দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে বুধবাৰে বিজেপিক “চহৰখনত পৌৰ নিৰ্বাচন সময়মতে অনুষ্ঠিত কৰিবলৈ” আৰু ইয়াক জিকিবলৈ কয়।অতি সাহসহেৰে কয় যে যদি বিজেপি জিকে তেন্তে তেওঁৰ আম আদমী পাৰ্টীয়ে (আপ) ৰাজনীতি ত্যাগ কৰিব।বিজেপিয়ে এতিয়া চহৰখনত পৌৰ নিগমৰ নিৰ্বাচন বাতিল কৰি আছে, তেওঁ অভিযোগ কৰে আৰু আশংকা ব্যক্ত কৰে যে ভৱিষ্যতে ৰাজ্যকি আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবেও এনে কৰা হ’ব পাৰে।বিজেপিয়ে নিজকে বিশ্বৰ আটাইতকৈ ডাঙৰ ৰাজনৈতিক দল বুলি দাবী কৰে, তথাপিও ই আপৰ দৰে এটা সৰু দল আৰু দিল্লীৰ সৰু এমচিডি নিৰ্বাচনক লৈ ভয় খাইছে।”মই বিজেপিক সময়মতে নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ আৰু ইয়াক জিকিবলৈ সাহস কৰোঁ। আমি ৰাজনীতি ত্যাগ কৰিম,” মিঃ কেজৰিৱালে কয়। বিজেপিয়ে ২০০৭ চনৰ পৰা দিল্লীৰ তিনিটা নিগমত শাসন কৰি আছে।
বিজেপিক প্ৰত্যাহ্বান!বিজেপিয়ে যদি এই কাম কৰিব পাৰে তেন্তে আপে ৰাজনীতি এৰি দিব

নাজিৰা আৰু শিৱসাগৰ আৰক্ষীৰ বৃহৎ সাফল্য,আলফাত যোগদান পূৰ্বে জাতীয় সংগঠনৰ নেতা আটক
সমগ্ৰ অসমত আলফাত যোগদান কৰিবলৈ প্ৰস্তুুত চলোৱা যুৱকক আটক কৰাৰ সমান্তৰালকৈ আজি নাজিৰাতো সহস্ত্ৰ সংগঠনত যোগদান কৰিবলৈ যো যা চলাওতে শিৱসাগৰ আৰু নাজিৰা আৰক্ষীৰ হাতত আটক হল এজন জাতীয় সংগঠনৰ নেতা ।বিগত সময়ত বহুকেইটা জাতীয় সংগঠনৰ লগত জড়িত যুৱকজনৰ নাম ৱাছিম আহমেদ হাজৰিকা , ঘৰ নাজিৰা বৰতলত ।আজি পুৱা বিশেষ সুত্ৰৰ পম খেদি শিৱসাগৰ আৰু নাজিৰা আৰক্ষীৰ এটা যুটিয়া দলে নাজিৰাৰ পৰাই আটক কৰে যুৱকজনক ।আজিয়েই তেওঁ যোগদান কৰিবলৈ যোৱাৰ কথা আছিল বুলি বিশেষ সুত্ৰৰ পৰা জানিব পৰা গৈছে।

যি সময়ত মহাৰাষ্ট্ৰৰ এজন যুৱকে দেশ ৰক্ষাৰ বাবে নিতৈ দহ কিলমিটাৰকৈ দৌৰি ভাৰতীয় সেনাত যোগদানৰ প্ৰস্হুুতি চলাইছ তাৰ বিপৰীতে অসমৰ কিছু উৎশৃংখল যুৱকে নিজকে সহস্ত্ৰ সংগঠনত যোগদানৰ প্ৰস্তুুতিয়ে সচেতন সমাজক চিন্তিত কৰি তুলিছে ইফালে পৰিয়ালৰ লোকে এইকথা অশ্বিকাৰ কৰিলেওঁ বৰ্তমান তেওঁক জেল হাজোতলৈ প্ৰেৰণ কৰা হৈছে ।
