Home Blog Page 253

Himanta Biswa Sarma: সকলো ছাত্রীয়ে লাভ কৰিব নিযুত মইনা আঁচনিঃ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা

Himanta Biswa Sarma: সকলো ছাত্রীয়ে লাভ কৰিব নিযুত মইনা আঁচনিঃ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা
Himanta Biswa Sarma: সকলো ছাত্রীয়ে লাভ কৰিব নিযুত মইনা আঁচনিঃ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা

দেওবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ফেচবুক লাইভৰ(Himanta Biswa Sarma)জৰিয়তে বহুকেইটা গুৰুত্বপূৰ্ণ কথা ঘোষণা কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কৰা গুৰুত্বপূৰ্ণ ঘোষণাকেইটা হ’ল-

ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব BTRৰ নিৰ্বাচন ৷ তাৰ পাছতে অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল স্বায়ত্ত পৰিষদৰ নিৰ্বাচন ৷


১৫ জুনৰ পৰা ADREৰ তৃতীয় বৰ্গৰ মৌখিক পৰীক্ষা। শীঘ্ৰে প্ৰকাশ পাব পৰীক্ষাৰ সবিশেষ।

স্নাতক শিক্ষার্থীলৈ জীৱন প্ৰেৰণা আঁচনি। ১ জুনৰ পৰা মুকলি হ’ব আবেদন প্রক্রিয়া। ইয়াৰ বাবে মুকলি কৰা হ’ব প’ৰ্টেল।২৫০০ টকাকৈ “জীৱন প্ৰেৰণা আঁচনি”ৰ ধন।

উচ্চতৰ মাধ্যমিকত ৮০% নম্বৰ পোৱা শিক্ষার্থীয়ে পাব স্কুটাৰ।

‘সম্প্ৰসাৰণ হ’ব নিযুত মইনা আঁচনি’ সকলো ছাত্রীয়ে লাভ কৰিব নিযুত মইনা আঁচনি।

Moloya Goswami: বিশিষ্ট অভিনেত্ৰী মলয়া গোস্বামীৰ জীৱন চানেকিৰ প্ৰতিফলন ঘটা ”দাপোণত মোৰ পৃথিৱী” শীৰ্ষক গ্ৰন্থ উন্মোচন

Moloya Goswami: বিশিষ্ট অভিনেত্ৰী মলয়া গোস্বামীৰ জীৱন চানেকিৰ প্ৰতিফলন ঘটা ''দাপোণত মোৰ পৃথিৱী'' শীৰ্ষক গ্ৰন্থ উন্মোচন
Moloya Goswami: বিশিষ্ট অভিনেত্ৰী মলয়া গোস্বামীৰ জীৱন চানেকিৰ প্ৰতিফলন ঘটা ''দাপোণত মোৰ পৃথিৱী'' শীৰ্ষক গ্ৰন্থ উন্মোচন

দেওবাৰে আবেলি ৪ বজাত গুৱাহাটীৰ(Moloya Goswami) গণেশগুৰিস্থিত নেড্‌ফি হাউচ প্ৰেক্ষাগৃত আয়োজন কৰা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত অসমৰ বিশিষ্ট অভিনেত্ৰী মলয়া গোস্বামীৰ জীৱন চানেকিৰ প্ৰতিফলন ঘটা “দাপোণত মোৰ পৃথিৱী” শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰা হয়৷ গ্ৰন্থখন প্ৰকাশ কৰিছে সৃষ্টি প্ৰকাশৰ হৈ অজিত কুমাৰ ৰায়ে৷ উক্ত অনুষ্ঠানটিত মুখ্য অতিথি
হিচাপে উপস্থিত থকা ৰাজনৈতিক বিশ্লেষক লেখক ড° ৰাজেন শইকীয়া, আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন যশস্বী পৰিচালক জাহ্নু বৰুৱা,অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ মন্ত্ৰী বিমল বড়া, আৰোহণ ন্যাসৰ মুখ্য ন্যাসৰক্ষী প্ৰীতি শইকীয়া, বিশিষ্ট চকু চিকিৎসক ড° হৰ্ষ ভট্টাচাৰ্য,অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড° সূৰ্যকান্ত হাজৰিকা আৰু বিশিষ্ট সাংবাদিক প্ৰণয় বৰদলৈয়ে গ্ৰন্থখন উন্মোচন কৰি পাঠক-ৰাইজৰ বাবে আগবঢ়াই দিয়াৰ লগতে সাৰগৰ্ভ বক্তব্য প্ৰদান কৰে৷ অভিনেতা কপিল বৰাই আঁত ধৰা সভাখনত ভালেসংখ্যক গণ্য মান্য বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷

অনুষ্ঠানৰ আৰম্ভণিতে অভিনেত্ৰী নিশিতা গোস্বামী আৰু নিমিশা গোস্বামীয়ে ফিৰিঙতি চলচ্চিত্ৰৰ ‘আজি মনৰ আকাশত উৰি ফুৰা’ শীৰ্ষক গীতটি দ্বৈতকণ্ঠত পৰিৱেশন কৰি উপস্থিত সকলোকে আপ্লুত কৰে৷তেওঁলোকক গীতটি পৰিৱেশনত সহায় কৰে মলয়া গোস্বামীৰ সৰু জোঁৱাই আদিত্য সিঙে৷

