেষ্ঠ স্নাতক বঁটা” আৰু “শ্রেষ্ঠ গ্ৰন্থাগাৰ ব্যৱহাৰকাৰী বঁটা” বিতৰণ কৰা হয়। শিক্ষা, ক্রীড়া, সংস্কৃতি আৰু সাহিত্যৰ ক্ষেত্ৰত উৎকৃষ্টতা প্রদর্শনকাৰী মহাবিদ্যালয়ৰ তৃতীয় আৰু পঞ্চম ষান্মাসিকৰ ছাত্ৰ-ছাত্ৰীক বছৰি ছটাকৈ “শ্রেষ্ঠ ছাত্র-ছাত্রী বঁটা” প্রদান কৰা হয়। প্রতিটো বঁটাত দহ হেজাৰ টকা, এটা প্রমাণ পত্র আৰু এটা মেমেন্টো থাকে। মহাবিদ্যালয়ৰ দাতা পৰিয়ালৰ সদস্য, বিশিষ্ট সমাজ সেবক তথা মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সদস্য শ্রীযুত কমলজিৎ ভৰালীয়ে এই বঁটা প্ৰদান কৰে। প্ৰয়াত ললিত চন্দ্ৰ ভৰালীদেৱৰ আবক্ষ প্রতিমূৰ্তিত পুষ্পাঞ্জলিৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰা হয়। মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ অমৰেন্দ্ৰ কলিতাই আদৰণি ভাষণ প্রদান কৰে। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে কটন বিশ্ববিদ্যালয়ৰ সন্মানীয় উপাচার্য ড° ৰমেশ চন্দ্ৰ ডেকা। ড° ডেকাই ছাত্র-ছাত্রীৰ উদ্দেশ্যে যুগপোযোগী ভাষণ প্ৰদানৰ পিছত ভায়োলিনত শংকৰদেৱৰ বৰগীত আৰু কামৰূপীয়া লোকগীত বজাই দর্শকক মন্ত্রমুগ্ধ কৰে। গৌহাটী বিশ্ববিদ্যালয়ৰ ‘মহাবিদ্যালয় উন্নয়ন পৰিষদ’ৰ সঞ্চালক তথা মহাবিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি প্রোফেছৰ প্ৰদীপ ফুকন, মহাবিদ্যালয়ৰ দাতা পৰিয়ালৰ সদস্য কমলজিৎ ভৰালী আৰু গুৱাহাটীৰ গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ৬০ অজন্তা ডেকাও এই অনুষ্ঠানত উপস্থিত থাকে।

বঁটা প্রাপক হ’ল…

শ্রেষ্ঠ ছাত্র বঁটা বিজ্ঞান শাখাৰ ৫ম ষান্মাসিকৰ হৃষিকেশ বুঢ়াগোঁহাই,

শ্রেষ্ঠ ছাত্রী বঁটা বিজ্ঞান শাখাৰ ৫ম ষান্মাসিকৰ আলমাজ আহমেদ আৰু

কলাশাখাৰ ৫ম ষান্মাসিকৰ নিশিতা ডেকা,

শ্রেষ্ঠ খেলুৱৈ বঁটা বিজ্ঞান শাখাৰ ৫ম ষান্মাসিকৰ ছাত্ৰ ইণ্ডাছ দৈমাৰী,

শ্রেষ্ঠ সাহিত্যচর্চাকাৰী বঁটা কলা শাখাৰ ৩য় ষান্মাসিকৰ ছাত্ৰী গৰীয়সী দত্ত,

শ্রেষ্ঠ সংস্কৃতিচর্চাকাৰী বঁটা কলা শাখাৰ ৩য় ষান্মাসিকৰ ছাত্ৰ অভিজিত বর্মন।

ইয়াৰ উপৰিও কলা, বিজ্ঞান, বি.চি.এ. আৰু বি.এচ.চি আই. টি. ত বিশ্ববিদ্যালয়ৰ চূড়ান্ত পৰীক্ষাত

