Home Blog Page 272

Pakistan’s missile test: ভাৰতৰ সৈতে বৃদ্ধি পোৱা উত্তেজনাৰ মাজতে পাকিস্তানে পৰীক্ষণ কৰিলে বেলিষ্টিক মিছাইল

Pakistan’s missile test: ভাৰতৰ সৈতে বৃদ্ধি পোৱা উত্তেজনাৰ মাজতে পাকিস্তানে পৰীক্ষণ কৰিলে বেলিষ্টিক মিছাইল
Pakistan’s missile test: ভাৰতৰ সৈতে বৃদ্ধি পোৱা উত্তেজনাৰ মাজতে পাকিস্তানে পৰীক্ষণ কৰিলে বেলিষ্টিক মিছাইল

ভাৰত-পাক উত্তজেনাৰ মাজতে পাকিস্তানে পৰীক্ষণ(Pakistan’s missile test)কৰিলে বেলিষ্টিক মিছাইল৷ বাতৰি অনুসৰি পাকিস্তানে শনিবাৰে ৪৫০ কিলোমিটাৰ দূৰত্বভেদী পৃষ্ঠৰ পৰা পৃষ্ঠলৈ মাৰি পঠিয়াব পৰা বেলিষ্টিক মিছাইলৰ পৰীক্ষামূলক উৎক্ষেপণ কৰে। ২২ এপ্ৰিলত ২৬ জন লোকৰ মৃত্যু হোৱা পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনা যথেষ্ট বৃদ্ধি পাইছে আৰু জম্মু-কাশ্মীৰৰ নিয়ন্ত্ৰণ ৰেখা আৰু আন্তঃৰাষ্ট্ৰীয় সীমান্তত প্ৰায় দৈনিক গুলীচালনাৰ ঘটনা সংঘটিত হৈছে।

কাশ্মীৰৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰতৰ কূটনৈতিক কাৰ্যকলাপৰ প্ৰতি সঁহাৰি জনাই—পাকিস্তানী নাগৰিকৰ ভিছা স্থগিত ৰখা, পাকিস্তানী উচ্চায়ুক্তত কৰ্মচাৰী কৰ্তনৰ নিৰ্দেশ দিয়া, আটাৰী সীমান্ত বন্ধ কৰাকে ধৰি—পাকিস্তানে শক্তি প্ৰদৰ্শন হিচাপে অঞ্চলটোত সম্ভাৱ্য ক্ষেপণাস্ত্ৰ পৰীক্ষাৰ সংকেত প্ৰদান কৰি বাৰে বাৰে নটিছ(Notices to Airmen) জাৰি কৰিছে পেহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত পাকিস্তানে ২৩ এপ্ৰিলৰ নিশা পৰীক্ষামূলক গুলীচালনাৰ বাবে ২৪ ঘণ্টাৰো কম সময়ৰ জাননী দি প্ৰথমটো নটাম জাৰি কৰিছিল যদিও কোনো ধৰণৰ বেলিষ্টিক মিছাইল পৰীক্ষণ কৰা নাছিল৷

ইয়াৰ কিছু সময়ৰ পিছতে ২৬-২৭ এপ্ৰিলত কৰাচীৰ উপকূলত পাকিস্তানী নৌসেনাৰ জাহাজে গুলীচালনাৰ অধিসূচনা জাৰি কৰা হয় যদিও কোনো গুলীচালনাৰ অনুশীলন কৰা নহ’ল। দুবাৰকৈ চেষ্টা নকৰাৰ পিছত পাকিস্তানে ৩০ এপ্ৰিল- ২ মে’ত ভাৰতৰ একচেটিয়া অৰ্থনৈতিক মণ্ডলৰ ওচৰত গুলীচালনাৰ তৃতীয়টো চেষ্টাৰ পুনৰাবৃত্তি কৰিছিল, কিন্তু সফল হব নোৱাৰিলে৷

Panchayat Election 2025: পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত ভোটদানৰ হাৰ ৭০.১৯%, অশান্তিৰ পিছত ৪৩টা বুথত পুনৰ ভোটদানৰ নিৰ্দেশ নিৰ্বাচন আয়োগৰ

Panchayat Election 2025: পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত ভোটদানৰ হাৰ ৭০.১৯%
Panchayat Election 2025: পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত ভোটদানৰ হাৰ ৭০.১৯%

অসম পঞ্চায়ত নিৰ্বাচন ২০২৫ৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ(Panchayat Election 2025) ২ মে’ত অন্ত পৰিছে৷ অসম ৰাজ্যিক নিৰ্বাচন আয়োগে প্ৰকাশ কৰা পৰিসংখ্যা অনুসৰি প্ৰায় ৭০.১৯% ভোটাৰে প্ৰথম পৰ্যায়ত ভোটদান কৰিছে৷ তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ, শিৱসাগৰ, মাজুলী, আৰু যোৰহাটৰ দৰে গুৰুত্বপূৰ্ণ অঞ্চলকে ধৰি ১৪ খন জিলাত ভোটগ্ৰহণ অনুষ্ঠিত হয়।পুৱা ৭:৩০ বজাৰ পৰা ভোটগ্ৰহণ আৰম্ভ হয় আৰু অধিকাংশ অঞ্চলতে বিয়লি ৪:৩০ বজালৈকে সুকলমে অব্যাহত আছিল। কিছুমান স্থানত সামান্য বিঘিনি ঘটিলেও নিৰ্বাচনী প্ৰক্ৰিয়াটো বহুলাংশে শান্তিপূৰ্ণভাৱে চলিছিল।

কৰ্তৃপক্ষই ভোটাৰৰ উৎসাহী অংশগ্ৰহণ আৰু নিৰ্বাচনী কৰ্মচাৰী আৰু নিৰাপত্তাৰক্ষীৰ নিষ্ঠাক প্ৰশংসা কৰিছে৷ অৱশ্যে অনিয়মৰ ঘটনা পোহৰলৈ অহাত আয়োগে ৪৩টা বুথত পুনৰ ভোটগ্ৰহণৰ নিৰ্দেশ দিছে। ইয়াৰে অধিকাংশই হাইলাকান্দি জিলাত অৱস্থিত৷ তেনে ভোটকেন্দ্ৰসমূহৰ ভিতৰত ৩১টা ভোটকেন্দ্ৰ জিলা খনত আছে বুলি জানিব পৰা গৈছে। পুনৰ ভোটগ্ৰহণৰ বাবে নিৰ্ধাৰিত আন জিলাসমূহৰ বাবেও দিয়া হৈছে ৷ শ্ৰীভূমি (৮টা বুথ), লখিমপুৰ (২), গোলাঘাট (১), আৰু মাজুলী (১)ৰ বাবে পুনৰ ভোট গ্ৰহণৰ নিৰ্দেশ দিয়া হৈছে৷ পুনৰ ভোটগ্ৰহণৰ দিন শীঘ্ৰে প্ৰকাশ কৰিব নিৰ্বাচন কৰ্তৃপক্ষই।নিৰ্বাচনী বিষয়াসকলে উল্লেখ কৰে যে উচ্চ ভোটদানে তৃণমূল পৰ্যায়ৰ গণতন্ত্ৰ আৰু স্থানীয় শাসনৰ প্ৰতি জনসাধাৰণৰ ক্ৰমবৰ্ধমান দায়বদ্ধতাক প্ৰতিফলিত কৰিছে।

পুনৰ ভোটগ্ৰহণে নিৰ্বাচনী প্ৰক্ৰিয়াৰ অখণ্ডতা বজাই ৰাখিব বুলি বহুতে আশা কৰিছে৷ উল্লেখ্য শুকুৰবাৰে ভোটগ্ৰহণ অনুষ্ঠিত হোৱা জিলাকেইখন হৈছে তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ, শিৱসাগৰ, মাজুলী, যোৰহাট, গোলাঘাট, ধেমাজি, লখিমপুৰ, শোণিতপুৰ, বিশ্বনাথ, কাছাৰ, হাইলাকান্দি আৰু শ্ৰীভূমি ৷শুকুৰবাৰে অনুষ্ঠিত হোৱা প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ২১৬ টা জিলা পৰিষদৰ আসনৰ বাবে যুঁজ হ’ব ৷ মুঠ ৬৩৯ জন প্ৰাৰ্থীয়ে এই পদৰ বাবে প্ৰতিদ্বন্দিতা কৰিছে, আনহাতে আঞ্চলিক পঞ্চায়তৰ সদস্যপদৰ বাবে ২৬০৮ জন প্ৰাৰ্থী নিৰ্বাচনত অৱতীৰ্ণ হৈছিল।

Munir Ahmed: পাকিস্তানী মহিলাক বিয়া পাতি তথ্য লুকুৱাই ৰখাৰ বাবে চি আৰ পি এফ জোৱানক চাকৰিৰ পৰা বৰ্খাস্ত

Munir Ahmed: পাকিস্তানী মহিলাক বিয়া পাতি তথ্য লুকুৱাই ৰখাৰ বাবে চি আৰ পি এফ জোৱানক চকৰিৰ পৰা বৰ্খাস্ত
Munir Ahmed: পাকিস্তানী মহিলাক বিয়া পাতি তথ্য লুকুৱাই ৰখাৰ বাবে চি আৰ পি এফ জোৱানক চকৰিৰ পৰা বৰ্খাস্ত

