Home Blog Page 261

পাকিস্তানত এতিয়া ৩২ টা বিমানবন্দ কেনে অৱস্থাত আছে ! Pakistan airport

পাকিস্তানত এতিয়া ৩২ টা বিমানবন্দ কেনে অৱস্থাত আছে ! Pakistan airport
পাকিস্তানত এতিয়া ৩২ টা বিমানবন্দ কেনে অৱস্থাত আছে ! Pakistan airport

১২ মে’২০২৫ঃ Pakistan airport । পাকিস্তানৰে হোৱা ভাৰতৰ যুদ্ধ বিৰতিৰ পিছতে ২০২৫ চনৰ ১৫ মে’ৰ ০৫:২৯ বজালৈকে ৩২টা বিমানবন্দৰত অসামৰিক বিমান পৰিচালনা অস্থায়ীভাৱে বন্ধ ৰখাৰ নিৰ্দেশনা প্ৰত্যাহাৰ কৰা হৈছে। এই বিমানবন্দৰসমূহ এতিয়া অসামৰিক বিমান পৰিচালনাৰ বাবে তাৎক্ষণিকভাৱে কাৰ্যকৰী কৰা হৈছে্।যাত্ৰীসকলক বিমানৰ স্থিতি পৰীক্ষাৰ বাবে বিমান সংস্থাৰ সৈতে পোনপটীয়াকৈ যোগাযোগ কৰিবলৈ আৰু নিয়মীয়া আপডেটৰ বাবে বিমান সংস্থাৰ ৱেবছাইটসমূহ নিৰীক্ষণ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে।

উল্লেখ্য ভাৰতীয় বিমানবন্দৰ কৰ্তৃপক্ষ (এএআই) আৰু সংশ্লিষ্ট বিমান পৰিবহণ কৰ্তৃপক্ষই এয়াৰমেনলৈ (নোটাম) জাননী জাৰি কৰি সমগ্ৰ উত্তৰ আৰু পশ্চিম ভাৰতৰ ৩২টা বিমানবন্দৰ অস্থায়ীভাৱে বন্ধ কৰাৰ কথা ঘোষণা কৰিছিল। এই নিৰ্দেশনা পৰিচালনা সম্পৰ্কীয় কাৰণত জাৰি কৰা হৈছিল আৰু ই ২০২৫ চনৰ ৯ মে’ৰ পৰা ১৪ মে’লৈকে কাৰ্যকৰী হ’ব (যি ২০২৫ চনৰ ১৫ মে’ৰ ০৫২৯ ভাৰতীয় মান সময়ৰ লৈকে কাৰ্যকৰী হৈ থাকিব) বুলি কোৱা হৈছিল। এই জাননী জাৰি কৰাৰ ফলত উল্লেখ কৰা বিমানবন্দৰসমূহৰ সেৱা প্ৰভাৱান্বিত হৈছিল:১.আদামপুৰ ২.আম্বালা ৩.অমৃতসৰ ৪.অৱন্তীপুৰ ৫. বাথিণ্ডা ৬.ভুজ ৭.বিকানেৰ ৮.চণ্ডীগড় ৯.হালৱাৰা ১০.হিন্দন ১১.জয়ছালমেৰ ১২.জম্মু ১৩.জামনগৰ ১৪.যোধপুৰ ১৫.কান্দলা ১৬.কাংৰা (গাগ্গল) ১৭.কেশোদ ১৮.কিষানগড় ১৯. কুল্লু মানালি (ভুণ্টাৰ) ২০.লেহ ২১.লুধিয়ানা ২২.মুন্দ্ৰা ২৩. নালিয়া ২৪.পাঠানকোট ২৫.পাটিয়ালা ২৬.পোৰবন্দৰ ২৭.ৰাজকোট (হিৰাছৰ) ২৮.সৰসাৱা ২৯.ছিমলা ৩০.শ্ৰীনগৰ ৩১.থইছে ৩২.উত্তৰলাই।

এই সময়ছোৱাত এই বিমানবন্দৰসমূহত অসামৰিক বিমানৰ সকলো কাৰ্যকলাপ স্থগিত ৰখা হৈছিল।

অধিক দায়বদ্ধতাৰে পঞ্চায়তীৰাজ ব্যৱস্থাত কাম কৰাৰ প্ৰতিশ্ৰুতি শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ । Dr Ranoj Pegu

অধিক দায়বদ্ধতাৰে পঞ্চায়তীৰাজ ব্যৱস্থাত কাম কৰাৰ প্ৰতিশ্ৰুতি শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ । Dr Ranoj Pegu
অধিক দায়বদ্ধতাৰে পঞ্চায়তীৰাজ ব্যৱস্থাত কাম কৰাৰ প্ৰতিশ্ৰুতি শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ । Dr Ranoj Pegu

ধেমাজি, ১২ মে’২০২৫: Dr Ranoj Pegu । অসমত পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনা সমাপ্ত হোৱাৰ লগে লগে ৰাজনৈতিক পৰিৱেশ উত্সাহজনক ৰূপ লৈছে। সমগ্ৰ ৰাজ্যৰ লগতে ধেমাজি আৰু জোনাই জিলাতো ভোটগণনা প্ৰক্ৰিয়া শান্তিপূৰ্ণভাৱে সমাপ্ত হোৱাত স্থানীয় জনতাই স্বস্তিৰ নিশ্বাস লৈছে। যদিও জোনাই সমষ্টিৰ কিছু ফলাফল ঘোষণাত অলপ বিলম্ব হৈছে, তথাপি ধেমাজি জিলাত বিজেপি মিত্ৰজোঁটে দখল কৰিছে মুঠ ১২ খন জিলা পৰিষদ আসন

এই জয়ৰ পটভূমিত আজি ধেমাজিৰ বিধায়ক তথা ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে সংবাদমেলৰ জৰিয়তে ৰাইজলৈ কৃতজ্ঞতা জ্ঞাপন কৰে। তেওঁ কয়, “পঞ্চায়ত নিৰ্বাচনত ধেমাজিৰ ৰাইজে যি সহায়, আশীৰ্বাদ আৰু সমৰ্থন আগবঢ়াইছে, তাৰ বাবে মই গভীৰ কৃতজ্ঞতা প্ৰকাশ কৰিছো। এই জয় কেৱল দলৰ নহয়, ই জনতাৰ আশা-আকাংক্ষাৰ প্ৰতিফলন। আমাৰ ওপৰত জনতাই পুনৰ বিশ্বাস ৰাখিছে, আৰু আমি সেই বিশ্বাসৰ যোগ্য হবলৈ অধিক দায়বদ্ধতাৰে কাম কৰি যাম।”

মন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰে যে, এইবাৰ পঞ্চায়তৰ ফলাফলৰ জৰিয়তে চৰকাৰৰ প্ৰতি জনতাৰ আস্থা আৰু উন্নয়নৰ দিশে গতি দিয়া চৰকাৰী নীতিসমূহৰ প্ৰভাব স্পষ্ট হৈছে। তেওঁ কয়, “জনতাই আমাক সুযোগ দিছে, আমি সেই সুযোগ সদ্ব্যৱহাৰ কৰিম। উন্নয়নমূলক কাম-কাজ, শুদ্ধ প্ৰশাসন, আৰু গ্ৰাম্য পৰ্যায়লৈকে প্ৰযুক্তি আৰু শিক্ষা পৌঁৰাবলৈ আমি বদ্ধপরিকৰ।”

ডাঃ পেগুৱে এই জয়ক নতুন দায়িত্ব হিচাপে গণ্য কৰি কয় যে, আগন্তুক দিনত পঞ্চায়তীৰাজ ব্যৱস্থাক অধিক সক্ৰিয় আৰু জনমুখী কৰি তুলিবলগীয়া প্ৰয়োজন আছে। “গ্ৰাম্য জনতাৰ সমস্যাবোৰ সঘনকৈ শুনি, সমাধানমূলক পদক্ষেপ ল’বলৈ আমাৰ আগ্ৰহ আছে। পঞ্চায়তৰ কামত স্বচ্ছতা, উত্তৰদায়িত্বৰ লগতে উন্নয়নৰ গতিও নিশ্চিত কৰিব লাগিব।”