মহাবিদ্যালয়ৰ সৰ্বাধিক নম্বৰ পোৱা ৪ জন ছাত্র-ছাত্রীক “ৰত্নেশ্বৰ বৰুৱা সোঁৱৰণী মেধা বঁটা” প্রদান কৰা হয়। বিশ্ববিদ্যালয়ৰ চূড়ান্ত পৰীক্ষাত মহাবিদ্যালয়ৰ পৰা ইংৰাজী মেজৰত সৰ্বাধিক নম্বৰ পোৱা গৰাকীক “বসন্ত কুমাৰ বৰুৱা সোঁৱৰণী মেধা বঁটা প্ৰদান কৰা হয়। এই বছৰ বিজ্ঞান শাখাত পার্থ প্রতিম কলিতা, কলা শাখাত নিশা কুমাৰী পাঠক, বি.চি.এ. শাখাত ফাল্গুনী মজুমদাৰ আৰু বি.এচ.চি আই. টি. ত ওরাছিউল ইসলামে “ৰত্নেশ্বৰ বৰুৱা সোঁৱৰণী মেধা বঁটা” লাভ কৰে। এই বঁটাত ৫০০০ টকা, গামোছা আৰু এখন মানপত্র প্রদান কৰা হয়। এই বছৰ “বসন্ত কুমাৰ বৰুৱা সোঁৱৰণী মেধা বঁটা” লাভ কৰে অঞ্জলি দেরে, য’ত থাকে ৬০০০ টকা, এখন গামোছা আৰু এখন মানপত্র। এই বছৰ “শ্রেষ্ঠ গ্রন্থাগাৰ ব্যৱহাৰকাৰী বঁটা লাভ কৰে অধ্যাপিকা নিশিব্রতা হাজৰিকা, ৩য় ষান্মাসিকৰ ছাত্রী সঞ্চিতা ঘোষ আৰু টিনা বৰুৱাই।

২০২৯তহে বিজেপিয়ে ৩৩শতাংশ আসন সংৰক্ষণ কৰিব মহিলা প্ৰাৰ্থীৰ বাবেঃতেজপুৰত বিজেপিৰ ৰাজ্যিক মহিলা মৰ্চাৰ সভানেত্ৰী

ৰাজ্যৰ বিধানসভা নিৰ্বাচনত ৩৩শতাংশ আসন মহিলাৰ বাবে সংৰক্ষণৰ চিন্তা বিজেপি দলে কৰি আছে৷সেয়া ২০২৯ৰ পৰা কাৰ্যকৰী হ’ব৷কিন্তু আগন্তুক ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচনত য’ত উপযুক্ত মহিলা প্ৰাৰ্থী আছে তাত তেওঁলোকক প্ৰাৰ্থীত্ব দিব লাগে৷ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অতি দক্ষতাৰে কাৰ্যনিৰ্বাহ কৰি আছে৷কেৱল মহিলা হ’লেই যে মুখ্যমন্ত্ৰী হ’ব লাগিব সেয়া মই নিবিচাৰোঁ৷এগৰাকী মহিলা মুখ্যমন্ত্ৰী হ’বলৈ হ’লে তেনে যোগ্যতাও লাগিব৷” ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশ মহিলামৰ্চাৰ সভানেত্ৰী নীলিমা দেৱীয়ে তেজপুৰত আজি সংবাদমাধ্যমৰ আগত এইদৰে মন্তব্য কৰে৷তেজপুৰৰ পৰোৱাস্হিত বিজেপিৰ শোণিতপুৰ জিলা কাৰ্যালয়ত এক মহিলা সন্মিলনত অংশ ল’বলৈ অহা বিজেপি নেত্ৰী গৰাকীয়ে বিহাৰৰ শেহতীয়া নিৰ্বাচনী ফলাফল সন্দৰ্ভত কয় যে পৰাজিত হোৱা দলবোৰে ভোট চুৰিৰ কথা কয়েই৷সৰ্বসাধাৰণে বেলটত ভোট দিছে গতিকে ইয়াত ভোট চুৰি কোনে কৰিব বুলিও তেওঁ মন্তব্য কৰে৷

কংগ্ৰেছ দলে নিৰ্বাচনত পৰাজিত হ’লেই আবোলতাবোল বকে বুলিও তেওঁ কটাক্ষ কৰে৷আনহাতে,জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰ ৰাজ্যলৈ অনাৰ পৰা অন্ত্যেষ্টিক্ৰিয়ালৈকে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই যিদৰে দায়িত্ব পালন কৰিলে আনে সেইদৰে নোৱাৰিলেহেঁতেন বুলিও তেওঁ দাবী কৰে৷তেওঁ কয় “ জুবিন গাৰ্গে ন্যায় পোৱাটো আমিও বিচাৰোঁ কিন্তু এই ন্যায়িক প্ৰক্ৰিয়াটোত অলপ সময় ল’বই৷মুখ্যমন্ত্ৰীয়ে এই ক্ষেত্ৰত পিছহুহুকি নাহে৷” শোণিতপুৰত বিজেপিৰ সাংগঠনিক শক্তি যথেষ্ট সৱল বুলি মন্তব্য কৰি বিজেপিৰ মহিলা মৰ্চাৰ ৰাজ্যিক সভানেত্ৰী নীলিমা দেৱীয়ে কয় যে বিজেপিৰ অগপৰে মিত্ৰতা থকাৰ বাবেই বহুবছৰ এৰি দিয়াৰ দৰেই তেজপুৰৰ আসনখন যোৱাবাৰো অগপক এৰি দিছিল আৰু সেই মতে তেওঁক বিজয়ী কৰাই নিছিল৷এইবাৰো বিষয়টো দুয়োটা মিত্ৰ দলে এইক্ষেত্ৰত সিদ্ধান্ত ল’ব বুলি মন্তব্য কৰি লগতে কয় যে,এইক্ষেত্ৰত চাব লাগিব ৰাইজে কাক বিচাৰে৷আনহাতে বিজেপি দলৰ হৈ কোনো উপযুক্ত মহিলাই য’দি তেজপুৰৰ পৰা প্ৰাৰ্থীত্ব বিচাৰে তেনেহলে তেওঁ ভাল পাব বুলিও উল্লেখ কৰে৷