জাগীৰোড মহাবিদ্যালয়ৰ এগৰাকী অৱসৰপ্ৰাপ্ত অধ্যাপিকা হিচাপেও কৰ্মজীৱনত জনপ্ৰিয়তা অৰ্জন কৰা ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত বিশিষ্ট অভিনেত্ৰী গৰাকীয়ে খুবেই সুন্দৰকৈ নিজৰ বক্তব্য প্ৰদান কৰি তেওঁৰ কৰ্মজীৱনত আৰু গ্ৰন্থখন লিখা তথা প্ৰকাশত সহায় কৰা কেইবাগৰাকীও ব্যক্তিক কৃতজ্ঞতা প্ৰকাশৰে শলাগ জ্ঞাপন কৰে৷ অভিনেত্ৰীগৰাকীয়ে অনুষ্ঠানত উপস্থিত সকলো ব্যক্তিকে কৃতজ্ঞতা জনায় গ্ৰন্থখন পাঠক সমাজে আদৰি ল’ব বুলি আশা প্ৰকাশ কৰে৷

উল্লেখযোগ্য যে ”দাপোণত মোৰ পৃথিৱী ” শীৰ্ষক গ্ৰন্থখনত কলং -কপিলী লুইতৰ উপকণ্ঠত জীৱনৰ গান,শিল্পীসত্তাৰ বিচাৰ,এলবামৰ পৰা সোণালী চয়ন যশোভাগ্য অভিনয় চলচ্চিত্ৰৰ বুলনি চ’ৰাত,কেইখনমান আপুৰুগীয়া আলোকচিত্ৰ স্মৰণীয় বৰণীয়,ঘৰুৱা আৱহ,ৰাগ-অনুৰাগৰ দস্তাবেজ,শিক্ষাচিন্তা,নাটকৰ পৃথিৱীত,কুণ্ঠিতচিত্তে ভাষণ আৰু ভূষণ,প্ৰেৰণাময় স্মৃতিৰ সঁফুৰা আদি কেইবাটাও অধ্যায়ত মলয়া গোস্বামীয়ে লিখা লেখাসমূহৰ লগতে আন কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে মলয়া গোস্বামীৰ জীৱন আৰু অভিনয় জীৱন,কৰ্মজীৱনক কেন্দ্ৰ কৰি লিখা বহুকেইটা সুন্দৰ লেখা সন্নিৱিষ্ট হৈছে৷যশস্বী অভিনেত্ৰী গৰাকীয়ে উক্ত গ্ৰন্থখন তেখেতৰ পৰম পূজনীয় পিতৃ কৈলাশ ৰাজখোৱা আৰু মাতৃ পুতলী ৰাজখোৱাৰ সজল স্মৃতিত উছৰ্গা কৰিছে৷

৫৫৯পৃষ্ঠাৰ বৃহৎ কলেৱৰৰ গ্ৰন্থখনত অসমীয়া আৰু ইংৰাজী ভাষাত গুৰুত্বপূৰ্ণ কেইবাটাও লেখা আৰু বহু আপুৰুগীয়া ফ’টোগ্ৰাফ. সন্নিৱিষ্ট কৰা হৈছে যিসমূহ পঢ়ি ৰাষ্ট্ৰীয় চলচ্চিত্ৰ পুৰস্কাৰপ্ৰাপ্ত স্বনামধন্য অভিনেত্ৰী গৰাকীৰ বিষয়ে বহু তথ্য লাভ কৰিব পৰা যাব৷

State Fish of Assam: অসমৰ জাতীয় মাছৰ প্ৰয়োজনীয়তা

State Fish of Assam: অসমৰ জাতীয় মাছৰ প্ৰয়োজনীয়তা
State Fish of Assam: অসমৰ জাতীয় মাছৰ প্ৰয়োজনীয়তা

অসম মৎস্য সম্পদৰ ক্ষেত্ৰত অত্যন্ত সমৃদ্ধশালী।(State Fish of Assam)ইয়াৰ নদী, বিল, জলাশয় আৰু পুখুৰীত বিভিন্ন প্ৰজাতিৰ থলুৱা মাছ পোৱা যায়। সেইবোৰৰ ভিতৰত নাৰ, বাট, পাভ, নেৰিয়া, পিঠিয়া, মোৱা, ডৰিকণা,আৰি, চিতল, ৰৌ, কাৱৈ, খলিহনা, পুঠি, মাগুৰ, বামী, টোৱা, শিঙি, শল, শাল, কুঢ়ি, কাৱৈ, ভকুৱা, মোৱা, কুচিয়া, তোৰা, বটীয়া, চিতল, ইলিচ, শিলঘঁৰিয়া, মালি, চেঙেলী, লাচিম, ভাঙন, চেলকনা, কৰতী, বৰিয়লা, ভেদেংকালি, আদি অন্যতম। এই মাছবোৰ অসমীয়া সংস্কৃতি আৰু খাদ্যাভ্যাসৰ এক অবিচ্ছেদ্য অংশ।

অসমীয়া গীত-মাততো মাছৰ প্ৰসংগ দেখা যায়। “মাছৰ চিকুণ মোৱা, টোপনিৰ চিকুণ পোৱা”, “নয়া নদীৰ নয়া কুল, মাগুৰ মাছৰ বিলাহী জোল”, “মাছৰ সোৱাদ ৰৌ, আঞ্জাৰ সোৱাদ ঔ”, “অধিক মাছত বগলী কণা” “কাৱৈ মাছক কচি কাটিয়া, হালধি মৰিষ তৈলে ভাজিয়া”, “মোৱা মাছ পকনি, কলডিল শুকনি, আয়ে ভোজন বুলি লয়।” অতি সম্প্ৰতি অত্যধিক মাছ ধৰা, পৰিৱেশ প্ৰদূষণ, জলাশয়ৰ সংকোচন আৰু জলবায়ু পৰিৱৰ্তনৰ ফলত এই থলুৱা মাছৰ প্ৰজাতিসমূহ বিপন্ন হৈ পৰিছে। সেয়েহে এই মাছৰ সংৰক্ষণ অতি জৰুৰী।


