মহানগৰখনত বৰ্তমান বায়ু প্ৰদূষণৰ স্তৰৰ বাবে দিল্লীৰ সকলো বিদ্যালয় শুক্ৰবাৰৰ পৰা পৰৱৰ্তী নিৰ্দেশলৈকে বন্ধ থাকিব বুলি পৰিৱেশ মন্ত্ৰী গোপাল ৰায়ে বৃহস্পতিবাৰে জানিবলৈ দিয়ে । উচ্চতম ন্যায়ালয়ে বায়ুৰ মানদণ্ডৰ অৱনতিৰ মাজত শিশুসকলৰ বাবে শাৰীৰিক শ্ৰেণী পুনৰ আৰম্ভ কৰাৰ সিদ্ধান্তক লৈ অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন দিল্লী চৰকাৰৰ ওপৰত তীব্ৰ সমালোচনা কৰাৰ পিছত এইটো সিদ্ধান্ত লোৱা হৈছে। উচ্চতম ন্যায়ালয়ে বুধবাৰে সুধিছিল যে- ‘প্ৰাপ্তবয়স্কসকলৰ বাবে ঘৰৰ পৰা কাম কাৰ্যকৰী কৰা হ’লে শিশুসকলক কিয় বিদ্যালয়লৈ যাবলৈ বাধ্য কৰা হৈছে?’ শীৰ্ষ ন্যায়ালয়ে এইটোও দৃঢ়তাৰে কৈছিল যে চহৰখনে যোৱা কেইসপ্তাহমানত বায়ুৰ মানদণ্ডত কোনো গুৰুত্বপূৰ্ণ উন্নতি হোৱা নাই।
সন্দিকৈ ছোৱালী মহাবিদ্যালয়ত কৰ’ণাৰ আতংক
সাতদিনলৈ বন্ধ থাকিব সন্দিকৈ ছোৱালী মহাবিদ্যালয়। কেৱল বন্ধ কৰাই নহয়, মহাবিদ্যালয়খনক মাইক্ৰ’কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰা হৈছে , এই ঘোষণা মহানগৰ প্ৰশাসনৰ।৭ ডিচেম্বৰলৈ মহাবিদ্যালয়খন বন্ধ থাকিব সন্দিকৈ ছোৱালী মহাবিদ্যালয়।সন্দিকৈ ছোৱালী মহাবিদ্যালয়খনৰ কেইবাগৰাকীও অধ্যাপকৰ লগতে শিক্ষাৰ্থী কৰ’ণাত আক্ৰান্ত হোৱাৰ বাবে মহানগৰ প্ৰশাসনে মহাবিদ্যালয়খনক মাইক্ৰ’কণ্টেইমেণ্ট জ’ন হিচাপে ঘোষণা কৰে।
গোলাঘাটত চাওলুং চ্যুকাফাৰ স্থায়ী সমিতিৰ উদ্যোগত চ্যুকাফা দিৱস পালন
আজি চ্যুকাফা দিবস l সমগ্ৰ ৰাজ্যৰ লগতে গোলাঘাটতো আজি নগৰ খনৰ মাজমজিয়াত অৱস্থিত চ্যুকাফা ক্ষেত্ৰত চ্যুকাফা দিৱসট পালন কৰে । চাওলুং চ্যুকাফা দিৱসৰ স্থায়ী আয়োজক সমিতিৰ উদ্যোগত ,অনুষ্ঠিত হোৱা এই দিৱসটি পুৱা পতাকা উত্তোলন কৰি চ্যুকাফাৰ প্ৰতিমূৰ্তিত বন্তি জ্বলাই তথা মাল্যাৰ্পনে কৰে গোলাঘাট জিলা উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱাই । ইয়াৰপিছতে প্ৰতিমূৰ্তিৰ সমীপত চ্যুকাফাৰ স্মৃতিত পূজা-অৰ্চনা অনুষ্ঠিত কৰা হয়। ১২২৮ খৃষ্টাব্দৰ আজিৰ দিনটোতেই মধ্যযুগীয় বৰ অসমৰ প্ৰথমজন ৰজা চাওলুং চ্যুকাফাই পাটকাই পৰ্বত হৈ অসমত প্ৰৱেশ কৰিছিল।