Home Blog Page 254

Akashteer: ৰাডাৰ আৰু বুদ্ধিমত্তাৰে পৰিচালিত যুদ্ধৰে পাকিস্তানক ধৰাশায়ী কৰিলে এই প্ৰযুক্তিয়ে

Akashteer: ৰাডাৰ আৰু বুদ্ধিমত্তাৰে পৰিচালিত যুদ্ধৰে পাকিস্তানক ধৰাশায়ী কৰিলে এই প্ৰযুক্তিয়ে
Akashteer: ৰাডাৰ আৰু বুদ্ধিমত্তাৰে পৰিচালিত যুদ্ধৰে পাকিস্তানক ধৰাশায়ী কৰিলে এই প্ৰযুক্তিয়ে

অন্ধকাৰ আকাশত জাগি উঠিছে এক নতুন যোদ্ধা।(Akashteer) ই যুঁজাৰু বিমানৰ দৰে গৰ্জন কৰা নাই বা মিছাইলৰ দৰে জিলিকিও উঠা নাই । ই শুনে, হিচাপ কৰি লয় আৰু আঘাত কৰে। এই অদৃশ্য ঢাল আকাশতীৰ এতিয়া প্ৰতিৰক্ষা জাৰ্নেলতে সীমাবদ্ধ হৈ থকা ধাৰণা নহয়, ই ভাৰতৰ বায়ু প্ৰতিৰক্ষাৰ এক উল্লেখনীয় সমল। ৯ আৰু ১০ মে’ৰ নিশা পাকিস্তানে ভাৰতীয় সামৰিক ঘাটি আৰু অসামৰিক অঞ্চলত মাৰাত্মক আক্ৰমণ চলোৱাৰ সময়ত ক্ষেপণাস্ত্ৰ আৰু ড্ৰ’নৰ আক্ৰমণ বন্ধ কৰি দিয়া ই হৈছে এখন অদৃশ্য দেৱাল। আকাশতীৰ হৈছে ভাৰতৰ সম্পূৰ্ণ থলুৱা, স্বয়ংক্ৰিয় বায়ু প্ৰতিৰক্ষা নিয়ন্ত্ৰণ ব্যৱস্থা, যিয়ে দেশৰ ভিতৰলৈ মাৰি পঠিওৱা ক্ষেপণাস্ত্ৰ আৰু ড্ৰ’নৰ আক্ৰমণক বাধা দিব আৰু সেইবোৰক নিষ্ক্ৰিয় কৰিব পাৰে।


আকাশতীৰে কেৱল আক্ৰমণ প্ৰতিহত কৰাৰ লক্ষ্যতেই সীমাবদ্ধ হৈ থকা নাই, নাইবা ই কেৱল প্ৰযুক্তিয়েই নহয়, ইয়াৰ মাজত নিহিত আছ আত্মনিৰ্ভৰশীলতাৰ প্ৰতি ভাৰতৰ দায়বদ্ধতাৰ কথা। পাকিস্তানে ভাৰতৰ বিৰুদ্ধে আমদানিকৃত এইচ কিউ-৯ আৰু এইচ কিউ-১৬ ব্যৱস্থাৰ ওপৰত নিৰ্ভৰ কৰিছিল, যিবোৰে ভাৰতীয় আক্ৰমণ ধৰা পেলাব আৰু বাধা দিব নোৱাৰিলে। ইয়াৰ বিপৰীতে আকাশতীৰে বাস্তৱ সময় ভিত্তিত স্বয়ংক্ৰিয় বিমান প্ৰতিৰক্ষা যুদ্ধত ভাৰতৰ আধিপত্য প্ৰদৰ্শন কৰিলে।আকাশতীৰে প্ৰমাণ কৰিছে যে পৃথিৱীৰ যিকোনো প্ৰযুক্তিতকৈ ই বেছি দ্ৰুতগতিত অনুধাৱন কৰিব পাৰে , সেইমতে সিদ্ধান্ত লয় আৰু আঘাত হানে।


ই একাধিক উপাদানৰ সংহতিৰ ফলত আঘাতৰ আশংকা হ্ৰাস কৰে , যাৰ ফলত ই আকাশমাৰ্গত বিমানৰ সুৰক্ষা নিশ্চিত কৰাৰ লগতে শত্ৰুতাপূৰ্ণ দেশৰ লক্ষ্যক বিঘ্নিত কৰে। আকাশতীৰত থকা সংহত চেন্সৰসমূহৰ ভিতৰত আছে টেকটিকেল কন্ট্ৰোল ৰাডাৰ ৰিপৰ্টাৰ, থ্ৰিডি টেকটিকেল কন্ট্ৰোল ৰাডাৰ, , নিম্ন-স্তৰৰ লঘু ওজনৰ ৰাডাৰ আৰু আকাশ ৱেপন চিষ্টেমৰ ৰাডাৰ।আকাশতীৰ কোনো বাহিনীৰ কথা নহয়, ই বুদ্ধিমত্তাৰে পৰিচালনা কৰা যুদ্ধৰ কথা। এই ব্যৱস্থাই সকল পক্ষক (নিয়ন্ত্ৰণ কক্ষ, ৰাডাৰ আৰু প্ৰতিৰক্ষা সঁজুলি) এটা সাধাৰণ, বাস্তৱ সময়ৰ ছবি প্ৰদান কৰে। যাৰ ফলত সমন্বিত বায়ু প্ৰতিৰক্ষা অভিযান চলোৱাটো সক্ষম হয়। এয়া হৈছে শত্ৰুৰ বিমান, ড্ৰ’ন আৰু মিছাইল চিনাক্তকৰণ, সেইবোৰক অনুসৰণ কৰা আৰু সেইমতে কাম কৰা স্বয়ংক্ৰিয়ভাৱে ডিজাইন কৰা এটা ব্যৱস্থা। ই বিভিন্ন ৰাডাৰ ব্যৱস্থা, চেন্সৰ আৰু যোগাযোগ প্ৰযুক্তিক একক কাৰ্য্যকৰী কাঠামোত একত্ৰিত কৰে। আকাশতীৰে একাধিক উৎসৰ পৰা তথ্য সংগ্ৰহ কৰে, ইয়াক স্বয়ংক্ৰিয়ভাবে প্ৰক্ৰিয়াকৰণ কৰে আৰ বাস্তৱ সময়ৰ ভিত্তিত সিদ্ধান্ গ্ৰহণৰ সুবিধা কৰি দিয়ে। আকাশতীৰ চি৪আইএছআৰ (C4ISR- কমাণ্ড, নিয়ন্ত্ৰণ, যোগাযোগ, কম্পিউটাৰ, চোৰাংচোৱা, চোৱাচিতা আৰু গোপনে ৰখা) কাঠামোৰ অংশ। ই অন্য ব্যৱস্থাৰ সৈতে সমন্বয় বজাই ৰাখি কাম কৰে। এই ব্যৱস্থাটো বাহন-ভিত্তিক, যিয়ে ইয়াক ভ্ৰাম্যমাণ কৰি তুলিছে আৰু সংকটৰ পৰিৱে চম্ভালিবলৈ শক্তিশালী কৰি তুলিছে।