থলুৱা মাছৰ সুৰক্ষাৰ বাবে এপ্ৰিলৰ পৰা জুলাইলৈ মাছ ধৰাত আইনী নিষেধাজ্ঞা জাৰি কৰা হয় যদিও ই আজিও কেৱল এখন মাত্ৰ জাননীৰ দৰেই হৈ থকা পৰিলক্ষিত হয়। সমাজৰ শিক্ষিত বুলি ভবা বহু মানুহে কণী লগা মাছৰ জুতি লগাই এসাঁজ খোৱাৰ চিন্তাও এই সময়তে কৰি আনন্দ লোৱাৰ লগতে সংৰক্ষণৰ কথা কোৱা লোকসকলক উপলুঙা, ইতিকিং কৰাহে অধিক দেখা পোৱা যায়।


থলুৱা মাছ সংৰক্ষণৰ ক্ষেত্ৰত মানুহৰ মাজত সংৰক্ষণ মনোভাৱৰ বিকাশৰ বাবে অসমৰ ৰাজ্যিক মাছৰ অভাৱ অনুভৱ কৰা হয়। আমাৰ দেশৰ বহুকেইখন ৰাজ্যত ৰাজ্যিক মাছ আছে যদিও আমাৰ ৰাজ্যত কোনো থলুৱা মাছকে ৰাজ্যিক মাছ হিচাপে ঘোষণা কৰা হোৱা নাই। অসমৰ জলজ জীৱবৈচিত্ৰ্য প্ৰকৃতিৰ এক অমূল্য সম্পদ। অসমৰ বিল, আৰু জলাশয়ত প্ৰায় ২০০ৰো অধিক মাছৰ প্ৰজাতি পোৱা যায়। মাছৰ প্ৰজাতিসমূহ অসমৰ নৈপৰীয়া লোকসকলৰ জীৱন-জীৱিকাৰ মূল ভিত্তি আৰু খাদ্য সুৰক্ষাৰ এক গুৰুত্বপূৰ্ণ উৎস। কিন্তু অত্যধিক মাছ ধৰা, উদ্যোগৰ বিষাক্ত পদাৰ্থ, প্লাষ্টিক দূষণ আৰু জলবায়ু পৰিৱৰ্তন, বাসস্থান ধ্বংস আদিৰ লগতে জলাশয়ৰ অবাধ বেদখলৰ ফলত এই প্ৰজাতিসমূহৰ ওপৰত তীব্ৰ ভাবুকিৰ সৃষ্টি হৈছে। এনে পৰিপ্ৰেক্ষিতত, অসমৰ বাবে এটা জাতীয় মাছ নিৰ্বাচন কৰাটো খুবেই গুৰুত্বপূৰ্ণ হৈ পৰিছে। জাতীয় মাছৰ প্ৰতীকী মৰ্যাদাই জনসাধাৰণৰ মাজত সচেতনতা বৃদ্ধি, বিজ্ঞানসন্মত গৱেষণা ত্বৰান্বিতকৰণ, আৰু সংৰক্ষণৰ নীতি প্ৰণয়নত সহায় কৰিব। উদাহৰণস্বৰূপে, অসমৰ জাতীয় বৃক্ষ হোলোং গছ, জাতীয় পক্ষী দেওহাঁহৰ প্ৰতীকী মৰ্যাদাই ইয়াৰ সুৰক্ষাৰ প্ৰচেষ্টাক অধিক শক্তিশালী কৰাৰ লগতে জনসচেতনতাৰো বিকাশ ঘটাইছে।


অসমৰ জাতীয় মাছ হিচাপে পাভ মাছ (Ompok bimaculatus) আৰু চেং মাছ (Channa barca) সবাতোকৈ উপযুক্ত বুলি বিবেচনা কৰিব পাৰি। কাৰণ, পাভ মাছ বিপদাপন্ন মাছ হোৱাৰ লগতে অসমৰ থলুৱা মাছ। পাভ মাছ সাধাৰণতে ২৫ চে.মি. পৰ্যন্ত দীঘল হয়। কিছুমান ক্ষেত্ৰত ইয়াৰ আকাৰ ১০-১১ ইঞ্চি পৰ্যন্ত হ’ব পাৰে।শাৰীৰিক। ইয়াৰ শৰীৰ দীঘলীয়া, চিকুণ আৰু বাকলিবিহীন। কাঁইটৰ সংখ্যা তুলনামূলকভাৱে কম। অসমীয়া বিহুগীত, লোককথা আৰু কবিতাত এই মাছৰ উল্লেখ পোৱা যায়। পাভ মাছৰ প্ৰজননকাল সাধাৰণতে চ’ত-বহাগ মাহৰ পৰা আহাৰ মাহলৈকে হয়। পানীৰ উষ্ণতা অনুসৰি ১ ঘণ্টাৰ পৰা ২৪ ঘণ্টাৰ ভিতৰত কণীৰ পৰা পোনা জন্ম হয়। পোনাবোৰে প্ৰথমে পানীত থকা ক্ষুদ্ৰ উদ্ভিদ প্লাৱক আৰু প্ৰাণী প্লাৱক খায়।এইখিনিতে পাভ মাছৰ ক্ষেত্ৰত এটা খোকোজা আহিব পাৰে। পাভ মাছ ত্ৰিপুৰাৰ ৰাজ্যিক মাছ। এনে স্থলত আমাৰ ৰাজ্যৰ ৰাজ্যিক মাছ হিচাপে পাভ মাছ হোৱাত অসুবিধা হ’ব নেকি। এই প্ৰশ্নৰ উত্তৰ দিবলৈ হ’লে আমি অসম আৰু অৰণাচলৰ ৰাজ্যিক ফুললৈ লক্ষ্য কৰিব পাৰোঁ। কাৰণ, দুয়োখন ৰাজ্যৰে ৰাজ্যিক ফুল হ’ল কপৌফুল। সেয়েহে পাভ মাছক অসমৰ ৰাজ্যিক মাছ ঘোষণা কৰাতো নিশ্চয় একেটা প্ৰক্ৰিয়াই খাটিব।


