Home Blog Page 2537

ৰহাৰ কৃষকৰ পৰা ধান ক্ৰয় পৰ্যবেশন অতিৰিক্ত মুখ্য সচিবৰ…

ৰহাত ধান ক্ৰয় কেন্দ্ৰ পৰিদৰ্শন কৰিলে ৰাজ্য চৰকাৰৰ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ অতিৰিক্ত মুখ্য সচিব বিশ্বৰঞ্জন শ্যামালে।  অতিৰিক্ত মুখ্য সচিবগৰাকীয়ে যোগান বিভাগৰ ধান ক্ৰয় কেন্দ্ৰটো পৰিদৰ্শন কৰি কৃষক ৰাইজে চৰকাৰী ন্যুনতম মূল্য তথা ১৯৪০ টকা পাইছেনে নাই তাৰ বুজ লয়। লগতে অহা বছৰৰ পৰা বিকেন্দ্ৰীকৰণ প্ৰক্ৰিয়াৰে কৃষকৰ ধান ক্ৰয় কৰা হ’ব বুলি সদৰি কৰে অতিৰিক্ত মুখ্য সচিবগৰাকীয়ে।

ইপিনে ৰাজ্যৰ ১১ লাখ কৃষকৰ ভিতৰত মাত্ৰ ১৬ হাজাৰ কৃষকেহে ধান বিক্ৰি কৰিব পাৰিছে  সোধা প্ৰশ্নৰ উত্তৰত সচিবগৰাকীয়ে কয় যে নতুন প’ৰ্টেলৰ বাবে সকলো কৃষকে পঞ্জীয়ণ কৰিব পৰা নাই। তথাপি এইবাৰ ৰাজ্যৰ ১লাখ ১০হাজাৰ কৃষকে ধান বিক্ৰিৰ আবেদন কৰিছে আৰু ইয়াৰে ৭০ হাজাৰ কৃষক পঞ্জীয়ণভুক্ত হোৱা বুলি জানিব দিয়ে যোগান বিভাগৰ অতিৰিক্ত মুখ্য সচিবগৰাকীয়ে।

নাগশংকৰ আঞ্চলিক শাখাত তেজপুৰ জিলা সেৱাবাহিনীৰ সভা সম্পন্ন…

শনিবাৰে তেজপুৰ জিলা সেৱাবাহিনীৰ উদ্যোগত নাগশংকৰ আঞ্চলিক শাখাৰ চেঙামাৰী মিলন প্ৰাথমিক শাখাত এখনি সভা অনুষ্ঠিত হয় । জিলাধিনায়ক ভাস্কৰ হাজৰিকাই আঁত ধৰা সভাখনিত সভাপতিৰ আসন গ্ৰহণ কৰে তেজপুৰ জিলা শাখাৰ সম্পাদক পৰেশ বৰাই । আৰম্ভণী ঘোষাৰ আঁত ধৰে তেজপুৰ জিলা শাখাৰ প্ৰাক্তন মূলৰ সদস্য প্ৰেমা বৰাই আৰু পৰিচয় পৰ্বৰ আঁত ধৰে নাগশংকৰ আঞ্চলিক সেৱাবাহিনীৰ অধিনায়ক বিশ্বজিৎ সূতে । নাগশংকৰ আঞ্চলিক সেৱাবাহিনীৰ তৰফৰ পৰা জিলা সম্পাদক আৰু জিলাধিনায়ক দুয়ো গৰাকীকে সম্বৰ্দ্ধনা জনোৱা হয় । সভাত ২০২৬ বৰ্ষত তেজপুৰ জিলা শাখাৰ আতিৰ্থ্যত অনুষ্ঠিত হবলগীয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশন, তেজপুৰ জিলাত এই বৰ্ষত অনুষ্ঠিত হবলগীয়া কেন্দ্ৰীয় বিহুমেলা আৰু সেৱাবাহিনীৰ সাংগঠনিক দিশৰ ওপৰত আলোচনা কৰা হয় ।

