Home Blog Page 2631

অনিমেষ ভুঞাৰ ৰাজহুৱা শ্ৰদ্ধাঞ্জলীঃ দেৰগাঁৱত সমুজ্জুল কুমাৰ ভট্টাচাৰ্য

যোৰহাটৰ মাজমজিয়াত ৰাজ্য কপাঁই যোৱা হত্যাকাণ্ডৰ বলি হোৱা দেৰগাঁৱৰ অনিমেষ ভূঞাৰ আজি অনুষ্ঠিত কৰা হৈছে ৰাজহুৱা শ্ৰদ্ধাঞ্জলী অনুষ্ঠানৰ  ।দেৰগাঁৱৰ ১নং খকণ্ডগুৰি গাঁৱৰ অনিমেষ ভূঞাৰ বাসগৃহৰ সমীপৰ শ্বহীদ স্মৃতি খকন্দগুৰি ছোৱালী বিদ্যালয়ৰ প্ৰাঙ্গণত অনুষ্ঠিত কৰা হৈছে এই অনুষ্ঠানৰ।

এই শ্ৰদ্ধাঞ্জলী অনুষ্ঠানত সৰ্ব্বধৰ্ম্মীয় প্ৰাৰ্থনা,স্মৃতিচাৰন,আৰু বিশেষভাৱে “অপ্ৰতীম অনিমেষ” নামৰ এখন স্মৃতি গ্ৰন্থও উন্মোচন কৰা হয়। জাতি ধৰ্ম নিৰ্বিশেষে সকলোৱে অংশ গ্ৰহণ কৰা এই ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকে আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, সভাপতি দীপাংকৰ নাথ আৰু সাধাৰণ সম্পাদক শংকৰ জ্যোতি বৰুৱাকে প্ৰমুখ্যে কৰি গোলাঘাট জিলাৰ উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱা, জীপাল কৃষক শ্ৰমিক সংঘৰ সোনেশ্বৰ নৰহ আদি কৰি বহু কেইটা সংগঠনৰ বিষয়-ববীয়া ।

অনিমেশ হত্যা কাণ্ডৰ লগত জড়িত কোনো দোষী যাতে সাৰি যাব নোৱাৰে তাৰ বাৰে চৰকাৰ আৰু প্ৰশাসনে কঠোৰ ব্যৱস্থা লবলৈ আহ্বান জনায় ছাত্ৰ সন্থাৰ নেতৃবৃন্দই।অনিমেশৰ পৰিয়ালে যাতে ন্যায় লাভ কৰিব পাৰে তাৰ বাবে ছাত্ৰ সন্থাই তীক্ষ্ণ নজৰ ৰাখিব বুলি সাংবাদিকৰ আগত প্ৰকাশ কৰে আছুৰ নেতৃত্বই।

দক্ষিণৰ ৰীতি-নীতি আকোঁৱালি বাংলা নিয়ম অনুসৰি বিবাহপাশত আবদ্ধ মৌনী ৰয়

‘অৱশেষত মই চিৰদিনৰ বাবে তেওঁৰ হৈ পৰিলোঁ’- এগৰাকী অভিনেত্ৰীৰ এটি ইষ্টাগ্ৰাম পোষ্টে তোলপাৰ লগাইছে অনুৰাগীক৷ ৰীতি-নীতি অনুসৰি বিবাহৰ বান্ধোনেৰে বান্ধ খায় অভিনেত্ৰীগৰাকী৷ তেওঁ আন কোনো নহয় মোহময়ী অভিনেত্ৰী মৌনী ৰয়৷ বাঙালী পৰম্পৰাৰে হোমৰ জুইক সাক্ষী কৰি, শিৰত সেন্দুৰ পিন্ধিলে অভিনেত্ৰীগৰাকী৷ ইয়াৰ মাজতে, বাঙালী বিবাহখনে ছ’চিয়েল মিডিয়াত ধুমুহাৰ সৃষ্টি কৰিছে। দৰা হৈছে মালায়ালী, কইনা বাঙালী। সেয়েহে বৃহস্পতিবাৰে পুৱা দক্ষিণৰ ৰীতি-নীতি অনুসৰি বিবাহপাশত আবদ্ধ হোৱাৰ পাছত মৌনী ৰয় আৰু সুৰজ নাম্বিয়াই সন্ধিয়া বাংলা নিয়ম অনুসৰি বিবাহপাশত আবদ্ধ হয়।