উল্লেখযোগ্য যে, ধেমাজি জিলাত শান্তিপূৰ্ণভাৱে চলা এই নিৰ্বাচনে স্থানীয় ৰাজনৈতিক স্থিতিশীলতা প্ৰতিষ্ঠা কৰাৰ লগতে জনতাৰ ভিতৰত এক আশাৰ সঞ্চাৰ কৰিছে। শিক্ষামন্ত্ৰীগৰাকীৰ বক্তব্যে এই কথাই প্ৰতিপন্ন কৰে যে, ৰাজ্য চৰকাৰে গ্ৰাম্য উন্নয়নৰ দিশে অধিক দৃঢ়তাৰে আগবাঢ়িবলৈ সাজু।

গুৱাহাটীত হ’ব ১১ খন পঞ্চ তাৰকাযুক্ত হোটেলঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৫০০ কোটি টকাৰ দুখন মেৰিয়ট হোটেলৰ ভূমি পূজনৰে আৰম্ভ হল নতুন অধ্যায় । himanta biswa sarma

গুৱাহাটীত হ’ব ১১ খন পঞ্চ তাৰকাযুক্ত হোটেলঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৫০০ কোটি টকাৰ দুখন মেৰিয়ট হোটেলৰ ভূমি পূজনৰে আৰম্ভ হল নতুন অধ্যায় । himanta biswa sarma
গুৱাহাটীত হ’ব ১১ খন পঞ্চ তাৰকাযুক্ত হোটেলঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৫০০ কোটি টকাৰ দুখন মেৰিয়ট হোটেলৰ ভূমি পূজনৰে আৰম্ভ হল নতুন অধ্যায় । himanta biswa sarma

গুৱাহাটী, ১২ মে’:himanta biswa sarma ।
উত্তৰ-পূব ভাৰতৰ গেটৱে হিচাপে পৰিগণিত গুৱাহাটীত আতিথ্য ক্ষেত্ৰত এক ডাঙৰ পৰিৱর্তন ঘটিবলৈ লৈছে। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মায়ে আজি ঘোষণা কৰে যে, আগন্তুক সময়চোৱাত গুৱাহাটীত ১১ খন পঞ্চ তাৰকাযুক্ত হোটেল নিৰ্মাণ কৰা হ’ব।

এই প্ৰকল্পসমূহৰ অংশ হিচাপে আজি মুখ্যমন্ত্ৰীগৰাকীয়ে মেৰিয়ট ইণ্টাৰনেশ্যনেলৰ দুখন হোটেলৰ ভূমি পূজন অনুষ্ঠানত অংশগ্ৰহণ কৰে। তেওঁ জনায় যে, এই দুয়োখন হোটেল গুৱাহাটী বিমানবন্দৰৰ কাষত প্ৰায় ২৫ একৰ (৭৬ বিঘা) মাটিত নিৰ্মাণ কৰা হ’ব।

মুখ্যমন্ত্ৰীয়ে কয়, “এডভাণ্টেজ অসম ২.০“ৰ সময়ত স্বাক্ষৰিত ৫০০ কোটি টকাৰ এই বুজাবুজি চুক্তিৰ ৩ মাহৰ ভিতৰতেই প্ৰকল্পৰ কাম আৰম্ভ হৈছে, যি নতুন অসমৰ কৰ্ম সংস্কৃতিৰ এক প্ৰতিফলন

তেওঁ লগতে উল্লেখ কৰে যে, জোনালী কনষ্ট্ৰাকচনছ প্ৰাইভেট লিমিটেডে মেৰিয়টৰ দুখন হোটেল গুৱাহাটীত নিৰ্মাণৰ বাবে চৰকাৰৰ সৈতে বুজাবুজি কৰিছিল। চৰকাৰৰ সহযোগত প্রকল্পটো এতিয়া চূড়ান্ত ৰূপ লৈছে আৰু আনুষ্ঠানিকভাৱে কাম আৰম্ভ হৈছে।

ইয়াৰ উপৰিও মুখ্যমন্ত্ৰীগৰাকীয়ে এক্স হেণ্ডেলত শ্বেয়াৰ কৰা এটা ভিডিঅ’ত কয়, “গুৱাহাটীলৈ আহি আছে ১১ খন পঞ্চ তাৰকাযুক্ত হোটেল। ইয়াৰ ভিতৰত থাকিব চাৰিখন মেৰিয়ট, দুখন তাজ, আৰু এখন লেমন ট্ৰি হোটেল। এই সকলো প্ৰকল্পই অসমৰ আতিথ্য আৰু পৰ্যটন আন্তঃগাঁথনি অধিক শক্তিশালী কৰি তুলিব।”

মুখ্যমন্ত্ৰীৰ মতে, এই উদ্যোগসমূহে কেৱল পৰ্যটকসকলক সুবিধা প্ৰদান নহয়, গুৱাহাটী চহৰখনক বিশ্ব মানদণ্ডৰ এক আধুনিক মহানগৰ হিচাপে গঢ়ি তোলাতো সহায় কৰিব।

ভাৰতে কোনো ধৰণৰ পাৰমাণৱিক ব্লেকমেইল সহ্য নকৰেঃ প্ৰধানমন্ত্ৰী মোদী । Modi

ভাৰতে কোনো ধৰণৰ পাৰমাণৱিক ব্লেকমেইল সহ্য নকৰেঃ প্ৰধানমন্ত্ৰী মোদী । Modi
ভাৰতে কোনো ধৰণৰ পাৰমাণৱিক ব্লেকমেইল সহ্য নকৰেঃ প্ৰধানমন্ত্ৰী মোদী । Modi

১২ মে’২০২৫ঃ Modi ভাৰত পাক উত্তেজনাৰ মাজতে দেশবাসীক উদ্দেশ্যি প্ৰধানমন্ত্ৰী মোদীয়ে দিলে উদাত্ত ভাষণ। সোমবাৰে নিশা ৮ বজাত মোদীয়ে দিয়া ভাষণত কয়-যোৱা কেইটামান দিনত দেশৰ শক্তি আৰু সংযম দুয়োটাই আমি সকলোৱে প্ৰত্যক্ষ কৰিছো।মই প্ৰথমে আমাৰ শক্তিশালী ভাৰতীয় সেনাবাহিনীক প্ৰণাম জনাইছো,সশস্ত্ৰ বাহিনী, আমাৰ চোৰাংচোৱা সংস্থা,আমাৰ বিজ্ঞানী,সকলোকে মই প্ৰতিজন ভাৰতীয়ৰ হৈ প্ৰণাম জনাইছো। আমাৰ সাহসী জোৱানসকলে অপাৰেচন সিন্দুৰৰ লক্ষ্যত উপনীত হ’বলৈ গৈ অপৰিসীম সাহস প্ৰদৰ্শন কৰিলে।মই তেওঁলোকৰ বীৰত্বৰ প্ৰতি, তেওঁলোকৰ সাহসৰ প্ৰতি, তেওঁলোকৰ পৰাক্ৰমৰ বাবে তেওঁলোকক অভিনন্দন জনাইছো৷ মই তেওঁলোকৰ এনে পৰাক্ৰম ,আমাৰ দেশৰ প্ৰতিগৰাকী মাতৃলৈ,দেশৰ প্ৰতিগৰাকী ভগ্নী আৰু প্ৰতিগৰাকী কন্যাৰ বাবে উৎসৰ্গা কৰিছো।বন্ধুসকল,যোৱা ২২ এপ্ৰিলত পহলগামত সন্ত্রাসবাদীয়ে প্রদর্শন কৰা বৰ্বৰতাই দেশ আৰু বিশ্বক স্তম্ভিত কৰি তুলিছিল৷বন্ধৰ দিন উদযাপন কৰিবলৈ যোৱা নিৰীহ নাগৰিকক ধৰ্মৰ বিষয়ে সুধি পৰিয়ালৰ সন্মুখতে, শিশুসকলৰ সন্মুখতে…নিৰ্দয়ভাবে হত্যা কৰা হৈছিল।এয়া আছিল এটা আতংকৰ দিন, এয়া আছিল নিষ্ঠুৰতাৰ ভয়ংকৰ প্ৰকাশ৷এয়া আছিল দেশৰ সমন্বয় বিনষ্ট কৰাৰ এক ঘৃণনীয় অপচেষ্টা।মোৰ ক্ষেত্ৰত ব্যক্তিগতভাৱে এই নাৰকীয় ঘটনাৰ বেদনা অসহনীয় আছিল।

এই সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত সমগ্ৰ দেশ, প্ৰতিগৰাকী নাগৰিক, সমাজ,প্ৰতিটো শ্ৰেণীৰ লোক, প্ৰতিটো ৰাজনৈতিক দল একত্ৰিত হৈ ‘একেষাৰে সন্ত্ৰাসবাদৰ বিৰুদ্ধে শক্তিশালী ব্যৱস্থাৰ দাবীৰে থিয় দিছে৷সন্ত্ৰাসবাদীক নিঃশেষ কৰিবলৈ ভাৰতীয় নিৰাপত্তা বাহিনীক আমি পূৰ্ণ কৰ্তৃত্ব প্ৰদান কৰিছো। আমি তেওঁলোকক এইক্ষেত্ৰত সম্পূৰ্ণ স্বাধীনতা প্ৰদান কৰিছো। আৰু আজি প্ৰতিজন সন্ত্ৰাসবাদীয়ে, প্ৰতিটো সন্ত্ৰাসবাদী সংগঠনে উপলব্ধি কৰিবলৈ বাধ্য হৈছে আমাৰ ভগ্নী-কন্যাৰ কপালৰ সিন্দুৰ মচি পেলোৱাৰ পৰিণতি কি হ’ব পাৰে ।বন্ধুসকল,অপাৰেচন সিন্দুৰ …এয়া কেৱল এটা নাম নহয়৷এয়া দেশৰ কোটি কোটি মানুহৰ আৱেগৰ প্ৰতিফলন।অপাৰেচন ‘সিন্দুৰ’ ন্যায়ৰ অখণ্ড প্ৰতিজ্ঞা।৬ মে’ৰ গভীৰ নিশাৰ পৰা ৭ মে’ৰ পুৱালৈকে সমগ্ৰ বিশ্বই এই প্ৰতিশ্ৰুতি ফলাফলত পৰিণত হোৱা দেখিবলৈ পাইছে।ভাৰতীয় বাহিনীয়ে পাকিস্তানৰ সন্ত্ৰাসবাদী শিবিৰত আক্ৰমণ কৰিছে।


তেওঁলোকৰ প্ৰশিক্ষণ কেন্দ্ৰত নিখুঁতভাৱে আঘাত কৰিছে ।সন্ত্ৰাসবাদীয়ে সপোনতো কল্পনা কৰা নাছিল যে ভাৰতে ইমান ডাঙৰ সিদ্ধান্ত ল’ব পাৰে।কিন্তু যেতিয়া দেশখন একত্ৰিত হয়, দেশ প্ৰথমৰ মনোভাৱেৰে মানুহৰ মনবোৰ ভৰি পৰে, তেতিয়া দেশেই সৰ্বোচ্চ হৈ পৰে। তেতিয়াই শক্তিশালী সিদ্ধান্ত লোৱা হয় আৰু তাৰ ফল লাভ কৰা হয়।ভাৰতীয় ক্ষেপণাস্ত্ৰই যেতিয়া পাকিস্তানৰ সন্ত্ৰাসবাদী ঘাটিত আক্ৰমণ কৰিছিল, ভাৰতীয় ড্ৰোনে যেতিয়া আক্ৰমণ চলাইছিল, তেতিয়া কেৱল সন্ত্ৰাসবাদী সংগঠনৰ ভৱনবোৰেই নহয়, তেওঁলোকৰ আত্মবিশ্বাসো কঁপি উঠিছিল।বাহাৱালপুৰ আৰু মুৰিদকেৰ দৰে সন্ত্ৰাসবাদীৰ আত্মগোপন স্থানসমূহ এককথাত বিশ্ব সন্ত্ৰাসবাদৰ বিশ্ববিদ্যালয় স্বৰূপ হৈ পৰিছে।বিশ্বৰ যিকোনো ঠাইত সংঘটিত হোৱা যিকোনো ডাঙৰ সন্ত্ৰাসবাদী আক্ৰমণ- সেয়া ৯/১১ৰ সন্ত্ৰাসবাদী আক্ৰমণেই হওঁক ,লণ্ডন টিউব বোমা বিস্ফোৰণেই হওঁক বা ভাৰতত দশকজুৰি সংঘটিত হোৱা বৃহৎ সন্ত্ৰাসবাদী আক্ৰমণেই হওঁক,ক’ৰবাত নহয় ক’ৰবাত এই সন্ত্ৰাসবাদীয়ে আত্মগোপন কৰি থকা স্থানসমূহৰ সৈতে সংযুক্ত হৈ পৰিছে।সন্ত্ৰাসবাদীয়ে আমাৰ ভগ্নীহঁতৰ সিন্দুৰ মচি পেলাইছিল৷ সেইবাবেই ভাৰতে সন্ত্ৰাসবাদৰ এই মুখ্য কাৰ্যালয় ধ্বংস কৰিছে। ভাৰতৰ এই আক্ৰমণত ১০০ৰো অধিক দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী নিহত হৈছে।

ইমানবোৰ সন্ত্ৰাসবাদীয়ে যোৱা ডেৰৰ পৰা তিনি দশক ধৰি পাকিস্তানত মুক্তভাৱে ঘূৰি ফুৰিছিল৷ যিসকলে পূৰ্বে ভাৰতৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিছিল, তেওঁলোকক ভাৰতে এটা আঘাততে ধ্বংস কৰি পেলালে।বন্ধুসকল,ভাৰতৰ এই কাৰ্য্যত পাকিস্তান গভীৰভাৱে হতাশগ্ৰস্ত হৈ পৰিছে৷ সকলোতে কেৱল হতাশাৰ কলীয়া ডাৱৰে ছানি ধৰিছিল৷ তেওঁলোক বিভ্ৰান্ত হৈ পৰিছিল৷এনে বিভ্ৰান্তিকৰ অৱস্থাৰ মাজতে তেওঁলোকে আৰু এটা বেয়া কাম কৰিলে।সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতে গ্ৰহণ কৰা ব্যৱস্থাক সমৰ্থন কৰাৰ পৰিৱৰ্তে পাকিস্তানে ভাৰতকহে আক্ৰমণ কৰিবলৈ আৰম্ভ কৰিলে।পাকিস্তানে আমাৰ স্কুল আৰু কলেজসমূহ লক্ষ্য কৰি লৈছিল, গুৰুদ্বাৰা, মন্দিৰ, সাধাৰণ নাগৰিকৰ ঘৰ আদিও পাকিস্তানৰ সামৰিক আক্ৰণৰ লক্ষ্য হৈ পৰিছিল৷ এনে কাৰ্যৰ জডড়িয়তে পাকিস্তানে নিজকে উদঙাই দিলে।বিশ্বই দেখিলে পাকিস্তানৰ ড্ৰোন আৰু মিছাইল কেনেকৈ ভাৰতৰ সন্মুখত খেৰৰ দৰে জ্বলি ছাই হৈ গল৷ ভাৰতৰ শক্তিশালী বায়ু প্ৰতিৰক্ষা ব্যৱস্থাই সেইবোৰ আকাশতে ধ্বংস কৰি পেলালে। সীমান্তত আক্ৰমণ কৰিবলৈ সাজু হৈছিল পাকিস্তান৷ কিন্তু ইয়াৰ বিপৰীতে ভাৰতে পাকিস্তানৰ বুকুত আঘাত হানিলে ।ভাৰতৰ ড্ৰোন আৰু ক্ষেপণাস্ত্ৰই নিখুঁতভাৱে পাকিস্তানৰ লক্ষ্যস্থানত আঘাত কৰিছিল।ফলত পাকিস্তানী বায়ুসেনাৰ বিমানঘাটিসমূহ ক্ষতিগ্ৰস্ত হৈছিল৷ যিবোৰকলৈ পাকিস্তানে গৌৰৱ কৰি আহিছিল৷

প্ৰথম তিনিদিনত ভাৰতে কল্পনাও কৰা নাছিল যে পাকিস্তানক এনেদৰে ধ্বংস কৰিব পৰা যাব।কিন্তু সেয়াই হ’ল৷ সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ আগ্ৰাসী কাৰ্য্য ব্যৱস্থাৰ পিছত পাকিস্তানে পলায়নৰ উপায় বিচাৰিবলৈ আৰম্ভ কৰিলে।পাকিস্তানে উত্তেজনা হ্ৰাস কৰিবলৈ বিশ্বক অনুৰোধ কৰিবলৈ ধৰিলে৷ বেয়াকৈ ক্ষতিগ্ৰস্ত হোৱাৰ পিছত বাধ্যবাধকতাত পৰি ১০ মে’ৰ দুপৰীয়া পাকিস্তানী সেনাই আমাৰ ডিজিএমঅ’ৰ সৈতে যোগাযোগ কৰিলে। তেতিয়ালৈকে আমি পাকিস্তানৰ সন্ত্ৰাসবাদৰ আন্তঃগাঁথনি বৃহৎ পৰিসৰত ধ্বংস কৰি পেলাইছিলো৷ বহু সন্ত্ৰাসবাদী নিহত হৈছিল৷ আমি পাকিস্তানৰ সন্ত্ৰাসবাদী ঘাটিবোৰ ধ্বংসাৱশেষলৈ ৰূপান্তৰিত কৰিছিলোঁ৷ গতিকে, দিশহাৰা পাকিস্তানৰ পৰা এটা আবেদন কৰা হৈছিল৷ এই কথা পাকিস্তানৰ পৰা কোৱা হৈছিল যে তেওঁলোকৰ পক্ষৰ পৰা আৰু কোনো সন্ত্ৰাসবাদী কাৰ্যকলাপ তথা সামৰিক দুষ্কাৰ্য নকৰিব৷গতিকে ভাৰতেও তেওঁলোকৰ প্ৰতিশ্ৰুতি বিবেচনা কৰিলে।আৰু মই আকৌ কওঁ…আমি মাত্ৰ পাকিস্তানৰ সন্ত্ৰাসবাদী আৰু সামৰিক ঘাটিৰ বিৰুদ্ধে আমাৰ ব্যৱস্থা কেৱল স্থগিতহে ৰাখিছো৷
অনাগত দিনত আমি পাকিস্তানৰ প্ৰতিটো খোজৰ হিচাব লম৷ তেওঁলোকে কি মনোভাৱ গ্ৰহণ কৰে সেয়া লক্ষ্য কৰিম৷ বন্ধুসকল, ভাৰতৰ তিনিটা সেনাবাহিনী-আমাৰ বায়ুসেনা,আমাৰ সেনাবাহিনী আৰু আমাৰ নৌসেনা,আমাৰ সীমান্ত সুৰক্ষা বাহিনী-বিএছএফ, ভাৰতৰ অৰ্ধসামৰিক বাহিনী নিৰন্তৰ সষ্টম হৈ আছে ।ছাৰ্জিকেল ষ্ট্ৰাইক আৰু এয়াৰ ষ্ট্ৰাইকৰ পিছত এতিয়া অপাৰেচন সিন্দুৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ এক বলিষ্ঠ পদক্ষেপ হিচাবে পৰিগণিত হৈছে।ভাৰতে এয়া নীতিগতভাবে গ্ৰহণ কৰিছে৷ ছাৰ্জিকেল ষ্ট্ৰাইক আৰু এয়াৰ ষ্ট্ৰাইকৰ পিছত এতিয়া অপাৰেচন সিন্দুৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ সন্ত্ৰাসবাদ বিৰোধী নীতিৰ শক্তিশালী প্ৰমাণ হৈ পৰিছে। সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজত নতুন ৰেখা টানিছে অপাৰেচন সিন্দুৰে।এটা নতুন মান, এটা নতুন ধৰণ নিৰ্ধাৰণ কৰা হৈছে।


প্ৰথম কথা – ভাৰতত সন্ত্ৰাসবাদী আক্ৰমণ হ’লে উপযুক্ত উত্তৰ দিয়া হ’ব।আমি নিজৰ ধৰণে, নিজৰ চৰ্তত সঁহাৰি জনাম।
সন্ত্ৰাসবাদৰ শিপা য’ৰ পৰা বিস্তাৰিত হৈছে তাতেই আমি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিম।দ্বিতীয়তে – ভাৰতে কোনো ধৰণৰ পাৰমাণৱিক ব্লেকমেইল সহ্য নকৰে।পাৰমাণৱিক ব্লেকমেইলৰ আৱৰণেৰে ঘেৰি ৰখা সন্ত্ৰাসবাদীৰ আত্মগোপনৰ স্থানসমূহত ভাৰতে এক নিখুঁত আৰু নিৰ্ণায়ক আক্ৰমণ চলাব।তৃতীয়তে, সন্ত্ৰাসবাদক পৃষ্ঠপোষকতা কৰা চৰকাৰখন আৰু সন্ত্ৰাসবাদৰ মালিকসকলক আমি পৃথক সত্তা হিচাপে কেতিয়াও নাচাম।’অপাৰেচন সিন্দুৰ’ৰ সময়ত বিশ্বই আকৌ দেখিছে পাকিস্তানৰ কুৎসিত মুখ।যেতিয়া মৃত সন্ত্ৰাসবাদীক বিদায় দিয়া হৈছিল।পাকিস্তানী সেনাৰ শীৰ্ষ বিষয়াৰ মাজত লৰাধপৰা লাগিছল। দেশ খনৰ পৃষ্ঠপোষকতাত চলি থকা সন্ত্ৰাসবাদৰ এয়া এক ডাঙৰ প্ৰমাণ।ভাৰত আৰু আমাৰ নাগৰিকক যিকোনো ভাবুকিৰ পৰা ৰক্ষা কৰিবলৈ আমি নিৰ্ণায়ক পদক্ষেপ গ্ৰহণ কৰি যাম।বন্ধুসকল,আমি প্ৰতিবাৰেই যুদ্ধক্ষেত্ৰত পাকিস্তানক পৰাস্ত কৰিছো আৰু এইবাৰ অপাৰেচন সিন্দুৰে ইয়াত এক নতুন মাত্ৰা সংযোজন কৰিলে।’আমি মৰুভূমি আৰু পৰ্বতমালাত আমাৰ সামৰ্থ্য উজ্জ্বলভাৱে প্ৰদৰ্শন কৰিছো৷লগতে লগতে আধুনিক যুদ্ধত নিজৰ শ্ৰেষ্ঠত্ব প্ৰমাণ কৰিছো।এই অপাৰেচনৰ সময়ত আমাৰ মেড ইন ইণ্ডিয়া অস্ত্ৰৰ সত্যতাও প্ৰমাণিত হ’ল। আজি বিশ্বই লক্ষ্য কৰিছে- একবিংশ শতিকাৰ যুদ্ধত মেড ইন ইণ্ডিয়া প্ৰতিৰক্ষা সঁজুলিৰ সময় আহি পৰিছে।

বন্ধুসকল,আমাৰ আটাইতকৈ ডাঙৰ শক্তি হৈছে সকলো ধৰণৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে আমাৰ মাজত গঢ় লোৱা ঐক্য।এয়া নিশ্চিতভাৱে যুদ্ধৰ যুগ নহয়৷ কিন্তু এয়া সন্ত্ৰাসবাদৰো যুগ নহয়। সন্ত্ৰাসবাদৰ বিৰুদ্ধে শূন্য সহনশীলতাই হৈছে এখন উন্নত পৃথিৱীৰ নিশ্চয়তা প্ৰদানৰ প্ৰথম চৰ্ত৷বন্ধুসকল,পাকিস্তানৰ সেনা, পাকিস্তান চৰকাৰে যি সন্ত্ৰাসবাদক লালন-পালন কৰি আহিছে এদিন সেই সন্ত্ৰাসবাদেই পাকিস্তানক ধ্বংস কৰিব।পাকিস্তানে যদি জীয়াই থাকিব বিচাৰে তেন্তে নিজৰ দেশত থকা সন্ত্ৰাসবাদীৰ ঘাটি ধ্বংস কৰিব লাগিব।ইয়াৰ বাহিৰে শান্তিৰ কোনো বিকল্প পথ নাই। এইক্ষেত্ৰত ভাৰতৰ স্থিতি অতি স্পষ্ট৷ আতংক আৰু আলোচনা একেলগে আগবঢ়িব নোৱাৰে৷ সন্ত্ৰাস আৰু বাণিজ্য একেলগে আগুৱাব নোৱাৰে।আনকি পানী আৰু তেজ একেলগে বৈ যাব নোৱাৰে।আজি বিশ্ব সমাজকো ক’ব বিচাৰিছো- আমাৰ ঘোষিত নীতি হৈছে- পাকিস্তানৰ সৈতে যদি আলোচনা হয়, সেয়া হ’ব সন্ত্ৰাসবাদৰ বিষয়ত, যদি পাকিস্তানৰ সৈতে আলোচনা হয়, তেন্তে সেয়া হ’ব পাক অধিকৃত কাশ্মীৰৰ বিষয়ত৷প্ৰিয় দেশবাসী,আজি বুদ্ধ পূৰ্ণিমা।


ভগৱান বুদ্ধই আমাক শান্তিৰ পথ দেখুৱাইছে।শান্তিৰ পথো শক্তিৰ মাজেৰেই পৰিচালিত হয়৷ মানৱতা শান্তি আৰু সমৃদ্ধিৰ পথেৰে আগবাঢ়ি যাওক৷ প্ৰতিজন ভাৰতীয়ই শান্তিৰে জীয়াই থাকিবলৈ সক্ষম হওক৷যিয়ে উন্নত ভাৰতৰ সপোন পূৰণ কৰিব পাৰিব ৷
ইয়াৰ বাবে ভাৰত শক্তিশালী হ’ব লাগিব আৰু প্ৰয়োজনৰ সময়ত শক্তি ব্যৱহাৰ কৰাটোও গুৰুত্বপূৰ্ণ কথা হৈ পৰিব।যোৱা কেইটামান দিনত ভাৰতে ঠিক এনে কামেই কৰিছে।ভাৰতীয় সেনা আৰু সশস্ত্ৰ বাহিনীক পুনৰবাৰ প্ৰণাম জনাইছো।
ভাৰতবাসীৰ সাহস আৰু ঐক্যক প্ৰণাম জনাইছো।

আমি চীনত নিৰ্মিত PL-15 মিছাইল ধ্বংস কৰিছিলো, এতিয়া সাজু পৰৱৰ্তী অভিযানৰ বাবেঃ ভাৰতীয় সেনা । PL-15

আমি চীনত নিৰ্মিত PL-15 মিছাইল ধ্বংস কৰিছিলো, এতিয়া সাজু পৰৱৰ্তী অভিযানৰ বাবেঃ ভাৰতীয় সেনা । PL-15
আমি চীনত নিৰ্মিত PL-15 মিছাইল ধ্বংস কৰিছিলো, এতিয়া সাজু পৰৱৰ্তী অভিযানৰ বাবেঃ ভাৰতীয় সেনা । PL-15

নতুন দিল্লী, ১২ মে’: PL-15
ভাৰত-পাকিস্তানৰ মাজত চলি থকা উত্তেজনাপূর্ণ পৰিস্থিতিৰ মাজত আজি ভাৰতীয় সেনাই সংবাদমেল সম্বোধন কৰে। এই সংবাদমেলত সেনাই ঘোষণা কৰে যে, ভাৰতীয় বায়ু প্ৰতিৰক্ষা ব্যৱস্থাই চীনত নিৰ্মিত PL-15 লং ৰেঞ্জ মিছাইল সফলতাৰে ধ্বংস কৰিবলৈ সক্ষম হৈছে।

ভাৰতীয় বায়ুসেনাৰ ডাইৰেক্টৰ জেনেৰেল অৱ মিলিটাৰী অপাৰেশ্যনছ (DGMO) এয়াৰ মাৰ্শ্বাল অভধেশ কুমাৰ ভাৰতী প্ৰকাশ কৰে, “আমাৰ এই যুদ্ধ আছিল সন্ত্ৰাসবাদ আৰু সন্ত্ৰাসবাদীৰ বিৰুদ্ধে। ৭ মে’ত আমি কেৱল সন্ত্ৰাসবাদী আৰু তেওঁলোকৰ আত্মগোপন স্থানতহে আক্ৰমণ কৰিছিলো। কিন্তু দুৰ্ভাগ্যজনকভাৱে পাকিস্তানে ইয়াক নিজৰ ৰাষ্ট্ৰীয় লড়াই হিচাপে লৈ সন্ত্ৰাসবাদীক সমৰ্থন আগবঢ়াইছিল।”

তেওঁ লগতে কয়, “ভাৰতীয় সেনাই পাকিস্তানৰ আক্রমণৰ প্ৰত্যুত্তৰত যথোপযুক্ত আৰু নিয়ন্ত্ৰিতভাৱে অভিযান চলাইছিল। যদিও বৰ্তমান LOC (Line of Control) আৰু IB (International Border)ত শান্তি দেখা গৈছে, তথাপিও সেনা আগন্তুক অভিযানৰ বাবে সদায় সাজু আছে।”

অভেদ্য বায়ু প্ৰতিরক্ষা ব্যবস্থাঃ
এয়াৰ মাৰ্শ্বাল অভধেশ কুমাৰে কয়, “আমাৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থা যেনে Akash Missile System, Pechora, AD চৰফেচ, লগতে SAMS আৰু ল’ ডিফেন্স গানৰ সহায়ত শত্ৰুৰ যিকোনো আক্রমণ প্ৰতিৰোধ কৰাৰ ক্ষমতা ৰাখে। পাকিস্তানে ব্যৱহাৰ কৰা ড্ৰ’ন আৰু মানৱবিহীন যুদ্ধবিমানসমূহকো দেশীয়ভাৱে বিকাশ কৰা ‘চফ্ট আৰু হাৰ্ড কিল কাউণ্টাৰ ইউএএছ’ ব্যৱস্থাৰে সফলতাৰে বিফল কৰা হৈছে।”

DGMO লেফটেনেণ্ট জেনেৰেল ৰাজীৱ ঘাইয়ে কয়, “আমি ‘অপাৰেশ্যন সেন্দূৰ’ সম্পূৰ্ণৰূপে সীমাৰ ভিতৰত ৰৈ সম্পন্ন কৰিছো। LOC আৰু IB পাৰ নোহোৱাকৈ অপাৰেশ্যনটো সফলভাৱে চলোৱা হৈছে। আমি আগতীয়াকৈ সম্ভাব্য আক্ৰমণৰ বিষয়ে জানিছিলো, সেয়েহে আমাৰ প্ৰতিৰক্ষা ব্যৱস্থা সম্পূৰ্ণৰূপে সক্ৰিয় আছিল।”

তেওঁৰ মন্তব্যত স্পষ্ট হয় যে, ভাৰতীয় সেনাৰ লক্ষ্য সদা স্পষ্ট আৰু তৎপরতা সম্পূৰ্ণ। তেওঁ কয়, “যেতিয়া লক্ষ্য স্থিৰ হয়, তেতিয়া গন্তব্য নিজে ওলাই আহে।”

panchayat election result kaliabor: কলিয়াবৰ পঞ্চায়তঃ কংগ্ৰেছ শূন্য, অগপ-বিজেপিৰ ধুমুহাত দীৰ্ঘদিনীয়া দুৰ্গ কুঠৰীত কংগ্ৰেছ নিঃচিহ্ন

panchayat election result kaliabor: কলিয়াবৰ পঞ্চায়তঃ কংগ্ৰেছ শূন্য, অগপ-বিজেপিৰ ধুমুহাত দীৰ্ঘদিনীয়া দুৰ্গ কুঠৰীত কংগ্ৰেছ নিঃচিহ্ন
panchayat election result kaliabor: কলিয়াবৰ পঞ্চায়তঃ কংগ্ৰেছ শূন্য, অগপ-বিজেপিৰ ধুমুহাত দীৰ্ঘদিনীয়া দুৰ্গ কুঠৰীত কংগ্ৰেছ নিঃচিহ্ন

কলিয়াবৰ পঞ্চায়তঃ কলিয়াবৰ বিধানসভা সমষ্টিত বিজেপি-অগপ মিত্ৰজোঁটৰ জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়তত হোৱাইট ৱাশ্ব।(panchayat election result kaliabor)

কলিয়াবৰত কংগ্ৰেছ শূণ্য
জিলা-পৰিষদ – ৪/৪, বিজেপি – ১, অগপ – ৩
গাঁও পঞ্চায়ত – ২২/২২, বিজেপি – ১১, অগপ – ১১

অগপ-বিজেপিৰ ধুমুহাত দীৰ্ঘদিনীয়া দূৰ্গ কুঠৰীত কংগ্ৰেছ নিচিহ্ন

এই পঞ্চায়ত নিৰ্বাচনে অগপ, বিজেপি দুয়োটা দলৰ বাবেই শুভ বাৰ্তা কঢ়িয়াই আনিলে। ৰাজ্যৰ প্ৰায়বোৰ পঞ্চায়তেই কংগ্ৰেছ শূণ্য হৈপৰিল এই নিৰ্বাচনত- কলিয়াবৰত এই মন্তব্য অগপৰ কাৰ্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্তই। আনহাতে সুদীৰ্ঘ ২৩ বছৰৰ পিছত সমগ্ৰ কলিয়াবৰ বিধানসভা কংগ্ৰেছ শুন্য কৰি তোলাৰ বাবে ৰাইজক ধন্যবাদ জনায় মন্ত্ৰীগৰাকীয়ে। কলিয়াবৰত অগপ-বিজেপিয়ে সমানে সমানে আসন লাভ কৰি মিত্ৰতা দৃঢ় কৰা বুলিও মন্তব্য কৰে কেশৱ মহন্তই।
সমষ্টিটো ৰং ২২টা আঞ্চলিক পঞ্চায়তত মিত্ৰজোঁটৰ উভয় দলে ১১টাকৈ আঞ্চলিক পঞ্চায়ত দখল কৰাৰ লগতে জিলা পৰিষদৰো ১ বিজেপি আৰু ৩টা সমষ্টি দখল কৰিবলৈ সক্ষম হয়।
ভাষ্য : কেশৱ মহন্ত
কলিয়াবৰ সমজিলাৰ সম্পূৰ্ণ ফলাফলঃ
মুঠ জিলা পৰিষদ ৪টা
অগপ- ৩
আমবাগান জিলা পতিষদ- জয়শ্ৰী মণ্ডল
দ্বাৰ শালনা জিলা পৰিষদ- অনিল ঠাকুৰ
চতিয়াল-পূবথৰীয়া জিলা পৰিষদ- পূন্যলতা বৰুৱা (বিনা প্ৰতিদ্বন্দিতা)

বিজেপি- ১
দ্বাৰ বাগৰি জিলা পৰিষদ- জিতেন গৌড় (বিনা প্ৰতিদ্বন্দিতা)

মুঠ আঞ্চলিক পঞ্চায়ত ২২
অগপ- ১১
চাৰসিং তেৰাং- হাটবৰ গাঁও পঞ্চায়ত (বিনা প্ৰতিদ্বন্দিতা)
দীপা বৰা – পূব পূবথৰীয়া গাঁও পঞ্চায়ত (বিনা প্ৰতিদ্বন্দিতা)
বৰ্ণালী দাস- জখলাবন্ধা গাঁও পঞ্চায়ত (বিনা প্ৰতিদ্বন্দিতা)
ৰাহুল কুৰ্মী- কুঠৰী গাঁও পঞ্চায়ত (বিনা প্ৰতিদ্বন্দিতা)
প্ৰদীপ কুমাৰ বৰা- কুঁৱৰীটোল গাঁও পঞ্চায়ত
কামৰুন নেহাৰ- লাইলুৰী গাঁও পঞ্চায়ত
নিৰাকাৰ তাঁতী- হাতীগাঁও বাগিচা গাঁও পঞ্চায়ত
সন্তোষ বিশ্বাস- লক্ষণাবন্ধা গাঁও পঞ্চায়ত
সোমনাথ তাঁতী- শালনা বাগিচা গাঁও পঞ্চায়ত
জোনালী হান্সেপি- চিকনি- বৰহোলা গাঁও পঞ্চায়ত
ইন্দ্ৰজিৎ দাস- ৰহধলা গাঁও পঞ্চায়ত

বিজেপি- ১১
নিকুমনি বৰা- মাজ পূবথৰীয়া গাঁও পঞ্চায়ত (বিনা প্ৰতিদ্বন্দিতা)
সুৰেশ গুৱালা- উত্তৰ পূৱথৰীয়া গাঁও পঞ্চায়ত (বিনা প্ৰতিদ্বন্দিতা)
নপূৰ বনিক- আমবাগান গাঁও পঞ্চায়ত (বিনা প্ৰতিদ্বন্দিতা)
পিংকি মিৰ্ধা- আমলখী গাঁও পঞ্চায়ত (বিনা প্ৰতিদ্বন্দিতা)
ৰাজশ্ৰী বাৰা লাক্ৰা- আঞ্জুকপানী গাঁও পঞ্চায়ত (বিনা প্ৰতিদ্বন্দিতা)
সন্দীপ দাস- উত্তৰ পশ্চিম পূবথৰীয়া গাঁও পঞ্চায়ত
অঞ্জুমা ৰজক- নিজ বৰভগীয়া গাঁও পঞ্চায়ত
দীপামনি দাস- আমগুৰি গাঁও পঞ্চায়ত
দিপ্তীৰাণী চৰকাৰ- নিজ লাওখোৱা গাঁও পঞ্চায়ত
নন্দিতা মৈত্ৰ- তুবুকী জাৰনি গাঁও পঞ্চায়ত
ৰুমী দেৱনাথ- কুহুমতলি গাঁও পঞ্চায়ত

Virat Kohli-Anushka Sharma: টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰৰ পিছত অনুষ্কাৰ সৈতে বিমানবন্দৰত দেখা গ’ল বিৰাট কোহলীক

Virat Kohli-Anushka Sharma: টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰৰ পিছত অনুষ্কাৰ সৈতে বিমানবন্দৰত দেখা গ'ল বিৰাট কোহলীক
Virat Kohli-Anushka Sharma: টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰৰ পিছত অনুষ্কাৰ সৈতে বিমানবন্দৰত দেখা গ'ল বিৰাট কোহলীক

কিছু সময়ৰ পূৰ্বে ভাৰতীয় ক্ৰিকেটাৰ বিৰাট কোহলীয়ে টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰিছিল। এই ঘোষণাৰ অলপ সময়ৰ পিছতে তেওঁক পত্নী তথা বলীউডৰ অভিনেত্ৰী অনুষ্কাৰ সৈতে মুম্বাই বিমানবন্দৰত দেখা পোৱা গ’ল।(Virat Kohli-Anushka Sharma)বিৰাট কোহলীয়ে ছ’চিয়েল মিডিয়াত এটা দীঘলীয়া পোষ্ট শ্বেয়াৰ কৰি অনুৰাগীসকলক অৱসৰৰ বিষয়ে অৱগত কৰে। এই ঘোষণাৰ মাত্ৰ কেইমিনিটমান পিছতে বিৰাট কোহলীক দেখা গ’ল মুম্বাই বিমানবন্দৰত। এই সময়ছোৱাত তেওঁক পত্নী তথা বলীউডৰ অভিনেত্ৰী অনুষ্কা শৰ্মাৰ সৈতে দেখা গৈছিল। এই সময়ত দুয়োজনে পাপাৰাজীক দেখাৰ পিছত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। সেই সময়ৰ কেইখনমান ফটো চাওক-

টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ খবৰ পাই বিৰাট কোহলীৰ অনুৰাগীসকল অতি আৱেগিক হৈ পৰিছে। এজন ব্যক্তিয়ে তেওঁৰ শেহতীয়া ছবিত লিখিছে, ‘আমি আপোনাক বহুত মিছ কৰিম বিৰাট।’ আনহাতে আন এজন ব্যক্তিয়ে লিখিছে, ‘কিংবদন্তি…আপোনাৰ ঠাই কোনেও ল’ব নোৱাৰে।’

BSF: পাকিস্তানী সেনাৰ গুলীত নিহত বিষয়া-জোৱানক সশ্ৰদ্ধ স্মৰণ বিএছএফৰ

BSF: পাকিস্তানী সেনাৰ গুলীত নিহত বিষয়া-জোৱানক সশ্ৰদ্ধ স্মৰণ বিএছএফৰ
BSF: পাকিস্তানী সেনাৰ গুলীত নিহত বিষয়া-জোৱানক সশ্ৰদ্ধ স্মৰণ বিএছএফৰ

যুদ্ধবিৰতি ঘোষণাৰ পিছতো শনিবাৰে(BSF) নিশালৈকে পাক সেনাই ভাৰতৰ কাশ্মীৰ সীমান্তত গোলাবৰ্ষণ অব্যাহত ৰাখিছিল৷ ফলত পাক সেনাৰ গুলীত নিহত হয় বিএছএফৰ বিষয়া৷ জম্মুৰ আৰ এছ পুৰা ছেক্টৰত শনিবাৰে আন্তঃৰাষ্ট্ৰীয় সীমান্তত পাকিস্তানে সীমা অতিক্ৰম কৰি গুলীচালনা কৰাৰ সময়তে সীমান্ত সুৰক্ষা বাহিনীৰ এজন উপ-পৰিদৰ্শক নিহত হোৱাৰ বিপৰীতে আন সাতজন লোক আহত হয়৷

এই সন্দৰ্ভত এগৰাকী শীৰ্ষ বিষয়াই কয় যে বি এছ এফৰ উপ-পৰিদৰ্শক এম ডি ইমটিয়াজে শত্ৰুপক্ষৰ বিৰুদ্ধে সন্মুখৰ পৰা সাহসেৰে নেতৃত্ব দি দেশমাতৃৰ বাবে সৰ্বোচ্ছ ত্যাগ কৰিছিল৷ বি এছ এফে এক বিবৃতিত বিষয় সন্দৰ্ভত এনেদৰে প্ৰকাশ কৰে– ‘বি এছ এফৰ এটা সীমান্ত আউটপোষ্টৰ নেতৃত্ব দি থকাৰ সময়তে উপ-পৰিদৰ্শক এম ডি ইমটিয়াজে সাহসেৰে সন্মুখৰ পৰা নেতৃত্ব দিছিল৷

২০২৫ চনৰ ১০ মে’ত জম্মুৰ আৰ এছ পুৰা অঞ্চলত আন্তঃৰাষ্ট্ৰীয় সীমান্ত অতিক্ৰম কৰি গুলীচালনা কৰাৰ সময়ত বি এছ এফৰ সাহসী হৃদয়ে কৰা সৰ্বোচ্ছ ত্যাগক আমি প্ৰণাম জনাইছো৷’ ইপিনে পাকিস্তানেও ভাৰতৰ বিৰুদ্ধে যুদ্ধবিৰতি উলংঘা কৰাৰ অভিযোগ আনিছে৷

India-Pakistan ceasefire: ভাৰত-পাকিস্তানৰ যুদ্ধবিৰতিৰ মাজত আমেৰিকা কিয় ?

India-Pakistan ceasefire: ভাৰত-পাকিস্তানৰ যুদ্ধবিৰতিৰ মাজত আমেৰিকা কিয় ?
India-Pakistan ceasefire: ভাৰত-পাকিস্তানৰ যুদ্ধবিৰতিৰ মাজত আমেৰিকা কিয় ?

ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধবিৰতি ঘোষণা,(India-Pakistan ceasefire)পাকিস্তানৰ যুদ্ধবিৰতি উলংঘা আদি বিষয়সমূহৰ মাজতে কংগ্ৰেছে প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাত সৰ্বদলীয় বৈঠক অনুষ্ঠিত কৰিবলৈ দাবী জনালে৷ কংগ্ৰেছে সংসদৰ বিশেষ অধিৱেশন আহ৩ান কৰি পেহেলগাম কাণ্ড, অপাৰেচন সিন্দূৰ আৰু ভাৰত-পাকিস্তানৰ মাজত যুদ্ধবিৰতি, সামৰিক কাৰ্যকলাপ বন্ধ কৰাৰ চুক্তিৰ বিষয়ে বিতংভাৱে আলোচনাৰ দাবী উত্থাপন কৰে৷ কংগ্ৰেছৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে চৰকাৰৰ প্ৰতি এই বিষয়ত কেইবাটাও প্ৰশ্ন উত্থাপন কৰিছে- নতুন দিল্লীয়ে ভাৰত আৰু পাকিস্তানৰ মাজত তৃতীয় পক্ষৰ হস্তক্ষেপৰ দুৱাৰ মুকলি কৰিছে নেকি, পাকিস্তানৰ সৈতে কূটনৈতিক আলোচনাৰ পথ মুকলি হৈছে নেকি? আদি৷

তেওঁ কয়, ‘ভাৰতীয় জাতীয় কংগ্ৰেছে প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাত সৰ্বদলীয় বৈঠক আৰু পেহেলগাম কাণ্ড, অপাৰেচন সিন্দূৰ আৰু ভাৰত আৰু পাকিস্তান চৰকাৰে যুদ্ধবিৰতি ঘোষণা আদি বিষয়ত বিশেষ অধিৱেশনৰ দাবী জনাইছে৷’ ৰমেশে লগতে কয় যে কংগ্ৰেছে অনুভৱ কৰে যে আমেৰিকাৰ বিদেশ মন্ত্ৰী মাৰ্কো ৰুবিঅ’ই ভাৰত আৰু পাকিস্তানৰ মাজত ‘নিৰপেক্ষ স্থান’ৰ বিষয়ে কৰা উল্লেখে বহু প্ৰশ্নৰ উত্থাপন কৰিছে৷ ‘আমি ছিমলা চুক্তি পৰিত্যাগ কৰিছোনে? তৃতীয় পক্ষৰ মধ্যস্থতাৰ দুৱাৰ মুকলি কৰিছো নেকি?’

panchayat election result 2025: পঞ্চায়তত অভূতপূৰ্ব ফলাফল লাভ কৰা মানে ২৬তো আমিয়ে চৰকাৰ গঠন কৰিম

panchayat election result 2025: পঞ্চায়তত অভূতপূৰ্ব ফলাফল লাভ কৰা মানে ২৬তো আমিয়ে চৰকাৰ গঠন কৰিম
panchayat election result 2025: পঞ্চায়তত অভূতপূৰ্ব ফলাফল লাভ কৰা মানে ২৬তো আমিয়ে চৰকাৰ গঠন কৰিম

অসমৰ জল সম্পদ, তথ্য আৰু জনসংযোগ(panchayat election result 2025) মন্ত্ৰী পীয়ূষ হাজৰিকাই দেওবাৰে তামুলপুৰ জিলাৰ কেইবাটাও নিৰ্মীয়মাণ মথাউৰি পৰিদৰ্শন কৰি কামৰ অগ্ৰগতিৰ বুজ লয়৷ তামুলপুৰৰ বিধায়ক জলেন দৈমাৰীৰ সৈতে মন্ত্ৰীগৰাকীয়ে বিভাগীয় বিষয়াবৰ্গক লৈ তামুলপুৰ জিলাৰ হাঁহকাটা বালাবাৰী অঞ্চললৈ গৈ পলোকাটাৰ পৰা বালাবাৰীলৈ নিৰ্মাণ কৰি থকা প্ৰায় চ্ছ্ৰ.জ্জ কিলোমিটাৰ দৈৰ্ঘ্যৰ মথাউৰিটো পৰিদৰ্শন কৰাৰ লগতে জিঅ’ মেগা টিউব ব্যৱহাৰ কৰি শক্তিশালীভাৱে নিৰ্মাণ কৰি থকা এই মথাউৰিটোৰ কামৰ অগ্ৰগতিৰ বুজ লয়৷ প্ৰায় ৯০ শতাংশ সম্পন্ন হোৱা এই মথাউৰিটোৰ বাকী কামখিনি পোন্ধৰ দিনৰ ভিতৰতে শেষ কৰি উলিয়াবলৈ তেওঁ নিৰ্দেশ দিয়ে৷ ইয়াৰ পিছতে তেওঁ তামুলপুৰৰ চাপাতলৰ পৰা গোহাঁই কমল আলিলৈ ৩ কিলোমিটাৰ দৈৰ্ঘ্যৰে নিৰ্মাণৰত মথাউৰিটো পৰিদৰ্শন কৰি কাম-কাজৰ অগ্ৰগতিৰ বুজ লয়৷ অত্যাধুনিক জিঅ’ মেগা টিউব স্থাপনেৰে নিৰ্মাণ কৰি থকা এই মথাউৰিটোৰ কামো কিছু দিনৰ ভিতৰতে সম্পন্ন হোৱাৰ কথা৷ ইয়াৰ পূৰ্বে কেবিনেট মন্ত্ৰীগৰাকীয়ে দেওবাৰে পুৱাৰ ভাগত তামুলপুৰ জিলাৰ কাকতিচুবা [ভোলাঝাৰ]ত শুক্লাই নৈৰ বাঁও পাৰত অত্যাধুনিক জিঅ’ মেগা টিউব ব্যৱহাৰ কৰি নতুনকৈ নিৰ্মাণ কৰি থকা প্ৰায় ২.ৰ কিলোমিটাৰ দৈৰ্ঘ্যৰ মথাউৰিটো পৰিদৰ্শন কৰি কামৰ অগ্ৰগতিৰ বুজ লয়৷

এই নিৰ্মীয়মাণ মথাউৰিটোৱে আগন্তুক দিনত বান-খহনীয়া সমস্যা প্ৰতিৰোধ কৰি স্থানীয় বাসিন্দাক সকাহ দিব বুলি মন্ত্ৰীগৰাকী যথেষ্ট বিশ্বাসী বুলি মত প্ৰকাশ কৰে৷ ৰাজ্যত ভৰ বাৰিষাৰ সময় চমু চাপি অহাৰ সময়তে ৰাজ্যবাসীৰ সুৰক্ষা, নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি জলসম্পদ বিভাগৰ অধীনত তীব্ৰগতিত বান-খহনীয়া প্ৰতিৰোধী কামসমূহ চলি আছে৷ বিটিআৰ অঞ্চলকো বান-খহনীয়া সমস্যাৰ পৰা মুক্ত কৰাৰ লক্ষ্যৰে বিভিন্ন স্থানত প্ৰতিৰোধী কাম অব্যাহত আছে৷ উল্লেখযোগ্য যে তামুলপুৰ জিলাত এই বছৰ প্ৰায় ১৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ মথাউৰি নিৰ্মাণ কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে৷ ইয়াৰ পিছতে সাংবাদিকৰে হোৱা বাৰ্তালাপত মন্ত্ৰীগৰাকীয়ে পুনৰ কয় যে– হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত ৰাইজৰ আশীৰ্বাদ আছে৷ পঞ্চায়তত আমি অভূতপূৰ্ব ফলাফল লাভ কৰা মানে ২৬তো আমিয়েই চৰকাৰ গঠন কৰিম৷ চৰকাৰ গঠন কৰি ৰাইজৰ আশীৰ্বাদত পুনৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হ’ব৷

ৰাইজে দেখিছে এই চৰকাৰখনে অসমৰ বাবে কিমান কাম কৰিছে৷ সাংবাদিকৰ আন এক প্ৰশ্নৰ উত্তৰত তেওঁ কয় ভূপেন বৰাই এতিয়া ক’ব চৰকাৰ থাকিলে সৰু সৰু নিৰ্বাচন জিকেই৷ কিন্তু আমাৰ বাবে প্ৰতিটো নিৰ্বাচনেই গুৰুত্বপূৰ্ণ৷ পঞ্চায়ত নিৰ্বাচনৰ ফলাফল সন্দৰ্ভত মন্ত্ৰী পীয়ূষ হাজৰিকাৰ মন্তব্য– কংগ্ৰেছ নেতৃত্বই এতিয়া ক’ব যে চৰকাৰ থাকিলে সৰু-সুৰা নিৰ্বাচনত শাসকীয় দল জিকেই৷ পূৰ্বে কংগ্ৰেছ চৰকাৰৰ দিনতো নগৰ সমিতিৰ নিৰ্বাচনত বিজেপিয়ে কংগ্ৰেছক ধূলিসাৎ কৰিছিল৷ আমাৰ বাবে পঞ্চায়ত, নগৰ সমিতি, বিটিআৰ নিৰ্বাচন, বিধানসভা সকলো সমান৷ আজি মথাউৰি পৰিদৰ্শন কালত মন্ত্ৰীগৰাকীক তামুলপুৰ বিধানসভা সমষ্টিৰ বিধায়ক জলেন দৈমাৰী, বিজেপিৰ কেন্দ্ৰীয় যুৱ নেতা ৰাতুল শৰ্মা, তামুলপুৰ জিলা বিজেপিৰ সভাপতি ভিক্টৰ কুমাৰ দাস, বিটিআৰৰ কাৰ্যবাহী সদস্য ৰণেন্দ্ৰ নাৰ্জাৰী, মনোনীত এম চি এল এ হেমন্ত কুমাৰ ৰাভা, তামুলপুৰ জিলা বিজেপিৰ সাধাৰণ সম্পাদক ৰাজেশ বড়ো, সম্পাদক লক্ষী দাসৰ লগতে বিজেপি দলৰ নেতা-কৰ্মীসকলে সংগ দিয়ে৷