Home Blog Page 2555

এটা ‘ডাইনোচৰ মাছ’! বয়স ১০০,ওজন ৩০০ কেজি, দৈৰ্ঘ্য ১১ ফুট।

এটা ভাইৰেল ভিডিঅ’।বৰ্তমান সময়ত ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হৈছে।এই ভিডিঅ’টো দেখা পোৱা গৈছে এটা ডাইনোচৰ।ডাইনোচৰ দেখি এনে লাগে এতিয়াও যেন ডাইনোচৰৰ অস্তিত্ব আছে।এই ‘ডাইনোচৰ মাছ’টো বয়স ১০০,ওজন ৩০০ কেজি, দৈৰ্ঘ্য ১১ ফুট।কানাডাৰ ‘ফ্ৰেজাৰ’ নদীত এই বিশাল আকৃতিৰ ‘ষ্টাৰজিঅন’ মাছটো ধৰা পৰিছে।‘ষ্টাৰজিঅন’ মাছ দেখাত ডাইনোচৰৰ দৰেই।এই বিশাল প্ৰজাতিৰ মাছৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ব্যাপকভাৱে ভাইৰেল হৈ পৰিছে।

ব্ৰিটিছ কলম্বিয়াৰ য়েভছ বিছনে নামৰ এজন লোকে প্ৰথমে এই মাছটো দেখা পাইছিল। মাছটোৰ ওজন আছিল ২৫০ৰ পৰা ৩০০ কিলোগ্ৰামৰ ভিতৰত আনহাতে মাছটোৰ দৈৰ্ঘ্য দৈৰ্ঘ্য আছিল ১১ ফুট। জুৰাচিক যুগৰ এই মাছটোক ‘ডাইনোচৰ মাছ’ বুলি কোৱা হয়।

পত্নীয়ে নাৰান্ধিলে ‘মাটন’,স্বামীয়ে অভিযোগ দিবলৈ ফোন কৰিলে ১০০ নম্বৰত।

এটা আচৰিত ঘটনা।পত্নীয়ে ছাগলী মাংস ৰান্ধি নিদিয়া বাবে খঙ উঠে স্বামী।খঙত জ্বলি-পকী থকা স্বামী সুৰাৰ ৰাগীত মাতল হৈ পত্নীয়ে মাটন ৰান্ধি নিদিয়াৰ খঙত আৰক্ষীক অভিযোগ দিবলৈ বাৰে বাৰে ১০০ লৈ ফোন কৰিবলৈ ধৰে।তাৰপাছত গোটেই নিশা আৰক্ষীক হাৰাশাস্তি কৰে।এই ঘটনা সংঘটিত হৈছে হায়দৰাবাদত।হায়দৰাবাদত নবীন নামৰ যুৱকজনে পত্নীৰ বিৰুদ্ধে অভিযোগ দিবলৈ নিশা ছবাৰকৈ আৰক্ষীৰ নম্বৰ ‘১০০’ লৈ ফোন কৰে। আৰক্ষীয়ে প্ৰথমতে বুজায় দিয়ে যে এই অভিযোগ দাখিল কৰিব নোৱাৰি কিন্তু নবীনে নুবুজে।বাৰে বাৰে আৰক্ষীলৈ ফোন কৰি থকাত আৰক্ষীয়ে নবীনক বিচাৰি তেওঁৰ ঘৰত উপস্থিত হয়। নবীনক আটক কৰি থানালৈ নিয়ে আৰক্ষীয়ে।

অৱশ্যে আৰক্ষীয়ে নবীনক সতৰ্কবাণী দি এৰি দিয়ে।লগতে আৰক্ষীয়ে  নবীনক ১০০ নম্বৰটো অপব্যৱহাৰ নকৰিবলৈ আহ্বান জনায়।

৪৫ মিনিটৰ সময়,সন্মুখত যাকে পালে তাকে ঘপিয়াই গ’ল,৩ গৰাকীৰ মৃত্যু!

