Home Blog Page 25

Anand Mishra : বিহাৰৰ নতুন বিধায়ক হিচাপে জয়ী আনন্দ মিশ্ৰ

Anand Mishra : বিহাৰৰ নতুন বিধায়ক হিচাপে জয়ী আনন্দ মিশ্ৰ
Anand Mishra : বিহাৰৰ নতুন বিধায়ক হিচাপে জয়ী আনন্দ মিশ্ৰ

আৰক্ষীৰ বিষয়াৰ‌ পৰা বিধায়কৰ যাত্ৰা আনন্দ মিশ্ৰ।(Anand Mishra)

বিধায়ক হ’ল আনন্দ মিশ্ৰ।

বিহাৰৰ নতুন বিধায়ক হিচাপে জয়ী আনন্দ মিশ্ৰ।

২৪,২৪৬ হাজাৰ ভোটত পৰাস্ত কৰিলে কংগ্ৰেছৰ প্ৰাৰ্থী সঞ্জয় কুমাৰ তিৱাৰীক।

বিপুল ভোটত জয়লাভ কৰিলে প্ৰাক্তন IPS আনন্দ মিশ্ৰই।

IPSৰ চাকৰি এৰি ৰাজনীতিত যোগদান কৰিছিল আনন্দ মিশ্ৰই।

১০ বছৰ ধৰি বিহাৰৰ বক্সাৰ সমষ্টিতো কংগ্ৰেছৰ দখলত আছিল।





Children’s Day: শিশু দিৱস উপলক্ষে দীনজ্যোতি ফাউণ্ডেশ্যনৰ বিশেষ কাৰ্যসূচী

Children's Day: শিশু দিৱস উপলক্ষে দীনজ্যোতি ফাউণ্ডেশ্যনৰ বিশেষ কাৰ্যসূচী
Children's Day: শিশু দিৱস উপলক্ষে দীনজ্যোতি ফাউণ্ডেশ্যনৰ বিশেষ কাৰ্যসূচী

শিশু দিৱস উপলক্ষে (Children’s Day) গুৱাহাটীৰ পামহীস্থিত অক্ষৰ ফ’ৰামত আজি দীনজ্যোতি ফাউণ্ডেশ্যনৰ তৰফৰ পৰা দিনযোৰা কাৰ্যসূচীৰে শিশুসকলৰ মাজত এক অনুষ্ঠান অনুষ্ঠিত কৰাৰ লগতে শিশু সকলক উৎসাহ দিয়াৰ বাবে বঁটা বিতৰণ আৰু শিশু সকলৰ বাবে লঘু আহাৰৰ ব্যৱস্থাও কৰা হয়।

শিশু সকলৰ মাজত কেক কাটি শিশু দিৱস উদযাপন কৰা অনুষ্ঠানটোত দীনজ্যোতি ফাউণ্ডেশ্যনৰ সঞ্চালিকা চুমি ৰহমান, সম্পাদক মধুস্মিতা বৰা দাস , উপ-সভাপতি চৈয়দা আঞ্জুৱাৰা বেগম, প্ৰণামিকা শইকীয়া, নীলম কাপুৰ, লায়ঞ্চ ক্লাব গুৱাহাটী চাউথৰ শ্যামলী বৰুৱা সভানেত্ৰী, নীলম গোস্বামী আৰু অক্ষৰ ফ’ৰামৰ প্ৰতিস্থাপক অলকা দেশাই, প্ৰিঞ্চিপাল আকাংক্ষা ডুবে লগতে অন্যান্য শিক্ষক-শিক্ষয়ত্ৰী সকল উপস্থিত থাকে।


অক্ষৰ ফাউণ্ডেশ্যনৰ প্ৰচেষ্টাক শলাগ জনাই দীনজ্যোতি ফাউণ্ডেশ্যনৰ সঞ্চালিকা চুমি ৰহমানে কয় অক্ষৰ ফ’ৰামৰ প্লাস্তিক পুনৰ ব্যৱহাৰ(ৰিচাৰ্কল)কৰাৰ প্ৰযুক্তি বা কৌশল শলাগিব লগীয়া। পৃথিৱী খন সেউজীয়া কৰাৰ ক্ষেত্ৰত অক্ষৰ ফ’ৰামৰ প্ৰচেষ্টাত দহৰ বাবে অনুপ্ৰেৰণা হোৱাৰ লগতে কণ কণ শিশু সকলৰ শাৰীৰিক মানসিক বিকাশৰ প্ৰতি লক্ষ্য ৰাখি এটা বিশেষ দিন সিহঁতৰ লগত উয্যাপন কৰাৰ লক্ষ্যৰে এই কাৰ্যসূচী গ্ৰহণ কৰা হৈছে।

