Home Blog Page 254

Railway fare hikes: আজিৰে পৰা বৃদ্ধি পালে ৰে’লৰ ভাড়া

Railway fare hikes: আজিৰে পৰা বৃদ্ধি পালে ৰে'ল ভাড়া
Railway fare hikes: আজিৰে পৰা বৃদ্ধি পালে ৰে'ল ভাড়া

আজিৰে পৰা বৃদ্ধি পালে ৰে’লৰ ভাড়া।(Railway fare hikes)

প্রতি কিলোমিটাৰত ২ পইচাকৈ বৃদ্ধি পালে ৰে’লৰ ভাড়া।

এচি ক্লাছৰ বাবে প্ৰতি কিলোমিটাৰত দুই পইচাকৈ বৃদ্ধি পালে।

নন-এচিৰ বাবে প্ৰতি কিলোমিটাৰত এক পইচাকৈ বৃদ্ধি।

৫০০ কিঃমিঃতকৈ অধিক দূৰত্বৰ বাবে জেনেৰেল ক্লাছতো ভাড়া বৃদ্ধি।

ছুপাৰ ফাৰ্ট ৰে’লত বৃদ্ধি ভাড়া, ৰাজধানী, বন্দে ভাৰত, জন শতাব্দীসহ বহু ৰে’লৰ টিকটৰ দাম বৃদ্ধি।

অৱশ্যে ৫০০ কিলোমিটাৰ যাত্ৰা কৰা টিকটত বৃদ্ধি নহয় ভাড়া।

৫০০ কিলোমিটাৰতকৈ অধিক যাত্ৰা কৰা টিকটৰ ক্ষেত্রত প্রযোজ্য হ’ব নতুন নিৰিখ।

Himanta Biswa Sarma: কোনে বটল দলিয়াইছিল মুখ্যমন্ত্ৰীৰ কনভয়লৈ ?

Himanta Biswa Sarma: কোনে বটল দলিয়াইছিল মুখ্যমন্ত্ৰীৰ কনভয়লৈ ?
Himanta Biswa Sarma: কোনে বটল দলিয়াইছিল মুখ্যমন্ত্ৰীৰ কনভয়লৈ ?

মুখ্যমন্ত্ৰীৰ কনভয়লৈ বটল নিক্ষেপ কৰা ৫ কংগ্ৰেছীক আটক। (Himanta Biswa Sarma)

নিশা সৰুপথাৰৰ পৰা ৰাহুল ফুকন নামৰ এজনক আটক।

ঘটনা সন্দৰ্ভত আন চাৰিজনকো আটক কৰিছিল আৰক্ষীয়ে।

পাৰ্থ সাৰথি বৰা, ৰূপান্তৰ তাঁতী, কৃষ্ণা চুতীয়া, ৰাহুল শইকীয়া আৰু ৰাহুল ফুকনক আটক।

সৰুপথাৰৰ পৰা আৰক্ষীয়ে আটক কৰিছে ৰাহুল ফুকনক।

অসম প্ৰদেশ যুৱ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক পাৰ্থ সাৰথি বৰা।

গোলাঘাটত মুখ্যমন্ত্ৰীৰ কনভয়লৈ বটল দলিয়াইছিল একাংশই।

এই ঘটনাৰ সন্দৰ্ভত এতিয়ালৈকে পাঁচজনক আটক।

No sale of diesel: আজিৰে পৰা নতুন নিয়মঃ ১৫ বছৰ পুৰণি পেট্ৰ’ল চালিত বাহনক দিয়া নহয় ইন্ধন

No sale of diesel: আজিৰে পৰা নতুন নিয়মঃ ১৫ বছৰ পুৰণি পেট্ৰ'ল চালিত বাহনক দিয়া নহয় ইন্ধন
No sale of diesel: আজিৰে পৰা নতুন নিয়মঃ ১৫ বছৰ পুৰণি পেট্ৰ'ল চালিত বাহনক দিয়া নহয় ইন্ধন

আজিৰে নতুন নিয়ম।(No sale of diesel)

১৫ বছৰ পুৰণি পেট্ৰ’ল চালিত বাহনক দিয়া নহ’ব ইন্ধন।

১০ বছৰ পুৰণি ডিজেল চালিত বাহনকো দিয়া নহয় ইন্ধন।

আজিৰে পৰা দিল্লীত নতুন নিয়ম। ১৫ বছৰ পুৰণি পেট্ৰ’ল চালিত বাহনক দিয়া নহয় ইন্ধন।

পৰিবহণ বিভাগে জাৰি কৰিছে জাননী।

আজিৰে পৰা নতুন নিয়ম ৰাজধানী দিল্লীত।

১৫ বছৰৰ ওপৰৰ পেট্ৰ’ল চালিত বাহনক দিয়া নহ’ব ইন্ধন, লগতে ১০ বছৰৰ ওপৰৰ ডিজেল চালিত বহনকো দিয়া নহ’ব ইন্ধন।

ৰাজধানীৰ সকলো পেট্ৰ’ল পাম্পত আঁৰি দিয়া হৈছে এই জাননী।

পুৰণি বাহন সন্দৰ্ভত দিল্লী চৰকাৰে এই বৃহৎ ঘোষণা কৰিছে।

প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে এই ব্যৱস্থা লোৱা হৈছে।

ইয়াৰ উপৰিও দিল্লী চৰকাৰে এণ্টি স্মোগ গান আৰু ক্লাউড ছিডিং স্থাপনৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে।

নুমলীগড়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ ভ্ৰমণ: “ধনশিৰী নগৰ” উদ্বোধন আৰু ইথানল প্ৰকল্প পৰিদৰ্শন । NRL