প্ৰথা অনুসৰি, ৰঙা লেহেংগা পৰিধান কৰিছিল মৌনী ৰয়ে। শিৰত ডাঙৰ মাংটিকা, ডিঙিত সোণৰ গহণা আৰু ৰঙা ওৰণীখনেৰে কইনা সাজত দৃষ্টি আকৰ্ষণ কৰিছিল সকলোৰে। ওৰণীখনত লিখা এটি শব্দই সকলোকে আকৰ্ষণ কৰিছে৷ ওৰণীখনত বাংলাভাষাত নহয়, সংস্কৃতত লিখা আছিল ‘আয়ুষ্মতী ভৱ৷’

পৰম্পৰা অনুসৰি, পাণেৰে মুখখন ঢাকি ৰাখিলে আৰু পাৰিজৰ ওপৰত সাতপাক ঘূৰিলে অভিনেত্ৰীগৰাকীয়ে। ভিডিঅ’টো ভাইৰেল হোৱাৰ লগে লগে, অভিনেত্ৰীগৰাকীৰ অনুৰাগীসকলৰ আৱেগিক হৈ পৰিছিল৷ মালাবৰণ কৰাৰ আগতে দৰাৰ চাৰিওকাষে সাতপাক ঘূৰিলে অভিনেত্ৰীগৰাকীয়ে। আৰু সেই সময়তেই বাজি উঠে – ‘আমাৰ পৰাণ যাহা চায়…’ শীৰ্ষক গীতটি৷ বৃহস্পতিবাৰে মালায়ালী বিবাহৰ পাছত, মৌনীয়ে ইনষ্টাগ্ৰামত লিখিছিল, ‘অৱশেষত মই তেওঁৰ হৈ পৰিলো। হাতত হাত দি, পৰিয়ালৰ আশীৰ্বাদ লৈ, বন্ধুবৰ্গৰ প্ৰেমক শিৰোধাৰ্য কৰি আমি আজি বিবাহিত। মই আপোনালোক সকলোৰে মৰম আৰু আশীৰ্বাদ বিচাৰো। ইতি- সুৰজ আৰু মৌনী।’ মৌনীৰ এই পোষ্টটোৱে আপ্লুট কৰিছিল অনুৰাগীসকলক৷

বিবাহৰ পূৰ্বে মৌনীয়ে কেতিয়াও সুৰজৰ সৈতে থকা সম্পৰ্কৰ বিষয়ে মুকলিকৈ প্ৰকাশ কৰা নাছিল। বিবাহৰ দিনা পুৱা, অভিনেত্ৰীগৰাকীয়ে ইনষ্টাগ্ৰামত প্ৰথম দৰাৰ এখন ফটো পোষ্ট কৰিছিল আৰু নিজৰ বিষয়ে এক অফিচিয়েল ছিল-মোহৰ মাৰিছিল।উল্লেখ্য যে, ডুবাইৰ বিনিয়োগ বেংকাৰ সুৰজ নাম্বিয়াৰ। তেওঁৰ এটা ৰিয়েল ইষ্টেট ব্যৱসায়ো আছে। বাংগালুৰুত সুৰজৰ মূল ঘৰ বুলি জানিব পৰা গৈছে। দুয়োখন ঘৰৰ ৰীতি-নীতি অনুসৰি মৌনী আৰু সুৰজ বিবাহপাশত আবদ্ধ হয়। সামাজিক মাধ্যমত ভাইৰেল ফটো আৰু ভিডিঅ’বোৰে মুহিত কৰিছে সকলোকে৷

চন্দ্ৰত খুন্দা মাৰিব এখন বিশেষ ৰকেটে! কি হ’ব পৃথিৱীৰ?

এখন বিশেষ ৰকেটে চন্দ্ৰত খুন্দা মাৰিব! কি হ’ব পৃথিবীৰ একমাত্ৰ উপগ্ৰহ চন্দ্ৰৰ? আমেৰিকা যুক্তৰাষ্ট্ৰৰ কোম্পানী স্পেচএক্সৰ এখন ৰকেট সোনকালেই চন্দ্ৰত খুন্দা মাৰিবলৈ সাজু হৈছে। এই ৰকেটখনৰ গতিবেগ প্ৰতিঘণ্টাত প্ৰায় ৯২৮৮ কিলোমিটাৰ হ’ব বুলি জানিবলৈ পোৱা গৈছে। জ্যোতিৰ্বিজ্ঞানীসকলৰ মতে, ৰকেটখনে ৭ বছৰ আগতে উৎক্ষেপণ কৰা হৈছিল, যিয়ে এটা উপগ্ৰহ কঢ়িয়াই লৈ গৈছিল যি সেই সময়ত মহাকাশৰ জলবায়ু নিৰীক্ষণ কৰিছিল। কিন্তু পাছত ৰকেটখনে চন্দ্ৰৰ ফালে ঘূৰি গৈছিল, মহাকাশৰ কক্ষপথত অৰ্ঘনিশে ঘূৰি আছিল ৰকেটখন।

এয়া ২০১৫ চনৰ ফেব্ৰুৱাৰী মাহৰ ঘটনা আছিল, যেতিয়া এলন মাস্কৰ কোম্পানী স্পেচএক্সে এটা ফালকন ৯ ৰকেটৰ পৰা মহাকাশলৈ পৰিৱেশ নিৰীক্ষণ কৰা উপগ্ৰহ কঢ়িয়াই আনিছিল। তাৰ পাছত, ৰকেটখনৰ ইন্ধন শেষ হৈ গৈছিল। তেতিয়া ইয়াৰ পৰা ৪৪০০ কিলোগ্ৰাম ওজনৰ ৰকেট বুষ্টাৰটো মহাকাশলৈ গতি কৰি আছিল। এতিয়া বিশ্বাস কৰা হয় যে ২০২২ চনৰ ৪ মাৰ্চত ৰকেটখনে প্ৰতিঘণ্টাত ৯২৮৮ কিলোমিটাৰ বেগত চন্দ্ৰপৃষ্ঠত খুন্দা মাৰিব। নিয়ৰ আৰ্থ অবজেক্টবোৰ ট্ৰেক কৰি এই দাবী উত্থাপন কৰে বিল গ্ৰে-ৰ দ্বাৰা কৰা হৈছে।

বিল গ্ৰেয়ে তেওঁৰ ব্লগত লিখিছিল যে, ৫ জানুৱাৰীত চন্দ্ৰৰ কাষত এটা মহাকাশৰ আবৰ্জনা পাৰ হৈ গৈছিল৷ যি ২০২২ চনৰ ৪ মাৰ্চত চন্দ্ৰপৃষ্ঠত খুন্দা মৰাৰ সম্ভাৱনা আছে৷ হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ জ্যোতি ৰ্বিজ্ঞানী জনাথন মেকডৱেলে তেওঁৰ টুইটাৰত এই বিষয়ে সদৰী কৰিছিল। তেওঁ লিখিছিল যে, এইটো এটা ডাঙৰ ঘটনা নহয়, কিন্তু ইয়াক চোৱাটোৱে এক আশ্চৰ্যজনক অনুভৱ হ’ব।

বঙাইগাঁৱত ড্ৰাগছসহ দুজনক আটক

বঙাইগাঁও সদৰ থানাৰ অন্তৰ্গত দনকিনামাৰীৰ পৰা আৰক্ষীয়ে ড্ৰাগছসহ দুজন যুৱকক আটক কৰে৷ বঙাইগাঁও সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া উপেন কলিতাই জানিবলৈ দিয়া মতে দনকিনামাৰী বজাৰৰ পৰা কিছু ভিতৰৰ গাঁৱত বহুদিন ধৰি  ড্ৰাগছৰ সৰবৰাহ চলি আছিল আৰু এই তথ্য লাভ কৰি বঙাইগাঁও আৰক্ষীয়ে অভিযান চলায়৷ আৰক্ষীৰ পোচাকত আৰু অসামৰিক পোচাকত যোৱা আৰক্ষীৰ দলে ছাইদুল ইছলাম (৩০) আৰু ৰহিম বাদশ্বাহ (৩৬) নামৰ যুৱক দুজনক আটক কৰাৰ লগতে ধৃত যুৱক দুজনৰ পৰা ৩৮ টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ জব্দ কৰে ৷

লগতে এ এছ ১৬ ই ২৬৬৭ নম্বৰৰ এখন ২২০ পালচাৰ মটৰ চাইকেল আৰু দুটা মোবাইলো জব্দ কৰে ৷ আৰক্ষীয়ে জব্দ কৰা কণ্টেইটাৰ কেইটাত মুঠ ৫৫ গ্ৰাম ব্ৰাউন চুগাৰ আছিল ৷ আৰক্ষীয়ে লগতে জানিবলৈ দিয়া মতে ড্ৰাগছৰ বেহাৰ লগত আৰু দুজনমান জড়িত আছে যদিও মূল ব্যক্তিজন পলাতক অৱস্থাত আছে ৷ জব্দকৃত ব্ৰাউন চুগাৰৰ এটা কণ্টেইনাৰ সম্প্ৰতি দুহেজাৰ টকাকৈ বিক্ৰী হয় বুলি ধৃত যুৱকে প্ৰকাশ কৰা বুলি আৰক্ষী বিষয়াগৰাকীয়ে জানিবলৈ দি তদন্ত অব্যাহত ৰখা বুলি কয় ৷ ধৃত ছাইদুল ইছলামৰলঘৰ চিৰাং জিলাৰ বিজনীৰ কাৱাটিকাত আৰু ৰহিম বাদশ্বাহৰ ঘৰ বাঘমাৰাত বুলি জানিব পৰা গৈছে ৷

লাহৰীঘাটৰ এটি কণমানিক লৈ নিঃসহায় পিতৃ মাতৃৰ উচুপনি

এটি মৰম লগা কণমানি।বয়স মাত্ৰ চাৰি মাহ।শিশুটিৰ নাম নিধিৰাণী ডেকা।এক জটিল ৰোগত আক্ৰান্ত শিশুটি।এই কণমানি শিশুটিয়ে হয়তু আপোনাকো মোহিত কৰিব ।মৰিগাঁও জিলাৰ লাহৰীঘাটৰ খহনীয়াগ্ৰস্ত কাঠনিৰ পংকজ ডেকা আৰু হিমামণি দাস ডেকাৰ একমাত্ৰ চাৰিমহীয়া কন্যা শিশুটিৰ জন্ম লগ্নৰে পৰাই নাই মলদ্বাৰ।কেৱল প্ৰস্ৰাৱ দ্বাৰে কৰি আছে শৌচ – প্ৰস্ৰাৱ।শিশুটিৰ এনে জটিলতা দেখি হতভম্ব হৈ পৰিছে দৰিদ্ৰ পিতৃ মাতৃ।কন্যা শিশুটিৰ এই জটিল অৱস্থাৰ উপাই বিচাৰি তেওঁলোকে জিএম চি এইছত ভৰ্তি কৰিছিল।পিছত চিকিৎসকে শিশুটিক তিনিটা অস্ত্ৰোপচাৰ কৰিব লগীয়া হব বুলি তেওঁলোকক অবগত কৰিছিল।

অস্ত্ৰোপচাৰৰ বাবে এতিয়া তেওঁলোকক প্ৰয়োজন হৈছে যথেষ্ট টকাৰ।অহা ফেব্ৰুৱাৰী মাহত পুনৰ শিশুটিক জি এম চি এইছত ভৰ্তি কৰিব।ইয়াকে লৈ এতিয়া দৰিদ্ৰ পিতৃ মাতৃয়ে বিমোৰত পৰিছে। উচ্চ শিক্ষিত হৈয়ো সংস্থাপনৰ অভাৱত এখন সাধাৰণ চেলুন খুলি যেনে তেনে পৰিয়াল পোহ পাল দিয়া এইগৰাকী পংকজ ডেকাৰ মূৰত এতিয়া সৰগ ভাঙি পৰিছে। খহনীয়াগ্ৰস্ত অঞ্চলটোৰ অতি দৰিদ্ৰ পৰিয়ালটোৱে এতিয়া এটি বিধ্বস্ত জুপুৰিত থকি ধনৰ অভাৱত কণমানি কন্যাৰ চিকিৎসাৰ কথা ভাবি মূৰে নিৰুপাই হৈ পৰিছে।এই মৰম লগা কন্যা শিশুটিক জীয়াই ৰাখিবলৈ এতিয়া আপোনাৰ আৰু মোৰ সহায়ৰ প্ৰয়োজন হৈছে।সেয়েহে এতিয়া এই দুই নিঃসহায় পিতৃ মাতৃয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু স্বাস্থ্যমন্ত্ৰীৰ লগতে শুভাকাংক্ষী ৰাইজৰ সহায়ৰ হাত বিচাৰি কাতৰ আহ্বান জনাইছে।সকলোৰে সহায় সহযোগিতা বিচাৰি পিতৃ মাতৃয়ে নিজৰ একাউণ্ট নম্বৰ প্ৰদান কৰিছে শুভাকাংক্ষী ৰাইজলৈ।তেওঁলোকৰ একাউণ্ট নম্বৰ হৈছে

PANKAJ DEKA, A/C NO : 35776277709. IFSC : SBIN0006309.  

পাটনাত টায়াৰ জ্বলাই পথ বন্ধ প্ৰতিবাদকাৰীৰ

বিৰোধীয়ে আহ্বান জনোৱা বিহাৰ বন্ধক কেন্দ্ৰ কৰি ৰাজ্যখনৰ ৰাজধানী পাটনাত উত্তপ্ত পৰিস্থিতি। টায়াৰ জ্বলাই পাটনাৰ পথ বন্ধ কৰিলে প্ৰতিবাদকাৰীয়ে। ৰেলৱে ৰিক্ৰুইটমেণ্ট ব’ৰ্ডৰ পৰীক্ষাত অনিয়ম সংঘটিত হোৱাৰ অভিযোগত উত্তপ্ত প্ৰতিবাদ সাব্যস্ত কৰে ভালেমান দল-সংগঠনে। অল ইণ্ডিয়া ষ্টুডেণ্টছ এছ’চিয়েচনকে ধৰি ভালেমান ছাত্ৰ সংগঠনেও এই বিহাৰ বন্ধৰ আহ্বান জনাইছিল। উল্লেখ্য যে, ৰে’ল বিভাগৰ পৰীক্ষাত হোৱা অনিয়মক কেন্দ্ৰ কৰি আৰম্ভ হোৱা প্ৰতিবাদে গণৰাজ্য দিৱসৰ দিনটোতে উত্তপ্ত ৰূপ লৈছিল আৰু ভালেমান প্ৰতিবাদকাৰীয়ে ৰে’লত অগ্নিসংযোগ কৰাৰ দৰে ভয়ংকৰ কাৰ্য সংঘটিত কৰিছিল। কেৱল এয়াই চলাচলৰত ভালেমান ৰে’লত কৰা হৈছিল আক্ৰমণ।

‘ৰে’লৱে ৰিক্ৰুইটমেণ্ট ব’ৰ্ডৰ নন টেকনিকেল পপুলাৰ কেটেগৰী’ৰ পৰীক্ষাক কেন্দ্ৰ কৰি এই প্ৰতিবাদ আৰম্ভ কৰিছিল এই পৰীক্ষাত অৱতীৰ্ণ হোৱা পৰীক্ষাৰ্থীসকলে। দুটা স্তৰত পৰীক্ষা অনুষ্ঠিত কৰাৰ সিদ্ধান্তৰ বিৰোধিতাৰে এই প্ৰতিবাদ কৰা হৈছিল আৰু এই প্ৰক্ৰিয়াক অন্যায় আখ্যা দিছিল শিক্ষাৰ্থীসকলে। আকস্মিকভাৱে হিংসাত্মক ৰূপ ধাৰণ কৰা প্ৰতিবাদৰ তীব্ৰতা আজিও মাৰ যোৱা নাই। উল্লেখ্য যে, ১৫জানুৱাৰীত পৰীক্ষাৰ প্ৰথম পৰ্যায়ৰ ফলাফল ঘোষণা হোৱাৰ পাছতে অসন্তুষ্টি আৰম্ভ হৈছিল। মন কৰিবলগীয়া যে, ৩৫হাজাৰ পোষ্টৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰা হৈছিল আৰু ইয়াৰ বাবে আবেদন কৰিছিল ১.২৫কোটি লোকে। লেভেল ২ আৰু লেভেল ৬ পৰ্যায়ৰ নিযুক্তিৰ বাবে অনুষ্ঠিত এই পৰীক্ষাত প্ৰায় ৬০ লাখ পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল। উল্লেখ্য যে, কালি ৰাজ্যখনৰ বিৰোধী দলসমূহে দেশৰ ভিতৰতে আটাইতকৈ বেছি নিবনুৱা থকা ৰাজ্যখনৰ চৰকাৰে নিবনুৱাসকলক প্ৰতাৰণা কৰা বুলি অভিযোগ কৰিছিল।

কিডনী বিক্ৰী কৰি জীৱন নিৰ্বাহ কৰিছে আফগানৰ ক্ষুধাতুৰ নাগৰিকে!

তালিবানে আফগানিস্তান দখল কৰাৰ পাছত আফগানিস্তানৰ সাধাৰণ নাগৰিকৰ জীৱনৰ নিৰাপত্তা একেবাৰে নোহোৱা হৈ পৰিছে। এতিয়া যেন আফগানিস্তানৰ লোকসকলে দুবেলা-দুমুঠি খাবৰ বাবেও হাহাকাৰ কৰিব লগা হৈছে। পৰিস্থিতিৰ এনে পৰ্যায় পাইছে যে, আফগানিস্তানৰ ৰাজধানী চহৰ কাবুলৰ সাধাৰণ নাগৰিকে দুবেলা-দুমুঠি খাবৰ বাবেও আৰ্তনাদ কৰিব লগা হৈছে। শেহতীয়া এক প্ৰতিবেদন প্ৰকাশ পাইছে যে, আফগানিস্তানৰ লোকসকলে নিজকে জীয়াই ৰাখিবলৈ তেওঁলোকৰ সন্তানৰ লগতে নিজৰ কিডনী পৰ্যন্ত বিক্ৰী কৰিব লগা হৈছে।

দ্য মিৰ’ৰে প্ৰকাশ কৰা সংবাদ অনুসৰি, আফগানিস্তানৰ বহু সংখ্যক লোকে তেওঁলোকৰ শৰীৰৰ অংগ বিক্ৰী কৰিছে। ইয়াৰ আগতে, দৰিদ্ৰতা আৰু অনাহাৰত ভুগি থকা বহুতো লোকে তেওঁলোকৰ সন্তানক বাধ্য হৈ বিক্ৰী কৰিছিল। ইউৰোলজিষ্ট আৰু বৃক্ক সংৰোপণ শল্য চিকিৎসক ডাঃ নাছিৰ আহমেদে দাবী কৰিছে যে আফগানিস্তানত যোৱা ১২ মাহত ৮৫ টা বৃক্ক সংৰোপণ অস্ত্ৰোপচাৰ কৰা হৈছে। ভাৰতীয় টকাৰ হিচাপত প্ৰতিটো কিডনীৰ মূল্য প্ৰায় ৪ লাখ ২৫ হাজাৰ টকা।

আফগানসকলে নিজৰ জীৱন বিপদত পেলাই বৃক্ক বিক্ৰী কৰি আহিছে। শল্য চিকিৎসক ডাঃ নাছিৰ আহমেদ আৰু বিশেষজ্ঞ ডাঃ আহমেদ চাকিবে কৈছিল যে যিসকলে তেওঁলোকৰ শৰীৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংগ বিক্ৰী কৰি আছে তেওঁলোকৰ অধিকাংশৰ প্ৰাণ হেৰুওৱাৰ আশংকা আছে। তেওঁ কৈছিল যে আৰ্থিক সমস্যাৰ বাবে বৃক্ক বিক্ৰী কৰা বেছিভাগ লোকে পাছৰ সময়ত বৃক্কৰ অভাৱৰ বাবে স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন হ’ব। অৱশ্যে আফগানিস্তানৰ বৃক্ক দান সংস্কৃতি সচৰাচৰ নহয়, বেছিভাগ বৃক্ক দাতাই আৰ্থিক সমস্যাত ভুগিহে এনে সিদ্ধান্ত লব লগা হৈছে।

নাজিৰা আৰু শিমলুগুৰি পৌৰসভাৰ ফটো সম্বলিত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ

ৰাজ্যিক নিৰ্বাচনী আয়োগ অসমৰ ০৫ জানুৱাৰী ২০২২ তাৰিখৰ  অধিসূচনা নং SEC.145/2019/410 অনুসৰি নিৰ্বাচন আয়োগৰ ভোটাৰ তালিকাৰ ওপৰত নিৰ্ভৰ কৰি, ০১/০১/২০২২  ভিত্তি তাৰিখ হিচাপে লৈ প্ৰস্তুত কৰা নাজিৰা আৰু শিমলুগুৰি পৌৰসভাৰ ফটো সম্বলিত  ভোটাৰ তালিকা চূড়ান্ত সংযোজন আজি ২৮ জানুৱাৰী, ২০২২  তাৰিখে সমগ্ৰ অসমৰ লগতে নাজিৰা পৌৰসভাৰ মূঠ ১০ টা ৱাৰ্ড সামৰি স্থাপন কৰা ১৩ টা ভোট কেন্দ্ৰত আৰু শিমলুগুৰি পৌৰসভাৰ মূঠ ১০ টা ৱাৰ্ড সামৰি স্থাপন কৰা ১০ টা ভোট কেন্দ্ৰত প্ৰকাশ কৰাৰ লগতে মহকুমাধিপতিৰ কাৰ্য্যালয়ত, পৌৰসভা দুখনৰ কাৰ্য্যালয়ত আৰু নাজিৰা ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ কাৰ্য্যালয়ত ভোটাৰৰ পৰ্য্যবেক্ষনৰ বাবে প্ৰকাশৰ ব্যৱস্থা কৰা হৈছে।

যোৱা ১২/ ০১/ ২০২২ তাৰিখে প্ৰকাশ হোৱা সংযোজন তালিকাৰ সৈতে নাজিৰা পৌৰসভাৰ মূঠ পুৰুষ ভোটাৰ আছিল ৫০৩১ জন আৰু মহিলা ভোটাৰ ৫৩২৯ গৰাকীৰে সৈতে মূঠ ভোটাৰ আছিল ১০, ৩৬০ জন। বৰ্তমান দাবী আপত্তি নিষ্পত্তিৰ পাছত মূঠ পুৰুষ ভোটাৰ সংযোজন হৈছে ৫৫ জন আৰু মহিলা ভোটাৰ ৭৭ গৰাকীৰ সংযোজনৰ সৈতে মূঠ ভোটাৰ সংযোজন হৈছে ১৩২ গৰাকী । এইদৰে ভোটাৰ তালিকাত মূঠ পুৰুষ ভোটাৰৰ সংখ্যা ৫০৮৬ জন আৰু মহিলা ৫৪০৬ গৰাকীৰে সৈতে মূঠ ভোটাৰ ১০,৪৯২ জন।

সেইদৰে  শিমলুগুৰি পৌৰসভাৰ কোনো ভোটাৰৰ পৰা দাবী তথা আপত্তিৰ আবেদন নোপোৱাত  মূঠ ভোটাৰৰ সংখ্যা শিমলুগুৰি পৌৰসভাৰ মূঠ ৩,৬৬০ গৰাকী মহিলা আৰু ৩,২৪৩ জন পুৰুষৰ সৈতে মূঠ ৬৯০৩ জন। নাজিৰা নগৰৰ সৰ্বোচ্চ ১৫১২ ভোটাৰ থকা ভোটকেন্দ্ৰটো হৈছে বৰতলা উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু সৰ্বনিম্ন ২৪৭ জন ভোটাৰ থকা ভোটকেন্দ্ৰটো হৈছে কেন্দ্ৰীয় বিদ্যালয় নাজিৰা। সেইদৰে শিমলুগুৰি পৌৰসভাৰ সৰ্বোচ্চ ৮১০ জন ভোটাৰ থকা ভোটকেন্দ্ৰটো হৈছে ৰেলৱে এম ই স্কুল আৰু সৰ্বনিম্ন ৫০২ জন ভোটাৰ থকা ভোটকেন্দ্ৰটো হৈছে শিমলুগুৰি নগৰ প্ৰাথমিক বিদ্যালয়। 

পথৰুঘাটত কৃষক শ্বহীদ দিৱস উদযাপন

১৮৯৪চনৰ ২৮জানুৱাৰীত বৃটিছ চৰকাৰৰ বিৰুদ্ধে খাজানা বৃদ্ধিৰ প্ৰতিবাদ কৰিবলৈ গৈ বৃটিছৰ গুলীত বুকু পাতি শ্বহীদ হৈছিল সাতকুৰি কৃষক। যি সকল কৃষক শ্বহীদক কুকুৰ – মেকুৰৰ দৰে অমানৱীয় ভাবে টানি, চোঁচৰাই নি একেটা গাঁততে পুতি থোৱা হৈছিল।যাৰ পিছত  পথৰুঘাট ৰণৰ অমৰ স্বহীদ সকলক শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে প্ৰত্যেক ২৮জানুৱাৰী তাৰিখে কৃষক শ্বহীদ দিৱস উদযাপন কৰি অহা হয়। 

এইবেলি কৰ’ণা মহমাৰীৰ পৰিপ্ৰেক্ষিতত অনুষ্টুপীয়াকৈ উদযাপন কৰা হয় শ্বহীদ দিৱসটি। দৰং জিলাৰ  উপায়ুক্তই পতাকা উত্তোলন, আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মাই শ্বহীদ তৰ্পণৰে অনুষ্ঠানৰ আৰম্ভণি কৰে  আৰু পৰৱৰ্তী সময়ত গছপুলি ৰোপণ,  সৰ্বধৰ্ম প্ৰাৰ্থনা সভা,  স্বহীদ পৰিয়ালৰ সদস্যক সম্বৰ্ধনা দিয়াৰ লগতে মুকলি সভা অনুষ্ঠিত হয়।  শ্বহীদ বাকৰিত অনুষ্ঠিত মুকলি সভাত উপস্থিত হৈ  মন্ত্ৰী অতুল বৰাই স্বহীদ বেদীত সেৱা জনায়।মন্ত্ৰী গৰাকীয়ে কৃষক শ্বহীদক সন্মান জনোৱা মানে কৃষকক সন্মান জনোৱা বুলি উল্লেখ কৰি  সভাত   পথৰুঘাটৰ প্ৰকল্পস্হলীলৈ ২কোটি ২০লাখ টকাৰ পেকেজো ঘোষণা কৰে।


এই ঐতিহাসিক স্হলীখন বিশ্বত প্ৰচাৰ প্ৰসাৰৰ ক্ষেত্ৰত গুৰুত্ব দিবলৈ চৰকাৰক শ্বহীদ পৰিয়াল তথা দল-সংগঠনে দাবী জনাই। ইফালে পথৰুঘাট অঞ্চলত আজিও কৃৃৃষক ৰাইজৰ খেতি পথাৰত জলসিঞ্চনৰ ব্যৱস্থা, শ্বহীদ ক্ষেত্ৰৰ পাঁচশ মিটাৰ দূৰত থকা দ্বিগজ নৈৰ বানত ছিগা মথাউৰিটো সুদীৰ্ঘ ৩৪ বছৰে মেৰামতি নোহোৱাকৈ পৰি থকাত কৃষক ৰাইজে আজিও জীয়াতু ভোগ কৰি থাকিব লগীয়া হোৱাটো বিশেষ ভাবে লক্ষণীয়। আনহাতে প্ৰস্তাৱিত পথৰুঘাটৰ  দিপীলাত নতুনকৈ হ’ব লগীয়া উন্নযন খণ্ডৰ কাৰ্যালয় আজিও স্থাপন নোহোৱাটো পৰিতাপৰ কথা।

দলগাঁৱৰ অফিচ বজাৰত ভূমিকেন্দ্ৰিক ভয়াবহ সংঘাত

দলগাঁৱত দৈনিক ভূমি কেন্দ্ৰিক সংঘাতৰ বাতৰিয়ে শিৰোনাম দখল কৰাৰ সময়তে এইবাৰ ভূমি বিবাদক লৈ সংঘটিত হ’ল এক ঘৃণণীয় কাণ্ড । ঘৰত কোনো পুৰুষ নথকাৰ সুযোগ লৈ দৰঙৰ দৈপাম আৰক্ষী চকীৰ অন্তৰ্গত ১/২ নং বৰুৱাঝাৰ (অফিছ বজাৰ) ৰ আলিমুদ্দিন নামৰ এগৰাকী ব্যক্তিৰ বাসগৃহত অগ্নি সংযোগ কৰি দুটাকৈ ঘৰ ভস্মীভূত কৰাৰ অভিযোগ উঠিছে । জানিব পৰা মতে, গাঁৱ খনৰ সহোদৰ ফকিৰ আলী আৰু হুৰমুজ আলীৰ মাজত পৈতৃক সম্পত্তিৰ ভাগ বটৰুৱাক লৈ দীৰ্ঘদিনৰ পৰা বাদ বিবাদ চলি আহিছে । উভয় পক্ষৰ মাজত আইনী যুঁজ চলি থকাৰ মাজতে বুধবাৰে আবেলি প্ৰায় চাৰি বজাত কোনো পুৰুষ লোক ঘৰত নথকাৰ সুযোগ লৈ হুৰমুজ আলী সহ দুই পুত্ৰ ক্ৰমে ইব্ৰাহিম আলী আৰু এবাদুল হকে ফকিৰ আলীৰ জোৱাই আলিমুদ্দিনৰ ঘৰত জুই লগাই দিয়ে ।

উক্ত দুষ্কাৰ্য সম্পাদনত মহিলা সকলে বাধা প্ৰদানৰ চেষ্টা কৰে যদিও তেওঁলোকৰ লগতো হতাহতি কৰাৰ অভিযোগ উঠিছে । উক্ত অগ্নিকাণ্ডত  লক্ষাধিক টকাৰ সা-সম্পত্তি ক্ষতি সাধন হোৱাৰ লগতে যাবতীয় নথিপত্ৰ জুইত জাহ যায়। ঘটনা সন্দৰ্ভত দৈপাম আৰক্ষী চকীত  এজাহাৰ দাখিল কৰে যদিও আৰক্ষীয়ে বিশেষ তৎপৰতা গ্ৰহণ নকৰাৰ উভিযোগ তুলিছে আলিমুদ্দিনৰ পৰিয়ালে । সঠিক তদন্তৰ জৰিয়তে দোষীক উপযুক্ত শাস্তি প্ৰদান কৰাৰ লগতে বিষয়টি নিষ্পত্তি কৰি দিবলৈ আৰক্ষী প্ৰশাসনৰ ওচৰত কাতৰ আহ্বান জনায় ভুক্তভোগী পৰিয়ালটোৱে ।