Home Blog Page 26

Afghanistan Attack: ৰমজানৰ ৰোজাৰ মাজতে আফগানিস্তানৰ সন্ত্ৰাসবাদীৰ ঘাটিত আক্ৰমণ

ৰমজানৰ ৰোজাৰ মাজতে আফগানিস্তানৰ সন্ত্ৰাসবাদীৰ ঘাটিত আক্ৰমণ
ৰমজানৰ ৰোজাৰ মাজতে আফগানিস্তানৰ সন্ত্ৰাসবাদীৰ ঘাটিত আক্ৰমণ

পাক-আফগান (Afghanistan Attack) সীমান্তত শিবিৰ স্থাপন কৰা সন্ত্ৰাসবাদীৰ বিৰুদ্ধে পুনৰ সক্ৰিয় হৈ পৰিছে পাকিস্তানৰ চৰকাৰ৷ ৰমজানৰ ৰোজা চলি থকাৰ মাজতে আফগানিস্তানত পাকিস্তানে আকাশমাৰ্গৰ পৰা চলালে আক্ৰমণ৷ শেহতীয়া আত্মঘাতী আক্ৰমণৰ প্ৰতিশোধস্বৰূপে পাকিস্তান-আফগানিস্তান সীমান্ত অঞ্চলৰ ৭টা স্থানত এই আক্ৰমণ চলাই পাকিস্তানে৷ সীমান্তৰ আফগানভিত্তিক সন্ত্ৰাসবাদী সংগঠনৰ ঘাটিক লক্ষ্য কৰি এই আক্ৰমণ কৰা বুলি দাবী কৰিছে ইছলামাবাদে৷ পাকিস্তানৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়ৰ এক বিবৃতিত কোৱা হৈছে যে যোৱা সপ্তাহত ৰমজান আৰম্ভ হোৱাৰ পৰা ৩ টা আক্ৰমণ হৈছে৷ যাৰ বাবে চোৰাংচোৱাৰ তথ্যক ভিত্তিত পাকিস্তানী তালিবানৰ সন্ত্ৰাসবাদী শিবিৰ আৰু আত্মগোপনৰ স্থানক লক্ষ্য কৰি লোৱা হৈছে৷ মন্ত্ৰণালয়ে জনোৱা মতে দুসপ্তাহ পূৰ্বে ইছলামাবাদৰ ছিয়া মছজিদত সংঘটিত হোৱা আত্মঘাতী বিস্ফোৰণ আৰু শনিবাৰেও উত্তৰ-পশ্চিম পাকিস্তানত শেহতীয়াকৈ সংঘটিত হোৱা অন্যান্য আত্মঘাতী বোমা বিস্ফোৰণৰ প্ৰতিক্ৰিয়া স্বৰূপে এই আক্ৰমণ কৰা হৈছে ৷

বিভাগীয় মন্ত্ৰী আট্টাউল্লাহ তাৰাৰে এক্সত প্ৰকাশ কৰা বিবৃতিটোত কোৱা হৈছে যে পাকিস্তানে ইছলামিক ষ্টেট গোটৰ এটা সংযুক্ত সংস্থাকো লক্ষ্য কৰি লৈছে ৷ অৱশ্যে পোষ্টটোত আক্ৰমণৰ স্থান উল্লেখ কৰা হোৱা নাই বা এই সন্দৰ্ভত অধিক তথ্য দিয়া হোৱা নাই ৷ কিন্তু আফগান চৰকাৰৰ মুখপাত্ৰ জাবিহুল্লাহ মুজাহিদে দেওবাৰে এক্সৰ এটা পোষ্টত কয়, ‘পাকিস্তানে নাংগাৰহৰ আৰু পাক্তিকা প্ৰদেশত আমাৰ সাধাৰণ নাগৰিকক লক্ষ্য কৰি বোমা বিস্ফোৰণ কৰিছে৷ মহিলা আৰু শিশুকে ধৰি কেইবা ডজন লোক শ্বহীদ আৰু আহত হৈছে৷’

উল্লেখ্য যে, ২০০৮ চনত মেৰিয়েট হোটেলত সংঘটিত বোমা বিস্ফোৰণৰ পিছত ইছলামাবাদত সংঘটিত হোৱা আটাইতকৈ ভয়ংকৰ আক্ৰমণত কমেও ৪০জন লোকৰ মৃত্যু হোৱাৰ লগতে ১৬০জনতকৈ অধিক লোক আহত হোৱা মছজিদ বোমা বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰিছিল ইছলামিক ষ্টেট গোটে৷ দেওবাৰে পাকিস্তানে কয় যে ইছলামাবাদে বাৰে বাৰে আহ৩ান জনোৱাৰ পিছতো কাবুলৰ তালিবান কতৃৰ্পক্ষই পাকিস্তানত আক্ৰমণ চলাবলৈ আফগান ভূখণ্ড ব্যৱহাৰ কৰা সন্ত্ৰাসবাদী সংগঠনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাত ব্যৰ্থ হৈছে৷ লগতে কোৱা হৈছে যে পাকিস্তানে অঞ্চলটোত শান্তি আৰু স্থিতিশীলতা বজাই ৰখাৰ বাবে সদায় চেষ্টা কৰি আহিছে যদিও একে সময়তে নাগৰিকসকলৰ সুৰক্ষা আৰু নিৰাপত্তা তেওঁলোকৰ শীৰ্ষ অগ্ৰাধিকাৰ হৈয়ে আছে৷

ইছলামাবাদে আন্তঃৰাষ্ট্ৰীয় সমাজকো আহ্বান জনাইছে যে কাবুলক যোৱা বছৰত হোৱা দোহা চুক্তিৰ অধীনত আন দেশৰ বিৰুদ্ধে শত্ৰুতাপূৰ্ণ কাৰ্যক সমৰ্থন নকৰাৰ প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ আহ৩ান জনায়৷ ২০২১ চনত কাবুলত তালিবান কতৃৰ্পক্ষই পুনৰ নিয়ন্ত্ৰণলৈ অহাৰ পিছত আফগানিস্তান আৰু পাকিস্তানৰ মাজত ক্ৰমান্বয়ে তিক্ত বিবাদ আৰম্ভ হৈছে৷ যোৱা কেইমাহমানত সীমান্তত সংঘটিত হোৱা সংঘৰ্ষৰ ফলত দুয়োখন দেশৰ মাজৰ সম্পৰ্ক অধিক অৱনতি ঘটিছে৷ অক্টোবৰৰ সংঘৰ্ষত ৭০জনতকৈ অধিক লোক নিহত হোৱাৰ লগতে শতাধিক লোক আহত হয়৷ তাৰ পিছতে কাটাৰ আৰু তুৰস্কৰ মধ্যস্থতাত যুদ্ধবিৰতি চুক্তি হয়৷ কিন্তু দোহা আৰু ইস্তানবুলত পৰৱৰ্তী কেইবাটাও পৰ্যায়ৰ আলোচনাই স্থায়ী চুক্তি সম্পন্ন কৰাত ব্যৰ্থ হৈছে৷

কংগ্ৰেছলৈ প্ৰশ্ন মুখ্যমন্ত্ৰীৰঃ প্ৰিয়ংকা গান্ধী কিয় নগ’ল ৮৬০ শ্বহীদৰ স্মৃতিত নিৰ্মিত শ্বহীদ ক্ষেত্ৰলৈ

প্ৰিয়ংকা গান্ধী কিয় নগ’ল ৮৬০ শ্বহীদৰ স্মৃতিত নিৰ্মিত শ্বহীদ ক্ষেত্ৰলৈ
প্ৰিয়ংকা গান্ধী কিয় নগ’ল ৮৬০ শ্বহীদৰ স্মৃতিত নিৰ্মিত শ্বহীদ ক্ষেত্ৰলৈ

পাকে-প্ৰকাৰে পুনৰ অসমবাসীৰ হিয়াৰ আমঠু প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ প্ৰসংগই ৰাজনীতিত স্থান পালে৷ কংগ্ৰেছে জুবিন গাৰ্গক লৈ ৰাজনীতি কৰিছে৷ এই অভিযোগ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ৷ কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে জুবিন ক্ষেত্ৰ পৰিদৰ্শন কৰা সন্দৰ্ভত দেওবাৰে গুৱাহাটীত সাংবাদিকৰ আগত মুখ্যমন্ত্ৰীয়ে এইদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ অসমলৈ কেইবাৰো অহাৰ পিছতো জুবিন ক্ষেত্ৰলৈ নোযোৱা সন্দৰ্ভত বিৰোধীয়ে কৰা সমালোচনাৰ প্ৰত্যুত্তৰ দিয়ে মুখ্যমন্ত্ৰীয়ে৷ মুখ্যমন্ত্ৰীয়ে কয়, ‘প্ৰিয়ংকা গান্ধী ৰাজনৈতিক কামতহে অসমলৈ আহিছিল৷ ৰাজনৈতিক কামত আহিলে মানুহে সুযোগ লৈ জুবিন ক্ষেত্ৰলৈ যাব নাপায়৷ আমাৰ দলৰ নেতাসকল নিৰ্বাচনৰ পিছতহে জুবিন ক্ষেত্ৰলৈ যাব৷ যেতিয়ালৈকে নিৰ্বাচন চলি থাকে তেতিয়ালৈ মই জুবিন ক্ষেত্ৰলৈ নাযাওঁ ৷

ভগৱানে কৰিলে আকৌ এবাৰ মুখ্যমন্ত্ৰী হৈ জুবিন ক্ষেত্ৰলৈ যাম৷’ মুখ্যমন্ত্ৰী শৰ্মাই কয়, ‘আমি জুবিনক লৈ ৰাজনীতি নকৰো৷ আমাৰ প্ৰাৰ্থীসকলো জুবিন ক্ষেত্ৰলৈ নাযায় ৷ আমি জুবিনক লৈ ৰাজনীতি নকৰো৷ কংগ্ৰেছে জুবিনক লৈ মুকলিকৈ ৰাজনীতি কৰিছে৷ আমি নিৰ্বাচনৰ এই সময়ত জুবিনক ৰাজনীতিৰ মাজলৈ অনাটো নিবিচাৰো৷ প্ৰিয়ংকা গান্ধী ৰাজনৈতিক কামত আহি জুবিনক লৈ ৰাজনীতি কৰিছে৷’ মুখ্যমন্ত্ৰীয়ে কয়, ‘প্ৰিয়ংকা গান্ধী দলীয় কামতহে অসমলৈ আহিছিল৷ জুবিন ক্ষেত্ৰ পৰিদৰ্শন কৰিবলৈ অহা নাছিল৷ জুবিনৰ কাৰণে কংগ্ৰেছৰ কোনোবাই তেজ দিছিল নেকি জন্মদিনত৷ কংগ্ৰেছৰ কোনজন মানুহে জুবিনৰ জন্মদিনত তেজ দিছে, মোক কওক ৷

জুবিন ক্ষেত্ৰক ৰাজনীতিৰ মঞ্চলৈ ৰূপান্তৰ কৰিব নালাগে৷ জুবিন ক্ষেত্ৰখনৰ বাবে স্থান কোনে নিৰ্ধাৰণ কৰিলে৷ আমি স্থানটো কৰি দিছো৷ জুবিন ক্ষেত্ৰ প্ৰিয়ংকা গান্ধীয়ে কৰিলে নে হিমন্ত বিশ্ব শৰ্মাই কৰিলে৷ গতিকে ৰাজনৈতিক কামত আহিলে সুযোগ লৈ যাব নাপায়৷’ তেওঁ আৰু কয়, ‘জুবিন ক্ষেত্ৰত বিজেপিয়ে ক’তো কোনো কমি ৰখা নাই৷ বিজেপিৰ বাৰ হাজাৰ কাৰ্যকৰ্তাই জুবিনৰ জন্মদিনৰ দিনা ৰক্তদান কৰিছিল৷ বাকীসকলে জুবিনৰ নাম লৈ ৰাজনীতি কৰি আছে৷ প্ৰিয়ংকা গান্ধীয়ে কৈছে জুবিনৰ নাম শুনা নাই৷ যদি শুনা নাই কিয় গৈছে, তাৰ মানে ভোটৰ বাবে গৈছে৷ এনেকে অসমীয়া মানুহক আৱেগিক কৰি ভোট লোৱাৰ পৰম্পৰা বহুত পুৰণি৷’ তেওঁ কয়, ‘প্ৰিয়ংকা গান্ধী কিয় ৮৬০গৰাকী শ্বহীদৰ স্মৃতিত নিৰ্মাণ কৰা শ্বহীদ ক্ষেত্ৰলৈ নগ’ল৷ সেই প্ৰশ্নটো কোনেও নকৰে৷ প্ৰিয়ংকা গান্ধী কিয় ভূপেন হাজৰিকাৰ সমাধিস্থললৈ নগ’ল৷ বৰদোৱাৰ শংকৰদেৱৰ আৱিৰ্ভাৱ তীৰ্থত প্ৰিয়ংকা গান্ধী কিয় নগ’ল৷ মানুহ আৱেগিক হৈ থকা বাবে ভোটৰ স্বাৰ্থত জুবিন ক্ষেত্ৰলৈ গ’ল৷ নিৰ্বাচনৰ পিছত যাব লাগিছিল৷ নিৰ্বাচন খেলাসকল জুবিন ক্ষেত্ৰৰ পৰা আঁতৰত থাকিব লাগে৷’ ইফালে জুবিন গাৰ্গ গোচৰৰ ফাষ্টট্ৰেক আদালত গঠন সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়, ‘ফাষ্টট্ৰেক আদালতক লৈয়ো এটা ৰাজনীতি কৰি আছে ৷ প্ৰথম কথা হৈছে যে বৰ্তমান যিগৰাকী ন্যায়াধীশৰ তাত গোচৰতো চলি আছে, সেইগৰাকী ন্যায়াধীশে প্ৰতিখন জামিন আৱেদন নাকচ কৰিছে৷ দুজনে বাধ্য হৈ জামিনৰ আৱেদন উঠাই লৈছে ৷ তিনিখন জামিন আৱেদন এইগৰাকী ন্যায়াধীশে নাকচ কৰিছে ৷

এতিয়া জুবিনৰ গোচৰটো এইগৰাকী ন্যায়াধীশৰ পৰা আঁতৰাই লৈ যোৱাৰ এটা ডাঙৰ প্ৰস্তুতি চলিছে ৷ চাৰি-পাঁচ মাহ পিছতো এইগৰাকী ন্যায়াধীশে তিনিজন অভিযুক্তৰ জামিন আৱেদন নাকচ কৰিছে৷ সেইগৰাকী ন্যায়াধীশৰ তাত গোচৰটো থাকিব লাগে নে বেলেগৰ তাত যাব লাগে৷ এই দিশটোৰ ক্ষেত্ৰত আমি চ্ছ ফেব্ৰুৱাৰীত কেবিনেটত সিদ্ধান্ত ল’ম৷ আমি পিছুৱাই থকাৰ মূল কাৰণটোৱে আছিল যে যিকোনো ন্যায়াধীশে অন্ততঃ পুলিচৰ নিৰাপত্তাৰক্ষী দুজনক জামিন দিলেহেঁতেন৷ তেওঁ কয়, ‘আনহাতে যিকোনো ন্যায়াধীশে মহিলা বুলি অমৃতপ্ৰভা মহন্তক জামিন দিলে হয়৷ কিন্তু এইগৰাকী ন্যায়াধীশে বলিষ্ঠভাৱে তিনিটাকৈ জামিনৰ আৱেদন নাকচ কৰিছে আৰু ভয়তে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাই জামিন আৱেদন উঠাই লৈছে৷ এতিয়া সেইগৰাকী ন্যায়াধীশৰ পৰা গোচৰটো আঁতৰোৱাৰ বাবে এটা ‘হাৱা’ নিৰ্মাণ কৰা হৈছে৷ মই ৰাইজৰ মতে চলো৷’ তেওঁ কয়, ‘ৰাইজে বিচাৰিলে পিছত মই ফাষ্টট্ৰেক আদালতত দি দিম৷ কিন্তু তাৰ পিছৰ যিখিনি ঘটনা হ’ব তাৰ দায়িত্ব সেইসকলে ল’ব লাগিব৷

এচামে গোচৰটো আঁতৰোৱাৰ পিছত লাগি আছে৷ এইগৰাকী ন্যায়াধীশে জামিন নিদিয়ে৷ তাৰ মানে নিৰ্বাচনৰ পূৰ্বে বেলেগ এগৰাকী ন্যায়াধীশৰ ওচৰলৈ গোচৰটো যাওক আৰু জামিন এটা হওক৷ যাতে জামিন হ’লে মোক আক্ৰমণ কৰিব পাৰে৷ এইবোৰ সম্পূৰ্ণৰূপে জুবিনৰ নামত ৰাজনীতি৷ নিৰ্বাচনৰ পূৰ্বে বিজেপিক শ’লঠেকত পেলাবৰ কাৰণে চক্ৰান্ত কৰা হৈছে৷ আমাক কৃতিত্ব দিয়াৰ বিপৰীতে ষড়যন্ত্ৰ কৰা হৈছে৷’ জুবিন ক্ষেত্ৰত বিদু্যৎ কৰ্তন সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মুখ্যমন্ত্ৰীয়ে৷ মুখ্যমন্ত্ৰীয়ে কয়, ‘একাংশই জুবিন গাৰ্গক শান্তিত থাকিব নিদিয়ে৷ জুই লাগি তাঁৰ ছিগিল একদম হুলস্থূল কৰি দিলে৷’

Rita Chowdhury: ৰীতা চৌধুৰীৰ খাৰঘুলিৰ বাসগৃহত চলিব জুবিনৰ সপোনৰ কাম

ৰীতা চৌধুৰীৰ খাৰঘুলিৰ বাসগৃহত চলিব জুবিনৰ সপোনৰ কাম
ৰীতা চৌধুৰীৰ খাৰঘুলিৰ বাসগৃহত চলিব জুবিনৰ সপোনৰ কাম

বিশিষ্ট সাহিত্যিক ড০ ৰীতা চৌধুৰীৰ সামাজিক মাধ্যমত বিশেষ পোষ্ট।(Rita Chowdhury)

ৰীতা চৌধুৰীৰ খাৰঘুলিৰ বাসগৃহত চলিব জুবিনৰ সপোনৰ কাম।

জুবিন গাৰ্গৰ সপোন বাস্তৱায়িতৰ বাবে ব্যৱহাৰ হ’ব বিশিষ্ট লেখিকাগৰাকীৰ খাৰঘূলিস্থিত বাসগৃহ।

এতিয়াৰে পৰা বাসগৃহটোত কোনো ৰাজনৈতিক কাম-কাজ নচলে বুলি জনালে বিশিষ্ট লেখিকাগৰাকীয়ে।

বিশিষ্ট লেখিকাগৰাকীয়ে সামাজিক মাধ্যমত জনাই যে-

‘সকলোৰে জ্ঞাতাৰ্থে জনালোঁ যে গুৱাহাটিৰ খাৰঘূলিত থকা মোৰ ঘৰটো আজিৰ পৰা আধাৰশিলা ট্ৰাষ্টৰ লগতে জুবিন গাৰ্গে মোৰ হাতত দি যোৱা সকলো দায়িত্বৰ বাবেহে ব্যৱহাৰ কৰা হ’ব৷ ইয়াত আজিৰ পৰা কোনো ৰাজনৈতিক কাম কাজ নচলে৷ দিশপুৰ মিনিষ্টাৰ কল’নিৰ চৰকাৰী বাসগৃহত ৰাজনীতিৰ সৈতে জড়িত সকলো কাম আৰু দেখা সাক্ষ্যাৎ আদি সমাপন হ’ব৷’

কলকাতাৰ ২য় বেলঘৰীয়া চলচ্চিত্ৰ মহোৎসৱ ২০২৬ত ‘গেষ্ট অৱ কামাখ্যা’ তথ্যচিত্ৰৰ দৃশ্যগ্ৰহণৰ বাবে কলিয়াবৰৰ গৌতম বৰালৈ শ্ৰেষ্ঠ চিত্ৰগ্ৰহণকাৰী বঁটা

'গেষ্ট অৱ কামাখ্যা' তথ্যচিত্ৰৰ দৃশ্যগ্ৰহণৰ বাবে কলিয়াবৰৰ গৌতম বৰালৈ শ্ৰেষ্ঠ চিত্ৰগ্ৰহণকাৰী বঁটা
'গেষ্ট অৱ কামাখ্যা' তথ্যচিত্ৰৰ দৃশ্যগ্ৰহণৰ বাবে কলিয়াবৰৰ গৌতম বৰালৈ শ্ৰেষ্ঠ চিত্ৰগ্ৰহণকাৰী বঁটা

কলিয়াবৰৰ শিলঘাট অঞ্চলৰ জনাঞ্চলত বিচৰণ কৰা ঢেঁকীয়াপতীয়া বাঘৰ বিচৰণৰ শিহৰণকাৰী প্ৰেক্ষাপটৰ আধাৰত কলিয়াবৰৰ জেষ্ঠ সাংবাদিক গৌতম বৰাৰ প্ৰযোজনাত ৰমেন বৰাৰ পৰিচালনাত নিৰ্মিত প্ৰকৃতি বিষয়ক ‘গেষ্ট অৱ কামাখ্যা’ শীৰ্ষক মননশীল তথ‍্যচিত্ৰখনি কলকাতাৰ ২য় বেলঘৰীয়া চলচ্চিত্ৰ মহোৎসৱ-২০২৬ ত প্ৰদৰ্শিত হয়। এই তথ‍্যচিত্ৰখনৰ শিহৰণকাৰী দৃশ‍্য সংগ্ৰহ কৰা কলিয়াবৰৰ জ্যেষ্ঠ সাংবাদিক গৌতম কুমাৰ বৰালৈ ‘শ্ৰেষ্ঠ চিত্ৰগ্ৰহণকাৰী’ (Best Cinematographer) বঁটা প্ৰদান কৰে কলকাতাৰ কামাৰকাটাস্থিত নজৰুল মঞ্চত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত।


এই বঁটাৰ উপৰি, তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যোৱা কলকাতাৰ ২য় বেলঘৰীয়া চলচ্চিত্ৰ মহোৎসৱ ২০২৬ত অসমীয়া চলচ্চিত্ৰ আৰু তথ‍্যচিত্ৰই আজুৰি আনিলে আন কেইবাটাও বঁটা। উক্ত মহোৎসৱত আনন্দৰ প্ৰযোজনাত কৃপাল কলিতাৰ পৰিচালনাত নিৰ্মিত চুটি ছবি “বিয়ণ্ড দি আনফিনিচ্দ্” নামৰ চুটি ছবিখনে দ্বিতীয় শ্ৰেষ্ঠ চুটি ছবিৰ সন্মান লাভ কৰে। পৃথিৱীৰ স্বৰ্গ শীৰ্ষক চুটি ছবিৰ বাবে শ্ৰেষ্ঠ কনচেপ্ট বঁটা লাভ কৰে প্ৰশান্ত কলিতাই। চুটি ছবি “পৃথিৱীৰ স্বৰ্গ” ৰ বাবে শ্ৰেষ্ঠ কাহিনীৰ বঁটা লাভ কৰে অপৰাজিতা চৌধুৰী কলিতাই । চুটি ছবিৰ শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰে “Beyond The Unfinished” চুটি ছবিৰ বাবে তপন বৰুৱাই।


একেখন চুটি ছবিৰ শ্ৰেষ্ঠ সম্পাদনা বঁটা লাভ কৰে কৃপাল কলিতাই। জুৰীৰ বিশেষ উল্লেখ “জীৱন” শীৰ্ষক চুটি ছবিৰ পৰিচালক বাপ্পী শইকীয়ালৈ। তথ‍্যচিত্ৰৰ শিতানত চম্পক বুক ছেলাৰ্ছ (Sontok Book Sellers) শীৰ্ষক চুটি ছবিৰ শ্ৰেষ্ঠ বিষয় বঁটা লাভ কৰে টুনা গৌতমে। মহোৎসৱত শ্ৰেষ্ঠ তথ‍্যচিত্ৰৰ বঁটা লাভ কৰে ৱ’মেন এম্পাৱাৰমেণ্ট : গ’ল্ডেন থ্ৰেড্ (Women Empowerment: Golden Thread) শীৰ্ষক চুটি ছবিখনে। বঁটা গ্ৰহণ কৰে পৰিচালক, প্ৰযোজক প্ৰণৱ জ‍্যোতি শৰ্মাই। তিনিদিনীয়াকৈ অনুষ্ঠিত চলচ্চিত্ৰ মহোৎসৱৰ বিশিষ্ট অভিনেত্ৰী চায়নী দাস আৰু ডিজাইন পৰিচালক ৰাহুল বিশ্বাসে আঁত ধৰা বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকে ক্ৰমে অসমৰ বিশিষ্ট অভিনেতা,পৰিচালক যদুমনি দত্ত, বিশিষ্ট সমালোচক, কলকাতাৰ বিশিষ্ট পৰিচালক, প্ৰযোজক উৎপল দত্ত, মুম্বাইৰ বিশিষ্ট পৰিচালক আকাশাদিত‍্য লামা, কলকাতাৰ বিশিষ্ট চিত্ৰ গ্ৰহণকাৰী, জাতীয় পুৰস্কাৰ প্ৰাপ্ত অসীম বোস, কলকাতাৰ ছবি পৰিচালক অশোক বিশ্বনাথন, বিশিষ্ট প্ৰযোজক অঞ্জন বোস, কলকাতাৰ বিশিষ্ট জেষ্ঠ সাংবাদিক অশোক বসুকে আদি কৰি চলচ্চিত্ৰ জগতৰ সৈতে জড়িত বহু কেইজন সন্মানীয় ব‍্যক্তি।


মহোৎসৱৰ সন্মানীয় জুৰী ক্ৰমে ৰাষ্ট্ৰীয় বঁটা প্ৰাপক বিশিষ্ট পৰিচালক শৰ্মিষ্ঠা মৈতি, ৰাষ্ট্ৰীয় বঁটা প্ৰাপক চলচ্চিত্ৰ পৰিচালক ৰাজদ্বীপ পাল, বিশিষ্ট চবি নিৰ্মাতা সম্ৰাট ৰায় চক্ৰৱৰ্তী আৰু ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ আৰু চেনচৰ বৰ্ডৰ সদস্য অলিভা দাস। ২য় বেলঘৰীয়া চলচ্চিত্ৰ মহোৎসৱ ২০২৬ৰ সভাপতি পাৰ্থ চক্ৰৱৰ্তী, সঞ্চালক কুনাল সেনগুপ্ত, জনসংযোগ আৰু পৰিচালন সঞ্চালক ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত বিশিষ্ট অভিনেত্ৰী শ্ৰীলেখা মুখাৰ্জীৰ উপস্থিতিত বঁটা সমূহ প্ৰদান কৰা হয়।


উল্লেখযোগ্য যে, ‘গেষ্ট অৱ কামাখ্যা’ তথ্যচিত্ৰৰ চিত্ৰগ্ৰহণকাৰী গৌতম কুমাৰ বৰা এক বৈদ্যুতিন মাধ্যমৰ কলিয়াবৰস্থ সাংবাদিক হোৱাৰ লগতে প্ৰেছ ক্লাবৰ বৰ্তমানৰ সম্পাদক ৰূপে কাৰ্যনিৰ্বাহ কৰি আছে।

Amit Shah: সন্তানৰ সৈতে ঘৰত কেৱল মাতৃ ভাষাতে কথা পাতকঃ গৃহমন্ত্ৰী অমিত শ্বাহ

Amit Shah: সন্তানৰ সৈতে ঘৰত কেৱল মাতৃ ভাষাতে কথা পাতকঃ গৃহমন্ত্ৰী অমিত শ্বাহে
Amit Shah: সন্তানৰ সৈতে ঘৰত কেৱল মাতৃ ভাষাতে কথা পাতকঃ গৃহমন্ত্ৰী অমিত শ্বাহে

যিটো সময়ত (Amit Shah) দেশৰ বিভিন্ন ৰাজ্যত মাতৃভাষাৰ আদৰ কমি আহিছে সেই সময়তে অভিভাৱকলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এক বিশেষ আহ্বান জনাইছে৷ শ্বাহে কয়- আপোনাৰ সন্তানৰ সৈতে ঘৰত কেৱল মাতৃ ভাষাতে কথা পাতক৷ কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে সকলো অভিভাৱককে ঘৰতে নিজৰ সন্তানৰ সৈতে একান্তভাৱে মাতৃভাষাত কথা পাতিবলৈ আৰু শিশুসকলক মাতৃভাষা শিকোৱাটো নিশ্চিত কৰিবলৈ আহ৩ান জনায়৷ তেওঁ কয় যে যদি কোনো শিশু নিজৰ মাতৃভাষাৰ পৰা বঞ্চিত হয়, তেন্তে তেওঁলোক স্থানীয় সাহিত্য, কবিতা, ফকৰা-যোজনা, নিজৰ অঞ্চলৰ ইতিহাস আৰু শেষত আমাৰ সমগ্ৰ সংস্কৃতিৰ পৰা বিচ্ছিন্ন হৈ পৰিব৷ যদি আমি আমাৰ সন্তানক ভাৰতৰ সৈতে, নিজ নিজ ৰাজ্যৰ সৈতে, আমাৰ মূল্যবোধৰ সৈতে, আমাৰ সংস্কৃতিৰ সৈতে সংযুক্ত কৰি ৰাখিব বিচাৰো, তেন্তে সকলো মাতৃ-পিতৃকে ঘৰতে নিজৰ সন্তানৰ সৈতে মাতৃভাষাত কথা-বতৰা পাতিবলৈ আন্তৰিকতাৰে অনুৰোধ জনালো৷ যেতিয়া শিশুৱে নিজৰ ভাষা শিকে আৰু কয় তেতিয়া তেওঁলোকৰ প্ৰকাশভংগীৰ শক্তি, বিশ্লেষণাত্মক ক্ষমতা, সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা আৰু সিদ্ধান্ত কাৰ্যকৰী কৰাৰ ক্ষমতা বহুগুণে বৃদ্ধি পাব৷ এই সকলোবোৰ গুণ ভাষাৰ লগত গভীৰভাৱে জড়িত হৈ আছে৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী মন্ত্ৰী অমিত শ্বাহে ত্ৰিপুৰাৰ আগৰতলাত পূব, উত্তৰ-পূব আৰু উত্তৰ অঞ্চলৰ যুটীয়া আঞ্চলিক চৰকাৰী ভাষা সন্মিলনত ভাষণ দিয়ে৷ অমিত শ্বাহে কয় যে বহু বছৰ ধৰি হিন্দী জাপি দিয়া হৈছে বুলি অপপ্ৰচাৰ চলিছিল৷ তেওঁ কয় যে হিন্দী আৰু আঞ্চলিক ভাষাৰ মাজত কেতিয়াও কোনো সংঘাত হ’ব নোৱাৰে, কাৰণ এই সকলোবোৰ একেগৰাকী মাতৃৰ পৰা জন্ম হোৱা ভগ্নীৰ দৰে– এইবোৰ একেলগে ডাঙৰ হৈ আগবাঢ়িছে৷ তেওঁ কয় যে বাংলা, গুজৰাটী, তামিল, তেলেগু বা মালয়ালম আদি ভাষাৰ লগত হিন্দী কেতিয়াও প্ৰতিযোগিতাত নামিব নোৱাৰে৷ তেওঁ লগতে কয় যে যেতিয়াই হিন্দীৰ প্ৰচাৰ হয় তেতিয়াই এই সকলোবোৰ ভাষাও স্বয়ংক্ৰিয়ভাৱে শক্তিশালী হয়৷ কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰী ভাষা কেৱল যোগাযোগৰ মাধ্যমেই হ’ব নালাগে৷ তেওঁ উল্লেখ কৰে যে নীতি নিৰ্ধাৰণ আৰু দেশ নিৰ্মাণৰ প্ৰসংগ আহিলে চৰকাৰী ভাষা আৰু আমাৰ ভাৰতীয় ভাষাইহে সৰ্বাধিক অৱদান আগবঢ়াব পাৰে৷ তেওঁ কয় যে উত্তৰ-পূৰ্বাঞ্চলৰ বহু বিশিষ্ট ব্যক্তিয়ে হিন্দীৰ জৰিয়তে সমগ্ৰ দেশ আৰু বিশ্বত অঞ্চলটোলৈ স্বীকৃতি কঢ়িয়াই আনিছে৷ শ্বাহে উল্লেখ কৰে যে ড॰ ভূপেন হাজৰিকা, ত্ৰিপুৰাৰ পুত্ৰ এছ ডি বৰ্মন আৰু আৰ ডি বৰ্মন, ছিকিমৰ ডেনি ডেনজংপা আৰু জুবিন গাৰ্গৰ লগতে আন বহুজনে হিন্দীৰ জৰিয়তে ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় খ্যাতি অৰ্জন কৰিছিল৷ তেওঁলোকৰ বাবে হিন্দী হৈ পৰিছিল ৰাষ্ট্ৰীয় স্তৰলৈ শ্ৰোতা-দৰ্শকৰ মাজলৈ যোৱাৰ এক মঞ্চ৷ চৰকাৰী ভাষাই সমগ্ৰ দেশৰ সৈতে সংযোগ স্থাপনৰ মাধ্যম হিচাপে কাম কৰে আৰু প্ৰতিখন ৰাজ্যৰ ক্ষেত্ৰতো একে নীতি প্ৰযোজ্য৷

অসম চৰকাৰী ভাষা আইন ১৯৬০ৰ সঠিক ৰূপায়ণৰ আহ্বান অসম সাহিত্য সভাৰ

অসম চৰকাৰী ভাষা আইন ১৯৬০ৰ সঠিক ৰূপায়ণৰ আহ্বান অসম সাহিত্য সভাৰ
অসম চৰকাৰী ভাষা আইন ১৯৬০ৰ সঠিক ৰূপায়ণৰ আহ্বান অসম সাহিত্য সভাৰ

ভাষিক বৈশিষ্ট্যৰ ওপৰত ভিত্তি কৰি ভাৰতৰ ‘ৰাজ্য পুনৰ গঠন আইন, ১৯৫৬’ বলবৎ হোৱাৰ দিন ধৰি অসমৰ সর্ববৃহৎ জাতীয় অনুষ্ঠান ‘অসম সাহিত্য সভা’ৰ মজিয়াৰ পৰা অসমীয়া ভাষাক অসমৰ একমাত্ৰ চৰকাৰী ভাষা হিচাপে স্বীকৃতি দিবলৈ অহৰহ দাবী জনাই অহা হৈছে।

অসম সাহিত্য সভাৰ এই দাবী আৰু ১৯৬০ চনৰ ভাষা আন্দোলনৰ ফচল হিচাপে ইতিমধ্যে ‘অসম চৰকাৰী ভাষা আইন, ১৯৬০’ বিধিসম্মতভাৱে গ্রহণ কৰা হৈছে যদিও এইপর্যন্ত অসমত আইনখনৰ সঠিক ৰূপায়ণ হোৱা নাই। চৰকাৰী অধিসূচনা নং পি.এল.বি.৫৬০২১৫/৭৮, দিনাংক-১৪/০৪/২০২৫ আৰু চৰকাৰী পত্র নং পি.এল.বি. ৫৬০২১৫/১১৭, দিনাংক-১৫/১০/২০২৫ যোগে উল্লিখিত আইনখনৰ সঠিক ৰূপায়ণৰ বাবে চৰকাৰী কাৰ্যালয়সমূহলৈ নির্দেশনা প্রেৰণ কৰা হৈছে যদিও এই পর্যন্ত তাৰ কোনো ফলৱতী প্রতিফলন পৰিলক্ষিত নোহোৱাত আজি অসম সাহিত্য সভাৰ উদ্যোগত কেন্দ্ৰীয় কাৰ্যালয়, গুৱাহাটী কাৰ্যালয়, আঞ্চলিক কাৰ্যালয়, জিলা সাহিত্য সভা সমূহ, শাখা সাহিত্য সভাৰ তৰফৰ পৰা পৃথকে পৃথকে অসমীয়া ভাষা আৰু সংস্কৃতি সুৰক্ষাৰ স্বার্থত অত্যন্ত সংবেদনশীল এই আইনখন সঠিক ৰূপায়ণৰ বাবে বাস্তৱসন্মত কঠোৰতম ব্যবস্থা গ্রহণ কৰিবলৈ আজি জিলা সমূহৰ আয়ুক্তসকলৰ যোগেদি অসমৰ চৰকাৰৰ মুখ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈ প্ৰেৰণ কৰে বুলি সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাই জানিবলৈ দিয়ে।

সেই অনুসৰি যোৰহাটত অসম সাহিত্য সভাৰ সভাপতি ড০ বসন্ত কুমাৰ গোস্বামীৰ নেতৃত্বত অসম সাহিত্য সভাৰ ধনভৰালী মণিৰাম লাহন, আইন উপদেষ্টা জয়ন্ত দেৱ শৰ্মা, কেন্দ্ৰীয় কাৰ্যালয়ৰ সচিব অশোক সেনাপতি, প্ৰচাৰ আহ্বায়ক শংকুসিদ্ধ নাথ, যোৰহাট জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড০ ৰাতুল চন্দ্ৰ বৰা, কৰ্মচাৰী ড০ ৰাজশ্ৰী হাজৰিকা প্ৰমুখ্যে এটি সজাতি দলে যোৰহাট জিলাৰ অতিৰিক্ত আয়ুক্ত মগেন নৰহৰ যোগেদি এই পত্ৰ অসম চৰকাৰক প্ৰদান কৰে। ইফালে তিনিচুকীয়া, ধেমাজি, নলবাৰী প্ৰমুখ্যে অধিকাংশ জিলাত কেন্দ্ৰীয় বিষয়ববীয়া আৰু জিলা সাহিত্য সভাৰ বিষয়ববীয়াসকলৰ নেতৃত্বত উক্ত কাৰ্যসূচী সুকলমে সম্পন্ন হয়।।

অসম লোকসেৱা আয়োগৰ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ পাভৈৰ নৱনীতা ৰংহাংপীঃ পাভৈ আছুৰ অভিনন্দন

অসম লোকসেৱা আয়োগৰ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ পাভৈৰ নৱনীতা ৰংহাংপীঃ পাভৈ আছুৰ অভিনন্দন
অসম লোকসেৱা আয়োগৰ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ পাভৈৰ নৱনীতা ৰংহাংপীঃ পাভৈ আছুৰ অভিনন্দন

সদ্যঘোষিত অসম লোকসেৱা আয়োগৰ চমুকৈ এ.পি.এছ .চি পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈছে পাভৈ মিছামাৰী গাওঁৰ নৱনীতা ৰংহাংপীয়ে ৷ এই খবৰ বিয়পি পৰাৰ লগে উৎফুল্লিত হৈ পৰিছে বৃহত্তৰ পাভৈ বাসী ৰাইজ ৷ বিভিন্ন দল সংগঠন তথা শুভাকাংক্ষীয়ে নৱনীতালৈ জনাই অভিনন্দন আৰু শুভেচ্ছা ৷

ইতিমধ্যে পাভৈ আঞ্চলিক ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক অবিনাশ হাজৰিকা, মুখ্য সাংগঠনিক সম্পাদক মানস প্ৰতিম গঞ্জু , প্ৰচাৰ সম্পাদক ৰাহুল খদাল, তথ্য সম্পাদক দিপেন কেওঁটকে ধৰি ছাত্ৰ সন্থাৰ বিষয়ববীয়া সকলে ফুলাম গামোছাৰে সম্বৰ্ধনা জনাই নৱনীতালৈ উষ্ম অভিনন্দন জ্ঞাপন কৰে৷

বৃহত্তৰ পাভৈৰ মিছামাৰী গাওঁৰ জিতেন ৰংহাংৰ সুযোগ্য সন্তান নৱনীতাৰ এই সাফল্যই বৃহত্তৰ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই অনা বুলি উল্লেখ কৰে ছাত্ৰ সংগঠনৰ বিষয়ববীয়াসকলৰ লগতে ৰাইজে৷ আনহাতে প্ৰশাসনিক সেৱাত উৎসৰ্গিত অসম লোকসেৱা আয়োগৰ প্ৰতিযোগিতামুলক পৰীক্ষাত নৱনীতাৰ এই সাফল্যত অতিশয় সুখী বুলি উল্লেখ কৰে পিতৃ মাতৃ তথা পৰিয়ালবৰ্গই ৷

Bhupen kumar Borah: আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে কংগ্ৰেছ ত্যাগী নেতা ভূপেন বৰাৰ

Bhupen kumar Borah: আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে কংগ্ৰেছ ত্যাগী নেতা ভূপেন বৰাৰ
Bhupen kumar Borah: আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে কংগ্ৰেছ ত্যাগী নেতা ভূপেন বৰাৰ

আজি আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে কংগ্ৰেছ ত্যাগী নেতা ভূপেন বৰাই।(Bhupen kumar Borah)

বিজেপিত যোগদান কৰাৰ পূৰ্বে ভূপেন বৰাই কয়-

‘মোক দলৰ সভাপতি দিলীপ শইকীয়াই পুৱা ১০ বজাত কাৰ্যালয় পোৱা কৈ মাতিছিল’

‘মোৰ লগতে আজি বহু কংগ্ৰেছৰ কর্মীয়ে যোগদান কৰিব’

‘এটা কথা মনত ৰাখক কংগ্ৰেছত আৰু খহনীয়া হ’ব’

‘কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা প্ৰকাশ পোৱাৰ পাছত বহু কংগ্ৰেছৰ কর্মীয়ে বিজেপিৰ দলত যোগদান কৰিব’

কংগ্ৰেছত ৩২বছৰীয়া যাত্ৰাৰ সামৰণি পেলাই আজি গেৰুৱা হ’ল ভূপেন বৰা।

বিজেপিত যোগদান কৰিয়েই উত্তৰ পূৱৰ সকলোতকৈ শক্তিশালী নেতা হিমন্ত বিশ্ব শৰ্মা বুলি মন্তব্য কৰে।

‘২০১৫ চনলৈ হিমন্ত বিশ্ব শৰ্মাৰ লগত মোৰ ভাল আছিল’

‘১৫ চনৰ পিছত মাত্ৰ তিনি দিন লগ পাইছিলোঁ’

‘মই পদত্যাগ পত্ৰ দিছিলোঁ, বিজেপিত যোগদান কৰিম বুলি নহয়’

‘কংগ্ৰেছ দলে জাতীয় স্বাভিমানত আঘাত দিছে’

‘মই মাজুলীত যাওঁতে ধূৰ্তি গামোচা পিন্ধি আৰু পিন্ধাই নিছিলোঁ তাত পাইজামা পিন্ধি ৰকিবুল হুছেইন কেনেকৈ যাব পাৰে’

‘ৰাজনীতিত তিনিটা স্বাৰ্থ, ব্যক্তি স্বাৰ্থ, দলৰ স্বাৰ্থ, জাতীয় স্বাৰ্থ’

‘মই আজিৰ পৰা বিজেপিৰ এজন কাৰ্যকতা’

‘মহাভাৰতত কৰ্ণ পাণ্ডৱৰ ফালে নাছিল , ২৬ৰ এই যুদ্ধত কংগ্ৰেছৰ সকলো কৰ্ণ বিজেপিৰ ফালে হ’ব’

কংগ্ৰেছৰ সভাপতি হৈ থাকোতে তেজেৰে ৰাঙলী হোৱা বিশেষ কোট পৰিধান কৰি বিজেপিত যোগদান কৰিবলৈ আহিল ভুপেন বৰা।

‘কংগ্ৰেছে মোৰ তেজৰ মুল্য বুজি নাপালে’।

‘কোনো স্বাভিমানী অসমীয়াই নাথাকে কংগ্ৰেছত’।

কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা প্ৰকাশ পালেই আৰু বহুতে যোগদান কৰিব বিজেপিত বুলি মন্তব্য কৰে ভুপেন বৰাই।

প্ৰবীণ সাংবাদিক ধীৰেন্দ্ৰ নাথ চক্ৰবৰ্তীৰ দেহাৱসান

প্ৰবীণ সাংবাদিক ধীৰেন্দ্ৰ নাথ চক্ৰবৰ্তীৰ দেহাৱসান
প্ৰবীণ সাংবাদিক ধীৰেন্দ্ৰ নাথ চক্ৰবৰ্তীৰ দেহাৱসান

প্ৰবীণ সাংবাদিক, লেখক ধীৰেন্দ্ৰ নাথ চক্ৰবৰ্তীৰ দেহাৱসান।

৯৭ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ ব্যক্তিগৰাকীৰ।

পুৱা ৭.৩৫ বজাত শেষ নিশ্বাস ত্যাগ প্ৰবীণ সাংবাদিকগৰাকীৰ।

৯৭ বছৰ বয়সত শেষ নিশ্বাস ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীৰ।

কেইবাখনো আগশাৰীৰ বাতৰি কাকতৰ সম্পাদক আছিল।

দীর্ঘদিন ধৰি অসুস্থ হৈ আছিল লেখকগৰাকী।

পুৱা ৭:৩৫ বজাত GNRCত শেষ নিশ্বাস ত্যাগ কৰে লেখকগৰাকীয়ে।

জি-স্কেলাৰ আৰু ভাৰতী এয়াৰটেলে বিশ্বাসযোগ্য এআই গ্ৰহণ আৰু চাইবাৰ সুৰক্ষাক প্ৰসাৰিত কৰাৰ বাবে এআই আৰু চাইবাৰ থ্ৰেট ৰিচাৰ্চ চেণ্টাৰ মুকলি ।

জি-স্কেলাৰ আৰু ভাৰতী এয়াৰটেলে বিশ্বাসযোগ্য এআই গ্ৰহণ আৰু চাইবাৰ সুৰক্ষাক প্ৰসাৰিত কৰাৰ বাবে এআই আৰু চাইবাৰ থ্ৰেট ৰিচাৰ্চ চেণ্টাৰ মুকলি ।
জি-স্কেলাৰ আৰু ভাৰতী এয়াৰটেলে বিশ্বাসযোগ্য এআই গ্ৰহণ আৰু চাইবাৰ সুৰক্ষাক প্ৰসাৰিত কৰাৰ বাবে এআই আৰু চাইবাৰ থ্ৰেট ৰিচাৰ্চ চেণ্টাৰ মুকলি ।


জি-স্কেলাৰ Inc., ক্লাউড সুৰক্ষাৰ ক্ষেত্ৰত আগশাৰীৰ প্ৰতিষ্ঠান আৰু ভাৰতী এয়াৰটেল ৰ, ভাৰতৰ অন্যতম বৃহৎ টেলিকম সেৱা প্ৰদানকাৰী, সহযোগত AI & Cyber Threat Research Center – India (এআই এণ্ড চাইবাৰ থ্ৰেট ৰিচাৰ্জ চেন্টাৰ – ভাৰত) মুকলি কৰাৰ কথা ঘোষণা কৰে। এই বহু-অংশীদাৰী ডিজিটেল পদক্ষেপে ৰাষ্ট্ৰীয় চাইবাৰ সুৰক্ষাক শক্তিশালী কৰাৰ বাবে, ডিজিটেল ব্যৱহাৰকাৰী আৰু ভাৰতৰ অৰ্থনৈতিক আৰু ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বাবে গুৰুত্বপূৰ্ণ খণ্ড, উদ্যোগ, আৰু সম্পত্তি যেনে বেংকিং, শক্তি, আৰু দূৰসংযোগৰ সুৰক্ষা, আৰু সমগ্ৰ দেশৰ দ্ৰুতগতিত বৃদ্ধি পোৱা ডিজিটেল পৰিৱেশ তন্ত্ৰত বিশ্বাসযোগ্য এআই গ্ৰহণ ত্বৰান্বিত কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ।
ইয়াত অৱস্থিত জি-স্কেলাৰৰ গৱেষণা কৰ্মচাৰীৰ এক বৃহৎ অংশৰ বাবে ভাৰত দীৰ্ঘদিন ধৰি কোম্পানীটোৰ প্ৰযুক্তিগত উদ্ভাৱন আৰু চাইবাৰ গৱেষণাৰ এক প্ৰধান কেন্দ্ৰ হৈ আহিছে। গৱেষণা কেন্দ্ৰটো চৰকাৰ, বিশ্ববিদ্যালয়, ৰাজহুৱা খণ্ড, আৰু ব্যৱসায়িক খণ্ডৰ মাজত সহযোগিতাৰ বাবে দেশজোৰা মঞ্চ হ’ব, যাৰ ফলত জি-স্কেলাৰৰ কাৰ্য্যকলাপ সম্প্ৰসাৰিত হ’ব। ভাৰতক বিকশিত ভাৰতৰ দিশত অগ্ৰগতি আৰু শান্তিপূৰ্ণ, সুৰক্ষিত, আৰু ডিজিটেলভাৱে স্বাধীন ভৱিষ্যতৰ প্ৰসাৰৰ উদ্দেশ্যে দেশৰ চাইবাৰ প্ৰতিৰক্ষাক শক্তিশালী কৰাৰ লগতে ভৱিষ্যতৰ বাবে প্ৰস্তুত প্ৰতিভাৰ পাইপলাইন সৃষ্টি কৰাৰ লক্ষ্যৰে “ভাৰতত, ভাৰতৰ বাবে” কেন্দ্ৰটো নিৰ্মাণ কৰা হৈছিল।


ভাৰতে এক প্ৰজন্মৰ ডিজিটেল পৰিৱৰ্তনৰ মাজেৰে আগবাঢ়িছে, ৰাষ্ট্ৰীয় পৰ্যায়ত গুৰুত্বপূৰ্ণ উদ্যোগসমূহৰ মাজেৰে প্ৰক্ৰিয়া সৃষ্টি কৰিছে, যিয়ে দেশৰ ভাবুকিৰ সংস্পৰ্শৰ ফুটপ্ৰিণ্ট যথেষ্ট বৃদ্ধি কৰিছে। একে সময়তে, ভাবুকিৰ পৰিৱেশটো শীৰ্ষ গতিৰে বিকশিত হৈছে, ৰাজ্যিক পৃষ্ঠপোষকতা কৰা হেকাৰ আৰু আৰ্থিকভাৱে প্ৰেৰিত আক্ৰমণকাৰীয়ে ক্ৰমান্বয়ে এআইৰ সহায় লৈ মিনিটৰ ভিতৰতে দুৰ্বলতাসমূহৰ অনুসন্ধান, লক্ষ্য আৰু বিকাশ ঘটাইছে।
এ আই এণ্ড চাইবাৰ থ্ৰেট ৰিচাৰ্চ চেণ্টাৰ – ভাৰতৰ উদ্দেশ্য চাৰিটা মূল নীতিৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে:

  1. সুৰক্ষা (Protect): বাস্তৱ-সময়ত ব্যৱহাৰযোগ্য তথ্য প্ৰদান কৰি ভাৰতৰ ৰাষ্ট্ৰীয় চাইবাৰ স্থিতিস্থাপকতা আৰু ডিজিটেল-প্ৰথম ব্যৱসায়সমূহক অধিক শক্তিশালী কৰা।
  2. প্ৰতিকাৰ (Remediate): চৰকাৰী সংস্থাসমূহৰ সৈতে পোনপটীয়াকৈ সহযোগিতা কৰি চাইবাৰ আক্ৰমণ নিষ্ক্ৰিয় কৰা আৰু আগন্তুক আক্ৰমণ প্ৰতিৰোধ কৰা।
  3. সহায় (Facilitate): আধুনিক সুৰক্ষা কাঠামোৰ গ্ৰহণ বৃদ্ধি কৰা, বিশেষকৈ এআই-চালিত সুৰক্ষা ব্যৱস্থা আৰু Zero Trust স্থাপত্যৰ ওপৰত গুৰুত্ব দি।
  4. গঢ়ি তোলা (Build): বিশেষ এআই আৰু Zero Trust প্ৰমাণপত্ৰৰ জৰিয়তে চাইবাৰ সুৰক্ষা দক্ষতাসম্পন্ন জনবল গঢ়ি তুলি, ৰাষ্ট্ৰীয় দক্ষতা-অভাৱ দূৰ কৰা।
    ‘এয়াৰটেলত আমি আমাৰ গ্ৰাহক আৰু ভাৰতৰ ডিজিটেল ব্যৱস্থাক সুৰক্ষা প্ৰদানৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ।জি-স্কেলাৰৰ সৈতে আমাৰ অংশীদাৰিত্বই এই প্ৰতিশ্ৰুতিক শক্তিশালী কৰে। আমাৰ এআই সামৰ্থ্য আৰু বৃহৎ পৰিসৰৰ চাইবাৰ সুৰক্ষা গৱেষণাৰ সংমিশ্ৰণেৰে আমি ভাৰতৰ ক্ৰমবৰ্ধমান ডিজিটেল পৰিৱেশ তন্ত্ৰক সুৰক্ষিত কৰাৰ লক্ষ্য ৰাখিছো, আমি ভাৰতৰ বাবে নিৰ্দিষ্ট প্ৰত্যাহ্বানসমূহ সমাধান কৰাত মনোনিৱেশ কৰিম যাতে এখন সুৰক্ষিত আৰু শক্তিশালী ডিজিটেল ৰাষ্ট্ৰ গঢ়ি তোলা হয়, য’ত মানুহ আৰু ব্যৱসায়ীসকলে সংযোগ স্থাপন আৰু বৃদ্ধি পাব পাৰে আমাৰ গৱেষণাভিত্তিক প্ৰতিৰোধমূলক ব্যৱস্থাই ডিজিটেল প্লেটফৰ্মত নিৰাপদ আৰু সুৰক্ষিত পাৰস্পৰিক ক্ৰিয়া-কলাপকো প্ৰসাৰিত কৰিব”ভাৰতী এয়াৰটেলৰ কাৰ্যবাহী উপ-সভাপতি গোপাল ভিট্টলে কয়।
    “ভাৰত এতিয়া এটা বিশাল জনসংখ্যাৰ বাবে অত্যন্ত ডাঙৰ পৰিসৰত ডিজিটেল ব্যৱস্থা গঢ়ি তুলিছে। পুৰণি সুৰক্ষা ব্যৱস্থা আৰু ভিপিএন সমূহ আজিৰ অতি সংযুক্ত বিশ্বৰ বাবে নিৰ্মাণ কৰা হোৱা নাছিল। এনে এটা ডাঙৰ আৰু গুৰুত্বপূৰ্ণ ডিজিটেল ব্যৱস্থাক সুৰক্ষিত কৰিবলৈ, আমাক মৰ্ডাণ জিৰ’ ট্ৰাষ্ট চিকুউৰিটি দৰে এটা আধুনিক পদ্ধতি লাগে যিয়ে, আৰম্ভণিৰ পৰাই সুৰক্ষিতভাৱে ডিজাইন কৰা সুৰক্ষা পদ্ধতি । এআই এণ্ড চাইবাৰ থ্ৰেট ৰিচাৰ্জ চেন্টাৰ – ভাৰত ৰ জৰিয়তে, আমি পৃথিৱীৰ সৰ্ববৃহৎ সুৰক্ষা ক্লাউডৰ শক্তি ব্যৱহাৰ কৰি চৰকাৰী আৰু বেচৰকাৰী দুয়োটা খণ্ডক সুৰক্ষা প্ৰদান কৰিম। প্ৰতিদিনে ৫০০ বিলিয়ন লেনদেনৰ পৰা লাভ কৰা তথ্য আৰু স্থানীয় অভিজ্ঞতা একেলগ কৰি, আমি কেৱল হুমকিৰ বাবে প্ৰস্তুতি লৈ থকা নাই—আমি আগন্তুক প্ৰজন্মৰ চাইবাৰ সুৰক্ষা বিশেষজ্ঞসকলক প্ৰশিক্ষণ আৰু সহায় আগবঢ়াই, আক্ৰমণকাৰীৰ আগত আগবাঢ়ি থাকিবলৈ সক্ষম কৰি তুলিছো
    অধিক তথ্যৰ বাবে এআই এণ্ড চাইবাৰ থ্ৰেট ৰিচাৰ্চ চেণ্টাৰলৈ যাওক আৰু ভাৰতৰ বিকশিত চাইবাৰ থ্ৰেট লেণ্ডস্কেপৰ ওপৰত গভীৰ তথ্য আৰু ব্যৱহাৰিক নিৰ্দেশনাৰ বাবে ই-বুক ‘চিকিউৰিং ডিজিটেল ইণ্ডিয়া এগেইনষ্ট চাইবাৰ থ্ৰেটছ’ ডাউনলোড কৰক।