বৰ্তমান সময়ত দিনক দিনে বায়ু প্ৰদূষণ বৃদ্ধি পাইছে।২০২১ চনত ভাৰত আৰু পাকিস্তানৰ ভিতৰ আটাইতকৈ বেছি প্ৰদূষিত চহৰ ক’ত আছিল জানেনে?বিশ্ব বায়ু গুণগত মানদণ্ড প্ৰতিবেদন অনুসৰি, ২০২১ চনত মধ্য আৰু দক্ষিণ এছিয়াৰ ১৫ খন আটাইতকৈ প্ৰদূষিত চহৰৰ ভিতৰত ভাৰতৰ ১১ খন চহৰ আছিল, বাকী চাৰিখন চহৰ পাকিস্তানৰ আছিল। ভিৱাদি ভাৰতৰ আটাইতকৈ প্ৰদূষিত চহৰ আছিল, তাৰ পিছত আছিল গাজিয়াবাদ, দিল্লী আৰু জৌনপুৰ।ফয়সালাবাদ পাকিস্তানৰ আটাইতকৈ দূষিত চহৰ আছিল, তাৰ পিছত আছিল বাহাৱালপুৰ, পেছাৱাৰ আৰু লাহোৰ।
দিশপুৰ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অভিভাৱক – শিক্ষক সন্মিলন
মঙলবাৰে দিশপুৰ মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ ড° নৱজ্যোতি বৰাৰ আহ্বানমৰ্মে অসমীয়া বিভাগত এখনি অভিভাৱক শিক্ষক সন্মিলন অনুষ্ঠিত হয়। উক্ত অনুষ্ঠানত উপস্থিত থকা অভিভাৱক সকলে বিভিন্ন পৰামৰ্শ আগবঢ়াই। লগতে অনুষ্ঠানটি পতাৰ বাবে বিভাগক ধন্যবাদ জনায়। আজিৰ সভাত উপস্থিত অভিভাৱকৰ ফালৰ পৰা এগৰাকী পুৰুষ আৰু এগৰাকী মহিলা অভিভাৱকক সদস্য হিচাপে নিৰ্বাচন কৰে।
অনুষ্ঠানত বিভাগীয় প্ৰধান মালবিকা ভট্টাচাৰ্য আৰু বিভাগৰ অধ্যাপক অজিত প্ৰসাদ শৰ্মা , জুৰি নাথ আৰু জয়িতা বড়ো উপস্থিত থাকে।
‘দ্য কাশ্মীৰ ফাইলছ’ক লৈ ১৪৪ ধাৰা, বিবেক অগ্নিহোত্ৰীয়ে কয়- আমি ন্যায়ৰ বিষয়ে কি চিন্তা কৰা উচিত?
বিবেক অগ্নিহোত্ৰীৰ ছবি দ্য কাশ্মীৰ ফাইলচ বৰ্তমান ব্যাপক চৰ্চাত আছে। চলচ্চিত্ৰখনে দৰ্শক আৰু সমালোচকৰ পৰা যথেষ্ট সঁহাৰি লাভ কৰিছে আৰু ইয়াৰ মাজতে, ছবিখনক লৈও বিতৰ্ক হৈছে। সোমবাৰে বিবেক অগ্নিহোত্ৰীৰ ছবি দ্য কাশ্মীৰ ফাইলছ ৰ সৈতে ২২ মাৰ্চৰ পৰা ২১ এপ্ৰিললৈ সমগ্ৰ জিলাজুৰি ফৌজদাৰী প্ৰক্ৰিয়া বিধিৰ (চিআৰপিচি) ধাৰা ১৪৪ জাৰি কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। এই সিদ্ধান্তত সকলোৱে হতবাক হৈ পৰিছে। একে সময়তে, এতিয়া ছবিখনৰ পৰিচালক বিবেক অগ্নিহোত্ৰীৰ প্ৰতিক্ৰিয়া এই ক্ষেত্ৰত আহিছে। বিবেকে এই ক্ষেত্ৰত টুইট কৰিছে। “ডিনাৰ অনুৰাগ ঠাকুৰজী, যদি গণতন্ত্ৰত ‘ন্যায়ৰ অধিকাৰ’ সম্পৰ্কীয় এখন চলচ্চিত্ৰ ৰাজ্যৰ দ্বাৰা বিফল কৰা হয়, তেন্তে আমি ন্যায়ৰ বিষয়ে কি চিন্তা কৰা উচিত? বিবেকে অশোক গেহলটক আৰু টেগ কৰি লিখিছিল, “অশোক গেহলটজী হৈছে সন্ত্ৰাসবাদীৰ শক্তি যে তেওঁলোকে ভয় সৃষ্টি কৰে আৰু আমি ভয় খাওঁ। মৰমৰ কাশ্মীৰ ফাইল দৰ্শক, এইটো আপোনালোকৰ ন্যায়ৰ সময়।”