নুমলীগড়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ ভ্ৰমণ: “ধনশিৰী নগৰ” উদ্বোধন আৰু ইথানল প্ৰকল্প পৰিদৰ্শন । NRL
নুমলীগড়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ ভ্ৰমণ: “ধনশিৰী নগৰ” উদ্বোধন আৰু ইথানল প্ৰকল্প পৰিদৰ্শন । NRL


নুমলীগড়, ৩০ জুন ২০২৫ । NRL। সোমবাৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা গোলাঘাট আৰু দেৰগাঁও পৰৱৰ্তে নুমলীগড় শোধনাগাৰত উপস্থিত হৈ দুই মুখ্য অনুষ্ঠানত অংশগ্ৰহণ কৰে। প্ৰথমে তেওঁ টাউনশ্বিপ “ধনশিৰী নগৰ” নামৰ আবাসিক পেঞ্চিং উদ্বোধন কৰে যি NRL-ৰ কৰ্মচাৰীসকলৰ সুবিধাৰ্থে উন্নীত কৰা হৈছে; এই সময় মুখ্যমন্ত্ৰীয়ে Advantage Assam 2.0-ৰ অধীন পৰিকল্পিত আগন্তুক প্রকল্পসমূহকে লৈ শিখা, মন্ত্ৰী, সাংসদ, বিধায়ক তথা উচ্চপদস্থ বিষয়াসহ এক উচ্চস্তৰীয়া বৈঠকও কৰে ।

সেইসময় মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে যে ৮ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নুমলীগড়ত দেশৰ প্ৰথম “বেম্বু-ভিত্তিক বায়ো-এথানল উদ্ভিদ” উদ্বোধন কৰিব—যি ব্য়য়সাংক্রান্ত ₹৪২০০ কোটি, ৪৯ KTPA (৪৯,০০০ মেট্ৰিক টন/বছর) উৎপাদনক্ষমতা আৰু Chempolis Oy (ফিনল্যান্ড)–ৰ জুঁইন্ট উদ্যোগেৰে তৈয়াৰ হৈছে ।

এতিয়াও ইথানল প্রকল্পটি চলিত হৈ আছে, আৰু এই উদ্ভিদৰ বাণিজ্যিক উৎপাদন মাঝ ২০২৫ বছৰৰ ভিতৰেই আৰম্ভ হ’ব বুলি NRL–ৰ উত্সে প্ৰকাশ কৰিছে ।

মুখ্যমন্ত্ৰীৰ মন্তব্য

“আমাৰ Advantage Assam 2.0 আৰু এই নতুন টাউনশ্বিপ আমাৰ কৰ্মচাৰী আৰু পৰিয়ালসমূহৰ জীৱন-মান উন্নত কৰাৰ ক্ষেত্ৰে এক উল্লেখযোগ্য পদক্ষেপ … আৰু ৮ ছেপ্টেম্বৰৰ দিনটোৰ ভিজিট ইয়াৰ অভূতপূর্ব অগ্রগতিৰ সাক্ষ্য হ’ব।”

এই বৈঠকত মুখ্যমন্ত্ৰীয়ে টাউনশ্বিপ, টেকসই উদ্ভিদ, B2B সম্পৰ্কিত বিনিয়োগ ব্যৱস্থা, ভূমি অধিগ্ৰহণ, আৰু পৰিবহণ সংযোগ বিষয়ে বিস্তারিত আলোচনা কৰে ।

৯৩ টা পৰিয়ালত চলিল প্রশাসনৰ এক্সকেভেটৰ-বুলড’জাৰ । Nalbari

Nalbari । পাঁচ শতাধিক সামৰিক-অৰ্ধসামৰিক বাহিনীৰে নলবাৰীৰ মুকালমুৱাৰ বাকৰিকুছিত ৯৩ টা পৰিয়ালত চলিল প্রশাসনৰ এক্সকেভেটৰ-বুলড’জাৰ । কাহিলিপুৱাতে নলবাৰী প্ৰশাসনৰ উচ্ছেদ অভিযান ।
নলবাৰীৰ এটা প্ৰান্তত এতিয়া শুনিবলৈ পোৱা গৈছে কেৱল গৃহহাৰাৰ ক্ৰন্দন । নিজহাতে গঢ়া আপোন ঘৰখন, বাৰী-বস্তি, খেতি চকুৰ আগতে ধূলিসাৎ হোৱাত দিশহাৰা হৈ পৰিছে শ শ লোক । আনকি শোৱাপাটিতে তেওঁলোকৰ বাসগৃহত হাতুৰীৰ কোব, এক্সকেভেটৰ-বুলড’জাৰৰ হাতোৰা পৰাত পুৱাৰ চাহকাপ, পানীটুপিও নোখোৱাকৈ কণ কণ ল’ৰা-ছোৱালী বুকুট সাবটি আপোন ঘৰখন এৰি ৰাজপথলৈ ওলাই আহিবলগা হৈছে বহুজন ।

কিয়নো সোমবাৰে পুৱাতে নলবাৰীত চলোৱা হয় সৰ্ববৃহৎ উচ্ছেদ অভিযান । এই অভিযানত অঞ্চলটো উচ্ছেদিতৰ বিননিয়ে এক শোকাকুল পৰিৱেশৰ সৃষ্টি কৰে । ৰাস্তাত বাগৰি বাগৰি হিয়া ঢাকুৰি কান্দোন উচ্ছেদিত পৰিয়ালৰ ।
“আমাক জে চি বিৰে চেপি মাৰি থৈ যাওক । আমাৰ ল’ৰা-ছোৱালীয়ে পুৱা ৫ বজাৰে পৰা লঘোণে আছে । উচ্ছেদৰ নামত আমাক হাৰাশাস্তি কৰিছে চৰকাৰ-প্ৰশাসনে । এতিয়া আমি ক’লৈ যাম, ক’ত থাকিম । আমি ইয়াতেই মৰিম ।” এয়া হ’ল উচ্ছেদিতৰ ব্যথাভৰা ক্ষোভ ।

