Home Blog Page 2562

হৰিনামেৰে মুখৰিত হ’ল বাক্সা জিলাৰ জাৰতালূক

শান্তি ,সমৃদ্ধি, অটুত ৰখাৰ উদ্দেশ্যা বাক্সা জাৰতালূক শ্ৰীশ্ৰী কালী মন্দিৰ প্ৰাংগণত আন বাৰৰ দৰে এই বাৰো শ্ৰীশ্ৰী কালিপূজা আৰু অষ্টপ্ৰহৰ শ্ৰীকৃষ্ণৰ নাম নামকীৰ্ত্তন মহোৎসৱ ১৫ ৰ পৰা ১৯ মাৰ্চলৈ পাঁচদিনীয়াকৈ বিনন্দীয়া কাৰ্যক্ৰমণিকাৰে উদযাপন কৰা হৈছে এই মহোসৎৱ। অসমৰ বিভিন্ন জিলাৰ লগতে কোঁচবিহাৰ, চিলীগুৰী নামকীৰ্তনৰ দল ।আহিছে নামকীৰ্তনৰ কৰিবলৈ৷ যথেষ্ট সংখ্যক ভক্তৰ সমাগম হয় ।আনহাতে প্ৰতিদিনে ভক্তৰ ভিৰ দেখিবলৈ পোৱা যায়। যথেষ্ট সংখ্যক ভক্তৰ ভক্তি ৰসৰে মুখৰিত হৈ পৰিছে৷

হু’নাৰ হাটত গুৰুত্বপূৰ্ণ ভূমিকা পালন উত্তৰ-পূৰ্বাঞ্চলৰ শিল্পী আৰু কাৰিকৰসকলৰ

খানাপাৰাত অনুষ্ঠিত হুনাৰ হাটত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ শিল্পী আৰু কাৰিকৰসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। উত্তৰ-পূবৰ ৰাজ্যসমূহৰ ২০ খন বিপণী স্থাপন কৰা হৈছে। হিন্দু, মুছলমান, বৌদ্ধ আৰু খ্ৰীষ্টান ধৰ্মাৱলম্বী শিল্পীসকলৰ এই ২০খন বিপণীৰ ভিতৰত ১১ খন বিপণী মহিলাৰ আৰু ৯ খন পুৰুষ শিল্পীৰ। উল্লেখযোগ্য কথাটো হ’ল যে এই বিপণীবোৰৰ অৰ্ধেক অৰ্থাৎ ১০খন বিপণী অসমৰ শিল্পী আৰু কাৰিকৰসকলক। এই বিপণীবোৰত মেখেলা চাদৰ, কুৰ্তা, বেত আৰু বাঁহৰ আনুষংগিক সামগ্ৰী, মুকুতাৰ গহণা, হস্ততাঁত বস্ত্ৰ, হস্তশিল্প আদি উপলব্ধ হৈছে।

গুৱাহাটীত প্ৰথমবাৰলৈ হুনাৰ হাট আয়োজন কৰা হৈছে, কিন্তু অধিকাংশ শিল্পী আৰু কাৰিকৰে পূৰ্বতেও অন্য হুনাৰ হাটত অংশগ্ৰহণ কৰিছে। অসমৰ মনিকা বৰাৰ বিপণী নম্বৰ হ’ল ৯৫। তৃতীয়বাৰলৈ তেওঁলোকক হুনাৰ হাটত এখন বিপণী দিয়া হৈছে। গুৱাহাটীৰ পূৰ্বে হস্ততাঁত চাদৰ আৰু কুৰ্তাৰ কাম কৰা মনিকাই প্ৰয়াগৰাজ আৰু লক্ষ্ণৌত অনুষ্ঠিত হুনাৰ হাটত অংশগ্ৰহণ কৰিছে। অসমৰ জাইৰুল ৰহমানেও গুৱাহাটীৰ পূৰ্বে উত্তৰ প্ৰদেশৰ বৃন্দাবনৰ হুনাৰ হাটত অংশগ্ৰহণ কৰিছিল। এতিয়া তেওঁলোকক দ্বিতীয়বাৰলৈ সুযোগ দিয়া হৈছে। বেত আৰু বাঁহেৰে শোভিত দৈনন্দিন প্ৰয়োজনীয় সামগ্ৰী প্ৰস্তুত কৰা জাইৰুলে হুনাৰ হাটত সুযোগ পাই অত্যন্ত সুখী আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী মুখতাৰ আব্বাছ নাকভিলৈ কৃতজ্ঞতা জ্ঞাপন কৰিছে।