পাকিস্তানী মহিলাক বিয়া পাতি তথ্য লুকুৱাই ৰখাৰ বাবে চি আৰ পি এফ জোৱান(Munir Ahmed)এজনক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছে৷ চি আৰ পি এফে এক বিবৃতিত কয় যে, ‘এয়া এক গুৰুতৰ চিন্তাৰ বিষয় যে চি আৰ পি এফৰ ৪১ বেটেলিয়নৰ চি টি/জি ডি মুনীৰ আহমেদে পাকিস্তানী নাগৰিকৰ সৈতে নিজৰ বিবাহ সম্পন্ন কৰি সেই কথা লুকুৱাই ৰখাৰ বাবে আৰু জানি-বুজি ভিছাৰ বৈধতাৰ বাহিৰত তেওঁক আশ্ৰয় দিয়াৰ বাবে তাৎক্ষণিকভাৱে সেৱাৰ পৰা বৰ্খাস্ত কৰা হৈছে।

মুনীৰ আহমেদক স্পৰ্শকাতৰ জম্মু-কাশ্মীৰ মণ্ডলৰ পৰা ভূপাললৈ বদলি কৰাৰ এদিন পিছতে চি আৰ পি এফে এনে পদক্ষেপ গ্ৰহণ কৰে৷ পাকিস্তানৰ শিয়ালকোটৰ বাসিন্দা মিনাল খানৰ সৈতে বিবাহপাশত আবদ্ধ হ’বলৈ আহমেদে ২০২৩ চনত চি আৰ পি এফৰ পৰা অনুমতি বিচাৰিছিল। কিন্তু বিভাগে তেওঁৰ অনুৰোধৰ সিদ্ধান্ত লোৱাৰ পূৰ্বেই ২০২৪ চনৰ ২৪ মে’ত আহমেদে খানৰ সৈতে বিবাহপাশত আবদ্ধ হয় আৰু ভাৰত তথা পাকিস্তানৰ ধৰ্মগুৰুসকলে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে এই বিবাহৰ আয়োজন কৰে৷ পেহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পোহৰত ভাৰতে পাকিস্তানী নাগৰিকৰ ভিছা বাতিল কৰাৰ পিছত মিনাল খানক জম্মুৰ পৰা নিজৰ দেশলৈ বিতাড়ন কৰা হৈছিল ৷

যোৱা ৩০ এপ্ৰিলত জম্মু-কাশ্মীৰ উচ্চ ন্যায়ালয়ে তেওঁক বিতাড়নৰ পৰা শেষ মুহূৰ্তত সকাহ প্ৰদান কৰিছিল। মিনালে জম্মু এৰি আটাৰী সীমান্তলৈ গৈছিল যেতিয়া তেওঁৰ অধিবক্তাই আদালতৰ সিদ্ধান্তৰ বিষয়ে অৱগত কৰিছিল। চি আৰ পি এফ জোৱানৰ পত্নীক প্ৰতিনিধিত্ব কৰা অধিবক্তা অংকুশ শৰ্মাই সংবাদ সংস্থাক জনাইছে যে, ‘চি আৰ পি এফ কনিষ্টবল মুনিৰ আহমেদে ২.৫ মাহ পূৰ্বে পাকিস্তানী নাগৰিক মিনাল খানৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল।

দক্ষিনপাটত বিজেপিৰ নিৰ্বাচনী সভাত দিলীপ শইকীয়া । Dilip Saikia

নগাঁও, ৩ এপ্ৰিল : dilip saikia । নগাঁও জিলাৰ ৰহা বিধান সভা সমষ্টিৰ অন্তৰ্গত দক্ষিণপাটত আজি বিয়লি পঞ্চায়ত নিৰ্বাচনৰ বিজেপি দলৰ এক বিশাল নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই বিৰোধী কংগ্ৰেছ দলক সমালোচনা কৰি কয় যে কংগ্ৰেছৰ ৫৫ বছৰীয়া শাসনত ৩৭ শতাংশ দুখীয়া মানুহ আমাক উপহাৰ দি গৈছে। কংগ্ৰেছৰ দিনত চাকৰি পাবলাগীয়া হ'লে ৫লাখ, ১০লাখ ,১৫ লাখ টকা উৎকোচ দিব লগীয়া হৈছিল। স্বৰ্গগত
দক্ষিনপাটত বিজেপিৰ নিৰ্বাচনী সভাত দিলীপ শইকীয়া । dilip saikia

গৌৰৱ গগৈৰ শৰীৰ পৰা ঘাম নোলায়, ভৰিত জোকে নেখায়, তেওঁ জন্মৰ পৰা এ চি কোঠাতে আছে, ইংৰাজী শিকিলে অথবা ইংৰাজী কলেই স্মাৰ্ট নুবুজায়: দিলীপ শ‌ইকী‌য়া

নগাঁও, ৩ এপ্ৰিল : dilip saikia । নগাঁও জিলাৰ ৰহা বিধান সভা সমষ্টিৰ অন্তৰ্গত দক্ষিণপাটত আজি বিয়লি পঞ্চায়ত নিৰ্বাচনৰ বিজেপি দলৰ এক বিশাল নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই বিৰোধী কংগ্ৰেছ দলক সমালোচনা কৰি কয় যে কংগ্ৰেছৰ ৫৫ বছৰীয়া শাসনত ৩৭ শতাংশ দুখীয়া মানুহ আমাক উপহাৰ দি গৈছে। কংগ্ৰেছৰ দিনত চাকৰি পাবলাগীয়া হ’লে ৫লাখ, ১০লাখ ,১৫ লাখ টকা উৎকোচ দিব লগীয়া হৈছিল। স্বৰ্গগত এজনৰ দিনত ৰাকেশ পালৰ দৰে দুৰ্নীতিগ্ৰস্থ বিষয়াক অসম লোকসেৱা আয়োগৰ অধ্যক্ষৰ দ্বায়িত্ব দিছিল। বিধবা পেঞ্চনৰ বাবে কংগ্ৰেছৰ দালালক পাঁচশ টকাৰ পৰা এহেজাৰ টকা দিব নোৱাৰিলে নাম কৰ্তন কৰা হৈছিল কংগ্ৰেছে সংবিধানক ভৰিৰে মোহাৰাৰ দৰে কাম কৰিছিল। ৮৫৫ জন যুৱকক গুলীয়াই হত্যা কৰা পাপী দল হৈছে কংগ্ৰেছ। অসমত আৰু ২৫ ৰ পৰা ৩০ বছৰ কংগ্ৰেছৰ কোনো স্কপ নাই ।আনহাতে বিজেপিৰ ৰাজনীতি হিন্দু-মুছলমানৰ ৰাজনীতি নহয় বুলি উল্লেখ কৰি বিজেপিৰ ৰাজ্যিক সভাপতি গৰাকীয়ে লগতে কয় যে বিজেপিৰ ৰাজনীতি বিকাশৰ ৰাজনীতি ।


আমি শাসনৰ কাৰণে ৰাইজৰ কাষলৈ‌ অহা নাই সেৱাৰ মনোভাৱৰে আহিছোঁ। গঞা খেতিয়কৰ উন্নয়নৰ লগতে সম মৰ্যাদা সংকল্পৰে বিজেপি দল পঞ্চায়ত নিৰ্বাচনত অবতীৰ্ণ হৈছে ৷ বিজেপিয়ে সংকল্পৰে আগবাঢ়ি গৈছে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দিনত দেশত ২৫কোটি পৰিয়াল দৰিদ্ৰমুক্ত হৈছে ৷ তেওঁ কয় :ভগৱান‌ থকা ঘৰটো আমি থকা ঘৰতকৈ ভাল হ’ব লাগিব বাবে আমাৰ চৰকাৰে নামঘৰলৈ ৩লাখকৈ টকাকৈ আগবঢ়াইছে। সভাপতি শইকীয়াই কয় যে নিজৰ স্বাস্থ্যৰ বাবে হাত চাপৰি বজাব বেলেগৰ কাৰণে নহয়। হাতচাপৰি বজালে বেমাৰ আজাৰৰ লগতে মনলৈ শান্তি আহে।দক্ষিনপাটত অনুষ্ঠিত পাখিমৰীয়া-জামুগুৰি জিলা পৰিষদৰ নিৰ্বাচনী সভাখনত ফুলৰ মালা, পদুম ফুল, ভাগৱত আদিৰে বিজেপিৰ সভাপতিগৰাকীক দলীয় নেতা-কৰ্মী সকলে বিপুলভাৱে আদৰণি জনায় ৷ বিজেপিৰ ৰাজ্যিক সভাপতি গৰাকীয়ে মঞ্চত বৰকাঁহ বজাই পঞ্চায়ত নিৰ্বাচনৰ ৰণ হুংকাৰ দিয়ে ।


নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোঁহায়ে ভাৰতবৰ্ষৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী আটল বিহাৰী বাজপেয়ী দিনৰ পৰাই দেশৰ পৰিবৰ্তন আহিছে বুলি মন্তব্য কৰি গাঁৱক সুন্দৰ কৰিবলৈ বিজেপিৰ প্ৰাৰ্থীক ভোট দিবলৈ আহ্বান জনায় ৷ কেইবা সহস্ৰাধিক ভোটাৰ ৰাইজ উপস্থিত থকা নিৰ্বাচনী প্ৰচাৰ সভাখনত নগাঁও-বটদ্ৰৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাস, নগাঁও জিলা বিজেপিৰ সভাপতি ৰঞ্জিত বৰদলৈ,অগপৰ নগাঁও জিলা সমিতিৰ সভাপতি মনিমাধৱ মহন্তই অংশগ্ৰহণ কৰি ৰাইজক বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীক ভোট দিবলৈ আহ্বান জনায় ।সভাত ৰহা সমষ্টিৰ অন্তৰ্গত বিভিন্ন পঞ্চায়তৰ বিজেপি আৰু মিত্ৰজোঁটৰ মনোনীত পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা প্ৰাৰ্থী সকল উপস্থিত থাকে । ইপিনে সাংসদ গৌৰৱ গগৈৰ সন্দৰ্ভত সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই কয় যে
গৌৰৱ গগৈ অসমীয়া ল’ৰা হিচাপে ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি থকাটো আমি সকলোৱে বিচাৰো । গৌৰৱ গগৈৰ শৰীৰ পৰা ঘাম নোলায়, ভৰিত জোকে নেখায়, বিছাই নেদাকে , তেওঁ জন্মৰ পৰা এ চি কোঠাত আছে। কেৱল ইংৰাজী শিকিলে অথবা ইংৰাজী কলেই স্মাৰ্ট নুবুজায়। আমি ভালকৈ ইংৰাজী কব নেজানিলেও পাকিস্তানলৈ যোৱা নাই আৰু নেযাওঁ। তেওঁ আৰু কয় :পাকিস্তানৰ পি অ কে আমি দেশৰ অন্তৰ্ভূক্ত কৰাৰ ব্যৱস্থা কৰি আছো ।তেওঁলোকে দেশক দ্বিখণ্ডিত কৰাৰ চেষ্টা কৰিব যদিও ভাৰতবৰ্ষত বিজেপি দল থকালৈকে চীন, পাকিস্তান আৰু বাংলাদেশক এক ইঞ্চি মাতিও নিব নিদিও । ইপিনে কালি ৰহাৰ ফুলগুৰিত অনুষ্ঠিত কংগ্ৰেছ দলৰ সভাক কটাক্ষ কৰি দিলীপ শইকীয়া কয় যে কংগ্ৰেছ দলে এখন সভা পাতি বিভিন্ন এঙ্গোলৰ পৰা ফটো দি এশখন সভা কৰাৰ পৰিবেশ সৃষ্টি কৰি সামাজিক মাধ্যমত প্ৰচাৰ চলাইছে। আনহাতে ছাৰ্জিকেল ষ্টাইকৰ ওপৰত কংগ্ৰেছ দলে কৰা সমালোচনাৰ প্ৰত্যুত্তৰ দি বিজেপি দলৰ ৰাজ্যিক সভাপতি গৰাকীয়ে কয় যে কংগ্ৰেছৰ কথা কোনোবাই বিশ্বাস কৰে নেকি ? চাৰ্জিকেল ষ্ট্ৰাইকৰ সময়ত কংগ্ৰেছ নেতাক লগত লৈ গৈ পাকিস্তানত থৈ আহিব লাগিছিল। তেতিয়া তেওঁলোকে বুজি পালেহেতেন।

দেওবাৰৰ পৰা বিহাৰত খেলো ইণ্ডিয়া যুৱ ক্ৰীড়া-২০২৫ । Khelo India Youth Sports-2025

দেওবাৰৰ পৰা বিহাৰত খেলো ইণ্ডিয়া যুৱ ক্ৰীড়া-২০২৫ । Khelo India Youth Sports-2025
দেওবাৰৰ পৰা বিহাৰত খেলো ইণ্ডিয়া যুৱ ক্ৰীড়া-২০২৫ । Khelo India Youth Sports-2025

পাটনা, ৩ মে’ ঃ Khelo India Youth Sports-2025 । কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিভাসন্ধানী ৰাষ্ট্ৰীয় প্ৰতিযোগিতা খেলো ইণ্ডিয়া যুৱ ক্ৰীড়াৰ সপ্তম সংক্ষৰণ দেওবাৰৰ পৰা বিহাৰত অনুষ্ঠিত হ’ব৷ পোন প্ৰথমবাৰৰ বাবে বিহাৰে এই ক্ৰীড়া প্ৰতিযোগিতা আয়োজন কৰিছে৷ ৰাজ্যৰ পাঁচখন চহৰত প্ৰতিযোগিতাৰ খেল অনুষ্ঠিত কৰাৰ বিপৰীতে শ্বুটিং, জিমনাষ্টিক আৰু ট্ৰেক চাইক্লিং নতুন দিল্লীত হ’ব৷ এইবাৰ প্ৰতিযোগিতাত ২৭ বিধ খেল অন্তৰ্ভূক্ত কৰা হৈছে৷ আনহাতে, ই-স্পৰ্টছ প্ৰদৰ্শনী ইভেণ্টৰূপে থাকিব৷

দেশৰ ৩৬ খন ৰাজ্য তথা কেন্দ্ৰীয় শাসিত ৰাজ্যৰ প্ৰায় দহ হেজাৰ ল’ৰা-ছোৱালীয়ে প্ৰতিযোগিতাত অংশগ্ৰহণ নিশ্চিত কৰিছে৷ অহা ১৫ মে’লৈ অনুষ্ঠিত হ’ব লগা সপ্তম খেলো ইণ্ডিয়া যুৱ ক্ৰীড়াত খেলুৱৈয়ে ২৪৫ টাকৈ সোণ আৰু ৰূপ তথা ৩০২ টা ব্ৰঞ্জ পদকৰ বাবে প্ৰতিন্দ্বিতাত নামিব৷ কাইলৈ আবেলি ৬.৩০ বজাত পাটনাত প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হ’ব যদিও পুৱাৰে পৰাই তিনিটা ইভেণ্টৰ প্ৰাৰম্ভিক ৰাউণ্ডৰ খেল আৰম্ভ হ’ব৷

কাইলৈ ভাগলপুৰত আৰ্চাৰী, ৰাজগিৰত কাবাডী আৰু পাটনাত ভলীবল অনুষ্ঠিত হ’ব৷ অসমৰ খেলুৱৈয়ে আৰ্চাৰীত যোগ্যতা অৰ্জনত ব্যৰ্থ হয় যদিও ৰাজ্যৰ ছোৱালীৰ কাবাডী আৰু ভলীবল দলে কাইলৈ গ্ৰুপৰ মেচত অংশ ল’ব৷ ইতিমধ্যে ভলীবলৰ সূচী প্ৰকাশ পাইছে৷ পুল ‘বি’ত স্থান লাভ কৰা অসমৰ ছোৱালী দলে কাইলৈ বিয়লি পাঁচ বজাত ৰাজস্থানৰ বিৰুদ্ধে প্ৰথম মেচ খেলিব৷ অংশগ্ৰহণকাৰী আঠটা দলক দুটা গ্ৰুপত ভাগ কৰা হৈছে৷ উভয় গ্ৰুপৰ শীৰ্ষ চাৰিটা দলে ছেমিফাইনেললৈ যোগ্যতা অৰ্জন কৰিব৷ অসমৰ গ্ৰুপৰ আন দুটা দল হ’ল-গুজৰাট আৰু কেৰালা৷

ইফালে, কাবাডীৰ সূচী নিশা প্ৰকাশ পাব৷ উল্লেখ্য যে প্ৰতিযোগিতাত ২৭ বিধ খেল অন্তৰ্ভূক্ত কৰা হৈছে যদিও অসমে ১৭ বিধ খেলত প্ৰতিদণ্ডিতা কৰিব৷ অসমৰ দলটোৰ সদস্যৰ সংখ্যা হ’ল ১৩৫৷ ইয়াৰে ১০৫ গৰাকী এথলীট৷ ল’ৰা ৪২ আৰু ছোৱালী ৬৩ গৰাকী৷ ইতিমধ্যে ন বিধ খেলৰ খেলুৱৈ হৈ বিহাৰৰ বিভিন্ন ক্ৰীড়াস্থলীত উপস্থিত হৈছে৷

চৰকাৰী চাৰু – কাৰু কলা মহাবিদ্যালয়ত বিশেষ বক্তৃতা অনুষ্ঠান । 

গুৱাহাটী : Charu and Karu Kala । ভাস্কৰ্যৰ যোগেদি আমি মানৱ সভ্যতা আৰু সমাজৰ বেলেগ বেলেগ স্তৰৰ খবৰ পাব পাৰো। আজিৰ পৰা প্ৰায় ৪৫,০০০ পূৰ্বৰ জাৰ্মানীৰ ভেনাছ ভাস্কৰ্য, সিন্ধু উপত্যকাৰ ' পুৰোহিত ৰজা' শীৰ্ষক ভাস্কৰ্য , নৃত্যৰতা নাৰী , ৰোমানিয়াৰ বহু হাজাৰ বছৰ পুৰণি সেই বিশেষ ভাবুক মানুহজন , ব্ৰাঁকুছিৰ উৰন্ত বিহংগ, হেনৰী মূৰৰ
চৰকাৰী চাৰু - কাৰু কলা মহাবিদ্যালয়ত বিশেষ বক্তৃতা অনুষ্ঠান । 