১৪৪ ধাৰা জাৰি কৰাৰ নিৰ্দেশত কোটা উত্তৰ-পূবৰ বিজেপি বিধায়ক প্ৰহ্লাদ গুঞ্জলে চৰকাৰক আক্ৰমণ কৰি কয়, “মঙলবাৰে কোটা উত্তৰ বিধানসভা সমষ্টিত এক বিশাল ‘চান্দি মাৰ্চ’ উলিওৱা হ’ব, সেয়েহে ধাৰা ১৪৪ জাৰি কৰা হৈছিল আৰু ‘কাশ্মীৰ ফাইল’ কেৱল এটা অজুহাত।”
বক্স অফিচত চলচ্চিত্ৰখনৰ উত্তেজনা- কাশ্মীৰ ফাইলবোৰে বক্স অফিচত ধুমধাম কৰি আছে। দ্বিতীয় সপ্তাহত, ছবিখনৰ উপাৰ্জনত যথেষ্ট বৃদ্ধি হৈছে। বাণিজ্য বিশ্লেষক তৰণ আদৰ্শৰ এক প্ৰতিবেদন অনুসৰি, কাশ্মীৰ ফাইলছে শুক্ৰবাৰে ১৯.১৫ কোটি টকা, শনিবাৰে ২৪.৮০ কোটি টকা, দেওবাৰে ২৬.২০ কোটি টকা আৰু সোমবাৰে ১২.৪০ কোটি টকা উপাৰ্জন কৰিছে, এতিয়ালৈকে ছবিখনে মুঠ ১৭৯.৮৫ কোটি টকা উপাৰ্জন কৰিছে। এয়া কেৱল ভাৰতৰ উপাৰ্জন।

অক্ষয়ৰ সৈতে সংঘৰ্ষ- অক্ষয় কুমাৰৰ ছবি বচ্চন পাণ্ডেও শেহতীয়াকৈ মুক্তি পাইছে। ছবিখন মুক্তি দিয়া হৈছিল যেতিয়া কাশ্মীৰ ফাইলছ ইতিমধ্যে বক্স অফিচত চলি আছিল। এনে লাগিছিল যে অক্ষয় কুমাৰৰ ষ্টাৰডমৰ সন্মুখত, কাশ্মীৰ ফাইলবোৰ ম্লান নহ’ব, কিন্তু সেয়া নহ’ল। ইয়াৰ বিপৰীতে, বচ্চন পাণ্ডেৰ উপাৰ্জন হ্ৰাস পাইছে আৰু কাশ্মীৰ ফাইলছে যথেষ্ট ধন উপাৰ্জন কৰিছে।
ষ্টাৰ কাষ্ট বিবেক অগ্নিহোত্ৰীৰ দ্বাৰা পৰিচালিত, কাশ্মীৰ ফাইলছত অনুপম খেৰ, মিথুন চক্ৰৱৰ্তী, পল্লৱী যোশী, দৰ্শন কুমাৰ আৰু পুনিত পৰাচাৰৰ দৰে অভিনেতা আছে।
মাণিকপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ নেশ্যনেল চাৰ্ভিছ স্কীম আৰু ৰাজনীতি বিজ্ঞান বিভাগৰ উদ্যোগত ৰক্তদান শিবিৰ
ৰক্ত দান,জীৱন দান,এই মহৎ বাক্যশাৰীক সাৰথি কৰি,আজি মাণিকপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ নেশ্যনেল চাৰ্ভিছ স্কীম আৰু ৰাজনীতি বিজ্ঞান বিভাগৰ উদ্যোগত ৰক্তদান শিবিৰ অনুষ্ঠিত হয়,ৰক্ত সমূহ বঙাইগাঁও অসামৰিক চিকিৎসালয়ৰ ব্লাড বেংকে সংগ্ৰহ কৰে। আনফালে মাণিকপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ পুথিভঁৰালৰ উদ্যোগত এখন গ্ৰন্থমেলাৰ আয়োজন কৰে,গ্ৰন্থ মূল উদ্দেশ্য-মহাবিদ্যালয়খনৰ লগতে ৰাজ্যৰ ছাত্ৰ-ছাত্ৰীৰ মাজত গ্ৰন্থ প্ৰতি আকৰ্ষণ সৃষ্টি কৰা।