এক লোমহৰ্ষক ঘটনা!এই ঘটনা সংঘটিত হৈছে।উত্তৰ প্ৰদেশৰ বুন্দলচহৰত। ৪৫ মিনিটৰ সময়ত আধা কিলোমিটাৰ বাটত এফালৰ পৰা যাকে পালে তাকে ঘপিয়াই গ’ল এইজন লোকে।হাতত চোকা অস্ত্ৰ লৈ এইদৰে সন্মুখত যাকে পাই তাকে ঘপিয়াই গ’ল বলবীৰ এই ব্যক্তিজনে।সোমবাৰ পুৱা বলবীৰে লোকে ৮ গৰাকী লোকক ঘপিয়াই।এই আঘাতট ইতিমধ্যে তিনিজনৰ মৃত্যু হৈছে।৫ জনক হাস্পতালত ভৰ্তি কৰাইছে।ব্যক্তি গৰাকীয়ে কিয় এনে কাণ্ড কৰিলে সেয়া কোনেও জানিব পৰা নাই।স্থানীয় লোকৰ ভাষ্য অনুসৰিকৰ্মসূত্ৰে বহিঃৰাজ্যত থাকে ব্যক্তি গৰাকী। হ’লীৰ বন্ধত ঘৰলৈ আহিছিল।স্বভাৱ-চৰিত্ৰ শান্ত লগতে মানসিক ভাৱেও সুস্থ আছিল।

তিনিটা সন্তানেৰে সৈতে সুখি পৰিয়াল আছিল বলবীৰ নামৰ লোকগৰাকী। কিন্তু কালি হঠাতে কি হৈ যায় কোনেও ধৰিব নোৱাৰে।বৰ্তমান আৰক্ষীয়ে আটক কৰিছে ব্যক্তি গৰাকীক।

তামুলপুৰত চোৰৰ তাণ্ডৱ,৭ লাখ টকা মূল্যৰ চুপাৰি নিলে চুৰে।

ৰাজ্যত চোৰ- ডকাইতৰ লগতে তীৰ জুৱাৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান অব্যাহত থকাৰ সময়তে তামুলপুৰৰ দ্বাৰকুছিত এক প্ৰকাৰ প্ৰত্যাহ্বান জনাই চোৰে চুৰি কৰি নিলে বস্তাই বস্তাই চুপাৰি।সোমবাৰে পুৱতি নিশা দ্বাৰকুছিত চোৰে লুটি নিলে প্ৰায় সাত লক্ষ টকাৰ চুপাৰি।জানিব পৰা মতে তামুলপুৰৰ দ্বাৰকুছি নিৱাসী মাইনুদ্দিন আলি, ৰিয়াজুল হক আৰু মকছেদ আলি নামৰ তিনিজন যুৱ ব্যৱসায়ীৰ ঘৰৰ দৰ্জা ভাঙি যোৱা নিশা চোৰে ১৫ কুইন্টল (২৯ বস্তা) চিকনি চুপাৰি চুৰি কৰি লৈ যায়।চুৰি চুপাৰি খিনিৰ মুল্য প্ৰায় ৭ লাখ টকা হব বুলি ভুক্তভোগীৰ পৰিয়ালে জানিবলৈ দিয়ে।

পৰিয়ালৰ লোকে এবিএমছুৰ সহযোগত গান্ধীবাৰী আৰক্ষী চকীত ইতিমধ্যে এখন এজাহাৰ দাখিল কৰে । ইপিনে সমগ্ৰ ঘটনাৰ তদন্ত কৰি চোৰক আটক কৰিবলৈ আৰক্ষীক দাবী জনাইছে এবিএমছুৱে।শেহতীয়া ভাৱে গান্ধী বাৰী আৰক্ষী চকীৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ চুৰিকাণ্ডৰ জোৰদাৰ তদন্ত আৰম্ভ কৰিছে।

ধিঙত নিশা ভয়ংকৰ অগ্নিকাণ্ড।

ধিঙত নিশা ভয়ংকৰ অগ্নিকাণ্ড।অগ্নিকাণ্ডৰ ফলত সাতখনকৈ দোকান সম্পূৰ্ণ ৰূপে জুইত ভষ্মীভূত হয়৷নিশা প্ৰায় বাৰ বজাত অগ্নিনিৰ্বাপক বাহিনীত খৱৰ দিয়াৰ লগে লগে তৎখানিক উপস্থিত হয় । ধিং অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ীয়ে জুই নিৰ্বাপন কৰিবলৈ সক্ষম নহল ।নিশা দুই বজালৈ সম্পূৰ্ণ ভাৱে ভস্মীভূত হয় সাতোখনকৈ দোকান।অগ্নি কাণ্ডৰ ফলত প্ৰায় বহু লক্ষাধিক টকাৰ ক্ষয়-ক্ষতি হয় । ৰাইজৰ মাজত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ।পূৰ্বেও বহুবাৰ দুৰ্বৃত্তই দোকান জলাই দিছিল ।