স্থলভিত্তিক ৰাডাৰ আৰু সিদ্ধান্তৰ ওপৰত নিৰ্ভৰশীল পৰম্পৰাগত বায়ু প্ৰতিৰক্ষা মডেলৰ বিপৰীতে আকাশতীৰে যুদ্ধক্ষেত্ৰত নিম্নস্তৰৰ আকাশমাৰ্গৰ নিৰীক্ষণ আৰু স্থলভিত্তিক বায়ু প্ৰতিৰক্ষা অস্ত্ৰ ব্যৱস্থাৰ দক্ষ নিয়ন্ত্ৰণ সক্ষম কৰি তুলিছে। ইয়াৰ দ্বাৰা ভাৰতৰ কৌশলগত নীতিৰ স্পষ্ট পৰিৱৰ্তন ঘটিছে- নিষ্ক্ৰিয় প্ৰতিৰক্ষাৰ পৰা সক্ৰিয় প্ৰতিশোধলৈ ই সকলো কথা ৰূপান্তৰিত কৰিছে। ভাৰতৰ বৃহত্তৰ C4ISR (কমাণ্ড, কণ্ট্ৰল, কমিউনিকেচন, কম্পিউটাৰ, ইনটেলিজেন্স, চাৰ্ভিলেন্স, আৰু ৰিকনেছান্স) পৰিৱেশ তন্ত্ৰৰ সৈতে ইয়াৰ নিৰৱচ্ছিন্ন সংহতিৰ ফলত সেনা, নৌসেনা আৰু বায়ুসেনাক ই অতুলনীয় সহায় আগবঢ়াইছে। ই কেউটা বাহিনীকে সহযোগিতাৰে কাম কৰাৰ পথ মুকলি কৰি দিছে। ভাৰতীয় সেনাৰ বায়ু প্ৰতিৰক্ষা (AAD) ব্যৱস্থাৰ মূল ভেটি হৈছে আকাশতীৰ। ই আইএচিচিএছ (ভাৰতীয় বায়ুসেনা) আৰু ট্ৰিগান (ভাৰতীয় নৌসেনা)ৰ সৈতে সুকলমে সংযোগ স্থাপন কৰি যুদ্ধক্ষেত্ৰৰ স্পষ্ট আৰু বাস্তৱ সময়ৰ ছবি দাঙি ধৰি সেই মতে কাম কৰাৰ সুবিধা দিছে। ইয়াৰ ফলত আক্ৰমণাত্মক আৰু প্ৰতিৰক্ষামূলক দুয়োবিধ অস্ত্ৰৰ দ্ৰুত আৰু ফলপ্ৰসূ ব্যৱহাৰ সম্ভৱ হৈ উঠিছে।যিহেতু তিনিওটা বাহিনীয়ে আকাশতীৰৰ জৰিয়তে একেলগে কাম কৰে, সেয়েহে ভুলবশতঃ নিজৰ লক্ষ্যতেই আঘাত কৰাৰ আশংকা বহুখিনি হ্ৰাস পায় । ই পৰিস্থিতিৰ বিষয়ত সচেতনতা বৃদ্ধি কৰে আৰু নিখুঁত, শক্তিশালীভাবে কাৰ্য্য সম্পাদনৰ অনুমতি দিয়ে। যিহেতু আকাশতীৰ বাহনত লগোৱা হয় সেয়ে ই গতিশীল । এনে গুণৰ বাবেই ইয়াক বিপজ্জনক আৰু সক্ৰিয় যুদ্ধক্ষেত্ৰত নিয়োগ কৰা সুবিধা অনেক।আকাশতীৰ অকলশৰীয়া নহয়। ই ভাৰতৰ যুদ্ধৰ ক্ষমতাক পুনৰ গঢ় দিয়া থলুৱা প্ৰতিৰক্ষা মঞ্চৰ ক্ৰমবৰ্ধমান পৰিৱেশ তন্ত্ৰৰ এক বিশেষ অংশ। মেক ইন ইণ্ডিয়াৰ পদক্ষেপে ভাৰতৰ প্ৰতিৰক্ষাৰ বিকাশত সহায় কৰিছে । ধনুছ আৰ্টিলাৰী গান চিষ্টেম, এডভান্সড ট’ড আৰ্টিলাৰী গান চিষ্টেম (এ টি এ জি এছ), মেইন বেটল টেংক (এম বি টি) অৰ্জুন, লাইট স্পেচিয়েলিষ্ট ভেহিকেল, হাই মবিলিটি ভেহিকেল, লাইট কম্বেট এয়াৰক্ৰাফ্ট (এল চি এ) তেজ, এডভান্সড লাইট হেলিকপ্টাৰ (এ এল এইচ), লাইট ইউটিলিটি হেলিকপ্টাৰ (এল ইউ এইচ), অস্ত্ৰৰ স্থান নিৰ্ণয় কৰা ৰাডাৰ, থ্ৰীডি কৌশলগত নিয়ন্ত্ৰণ ৰাডাৰ, আৰু চফ্টৱেৰ ডিফাইণ্ড ৰেডিঅ’ (এছডিআৰ), লগতে নৌসেনাৰ সম্পত্তি যেনে ধ্বংসকাৰী সঁজুলি, থলুৱা বিমানবাহী জাহাজ, চাবমেৰিন, ফ্ৰিগেট, কৰ্ভেট, দ্ৰুত টহলদাৰী জাহাজ, দ্ৰুত আক্ৰমণকাৰী জাহাজ আৰু অফশ্ব’ৰ টহলদাৰী জাহাজে দেশৰ প্ৰতিৰক্ষাৰ দিশটোক অধিক শক্তিশালী কৰি তুলিছে।


ভাৰতে ২০২৯ চনৰ ভিতৰত ৩ লাখ কোটি টকাৰ প্ৰতিৰক্ষা সামগ্ৰী উৎপাদনৰ লক্ষ্য স্থিৰ কৰিছে। ফলত বিশ্বৰ প্ৰতিৰক্ষা উৎপাদন কেন্দ্ৰ হিচাপে ভাৰতৰ স্থান শক্তিশালী হৈছে। ব্যক্তিগত খণ্ডই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে, এই খণ্ডই মুঠ প্ৰতিৰক্ষা উৎপাদনত ২১% অৰিহণা যোগাই উদ্ভাৱন আৰু দক্ষতাক লাভাৱান্বিত কৰিছে। এটা শক্তিশালী প্ৰতিৰক্ষা ঔদ্যোগিক ভিত্তিত ১৬টা ডিপিএছইউ, ৪৩০টাতকৈও অধিক অনুজ্ঞাপত্ৰপ্ৰাপ্ত কোম্পানী আৰু প্ৰায় ১৬,০০০ এমএছএমই অন্তৰ্ভুক্ত কৰা হৈছে, যিয়ে থলুৱা উৎপাদন ক্ষমতাক শক্তিশালী কৰিছে। ৬৫% প্ৰতিৰক্ষা সঁজুলি এতিয়া ঘৰুৱাভাৱে নিৰ্মাণ কৰা হয়, যিটো পূৰ্বৰ ৬৫-৭০% আমদানি নিৰ্ভৰশীলতাৰ বিপৰীতে এক উল্লেখযোগ্য পৰিৱৰ্তন। ই প্ৰতিৰক্ষা ক্ষেত্ৰত ভাৰতৰ আত্মনিৰ্ভৰশীলতাৰ কথাই প্ৰতিফলিত কৰে।