সভাত উপস্থিত থাকে তেজপুৰ জিলা শাখাৰ সম্পাদক পৰেশ বৰা, জিলাধিনায়ক ভাস্কৰ হাজৰিকা, তেজপুৰ জিলা ৰক্ত কোষৰ সদস্য সঞ্জীৱ কলিতা, কেন্দ্ৰীয় সেৱাবাহিনীৰ সঞ্চালন সদস্য জিতু শইকীয়া, তেজপুৰ জিলা শাখাৰ প্ৰাক্তন মূলৰ সদস্য প্ৰেমা বৰা, জিলা সংস্কৃতি শাখাৰ সভাপতি লক্ষী বেজবৰুৱা, নাগশংকৰ আঞ্চলিক শাখাৰ প্ৰাক্তন সভাপতি ঘনশ্যাম কলিতা, সভাপতি গোলাপ বৰুৱা, সম্পাদক দিগন্ত বৰুৱা, সহঃ সম্পাদক দীপাংকৰ বেজবৰুৱা, অধিনায়ক বিশ্বজিৎ সূত, শিক্ষা শাখাৰ সভাপতি ৰাজেন্দ্ৰ কলিতা, বিকাশ কেন্দ্ৰৰ সভাপতি প্ৰণৱ বৰা, জিলা সদস্য দেৱজিৎ শইকীয়া, উপ-অধিনায়ক পাৰ্থ প্ৰতিম বৰা, প্ৰাক্তন অধিনায়ক ধৰ্ম শইকীয়া, সাহিত্য শাখাৰ সম্পাদক জিন্টু বৰা আদিৰ লগতে প্ৰাথমিক সমূহৰ পৰা অহা বাপ-বান্ধৱ আৰু সেৱক-সেৱিকাসমস্ত । সভাখনিৰ সফল ৰূপায়িত হোৱাত সকলোৱে সন্তোষ প্ৰকাশ কৰে ।

ভাৰত বৰ্ষৰ বিভিন্ন প্ৰান্তৰ লগতে ধুবুৰীতো ডাক কৰ্মচাৰীৰ প্ৰতিবাদ…

আজি ধুবুৰী মুখ্য ডাক কাৰ্য্যলয়ৰ সন্মুখত সৰ্বভাৰতীয় পৰ্য্যায়ত NFPE আৰু FNPO’ক  লৈ গঠিত Postal JCA’ৰ আহ্বানত ধুবুৰীৰ ডাক কৰ্মচাৰী সকলৰ দুদিনীয়া কাৰ্য্যসূচীৰে সৰ্ব ভাৰতীয় সাধাৰণ ধৰ্মঘট পালন কৰে ৷দাবী সমূহ হৈছে ৷ কাৰ্য্য সুচীত উপস্থিত থাকে এন পি এফই ব্ৰাঞ্চ সম্পাদক অমৰেন্দ্ৰ ৰয়, ইয়াছিন আলী সেখ, ডিভিশনাল সেক্রেটাৰী, আনন্দ বৰ্মন, সহ ১১৪ জন পোষ্ট মেন, আৰু এম টি এস উপস্থিত থাকে।উল্লেখ্য প্ৰধান দাবি
– NPD বাতিল কৰা আৰু সকলোৰে বাবে পুনৰাই OPS চালু কৰা।- ডাক বিভাগৰ ব্যক্তিগতকৰণ, আউট চোৰ্চিং আৰু ডাক মিত্ৰ স্কিম বন্ধ কৰা  ৷-

GDS কৰ্মচাৰী সকলক বিভাগীয়কৰণ আৰু সামাজিক সুৰক্ষা প্ৰদান কৰা । – অবাস্তৱ টাৰ্গেটৰ নামত কৰ্মচাৰী হাৰাশাস্তি বন্ধ কৰা। – RMS’ৰ চেক্‌চনসমূহ পুনৰ চালু কৰা আৰু RTN বন্ধ কৰা। – PACO আৰু PASBCO আদিকে ধৰি সনলো কেডাৰৰ  নিজ নিজ পৰিচয় বাহাল ৰখা। – Postal Accounts আৰু DPLI বিকেন্দ্ৰীকৰণ বন্ধ কৰা ৷ – সকলো খালি পদ পূৰণ কৰক ৷ প্ৰমোচনৰ পদসমূহ অতিশীঘ্ৰে পূৰণ কৰক ।- নতুন নতুন পাৰ্চেল হাব আৰু স্পীড পোষ্ট হাব খুলি RMS Office শক্তিশালী কৰা ৷- Post office আৰু RMS’ত ৫ দিনীয়া সপ্তাহ চালু কৰা ৷- পাৰ্ট টাইম অস্থায়ী কৰ্মচাৰীক নিয়মীয়াকৰণৰ দাবীত আজি ধুবুৰী ডাক কৰ্মচাৰী সকলে সাধাৰণ ধৰ্মঘট পালন কৰে ৷

