Home Blog Page 2513

বিহালীৰ ৰাংছালীত বিশ্বনাথ জিলা কবি সন্মিলনৰ দ্বিতীয় দ্বি-বাৰ্ষিক অধিৱেশনৰ আয়োজন…

সদৌ অসম কবি সন্মিলনৰ অন্তৰ্গত  বিশ্বনাথ জিলা কবি সন্মিলনৰ দ্বিতীয় দ্বি-বাৰ্ষিক অধিৱেশন খন বেদেতী কবি চক্ৰৰ সহযোগত আৰু  ৰাংছালী গাঁও বাসীৰ  আতিথ্যত অহা ৯ আৰু ১০ এপ্ৰিলত  ৰাংছালী চাৰিআলি ৰঙ্গমঞ্চত বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰাৰ আয়োজন কৰা হৈছে।তদুপলক্ষে প্ৰথম দিনৰ কাৰ্যসূচী অনুযায়ী পুৱা ৮ বজাত বিশ্বনাথ জিলা কবি সন্মিলনৰ পতাকা উত্তোলন  কৰিব সন্মিলনৰ সভানেত্ৰী শ্ৰীযুতা সবিতা কোঁৱৰে। পুৱা ৯ বজাত স্মৃতি  তৰ্পন কৰিব ৰাংছালীৰ  সমাজকৰ্মী, কবি শুকদেৱ বৰুৱাই। সাহিত্য প্ৰতিযোগিতা উদ্বোধন কৰিব লোকপ্ৰিয় উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী শ্ৰী বিজ্ঞান দাসে।বিহালী বিধান সভা সমষ্টিৰ অন্তৰ্গত ছাত্র-ছাত্ৰী সকলৰ মাজত বিহালী ভিত্তিত অনুষ্ঠিত হ’ব চিত্ৰাংকন, কবিতা আবৃত্তি, আকস্মিক বক্তৃতা প্ৰতিযোগিতা।ইয়াৰ পিছত ১০ এপ্ৰিল তাৰিখৰ প্ৰথম কাৰ্যসূচী,  পুৱা ৭.৩০ বজাত পৰিৱেশ নিকাকৰণ। পুৱা ৯.৩০ বজাত প্ৰতিনিধিৰ নাম পঞ্জীয়ন,পুৱা ১০ বজাত প্ৰতিনিধি আৰু বিষয়বাচনি সভা। সভাখন উদ্বোধন কৰিব বিশিষ্ট কবি তথা সদৌ অসম কবি সন্মিলনৰ উপসভাতি শ্ৰীযুত বংশী বৰাই । দিনৰ ১১.৩০ বজাত কবি সন্মিলন। কবি সন্মিলন উদ্বোধন কৰিব বিশিষ্ট কবি তথা সাহিত্য অকাডেমি বঁটা প্ৰাপক শ্ৰী জ্ঞান পূজাৰীয়ে । সন্মিলনৰ  সঞ্চালকৰ কৰিব বিশিষ্ট কবি শ্ৰী ৰেণু চহৰীয়া শইকীয়াই ।