বিজেপিৰ ৰাজ্যক নেত্ৰী গৰাকীয়ে শোণিতপুৰ জিলা মহিলা মৰ্চা আৰু যুৱমৰ্চাৰ উদ্যোগত আয়োজিত আত্মনিৰ্ভৰশীল ভাৰত অভিযান শীৰ্ষক মহিলা সন্মিলনখনৰ সন্দৰ্ভতো মন্তব্য কৰি তেওঁ কয় যে,মহিলা সকল এতিয়া কেৱল পাকঘৰতে আৱদ্ধ নাথাকি বাহিৰলৈ ওলাই আহিছে৷তেওঁ কয় যে,ভাৰত আত্মনিৰ্ভৰশীল হ’বলৈ হ’লে সকলো স্বাৱলম্বী হ’ব লাগিব৷এইক্ষেত্ৰত কেন্দ্ৰীয় আৰু ৰাজ্যচৰকাৰে গ্ৰহণ কৰা বিভিন্ন আঁচনিৰ কথা উল্লেখ কৰি তেওঁ লগতে কয় যে,বৰ্তমান সমস্যা যথেষ্ট আছে৷গতিকে সন্তানৰ পঢ়া শুনাৰ ক্ষেত্ৰত প্ৰয়োজনীয় ব্যয়ৰ বাবে উপাৰ্জনৰ আৱশ্যক আছে৷তেওঁ লগতে দেশৰ প্ৰাচীন আয়ুৰ্বেদৰ প্ৰসংগও উল্লেখ কৰি বিজ্ঞানৰ সমানে দেশৰ পৌৰাণিক সংস্কৃতিকো আগবঢ়াই নিব লাগিব আৰু এইক্ষেত্ৰত মহিলাসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব লাগিব বুলিও মন্তব্য কৰে৷

শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰত সীমান্ত শৰ্মাৰ পৰিচালনাত মঞ্চস্থ হ’ব ‘মঙহ্’

অসম অভিযান্ত্ৰিক মহাবিদ্যালয় চৌহদত অৱস্থিত সুৰজিৎ একাডেমীৰ উদ্যোগত অহা ২৩ নবেম্বৰ সন্ধিয়া ৫:৪৫ বজাত, শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰৰ ড. বানীকান্ত কাকতি প্ৰেক্ষাগৃহত সীমান্ত শৰ্মাৰ ৰচনা আৰু পৰিচালনাত ‘মঙহ্’ নাটখন মঞ্চস্থ হ’ব।

নাটখনৰ সহকাৰী পৰিচালক হৈছে বিনীতা দেৱী আৰু হেমেন সেনাপতি। নাটখনৰ সংগীত পৰিচালনা কৰিছে গৌতম শইকীয়া। সংগীতৰ কণ্ঠ প্ৰদান কৰিছে দীপা মহন্ত, কৃতাৰ্থ শৰ্মা আৰু হাৰ্দিক শৰ্মাই। ৰূপ সজ্জা জ্যোতিস্মিতা কলিতা, পোহৰ গনেশ বড়োৰ আৰু সাজসজ্জা হিমাংশু দাসৰ।

নাটখনৰ বিভিন্ন মুখ্য চৰিত্ৰত অভিনয় কৰিব—
কৰিস্মিতা তালুকডাৰ, জেছমিনা হুছেইন, হেমেন সেনাপতি, ধ্ৰুৱজ্যোতি কলিতা, প্ৰণৱ জ্যোতি ৰাভা, হাৰ্দিক শৰ্মা, কৃষ্টি ৰাজবংশী, লিয়ানা দেৱ, পলক কৈৰী, অৰিত্ৰিকা বৰুৱা, অংশুমান দাস, কৌস্তভ চৌধুৰী, আৰিয়া জিব্ৰান, তৃষ্ণা কলিতা, ববিতা দাস আৰু প্ৰণীতা চৌধুৰী।