ইয়াৰপিছতে অসমত আহোম সাম্ৰাজ্য প্ৰতিষ্ঠা কৰি ১২৫৩ খৃষ্টাব্দত চৰাইদেউত অসমৰ প্ৰথমখন ৰাজধানী প্ৰতিষ্ঠা কৰে।প্ৰায় ৬০০ বছৰ শাসন কৰা আহোম ৰাজত্বই এই সুদীৰ্ঘ সময়ছোৱাত বিভিন্ন জাতি-উপজাতিক একত্ৰিত কৰি ৰখাত অভূতপূৰ্ব আগবঢ়াই গৈছে।বৰ অসম গঢ়াত অসম তথা বৃহৎ অসমীয়া জাতি গঢ়াত চ্যুকাফাৰ অৱদান সদায় স্মৰণীয় হৈ থাকিব।
পদুম কুঁৱৰী হাইস্কুলৰ শিক্ষক চৈয়দ খোৰচান আলীক বিদায় সম্বৰ্দ্ধনা
ৰঙিয়াৰ বনগাঁওস্থিত অন্যতম শিক্ষানুষ্ঠান পদুম কুঁৱৰী কলেজিয়েট হাইস্কুলৰ বিজ্ঞান শিক্ষক চৈয়দ খোৰচান আলীক তেখেতৰ শিক্ষকতা জীৱনৰ অন্তিম ক্ষণত বিদ্যালয় খনৰ পৰিয়ালবৰ্গই মঙ্গলবাৰে এখন সভা অনুষ্ঠিত কৰি এখন মানপত্ৰ,গামোচা,জাপি আৰু শৰাই আগবঢ়াই বিদায় সম্বৰ্দ্ধনা জনাই। উল্লেখ্যযে ৰঙিয়া কাছাৰী শৌলমাৰীত জন্মগ্ৰহণ কৰা খোৰচান আলী সৰুৰে পৰাই অতি মেধাসম্পন্ন আছিল যাৰ প্ৰমাণ তেওঁ নিজৰ দ্বায়িত্ব আৰু কৰ্তব্য পালনেৰে দাঙি ধৰিছিল। ১৯৬১চনৰ ১নৱেম্বৰত জন্মগ্ৰহণ কৰা আলী প্ৰাথমিক বিদ্যালয়ৰ বৃত্তি পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ ওপৰিও পৰ্যায়ক্ৰমে নলবাৰী কলেজৰ পৰা ১৯৮১চনত বিজ্ঞানৰ স্নাতক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ বিজুলী নগৰ হাইস্কুলত শিক্ষকতা জীৱনৰ পাতনি মেলে।শিক্ষকতা জীৱনৰ উপৰিও বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত আলীয়ে কেবা বছৰ পৰীক্ষা পৰিষদৰ সহ:সম্পাদক হিচাবে দায়িত্ব পালন কৰাৰ ওপৰিও একেৰাহে দুটাকৈ কাৰ্য্যকালৰ বাবে মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰীসন্থাৰ যুটীয়া সম্পাদকৰ দৰে গুৰু দ্বায়িত্বও পালন কৰিছিল। বিদ্যালয়খনৰ প্ৰতিগৰাকী শিক্ষক কৰ্মচাৰী চৈয়দ খোৰচান আলীৰ বিদায় মুহুৰ্তত আৱেগিক হৈ পৰা দেখা যায়।
নগাঁৱত জাল নোট সহ এজন গ্ৰেপ্তাৰ