ISRO: বিফল হ’ল ISROৰ ১০১ সংখ্যক কৃত্ৰিম উপগ্ৰহৰ উৎক্ষেপণ

ISRO: বিফল হ'ল ISROৰ ১০১ সংখ্যক কৃত্ৰিম উপগ্ৰহৰ উৎক্ষেপণ
ISRO: বিফল হ'ল ISROৰ ১০১ সংখ্যক কৃত্ৰিম উপগ্ৰহৰ উৎক্ষেপণ

সফল নহ’ল ISROৰ ১০১ সংখ্যক কৃত্ৰিম উপগ্ৰহৰ উৎক্ষেপণ। (ISRO)

চাৰিটা পৰ্যায়যুক্ত PSLV-C61ৰ তৃতীয় পৰ্যায়ত লাগিল বেমেজালি।

শ্রীহৰিকোটাৰ পৰা EOS-09 উৎক্ষেপণৰ চেষ্টা।

য’ত আছিল পৃথিৱী পৰ্যবেক্ষণ উপগ্ৰহ।

সতীশ ধাৱন স্পেচ চেণ্টাৰৰ পৰা পুৱা ৫:৫৯ বজাত উৎক্ষেপণ কৃত্রিম উপগ্রহটো।

ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই দেওবাৰে কৃত্ৰিম উপগ্ৰহ উৎক্ষেপণ বাহন (PSLV-C61)ত নিজৰ ১০১ সংখ্যক উপগ্ৰহ EOS-09 উৎক্ষেপণ কৰিছিল যদিও কেইমিনিটমানৰ পিছতে বিফল হয়।

মহাকাশ সংস্থাটোৱে এক্স হেণ্ডেলত জনাই এই সকলো কথা।

চীন-আমেৰিকাতকৈও বেছি! চলিত বছৰত ভাৰতৰ অৰ্থনৈতিক বৃদ্ধি ৬.৩ শতাংশ হ’ব বুলি ৰাষ্ট্ৰসংঘৰ অনুমান ।India and China

চীন-আমেৰিকাতকৈও বেছি! চলিত বছৰত ভাৰতৰ অৰ্থনৈতিক বৃদ্ধি ৬.৩ শতাংশ হ’ব বুলি ৰাষ্ট্ৰসংঘৰ অনুমান ।India and China
১৭ মে'২০২৫ঃ india and china । বিশ্ব অৰ্থনীতিৰ লৰচৰ কৰা অৱস্থাৰ মাজতো ভাৰতত এতিয়াও আশাৰ ৰেঙণি দেখা গৈছে। ৰাষ্ট্ৰসংঘই কয় যে এইবাৰো ভাৰতে বিশ্বৰ আটাইতকৈ দ্ৰুতগতিত বৃদ্ধি পোৱা বৃহৎ অৰ্থনীতি হিচাপে নিজৰ স্থান অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হ’ব। চলিত বিত্তীয় বৰ্ষত ভাৰতৰ বৃদ্ধিৰ হাৰ ৬.৩ শতাংশ হ’ব বুলি ৰাষ্ট্ৰসংঘই আশা কৰিছে।

১৭ মে’২০২৫ঃ india and china । বিশ্ব অৰ্থনীতিৰ লৰচৰ কৰা অৱস্থাৰ মাজতো ভাৰতত এতিয়াও আশাৰ ৰেঙণি দেখা গৈছে। ৰাষ্ট্ৰসংঘই কয় যে এইবাৰো ভাৰতে বিশ্বৰ আটাইতকৈ দ্ৰুতগতিত বৃদ্ধি পোৱা বৃহৎ অৰ্থনীতি হিচাপে নিজৰ স্থান অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হ’ব। চলিত বিত্তীয় বৰ্ষত ভাৰতৰ বৃদ্ধিৰ হাৰ ৬.৩ শতাংশ হ’ব বুলি ৰাষ্ট্ৰসংঘই আশা কৰিছে।

ৰাষ্ট্ৰসংঘৰ বিশ্ব অৰ্থনৈতিক দৃষ্টিভংগীৰ শেহতীয়া তথ্য অনুসৰি ভাৰতৰ বৃদ্ধিৰ কাৰণ হৈছে ঘৰুৱা ব্যয়, কঠিন চৰকাৰী বিনিয়োগ আৰু বৰ্ধিত সেৱাৰ ৰপ্তানি। জানুৱাৰী মাহত ৬.৬ শতাংশ বৃদ্ধিৰ অনুমানত সামান্য সংশোধন কৰা হৈছে যদিও ভাৰত এতিয়াও আন ডাঙৰ অৰ্থনীতিতকৈ আগবাঢ়ি আছে বুলি ৰাষ্ট্ৰসংঘই প্ৰকাশ কৰে।

ভাৰতৰ অৰ্থনীতি অহা বছৰ ৬.৪ শতাংশ বৃদ্ধি পাব বুলি আশা কৰা হৈছে যদিও পূৰ্বৰ আশাতকৈ এই পৰিমাণ কিছু কম।বৰ্ধিত বাণিজ্যিক উত্তেজনা আৰু নীতিগত অনিশ্চয়তাৰ উদ্ধৃতি দি ৰাষ্ট্ৰসংঘই কয় যে বিশ্ব অৰ্থনীতি অনিশ্চিত মুহূৰ্তত আছে। পূৰ্বতে অনুমান কৰাতকৈ বহু দেশৰ বৃদ্ধিৰ গতি এতিয়া লেহেমীয়া হ’ব বুলি আশা কৰা হৈছে। প্ৰসংগক্ৰমে আন প্ৰধান অৰ্থনীতিৰ তুলনাত ভাৰতৰ পৰিসংখ্যা আকৰ্ষণীয় হৈ পৰা দেখা গৈছে। চীনৰ বৃদ্ধি ৪.৬ শতাংশ, আমেৰিকাৰ ১.৬ শতাংশ, জাপান ০.৭ শতাংশ আৰু ইউৰোপীয় সংঘৰ মাত্ৰ ১ শতাংশ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। জাৰ্মানীতো -০.১ শতাংশ ঋণাত্মক বৃদ্ধি হ’ব পাৰে।

ভাৰতৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থাই ব্যৰ্থ কৰিছিল ৬০০ৰো অধিক পাকিস্তানী ড্ৰোন আক্ৰমণ ।Sudarshan 

ভাৰতৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থাই ব্যৰ্থ কৰিছিল ৬০০ৰো অধিক পাকিস্তানী ড্ৰোন আক্ৰমণ ।Sudarshan 
ভাৰতৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থাই ব্যৰ্থ কৰিছিল ৬০০ৰো অধিক পাকিস্তানী ড্ৰোন আক্ৰমণ ।Sudarshan 