৩৫ খন বিলাসী গাড়ী জব্দ কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগৰ…

যান-বাহনৰ নথিপত্ৰ নৱীকৰণ আৰু বকেয়াসহ যাৱতীয় কৰ আদায় নিদিয়া বাহনৰ বিৰুদ্ধে সোমবাৰেও যুদ্ধকালীন তৎপৰতাৰে মহানগৰীৰ কেইবাটাও গুৰুত্বপূৰ্ণ স্থানত পানীনসৰকা তালাচী চলাই “অলক্লিয়াৰ” অভিযান অধিক তীব্ৰতৰ কৰি তুলিলে কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগে। ৰাজ্যৰ সহকাৰী পৰিবহণ আয়ুক্ত তথা অতিৰিক্ত দায়িত্ববাহী কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া গৌতম দাসৰ তত্বাৱধানত, জিলা পৰিবহণ বিষয়া (প্ৰৱৰ্তক শাখা) হিমাংশু কুমাৰ দাস আৰু পৰিবহণ প্ৰাধিকাৰী ৰফিকুল ইছলামৰ নেতৃত্বত বিভাগৰ উচ্চপদস্থ বিষয়াৰ বৃহৎ অভিযানকাৰী দলে মহানগৰীৰ বেতকুছিত খানাপাৰা অভিমুখী আৰু জালুকবাৰী অভিমুখী দুয়োতা পথতে সমানে সমানে তালাচী চলোৱাৰ উপৰিও ধাৰাপুৰ, আঠগাওঁ, শান্তিপুৰ, কটাহবাৰী, কুমাৰপাৰা আদি গুৰুত্বপূৰ্ণ অঞ্চলৰ ৰাজপথত জোৰদাৰ তালাচী চলায়। যানবাহন পৰিদৰ্শক কানাই মহন্ত, জয়সিং ৰংফাৰ, দুৰ্গা গগৈ, বলেন পাঠক, প্ৰৱৰ্তক পৰিদৰ্শক মৰমী পাঠকৰ লগতে জয়ন্ত কাকতি, বদ্ৰুল আলি, ধীৰাশ্ৰী দাস, সুমীত্ৰা চৌধুৰী, জোনালী পাটোৱাৰী, বেবীলতা দলে, প্ৰণৱ কলিতা, পংকজ দাস, মীৰা পাটোৱাৰীকে ধৰি বিভাগৰ বিভিন্ন উচ্চপদস্থ বিষয়া-কৰ্মী যোৱা কেইদিনৰ দৰে সোমবাৰেও কেইবাটাও ভাগত বিভক্ত হৈ গুৰুত্বপূৰ্ণ স্থানসমূহত ১২০০ৰো অধিক বাহনত তালাচী চলাই ৷