গুৱাহাটী : Charu and Karu Kala । ভাস্কৰ্যৰ যোগেদি আমি মানৱ সভ্যতা আৰু সমাজৰ বেলেগ বেলেগ স্তৰৰ খবৰ পাব পাৰো। আজিৰ পৰা প্ৰায় ৪৫,০০০ পূৰ্বৰ জাৰ্মানীৰ ভেনাছ ভাস্কৰ্য, সিন্ধু উপত্যকাৰ ‘ পুৰোহিত ৰজা’ শীৰ্ষক ভাস্কৰ্য , নৃত্যৰতা নাৰী , ৰোমানিয়াৰ বহু হাজাৰ বছৰ পুৰণি সেই বিশেষ ভাবুক মানুহজন , ব্ৰাঁকুছিৰ উৰন্ত বিহংগ, হেনৰী মূৰৰ বিশাল মানুহখিনি — এই সকলোবোৰ শিল্পকৰ্মই মানুহৰ চেতনাৰ বেলেগ বেলেগ পৰ্যায়ক প্ৰতিনিধিত্ব কৰে। বৌদ্ধ শিল্পত মানুহৰ দৈনন্দিন আৰু আধ্যাত্মিক প্ৰয়োজনৰ মাজত আমি এক বিশেষ সমন্বয়ক লক্ষ্য কৰো। বৌদ্ধ চিন্তাৰ শূণ্যতা আৰু নিৰ্বাণৰ ধাৰণা কাবুল – কান্দাহাৰৰ প্ৰাচীন শিল্পীয়ে কিদৰে ধৰি ৰাখিছিল সেয়া ভাবি আচৰিত লাগে। ভাস্কৰ্যৰ উপস্থিতিয়ে স্থান আৰু কালক গতি দিয়ে। ভাস্কৰ্য শিল্পী এগৰাকীয়ে তেওঁৰ মনৰ ভিতৰৰ কথা বতৰা বা অভিজ্ঞতাক শিল , মাৰ্বল,কাঠ , চিমেণ্ট আদি বিভিন্ন মাধ্যমত ধৰি ৰাখিবলৈ সক্ষম হয়। ভাস্কৰ্যই জীৱনৰ অপৰিহাৰ্য গুণবোৰকে যেন আমাৰ আগত তুলি ধৰে। শনিবাৰে গুৱাহাটীৰ বশিষ্ঠস্থিত চৰকাৰী চাৰু – কাৰু কলা মহাবিদ্যালয়ৰ এক বিশেষ বক্তৃতা অনুষ্ঠানত ৰাজ্যখনৰ আগশাৰীৰ কলা সমালোচক জ্যোতি খাটনিয়াৰে এই ভাষ্য ডাঙি ধৰে । ” ভাস্কৰ্য শিল্পৰ আনন্দ : আবেগ আৰু প্ৰত্যয় ” শীৰ্ষক এই বক্তৃতা অনুষ্ঠানত কলা সমালোচক খাটনিয়াৰে কিদৰে ভাস্কৰ্যই ডাঙি ধৰা সত্য সমূহ মানৱ সভ্যতাৰ গুৰুত্বপূৰ্ণ অংগ, সেয়াও সাৱলীল ভাৱে ব্যাখ্যা কৰে। এই প্ৰসংগত তেওঁ প্ৰাচীন ইজিপ্টৰ সভ্যতাৰ ভাস্কৰ্য, ৰোমান সভ্যতাৰ , সিন্ধু সভ্যতাৰ ভাস্কৰ্যৰ উল্লেখেৰে ৰাজ শাসনৰ সৈতে দৈৱিক সম্পৰ্ক আৰু কৰ্তৃত্বক কেনেদৰে ভাস্কৰ্যৰ যোগেদি জন মানসত প্ৰতিষ্ঠা কৰা হৈছিল, সেয়া পুংখানুপুংখৰূপে বিশ্লেষণ কৰে। একেসময়তে, আধুনিক সময়ছোৱাত ভাস্কৰ্যই ইয়াৰ নূন্যতম উপাদানৰ মাজেৰে অস্তিত্বৰ চেতনাক আমালৈ কিদৰে কঢ়িয়াই আনিছে, সেয়া তেওঁ উল্লেখ কৰে। বৰ্তমানৰ সময়ছোৱাত ভাস্কৰ্যৰ দ্ৰুত গতিত সলনি হোৱা ৰূপে কেনেকৈ শিল্পৰ জগতত প্ৰভাৱ বিস্তাৰ কৰিছে, এই প্ৰসংগত সমালোচক খাটনিয়াৰে বিৱৰি কয়। তেওঁ ভাস্কৰ্য্য শিল্পী ডেভিদ স্মিথৰ সপ্তম কিউব নামৰ ভাস্কৰ্যৰ মাজেৰে উপাদানসমূহৰ সৌন্দৰ্য্য আৰু ফৰ্মৰ মাজত ভাস্কৰ্য্য শিল্পীয়ে কিদৰে ভাৰসাম্য ৰক্ষা কৰিছে, সেয়া ব্যাখ্যা কৰে। তেওঁ শিল্প তাত্বিক ছুছান লেংগাৰ আৰু ৰাডল্ফ আৰ্ণহেইমনৰ তাত্বিক আলোচনাৰে অসম আৰু ভাৰতৰ কেইবাটাও ভাস্কৰ্যৰ তাৎপৰ্যক ফঁহিয়াই দেখুৱাই কৰে। এই প্ৰসংগত তেওঁ আধুনিক ভাৰতৰ বিশিষ্ট মহিলা ভাস্কৰ্য্য শিল্পী মীৰা মুখোপাধ্যায়, হিম্মত শ্বাহ, শোভা ব্ৰহ্ম, ৰাতুল চন্দ্ৰ গগৈৰ আদিৰ শিল্পকৰ্মক উদাহৰণ হিচাপে লৈ শিল্প আৰু জীৱনৰ পাৰস্পৰিক সম্পৰ্কক উপস্থাপন কৰে। বক্তৃতাৰ শেষত ডেৰ শতাধিক ছাত্ৰ ছাত্ৰী উপস্থিত থকা এই অনুষ্ঠানত বক্তা খাটনিয়াৰে ছাত্ৰ ছাত্ৰী সকলৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ দিয়ে। মহাবিদ্যালয়খনৰ অধ্যক্ষ ড° নৱজিৎ ডেকাই অনুষ্ঠানৰ আদৰণি ভাষণ দিয়াৰ লগতে সমগ্ৰ বক্তৃতা অনুষ্ঠানটোক পৰিচালনা কৰে। লেখক , ভাষাবিদ সুৰেন্দ্ৰ মোহন দাস, প্ৰাক্তন শীৰ্ষ বেংক বিষয়া তপন ভট্টাচাৰ্যকে ধৰি মহাবিদ্যালয়ৰ অধ্যাপক সহ কেইবাজনো বিভিন্ন ব্যক্তি এই বক্তৃতা অনুষ্ঠানত উপস্থিত থাকে। অনুষ্ঠানত মহাবিদ্যালয়খনৰ শিক্ষক চন্দন বেজবৰুৱায়ো বক্তব্য আগবঢ়ায়।

হলৌ বান্দৰৰ অস্তিত্বৰ সংকট আৰু সংৰক্ষণ ।Halou monkey

হলৌ বান্দৰৰ অস্তিত্বৰ সংকট আৰু সংৰক্ষণ ।Halou monkey
হলৌ বান্দৰৰ অস্তিত্বৰ সংকট আৰু সংৰক্ষণ ।Halou monkey

Halou monkey । অসমৰ সুবিশাল আৰু দুৰ্গম অৰণ্যবোৰ এক অনন্য আৰু বিপন্ন বান্দৰ প্ৰজাতি ‘হলৌ বান্দৰ’ ৰ অন্যতম বাসস্থান হিচাপে চিহ্নিত হৈ আহিছে। সমগ্ৰ বিশ্বতে ২০ টা প্ৰজাতিৰ হলৌ বান্দৰ পোৱা যায়। তাৰে এটা প্ৰজাতিৰ হলৌ বান্দৰহে উত্তৰ পূৰ্বাঞ্চলত পোৱা যায়। অসম আৰু ভাৰতৰ উত্তৰ-পূব অংশত পোৱা পশ্চিমীয়া হলৌ বান্দৰ (Western Hoolock Gibbons) ইয়াৰ চতুৰতাৰ বাবে জনাজাত, যি সহজে গছৰ মূৰে মূৰে ওলমি ফুৰে। আন এক তথ্যমতে, বান্দৰৰ শেহতীয়া শ্ৰেণীবিভাজনত হলৌ বান্দৰক Hylobates গোত্ৰৰ অন্তৰ্ভুক্ত কৰা হৈছে৷ এই গোত্ৰক আকৌ চাৰিটা উপগোত্ৰত ভাগ কৰা হৈছে৷