১৭ মে’২০২৫ঃ Sudarshan  । ভাৰতৰ অপাৰেচন সিন্দূৰৰ পিছত ইটোৰ পিছত সিটো আক্ৰমণ কৰিছিল পাকিস্তানে । কিন্তু ভাৰতৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থাই সকলো আক্ৰমণৰ চেষ্টা বিফল কৰি পেলায় । ভাৰতৰ বিৰুদ্ধে ৬০০ৰো অধিক পাকিস্তানী ড্ৰ’ন নিক্ষেপ কৰা হৈছিল । এই কথা প্ৰকাশ কৰিছে প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ এক সূত্ৰই।সূত্ৰ অনুসৰি ভাৰতে অভিযানৰ লগে লগে নিয়ন্ত্ৰণ ৰেখাৰ কাষত এয়াৰ ডিফেন্স চিষ্টেম সক্ৰিয় কৰে।

‘সুদৰ্শন চক্ৰ’ ত ১০০০টা বিমান বিৰোধী বন্দুক আৰু ৭৫০টা চুটি দূৰত্বৰ পৃষ্ঠৰ পৰা বায়ুলৈ ক্ষেপণাস্ত্ৰও নিয়োগ কৰা হৈছিল। কোৱা বাহুল্য যে সঠিক সময়ত ভাৰতৰ ফালে নিক্ষেপ কৰা ক্ষেপণাস্ত্ৰ ধ্বংস কৰিবলৈ সক্ষম ‘আকাশ তিৰ’ ব্যৱস্থাই তেওঁলোকৰ ফলপ্ৰসূতা আৰু অধিক বৃদ্ধি কৰে। কেৱল সেয়াই নহয়, ভাৰতৰ এয়াৰ ডিফেন্স চিষ্টেমৰ এটা মূল উপাদান হৈছে এল-৭০ এয়াৰ ডিফেন্স গান, জু-২৩এম এম গান, চিলকা গান চিষ্টেম ইত্যাদি।প্ৰসংগক্ৰমে কিছু মাহৰ আগতে আকাশ তীৰ প্ৰকল্পৰ অধীনত আকাশতীৰ আৰু ইন্টিগ্ৰেটেড এৰিয়েল কমাণ্ড এণ্ড কণ্ট্ৰল চিষ্টেম সংযোজন কৰা হৈছিল।মন কৰিবলগীয়া যে ২২ এপ্ৰিলত লস্কৰৰ টি আৰ এফৰ ৫ টা সন্ত্ৰাসবাদীয়ে পহলগামত ২৬ জন নিৰস্ত্ৰ লোকক হত্যা কৰিছিল। ভাৰতে ৭ মে’ৰ পুৱা আৰু নিশা পাকিস্তানৰ বিৰুদ্ধে অভিযান চলাইছিল।

পাকিস্তান আৰু পাক অধিকৃত কাশ্মীৰত থকা ৯টা সন্ত্ৰাসবাদী শিবিৰ ধ্বংস কৰা হৈছিল। ইয়াৰ পিছতে পাকিস্তানে ভাৰতৰ সীমান্তৱৰ্তী ৰাজ্যসমূহৰ জনবসতিপূৰ্ণ এলেকা আৰু সামৰিক ঘাটিসমূহত আক্ৰমণ কৰিছিল। ভাৰতে কেৱল এই আক্ৰমণক প্ৰতিহত কৰাই নহয়, প্ৰতিশোধো লয়। ইয়াৰ ফলত পাকিস্তানৰ কেইবাটাও বিমান ঘাটি ধ্বংস হৈছে। খবৰ অনুসৰি এতিয়ালৈকে ভাৰতীয় সেনাৰ অভিযানত ১০০ৰো অধিক উগ্ৰপন্থী আৰু ৩৫-৪০জন পাকিস্তানী জোৱান নিহত হৈছে।

গাজাত ইজৰাইলৰ অবিৰত বিমান আক্ৰমণ! ড্ৰোন আৰু মিছাইল আক্ৰমণত নিহত ১৪৬ জন । Attack Gaza

গাজাত ইজৰাইলৰ অবিৰত বিমান আক্ৰমণ! ড্ৰোন আৰু মিছাইল আক্ৰমণত নিহত ১৪৬ জন । Attack Gaza
গাজাত ইজৰাইলৰ অবিৰত বিমান আক্ৰমণ! ড্ৰোন আৰু মিছাইল আক্ৰমণত নিহত ১৪৬ জন । Attack Gaza

১৭ মে’২০২৫ঃ Attack Gaza । গাজাত ইজৰাইলৰ আক্ৰমণত ২৪ ঘণ্টাত ১৪৬ জন লোকৰ মৃত্যু হৈছে। লগতে প্ৰায় ৪৫০ জন লোক আহত হয়। শেহতীয়াকৈ ইজৰাইলে গাজাত আক্ৰমণ তীব্ৰতৰ কৰি তুলিছে। ধাৰাবাহিকভাৱে ড্ৰ’ন আৰু মিছাইল আক্ৰমণ আকাশত সংঘটিত হৈ আছে।

শুকুৰবাৰে নিশাৰে পৰা গাজা ষ্ট্ৰিপত ইজৰাইলৰ আক্ৰমণত কমেও ১৪৬ জন পেলেষ্টাইনী নিহত হৈছে। গাজাৰ স্থানীয় স্বাস্থ্য কৰ্তৃপক্ষৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত শনিবাৰে এই কথা প্ৰকাশ কৰিছ সংবাদ সংস্থাই। যোৱা বৃহস্পতিবাৰৰ পৰা ইজৰাইলৰ বাহিনীয়ে গাজাত বিমান আক্ৰমণ চলাই আহিছে। বৃহস্পতিবাৰে নিশা নগৰত ড্ৰ’ন আৰু মিছাইল আক্ৰমণৰ ফলত শুকুৰবাৰে ১৪৩ জন লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে।উত্তৰ গাজাৰ মাৰৱান আল চুলতান চহৰৰ এখন চিকিৎসালয়ৰ কৰ্তৃপক্ষই জনোৱা মতে, মাজনিশাৰ পৰা ৫৮টা মৃতদেহ চিকিৎসালয়খনত উপস্থিত হৈছে। অৱশ্যে এই ধ্বংসাৱশেষৰ তলত আৰু বহু মৃতদেহ আবদ্ধ হৈ পৰিব পাৰে বুলি আশংকা কৰিছে চিকিৎসালয় কৰ্তৃপক্ষই। চিকিৎসালয়খনত এক বিশৃংখল পৰিস্থিতিৰ সৃষ্টি হৈছে। গাজাৰ স্বাস্থ্য কৰ্তৃপক্ষই জনোৱা মতে, যোৱা ২৪ ঘন্টাত ইজৰাইলৰ আক্ৰমণত প্ৰায় ৪৫০ জন লোক আহত হৈছে।ইজৰাইল আৰু পেলেষ্টাইন সমৰ্থক সশস্ত্ৰ সংগঠন হামাছৰ মাজত হোৱা যুদ্ধই প্ৰতিদিনে গাজা ষ্ট্ৰিপত দাগ পেলাইছে। প্ৰায় ডেৰ বছৰ ধৰি গাজাৰ বিধ্বংসী অৱস্থা। অস্থায়ী যুদ্ধবিৰতিৰ প্ৰথম পৰ্যায়ৰ অন্ত পৰাৰ পৰাই ইজৰাইলে গাজাত পুনৰ সামৰিক অভিযান আৰম্ভ কৰিছে। ৫ মে’ত ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে ঘোষণা কৰিছিল যে ইজৰাইলৰ বাহিনীয়ে হামাছৰ বিৰুদ্ধে অধিক তীব্ৰ আক্ৰমণৰ পৰিকল্পনা কৰিছে। শুকুৰবাৰে ইজৰাইলৰ বাহিনীয়ে উত্তৰ গাজা ষ্ট্ৰিপৰ বেইট লাহিয়া আৰু জাবালিয়া চহৰত আক্ৰমণ কৰে। ইয়াৰ পিছত গাজাবাসীক দক্ষিণৰ চহৰৰ ফালে যাবলৈ নিৰ্দেশ দিয়া হয়। কিন্তু সাধাৰণ গাজাৰ বাসিন্দাসকলে অভিযোগ কৰে যে ইজৰাইলৰ টেংকসমূহো দক্ষিণৰ খান ইউনিছ চহৰৰ দিশে আগবাঢ়িছে বুলি খবৰ আহিছে।

