Home Blog Page 2691

অপতৃণ লতাৰে জৰাজীৰ্ণ ঐতিহাসিক নাজিৰা নগৰ শ্মশান

নাজিৰা  নগৰৰ দিখৌ নৈৰ বালিঘাট দলঙৰ সমীপত অৱস্থিত নাজিৰা নগৰৰ ঐতিহাসিক শ্মশান খনৰ সাম্প্ৰতিক দুৰাৱস্থাই মৃতকৰ আত্মীয় সকলক সদায়ে দুৰ্ভোগ ভোগাই আহিছে । এই দুৰ্ভোগৰ গুৰিতে হ’ল শ্মশান খনিৰ প্ৰতি গা-কৰি উঠা সামাজিক দায়ৱদ্ধতাৰ অভাৱ । অসম তথা বিশ্ব ইতিহাসৰ বহু সোণালী ব্যক্তিত্বক জীৱনৰ শেহ বেলাত নাজিৰাতে সমাধিস্থ কৰি যোৱাৰ উদাহৰণ নাজিৰাতো বিদ্যমান । সেই সমূহ ব্যক্তিত্বৰ জীৱনৰ পৰৱৰ্ত্তী আশ্ৰয় স্থল নাজিৰা বুলি বাস্তৱতে সত্য হ’লেও আজিৰ প্ৰজন্মৰ নাজিৰাই গৰিমা জীয়াই ৰাখিব পৰা নাই । আনহাতে আত্মীয়ৰ মৃতদেহ কান্ধত লৈ নাজিৰা নগৰ শ্মশানত উপস্থিত হোৱা লোক সকলে অৱহেলিত হৈ ৰোৱা খোদ নগৰীয় শ্মশান খনৰ উন্নয়নৰ হকে বহু পৰিকল্পনাৰে চৰ্চ্চা ৰাখিলেও পৰৱৰ্ত্তী সময়ত সকলো নিৰৱ হৈ পৰে । বহু সময়ত কোনো কোনো বদান্য লোকে পানীৰ মটৰ, পকী আসন আদি  নিৰ্মাণ কৰি দিলেও তত্বাৱধানৰ অভাৱত এই সকলোৱেই অব্যৱস্থাত পৰিণত হৈছে । ঘাইকৈ এক স্থায়ী বিদ্যুৎ সংযোগ ব্যৱস্থা নোহোৱাৰ বাবে নিশা চৌহদ অন্ধকাৰময় হোৱাৰ পৰিস্থিতি হয় । ১৯৭০ চনৰপৰা শ্মশান খনৰ সৈতে জড়িত থাকি আজিও ৰাইজৰ এই মৌলিক সম্পদটিৰ বিকাশৰ বাবে ঘৰ সংসাৰ এৰি তত্ত্বাৱধায়ক ৰূপে আত্ম নিয়োগ কৰি অহা ৬৬ বছৰীয়া গোপাল বিশ্বকৰ্মাই পৌৰ প্ৰশাসন আৰু ৰাইজ লগ লাগি পৱিত্ৰ শ্মশান খনি কৰ্তৃপক্ষই আধুনিক ৰূপত গঢ়ি তুলিব লাগে বুলি মত প্ৰকাশ কৰি আহিছে । আনহাতে পূৰ্বে শ্মশানখনি পৰিচালনাৰ হেতু একোখনিকৈ পৰিচালনা সমিতি থাকিলেও শেহতীয়াকৈ পৰিচালনা সমিতি শূণ্য হৈ পৰিছে । শ্মশানৰ উন্নয়নৰ বিষয়ে নাজিৰা মহকুমা প্ৰশাসনে পূৰ্বৰ আৰু বৰ্ত্তমানৰ দুয়োজন মহকুমাধিপতিয়েই নজৰত ল’লেও এখনি পৰিচালনা সমিতি নথকাৰ ঘটনাই শ্মশান খনত কোনো উন্নয়নৰ লেখ সংযোগ ঘটা নাই । আত্মীয়ৰ অন্তিম সৎকাৰ কৰিবলৈ আহি নাজিৰা নগৰ শ্মশানত উপস্থিত হোৱা দূৰণিৰ লোকে ইতিহাস প্ৰসিদ্ধ তথা চাহ আৰু অ’ এন জি চিৰ সামাজিক বিকাশে স্পৰ্শ কৰি থকা তথা অ’এন জি চিৰ সদৰ কাৰ্য্যালয়ৰ কাষতে থকা নগৰ শ্মশান খনৰ উৱলি যোৱা অৱস্থা দেখি সিয়ৰি উঠে । নাই কোনো  গেছ সংযোগ,  বিদ্যুৎ সংযোগ বা প্ৰয়োজনীয় পানীৰ  প্ৰৱাহ ।   