Home Blog Page 255

Darrang News: মুছলিম ছাত্ৰ সন্থা, অসমৰ উদ্যোগত কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা ও সজাগতা সভা

Darrang News: মুছলিম ছাত্ৰ সন্থা, অসমৰ উদ্যোগত কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা ও সজাগতা সভা
Darrang News: মুছলিম ছাত্ৰ সন্থা, অসমৰ উদ্যোগত কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা ও সজাগতা সভা

দৰং জিলাৰ শিলবৰী ছিনিয়ৰ ছেকেণ্ডাৰীত(Darrang News)মুছলিম ছাত্ৰ সন্থা অসমৰ শিলবৰী আঞ্চলিক সমিতি আৰু শিলবৰী ছিনিয়ৰ ছেকেণ্ডাৰীৰ সহযোগত শিলবৰী ছিনিয়ৰ ছেকেণ্ডাৰীৰ প্ৰঙ্গনত দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় সম্বৰ্ধনা সভা। সভাত সভাপতিত্ব কৰে ২নং দৰং বাহাঝাৰ প্ৰাথমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক জীৱন চৰকাৰ। বিদ্যালয় খনৰ ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা দেশপ্ৰেমমূলক আৰম্ভণি গীতেৰে আৰম্ভ হয় দিনৰ কাৰ্যসূচী। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে শিলবৰী মুছলিম ছাত্ৰ সন্থাৰ আঞ্চলিক সমিতিৰ সভাপতি আকিব জামান ছিদ্দিকে। সভাত উপস্থিত থকা সকলোকে এখনি ফুলাম গামোচা আৰু ফুলৰ থোপাৰে চিনাকি কৰাই দিয়ে মহিবুল ইছলামে।

আৰম্ভ হয় মুকলি সভা প্ৰদান কৰে মূল্যবান ভাষন।ভাষন প্ৰসঙ্গত সকলোৱে শিক্ষাৰ গুৰুত্ব, বৰ্তমান সমাজত শিক্ষাৰ গুৰুত্ব কি? আৰু শিলবৰী ছিনিয়ৰ ছেকেণ্ডাৰীৰ শিক্ষা ব্যৱস্থা অধ্যক্ষকে ধৰি শিক্ষক শিক্ষয়িত্ৰী সকলৰ ত্যাগ আৰু কষ্টৰ ফল আজিৰ ফলাফল। বহু বছৰ ধৰি ভেঞ্চাৰ কলা শাখাত পাঠ দান দিয়া শিলবৰী ছিনিয়ৰ ছেকেণ্ডাৰীৰ খনৰ প্ৰশংসাত পঞ্চমুখ হয় সভাত উপস্থিত থকা সকলো গৰাকী মান্য গন্য ব্যক্তিয়ে। অৱশেষত বিগত বৰ্ষত হাই স্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুক্ষাতিৰে উৰ্ত্তীণ হৈ সুনাম কঢ়িয়াই অনা ছাত্ৰ-ছাত্ৰী এখনি ফুলাম গামোচা আৰু জাপিৰে সম্বৰ্ধনা জনায়। এই গুৰুত্বপূৰ্ণ সভাখনত উপস্থিত থাকে শিলবৰী ছিনিয়ৰ ছেকেণ্ডাৰীৰ অধ্যক্ষ জাকিৰ হুছেইন,৩ নং কছাৰী ভেটিটুপ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক সূৰুয আলী,মুছলিম ছাত্ৰ সন্থা অসমৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি আশ্বিক ৰাব্বানী, কাৰ্যকৰী সভাপতি আবুল বাদশা, সাধাৰণ সম্পাদক (প্ৰশাসনিক)ৰফিকুল ইছলাম, সাধাৰণ সম্পাদক জহিৰুল খলিফা,দৰং জিলাৰ প্ৰাক্তন সভাপতি মহিবুল ইছলাম,প্ৰচাৰ সম্পাদক ৰাব্বল ইছলাম। শিলবৰী আঞ্চলিক সমিতিৰ আকতাৰ হুছেইন,আনাৰুল হক,ওবাইদুৰ ৰহমান, আনাৰুল ইছলাম,শুকুৰ আলী, আবুল হুছেইন, নিউজনাৱৰ সাংবাদিক ফাৰুক মণ্ডল,ভয়চ অফ দৰঙৰ সাংবাদিক আনোৱাৰ হুছেইন,ছেডো নিউজ ছেভেনৰ সাংবাদিক স্বপন দাস আদি কৰি বিভিন্ন জিলাৰ মুছলিম ছাত্ৰ সন্থাৰ কাৰ্যকৰ্তা, স্থানীয় অধিবক্তা জহিৰুল ইছলাম, বৃহত্তৰ শিলবৰী অঞ্চলৰ প্ৰায় দুই শতাধিক কৃতী ছাত্ৰ-ছাত্ৰী বিশিষ্ট মান্য গন্য ব্যক্তি।