সৰ্বদলীয় প্ৰতিনিধি দলত স্থান লাভ নকৰিলে গৌৰৱ গগৈয়ে । Garuva Gogi and Himanta Biswa Sarma

সৰ্বদলীয় প্ৰতিনিধি দলত স্থান লাভ নকৰিলে গৌৰৱ গগৈয়ে । Garuva Gogi and Himanta Biswa Sarma
সৰ্বদলীয় প্ৰতিনিধি দলত স্থান লাভ নকৰিলে গৌৰৱ গগৈয়ে । Garuva Gogi and Himanta Biswa Sarma

১৭ মে’২০২৫ঃ Garuva Gogi and Himanta Biswa Sarma । অৱশেষত সফল হল মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা। সাংসদ গৌৰৱ গগৈক সৰ্বদলীয় প্ৰতিনিধি দলত স্থান দিব বুলি কথা প্ৰচাৰ হোৱাৰ পিছতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈৰ বিৰুদ্ধে এক্সত সৰব হৈ পৰিছিল । তেওঁ আনকি ৰাহুল গান্ধীক এই বিষয়ত সচেতন হবলৈ আহ্বান জনাইছিল। ইয়াৰ পিছতে আজি দেখা গল দলটোত গৌৰৱ গগৈক স্থান দিয়া হোৱা নাই। ভাৰতৰ স্থিতি স্পষ্ট কৰিবলৈ বিদেশলৈ পঠিয়াবলগীয়া সৰ্বদলীয় প্ৰতিনিধি দলত গৌৰৱ গগৈৰ নাম উল্লেখ কৰাক লৈ কংগ্ৰেছক সমালোচনা কৰিছিল অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।

উল্লেখ্য যে সন্ত্ৰাসবাদৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ ভাৰতৰ শক্তিশালী বাৰ্তা বিশ্ববাসীলৈ আগবঢ়াই নিবলৈ সৰ্বদলীয় প্ৰতিনিধি দলৰ বাবে কংগ্ৰেছৰ তৰফৰ পৰা দিয়া তালিকাক লৈ প্ৰতিক্ৰিয়া আৰম্ভ হৈছে । বিশেষকৈ কংগ্ৰেছৰ তালিকাখনত সাংসদ গৌৰৱ গগৈৰ নামটো থকাত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই । শনিবাৰে সামাজিক মাধ্যমযোগে মুখ্যমন্ত্রীয়ে ভাৰত চৰকাৰৰ এই অতি গুৰুত্বপূৰ্ণ কাৰ্যসূচীত সাংসদ গৌৰৱ গগৈক অন্তৰ্ভুক্ত নকৰাৰ বাবে বিৰোধী দলৰ নেতা ৰাহুল গান্ধীৰ প্ৰতি অনুৰোধ জনায় । অৱশ্যে মুখ্যমন্ত্রীয়ে সাংসদ গৌৰৱ গগৈৰ নামটো প্ৰত্যক্ষভাৱে উল্লেখ কৰা নাই যদিও পাকিস্তান সংযোগৰ তথ্যৰে তেওঁৰ কথাই কৈছে ।সামজিক মাধ্যমযোগে মুখ্যমন্ত্রীয়ে কয়, “তালিকাখনত নাম উল্লেখ কৰা এগৰাকী সাংসদে (অসমৰ) তেখেত দীৰ্ঘদিন পাকিস্তান ভ্ৰমণ কৰাৰ বিষয়ে অস্বীকাৰ কৰা নাই । খবৰ অনুসৰি দুসপ্তাহ তেওঁ তাত আছিল আৰু বিশ্বাসযোগ্য নথি-পত্ৰৰ পৰা এয়া স্পষ্ট হৈছে যে তেখেতৰ পত্নীয়ে ভাৰতত কাম কৰি থকাৰ সময়ত পাকিস্তানস্থিত এন জি অ’ এটাৰ পৰা দৰমহাৰ নামত ধন লাভ কৰিছিল । বিৰোধী দলৰ নেতা ৰাহুল গান্ধীক আহ্বান জনাইছোঁ যে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ স্বাৰ্থত দলীয় ৰাজনীতিৰ ঊৰ্ধ্বত গৈ এই ব্যক্তিগৰাকীক এনে স্পৰ্শকাতৰ আৰু কৌশলপূৰ্ণ এছাইনমেণ্টত অন্তৰ্ভুক্ত নকৰিব ।”সামাজিক মাধ্যমত মুখ্যমন্ত্রীয়ে ৰাহুল গান্ধীৰ প্ৰতি এই আহ্বান জনাই কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে সামাজিক মাধ্যমত কৰা এটা পোষ্ট সংলগ্ন কৰিছে । যিটো পোষ্টত কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে সংসদীয় পৰিক্ৰমা মন্ত্রী কিৰেণ ৰিজিজুৱে কংগ্ৰেছৰ সভাপতি আৰু বিৰোধী দলপতিৰে কথা পতাৰ বিষয়ে উল্লেখ কৰিছে । য’ত পাকিস্তানৰ সন্ত্রাসবাদৰ বিৰুদ্ধে ভাৰতৰ স্থিতি সম্পৰ্কে বিশ্ববাসীক অৱগত কৰিবৰ বাবে বিদেশলৈ যাবলগীয়া দলটোৰ বাবে কংগ্ৰেছৰ চাৰিগৰাকী সাংসদৰ নাম দিয়াৰ কথা কোৱা হৈছিল । তাৰেই ভিত্তিত বিৰোধী দলপতিয়ে কিৰেণ ৰিজিজুলৈ কংগ্ৰেছৰ চাৰিজনীয়া তালিকা দিছিল । পোষ্টটোত জয়ৰাম ৰমেশে দিয়া চাৰিজনীয়া তালিকাত আছিল প্ৰাক্তন কেন্দ্ৰীয় মন্ত্রী আনন্দ শৰ্মা, সাংসদ তথা উপ-দলপতি গৌৰৱ গগৈ, সাংসদ চৈয়দ নাচিৰ হুছেইন আৰু সাংসদ ৰাজা ব্ৰাৰ । কংগ্ৰেছৰ এই চাৰিজনীয়া তালিকাত সাংসদ গৌৰৱ গগৈৰ নামটো থকাৰ পিছতে মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে প্ৰতিক্ৰিয়া ব্যক্ত কৰে । লগতে মুখ্যমন্ত্রীয়ে গৌৰৱ গগৈক এই কাৰ্যসূচীৰ পৰা আঁতৰত ৰখাৰ বাবে ৰাহুল গান্ধীৰ প্ৰতি আহ্বান জনাইছিল ।মন্ত্রী পীযুষ হাজৰিকায়ো গৌৰৱ গগৈক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে । সামাজিক মাধ্যমযোগে মন্ত্রী পীযুষ হাজৰিকাই কয়, “এটা গুৰুত্বপূৰ্ণ বিষয় । অপাৰেশ্যন সিন্দূৰৰ পৰিপ্ৰেক্ষিতত সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ সন্মিলিত যুঁজৰ বাৰ্তা বিশ্বৰ বিভিন্ন দেশত প্ৰদান কৰিবলৈ ভাৰত চৰকাৰে সৰ্বদলীয় এটি প্ৰতিনিধি মণ্ডল গঠন কৰিছে । ইয়াৰ বাবে কংগ্ৰেছ দলৰ পৰাও প্ৰতিনিধিৰ নাম বিচৰা হৈছিল । আশ্চৰ্যজনকভাৱে কংগ্ৰেছ দলে দাখিল কৰা তালিকাত এনে এগৰাকী সাংসদৰ (অসম) নাম অন্তৰ্ভুক্ত আছে যাৰ পত্নীয়ে পাকিস্তানৰ উচ্চস্তৰীয় নেতৃত্বৰ সৈতে কাম কৰিছিল আৰু এই কথা তেখেতে অস্বীকাৰ কৰা নাই । সাংসদগৰাকীৰ সন্তানো বিদেশৰ নাগৰিক । এই কাৰ্য কৰি কংগ্ৰেছ দলে ভাৰত আৰু ভাৰতীয়সকলৰ সন্মানত আঘাত হানিব খোজাটো অত্যন্ত লজ্জাজনক । পাকিস্তানৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগ উত্থাপন হোৱা সাংসদৰ নাম এনে গুৰুত্বপূৰ্ণ পদক্ষেপৰ বাবে আগবঢ়োৱাটো কেতিয়াও উচিত নহয় ।”
আনহাতে গৌৰৱ গগৈক লৈ বিতৰ্ক চলি থকাৰ মাজতে সন্ত্ৰাসবাদৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ ভাৰতৰ শক্তিশালী বাৰ্তা বিশ্ববাসীলৈ আগবঢ়াই নিবলৈ সৰ্বদলীয় প্ৰতিনিধি দল গঠন সন্দৰ্ভত চৰকাৰে বিবৃতি জাৰি কৰিছে । পি আই বিয়ে দিয়া বিবৃতি অনুসৰি অপাৰেশ্যন সেন্দূৰ আৰু সীমা অতিক্ৰম কৰি সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ অবিৰত যুঁজৰ প্ৰেক্ষাপটত চলিত মাহৰ শেষৰ ফালে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ সদস্যকে ধৰি গুৰুত্বপূৰ্ণ অংশীদাৰ দেশসমূহ ভ্ৰমণ কৰিবলৈ ৭ টা সৰ্বদলীয় প্ৰতিনিধি দলে যাত্ৰা কৰিবলৈ সাজু হৈছে ।