নগাঁও চহৰৰ পাৰ্শ্বৱৰ্তী মধুপুৰত আজি সন্ধিয়া আৰক্ষীয়ে অভিযান চলাই এটা ভাড়াঘৰৰ পৰা জাল নোট সহ এজন লোকক গ্ৰেপ্তাৰ কৰে । আৰক্ষীয়ে পাঁচশ টকীয়া জাল নোটৰ লগতে জাল নোট বনোৱা মেচিন, কাগজকে ধৰি কেতবোৰ সামগ্ৰীও জব্দ কৰে । জাল নোট ব্যৱসায়ৰে জড়িত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা লোকজন হৈছে ফাৰুক হুছেইন (৪৫)। ধৃত লোকজনৰ ঘৰ জাগীৰোড থানাৰ অন্তৰ্গত আলিচিঙাত।ফাৰুকে মধুপুৰৰ চাইজুল আৰু আব্দুল কালাম নামৰ লোক দুজনৰ ঘৰ ভাড়াত লৈ জাল নোট প্ৰস্ত্তত কৰি মানুহক প্ৰৱঞ্চনা কৰি আহিছিল । আনহাতে ভাড়াঘৰৰ দুই গৰাকী সম্প্ৰতি পলাতক অৱস্থাত থকা বুলি আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা গৈছে । এই জালনোটৰ চক্ৰটোৱে কৌশেলেৰে মানুহক প্ৰৱঞ্চনা কৰি অহা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে । আনহাতে নগাঁও জিলাত সক্ৰিয় হৈ থকা জালনোটৰ চক্ৰটোৱে ক্ষুদ্ৰ ক্ষুদ্ৰ গোট তৈয়াৰ কৰি তেজপুৰ আৰু লখিমপুৰ জিলাত জালনোটৰ ব্যৱসায় চলাই অহা বুলি আৰক্ষী সূত্ৰে জানিব পৰা গৈছে ।
শ্ৰীমন্ত শংকৰ মাধৱ কনিষ্ঠ মহাবিদ্যালয়ৰ নৱাগত আদৰণি সভা সম্পন্ন
বৰপেটা জিলা বিদ্যালয় সমূহৰ পৰিদৰ্শক বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত ভাতকুছিস্থিত শ্ৰীমন্ত শংকৰ-মাধৱ কনিষ্ঠ মহাবিদ্যালয়ৰ নৱাগত আদৰণি সভা আৰু শৈক্ষিক পৰিৱেশ সম্পৰ্কীয় সভাখন আজি পূৱা ১০ বজাত অতি অনুষ্টুপীয়াকৈ অনুষ্ঠিত হৈ যায়। উক্ত শিক্ষানুষ্ঠান খনৰ অধ্যক্ষ ছাদেক আলী আহমেদৰ পৌৰোহিত্যত অনুষ্ঠিত নৱাগত আদৰণি সভা খনৰ উদ্দেশ্য ব্যাখ্যা কৰে অৰ্থনীতি বিভাগৰ প্ৰৱক্তা শিৰাজুল হকে। বিদ্যালয় খনৰ শিক্ষা বিভাগৰ মুৰব্বী প্ৰৱক্তা ৰুমী দাসে ছাত্ৰ-ছাত্ৰীক জীৱনৰ লক্ষ্য, উদ্দেশ্যত উপনীত হ’বলৈ কঠোৰ পৰিশ্ৰমৰ বিকল্প নাই বুলি উপদেশ মূলক বক্তব্য আগবঢ়ায়। একেদৰে ইতিহাস বিভাগৰ মুৰব্বী প্ৰবক্তা সামেজ উদ্দিন আহমেদ, ইংৰাজী বিভাগৰ মুৰব্বী প্ৰবক্তা আব্দুল হক আদিয়ে ছাত্ৰ-ছাত্ৰীক আত্মসংযম ৰক্ষা কৰি নিজৰ কৰ্তব্য পালন কৰি সমাজত এজন সুপ্ৰতিষ্ঠিত ব্যাক্তি হিচাপে নিজকে গঢ়াৰ বাবে কৰণীয় বিভিন্ন দিশৰ ওপৰত আলোকপাত কৰি মূল্যবান ভাষণ আগবঢ়ায়। অনুষ্ঠানটিত উপস্থিত থকা ছাত্ৰ-ছাত্ৰী সকলে গীত- মাত,কবিতা আবৃত্তিৰে অনুষ্ঠানটি জীপাল কৰি তোলে। অনুষ্ঠানৰ শেষত প্ৰীতি চাহমেলৰ আয়োজন কৰা হয় বুলি জানিব পৰা গৈছে।