হলৌ বান্দৰৰ দুটা প্ৰজাতি । পশ্চিম-দেশীয় হলৌ বান্দৰ, (Hoolock hoolock) আৰু পূব-দেশীয় হলৌ বান্দৰ, (Hoolock leuconedys)। হোলোক হলৌ বান্দৰ সাধাৰণতে দীঘল বাহুৰ হয় আৰু গছত বসবাস কৰে। দিনৰ ভাগত খাদ্যৰ সন্ধান কৰে। হলৌ বান্দৰ ফলাহাৰী জীৱ আৰু অৰণ্যত থকা বিভিন্ন ফল- মূলৰ লগতে গছৰ পাত খাই জীয়াই থাকে। অন্যান্য প্ৰাইমেটৰ দৰেই হোলোক হলৌ বান্দৰ সামাজিক প্ৰাণী। হলৌ বান্দৰে তীব্ৰ চিঞৰৰ মাধ্যমেৰে পৰিয়ালৰ আন সদস্য সকলৰ লগত যোগাযোগ কৰে। এই মাধ্যেমেৰে গোটৰ বান্দৰক নিজৰ বাসস্থানৰ সীমা সম্পৰ্কে জ্ঞাত কৰাই দিয়ে৷ প্ৰত্যেকটো হোলোক হলৌ বান্দৰৰে মাত ভিন্ন হয়৷ আন প্ৰাইমেটবোৰ কেতিয়াবা মাটিলৈ নামি আহে, কিন্তু এই হলৌ বান্দৰবোৰ সম্পূৰ্ণৰূপে বৃক্ষবাসী, ইহঁতৰ চলাচল, খাদ্য আৰু আশ্ৰয়ৰ বাবে সম্পূৰ্ণৰূপে অৰণ্যৰ ওপৰৰ ছাঁইৰ ওপৰত নিৰ্ভৰশীল। এই নিৰ্ভৰশীলতাই ইহঁতক বাসস্থান হেৰুওৱাৰ প্ৰতি বিশেষভাৱে সংবেদনশীল কৰি তোলে। এক সময়ত অসমৰ অৰণ্যবোৰে এক অবিৰত সেউজীয়া অঞ্চল প্ৰদান কৰিছিল, যিয়ে হলৌ বান্দৰবোৰক মুক্তভাৱে চলাচল কৰিবলৈ আৰু সুস্থ জনসংখ্যা বজাই ৰাখিবলৈ সুবিধা কৰি দিছিল। কিন্তু হ্ৰাস হৈ অহা অৰণ্যই এই অৰণ্যবোৰক খণ্ডিত কৰি পেলাইছে, যিয়ে হলৌ বান্দৰৰ দলবোৰক বিচ্ছিন্ন কৰি তেওঁলোকৰ বাচি থকাটো অধিক কঠিন কৰি তুলিছে।

২০.৯৮ বৰ্গ কিলোমিটাৰ মাটিকালি আৱৰি থকা যোৰহাট জিলাত অৱস্থিত গিবন অভয়াৰণ্যৰ নামাকৰণ কৰা হৈছিল ভাৰতৰ একমাত্ৰ একমাত্ৰ হোলোক হলৌ বান্দৰ, গিবনৰ নামেৰে। অসম চৰকাৰে ১৯৯৭ চনত ইয়াক বন্যপ্ৰাণী অভয়াৰণ্য হিচাবে স্বীকৃতি দিয়ে। যদিও অভয়াৰণ্যখন গিবনৰ নামেৰে নামকৰণ কৰা হৈছে এই অৰণ্যখন হোলোং গছৰ কাৰণেও বিখ্যাত। হোলোং হৈছে অসমৰ ৰাজ্যিক বৃক্ষ। হলৌ বান্দৰ আৰু লাজুকী বান্দৰৰ বাহিৰেও এই অভয়াৰণ্য সেন্দুৰী বান্দৰ, মলুৱা বান্দৰ, কেপড্‍ লেঙ্গুৰ আদিৰ বাবেও বিখ্যাত। এই গিবন হলৌ অঞ্চলটোৰ জৈৱবৈচিত্ৰ্যৰ এক গুৰুত্বপূৰ্ণ অংশ, কিন্তু ইয়াৰ সংখ্যা দ্ৰুতগতিত হ্ৰাস পাইছে। ইহঁতৰ দুৰ্গতিৰ কথা হাতী আৰু বাঘৰ দৰে ডাঙৰ স্তন্যপায়ী জন্তুৰ দৰে বহুলভাৱে আলোচনা হোৱা নাই যদিও সম্প্ৰতি ই এক জৰুৰী পৰিৱেশজনিত সমস্যা হৈ দেখা দিছে। হলৌ বান্দৰ হৈছে অৰণ্যৰ স্বাস্থ্যৰ এক গুৰুত্বপূৰ্ণ সূচক, আৰু ইয়াৰ হ্ৰাস পোৱা জনসংখ্যাই অসমত এক বৃহত্তৰ পৰিৱেশগত সংকটৰ ইংগিত দিছে। এই প্ৰাণীবোৰৰ বাবে প্ৰাথমিক ভাবুকি হৈছে বাসস্থান ধ্বংস, অৰণ্য নিধন, মানুহৰ অনুপ্ৰৱেশ আৰু জলবায়ু পৰিৱৰ্তন, যিবোৰে একেলগে ইহঁতক বিলুপ্তিৰ ফালে ঠেলি দিছে। ইহঁতক ৰক্ষা কৰাৰ যুঁজ এটা প্ৰজাতিক ৰক্ষা কৰাৰ বিষয়তকৈ, ই অসমৰ প্ৰাকৃতিক ঐতিহ্যৰ এক অংগ হিচাপে সমগ্ৰ বাস্তুতন্ত্ৰক ৰক্ষা কৰাৰ বিষয় হৈ থিয় দিছে ।

যোৰহাটৰ এই হোলোঙাপাৰ গীৱন অভয়াৰণ্য এসময়ত এক বৃহত্তৰ অৰণ্য আছিল কিন্তু এতিয়া ই মানৱ বসতি, চাহ বাগিচা আৰু সম্প্ৰসাৰিত পৰিকাঠামোৰে আগুৰি আছে। এই বিচ্ছিন্নতা এক গুৰুতৰ উদ্বেগৰ বিষয় কিয়নো হলৌ বান্দৰবোৰৰ খাদ্য আৰু সঙ্গী বিচৰাৰ বাবে বৃহৎ অঞ্চলৰ প্ৰয়োজন। ইহঁতৰ চলাচল সীমিত হোৱাৰ লগে লগে জনসংখ্যাবোৰ জেনেটিকভাৱে দুৰ্বল হৈ পৰে, যিয়ে জন্মৰ হাৰ কমাই আৰু মৃত্যুৰ হাৰ বঢ়ায়। অভয়াৰণ্যটোত হলৌ বান্দৰৰ কেইবাটাও পৰিয়াল বাস কৰে, কিন্তু চৌপাশৰ অঞ্চলবোৰৰ উন্নয়নৰ বাবে ইহঁতৰ ভৱিষ্যত অনিশ্চিত হৈ পৰিছে, যিয়ে ইহঁতক বৃহত্তৰ অৰণ্য অঞ্চলৰ পৰা সম্পূৰ্ণৰূপে বিচ্ছিন্ন কৰি পেলাইছে।

আকৌ তিনিচুকীয়া জিলাৰ মাকুমৰ বাৰেকুৰি গাঁৱত মানুহ আৰু হলৌ বান্দৰৰ মাজৰ সম্পৰ্ক তুলনামূলকভাৱে শান্তিপূৰ্ণ হৈ আহিছে। ইয়াত স্থানীয় সমাজে এই প্ৰাইমেটবোৰক শ্ৰদ্ধা কৰে, ইহঁতক এক অসুবিধাৰ পৰিৱৰ্তে তেওঁলোকৰ পৰিৱেশৰ এক অংশ বুলি গণ্য কৰে। বহুতো অঞ্চলত বনৰীয়া জীৱ-জন্তুৰ ওপৰত অত্যাচাৰ কৰা হয়, কিন্তু বাৰেকুৰিৰ মানুহে দীৰ্ঘদিন ধৰি হলৌ বান্দৰবোৰক ৰক্ষা কৰি আহিছে। তথাপিও, এনে আপাতদৃষ্টিত সুৰক্ষিত ঠাইতো ইহঁতৰ সংখ্যা হ্ৰাস পাইছে। গাঁওখন, যি এক সময়ত ঘন অৰণ্যৰে আগুৰি আছিল, বৰ্তমান পৰিৱেশগত পৰিৱৰ্তনৰ সাক্ষী হৈছে। উদ্যোগিক কাৰ্যকলাপ, বিশেষকৈ তেল আৰু গেছ উৎপাদনৰ পৰা হোৱা প্ৰদূষণে বাকী থকা সেউজীয়া আৱৰণক অধিক হ্ৰাস কৰিছে। আজি বৰেকুৰিৰ হলৌ বান্দৰৰ জনসংখ্যা মাত্ৰ ১৯ টালৈ হ্ৰাস পাইছে, য’ত মাত্ৰ চাৰিটা মহিলা আছে। এই লিংগ অসমতাই দলটোৰ ভৱিষ্যতৰ বাবে এক গুৰুতৰ ভাবুকিৰ সৃষ্টি কৰিছে, কিয়নো কম সংখ্যক মহিলাৰ অৰ্থ হৈছে কম সন্তান, যিয়ে জনসংখ্যা টিকাই ৰাখিবলৈ প্ৰয়োজন। বাসস্থান হেৰুওৱাৰ প্ৰভাৱ এই বান্দৰ বিপন্ন হোৱাৰ অন্যতম কাৰণ । হলৌ বান্দৰবোৰ ফলদায়ক গছৰ ওপৰত অত্যাধিক নিৰ্ভৰশীল, আৰু অৰণ্য নিধনে খাদ্যৰ অভাৱৰ সৃষ্টি কৰিছে। যেতিয়া কৃষি, কাঠ বা পৰিকাঠামো প্ৰকল্পৰ বাবে অৰণ্যবোৰ নিঃশেষ কৰা হয়, হলৌ বান্দৰবোৰে তেওঁলোকৰ বাচি থাকিবলৈ প্ৰয়োজনীয় বৈচিত্ৰ্যময় খাদ্যৰ পৰা বঞ্চিত হয়। খাদ্যৰ উৎস কমি অহাৰ লগে লগে এই প্ৰাইমেটবোৰে খাদ্যৰ সন্ধানত মানুহৰ দখল থকা অঞ্চললৈ যোৱাৰ প্ৰয়োজন হয়, যিয়ে সংঘৰ্ষৰ পৰিনাম বৃদ্ধি কৰে। আন জন্তুৱে যিবোৰে নগৰীয়া পৰিৱেশত খাপ খুৱাব পাৰে, হলৌ বান্দৰবোৰে অৰণ্যৰ বাহিৰত বাচি থাকিব নোৱাৰে। এডাল গছ হেৰুওৱাৰ অৰ্থ হ’ব পাৰে এটা সম্পূৰ্ণ দলৰ বাবে জীৱন আৰু মৃত্যুৰ মাজৰ পাৰ্থক্য।