জ্যোতি ৰাণী মালহোত্ৰাক কিয় গ্ৰেপ্তাৰ হ’ল ! Youtuber Jyoti Malhotra

জ্যোতি ৰাণী মালহোত্ৰাক কিয় গ্ৰেপ্তাৰ হ'ল ! Youtuber Jyoti Malhotra
জ্যোতি ৰাণী মালহোত্ৰাক কিয় গ্ৰেপ্তাৰ হ'ল ! Youtuber Jyoti Malhotra

১৭ মে’২০২৫ঃ Youtuber Jyoti Malhotra: পাকিস্তানৰ বাবে চোৰাংচোৱাগিৰিৰ অভিযোগত হাৰিয়ানাৰ ইউটিউবাৰ জ্যোতি মালহোত্ৰাক গ্ৰেপ্তাৰ কৰা হয়। এতিয়ালৈকে পঞ্জাৱ আৰু হাৰিয়ানাৰ মালেৰকোটলাৰ পৰা মুঠ ৬ জন পাকিস্তানী চোৰাংচোৱাক গ্ৰেপ্তাৰ কৰা হৈছে।
জ্যোতি মালহোত্ৰা পাকিস্তান উচ্চায়ুক্তত কৰ্মৰডেনিছ নামৰ এজন বিষয়াৰ সংস্পৰ্শত আছিল আৰু ডেনিছেও তেওঁক পাকিস্তানলৈ প্ৰেৰণ কৰিছিল আৰু তাত বহু গোপন তথ্য শ্বেয়াৰ কৰি আছিল।

জ্যোতি মালহোত্ৰাই নিজাকৈ ট্ৰেভেল চেনেল চলায়।পাকিস্তানলৈ গৈছিল, ভাৰতলৈ উভতি অহাৰ পিছতো যোগাযোগত আছিল, চোৰাংচোৱাগিৰিৰ অভিযোগত গ্ৰেপ্তাৰ ইউটিউবাৰ জ্যোতি ৰাণী মালহোত্ৰাক।জেৰাৰ সময়ত জ্যোতি মালহোত্ৰাই আৰক্ষীক জনাইছে যে তেওঁৰ ইউটিউবত ‘ট্ৰেভেল উইথ-জো’ নামৰ এটা চেনেল আছে। পাছপ’ৰ্টধাৰী আৰু ২০২৩ চনত পাকিস্তান ভ্ৰমণৰ বাবে ভিছা লাভৰ সৈতে জড়িত পাকিস্তান উচ্চায়ুক্ত দিল্লীলৈ গৈছিল য’ত তেওঁ আহছান-উৰ-ৰহিম ওৰফে ডেনিছক লগ পাইছিল। আহছান-উৰ-ৰহিম ওৰফে ডেনিছৰ মোবাইল নম্বৰটো লৈ তেওঁ কথা পাতিছিল।ইয়াৰ পিছত তেওঁ দুবাৰ পাকিস্তানলৈ গৈছিল য’ত ডেনিছৰ নিৰ্দেশত তেওঁৰ চিনাকি আলী আহৱানক লগ পাইছিল যিয়ে তেওঁৰ থকাৰ আৰু ভ্ৰমণৰ ব্যৱস্থা কৰিছিল। পাকিস্তানত আলী আহোৱানে পাকিস্তানৰ নিৰাপত্তা আৰু চোৰাংচোৱা বিষয়াৰ সৈতে বৈঠকৰ ব্যৱস্থা কৰে।