তেখেতে কয় যে অনাগত দিনতো শিশু সকলৰ বাবে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হ’ব বুলিও তেওঁ জানিবলৈ দিয়ে।

Koliyabor News: কলিয়াবৰত চিলনী চোৰৰ সন্ত্ৰাস

Koliyabor News: কলিয়াবৰত চিলনী চোৰৰ সন্ত্ৰাস
Koliyabor News: কলিয়াবৰত চিলনী চোৰৰ সন্ত্ৰাস

কলিয়াবৰত চিলনী চোৰৰ সন্ত্ৰাস। (Koliyabor News)

মহিলাৰ ডিঙিৰ পৰা কাঢ়িলে সোণৰ চেইন।

কলিয়াবৰৰ আৰক্ষী নিৱেশৰ পৰা নাতিদূৰৰ কুঁৱৰীটোলত সংঘটিত হয় ঘটনাটো।

টেম্পোত জখলাবন্ধাৰ পৰা ঘৰলৈ আহি থকা প্ৰভা বৰুৱা নামৰ মহিলাগৰাকীৰ ডিঙিৰ পৰা টানি লৈ যায় সোণৰ চেইনডাল।

দুই বাইকত অহা চিলনী চোৰে মহিলাগৰাকীৰ চেইন লৈ যোৱাৰ পিছতে কুঁৱৰীটোলত হুলস্থুলীয়া পৰিবেশৰ সৃষ্টি হয়।

কলিয়াবৰ আৰক্ষীয়ৈ ইতিমধ্যে অভিযান আৰম্ভ কৰিছে যদিও কাকো কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাই।

Anand Mishra: বিধায়ক হোৱাৰ সপোন পূৰণ হ’ব আনন্দ মিশ্ৰৰ!

Anand Mishra: বিধায়ক হোৱাৰ সপোন পূৰণ হ'ব আনন্দ মিশ্ৰৰ!
Anand Mishra: বিধায়ক হোৱাৰ সপোন পূৰণ হ'ব আনন্দ মিশ্ৰৰ!

বিধায়ক হোৱাৰ সপোন পূৰণ হ’ব আনন্দ মিশ্ৰৰ!(Anand Mishra)

বক্সাৰ সমষ্টিত আগবাঢ়ি আছে আনন্দ মিশ্ৰ।

এইবাৰ হয়টো ভাগ্য ফুলিব নেকি আনন্দ মিশ্ৰৰ।

বক্সাৰ সমষ্টিত আনন্দ মিশ্ৰৰ অগ্ৰগতি।

২,৮৩৯টা ভোটত অগ্ৰগতি আনন্দ মিশ্ৰৰ।

যোৱা ১০ বছৰে কংগ্ৰেছৰ দখলত আছিল বিহাৰৰ বাক্সাৰ সমষ্টি।

বিজেপিত যোগদান কৰিয়ে বাক্সাৰ সমষ্টিৰ পৰা টিকট লাভ কৰিছিল আনন্দ মিশ্ৰই।

Tanzil Hussain: শ্বিলঙত ছাইৰেণ বজাই আৰক্ষীৰ ৰোষত সাংসদ ৰকিবুলৰ পুত্ৰ তাঞ্জিল

Tanzil Hussain: শ্বিলঙত ছাইৰেণ বজাই আৰক্ষীৰ ৰোষত সাংসদ ৰকিবুলৰ পুত্ৰ তাঞ্জিল
Tanzil Hussain: শ্বিলঙত ছাইৰেণ বজাই আৰক্ষীৰ ৰোষত সাংসদ ৰকিবুলৰ পুত্ৰ তাঞ্জিল