এটা ‘ডাইনোচৰ মাছ’! বয়স ১০০,ওজন ৩০০ কেজি, দৈৰ্ঘ্য ১১ ফুট।
এটা ভাইৰেল ভিডিঅ’।বৰ্তমান সময়ত ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হৈছে।এই ভিডিঅ’টো দেখা পোৱা গৈছে এটা ডাইনোচৰ।ডাইনোচৰ দেখি এনে লাগে এতিয়াও যেন ডাইনোচৰৰ অস্তিত্ব আছে।এই ‘ডাইনোচৰ মাছ’টো বয়স ১০০,ওজন ৩০০ কেজি, দৈৰ্ঘ্য ১১ ফুট।কানাডাৰ ‘ফ্ৰেজাৰ’ নদীত এই বিশাল আকৃতিৰ ‘ষ্টাৰজিঅন’ মাছটো ধৰা পৰিছে।‘ষ্টাৰজিঅন’ মাছ দেখাত ডাইনোচৰৰ দৰেই।এই বিশাল প্ৰজাতিৰ মাছৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ব্যাপকভাৱে ভাইৰেল হৈ পৰিছে।
ব্ৰিটিছ কলম্বিয়াৰ য়েভছ বিছনে নামৰ এজন লোকে প্ৰথমে এই মাছটো দেখা পাইছিল। মাছটোৰ ওজন আছিল ২৫০ৰ পৰা ৩০০ কিলোগ্ৰামৰ ভিতৰত আনহাতে মাছটোৰ দৈৰ্ঘ্য দৈৰ্ঘ্য আছিল ১১ ফুট। জুৰাচিক যুগৰ এই মাছটোক ‘ডাইনোচৰ মাছ’ বুলি কোৱা হয়।
পত্নীয়ে নাৰান্ধিলে ‘মাটন’,স্বামীয়ে অভিযোগ দিবলৈ ফোন কৰিলে ১০০ নম্বৰত।
এটা আচৰিত ঘটনা।পত্নীয়ে ছাগলী মাংস ৰান্ধি নিদিয়া বাবে খঙ উঠে স্বামী।খঙত জ্বলি-পকী থকা স্বামী সুৰাৰ ৰাগীত মাতল হৈ পত্নীয়ে মাটন ৰান্ধি নিদিয়াৰ খঙত আৰক্ষীক অভিযোগ দিবলৈ বাৰে বাৰে ১০০ লৈ ফোন কৰিবলৈ ধৰে।তাৰপাছত গোটেই নিশা আৰক্ষীক হাৰাশাস্তি কৰে।এই ঘটনা সংঘটিত হৈছে হায়দৰাবাদত।হায়দৰাবাদত নবীন নামৰ যুৱকজনে পত্নীৰ বিৰুদ্ধে অভিযোগ দিবলৈ নিশা ছবাৰকৈ আৰক্ষীৰ নম্বৰ ‘১০০’ লৈ ফোন কৰে। আৰক্ষীয়ে প্ৰথমতে বুজায় দিয়ে যে এই অভিযোগ দাখিল কৰিব নোৱাৰি কিন্তু নবীনে নুবুজে।বাৰে বাৰে আৰক্ষীলৈ ফোন কৰি থকাত আৰক্ষীয়ে নবীনক বিচাৰি তেওঁৰ ঘৰত উপস্থিত হয়। নবীনক আটক কৰি থানালৈ নিয়ে আৰক্ষীয়ে।
অৱশ্যে আৰক্ষীয়ে নবীনক সতৰ্কবাণী দি এৰি দিয়ে।লগতে আৰক্ষীয়ে নবীনক ১০০ নম্বৰটো অপব্যৱহাৰ নকৰিবলৈ আহ্বান জনায়।
৪৫ মিনিটৰ সময়,সন্মুখত যাকে পালে তাকে ঘপিয়াই গ’ল,৩ গৰাকীৰ মৃত্যু!