দিনৰ ১২.৪৫ বজাৰ পৰা  মুকলি সভা, সম্বৰ্ধনা আৰু বঁটা বিতৰণী অনুষ্ঠান । উক্ত অনুষ্ঠানটি উদ্বোধন কৰিব বিশিষ্ট কবি, প্ৰবীণ সাংবাদিক শ্ৰীযুত নগেন কোঁৱৰে।সভাপতিত্ব কৰিব বিশ্বনাথ জিলা কবি সন্মিলনৰ সভানেত্ৰী শ্ৰীযুতা সবিতা কোঁৱৰে । সভাখনত মুখ্য অতিথি হিচাপে প্ৰাক্তন মন্ত্ৰী তথা বিহালী বিধান সভা সমষ্টিৰ বিধায়ক শ্ৰী ৰঞ্জিত দত্ত, নিৰ্দিষ্ট বক্তা হিচাপে বিশিষ্ট কবি তথা বিশ্বনাথ মহাবিদ্যালয়ৰ অধ্যাপক ৰাণা হাজৰিকা উপস্থিত থাকিব।শোণিতপুৰ জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি শ্ৰী ইন্দ্ৰপ্ৰসাদ শইকীয়া, ছয়দুৱাৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ শ্ৰীযুত দিগন্ত গোঁহাই, লক্ষীমপুৰ জিলা কবি সন্মিলনৰ প্ৰাক্তন সভাপতি শ্ৰীযুত অতুল খাউণ্ড বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব লগা সভাখনত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকিব বিশিষ্ট কবি, সমালোচক, গুৱাহাটী নিবাসী  শ্ৰী ৰুদ্ৰসিংহ মটক, বিহালী স্নাতক মহাবিদ্যালয়ৰ অধ্যক্ষ শ্ৰীযুত জীৱন চন্দ্ৰ নাথ,বিশিষ্ট লেখিকা শ্ৰীযুতা বৰ্ণালী কটকী ওজা, বিশিষ্ট কবি তথা ছয়দুৱাৰ মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক  ড° ভাস্কৰজ্যোতি গগৈ,   মধ্য ছয়দুৱাৰ উঃমাঃবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ শ্ৰী প্ৰবোধ কুমাৰ  বৰুৱা, গৱেষক, লেখক  ড° দুলেন বৰা আৰু কবি, সমালোচক, সাংবাদিক শ্ৰীযুত বিপুল কুমাৰ দিহিঙ্গীয়া ।

অধিৱেশন ভাগ সৰ্বাঙ্গসুন্দৰ ভাৱে অনুষ্ঠিত কৰাৰ নিমিত্তে লোকপ্ৰিয় উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক তথা সাংস্কৃতিক কৰ্মী জয়ন্ত হাজৰিকাক সভাপতি, কবি, প্ৰাক্তন ছাত্ৰনেতা ,সমাজকৰ্মী নিৰঞ্জন দাসক কাৰ্যকৰী সভাপতি, সমাজকৰ্মী, সাহিত্যপ্ৰেমী,ক্ষুদ্ৰ চাহখেতিয়ক লক্ষী ভৰালীক সম্পাদক হিচাপে লৈ এক অভ্যৰ্থনা সমিতি গঠন কৰি যাৱতীয় কাম-কাজ আগবঢ়োৱা হৈছে । ।সাহিত্য প্ৰতিযোগিতা সমূহত বিহালী বিধান সভা সমষ্টিৰ অন্তৰ্গত ছাত্র-ছাত্ৰী তথা অভিভাৱক সকলৰ অংশগ্ৰহণ আৰু উপস্থিতি অভ্যৰ্থনা সমিতিয়ে আন্তৰিকতাৰে কামনা কৰিছে। লগতে  অধিৱেশন খনিৰ দুয়োটা দিনৰ সকলো কাৰ্যসূচীতে  সাহিত্যপ্ৰাণ ৰাইজৰ উপস্থিতি অভ্যৰ্থনা সমিতিয়ে কামনা কৰিছে।