আজিলৈকে আৰক্ষী প্ৰশাসনে এজনো দুৰ্বৃত্তক ধৰিবলৈ সক্ষম নোহোৱাটোৱে ৰহস্যৰ আৱৰ্তত ।ধিঙৰ মাজ মজিয়াত দুৰ্বৃত্তই অগ্নি সংযোগ কৰাৰ সন্দেহ ব্যৱসায়ী সকলৰ ।

মৰিগাঁও জিলাৰ লাহৰীঘাটত মিঞা পৰিষদৰ পুত্তলিকা দাহ।

মৰিগাঁও জিলাৰ লাহৰীঘাটত সন্মুখত মিঞা পৰিষদৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ।যোৱা কালি এটা ১৪ বছৰীয়া কিশোৰে থানাৰ পৰা ১ পেকেট বিস্কুট চুৰি কৰাৰ বাবে আৰক্ষীয়ে লৰা জনক গুৰুলা গুৰুলিকৈ মাৰপিট কৰা হৈছিল। আৰু সেই মাৰপিটৰ ভিডিঅ ভাইৰেল হোৱাৰ হোৱাৰ পিছত সমগ্র অসমতে তোলপাৰ সৃষ্টি হয়। তাৰে লগত সংগতি ৰাখি আজি পুৱাৰে পৰা
নিলম্বন আৰক্ষী সহকাৰী উপ পৰিদৰ্শন উপেন চন্দ্ৰ বৰদলৈৰ গ্ৰেপ্তাৰ লগতে উক্ত বৰ্বৰ ঘটনাটোত সহযোগিতা আগবঢ়োৱাৰ কণিষ্ঠবল, জোৱানৰ বিৰুদ্ধে কঠোৰ শাস্তিৰ দাবীত লাহৰীঘাট থানাৰ মূল প্ৰৱেশ দ্বাৰত ৰাইজৰ প্ৰতিবাদ।

বলিউদত খোজ পেলালে প্ৰিয়ংকা ভৰালীয়ে।

বলিউদত খোজ পেলালে প্ৰিয়ংকা ভৰালীয়ে।বলিউদৰ এখন বিগ বাজেটৰ ছবি ‘KGF CHAPTER 2’।’KGF CHAPTER 2’ ছবিৰ এটি গীতত কন্ঠ নিগৰালে প্ৰিয়ংকাই।জনপ্ৰিয় কণ্ঠশিল্পী প্ৰিয়ংকা ভৰালীয়ে ‘তুফান’ নামৰ গীতটিত কণ্ঠদান কৰিছে।’তুফান’ শীৰ্ষক গীতেৰে বলিউদলৈ যাত্ৰা প্ৰিয়ংকা।বলিউদৰ এই বিগ বাজেটৰ ছবি খনৰ বাবে সকলোৰে অপেক্ষা কৰি আছে।এই অপেক্ষাৰতৰ মাজতে অসমবাসীৰ বাবে গৌৰৱ কঢিয়াই আনিছে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী প্ৰিয়ংকা ভৰালীয়ে।ছবি খনৰ তুফান নামৰ শীৰ্ষক গীতটিত কন্ঠদান কৰিছে প্ৰিয়ংকাই।ইতিমধ্যে গীতটিৰ লিৰিকেল ভিডিঅ’ মুকলি কৰিছে।ছটবিখনৰ ট্ৰেইলাৰ ২৭ মাৰ্চত মুক্তি দিয়া হ’ব আৰু ছবি খনে ১৪ এপিলত শুভমুক্তি লাভ কৰিব।ছবিখনৰ ট্ৰেইলাৰ অহা ২৭ মাৰ্চত মুকলি কৰা হ’ব।

১০০ কোটি টকাৰ বাজেটৰ ছবিখনত অভিনয় কৰিছে য়শ, সঞ্জয় দত্ত, শ্ৰীনিধি শেট্টী, ৰবীনা টেণ্ডন, প্ৰকাশ ৰাজ আদিৰ দৰে তাৰকাই।গীতটিত কণ্ঠ নিগৰাই প্ৰিয়ংকাই ধন্যবাদ জনালে সংগীত পৰিচালক আৰু ছবি নিৰ্মাতা সকলক।

পাকিস্তানৰ সিন্ধুত এগৰাকী হিন্দু যুৱতীক গুলীয়াই হত্যা কৰিলে

অপহৰণ আৰু ধৰ্মান্তৰকৰণৰ বিৰুদ্ধে প্ৰতিবাদৰ বাবে মূৰত গুলী মাৰিছিল; অভিযুক্তজনে বলপূৰ্বক বিয়া কৰিব বিচাৰিছিল ।
সোমবাৰে পাকিস্তানৰ সিন্ধু প্ৰদেশত এগৰাকী হিন্দু ছোৱালীক গুলীয়াই হত্যা কৰা হৈছিল। তথ্য অনুসৰি, ইয়াত থকা চুকুৰ জিলাৰ ছোৱালীজনীয়ে অপহৰণৰ বিৰোধিতা কৰিছিল, যাৰ পিছত অপহৰণকাৰীসকলে তাইৰ মূৰত গুলী মাৰিছিল। ছোৱালীজনীৰ নাম পূজা কুমাৰী ওড, যাৰ বয়স ১৮ বছৰ। বলপূৰ্বক ধৰ্মান্তৰিত আৰু অপহৰণৰ প্ৰচেষ্টাত বিফল হোৱাৰ বাবে তেওঁক হত্যা কৰা হৈছিল।চুকুৰ জিলাৰ এছপিয়ে কৈছিল যে পূজাৰ হত্যাৰ মূল অভিযুক্ত ৱাহিদ বখশ লষাৰীক গ্ৰেপ্তাৰ কৰা হৈছে। আৰক্ষীয়ে লাছাৰীৰ পৰা অস্ত্ৰটো জব্দ কৰিছে। এছপিয়ে কৈছিল যে অভিযুক্ত ৱাহিদ বখশে পূজাক বিয়া কৰাবলৈ তাইক অপহৰণ কৰিব বিচাৰিছিল।পূজাৰ দেউতাকে স্বতন্ত্ৰ উৰ্দুক কৈছিল যে সিন্ধুত হিন্দু ছোৱালীৰ অপহৰণ আৰু বলপূৰ্বক ধৰ্মান্তৰকৰণৰ কেইবাটাও ঘটনা আছে, কিন্তু এই ক্ষেত্ৰত কোৱা হয় যে হিন্দু ছোৱালীসকলে নিজৰ ইচ্ছাৰে ইছলাম ধৰ্ম গ্ৰহণ কৰিছে। মোৰ ছোৱালীয়ে বিবাহ আৰু ধৰ্মান্তৰকৰণৰ কথা অস্বীকাৰ কৰিছিল, যাৰ পিছত তাইক হত্যা কৰা হৈছিল।

পূজাৰ দেউতাকে কৈছিল, “অভিযুক্তজনে যোৱা কেইবামাহ ধৰি মোৰ ছোৱালীক হাৰাশাস্তি কৰি আহিছিল। তেওঁ কেইবাবাৰো ঘৰত প্ৰৱেশ কৰিছিল। মই চুক্কুৰ আৰক্ষীৰ পৰাও নিৰাপত্তা বিচাৰিছিলো কিন্তু আৰক্ষীয়ে নিৰাপত্তা প্ৰদান কৰা নাছিল। ঘটনাটোৰ পিছত, পৰিয়ালৰ সদস্যসকলেও মৃতদেহটো ৰাষ্ট্ৰীয় ঘাইপথত ৰাখি প্ৰতিবাদ কৰিছিল। যাৰ বাবে ঘাইপথটো প্ৰায় ২ ঘণ্টাৰ বাবে জাম হৈ আছিল।পাকিস্তানত প্ৰায়ে বলপূৰ্বক ধৰ্মান্তৰকৰণৰ ঘটনা প্ৰতিবেদিত হয়। সাম্প্ৰতিক সময়ত, সেইবোৰ যথেষ্ট বৃদ্ধি পাইছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ সিন্ধি ফাউণ্ডেচনৰ মতে, সিন্ধু প্ৰদেশত প্ৰতি বছৰে প্ৰায় ১০০০ হিন্দু ছোৱালী (১২ ৰ পৰা ২৮ বছৰবয়সৰ) অপহৰণ কৰা হয়। তেওঁলোকক বলপূৰ্বক ৰূপান্তৰ কৰা হয়। ইয়াৰ পিছত, মুছলমানসকল বিবাহিত হয়।