ৰক্তদান কৰিবলৈ লণ্ডনৰ পৰা পোনে পোনে খানাপাৰালৈ আহিব মুখ্যমন্ত্রী: ৰাজ্যিক বিজেপি

জুবিন গাৰ্গৰ ৫৩তম ওপজা দিন উপলক্ষে ৰাজ্যিক বিজেপিয়ে ১৮ নৱেম্বৰৰ দিনা সমগ্ৰ ৰাজ্যৰ ৫৩ টা স্থানত ৰক্তদান আৰু ৰক্তবর্গ নিৰ্ণয় কৰাৰ বাবে ‘জীৱন সুৰভি’ নামেৰে ৰক্ত চিনাক্ত শিবিৰৰ আয়োজন কৰিছে। বিজেপি গুৱাহাটী মহানগৰ জিলাই খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত আয়োজন কৰা ‘জীৱন সুৰভি’ শিবিৰ দলৰ ৰাজ্যিক সভাপতি তথা দৰং-ওদালগুৰিৰ সাংসদ দিলীপ শইকীয়াই পুৱা ৯ বজাত নিজে ৰক্তদান কৰি উক্ত শিবিৰৰ শুভাৰম্ভ কৰিব। আনহাতে, দিনৰ প্ৰায় ২ বজাত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা ৰক্তদান কৰাৰ বাবে খানাপাৰা খেলপথাৰত উপস্থিত হ’ব।

উল্লেখযোগ্য যে, ‘বৃন্দাবনী বস্ত্র’ অসমলৈ লৈ অহাৰ বাবে এক চুক্তিত স্বাক্ষৰ কৰিবলৈ ব্রিটেইনলৈ যোৱা মুখ্যমন্ত্রী লণ্ডনৰ পৰা দিল্লী হৈ গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত অৱতৰণ কৰিয়েই পোনে পোনে খানাপাৰালৈ আহিব বুলি বিবৃতিটোত উল্লেখ কৰা হৈছে। ৰাজ্যিক বিজেপিৰ মুখ্য কার্যালয় অটল বিহাৰী বাজপেয়ী ভৱনৰ পৰা সংবাদ মাধ্যমলৈ প্রেৰণ কৰা এক বিবৃতিত এই কথা জানিবলৈ দি কোৱা হয় যে- সমগ্ৰ ৰাজ্যখনত ৫ হাজাৰতকৈ অধিক লোকে ৰক্তদান কৰাৰ বাবে ইতিমধ্যে নিজৰ নাম পঞ্জীয়ন কৰিছে যদিও এই সংখ্যা আৰু অধিক বৃদ্ধি পাব। হৈছে।

ঠিক একেদৰে ৰাজ্যৰ প্ৰতিখন জিলা সদৰকে ধৰি মুঠ ৫৩ টা স্থানত অনুষ্ঠিত হ’বলগীয়া ‘জীৱন সুৰভি’ শিবিৰত স্থানীয় বিধায়ক, সাংসদ, অন্যান্য নির্বাচিত জন প্রতিনিধিকে ধৰি দলীয় নেতৃবর্গ আৰু স্থানীয় ৰাইজে অংশগ্রহণ কৰিব বুলি বিবৃতিটোৰ জৰিয়তে ৰাজ্যিক বিজেপিৰ তৰফৰ পৰা সংবাদ মাধ্যমক অৱগত কৰা হৈছে। নিম্নলিখিত স্থান সমূহত ‘জীৱন সুৰভি’ শিবিৰৰ আয়োজন কৰা হ’ব:-

বাক্সা জিলাৰ বাথৌপুৰি আৰু জলাহ ৰাসখলা, ৰপেটা জিলাৰ মিলেনিয়াম উদ্যান, বিশ্বনাথ জিলাৰ কমলাকান্ত নাট্য সমাজ, বঙাইগাঁও জিলাৰ জিলা বিজেপি কার্যালয়, কাছাৰ জিলাৰ নৰসিঙতলা খেলপথাৰ আৰু লক্ষিমপুৰ চাহ বাগিচা খেলপথাৰ, চিবাং জিলাৰ কাজলগাঁও পেৰেড গ্রাউণ্ড, দৰং জিলাৰ চি ডি চি কাৰ্যালয়ৰ খেলপথাৰ, ধেমাজী জিলাৰ আৰোগ্য ভবন আৰু ডনীপল সাংস্কৃতিক ভরন, ধুবুৰী জিলাৰ ধুবুৰী লাইনচ ক্লাব, ডিব্ৰুগড় জিলাৰ মাল্টি ইউটিলিতি বিলডিং আৰু ৰঙালী ৰূপালী মঞ্চ, ডিমা-হাছাও জিলাৰ লাল ফিল্ড, গোৱালাপাৰা জিলাৰ দুধনৈ জন্মমন্দিৰ প্রাঙ্গন খেলপথাৰ,