পৰিস্থিতি দেখি গুৱাহাটীৰ এজন বদান্য ব্যক্তিয়ে লক্ষ্যাধিক টকাৰে শ্মশানৰ জিৰণি গৃহটিৰ নিৰ্মাণ কৰে । সেয়াও বৰ্ত্তমান অনাদৃত আৰু অৱহেলিত । পৌৰসভাৰ তৰফৰপৰা নিৰ্মাণ কৰা এটি স্নানাগাৰ নামত  নিৰ্মাণ হৈ উঠিল যদিও নাই পানী যোগান, নাই বিজুলি বাতি । সেয়াও এক অচল ব্যৱস্থাৰ সাক্ষী হৈ ৰ’ল । আনহাতে বাহনি বাৰীৰ মাজেৰে যোৱা এটি বিদ্যুৎ যোগানৰ লাইনৰ পৰা যি সংযোগে ক্ষীণ পোহৰ দি হ’লেও গধূলিৰ পৰা এটা লাইট জ্বলি ৰৈছিল সেয়াও যোৱা প্ৰায় সপ্তাহকাল ধৰি বিকল । ৰাইজৰ সম্পদ সুৰক্ষা দি দিনে – নিশাই শ্মশান চৌহদত কাল কটোৱা গোপাল বিশ্বকৰ্মাই   এই প্ৰতিবেদকক কয় যে ” টু চাৰ্ভ টু মেন ইজ চাৰ্ভিচ টু গড” । দেশৰ এজন মহান মনিষীৰ বক্তব্যই দি যোৱা সাহসেৰে তেওঁ শ্মশানৰ ৰখীয়া হৈ ৰৈছে । ইয়াৰ বাবে তেওঁ কোনো বেতন বা প্ৰতিদান লোৱা  নাই । তেওঁ কৰযোৰে নাজিৰা বাসীক মৃতকৰ শেহ স্থান ডোখৰ  পৱিত্ৰ পাৰ্কৰ দৰে ৰূপত গঢ়ি তুলি নাজিৰাৰ  প্ৰতিজন মৃতকৰ গৌৰৱক জীয়াই ৰাখিবলৈ আহ্বান জনাইছে । জিলা চৰাইদেউৰ নাজিৰাৰ গাতে লগা ঐতিহাসিক মৈদাম স্থলী আহোম যুগৰ মৃতকলৈ শ্ৰদ্ধা জনোৱা প্ৰথা আৰু গৌৰৱক সোঁৱৰাই থাকে । নাজিৰাৰ অ’এন জি চি চৌহদত দিখৌ নৈৰ পাৰৰ “বৃটিছ গ্ৰেভ য়াৰ্ড” বৰেণ্য ইতিহাসবিদ ” A Grammar of Assamese Language” (১৮৩৯) ৰ প্ৰণেতা উইলিয়াম ৰবীনচন সহ ৬২ জনৰ সমাধি হিচাপে প্ৰতিষ্ঠা কৰি গৈছে । আজিৰ কৰ্তৃপক্ষ সমূহৰ অমনোযোগিতাতহে এনে এখন “গ্ৰেভ য়াৰ্ড” পৰ্য্যটনী মানলৈ উন্নীত হোৱা নাই । সি যিকি নহওঁক অতীতৰ গৌৰৱ গাথাই পৱিত্ৰ শ্মশান থলী অথবা সমাধি থলীক প্ৰদৰ্শন কৰা মৰ্য্য্যদাৰ দৰে ৰাজহুৱা নগৰ শ্মশান খনক এক আধুনিক শ্মশানলৈ উন্নীত কৰিব নোৱাৰি নে ? 