এইখিনিতে উল্লেখ কৰা ভাল হ’ব যে অসমৰ জাতীয় মাছৰ প্ৰসংগেৰে বিক্ৰমাদিত্য বকলিয়াল আৰু মৃদুল কুমাৰ সন্দিকৈয়ে তিলা চেং (চান্না বাৰ্কা) মাছক অসমৰ জাতীয় মাছ হিচাপে ঘোষণা কৰাৰ প্ৰস্তাৱ আগবঢ়াই লেখা-মেলা কৰিছিল। কাৰণ, চেং মাছ কেৱল মাত্ৰ অসমতহে পোৱা যায়। তদুপৰি ড° শ্বামিম ৰহমানেও অসমৰ জাতীয় মাছৰ প্ৰয়োজনীয়তাৰ কথাৰে দ্য অসম ট্ৰিবিউনত আলোকপাত কৰিছিল।


আমি আশা ৰাখিম, অনতিপলমে চৰকাৰী সদিচ্ছাৰে অসমৰ চেং মাছেই হওক বা পাভ মাছেই হওক বা অন্য মাছেই হওক, যিকোনো এবিধ থলুৱা মাছক জাতীয় মাছ হিচাপে ঘোষণা কৰি থলুৱা মাছ সুৰক্ষাৰ ক্ষেত্ৰত আগভাগ লোৱাৰ উদ্যোগ ল’ব।


অসমৰ থলুৱা মাছৰ বৈচিত্ৰ্য সুৰক্ষাৰ বাবে জাতীয় মাছৰ ধাৰণা এক বিজ্ঞানসন্মত, সামাজিক, আৰু অৰ্থনৈতিকভাৱে তাৎপৰ্যপূৰ্ণ পদক্ষেপ। পাভ মাছ, চেং মাছ বা অন্য থলুৱা মাছেই হওক যিকোনো এবিধ থলুৱা মাছক জাতীয় মাছৰ প্ৰজাতিক প্ৰতীকী জাতীয় মৰ্যদা প্ৰদানেৰে জনসচেতনতা বৃদ্ধি কৰাৰ লগতে গৱেষণা ত্বৰান্বিতকৰণ, আৰু সংৰক্ষণৰ নীতি প্ৰণয়নত সহায় কৰিব। এই প্ৰস্তাৱ কেৱল মাছৰ প্ৰজাতিৰ সুৰক্ষাৰ বাবেই নহয়, অসমৰ পৰিৱেশ, অৰ্থনীতি, আৰু সংস্কৃতিৰ সামগ্ৰিক সংৰক্ষণৰ বাবে এক জাগৰণৰ আহ্বান। বিজ্ঞানসন্মত পদ্ধতি—যেনে জিনগত সংৰক্ষণ, বাসস্থান পুনৰুদ্ধাৰ, আৰু দূষণ নিয়ন্ত্ৰণ—আৰু চৰকাৰ, বনবিভাগ, গৱেষক, স্থানীয় পৰিৱেশ সংৰক্ষণ গোষ্ঠী আৰু স্থানীয় সম্প্ৰদায়ৰ সহযোগিতাৰ জৰিয়তে এই লক্ষ্য অৰ্জন কৰিব পাৰি। অসমৰ প্ৰতিজন নাগৰিকৰ বাবে এই প্ৰশ্ন—আমি আমাৰ জলজ সম্পদৰ ভৱিষ্যৎ সুৰক্ষিত কৰিবলৈ সাজু নে? জাতীয় মাছৰ এই প্ৰস্তাৱ আমাৰ জৈৱ-বৈচিত্ৰ্যৰ প্ৰতি দায়বদ্ধতাৰ এক শক্তিশালী প্ৰমাণ হ’ব পাৰে।

লেখকঃ মানস প্ৰতিম দত্ত

Ismail Hussain: বিপদে লগ এৰা নাই সাহিত্যিক ইছমাইল হুছেইনক!

Ismail Hussain: বিপদে লগ এৰা নাই সাহিত্যিক ইছমাইল হুছেইনক!
Ismail Hussain: বিপদে লগ এৰা নাই সাহিত্যিক ইছমাইল হুছেইনক!

সাহিত্যিক ইছমাইল হুছেইনক বিপদে লগ এৰা নাই!(Ismail Hussain)মঙলদৈৰ এগৰাকী শিক্ষয়ত্ৰীক ছ’চিয়েল মিডিয়া যোগে অশ্লীল মন্তব্য কৰি জেইল যাত্ৰাৰ পিছত এতিয়া আকৌ সংগঠনৰ ৰোষত পৰিছে ইছমাইল হুছেইন।


দেওবাৰে দৰঙৰ বিশ্ব হিন্দু পৰিষদে দৰং জিলা সাহিত্য সভাৰ কাৰ্যালয় লৈ গৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰে।
অসম সাহিত্য সভাৰ সকলো কাৰ্যসূচীৰ পৰা, কিতাপ প্ৰকাশৰ পৰা ইছমাইল হুছেইনক বিৰত ৰাখিবলৈ দাবী কৰে, ইছমাইল হুছেইনে যাতে অসম সাহিত্য সভাৰ প্লেট ফৰ্ম খন ব্যৱহাৰ কৰিব নোৱাৰে তাৰ ব্যৱস্থা ল’বলৈও দাবী কৰে বিশ্ব হিন্দু পৰিষদে।


দৰঙ জিলা সাহিত্য সভাৰ সভাপতি সম্পাদকে এই বিষয়ে আলোচনা কৰাৰ আশ্বাস প্ৰদান কৰে। পৰৱৰ্তী সময়ত অসম সাহিত্য সভাই ইছলাম হুছেইনৰ ওপৰত কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ’ব ৷

Kaziranga National Park: পৰ্যটকৰ বাবে কাইলৈৰ পৰা বন্ধ হ’ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

