Home Blog Page 2641

বঙাইগাঁওৰ দুৰ্বিষহ জীৱন কটোৱা সুশীলা ৰায়ৰ গৃহত আক্ৰাছুৰ সজাতি দল

সদৌ বঙাইগাঁও জিলা কোচ-ৰাজবংশী ছাত্র সন্থাৰ এটি সঁজাতি দলে সোমবাৰে বঙাইগাঁও জিলাৰ উত্তৰ শালমাৰা মহকুমাৰ অন্তৰ্গত উত্তৰ শালমাৰা পাহাৰতলিত ৰে’ল বিভাগে ৰে’ল লাইনৰ বাবে দুবিঘা মাটি কাঢ়ি নি এটকাও ক্ষতিপূৰণ নিদিয়া, দুৰ্বিষহ জীৱন যাপন কৰি থৰা এগৰাকী অতি দুখীয়া অকলশৰীয়া বৃদ্ধা সুশীলা ৰায়ৰ ঘৰত খা-খবৰ লবলৈ উপস্থিত হয়। ছাত্ৰ সংগঠনটোৰ প্ৰতিনিধি দলে বৃদ্ধা সুশীলা ৰায়ৰ খা-খবৰ লোৱাৰ লগতে তেওঁলোকে নিজৰ প্ৰচেষ্টাৰে কম্বল, তচক, উৰা চাদৰ আদি প্ৰদান কৰে ৷ বৃদ্ধা গৰাকীক  সকলো সা-সুবিধা প্ৰদানৰ বাবে প্ৰশাসনৰ লগত যোগাযোগ কৰে প্ৰতিনিধি দলটেৱে ৷

উল্লেখ্য যে প্ৰশাসনে সকলো ধৰণৰ সহযোগিতা আগবঢ়োৱাৰ বাবে সংগঠনটোক প্ৰতিশ্ৰুতি দিয়ে। প্ৰতিনিধি দলটোত সদৌ বঙাইগাঁও জিলা আক্ৰাছুৰ সভাপতি সঞ্জীৱ কোচ, কেন্দ্রীয় আক্ৰাছুৰ প্ৰচাৰ সম্পাদক ধীৰাজ পাঠক, বঙাইগাঁও জিলা আক্ৰাছুৰ সাধাৰণ সম্পাদক শিৱেন নাৰায়ণ দেৱ, বঙাইগাঁও জিলা আক্ৰাছুৰ বিভিন্ন বিষয়ববীয়া আৰু উত্তৰ  শালমাৰা আঞ্চলিকৰ সভাপতি, সম্পাদক তথা  আঞ্চলিকৰ বিষয়ববীয়াসকলে দলটিত সৈতে সংগ দিয়ে ৷

খৈৰাবাৰীত অসম ভিত্তিত ১৭সংখ্যক চিনিয়ৰ আৰ্চাৰী প্ৰতিযোগিতাৰ প্ৰস্ত্তুতি

ওদালগুৰি জিলাৰ খৈৰাবাৰীত  অনুষ্ঠিত হ’ব ১৭ সংখ্যক ছিনিয়ৰ আৰ্চাৰী প্ৰতিযোগিতা। অসম আৰ্চাৰী সন্থাৰ উদ্যোগত অহা ২১,২২আৰু ২৩ জানুৱাৰীত  অনুষ্ঠিত হ’বলগীয়া  প্ৰতিযোগিতাৰ বাবে অনুশীলনত ব্যস্ত ওদালগুৰি,ভেৰগাওঁ জিলাৰ আৰ্চাৰী খেলুৱৈ সকল। আন্তঃগাঠনিৰ অভাৱৰ মাজতে ওদালগুৰি জিলাৰ খৈৰাবাৰী ক্ৰীড়া সন্থাৰ খেল পথাৰত ল’ৰা-ছোৱালী উভয়ে ব্যস্ত লক্ষ্য ভেদ কৰি পদক অৰ্জন কৰিবলৈ। খেলুৱৈ সকলৰ বাবে আন্ত: গাঠনিক ওপৰত গুৰুত্ব দিবলৈ অসম চৰকাৰ আৰু বিটিচি চৰকাৰৰ প্ৰতি খেলুৱৈ সকলে  আহ্বান জনাইছে।