মেঘালয় আৰক্ষীৰ ৰোষত সাংসদ ৰকিবুলৰ পুত্ৰ তাঞ্জিল।(Tanzil Hussain)
তাঞ্জিল হুছেইনে ৰাজপথত ছাইৰেণ বজাই ঘূৰিছিল মেঘালয়ত।
মেঘালয় ৰিভয় জিলাৰ উমলিঙত আৰক্ষীৰ ৰোষত সাংসদ ৰকিবুল হুছেইনৰ পুত্ৰ।
সাংসদ পিতৃৰ বাহন ব্যৱহাৰ কৰি ৰাজপথত ছাইৰেণ বজাই চলাইছিল তাণ্ডৱ।
তাঞ্জিলৰ এই কাৰ্যত ক্ষোভিত হৈ পৰে মেঘালয় আৰক্ষী।
আৰক্ষীয়ে জব্দ কৰে তাঞ্জিলে ব্যৱহাৰ কৰা বাহন।
মেঘালয় আৰক্ষীয়ে জৰিমনা বিহিলে তাঞ্জিল হুছেইনক।

Bihar Election Results 2025: কাৰ হাতলৈ যাব বিহাৰঃ আজি বিহাৰ নিৰ্বাচনৰ ভোটগণনা

Bihar Election Results 2025: কাৰ হাতলৈ যাব বিহাৰঃ আজি বিহাৰ নিৰ্বাচনৰ ভোটগণনা
Bihar Election Results 2025: কাৰ হাতলৈ যাব বিহাৰঃ আজি বিহাৰ নিৰ্বাচনৰ ভোটগণনা

কাৰ হাতলৈ যাব বিহাৰৰ?(Bihar Election Results 2025)

আজি বিহাৰ নিৰ্বাচনৰ ভোটগণনা।

৮ বজাৰ পৰা বিহাৰৰ ২৪৩ খন বিধানসভা আসনৰ ভোটগণনা।

আজি নির্ণয় হ’ব ২,৬১৬ গৰাকী প্ৰাৰ্থীৰ ভাগ্য।

৬ আৰু ১১ নৱেম্বৰত দুটা পৰ্যায়ত সম্পন্ন হৈছিল নির্বাচন।

পুৱাই NDA আৰু মহাগঠবন্ধৰ মাজত তীব্ৰ প্ৰতিদ্বন্দ্বিতা।

NDAৰ দুই শতাধিক আসন লাভ কৰাৰ দাবী।

তেজস্বী যাদৱক মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ কৰাবলৈ সাজু মহাগঠবন্ধন।

Cultural Tourism: জাৰ্ণি ফৰ লাৰ্ণিংঃ কাজিৰঙা আৰু কাৰ্বি আংলঙত পৰিবেশ সাংস্কৃতিক পৰ্যটনৰ প্ৰভাৱ

জাৰ্ণি ফৰ লাৰ্ণিংঃ কাজিৰঙা আৰু কাৰ্বি আংলঙত পৰিবেশ সাংস্কৃতিক পৰ্যটনৰ প্ৰভাৱ
জাৰ্ণি ফৰ লাৰ্ণিংঃ কাজিৰঙা আৰু কাৰ্বি আংলঙত পৰিবেশ সাংস্কৃতিক পৰ্যটনৰ প্ৰভাৱ