Lightning: প্ৰকৃতিৰ কালৰূপ! বজ্ৰ পৰি ১৪ জনৰ মৃত্যু, ৬ জনৰ অৱস্থা সংকটজনক

Lightning: প্ৰকৃতিৰ কালৰূপ! বজ্ৰ পৰি ১৪ জনৰ মৃত্যু, ৬ জনৰ অৱস্থা সংকটজনক
Lightning: প্ৰকৃতিৰ কালৰূপ! বজ্ৰ পৰি ১৪ জনৰ মৃত্যু, ৬ জনৰ অৱস্থা সংকটজনক

বজ্ৰপাতৰ ফলত ১৪ জন লোকৰ মৃত্যু, ৬ জনৰ অৱস্থা সংকটজনক।(Lightning)আহতসকল সংকটজনক অৱস্থাত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। নিহত দুজন হৈছে বুদ্ৰী মাডিংগা (৬০), কাছা মাডিংগা (১৬) আৰু অম্বিকা কাশী (৩৫)। বুদ্ৰীৰ স্বামী হিংগু মাডিংগা আৰু আন পাঁচজনক সংকটজনক অৱস্থাত লখিমপুৰৰ কমিউনিটি হেল্থ চেণ্টাৰত ভৰ্তি কৰোৱা হয়।

তথ্য অনুসৰি শুকুৰবাৰে সন্ধিয়া কল বৈশাখীৰ ফলত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত ওড়িশাৰ কোৰাপুট জিলাৰ লক্ষ্মীপুৰ ব্লকৰ অন্তৰ্গত ওদিয়াপেঠ গ্ৰাম পঞ্চায়তৰ পাৰ্টিগুডা গাঁৱত বজ্ৰপাত পৰে। আকাশখন বিজুলীৰ বজ্ৰপাতত অনুৰণন ঘটিল। ইফালে পথাৰত কাম কৰা লোকসকলে ওচৰৰ জুপুৰিত আশ্ৰয় লৈছিল, হঠাতে জুপুৰিটোত বজ্ৰপাত পৰিল।(Odisha)

এই বজ্ৰপাতে বহু লোকক মৃত্যু মুখলৈ থেলি দিলে। ইয়াৰ পিছত আহতসকলক ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। য’ত ছজন লোকৰ অৱস্থা সংকটজনক বুলি কোৱা হৈছে।

Amingaon Stadium: ২০,০০০ আসনবিশিষ্ট আমিনগাঁৱৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়াম মুকলি হ’ব ২০২৬ত

Amingaon Stadium: ২০,০০০ আসনবিশিষ্ট আমিনগাঁৱৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়াম মুকলি হ’ব ২০২৬ত
Amingaon Stadium: ২০,০০০ আসনবিশিষ্ট আমিনগাঁৱৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়াম মুকলি হ’ব ২০২৬ত

২০,০০০ আসনবিশিষ্ট আমিনগাঁৱৰ(Amingaon Stadium)আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়াম মুকলি হ’ব ২০২৬ত। আজি আমিনগাঁৱৰ নিৰ্মীয়মান ষ্টেডিয়াম পৰিদৰ্শন কৰি মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। আমিনগাঁৱৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত টেষ্ট, ODI, T-20 আটাইকেইটা ফৰ্মেটত খেল অনুষ্ঠিত কৰাৰ পৰিকল্পনা।(Himanta Biswa Sarma)

ক্ৰীড়াৰ আন্তঃগাঁথনি শক্তিশালীকৰণ, আধুনিক প্ৰশিক্ষণ ব্যৱস্থাৰে খেলুৱৈসকলক আগুৱাই নিবলৈ অসম চৰকাৰে নিৰন্তৰ প্ৰচেষ্টা আগবঢ়াই আহিছে৷ সুপ্ত ক্ৰীড়া প্ৰতিভাসমূহৰ বিকাশ কৰাৰ প্ৰয়াসৰ অংশ হিচাপে আমিনগাঁৱত নিৰ্মাণ হৈ থকা ক্ৰিকেট ষ্টেডিয়ামখনত ২০ হাজাৰ লোকে একেলগে উপভোগ কৰিব পাৰিব খেল।

আজিৰ পৰিদৰ্শনকালত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিৰ্ধাৰিত সময়ৰ ভিতৰত ষ্টেডিয়ামখনৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ কৰিবলৈ সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশনা দিয়ে৷

তদুপৰি মুখ্যমন্ত্ৰীগৰাকীয়ে আমিনগাঁৱত নিৰ্মাণ অৱস্থাত থকা চুইমিং পুলৰ চলিত কাৰ্যৰ বুজ লয় আৰু বেডমিণ্টন ষ্টেডিয়াম ‘নেশ্যনেল চেণ্টাৰ অৱ এক্সিলেন্স’ আমিনগাঁও, গুৱাহাটীত এখন্তেক ৰৈ প্ৰশিক্ষণৰত আৱাসিক খেলুৱৈসকলৰ অনুশীলন খেলো উপভোগ কৰে।

আনহাতে শ্বিলঙৰ দৰে আমিনগাঁৱৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামটো অনুষ্ঠিত হ’ব LIVE MUSICAL CONCERT। এই কথা ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা

Israel attack Gaza: গাজাত পুনৰ ইজৰাইলৰ ভয়ংকৰ আক্ৰমণ, নিহত ১০০ জন

Israel attack Gaza: গাজাত পুনৰ ইজৰাইলৰ ভয়ংকৰ আক্ৰমণ, নিহত ১০০ জন
Israel attack Gaza: গাজাত পুনৰ ইজৰাইলৰ ভয়ংকৰ আক্ৰমণ, নিহত ১০০ জন

উত্তৰ গাজাত পুনৰ ইজৰাইলৰ ভয়ংকৰ আক্ৰমণ। এই আক্ৰমণত কমেও ১০০জন লোকৰ মৃত্যু।(Israel attack Gaza)

শুকুৰবাৰে উত্তৰ গাজাত ইজৰাইলৰ বৃহৎ পৰিসৰৰ স্থল, আকাশ আৰু সাগৰীয় আক্ৰমণত শিশুকে ধৰি প্ৰায় ১০০ জন লোক নিহত হোৱা বুলি হামাছৰ দ্বাৰা পৰিচালিত নাগৰিক প্ৰতিৰক্ষা আৰু বাসিন্দাসকলে প্ৰকাশ কৰিছে।

অসামৰিক প্ৰতিৰক্ষা বিভাগে জনোৱা মতে, নিশাটোৰ ভিতৰতে সাধাৰণ নাগৰিকক ৰখা কমেও ৯টা ঘৰ আৰু তম্বুত বোমা বিস্ফোৰণ আৰু আৱদ্ধ হৈ থকা লোকৰ পৰা বহু ফোন আহিছে।

ইজৰাইলৰ সেনাই উত্তৰ গাজাত “সন্ত্ৰাসবাদী আন্তঃগাঁথনিৰ স্থান বিচাৰি উলিওৱা আৰু ভাঙি পেলোৱাৰ বাবে কাম কৰি আছে” বুলি কয় আৰু বিগত দিনটোত কেইবাজনো সন্ত্ৰাসবাদীক নিৰ্মূল কৰিছে।

মাৰ্চ মাহত ইজৰাইলে পুনৰ আক্ৰমণ আৰম্ভ কৰাৰ পিছত উত্তৰ গাজাত এইটোৱেই হৈছে ডাঙৰ স্থল আক্ৰমণ।

শুকুৰবাৰে পুৱা ইজৰাইলৰ বিমানে উত্তৰ গাজাৰ কেইবাটাও অঞ্চলত প্ৰচাৰ পত্ৰিকা নিক্ষেপ কৰি বাসিন্দাসকলক সেই অঞ্চলসমূহ তৎকালীনভাৱে খালী কৰিবলৈ আহ্বান জনাইছিল।

খালী কৰাৰ নিৰ্দেশে যুদ্ধ আৰম্ভ হোৱাৰ পিছৰে পৰা একাধিকবাৰ স্থানচ্যুত হোৱা পৰিয়ালসমূহৰ মাজত আতংকৰ সৃষ্টি কৰিছিল।

Rohit Sharma: ৰোহিতৰ নামেৰে নামাকৰণ কৰা হ’ল মুম্বাইৰ ৱাংখেড়ে ষ্টেণ্ড

Rohit Sharma: ৰোহিতৰ নামেৰে নামাকৰণ কৰা মুম্বাইৰ ৱাংখেড়ে ষ্টেণ্ড
Rohit Sharma: ৰোহিতৰ নামেৰে নামাকৰণ কৰা মুম্বাইৰ ৱাংখেড়ে ষ্টেণ্ড

অৱশেষত উন্মোচন হ’ল ‘ৰোহিত শৰ্মা ষ্টেণ্ড’। ইমান দিনে মুম্বাইৰ ৱাংখেড়ে (Rohit Sharma)ষ্টেডিয়ামত দিভেচা পেভিলিয়ন লেভেল ৩ নামেৰে জনাজাত স্থানটো শুকুৰবাৰৰ পৰা নতুন নামেৰে পৰিচিত হয়। ৰোহিতৰ পিতৃ-মাতৃয়ে ষ্টেণ্ডটো উদ্বোধন কৰে।উদ্বোধনী অনুষ্ঠানৰ লগে লগে তেওঁৰ টেষ্ট কেৰিয়াৰো একত্ৰিত হয়।

ৰোহিতে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নাবিছৰ সৈতে ষ্টেণ্ডটো উদ্বোধন কৰাৰ কথা আছিল। অৱশ্যে তেওঁ পিতৃ গুৰুনাথ আৰু মাতৃ পূৰ্ণিমাক আগুৱাই লৈ গৈছিল। ফাড়নাবিছৰ সৈতে ষ্টেণ্ডটো উদ্বোধন কৰে। ৰোহিতৰ উপৰি তেওঁৰ পত্নী ঋতিকা আৰু মহাৰাষ্ট্ৰ চৰকাৰৰ মন্ত্ৰীসকল মঞ্চত উপস্থিত আছিল।

ৰোহিতৰ ষ্টেণ্ডত দুখন ডাঙৰ ডাঙৰ পোষ্টাৰ আছিল। দুয়োখনতে টেষ্টৰ জাৰ্চি পিন্ধা ছবি আছিল। শেহতীয়াকৈ টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছে ৰোহিতে।