আনহাতে, ৰাজপথতে হিয়া ঢাকুৰি কান্দি মূৰ্চা যায় বৃদ্ধ, মহিলা । ঘৰ-বাৰী হেৰুৱাই এতিয়া ৰাপথতেই জীৱন কটাব বুলি মন্তব্য উচ্ছেদিত পৰিয়ালৰ ।

অৱশেষত বহু জল্পনা-কল্পনাৰ অন্ত পেলাই সোমবাৰে কাহিলিপুৱাৰে পৰা নলবাৰী জিলাৰ বৰক্ষেত্ৰী ৰাজহ চক্ৰৰ অন্তৰ্গত মুকালমুৱাৰ বাকৰিকুছিত প্ৰশাসনে চলাই সৰ্ববৃহৎ উচ্ছেদ অভিযান । বৰক্ষেত্ৰী ৰাজহ চক্ৰৰ অন্তৰ্গত বাকৰিকুছিৰ চৰকাৰী ভূমিত প্রশাসনে বুলড’জাৰ, এক্সকেভেটৰ লৈ এই অভিযান চলায় ।

উল্লেখ্য যে উত্তৰ বৰক্ষেত্ৰী মৌজাৰ অন্তৰ্গত বাকৰিকুছিৰ ১০৬ নং দাগৰ ৪৫২ বিঘা ১ কঠা ১৪ লেচা চৰকাৰী ভূমিত চলে এই উচ্ছেদ । এই ভূমি দীর্ঘদিন ধৰি বেদখল কৰি আহিছে প্ৰায় ৯৩ টা পৰিয়ালে । এই চৰকাৰী ভূমি বেদখল কৰি পৰিয়ালসমূহে বাসগৃহ নিৰ্মাণ কৰি, পুখুৰী খান্দি জীৱন-যাপন কৰি আহিছে । এই ভূমিতেই ঈদগাহ ময়দান, চৰকাৰী বিদ্যালয়, অংগনৱাড়ী কেন্দ্ৰও গঢ়ি উঠিছে ।

পৰৱৰ্তী সময়ত চৰকাৰৰ উচ্ছেদৰ জাননী যায় উক্ত পৰিয়ালসমূহলৈ । উক্ত চৰকাৰী ভূমি খালী কৰাৰ বাবে যোৱা ৩ জুনত বৰক্ষেত্ৰী ৰাজহ চক্ৰৰ কাৰ্যালয়ে বেদখলকাৰীসকলক জাননী জাৰি কৰে । বেদখলকাৰীসকলে জাননী লাভ কৰাৰ পাছতেই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাষ চাপে যদিও শেহতীয়াকৈ আদালতত মুখথেকেচা খাবলগীয়া হয় ।

ইফালে আদালতৰ ৰায়ৰ পাছতেই নলবাৰী জিলা প্রশাসনে সোমবাৰে পুৱাৰে পৰা উচ্ছেদ অভিযান চলায় । ইতিপূর্বেই একাংশ বেদখলকাৰীয়ে নিজৰ বাসগৃহসমূহ ভাঙি অইন ঠাইলৈ ঢাপলি মেলা পৰিলক্ষিত হৈছে । যাৰ বাবে এই উচ্ছেদ অভিযান সফলভাৱে ৰূপায়ণ হোৱা বুলি জিলা আয়ুক্ত নিবেদন দাস পাটোৱাৰীয়ে জানিবলৈ দিয়ে ।

আনহাতে, উচ্ছেদ অভিযান শান্তিপূৰ্ণভাৱে চলা বুলি উল্লেখ কৰি জিলা আয়ুক্তগৰাকীয়ে কয়, “ইয়াত যি জনসাধাৰণ আছিল তেওঁলোকে জিলা প্ৰশাসনক সম্পূৰ্ণৰূপে সহযোগ কৰিছে । কাৰণ আমি চাৰিদিন আগৰে পৰা তেওঁলোকৰ সৈতে প্ৰত্যক্ষভাৱে কথা-বতৰা পাতি আছিলোঁ । তাৰ ফলত আমি কোনোধৰণৰ বাধা নোপোৱাকৈ আমি এই গোটেইখিন কাম কৰি আছোঁ । আৰু কিছুসংখ্যক ইয়াত বসবাস কৰি থকা লোকে আগতেই তেওঁলোকৰ সা-সম্পত্তি লৈ গুচি গৈছে ।”

ইপিনে উক্ত উচ্ছেদস্থলীত উপস্থিত হয় আৰক্ষী মহাপৰিদৰ্শক অখিলেশ সিং । আই জি পিয়েও চৰকাৰী ভূমি বেদখল কৰি কোনোৱে থাকিব নোৱাৰে বুলি সাংবাদিকৰ আগত প্ৰতিক্ৰিয়া আগবঢ়ায় ।

Mattak Community: মহানগৰীৰ কলাক্ষেত্ৰত মটক জনগোষ্ঠীৰ “গছ তলৰ বিহু” প্ৰতীক পটৰ শুভ উদ্বোধন

Mattak Community: মহানগৰীৰ কলাক্ষেত্ৰত মটক জনগোষ্ঠীৰ “গছ তলৰ বিহু” প্ৰতীক পটৰ শুভ উদ্বোধন
Mattak Community: মহানগৰীৰ কলাক্ষেত্ৰত মটক জনগোষ্ঠীৰ “গছ তলৰ বিহু” প্ৰতীক পটৰ শুভ উদ্বোধন