অনিমেষ হত্যাকাণ্ডঃ ক’লা ল’ৰাসহ ১৪জনৰ বিৰুদ্ধে ৩৩৯ পৃষ্ঠাৰ চার্জশ্বীট

সমগ্র ৰাজ্য কঁপাই যোৱা ছাত্র নেতা অনিমেষ ভূঞাৰ হত্যাকাণ্ডৰ গোচৰত আজি ৩৩৯ পৃষ্ঠাৰ চার্জশ্বীট দাখিল কৰিছে যোৰহাট আৰক্ষীয়ে৷ এই গোচৰৰ মূল অভিযুক্ত তথা আৰক্ষীৰ এনকাউণ্টাৰত নিহত নীৰজ দাস ওৰফে ক’লা ল’ৰাসহ মুঠ ১৪জন অভিযুক্তৰ বিৰুদ্ধে সোমবাৰে জিলা সত্র ন্যায়াধীশৰ আদালতত যোৰহাট আৰক্ষীয়ে এই চার্জশ্বীট দাখিল কৰে৷ অভিযুক্তসকলৰ ভিতৰত এজন নাবালকো আছে৷ তেওঁৰ বিৰুদ্ধে আৰক্ষীয়ে চার্জ ৰিপ’ট দাখিল কৰিছে৷ এই ঘটনাত মুঠ ১৫জনক অভিযুক্ত কৰা হৈছিল যদিও ইয়াৰে এজনৰ বিৰুদ্ধে কোনো তথ্য–প্রমাণ লাভ নকৰাত তেওঁৰ নাম অৱেশষত প্রত্যাহাৰ কৰা হয়৷ সোমবাৰে এই কথা সদৰী কৰিছে যোৰহাটৰ আৰক্ষী অধীক্ষক অংকুৰ জৈনে৷ তেওঁ প্রকাশ কৰা অনুসৰি এই ঘটনাত মুঠ ৭৬জন লোকে সাক্ষ্যদান কৰিছিল৷ তদুপৰি ৮জনীয়া এটা বিশেষ তদন্তকাৰী গোটে এই গোচৰৰ তদন্ত চলাইছিল৷ আৰক্ষী বিষয়া ক্ষীতেশ্বৰ বণিয়াৰ নেতৃত্বত এই তদন্তকাৰী গোটটোৱে সমগ্র ঘটনাৰ তদন্ত কৰিছিল৷ ৰাজ্য কঁপোৱা এই গণপ্রহাৰৰ ঘটনাৰ তদন্তকাৰী বিষয়া আছিল দণ্ডীৰাম বৰা৷

ইপিনে এই ঘটনাৰ বিচাৰ প্রক্রিয়া ফার্ষ্ট ট্রেক আদালতত কৰাৰ বাবে আৰক্ষীৰ ফালৰ পৰা চৰকাৰক আহ্বান জনোৱা হৈছে বুলি উল্লেখ কৰে আৰক্ষী অধীক্ষক জৈনে৷ তেওঁ লগতে কয় যে সকলো তথ্য–সমল সন্নিৱিষ্ট কৰি এখন সঠিক অভিযোগনামা দাখিল কৰা হৈছে৷ বিচাৰ প্রক্রিয়াৰ অন্তত এই গোচৰত জড়িত থকা দোষীয়ে কঠোৰ শাস্তি লাভ কৰিব বুলিও আৰক্ষী অধীক্ষকগৰাকীয়ে আশা প্রকাশ কৰে৷ ইতিমধ্যে এই গোচৰটোত যোৰহাটৰ বিশিষ্ট অধিবক্তা ৰিণ্টু গোস্বামীক বিশেষ চৰকাৰী অধিবক্তা হিচাপে নিয়োগ কৰিবলৈ চৰকাৰলৈ আহ্বান জনাইছে যোৰহাট আৰক্ষীয়ে৷