গোলাঘাট জিলাৰ এনাজৰী বিবাহ ভৱন আৰু বোকাখাট অপেন স্টেজ প্রেক্ষাগৃহ, হাইলাকান্দি জিলাৰ মুক্তিযোদ্ধা ভবন, কামৰূপ (ম) জিলাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰ, কামৰূপ জিলাৰ নিউ চি ডি চি বিলডিং তিনিআলি, পুৱ কামৰূপ মহাবিদ্যালয় প্রেক্ষাগৃহ, চিলাৰায় ভবন আৰু অষ্টলক্ষ্মী ক্ষেত্র শুৱালকুছি, কার্বি-আংলং জিলাৰ ডিফ্ ক্লাব, শ্রীভূমি জিলাৰ মাইজংগ্রাম, উত্তৰ কৰিমগঞ্জ, ভাইৰাম নগৰ কৰিমগঞ্জ টাউন,

কোকৰাঝাৰ জিলাৰ কোকৰাঝাৰ এই এচ আৰু এম পি স্কুল ফিল্ড, লক্ষিমপুৰ জিলাৰ খেলমাটি ক্লাৱ, মাজুলী জিলাৰ বংসিও গোপাল নাট্যমন্দিৰ, মৰিগাঁও জিলাৰ সদৰ বিহুতলী আৰু নেলী গোপাল কৃষ্ণ বাগান গেট, নগাঁও জিলাৰ বৰহমপুৰ শহীদ খেলপথাৰ, এন এচ এ কমপ্লেক্স, মৰুৱা শংকৰদেৱ মন্দিৰ প্রাঙ্গন আৰু মাখিবাহা দূর্গা মন্দিৰ, শিৱসাগৰ জিলাৰ দলমুখ চাৰিআলি, শোণিতপুৰ জিলাৰ তৰুণ অসম সংঘ আৰু বাৰেচহৰীয়া ভাওনা প্রকল্প, তিনিচুকীয়া জিলাৰ মানৱ কল্যান পূজা ভৱন, মাৰোৱাৰী ধৰমশালা আৰু কৃষ্টি সংঘ, ওদালগুৰি জিলাৰ বিষ্ণু কমিটি হল আৰু দক্ষিণ শালমাৰা জিলাৰ হাতীসিঙমাবি।

উৰিয়াগাঁৱত অ:জা:যু:ছা:প: -ৰ উদ্যোগত জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত গণ স্বাক্ষৰ অভিযান

অসমীয়াৰ হিয়াৰ আমঠু, প্ৰাণৰ কণ্ঠশিল্পী জুবিন গাৰ্গৰ কাইলৈ ৫৩ সংখ্যক ওপজা দিনৰ প্ৰাক ক্ষণত আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ (অ:জা:যু:ছা:প:)ৰ উৰিয়াগাঁও আঞ্চলিক সমিতিৰ সৌজন্যত জুবিন গাৰ্গৰ ন্যায়ৰ দাবী জনাই এক গণ স্বাক্ষৰ অভিযান আৰম্ভ কৰে।

জনপ্ৰিয় শিল্পীগৰাকীৰ ৰহস্যজনক মৃত্যুৰ প্ৰায় দুমাহ পূৰ্ণ হোৱাৰ সময়লৈকে শিল্পী গৰাকীৰ পৰিয়ালবৰ্গই তথা শুভাকাংক্ষীসকলে ন্যায় নোপোৱাত আজিও ক্ষোভিত হৈ আছে অসমৰ জনগণ।

ইয়াৰ মাজতে আজি নগাঁৱৰ উৰিয়াগাঁও বাইপাছ চকত সংগঠনটোৰ আহ্বানক্ৰমে বিভিন্ন প্ৰান্তৰ লোকে স্বাক্ষৰ প্ৰদানেৰে চৰকাৰলৈ প্ৰাণৰ শিল্পীগৰাকীৰ মৃত্যুৰ ন্যায়ৰ দাবী জনায়।