আজি মহানগৰীৰ কলাক্ষেত্ৰত মটক(Mattak Community)জনগোষ্ঠীৰ সাংস্কৃতিক ঐতিহ্যৰ এক গুৰুত্বপূর্ণ প্ৰতীক হিচাপে “গছ তলৰ বিহু”ৰ প্ৰতীক পটৰ শুভ উদ্বোধন অনুষ্ঠিত হয়। মটক স্বায়ত্ব শাসিত পৰিষদৰ তত্ত্বাৱধানত অনুষ্ঠিত এই উদ্বোধনী অনুষ্ঠানত বহু গণ্যমান্য ব্যক্তি আৰু জনগোষ্ঠীৰ সদস্যসকলে উপস্থিত থাকি অনুষ্ঠানক গৌৰৱজনক ৰূপত সম্পন্ন কৰে।

দীৰ্ঘদিন ধৰি মটক জনগোষ্ঠীয়ে দাবী কৰি অহা গছ তলৰ বিহুৰ সাংস্কৃতিক স্বীকৃতি আজি এক প্ৰতীক পটৰ ৰূপত কলাক্ষেত্ৰত স্থান লাভ কৰাত আনন্দৰ সোঁত বৈ গৈছে সম্প্ৰদায়টোৰ মাজত।

উল্লেখযোগ্য যে, এই প্ৰতীক পটটি মটক জনগোষ্ঠীৰ বিশেষ উন্নয়ন পুঁজিৰ অধীনত নিৰ্মাণ কৰা হৈছে। মটক সমাজৰ ধৰ্মীয়, সামাজিক, আৰু সাংস্কৃতিক পৰিচয় বহন কৰা এই বিহু উৎসৱৰ প্ৰতীকটোৱে ৰাজ্যিক পৰ্যায়ত মটক সংস্কৃতিৰ প্ৰচাৰ-প্ৰসাৰৰ বাবে এক উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিব বুলি উদ্যোক্তাসকলে আশা প্ৰকাশ কৰিছে।

অনুষ্ঠানত মটক সমাজৰ ঐতিহাসিক পটভূমি, সংস্কৃতি, নৃত্য-গীত, পৰম্পৰা আৰু “গছ তলৰ বিহু”ৰ বৈশিষ্ট্যক কেন্দ্ৰ কৰি আলোচনা সভা আৰু সাংস্কৃতিক কাৰ্যসূচীও অনুষ্ঠিত হয়।

এই অনুষ্ঠানৰ জৰিয়তে মটক জনগোষ্ঠীয়ে নিজৰ ঐতিহ্যক ৰাজহুৱা ভাৱে প্ৰতিষ্ঠা কৰাৰ লগতে, নতুন প্ৰজন্মৰ বাবে এটি সাংস্কৃতিক সচেতনতাৰ বাতৰি আগবঢ়াব পাৰে বুলি অভিমত প্ৰকাশ কৰা হৈছে।

jetuka: ঘৰত জেতুকা গছ থকাটো শুভ নে অশুভ, শাওণ অহাৰ আগতে জানি লওক সকলো

jetuka: ঘৰত জেতুকা গছ থকাটো শুভ নে অশুভ, শাওণ অহাৰ আগতে জানি লওক সকলো
jetuka: ঘৰত জেতুকা গছ থকাটো শুভ নে অশুভ, শাওণ অহাৰ আগতে জানি লওক সকলো

ঘৰত বহু ধৰণৰ গছ-গছনি ৰোপণ (jetuka) কৰা হয়, ইয়াৰে কিছুমান ঘৰৰ বাবে শুভ যদিও কিছুমান গছ অশুভ। ঘৰত জেতুকা গছ থকাটো বাস্তুৰ মতে শুভ নে অশুভ জানো আহক।

কিছুমান মানুহে অজানিতে এনে কিছুমান গছ ৰোপণ কৰে যিবোৰ বাস্তুৰ মতে অশুভ, যাৰ বাবে বাস্তু দোষ ঘৰত হয় আৰু তাৰ পিছত ঘৰখনক আগুৰি ধৰে বহুতো সমস্যাই।

বাস্তুৰ মতে জেতুকা গছ ঘৰত ৰুৱ নালাগে। বিশ্বাস কৰা হয় যে জেতুকা গছত নেতিবাচক শক্তি থাকিব পাৰে। যি ঠাইত জেতুকা গছ ৰোপণ কৰা হয়, তাত ঋণাত্মক শক্তিৰ প্ৰবাহ হয়।

ঘৰখন আগবাঢ়িব নোৱাৰে। জেতুকা গছ ঘৰত থাকিলে ঘৰৰ শান্তি আৰু সুখ বিঘ্নিত হয় আৰু কোনো উন্নতি নহয়।

কোনবোৰ গছ ঘৰৰ বাবে অশুভ জানেনে-


বাস্তুৰ মতে কিছুমান গছ-গছনি আছে যিবোৰ ঘৰৰ বাবে অশুভ হ’ব। এনে গছ-গছনি থাকিলে ঘৰত ঋণাত্মক শক্তিৰ প্ৰৱাহ পৰে। বাস্তুৰ মতে জেতুকা গছৰ উপৰিও কপাহ, অমিতা গছ কেতিয়াও ঘৰত ৰোপণ কৰিব নালাগে।

Rain: বৰষুণত তিতিছে নেকি? ঘৰ পোৱাৰ লগে লগে কৰিব এই ৫টা কাম…

Rain: বৰষুণত তিতিছে নেকি? ঘৰ পোৱাৰ লগে লগে কৰিব এই ৫টা কাম...
Rain: বৰষুণত তিতিছে নেকি? ঘৰ পোৱাৰ লগে লগে কৰিব এই ৫টা কাম...