উল্লেখ্য যে যোৱা ২৯ নৱেম্বৰত যোৰহাট নগৰৰ মাজমজিয়াত এদল উন্মত্ত লোকৰ প্রহাৰত প্রাণ হেৰুৱাইছিল গোলাঘাটৰ ছাত্র নেতা অনিমেষ ভূঞাই৷ দিন–দুপৰতে ছাত্র নেতাজনক এনেদৰে গণপ্রহাৰ কৰি হত্যা কৰা ঘটনাই সমগ্র ৰাজ্যতে তীব্র প্রতিক্রিয়া সৃষ্টি হৈছিল৷ এই ঘটনাত জড়িত লোকসকলক গ্রেপ্তাৰ কৰি কঠোৰ শাস্তি প্রদানৰ বাবে ৰাজ্যজুৰি দাবী উত্থাপন হৈছিল৷ ইয়াৰ পাছতে যোৰহাট আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ কেইবাটাও ধাৰাৰ অধীনত ২৬২০/২১ নম্বৰৰ এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে৷ ছাত্র নেতাজনক হত্যাৰ ক্ষেত্রত আগভাগ লোৱা ক’লা ল’ৰা ওৰফে নীৰজ দাসসহ কেইবাজনো অভিযুক্তক আৰক্ষীয়ে গ্রেপ্তাৰ কৰে৷ অৱশ্যে আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰা নীৰজ দাস ওৰফে ক’লা ল’ৰাৰ আৰক্ষীৰ গুলীত ইতিমধ্যে মৃত্যু ঘটিছে৷ কেছ ডায়েৰীসহ অভিযোগনামাৰ মূল পৃষ্ঠাৰ সংখ্যা হৈছে ৮৮০৷

খাউৰাঙত “আমাৰ গাওঁ আমাৰ প্ৰশাসন” সজাগতা সভা

ওদালগুৰি জিলা উপায়ুক্ত পি উদয় প্ৰবীনৰ উপস্থিতিত  খাউৰাঙৰ গাওঁবুঢ়া বস্তিত ওদালগুৰি জিলা প্ৰশাসনৰ উদ্যোগত ১৭ জানুৱাৰীত শ্ৰীশ্ৰীৰাধাকৃষ্ণ মন্দিৰ প্ৰাঙ্গণত ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে জনসাধাৰনক প্ৰদান কৰা বিভিন্ন আচনী আৰু সেৱা সমুহৰ বিষদ বিৱৰণ ৰাইজৰ পৰা জানিব বিছাৰে। উপায়ুক্ত পি উদয় প্ৰবীনৰ উপস্থিতিত কৃষি বিষয়া, জনস্বাস্থ্য কাৰিকৰি বিষয়া, সমাজ কল্যাণ বিষয়া, হেণ্ডলুম বিষয়া, মধ্যাহ্ন ভোজন, জবকাৰ্ড, ৰাচিন কাৰ্ড আদিৰ বিষদ তথ্য প্ৰত্যেক জন বিষয়াৰ পৰা ৰাইজৰ আগত অৱগত কৰাবলৈ আৰু ৰাইজৰ পৰা উক্ত সুবিধাৰ পৰা উপকৃত হৈছে নে নাই সেই বিষয় বিতংকৈ জানিব বিচাৰে।

সভাত বহু সংখ্যক ৰাইজৰ আগত নিজ নিজ বিভাগৰ বিষয়া সকলে ৰাইজৰ আগত তথ্য সহকাৰে আচনী সমুহৰ বিষয় অৱগত কৰোৱায়ে আৰু ৰাইজেও উক্ত আচনী সমুহৰ পৰা কিমান সকাহ পাইছে সেই বিষয় সভাত ব্যক্ত কৰে। উক্ত আমাৰ গাওঁ আমাৰ প্ৰশাসন অনুষ্ঠানত বৃহত্তৰ খাউৰাংবাসী ৰাইজ উপস্থিত হৈ চৰকাৰে প্ৰদান কৰা আচনী আৰু সুবিধা সমুহ পোৱা-নোপোৱা বিষয় উপায়ুক্ত পি উদয় প্ৰবীনৰ আগত ব্যক্ত কৰে। ভাৰত স্বাধীনতাৰ সাত দশকৰ পিছত পোন প্ৰথম বাৰে অনুষ্ঠিত হোৱা আমাৰ গাওঁ আমাৰ প্ৰশাসন অনুষ্ঠানত উপস্থিত হৈ ৰাইজে বহুত জানিব লগীয়া আৰু গোপনীয় ভাৱে ৰখা আচনী সমুহৰ বিতং তথ্য জানিব পোৱাত খাউৰাংবাসী ৰাইজে ওদালগুৰি জিলা উপায়ুক্ত পি উদয় প্ৰবীনক ধন্যবাদ জ্ঞাপন কৰে। ৰাইজে উপায়ুক্তৰ সম্মুখত নিজ অঞ্চল আৰু এচাম ৰাজনৈতিক দলৰ কাৰ্য্যকৰ্তাই ৰাইজৰ পৰা গোপন কৰি ৰখা বিভিন্ন অনুদান আৰু আচনীসমুহৰ বিষয় তন্ন তন্নকৈ জানিবলৈ পোৱাত নথৈ আনন্দিত হৈছে।