তাতে তেওঁ ছাকিৰ আৰু ৰানা শ্বাহবাজকো লগ পাইছিল। ছাকিৰৰ মোবাইল নম্বৰটো লৈ জাট ৰাধাৱা নামেৰে মোবাইলত চেভ কৰি ৰাখিলে যাতে কাৰো সন্দেহ নহয়। তাৰ পিছত ভাৰতলৈ উভতি আহিল। তাৰ পিছত হোৱাটছএপ, স্নেপচ্যাট, টেলিগ্ৰামৰ দৰে ছ’চিয়েল মিডিয়া প্লেটফৰ্মৰ জৰিয়তে সকলোৰে সৈতে অহৰহ যোগাযোগ ৰাখি ৰাষ্ট্ৰ বিৰোধী তথ্যৰ আদান-প্ৰদান আৰম্ভ কৰে। এনেবোৰ কথাই এতিয়া আলোড়ণৰ সৃষ্টি কৰিছে।

গুৱাহাটীত ৫৫ হাজাৰ পিএমএৱাই-জি ঘৰৰ গৃহপ্ৰৱেশৰ ভাৰ্চুৱেল অনুষ্ঠানত অংশগ্ৰহণ কৰিলে কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানে । PMAY-G

গুৱাহাটীত ৫৫ হাজাৰ পিএমএৱাই-জি ঘৰৰ গৃহপ্ৰৱেশৰ ভাৰ্চুৱেল অনুষ্ঠানত অংশগ্ৰহণ কৰিলে কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানে । PMAY-G
গুৱাহাটীত ৫৫ হাজাৰ পিএমএৱাই-জি ঘৰৰ গৃহপ্ৰৱেশৰ ভাৰ্চুৱেল অনুষ্ঠানত অংশগ্ৰহণ কৰিলে কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানে । PMAY-G

১৭ মে’২০২৫ঃ অসমৰ গ্ৰাম্য উন্নয়নৰ এক উল্লেখযোগ্য পদক্ষেপ হিচাবে আজি গুৱাহাটীত প্ৰধানমন্ত্ৰী আৱাস যোজনা – গ্ৰামীণ (PMAY-G)ৰ অধীনত ৫৫ হাজাৰ ঘৰৰ ভাৰ্চুৱেল গৃহপ্ৰৱেশ অনুষ্ঠানত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় কৃষি, কৃষক কল্যাণ আৰু গ্ৰামোন্নয়ন দপ্তৰৰ মন্ত্ৰীশিৱৰাজ সিং চৌহানে। এই উপলক্ষৰ সৈতে সংগতি ৰাখি শ্ৰী চৌহানে চলিত বিত্তীয় বৰ্ষৰ বাবে পিএমএৱাই-জিৰ অধীনত অসমৰ বাবে আৰু ৩.৭৬ লাখ ঘৰ অনুমোদন জনোৱাৰ কথাও ঘোষণা কৰে।

সভাত ভাষণ দি চৌহানে গ্ৰাম্য আন্তঃগাঁথনি বৃদ্ধি আৰু সমাজৰ প্ৰান্তীয় সম্প্ৰদায়ৰ জীৱনৰ মান উন্নত কৰাৰ বাবে চৰকাৰৰ প্ৰতিশ্ৰুতিৰ বিষয়ত আলোকপাত কৰে। প্ৰধানমন্ত্ৰী আৱাস যোজনা – গ্ৰামীণ (PMAY-G)ৰ অধীনত ২০ লাখ ঘৰ সম্পূৰ্ণ কৰি অসমে উল্লেখযোগ্য সাফল্ লাভ কৰাৰ বাবে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰশংসা কৰে। অনুষ্ঠানৰ অংশ হিচাপে ঘৰ নিমাণ সফলতাৰে সম্পূৰ্ণ কৰি নতুন ঘৰত প্ৰৱেশ কৰা পিএমএৱাই-জি হিতাধিকাৰীসকলকো মন্ত্ৰীগৰাকীয়ে সম্বৰ্ধনা জনায়।গাঁৱৰ মহিলাসকলৰ সবলীকৰণৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ হিচাপেচৌহানে পিএমএৱাই-জিৰ অধীনত মহিলা ৰাজমিস্ত্ৰীৰ বাবে গ্ৰহণ কৰা লখিমী মিস্ত্ৰী – আঁচনিও শুভাৰম্ভ কৰে। যাৰ লক্ষ্য হৈছে মহিলাসকলৰ বাবে কৰ্মসংস্থাপনৰ সুযোগ বৃদ্ধ কৰি তেওঁলোক প্ৰয়োজনীয় দক্ষতাৰে সজ্জিত কৰি তোলা।

অনুষ্ঠানতে লখিমী মিস্ত্ৰী পদক্ষেপৰ অধীনত প্ৰশিক্ষণ লাভ কৰিবলগীয়া পাঁচগৰাকী মহিলাক সুৰক্ষা কিট বিতৰণ কৰা হয়।এই উপলক্ষে চৌহানে গ্ৰাম্য আন্তঃগাঁথনি উন্নয়ন পুঁজি (RIDF)ৰ অধীনত সমগ্ৰ অসমতে ২১টা জ্ঞান কেন্দ্ৰ ভাৰ্চুৱেলী উদ্বোধন কৰে। গ্ৰাম্য কৃষি আন্তঃগাঁথনি শক্তিশালী কৰাৰ লগতে কৃষকসকলক সময়মতে সম্পদ আৰু তথ্যৰ সুবিধাৰে সৱলীকৰণ কৰাৰ উদ্দেশ্যেৰে এই কেন্দ্ৰসমূহ স্থাপন কৰা হৈছে। চৌহানে অসম চৰকাৰৰ প্ৰচেষ্টাক প্ৰশংসা কৰি গ্ৰাম্য গৃহ নিৰ্মাণ আৰু উন্নয়নৰ পদক্ষেপসমূহৰ ফলপ্ৰসূ ৰূপায়ণ সুনিশ্চিত কৰাৰ বাবে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক অভিনন্দন জনায় ।অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰীয় চৰকাৰৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে কৃষি আৰু গ্ৰাম্য জীৱিকাৰ বহনক্ষম বৃদ্ধিৰ জৰিয়তে কৃষক, মহিলা আৰু গাঁৱৰ লোকসকলক সবলীকৰণ কৰাৰ বাবে অস চৰকাৰৰ দায়বদ্ধতাৰ কথা পুনৰবাৰ উল্লেখ কৰে।

অনুষ্ঠানত অসমৰ কৃষি মন্ত্ৰী অতুল বৰা আৰু অসমৰ পঞ্চায়ত তথা গ্ৰামোন্নয়ন দপ্তৰৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসো উপস্থিত থাকে।

