Home Blog Page 2578

মৰিয়নিত নিৰ্দলীয়ৰ একক সংখ্যাগৰিষ্ঠ আসন লাভ

মৰিয়নি পৌৰসভাৰ ১০খন আসনৰ ৮খনেই নিৰ্দলীয় প্ৰাৰ্থীয়ে দখল কৰিবলৈ সক্ষম হয়।বিজেপিয়ে কেৱল ২খন মৰিয়নি পৌৰসভাৰ ১০ টা ৱাৰ্ডৰ ৮ টাত নিৰ্দলীয় প্ৰাৰ্থী বিজয়ী ঘোষণা হোৱাৰ পিছতে মৰিয়নিত আনন্দৰ লহৰ দেখিবলৈ পোৱা যায়। তিতাবৰ নিৰ্বাচনী কাৰ্যালয়ৰ পৰা বিজয়ী প্ৰাৰ্থীসকল মৰিয়নি আহি পোৱাৰ লগে লগে নিজ নিজ সমৰ্থকে ফটকা আতচবাজিৰে বিপুল আদৰণি জনায়।

বিজয়ী ৮ গৰাকী প্ৰাৰ্থীক সমৰ্থকসকলে লগত লৈ নগৰৰ মাজেৰে বিজয় যাত্ৰা কৰি মৰিয়নিবাসীৰ আশিষ লয়।আসনৰ বিপৰীতে কংগ্ৰেছ দলে এখনো আসন লাভ নকৰিলে।ইতিমধ্যে নিৰ্দলীয় প্ৰাৰ্থী সকলে জানিবলৈ দিয়ে যে পৌৰসভা খন নিৰ্দলীয়ই গঠন কৰিব।

ডিব্ৰুগড়ৰ উত্তৰ পূব সীমান্ত ৰে’লৱে যান্ত্ৰিক কাৰখানাৰ সভাকক্ষত গুৰুত্বপুৰ্ণ সভা।

ডিব্ৰুগড়ৰ উত্তৰ পূব সীমান্ত ৰেলৱে যান্ত্ৰিক কাৰখানাৰ সভাকক্ষত গুৰুত্বপুৰ্ণ সভা।অন্যান্য পিচপৰা জাতিৰ নিয়োজিত হৈ থকা বিষয়া কৰ্মচাৰীক লৈ সভাকক্ষত অনুষ্ঠিত সভাৰ সৰ্ব সন্মতি ক্ৰৰ্মে আজি গঠণ কৰা হয় অন্যান্য পিচপৰা জাতিৰ ১৬ জনীয়া সমিতিখন ।ভাৰত চৰকাৰৰ ৰেল মন্ত্ৰালয়ে অতি পিচপৰা জাতিৰ কল্যাণৰ অৰ্থে বিভাগৰ নিয়োজিত লোকৰ সা সুবিধা প্ৰদান ব্যৱস্থা ৰাখিছে যদিও তেনে সুবিধা লাভৰ পৰা জাতিটো বঞ্চিত হৈ অহা বুলি সভাখনিত আলোকপাত হয়।বিভাগটোৰ আবাসিক গৃহ ‘চিকিৎসালয় ‘ কায্যালয়ৰ শৌচাগাৰ প্ৰশ্বাৱগাৰৰ মেৰামতি তথা উন্নয়ণ সাধনত বিভাগে ব্যৱস্থা লোৱাৰ ওপৰতো সভাৰ গুৰুত্ব।আগন্তক জাতিটোৰ প্ৰজন্ম তথা শিক্ষিত যুৱক যুৱতীক চাকৰি দিয়াৰ দিশত ৰেল মন্ত্ৰালয়ত সংৰক্ষণ ব্যৱস্থা’ৰ লগতে বিভাগৰ বিষয়া কৰ্মচাৰীক পদোন্নতিৰ বিষয়টোৱে গুৰুত্ব লভে সভাত ।

গঠন হৈ উঠা সমিতি খনিয়ে আগন্তক দিনত সম্প্ৰীতি সমন্বয় আৰু একটা গঢ় দিয়াত সক্ষম হোৱাৰ আশা আজিৰ সভাৰ সমল ব্যক্তিৰ ।আজিৰ সভাতে ৰেল বিভাগৰ মহা প্ৰৱন্ধক গৰাকীক অভাৱ অসুবিধা সম্পৰ্কে জনোৱাৰ প্ৰস্তাৱ গ্ৰহণ সভাৰ ।এ কে মাৰিয়া’ৰ সভাপতিত্বত অনুষ্ঠিত সভাত উদেশ্য ব্যাখা কৰে অনন্ত গগৈয়ে । মাধুৰ্য্য বৰুৱাক সভাপতি আৰু অনন্ত গগৈক সম্পাদক ৰূপে লৈ এখনি শক্তিশালী সমিতি গঠন।

গাহৰিৰ হৃদপিণ্ড লৈ দুমাহ জীয়াই থাকিল ডেভিদ বেনেট

গাহৰিৰ হৃদপিণ্ড সফলতাৰে মানৱ শৰীৰত সংৰোপন কৰা লোকজনৰ মৃত্যু।দুমাহ পূৰ্বে গাহৰিৰ হৃদপিণ্ড সংৰোপণ কৰা লোকজনৰ অৱশেষত মৃত্যু হ’ল।৭জানুৱাৰী দিনা খন বিশ্বত প্ৰথমবাৰৰ বাবে সফলতাৰে এজন ব্যক্তিৰ দেহত সংৰোপণ কৰা হৈছিল গাহৰিৰ হৃদপিণ্ড। ব্যক্তি জনৰ নাম আছিল ডেভিদ বেনেট।আমেৰিকাৰ ইউনিভাৰ্ছিটী অব মেৰীলেন স্কুল অব মেডিচিনত লোকজনৰ দেহত সংৰোপণ কৰা হৈছিল গাহৰিৰ হৃদপিণ্ড।৮ মাৰ্চৰ দিনা খন ইউনিভাৰ্ছিটী অব মেৰীলেণ্ড মেডিকেল চেণ্টাৰত বেনেটৰ মৃত্যু হয়।এই লোকজনৰ দেহত গাহৰিৰ হৃদপিণ্ড সংৰোপণ কৰা সংবাদে বিশ্বজুৰি চৰ্চা লাভ কৰিছিল।

প্ৰাগ চিনে এৱাৰ্ডছক লৈ সংবাদমেল আয়োজন।

প্ৰাগ চিনে এৱাৰ্ডছক লৈ সংবাদমেল আয়োজন।উপস্থিত থাকে প্ৰাগ নিউজৰ CMD ডঃ সঞ্জীৱ নাৰায়ণ, প্ৰেচিডেন্ট ডঃ অক্ষতা নাৰায়ণ, প্ৰাগ চিনে এৱাৰ্ডছৰ জন্মদাতা কৌশিক নাথ,বৰ্ষিয়ান অভিনেতা নিপন গোস্বামী,বিশিষ্ট ছবি পৰিচালক তথা প্ৰাগ চিনে এৱাৰ্ডছৰ সভাপতি সঞ্জীৱ হাজৰিকা,প্ৰাগ নিউজৰ মুখ্য সম্পাদক প্ৰশান্ত ৰাজগুৰু, পৰিচালক নয়ন প্ৰসাদ প্ৰমুখ্যে বহু বিশিষ্ট ব্যক্তি।২০২২ বৰ্ষত প্ৰাগ চিনে এৱাৰ্ডছ অনুষ্ঠিত কৰা হ’ব শিলচৰত।ক’ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এদিনীয়াকৈ অৰ্থাৎ ২৬ মাৰ্চত অনুষ্ঠিত কৰা হ’ব প্ৰাগ চিনে এৱাৰ্ডছ।জীৱন যোৰা সাধনা বঁটা আগবঢ়োৱা হ’ব খ্যাতনামা অভিনেত্ৰী মলয়া গোস্বামীলৈ।বঙালী চিনেমাৰ আগশাৰীৰ প্ৰথিতযশা অভিনেতা প্ৰসেনজিৎলৈ পূৰ্বোত্তৰ চলচ্চিত্ৰ বঁটা আগবঢ়োৱা হ’ব।

গ্লোবেল আইকন এৱাৰ্ডছ বলিউডৰ অভিনেত্ৰী,অসম সন্তান সীমা বিশ্বাসলৈ।বলিউডৰ লগতে বেংগলৰ বহু শিল্পীয়ে পৰিবেশন কৰিব বৰ্ণাঢ্য অনুষ্ঠান।২০২১-২০২২ বৰ্ষত মুক্তি পোৱা ৩৯খন অসমীয়া ছবিয়ে বিভিন্ন শিতানত লাভ কৰিছে মনোনয়ন।লগতে উত্তৰ পূৱৰ বিভিন্ন ভাষাৰ ছবিয়েও শ্ৰেষ্ঠতাৰ ভিত্তিত লাভ কৰিব বঁটা।বৰাক ব্ৰহ্মপুত্ৰৰ মাজত সমন্বয় গঢ়াৰ হেতুকে এ.এম টেলিভিছনৰ এই বিশাল আয়োজন।

পঞ্জাৱত ৰণত পৰিল ৰথি-মহাৰথী, মুখ্যমন্ত্ৰী চান্নী, সিদ্ধু, কেপ্টেইন সকলো পৰাজিত…

পঞ্জাৱত ৰণত পৰিল ৰথি-মহাৰথী। মুখ্যমন্ত্ৰী চৰণজিৎ সিঙে দুখন আসনত প্ৰতিদ্বন্দিতা আগবঢ়াইছিল যদিও দুয়োখন আসনতেই পৰাজিত হ’বলগীয়া হৈছে। আনহাতে পঞ্জাৱ প্ৰদেশ কংগ্ৰেছৰ সভাপতি নৱজ্যোৎ সিং সিদ্ধুও পৰাজিত হৈছে। একেই অৱস্থা শিৰোমণি আকালি দলৰ অধ্যক্ষ সুখবীৰ সিং বাদলৰ।

উল্লেখ্য যে সুখবীৰ সিং বাদলে জালালবাদৰ পৰা প্ৰতিদ্বন্দিতা আগবঢ়াইছিল। ইফালে প্ৰাক্তন মুখ্যমন্ত্ৰী কেপ্টেইন অমৰিন্দৰ সিঙে পাটিয়ালাত প্ৰতিদ্বন্দিতা আগবঢ়াইছিল। তেওঁ পৰাজিত হৈছে।

ঢকুৱাখনা পৌৰসভা কংগ্ৰেছ মুক্ত কৰি বিজেপিৰ ক্লীন চুইপ

ৰাজ্যৰ আন ৭৯ খন পৌৰসভাৰ লগতে ভোট গণনা সম্পন্ন হোৱা ঢকুৱাখনা পৌৰসভাৰ ১০ টা ৱাৰ্ডৰ ৯ টাতে শাসকীয় বিজেপি দলৰ প্ৰাৰ্থীয়ে জয়লাভ কৰি বিৰোধী শূণ্য কৰিবলৈ সক্ষম হয় । পৌৰসভা খনৰ ১ নং ৱাৰ্ডত বিজেপি টিকট প্ৰত‍্যাশী বগেন কোঁৱৰে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে নিৰ্বাচনত অৱতীৰ্ণ হৈ কংগ্ৰেছৰ প্ৰাৰ্থী সুৰজিৎ কোঁৱৰ আৰু বিজেপি – অগপ মিত্ৰজোঁটৰ প্ৰাৰ্থী মনোজ গগৈক পৰাজিত কৰে। ফলাফল ঘোষণাৰ পিছতেই বগেন কোঁৱৰে বিজেপি দলৰ প্ৰতীক সম্বলিত গামোচা লৈ দলটোত যোগদান কৰাত কাৰ্যত ১০ টা ৱাৰ্ডেই গেৰুৱা দলটোৰ দখললৈ যায় । ঢকুৱাখনা পৌৰসভাৰ বিজয়ী প্ৰাৰ্থী সকল হ’ল ক্ৰমে ১ নং ৱাৰ্ডত বগেন কোঁৱৰ ,২ নং ৱাৰ্ডত গুণলতা লাগাচু কুটুম,৩ নং ৱাৰ্ডত সংগীতা বৰুৱা, ৪ নং ৱাৰ্ডত মাণিক বৰুৱা ,৫ নং ৱাৰ্ডত তিলেন দাস,৬ নং ৱাৰ্ডত স্বৰূপ কোঁৱৰ ,৭ নং ৱাৰ্ডত চন্দ্ৰমা গগৈ,৮ নং ৱাৰ্ডত দিপালী দাস,৯ নং ৱাৰ্ডত অপৰূপা দিহিঙীয়া দত্ত আৰু ১০ ৱাৰ্ডত ৰাজীৱ দাসে জয়লাভ কৰে । নিৰ্বাচনী ফলাফল ঘোষণাৰ পিছতেই ঢকুৱাখনা নগৰত আবতৰীয়া দেৱালী আৰু ফাগুৱাৰ সৃষ্টি হয়। ইফালে ১ নং ৱাৰ্ডত বিজেপি -অগপ মিত্ৰজোঁটৰ প্ৰাৰ্থী মনোজ গগৈ পৰাজিত হোৱাত অগপৰ ঢকুৱাখনা বিধান মণ্ডলৰ নেতৃবৃন্দই চৰম অপমান বোধ কৰিছে ।

বিজেপি দলে মিত্ৰতাৰ নামত ১ নং ৱাৰ্ডটো অগপ দলক দিছিল যদিও সকলো প্ৰকাৰে বিজেপি দলৰ শক্তিশালী টিকট দাবীদাৰ নিৰ্দলীয় প্ৰাৰ্থী বগেন কোঁৱৰক সকলো প্ৰকাৰে সহায় -সহযোগ কৰিছিল । বিগত পঞ্চায়ত নিৰ্বাচনতে অস্বিত্বহীন হৈ পৰা অগপৰ সাংগঠনিক দিশতো এইবাৰ একেবাৰে নিচিহ্ন হৈ পৰিল বুলি ৰাইজে মন্তব্য কৰিছে ।বিগত বিধান সভা নিৰ্বাচনত অগপ দলৰ সৰহ সংখ্যক নেতা -পালি নেতাই কংগ্ৰেছৰ প্ৰাৰ্থী পদ্মলোচন দলেক সহায় কৰি নৱ দলেক চিপৰাং মৰাৰ ফল দলটোৱে ভোগ কৰিলে বুলি ৰাইজেপ্ৰকাশ কৰিছে । নৱ নিৰ্বাচিত সমিতিখনৰ সভাপতিৰ পদত ৬ নং ৱাৰ্ডৰ বিজয়ী প্ৰাৰ্থী স্বৰূপ কোঁৱৰ অধিষ্ঠিত হোৱাতো এক প্ৰকাৰ নিশ্চিত বুলি দলীয় সূত্ৰত প্ৰকাশ ।

যোৰাবাট আৰক্ষীৰ জালত দুখন গৰু ভৰ্তি ট্ৰাক

চোৰাং গৰুৰ বিৰুদ্ধে যোৰাবাট আৰক্ষীৰ অভিযান অব্যাহত
যোৰাবাট আৰক্ষীৰ জালত দুখন গৰু ভৰ্তি ট্ৰাক
নগাঁওৰ পৰা মেঘালয়লৈ নি থকা সময়ত জব্দ ট্ৰাক দুখন
গোপন সূত্ৰৰ পম খেদি যোৰাবাট আৰক্ষীয়ে জব্দ কৰিছে ৪০টা গৰু
আটক আছাবুল আলী, সুৰেন্দ্ৰৰ লোহাৰ, আলি আনছাৰি
যোৰাবাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কপিল পাঠকৰ নেতৃত্বত অভিযান

সুৰামত্ত মডেল ৰাজকন্যা বৰুৱাৰ জামিন লাভ…

বিতৰ্কিত মডেল ৰাজকন্যা বৰুৱাই জামিন লাভ কৰিলে।সুৰামত্ত মডেল ৰাজকন্যা বৰুৱাই বাৰ্থডে পাৰ্টি কৰি নিশা ৰাজকন্যাই মহানগৰীৰ ৰুক্মিণীগাঁৱত যোছেফ মাৰাক নামৰ শ্ৰমিক গৰাকীৰ ভৰিৰ ওপৰেৰে বাহন চলায় নিয়াৰ ফলত পিছত চিকিৎসালয়ত ১০ নৱেম্বৰত মৃত্যু হৈছিল শ্ৰমিক যোছেফ মাৰাকৰ।

গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজকন্যা বৰুৱা প্ৰদান কৰে জামিন।৫০ হাজাৰ টকা আমানত ধনৰ বিনিময়ত জামিন লাভ কৰে ৰাজকন্যা বৰুৱাই।

পুনৰ সম্প্ৰতিৰ এক উজ্বল নিদৰ্শন দেখিবলৈ পোৱা গ’ল মৰিগাঁও জিলাৰ মৈৰাবাৰীত।

হাজাৰ হাজাৰ ইছলাম ধৰ্মৰ লোকসকল ওলাই আহিল এজন হিন্দু লোকৰ অন্তিম যাত্ৰা শ্ৰদ্ধাৰ শিক্ষাগুৰু তথা মৈৰাবাৰী ৰিফিউজী প্ৰাথমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক তথা মৈৰাবাৰী ব্যৱসায়িক সন্থাৰ সভাপতি শ্ৰী আশুতোষ দেবনাথ দেৱৰ মৃত্যুত শোকৰ ছাঁ পৰিছে সমগ্ৰ মৈৰাবাৰী অঞ্চলত। যোৱা ৰাতি 11:45 বজাত নিজ বাসভৱনত ইহসংসাৰ ত্যাগ কৰে।তেখেত ১৯৫১ চনত শিক্ষক হিচাপে যোগদান কৰি ২০০৩ চনৰ অক্টোবৰ মাহত অৱসৰ গ্ৰহণ কৰে। তেখেতে কৃতী শিক্ষক হিচাপে ৰাজ্যিক পুৰস্কাৰো লাভ কৰে। বৃহত্তৰ মৈৰাবাৰী অঞ্চলৰ সামাজিক, সাংস্কৃতিক, ৰাজনৈতিক, বৌদ্ধিক ক্ষেত্ৰত তেওঁৰ অৱদান অপূৰণীয়। তেওঁক মৈৰাবাৰী অঞ্চলৰ নাট্য জগতৰ ভোটাতৰা বুলি কোৱা হয়।

তেখেতক মৈৰাবাৰী প্ৰেছ ক্লাৱ,মৈৰাবাৰী ব্যৱসায়ি সন্থা, মৈৰাবাৰী স্বৰ্ণ শ্বিল্পী সন্থা,বজাৰ কমিটি,মৈৰাবাৰী গাৰেহেৰা জামে মছজিদৰ তৰফৰ পৰা তেখেতৰ আত্মাৰ চিৰ শান্তি কামনা কৰাৰ লগতে পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰে লগতে তেখতক মৈৰাবাৰী প্ৰেছ ক্লাৱৰ সন্মূখত মৈৰাবাৰী প্ৰেছ ক্লাবৰ হৈ সভাপতি মেহবুব মুক্তাৰে, জেষ্ঠ সাংবাদিক ছাইফুল ইছলাম, জ্যেষ্ঠ সাংবাদিক আৰিফ জামান আৰু মৈৰাবাৰী ব্যৱসায়ি সন্থা, মৈৰাবাৰী স্বৰ্ণ শিল্পী সন্থাৰ হৈ আশ্বিক মীৰে শ্ৰদ্ধাঞ্জলি জনায়।

লিডুত আন্তর্জাতিক নাৰী দিৱস উপলক্ষে মহিলাসকলৰ দ্বাৰা নাট ভাওনা প্রদর্শন।

প্ৰতি বছৰে ৰাষ্ট্ৰ সংঘৰ নিৰ্দেশ মৰ্মে ৮মাৰ্চ তাৰিখে পালন কৰা হয় আন্তৰ্জাতিক নাৰী দিৱস। সমগ্ৰ বিশ্বৰ লগতে মঙ্গলবাৰে তিনিচুকীয়া জিলাৰ লিডুতো দেখিবলৈ পোৱা গৈছে নাৰী দিৱস পালন কৰা। লিডুত আন্তর্জাতিক নাৰী দিৱস উপলক্ষে মহিলাসকলৰ দ্বাৰা ধ্ৰব চৰিত্ৰ নাট ভাওনা প্রদর্শন কৰা হয়।

এই ভাওনাখন পৰিচালনা কৰে যোৰহাটৰ পঙ্কজ শইকিয়া, যত সকলো চৰিত্ৰত মহিলাসকলক অভিনয় কৰিবলৈ দেখিবলৈ পোৱা যায়।