ৰাজ্যত ১ ফেব্রুৱাৰীৰ পৰা আৰম্ভ হ’ব প্রজেক্ট সদ্ভাৱনা

অসম সচিবালয়ত বছৰৰ পাছত বছৰ ধৰি নিষ্পত্তি নোহোৱাকৈ পৰি থকা ফাইলসমূহ নিষ্পত্তিৰ বাবে অহা ১ ফেব্রুৱাৰীৰ পৰা আৰম্ভ হ’ব প্রজেক্ট সদ্ভাৱনা৷ এই প্রকল্পৰ শুভাৰম্ভৰ অংশ ৰূপে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই সোমবাৰে শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রত জনতা ভৱনৰ বিষয়া–কর্মচাৰীসক সৈতে এখন বৈঠকত মিলিত হয়৷ জনতা ভৱনৰ প্রায় ৬৫০গৰাকী বিষয়া–কর্মচাৰীৰ উপস্থিতিত আয়োজিত সভাখনত মুখ্যমন্ত্রী ড০ শর্মাই ভাষণত কয় যে অসম সচিবালয়ৰ বিভিন্ন বিভাগত বছৰৰ পাছত বছৰ ধৰি বহু ফাইল নিষ্পত্তি নোহোৱাকৈ পৰি আছে৷ সেয়ে চৰকাৰে প্রজেক্ট সদ্ভাৱনাৰ জৰিয়তে সেই সকলো ফাইল অহা ১০ মে’ৰ পূর্বে নিষ্পত্তি কৰাৰ ক্ষেত্রত গুৰুত্ব দিছে৷ ২০২১ বর্ষৰ মে’ মাহৰ আগৰ পুৰণি বিষয় তথা ফাইলসমূহৰ নিষ্পত্তিকৰণৰ বাবে প্রজেক্ট সদ্ভাৱনা সূচনা কৰা হৈছে৷ তেওঁৰ দিনত প্রথম পর্যায়ত পুৰণি ফাইলসমূহৰ লগত জড়িত জনসাধাৰণে পুৰণি বিষয়সমূহৰ তথ্য প্রদানেৰে পঞ্জীয়ন কৰাৰ বাবে দুই মাহৰ সময় লাভ কৰিব৷ এই পঞ্জীয়ন চৰকাৰৰ সদ্ভাৱনা প’র্টেলৰ জৰিয়তে কৰিব পাৰিব৷ কিন্তু যিসকলৰ ইণ্টাৰনেট সেৱাৰ উপলব্ধতা নাই, তেওঁলোকে পাব্লিক ফেচিলিটেচন চেণ্টাৰৰ জৰিয়তে ফাইলৰ তথ্য দাখিলেৰে পঞ্জীয়ন কৰিব পাৰিব৷ নাগৰিকসকলক এটা উইনিক নম্বৰ প্রদান কৰা হ’ব৷ ইয়াৰ জৰিয়তে বিভাগসমূহৰ অগ্রগতিৰ খতিয়ান ৰাইজে ল’ব পাৰিব৷