ৰাঙৰ সৰ্বশ্ৰেষ্ঠ কভিড যোদ্ধা-সৈনিক স্বাস্থ্য কৰ্মী নীতা দেৱী কভিডত আক্ৰান্ত
সমগ্ৰ ৰাজ্যতেই দ্বিতীয় পৰ্যায়ৰ কৰোনা মহামাৰী ওদালগুৰি জিলাতো দিনক দিনে ক’ৰণাত আক্ৰান্তৰ সংখ্যা ক্ৰমান্বয়ে কমি অহাত জিলাখনত আতংক, শংকাৰ পৰিস্থিতি সৃষ্টি হৈ আহিছে ৷ ওদালগুৰি জিলাৰ ওৰাং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত কভিডৰ দ্বিতীয় পৰ্য্যায়ত ৩০নবেম্বৰলৈ ৰেপিড এন্টিজেন টেষ্ট ৭২৩৮১পৰীক্ষা কৰাৰ অন্ততঃ ১৫০৫ গৰাকীক ইতিমধ্যে কভিড পজিটিভ হিচাপে চিনাক্ত কৰা হৈছে ৷যোৱা নবেম্বৰ মাহতে ২০ গৰাকী কভিভ ৰোগী চিনাক্ত কৰা হৈছে ৷আনহাতে ওৰাং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনস্থ ওৰাং,মাজবাট,ৰৌতা,পাউৰীপোটা,গেৰুৱা বজাৰ,ধনশ্ৰীঘাট আদি কেন্দ্ৰ আৰু চিকিৎসালয় সমুহৰ অন্তৰ্গত ভেকচিনেশ্যন কেন্দ্ৰবোৰত ৩০ নবেম্বৰলৈ ২০৩১৯৪ হিতাধিকাৰীক ভেকচিন প্ৰদান কৰা হয় ৷ইয়াৰে ভিতৰত প্ৰথম পালি ১৪৬৮৯৬ আৰু দ্বিতীয় পালি ৫৬২৯৮হিতাধিকাৰীক ভেকচিন ইতিমধ্যে প্ৰদান কৰা হৈছে বুলি স্বাস্থ্য বিভাগৰ পৰা জনাইছে ৷ ওৰাং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ৩০ নবেম্বৰলৈ মুঠ ২০৩১৯৪ হিতাধিকাৰীক কভিড ভেকচিন দিয়া কাৰ্য সুচাৰুৰূপে সম্পন্ন হৈছে । প্ৰথম অৱস্থাত ভেকচিন দিবলৈ ৰাইজৰ ঘৰে ঘৰে অনুৰোধ কৰিব লগীয়াৰ দৰে ভয়াবহ পৰিস্হিতিৰ উদ্ভৱ হৈছিল যদিও ক্ৰমান্বয়ে এই সংখ্যা দিনক দিনে ব্যাপক হাৰত বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে । স্বাস্থ্য বিভাগৰ কৰ্মীসকলৰ পৰা জানিব পৰা মতে আগৰ তুলনাত কেইবাদিন ধৰি বহু লোক ভেকচিন লবলৈ ওলাই অহাত দৈনিক নিৰ্ধাৰণ কৰা প্ৰত্যেক ভেকচিন চেণ্টাৰৰ টাৰ্গেট সম্পূৰ্ণ হোৱাৰ উপৰিও উভতি যাব বিচৰা লোক সকলকো মাতি ভেকচিন প্ৰদান কৰি অহা অহা হৈছে ভেকচিন লবলৈ ওলাই অহা ৰাইজক ক’ভিড ১৯ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি সকলো ৰাইজকে সজাগ আৰু সচেতন হৈ মাস্ক ব্যৱহাৰ কৰাৰ লগতে