কাজিৰঙা (Cultural Tourism) ৰাষ্ট্ৰীয় উদ্যান হৈছে অসমৰ এক বিশ্ব ঐতিহ্যপূৰ্ণ উদ্যান। এই উদ্যান খন বিশেষত্ব এশিঙীয়া গঁড়ৰ বাবে বিখ্যাত। ১৯৭৪ চনত ইয়াক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান হিচাপে নামাকৰণ কৰা হয়। দেশৰ পৰ্যটনৰ উদ্যোগত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা কাজিৰঙা ৰাষ্ট্রীয় উদ্যান। প্ৰকৃতি সুৰক্ষাৰ বাবে ধাৰাবাহিক ভাবে কাম কৰি অহা বেচৰকাৰী সংগঠন “আৰণ্যকে” কাজিৰঙাৰ কহৰা কাৰ্বি আংলংত বিশেষ ভূমিকা গ্ৰহণ কৰিছে। আৰণ্যকৰ এটা অংশ জার্নী ফৰ লাৰ্ণিংয়ে কাৰ্বি আংলংৰ ভিতৰুৱা বিভিন্ন ঠাইত গাঁও বিলাকৰ স্থানীয় সম্প্ৰদায়ৰ সৈতে কাম কৰি আহিছে। জাৰ্ণি ফৰ লাৰ্ণিংৰ বিভিন্ন কামৰ ভিতৰত ইক’ ৰেষ্টুৰেচন, ঝুমখেতি পৰিদৰ্শন, ৰাবাৰ নিষ্কাষণ, এৰি সূতা নিৰ্মাণ, চৰাই পৰ্যবেক্ষণ, হাবিত খোজ কঢ়া, কাৰ্বি গাঁও পৰ্যবেক্ষণ এইখিনি প্ৰধান।
ইয়াৰোপৰি পৰ্যটক সকলক গাঁৱৰ হমষ্টে থকাৰ এক বিশেষ সুবিধা দিয়ে। ২০১৮ চনত জাৰ্ণি ফৰ লাৰ্ণিংয়ে গাঁৱৰ মানুহৰ লগত কথা পাতি পৰ্যটনৰ ক্ষেত্ৰত আৰু অধিক ভূমিকা লবলৈ হমষ্টে আৰম্ভ কৰে। কাৰ্বি গাঁও বিলাকত কৰা হমষ্টে প্ৰত্যেকটো সমষ্টেৰ মালিকীস্বত মহিলাসকলৰ হাতত থাকে আৰু হমষ্টে বিলাকৰ নাম মহিলাসকলৰ নামেৰে নামাকৰণ কৰে যেনে-পাৰ্বতী হমষ্টে, প্ৰীতি হমষ্টে, কাৰেং হমষ্টে ইত্যাদি। বৰ্তমান মুঠ দহটা হমষ্টে আছে। ইয়াত তেওঁলোকে পৰ্যটসকলক কাৰ্বি সকলৰ থলুৱা খাদ্য দিয়ে। ইয়াৰোপৰি কাৰ্বি সকলৰ সাজ-পোছাকসমূহ পৰ্যটকক চিনাকি কৰি দিয়ে। তেওঁলোকে তাঁতশাল ‘পে থেৰাং’ খনৰ সা-সঁজুলিবোৰ যোগেদি প্ৰয়োজনীয় সাজ-পোছাক তৈয়াৰ কৰি উলিয়াই। কাৰ্বি লোকসকলে মেখেলাখনক ‘পিনী’ বুলি কয়। কাৰ্বি নাৰীসকলৰ মাজত ‘মাৰবং হমক্ৰি আপিনী’ৰ আদৰ বেছি। পিনীখন আটকৈ ৰাখিবৰ কাৰণে কঁকালত ‘ৱামকক’ নামৰ এক ডেৰ আঙুল বহলৰ ফিতা বন্ধা হয়। দেখাত সৰু হ’লেও এই ৱামকক কাপোৰত বিভিন্ন ফুলৰ চানেকি পোৱা যায়। তেওঁলোকে ‘জী পীবা’ নামৰ এখন প্ৰায় এক ডেৰ হাত প্ৰস্থ আৰু আঠ সাত দৈৰ্ঘ্যৰ কলা সূতাৰ দীঘেৰে বোৱা এখন কাপোৰ সকলোৱে ব্যৱহাৰ কৰে-কেচুঁৱাক বোকোচাত বান্ধি ল’বৰ বাবে,গাভৰু আৰু মহিলাই বুকুত বান্ধি ল’বৰ বাবে,চমাংকান অসমীয়া ‘দহা’ আৰু ‘নিমছ ফেৰুং’ নাচত ছোৱালীয়ে মুখঢকা আৱৰণ হিচাপে আৰু মৃতকৰ অস্থি কঢ়িয়াই নিয়াত এই পীবা ব্যৱহাৰ কৰা হয়।