দ্বিতীয় পর্যায়ত বিভাগসমূহে ২০২২ বর্ষৰ এপ্রিল মাহলৈকে পুৰণি বিষয় তথা ফাইলসমূহৰ নিষ্পত্তিকৰণৰ জৰিয়তে ফাইলসমূহ বন্ধ কৰাৰ পদক্ষেপ ল’ব৷ সিদ্ধান্ত লোৱাৰ পাছত সকলো পুৰণি ফাইল বন্ধ কৰা হ’ব আৰু আর্কাইভ কৰা হ’ব৷ এই সমষ্ট প্রক্রিয়া ২০২২ বর্ষৰ ১০ মে’ৰ ভিতৰত সম্পূর্ণ কৰা হ’ব বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে প্রতিটো বিভাগতে একোগৰাকী ন’ডেল বিষয়া থাকিব৷ তদুপৰি আবেদন নকৰা কোনো পুৰণা ফাইল যাতে পৰি নাথাকে, তাৰ প্রতিও বিভাগৰ প্রধান সচিবসকলক বিশেষ দৃষ্টি ৰাখিবলৈ আহ্বান জনাই মুখ্যমন্ত্রী ড০ শর্মাই কয় যে এই সময়ছোৱাত আবেদন কৰা–নকৰা সকলো পুৰণা ফাইল নিষ্পত্তি হ’ব লাগিব৷ নিষ্পত্তিৰ ফলাফল ইতিবাচকেই হওক বা খাৰিজেই হওক, ফাইলৰ নিষ্পত্তি হ’ব লাগিব৷ নব্বৈৰ দশকৰ ফাইলো নিষ্পত্তি নোহোৱাকৈ থকাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই সেই ফাইলো নিষ্পত্তি কৰাৰ প্রসংগ দর্শায়৷ এই প্রজেক্ট সদ্ভাৱনা যাতে সঠিক দিশত আগবাঢ়ে, তাৰ বাবে অহা ২৫ জানুৱাৰীত তেওঁ আই এ এছ, এ চি এছ বিষয়াসকলৰ লগত আলোচনাত মিলিত হ’ব৷ অহা ২৮ জানুৱাৰীত এই বৈঠকত উপস্থিত নথকা আনসকলৰ সৈতে সেই সম্পর্কত আলোচনাত মিলিত হ’ব৷ ফেব্রুৱাৰী মাহত প্রজেক্টটো আৰম্ভ হোৱাৰ পাছত চতুর্থবর্গৰ কর্মচাৰীসকলৰ সৈতেও সেই সম্পর্কত তেওঁ আলোচনাত বহিব বুলি প্রকাশ কৰি কয় যে এই কার্য সমাপন কৰাৰ দিশত চৰকাৰে ব্যাপকভাৱে প্রযুক্তিৰ সহায় ল’ব৷ সদ্ভাৱনা প’র্টেলত নাগৰিকৰ সঁহাৰিক আহ্বান জনোৱা হ’ব৷ নাগৰিকে তেওঁলোকৰ সঁহাৰিৰ অগ্রগতিৰ বিষয়ে জানিব পাৰিব৷ ই–ফিচৰ জৰিয়তে নাগৰিকে তেওঁলোকৰ ফাইলৰ অগ্রগতিৰ বিষয়ে জানিব পাৰিব৷ চৰকাৰে এক ডাচ ব’ৰ্ডৰ জৰিয়তে এই প্রকল্প ৰূপায়ণ নিৰীক্ষণ কৰিব পাৰিব৷ প্রশাসনক অধিক কার্যক্ষম আৰু জনসাধাৰণমুখী কৰি তোলাৰ পৰিকল্পনাৰ বিষয়ে উল্লেখ কৰি ভাষণত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ২০২২ বর্ষৰ ১০ মে’ত প্রজেক্ট সদ্ভাৱনাৰ ফলপ্রসূ সমাধানৰ পাছতে ৰাজ্য চৰকাৰে জনতা ভৱনত ই–ফিচ পদ্ধতি ৰূপায়ণৰ পদক্ষেপ ল’ব৷ ২০২৩ৰ ১০ মে’ৰ পূর্বে সচিবালয়ৰ সকলো বিভাগত ই–ফিচ পদ্ধতি কার্যক্ষম কৰি তোলা হ’ব৷ ইয়াৰ বাবে প্রতিটো বিভাগৰ প্রধান সচিবসকলক পর্যায়ক্রমে সকলো কর্মচাৰীক প্রশিক্ষিত কৰাৰ নির্দেশ দি ইয়াৰ বাবে প্রয়োজনীয় সকলো ব্যৱস্থা চৰকাৰে গঢ়ি তুলিব৷ তদুপৰি এই পদক্ষেপ কার্যকৰী হোৱাৰ লগে লগে জনতা ভৱনত ফাইলৰ দ’ম কমাই চৰকাৰে স্বচ্ছতা অভিযানো আৰম্ভ কৰিব বুলি মুখ্যমন্ত্রী ড০ শর্মাই উল্লেখ কৰে৷

