Home Blog Page 2558

মিত্ৰজোঁটৰ মনোনীত প্ৰাৰ্থী পৱিত্ৰ মাৰ্ঘেৰিটা আৰু ৰণগৌৰা নাৰ্জাৰীয়ে আজি মনোনয়ন পত্ৰ দাখিল কৰে

আজি অসম বিধানসভাত আগন্তুক ৰাজ্যসভা নিৰ্বাচনৰ বাবে মিত্ৰজোঁটৰ মনোনীত প্ৰাৰ্থীদ্বয় ক্ৰমে পৱিত্ৰ মাৰ্ঘেৰিটা আৰু ৰণগৌৰা নাৰ্জাৰীৰ মনোনয়ন পত্ৰ দাখিল পৰ্বত উপস্থিত থাকে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা।ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰজোঁট অসমৰ খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ অধিকাৰ নিশ্চিতকৰণৰ লগতে সৰ্বাংগীণ উন্নয়ন সাধনৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ আৰু দুয়োগৰাকী প্ৰাৰ্থীয়ে উচ্চ সদনত ৰাজ্যখনৰ বিভিন্ন স্তৰৰ জনসাধাৰণৰ আশা-আকাংক্ষাক সবলভাৱে প্ৰতিনিধিত্ব কৰিব বুলি দৃঢ় বিশ্বাসী এই দৰে সামাজিক মাধ্যমত পোষ্ট কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।

লগতে কৈছে দুয়োগৰাকী মনোনীত প্ৰাৰ্থীৰ লগতে ভাৰতীয় জনতা পাৰ্টিৰ মাননীয় ৰাজ্যিক সভাপতি ভৱেশ কলিতা, অসম গণ পৰিষদৰ সভাপতি অতুল বৰা আৰু ইউ পি পি এলৰ মাননীয় সভাপতি প্ৰমোদ বড়োকে ধৰি সন্মানীয় মন্ত্ৰী, বিধায়ক আৰু সাংসদসকল উপস্থিত থাকে।

দুমুনিচকীত আউলীয়া কেৰামত আলী মাজাৰ শ্বৰিফত উৰুছ মোবাৰক সম্পন্ন

কামৰূপ জিলাৰ দুমুনিচকী ফকিৰতোলাত আউলীয়া কেৰামত আলী মাজাৰ শ্বৰিফত মাজাৰ শ্বৰীফ প্ৰাঙ্গনত দেওবাৰে দিবা-নৈশ কাৰ্যসূচীৰে পবিত্ৰ উৰুছ মোবাৰক সম্পন্ন কৰা হয় ৷প্ৰতি বছৰৰ দৰে এইবেলিও  বিভিন্ন প্ৰান্তৰপৰা অহা হিন্দু-মুছলিম ধৰ্মাৱলম্বী অসংখ্য ভক্তৰ সমাগম হয় উৰুছ প্ৰাঙ্গনত ৷উৰুছৰ কাৰ্যসূচী অনুসৰি ৰাতিপুৱা কোৰান শ্বৰিফ পাঠ, মিলাদ শ্বৰিফ আৰু সমূহীয়া দোৱা ।

নিশা আমন্ত্ৰিত শিল্পীৰ দ্বাৰা বাউল পৰিবেশন কৰা হয় এই উৰুছ মোবাৰকত মাজাৰ ৷নিয়াজ বিতৰণৰ পিছতে বিশ্ব শান্তিৰ বাবে আখেৰি দোৱাৰে উৰুছ মোবাৰকৰ কাৰ্যসূচীৰ নিশা সামৰণি পৰে ৷

বৰপেটাত উদ্ধাৰ হৰিণা পোৱালি৷

বৰপেটাত হৰিণা পোৱালি উদ্ধাৰ ৷

বৰপেটাৰ খান্দাৰকুৰ গাঁৱত উদ্ধাৰ হৰিণা পোৱালিটো ৷

গাৱঁখনৰ এটা পৰিয়ালৰ চোতালেৰে দৌৰি যোৱা হৰিণা পোৱালিটো স্থানীয় লোকৰ সহযোগত আৱদ্ধ ৷

বৰপেটা খণ্ড বন বিভাগৰ লোকে ঘটনাস্থলীত উপস্থিতহৈ হৰিণা পোৱালিটো উদ্ধাৰ কৰিছে ।

হৰিণা পোৱালিটো মানাহৰ বনাঞ্চলৰ পৰা ওলই অহাৰ সন্দেহ কৰা হৈছে ৷

এখন ভৰিত কিছু পৰিমানে আঘাত পোৱা হৰিণা পোৱালিটো প্ৰয়োজনীয় চিকিৎসাৰ পিচত মানাহ ৰাষ্ট্ৰীয় উদ্যানত মুকলি কৰা হব বুলি বন বিভাগে জানিবলৈ দিছে ৷

অভয়াপুৰীৰ অংগনবাড়ী কেন্দ্ৰ ভুতবাংলালৈ পৰিণত

শিশুৰ শাৰীৰিক আৰু মানসিক বিকাশৰ বাবে কাম কৰি অহা বিভাগটোৰ প্ৰকৃত ছবিখন উদঙাইছে বঙাইগাঁও জিলাৰ টাপাট্ৰাৰী সংহত শিশু উন্নয়ন প্ৰকল্পৰ অন্তৰ্গত এটি অংগনবাড়ী কেন্দ্ৰই।এই দৃশ্য অভয়াপুৰী নিকটৱৰ্তী নলডোবা ৪৫ নং নেহেৰু ক্লাৱ
অংগনবাদী কেন্দ্ৰৰ ।অভয়াপুৰীৰ টাপাট্ৰাৰী সংহত শিশু উন্নয়ন প্ৰকল্পৰ অন্তৰ্গত অন্তৰ্গত ৪৫ নং নলডোবা অংগনবাড়ী কেন্দ্ৰটো পৰিণত হৈছে ভুতবাংলাত ৷যিসময়ত চৰকাৰে মডেল অংগনবাড়ী কেন্দ্ৰ ঘোষণা কৰি আহিছে সেই সময়তে এটা অংগনবাদী কেন্দ্ৰই উদঙাইছে বিভাগটোৰ প্ৰকৃত ছৱি।কেন্দ্ৰটো প্ৰত্যক্ষ কৰিলে আপুনি অনুমান কৰিব নোৱাৰিব যে এইটো এটা অংগনবাদী কেন্দ্ৰ ৷ জহি-খহি গৈছে কেন্দ্ৰটো ।বৃহত্তৰ অভয়াপুৰীৰ নলডোবা, কলবাৰী আদি অঞ্চলৰ বহু শিশুৱে প্ৰাক্‌ প্ৰাথমিক শিক্ষা লাভ কৰিবলগীয়া এই কেন্দ্ৰটোৰ তিলমানো নাই শিক্ষাৰ পৰিৱেশ । ইয়াৰ উপৰিও অংগনবাদী কেন্দ্ৰটোত ব্যাপক দুৰ্নীতি-অনিময়ৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ।

লগতে অভিভাৱক সকলে বিভিন্ন শ্লোগান দি পৰিবেশ উত্তাল কৰাও দেখা যায় ৷ৰাইজে সমাজ কল্যাণ বিভাগক অতিশীঘ্ৰে ন্যায়িক তদন্ত কৰি দুৰ্নীতি-অনিয়মৰ সৈতে জড়িতসকলৰ ওপৰত বিহীত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে ।

বিহালীত ঘিমিৰে আত্মসহায়ক গোটৰ ৰূপালী জয়ন্তী

বিহালী সমষ্টিৰ বটিয়ামাৰীত ১৯৯৮ চনতেই গঠিত ঘিমিৰে আত্ম সহায়ক গোটে ইতিমধ্যে ২৫বছৰত ভৰি দিয়াত যোৱা কালি বটিয়ামাৰীত দিনযোৰা কাৰ্যসূচীৰে ৰূপালী জয়ন্তী পালন কৰে । এই উপলক্ষে পুৱা পতাকা উত্তোলন কৰে ঘিমিৰে আত্ম সহায়ক গোটৰ সভাপতি তুলাৰাম উপাধ্যায়ে। ইয়াৰ পিছতেই পিতৃ তৰ্পন অনুষ্ঠান অনুষ্ঠিত হয় আৰু ত্ৰিলোচন ঘিমিৰেই আৰম্ভ কৰা পিতৃ তৰ্পন অনুষ্ঠানত দুৰ্গা প্ৰসাদ উপাধ্যায়ে সহযোগ‌ কৰে।তেজপুৰৰ পম্ফা‌ দেবীয়ে বন্তি প্ৰজ্বলন কৰাৰ পিছতেই পুষ্পাণ্জলী প্ৰদান কৰে দিলীপ ঘিমিৰেই। ইন্দ্ৰ প্ৰসাদ উপাধ্যায় আৰু দধীৰাম উপাধ্যায়ে পণ্জীয়ন কৰাৰ পিছতেই গঙ্গাধৰ -কৰুণাকৰৰ আত্মীয় কুটুম্বৰ সমাৰোহ,চিনাকী পৰ্ব আৰু অন্তৰঙ্গ আলাপ অনুষ্ঠান অনুষ্ঠিত হয়।এই অনুষ্ঠান সঞ্চালনা কৰে প্ৰেম উপাধ্যায় আৰু দীপক উপাধ্যায়ে।সমাৰোহৰ উদ্ধোধন কৰে পূৱ বিহালী উচ্ছতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ মহিম পোখ্ৰেলে।এই সমাৰোহত সুদুৰ নেপালৰ পৰা অহা ৰাজীৱ ঘিমিৰেই প্ৰস্তুত কৰা‌ ঘিমিৰে পৰিয়ালৰ তথ্য চিত্ৰ প্ৰৰ্দশন কৰা হয় ।

এই আত্মীয় কুটুম সমাৰোহত অসমৰ বিভিন্ন জিলাৰ লগতে নেপাল,ম্যানমাৰ, মেঘালয়,অৰুণাচল, মনিপুৰ আদিৰ পৰা‌ অহা‌ লোকে অৎশ গ্ৰহণ  কৰে। আবেলি ৰূপালী জয়ন্তী উদযাপন সমিতিৰ সভাপতি মোহন উপাধ্যায়ৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত প্ৰতিমা পাণ্ডে বঁটা বিজয়ী ,কলাশ্ৰী বিনোদ খনালে মুকলি সভা উদ্ধোধন কৰি বিগত সময় চোৱাত বিহালীত ঘিমিৰে পৰিয়ালৰ যোগদানৰ কথা উল্লেখ কৰে ।

এই সভাত বিহালীৰ মুক্তিযোদ্ধা গঙ্গাৰাম বৰুৱা,অৱসৰ প্ৰাপ্ত বিষয়া জ্ঞানেন্দ্ৰ চৰকাৰ,জ্যেষ্ঠ সাৎবাদিক অমিতাভ বৰুৱা আৰু আদৰ্শ খেতিয়ক ক্ষেমৰাজ বৰালক সমাজত আগবঢ়োৱা অৱদানৰ বাবে সম্বৰ্ধনা একোখনকৈ গামোচা জাপি আৰু মান পত্ৰৰে সম্বৰ্ধনা জনোৱা হয়। উক্ত সভাত ঘিমিৰে আত্মসহায়ক গোটৰ স্মৃতি গ্ৰন্থ ” ঘিমিৰে প্ৰবাহ” উন্মোচন কৰে কলিয়াবৰ মহাবিদ্যালয়ৰ সহযোগী আধ্যাপক পৰাগ দাহালে। ঘিমিৰে আত্মসহায়ক গোটে পৰিৱেশন কৰা এটি সমবেত সংগীতেৰে আৰম্ভ হোৱা সভাত সুধা কণ্ঠৰ এটি গীত পৰিবেশন কৰি সকলকে আপ্লুত কৰে।

৭৩ বছৰীয়া এজন ব্যক্তিৰ নেতৃত্বত ২০ বছৰে চলি আহিছিল এটা চোৰৰ দল

গোৱালিয়ৰ আৰক্ষীয়ে আন্তঃৰাজ্যিক চোৰৰ দলটোক গ্ৰেপ্তাৰ কৰিছে। দলটোৰ মাষ্টাৰমাইণ্ড এজন ৭৩ বছৰীয়া বৃদ্ধ। সেইটোৱেই গোটেই দলটো কটালে। দলটোৱে বিলাসী গাড়ীত দিল্লী এৰিছিল। তেওঁলোকে গোৱালিয়ৰ আৰু অন্যান্য চহৰলৈ আহিছিল আৰু পছ মাল্টিৰ চুন ফ্লেটবোৰলক্ষ্য কৰিছিল আৰু সামগ্ৰীৰ পৰা ওলাই আহিছিল। দলটো ইমানেই দুষ্ট যে বাটত, যিৰাজ্যৰ সীমাত, তেওঁলোকে তেওঁলোকৰ গাড়ীত নম্বৰ প্লেট বোৰ ৰাখিছিল।কেৱল সেয়াই নহয়, সকলোৰে পকেটত চিআইডি (অপৰাধ অনুসন্ধান বিভাগ)ৰ আইডি আছিল। এইটোৱে তেওঁলোকৰ বাহনবোৰ টোলত উলিয়াবলৈ সহজ কৰি তুলিছিল। তেওঁলোকৰ ওচৰত বিভাগটোৰ সৈতে কোনো তথ্য নাছিল। দলটোৰ পাঁচজন সদস্যক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। এতিয়ালৈকে, গোৱালিয়ৰত ছয়টা চুৰি উদ্ধাৰ কৰা হৈছে।