মৰিগাঁও উপায়ুক্ত কাৰ্যালয়ত আত্মসহায়ক গোটৰ ঝৃণ মেলা

মৰিগাঁও জিলাৰ পবিতৰা হাট পেক্ষাগৃহত  কালি অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান মৰিগাঁও কাৰ্যালয়ৰ দ্বাৰা আত্মসহায়ক গোটক ঋণ প্ৰদান মেলা অনুস্থিত হয় | ৩১৮ টা আত্মসহায়ক গোটলৈ ৯ কোটি ২২ লাখ টকা  প্ৰদান কৰাৰ লগতে ৫ গৰাকী বেংক সখীক প্ৰশংসা পত্ৰ প্ৰদান কৰা হয় | অনুষ্ঠানৰ বন্তি প্ৰজ্বলন কৰে জিলা উপায়ুক্ত প্ৰকাশ ৰঞ্জন ঘৰফলীয়াই | ভাষণ প্ৰসংগত উপায়ুক্ত গৰাকীয়ে কয় যে আত্মসহায়ক গোটৰ সদস্যা সকলে ঋণ লোৱাৰ আগতে যিটো লাভজনক ব্যৱসায় বা কৰ্ম সেইটো নিৰ্বাচিত কৰি লব লাগে | সভাত জিলা পৰিষদৰ সভানেত্ৰী ইছমে আৰা বেগম, মূখ্য কাৰ্যবাহী বিষয়া ক্ষিতিশ পেগু, RSETI ৰ সঞ্চালক কনক বৰ্মন, DPM মুছাৰফ হুছেইন চৌধুৰী, বিভিন্ন বেংকৰ বিষয়া, অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান মৰিগাঁৱৰ বিষয়া আৰু কৰ্মচাৰী আৰু আত্মসহায়ক গোটৰ সদস্যা সকল উপস্থিত থাকে | 

এজুৰ পাৱাৰ কোম্পানীৰ উদ্যোগত নগাঁওত বিনামূলীয়া চিকিৎস্যা শিবিৰ আৰু ঔষধ বিতৰণ কাৰ্য্যসূচী ৰূপায়ণ।

 সমাজ আৰু সামাজিক দায়িত্ববোধৰ ওপৰত কৰা কাম কাজৰ জৰিয়তে জনসমৰ্থন লাভ কৰা সংস্থা এজুৰ পাৱাৰ কোম্পানীয়ে এই বাৰ স্বাস্থ্য পৰীক্ষা শিৱিৰৰ যোগেদি জনগণৰ সেৱা আগবঢ়াইছে। জানিব পৰা মতে ; এজুৰ পাৱাৰ কোম্পানীয়ে সমগ্ৰ ভাৰততে সৌৰ প্ৰকল্প স্থাপন কৰিছে আৰু সৌৰ শক্তিৰ পৰা বিদ্যুৎ উৎপাদনৰ ক্ষেত্ৰত আগশাৰীৰ কোম্পানী হিচাপে পৰিচিত হৈছে। কোম্পানীটোৱে দেশৰ ভিন্ন প্ৰান্তত ভিন্ন ভিন্ন সামাজিক কামৰ দ্বাৰা জন সেৱা কৰি আহিছে। ইয়াৰ উপৰিও অলপতে কোম্পানীটোৱে অসমৰ নগাঁও জিলাৰ মিকিৰ বামুনী গাঁৱত এটা সাধাৰণ চিকিৎসা ও স্বাস্থ্য শিবিৰৰ আয়োজন কৰিছিল। এই কাৰ্য্যসূচীৰ বিশেষ উদ্দেশ্য আছিল মিকিৰ বামুনী গাওঁ আৰু ওচৰৰ গাওঁ সমূহৰ লোক সকলৰ স্বাস্থ্য পৰীক্ষাৰ জৰিয়তে কল্যাণ সাধন কৰা। এই কথা আজি সাংবাদিকৰ জৰিয়তে প্ৰকাশ কৰে কোম্পানীৰ অসম ৰাজ্যিক সমন্বয়ক অখিলেশ সিঙে।অখিলেশ সিঙে জনোৱা মতে ; চিকিৎসা শিবিৰত সকলো বয়সৰ শিশু ; যুৱ ; বৃদ্ধ লোকক সামৰি মুঠ 79 জন লোকক বিনামূলীয়াকৈ সাধাৰণ স্বাস্থ্য পৰীক্ষা আৰু ঔষধ প্ৰদান কৰা হয়। এই চিকিৎসা শিবিৰত দুজন চিকিৎস্যক (এম.বি.বি.এছ.) কেৱাজনো জি.এন.এম. আৰু ঔষধ বিতৰণৰ বাবে স্বাস্থ্য বিভাগৰ কৰ্মচাৰীয়ে সহযোগ আগবঢ়াই।শিবিৰত ৰক্তচাপ পৰীক্ষা কৰোৱা হৈছে আৰু পৰ্য্যাপ্ত পৰিমানে সকলোকে সাধাৰণ আৰু ৰোগ অনুসৰি ঔষধ বিতৰণ কৰা হৈছে। ইফালে শিবিৰত অংশগ্ৰহণ কৰা ৰোগী আৰু গাওঁবাসীৰ সহযোগত শিবিৰটো সফলতাৰে সমাপ্ত কৰা হৈছে। ইফালে এজুৰ পাৱাৰ কোম্পানীয়ে আয়োজন কৰা স্বাস্থ্য পৰীক্ষা শিবিৰটোত গাওঁবাসীয়ে অতি সুখী অনুভৱ কৰে আৰু কোম্পানীটোৰ কামৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰিছে। প্ৰকাশ যে ; গাওঁখনৰ উন্নয়নৰ বাবে এজুৰ সৌৰ কোম্পানীয়ে ইতিমধ্যে একাধিক দক্ষতা প্ৰশিক্ষণ কেন্দ্ৰ চলাই আছে। ৰাজ্যিক সমন্বয়ক অখিলেশ সিঙৰ তৎপৰতাত আয়োজন কৰা স্বাস্থ্য পৰীক্ষা শিৱিৰটো পি আৰ এছ ডি কোম্পানীয়ে এজুৰ কোম্পানীৰ নিৰ্দেশনাত আয়োজন কৰিছিল।কাৰ্য্যসুচীত অসম ৰাজ্যিক সমন্বয়ক অখিলেশ সিং আৰু প্ৰশিক্ষণ কেন্দ্ৰৰ কৰ্মচাৰী দীনেশ তিৱাৰী ; বিমল টেৰণ আৰু বিশ্বজিতে অনুস্থানটো সফল কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

বিশ্ব দিব্যাংগ সপ্তাহ উপলক্ষে ক্ৰীড়া প্ৰতিযোগিতা

 দেৰগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত ইপৰীয়াস্থ জনজাতি আৱাসগৃহ মধ্য ইংৰাজী বিদ্যালয়ত ১ ডিচেম্বৰত  বিশ্ব দিব্যাংগ সপ্তাহ উপলক্ষে উত্তৰ পশ্চিম যোৰহাট শিক্ষা খণ্ডৰ সৰ্বাত্মক শিক্ষা গোটে দিনজোৰা কাৰ্যসূচীৰে ছাত্ৰ ছাত্ৰী সকলৰ মাজত এক ক্ৰীড়া প্ৰতিযোগিতাৰ আয়োজন কৰে। সপ্তাজোৰা কাৰ্যসূচীৰ অংশ হিচাপে উদযাপন কৰা এই কাৰ্যসূচীত লাখেৰাজ জনজাতি হাইস্কুল, জনজ্যোতি মিচিং হাইস্কুল, আমগুৰি জনজাতি মধ্য ইংৰাজী বিদ্যালয়, হেমচন্দ্ৰ দেৱ গোস্বামী মধ্য ইংৰাজী বিদ্যালয় আৰু জনজাতি আৱাসগৃহ মধ্য ইংৰাজী বিদ্যালয়ৰ দুই শতাধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। উক্ত কাৰ্যসূচীত উত্তৰ পশ্চিম যোৰহাট শিক্ষা খণ্ডৰ সৰ্বাধিক শিক্ষা গোটৰ হৈ   সমল ব্যক্তি  ৰাজিব গগৈ,  ৰিতুমনি গগৈ, সহকাৰী সমল ব্যক্তি নিতু দত্ত আৰু অতিৰিক্ত সহকাৰী সমল ব্যক্তি ৰূপৰেখা বৰাৰ লগতে অংশগ্ৰহণকাৰী বিদ্যালয় সমুহৰ প্ৰধান শিক্ষক আৰু সহকাৰী শিক্ষকসকল উপস্থিত থাকে। প্ৰতিযোগিতাৰ অন্তত বিজয়ী প্ৰতিযোগী সকলক পুৰস্কাৰ প্ৰদান কৰা হয়।