বৰষুণ উপভোগ কৰাটো ভাল, কিন্তু স্বাস্থ্যৰ যত্ন লোৱাটো অধিক গুৰুত্বপূৰ্ণ। কিছুমান সহজ ব্যৱস্থা গ্ৰহণ কৰিলে চৰ্দি আৰু অন্যান্য স্বাস্থ্যজনিত সমস্যাৰ পৰা হাত সাৰিব পাৰি।(Rain)

বৰষুণত তিতাৰ পিছত শৰীৰৰ ঠাণ্ডা আৰু আৰ্দ্ৰতাই ৰোগৰ জন্ম দিব পাৰে। গতিকে ঘৰ পোৱাৰ লগে লগে কিছুমান প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰি নিজকে সুস্থ কৰি ৰাখিব পাৰে। বৰষুণত তিতিলে ঘৰ পোৱাৰ মাত্ৰকে আপুনি কৰা উচিত ৫টা গুৰুত্বপূৰ্ণ কাম।

১) লগে লগে তিতা কাপোৰ সলনি কৰিব লাগে

প্ৰথমে তিতা কাপোৰ খুলি শুকান আৰু গৰম কাপোৰ পিন্ধিব। তিতা কাপোৰে শৰীৰৰ তাপ শোষণ কৰে, যাৰ ফলত ঠাণ্ডা হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। শুকান কাপোৰ পিন্ধাৰ পিছত টাৱেলেৰে শৰীৰটো ভালদৰে মচিব লাগে আৰু প্ৰয়োজন হ’লে হেয়াৰ ড্ৰাইয়াৰেৰে চুলিখিনি শুকুৱাই ল’ব লাগে।

২) গৰম পানীৰে গা ধুব
ঘৰ পোৱাৰ লগে লগে কুহুমীয়া পানীৰে গা ধোৱাটো উপকাৰী। ই শৰীৰক উষ্ণ কৰাৰ লগতে ছালত থকা বেক্টেৰিয়া বা বীজাণু আঁতৰোৱাত সহায় কৰে। যদি গা ধোৱা সম্ভৱ নহয়, তেন্তে অন্ততঃ ভৰি দুখন গৰম পানীত ডুবাই গৰম ল’ব।

৩/ গৰম পানীয় খাব লাগে
চৰ্দি আৰু কাহৰ পৰা হাত সাৰিবলৈ গৰম চাহ, আদাৰ চাহ, হালধি গাখীৰ বা গৰম পানী খাব লাগে। আদা আৰু তুলসী চাহে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিত সহায় কৰে। ই শৰীৰক ভিতৰৰ পৰা গৰম কৰি ৰাখে আৰু লগতে ডিঙিৰ বিষ কমায়।

৪) ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰা খাদ্য খাব লাগে
বৰষুণত তিতাৰ পিছত শৰীৰক পুষ্টিৰ প্ৰয়োজন হয়। ভিটামিন চি সমৃদ্ধ ফল যেনে কমলা, নেমু বা বতৰৰ ফল খাব লাগে। গৰম চূপ, খিচড়ি বা দাইলেও শৰীৰক উষ্ণতা আৰু শক্তি প্ৰদান কৰে। মৌ আৰু আদাৰ মিশ্ৰণেও ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিত ফলপ্ৰসূ।

৫) পৰ্যাপ্ত জিৰণি লওক
ভাগৰ আৰু ঠাণ্ডাৰ পৰা শৰীৰ সুস্থ হ’বলৈ জিৰণি লোৱাৰ প্ৰয়োজন। গৰম কাপোৰ পিন্ধি কিছু সময় কম্বলৰ তলত শুই থাকিব। টোপনি আৰু জিৰণি ল’লে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হয়।

Dibrugarh News: উজনিৰ ঘাইপথত অৱতৰণ কৰিব হেলিকপ্টাৰ, ৰাফেল, ছুখয়ৰ দৰে যুঁজাৰু বিমানে!

Dibrugarh News: উজনিৰ ঘাইপথত অৱতৰণ কৰিব হেলিকপ্টাৰ, ৰাফেল, ছুখয়ৰ দৰে যুঁজাৰু বিমানে!
Dibrugarh News: উজনিৰ ঘাইপথত অৱতৰণ কৰিব হেলিকপ্টাৰ, ৰাফেল, ছুখয়ৰ দৰে যুঁজাৰু বিমানে!

উজনি অসমৰ ঘাইপথ হ’ব ৰানৱে।(Dibrugarh News)হেলিকপ্টাৰ, ৰাফেল, ছুখয়ৰ পৰা বয়িং বিমানলৈকে অৱতৰণ কৰিব পাৰিব মৰাণৰ নৱনিৰ্মিত ৰাষ্ট্ৰীয় ঘাইপথত। ডিব্ৰুগড় জিলাৰ মৰাণৰ ৰাজপথত দেখা যাব ছুখই, ৰাফেল, মিগ, তেজস, হাৰকিউলিছ, AN-32 আদিৰ দৰে যুঁজাৰু জেট বিমান। মৰাণৰ ০২ নং ৰাষ্ট্ৰীয় ঘাইপথত অৱতৰণ আৰু উৰিব পাৰিব যুঁজাৰু যিকোনো বিমান আৰু হেলিকপ্তাৰ।


অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দেওবাৰে মৰাণ জাতিয়নী গাঁৱত উপস্থিত হৈ ০২ নং ৰাষ্ট্ৰীয় ঘাইপথত জৰুৰীকালীন বিমান অৱতৰণ সুবিধা (ELF) পৰিদৰ্শন কৰে। উল্লেখ্য যে-মৰাণৰ খটখটি পলক্লাৱৰ পৰা তিলৈনগৰলৈ মুঠ ১১কিঃমিঃ দৈৰ্ঘ্যৰ নিৰ্মিয়মান ৪ লেন যুক্ত ০২ নং ৰাষ্টীয় ঘাইপথত মৰাণ পলক্লাৱৰ পৰা ৰছীপথাৰলৈকে ৪.২ কিঃমিঃ দৈৰ্ঘৰ নিৰ্মাণ কৰা হৈছে অধিক উন্নতমানৰ জৰুৰীকালীন ৰাণৱে সুবিধা (ELF) । যুদ্ধকালিন পৰিস্থিতি অথবা প্ৰাকৃতিক দুৰ্যোগৰ সময়ত এই ৰাজপথটো নিমিখতে হৈ পৰিব ভাৰতীয় বায়ুসেনাৰ বিমান বন্দৰ। মুঠ ১১ কিঃমিঃ দৈৰ্ঘ্যৰ ০২-নং ৰাষ্ট্ৰীয় ঘাইপথৰ ৪.২ কিলোমিটাৰ অংশত অত্যাধুনিক ভাৱে নিৰ্মাণ কৰা হৈছে যিকোনো বিমান উৰণ আৰু অৱতৰণৰ ব্যৱস্থা।ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ লগতে ভাৰতীয় বায়ুসেনাৰ বিমান বন্দৰ নিৰ্মাণ বিভাগৰ যৌথ উদ্যোগত নিৰ্মান হোৱা এই পথচোৱা জৰূৰীকালীন সময়ত বিমান অৱতৰণ আৰু উৰণৰ ব্যৱস্থা কৰা সময়ত পথচোৱাৰ কাষত মানুহ, জীৱ জন্তু সোমাব নোৱাৰাকৈ বেৰি দিয়া হৈছে। লগতে নিৰ্মাণ কৰা হৈছে এটা এয়াৰ ট্ৰেফিক কন্ট্ৰল টাৱাৰ (ATC)। অৱশ‍্যে জৰুৰীকালীন পৰিস্থিতিতহে হেলিকপ্তাৰৰ পৰা যুঁজাৰু বিমানলৈকে সকলো বিমান অৱতৰণ কৰিব পাৰিব এই পথছোৱাত।

ছেপ্তেম্বৰত সম্পূৰ্ণ হব এই ৪.২ কিলোমিটাৰ দৈৰ্ঘৰ পথছোৱা। দেওবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পৰ্যবেক্ষণ কৰে এই নৱনিৰ্মিত ঘাইপথছোৱাৰ কাম।

Mortality Rate: বিশ্বৰ গড় অতিক্ৰম কৰি বিশেষ কৃতিত্বঃ ভাৰতত পাঁচ বছৰৰ তলৰ শিশুৰ মৃত্যুৰ হাৰ ৭৮% হ্ৰাস

Mortality Rate: বিশ্বৰ গড় অতিক্ৰম কৰি বিশেষ কৃতিত্ব
Mortality Rate: বিশ্বৰ গড় অতিক্ৰম কৰি বিশেষ কৃতিত্ব

ভাৰতে পাঁচ বছৰৰ তলৰ শিশুৰ মৃত্যুৰ (Mortality Rate) হাৰ ৭৮ শতাংশ হ্ৰাস কৰিবলৈ সক্ষম হৈছে । ৰাষ্ট্ৰসংঘৰ আন্তঃসংস্থা গোটৰ শিশু মৃত্যুৰ অনুমান ২০২৪ চনৰ প্ৰতিবেদন অনুসৰি, নৱজাতকৰ মৃত্যুৰ হাৰো বিশ্বজুৰি ৫৪ শতাংশ হোৱাৰ বিপৰীতে ভাৰতত ৭০ শতাংশ হ্ৰাস পাইছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে কয় যে, ভেকচিন প্ৰদান প্ৰক্ৰিয়া উন্নত কৰাৰ বিষয়ত অবিৰত গুৰুত্ব দি ভাৰতে সৰ্বাধিক জনসংখ্যাৰ কাষ চাপিবলৈ সক্ষম হৈছে আৰু এইক্ষেত্ৰত সক্ৰিয় আৰু সৰ্বাংগীন পন্থা গ্ৰহণ কৰিছে। মন্ত্ৰালয়ে কয় যে, টিকাকৰণ জনস্বাস্থ্যৰ অন্যতম শক্তিশালী আৰু ব্যয়বহুল হস্তক্ষেপ হৈয়েই আছে। প্ৰতিষেধক প্ৰদানৰ প্ৰতি ভাৰতৰ অদম্য দায়বদ্ধতা ইয়াৰ ইউনিভাৰ্চেল ইমিউনাইজেচন প্ৰগ্ৰেমৰ জৰিয়তে স্পষ্ট হৈ পৰিছে, যিয়ে বছৰি ২.৯ কোটি গৰ্ভৱতী মহিলা আৰু ২.৬ কোটি কেঁচুৱাক বিনামূলীয়া টিকাকৰণ সেৱা প্ৰদান কৰে।প্ৰতিষেধক অভিযান অব্যাহত আৰু তীব্ৰ ৰূপায়ণৰ ফলত ভাৰতৰ মুঠ জনসংখ্যাৰ মাজত শূন্য মাত্ৰাৰ শিশুৰ শতকৰা হাৰো ২০০২৩ ৰ ০.১১ শতাংশৰ পৰা হ্ৰাস পাইছে ২০২৪ চনত ০.০৬ শতাংশলৈ বৃদ্ধি পাইছে।টিকাকৰণ জনস্বাস্থ্যৰ অন্যতম শক্তিশালী আৰু ব্যয়বহুল হস্তক্ষেপ হৈয়েই আছে। ভাৰতৰ প্ৰতিষেধক প্ৰদানৰ প্ৰতি অটল দায়বদ্ধতা ইয়াৰ ইউনিভাৰ্চেল ইমিউনাইজেচন প্ৰগ্ৰেম (ইউআইপি)ৰ জৰিয়তে স্পষ্ট হৈ পৰিছে, যিয়ে বছৰি ২.৯ কোটি গৰ্ভৱতী মহিলা আৰু ২.৬ কোটি কেঁচুৱা (০–১ বছৰ)ক বিনামূলীয়া টিকাকৰণ সেৱা প্ৰদান কৰে। আমাৰ স্বাস্থ্যসেৱা কৰ্মী আশা আৰু এ এন এম সকলে সমগ্ৰ দেশতে ১.৩ কোটিৰো অধিক প্ৰতিষেধক অধিবেশন অনুষ্ঠিত কৰে।