ষ্টেণ্ড উদ্বোধন কৰাৰ পাছত ৰোহিতে কয়, “আজি যি হৈ আছে, মই কেতিয়াও সপোনতো ভবা নাছিলো। সৰুতে মই আগতে মুম্বাইৰ হৈ ভাৰতৰ হৈ খেলাৰ সপোন দেখিছিলো। এইবোৰ কথা কোনেও আগতীয়াকৈ নাভাবে। আন ক্ৰীড়াবিদৰ দৰে মোৰ লক্ষ্য সদায় দেশৰ বাবে মোৰ সৰ্বোত্তমখিনি দিয়া। দেশৰ সেৱা কৰা। সেই কাম কৰি আপুনি জীৱনত বহুখিনি অৰ্জন কৰে। আপুনি বহু মাইলৰ খুঁটি সৃষ্টি কৰে। কিন্তু এই ধৰণৰ সন্মান (ষ্টেণ্ড)) আনে এটা বেলেগ অনুভৱ।”

ৰোহিতৰ মতে, “ভাৰত এই খেলপথাৰত যিকোনো দলৰ বিৰুদ্ধে খেলিব পাৰে। মোৰ পিতৃ, মা, ভাইটি, পত্নীৰ সন্মুখত এই সন্মান লাভ কৰি বৰ ভাল লাগে। মোৰ বাবে ত্যাগ কৰা সকলোৰে প্ৰতি মই কৃতজ্ঞ। সমগ্ৰ মুম্বাই ইণ্ডিয়ানছৰ দলটো ইয়াত আছে। তেওঁলোকে মোৰ ভাষণ শেষ হোৱালৈ অপেক্ষা কৰি আছে আৰু তেওঁলোকে অনুশীলন আৰম্ভ কৰিব পাৰিব।”

Neeraj Chopra: Golden Boy নীৰজ চোপ্ৰাই পুনৰ ৰচিলে ইতিহাস।

Neeraj Chopra: Golden Boy নীৰজ চোপ্ৰাই পুনৰ ৰচিলে ইতিহাস।
Neeraj Chopra: Golden Boy নীৰজ চোপ্ৰাই পুনৰ ৰচিলে ইতিহাস।

অলিম্পিক পদক বিজয়ী নীৰজ চোপ্ৰাই পুনৰ ৰচিলে ইতিহাস।(Neeraj Chopra)

জেভলিন থ্ৰ’ত অভিলেখ গঢ়ি ৯০ মিটাৰ স্পৰ্শ নীৰজৰ।

শুকুৰবাৰে ৯০.২৩ মিটাৰ দলিয়াই অভিলেখ ডোহা ডায়মণ্ড লীগ ২০২৫ত।

অৱশ্যে দ্বিতীয় স্থান লাভ কৰে নীৰজে।

নীৰজ চোপ্ৰাৰ প্ৰশংসাত পঞ্চমূখ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।

সামাজিক মাধ্যমত প্রধানমন্ত্রী মোদীয়ে নীৰজ চোপ্ৰাক কৰিলে প্রশংসা।

শনিবাৰে নীৰজক প্ৰশংসা কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে তেওঁৰ সফলতাৰ কৃতিত্ব তেওঁৰ অদম্য নিষ্ঠা, অনুশাসন আৰু আৱেগৰ ফল।

IPL 2025: আজিৰে পৰা পুনৰ আৰম্ভ হ’ব IPL…

IPL 2025: আজিৰে পৰা পুনৰ আৰম্ভ হ'ব IPL...
IPL 2025: আজিৰে পৰা পুনৰ আৰম্ভ হ'ব IPL...

আজিৰে পৰা পুনৰ আৰম্ভ হ’ব IPLৰ খেলসমূহ।(IPL 2025)

খেল বাতিলৰ ৮ দিন পিছত চেন্নাইত মুখামুখি হ’ব- RCB Vs KKR।

সন্ধিয়া ৭.৩০ বজাৰ পৰা অনুষ্ঠিত হ’ব মেচখন।

ভাৰত-পাকিস্তানৰ সংঘাতৰ বাবে স্থগিত হৈছিল IPLৰ মেচসমূহ।

Shani Dev: শনি দেৱক তেল আগবঢ়াই থাকোঁতে এই ভুল নকৰিব, পৰিণাম ভুগিব !

Shani Dev: শনি দেৱক তেল আগবঢ়াই থাকোঁতে এই ভুল নকৰিব, পৰিণাম ভুগিব !
Shani Dev: শনি দেৱক তেল আগবঢ়াই থাকোঁতে এই ভুল নকৰিব, পৰিণাম ভুগিব !