বুধবাৰে দিশপুৰ মহাবিদ্যালয়ত দিনজোৰা কাৰ্যসূচীৰে এখন বিনামূলীয়া কাৰ্যসূচী সম্পন্ন হয়।
বুধবাৰে দিশপুৰ মহাবিদ্যালয়ত দিনজোৰা কাৰ্যসূচীৰে এখন বিনামূলীয়া কাৰ্যসূচী সম্পন্ন হৈ যায়। পুৱা ১১বজাত আৰম্ভ হোৱা এই কৰ্মশালাখনৰ অন্ত পৰে ৩বাজি ৩০মিনিটত। কৰ্মশালাখন উদ্বোধন কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ড° নৱজ্যোতি বৰাই। কৰ্মশালাখন উদ্বোধন কৰি অধ্যক্ষ ড° নৱজ্যোতি বৰাই উদ্বোধনী ভাষণো প্ৰদান কৰে। লগতে ভাষণ প্ৰদান কৰে মহাবিদ্যালয়ৰ উপাধ্যাক্ষ ড° সুনীতা আগৰৱালাৰ লগতে আইকিউএচি ক’অৰ্ডিনেটৰ ড° অজয় মিত্ৰই। কৰ্মশালাখনৰ তত্ত্বাৱধায়কৰ দায়িত্বত আছিল মহাবিদ্যালয়খনৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপিকা ড° মালবিকা ভট্টাচাৰ্য। এই কৰ্মশালাখনত মহাবিদ্যালয়খনৰ প্ৰায় ১০০গৰাকী ছাত্ৰ-ছাত্ৰীয়ে এই কৰ্মশালাখনত অংশগ্ৰহণ কৰে।
কৰ্মশালাখনৰ বিষয়বস্তু আছিল পেলনীয়া সামগ্ৰী ব্যৱহাৰযোগ্য কেনেকৈ কৰিব পাৰি। এই কৰ্মশালাখনত ছাত্ৰ-ছাত্ৰী সকলে ১০০টাৰ পৰা ১৫০টা বেগ বনায়।
প্ৰকৃতিৰ ৰুদ্ৰৰূপে চলালে তাণ্ডৱ হঠাৎ অহা ধুমুহাত বিস্তৰ ক্ষতি সাধন
প্ৰকৃতিৰ ৰুদ্ৰৰূপে চলালে তাণ্ডৱ , হঠাৎ অহা ধুমুহাত বিস্তৰ ক্ষতি সাধন
বাঘবৰৰ চৰাঞ্চলত ধুমুহাই ললে কালৰূপ, বিধ্বংসী ধুমুহাই ভাঙি উৰুৱাই নিলে সপোনৰ ঘৰবোৰ
দিশহাৰা হৈ পৰিছে বাঘবৰ সমষ্টিৰ আলোপতি, মাজৰচৰ, বাঘমাৰা অঞ্চলৰ ৰাইজে
কালৰূপী ধুমুহাৰ ফলত উভালিলে বিদ্যুৎ পৰিবাহী খুটি, আকৌ কৰবাত বিদ্যালয়ৰ চালিৰ ওপৰত উভালি পৰিল গছ, উৰুৱাই নিলে সপোনৰ ঘৰবোৰ
ধুমুহাই চলোৱা তাণ্ডৱৰ ফলত দিশহাৰা হৈ হাহাকাৰ কৰিবলগীয়া হৈছে চৰাঞ্চলবাসী
চৰকাৰ তথা স্থানীয় বিধায়কক উপযুক্ত ক্ষতিপূৰণৰ দাবী জনাইছে দুৰ্ভগীয়া পৰিয়ালবোৰে।
মুছলপুৰ জিলা মধ্য ইংৰাজী শিক্ষক সন্হাৰ ষষ্ঠ দ্বি-বাৰ্ষিক শান্তিপুৰ অধিৱেশন