এক লোমহৰ্ষক ঘটনা!এই ঘটনা সংঘটিত হৈছে।উত্তৰ প্ৰদেশৰ বুন্দলচহৰত। ৪৫ মিনিটৰ সময়ত আধা কিলোমিটাৰ বাটত এফালৰ পৰা যাকে পালে তাকে ঘপিয়াই গ’ল এইজন লোকে।হাতত চোকা অস্ত্ৰ লৈ এইদৰে সন্মুখত যাকে পাই তাকে ঘপিয়াই গ’ল বলবীৰ এই ব্যক্তিজনে।সোমবাৰ পুৱা বলবীৰে লোকে ৮ গৰাকী লোকক ঘপিয়াই।এই আঘাতট ইতিমধ্যে তিনিজনৰ মৃত্যু হৈছে।৫ জনক হাস্পতালত ভৰ্তি কৰাইছে।ব্যক্তি গৰাকীয়ে কিয় এনে কাণ্ড কৰিলে সেয়া কোনেও জানিব পৰা নাই।স্থানীয় লোকৰ ভাষ্য অনুসৰিকৰ্মসূত্ৰে বহিঃৰাজ্যত থাকে ব্যক্তি গৰাকী। হ’লীৰ বন্ধত ঘৰলৈ আহিছিল।স্বভাৱ-চৰিত্ৰ শান্ত লগতে মানসিক ভাৱেও সুস্থ আছিল।
তিনিটা সন্তানেৰে সৈতে সুখি পৰিয়াল আছিল বলবীৰ নামৰ লোকগৰাকী। কিন্তু কালি হঠাতে কি হৈ যায় কোনেও ধৰিব নোৱাৰে।বৰ্তমান আৰক্ষীয়ে আটক কৰিছে ব্যক্তি গৰাকীক।
তামুলপুৰত চোৰৰ তাণ্ডৱ,৭ লাখ টকা মূল্যৰ চুপাৰি নিলে চুৰে।
ৰাজ্যত চোৰ- ডকাইতৰ লগতে তীৰ জুৱাৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান অব্যাহত থকাৰ সময়তে তামুলপুৰৰ দ্বাৰকুছিত এক প্ৰকাৰ প্ৰত্যাহ্বান জনাই চোৰে চুৰি কৰি নিলে বস্তাই বস্তাই চুপাৰি।সোমবাৰে পুৱতি নিশা দ্বাৰকুছিত চোৰে লুটি নিলে প্ৰায় সাত লক্ষ টকাৰ চুপাৰি।জানিব পৰা মতে তামুলপুৰৰ দ্বাৰকুছি নিৱাসী মাইনুদ্দিন আলি, ৰিয়াজুল হক আৰু মকছেদ আলি নামৰ তিনিজন যুৱ ব্যৱসায়ীৰ ঘৰৰ দৰ্জা ভাঙি যোৱা নিশা চোৰে ১৫ কুইন্টল (২৯ বস্তা) চিকনি চুপাৰি চুৰি কৰি লৈ যায়।চুৰি চুপাৰি খিনিৰ মুল্য প্ৰায় ৭ লাখ টকা হব বুলি ভুক্তভোগীৰ পৰিয়ালে জানিবলৈ দিয়ে।