Kaziranga National Park: পৰ্যটকৰ বাবে কাইলৈৰ পৰা বন্ধ হ'ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান
Kaziranga National Park: পৰ্যটকৰ বাবে কাইলৈৰ পৰা বন্ধ হ'ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

পৰ্যটকৰ বাবে কাইলৈৰ পৰা বন্ধ হ’ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান।(Kaziranga National Park)

আজি চলিত পৰ্যটন বৰ্ষৰ অন্তিম দিন।

পূৰ্বৰ অভিলেখ ভংগ কৰি এইবৰ্ষত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ আহিল ৪ লাখৰো অধিক পর্যটক।

ইয়াৰে ১৭,৬৯৩ গৰাকী বিদেশী পর্যটক।

প্রায় ১০ কোটি ৯০ লাখ টকা ৰাজহ সংগ্রহ।

Hyderabad: ভয়ংকৰ অগ্নিকাণ্ডত নিহত ১৭ জন, নিহত আত্মীয়লৈ ২ লাখ টকা ঘোষণা প্ৰধানমন্ত্ৰীৰ

Hyderabad: ভয়ংকৰ অগ্নিকাণ্ডত নিহত ১৭ জন, নিহত আত্মীয়লৈ ২ লাখ টকা ঘোষণা প্ৰধানমন্ত্ৰীৰ
Hyderabad: ভয়ংকৰ অগ্নিকাণ্ডত নিহত ১৭ জন, নিহত আত্মীয়লৈ ২ লাখ টকা ঘোষণা প্ৰধানমন্ত্ৰীৰ

দেওবাৰে পুৱা হায়দৰাবাদৰ চাৰ্মিনাৰৰ সমীপৰ গুলজাৰ (Hyderabad)হাউচত সংঘটিত হয় এক বৃহৎ অগ্নিকাণ্ড। এই পৰ্যন্ত ১৭ জন লোকৰ মৃত্যু হোৱা বুলি নিশ্চিত হৈছে আৰু কেইবাজনো আহত হৈছে। অগ্নিকাণ্ডৰ খবৰ পোৱাৰ পিছতে ১২ খন অগ্নিনিৰ্বাপক বাহিনীৰ বাহন ঘটনাস্থলীত উপস্থিত হয়।

এই দুৰ্ঘটনাক লৈ শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে।প্ৰতিজন মৃতকৰ পৰিয়ালক(Hyderabad)পিএমএনআৰএফৰ পৰা ২ লাখ টকাৰ ধন প্ৰদান কৰা হ’ব। আনহাতে আহতসকলক দিয়া হ’ব ৫০ হাজাৰ টকা।(Fire)

দেওবাৰে পুৱতি নিশা সংঘটিত হয় এই অগ্নিকাণ্ড। শ্বৰ্ট চাৰ্কিটৰ কাৰণ হ’ব পাৰে এই ভয়ংকৰ অগ্নিকাণ্ডৰ।

Jyoti Malhotra News: জ্যোতি মালহোত্ৰাৰ সন্দৰ্ভত কি ক’লে জ্যোতিৰ পিতৃয়ে ?

Jyoti Malhotra News: জ্যোতি মালহোত্ৰাৰ সন্দৰ্ভত কি ক'লে জ্যোতিৰ পিতৃয়ে ?
Jyoti Malhotra News: জ্যোতি মালহোত্ৰাৰ সন্দৰ্ভত কি ক'লে জ্যোতিৰ পিতৃয়ে ?

পাকিস্তানৰ চোৰাংচোৱাগিৰিৰ অভিযোগত হাৰিয়ানাৰ ইউটিউবাৰ জ্যোতি মালহোত্ৰাক গ্ৰেপ্তাৰ।(Jyoti Malhotra News)
ইউটিউবাৰ জ্যোতি মালহোত্ৰাৰ পিতৃ হৰিশ মালহোত্ৰাই কন্যাৰ সন্দৰ্ভত কি ক’লে ?

পাকিস্তানী চোৰাংচোৱাগিৰিৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা ইউটিউবাৰ জ্যোতি মালহোত্ৰাৰ পিতৃ হৰিশ মালহোত্ৰাই দাবী কৰে যে জ্যোতিয়ে নিজৰ ইউটিউব চেনেলৰ ভিডিঅ’ শ্বুট কৰিবলৈ পাকিস্তানলৈ গৈছিল। লগতে আৰক্ষীয়ে তেওঁলোকৰ পৰা জব্দ কৰা ফোনসমূহ ঘূৰাই দিবলৈ দাবী জনায়।

পাকিস্তানী চোৰাংচোৱাৰ সৈতে যোগাযোগ থকাৰ অভিযোগত হাৰিয়ানাৰ হিছাৰৰ পৰা জ্যোতিক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। আৰক্ষীৰ সূত্ৰই জনোৱা মতে, তেওঁক সোধা-পোছা কৰাৰ পিছত কেইবাটাও তথ্য লাভ কৰা হৈছে। এই পৰিস্থিতিত জ্যোতিৰ পিতৃয়ে সংবাদ সংস্থা এএনআইক কয় যে, “জ্যোতি প্ৰায়ে পাকিস্তান আৰু অন্যান্য ঠাইলৈ গৈ ইউটিউব চেনেলৰ ভিডিঅ’ শ্বুট কৰিছিল।” পাকিস্তানী চোৰাংচোৱাৰ সৈতে যোগাযোগ থকাৰ অভিযোগ সন্দৰ্ভত পিতৃ হৰিশে পোনপটীয়াকৈ একো ক’ব বিচৰা নাছিল। কিন্তু তেওঁ ক’লে, “তাত তেওঁৰ কিছুমান বন্ধু থাকিলে ফোন কৰিব নোৱাৰে নেকি?”