সমগ্ৰ দেশতে টিকাকৰণ অভিযান আৰু অভিযানৰ অবিৰত, স্থায়ী প্ৰচেষ্টা আৰু তীব্ৰ ৰূপায়ণৰ ফলত মুঠ জনসংখ্যাৰ মাজত শূন্য মাত্ৰাৰ শিশুৰ শতকৰা হাৰ ২০২৩ চনত ০.১১%ৰ পৰা ২০২৪ চনত ০.০৬%লৈ হ্ৰাস পাইছে।এই কৃতিত্বসমূহে ভাৰতক শিশু স্বাস্থ্যৰ ক্ষেত্ৰত বিশ্বব্যাপী আদৰ্শ হিচাপে স্থান দিছে, যিটো ৰাষ্ট্ৰসংঘৰ শিশু মৃত্যুৰ হাৰ অনুমানৰ বাবে আন্তঃৰাষ্ট্ৰীয় সংস্থা গোটে (UN IGME) ২০২৪ চনৰ প্ৰতিবেদনত স্বীকাৰ কৰিছে। ভাৰতবৰ্ষৰ প্ৰতিশ্ৰুতিবদ্ধ প্ৰচেষ্টাৰ বাবে ২০২৪ চনৰ ৬ মাৰ্চত আমেৰিকাৰ ৱাশ্বিংটন ডি চিৰ আমেৰিকান ৰেড ক্ৰছৰ মুখ্য কাৰ্যালয়ত দ্য মিজলছ এণ্ড ৰুবেলা পাৰ্টনাৰশ্বিপ (আমেৰিকান ৰেড ক্ৰছ, বিএমজিএফ, জিএভি, ইউএছ চিডিচি, ইউএনএফ, ইউনিচেফ, আৰু ডব্লিউএইচঅ’)ৰ দ্বাৰা সন্মানীয় মিজিলছ এণ্ড ৰুবেলা চেম্পিয়ন বঁটা প্ৰদান কৰা হৈছে।ডায়েৰিয়া, নিউমোনিয়া, মেনিনজাইটিছ আৰু এনকেফেলাইটিছৰ ফলত হোৱা শিশুৰ মৃত্যু আৰু ৰোগ হ্ৰাস কৰাত জীৱন ৰক্ষাকাৰী ভেকচিনৰ সংখ্যা বৃদ্ধিৰ প্ৰভাৱো স্পষ্টভাৱে পৰ্যবেক্ষণ কৰা হয়।শেহতীয়া এছ আৰ এছ (২০২০-২২) অনুসৰি ভাৰতৰ মাতৃ মৃত্যুৰ অনুপাত ২০১৪-১৬ চনত ১৩০/লাখ জীৱিত জন্মৰ পৰা ২০২০-২২ চনত ৮৮/লাখ জীৱিত জন্মলৈ হ্ৰাস পাইছে। ৰাষ্ট্ৰসংঘৰ মাতৃ মৃত্যুৰ হাৰ অনুমান আন্তঃসংস্থা গোট (UN-MMEIG 2000-2023) প্ৰতিবেদন অনুসৰি ভাৰতৰ এমএমআৰ প্ৰতি লাখ জীৱিত জন্মৰ ক্ষেত্ৰত 80 টা, যিয়ে ১৯৯০ চনৰ পৰা বিশ্বজুৰি ৪৮% হ্ৰাসৰ তুলনাত ৮৬% হ্ৰাস প্ৰতিফলিত কৰে।ৰাষ্ট্ৰসংঘৰ আন্তঃসংস্থা গ্ৰুপ ফৰ চাইল্ড মৰ্টেলিটি এষ্টিমেচন (UNIGME 2024 Report) অনুসৰি ভাৰতে ১৯৯০ – ২০২৩ চনৰ ভিতৰত বিশ্বজুৰি ৫৪% নৱজাতকৰ মৃত্যুৰ হাৰ (NMR) ৰ ৬১% আৰু ৭০% হ্ৰাস অতিক্ৰম কৰি পাঁচ বছৰৰ তলৰ মৃত্যুৰ হাৰ (U5MR) ৭৮% হ্ৰাস লাভ কৰে।টিকাকৰণৰ কভাৰেজ বৃদ্ধিৰ ওপৰত কেন্দ্ৰীভূত মনোযোগ দিয়াৰ উপৰিও ভাৰতৰ ইউনিভাৰ্চেল ইমিউনাইজেচন প্ৰগ্ৰেম (ইউআইপি)ত বিশ্ব স্বাস্থ্য সংস্থাই (ডব্লিউ এইচ অ’) পৰামৰ্শ দিয়া ভেকচিনৰ এক বিস্তৃত পৰিসৰ সন্নিবিষ্ট কৰা হৈছে।