ছিকিমৰ অনিতা তামাঙে কাপোৰৰ কাম কৰে। গুৱাহাটীৰ হুনাৰ হাটত তেওঁৰ বিপণী নম্বৰ ২১৩। অনিতাইও নিজৰ দক্ষতা প্ৰদৰ্শন কৰাৰ সুযোগ ইয়াৰ পূৰ্বে লাভ কৰিছে। তেওঁ চুৰাট আৰু হায়দৰাবাদৰ হুনাৰ হাটত যোগদান কৰিছিল। অধিকাংশ শিল্পী আছে যিয়ে প্ৰথমবাৰৰ বাবে বিপণী স্থাপনৰ সুযোগ লাভ কৰিছে। অসমৰ অৰ্জিনা খানমে প্ৰথমবাৰৰ বাবে গুৱাহাটীৰ হুনাৰ হাটত অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰিছে। আৰ্জিনাই তেওঁৰ ৯৩ নম্বৰৰ বিপণীত বেত আৰু বাঁহেৰে নিৰ্মিত সামগ্ৰী বিক্ৰী কৰিছে আৰু বিক্ৰীৰ ফলাফলক লৈ তেওঁ সুখী। এক বাৰ্তালাপত আৰ্জিনাই কয় যে মানুহৰ সঁহাৰি যথেষ্ট উন্নত হৈছে, বহু সংখ্যক লোকে তেওঁৰ পৰা সামগ্ৰী ক্ৰয় কৰিছে।

হুনাৰ হাটৰ সকলো বিপণী আকৰ্ষণীয় হৈছে যদিও অসম আৰু উত্তৰ-পূবৰ ৰাজ্যসমূহৰ বিপণীবোৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। ভৱিষ্যতেও হুনাৰ হাটত উত্তৰ-পূৰ্বাঞ্চলৰ শিল্পী, শিল্পকাৰ, কাৰিকৰসকলক সুযোগ প্ৰদান কৰি যাব।

ছিপাঝাৰৰ যুৱক আলফা স্বাধীনলৈ যোৱাৰ খবৰে অঞ্চলটোত হাহাকাৰ সৃষ্টি কৰিছে

ছিপাঝাৰৰ  যুৱক আলফা স্বাধীনলৈ । ছিপাঝাৰৰ কুমাৰপাৰা ভদ্ৰকান্ত বড়া আৰু মনোৰমা বড়া ৰ একমাত্ৰ পুত্ৰ ২৬বছৰীয়া হিৰকজ্যোতি বড়া আলফা স্বাধীনলৈ যোৱা খবৰে ঘৰখনত এক হাহাকাৰ পৰিৱেশৰ সৃষ্টি কৰিছে । ইতিমধ্যে  আৰক্ষী উপস্হিত হৈ আৰম্ভ কৰিছে তদন্ত ।যোৱা ৯মাৰ্চৰ পৰা কৰ্মসূত্ৰে ওলাই গৈছিল গুৱাহাটীলৈ তেতিয়াৰ পৰাই পৰিয়ালৰ সৈতে বিচ্ছিন্ন যোগাযোগ।কালি এটি দলৰ সৈতে আলফা স্বাধীনলৈ ওলাই যোৱাৰ খবৰে অঞ্চলটোত হাহাকাৰ পৰিৱেশৰ সৃষ্টি কৰিছে

মাক-দেউতাকৰ আলফা সেনাধ্যক্ষ পৰেশ বৰুৱা লৈ কাতৰ আহ্বান ল’ৰাটোক পুনৰ ঘৰলৈ ওভতাই পঠাবলৈ কাতৰ অনুৰোধ
জনায়।