জ্যোতিৰ এটা ইউটিউব চেনেল আছে। নামটো ‘ট্ৰেভেল উইথ জো’। জ্যোতিয়ে মূলতঃ তাত ভ্ৰমণৰ ভিডিঅ’ পোষ্ট কৰিছিল। তেওঁৰ অনুগামীৰ সংখ্যা প্ৰায় ১ লাখ ৩২ হাজাৰ। জ্যোতিৰ ইনষ্টাগ্ৰাম আৰু ইউটিউব চেনেলৰ ভিডিঅ’বোৰ চালে দেখা যায় যে দুমাহমানৰ আগতে তেওঁ পাকিস্তান ভ্ৰমণ কৰিছিল, পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত ২৬ জন লোকৰ মৃত্যু হৈছিল। আটৰী-ৱাগাহ সীমান্ত পাৰ হৈ লাহোৰৰ অনাৰকলি বজাৰ ভ্ৰমণ, পাকিস্তানী পঞ্জাৱৰ কাটাছ ৰাজ মন্দিৰ পৰিদৰ্শন কৰা ভিডিঅ’ও আছে। ইউটিউবাৰে জ্যোতিয়ে পাকিস্তানী খাদ্য আৰু ভাৰত আৰু পাকিস্তানৰ সংস্কৃতিৰ তুলনা কৰি এটা ভিডিঅ’ও নিৰ্মাণ কৰে।

তদন্তকাৰীৰ মতে, ২০২৩ চনত জ্যোতিয়ে প্ৰথমবাৰৰ বাবে পাকিস্তান ভ্ৰমণ কৰিছিল। সেই সময়ছোৱাতে নতুন দিল্লীত পাকিস্তান উচ্চায়ুক্তৰ এজন বিষয়া এহছান-উৰ-ৰহিম ওৰফে ডেনিছক লগ পাইছিল। অভিযোগ অনুসৰি ডেনিছৰ জৰিয়তে জ্যোতি পাকিস্তানী চোৰাংচোৱা সংস্থাৰ কেইবাজনো বিষয়াৰ সংস্পৰ্শলৈ আহিছিল। ঘৰলৈ উভতি অহাৰ পিছত তেওঁ হোৱাটছএপ, টেলিগ্ৰাম, স্নেপচ্যাট ব্যৱহাৰ কৰি পাকিস্তানী চোৰাংচোৱাৰ সৈতে যোগাযোগ ৰাখিছিল। জ্যোতিয়ে নিজৰ পৰিচয় গোপনে ৰাখিবলৈ আন নামেৰে মোবাইলত পাকিস্তানী চৰাডৰ নম্বৰ চেভ কৰি ৰাখিছিল।

আটাইতকৈ চাঞ্চল্যকৰ দিশটো হ’ল জ্যোতি মালহোত্ৰাই কেৱল সামাজিক সভা অনুষ্ঠিত কৰাই নহয় পাকিস্তানী এজেণ্টক ভাৰতৰ সামৰিক ঘাটি আৰু অপাৰেচন সিন্দুৰ সম্পৰ্কীয় স্পৰ্শকাতৰ তথ্যও প্ৰদান কৰিছিল। তদন্তত এই কথাও পোহৰলৈ আহিছে যে পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰতৰ সামৰিক প্ৰস্তুতিৰ বিষয়ে পাকিস্তানী পক্ষক অৱগত কৰিছিল।

তদন্তকাৰী সংস্থাসমূহে জ্যোতিৰ ডিভাইচ, ছ’চিয়েল মিডিয়া একাউণ্ট আৰু কল ৰেকৰ্ড পৰীক্ষা কৰি স্পষ্ট কৰি দিয়ে যে তেওঁ ডেনিছ আৰু অন্যান্য পাকিস্তানী বিষয়াৰ সৈতে অহৰহ যোগাযোগত আছে। আনকি জ্যোতি মালহোত্ৰাৰ পাকিস্তান ভ্ৰমণৰ খৰচ ডেনিছে বহন কৰিছিল।

Binita Chetry: বিশ্বমঞ্চত জিলিকিল কণমানি বিনীতা ছেত্ৰী

Binita Chetry: বিশ্বমঞ্চত জিলিকিল কণমানি বিনীতা ছেত্ৰী
Binita Chetry: বিশ্বমঞ্চত জিলিকিল কণমানি বিনীতা ছেত্ৰী

বিশ্বমঞ্চত জিলিকিল কাৰ্বি আংলং জিলাৰ বোকাজানৰ কণমানি বিনীতা ছেত্ৰী।(Binita Chetry)

‘aha Dance Ikon Season-2’ৰ গ্ৰেণ্ড ফিনালেত বিজয়ী হৈ অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে বিনীতাই।


বিনীতাৰ নৃত্য প্ৰতিভাই সকলোকে মন্ত্ৰমুগ্ধ কৰিছে৷ (karbi anglong)

হায়দৰাবাদত অনুষ্ঠিত হৈছিল এই অনুষ্ঠান।

Kolkata-Northeast: বাংলাদেশক এৰাই কলকাতাহৈ উত্তৰ-পূবৰ বাবে নতুন পথ তৈয়াৰ কৰিছে ভাৰতে

Kolkata-Northeast: বাংলাদেশক এৰাই কলকাতাহৈ উত্তৰ-পূবৰ বাবে নতুন পথ তৈয়াৰ কৰিছে ভাৰতে
Kolkata-Northeast: বাংলাদেশক এৰাই কলকাতাহৈ উত্তৰ-পূবৰ বাবে নতুন পথ তৈয়াৰ কৰিছে ভাৰতে