লক্ষীমপুৰ গাওঁ পঞ্চায়তৰ সভানেত্ৰীৰ বিয়োগ…

দৰং জিলাৰ লক্ষীমপুৰ গাওঁ পঞ্চায়তৰ সভানেত্ৰী দুলুৰানী ডেকাই যোৱানিশা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত শেষ নিশ্বাস ত্যাগ কৰে৷ সভানেত্ৰী দুলুৰানী ডেকাই  দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল৷ কেইবাখনো চিকিৎসালয়ত চিকিৎসা কৰিছিল যদিও শেষ মূহূৰ্তত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসা কৰি থকা মূহূৰ্তত যোৱানিশা প্ৰায় ৯-৩০ মান বজাত  ৫১ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে৷ অসম গন পৰিষদৰ পৰা নিৰ্বাচন খেলি লক্ষীমপুৰ গাওঁ পঞ্চায়তৰ সভানেত্ৰী নিৰ্বাচিত হোৱা দুলুৰানী ডেকাই সৰুৰে পৰা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতে জড়িত হৈ থকা দুলুৰানী ডেকাই দলংঘাট শাখা ছাত্ৰ সন্থাৰ সম্পাদিকা,দলংঘাট মিলন হাইস্কুলৰ সম্পাদিকা,অসম গন পৰিষদ লক্ষীমপুৰ আঞ্চলিকৰ সভানেত্ৰীৰ লগতে জিলা সমিতিৰো বিষয়বাব অলংকৃত কৰাৰ লগতে দৰংজিলা মাষ্টাৰ্ছ এথলেটিকছ সন্থাৰ হৈ মৰানকে ধৰি জিলা খনৰ হৈ বিভন্ন ঠাইত প্ৰতিনিধিত্ব কৰিছিল৷

দৰং জিলাৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতে জড়িত হৈ থকা সভানেত্ৰী গৰাকীৰ মৃত্যুৰ বাতৰি পোৱাৰ লগে লগে কলাইগাঁও উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া ৰবীন বৰুৱা, লক্ষীমপুৰ গাওঁ পঞ্চায়তৰ সদস্য সদস্যা তথা কৰ্মচাৰী সকল, সচিব অমৃত চন্দ্ৰ ডেকা, দৰংজিলা ছাত্ৰ সন্থাৰ বিষয়ববীয়া, মহলীয়াপাৰা আঞ্চলিক ছাত্ৰ সন্থা, দলংঘাট শাখা ছাত্ৰ সন্থা, অসম গন পৰিষদ লক্ষীমপুৰ আঞ্চলিক সমিতি, দলংঘাট মিলন হাইস্কুলৰ লগতে অঞ্চলটো বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ আৰু বিশিষ্ট ব্যক্তি সকলে নিজ গৃহত উপস্থিত হৈ শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷ মৃত্যুৰ সময়ত সভানেত্ৰী দুলুৰানী ডেকাই স্বামী দুগৰাকী পুত্ৰ কন্যা সহ আত্মীয় স্বজনক ইহ সংসাৰত এৰি থৈ যায়৷

ডিমৌত সন্ত্ৰাস সৃষ্টি কাৰী দুই গভাইত চোৰক গ্ৰেপ্তাৰ ডিমৌ আৰক্ষীৰ…

ডিমৌ আৰক্ষী  থানাৰ অন্তৰ্গত দুটা স্হানত কালি নিশাৰ ভাগত ডিমৌ আৰক্ষীয়ে চলোৱা গোপন অভিযানত দুই গভাইত চোৰ গ্ৰেপ্তাৰ কৰি ডিমৌ থানালৈ লৈ আনে। ডিমৌ আৰু দাঁতিকাষৰীয়া বিভিন্ন স্থানত সঘনাই পানী মটৰ , চাইকেল, ডিমৌ কেন্দ্রীয় বজাৰৰ দোকানৰ তলা ভাঙী চুৰি কৰাৰ লগতে মটৰ চাইকেল চুৰি কৰিও সন্ত্রাস সৃষ্টি কৰি আৰক্ষী আৰু জনসাধাৰণৰ নিদ্রা হৰণ কৰি অহা দুই গভাইত চোৰ ক্ৰমে হৈছে দিচাং দিৰৈৰ প্ৰদীপ মুণ্ডা আৰু ৰিংকু আহমেদ শইকীয়া। প্ৰদীপ মুণ্ডাই  মটৰচাইকেল চুৰি কৰি আটক হোৱাৰ লগতে  ৰিংকু আহমেদ শইকীয়া নামৰ চোৰটোৱে চাইকেল চুৰ কৰি আটকাধীন হবলগীয়া হয়।

ডিমৌ আৰক্ষীয়ে গোপন সুত্ৰৰ পম খেদি এই দুটা চোৰৰ অন্যতম মটৰ চাইকেল চোৰ প্ৰদীপ মুণ্ডাক থাওৰা দ’লত আত্মগোপন কৰি থকা পৰা আটক কৰে আৰু ৰিংকু আহমেদ শইকীয়াক দিহাজানৰ পৰা আটক কৰে। যোৱা নিশা আটক কৰা দুয়োটা গভাইত চোৰৰ বিৰুদ্ধে পঞ্জীয়ন হৈ থকা গোচৰৰ ভিত্তিত ডিমৌ আৰক্ষী গ্ৰেপ্তাৰ কৰি  জেললৈ প্ৰেৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে   ।

ৰঙিয়াৰ হেমদোলত কাৰাটে প্ৰশিক্ষণ কেন্দ্ৰৰ শুভাৰম্ভ…

আজি ৰঙিয়া জিলা কাৰাটে এছোছিয়েশ্যনৰ সহযোগত আৰু আকাশ ষ্পৰ্টচ একাডেমীৰ উদ্যোগত ৰঙিয়াৰ সমীপৰ হেমদোল প্ৰাথমিক বিদ্যালয় প্ৰাঙ্গনত এটি কাৰাটে প্ৰশিক্ষণ কেন্দ্ৰৰ শুভাৰম্ভ কৰা হয় ৷ ৰঙিয়াৰ ‘আকাশ’ নামৰ এটি অগ্ৰণী স্বেচ্ছাসেৱী অনুষ্ঠানে ক্ৰীড়াক সমাজ জীৱনৰ অংশ হিচাবে প্ৰাধান্য দিয়াৰ বাবে উদ্যোগী সংস্থা ‘আকাশ ষ্পৰ্টচ একাডেমী’ৰ উদ্যোগত আৰম্ভ কৰা কাৰাটে প্ৰশিক্ষণ কেন্দ্ৰ”এটাৰ শুভ উদ্বোধন কৰে ৰাষ্ট্ৰীয় খেলুৱৈ আৰু অসম কাৰাটে এছোছিয়েশ্যনৰ যুটীয়া সম্পাদক তথা ৰঙিয়া কাৰাটে এছোছিয়েশ্যনৰ সম্পাদক চৈয়দ মাজহাৰুল ইছলামে।

গাওঁ সমূহতকৈ চহৰত সুযোগ সুবিধা বেছি যদিও, সৰহসংখ্যক গাৱৰ পৰা যোৱা প্ৰতিভাইহে ক্ৰীড়া জগতখন উজলাই ৰাখিছে বুলি বক্তব্য ৰাখি তেখেতে শিক্ষাৰ্থীসকলক উদ্বোদ্ধ কৰে।দ্ৰাগছৰ দৰে নিচাসক্ত সামগ্ৰীয়ে সমাজৰ যুৱচামক ধ্বংস কৰিব ওলোৱা সময়ত প্ৰধানত খেলুৱৈ সকলক এনে নিচাজাতীয় সামগ্ৰীয়ে প্ৰভাৱিত কৰিব নোৱাৰে বুলি মন্তব্য ৰাখে সমাজকৰ্মী গুণমণি দাসে৷শিশু খেলুৱৈ সুৰঞ্জন কলিতাৰ কাৰাটেৰ কলাকৌশল প্ৰদশৰ্নে সমজুৱাক আপ্লুত কৰে৷সমাজ সংগঠক হেমন্ত কলিতাই আঁত ধৰা শুভাৰম্ভ অনুষ্ঠানটিত অংশগ্ৰহণ কৰে প্ৰশিক্ষক ভূপেন নমশুদ্ৰ আৰু অজন্তা দাস,”আকাশ”ৰ বিপুল কাকতি , ধ্ৰুৱজ্যোতি কলিতা,নিপন দত্ত কলিতা , প্ৰণিতা কলিতা,চুমিতা শীল,বন্দনা বৈশ্য আৰু বহুকেইজন স্থানীয় ক্ৰীড়ানুৰাগীয়ে।প্ৰশিক্ষণত নামভৰ্তিৰ বাবে ৯১০১২-৬৪২৫৬ আৰু ৯১০১১-১৫০৮৫ নম্বৰত যোগাযোগ কৰিবলৈ উদ্যোক্তাসকলে আহ্বান জনাইছে।