এম জি এন ৰেগা আঁচনিৰ ৰূপায়নত অসন্তুষ্ট ৰাইজ।

ৰাজ্য চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰাম্যোন্নয় বিভাগৰ এম জি এনৰেগাৰ জৰিয়তে গ্ৰাম্যাঞ্চলত কোটি কোটি টকা খৰছ কৰিছে যদিও এতিয়াও উন্নয়ন হোৱা নাই বহু ঠাই। এম জি এন ৰেগা আঁচনিৰ জৰিয়তে অনুমোদন দিয়া এই আঁচনিখন এতিয়া এনেদৰে অসমাপ্ত হৈ পৰি থকাত ক্ষোভিত হৈ পৰিছে অঞ্চলটোৰ ৰাইজ ।দৰং জিলাৰ ছিপাঝাৰ উন্নয়নখণ্ডৰ অন্তৰ্গত দুমুনিচকী গাওঁ পঞ্চায়তৰ একাংশএম জি এন ৰেগা আঁচনি ৰূপায়নে ৰাইজক ক্ষোভিত কৰি তুলিছে । দৰং কামৰূপ জিলাৰ সীমান্তৰ দুমুনিচকী সাপ্তাহিক বজাৰৰ সমীপৰ ২০২০-২১ বৰ্ষত ৰাজহুৱা জানাজা ক্ষেত্ৰ উন্নয়ন কৰিবলৈ ৭ লাখ ৫৩ হাজাৰ টকাৰ আঁচনিখনৰ নামত আবন্তিত হৈছিল ।

কিন্তু দুমুনিচকী গাঁও পঞ্চায়তৰ একাংশ বিষয়া কৰ্মচাৰীৰ অবেহেলাৰ বাবে অতি নিম্নমানৰ কাম কৰি সামৰিলে যাৰ ফলত মৃত্যু হোৱা ব্যক্তি জানাজা দিয়া অসুবিধা হৈ পৰিছে। যিখিনি কাম কৰিছে সেই কামখিনিক লৈ অসন্তুষ্ট অঞ্চলটোৰ ৰাইজ।

স্মাৰ্ট আৰক্ষী থানাৰ পৰাই পলায়ন ছাগলী চোৰৰ

গৃহমন্ত্ৰীৰ দায়িত্বত থকা অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই যি সময়ত অসম আৰক্ষীক অধিক গতিশীল আৰু জনমুখী কৰি অসম আৰক্ষীৰ হেৰাই যোৱা গ্ৰহণযোগ্যতা ৰাইজৰ মাজলৈ ঘূৰাই আনিবলৈ আপ্ৰান চেষ্টা চলাই আহিছে ঠিক তেনে সময়তে লাহৰীঘাট আৰক্ষীৰ দায়িত্বজ্ঞানহীনতাৰ এখন পুতৌলগা ছৱিয়ে চকু কপালত তুলিছে সচেতন ৰাইজৰ। দিন দুপৰতে আৰক্ষীৰ চকুত ধূলি মাৰি চুৰ পলাই যাবলৈ সক্ষম হোৱা বিষয়টোৱে আৰক্ষী থানাখনৰ ফোপোলা স্বৰূপ বাৰুকৈয়ে উন্মোচিত হোৱাৰ লগতে থানাখনৰ সংশ্লিষ্ট আৰক্ষী বিষয়া আৰু কৰ্তব্যৰত আৰক্ষীৰ দায়িত্বহীনতাৰ এখন বাস্তৱ ছৱি স্পষ্ট হৈ পৰিছে। যোৱা কালি লাহৰীঘাটৰ গৰম বজাৰৰ পৰা ৰাইজে চোৰটোক আটক কৰি চমজাই দিছিল আৰক্ষীক ।

আৰু আজি আৰক্ষী থানাৰ পৰা চোৰটো পলায়ন কৰাত হুৱা দোৱা লাগে আৰক্ষীৰ মাজত ।পিছে পিছে আৰক্ষী দৌৰি যায় যদিও কোনো শুং-সূত্ৰ উলিয়াব পৰা নাই পলাতক চোৰটোৰ ।আৰক্ষী থানাৰ পৰা চুৰে পলায়ন কৰিবলৈ সক্ষম হোৱা বিষয়টোৱে গোটেই আৰক্ষী বিভাগটোকেই বদনামি কৰি তোলা বুলি মন্তব্য কৰিছে সচেতন ৰাইজে।