পৰিয়ালৰ লোকে এবিএমছুৰ সহযোগত গান্ধীবাৰী আৰক্ষী চকীত ইতিমধ্যে এখন এজাহাৰ দাখিল কৰে । ইপিনে সমগ্ৰ ঘটনাৰ তদন্ত কৰি চোৰক আটক কৰিবলৈ আৰক্ষীক দাবী জনাইছে এবিএমছুৱে।শেহতীয়া ভাৱে গান্ধী বাৰী আৰক্ষী চকীৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ চুৰিকাণ্ডৰ জোৰদাৰ তদন্ত আৰম্ভ কৰিছে।
ধিঙত নিশা ভয়ংকৰ অগ্নিকাণ্ড।
ধিঙত নিশা ভয়ংকৰ অগ্নিকাণ্ড।অগ্নিকাণ্ডৰ ফলত সাতখনকৈ দোকান সম্পূৰ্ণ ৰূপে জুইত ভষ্মীভূত হয়৷নিশা প্ৰায় বাৰ বজাত অগ্নিনিৰ্বাপক বাহিনীত খৱৰ দিয়াৰ লগে লগে তৎখানিক উপস্থিত হয় । ধিং অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ীয়ে জুই নিৰ্বাপন কৰিবলৈ সক্ষম নহল ।নিশা দুই বজালৈ সম্পূৰ্ণ ভাৱে ভস্মীভূত হয় সাতোখনকৈ দোকান।অগ্নি কাণ্ডৰ ফলত প্ৰায় বহু লক্ষাধিক টকাৰ ক্ষয়-ক্ষতি হয় । ৰাইজৰ মাজত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ।পূৰ্বেও বহুবাৰ দুৰ্বৃত্তই দোকান জলাই দিছিল ।
আজিলৈকে আৰক্ষী প্ৰশাসনে এজনো দুৰ্বৃত্তক ধৰিবলৈ সক্ষম নোহোৱাটোৱে ৰহস্যৰ আৱৰ্তত ।ধিঙৰ মাজ মজিয়াত দুৰ্বৃত্তই অগ্নি সংযোগ কৰাৰ সন্দেহ ব্যৱসায়ী সকলৰ ।
মৰিগাঁও জিলাৰ লাহৰীঘাটত মিঞা পৰিষদৰ পুত্তলিকা দাহ।
মৰিগাঁও জিলাৰ লাহৰীঘাটত সন্মুখত মিঞা পৰিষদৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ।যোৱা কালি এটা ১৪ বছৰীয়া কিশোৰে থানাৰ পৰা ১ পেকেট বিস্কুট চুৰি কৰাৰ বাবে আৰক্ষীয়ে লৰা জনক গুৰুলা গুৰুলিকৈ মাৰপিট কৰা হৈছিল। আৰু সেই মাৰপিটৰ ভিডিঅ ভাইৰেল হোৱাৰ হোৱাৰ পিছত সমগ্র অসমতে তোলপাৰ সৃষ্টি হয়। তাৰে লগত সংগতি ৰাখি আজি পুৱাৰে পৰা
নিলম্বন আৰক্ষী সহকাৰী উপ পৰিদৰ্শন উপেন চন্দ্ৰ বৰদলৈৰ গ্ৰেপ্তাৰ লগতে উক্ত বৰ্বৰ ঘটনাটোত সহযোগিতা আগবঢ়োৱাৰ কণিষ্ঠবল, জোৱানৰ বিৰুদ্ধে কঠোৰ শাস্তিৰ দাবীত লাহৰীঘাট থানাৰ মূল প্ৰৱেশ দ্বাৰত ৰাইজৰ প্ৰতিবাদ।