শনি দোষৰ পৰা সকাহ পাবলৈ শনি জয়ন্তীৰ দিনটো অতি বিশেষ। এই দিনটোত যদি আপুনি শনিক তেল আগবঢ়ায়, তেন্তে কিছুমান কথা মনত ৰাখিব, নহ’লে বহু বিপদ আপোনাৰ পিছে পিছে আহিব।(Shani Dev)

জেঠ মাহৰ অমাৱস্যাৰ দিনা শনি জয়ন্তী পালন কৰা হয়। এইবাৰ শনি জয়ন্তী ২৭ মে’ অৰ্থাৎ মঙলবাৰে। শনিৰ অশুভ প্ৰভাৱৰ পৰা মুক্তি পাবলৈ শনি জয়ন্তীৰ দিনটো এটা গুৰুত্বপূৰ্ণ দিন। শনি জয়ন্তীৰ দিনা এনে ব্যৱস্থা গ্ৰহণ কৰিব পাৰি যিয়ে শনিৰ বিপদৰ পৰা সকাহ দিব। কিন্তু এই সময়ছোৱাত কিছুমান গুৰুত্বপূৰ্ণ কথা মনত ৰখাটো জৰুৰী।

২৬ মে’ৰ পুৱা ১০:৫৪ বজাৰ পৰা আৰম্ভ হ’ব আৰু পিছদিনা অৰ্থাৎ ২৭ মে’ৰ পুৱা ৮:৩৪ বজাত শেষ হ’ব। শনি জয়ন্তীৰ প্ৰতিকাৰ আৰু গুৰুত্বপূৰ্ণ নিয়ম জানি লওক-

শনি গ্ৰহৰ প্ৰতিকাৰ-

শনি সদেসতী আৰু ধৈয়া বা শনি দোষৰ বিপদৰ পৰা সকাহ পাবলৈ শনি জয়ন্তীৰ দিনা ব্যৱস্থা গ্ৰহণ কৰক। অন্যথা শনিয়ে আৰ্থিক, মানসিক আৰু শাৰীৰিক অসুবিধাৰ সৃষ্টি কৰে।

  • শনিদেৱক তেল আগবঢ়োৱাটো শনিৰ বিপদৰ পৰা সকাহ পোৱাৰ অন্যতম সহজ প্ৰতিকাৰ হিচাপে বিবেচিত হৈছে। শনি জয়ন্তীৰ দিনা শনিৰ বাবে এই প্ৰতিকাৰ কৰি থাকোঁতে মনত ৰাখিব যে শনি দেৱৰ ভৰিৰ শেষ আঙুলিতহে সৰিয়হৰ তেল আগবঢ়াব লাগে। শণিৰ সমগ্ৰ মূৰ্তিত কেতিয়াও তেল ঢালিব নালাগে।
  • যদি আপুনি শনিৰ মূৰ্তিলৈ গৈ আছে বা পূজা কৰি আছে, তেন্তে মনত ৰাখিব যে কেতিয়াও শনিদেৱৰ মূৰ্তিৰ সন্মুখত পোনে পোনে থিয় নহব আৰু শনি দেৱৰ চকুলৈ নাচাব।

মাক, পত্নী, ভনীয়েক বা আন কোনো নাৰীক অপমান কৰা সকলক শনিয়ে কেতিয়াও ক্ষমা নকৰে। এনে লোকে যি ব্যৱস্থা গ্ৰহণ নকৰক কিয় শনি গ্ৰহৰ দ্বাৰা সৃষ্টি হোৱা বিপদৰ পৰা সকাহ নাপায়। সেয়েহে নাৰীক অপমান নকৰিব।

ভাৰতৰ ব্ৰহ্মছ মিছাইলৰ আক্ৰমণত আমি হেৰুৱালোঁ এখন এডব্লিএচিএছ বিমান! ‘অপাৰেচন সিন্দুৰ’ত লোকচানৰ কথা স্বীকাৰ কৰিলে পাক এয়াৰ মাৰ্শ্বালে । operation sindoor

ভাৰতৰ ব্ৰহ্মছ মিছাইলৰ আক্ৰমণত আমি হেৰুৱালোঁ এখন এডব্লিএচিএছ বিমান! ‘অপাৰেচন সিন্দুৰ’ত লোকচানৰ কথা স্বীকাৰ কৰিলে পাক এয়াৰ মাৰ্শ্বালে । operation sindoor
ভাৰতৰ ব্ৰহ্মছ মিছাইলৰ আক্ৰমণত আমি হেৰুৱালোঁ এখন এডব্লিএচিএছ বিমান! ‘অপাৰেচন সিন্দুৰ’ত লোকচানৰ কথা স্বীকাৰ কৰিলে পাক এয়াৰ মাৰ্শ্বালে । operation sindoor

১৬ মে’২০২৫ঃ operation sindoor । ‘অপাৰেচন সিন্দুৰ’ আৰম্ভ হোৱাৰ পূৰ্বে পাকিস্তান বায়ুসেনাৰ হাতত আছিল অত্যাধুনিক ৰাডাৰেৰে সজ্জিত ছুইডেনত নিৰ্মিত ৯খন ‘এছএব ২০০০ এইআৰআই’ এৱাকছ বিমান।