তালাচীৰ সময়ত দীৰ্ঘদিন ধৰি যানবাহনৰ কৰ আদায় নিদিয়াৰ লগতে নথিপত্ৰৰ বিভিন্ন বিসঙ্গতিত ১১০খনৰো অধিক বাহনৰ বিৰুদ্ধে ঠিতাতে গোচৰ ৰুজু কৰি কেইবাখনো বিলাসী বাহনসহ ব্যক্তিগত আৰু ব্যৱসায়িক বিভিন্ন ক্ষেত্ৰৰ ৩৫খনৰো অধিক বাহন জব্দ কৰে। উল্লেখ্য যে জব্দ হোৱা বহু বাহনেই ঠিতাতে জৰিমণাসহ কৰ আদায় দি দোষমুক্ত হোৱাৰ বিপৰীতে বহুতেই বিভাগৰ কাৰ্যালয় চৌহদতে আবদ্ধ হৈ থাকিবলগীয়া হয়।ইফালে তালাচী অভিযানৰ সমান্তৰালভাৱে বিভাগৰ কেইবাগৰাকীও বিষয়া-কৰ্মীৰ এটা দলে মহানগৰীৰ ফেন্সীবজাৰ, মাছখোৱা, বৰাগাওঁ আদি অঞ্চলৰ বিভিন্ন ব্যৱসায়িক বাহনৰ মালিক, যান-বাহন ব্যৱহাৰকাৰী ব্যক্তিগত উদ্যোগ-প্ৰতিষ্ঠানৰ লগতে নিৰ্মাণকাৰী সংস্থাৰ কাৰ্যালয়ত অতৰ্কিতে উপস্থিত হৈ দীৰ্ঘদিন ধৰি আদায় নিদিয়া যানবাহনৰ কৰ আগন্তুক দুদিনৰ ভিতৰত পৰিশোধ কৰিবলৈ চূড়ান্ত সকীয়নি দিয়ে। অন্যথা যিকোনো মুহূৰ্ততে সন্মুখীন হ’বলগীয়া ভয়ংকৰ পৰিস্থিতি সন্দৰ্ভতো অভিযানকাৰী দলে ইঙ্গিত দিয়ে ৷ইফালে সমগ্ৰ অভিযান সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য কৰি পৰিবহণ আয়ুক্ত গৌতম দাসে কয় যে ৩১ মাৰ্চৰ ভিতৰত সকলো বাহনেই কৰ আদায় দিব লাগিবই, ফাকি-ফুকাৰে কোনোবাই বাচি যাব পাৰিব বুলি ভাৱিলেও সেয়া অসম্ভৱ ৷ প্ৰয়োজনত আগন্তুক ৰঙালী বিহুলৈকে অভিযান চলাই হ’লেও যানবাহনৰ কৰ ফাকি দিয়াসকলক বিচাৰি উলিয়াই কৰ আদায় কৰা হ’ব। কিয়নো যানবাহনৰ কৰ আদায় আৰু নথিপত্ৰ নৱীকৰণৰ লগত ৰাজ্যবাসীৰ সুৰক্ষিত যাতায়তৰ কথা জড়িত হৈ আছে বুলিও পৰিবহণ বিষয়াগৰাকীয়ে মন্তব্য কৰে ৷

ধুবুৰীৰ গৌৰীপুৰত “গল্পকথা” সম্পন্ন…

ধুবুৰীৰ গৌৰীপুৰস্থিত  প্ৰমথেশ বৰুৱা মহাবিদ্যালয়ৰ বাকৰিত প্ৰমথেশ বৰুৱা মহাবিদ্যালয় আৰু উত্তৰ পুৰুষৰ মঞ্চৰ  উদ্যোগত ,গৌৰীপুৰ শাখা সাহিত্য সভা ,ধুবুৰী জিলা লেখিকা সমাজ,গৌৰীপুৰ লেখিকা সমাৰোহ সমিতি,কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়,পি,বি কলেজ,অধ্যয়ন কেন্দ্ৰ আৰু দ্যা হিউমেনিটিৰ সহযোগত অনুষ্ঠিত “গল্পকথা” অনুষ্ঠানটো অতি সুন্দৰভাবে ৰূপায়ন হয়।গল্পক এক অভিনৱ কৌশলেৰে সংগীত আৰু কথকতাৰে জনমুখী কৰিবলৈ লোৱা বিশিষ্ট গল্পকাৰ অতনু ভট্টাচাৰ্য আৰু ধ্ৰুপদী শিল্পী মিতালী দেৰ যুগলবন্দীৰ এই একক আৰু অনন্য অনুষ্ঠানটোত গৌৰীপুৰ ,ধুবুৰী,বিলাসীপাৰা ,গোলকগঞ্জ আদি অঞ্চলৰ প্ৰায় দুই শতাধিক লোকৰ সমাগম হয়।উত্তৰ পুৰুষৰ মঞ্চৰ মুখ্য সম্পাদক ,বিশিষ্ট কবি গল্পকাৰ,প্ৰবন্ধকাৰ,কৃতীশিক্ষক দিবাকৰ ৰেণু আৰু প্ৰমথেশ বৰুৱা মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ অধ্যাপিকা,বিশিষ্টা লেখিকা দুবৰি দলিচা চৌধুৰীয়ে আঁ‌ত ধৰা এই অনুষ্ঠানটোৰ মঞ্চৰ দ্বাৰ মুকলি কৰে মহাবিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি ধীৰেন্দ্ৰ নাথ ৰয়ে।

বিভিন্ন ক্ষেত্ৰত নিজ নিজ দক্ষতাৰ পৰিচয় বহন কৰা জ্যেষ্ঠ আৰু বিশিষ্ট ব্যক্তিসকলে বন্তি প্ৰজ্বলন কৰা অনুষ্ঠানটোত মংগলাচৰণ ধ্বনিৰে এক বিশেষ মাত্ৰা প্ৰদান কৰা হয়। সম্প্ৰতি অসম সাংস্কৃতিক দলৰ দ্বাৰা পৰিবেশিত  “উত্তৰ  পুৰুষৰ মঞ্চ”ৰ শীৰ্ষক সংগীতেৰে মুখৰিত হোৱা অনুষ্ঠানটোত পি বি কলেজৰ  হৈ উদযাপন সমিতিৰ সভাপতি তথা ভাৰপ্ৰাপ্ত অধ্যক্ষ মফিজুৰ ৰহমান জোদ্দাৰ আৰু উত্তৰ পুৰুষৰ মঞ্চৰ মুখ্য সম্পাদক দিবাকৰ ৰেণুৱে আদৰণি বক্তব্য ৰখা   “গল্পকথা”ত প্ৰথমটো গল্প পৰিবেশন হয়–কৃষণ ছন্দৰৰ গল্প “থালি কা বেংগন”।ইয়াৰ পিছত ক্ৰমে মোপাছাঁ‌ৰ গল্প- “দ্য নেকলেছ” এণ্টন চেখভৰ গল্প-“দ্য ডাৰ্লিং” গুলজাৰৰ গল্প-“ৰাভি পাৰ” আৰু হুমায়ুন আহমেদৰ গল্প-“ৰূপা”, অতি সুন্দৰ কথকতা আৰু সংগীতিক মুৰ্চ্ছনাৰে পৰিবেশিত হয়।  কাৰ্য্যকৰী সভাপতি ,সমাজ সেৱক শিমূল সৰকাৰ আৰু যুটীয়া সম্পাদক, তথা পি, বি কলেজৰ অধ্যাপক ,বিশিষ্ট শিক্ষাবিদ ড০ গোপাল  বৰ্মনৰ বলিষ্ঠ নেতৃত্বৰে সম্পাদিত এই অভিনৱ অনুষ্ঠানটো উপভোগ কৰি সাৰস্বত সমাজে আনন্দ প্ৰকাশ কৰে আৰু এটি নতুন সাহিত্যৰ সোৱাদ লাভ কৰা বুলি প্ৰকাশ কৰে।বিশিষ্ট কবি,কলেজখনৰ অধ্যাপক প্ৰনৱ কুমাৰ বৰ্মনে শলাগৰ শৰাই প্ৰদান কৰা ফাগুনৰ ফুৰ্ফৰিয়া সন্ধিয়া মুকলি মঞ্চত আয়োজিত এই অনুষ্ঠানে “গল্পকথা”ক অন্যতম মাত্ৰা প্ৰদান কৰিছে বুলি বিদ্যান সমাজে প্ৰকাশ কৰিছে।

ধুবুৰীত পৰিৱহন বিভাগৰ ৰাজহ সংগ্রহৰ ক্ষেএত সৰ্বোচ্চ অভিলেখ…

ধুবুৰী জিলাৰ ভাৰত বাংলাদেশ সীমান্তৰ বানিজ্য কেন্দ্রত ওভাৰলোড ট্ৰাকৰ বিৰুদ্ধে পৰিবহণ বিভাগৰ অভিযানত ৮ খন কয়লা, শিল ভৰ্তি ট্ৰাক জব্দ। ধুবুৰী জিলা পৰিবহন বিভাগে ৰাজহ সংগ্রহৰ  ক্ষেএত এক অভিলেখ স্হাপন কৰিলে। এই সম্পর্কে জিলা পৰিবহন বিষয়া জনায় ২০২১ -২২ বৰ্ষৰ ৰাজহ সংগ্রহ ৰ ক্ষেএত এইবাৰ অভিলেখ কৰিছো। চৰকাৰে বান্ধি দিয়া ২৪ কোটি টকাৰ ৰাজহ সংগ্ৰহ ৰ  ল ক্ষৰে ২১ কোটি ৮৬ লাখ ৫২ হেজাৰ ৬১২ টকা সংগ্রহ কৰিবলৈ সক্ষম হব পাৰিছো। 

আনহাতে ওভাৰলোড কয়লা, শিল কৰিওৱা ট্ৰাকৰ বিৰুদ্ধে যোৱা তিনি দিন অসম বংগ সীমান্ত ছাগলীয়া, ভাৰত বাংলাদেশ সীমান্ত সোনাহাট সীমান্ত ত পৰিবহন বিভাগ অভিযান চলাই ৮ খন কয়লা, আৰু শিল ভৰ্তি ট্ৰাক জব্দ কৰা হৈছে। ৮ খন ট্ৰাক ৰ পৰা যথাক্রমে ৪৬,৫০০ , ৬২,০০০, ৬২,০০০,৪৬,৫০০,৩৪,০০০,হেজাৰ টকা আৰু তিনিখন ট্ৰাকৰ পৰা ১ লাখ ৫০ হেজাৰ ৫০০ টকা জৰিমনা হিচাপে সংগ্ৰহ কৰা হয়। 

বকোত শিক্ষক আৰু কাৰ্যালয় সহায়কৰ পদ খালী…

কামৰূপ জিলাৰ বকোত ব্যক্তিগত খণ্ডৰ বিদ্যালয় এখনত তিনিটা শিক্ষকৰ পদ আৰু এটা কাৰ্যালয় সহায়ক পদ খালী হৈছে ।জানিবপৰা মতে ৪৮নং বকো বিধান সভাসমষ্টিৰ অন্তৰ্গত ছমৰীয়াৰ ছমৰীয়া সত্ৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনত খালী হোৱা শিক্ষকৰ পদ তিনিটা হ’ল ক্ৰমে – অসমীয়া , সংস্কৃত আৰু সাধাৰণ বিষয়ৰ শিক্ষক পদ ।

অসমীয়া পদত অসমীয়া বিষয়ক প্ৰধান বিষয় হিচাপে লৈ স্নাতক, সংস্কৃত পদৰ বাবে সংস্কৃত বিষয়ক প্ৰধান বিষয় হিচাপে লৈ স্নাতক আৰু সাধাৰণ শিক্ষকৰ পদত যিকোনো বিষয় স্নাতক ডিগ্ৰীৰ লগতে সংগীতৰ জ্ঞান থাকিব লাগিব বুলি নিকেতনখনৰ পৰিচালনা সমিতিৰ সভাপতি-সম্পাদকে জনাইছে । আনহাতে কাৰ্যালয় সহায়কৰ পদটোৰ বাবে যিকোনো বিষয়ত স্নাতক ডিগ্ৰী হোৱাৰ লগতে কম্পিউটাৰ জ্ঞান থকা হ’ব লাগিব।

ইচ্ছুক ব্যক্তিক অহা ৭ এপ্ৰিলৰ ভিতৰত আবেদন নিকেতনখনৰ কাৰ্যালয়ত আবেদন কৰিবলৈ পৰিচালনা সমিতিয়ে আহ্বান জনাইছে। অহা ১০ এপ্ৰিলত সাক্ষাৎ গ্ৰহণৰ ব্যৱস্থা কৰিছে। যোগাযোগৰ মোবাইল নম্বৰ ক্ৰমে – ৬০০০৩-২৮২৩৮ আৰু ৬৯০০৯-৬৫৩৬৬ ।

যি ৰাজ্যত হিন্দুৰ জনসংখ্যা কম তাত তেওঁলোকক সংখ্যালঘুৰ মৰ্যদা দিব লাগে: কেন্দ্ৰ

হিন্দু জনসংখ্যা কম থকা ৯খন ৰাজ্যত হিন্দু সকলক সংখ্যালঘুৰ মৰ্যদা প্ৰদান কৰাৰ দাবী কৰা আৱেদনৰ শুনানি স্থগিত কৰে উচ্চতম ন্যায়ালয়ে। ৬ সপ্তাহ পাছত পুনৰ ইয়াৰ ওপৰত শুনানি হ’ব। ন্যায়ালয়ে কেন্দ্ৰ চৰকাৰক এই আৱেদনৰ সৈতে জড়িত সকলো ধৰণৰ প্ৰশ্নৰ উত্তৰ দিবলৈ ৪ সপ্তাহ সময় দিছে। তাৰপাছতহে ইয়াৰ ওপৰত শুনানি হ’ব।

ইয়াৰ পূৰ্বে কেন্দ্ৰ চৰকাৰে উচ্চতম ন্যায়ালত দাখিল কৰা এক আৱেদনত কৈছিল যে হিন্দু জমসংখ্যা কম থকা ৰাজ্যসমূহত ৰাজ্য চৰকাৰে হিন্দু সকলক সংখ্যালঘুৰ মৰ্যদা দিব লাগে। লগতে কেন্দ্ৰ চৰকাৰে কয় যে যি ৰাজ্যত হিন্দু অথবা অন্য সমূদায়ৰ লোক সকলক কম আছে তাত তেওঁলোকক সংখ্যালঘু ঘোষণা কৰিব লাগে।

কেন্দ্ৰ চৰকাৰে এই ক্ষেত্ৰত কেন্দ্ৰ চৰকাৰে মহাৰাষ্ট্ৰ আৰু কৰ্ণাটকৰ উদাহৰণ দি কয় যে ২০১৬ চনত য়হুদিয়োৰ বাবে ধাৰ্মিক আৰু কৰ্ণাটকত উৰ্দু, তেলেগু, তামিল,মলায়লম, মৰাঠী, তুলু, লমানী, হিন্দী, কোংকনী আৰু গুজৰাটী ভাষাৰ আধাৰত তেওঁলোকক সংখ্যালঘু ঘোষণা কৰিছিল। কেন্দ্ৰ চৰকাৰে কয় যে জম্মু-কাশ্মীৰ, মিজোৰাম, নাগালেণ্ড, মণিপুৰ, মেঘালয়, অৰুণাচল প্ৰদেশ, পঞ্জাৱ, লক্ষদ্বীপ, লডাখত হিন্দু,য়দুহী ধৰ্ম অনুযায়ী নিজৰ পচন্দৰ শৈক্ষিক অনুষ্ঠানৰ স্থাপনা আৰু প্ৰশাসন কৰিব নোৱাৰে আৰু এয়া শুদ্ধ নহয়।

মিচিং মিমাগ কেবাঙৰ ২৯ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন…

দৈনন্দিন বাৰ্তা সেৱা, মহুৰামুখ,২৮ মাৰ্চ ::অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনগোষ্ঠী মিচিং সকলৰ অন্যতম সংগ্ৰামী সংগঠন মিচিং মিমাগ কেবাং চমুকৈ এম এম কে।এই মিচিং মিমাগ কেবাঙৰ আজি ২৯ সংখ্যক প্ৰতিষ্ঠা দিৱস।মিচিং মিমাগ কেবাং গোলাঘাট জিলা সমিতিয়ে বোকাখাত মিচিং জিৰণি চ’ৰাত আজি দিনযোৱা কাৰ্যসূচীৰে ২৯ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন কৰে।কাৰ্যসূচী অনুসৰি পুৱা ৭ বজাত পতাকা উত্তোলন কৰে গোলাঘাট জিলাৰ এম এমকেৰ সভাপতি মনেশ্বৰ কুটুমে৷ ৭-৪০ বজাত শ্বহীদ তৰ্পন কৰে সহ-সম্পাদক সম্পাদক চত্ৰসিং বৰিয়ে।ইয়াৰ পিছতে “বিষয়:-জীৱন-জীৱিকা”ত ছাগলী পালন,গাহৰি পালন,হাঁহ-কুকুৰা পুখুৰীৰ ওপৰত বৈজ্ঞানিক পদ্ধতি প্ৰয়োগ কৰি কেনেদৰে পালন কৰি স্বাৱলম্বী হব পাৰি সেই বিষয়ত কৰ্মশাত সমল ব্যক্তি হিছাপে উপস্থিত থাকে দিগন্ত কুটুম,ভৰত কুটুম,জিতু কুমাৰ বৰি,দুলেশ্বৰ চকীয়াল,মন্টু লইং আৰু পলাশ পাঠৰীয়ে৷

উক্ত অনুষ্ঠানতো পৰিচালনা কৰে গোলাঘাট জিলা মিচিং মিমাগ কেবাঙৰ সভাপতি মনেশ্বৰ কুটুমে।অনুষ্ঠানতোৰ আঁটধৰে সহ সম্পাদক চত্ৰসিং বৰিয়ে।উক্ত কৰ্মশালাত মিচিং সংগঠনৰ বহুকেইজন ব্যক্তি উপস্থিত থাকেইটা।অন্যহাতে উত্তৰ মহুৰা আঞ্চলিক মিচিং মিমাগ কেবাঙৰ সভাপতি বাবুকান্ত দাৱৰ নেতৃত্ব বংকোৱাল দিচৈ ভেলি খেলপথাৰত ২৯ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন কৰে।পতাকা উত্তোলনত উত্তৰ মহুৰা আঞ্চলিক মিচিং মিমাগ কেবাঙৰ সদস্য সকলৰ উপস্থিত থকাৰ লগতে মিচিং মিমাগ কেবাঙৰ গোলাঘাট জিলাৰ উপ-সভাপতি দুৰ্লভ বৰিয়ে উপস্থিত থাকি বক্তব্য আগবঢ়াই।

লক্ষীমপুৰত সদৌ অসম চাহু বৈশ্য তেলী সন্মিলনৰ চতুৰ্থ দ্বিবাৰ্ষিক ৰাজ্যিক অধিবেশন সম্পন্ন ….