ধমধমাৰ নিকটবৰ্ত্তী বাক্সা জিলাৰ শ্বহীদ বীৰেন দাস মধ্য ইংৰাজী বিদ্যালয়,প্ৰাংগনত ষষ্ঠ দ্বি-বাৰ্ষিক অধিৱেশনৰ মুছলপুৰ জিলা মধ্য ইংৰাজী শিক্ষক সন্হাৰ৷অধিৱেশনৰ পুৱা পতাকা উত্তোলনৰে শুভ আৰম্ভ হোৱা অনুষ্ঠানটো সভাৰ সভাপতিত্ব কৰে সভাপতি লংকেশ্বৰ বৰ্মন ৷সভা উদ্ধোধন কৰে ভবেন দেউৰী,বিদ্যালয়ৰ সমুহৰ পৰিদৰ্শক৷মুখপত্ৰ জ্ঞানজ্যোতি উন্মোচন কৰে ড° দীনমণি ভাগৱতী,অৱসৰ প্ৰাপ্ত অধ্যাপক ,সভাপতি মখ্য অতিথি হিচাপে উপস্থিত থাকে বিটিআৰ স্বায়ত্ত্ব শাসিত পৰিষদৰ অধ্যক্ষ কাতিৰাম বড়োই ৷
অবসৰপ্ৰাপ্ত শিক্ষক শিক্ষয়িত্ৰী ৩৯ গৰাকী বিপুল সম্বৰ্দ্ধনা জনোৱা হয়৷ উক্ত অনুষ্ঠানটো স্কুলৰ ছাত্ৰছাত্ৰী সকলে গীত,নৃত্যৰে উপস্থিত ৰাইজৰ জিপাল কৰি তোলে৷
গুৱাহাটী পৌৰ নিৰ্বাচন পিছুৱাবলৈ আহ্বান BJp দলৰ।
গুৱাহাটী পৌৰ নিৰ্বাচন পিছুৱাবলৈ আহ্বান BJp দলৰ।
১৯ এপ্ৰিলৰ পৰিবৰ্তে ২১ এপ্ৰিলৰ পিছত বা সাত বিহুৰ পিছত নিৰ্বাচন পাতিবলৈ ৰাজ্যিক নিৰ্বাচন আয়োগক আহ্বন।
ৰাজ্যিক নিৰ্বাচন আয়োগৰ আয়ুক্ত আলোপ কুমাৰৰ হাতত স্মাৰকপত্ৰ প্ৰদান ।
ভাৰতীয় জনতা পাৰ্টীৰ অসম প্ৰদেশৰ ৰাজ্যিক সাধাৰণ সম্পাদকদ্বয় পুলক গোহাঁই আৰু দিপ্লুৰঞ্জন শৰ্মা আৰু মৃগেন শৰণীয়া নেতৃত্বত এটা দলে অসম ৰাজ্যিক নিৰ্বাচনী আয়োগৰ কাৰ্যালয়ত উপস্থিত থাকে।
ইতিমধ্যে বিষয়টো সন্দৰ্ভত আলোচনা কৰিব বুলি আশ্বাস প্ৰদান কৰে bjpৰ দলটোক।
গুৱাহাটী পৌৰ নিগম নিৰ্বাচনত Bjp য়ে ৬০ ৱাৰ্ডৰ ভিতৰত ৬০টাতে দখল কৰিব বুলি দাবী কৰে ৰাজ্যিক নেতৃত্বই ।
পৌৰসভা আৰু বিধান সভা নিৰ্বাচনত প্ৰমান হৈছে কংগ্ৰেছৰ শচনীয় পৰাজয়।
আজি প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰিবলৈ দিল্লীত উপস্থিত ভগৱন্ত মান
দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিবলৈ ৰাজধানী দিল্লীত উপস্থিত হ’ল পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান।পঞ্জাৱৰ মুখ্যমন্ত্ৰী হিচাপে শপত লোৱাৰ পিছত ভগৱন্ত মানে প্ৰথমবাৰৰ বাবে সাক্ষাৎ কৰিব প্ৰধানমন্ত্ৰী মোদীক।যোৱা ১৬ মাৰ্চত মুখ্যমন্ত্ৰীৰূপে শপত লৈছিল।