শেহতীয়াকৈ এই বিপন্ন হলৌ বান্দৰ সংৰক্ষণৰ চেষ্টা চলি আছে, কিন্তু বহুতো প্ৰত্যাহ্বান আছে। বন বিভাগৰ সৈতে সহযোগিতাত আৰণ্যকৰ দৰে সংস্থাবোৰে হলৌ বান্দৰবোৰক ৰক্ষা কৰাৰ বাবে সক্ৰিয়ভাৱে কাম কৰি আছে। প্ৰাইমেট সংৰক্ষণৰ বিষয়ে বন বিষয়া আৰু স্থানীয় সম্প্ৰদায়ক শিক্ষিত কৰাৰ বাবে প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ কৰা হৈছে। এই উদ্যোগবোৰত জৈৱবৈচিত্ৰ্য সংৰক্ষণ, বাসস্থান ব্যৱস্থাপনা আৰু বনৰীয়া জীৱ-জন্তুৰ নিৰীক্ষণৰ বিভিন্ন দিশ সামৰি লোৱা হৈছে। কিন্তু এই কাৰ্যসূচীসমূহৰ সফলতা নিৰ্ভৰ কৰে চৰকাৰী সমৰ্থন আৰু ৰাইজৰ অংশগ্ৰহণৰ ওপৰত। দীৰ্ঘম্যাদী প্ৰতিশ্ৰুতি নাথাকিলে এই চেষ্টাবোৰ হলৌ বান্দৰৰ বাসস্থানৰ দ্ৰুত ধ্বংসৰ বিৰুদ্ধে যথেষ্ট নহ’ব।

এটা আটাইতকৈ উদ্ভাৱনীমূলক সংৰক্ষণ কৌশল হৈছে কেঁনপি ব্ৰিজ নিৰ্মাণ। যিহেতু হলৌ বান্দৰবোৰে মুকলি মাটিত চলাচল কৰিব নোৱাৰে, অৰণ্য নিধনে ইহঁতৰ বাবে ভৌতিক বাধাৰ সৃষ্টি কৰে, যিয়ে জনসংখ্যাবোৰক বিচ্ছিন্ন কৰি তোলে। খণ্ডিত অৰণ্যৰ পট্টিবোৰ সংযোগ কৰিবলৈ কৃত্ৰিম ৰছীৰ সাঁকো নিৰ্মাণ কৰি সংৰক্ষণকাৰীসকলে এই প্ৰাইমেটবোৰৰ বাবে সুৰক্ষিত পথ প্ৰদান কৰিবলৈ লক্ষ্য কৰিছে। ইতিমধ্যে গিবন অভয়াৰণ্য ত এই কেঁনপি ব্ৰিজ নিৰ্মাণৰ কাম আৰম্ভ কৰা বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে। এনে প্ৰকল্পৰ প্ৰাৰম্ভিক ফলাফল আশাব্যঞ্জক হৈছে, হলৌ বান্দৰবোৰে এই সংৰচনাবোৰত খাপ খুৱাই বিভিন্ন অঞ্চলৰ মাজত চলাচল কৰিবলৈ ব্যৱহাৰ কৰিছে। কিন্তু এই সাঁকোবোৰ হৈছে কেৱল এক অস্থায়ী সমাধান। চূড়ান্ত লক্ষ্য হ’ব লাগিব প্ৰাকৃতিক অৰণ্য কৰিডৰৰ পুনৰুদ্ধাৰ, যিয়ে হলৌ বান্দৰবোৰক আগৰ দৰে মুক্তভাৱে চলাচল কৰিবলৈ সুবিধা কৰি দিয়ে।

সংৰক্ষণৰ আন এক গুৰুত্বপূৰ্ণ দিশ হৈছে অৰণ্য নিধনক প্ৰভাৱিত কৰা অৰ্থনৈতিক কাৰকবোৰৰ সৈতে মোকাবিলা কৰা। অসমৰ বহুতো সম্প্ৰদায়ে কৃষি, কাঠ কটা বা পৰিকাঠামোৰ বাবে ভূমি ব্যৱহাৰৰ জৰিয়তে অৰণ্য সম্পদৰ ওপৰত নিৰ্ভৰ কৰি জীৱিকা নিৰ্বাহ কৰে। বিকল্প অৰ্থনৈতিক সুবিধা নাথাকিলে অৰণ্য ধ্বংস অব্যাহত থাকিব। অসমৰ বনৰীয়া জীৱ-জন্তুৰ ওপৰত কেন্দ্ৰিত স্থায়ী পৰ্যটনক প্ৰচাৰ কৰাটো এটা সমাধান হ’ব পাৰে। যদি ইয়াক সঠিকভাৱে পৰিচালনা কৰা হয়, ইক’-টুৰিজমে অৰ্থনৈতিক সৃষ্টি কৰাৰ লগতে স্থানীয় সম্প্ৰদায়ক তেওঁলোকৰ প্ৰাকৃতিক পৰিৱেশক শোষণ কৰাৰ পৰিৱৰ্তে ৰক্ষা কৰিবলৈ উৎসাহিত কৰিব পাৰে। এই দৃষ্টিভংগী ভাৰতৰ অন্যান্য অংশত সফল হৈছে আৰু অসমৰ অনন্য ভূ-প্ৰাকৃতিকৰ লগত খাপ খুৱাব পাৰি।

সংৰক্ষণত নীতি আৰু শাসনৰ ভূমিকাক নস্যাৎ কৰিব নোৱাৰি। হলৌ বান্দৰৰ বাসস্থানক অধিক ধ্বংসৰ পৰা ৰক্ষা কৰিবলৈ অসমৰ পৰিৱেশগত নিয়মবোৰ শক্তিশালী কৰিব লাগিব। অবৈধ কাঠ কটা আৰু অৰণ্য অঞ্চলত অনুপ্ৰৱেশ ৰোধ কৰিবলৈ বিদ্যমান আইনবোৰ কঠোৰভাৱে প্ৰয়োগ কৰাটো প্ৰয়োজন। ইয়াৰ উপৰিও, অধিক সুৰক্ষিত অঞ্চল স্থাপন কৰিব লাগিব, আৰু বিদ্যমানবোৰক হলৌ বান্দৰবোৰৰ বাবে এক সুৰক্ষিত পৰিৱেশ নিশ্চিত কৰিবলৈ ভালদৰে পৰিচালনা কৰিব লাগিব। চৰকাৰে সংৰক্ষণ প্ৰচেষ্টাত বৈজ্ঞানিক গৱেষণাৰ গুৰুত্বক স্বীকৃতি দিব লাগিব। হলৌ বান্দৰৰ আচৰণ, জনসংখ্যা গতিশীলতা আৰু পৰিৱেশগত প্ৰয়োজনীয়তাৰ ওপৰত সামগ্ৰিক অধ্যয়ন দীৰ্ঘম্যাদী কৌশল বিকাশৰ বাবে অতি প্ৰয়োজন।

চৰকাৰী কাৰ্য্য আৰু ভূমিকাৰ বাহিৰেও ৰাইজৰ সচেতনতা অতি গুৰুত্বপূৰ্ণ। অসম আৰু সমগ্ৰ ভাৰতৰ বহুতো মানুহে হলৌ বান্দৰৰ সন্মুখীন হোৱা সংকটজনক পৰিস্থিতিৰ বিষয়ে অজ্ঞ। বিদ্যালয়ত শিক্ষামূলক কাৰ্যসূচী আৰু সম্প্ৰদায়ৰ অংশগ্ৰহণৰ উদ্যোগে বনৰীয়া জীৱ-জন্তু সংৰক্ষণৰ প্ৰতি দায়বদ্ধতাৰ ভাব জগাবলৈ সহায় কৰিব পাৰে। মিডিয়াৰো এক ভূমিকা আছে পৰিৱেশগত সমস্যাৰ প্ৰতি মনোযোগ আকৰ্ষণ কৰাত। পৰিৱেশগত বিষয়বোৰৰ অধিক কভাৰেজে ৰাইজৰ মতামতক প্ৰভাৱিত কৰিব পাৰে আৰু নীতিনিৰ্ধাৰকসকলক শক্তিশালী কাৰ্য্য গ্ৰহণ কৰিবলৈ চাপ সৃষ্টি কৰিব পাৰে।