১৯৩২ চনতে জন্ম লাভ কৰা বৃহত্তৰ অসমীয়া জাতিৰ অভিন্ন অংগ সদৌ অসম চাহু বৈশ্য তেলী সন্মিলনৰ ৰাজ্যিক অধিবেশনখনি দুদিনীয়া কাৰ্যসূচীৰে লক্ষীমপুৰ জিলাৰ বাসুদেৱ ট্ৰাষ্টত কালি অনুষ্ঠিত হৈ যায় । প্ৰথম দিনা পতাকা উত্তোলন, বৃক্ষ ৰোপন, স্মৃতি তৰ্পণ, প্ৰতিনিধিৰ শিবিৰ মুকলি, বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত চাহু সকলৰ অৱদান শীৰ্ষক এখনি আলোচনা চক্ৰ অনুষ্ঠিত হোৱাৰ সমান্তৰালকৈ দ্বিতীয় দিনা মুকলি সভা অনুষ্ঠিত হয় । সমিতিৰ সভাপতি ৰাম কুমাৰ বৰুৱাই সভাপতিত্ব কৰা সভাখন উদ্ধোধন কৰে ধেমাজিৰ জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষা জোৎস্না মেদকে । সভাত চাহু বৈশ্য সন্মিলনৰ স্মৃতি গ্ৰন্থ প্ৰজন্ম উন্মোচন কৰে অৱসৰপ্ৰাপ্ত অধ্যাপক ডঃ প্ৰেমানন্দ হাওবৰাই ।

ইয়াৰ  উপৰিও সভাত আন ৪ খন গ্ৰন্থ ক্ৰমে শিপাৰ সন্ধানত (বংশাৱলী) সভাপতি ৰাম কুমাৰ বৰুৱাই, তুমি বিচৰা ছবিখন (কবিতা পুথি) মৰাণ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ডঃ যতীন চুতীয়াই,  মুক্তি যুদ্ধা পেঞ্চনাৰ ৰঘুনাথ চাহু শীৰ্ষক গ্ৰন্থ খন মৰাণৰ বাল্য বিকাশ বিদ্যালয়ৰ অধ্যক্ষ ডঃ স্বপন চুতীয়াই আৰু জীৱনৰ শেষ সন্ধিয়াত শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰে জ্যেষ্ঠ সাংবাদিক বাচা বৰাই । সভাত বিহপুৰীয়া বিধানসভা সমষ্টিৰ বিধায়ক ড°অমিয় কুমাৰ ভূঞা,  লক্ষীমপুৰ জিলা অবিচি বৰ্ডৰ সম্পাদক লক্ষীনন্দন ৰয়, স্থানীয় সমাজকৰ্মী ফনিধৰ বৰুৱা, যোৰহাট স্থিত নাৰ্চিং প্ৰশিক্ষণ কেন্দ্ৰৰ প্ৰাক্তন অধ্যক্ষা কুসুম চাহু, সমাজকৰ্মী শকুন্তলা চাহু, স্থানীয় বয়োজ্যেষ্ঠ বাবুল বৰা, হৰভজন সিঙকে আদি কৰি বহুকেইজন গন্য মান্য ব্যক্তিয়ে অংশগ্ৰহণ কৰে । সন্মিলনৰ প্ৰতিনিধি সভাই সৰ্বসন্মতিক্ৰমে আগন্তুক বৰ্ষৰ বাবে ৰাম কুমাৰ বৰুৱাক সভাপতি আৰু তিলক চাহুক সম্পাদক হিচাপে লৈ ৪১ জনীয়া শক্তিশালী সমিতি গঠন কৰা হয় । মুকলি সভা খন আঁত ধৰে সম্পাদক প্ৰধান তিলক চাহু আৰু সাংস্কৃতিক সম্পাদক অৰুণ চাহাই ।