এছএছপি অমিত সংঘীয়ে কৈছিল যে অপৰাধ শাখা আৰু মুৰাৰ আৰক্ষী থানাৰ ছয়টা দল গঠন কৰা হৈছিল আৰু দলটোক ধৰিবলৈ দিল্লীলৈ প্ৰেৰণ কৰা হৈছিল। আৰক্ষীয়ে কিছুমান ঠাইৰ পৰা চিচিটিভি কেমেৰাৰ ফুটেজ বিচাৰি পাইছিল। ইয়াৰ ভিত্তিত, দলটোৱে দিল্লীত চুৰিৰ ঘটনা সংঘটিত কৰা আন্তঃৰাজ্যিক দলটোক আটক কৰে। দলটোৰ মাষ্টাৰমাইণ্ড হৈছে ৭৩ বছৰীয়া চাকিল খান। তেওঁৰ বাহিৰেও আন চাৰিজনক গ্ৰেপ্তাৰ কৰা হৈছে।এছএছপি অমিত সংঘীয়ে ঘটনাটো প্ৰকাশ কৰিছিল।
এছএছপি অমিত সংঘীয়ে ঘটনাটো প্ৰকাশ কৰিছিল।দলটোৱে ১৯৯০ চনৰ পৰা অপৰাধ কৰি আহিছে।দলটোৰ সদস্যসকলে চহৰখনৰ চাই এপাৰ্টমেণ্ট, থাইপুৰ, বিশ্ববিদ্যালয় আৰু অৰ্কিড গ্ৰীণ চিটি চেণ্টাৰত পশুখাদ্য গ্ৰহণ কৰিছে। তেওঁলোকৰ পৰা আঠ টোলা সোণ, ৭০০ গ্ৰাম ৰূপৰ গহনা, ৭৫,০০০ টকা নগদ ধন উদ্ধাৰ কৰা হৈছিল। যেতিয়া আৰক্ষীয়ে দলটোৰ বিষয়ে তথ্য সংগ্ৰহ কৰিছিল, দেখা গৈছিল যে এই আন্তঃৰাজ্যিক দলটোৱে ১৯৯০ চনৰ পৰা নিৰন্তৰ চুৰি আৰু ডকাইতি চলাই আহিছে।

তেওঁলোক ধৰা পৰিছিল আৰক্ষীয়ে আন্তঃৰাজ্যিক দলৰ সদস্য নাছিৰ শ্বেখ নিবাসী কবীৰ নগৰ শ্বাহদাৰা (দিল্লী), ইছৰত আলীনিবাসী খুৰেজী খাজ (দিল্লী), ৰাজু ওৰফে ৰাজেন্দ্ৰ গোৱালা নিবাসী প্ৰেম নগৰ (গাজিয়াবাদ ইউপি), চাকিল খান (৭৩) নিবাসী প্ৰেমনগৰ (গাজিয়াবাদ ইউপি), ৰাজু আলীনিবাসী ৰামনগৰ শ্বাহদাৰা (দিল্লী)ক গ্ৰেপ্তাৰ কৰিছে।

সহস্ৰাধিক লোকৰ সমাগমত সম্পন্ন ফাইজুৰ ৰহমানৰ জানাজা

লাহৰীঘাটৰ দেৱাগুৰীৰ কলেজীয়া ছাত্ৰ ফাইজুৰ ৰহমানৰ জানাজা সম্পন্ন।কেইবা সহস্ৰাধিক লোকৰ সমাগমত সম্পন্ন হয় ফাইজুৰ ৰহমান ওৰফে ৰাব্বুলৰ জানাজা।দেৱাগুৰী হাইস্কুল খেল পথাৰত এক শোকাকুল পৰিবেশত সম্পন্ন হয় ছাত্ৰ গৰাকীৰ জানাজা।উল্লেখ্য যে,২৬ তাৰিখে ফাইজুৰৰ প্ৰেমিকা ৰাজানা আহমেদে ন-প্ৰেমিক আনিচুৰ ৰহমানৰ সৈতে মিলি প্ৰথমে অপৰহণ কৰি পিছত হত্যা কৰি পাতিদৈয়া দলঙৰ সমিপতে বিলত পেলাই থৈ গৈছিল ছাত্ৰজনক।নিৰুদ্দেশ হোৱাৰ দহ দিন পিছত কালি মৃতদেহটো উদ্ধাৰ হৈছিল।

মৰোণত্তৰ পৰীক্ষাৰ অন্তত আজি দেৱাগুৰী বাহগৃত অনাৰ লগে লগে এক শোকাকুল পৰিবেশে বিৰাজ কৰিছে সমগ্ৰ অঞ্চলটোতে।বিয়লি তিনি বজাত দেৱাগুৰী হাইস্কুল খেল পথাৰত কেইবা সহস্ৰাধিক লোকৰ সমাগম সম্পন্ন হয় ফাইজুৰ ৰহমানৰ জানাজা।

লখিমপুৰত গো-মাংসৰ চোৰাং বেহা,আটক তিনিজনক।

লখিমপুৰত গো মাংসৰ চোৰাং ৰমৰমীয়া বেহা,আটক তিনিজন।লখিমপুৰ জিলাৰ দলহাটৰ ভোগপুৰীয়া গাৱঁৰ একমাত্ৰ ঐতিজমণ্ডিত হৰি মন্দিৰৰ ২০০ মিটাৰৰ নিলগতে এই বেহা দুষ্টচক্ৰৰ।জানিব পৰা মতে একে গাঁৱৰে দুমনিক বৰ্ল্লা,মচিদাচ তপ্ন আৰু ৰমজান আনচাৰি নামৰ তিনিজন ব্যক্তিৰ ছত্ৰ ছায়াত বহু দিনৰ পৰাই চলাই আহিছে গো মাংসৰ ব্যৱসায়।

চৰকাৰী নীতি নিৰ্ধাৰণ কৰি দিয়াৰ পাছতো এনে একাংশই গো মাংস মাফিয়াই মুনাফা লাভৰ বাবে চৰকাৰী নীতি নিয়মক বুঢ়া আঙুলি দেখুৱাই কাৰু কাৰ্য্য চলাই থকা অৱস্থাতে আজি গাঁৱৰ ৰাইজে হাতে লোটে ধৰি দলহাট আৰক্ষীক চমজাই দিয়ে ।সম্প্রতি অধিক তথ্যৰ বাবে লালুক আৰক্ষী চকীলৈ প্ৰেৰণ কৰিছে।

বৃহত্তৰ লাহোৱাল অঞ্চলত মুকলি Grihalakshmi health care centre নামৰ প্ৰতিষ্ঠান

বৃহত্তৰ লাহোৱাল অঞ্চলৰ বাবে কঢ়িয়াই আনিছে সুখবৰ।তিনিগৰাকী উদ্যোমী যুৱকৰ প্ৰচেষ্টাত Grihalakshmi health care centre নামৰ প্ৰতিষ্ঠানটোৰ যোগেদি লাহোৱালত পোন প্ৰথম বাৰ বাবে শুভাৰম্ভ কৰিছে ফিজিঅথেৰাপী কেন্দ্ৰ । লাহোৱালত ফিজিঅথেৰাপী কেন্দ্ৰটো শুভাৰম্ভ কৰা অনুষ্ঠানটোত কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকি এই কেন্দ্ৰটোৱে অনাগত দিনত বৃহত্তৰ লাহোৱালৰ গ্ৰাম্য প্ৰধান অঞ্চলৰ বহু ৰোগী ৰোগমুক্ত কৰা ক্ষেত্ৰখনত আশা ব্যঞ্জক সহাঁৰি যোগাব বুলি আশা প্ৰকাশ কৰে ।