প্রজেক্ট সদ্ভাৱনাৰ প্রসংগত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে মিছন বসুন্ধৰাৰ আধাৰতে চৰকাৰে এই প্রকল্প হাতত হৈছে৷ চৰকাৰে যেতিয়া মিছন বসুন্ধৰা হাতত লৈছিল, তেতিয়া সর্বাধিক ৪ লাখ আবেদন লাভ কৰিব বুলি ধাৰণা কৰা হৈছিল৷ কিন্তু দেখা গ’ল ৮ লাখৰো অধিক আবেদন আহিল৷ মিছন বসুন্ধৰা–২ আৰম্ভ কৰিলে আৰু ৭ লাখ আবেদন আহিব৷ সেইদৰে লার্নাৰ ড্রাইভিং লাইচেঞ্চ অনলাইনযোগে দিয়াৰ ব্যৱস্থা কৰাৰ সময়ত ধাৰণা কৰা হৈছিল মাহেকত ১০ হাজাৰ আবেদন আহিব৷ কিন্তু কার্যক্ষেত্রত দেখা গ’ল মাহে ৫০ হাজাৰ আবেদন আহিল৷ এতিয়ালৈকে ৩ লাখ লোকে অনলাইনযোগে লার্নাৰ লাইচেঞ্চ ল’লে৷ মুখ্যমন্ত্রী ড০ শর্মাৰ মতে জনসাধাৰণে ইমানদিনে ব্যৱস্থাটোৰ ভয়ত, দালালৰ ভয়ত চৰকাৰৰ কাষৰ পৰা আঁতৰি আছিল৷ অনলাইন ব্যৱস্থা হোৱাৰ লগে লগে মাটিৰ সমস্যা নিষ্পত্তি, লার্নাৰ লাইচেঞ্চ বিচাৰি ৰাইজে নিজে চৰকাৰৰ কাষ চাপিবলৈ আৰম্ভ কৰিলে৷ সেয়েহে মুখ্যমন্ত্রী ড০ শর্মাই মুখ্য সচিবৰ পৰা আৰম্ভ কৰি চতুর্থবর্গৰ কর্মচাৰীলৈকে সকলোকে সেৱাৰ মানসিকতাৰে কাম কৰাৰ আহ্বান জনাই কয় যে তেতিয়াহে অসম দেশৰ ভিতৰতে সর্বোত্তম ৰাজ্য হ’ব৷ যিসকলে এতিয়াও মৰম কৰি ফাইল ৰাখি থৈছে, সেইসকলকো ফাইল এৰি দিয়াৰ আহ্বান জনাই তেওঁ কয় যে এই পাঁচ বছৰত সকলো ফাইল এৰা যাবই৷

আনহাতে, অসম সচিবালয়ত দৈনিক ২ হাজাৰ লোক অহাৰ কথা উল্লেখ কৰি ভাষণত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে মেছার্ছ কেপিএমজিএ অলপতে কৰা এক সমীক্ষাত সচিবালয়লৈ জনসাধাৰণ অহাৰ কাৰণসমূহ সুন্দৰভাৱে বিশ্লেষণ কৰিছে৷ বিশ্লেষণত এইটো প্রতীয়মাণ হৈছে যে সচিবালয়লৈ জনসাধাৰণ পুৰণি ফাইলৰ বিচাৰ–খোঁচাৰৰ বাবে আহে, যিসমূহৰ সিদ্ধান্ত বছৰ বছৰ ধৰি হোৱা নাই৷ শিক্ষা বিভাগত ২৭ শতাংশ লোক আহে৷ এওঁলোকৰ বেছিভাগেই প্রাদেশিকীকৰণৰ কাম, পদোন্নতিৰ কামত আহে৷ তদুপৰি বিভাগটোত বিভিন্ন শিক্ষক সংস্থাৰ লোকো আহে৷ লোকনির্মাণ বিভাগত ১৯ শতাংশ লোক আহে৷ এওঁলোকৰ প্রায়ভাগেই ঠিকাদাৰ৷ বিল সম্পর্কীয় কামৰ বাবে আহে৷ পেন্সন বিভাগত ৮ শতাংশ, জলসিঞ্চন বিভাগত ৫ শতাংশ, সমাজ কল্যাণ বিভাগত ৪ শতাংশ লোক আহে৷ সেইদৰে সচিবালয়লৈ বিভাগীয় প্রচিডিং–নিলম্বন প্রত্যাহাৰ, বদলি সংক্রান্তীয় কামত ২৯ শতাংশ চৰকাৰী চাকৰিয়াল আহে৷ ঠিকাদাৰ আহে ২৪ শতাংশ৷ শিক্ষক আহে ১২ শতাংশ৷ কোম্পানীৰ লোক আহে ৬.৫ শতাংশ৷ অৱসৰপ্রাপ্ত চাকৰিয়াল আহে ৬ শতাংশ৷ মাত্র ৭ শতাংশ লোকহে সাধাৰণ জনতা, যিয়ে চৰকাৰী পলিচীক লৈ আহে৷ ফাইলৰ নিষ্পত্তি নোহোৱা বাবে সচিবালয়ত এনেদৰে জনতাৰ ভিৰ হয়৷ ভাষণত মুখ্যমন্ত্রী ড০ শর্মাই বিভিন্ন কামৰ বাবে সচিবালয়ত হোৱা এনে ভিৰৰ পৰিপ্রেক্ষিতত ঠায়ে ঠায়ে দালালৰাজ গঢ়ি উঠাৰো উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে সেইসকল লোকে মুখ্যমন্ত্রী, মন্ত্রী, বিভাগীয় আয়ুক্ত সচিব, বিভাগৰ ডিলিং এছিছটেণ্ট আদিৰ নামতো ব্যাপক ধন সংগ্রহ কৰি আহিছে৷ সেয়েহে চৰকাৰে তেনে পৰিস্থিতিৰ অৱসান ঘটাবলৈ প’র্টেলযোগে ফাইল নিষ্পত্তিৰ ব্যৱস্থা কৰিছে৷