জাৰ্ণি ফৰ লাৰ্ণিংৰ আন এটা উল্লেখযোগ্য কাৰ্যসূচী হৈছে হাবিত খোজ কঢ়া। কাৰ্বি পাহাৰৰ ওপৰৰ এলেকাত কঁহৰা নদীৰ কাষত হাবিত খোজ কাঢ়িবলৈ পৰ্যটকক নিয়া হয়। এই বাটটো প্ৰায় ৬ কিলোমিটাৰ দীঘল। এই পাহাৰীয়া বাটটোৰে আগবঢ়াটো যথেষ্ট প্ৰত্যাহ্বানজনক আৰু ওখোৰা-মোখোৰা বাটটোৰে গৈ গভীৰ অৰণ্যৰ মাজত সোমাবৰ বাবে সাহসী আৰু শাৰীৰিক ভাব সবল হোৱা প্ৰয়োজন। ইয়াৰোপৰি এই ঘন অৰণ্যৰ মাজত বন্যপ্ৰাণী অহাৰো সম্ভাৱনা থাকে। এনেধৰণৰ সংঘাত বা সমস্যাৰ বাবে জাৰ্ণি ফৰ লাৰ্ণিংয়ে একোজন বিশেষজ্ঞ আৰু স্থানীয় ব্যক্তিক পৰ্যটকৰ লগত পঠিয়ায়। হাবিত খোজকঢ়াৰ সময়ত কিছুমান জন্তু আৰু জন্তুৰ চিহ্ন দেখা গৈছিল যিবিলাক দেখি পৰ্যটকে যথেষ্ট আনন্দিত হৈছিল। এই পাহাৰত উঠি যোৱাৰ লগে লগে প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্য আৰু কহৰা নদীৰ পানীৰ জিৰ জিৰ শব্দই মন মোহিত কৰিব।
জাৰ্ণি ফৰ লাৰ্ণিংয়ে আন কাৰ্যসূচীৰ ভিতৰত ছাত্ৰ-ছাত্ৰী সকলক গাঁও পৰিভ্ৰমণ কাৰ্যসূচী হাতত লৈছে। গাওঁ পৰিভ্ৰমণ কাৰ্যসূচীৰ লগতে আন এক উল্লেখনীয় কাৰ্য হৈছে শিক্ষাৰ্থীসকলে যিবোৰ গাওঁ ভ্ৰমণ কৰে সেই গাঁৱৰ গাওঁবোৰৰ মূল্যায়ন কৰা। মুল্যায়নৰ পাছতে শিক্ষাৰ্থীসকলক সেই ঠাইৰ ৰাজনৈতিক ব্যৱস্থা, ভৌগোলিক বৈশিষ্ট্য, অৰ্থনীতি, ঋতু, জীৱিকা আদিৰ দৰে দিশত গাওঁবোৰ সম্পৰ্কে এক স্পষ্ট ধাৰণা প্ৰদান কৰিছিল। ইয়াৰোপৰি ঝুম খেতি, গছ-পুলি সংৰক্ষণৰ পদ্ধতি, ৰাবাৰ সংৰক্ষণ ইত্যাদি কাৰ্যসূচী সমূহ ছাত্ৰ-ছাত্ৰী সকলে পৰ্যবেক্ষণ কৰিবৰ বাবে সুবিধা পাইছে।
আৰণ্যকৰ এটা অংশ জাৰ্নিং ফৰ লাৰ্ণিংয়ে পৰিবেশ সাংস্কৃতিক পৰ্যটনৰ ক্ষেত্ৰত স্থানীয় কাৰ্বি গাঁওবাসীৰ সহযোগিতাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। এনেধৰণৰ কাৰ্যসূচীয়ে কহৰা কাৰ্বি আঙলঙৰ পৰ্যটনৰ ক্ষেত্ৰ আগুৱাই নিয়াত সহায় কৰিছে আৰু কাৰ্বি গাঁও সমূহ উন্নতিৰ লগতে মহিলাসকলৰ স্বাৱলম্বীতাৰ ক্ষেত্ৰতো যথেষ্ট সহায় কৰিছে।