হিন্দু, শিখ, খ্ৰীষ্টান আৰু আহমেদীসকলৰ ওপৰত অত্যাচাৰ সংঘটিত হয়পাকিস্তানে বিভিন্ন সময়ত সংখ্যালঘু সম্প্ৰদায়ক সুৰক্ষা দিয়াৰ আশ্বাস দিছে, কিন্তু সংখ্যালঘুসকলৰ বিৰুদ্ধে বৈষম্যমূলক আচৰণ কৰা হৈছে। তেওঁলোকক হিংসা, হত্যা, অপহৰণ, ধৰ্ষণ, বলপূৰ্বক ধৰ্মান্তৰিত কৰাৰ ঘটনাৰ সন্মুখীন হ’ব লগা হয়। হিন্দু, খ্ৰীষ্টান, শিখ, আহমেদিয়া আৰু চিয়াসকলে যথেষ্ট কষ্টৰ সন্মুখীন হ’ব লগা হয়।

মৰিগাঁ‌ৱৰ লাহৰীঘাট থানাৰ সন্মুখত ৰাইজৰ তীব্ৰ প্ৰতিবাদ

মৰিগাঁও জিলাৰ লাহৰীঘাট থানাৰ সন্মুখত ৰাইজৰ প্ৰতিবাদ।সোমবাৰে এটি ১৪ বছৰীয়া কিশোৰে ১ পেকেট বিস্কুট চুৰি কৰাৰ বাবে আৰক্ষীয়ে লৰা জনক গুৰুলা গুৰুলিকৈ মাৰপিট কৰিছিল। সেই মাৰপিটৰ ভিডিঅ’ ভাইৰেল হোৱাৰ হোৱাৰ পিছত সমগ্র অসমতে তোলপাৰ সৃষ্টি হয়। তাৰে লগত সংগতি ৰাখি আজি পুৱাৰে পৰা নিলম্বন আৰক্ষী সহকাৰী উপ পৰিদৰ্শন উপেন চন্দ্ৰ বৰদলৈৰ গ্ৰেপ্তাৰ লগতে উক্ত বৰ্বৰ ঘটনাটোত সহযোগিতা আগবঢ়োৱাৰ কণিষ্ঠবল, জোৱানৰ বিৰুদ্ধে কঠোৰ শাস্তিৰ দাবীত লাহৰীঘাট থানাৰ মূল প্ৰৱেশ দ্বাৰত ৰাইজৰ প্ৰতিবাদ।

নিচাসক্ত যুৱকৰ বাইকৰ খুন্দাত নিহত এজন বৃদ্ধ।

মৈৰাবাৰীৰ লেংৰীবৰী গাঁৱত এক ভয়ংকৰ পথ দুৰ্ঘটনা।AS-21A-6873 নম্বৰৰ য়ামাহা বাইকেৰে খুন্দিয়াই গুৰুতৰ ভাবে আহত কৰে আব্বাচ আলি নামৰ এজন বৃদ্ধক।মোবাৰক হুছেইন(১৮)আৰু ইলিয়াছ আহমেদ(১৪)নামৰ যুৱক দুজনে খুন্দিয়াই আহত কৰে বৃদ্ধ ব্যক্তি জনক।প্ৰত্যক্ষদর্শীয়ে জনোৱা মতে যুৱক দুজন নিচাসক্ত অৱস্থাত আছিল।আঘাতপ্ৰাপ্ত আব্বাচ আলিক সংকটজনক অৱস্থাত মৈৰাবাৰী হস্পিতালত অনা হয় যদিও অৱস্থা গুৰুতৰ হোৱা বাবে নগাওঁলৈ প্ৰেৰণ কৰা হয়।সংকটজনক অৱস্থাত নগাঁওলৈ লৈ যোৱসময়ত বৃদ্ধ আব্বাছ আলিৰ মৃত্য হয় বুলি জানিব পৰা গৈছে।

নিচাসক্ত বাইক আৰোহী যুৱক দুজনক মৈৰাবাৰী আৰক্ষীয়ে আটক কৰি থানাত লৈ আহে।