ভাৰতত ৫ বছৰত ৪২ বিলিয়ন মার্কিন ডলাৰ বিনিয়োগ কৰিব জাপানে…

যুদ্ধ বিধ্বস্ত ইউক্ৰেইন সন্দৰ্ভত নিজস্ব স্থিতি স্পষ্ট কৰি জাপান আৰু ভাৰতে ঐক্যবদ্ধ পদক্ষেপ গ্ৰহণৰ সিদ্ধান্ত লৈছে। নতুন দিল্লীত শনিবাৰে ভাৰত ভ্ৰমণৰত জাপানৰ প্ৰধানমন্ত্ৰী ফুমিও কিছিডাৰ সৈতে এক বৈঠকত মিলিত হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই কথা ঘোষণা কৰে। বৈঠকত বিভিন্ন বিষয় লৈ দুয়োজন ৰাষ্ট্ৰনেতাই মত বিনিময় কৰে। ইউক্ৰেইন সন্দৰ্ভত তেওঁলোকে আন্তৰাষ্ট্ৰীয় একতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। উল্লেখ্য যে ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰাৰ পিছতে আন কেইবাখনো দেশৰ লগতে জাপানেও ৰাছিয়াৰ বিৰুদ্ধে বিভিন্ন ক্ষেত্ৰত অৱৰোধ ঘোষণা কৰিছে।

আনহাতে ভাৰতৰ সৈতে দ্বিপাক্ষিক সম্পৰ্ক উন্নত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰী কিছিডাই নিৰাপত্তা আৰু অৰ্থনৈতিক ক্ষেত্ৰত ভাৰতক সহযোগ কৰাৰ আশ্বাস দিয়ে। অহা ৫ বছৰৰ ভিতৰত জাপানে ভাৰতত ৩.২ লাখ কোটি টকা বিনিয়োগ কৰিব বুলি প্ৰকাশ কৰে জাপানৰ প্ৰধানমন্ত্ৰীয়ে। শেহতীয়াকৈ জাপানৰ সৈতে অৰ্থনৈতিক সম্পৰ্ক যথেষ্ট উন্নত হোৱা বুলি উল্লেখ কৰি জাপানৰ প্ৰধানমন্ত্ৰীয়ে পৰৱৰ্তী সময়ত ভাৰতত বিনিয়োগৰ মাত্ৰা বৃদ্ধি কৰাৰ কথা ঘোষণা কৰে। দুয়োখন দেশৰ মাজত শীঘ্ৰে বিশেষ বৈঠক অনুষ্ঠিত কৰিবলৈ সন্মতি প্ৰকাশ কৰে জাপানৰ প্ৰধানমন্ত্ৰী কিছিডাই। তেওঁ টকিঅ’ত অনুষ্ঠিত হ’বলগীয়া QUAD শীৰ্ষ সন্মিলত অংশগ্ৰহণৰ বাবে প্ৰধানমন্ত্ৰী মোদীক আমন্ত্ৰণ জনায়। দুয়োজন প্ৰধানমন্ত্ৰীৰ বৈঠকৰ পিছতে ভাৰত আৰু জাপানৰ মাজত ৬খনকৈ চুক্তি স্বাক্ষৰিত হয়।

ভাৰতলৈ ৰাছিয়াৰ উপহাৰ! কম মূল্যত যোগান ধৰিব খাৰুৱা তেল…

FILE PHOTO: A maze of crude oil pipes and valves is pictured during a tour by the Department of Energy at the Strategic Petroleum Reserve in Freeport, Texas, U.S. June 9, 2016. REUTERS/Richard Carson

ভাৰতলৈ ৰাছিয়াৰ উপহাৰ। কম মূল্যত ভাৰতীয় তেল কোম্পানীলৈ ৰাছিয়াই যোগান ধৰিব খাৰুৱা তেল। আন্তঃৰাষ্ট্ৰীয় বজাৰৰ খাৰুৱা তেলৰ মূল্যতকৈ বহু কম দামত ভাৰতক খাৰুৱা তেল যোগান ধৰিবলৈ আগবাঢ়িছে ৰাছিয়া। ইয়াৰ বাবে শীঘ্ৰেই সম্পাদিত কৰা হ’ব চুক্তি। ইউক্ৰেইনৰ ওপৰত ৰাছিয়াই আক্ৰমণ কৰাৰ পিছতে ৰাছিয়াৰ ওপৰত অৰ্থনৈতিক অৱৰোধ আৰোপ কৰা হৈছে। পশ্চিমীয়া দেশ সমূহে ৰাছিয়াৰ লগত সকলো সম্পৰ্ক শেষ কৰিছে। ৰাছিযাৰ ওপৰত আমেৰিকাই তেল আমদানি নিষেধাজ্ঞা কে ধৰি বিভিন্ন নিষেধাজ্ঞা আৰোপ কৰিছে।

কিন্তু ইয়াৰ বিপৰীতে ভাৰতীয় তেল কোম্পানীয়ে ৰাছিয়াৰ তেল কোম্পানীৰ পৰা তেল ক্ৰয় কৰাত কোনো বাধা লাভ কৰা নাই। ভাৰতীয় তেল কোম্পানীৰ ওপৰত নাই কোনো নিষেধাজ্ঞা। ইফালে আমেৰিকাকে ধৰি অন্যান্য পশ্চিমীয়া ৰাষ্ট্ৰসমূহে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাত নিষেধাজ্ঞা আৰোপক কৰাৰ পিছতে ভাৰত তথা ৰাছিয়াৰ সৈতে সু সম্পৰ্ক বজাই ৰখা দেশসমূহৰ তেল কোম্পানীক কম মূল্যত তেল যোগান ধৰিবলৈ সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছে ৰাছিয়াই। এই সন্দৰ্ভত ভাৰতীয় তেল কোম্পানীৰ সৈতে এক চুক্তিও স্বাক্ষৰ কৰিবলৈ আগবাঢ়িছে। ইণ্ডিয়ান অইল কৰ্পোৰেচন লিমিটেডে ৰাছিয়াৰ এটা তেল কোম্পানীৰ সৈতে ৩ নিযুত বেৰল খাৰুৱা তেল আমদানি কৰাৰ চুক্তি কৰিছে। ইয়াৰ বাবে দুয়োটা কোম্পানীৰ মাজত পোনপটীয়া আলোচনা হৈছে। এই চুক্তি চূড়ান্ত পৰ্যায়ত উপনীত হৈছে।

এই মুহূৰ্তত, অধিক ভাৰতীয় তেল কোম্পানীয়ে খাৰুৱা তেল আমদানি কৰিবলৈ ৰাছিয়াৰ তেল কোম্পানীবোৰৰ সৈতে চুক্তি স্বাক্ষৰ কৰাৰ বাবে প্ৰস্তুত হৈছে। উল্লেখ্য যে ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধ আৰম্ভ হোৱাৰ লগে লগে আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্য যথেষ্ট বৃদ্ধি পাইছিল। প্ৰতিবেৰল খাৰুৱা তেলৰ মূল্যই ১৩০ ডলাৰৰো অধিক মূল্য স্পৰ্শ কৰিছিল। এতিয়াও এই মূল্য ১০০ ডলাৰৰ ওপৰতেই আছে। এনে পৰিস্থিতিত ৰাছিয়াই ভাৰতীয় তেল কোম্পানীক বহু কম মূল্যত তেল যোগান ধৰাৰ বাবে লোৱা পদক্ষেপে ভাৰতক উপকৃত কৰিব বুলি আশা কৰা হৈছে।

জাপানৰ প্ৰধানমন্ত্ৰীৰ প্ৰথম ভাৰত ভ্ৰমণ…

দুদিনীয়া কাৰ্যসূচীৰে ভাৰতলৈ আহিছে জাপানৰ বৰ্তমানৰ প্ৰধানমন্ত্ৰী। জাপানৰ প্ৰধানমন্ত্ৰী ফুমিঅ কিছিদা নতুন দিল্লীত উপস্থিত হৈছে। বিমান বন্দৰত প্ৰধানমন্ত্ৰীগৰাকীক আদৰণি জনাই কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে। এই ভ্ৰমণকালত কিছিদাই চতুৰ্দশ ইণ্ডিয়া-জাপান বাৰ্ষিক সন্মিলনত অংশগ্ৰহণ কৰিব। ইয়াৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে দুয়োখন দেশৰ বিভিন্ন দিশৰ ওপৰত আলোচনা কৰিব।

কিছিদাৰ প্ৰধানমন্ত্ৰীৰূপে শপতগ্ৰহণৰ পিছত প্ৰথম ভাৰত ভ্ৰমণ। ইয়াৰ পূৰ্বে অন্তিমবাৰলে ২০১৮ চনৰ অক্টোবৰ মাহত অনুষ্ঠিত হৈছিল বাৰ্ষিক সন্মিলনত। টকিঅত অনুষ্ঠিত সেই সন্মিলনৰ পিছত কভিডকালীন পৰিস্থিতিৰ বাবে পুনৰ অনুষ্ঠিত হোৱা নাছিল। অৱশ্যে ভাৰ্চুৱেল মিটিং আৰু ফোনযোগে বিষয়া পৰ্যায়ৰ বৈঠক সময়ে সময়ে অনুষ্ঠিত হৈ আহিছে।

কি কাৰণে কাজিৰঙালৈ আহিব অভিনেতা অক্ষয় কুমাৰ?

কাজিৰঙালৈ আহিব এইবাৰ জনপ্ৰিয় অভিনেতা অক্ষয় কুমাৰ। বিগত সময়ছোৱাত ৰাষ্ট্ৰীয় উদ্যানখনত হাইলেণ্ড নিৰ্মাণৰ বাবে অক্ষয়ে দিছিল ১ কোটি টকা। নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পাছতেই উদ্যান কৰ্তৃপক্ষই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ভ্ৰমণৰ বাবে আমন্ত্ৰণ জনাই।

টুইটাৰত আমন্ত্ৰণ জনোৱাৰ পাছতেই টুইটাৰত ৰিপ্লাই অক্ষয় কুমাৰৰ। শীঘ্ৰেই কাজিৰঙালৈ আহিব বুলি টুইট কৰে অভিনেতা অক্ষয় কুমাৰ। টুইটযোগে অভিনেতাগৰাকীৰ সঁহাৰি। শীঘ্ৰে কাজিৰঙা ভ্ৰমণৰ কথা প্ৰকাশ কৰে অক্ষয় কুমাৰে।

৯-১০ এপ্ৰিলত গোলাঘাটত পেঃগু অপৃন মহাসভাৰ অধিৱেশন

মিচিং সকলৰ সৰ্ববৃহৎ বৃহৎ গোত্ৰ পেঃগু অপৃন মহাসভাৰ তৃৃতীয় ত্ৰি-বাৰ্ষিক অধিৱেশনখন এইবাৰ গোলাঘাট জিলাত অনুষ্ঠিত হ’ব ৷ গোলাঘাট জিলাৰ দৈয়াং মৃৰং উকুম লত্তাত ৯ আৰু ১০ এপ্ৰিলত অনুষ্ঠিত হ’বলগা উক্ত অধিৱেশনৰ বাবে ইতিমধ্যে এক শক্তিশালী উদ্‌যাপন সমিতি গঠন কৰা হৈছে বুলি তাকাম পেঃগু অপৃন মহাসভাৰ কেন্দ্ৰীয় সভাপতি দেবিৰাম পেগু, সচিব শিৱনাথ পেঃগু আৰু যুটীয়া সচিব দিলীপ পেগুৱে জানিবলৈ দিছে ৷ তেওঁলোকে এক বিবৃটিত জনোৱা মতে অধিৱেশনখন সাফল্যমণ্ডিত কৰি তুলিবলৈ দীনেশ পেগুক সভাপতি, ৰাজু পেগুক সম্পাদক হিচাপে লৈ মূল সমিতিখন গঠন কৰাৰ লগতে অৰ্ধশতাধিক উপসমিতি গঠন কৰা হৈছে ৷

তেওঁলোকে লগতে জনোৱা মতে ১৭ মাৰ্চত চিলাপথাৰ পেঃগু ভৱনত কেন্দ্ৰীয় সমিতিৰ এখন কাৰ্যকৰী বৈঠক অনুষ্ঠিত হৈছিল ৷ উক্ত সভাত অতিথি নিমন্ত্ৰণ, পূঁজি, অতিথি আপ্যায়ন, প্ৰতিনিধি সম্পৰ্কত আলোচন কৰাৰ লগতে মুকলি সভা আৰু সাংস্কৃতিক কাৰ্যসূচীৰ ওপৰতো আলোচনা কৰা হয় ৷ বিগত বৰ্ষবোৰৰ দৰে এইবাৰো সাংস্কৃতিক নিশাৰ কাৰ্যসূচী মিচিং সমাজৰ পুৰোধা শিল্পী অই আপ্পুন গণেশ পেগুৰ সোঁৱৰণত অনুষ্ঠিত হ’ব ৷ অধিৱেশনখনত অসম-অৰুণাচল প্ৰদেশৰ লগতে সমগ্ৰ ভাৰতবৰ্ষৰ ২০০০ প্ৰতিনিধি উপস্থিত থাকিব ৷ অধিৱেশনৰ বাবে ইতিমধ্যে দৈয়াং মৃৰং উকুম লত্তা সজাই-পৰাই তোলাৰ কাম আৰম্ভ কৰা বুলি তেওঁলোকে জনোৱাৰ লগতে অধিৱেশনত সকলো ৰাইজৰ সহযোগিতা কামনা কৰিছে ৷