ৰক্ষা! ইমৰাণ খানৰ বিৰুদ্ধে থকা অনাস্থা প্ৰস্তাৱ নাকচ…

অৱশেষত কিছু সকাহ পালে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানে। ইমৰাণ খানৰ বিৰুদ্ধে বিৰোধীয়ে অনা অনাস্থা প্ৰস্তাৱ ৰবিবাৰে নাকচ কৰিলে নেচনেল এচেম্বলীয়ে। প্ৰস্তাৱ নাকচ হোৱাৰ পাছতেই প্ৰধানমন্ত্ৰী গৰাকীয়ে ৰাষ্ট্ৰক সম্বোধন কৰি কয় যে তেওঁ পাকিস্তানৰ ৰাষ্ট্ৰপতি আৰিফ অল্বীক নেচনেল এচেম্বলী ভংগ কৰাৰ বাবে আহ্বান জনাইছে আৰু নিৰ্বাচনৰ উপদেশ দিছে।

অন্যহাতে  ইমৰাণ খানে কয় যে এই সমগ্ৰ ঘটনাত বিদেশীৰ হাত আছে। বিৰোধীক সহায় কৰিছে বিৰোধীয়ে। উল্লেখ্য যে, কিছুদিন পূৰ্বেই সংখ্যাগৰিষ্ঠতা হেৰুৱাইলি ইমৰাণ খানৰ চৰকাৰে। তাৰ পাছতেই ইমৰাণ খানৰ পদক লৈ আছিল অনিশ্চিয়তা।

৫০ গৰাকী ছাত্ৰ-ছাত্ৰীক উচ্চ শিক্ষাৰ অৰ্থে বিদেশলৈ প্ৰেৰণ কৰিব বিটিচি চৰকাৰ

প্ৰমোদ বড়ো নেতৃত্বাধীন বিটিচি পৰিষদীয় চৰকাৰে বিটিআৰ অঞ্চলত শিক্ষাৰ ক্ষেত্ৰত এক আমূল পৰিৱৰ্তনৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে। ইয়াৰ অংশ হিচাপে চৰকাৰখনে “জ্ঞান স্বৌৰাং” আচঁনি প্ৰৱৰ্তনেৰে বিটিআৰ অঞ্চলৰ দৰিদ্ৰ তথা মেধাৱী ছাত্ৰ-ছাত্ৰীসকলক উপকৃত কৰিবলৈ আগবাঢ়ি আহিছে। বিটিআৰৰ মুঠ ৪০ টা পৰিষদীয় সমষ্টিক সামৰি এই আচঁনি হাতত লৈছে চৰকাৰখনে। এই উপলক্ষে আজি বাক্সা জিলাৰ ২৪ নং মুছলপুৰ পৰিষদীয় সমষ্টিৰ অন্তৰ্গত ভালুকদঙাত সমষ্টিটোৰ বাবে “জ্ঞান স্বৌৰাং” আঁচনিৰ শুভাৰম্ভ কৰে সমষ্টিটোৰ পাৰিষদ তথা বিটিচিৰ কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্মই।

এই আঁচনিখন শুভাৰম্ভ কৰি তেখেতে বিটিচিৰ প্ৰতিটো পৰিষদীয় সমষ্টিৰ বিপৰীতে দুশ গৰাকীকৈ মুঠ আঠ হাজাৰ শিক্ষাৰ্থীক এই আঁচনিৰ অধীনত পাঁচ হাজাৰ টকাকৈ জলপানি প্ৰদান কৰাৰ কথা ব্যক্ত কৰে। ইয়াৰ উপৰিও উচ্চ শিক্ষাৰ বাবে প্ৰতিবছৰে বিটিআৰৰ অঞ্চলৰ পৰা ৫০ গৰাকীকৈ ছাত্ৰ-ছাত্ৰীক উচ্চ শিক্ষাৰ বাবে দেশ-বিদেশত প্ৰশিক্ষণ প্ৰদান কৰাৰ আঁচনি গ্ৰহণ কৰিছে বুলি মন্তব্য কৰে।

শিক্ষাৰ ক্ষেত্ৰত নতুনত্ব অনাৰ পৰিকল্পনা থকা বুলি মন্তব্য কৰি তেখেতে কয় যে শিক্ষক সকলে ছাত্ৰ-ছাত্ৰীক যাতে আধুনিক শিক্ষা প্ৰদান কৰিব পাৰে তাৰ বাবে শিক্ষক সকলক উচ্চ প্ৰশিক্ষণৰ বাবে দিল্লীলৈ পঠিওৱা হ’ব বুলি মন্তব্য কৰে। এই ক্ষেত্ৰত দিল্লী চৰকাৰৰ লগত ইতিমধ্যে আলোচনা হোৱাৰ কথা ব্যক্ত কৰে। আনহাতে অনুষ্ঠানৰ মাজতে উপস্থিত ছাত্ৰ-ছাত্ৰী সকলক উৎসাহিত কৰাৰ উদ্দেশ্যে জলপানিৰ চেকৰ আৰ্হি প্ৰদৰ্শন কৰা হয় ৷ আজিৰ এই অনুষ্ঠানত ইউপিপিএলৰ মুছলপুৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক (সাংগঠনিক) মইনুল আলি, মুছলপুৰ ব্লক সমিতিৰ সভাপতি বাপন বসুমতাৰী, সম্পাদক লোহিত বসুমতাৰী, টিচিএলচিচিৰ অধ্যক্ষ মনেশ্বৰ বসুমতাৰীকে ধৰি দলৰ কেবাগৰাকীও নেতা-কৰ্মী উপস্থিত থাকে।

ফেশ্বন জগতত কোনে বেছি হটনেছ বিয়পাইছে ? উৰ্ফি জাভেদ নে ডলী জাভেদ!

ফেশ্বন উৎসাহী সকলক আঁতৰাই ৰাখি,উৰ্ফি জাভেদ আৰু তেওঁৰ সৰু ভগ্নী ডলী জাভেদক লগ পাইছে নেকি, যি তাইৰ ডাঙৰ চিছৰ দৰেই ইণ্টাৰনেটত শাসন কৰে।যদি লগ পাইছে তেন্তে আপুনি লাকী।

ডাঙৰ ভগ্নী উৰ্ফি জাভেদৰ দৰে, ডলী জাভেদেও নিশ্চিত কৰে যে তেওঁ ইনষ্টাগ্ৰাম গেমটো শাসন কৰে আৰু লগতে ছ’চিয়েল মিডিয়া প্লেটফৰ্মত প্ৰায় ৫৩.২ কে অনুসৰণকাৰীৰ এক বৃহৎ অনুৰাগী আছে । ঠিক আছে, পাহৰিব নালাগে, সৰু জাভেদও ডাঙৰ ভনীয়েকৰ দৰেই এজন প্ৰকৃত ফেশ্বন উৎসাহী, কিয়নো তাই কেতিয়াও আটাইতকৈ ডাপাৰ আৰু ট্ৰেণ্ডি কাপোৰত আৱৰি থকা তাইৰ আৱাৰগ্লাছ শৰীৰটো প্ৰদৰ্শন কৰাত ব্যৰ্থ নহয়।

টি খ্যাত উৰ্ফি জাভেদে তাইৰ মন কঢ়িয়াই নিয়া কিন্তু সাহসী ফেশ্বন বোধৰ জৰিয়তে ছ’চিয়েল মিডিয়াত ধুমুহাৰ সৃষ্টি কৰিছে। যেতিয়াই তাই কোনো অনন্য পোছাকত ৰিল বা ফটো পোষ্ট কৰে, ই সদায়চহৰ চৰ্চাৰ দৰে হ’বলৈ সক্ষম হয়।উৰ্ফি জাভেদ আৰু ডলী জাভেদৰ মাজত একমাত্ৰ পাৰ্থক্য হৈছে যে কণমানিজনী সাধাৰণতে কেতিয়াও ট্ৰ’ল নহয়, তাইৰ ডাঙৰ ভনীয়েকৰ বিপৰীতে যি প্ৰায়ে কৰে। মাত্ৰ দুদিন আগতে ডলীয়ে পুলৰ কিছু সময়ত সূৰ্যৰ ৰশ্মিত নীলা টু-পিচ চুইমচুট বাস্কিং ত তাইৰ শৰীৰটো প্ৰদৰ্শন কৰা কিছুমান চিজলিং স্নেপ আপলোড কৰিছিল। তাইৰ ফটোৰ শিৰোনামটোত লিখা আছিল, “এটা লিল বিট অফ এ পুল টাই। তাইৰ অনুগামীসকল বেংকাৰ হৈ গৈছিল আৰু তাইৰ পোষ্টটোৰ ওপৰত সৰু জাভেদক অপৰিসীম মৰমেৰে বৰষুণ দিয়াৰ বাহিৰে সহায় কৰিব নোৱাৰিলে।

এইটো তাইৰ মন্তব্য শাখালৈ লৈ যোৱা। এজন অনুৰাগীয়ে মন্তব্য কৰিছিল “বহুত জাদা খুবচুৰাট হো আপ” , আনএজনে মন্তব্য কৰিছিল “ৱাও আমেজিং… “।এজন অনুৰাগীয়ে কৈছিল, “হে জলপাৰি, আপুনি তো পানী মে আগ লগা দিয়া”, আনএজনে লিখিছিল “পুল বেবী “

ক্ৰিকেট জুৱাৰীৰ বিৰুদ্ধে মানিকপুৰ আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰে দুজন জুৱাৰীক।

মানিকপুৰত IPL ক্ৰিকেট জুৱা খেল চক্ৰৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে মানিকপুৰ আৰক্ষী। আজি নিশা মানিকপুৰ আৰক্ষী বিষয়া অজয় কুমাৰ সাহাৰ নেতৃত্বত পাতিলাদহা বজাৰত অভিযান চলায় আৰু দুজনকৈ জুৱাৰীক হাতেলোটে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। গ্ৰেপ্তাৰ হোৱা জুৱাৰী দুজন পাতিলাদহাৰ সমীৰণ বৰুৱা আৰু আজগৰ আলী। জুৱাৰী দুজনৰ পৰা দুটা মোবাইল আৰু ৰেজিষ্টাৰ বহী জব্দ কৰে আৰক্ষীয়ে। জুৱাৰী দুজনক আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে আৰু ইয়াৰ লগত জড়িত চক্ৰটোক আটক কৰিবলৈ অভিযান চলাই আছে।


ইফালে যোৱা নিশা অভিযান চলাই ড্ৰাগছৰ লগত জড়িত ইয়াকুব আলী মণ্ডল নামৰ আন এজন মোষ্ট ওৱানটেড অপৰাধীজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।

গৰুখুঁ‌টি কৃষি প্ৰকল্পত ন-কৈ তিনিশ জনী গীৰ গাই

মুখ্যমন্ত্ৰীৰ সপোনৰ গৰুখুঁ‌টি কৃষি প্ৰকল্পত ন-কৈ অনা হৈছে তিনিশ জনী গীৰ গাই।গুজৰাটৰ পৰা অনা হৈছে এই গীৰ গাই সমূহ।প্ৰায় ৬০ গৰাকী প্ৰশিক্ষণ প্ৰাপ্ত যুৱক যুৱতীৰ জড়িয়তে ইতিমধ্যে পৰিচৰ্যা কৰা হৈছে গীৰ গাই সমূহ।আনকি চিকিৎসকৰ বিশেষ দল উপস্থিত হৈছে গৈ প্ৰকপ্ল স্থলীত। প্ৰথম পৰ্য্যায়ত ১২৩ জনী গীৰ গাই অনা হৈছিল আৰু আজি ৩০০ জনী ৰঙিয়া ষ্টেচনৰ পৰা এইদৰে ট্ৰাক যোগে আনিছে প্ৰকল্প স্থলীলৈ।

বিশেষকৈ প্ৰথম পৰ্যায়ত অনা গীৰ গাই সমূহে গাখীৰৰ চাহিদা পূৰণ কৰিব পৰা নাছিল যাৰ ফলত আকৌ ৩০০ জনী গীৰগাই অনা বুলি জানিবলৈ দিছে ।

ফেশ্বন শ্ব’ত অংশ গ্ৰহণ কৰি উভতি আহি থকা অৱস্থাত দুৰ্ঘটনাত পতিত মালাইকা অৰোৰা

অভিনেত্ৰী-মডেল মালাইকা অৰোৰা এক্সপ্ৰেছৱেৰ খোপলিত এখন গাড়ী দুৰ্ঘটনাত পতিত হয়।অভিনেত্ৰী গৰাকীয়ে সামান্য আঘাতপ্ৰাপ্ত হৈছে আৰু এপল’ চিকিৎসালয়লৈ লৈ যোৱা হয়।দুৰ্ঘটনাটো সংঘটিত হৈছিল যেতিয়া তিনিখন বাহন ইজনে সিজনক খুন্দা মাৰিছিল। মালাইকা তেওঁ ৰেঞ্জ ৰভাৰত আছিল যিটো মাজত আছিল। আৰক্ষীয়ে বৰ্তমান ঘটনাটোৰ তদন্ত কৰি আছে আৰু পিছত এখন এজাহাৰ দাখিল কৰিব।খোপলি আৰক্ষী থানাৰ পৰিদৰ্শক শিৰিষ পাৱাৰে কৈছিল যে মুম্বাই পুনে এক্সপ্ৰেছৱেত তিনিখন বাহনৰ স্তূপ আছিল। “আমি গাড়ীৰ মালিকসকলৰ সৈতে যোগাযোগ কৰিম আৰু কাৰ দোষ আছিল জানিবলৈ ঘটনাস্থলীৰ পৰা চিচিটিভি ফুটেজ পৰীক্ষা কৰিম,” পাৱাৰে কয়। তেওঁ যোগ দিছিল যে তেওঁলোকে গোচৰটোত এখন এজাহাৰ পঞ্জীয়ন কৰিব।বৰ্তমান মালাইকা সম্পূৰ্ণৰূপে সুস্থ আৰু সোনকালেই তেওঁক ৰিলিজ দিব চিকিৎসালয়ৰ পৰা। “সৌভাগ্যক্ৰমে, এইটো একো গুৰুত্বপূৰ্ণ নাছিল আৰু তেওঁ ভাল কৰি আছে। সোনকালে ঘৰলৈ যাব লাগে।” মালাইকাৰ মুখপাত্ৰই কয়, “মালাইকা ভালে আছে আৰু ভগৱানৰ কৃপায় কোনো ডাঙৰ আঘাত পোৱা নাছিল। তেওঁ চিকিৎসকৰ আদেশ অনুসৰি এতিয়াৰ বাবে আৰাম লৈ আছে আৰু মাত্ৰ কেইদিনমানৰ ভিতৰতে উঠি বজাই থাকিব আৰু দৌৰিব”


এইটো বিশ্বাস কৰা হয় যে মালাইকাই চহৰখনত এটা ফেশ্বন অনুষ্ঠানত অংশ গ্ৰহণ কৰি পুনেৰ পৰা উভতি আহিছিল। তেওঁ অনুষ্ঠানটোৰ ভিডিঅ’ সামাজিক মাধ্যমত শ্বেয়াৰ কৰি আছিল।