আজি শিল্পী দিৱস৷ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাক স্মৰণ

অসমৰ এগৰাকী প্ৰসিদ্ধ গীতিকাৰ, নাট্যকাৰ, লেখক তথা বোলছবি নিৰ্মাতা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ আজি ৭১ সংখ্যক মৃত্যু দিৱস ৷ এই উপলক্ষে ৰাজ্যজুৰি পালন কৰা হৈছে শিল্পী দিৱস ৷ শিল্পীগৰাকীক স্মৰণ কৰি ঠায়ে ঠায়ে শিল্পী দিৱস উপলক্ষে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে ৷  

অসম সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত খৈৰাবাৰীত “নেঘেৰী নাচনী” বৰ বিহুৱতী আৰু সৰু বিহুৱতীৰ প্ৰতিযোগিতা

অসম সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত আৰু ওদালগুৰি জিলা খৈৰাবাৰী চিনাকোনা সাৰেং নৱজ্যোতি যুৱ সংঘ তথা অঞ্চলবাসী ৰাইজৰ সহযোগত  খৈৰাবাৰী সাৰেং দক্ষিণ চিনাকোনা উচ্চ মাধ্যমিক বিদ্যালয়ত ভোগালী বিহু উপলক্ষে দিনযোৰা কাৰ্যসূচীৰে “নেঘেৰী নাচনী” সৰু বিহুৱতী আৰু বৰ বিহুৱতীৰ প্ৰতিযোগিতা সদৌ অসম ভিত্তিত অনুষ্ঠিত কৰে।পুৱা ৮ বজাত অসম সাংস্কৃতিক গোষ্ঠীৰ পতাকা উত্তোলণ আৰু ৮ঃ৩০ বজাত নৱজ্যোতি যুৱ সংঘৰ পতাকা উত্তোলণৰে আৰম্ভণি কৰা অনুষ্ঠানৰ কাৰ্যসূচী মৰ্মে, স্মৃতি তৰ্পন, বৃক্ষৰোপণ, চিত্ৰাংকণ প্ৰতিযোগিতা আৰু বিহুৱতী প্ৰ্তিযোগিতাকে লৈ দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠানটি অনুষ্ঠিত কৰে। আনহাতে বিহুৰ সাধক নিৰঞ্জন গোস্বামীয়ে মঞ্চ উদ্ধোধনী  কৰা বিহুৱতী প্ৰতিযোগিতাখন সঞ্চলনা কৰে ২০১৯ বৰ্ষৰ ডি ৱাই বিহুৰাণী  হিৰন্ময়ী কলিতা, বাপুজী কোঁ‌ৱৰ, আৰু মনোজ হালৈয়ে।

পেন্সন বিচাৰি চৰকাৰক কাতৰ অনুৰোধ লামডিঙৰ জেষ্ঠ আন্ত: ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ ফনি ভূষণ চক্ৰৱৰ্তীৰ