যোৰহাট কৃষি বিভাগৰ সহযোগত বৰমুকলিত কৃষকৰ সুবিধাৰ্থে বৰোধানৰ কঠিয়া সিঁচা পৰ্ব সম্পন্ন

দেৰগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত ৪০নং গাওঁ পঞ্চায়তৰ বৰমুকলিত ২৯ নবেম্বৰত এলেংমৰা কৃষি চক্ৰৰ উন্নয়ণ বিষয়া অনিল দৰৱধৰা, কৃষি সম্প্ৰসাৰণ বিষয়া তহিদূৰ ৰহমান নেওগ আৰু কৃষি সম্প্ৰসাৰণ বিষয়া ৰাজীৱ শৰ্মাৰ উপস্থিতিত বৰোধানৰ উন্নত মানৰ জাত US-382(hybrid) আৰুDRR-44(HYV) ৰ কঠিয়া উদীয়মান যুৱ অনিল পেগু আৰু বগা চকিয়ালৰ কৃষি পথাৰত সিঁচা হয়। জানিব পৰা মতে উত্তৰ পশ্চিম যোৰহাটৰ দেৰগাঁও সমষ্টিৰ ৪০নং গাওঁ পঞ্চায়তৰ গাঁওসমূহত বানপানীৰ আগতেই কৃষক পৰিয়ালে বৰোধান দাই চপাই আদায় কৰিব পাৰে।বৰোধানৰ জৰিয়তে এই অঞ্চলৰ ৰাইজে কম সময়তে, কম মাটিত অধিক ধান উৎপাদন কৰিব পাৰে।এই কৃষি শস্যৰ জড়িয়তে কৃষকসকল উপকৃত হৈছে কৃষক ৰাইজে জানিবলৈ দিয়ে। আঘোণতে কঠিয়া সিঁচি পুহৰ শেষ আৰু মাঘ মাহৰ আৰম্ভণিতে এই বীজ ৰোপন কৰি ব’হাগ-জেঠত দাই চপাই শেষ কৰিব পাৰে।ইয়াৰ ফলত এই বানপীড়িত ৰাইজ উপকৃত হ’ব পাৰে। এইক্ষেত্ৰত যোৰহাট জিলাৰ এলেংমৰা কৃষি উন্নয়ণ খণ্ডৰ কৃষি বিষয়াসকলে বীজ যোগান ধৰাৰ লগতে সহায় সহযোগ দিহা পৰামৰ্শ আগবঢ়াই নিজে উপস্থিত থাকি সহযোগিতা আগবঢ়াই আহিছে বুলি কৃষকসকলে জানিবলৈ দিয়ে।

মিষ্টাৰ এণ্ড মিছেছ লৱাৰ অসম ছিজন ২ ফেশ্বন শ্বোত বকোৰ আয়ুশী দত্তৰ খিতাপ অৰ্জন।

বৌদ্ধিক শিক্ষাৰ উপৰিও সাম্প্ৰতিক কালৰ আধুনিক জ্ঞান আৰু পাৰদৰ্শিতাৰ পৰিচয়ৰে নিজকে সমাজত প্ৰতিষ্ঠা কৰিব পাৰি। এই কথাষাৰৰ সত্যতা প্ৰমাণ কৰিবলৈ সক্ষম হৈছে কামৰূপ জিলাৰ বকো ৰাজহ চক্ৰৰ অন্তৰ্গত বকো বৰপাৰা গাওঁৰ শিশু শিল্পী আয়ুশী দত্তই। উল্লেখ্য যে ; যোৱা নিশা গোৱালপাৰা জিলাৰ দূধনৈস্থিত জনমন্দিৰত অনুষ্ঠিত হৈছিল মিষ্টাৰ এণ্ড মিছেছ লৱাৰ অসম ছিজন ২ ফেশ্বন শ্ব’। এই ফেশ্বন শ্ব’ত বকোৰ আয়ুশী দত্তই সৰ্বোচ্চ সন্মান অৰ্জন কৰিবলৈ সক্ষম হৈছে। ফেশ্বন শ্ব’ খনৰ উদ্যোক্তা আছিল কল্পনা ডালু আৰু বিচাৰক হিচাপে দায়িত্ব পালন কৰে অভিজিৎ তাহুই। এই ফেশ্বন শ্ব’ত তিনিচুকীয়া ; শিৱসাগৰ ; যোৰহাট ; ওদালগুৰি ; পাঠশালা ; কামৰূপ আৰু গুৱাহাটীকে ধৰি বহু ঠাইৰ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছিল। ইয়াৰ পিছতে কিউড শাখাত বকোৰ আয়ুশী দত্তই শ্ৰেষ্ঠ ফেশ্বনাৰ সন্মান অৰ্জন কৰে। এই খৱৰে বকোৰ সমাজ সচেতন নাগৰিকৰ মনত আনন্দ দিছে।

অনিমেষ ভূঞা হত্যাৰ প্ৰতিবাদত দ্বিতীয় দিনাও মাজুলীত বিক্ষোভ কাৰ্যসূচী

মাজুলী জিলা ছাত্ৰ সন্থাৰ উদ্যোগত পূব মাজুলী আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত পূব মাজুলী মহাবিদ্যালয় খেল পথাৰত আজি দ্বিতীয় দিনাৰ বাবে জিলা ছাত্ৰ সন্থাই বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে ৷ প্ৰতিবাদ কাৰ্যসূচীৰ আৰম্ভণিতে অনিমেষ ভূঞাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি মাল্য অৰ্পণ কৰে সাধাৰণ সম্পাদক বিতোপন শৰ্মাই ৷ প্ৰতিবাদ স্থলীত উপস্থিত থাকি সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক সূৰ্য কুমাৰ ভূঞাই বক্তব্য ৰাখি এই ঘটনাৰ লগত জড়িত প্ৰতিগৰাকী দোষীক কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদানৰ দাবী জনাইছে ৷ লগতে আজি ক’লা ল’ৰা দাসৰ মৃত্যুত সকলোৱে শান্তি পাইছে বুলি বক্তব্যত উল্লেখ কৰে ৷  ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য পবিত্ৰ গোস্বামীয়ে বক্তব্য প্ৰদান কৰি বাকী থকা আটাইকেইগৰাকী ঘটনাৰ লগত জড়িত দোষীক গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি প্ৰদানৰ দাবী উত্থাপন কৰে ৷ প্ৰতিবাদ স্থলীত বক্তব্য প্ৰদান কৰে সদৌ মাজুলী জিলা ছাত্ৰ সন্থাৰ সভাপতি অজিত হাজৰিকা , জাতীয়তাবাদী যুৱছাত্ৰ পৰিষদৰ সম্পাদক পবিত্ৰ বৰা , আছুৰ প্ৰাক্তন কাৰ্যনিৰ্বাহক সদস্য দুলাল ভূঞাইও দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী উত্থাপন কৰে ৷ প্ৰতিবাদ স্থলীত জিলা ছাত্ৰ সন্থাৰ উপ-সভাপতি দীপক নেওগ , সহকাৰী সাধাৰণ সম্পাদক কাকুমনি কলিতা , পূবমাজুলী আঞ্চলিকৰ সভাপতি ভাস্কৰ শইকীয়া সম্পাদক প্ৰান্তু চাহু , কমলাবাৰী , গড়মুৰ সদৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি সম্পাদক সহ তিনি শতাধিক ছাত্ৰ কৰ্মী উপস্থিত থাকে ৷

জাৰ্নেলিষ্ট এছ’চিয়েছন ফৰ আছাম (জাফা)ৰ বঁটা চেলেংহাটৰ সমাজকর্মী তুষাৰ পাললৈ

ৰাজ্যৰ সাংবাদিক-সংবাদ কর্মী সকলৰ উমৈহতীয়া মঞ্চ জাৰ্নেলিষ্ট এছ’চিয়েছন ফৰ আছাম চমুকৈ জাফাৰ  ২০২১ বৰ্ষৰ বাৰ্ষিক বঁটা প্ৰদান অনুষ্ঠানটি  যোৱা ২৮ নৱেম্বৰ তাৰিখে দিছ্পুৰ লাষ্টগেটত  থকা লোক নিৰ্মান ভৱনত (জাফা)ৰ বাৰ্ষিক বটাঁ বিতৰণী অনুষ্ঠান ভাগি সম্পন্ন হৈ যায় । এই অনুষ্ঠান ভাগিত  টীয়ক চেলেংহাটৰ ৰাষ্ট্ৰীয় শৰীৰ চৰ্চাবিদ তুষাৰ পালক নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে কাম কৰি থকাৰ বাবে JAFA Achievers Award 2021 আনুষ্ঠানিকভাৱে প্রদান কৰে। উক্ত বটাঁ প্ৰদান অনুষ্ঠানত অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোননয়ন মন্ত্ৰী ৰঞ্জিত দাস উপস্থিত থাকি এই বটা প্ৰদান কৰে।উল্লেখযোগ্য যে উক্ত সভাত বিধান সভাৰ উপাধক্ষ নোমল মমিনকে ধৰি ভালেসংখ্যক গণ্য মান্য ব্যক্তি উপস্থিতত ২৭ গৰাকীক বিভিন্ন ক্ষেত্রত সমাজলৈ আগবাঢ়োৱা অৱদানৰ বাবে এই বটা প্রদান কৰা হয়।টীয়কৰ চেলেংহাটৰ দৰে অঞ্চলৰ পৰা কাম কৰি ৰাজ্যিক পৰ্য্যায়ত এইদৰে অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই অনাত সকলোৱে শুভেচ্ছা জনাইছে।

চৰকাৰী আচনিৰ ফোঁপোলা স্বৰূপ কৌপাটি গাওঁ পঞ্চায়তত ।আচনিৰ নামত কেৱল নাম ফলক।

দৰঙৰ দলগাও শিয়ালমাৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত গাওঁ পঞ্চায়ত সমুহত চৰকাৰী আচনিৰ নামত চলিছে কেৱল নাম ফলক। আচনিৰ নামত কেৱল নাম ফলক আৰিয়েই লাখ লাখ টকা লুণ্ঠন চলোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ। উল্লেখ্য যে দৰঙৰ দলগাও শিয়ালমাৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত কৌপাটি গাওঁ পঞ্চায়তত আচনিৰ নামত সংঘটিত হৈছে এই ব্যাপক দুৰ্নীতি অনিয়ম। গ্ৰামাঞ্চলৰ উন্নীতকৰণৰ স্বাৰ্থত বিভাগীয় কৰ্তৃপক্ষই  বৃহৎ পৰিমাণৰ ধন আবন্টন দিয়ে যদিও তাৰে অধিকাংশ ধন বিভাগীয় কৰ্মচাৰীৰ সহযোগত পঞ্চায়ত প্ৰতিনিধিয়ে আত্মসাত কৰাৰ  অভিযোগ উত্থাপিত হৈছে গাওঁ পঞ্চায়ত খনত।গাওঁ পঞ্চায়ত খনত কেৱল কাগজ কলমতহে ৰূপায়িত  হৈ আছে চৰকাৰী আচনিৰ কাম কাজ। অভিযোগ অনুসৰি কৌপাটি গাওঁ পঞ্চায়তখনৰ অন্তৰ্গত এগ্ৰীল বান্ধ ফ্ৰম    দিজেন বৰুৱা এগ্ৰিল লেণ্ড টু মনিন্দ্ৰ ডেকা এগ্ৰীল লেণ্ড 2020-21 বৰ্ষৰ এম জি এনৰেগা  আচনিৰ অধীনত বিভাগীয় কৰ্তৃপক্ষই ৭,৮৮,৫৮৮ টকা আবন্টন দিয়ে  । উক্ত আচনিৰ  কাম নকৰি সমুদায় ধন আত্মসাৎ কৰাৰ অভিযোগ উত্থাপিত হৈছে । কেৱল সেইটোৱেই নহয় গাওঁ পঞ্চায়ত খনত ৰূপায়িত হোৱা ২০১৭-১৮ বৰ্ষ,২০১৯-২০,২০২০-২১ বৰ্ষত এমজিএনৰেগা, চতুৰ্দশ বিত্তীয় আচনিৰ নামত সংঘটিত হৈছে ব্যাপক দুৰ্নীতি। বিভাগীয় কৰ্তৃপক্ষই আবন্টন দিয়া এমজিএনৰেগা, চতুৰ্দশ বিত্তীয় আচনিৰ কামত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে । বিভাগীয় কৰ্তৃপক্ষই উক্ত গাওঁ পঞ্চায়ত খনত পথ নিৰ্মাণৰ নামত লাখ লাখ টকা আবন্টন দিছে যদিও উক্ত কাম সমুহ চৰকাৰী প্ৰাক:কলনক জলাঞ্জলি দি ৰূপায়ণ কৰাৰ অভিযোগ । তাৎপৰ্যপূৰ্ণ কথা হল গাওঁ পঞ্চায়ত খনত ৰূপায়িত হোৱা আচনি সমুহৰ বিল প্ৰতি মুটা অংকৰ কমিচনলৈ বিভাগীয় কৰ্মচাৰীয়ে কামৰ তদন্ত নকৰি ওলিয়াই দিয়ে লাখ লাখ টকা ।গাওঁ পঞ্চায়তৰ সদস্য সচিব,জিআৰএছ,এক্ৰিকেটেড ইঞ্জিনীয়াৰ, কণিষ্ঠ অভিযন্তাৰ পৰা আৰম্ভ কৰি সকলোৰে পকেটত সোমায় বিলৰ প্ৰতি কমিচন লোৱা ধন । যাৰ ফলত গাওঁ পঞ্চায়ত খনত আচনি ৰূপায়নৰ নামত সংঘটিত হৈছে ব্যাপক দুৰ্নীতি।এতিয়া প্ৰশ্ন হয় দুৰ্নীতিৰ বিৰুদ্ধে শূণ্যসহনশীলতাৰ কথা কোৱা হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে বন্ধ কৰিব পাৰিবনে দলগাও শিয়ালমাৰী উন্নয়ন খণ্ডৰ কাৰ্যালয়ৰ অধীনৰ গাওঁ পঞ্চায়ত সমুহত চলি থকা ব্যাপক দুৰ্নীতি অনিয়ম ।

সদৌ অসম কবি মঞ্চৰ মাহেকীয়া ই-আলোচনী ‘প্ৰজ্ঞাৰ সন্ধানত’ মুকলি

ৰঙিয়া ৰাইজমেল কৃষক শ্বহীদ ভৱনত এক সংবাদমেল যোগে কবি সমাজৰ উমৈহতীয়া মঞ্চ ‘সদৌ অসম কবি মঞ্চৰ’ অন্যতম প্ৰয়াস মাহেকীয়া ই-আলোচনী “প্ৰজ্ঞাৰ সন্ধানত” প্ৰথম বছৰ পঞ্চম সংখ্যা  উন্মোচন কৰা হয়। অনুষ্ঠানত উপস্থিত থাকে সদৌ অসম কবি মঞ্চৰ উপদেষ্টা তথা বিশিষ্টা লেখিকা ড° ৰুণুমী দত্ত ডেকা,ৰঙিয়া মহাবিদ্যালয়ৰ অধ্যাপক ড° হিতেশ বৰ্মন, বিশিষ্ট সাংবাদিক ফাৰুক হুছেইন, মহেন্দ্ৰ কলিতা, অধিবক্তা জোন মহম্মদ আলী, সদৌ অসম কবি মঞ্চৰ সভাপতি জাভেদ জামান, প্ৰধান সম্পাদক জিতু কাঞ্চন, যুটীয়া সম্পাদক অনু আফ্ৰিন, কাব্য সংকলন সম্পাদক অলকেশ কলিতা, কাৰ্যনিৰ্বাহক সদস্যা ৰিজুমণি বখতিয়াৰ, সংগীতা ডেকাৰ লগতে কেবাগৰাকী কবি। “প্ৰজ্ঞাৰ সন্ধানত” পঞ্চম সংখ্যা উন্মোচন কৰে অধ্যাপক ড° হিতেশ বৰ্মনে। “প্ৰজ্ঞাৰ সন্ধানত” সম্পাদনা কৰে জিতু কাঞ্চনে। উক্ত অনুষ্ঠানত কেবাগৰাকী কবিক হিতৈষী সভ্য আৰু আজীৱন সভ্যৰ মানপত্ৰ প্ৰদান কৰা হয়।