তদুপৰি কেন্দ্ৰটোৰ পৰিচালনা সঞ্চালকে জানিবলৈ দিয়া মতে প্ৰতি গৰাকী ৰোগীক এমাহৰ বাবে কেন্দ্ৰটোত বিনামূলীয়াকৈ ফিজিঅথেৰাপী সুবিধা প্ৰদান কৰিব । অন্যহাতেদি ফিজিঅথেৰাপী কেন্দ্ৰ স্থাপনৰ যোগেদি কেইবা গৰাকী নিবনুৱাকো সংস্থাপনৰ বাট মুকলি কৰি দিছে

সামৰণি পৰিল গুৱাহাটীত অনুষ্ঠিত হু’নাৰ হাটৰ

যোৱা ১১ মাৰ্চত গুৱাহাটীৰ খানাপাৰাৰ খেলপথাৰত হুনাৰ হাটৰ এক সুন্দৰ আৰম্ভণি হয়। হুনাৰ হাটৰ এই ৩৮ তম সংস্কৰণৰ আজি সামৰণি পৰে। এই হুনাৰ হাটত, ৩০ খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ শিল্পী, শিল্পকাৰ আৰু কাৰিকৰসকলে ৩০০টা শিল্প আৰু ৰন্ধনপ্ৰণালীৰ বিপণী স্থাপন কৰিছিল। জনসাধাৰণে বিগত ১০টা দিনত বহু সামগ্ৰী ক্ৰয় কৰিছে আৰু সকলো শিল্পী আৰু কাৰিকৰক উৎসাহিত কৰিবলৈ অনলাইনত বৃহৎ সংখ্যক অৰ্ডাৰ বুক কৰিছে। ফুড ক’ৰ্টত সমগ্ৰ দেশৰ পৰম্পৰাগত সুস্বাদু খাদ্যও উপভোগ কৰে জনসাধাৰণে। ইয়াৰ উপৰিও, মঞ্চত সংগীত আৰু সাংস্কৃতিক কাৰ্যসূচীও পৰিৱেশন কৰা হয়। শিল্পীসকলেও দৰ্শকৰ পৰা যথেষ্ট সমাদৰ লাভ কৰে। জুবিন গাৰ্গ, কল্পনা পাটোৱাৰী, দিক্ষু শৰ্মা, মহালক্ষ্মী আয়াৰ, উপাসনা সিং, জুনিয়ৰ মেহমুদ, সুদেশ ভোচলে, অমিত কুমাৰ, সুৰেশ ৱাডকাৰ আৰু অন্যান্য শিল্পীসকলে গুৱাহাটীৰ লোকসকলক মনোৰঞ্জন প্ৰদান কৰে।
গুৱাহাটীত পোন প্ৰথমবাৰৰ বাবে কেন্দ্ৰীয় সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰালয়ে হুনাৰ হাটৰ আয়োজন কৰে। হুনাৰ হাটক সৰ্বাধিক সমৰ্থন প্ৰদান কৰি সফল কৰি তোলাত গুৱাহাটী, অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ ৰাইজে এক বৃহৎ ভূমিকা পালন কৰে। হুনাৰ হাটৰ অন্তিম দিনটোত কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী মুখতাৰ আব্বাছ নাকভিয়ে হুনাৰ হাট উপলক্ষে স্থপতি জনসাধাৰণলৈ এক ভিডিঅ’ বাৰ্তা মুকলি কৰে আৰু তেওঁলোকক আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰে।


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্দেশনাত আৰু কেন্দ্ৰীয় মন্ত্ৰী মুখতাৰ আব্বাছ নাকভিৰ নেতৃত্বত দেশৰ বিভিন্ন চহৰত আয়োজিত হ’বলগীয়া হুনাৰ হাটে লক্ষাধিক শিল্পী, শিল্পকাৰ, কাৰিকৰক বজাৰ আৰু কৰ্ম সংস্থাপন প্ৰদান কৰিছে। “ভ’কেল ফ’ৰ লোকেল” মন্ত্ৰৰ সৈতে অনুষ্ঠিত হোৱা হুনাৰ হাট হৈছে “এক ভাৰত শ্ৰেষ্ঠ ভাৰত”ৰ এক জীৱন্ত উদাহৰণ। হুনাৰ হাট গুৱাহাটীৰ পূৰ্বে ৩৭ খন চহৰত আয়োজন কৰা হৈছে। পৰৱৰ্তী হুনাৰ হাট অৰ্থাৎ ৩৯তম হুনাৰ হাট চণ্ডীগড়ত ২৫ মাৰ্চৰ পৰা ৩ এপ্ৰিললৈ অনুষ্ঠিত হ’ব।