Meghalaya News: মেঘালয়ত অসমৰ এজন লোকক নৃশংসভাৱে হত্যা!

Meghalaya News: মেঘালয়ত অসমৰ এজন লোকক নৃশংসভাৱে হত্যা!
Meghalaya News: মেঘালয়ত অসমৰ এজন লোকক নৃশংসভাৱে হত্যা!

মেঘালয়ত অসমীয়াক নৃশংস হত্যা।(Meghalaya News)
মেঘালয়ত অসমৰ এজন লোকক নৃশংসভাৱে হত্যা।
অসমৰ এজন লোকক মাৰি ওলমাই থ’লে ঘন অৰণ্যত।
বশিষ্ঠৰ তপন দে’ নামৰ লোকজনক নৃশংস হত্যা।
মেঘালয়ৰ ডাউকীত উদ্ধাৰ গুৱাহাটীৰ লোকজনৰ মৃতদেহ।
ডাউকীৰ পেঙ্গুলা নামৰ ঠাইত ভয়ংকৰভাৱে বশিষ্ঠৰ তপন দে’ নামৰ লোকজনক হত্যা কৰে।
শনিবাৰে গুৱাহাটীৰ পৰা মেঘালয়লৈ গৈছিল তপন দে’।
তপন দে’ৰ পৰা বাহনখন লুটি নিয়ে দুর্বৃত্তৰ দলে।
বুধবাৰে নিশা উদ্ধাৰ হয় তপন দে’ৰ মৃতদেহ।

Birsa Munda: বীৰছা মুণ্ডাৰ জন্ম-জয়ন্তী উপলক্ষে বৰক্ষেত্ৰীত সজাগতা সভা

বীৰছা মুণ্ডাৰ জন্ম-জয়ন্তী উপলক্ষে বৰক্ষেত্ৰীত সজাগতা সভা
বীৰছা মুণ্ডাৰ জন্ম-জয়ন্তী উপলক্ষে বৰক্ষেত্ৰীত সজাগতা সভা

বীৰছা (Birsa Munda) মুণ্ডাৰ জন্ম জয়ন্তী উপলক্ষে নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত নাৰুৱাত আজি এখন গুৰুত্বপূৰ্ণ সজাগতা সভা অনুষ্ঠিত হয়। উল্লেখ্য যে বীৰছা মুণ্ডাৰ জন্ম জয়ন্তী উপলক্ষে ২০২৪ চনৰ নৱেম্বৰ মাহৰ পৰা প্ৰতি বছৰে অনুষ্ঠিত হৈ আহিছে এই সজাগতা সভাখন। সজাগতা সভাখনৰ মূল উদ্দেশ্যে হৈছে জনজাতীয় লোকসকলক চৰকাৰী আঁচনি লাভ কৰাৰ ক্ষেত্ৰত সকলো প্ৰকাৰৰ সা-সুবিধা প্ৰদান কৰা।

ভাৰত চৰকাৰৰ লগতে অসম চৰকাৰৰ বিভিন্ন বিভাগৰ অধীনত আঁচনি আৰু বিভিন্ন সা-সুবিধা কেনেকৈ লাভ কৰিব পাৰি সেই সম্পৰ্কে ৰাইজক সজাগ-সচেতন কৰাৰ উদ্দেশ্যে আয়োজিত সভাখনত উপস্থিত থাকে বৰক্ষেত্ৰী খণ্ড উন্নয়ন বিষয়া নিশি নাথ শৰ্মা, নলবাৰী জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ সম্প্ৰসাৰণ বিষয়া দ্বীপেন মেনা, বৰক্ষেত্ৰীৰ ৰামপুৰ কৃষি উন্নয়ন বিষয়া জ্যোতিস্মান শৰ্মা, স্বাস্থ্য আৰু সমাজ কল্যাণ বিভাগৰ নাৰুৱা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসক মনোৱাৰা খাতুন, ৰেচম বিভাগৰ থানেশ্বৰ ডেকা, ৫৩ নং জয়সাগৰ- কেকানকুছি গাওঁ পঞ্চায়তৰ সভানেত্ৰী নন্দিতা বৰ্মণ বৈশ্য, ৫৩ নং জয়সাগৰ- কেকানকুছি গাওঁ পঞ্চায়তৰ সচিব নুৰুল ইছলাম, পঞ্চায়তখনৰ এম.টি.এচ হৃষীকেশ ভট্টাচাৰ্য, সুৰজিৎ ৰাজবংশী প্ৰমুখ্যে ভালেমান জনজাতীয় মহিলাৰ লগতে স্থানীয় লোক উপস্থিত থাকে।

Zubeen Garg: জুবিন গাৰ্গক জীয়াই ৰাখিব অসমীয়াই, সন্দেহযুক্ত লোকে নহয়ঃ মুখ্যমন্ত্ৰী

Zubeen Garg: জুবিন গাৰ্গক জীয়াই ৰাখিব অসমীয়াই, সন্দেহযুক্ত লোকে নহয়ঃ মুখ্যমন্ত্ৰী
Zubeen Garg: জুবিন গাৰ্গক জীয়াই ৰাখিব অসমীয়াই, সন্দেহযুক্ত লোকে নহয়ঃ মুখ্যমন্ত্ৰী

অসমবাসীৰ হিয়াৰ (Zubeen Garg) আমঠু জুবিন গাৰ্গৰ মৃত্যুৰ পিছৰে পৰা ৰাজ্যবাসী শোক সাগৰত ডুব গৈ আছে৷ এতিয়াও যেন ৰাজ্যখনৰ পৰিবেশ গোমা হৈয়েই আছে, কোনেও ভালদৰে যেন কোনো কামতে মন বহুৱাব পৰা নাই৷ এনে সময়তে জুবিন গাৰ্গৰ অনুৰাগীৰ প্ৰসংগত পুনৰ এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷
মুখ্যমন্ত্ৰী শৰ্মাই কয় যে জুবিন গাৰ্গক জীয়াই ৰাখিব অসমীয়াই, সন্দেহযুক্ত লোকে নহয়৷ এনেদৰে মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে জুবিন গাৰ্গৰ সত্বাক জীয়াই ৰাখিবলৈ অসমীয়া ৰাইজক আহ৩ান জনায়৷ মুখ্যমন্ত্ৰী শৰ্মাই কয়, ‘যেতিয়া জুবিন গাৰ্গৰ মৃত্যু হ’ল তাৰ পিছত দুৰ্গা পূজা, লক্ষ্মী পূজা আৰু ৰাস আহিল৷ এই সময়ত সমগ্ৰ অসমৰ প্ৰতিটো হিন্দু পৰিয়ালসমূহে জুবিনৰ ফটোখন সকলোতে ব্যৱহাৰ কৰিছিল আৰু আন্তৰিক শ্ৰদ্ধাঞ্জলি জনাইছিল৷ কিন্তু ইজতেমাৰ দৰে মুছলমানৰ ধৰ্মীয় সমাৱেশৰ সময়ত জুবিনৰ ফটো দেখা নাই৷ যিবোৰক তেওঁলোকৰ ‘ধৰ্ম সভা’ বুলিও বৰ্ণনা কৰা হয়৷ আমি এখনো সভাত জুবিন গাৰ্গৰ ফটো দেখা নাই৷ ইয়াৰ অৰ্থ এয়াই যে, সন্দেহযুক্ত মানুহে জুবিনক জীয়াই নাৰাখে, জুবিনক মাথোঁ অসমীয়াইহে জীয়াই ৰাখিব লাগিব৷ চাউল-দালি নালাগে বুলি কোৱা লোকে জুবিনক জীয়াই নাৰাখে’৷
ইয়াৰ লগতে মুখ্যমন্ত্ৰীয়ে কয়, ‘যিসকলে সামাজিক মাধ্যমত দিল্লীৰ বিস্ফোৰণক সমৰ্থন জনাইছে তেওঁলোকক চৰকাৰে গ্ৰেপ্তাৰ কৰিব৷ তেওঁলোকৰ লিংকবোৰ চাব আৰু কাৰোবাৰ যদি লিংক বাংলাদেশৰ লগত পাও বা অন্যলোকৰ লগত পাও তেওঁলোকৰ ওপৰত কঠোৰ ব্যৱস্থা লোৱা হ’ব৷ এতিয়া বহুতে ডিলিট কৰিছে, কিন্তু ¦ স্ক্ৰীণশ্বট চেভ কৰা হৈছে৷ তেওঁলোকক চৰকাৰে কঠোৰ সতৰ্কবাণী জাৰি কৰিছে৷’