ডিমৌত গৰু চুৰৰ সন্ত্ৰাস । Cow Thief

ডিমৌত গৰু চুৰৰ সন্ত্ৰাস । Cow Thief
ডিমৌত গৰু চুৰৰ সন্ত্ৰাস । Cow Thief

১৭ মে’ ২০২৫ঃ Cow Thief । ডিমৌ অঞ্চলত গৰু চুৰৰ সন্ত্ৰাস দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে | বিশেষকৈ লাউজান চাহ বাগিচা অঞ্চল সমূহত এই গৰু চুৰে এতিয়া সাধাৰণ বাহনৰ সলনি বিলাসী বাহন ব্যৱহাৰ কৰি কৌশলে গৰু চুৰি কৰি লৈ যোৱা পৰিসংখ্যা ৰাইজৰ মাজত তীব্ৰ ক্ষোভৰ সৃষ্টি কৰিছে | স্থানীয় ৰাইজে জনোৱা মতে, এই চুৰে গাঁৱত ঘুৰি ফুৰি গোহালিৰ পৰা হালোৱা গৰু পোনে পোনে উঠাই বিলাসী বাহনত লৈ যায় |

সন্দেহজনক ভাৱে এই বাহনৰ নম্বৰ প্লেট সলনি কৰি চুৰি কাৰ্যত ব্যৱহাৰ কৰা হয় বুলি অভিযোগ উঠিছে | ডিমৌ আৰক্ষীৰ অক্ষমতাৰ সুযোগ লৈ চুৰে এটা মাহৰ ভিতৰতে ৩০ টাতকৈ অধিক গৰু চুৰি কৰিছে লাউজান চাহ বাগিচা অঞ্চলৰ পৰা | ফলস্বৰূপে গৰু পালকসকল এতিয়া অন্ন মুঠিৰ চিন্তাত পৰিছে | খেতিৰ সময়ছোৱাত গৰু চুৰ হোৱাৰ ফলত বছৰৰ খেতিৰে ধ্বংস হোৱাৰ আশংকাত আছে গাঁওবাসী |
গৰু চুৰৰ বিৰুদ্ধে আৰক্ষীয়ে তৎপৰতা নেদেখুওৱাত ৰাইজে নিজেই প্ৰশাসনৰ ভূমিকা গ্ৰহণ কৰিছে | গোহালিৰ পৰা চুৰ হোৱা গোহালিৰ গৰুৰ সন্ধানত নামি ৰাইজে ৬ জনকৈ গৰু চোৰক ধৰি ডিমৌ আৰক্ষীক গতাই দিয়ে | ঘটনাটোৰ প্ৰেক্ষাপটত ৰাইজে দাবী উত্থাপন কৰিছে যে— “আমাৰ গৰু আমাক ঘূৰাই দিয়ক, আইনে যি কৰিব তাক কৰক, কিন্তু গৰু চুৰি বন্ধ কৰক” |

Youtuber Jyoti Malhotra: পাকিস্তানৰ চোৰাংচোৱাগিৰিৰ অভিযোগত গ্ৰেপ্তাৰ ইউটিউবাৰ জ্যোতি ৰাণী মালহোত্ৰাক

Youtuber Jyoti Malhotra: পাকিস্তানৰ চোৰাংচোৱাগিৰিৰ অভিযোগত গ্ৰেপ্তাৰ ইউটিউবাৰ জ্যোতি ৰাণী মালহোত্ৰাক
Youtuber Jyoti Malhotra: পাকিস্তানৰ চোৰাংচোৱাগিৰিৰ অভিযোগত গ্ৰেপ্তাৰ ইউটিউবাৰ জ্যোতি ৰাণী মালহোত্ৰাক

জ্যোতি মালহোত্ৰা পাকিস্তান উচ্চায়ুক্তত কৰ্মৰত(Youtuber Jyoti Malhotra) ডেনিছ নামৰ এজন বিষয়াৰ সংস্পৰ্শত আছিল আৰু ডেনিছেও তেওঁক পাকিস্তানলৈ প্ৰেৰণ কৰিছিল আৰু তাত বহু গোপন তথ্য শ্বেয়াৰ কৰি আছিল।জ্যোতি মালহোত্ৰাই নিজাকৈ ট্ৰেভেল চেনেল চলায়।পাকিস্তানলৈ গৈছিল, ভাৰতলৈ উভতি অহাৰ পিছতো যোগাযোগত আছিল, চোৰাংচোৱাগিৰিৰ অভিযোগত গ্ৰেপ্তাৰ ইউটিউবাৰ জ্যোতি ৰাণী মালহোত্ৰাক।

পাকিস্তানৰ বাবে চোৰাংচোৱাগিৰিৰ অভিযোগত হাৰিয়ানাৰ ইউটিউবাৰ জ্যোতি মালহোত্ৰাক গ্ৰেপ্তাৰ কৰা হয়। এতিয়ালৈকে পঞ্জাৱ আৰু হাৰিয়ানাৰ মালেৰকোটলাৰ পৰা মুঠ ৬ জন পাকিস্তানী চোৰাংচোৱাক গ্ৰেপ্তাৰ কৰা হৈছে।

জেৰাৰ সময়ত জ্যোতি মালহোত্ৰাই আৰক্ষীক জনাইছে যে তেওঁৰ ইউটিউবত ‘ট্ৰেভেল উইথ-জো’ নামৰ এটা চেনেল আছে। পাছপ’ৰ্টধাৰী আৰু ২০২৩ চনত পাকিস্তান ভ্ৰমণৰ বাবে ভিছা লাভৰ সৈতে জড়িত পাকিস্তান উচ্চায়ুক্ত দিল্লীলৈ গৈছিল য’ত তেওঁ আহছান-উৰ-ৰহিম ওৰফে ডেনিছক লগ পাইছিল। আহছান-উৰ-ৰহিম ওৰফে ডেনিছৰ মোবাইল নম্বৰটো লৈ তাই তাৰ লগত কথা পাতিছিল।

ইয়াৰ পিছত দুবাৰ পাকিস্তানলৈ গৈছিল য’ত ডেনিছৰ নিৰ্দেশত তেওঁৰ চিনাকি আলী আহৱানক লগ পাইছিল আৰু ভ্ৰমণৰ ব্যৱস্থা কৰিছিল। পাকিস্তানত আলী আহোৱানে পাকিস্তানৰ নিৰাপত্তা আৰু চোৰাংচোৱা বিষয়াৰ সৈতে বৈঠকৰ ব্যৱস্থা কৰে। তাতে ছাকিৰ আৰু ৰানা শ্বাহবাজকো লগ পাইছিল। ছাকিৰৰ মোবাইল নম্বৰটো লৈ জাট ৰাধাৱা নামেৰে মোবাইলত চেভ কৰি ৰাখিলে যাতে কাৰো সন্দেহ নহয়। তাৰ পিছত ভাৰতলৈ উভতি আহিল।

তাৰ পিছত হোৱাটছএপ, স্নেপচ্যাট, টেলিগ্ৰামৰ দৰে ছ’চিয়েল মিডিয়া প্লেটফৰ্মৰ জৰিয়তে সকলোৰে সৈতে অহৰহ যোগাযোগ ৰাখি ৰাষ্ট্ৰীয় বিৰোধী তথ্যৰ আদান-প্ৰদান আৰম্ভ কৰে।