২০১৩ চনলৈকে এই কাৰ্যসূচীত মাত্ৰ ৬টা ভেকচিন উপলব্ধ আছিল। ২০১৪ চনৰ পৰা এই কাৰ্যসূচীত ছটা নতুন ভেকচিন (যেনে ইনএক্টিভেটেড পলিঅ’-ভাইৰাছ ভেকচিন, ৰ’টাভাইৰাছ ভেকচিন (আৰ ভি ভি), নিউমোক’কেল কনজুগেট ভেকচিন (পি চি ভি), মিজলছ-ৰুবেলা ভেকচিন, এডাল্ট জাপানীজ এনকেফেলাইটিছ ভেকচিন আৰু টিটেনাছ-ডিপথেৰিয়া ভেকচিন) প্ৰৱৰ্তন কৰা হৈছে। বৰ্তমান ভাৰতৰ ইউআইপিয়ে ভেকচিনৰ দ্বাৰা প্ৰতিৰোধযোগ্য ১২টা ৰোগ সামৰি লৈছে আৰু ইয়াৰ যথেষ্ট সম্প্ৰসাৰণ দেখা গৈছে।ভেকচিনৰ কভাৰেজ উন্নত কৰাৰ ওপৰত অব্যাহত মনোনিৱেশ কৰি ভাৰতে অভাৱগ্ৰস্ত জনসংখ্যাৰ কাষ চাপিবলৈ সক্ৰিয় আৰু সৰ্বাংগীন পন্থা গ্ৰহণ কৰিছে। চৰকাৰৰ তৰফৰ পৰা ড. ভাৰতৰ সকলো ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ সৈতে আলোচনা কৰি শূন্য মাত্ৰাৰ শিশুসকলৰ মাজত প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰিবলৈ লক্ষ্যভিত্তিক অভিযান আৰম্ভ কৰিছে, বিশেষকৈ নগৰীয়া বস্তি, চহৰৰ কাষৰীয়া অঞ্চল, প্ৰব্ৰজনকাৰী জনসংখ্যা, কঠিনভাৱে পোৱা অঞ্চল, আৰু ভেকচিনৰ দ্বিধাগ্ৰস্ততাৰ ফলত ক্ষতিগ্ৰস্ত সম্প্ৰদায়সমূহৰ মাজত। এই প্ৰচেষ্টাসমূহ মিজিলছ আৰু ৰুবেলা নিৰ্মূলৰ ৰাষ্ট্ৰীয় লক্ষ্যৰ সৈতেও মিল আছে।আমাৰ প্ৰসাৰতা বৃদ্ধি কৰিবলৈ আমি প্ৰযুক্তি আৰু সম্প্ৰদায়ৰ সংযোগৰ লাভ উঠাবলৈ লৈছো। ইউ-ৱিন প্লেটফৰ্মে টিকাকৰণৰ অৱস্থা ডিজিটেলভাৱে অনুসৰণ কৰে, যাৰ ফলত কোনো শিশুৱেই হেৰুৱাব নালাগে। পৰিয়ালক শিক্ষা দিয়াৰ বাবে গণমাধ্যম, কমিউনিটি ৰেডিঅ’, ছ’চিয়েল মিডিয়া, আনকি ৰাজপথৰ নাটক ব্যৱহাৰ কৰি জনসচেতনতা অভিযান তীব্ৰতৰ কৰা হৈছে। স্বাস্থ্যসেৱা কৰ্মী, আশা, আৰু এএনএমসকলে ঘৰে ঘৰে গৈ কেৱল টিকাকৰণৰ বাবেই নহয়, হিতাধিকাৰীসকলক টিকাকৰণৰ উপকাৰিতাৰ বিষয়ে সংবেদনশীল কৰি তুলিব।

কিছুমান মূল পদক্ষেপৰ ভিতৰত আছে-শূন্য মাত্ৰা ৰূপায়ণ পৰিকল্পনা ২০২৪: টিকাকৰণ নকৰা শিশুৰ অধিক বোজা থকা ১১খন ৰাজ্যৰ ১৪৩খন জিলাত ৰূপায়ণ কৰা হৈছে।
মিছন ইন্দ্ৰধনুশ (২০১৪ চনৰ পৰা): ৰাজ্য চৰকাৰৰ সহযোগত ২০১৭ চনত তীব্ৰতৰ কৰি তোলা এইটোৱে ৫.৪৬ কোটি শিশু আৰু ১.৩২ কোটি গৰ্ভৱতী মহিলাক পূৰ্বতে পোৱা নগ’ল বা কম টিকাকৰণ কৰা নাই।
পালছ পলিঅ’ অভিযান: ৰাষ্ট্ৰীয় প্ৰতিষেধক দিৱস (এন আই ডি) আৰু উপ-ৰাষ্ট্ৰীয় প্ৰতিষেধক দিৱস (এছ এন আই ডি)ৰ জৰিয়তে ভাৰতে ২০১৪ চনৰ পৰা পলিঅ’মুক্ত অৱস্থা বজাই ৰাখিছে।
গাঁও স্বাস্থ্য আৰু পুষ্টি দিৱস (ভিএইচএনডি): সম্প্ৰদায় পৰ্যায়ত প্ৰতিষেধক আৰু আউটৰিচ কাৰ্য্যকলাপৰ বাবে নিয়মিতভাৱে আয়োজন কৰা হয়।
বহুস্তৰীয় টাস্ক ফৰ্চ: ৰাজ্যিক (এছটিএফআই), জিলা (ডিটিএফআই), আৰু ব্লক (বিটিএফআই) পৰ্যায়ৰ টাস্ক ফৰ্চসমূহে সমন্বিত আৰু ফলপ্ৰসূ ৰূপায়ণ নিশ্চিত কৰে।
নিয়মীয়া আই ই চি (তথ্য, শিক্ষা, যোগাযোগ) অভিযান: সজাগতা বৃদ্ধি আৰু ভেকচিনৰ দ্বিধাবোধৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰা।