Home Blog Page 2612

পঞ্জাৱত ১১৭খন আসনৰ বাবে ভোটগ্ৰহণ আৰম্ভ, উত্তৰ প্ৰদেশতো তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ

পুৱা ৭বজাৰে পৰা দেওবাৰে পঞ্জাৱত আৰম্ভ হৈছে ভোটগ্ৰহণ। ৰাজ্যখনৰ ২৩খন জিলাৰ ১১৭টা সমষ্টিত অব্যাহত আছে ভোটগ্ৰহণ প্ৰক্ৰিয়া। ইফালে উত্তৰ প্ৰদেশতো আজি অনুষ্ঠিত হৈছে তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ। উত্তৰ প্ৰদেশৰ ১৬খন জিলাৰ ৫৯টা সমষ্টিত অনুষ্ঠিত হৈছে ভোটগ্ৰহণ।

উত্তৰ প্ৰদেশৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিছে ৬২৭গৰাকী ভোটাৰে। ১৫হাজাৰ ৫৫৭টা ভোটকেন্দ্ৰত এতিয়ালৈকে সুকলমে অব্য়াহত আছে ভোটগ্ৰহণ প্ৰক্ৰিয়া।

উচ্চতৰ মাধ্যমিক শিক্ষা সাংসদৰ বিহুৰ ব্যৱহাৰিক পৰীক্ষাৰ নতুন নিৰ্দেশনা

  • উচ্চতৰ মাধ্যমিক শিক্ষা সাংসদে বিহুক লৈ জাৰি কৰিছে নতুন নিৰ্দেশনা।

  • বিহু পাঠ্যক্ৰমৰ ব্যৱহাৰিক পৰীক্ষাৰ বাবে পৰীক্ষকৰ থাকিব লাগিব বিশেষ যোগ্যতা।

  • তেওঁ স্নাতকোত্তৰ হ’ব লাগিব, যিকোনো বিষয়ত।

  • তেওঁৰ বিহুৰ থিয়ৰী আৰু ব্যৱহাৰিক দিশত জ্ঞান থাকিব লাগিব।

  • তেওঁ যিকোনো চৰকাৰী বা প্ৰাদেশিককৰণ উচ্চ/উচ্চতৰ মাধ্যমিক, বিদ্যালয় বা মহাবিদ্যালয়ৰ শিক্ষক হ’ব লাগিব।

বৰপেটা জিলা উপায়ুক্তৰ কাৰ্যালয়ত বিনামূলীয়া স্বাস্থ্য শিবিৰ

বৰপেটা জিলাৰ সকলো চৰকাৰী কাৰ্যালয়ৰ বিষয়া-কৰ্মচাৰীৰ নিয়মীয়া স্বাস্থ্য পৰীক্ষাৰ বাবে জিলা উপায়ুক্ত তেজ প্ৰসাদ ভূচালে বিশেষ উদ্যোগ গ্ৰহণ কৰিছে। সেই অনুসৰি আজি উপায়ুক্তৰ কাৰ্যালয়ৰ সকলো বিষয়া কৰ্মচাৰীৰ তেজৰ শৰ্কৰাৰ পৰীক্ষা কৰাৰ উপৰি ৰক্তচাপ আদিৰো পৰীক্ষা কৰি অভিজ্ঞ চিকিৎসকে উপযুক্ত বিধান প্ৰদান কৰে। উপায়ুক্ত তেজ প্ৰসাদ ভূচালৰ উপৰিও জিলা প্ৰশাসনৰ জেষ্ঠ বিষয়া সকলেও এই শিবিৰত অংশগ্ৰহণ কৰে।

শিবিৰত কাৰ্যালয়ৰ প্ৰায় দুই শতাধিক বিষয়া-কৰ্মচাৰীয়ে নিজৰ স্বাস্থ্য পৰীক্ষা কৰে। জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মা্ই জনাই – এনে স্বাস্থ্য শিবিৰ প্ৰতিটো চৰকাৰী কাৰ্যালয়তে সময়ে সময়ে অনুষ্ঠিত কৰাৰ বাবে উপায়ুক্তই নিৰ্দেশ দিছে। প্ৰতিজন বিষয়া-কৰ্মচাৰী যাতে সুস্থ-সবল হৈ থাকে তাৰ ওপৰত তেওঁ বিশেষ গুৰুত্ব আৰোপ কৰি এই ব্যৱস্থা গ্ৰহণ কৰিছে।

আকৰ্ষণীয় ধনৰ পুৰস্কাৰেৰে ভোটাৰ সজাগতা প্ৰতিযোগিতা

ৰাষ্ট্ৰীয় ভোটাৰ দিৱস, ২০২২ উপলক্ষে ভোটাৰসকলৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে ভাৰতৰ নিৰ্বাচন আয়োগে ‘মোৰ ভোটেই মোৰ ভৱিষ্যত – এটা ভোটৰ শক্তি’ শীৰ্ষক এলানি প্ৰতিযোগিতাৰ আয়োজন কৰিছে। জনসাধাৰণৰ মেধা আৰু সৃজনীমূলক প্ৰতিভাৰ প্ৰকাশৰ লগতে দেশৰ গণতান্ত্ৰিক ব্যৱস্থা অধিক শক্তিশালী কৰাৰ অৰ্থে ভাৰতৰ নিৰ্বাচন আয়োগে ‘পদ্ধতিগত ভোটাৰৰ শিক্ষা আৰু ভোটাৰৰ অংশগ্ৰহণ কাৰ্যসূচী’ ৰ অধীনত এই ৰাষ্ট্ৰীয় ভোটাৰ সজাগতা প্ৰতিযোগিতাৰ আয়োজন কৰিছে। সকলো বয়সৰ লোকে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰিব। প্ৰতিযোগিতাসমূহ হৈছে—কুইজ প্ৰতিযোগিতা, ভি ডি অ’ বনোৱা প্ৰতিযোগিতা, পোষ্টাৰ ডিজাইন প্ৰতিযোগিতা, সঙ্গীত প্ৰতিযোগিতা আৰু শ্লোগান লিখা প্ৰতিযোগিতা। সঙ্গীত, ভি ডি অ’ বনোৱা আৰু পোষ্টাৰ ডিজাইন কৰা- এই তিনিটা প্ৰতিযোগিতা তিনি শ্ৰেণীত অনুষ্ঠিত কৰা হ’ব—প্ৰাতিষ্ঠানিক, পেছাদাৰী আৰু অপেছাদাৰী।

তিনিওটা প্ৰতিযোগিতাৰে প্ৰতিষ্ঠানিক শ্ৰেণীৰ প্ৰথম পুৰস্কাৰ ক্ৰমে এক লাখ, দুই লাখ আৰু ৫০ হাজাৰ টকা হোৱাৰ বিপৰীতে পেছাদাৰীসকলৰ বাবে ক্ৰমে ৫০ হাজাৰ, ৫০ হাজাৰ আৰু ৩০ হাজাৰ টকা। আনহাতে অপেছাদাৰী শ্ৰেণীৰ বাবে তিনিওটা প্ৰতিযোগিতাতে ক্ৰমে ২০ হাজাৰ, ৩০ হাজাৰ আৰু ২০ হাজাৰ টকা প্ৰথম স্থান লাভ কৰিলে আগবঢ়োৱা হ’ব। তিনিওটা প্ৰতিযোগীতাতে আগবঢ়োৱা হ’ব বিশেষ উদ্গনিমূলক পুৰস্কাৰ। শ্লোগান আৰু কুইজ প্ৰতিযোগিতাতো আগবঢ়োৱা হৈছে আকৰ্ষণীয় পুৰস্কাৰ। অহা ২৫ জানুৱাৰীৰ পৰা ১৫ মাৰ্চলৈকে অনুষ্ঠিত হ’বলগীয়া এই প্ৰতিযোগিতাসমূহত অংশগ্ৰহণ কৰিবলৈ ecisveep.nic.in/contest ত লগ্ অন কৰি সবিশেষ জানিব পাৰিব। voter-contest@eci.gov.in লৈ মেইল কৰি অংশগ্ৰহণ কৰিব পাৰিব উক্ত প্ৰতিযোগিতাত। অংশগ্ৰহণৰ অন্তিম তাৰিখ ১৫ মাৰ্চ। এখন শক্তিশালী গণতন্ত্ৰ স্থাপনৰ বাবে ভোটাৰসকলক এই প্ৰতিযোগিতাসমূহত অংশগ্ৰহণ কৰিবলৈ ভাৰতৰ নিৰ্বাচন আয়োগৰ তৰফৰ পৰা আহ্বান জনোৱা হৈছে।

ভজা খাদ্য বাদ! এতিয়াৰে পৰা স্বাস্থ্য মন্ত্ৰালয়ৰ কেণ্টিনত কেৱল স্বাস্থ্যসন্মত খাদ্য

ভজা খাদ্যই স্বাস্থ্যৰ ওপৰত বিৰূপ প্ৰভাৱ পেলায় বুলি স্বাস্থ্য বিজ্ঞানীসকলে কৈ অহাৰ সময়তে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী মনসুখ মাণ্ডৱিয়াই বুধবাৰে ঘোষণা কৰে যে এতিয়াৰ পৰা স্বাস্থ্য মন্ত্ৰালয়ৰ কেণ্টিনত ভজা খাদ্য পৰিৱেশন কৰা নহ’ব। ইয়াৰ পৰিৱৰ্তে স্বাস্থ্য মন্ত্ৰালয়ৰ কেণ্টিনত এতিয়াৰে পৰা তেনে খাদ্যহে পৰিবেশন কৰা হ’ব যিবোৰ খাদ্যই মানুহৰ স্বাস্থ্যৰ ওপৰত বিৰূপ প্ৰভাৱ পেলোৱাৰ সলনি ভাল প্ৰভাৱহে পেলাবলৈ সক্ষম হ’ব।

সেইমৰ্মে স্বাস্থ্য মন্ত্ৰালয়ৰ কেণ্টিনত এতিয়াৰে পৰা চিঙৰাৰ ভিতৰত আলুৰ সলনি কল দিয়া হ’ব। একেদৰে ভজা-পোৰা খাদ্যৰ সলনি ৰুটি, চিৰা, আয়ুৰ্বেদিক খিচিৰি আদিৰ সৈতে সেকা চিঙৰা খাদ্য তালিকাত ৰখা হৈছে। এই প্ৰসংগত মন্তব্য কৰি কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মাণ্ডৱিয়াই কয়— ‘আমাৰ শাস্ত্ৰ আৰু বিজ্ঞানীসকলে বিশ্বাস কৰে যে আমাৰ খাদ্য আমাৰ বাবে ঔষধ স্বৰূপ। সেয়ে ভাল খাদ্যাভ্যাস গ্ৰহণ কৰাটো গুৰুত্বপূৰ্ণ’। তেওঁ লগতে কয় যে কেণ্টিনৰ পৰা অলপতে ভজা খাদ্য আঁতৰ কৰিবলৈ চেষ্টা কৰা হৈছিল। কিয়নো ভজা খাদ্য স্বাস্থ্যকৰ নহয়। আলু আঁতৰাই তাৰ ঠাইত কল চিঙৰাৰ ভিতৰত দিয়াৰ ব্যৱস্থা কৰা হৈছে। এনে ব্যৱস্থাই চিঙৰাৰ সোৱাদত পৰিৱৰ্তন অনাৰ লগতে এয়া স্বাস্থ্যকৰো হ’ব।

আন মন্ত্ৰালয়ৰ কেণ্টিনতো একে ধৰণৰ পৰিৱৰ্তন অনাৰ পৰিকল্পনা কৰি থকা হৈছে বুলি জানিব পৰা গৈছে। লক্ষণীয়ভাৱে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী নিজেও এজন স্বাস্থ্য সচেতন ব্যক্তি। তেওঁ সদায় স্বাস্থ্যকৰ জীৱনশৈলী অনুসৰণ কৰে। তেওঁ দৈনিক ৪৫ মিনিটৰ বাবে ব্যায়াম আৰু যোগাসন কৰে। তেওঁ দৈনিক ব্যায়াম আৰু যোগাভ্যাস কৰে আৰু প্ৰতিদিনে কমেও ২০ কিলোমিটাৰ চাইকেল চলায়।

বাৰ্ড ফ্লুৰ আতংকঃ থানেত হত্যা কৰা হ’ব ২৫ হাজাৰ কুকুৰা

ক’ভিডে আতংকৰ সৃষ্টি কৰা ভাৰতবৰ্ষত ভূতৰ ওপৰত দানহ পৰা দি এইবাৰ পুনৰ বাৰ্ড ফ্লুৰ আতংক বিয়পি পৰিছে। শেহতীয়াকৈ মহাৰাষ্ট্ৰৰ থানেত শতাধিক কুকুৰাৰ মৃত্যু হোৱাৰ পিছতে বাৰ্ড ফ্লুৰ সংক্ৰমণৰ কথা পোহৰলৈ আহিছে।
উল্লেখ্যে যে শেহতীয়াকৈ থানে জিলাৰ শ্বাহাপুৰ তহচিলৰ ভেহললি গাঁৱৰ এখন কুকুৰা ফাৰ্মত প্ৰায় ১০০ টা কুকুৰা মৃত অৱস্থাত পোৱা গৈছে। থানে জিলাৰ দণ্ডাধীশ ৰাজেশ জে নাৰ্ভেকাৰে শুকুৰবাৰে কয় যে বাৰ্ড ফ্লুৰ সংক্ৰমণৰ আশংকা কৰি নমুনাবোৰ পুনেৰ এটা পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰা হৈছে৷ তেওঁ লগতে কয় যে কুকুৰাৰ মৃতু ঘটা কুকুৰা ফাৰ্মখনৰ এক কিলোমিটাৰ ব্যাসাৰ্ধত থকা আন ফাৰ্মৰ প্ৰায় ২৫,০০০ কুকুৰা নিধন কৰা হ’ব।


জিলা পশুপালন বিভাগক সংক্ৰমণ নিয়ন্ত্ৰণৰ বাবে ব্যৱস্থা ল’বলৈ নিৰ্দেশ দিয়া হৈছে বুলিও তেওঁ কয়। এভিয়ান ইনফ্লুৱেঞ্জা, যাক সাধাৰণতে বাৰ্ড ফ্লু বুলি কোৱা হয়, হৈছে চৰাইৰ এক সংক্ৰামক ভাইৰেল ৰোগ ।বনৰীয়া চৰাইবোৰে ইয়াৰ লক্ষণ প্ৰদৰ্শন নকৰাকৈ ভাইৰাছটো কঢ়িয়াই লৈ ফুৰিব। বাৰ্ড ফ্লুত আক্ৰান্ত মানুহৰ দেহত এনে লক্ষণবোৰ ফুটি উঠিব পাৰে…….


প্ৰাৰম্ভিক পৰ্যায়: ডিঙিৰ বিষ, হাঁচি, নাক ওলোৱা আদি।

পৰৱৰ্তী পৰ্যায়: জ্বৰ, পেশীৰ বিষ, শৰীৰৰ ঠাণ্ডা, ঘাম ওলোৱা, মুৰৰ বিষ, শুকান কাহ, আদি।

কোনে পালে বাপ্পী লাহিড়ীৰ সোণৰ অলংকাৰ?

সংগীতৰ বাহিৰেও সোণৰ প্ৰতি থকা বিশেষ দুৰ্বলতাৰ বাবে বাপ্পী লাহিড়ী বিশেষভাৱে বিখ্যাত আছিল। বাপ্পী দাৰ সোণৰ প্ৰতি থকা প্ৰেম তেওঁৰ মাতৃৰ বাবেই আৰম্ভ হৈছিল। মাকে কৈছিল যে, সোণ তেওঁৰ বাবে ভাগ্যৱান। তেওঁ আনকি দাবী কৰিছিল যে, যেতিয়াৰ পৰা তেওঁ সোণৰ চেইন আৰু আঙুঠি পিন্ধিবলৈ আৰম্ভ কৰিছিল, তেতিয়াৰ পৰাই তেওঁ সংগীতৰ ক্ষেত্ৰখনতো সুশোভিত সোণৰ দৰে উজ্জ্বল হৈ উঠিছিল।

বাপ্পী দাৰ এজন বিশেষ সহায়ক আছিল যিয়ে তেওঁৰ সকলো সোণৰ অলংকাৰ চোৱাচিতা কৰাৰ দ্বায়িত্ব লাভ কৰিছিল। খবৰ অনুসৰি, এটা গান বা এলবামৰ সফলতাৰ পিছত, বাপ্পী দাই ৰয়েলটি উপাৰ্জনৰ পৰা সোণ ক্ৰয় কৰে। সোণৰ সৈতে তেওঁৰ সম্পৰ্ক প্ৰায় আধ্যাত্মিক আছিল।

পৰিয়ালৰ এজন বন্ধুৱে প্ৰকাশ কৰা অনুসৰি বাপ্পী দাৰ সন্তান বাপ্পা আৰু ৰিমাই উত্তৰাধিকাৰী সূত্ৰে পিতৃৰ সোণৰ অলংকাৰ সমূহ লাভ কৰিব আৰু প্ৰতিটো অলংকাৰ সংৰক্ষণ কৰি ৰখাৰ পৰিকল্পনা কৰিছে। বাপ্পী দাৰ ‘সোণ প্ৰেম’ৰ বিষয়ে এক অন্তৰ্দৃষ্টি প্ৰদান কৰি বন্ধুজনে কয়, “পৰিয়ালটো বৰ্তমান শোকত ভাগি পৰিছে। কিন্তু তেওঁলোকে বাপ্পী দাৰ সোণৰ অলংকাৰ সমূহ সংৰক্ষণ কৰিবলৈ সকলোখিনি কৰিব।”

পঞ্জাৱত কোনে মাৰিব শেষ হাঁহি?

শনিবাৰে অনুষ্ঠিত হ’ব পঞ্জাব বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ। পুৱা ৮ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ অনুষ্ঠিত হ’ব এই ভোটগ্ৰহণ। ইয়াৰ বাবে ৰাজ্যখনৰ ১৪,৭৫১ টা স্থানত ২৪,৭৪০ টা ভোটকেন্দ্ৰ স্থাপন কৰা হৈছে। ভোটগ্ৰহণ যাতে সুকলমে অনুষ্ঠিত হৈ যায় তাৰ বাবে ৰাজ্যজুৰি কঠোৰ কৰা হৈছে নিৰাপত্তা ব্যৱস্থা। ভোটগ্ৰহণৰ সময়ছোৱাত ৰাজ্যখনৰ সকলো দোকান আৰু বাণিজ্যিক প্ৰতিষ্ঠান বন্ধ থাকিব।সকলো শ্ৰেণীৰ লোকৰ লগতে ব্যৱসায়ীক প্ৰতিষ্ঠানসমূহৰ কৰ্মচাৰীসকলেও যাতে ভোট দিব পাৰে তাৰ বাবেই এই ব্যৱস্থা কৰা হৈছে। এই সম্পৰ্কে ৰাজ্যখনৰ মুখ্য সচিবৰ হৈ বেতনপ্ৰাপ্ত বন্ধ আৰু শ্ৰম বিভাগৰ বিশেষ সচিবে সকলো ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ কৰিবলৈ নিৰ্দেশনা দিছে।

পঞ্জাৱ বিধানসভাৰ ১১৭ খন আসনৰ বাবে মুঠ ১,৩০৪ গৰাকী ব্যক্তিয়ে বিভিন্ন দলৰ লগতে নিৰ্দলীয়ভাৱে প্ৰাৰ্থীত্ব আগবঢ়াইছে। এই নিৰ্বাচনত পঞ্জাৱৰ ২২ টা কৃষক সংগঠনৰ সংযুক্ত সমাজ মৰ্চাৰ উপৰিও আম আদমী পাৰ্টি, কংগ্ৰেছ, অকালি দল-বিএছপি মিত্ৰজোঁট, বিজেপি, পঞ্জাৱ লোক কংগ্ৰেছ আৰু চিয়াদ যুটীয়া মিত্ৰজোঁটৰ প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা আগবঢ়াইছে। পঞ্জাৱত প্ৰথমবাৰৰ বাবে, এক কোটিৰো অধিক মহিলাই ভোটদান কৰিব। পঞ্জাৱত মুঠ ভোটাৰৰ সংখ্যা হৈছে ২ কোটি ১৪ লাখ ৯৯ হাজাৰ ৮০৪ গৰাকী। ইয়াৰ ভিতৰত ১ কোটি ১২ লাখ ৯৮ হাজাৰ ৮১ জন পুৰুষ আৰু ১ কোটি ২ লাখ ৯৯৬ গৰাকী মহিলা ভোটাৰ। ইয়াৰ উপৰিও, ৭২৭ গৰাকী ভোটাৰ ট্ৰেন্সজেণ্ডাৰ।

গড়মূৰত বিজেপি মিত্ৰদলৰ সাংগঠনিক সভা

মাজুলী বিধান সভা সমষ্টিৰ উপ-নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বিজেপি মিত্ৰদল অগপ আৰু গণশক্তিৰ কৰ্মী সকলক লৈ এখন সাংগঠনিক সভা গড়মূৰত অনুষ্ঠিত কৰা হয়। পুৱা ১০ বজাৰ পৰা হোৱা সভাত অসম গণ পৰিষদ, সন্মিলিত গণশক্তিৰ বিষয়ববীয়া, জিলা মহিলা মৰ্চাৰ কৰ্মীসকল উপস্থিত থাকে৷ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ভুৱন গামৰ ঘৰৰ সন্মুখৰ মিত্ৰদলৰ নিৰ্বাচনী কাৰ্যালয়ত অনুষ্ঠিত সাংগঠনিক সভাত সাংসদ প্ৰদান বৰুৱা, জিলা বিজেপিৰ সভাপতি লোকনাথ কুটুম, অগপ জিলা সমিতিৰ সভাপতি, সম্পাদকদ্বয় ক্ৰমে ফনীধৰ টাহু, জিতু ভূঞা আৰু ব্ৰজেন গাম, গণশক্তি দলৰ জিলা সভাপতি ৰঞ্জিত কুমাৰ দলে, মাজুলী সমষ্টিৰ বিজেপি দলৰ সহ প্ৰভাৰী বসন্ত শইকীয়া উপস্থিত থাকে৷

সভাত সাংসদ প্ৰদান বৰুৱাই আগন্তুক নিৰ্বাচনৰ ভোট গ্ৰহণৰ দিনটোত যাতে এশ শতাংশ ভোটদান হয় তাৰ প্ৰতি গুৰুত্ব দিবলৈ দলীয় কৰ্মীসকলক আহবান জনোৱাৰ লগতে বিজেপি মিত্ৰদলৰ প্ৰাৰ্থী ভুৱন গামে যাতে পূৰ্বতকৈ অধিক ভোট লাভ কৰি নিৰ্বাচিত হয় তাৰ প্ৰতি মনোনিবেশ কৰিবলৈ সকলোকে আহবান জনায় ৷ সভাত সাংসদ প্ৰদান বৰুৱা, অগপ জিলা সভাপতি ফনীধৰ টাহু, বিজেপি জিলা সভাপতি লোকনাথ কুটুম, গণশক্তি দলৰ জিলা সভাপতি ৰঞ্জিত কুমাৰ দলে আৰু মাজুলী সমষ্টিৰ বিজেপি দলৰ সহ প্ৰভাৰী বসন্ত শইকীয়াই নিৰ্বাচনৰ বাবে জিলা নেতৃত্বই ল’বলগীয়া ৰণকৌশল সম্পৰ্কে অবগত কৰে। সভাত প্ৰাৰ্থী ভুৱন গামে উপস্থিত কাৰ্যকৰ্তা সকলক উদ্দেশ্যি ভাষণ আগবঢ়াই সকলোৰে সহযোগিতাত বিজেপি মিত্ৰজোঁট প্ৰাৰ্থী হিচাপে অভিলেখ সংখ্যক ভোটত জয়ী হ’ব বুলি আশা ব্যক্ত কৰে ৷

গুৱাহাটী দূৰদৰ্শনৰ জনপ্ৰিয় বাতৰি পঢ়োতা প্ৰতাপ বৰদলৈ আৰু নাই

তেতিয়া চেটেলাইট টেলিভিছন চেনেলসমূহ অসমলৈ অহাই নাছিল । গুৱাহাটী দূৰদৰ্শনৰ সন্ধিয়া ৭ বজাৰ অসমীয়া বাতৰি চাবলৈ মানুহে তেতিয়া ৰৈ থাকে । যিকোনো প্ৰকাৰে ৭ বজাৰ আগত ঘৰত সোমাই টিভিটো অন কৰি বাতৰিটো চোৱাৰ অভ্যাস আছিল মানুহৰ । আৰু দূৰদৰ্শনৰ বাতৰি সম্প্ৰচাৰ হোৱাৰ লগে লগে প্ৰায়ে দৰ্শকৰ সন্মুখলৈ আহিছিল এখন চিনাকি মুখ, এটা চিনাকি কণ্ঠ। সেই চিনাকি মুখ আৰু চিনাকি কণ্ঠৰ বাতৰি পঢ়োতাগৰাকীয়েই আছিল প্ৰতাপ বৰদলৈ। সেই চিনাকি মুখ, চিনাকি কণ্ঠ প্ৰতাপ বৰদলৈ আৰু নাই ।

প্ৰায় প্ৰতিদিনে এতিয়া যেন এজনৰ পিছত এজনকৈ চিনাকি মানুহৰ চিৰপ্ৰস্থানৰ খবৰ । আজি আহিল প্ৰতাপ বৰদলৈৰ মৃত্যুৰ খবৰ । দূৰদৰ্শনযোগে অসমীয়া বাতৰি সম্প্ৰচাৰৰ ক্ষেত্ৰত প্ৰতাপ বৰদলৈৰ ভূমিকা আছিল উল্লেখযোগ্য । প্ৰথমাৱস্থাত পাণবজাৰত অস্থায়ীভাৱে এটা বিশেষ কোঠাৰ পৰা সম্প্ৰচাৰ হৈছিল গুৱাহাটী দূৰদৰ্শনৰ বাতৰি । পিছলৈ জু-ৰোডলৈ দূৰদৰ্শন কেন্দ্ৰৰ স্থায়ী কাৰ্যালয় অহাৰ পিছত তাৰ পৰা বাতৰি পঢ়িছিল প্ৰতাপ বৰদলৈয়ে ।

জ্যেষ্ঠ সাংবাদিক, অসমত টেলিভিছন সাংবাদিকতাৰ অন্যতম বাটকটীয়া তথা গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ বাতৰি বিভাগৰ প্ৰাক্তন উপ-সঞ্চালক প্ৰতাপ বৰদলৈৰ দেহাৱসানত গভীৰ শোক প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৷