সামাজিক দূৰত্ব বজাই ৰাখি কভিডৰ নীতি নিৰ্দেশনা মানি চলিবলৈ স্বাস্হ্য বিভাগৰ লগতে বিভিন্ন দল সংগঠনে আহ্বান জনায় অহাৰ লগতে ওৰাং,মাজবাট,ৰৌতা আদি অঞ্চলৰ সচেতন নাগৰিক সমিতি আদি সংগঠন আদিয়েও আহ্বান জনাইছে ৷যদিও এতিয়া ৯৯ শতাংশহে মাস্ক পৰিধান নকৰি ,কভিড প্ৰ’টকল দলিয়াই মুকলিভাৱেই ঘুৰি ফুৰাটো দেখিবলৈ পোৱা গৈছে ৷আনহাতে সমগ্ৰ ওৰাং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত অঞ্চল সমুহত যোৱা নবেম্বৰ মাহতে ২০ গৰাকীক ইতিমধ্যে কভিড চিনাক্ত কৰা হৈছে ৷ চৰকাৰে বান্ধি দিয়া নিয়ম অনুযায়ী ভেকচিন নললে প্ৰবেশ কৰিবলৈ নিদিয়া,চৰকাৰী সা সুবিধা আদিৰ পৰা বঞ্চিত আদি কৰা কথা প্ৰচাৰ হোৱাৰ বাবেই দিনক দিনে সমগ্ৰ ওৰাং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত কভিড ভেকচিন লোৱাৰ সংখ্যা তীব্ৰ গতিত বৃদ্ধি পাবলৈ ধৰা পৰিলক্ষিত হৈছে । ওৰাং চিকিৎসালয়ৰ সেৱক সেবিকা সকলৰ তাৎপৰাতত অইন জিলাৰ সমান্তৰকৈ বৃহৎ ওৰাং খণ্ড প্ৰাথমিক চিকিৎসালয়ৰ অধীনস্থ একেকাক সাঙুৰি সফলতাৰে জনগণৰ মাজত সজাগ আৰু সচেতনতা বৃদ্ধি কৰি ভেকচিন প্ৰদান কৰাত ওৰাং স্বাস্থ্য কেন্দ্ৰৰ সমূহ কৰ্মচাৰীক মাজবাটৰ যুৱ নেতা কিশোৰ শৰ্মাই ধন্যবাদ দিয়াৰ লগতে তেওঁলোকৰ কৰ্ম স্পৃহাক সন্মান জনাইছে ।ওদালগুৰি জিলাৰ ওৰাং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনস্থ ওৰাং,মাজবাটত আদি অঞ্চল,এলেকা সমুহত সৰ্বাধিক কভিড ভেকচিন প্ৰদান কৰি এক বিশেষ নজিৰ বিহীন সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল ৷নীতা দেৱীয়ে আৰু কভিড টেষ্ট কৰা নিষ্ঠাবান,সৰ্বশ্ৰেষ্ঠ কভিড যোদ্ধা হিচাপে পৰিচিত হৈ পৰিছিল ৷অবশেষত ৩০নবেম্বৰ ২০২১ ত কভিড পজিটিভত আক্ৰান্ত হবলগীয়া হ’ল ৷ইতিমধ্যে ওৰাং সাংবাদিক সংস্থাৰ পৰা নীতা দেৱীৰ আশু আৰোগ্য কামনা কৰিছে ৷ওৰাং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ মহকুমা স্বাস্থ্য আৰু চিকিৎসা বিষয়া আৰু বিপিএম পংকজ কুমাৰ সভাপণ্ডিতৰ উদ্যোগত পৰিচালনা হোৱা কভিড ভেকচিন আৰু কভিড পৰীক্ষা আদিবোৰ সুচাৰুৰূপে পৰিচালনা কৰা কাৰ্যক ওৰাং সাংবাদিক সংস্থা,ওদালগুৰি জিলা সচেতন নাগৰিক সমিতি আদিয়ে প্ৰশংসা কৰি শলাগ লৈ প্ৰতিগৰাকী কভিড যোদ্ধা,সৈনিক স্বাস্থ্য কৰ্মী সকলক আন্তৰিক অভিনন্দন জনাইছে ৷
ওৰাঙৰ চমুৱাগাওঁতো কুড়মালি সাহিত্য সভাৰ ২০ তম্ প্ৰতিষ্ঠা দিৱস উদযাপন
১ডিচেম্বৰত কুড়মালি সাহিত্য সভা অসম কেন্দ্ৰীয় সমিতিৰ ২০ তম্ প্ৰতিষ্ঠা দিৱস অসমৰ বিভিন্ন জিলাত দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয়। অসমৰ আদিবাসী চাহ শ্ৰমিকৰ বৃহৎ সংখ্যক লোকৰ মাজত প্ৰচলিত কুড়মালি ভাষাৰ বিকাশৰ লগতে কুড়মালি ভাষা , সাহিত্য আৰু সংস্কৃতি সুৰক্ষিত কৰিবলৈ ২০০১ চনৰ আজিৰ দিনটোতে গঠন হৈছিল কুড়মালি সাহিত্য সভাখন। এই সাহিত্য সভাই ভাষাটোৰ লোক উৎসৱত পৰিবেশিত লোকগীত, লোকনৃত্য আদি বিভিন্ন অনুষ্ঠান সময়ে সময়ে উদযাপিত কৰি আহিছে। কুড়মালি সাহিত্য সভাৰ ১১ খন জিলা সভাই অসমৰ বিভিন্ন ঠাইত দিনজোৰা কাৰ্যসূচীৰে কুড়মালি সাহিত্য সভাৰ ২০ তম্ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস উদযাপন কৰে। সভাত কুড়মালি সাহিত্য সভাৰ কেন্দ্ৰীয় উপদেষ্টা স্বৰ্গীয় ৰাইমোহন কুড়মি, স্বৰ্গীয় সৰুনাথ কুড়মি, স্বৰ্গীয় সুকদেৱ কুড়মি , প্ৰতিষ্ঠাপক সভাপতি স্বৰ্গীয় হৰিপ্ৰসাদ কুড়মি দেৱক স্মৰণ কৰা হয় বুলি কুড়মালি সাহিত্য সভাৰ প্ৰধান সম্পাদক সুৰেশ কুড়মিয়ে জনায়। লগতে তেওঁ কয় কুড়মালি সাহিত্য সভাৰ তিনিচুকীয়া জিলা সভাই লোণপুৰীয়া গাঁৱত,ডিব্ৰুগড় জিলা সভাই চাবুৱা কাঞ্জিখোৱা গাঁৱত, চৰাইদেউ জিলা সভাই উত্তৰ চোমদাৰ গাঁৱত, শিৱসাগৰ জিলা সভাই শিংগিবিল গাঁৱত, যোৰহাট জিলা সভাই চটাই অংগবাড়ী কেন্দ্ৰ প্ৰাঙ্গনত, গোলাঘাট জিলা সভাই খুমটাই চাহ বাগিচাত, পূৱ কাৰ্বি আংলং জিলা সভাই শিলনীজান গাঁৱত, নগাঁও জিলা সভাই চিমনাবস্তি গাঁৱত, শোণিতপুৰ জিলা সভাই বাহুমাৰী প্ৰেক্ষাগৃহত, বিশ্বনাথ জিলা সভাই দিৰিংপথাৰ গাঁৱত আৰু ওদালগুৰি জিলা সভাই ওৰাঙৰ চমুৱা গাঁৱত কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয় বুলি সংগঠটোৰ বিষয়ববীয়া সুৰেশ কুড়মিয়ে এক প্ৰেছ বিবৃতি যোগে জনাইছে ৷