এয়া হৈছে ‘এয়াৰবৰ্ণ ৱাৰ্নিং এণ্ড কণ্ট্ৰল চিষ্টেম’ (AWACS)। আচলতে ই শত্ৰুক নিৰীক্ষণ কৰিবলৈ অত্যাধুনিক ৰাডাৰেৰে সজ্জিত গোপন বিমান। ভাৰতীয় সেনাৰ ‘অপাৰেচন সিন্দুৰ’ আৰু তাৰ পিছৰ সংঘাতত কমেও এখন পাকিস্তানী বায়ুসেনাৰ বিমান ক্ষতিগ্ৰস্ত হৈছে। পাকিস্তান বায়ুসেনাৰ অৱসৰপ্ৰাপ্ত এয়াৰ মাৰ্শ্বাল মাছুদ আখতাৰে এতিয়া এই কথা স্বীকাৰ কৰিছে।

পাকিস্তানী সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত আখতাৰে কয় যে, “দীৰ্ঘ দূৰত্বৰ ৰাডাৰ চোৱাচিতা কৰা আৰু আকাশমাগ নিয়ন্ত্ৰণ কৰা এৱাকছ বিমানখন ইছলামবাদৰ ভোলাৰী বিমানঘাটিত আছিল।” ভাৰতীয় ক্ষেপণাস্ত্ৰ আক্ৰমণত ধ্বংস হৈ পৰে।” ৯ মে’ৰ গভীৰ নিশা ভাৰতৰ ‘পাৰফেক্ট মিছাইল আক্ৰমণ’ৰ ফলত এই ক্ষতি হোৱা বুলি কয় এজন অৱসৰপ্ৰাপ্ত পাকিস্তানী এয়াৰ মাৰ্শ্বালে।

চলিত সপ্তাহৰ আৰম্ভণিতে ৱাশ্বিংটন পোষ্ট আৰু নিউয়ৰ্ক টাইমছকে ধৰি আমেৰিকাৰ কেইবাটাও সংবাদ মাধ্যমে ভাৰতীয় ক্ষেপণাস্ত্ৰ আক্ৰমণত পাকিস্তান বায়ুসেনাৰ যথেষ্ট লোকচান হোৱা বুলি দাবী কৰিছিল। অৱশ্যে পাকিস্তান সেনাৰ আন্তঃসেৱা জনসম্পৰ্কৰ সঞ্চালক প্ৰধান লেফটেনেণ্ট জেনেৰেল আহমেদ শ্বৰীফ চৌধৰীয়ে ভাৰতীয় আক্ৰমণত পাকিস্তানী সামৰিক আৰু অসামৰিক লোকৰ প্ৰাণ হেৰুৱাৰ কথা নিশ্চিত কৰে যদিও প্ৰতিৰক্ষা আন্তঃগাঁথনি বা সঁজুলিৰ ক্ষতি হোৱাৰ কথা স্বীকাৰ কৰা নাছিল।

এই প্ৰসংগত শুকুৰবাৰে আখতাৰে দিয়া মন্তব্য এনেধৰণৰ , “তেওঁলোকে (ভাৰতীয় বাহিনীয়ে) একেৰাহে চাৰিটা ব্ৰাহ্মছ ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰিছিল।” ‘গ্ৰাউণ্ড টু গ্ৰাউণ্ড’ সংস্কৰণ, নে ‘স্কাই টু গ্ৰাউণ্ড’ থ্ৰ’ৱেবল। পাকিস্তানী পাইলটসকলে দ্ৰুতগতিত নিজৰ বিমানখন সুৰক্ষিত কৰিবলৈ চেষ্টা কৰিছিল। কিন্তু দুৰ্ভাগ্যজনকভাৱে ভোলাৰী এয়াৰ বেছৰ হেংগাৰত ক্ষেপণাস্ত্ৰই খুন্দা মাৰে। তাত আমাৰ এটা AWACS আছিল। ইয়াৰ যথেষ্ট ক্ষতি হৈছে।” তাৎপৰ্যপূৰ্ণভাৱে ভাৰতীয় সেনাই এতিয়াও কোৱা নাই যে ভাৰতীয় বায়ুসেনাই ‘অপাৰেচন সিন্দুৰ’ৰ সময়ত আৰু তাৰ পিছৰ সংঘাতৰ সময়ত ব্ৰহ্মছ মিছাইল ব্যৱহাৰ কৰিছিল নে নাই।

কাকতলীয়াকৈ ক’বলৈ গ’লে ‘অপাৰেচন সিন্দূৰ’ আৰম্ভ হোৱাৰ আগতে পাকিস্তান বায়ুসেনাৰ হাতত ছুইডেনত নিৰ্মিত ৯ খন ‘ছাব ২০০০ এইআৰআই’ এৱাক আছিল। তেওঁলোকে ছুইডেনৰ পৰা মুঠ ১০খন ‘ছাব ২০০০ এইআৰআই’ ক্ৰয় কৰিছিল। কিন্তু ২০১২ চনত পাকিস্তানী পঞ্জাৱৰ মিনহাছ বিমান ঘাটিত তেহৰিক-ই-তালিবান (টিটিপি) বিদ্ৰোহীৰ আক্ৰমণৰ পিছত চাৰিটা এৱাকছৰ ভিতৰত তিনিটা ক্ষতিগ্ৰস্ত হয়, ইয়াৰে এটা সম্পূৰ্ণ অক্ষম হৈ পৰে। আখতাৰে আন এখন বিমান ধ্বংস কৰা বুলি স্বীকাৰ কৰে।

প্ৰসংগক্ৰমে ইছলামবাদে ২০০৬ চনত ছুইডেনৰ সৈতে চুক্তিবদ্ধ হৈ ৪৫০ কিলোমিটাৰ দূৰত্বৰ পৰা শত্ৰুক ধৰা পেলাব পৰা ‘ছাব ২০০০ এইআৰআই’ ক্ৰয় কৰিছিল। সেই সময়ত সামৰিক শাসক পাৰভেজ মুশ্বাৰফ ক্ষমতাত আছিল।

মহানগৰীত নিভাজ খাদ্য যোগান ধৰা খাটি খোৱা ক্ষুদ্ৰ বেপাৰী অঞ্জু ৰংপিৰ মৃত্যু – দোষ কাৰ । Guwahati

মহানগৰীত নিভাজ খাদ্য যোগান ধৰা খাটি খোৱা ক্ষুদ্ৰ বেপাৰী অঞ্জু ৰংপিৰ মৃত্যু - দোষ কাৰ । Guwahati
মহানগৰীত নিভাজ খাদ্য যোগান ধৰা খাটি খোৱা ক্ষুদ্ৰ বেপাৰী অঞ্জু ৰংপিৰ মৃত্যু - দোষ কাৰ । Guwahati


Guwahati । সপ্তাহৰ প্ৰতি দেও আৰু বৃহস্পতি বাৰে বহা বজাৰ খনলৈ সেইদিনাও আহিছিল বকো, বাক্সা, নলবাৰী, হাজো, শিঙিমাৰি, সোণাপুৰৰ আন মহিলা শাক পাচলি বেপাৰী সকলৰ মাজৰে ক্ষেত্ৰীৰ বৰবিটলিৰ অঞ্জু ৰংপি নামৰ ৫০ বছৰীয়া সেই মহিলাগৰাকী। আন দিনাৰ দৰে সেইদিনাও আহিছিল মহানগৰবাসীক থলুৱা শাক পাচলি আৰু বতৰৰ ফল মূল যোগান ধৰি দুই এপইছা উপাৰ্জনেৰে ঘৰখন চলাই যোৱাৰ লগতে ঘৰখনৰ দুই এটা কামত সহায় কৰাৰ লগতে পৰিয়ালৰ বাকী থকা সদস্য আৰু ইষ্ট কুতুমৰ মৰমৰ আবোৰত দিন বোৰ পাৰ কৰাৰ বাবে। কিন্তু সেইদিনা বজাৰলৈ বিক্ৰী কৰিবৰ বাবে অনা সামগ্ৰী সমূহ কিছু বিক্ৰী কৰাৰ পাছত বাকী থকা সামগ্ৰী সমূহ বিক্ৰী নকৰাকৈয়ে কেৱল ঘৰলৈ ঘূৰি যোৱাই নহয়, এই ধৰাৰ পৰাই কোনোদিনে ঘূৰি নহা বাটেৰে বাট বুলিব লাগিছিল। সেইদিনা নিয়তিয়ে মহিলাগৰাকীক আন দিনাৰ পৰিবৰ্তে বেলেগ ভাবে গ্ৰহণ কৰিছিল পুনৰ এনেদৰে নিজৰ লগতে আনৰ বাবে এনেদৰে সাপ্তাহিক বজাৰলৈ আহি হাঁহি মুখে মহানগৰীক সকলৰ সৈতে কথা পাতিব পৰাকৈ। আচৰ্যজনক ভাবে আজি তিনিবছৰৰ পূৰ্বে স্বামীহাৰা হোৱা এই মহিলাগৰাকীয়ে যোৱা বছৰ পুত্ৰ সন্তান এটাকো হেৰুৱাইছিল। তথাপি দিনবোৰ পাৰ কৰিছিল এইদৰেই।

মহানগৰীৰ বজাৰ সমূহলৈ সামগ্ৰী বোজাই আনি এই সামগ্ৰী সমূহ বিক্ৰী কৰাৰ লগতে হাঁহি মাতি নিজৰ দুখবোৰ পাহৰিবলৈ চেষ্টা কৰিছিল। কিন্তু নিয়তিয়ে নামানিলে। হঠাৎ এটা প্ৰচণ্ড শব্দৰে কাষতে বহি থকা দেৱালখন নিজৰ গাৰ ওপৰত বাগৰি পৰাত খন্তেকতে প্ৰাণ হেৰুৱাব লগীয়া হয় এই ক্ষুদ্ৰ বেপাৰী মহিলাগৰাকীয়ে। বেলতলাৰ বাহিৰেও সপ্তাহটোৰ আন দিনকেইটাত তেওঁলোক সাতগাঁও, পাঞ্জাবাৰী, সোণাপুৰ আদিত বহা সাপ্তাহিক বজাৰলৈ গাঁৱলীয়া বিভিন্ন শাক পাচলি লৈ আহে। অৱশ্যে কেৱল এই অঞ্জুয়েই একমাত্ৰ জনজাতীয় মহিলা নহয়, যি এনেদৰে মহানগৰীৰ সাপ্তাহিক বজাৰ সমূহলৈ শাক পাচলি বা বতৰৰ ফলমূল লৈ মহানগৰ বাসীৰ গাঁৱলীয়া থলুৱা সামগ্ৰীৰ প্ৰয়োজনীয়তা বা আকৰ্ষণ বঢ়াই। এওঁলোকৰ বাবেই মহানগৰবাসীয়ে গৌৰবৰে গাঁৱত থকা আন লোক সকলক ফিতাহি মাৰি কয় যে – “ আজিকালি গাঁৱতে নাপায়, অথচ মহানগৰীৰ বজাৰত খুটুৰা, মানিমুনি, ভেদাইলতা, ঢেঁকীয়া, থেকেৰা পোৱা যায় ।“ বজাৰৰ দিনাটোৰ আগদিনা এই মহিলা সকলেই অথবা মহিলা সকলৰ ঘৰৰ আন সদস্য সকলে গাঁৱৰ বিভিন্ন স্থানৰ পৰা থলুৱা অথচ নিভাজ সামগ্ৰী সমূহ বজাৰলৈ নিবৰ বাবে সংগ্ৰহ কৰি থয় আৰু পুৱতি নিশা ঠিক দুই – তিনি বজাতেই ভেন বা সৰু গাৰীৰে মহানগৰীৰ বজাৰলৈ এই সামগ্ৰী সমূহ বিক্ৰীৰ বাবে লৈ আহে। সেইদিনা অঞ্জুৰ লগতে ক্ষেত্ৰীৰ আন বহু কেইগৰাকী মহিলা বেলতলা বজাৰলৈ আহিছিল আৰু পৃথকে পৃথকে বজাৰত বহিছিল যদিও মৃত্যুৰ কাৰণ হৈ পৰিছিল এই মহিলাগৰাকী। সৌভাগ্যক্ৰমে বজাৰৰ সামগ্ৰী সমূহ কিছু পৰ এনেদৰেই ৰাখি কেইবাগৰাকী মহিলাই ওচৰৰ হোটেলত দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিবলৈ যোৱাৰ বাবে দৈব ক্ৰমে মৃত্যুৰ কোলাত পৰাৰ পৰা ৰক্ষা পৰে। সেয়েহে হয়তু কোৱা হয় –“ ৰাখে হৰি মাৰে কোনে, মাৰে হৰি ৰাখে কোনে।“ তথাপি ইয়াৰ মাজতে আঘাত প্ৰাপ্ত হৈ বৰ্তমান জি এম চি চিকিতসালয়ত মৃত্যুৰ সৈতে যুঁজি আছে বাক্সাৰ মুক্তাৰ দেউৰী ( ৬০), লাইফিনা বৰো আৰু সোণাপুৰ কুমাৰকোচিৰ ভোগিলা ৰাজবংশী। দুৰ্ঘটনাটোৰ পিছদিনা আজিও সেই স্থানতে পৰি আছে সেই মহিলাসকলে বজাৰলৈ অনা আদা, নহৰু, কলদিল, পছলা, ভাতকেৰেলা, তিতা কেৰেলা আদি দ্ৰৱ্য সমূহ। লগতে ভাঙি পৰা বিম, খুটা, ৰড বিহীন কেৱল বল্ডাৰ গাঁথনিৰ ওপৰত থকা কনক্ৰটৰ শ্লেৱ খনৰ ওপৰত ১০ ইঞ্চি বহলকৈ গঠা বাগৰি পৰা দেৱালখন। হয়তু ইয়াৰ ওপৰত হব চৰকাৰী পক্ষৰ সম্পৰীক্ষা। দোষবোৰ ইজনে সিজনলৈ ঠেলি বিষয়টো ৰাজনীতিলৈ পৰ্য্যবেক্ষিত হব। আৰু ইয়াৰ গইনা লৈ সাৰি যাব গাৰ্ডৱাঁল খন নিৰ্মাণ কাৰ্য্যত জৰিত ঠিকাদাৰ প্ৰতিষ্ঠান তথা হয়তু কেইটামান কমিচনৰ বিনিময়ত ঠিকাদাৰী বিলৰ অনুমোদন জনোৱা অভিযন্তা অথবা বিভাগীয় কতৃপক্ষ। ইয়াৰ মাজতে কোনো ন্যায় নোপোৱাকৈ থাকি যাব এই সকল সহজ সৰল আৰু কোনো ভাঁজ নথকা চিধা কথাৰ মাজেৰেই বেলতলাকে ধৰি গুৱাহাটী মহানগৰীৰ অন্যান্য বজাৰ সমাৰৰ আকৰ্ষণ বৃদ্ধি কৰা এই পুৰুষ মহিলা সকল। কাৰণ তেওঁলোক তেনে কোনো ডাঙৰ মানুহ নহয়। মহানগৰীৰ ডাঙৰ মানুহবোৰৰ নিভাজ খাদ্য যোগান ধৰা খাটি খোৱা মানুহ।