বাংলাদেশক এৰাই কলকাতাহৈ(Kolkata-Northeast) উত্তৰ-পূৰ্বৰ নতুন পথ তৈয়াৰ কৰিছে ভাৰতে। ম্যানমাৰৰ ৰাখাইনৰ বন্দৰৰ মাজেৰে বাংলাদেশ বাইপাছ কৰি কলকাতাৰ পৰা উত্তৰ-পূব দিশলৈ নতুন পথ নিৰ্মাণ কৰিছে ভাৰতে। ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাঁথনি উন্নয়ন নিগম লিমিটেডৰ এগৰাকী বিষয়াই কয় যে ভাৰত-ম্যানমাৰৰ ‘কালাদান মাল্টিম’ডাল ট্ৰেনজিট ট্ৰেন্সপ’ৰ্ট প্ৰজেক্ট’ই বাংলাদেশক বাইপাছ কৰিব। শিলিগুৰিৰ ‘চিকেন নেক’ৰ একমাত্ৰ বিকল্প আছিল বাংলাদেশ। কিন্তু ৫ আগষ্টত শ্বেখ হাছিনাৰ চৰকাৰ পতনৰ পিছত পৰিস্থিতি সলনি হৈছে। এই প্ৰেক্ষাপটত কেন্দ্ৰই উত্তৰ-পূৰ্বাঞ্চলত যোগাযোগৰ বিকল্প পথৰ ৰূপৰেখা চূড়ান্ত কৰিবলৈ ওলাইছে।

যাৰ ‘মূল কেন্দ্ৰ’ হ’ব কলকাতাত। বাংলাদেশত ৰাজনৈতিক উত্তাল পৰিস্থিতিৰ পিছত ঢাকাত মহম্মদ ইউনুছৰ নেতৃত্বত এখন অন্তৱৰ্তীকালীন চৰকাৰ ক্ষমতালৈ আহে। যদিও হাছিনাৰ যুগত ‘ট্ৰেনজিট ৰুট’ৰ চুক্তি সন্দৰ্ভত দ্বিপাক্ষিক আলোচনাত অগ্ৰগতি হৈছে, তথাপিও স্থবিৰ হৈ পৰিছে। এই পৰিপ্ৰেক্ষিতত সাগৰ আৰু ম্যানমাৰৰ পথ পথ ব্যৱহাৰ কৰি উত্তৰ-পূবক সংযোগ কৰা বিকল্প পথৰ ৰূপৰেখা চূড়ান্ত কৰা হৈছে বুলি প্ৰকাশিত এক প্ৰতিবেদনত দাবী কৰা হৈছে।প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাঁথনি উন্নয়ন নিগম লিমিটেডৰ এজন বিষয়াই এই প্ৰকল্পৰ বিষয়ে কয়। তেওঁ কয় যে ভাৰত চৰকাৰে মেঘালয়ৰ ৰাজধানী শ্বিলঙৰ পৰা অসমৰ বৰাক উপত্যকাৰ হৃদপিণ্ড শিলচৰলৈ প্ৰায় ১৬৭ কিলোমিটাৰ দৈৰ্ঘ্যৰ চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ প্ৰস্তাৱ আগবঢ়াইছে। ৬ নং ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ অংশ এই পথটো ম্যানমাৰ সীমান্তৰ সমীপৰ পঞ্চগ্ৰামলৈকে যাব। NHIDCL নিৰ্মাণৰ দায়িত্ব ল’ব।এই বিকল্প সাগৰীয় পথটোৱে কলকাতাক ম্যানমাৰৰ ৰাখাইন ৰাজ্যৰ ছিট্ৱে বন্দৰৰ সৈতে সংযোগ কৰিব। এই জলপথটো ছিট্টৱেৰ পৰা বংগোপসাগৰৰ পৰা ওলাই কালাদান নদী হৈ ম্যানমাৰৰ পালেত্যলৈ যাব।

ইয়াৰ পিছত মিজোৰামৰ জোৰিনপুইলৈকে পথৰ যোগেদি সংযোগ স্থাপন কৰা হ’ব। নতুন শিলচৰ-শিলচৰ ৰাষ্ট্ৰীয় ঘাইপথৰ জৰিয়তে এই সংযোগ সম্প্ৰসাৰিত হ’ব। পৰৱৰ্তী পৰ্যায়ত জোৰিনপুইক লুংলেই হৈ আইজললৈ সংযোগ কৰা হ’ব। যোৱা মাৰ্চ মাহত চীন ভ্ৰমণৰ সময়ত ইউনুছে কৈছিল, “উত্তৰ-পূব ভাৰত স্থলপথতে আবদ্ধ আৰু এই অঞ্চলৰ বাবে ঢাকা একমাত্ৰ সাগৰৰ ৰক্ষক।” প্ৰতিবেদনত দাবী কৰা হৈছে যে ইয়াৰ পিছতে যুদ্ধকালীনভাবে নতুন প্ৰকল্পৰ ৰূপৰেখা প্ৰস্তুত কৰা হৈছিল।

Anti-Terror Message: বিশ্বলৈ ভাৰতৰ সন্ত্ৰাসবাদ বিৰোধী বাৰ্তা কঢ়িয়াই নিব ৭ গৰাকী সাংসদে

Anti-Terror Message: বিশ্বলৈ ভাৰতৰ সন্ত্ৰাসবাদ বিৰোধী বাৰ্তা কঢ়িয়াই নিব ৭ গৰাকী সাংসদে
Anti-Terror Message: বিশ্বলৈ ভাৰতৰ সন্ত্ৰাসবাদ বিৰোধী বাৰ্তা কঢ়িয়াই নিব ৭ গৰাকী সাংসদে

বিশ্বলৈ ভাৰতৰ সন্ত্ৰাসবাদ বিৰোধী বাৰ্তা কঢ়িয়াই নিব ৭ গৰাকী সাংসদে।(Anti-Terror Message) পহলগাম সন্ত্ৰাসবাদী আক্ৰমণ আৰু পৰৱৰ্তী সময়ত ভাৰতে চলোৱা অপাৰেচন সিন্দূৰৰ পিছত কেন্দ্ৰই প্ৰধান অংশীদাৰ ৰাষ্ট্ৰসমূহলৈ ৭জনীয়া সৰ্বদলীয় প্ৰতিনিধি দল প্ৰেৰণ কৰিব। সাংদেৰে গঠিত এই প্ৰতিনিধি দলটোক বিশ্বৰ সন্মুখত ভাৰত স্থিতি “সন্ত্ৰাসবাদৰ বিৰুদ্ধে শূন্য সহনশীলতা” প্ৰচাৰ কৰাৰ লগতে এই বিষয়ত চৰকাৰে “ৰাষ্ট্ৰীয় সহমত” বুলি কোৱা কথাটো বিশ্বৰ গুৰুত্বপূৰ্ণ দেশ সমূহৰ আগত উপস্থাপন কৰাৰ দায়িত্ব দিয়া হৈছে।

২২ এপ্ৰিলত পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছতে এই কূটনৈতিক প্ৰচাৰ চলাইছে য’ত ২৬ জন লোকৰ মৃত্যু হৈছিল। ভাৰতৰ সামৰিক সঁহাৰি অপাৰেচন সিন্দূৰত পাকিস্তান আৰু পাকিস্তান দখল কৰা কাশ্মীৰত সন্ত্ৰাসবাদী আন্তঃগাঁথনিৰ ওপৰত আক্ৰম কৰা হৈছিল।

প্ৰতিনিধি দলৰ নেতৃত্ব দিয়া সাংসদসকল কোন?


শশী থাৰুৰ, কংগ্ৰেছঃ
শশী থাৰুৰক এই দলত সামৰি লোৱা হৈছে। আন্তঃৰাষ্ট্ৰীয় প্ৰসংগত থাৰুৰৰ বেছ নাম আছে।

ৰবি শংকৰ প্ৰসাদ, বিজেপিঃ প্ৰাক্তন কেন্দ্ৰীয় আইন মন্ত্ৰী তথা বিহাৰৰ পাটনা চাহাবৰ সাংসদ প্ৰসাদ প্ৰতিনিধি দলৰ নেতৃত্ব দিব। চৰকাৰী সূত্ৰৰ উদ্ধৃতি প্ৰসাদ লগতে প্ৰতিনিধি দলটোৱে চৌদি আৰব, কুৱেইট, বাহৰেইন, আৰু আলজেৰিয়াৰ মূল মুছলমান সংখ্যাগৰিষ্ঠ ৰাষ্ট্ৰসমূহ ভ্ৰমণ কৰাৰ সম্ভাৱনা আছ।

সঞ্জয় কুমাৰ ঝা, জনতা দল (ইউনাইটেড): ৰাজ্যসভাৰ সাংসদ ঝাই জাপান, দক্ষিণ কোৰিয়া, ছিংগাপুৰ, মালয়েছিয়া, আৰু ইণ্ডোনেছিয়া ভ্ৰমণ কৰিব।

বৈজয়ন্ত “জয়” পাণ্ডা, বিজেপি: বিজেপিৰ ৰাষ্ট্ৰীয় উপ-সভাপতি পাণ্ডাই নেতৃত্ব দিব এআইএমআইএমৰ নেতা আছাদুদ্দিন ওৱাইছিকে ধৰি এটা প্ৰতিনিধি দল।

কানিমোজি কৰুণানিধি, ডি এম কেঃ দক্ষিণ ভাৰতৰ একমাত্ৰ সাংসদ যিয়ে প্ৰতিনিধি দলৰ নেতৃত্ব দিছে।

সুপ্ৰিয়া চুলে, এনচিপি (শ্বাৰদ পাৱাৰ ফৈদ): তেওঁ ভাৰতীয় প্ৰবাসী লোকৰ জনসংখ্যা থকা দেশ ওমান, কেনিয়া, দক্ষিণ আফ্ৰিকা, আৰু ইজিপ্তক সামৰি ল’ব।

শ্ৰীকান্ত একনাথ শিণ্ডে, শিৱসেনা (শিন্দে ফৈদ): শ্ৰীকান্ত শিন্দে মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী একনাথ শিণ্ডেৰ পুত্ৰ। কল্যাণৰ এজন সংসদ সদস্য, সেই আগশাৰীৰ প্ৰতিনিধি দলসমূহৰ ভিতৰত তেওঁ আটাইতকৈ কম বয়সীয়া।

প্ৰতিটো প্ৰতিনিধি দলৰ প্ৰধান লক্ষ্য হৈছে সীমান্তৰ সিপাৰে চলি থকা সন্ত্ৰাসবাদী সংগঠনৰ সমৰ্থনৰ বাবে আন্তঃৰাষ্ট্ৰীয় সমাজে পাকিস্তানক জবাবদিহি কৰিবলৈ ভাৰতৰ দাবীক শক্তিশালী কৰা। চৰকাৰে পুনৰ কয় যে ভৱিষ্যতে যিকোনো সন্ত্ৰাসবাদী আক্ৰমণক যুদ্ধৰ কাৰ্য্য হিচাপে গণ্য কৰা হ’ব।

মন্ত্ৰালয়ৰ বিবৃতি অনুসৰি প্ৰতিটো প্ৰতিনিধি দলে নিজ নিজ গন্তব্যস্থানত জ্যেষ্ঠ বিষয়া, সাংসদ, নীতি প্ৰভাৱশালী লোকসকলক সাক্ষাৎ কৰিব। আলোচনাৰ বিষয়সমূহ হ’ব পহলগাম আক্ৰমণ আৰু ইয়াৰ প্ৰতি ভাৰতৰ সঁহাৰি, সীমাৰ সিপাৰৰ সন্ত্ৰাসবাদ, জম্মু-কাশ্মীৰকলৈ ভাৰতৰ স্থিতি আৰু সন্ত্ৰাসবাদীলৈ পাকিস্তানৰ বিত্তীয় সাহায্য তথা নিৰাপদ আশ্ৰয়স্থল প্ৰদান আদি ।