নতুন অসমীয়া চুটি ছবি “অভিশাপ” ৰ শুভমুক্তি
বৰ্তমান সমাজত ধৰ্ষণ যেন এক নিয়মিত ঘটনাত পৰিণত হৈছে।মানুহ যিমানে শিক্ষিত হৈছে,আধুনিক হৈছে তাৰ বিপৰীতে হত্যা,হিংসা,ধৰ্ষণ ইত্যাদিৰ দৰে ঘটনাও সমাজত বাঢ়িবলৈ ধৰিছে। ভাৰতবৰ্ষত ধৰ্ষণৰ ওপৰত বহুতো আইন প্ৰণয়ন হৈছে যদিও এনে ঘটনা ৰোধ হোৱা নাই। দিনক দিনে বাঢ়িবলৈহে ধৰিছে।ধৰ্ষণে নাৰী এজনীৰ জীৱনলৈ কেনেদৰে অমানিশা নমাই আনিব পাৰে আৰু মৃত্যুৰ মুখলৈ ঠেলি দিব পাৰে।তাৰ ওপৰত ভিত্তি কৰি ধৰ্ষণৰ বিৰুদ্ধে নিৰ্মিত হৈছে চুটি ছবি “অভিশাপ”।ছবিখনত ধৰ্ষিতা নাৰী এজনীৰ বেদনাসিক্ত জীৱনগাথা,সপোনবোৰ কেনেদৰে নিমিষতে তচনচ হৈ যায় আৰু সমাজত কি প্ৰভাৱ পৰে তাক সুন্দৰভাৱে প্ৰতিফলিত কৰিছে।”অভিশাপ ” চুটি ছবিখনৰ পৰিচালনা কৰিছে যুৱ পৰিচালক আব্দুল লতিফে।কাহিনী তফিজুৰ ৰহমানৰ।প্ৰচাৰ বিভাগৰ দায়িত্বত আছে যুৱ লেখক মোহাইমিনুৰ ৰহমান।দৃশ্ৰগ্ৰহণ দেবাংগ আৰু ৰাজীৱ শৰ্মাৰ।উক্ত ছবিখনত অভিনয় কৰিছে ক্ৰমে আয়েছা ৰুবুল,চফিকুল,তফিজুৰ,মিতু,অংকুৰ,মিন্টুল,ৰেকিবুল,ইব্ৰাহীম,ছানি,ৰাহুল,চুমিত,জিন্টু,আশিক,ধুনু,মীনাক্ষী,ফুলমতী ইত্যাদিয়ে। অভিনয়ৰ কোনো প্ৰশিক্ষণ নথকা গাওঁৰ যুৱক -যুৱতীসকলে চুটি ছবিখনত যিখিনি নিখুঁত অভিনয় কৰিছে সচাঁকৈ শলাগিবলগীয়া।যোৱা ৩০ নৱেম্বৰ তাৰিখে Evil Wizard ইউটিউব চেনেলটোত চুটি ছবিখনে মুক্তি লাভ কৰিছে। সকলোৱে ছবিখন উপভোগ কৰক আৰু অনাগত দিনত Evil Wizard পৰিয়ালবৰ্গক আৰু ভাল ভাল চুটি ছবি নিৰ্মাণ কৰিবলৈ উৎসাহিত কৰি তোলক।
মৰিগাঁৱৰ ভূৰবন্ধাত অনুষ্ঠিত BJP জিলা প্ৰশিক্ষণ শিবিৰত মন্ত্ৰী পিয়ুষ হাজৰিকা
বুধবাৰে মৰিগাঁও জিলা ভাৰতীয় জনতা পাৰ্টি জিলা কাৰ্য্যনিৰ্বাহক সভাত উপষ্ঠিত হয় মন্ত্ৰী পিয়ুষ হাজৰিকা ।প্ৰশিক্ষণ শিবিৰ সমাপ্ত কৰি পৰবৰ্ত্তী সময়ত সাংবাদিকৰে হোৱা এক সাক্ষাত্কাৰত মন্ত্ৰী পিয়ুষ হাজৰিকা যোৰহাটত হোৱা ঘটনাক লৈ কয় যে দোষীয়ে দোষ কৰি পলাবলৈ চেষ্টা কৰিলে শাস্তি পাবই । অনিমেষ ভূঞাৰ হত্যাকাণ্ডৰ মুল অভিযুক্ত মৃত্যুত মন্ত্ৰী পীয়ূষ হাজৰিকাৰ এই প্ৰতিক্ৰিয়া ।