অসমৰ হলৌ বান্দৰবোৰৰ এই বিপন্নতা এক বিচ্ছিন্ন ঘটনা নহয়। ই হৈছে সমগ্ৰ অঞ্চলটোক প্ৰভাৱিত কৰা এক বৃহত্তৰ পৰিৱেশগত সংকটৰ অংশ। এই প্ৰাইমেটবোৰৰ হেৰুওৱাটো হৈছে অসমৰ অৰণ্যবোৰৰ অৱনতিৰ এক সতৰ্কবাণী, যি অসংখ্য অন্যান্য প্ৰজাতিৰ ঘৰ। যদি ধ্বংস অব্যাহত থাকে, পৰিৱেশগত পৰিণামবোৰ গুৰুতৰ হ’ব, যিয়ে কেৱল বনৰীয়া জীৱ-জন্তুকেই নহয়, এই বাস্তুতন্ত্ৰবোৰৰ ওপৰত সম্পদ আৰু জলবায়ু স্থিৰতাৰ বাবে নিৰ্ভৰশীল মানৱ সম্প্ৰদায়কো প্ৰভাৱিত কৰিব।

হলৌ বান্দৰবোৰৰ ভাগ্য নিশ্চিত ভাৱে আমাৰ হাতত। যদি ততাতৈয়াকৈ আৰু স্পষ্ট কাৰ্য্য গ্ৰহণ কৰা হয়, তেতিয়া ইহঁতৰ বাচি থকাৰ আশা আছে। সংৰক্ষণ কেৱল এটা প্ৰজাতিক ৰক্ষা কৰাৰ বিষয় নহয়—ই হৈছে সকলো জীৱনক ধাৰণ কৰা প্ৰকৃতিৰ সূক্ষ্ম ভাৰসাম্য ৰক্ষা কৰাৰ বিষয়। এই বান্দৰবোৰৰ বাচি থকাটো আমাৰ আজি গ্ৰহণ কৰা পদক্ষেপৰ ওপৰত নিৰ্ভৰ কৰিব । যদি আমি সময় থাকোতেই উচিত পদক্ষেপৰে কাৰ্য্যকৰী ব্যৱস্থা গ্ৰহণ কৰিবলৈ ব্যৰ্থ হওঁ, আমি কেৱল এটা প্ৰজাতিক হেৰুওৱা নহয়, অসমৰ প্ৰাকৃতিক ঐতিহ্যৰ এক অপৰিহাৰ্য অংশক হেৰুওৱা হ’ব।

✍️ হিমাংশু ৰণ্‌জন ভূঞা, জামুগুৰিহাট


তথ্য সূত্ৰ – অসমীয়া ৱিকিপিডিয়া ৰ কেবাটাও লেখা আৰু ইন্টাৰনেটত উপলব্ধ বিভিন্ন আনুষংগিক প্ৰৱন্ধ ৰ সহায় লোৱা হৈছে।

( লিখক জামুগুৰিহাটৰ পৰা প্ৰকাশিত বৈদ্যুতিন আলোচনী ‘সাম্প্রতিক’ ৰ মুখ্য সম্পাদক)

Charu-Karu Art Mahavidyalaya: চৰকাৰী চাৰু-কাৰু কলা মহাবিদ্যালয়ত বিশেষ বক্তৃতা অনুষ্ঠান, ভাস্কৰ্যই মানৱ মনৰ বিৱৰ্তনক প্ৰতিনিধিত্ব কৰেঃ কলা সমালোচক জ্যোতি খাটনিয়াৰ

Charu-Karu Art Mahavidyalaya: চৰকাৰী চাৰু-কাৰু কলা মহাবিদ্যালয়ত বিশেষ বক্তৃতা অনুষ্ঠান
Charu-Karu Art Mahavidyalaya: চৰকাৰী চাৰু-কাৰু কলা মহাবিদ্যালয়ত বিশেষ বক্তৃতা অনুষ্ঠান

ভাস্কৰ্যৰ যোগেদি আমি মানৱ সভ্যতা আৰু সমাজৰ বেলেগ বেলেগ স্তৰৰ খবৰ পাব পাৰো।(Charu-Karu art Mahavidyalaya) আজিৰ পৰা প্ৰায় ৪৫,০০০ পূৰ্বৰ জাৰ্মানীৰ ভেনাছ ভাস্কৰ্য, সিন্ধু উপত্যকাৰ ‘পুৰোহিত ৰজা’ শীৰ্ষক ভাস্কৰ্য , নৃত্যৰতা নাৰী , ৰোমানিয়াৰ বহু হাজাৰ বছৰ পুৰণি সেই বিশেষ ভাবুক মানুহজন, ব্ৰাঁকুছিৰ উৰন্ত বিহংগ, হেনৰী মূৰৰ বিশাল মানুহখিনি – এই সকলোবোৰ শিল্পকৰ্মই মানুহৰ চেতনাৰ বেলেগ বেলেগ পৰ্যায়ক প্ৰতিনিধিত্ব কৰে। বৌদ্ধ শিল্পত মানুহৰ দৈনন্দিন আৰু আধ্যাত্মিক প্ৰয়োজনৰ মাজত আমি এক বিশেষ সমন্বয়ক লক্ষ্য কৰো। বৌদ্ধ চিন্তাৰ শূণ্যতা আৰু নিৰ্বাণৰ ধাৰণা কাবুল-কান্দাহাৰৰ প্ৰাচীন শিল্পীয়ে কিদৰে ধৰি ৰাখিছিল সেয়া ভাবি আচৰিত লাগে। ভাস্কৰ্যৰ উপস্থিতিয়ে স্থান আৰু কালক গতি দিয়ে। ভাস্কৰ্য শিল্পী এগৰাকীয়ে তেওঁৰ মনৰ ভিতৰৰ কথা বতৰা বা অভিজ্ঞতাক শিল , মাৰ্বল,কাঠ , চিমেণ্ট আদি বিভিন্ন মাধ্যমত ধৰি ৰাখিবলৈ সক্ষম হয়। ভাস্কৰ্যই জীৱনৰ অপৰিহাৰ্য গুণবোৰকে যেন আমাৰ আগত তুলি ধৰে। শনিবাৰে গুৱাহাটীৰ বশিষ্ঠস্থিত চৰকাৰী চাৰু – কাৰু কলা মহাবিদ্যালয়ৰ এক বিশেষ বক্তৃতা অনুষ্ঠানত ৰাজ্যখনৰ আগশাৰীৰ কলা সমালোচক জ্যোতি খাটনিয়াৰে এই ভাষ্য ডাঙি ধৰে।

“ভাস্কৰ্য শিল্পৰ আনন্দ : আবেগ আৰু প্ৰত্যয় ” শীৰ্ষক এই বক্তৃতা অনুষ্ঠানত কলা সমালোচক খাটনিয়াৰে কিদৰে ভাস্কৰ্যই ডাঙি ধৰা সত্য সমূহ মানৱ সভ্যতাৰ গুৰুত্বপূৰ্ণ অংগ, সেয়াও সাৱলীল ভাৱে ব্যাখ্যা কৰে। এই প্ৰসংগত তেওঁ প্ৰাচীন ইজিপ্টৰ সভ্যতাৰ ভাস্কৰ্য, ৰোমান সভ্যতাৰ , সিন্ধু সভ্যতাৰ ভাস্কৰ্যৰ উল্লেখেৰে ৰাজ শাসনৰ সৈতে দৈৱিক সম্পৰ্ক আৰু কৰ্তৃত্বক কেনেদৰে ভাস্কৰ্যৰ যোগেদি জন মানসত প্ৰতিষ্ঠা কৰা হৈছিল, সেয়া পুংখানুপুংখৰূপে বিশ্লেষণ কৰে। একেসময়তে, আধুনিক সময়ছোৱাত ভাস্কৰ্যই ইয়াৰ নূন্যতম উপাদানৰ মাজেৰে অস্তিত্বৰ চেতনাক আমালৈ কিদৰে কঢ়িয়াই আনিছে, সেয়া তেওঁ উল্লেখ কৰে। বৰ্তমানৰ সময়ছোৱাত ভাস্কৰ্যৰ দ্ৰুত গতিত সলনি হোৱা ৰূপে কেনেকৈ শিল্পৰ জগতত প্ৰভাৱ বিস্তাৰ কৰিছে, এই প্ৰসংগত সমালোচক খাটনিয়াৰে বিৱৰি কয়।

তেওঁ ভাস্কৰ্য্য শিল্পী ডেভিদ স্মিথৰ সপ্তম কিউব নামৰ ভাস্কৰ্যৰ মাজেৰে উপাদানসমূহৰ সৌন্দৰ্য্য আৰু ফৰ্মৰ মাজত ভাস্কৰ্য্য শিল্পীয়ে কিদৰে ভাৰসাম্য ৰক্ষা কৰিছে, সেয়া ব্যাখ্যা কৰে। তেওঁ শিল্প তাত্বিক ছুছান লেংগাৰ আৰু ৰাডল্ফ আৰ্ণহেইমনৰ তাত্বিক আলোচনাৰে অসম আৰু ভাৰতৰ কেইবাটাও ভাস্কৰ্যৰ তাৎপৰ্যক ফঁহিয়াই দেখুৱাই কৰে। এই প্ৰসংগত তেওঁ আধুনিক ভাৰতৰ বিশিষ্ট মহিলা ভাস্কৰ্য্য শিল্পী মীৰা মুখোপাধ্যায়, হিম্মত শ্বাহ, শোভা ব্ৰহ্ম, ৰাতুল চন্দ্ৰ গগৈৰ আদিৰ শিল্পকৰ্মক উদাহৰণ হিচাপে লৈ শিল্প আৰু জীৱনৰ পাৰস্পৰিক সম্পৰ্কক উপস্থাপন কৰে। বক্তৃতাৰ শেষত ডেৰ শতাধিক ছাত্ৰ ছাত্ৰী উপস্থিত থকা এই অনুষ্ঠানত বক্তা খাটনিয়াৰে ছাত্ৰ ছাত্ৰী সকলৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ দিয়ে। মহাবিদ্যালয়খনৰ অধ্যক্ষ ড° নৱজিৎ ডেকাই অনুষ্ঠানৰ আদৰণি ভাষণ দিয়াৰ লগতে সমগ্ৰ বক্তৃতা অনুষ্ঠানটোক পৰিচালনা কৰে। লেখক, ভাষাবিদ সুৰেন্দ্ৰ মোহন দাস, প্ৰাক্তন শীৰ্ষ বেংক বিষয়া তপন ভট্টাচাৰ্যকে ধৰি মহাবিদ্যালয়ৰ অধ্যাপক সহ কেইবাজনো বিভিন্ন ব্যক্তি এই বক্তৃতা অনুষ্ঠানত উপস্থিত থাকে। অনুষ্ঠানত মহাবিদ্যালয়খনৰ শিক্ষক চন্দন বেজবৰুৱায়ো বক্তব্য আগবঢ়ায়।

Sobhita Dhulipala-Naga Chaitanya: বিয়াৰ পাঁচ মাহতে ভাল খবৰ! গৰ্ভৱতী শোভিতা ধূলিপালা, পিতৃ হ’ব নাগা চৈতন্য !

Sobhita Dhulipala-Naga Chaitanya: বিয়াৰ পাঁচ মাহতে ভাল খবৰ! গৰ্ভৱতী শোভিতা ধূলিপালা, পিতৃ হ'ব নাগা চৈতন্য !
Sobhita Dhulipala-Naga Chaitanya: বিয়াৰ পাঁচ মাহতে ভাল খবৰ! গৰ্ভৱতী শোভিতা ধূলিপালা, পিতৃ হ'ব নাগা চৈতন্য !

দ্বিতীয়বাৰৰ বাবে বিবাহপাশত আবদ্ধ হয় অভিনেতা নাগা চৈতন্যই। কিছুদিনৰ ডেটিংৰ অন্তত শোভিতা ধূলিপালাৰ সৈতে বিবাহপাশত আবদ্ধ হয় অভিনেতাগৰাকী।(Sobhita Dhulipala-Naga Chaitanya)তেওঁলোকক লৈ বিতৰ্কৰ অভাৱ নাই। প্ৰাক্তন পত্নী সামন্ত ৰুথ প্ৰভুৰ সৈতে সম্পৰ্কত থকা সময়তে অভিনেতাগৰাকী শোভিতাৰ প্ৰেমত পৰিছিল, যাৰ বাবে অভিনেতাজনে বহু উপহাস সহ্য কৰিবলগীয়া হৈছিল। শেহতীয়াকৈ এই দম্পতীহালে ‘ৱৰ্ল্ড অডিঅ’ ভিজুৱেল এণ্ড এণ্টাৰটেইনমেণ্ট ছামিট’ত অংশগ্ৰহণ কৰিছিল। সেই ছবিখন মুকলি হোৱাৰ পিছত আৰু অধিক বাঢ়িল আলোচনা।

একাংশ দৰ্শকে দাবী কৰে যে শেহতীয়াকৈ শোভিতাই বেছিভাগ সময়তে ঢিলা কাপোৰ পিন্ধিছে। সেয়ে বহুতে ধৰি লৈছে যে নায়িকাগৰাকীয়ে ভাল খবৰ ঘোষণা কৰিবলৈ ওলাইছে। বিয়াৰ মাত্ৰ এমাহৰ পিছতে আলিয়া ভাট আৰু ৰণবীৰ কাপুৰে ৰাহাৰ আগমনৰ কথা ঘোষণা কৰিছিল। এইবাৰ বিয়াৰ পাঁচমাহৰ পিছতে ভাল খবৰ দিবলৈ ওলাইছে।

কিন্তু বিয়াৰ মাত্ৰ পাঁচ মাহৰ পাছতেই শোভিতা মাতৃ আৰু নাগা পিতৃ হ’ব নেকি? নাই, নায়ক আৰু নায়িকাই এই সন্দৰ্ভত এতিয়াও একো কোৱা নাই। বহু পৰিকল্পনাৰ অন্তত নাগাই অভিনেত্ৰীগৰাকীক বিয়া কৰাইছিল। বিবাহৰ পিছৰে পৰা তেওঁলোকৰ বিবাহিত জীৱনৰ সবিশেষ জানিবলৈ দৰ্শকক অতি কৌতুহলী। কিছুদিন পূৰ্বে বিদেশৰ এখন আলোচনীৰ সৈতে হোৱা এক সাক্ষাৎকাৰত তেওঁলোকৰ বিবাহৰ বিভিন্ন দিশৰ বিষয়ে আলোচনা কৰিছিল। এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ দিলে তাৰকাহালে, কোনে প্ৰথমে কাক ক্ষমা খুজিলে, কোনে ভাল ৰান্ধে, আৰু বহুতো প্ৰশ্নৰ উত্তৰ দিলে।

প্ৰশ্ন হৈছিল, ভুল কৰিলে কোনে ক্ষমা বিচাৰে? শোভিতাই ক’লে, “সদায় মই।” নাগাই কয় যে তেওঁ ধন্যবাদ বা ক্ষমা বিচৰাত বিশ্বাস নকৰে। কোনে ভাল ৰান্ধে বুলি সোধাত চৈতন্যই কয়, “আমাৰ কোনোৱে নাৰান্ধে নহয়।” শোভিতাই লগে লগে ক’লে, “নাগাই ৰাতি মোৰ বাবে গৰম চকলেট আৰু কফি বনাই।” পত্নীৰ কথাত হাঁহি হাঁহি নাগাই ক’লে, “এইবোৰক ৰন্ধা-বঢ়া বুলি নকয়।”

এইবাৰ তেওঁ শোভিতাৰ অসুখক নাটক বুলি অভিহিত কৰে। আচলতে তেওঁলোকক সোধা হৈছিল যে দুজনৰ ভিতৰত কোনজন বেছি বেমাৰ হয়! শোভিতাই কৈছিল যে তাইৰ প্ৰায়ে বেমাৰ হয়।

Headphones: হেডফোন লোৱাই হ’ল কাল: মাতৃৰ সৈতে ফোনত কি কথা পাতিছিল ?

Headphones: হেডফোন লোৱাই হ’ল কাল: মাতৃৰ সৈতে ফোনত কি কথা পাতিছিল ?
Headphones: হেডফোন লোৱাই হ’ল কাল: মাতৃৰ সৈতে ফোনত কি কথা পাতিছিল ?

দক্ষিণ কামৰূপৰ পলাশবাৰী ৰাজহ চক্ৰৰ(Headphones)অন্তৰ্গত কুকুৰমাৰাৰ সমীপৰ মধুপুৰত পুৱা ৮.৩০ বজাত ৰে’লে মহটিয়াই নিলে এজন পাহোৱাল ডেকাক৷ জানিব পৰা মতে কামাখ্যা-যোগীঘোপা ব্ৰডগজ ৰে’ল আলিৰে গৈ আছিল মধুপুৰৰ বিদুৰ দাস নামৰ ২০বছৰীয়া যুৱকজন৷ তেনে সময়তে উজনিমুৱা বঙাইগাঁৱৰ পৰা গুৱাহাটী অভিমুখে গৈ থকা যাত্ৰীবাহী ৰে’লে মহটিয়াই নিয়ে বিদুৰ দাসক৷

মুহূৰ্তৰ ভিতৰতে বিদুৰৰ ভৰি এখন ছিঙি যায়৷ ততাতৈয়াকৈ স্থানীয় লোকে বিজয়নগৰত থকা লাইভ ছেভ হাস্পতাললৈ নিয়ে যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে৷ শুক্ৰবাৰে আবেলি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৰণোত্তৰ পৰীক্ষা কৰাৰ অন্তত অগণন গুণমুগ্ধৰ উপস্থিতিত বালাঘাট শ্মশানত সৎকাৰ কৰা হয় বিদুৰৰ মৃতদেহ৷ উল্লেখ্য যে বিদুৰৰ কাণত তেতিয়া মোবাইলৰ হেডফোন আছিল৷ পিতৃহাৰা বিদুৰে খাৰুপেটীয়াৰ পৰা অভ্যৰ্থনাৰ কাম কৰি আহি মাতৃ দময়ন্তী দাসক কুকুৰমাৰাৰ পৰা ফোনযোগে ভাত বনাবলৈ কৈছিল৷

সেয়া আছিল মাতৃৰ সৈতে শেষ বাৰ্তা৷ নিয়তিৰ নিষ্ঠুৰ পৰিহাস ৷ মাতৃয়ে ৰান্ধি থোৱা ভাত খাবলৈ ঘৰ নাপালে বিদুৰ দাসে৷ এইগৰাকী সুঠাম-সতেজ পাহোৱাল যুৱকক হেৰুৱাই অঞ্চলবাসী শোকত ভাগি পৰিছে৷ পিতৃৰ মৃত্যুৰ পিছৰে পৰা অত্যন্ত কষ্ট কৰা বিদুৰে দক্ষিণ কামৰূপৰ জনপ্ৰিয় খেল পাহোৱাল ডেকাই হাইগুদু আৰু ৰছী টনাৰ জৰিয়তে অঞ্চলটোত সুনাম অৰ্জন কৰিছিল৷