প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰাৰ পূৰ্বে ভগৱন্ত মানে টুইট কৰি কয় যে ‘পঞ্জাৱৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব লোৱাৰ পিছত মই দেশৰ প্ৰধানমন্ত্ৰী, কেন্দ্ৰীয় গৃহমন্ত্ৰীক সাক্ষাত কৰিবৰ বাবে আৰু পঞ্জাৱৰ কেইটামান গুৰুত্বপূৰ্ণ বিষয়ত আলোচনাৰ বাবে সময় বিচাৰিছো।প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰি ভগৱন্ত মানে ৰাজ্যখনৰ কেইবাটাও গুৰুত্বপূৰ্ণ দাবী উত্থাপন কৰিব।
মুকালমুৱাত ইটাৰ ভাটাত কাম কৰা শ্ৰমিকৰ মৃত্যু।
নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ মুকালমুৱাৰ ৰামপুৰস্থিত ইতাভাটাত কাম কৰা এজন শ্ৰমিকৰ আজি মৃত্যু হয়। জানিব পৰা মতে শ্ৰমিক মদন মাজি বিহাৰৰ বাপুডলাম মতিহাৰী জিলাৰ চাইলাহা গাঁৱৰ হৰি মাজিৰ পুত্ৰ বুলি জানিব পৰা গৈছে। উল্লেখ্য যে heart Attack হৈ মৃত্যু হোৱা বুলি জনাইছে ভাটা টোত কাম কৰা শ্ৰমিকসকলে। ৰাতিপুৱা হঠাৎ ঢলি পৰাত লগৰ শ্ৰমিকবোৰে ১০৮ এম্বুলেন্সেৰে মুকালমুৱা চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও চিকিৎসকে মৃত ঘোষণা কৰে। মৃত শ্ৰমিকজনক মৰণোত্তৰ পৰীক্ষাৰ বাবে নলবাৰীলৈ প্ৰেৰণ কৰা হৈছে।
জন্মদিনৰ দিনা কংগনা ৰাণাৱটক ডাঙৰ আঘাত
মানহানিৰ গোচৰত স্থায়ী হাজিৰ হোৱাৰ পৰা অব্যাহতি ৰখাৰ আবেদন আদালতে নাকচ কৰিলে।অভিনেত্ৰী কংগনা ৰাণাৱটে তেওঁৰ জন্মদিনত মুম্বাইৰ আন্ধেৰী আদালতৰ পৰা এটা ডাঙৰ জোকাৰণি পাইছিল। স্থানীয় আদালতে গীতিকাৰ জাভেদ আখটাৰৰ দ্বাৰা দাখিল কৰা মানহানিৰ গোচৰত আদালতত হাজিৰ হোৱাৰ পৰা স্থায়ী ৰেহাই বিচাৰি তেওঁৰ আবেদন প্ৰত্যাখ্যান কৰিছে। তেওঁ আদালতত হাজিৰ নহ’বলৈ তেওঁৰ কামৰ উদাহৰণ দিছিল। অৱশ্যে, আজি তেওঁৰ ৩৫ তম জন্মদিন উপলক্ষে, অভিনেত্ৰীগৰাকীয়ে মাতা বৈষ্ণোদেৱীৰ আদালতত মূৰ নমস্কাৰ কৰিবলৈ উপস্থিত হৈছে।গোচৰটোৰ শুনানি গ্ৰহণ কৰি আদালতে কংগনাৰ আপীল নাকচ কৰে আৰু কয় যে প্ৰয়োজন হ’লে অভিনেত্ৰীগৰাকীক কেৱল কিছুমান পৰিস্থিতিতহে আদালতত জামিন দিয়া হ’ব। ২০২০ চনত এইটো ৱেই। লেখক আৰু গীতিকাৰ জাভেদ আখটাৰে কংগনা ৰাণাৱটৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু কৰিছিল।গোটেই বিষয়টো কি?জাভেদ আখটাৰে ২০২০ চনৰ নৱেম্বৰত আন্ধেৰী আদালতত কংগনা ৰাণাৱটৰ বিৰুদ্ধে মানহানিৰ অভিযোগ দাখিল কৰিছিল। তেওঁ অভিযোগ কৰিছিল যে কংগনাই এটা টিভি সাক্ষাৎকাৰৰ সময়ত তেওঁৰ বিৰুদ্ধে অপমানজনক মন্তব্য কৰিছিল, যিটোৱে তেওঁৰ সন্মানক আঘাত কৰিছে। সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পিছত দিয়া এটা টিভি সাক্ষাৎকাৰত কংগনাই জাভেদ আখটাৰৰ বিৰুদ্ধে বলীউডত স্বজনপোষণ আৰু দলবদ্ধতা বিয়পোৱাৰ অভিযোগ উত্থাপন কৰিছিল।

ইয়াৰ প্ৰত্যুত্তৰত, কংগনাই জাভেদ আখটাৰৰ বিৰুদ্ধে তেওঁৰ হৈ এটা অভিযোগ দাখিল কৰিছিল, তেওঁৰ বিৰুদ্ধে ধন দাবী আৰু অপৰাধমূলক ভাবুকিৰ অভিযোগ উত্থাপন কৰিছিল। কংগনাই অভিযোগ কৰিছিল যে জাভেদ আখটাৰে তাইৰ ভগ্নী ৰংগোলী চান্দেলক তাইৰ ঘৰলৈ মাতি ভাবুকি দিছিল। অৱশ্যে, জাভেদ আখটাৰে কংগনাৰ অভিযোগ অস্বীকাৰ কৰিছিল।
ধুবুৰীত ৰেড ক্ৰছ ছ’চাইটিৰ এক উল্লেখনীয় পদক্ষেপ।
ধুবুৰীত ৰেড ক্ৰছ ছ’চাইটিৰ এক উল্লেখনীয় পদক্ষেপ ।মানৱতাৰ পৰিচয় দি আকৌ থিয় হল নিৰীহ জনৰ কাষত, ধুবুৰী চহৰৰ ৩ নং ওৱাৰ্ডৰ বাসিন্দা লক্ষী ৰায় নামৰ ৭২ বছৰীয়া এগৰাকী অসহায় বৃদ্ধা কেন্সাৰৰ লগতে ভৰি এখন ভঙাৰ ফলত ঘৰতে যোৱা ৫ দিনৰ পৰা আবদ্ধ হৈ পৰি আছিলে । বৃদ্ধা গৰাকীৰ আপোন বুলিবলে কোনো নাই । অকল শৰেই তেওঁ জীৱন নিৰ্বাহ কৰিছিল । ধুবুৰী ৰেড ক্ৰছ চোছাইটিয়ে খবৰটো পোৱাৰ পিছত আজি ধুবুৰীৰ চিলাৰায় হস্পিতালত বৃদ্ধা গৰাকীক লৈ গৈ চিকিৎসা কৰায় ।ধুবুৰীৰ ৰেড ক্ৰছ চোছাইটিৰ সম্পাদক ৰাজীৱ শৰ্মাই জনায় যে তেওঁলোকৰ ওচৰত বৃদ্ধা গৰাকীৰ খবৰটো পোৱাৰ পিছত জিলা উপায়ুক্তক অৱগত কৰায় । পিছত জিলা উপায়ুক্তৰ নিৰ্দেশ মৰ্মে বৃদ্ধা গৰাকীক চিকিৎসাধীন কৰোৱা হয়।
লগতে ৰেড ক্ৰছৰ সম্পাদক ৰাজীৱ শৰ্মাই জনায় যে সামাজিক মাধ্যমত বৃদ্ধা গৰাকীৰ চিকিৎসা কৰাবলৈ ৰাইজৰ পৰা সহায় বিচৰাৰ পিছত বিভিন্ন জনে যথাসধ্য মতে সহায় আগবঢ়ায় । ১০০ টকাৰ পৰা ৫০০০ টকালৈ বিভিন্ন জনে বৃদ্ধা গৰাকীৰ চিকিৎসাৰ বাবে সহায় কৰিছে বুলি জানিবলৈ দিয়ে ।উল্লেখ্য যে বৃদ্ধা গিৰাকীৰ অস্ত্ৰ প্ৰচাৰৰ পাছতেই সুস্থ হৈ উঠাৰ সম্ভাৱনা আছে।