বছৰ পৰ বছৰ অসম বাসীৰ প্ৰতি মৰম আৰু দেশৰ প্ৰতি মৰম থকাৰ বাবে অসমৰ ৰেলৱে নগৰী লামডিং পৰা ফনি ভূষণ চক্ৰৱৰ্তী নামৰ এজন জেষ্ঠ স্টেনংন্থ লিফটিং আৰু বেঞ্চ প্ৰেচ, খেলুৱাৰৰ প্ৰতিভাৰ পৰিচয় ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ লগতে আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত জিলিকিছিল । আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত স্বৰ্ণপদকৰ লগতে চিলভাৰ আৰু ব্ৰোঞ্জ পদকৰ কৃতিত্ব অৰ্জন কৰি ভাৰতৰ লগতে অসম বাসীক গৌৰৱান্বিত কৰে।কিন্তু এতিয়া নিজৰ জীৱন অতিবাহিত কৰাৰ ক্ষেত্ৰত এইজন খেলুৱাৰ বহু কষ্টৰ সম্মুখীন হ’বলগীয়া হৈ আছে । যেহেতু তেওঁ নিজৰ প্ৰতিভাক পৰ্দশন কৰিবলৈ বহু পৰিমাণ ধনৰ প্ৰয়োজন হয় তাৰোপৰি তেওঁ বিভিন্ন মানুহৰ সহযোগীতাৰ ফলত স্বৰ্ণপদক আৰু বহু মূল্যৱান পদক কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল, কিন্তু সাংবাদিকৰ কেমেৰাৰ আগত কয় যে , আৰু কিমান দিন ভিক্ষা কৰি নিজৰ প্ৰতিভা দেখুওৱাব লাগিব , চৰকাৰ কাষত কাতৰ অনুৰোধ কৰে যে চৰকাৰ যাতে তেওঁক চৰকাৰী অনুদান আগবঢ়ায় অনাগত দিনবোৰত খেলৰ কাৰনে।এইজন খেলুৱাৰ চৰকাৰী কোনোধৰণৰ সা-সুবিধা পোৱা নাই পেঞ্চনৰ পৰাও বঞ্চিত থাকিবলগীয়া হয়।কিন্তু কিয় ? আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত কৃতিত্ব অৰ্জন কৰাৰ পিছতো চৰকাৰৰ অনুদানৰ পৰা বঞ্চিত থাকিবলগীয়া হ’ল এজন আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ৰ খেলুৱাৰ ফনি ভুচন চক্ৰৱৰ্তীক।

ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত ৰখা অসমৰ যুদ্ধ

কাৰ্বিয়াংলং আৰক্ষীয়ে আজি পুৱা খাটখাটিত ১.৬ কিলোগ্ৰাম হেৰোইন জব্দ কৰে। লগতে চুবুৰীয়া ৰাজ্যৰ পৰা দুজন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে।কাৰ্বিয়াংলং আৰক্ষীৰ এটা দলে এটা সূত্ৰ অনুসৰণ কৰি সেই অপৰাধীসকলক ধৰা পেলায় ।

কিংবদন্তী কথক নৃত্যশিল্পী বিৰজু মহাৰাজৰ পৰলোক প্ৰাপ্তি

কিংবদন্তী কথক নৃত্যশিল্পী বিৰজু মহাৰাজৰ ১৭ জানুৱাৰীৰ পুৱতি নিশা ইয়াত তেওঁৰ ঘৰত মৃত্যু হয়। তেওঁ অহা মাহত ৮৪ বছৰীয়া হ’লহেঁতেন।

মহাৰাজ-জী, যিহেতু তেওঁ জনপ্ৰিয় আছিল, তেওঁৰ পৰিয়াল আৰু শিষ্যৰ দ্বাৰা পৰিবেষ্টিত হৈ মৃত্যুবৰণ কৰিছে । ৰাগিণী মহাৰাজে কয় যে তেওঁলোকে ৰাতিৰ আহাৰৰ পিছত ‘অন্তক্ষৰী’ খেলি আছিল যেতিয়া তেওঁ হঠাতে অসুস্থ হৈ পৰিছিল ।

ভাৰতৰ অন্যতম জনাজাত আৰু আটাইতকৈ প্ৰিয় শিল্পী বিৰজু মহাৰাজ লক্ষ্ণৌৰ কালকা-বিন্দাদিন ঘৰানাৰ আছিল। তেওঁ পাঁচটা সন্তান, তিনিজনী কন্যা আৰু দুটা পুত্ৰ আৰু পাঁচগৰাকী নাতি-নাতিনীক এৰি থৈ গৈছে।

তেওঁ বৃক্কৰ ৰোগত ভুগি আছিল আৰু উচ্চ ডায়েবেটিচৰ বাবে যোৱা মাহধৰি চিকিৎসাধীন আছিল। তেওঁৰ নাতিনীয়ে কৈছিল, তেওঁ সম্ভৱতঃ হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰিছে ।